Friday, September 6, 2019

ভোগবাদী সংস্কৃতি

ভোগবাদী সংস্কৃতি আৰু নতুন প্ৰজন্ম..

                                          বীৰ্কে বি. থাপা

   শিল্প বিপ্লৱ অাৰম্ভ হোৱাৰ পূৰ্বে ভাৰতবৰ্ষৰ দৰে ইংলেণ্ডো অাছিল এখন কৃষি প্ৰধান দেশ।কিন্তু কৃষিৰ পৰিৱৰ্তে ইংলেণ্ডে শিল্প-উদ্যোগ স্থাপন অাৰু বাণিজ্যৰ সম্প্ৰসাৰণত অধিক গুৰুত্ব দিয়াৰ লগে লগে দ্ৰুত অৰ্থনৈতিক উন্নয়ণ সম্ভৱপৰ হৈ উঠিছিল।এই শিল্প বিপ্লৱৰ সুদূৰ প্ৰসাৰি প্ৰভাৱ এয়ে অাছিল যে ইংলেণ্ডৰ গ্ৰামাঞ্চলসমূহত বসবাস কৰা কৃষিজীৱি লোকসকলে পুৰুষাণুক্ৰমে চলাই অহা কৃষিকৰ্ম পৰিত্যাগ কৰি চহৰাভিমুখী হৈছিল অাৰু কল-কাৰখানাত কাম কৰিবলৈ অাৰম্ভ কৰিছিল।লগে লগে উদ্যোগ -প্ৰধান চহৰাঞ্চলত শ্ৰমিক-মজদুৰ শ্ৰেণীৰ লোকসকলৰ  বসতি স্থান গঢ় লৈ উঠিছিল।এই শ্ৰমিক -বসতিস্থান সমূহত এফালে যিদৰে মালিক পক্ষৰ শোষণ নীতিৰ পৰিণতি স্বৰূপে অভাৱ  অনাতন,ৰোগ-ব্যাধি ,নিৰক্ষৰতা,অপৰাধমূলক কৰ্মকাণ্ড অাদি বৃদ্ধি পাবলৈ অাৰম্ভ কৰিছিল,সেইদৰে অানফালে শ্ৰমিক-মজদুৰ শ্ৰেণীৰ মাজৰ পৰা উৎপত্তি হৈছিল মধ্যবিত্ত বুৰ্জোৱা শ্ৰেণীৰ লোকসকলৰ।এই মধ্যবিত্ত বুৰ্জোৱা শ্ৰেণীৰ লোকসকলে পৰম্পৰাগত ঐতিহ্য অাৰু সংস্কৃতিক গুৰিয়াই ভোগবাদী সংস্কৃতিক অাকোঁৱালী লৈছিল যি ভোগবাদী সংস্কৃতিৰ প্ৰভাৱ পৰৱৰ্তী কালত পৃথিৱীৰ চৌদিশে বিয়পি পৰিছিল।
     পূঁজিবাদী দেশ অামেৰিকা অাৰু সাম্যবাদী দেশ ছোভিয়েত ৰাচিয়াৰ মাজত দীৰ্ঘকাল ধৰি চলি থকা শীতল যুদ্ধৰ কথা সকলোৱে জানে।লেনিন অাৰু এংগেল্সৰ নতৃত্বত অাৰম্ভ হোৱা ৰাচিয়াৰ বলচেভিক ৰিভলিউশ্যনৰ ফলস্বৰূপে পূৰ্ব গোলাৰ্ধৰ দেশসমূহত ক্ষীপ্ৰ গতিৰে বাঢ়ি অহা কনিউনিষ্ট ভাবধাৰাৰ প্ৰভাৱত ভীতিগ্ৰস্ত হৈ অামেৰিকাৰ দৰে পূঁজিবাদী দেশ সমূহে অত্যন্ত চতুৰতাৰে এক প্ৰকাৰৰ সাংস্কৃতিক যুদ্ধৰ সূচনা কৰিছিল।সেয়া অাছিল নতুন প্ৰজন্মক ভোগবাদী সংস্কৃতিৰ প্ৰতি অাকৃষ্ট কৰাৰ উদ্দেশ্যে বিভিন্ন সাধনৰ বজাৰ মুকলি কৰা।এই সাংস্কৃতিক যুদ্ধৰ অাজিও অন্ত পৰা নাই।
   সাংস্কৃতিক যুদ্ধৰ অাহিলা হিচাপে সম্প্ৰতি অামেৰিকাৰ দৰে পূঁজিবাদী দেশসমূহে সমগ্ৰ বিশ্বতে বিয়পাই দিছে কম্পিউটাৰ অাৰু ইণ্টাৰনেটৰ অবিচ্ছেদ্য মকৰাজাল।কম্পিউটাৰ অাৰু ইণ্টাৰনেটৰ জৰিয়তে জ্ঞান-বিজ্ঞানৰ সম্প্ৰসাৰণৰ কথা কোৱা হৈছে যদিও বাস্তৱিকতে নতুন প্ৰজন্মৰ মানসিকতাক একপ্ৰকাৰে ব্যাধিগ্ৰস্ত কৰি তোলা ফ্যেশ্বন,বিলাসিতাপূৰ্ণ জীৱন,পৰ্ণগ্ৰাফ অাদিৰ পয়োভৰেই অধিক দেখিবলৈ পোৱা যায়।ভিয়েতনামৰ স্বাধীনতা যুদ্ধৰ সময়ছোৱাত অামেৰিকাই নতুন প্ৰজন্মক দেশভক্তিৰ মানসিকতাৰ পৰা অাঁতৰাই ভোগবাদী সংস্কৃতিৰ প্ৰতি প্ৰলোভিত কৰিবলৈ চেষ্টা কৰাৰ নিৰ্লজ্জ উদাহৰণ দেখিবলৈ পোৱা যায়।সেই সময়ছোৱাত অামেৰিকাই ভিয়েতনামৰ যুৱ প্ৰজন্মক অকামিলা অাৰু বীৰ্যহীন কৰি তুলিবলৈ বাটে-পথে অশ্লীল কিতাপ -অালোচনী,চিনেমা হ'ল সমূহত পৰ্ণগ্ৰাফী চিত্ৰ অাদি বিয়পাই দিছিল।নিজৰ অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা হাত সাৰিবৰ বাবে অামেৰিকাৰ তলুৱা চেলেকা ভাৰতবৰ্ষৰ দৰে পূৰ্ব গোলাৰ্ধৰ দেশসমূহে অাজি মুক্ত বাণিজ্য নীতিৰ পোষকতা কৰি অামেৰিকাৰ সেই ভোগবাদী সংস্কৃতিৰ সম্প্ৰসাৰণত হাত উজান দিছে।বিগত অসম অান্দোলনৰ কালছোৱাত অসমৰ যুৱপ্ৰজন্মক নিবীৰ্য কৰি তুলিবলৈ কিছুমান অপশক্তিয়ে কেনেদৰে বাটে-পথে সস্তীয়া অশ্লীল কিতাপ -অালোচনী অাদিৰ পোহাৰ মেলিছিল সেইকথা সকলোৰে অৱগত।একেই ধাৰাবাহিকতাৰে অাজি  নতুন প্ৰজন্মৰ হাতে হাতে মোবাইল,কম্পিউটাৰ ,ইণ্টাৰনেট তুলি দি অশ্লীল ছবি,ভিডিঅ' অাদি মেলি দিয়া হৈছে।নতুন প্ৰজন্মক সুস্থ চিন্তা-চেতনাৰ পৰা অাঁতৰাই অানি অশ্লীল পৃথিৱীত বন্দী কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে।গাঞ্জা-ভাং,ড্ৰাগ্চ অাদিৰ নিচাত তেওঁলোকৰ মন,চিন্তা-চেতনাক অাচ্ছন্ন কৰি ৰাাখিবলৈ অহৰহ চেষ্টা কৰি থকা হৈছে।অামি এই কথা ক'ব বিচৰা নাই যে কম্পিউটাৰ-ইণ্টাৰনেটৰ পৰা অামাৰ একো লাভ হোৱা নাই।কিন্তু  ভালদৰে লক্ষ কৰিলে দেখা যাব যে নতুন প্ৰজন্মৰ যিসকল মেধাসম্পন্ন শিক্ষিত যুৱকে অাজি কম্পিউটাৰ -ইণ্টাৰনেটৰ জগতখনৰ পৰা উপকৃত হৈ ভাল ভাল কৰ্ম-সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ বেছিভাগেই অাজি নিজৰ প্ৰতিভাক পূঁজিবাদী দেশসমূহৰ ওচৰত বিক্ৰী কৰিছে।অান্ত:ৰাষ্ট্ৰীয় বহুজাতিক কোম্পানীসমূহত চাকৰি কৰা এই যুৱপ্ৰজন্মই নিজৰ দেশ অাৰু জাতিৰ বাবে কি অৱদান অাগবঢ়াইছে?মুকেশ অাম্বানীৰ দৰে লোকসকলে নিজৰ অাৰু বহুজাতিক কোম্পানীৰ স্বাৰ্থত ৰিলায়েঞ্চ বা জিঅ' ইণ্টাৰনেটৰ জৰিয়তে  মোবাইলৰ বজাৰ দখল কৰি কেনেদৰে দুখীয়া-মধ্যবিত্ত সকলো শ্ৰেণীৰ লোকসকলৰ পৰা লুটি-পুতি নিছে সেয়া সকলোৱে দেখি অাছে।
    মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত দেশ এখনৰ প্ৰচলিত শিক্ষা ব্যৱস্থা এটা বৰ গুৰুত্বপূৰ্ণ বিষয়। অাধুনিক শিক্ষা ব্যৱস্থাত সেয়ে ছাত্ৰ-ছাত্ৰীসকলক সৎচৰিত্ৰবান কৰি গঢ়ি তোলাৰ উপৰিও কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পৰাকৈ শিক্ষাদান কৰা বিষয়টোত চিন্তাবিদসকলে গুৰুত্ব অাৰোপ কৰি অাহিছে।বৰ্তমান যুগৰ ব্যাপক চাহিদাৰ প্ৰতি লক্ষ ৰাখি অাধুনিক শিক্ষা ব্যৱস্থাত বিজ্ঞান -প্ৰযুক্তিবিদ্যাৰ বহুল প্ৰচাৰ অাৰু প্ৰসাৰৰ ব্যৱস্থা কৰা হৈছে।ইয়াৰ ফলত সাহিত্য-কলা-সংস্কৃতি অাদিৰ পৰিৱৰ্তে নতুন প্ৰজন্মৰ মানসিকতাত স্বত:স্ফূৰ্তভাৱে বিজ্ঞান- প্ৰযুক্তিবিদ্যাৰ প্ৰতি অভূতপূৰ্বভাৱে অাগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।গাঁৱে-ভূঁঞে বিজ্ঞান অাৰু প্ৰযুক্তিবিদ্যাৰ ব্যাপক প্ৰসাৰৰ ফলস্বৰূপে অাজি কণ কণ শিশুসকলেও কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰা হৈছে।কম্পিউটাৰৰ জৰিয়তে বিজ্ঞান অাৰু গণিতৰ জটিল জটিল বিষয়সমূহো সমাধান কৰিব পৰা হৈছে।নি:সন্দেহে এয়া শুভ লক্ষণ।কিন্তু এই ক্ষেত্ৰত নতুন প্ৰজন্মক ইতিবাচক অাৰু সৃষ্টিশীল দিশত অাগঢ়াই নিয়াৰ বাবে কিছু সতৰ্ক দৃষ্টি নিক্ষেপ কৰাৰ অাৱশ্যকতা অাছে।লক্ষণীয় যে বিজ্ঞান অাৰু প্ৰযুক্তিবিদ্যাৰ ব্যাপক প্ৰসাৰ হোৱাৰ পাচতো কিন্তু অামাৰ মাজত অাজিকোপতি 'বিজ্ঞানসন্মত দৃষ্টিভংগী' অাশানুৰোপ ভাৱে গঢ় লৈ উঠা নাই।অামাৰ প্ৰচলিত শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত অাগবঢ়াই নি বহুজাতিক কোম্পানীত ভাল ভাল কৰ্মসংস্থাপনৰ সুযোগ দি ভোগবাদী সংস্কৃতিৰ বুকুলৈ টানি লৈ গৈছে।কিন্তু তেওঁলোকৰ মানসিকতাত বিজ্ঞানসন্মত দৃষ্টিভংগী প্ৰদান কৰা নাই।ইয়াৰ নেতিবাচক প্ৰভাৱ স্বৰূপে প্ৰচলিত শিক্ষা ব্যৱস্থাই বহু কৰ্মনিপুন চিকিৎসক,অভিযন্তা অাদিৰ সৃষ্টি কৰা সত্বেও অামাৰ সমাজ ব্যৱস্থাক দুৰ্বল অাৰু পংগু কৰি তোলা অন্ধিবশ্বাস,কুসংস্কাৰ অাদি অাজিও শেষ হৈ যোৱা নাই।
      অাধুনিক শিক্ষা ব্যৱস্থাৰ অান এক ত্ৰুটি এয়ে যে এই শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলক জাতীয় কৃষ্টি-সংস্কৃতিৰ পৰা অাঁতৰাই অানি কেৱল অৰ্থ-উপাৰ্জন সক্ষম ব্যক্তিলৈ ৰূপান্তৰিত কৰিছে।বৰ্তমান যুগত অৰ্থনৈতিক বিষয়টোক উপেক্ষা কৰা অত্যন্ত কঠিন যদিও নিজৰ জাতীয় কৃষ্টি-সংস্কৃতিক উপেক্ষা কৰি কেৱল পশ্চিমীয়া ভোগবাদী সংস্কৃতিত নিজক উটুৱাই দিয়াটো জানো সমীচিন? বিষয়টোত গুৰুত্ব নিদিয়াৰ বাবেই অাজি অামাৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ ওপৰত সংকট নামি অাহিছে।
    অান্তৰাষ্ট্ৰীয় ভাষা হিচাপে অামি ইংৰাজী ভাষাক কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰোঁ।কিন্তু ব্যাপক হাৰত গঢ় লৈ উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহে অামাৰ ভাষা-সাহিত্য,কৃষ্টি-সংস্কৃতি,মূল্যবোধ অাদিক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে।ইংৰাজী মাধ্যমৰ কোনখন বিদ্যালয়ত অসমীয়া কৃষ্টি-সংস্কৃতিৰ শিক্ষা প্ৰদান কৰা হয়?ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰা কিমানে বিষ্ণু ৰাভাক চিনি পায়?
    অৱশ্যে এই কথাও সত্য যে অামাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰো শিক্ষাপদ্ধতিকে ধৰি অান্তৰ্গাথনিৰ সৰু-সুৰা অলেখ দোষ-ত্ৰুটি অাছে-যাৰ বাবে বহু অভিভাৱকে সন্তানক অসমীয়া মাধ্যমৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়োৱাৰ পোষকতা কৰে।গতিকে এই দোষ-ত্ৰুটি সমূহ অাঁতৰোৱাৰ অাৱশ্যকতা অাছে।অন্যথা ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ লগতে পাশ্চাত্যৰ ভোগবাদী সংস্কৃতিয়ে অামাৰ ভাষা-সাহিত্য,সংস্কৃতি সকলোকে গ্ৰাস কৰি পেলাব।বিশ্বায়ণৰ অৰ্থ স্বকীয় ভাষা-সাহিত্য-সংস্কৃতিক বলি দি কেৱল পশ্চিমীয়া সংস্কৃতিক অাকোঁৱালী লোৱাটোৱেই নহয়।
(সমাপ্ত)
 

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...