Friday, September 6, 2019

যোগেশ দাস আৰু নিৰোদ চৌধুৰীৰ গল্প

প্ৰবন্ধ:     কথাশিল্পী যোগেশ দাসৰ গল্প:এটি পৰ্যালোচনা
                                     বীৰ্কে বি থাপা
                           
        অসমীয়া চুটি-গল্পৰ আলোচনা প্ৰসংগত এই কথা উল্লেখ কৰিবই লাগিব  যে 'জোনাকী'ৰ পাতত লক্ষ্মীনাথ বেজবৰুৱাই পোনপ্ৰথম বাৰৰ বাবে গল্প ৰচনা কৰি যি এক অবিস্মৰণীয় বাট মুকলি কৰি দিছিল -সেই বাটেৰেই অসমীয়া চুটিগল্পই 'আৱাহণ','ৰামধেনু' অাদি কেইবাটাও যুগ বাটকুৰি বাই আহি আজিৰ যুগত ভৰি দিছেহি। জোনাকী যুগত সৃষ্ট গল্পসমূহ আছিল প্ৰকৃততে আধুনিক চুটি গল্পৰ নিৰ্মান-শৈলী,চাৰিত্ৰিক বৈশিষ্ট্য আদিৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ মাত্ৰ।জোনাকী যুগৰ পৰৱৰ্তী কালত অৰ্থাৎ বিংশ শতিকাৰ দ্বিতীয় দশকত আৰম্ভ হোৱা আৱাহন যুগৰ গল্পকাৰসকলে চুটি গল্পৰ জৰিয়তে প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰিছিল প্ৰখৰ সমাজ চেতনা আৰু সামাজিক দায়বদ্ধতা,উদাৰনৈতিক মানৱতাবোধ,সামাজিক কেৰোণ অাৰু কুসংস্কাৰৰ বিৰূদ্ধে প্ৰগতিশীল চিন্তা আদিৰ দৰে কিছুমান গুৰুত্বপূৰ্ণ বিষয়। আৱাহন যুগৰ পাছতে আৰম্ভ হৈছিল অসমীয়া সাহিত্যৰ ৰামধেনু যুগ।১৯৪০চনৰ পৰা ১৯৭০ চনলৈকে প্ৰায় ত্ৰিশ বছৰ কাল জুৰি থকা এই যুগৰ বিশিষ্ট গল্পকাৰসকলৰ ভিতৰত চৈয়দ অাব্দুল মালিকেই সম্ভৱত: সৰ্বাধিক গল্প ৰচনা কৰি অসমীয়া গল্প সাহিত্যক সমৃদ্ধ কৰি তুলিছিল।আধুনিক চুটি গল্পৰ নিৰ্মান শৈলীকে ধৰি প্ৰয়োজনীয় প্ৰায় সকলোবোৰ বৈশিষ্ট্যৰে সমৃদ্ধ মালিকৰ গল্পৰ কাব্যধৰ্মীতা আৰু হৃদয়স্পৰ্শী গুণৰ পৰাই প্ৰকৃততে অনুমান কৰিব পাৰি ৰামধেনু যুগত অসমীয়া চুটি গল্পই কেনেদৰে পৰিপূৰ্ণতাৰ দিশলৈ ক্ৰমান্বয়ে গতি কৰিবলৈ আৰম্ভ কৰিছিল।
     আমাৰ এই আলোচনাত অসমীয়া চুটি গল্পৰ বিস্তৃত ইতিহাসলৈ নগৈ কেৱল কথা শিল্পী যোগেশ দাসৰ গল্প সম্পৰ্কে এটি সম্যক পৰ্যালোচনা আগবঢ়াব বিচাৰিছোঁ।
     কথাশিল্পী যোগেশ দাস ৰামধেনু যুগৰ এগৰাকী বিশিষ্ট গল্পকাৰ। পঞ্চাশৰ দশকত তেখেতে আৱাহনৰ পাততে প্ৰথম গল্প লিখিবলৈ অাৰম্ভ কৰিছিল যদিও ৰামধেনু যুগতহে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। গল্পৰ উপৰিও তেখেতে প্ৰবন্ধ,উপন্যাস, সাহিত্য সমালোচনা,গ্ৰন্থ সমালোচনা অাদি আৰু দেশী বিদেশী সাহিত্যৰ অসমীয়া অনুবাদো  কৰিছিল।তেখেতৰ চুটি গল্প সংকলন কেইখন হৈছে-পপীয়া তৰা,আন্ধাৰৰ অাঁৰে অাঁৰে, ত্ৰিবেণী, মদাৰৰ বেদনা,হেজাৰ লোকৰ ভিৰ,পৃথিৱীৰ অসুখ অাদি।'পৃথিৱীৰ অসুখ' গল্প সংকলনৰ বাবে তেখেতে ১৯৮০চনত লাভ কৰিছিল সাহিত্য একাডেমী বঁটা।
      যোগেশ দাসৰ প্ৰথমাৱস্থাৰ গল্প সমুহত  আৱাহন যুগৰ গল্পৰ বৈশিষ্ট্য স্পষ্টভাৱে চকুত পৰে।গল্প ৰচনাৰ আধুনিক টেকনিক বা নিৰ্মান কৌশল,শিল্পগুণ অাৰু ৰূপবৈশিষ্ট্য তথা বিষয়বস্তুৰ গভীৰতা আদিৰ দৰে গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহতকৈ সমাজত দেখি থকা অন্যায়-অবিচাৰ,শ্ৰেণী বৈষম্য আদি বিষয়বোৰত এই যুগৰ লেখকসকলে অধিক গুৰুত্ব আৰোপ কৰিছিল।অৱশ্যে এই কথাও সত্য যে পূৰ্বৱৰ্তী লেখক সকলৰ প্ৰভাৱ যোগেশ দাসৰ গল্পত পৰিছিল যদিও সামাজিক দায়বদ্ধতাৰ বিষয়টোত তেখেতৰ মনটো খুব এটা ক্ৰিয়াশীল আছিল যেন নালাগে।সাহিত্যৰ প্ৰতি অাগ্ৰহী মনটোৰ বাবেই তেখেতে প্ৰকৃততে গল্প ৰচনাত মনোনিৱেশ কৰিছিল।সমাজ-সংস্কাৰৰ বিষয়টোৱে তেখেতৰ মনত বৰ গভীৰভাৱে শিপোৱা নাছিল যদিও কাহিনী প্ৰকাশৰ তাগিদাতে বিষয়টোৱে অাহি অৱধাৰিত ভাৱে  ধৰা দিছিল।ফলত তেখেতৰ গল্পত বহুসময়ত বিষয়বস্তুৰ গভীৰতা আৰু শিল্পগুণ বিনষ্ট হোৱাও পৰিলক্ষিত হয়।কিন্তু এই কথাও সত্য যে যোগেশ দাসৰ কথন শৈলীৰ এটা মাধুৰ্য আছিল।এটা সাৰ্থক চুটি গল্পৰ বাবে প্ৰয়োজন হোৱা পৰিৱেশ চিত্ৰণৰ বিষয়টোত তেখেত সথেষ্ট সিদ্ধহস্ত আছিল বাবেই তেখেতৰ গল্পই পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
    সাহিত্যৰ আন সকলো বিভাগতকৈ চুটি গল্পই হৈছে সম্ভৱত: আটাইতকৈ জটিল অথচ অত্যন্ত সুন্দৰ আৰু সুষম শিল্পকৰ্ম ।এটা সুষম আৰু কলাত্মক সৌন্দৰ্য অব্যাহত ৰাখি জীৱনৰ একোটা দিশ বা মূহুৰ্তৰ প্ৰতিফলনৰ যোগেদি ব্যক্তিৰ অন্তৰ্জগতৰ দ্বন্দ্ব বা সংঘাত আৰু তাৰ মাজেৰে সেই ব্যক্তিৰ জীৱন বা মনস্তত্বৰ একোটা উজ্জ্বল দিশক প্ৰতিফলিত কৰি দেখুওৱাটোৱেই হৈছে আধুনিক চুটি গল্পৰ প্ৰধান বৈশিষ্ট্য।যোগেশ দাসৰ বেছিভাগ গল্পতে চুটিগল্পৰ এই শিল্প-বৈশিষ্ট্যৰ অভাব সততে চকুত পৰে।এই কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ।এই প্ৰসংগত অৱশ্যে এই কথাও লক্ষণীয় যে পঞ্চাশৰ দশকৰ যিটো সময়ত তেখেতে আৱাহনত গল্প লিখিবলৈ আৰম্ভ কৰিছিল সেই সময়লৈকে অসমীয়া চুটিগল্পত মনস্তত্বৰ বিষয়টো বৰ এটা সুলভ বা চৰ্চিত বিষয় নাছিল।পৰৱৰ্তী ৰামধেণু যুগৰ শেষৰ স্তৰতহে তৎকালীন সমাজ-ব্যৱস্থাত দেখা দিয়া বিভিন্ন সামাজিক  বৈষম্য, অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ দৰে দোষ-ত্ৰুটিসমূহক বিষয়বস্তু হিচাপে লৈ গল্প লিখাৰ উপৰিও সৌৰভ কুমাৰ চলিহা,ভবেন্দ্ৰ নাথ শইকীয়া,হোমেন বৰগোহাঞি আদিয়ে তেওঁলোকৰ গল্পত  প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিল ব্যক্তি-চৰিত্ৰৰ মনস্তাত্বিক বিশ্লেষণৰ দৰে জটিল বিষয়সমূহ।সেইদৰে এই যুগৰ গল্পত প্ৰতিফলিত হৈ উঠা পাশ্চাত্যৰ সমাজবাদ, বাস্তৱবাদ, মনস্তাত্ত্বিক অৱস্থিতিবাদ, অভিব্যক্তিবাদ, অধিবাস্তৱবাদ, চেতনাস্ৰোত আদিৰ দৰে বিষয়বস্তুসমূহেও অসমীয়া চুটিগল্পক এটা অভূতপূৰ্ব মাত্ৰা প্ৰদান কৰিবলৈ লৈছিল।সেই তেতিয়াৰে পৰা আৰম্ভ কৰি আজিলৈকে চুটি গল্পৰ  নিৰ্মান শৈলী আৰু প্লট বা থীম হিচাপে ব্যক্তি-চৰিত্ৰৰ মনস্তাত্বিক বিশ্লষণকে  ধৰি নতুন নতুন বিষয়বস্তু সম্পৰ্কে বিভিন্ন সম্পৰীক্ষা চলি অাহিছে।
     গতিকে আৱাহনত লিখা 'গৰাখহনীয়া' বা 'কলপটুৱাৰ মৃত্যু' আদিৰ দৰে গল্পসমূহত তেখেতে গল্প ৰচনাৰ টেকনিক বা শিল্পগুণতকৈ সমাজৰ তথাকথিত ধনী আৰু প্ৰতিপত্তিশীল শ্ৰেণীৰ আগত তিষ্ঠিব নোৱাৰি নিজৰ চিন্তা-বিবেককে ধৰি সৰ্বস্ব জলাঞ্জলী দিয়া এচাম অসহায় লোকৰ অসহায় অৱস্থাৰ চিত্ৰণত অধিক গুৰুত্ব  অাৰোপ কৰা পৰিলক্ষিত হয়।অৱনী অাৰু অপৰ্ণাৰ প্ৰেম কাহিনীয়েই 'গৰাখহনীয়া' গল্পৰ কেন্দ্ৰীয় বিষয় যদিও  ঘৰখনৰ অাৰ্থিক দুৰাৱস্থাৰ বাবে শিক্ষক জীৱেশ্বৰ পণ্ডিতে  জীয়েক অপৰ্ণাক অৱনীৰ পৰিৱৰ্তে অসৎ চৰিত্ৰৰ চহকী যুৱক এজনলৈ বিয়া দিয়া অথবা অপৰ্ণাৰ দৰে শিক্ষিতা গাভৰু এগৰাকীয়ে দেউতাকৰ এনে সিদ্ধান্তৰ কোনো প্ৰতিবাদ নকৰা আদি ঘটনাৰ জৰিয়তে লেখকে সমাজৰ এচাম লোকৰ অসহায় অৱস্থা আৰু তৎকালীন সমাজৰ ক্ষয়িষ্ণু ৰূপ এটা তুলি ধৰিবলৈ চেষ্টা কৰিছে।সমালোচকসকলৰ মতে,জীৱেশ্বৰ পণ্ডীতৰ দৰে শিক্ষক এগৰাকীয়ে নিজৰ অাদৰ্শক জলাঞ্জলী দিয়া কথাষাৰ যুক্তিসংগত হোৱা নাই।সেইদৰে নিজৰ অনিচ্ছাৰ বিৰূদ্ধে বিয়াত বহিব লগা হোৱা অপৰ্ণাৰ মানসিক দ্বন্দ্বক প্ৰকাশ কৰাৰ থল গল্পটিত থকা স্বত্বেও লেখকে বিষয়টোত গুৰুত্ব আৰোপ কৰা দেখা নগ'ল। কথাষাৰৰ যুক্তি নথকা নহয় যদিও অামাৰ বোধেৰে সমগ্ৰ বিষয়টোক আমি তৎকালীন পৰিৱেশ-পৰিস্থিতিৰ পটভূমিত বিবেচনা কৰি চোৱা উচিত।বিশ্ব যুদ্ধোত্তৰ কালৰ দুৰ্বল আৰু ভগ্ন অৰ্থনৈতিক অস্থিৰাৱস্থা আৰু ক্ষয়িষ্ণু সামাজিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিবেক আৰু যুক্তিৰ দৰে কথাবোৰক তলপেলাই জীৱেশ্বৰ পণ্ডীত বা তেওঁৰ জীয়েক অপৰ্ণাৰ দৰে শিক্ষিতা যুৱতীসকল কেনেদৰে পৰিস্থিতিৰ দাস হ'বলৈ বাধ্য হৈছিল সেই কথাকহে যোগেশ দাসদেৱে প্ৰকৃততে গল্পটিৰ জৰিয়তে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল।অৱশ্যে লেখকৰ লেকামহীন বৰ্ণনাৰ বাহুল্যই বহুঠাইত গল্পটিক ৰসোত্তীৰ্ণ হোৱাত বাধা প্ৰদান কৰিছে।তথাপিতো কিন্তু অপৰ্ণাৰ কাহিনীয়ে পাঠকৰ দুচকু সিক্ত কৰি তোলে।তাই অৱনীক কৈছে-'শদিয়ালে গ'লে আমাৰ খহি যোৱা ঘৰটো চাবলৈ চেষ্টা কৰিবা।ময়ো বানপানীত উটি গ'লো বুলি ধৰিবা…'।
      সেইদৰে 'কলপটুৱাৰ মৃত্যু' নামৰ গল্পটিতো দেখা যায় -মৌজাদাৰৰ পুতেকৰ কামনাৰ বলি হৈ অন্ত:সত্বা হোৱা ৰূপেশ্বৰীক বিয়া কৰাব লগীয়া হোৱাৰ পাছতো কিন্তু ধনীৰামৰ মনত কোনো ধৰণৰ দ্বন্দ্বৰ সৃষ্টি হোৱা নাই।বৰঞ্চ পুতেকৰ এই কলংক ঢাকিবৰ বাবে মৌজাদাৰৰ ঘৰখনে ধনীৰামক মতাই আনি তাৰ হাতত টকা দুশৰে সৈতে ৰূপেশ্বৰীক গটাই দিয়াত সি মৌজাদাৰৰ পুতেকৰ প্ৰতি কৃতজ্ঞহে হৈছে।মনে ভাল পোৱা ছোৱালী এজনী আনৰ দ্বাৰা অন্ত:সত্বা ঘটনাটোত ধনীৰাম যেনেদৰে মানসিক দ্বন্দ্বত ভাগি পৰিব লাগিছিল তাৰ বিপৰীতে সি পৰিস্থিতিৰ দাস হৈ নিৰ্বিকাৰ ভাৱে সকলো ঘটনাক সহজে গ্ৰহণ কৰি লৈছে।বহু  সমালোচকৰ  মতে ,ধনীৰামৰ মনত সেই সময়ত উদ্ভৱ হ'ব পৰা মানসিক দ্বন্দ্বক লেখকে প্ৰকাশ নকৰাৰ বাবেই চৰিত্ৰটিৰ বিকাশ সম্ভৱপৰ নহ'ল। এই সম্পৰ্কত ক'বলৈ গ'লে -আমাৰ বোধেৰে চৰিত্ৰৰ মনস্তাত্বিক বিশ্লেষণ অাধুনিক চুটি গল্পৰ অন্যতম  বৈশিষ্ট্য যদিও বাধ্যতামূলক বৈশিষ্ট্য নিশ্চয় নহয়।জীৱনৰ বিভিন্ন সমস্যাই জুৰুলা কৰা আমাৰ সমাজৰ এচাম মানুহৰ মন-মগজু সেই পঞ্চাশ বা ষাঠীৰ দশকততো বাদেই আজিও মানসিক দ্বন্দ্ব,বিবেক-দংশন আদিৰ দৰে মধ্যবিত্তীয় মানসিকতালৈ উন্নীত হ'ব পৰা নাই।ভাগ্যক ধিয়াই বা সকলো কথাকে কপালৰ লিখন বুলি সহজভাৱে গ্ৰহণ কৰা সমাজৰ এচাম লোকৰ প্ৰতিভূ স্বৰূপে লেখকে সৃষ্টি কৰিছে এই অপৰ্ণা বা ধনীৰামৰ দৰে চৰিত্ৰসমূহক।
     লেখন আৰু কথন শৈলীৰ দিশৰ পৰা বিচাৰ কৰি চালে পূৰ্বৰ গল্পকেইটাৰ তুলনাত যোগেশ দাসৰ 'বৰদেউতা' এটা সাৰ্থক গল্প বুলি কোৱা হয়।প্ৰকৃততে পূৰ্বৰ গল্প কেইটাত লেখকে আমাৰ সমাজত ঘটি থকা ঘটনা বা সমস্যাবোৰক নিজস্বভাবে কোনো বিচাৰ- বিশ্লেষণ নকৰাকৈয়ে অনুৰূপ তুলি ধৰিছিল।অানহাতে 'বৰদেউতা' গল্পত তেখেতে নাম চৰিত্ৰৰ যোগেদি সমাজৰ কিছুমান অনৈতিক কাৰ্যৰ বিৰুদ্ধে জোৰ প্ৰতিবাদ নকৰিলেও অন্তত: নিজস্ব দৃস্টিভংগী একোটা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।গল্পটিত দেখুওৱা হৈছে -বিধৱা ৰাজেশ্বৰী আৰু তেওঁৰ জীয়েক মায়াৰ সম্পৰ্কত সমাজত নানা কুৎসা ৰটনা হয় ।ৰাজেশ্বৰীৰ কথা ওলালেই প্ৰায় মানুহে ভেকাহি মৰাৰ দৰে কৈ উঠে-'সেইজনী?কেনেকৈ চলেহে,কেনেকৈ চলে?ব্যৱসায় চলায় বুইছা,ব্যৱসায়!'আৰু তেনে কুৎসা ৰটনা কৰা মানুহবোৰ আচলতে সেইসকলেই যিসকলে ৰাজেশ্বৰী-মায়াহঁতৰ প্ৰতি সদায় অশ্লীল দৃষ্টি ৰাখে।নিজৰ অসৎ উদ্দেশ্য সিদ্ধি নোহোৱাৰ বাবেই তেওঁলোকক সমাজৰ দৃষ্টিত চৰিত্ৰহীনা সাজে।এই কথা জনাৰ পাছতো ৰমেশহঁতৰ দৰে যুৱকসকলে সমাজৰ তথাকথিত মুধাফুটা লোকসকলৰ পক্ষত থিয় হৈ  মায়াহঁতৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে।তেতিয়া বৰদেউতাই কৈছে-'তোমালোকে ঘৰটো জুই লগাই দিব পাৰা,তাতে ৰাজেশ্বৰীকো জাপি দিব পাৰা,আনকি মায়াকো বিচাৰি আনি সেই জুইত পেলাই দিব পাৰা ।কিন্তু তাৰ পৰা সমস্যাৰ সমাধান নহয়।মায়াহঁতে কিয় এনে কৰিছে--যদি সঁচাই সেইবোৰ কৰিছে--তেন্তে কিয় কৰিছে তাক বিচাৰ কৰি প্ৰতিকাৰ কৰিব নোৱাৰিলে ৰাজেশ্বৰী ,মায়া -ইহঁত ওলায়ে থাকিব।…'
        লেখকে 'বৰদেউতা'গল্পটিত 'মায়া'চৰিত্ৰটিক এটা বলিষ্ঠ চৰিত্ৰ ৰূপে তুলি ধৰিবলৈ চেষ্টা কৰিছে।গাওঁ এৰি চিৰকাললৈ গুছি যোৱাৰ আগ মূহুৰ্তত বৰদেউতাক লগ কৰিবলৈ অহা মায়া  ৰমেশৰ মুখামুখি হওঁতে অকনো বিচলিত হোৱা নাই,বৰঞ্চ সিহে বিচলিত হৈছে।বৰদেউতাৰ সন্মুখতে তাই কৈ দিছে কেনেকৈ তাই সহায় বিচাৰি যাওঁতে এইখন সমাজৰে কিছুমান মানুহে তাইক অশুভ ইংগিত দিছিল আৰু সেই ইংগিতত তাই সন্মত নোহোৱাৰ বাবেই তাইক চৰিত্ৰহীনা বুলি শাস্তি দিবলৈ সকলো তৎপৰ হৈ উঠিছে। বৰদেউতাৰ সন্মুখত তাই বক্ৰোক্তিপূৰ্ণ ভাষাৰে কোৱা এই কথা শুনি ৰমেশে পলাবলৈ বাট বিচাৰি পোৱা নাই।কিন্তু সমাজৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে অকলে থিয় হোৱাৰ সাহস মায়াৰ নাই।সেই দৃষ্টিৰে লক্ষ কৰিলে জ্যোতিপ্ৰসাদৰ 'কাৰেঙৰ লিগিৰী' নাটকৰ কাঞ্চন কুঁৱৰী চৰিত্ৰৰ এটি আভাস মায়াত দেখিবলৈ পোৱা যায়।কাঞ্চন কুঁৱৰীৰ দৰে মায়াও যুক্তিবাদী ,কিন্তু পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে অকলে যুঁজ দিয়াৰ সাহস বা মানসিকতা তাই গোটাব পৰা নাই।আধুনিকতাই আমাৰ সমাজ ব্যৱস্থাৰ দৈনন্দিন জীৱন ধাৰাত ব্যাপক পৰিৱৰ্তন অানিলেও আমাৰ মানসিকতাৰ বিশেষ পৰিৱৰ্তন ঘটাব পৰা নাই।সেইবাবেই মায়াৰ দৰে ছোৱালীক কেৱল অৰ্থনৈতিক দূৰাৱস্থাই দুৰ্বল কৰি পেলোৱা নাই ,পৰম্পৰাগত নাৰী-ভাৱনাৰ পৰাও তাই মুক্ত নহয়।নহয় বাবেই অন্যায়ৰ প্ৰতিবাদ কৰাৰ সাহস তাইৰ নাই।ৰামধেনু যুগত যোগেশ দাসদেৱে ৰচনা কৰা 'পূজাৰ ফুল' গল্পটিতো আমি দেখিবলৈ পাওঁ তেনে এটি চৰিত্ৰৰ অাভাস।গল্পটিত মাতৃহীনা এজনী সৰু ছোৱালীৰ সংস্কাৰাপন্ন মনৰ ছবি সুন্দৰকৈ উপস্থাপন কৰা হৈছে।ৰাতিপুৱাই উঠি গা ধুই,তিতা গাৰে গোঁসাই ঘৰ মচি,পূজাৰ বাবে তাই ফুল ছিঙে।ইয়াৰ বিপৰীতে ধনীৰ ঘৰৰ দুলালী উপমাইয়ো ফুল ছিঙে যদিও গোঁসাই পূজাৰ বাবে নহয়।উপমাই ফুল ছিঙে টেবুল সজাবলৈহে।গোঁসাই পূজা কৰাৰ পৰিৱৰ্তে তাই স্বামীৰ ভৰি চুই সেৱা কৰে।এই বিপৰীত মুখী দুটা চৰিত্ৰৰ জৰিয়তে লেখকে দেখুৱাবলৈ চেষ্টা কৰা বস্তুটো হৈছে সংস্কাৰগত পাৰ্থক্যৰ বিষয়টো।লগতে এই কথাও তেখেতে দেখুৱাবলৈ চেষ্টা কৰিছে যে সংস্কাৰগত পাৰ্থক্য থাকিলেও দুয়োটি চৰিত্ৰ কিন্তু ভাৰতীয় অাদৰ্শ অাৰু পৰম্পৰাৰ প্ৰতি গভীৰভাৱে শ্ৰদ্ধাশীল।এইখিনিলৈকে হৈছে যোগেশ দাসদেৱে পঞ্চাশ আৰু ষাঠীৰ দশকত লিখা গল্পৰ এটি অভাস।
     যোগেশ দাসৰ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত 'পৃথিৱীৰ অসুখ' নামৰ গল্প সংকলনখন প্ৰকাশ পাইছিল সত্তৰৰ দশকৰ শেষৰ ফালে।পূৰ্বৰ দশককেইটাত লিখা গল্পবোৰৰ দৰে এই সংকলনত সন্নিৱিষ্ট গল্প কেইটাতো লেখকে সমাজ আৰু ব্যক্তি জীৱনৰ কিছুমান বাস্তৱ চিত্ৰ প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে যদিও এই সংকলনৰ গল্পকেইটা চৰিত্ৰ চিত্ৰণ,বিষয়বস্তুৰ গভীৰতা অাদিৰ ক্ষেত্ৰত যথেষ্ট ব্যতিক্ৰম। চৰিত্ৰৰ মনস্তাত্বিক বিশ্লেষণ গল্প কেইটাত নাথাকিলেও আধুনিক যুগৰ জটিলতাৰ লগে লগে জটিল হৈ অহা দুই এটা চৰিত্ৰৰ উদ্ভট অাচৰণৰ  প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়।ভাড়াঘৰ বিচাৰি গৈ অজয় চলিহাই ভাড়া ঘৰৰ মালিক মদাহী নিবাৰণ বৰুৱা আৰু তেওঁৰ মানসিক ৰোগগ্ৰস্তা ভনীয়েক মনোৰমাৰ যিবোৰ উদ্ভত আৰু বিসংগতিপূৰ্ণ আচৰণৰ মুখামুখি হৈছে তাৰ পৰাই কাহিনীৰ আৰম্ভনী।বাথৰূমৰ পৰা ওলায়ে গাত কেৱল টাৱেল এখন মেৰিয়াই চ'ৰাঘৰত বহি থকা অজয় চলিহাক দেখা কৰিবলৈ আহিছে নিবাৰণ বৰুৱা।হঠাৎ তেওঁৰ কঁকালৰ পৰা টাৱেলখন সৰি পৰিছে।অথচ অকনো বিচলিত নোহোৱাকৈ তেওঁ খহি পৰা টাৱেলখন বুটলি তাৰে তিতি থকা চুলিখিনি মচি অাকৌ কঁকালত মেৰিয়াই লৈছে।তেনেদৰে চাহ দিবলৈ অহা মনোৰমাইয়ো কথাই কথাই ,প্ৰয়োজনতকৈ অলপ বেছিকৈয়ে হঁহা কাৰ্যটো অজয় চলিহাৰ বাবে বৰ উদ্ভট লাগিল।এনে উদ্ভট কাৰ্য আৰু আচৰণ তেওঁ আৰু লক্ষ কৰিলে।কিন্তু মস্তিষ্কৰ ভাৰসাম্য হেৰুওৱা বিধৱা ভনীয়েক মনোৰমাৰ প্ৰতি নিবাৰণ বৰুৱাই পালন কৰি যোৱা দায়িত্বৰ দৰে অন্যান্য কিছুমান কাৰ্যত কিন্তু অস্বাভাৱিকতা একো নাছিল।অপ্ৰকৃতিস্থ মনৰ এই দুটা চৰিত্ৰৰ মাজেদি প্ৰকৃততে লেখকে অামাৰ ঘূণে ধৰা সমাজ খনৰে চিত্ৰ দাঙি ধৰিছে।লেখকে দেখুৱাবলৈ চেষ্টা কৰিছে যে অকল তেওঁলোকেই অসুস্থ নহয়,বৰঞ্চ গোটেই পৃথিৱীখনেই অাজি অসুস্থ।'মনোৰমা আৰু নিবাৰণৰ মাজত যদি কিবা অস্বাভাৱিকতা অাছে,তেন্তে সেইটোৰ উদ্ভৱ আন ক'ৰবাতহে।'বহু সমালোচকৰ মতে,এই অসুস্থতাৰ কাৰণ গল্পটিত স্পষ্ট নহ'ল।কিন্তু এই কথাও সত্য যে লেখকে কিছমান কথা স্পষ্টভাৱে প্ৰকাশ নকৰিলেও তাক অনুভৱ বা প্ৰত্যক্ষ কৰিবলৈ পাঠকৰো নিজস্ব অন্তৰ্দৃষ্টি থাকিব লাগিব।
     'গদাধৰ টি ষ্টল' গল্পটিলৈ লক্ষ কৰিলে দেখা যায়-এসময়ত সেনাৰ চাকৰি কৰা গদাধৰে পাছত চাহৰ হোটেল খুলি  পেট প্ৰৱৰ্তাব লগা হৈছিল।আপোন বুলিবলৈ আছিল কেৱল জীয়েক পদ্মা।পেট বেয়া কৰা চাহ-মিঠাইৰ বাবে নহ'লেও হোটেলখনত গ্ৰাহকৰ ভীৰ লাগিছিল কেৱল পদ্মাৰ গাভৰু দেহাৰ লোভত।এদিন সেই পদ্মা ল'ৰা এজনৰ লগত পলাই যোৱাৰ লগে লগে গদাধৰৰ হোটেলখনলৈ মানুহ নহা হ'ল।উপায়ন্তৰ হৈ গদাধৰে হোটেল বন্ধ কৰি ভগা-ছিগা লোহা লক্কৰ মেৰামতি কৰা দোকান এখন খুলি কোনোমতে থাকিবলৈ ল'লে।লাহে লাহে এদিন নতুনকৈ নিৰ্মান হোৱা ডাঙৰ ডাঙৰ অট্টালিকাবোৰৰ তলত গদাধৰৰ দোকানখন কোনোবা এচুকত হেৰাই গ'ল।বহু বছৰৰ মূৰত গুবাহাটীলৈ আহি ৰিপুঞ্জয় নামৰ যুৱক জনে গদাধৰ টি ষ্টলৰ তেনে অৱস্থা দেখি অাচৰিত হ'ল। গদাধৰৰ জীয়েক পদ্মা পলাই যোৱা খবৰটো শুনিও অকাৰণতে তেওঁৰ বুকুখন বিষাই গ'ল।সাধাৰণভাৱে লক্ষ কৰিলে এই  এটা সৰু কাহিনীয়েই গল্পটিৰ প্লট  বা থীম যদিও গল্পটিৰ মাজেৰে প্ৰকৃততে লেখকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰা প্ৰতিপাদ্য বিষয়টো হৈছে -ক্ৰমশ: বৃদ্ধি পাই অহা অাধুনিক মহানগৰৰ বৃহৎ অট্টালিকাবোৰৰ তলত গদাধৰহঁতৰ দৰে সাধাৰণ মানুহবোৰৰ জীৱন নিপীষ্ট হৈ পৰা ঘটনাৰ বাস্তৱতাটোহে।
     আধুনিক জীৱন প্ৰৱাহত ক্ৰমশ: হেৰাই যোৱা মানুহৰ মানৱতা অাৰু মূল্যবোধৰ অপমৃত্যুক প্ৰতিপাদ্য বিষয় হিচাপে লৈ যোগেশ দাসে লিখা  'প্ৰাত: সন্ধ্যা' নামৰ গল্পটি আন এটি উল্লেখযোগ্য গল্প।বাৰ্দ্ধক্য কালত মানুহ নিজৰে আত্মীয় -স্বজনৰ ওচৰতে  অৱহেলিত হোৱাৰ সঁচা কাহিনীক হৃদয়স্পৰ্শী ৰূপত গল্পটিত সুন্দৰকৈ চিত্ৰিত কৰা হৈছে।গল্পত বৰ্ণিত তিনিজন বৃদ্ধ সদায় একেলগে প্ৰাত: ভ্ৰমনলৈ ওলাই যায়।তেওঁলোক অাটাইয়ে নিজৰ নিজৰ ঘৰত পুতেক-বোৱাৰীয়েক,জীয়েক-জোঁৱায়েকহঁতৰ দ্বাৰা অৱহেলিত।কিন্তু এই কথা পৰস্পৰৰ পৰা লুকুৱাই ৰাখি আটাইকেইজন বৃদ্ধই এজনে আন এজনৰ আগত নিজৰ নিজৰ সুখ-স্বাচ্ছন্দ্যৰ মিছা কাহিনী বৰ্ণনা কৰিবলৈ ব্যৰ্থ চেষ্টা কৰে।আচল সত্য কিন্তু সকলোৱে জানে।গল্পত বৰ্ণিত পদ্ম হাজৰিকাৰ চৰিত্ৰটো লেখকৰ দ্বাৰা সৃষ্ট এটা বৰ সুন্দৰ অাৰু সাৰ্থক চৰিত্ৰ বুলি ক'ব পাৰি।পদ্ম হাজৰিকাই হাজৰিকানীৰ অমত স্বত্তেও  সৰু পুতেক দুজনৰ বিয়া পাতি দিছিল সিহঁতৰ পচন্দ মতে ।এই কথাৰ বাবেই হাজৰিকাৰ লগত মনোমালিন্য ঘটাত হাজৰিকানীয়ে উচাৎ মাৰি গৈ ডাঙৰ পুতেকৰ লগত থাকিবলৈ লৈছিল।ইফালে দিন বাগৰি যোৱাৰ লগে লগে পুতেক -বোৱাৰীয়েকহঁতে হাজৰিকাক দেখিব নোৱাৰা হৈ অাহিছে।ঘৰখনৰ বাবে তেওঁ বোজা স্বৰূপ হৈ পৰাৰ লগে লগে এই বৃদ্ধ বয়সতো গেবাৰী খাটিব লগীয়া অৱস্থা হৈছে।তেনে অৱস্থাত হাজৰিকাই তেওঁৰ লগৰ অন্য এজন বৃদ্ধৰ কথা মতে পুতেক-বোৱাৰীয়েকহঁতক মজা দেখুৱাবলৈ  উকীল এজনৰ তাত সম্পত্তিৰ উইল কৰাৰ ভাও জুৰিলে।উইলৰ কথা জনাজনি হোৱাৰ লগে লগে হঠাৎ পুতেক-বোৱাৰীয়েকহঁতৰ অাচৰণৰো সলনি হ'ল।সকলোৱে তেওঁক  খুব আল পৈচান ধৰিবলৈ অাৰম্ভ কৰিলে।টান কাম একো এটা তেওঁক কৰিব নিদিয়া হ'ল।আনকি ডাঙৰ পুতেকৰ ঘৰৰ পৰা হাজৰিকানীও ল'ৰি আহিল অাৰু হাজৰিকাৰ আদৰ যত্ন ল'বলৈ ধৰিলে।মানুহৰ স্বাৰ্থপৰতাৰ এনে ৰূপ দেখাৰ পাছতো কিন্তু ঘৈণীয়েকৰ উপস্থিতি আৰু সান্নিধ্য তেওঁৰ ভাল লাগিল।গল্পকাৰৰ ভাষাত-'হাজৰিকানীৰ উপস্থিতিয়ে অৱশ্যে তেওঁক বৰ দুৰ্বল কৰি পেলাইছিল।মানুহজনীয়ে যিমানেই তেওঁক অৱহেলা নকৰক,খং কৰি তেওঁক এৰি পুতেকৰ তালৈ গুচি গ'লেও তেওঁ অনুভৱ কৰিলে যে এই মানুহজনীৰ লগত তেওঁ এৰাব নোৱাৰাকৈ বান্ধ খাই অাছে।হাজৰিকানীক এৰি তেওঁ তেওঁৰ জীৱনৰ কথা ভাৱিবই নোৱাৰে।চাহটোপা আনি দিয়া,গা ধুবলৈ পানী তপতাই দিয়া,ভাত খাই থাকোঁতে চাই থাকি কেতিয়াবা বোৱাৰীয়েকহঁতক 'দেউতাৰক মাছ অাৰু অকন দে অ' বুলি কোৱা,এইবোৰে তেওঁক কল্পনা কৰিবলৈ দিয়ে যে তেওঁলোকৰ সেই পুৰনা দিনবোৰ এতিয়াও অাছে,সেইবোৰ দিন কেতিয়াও পুৰনা নহয়।হাজৰিকানীৰ স্বাৰ্থপৰতাৰ কথা,তেওঁ যে বৰপুতেকৰ কাৰণেহে অাহিছে,এই কথা তেওঁৰ বিশ্বাস নকৰিবলৈ মন যায়।কিন্তু তেনেকুৱা মুহূৰ্তবোৰ বাদ দিলে  সমস্ত ঘটনাটোৱে হাজৰিকাক বৰ কৰুণ কৰি তুলিলে।'
     দৈনন্দিন জীৱনৰ ঘাত-প্ৰতিঘাত,স্বাৰ্থপৰতা আদিৰ বাবে স্বামী-স্ত্ৰীৰ সম্বন্ধত কেতিয়াবা ফাঁট মেলিলেও এই সম্পৰ্কটোত গল্পকাৰ যোগেশ দাসে এটা অটুত বান্ধোন লক্ষ কৰিছে।তেওঁৰ 'বান্ধৱ' নামৰ গল্পটিত তেনে এটি চিত্ৰ অত্যন্ত সুন্দৰ আৰু হৃদয়স্পৰ্শী ৰূপত চিত্ৰিত হৈছে: ব্ৰজমোহন বৰুৱা আৰু তেওঁৰ পত্নী জ্যোতিৰ্ময়ীৰ সম্পৰ্কত অাছে এখন বৃহৎ দেৱাল।নিতান্তই প্ৰয়োজন নহ'লে বৰুৱাই তেওঁৰ লগত কথা-বতৰা একো নাপাতে।গল্পকাৰৰ ভাষাৰে-'  মদ,কুকুৰ অাৰু কিতাপযে বৰুৱাৰ জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিছে সেই কথা ইয়াৰ বহুতে কোৱা বখনা কৰে।আৰু এটি সংগী তেওঁৰ অাছে :বন্দুকটো।'কুকুৰক খোৱাবলৈ অনাৰ বাহিৰে মানুহজনীয়ে খাওক বুলি তেওঁ কেতিয়াও ঘৰলৈ মাংস অকন নানে।গিৰিয়েকৰ এনে আচৰণত অতীষ্ঠ হৈ জ্যোতিৰ্ময়ীয়েও বৰুৱাৰ লগত কথা পাতিবলৈকে এৰি দিছে।তেওঁ কিছু খিংখিঙীয়াও হৈ উঠিছে।বৰুৱাই 'হয়নে হেৰা,ই গুবিনে বজাৰৰ পৰা মাংস আনিলেনে ?'বুলি সুধিলে জ্যোতিৰ্ময়ীয়ে নুশুনাৰ ভাও জুৰি বহি থাকে।কাৰণ তেওঁ জানে যে বৰুৱাৰ এইষাৰ মাতত কোনো অান্তৰিকতা নাই।তেওঁ একো উত্তৰ নিদিয়া দেখি বৰুৱাই পুনৰ একেষাৰ প্ৰশ্নকে সুধিলে সেয়ে তেওঁৰ  মুখেৰে টানকৈয়ে ওলাই অাহে-'আনিলে আনিলে'।টানকৈ উত্তৰটো দিয়াৰ পাছত আকৌ জ্যোতিৰ্ময়ীয়ে ভাৱে-এনেকৈ টানকৈ উত্তৰ দিব নালাগিছিল নেকি বাৰু?সিফালে বৰুৱাই জ্যোতিৰ্ময়ীৰ খংটোলৈ ভ্ৰূক্ষেপ নকৰি স্বাভাৱিক ভাৱে গাত নলগা ভাৱেৰে 'বেচ' বুলি কৈ বাথৰূমৰ ফালে যায়গৈ।এই যে বৰুৱা আৰু বৰুৱানীৰ মাজৰ সম্পৰ্কৰ ফাঁটটো- তাৰো কাৰণ অাছিল।দোষ দুয়োৰে আছিল।বৰুৱাৰ আছিল মদ খোৱাৰ অভ্যাস আৰু এই অভ্যাসটোকে জ্যোতিৰ্ময়ীয়ে আটাইতকৈ বেয়া পাইছিল।বাহিৰত মদ খাই আহি ঘৰত হুলস্থূল কৰাটো বৰুৱাৰ অভ্যাসত পৰিণত হৈছিল।অসৎ চৰিত্ৰৰ কোনোবা তিৰোতা এজনীৰ লগত তেওঁৰ সম্পৰ্ক থকা বুলিও জ্যোতিৰ্ময়ীয়ে গম পাইছিল।অতীষ্ঠ হৈ তেওঁ নিজৰ ছোৱালী কেইজনীক দেউতাকৰ ছাঁৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল।অকল সেয়ে নহয়,গিৰিয়েকক এসেকা দিবৰ বাবে ডেকা ল'ৰা এজনৰ লগত বৰুৱাই দেখাকৈ বৰকৈ হলি গলি কৰাৰ অভিনয়ো কৰিছিল।পাছত সেই অভিনয়ে কাল হৈছিলগৈ।কাৰণ, নিজে ক'ব নোৱাৰাকৈয়ে তেওঁ সেই  ল'ৰাজনক সঁচাকৈয়ে ভাল পাবলৈ আৰম্ভ কৰিছিল।কিন্তু কোনো অঘটন হোৱাৰ পূৰ্বে ,ভাগ্যে ল'ৰাজন বদলি হৈ তাৰ পৰা গুচি গৈছিল।ইতিমধ্যে ছোৱালীকেইজনীৰো বিয়া হৈ গৈছিল।দিনবোৰ বাগৰি গৈছিল,কিন্তু বৰুৱাই পাহৰিব পৰা নাছিল জ্যোতিৰ্ময়ীয়ে কৰা বিশ্বাসঘাতকতাৰ কথা।অন্য নাৰীৰ সৈতে লেটি-পেটি তেৱোঁ  কৰিছিল,কিন্তু সামন্ততান্ত্ৰিক মানসিকতাৰে তেওঁ পুৰুষে কৰা এনে অনৈতিক কাৰ্য যেন একো কথাই নহয় তেনে ভাৱেৰে দোষ ধৰিলে কেৱল ঘৈণীয়েকৰ।বৰুৱাই তেওঁক পোনপটীয়াকৈ খং -ৰাগ একো নকৰিলে যদিও জ্যোতিৰ্ময়ীৰ সৈতে মাতবোল কৰিবলৈ সমুলি এৰি দিলে।নিতান্তই প্ৰয়োজন নহ'লে তেওঁ পত্নীৰ সৈতে একো কথাই নপতা হ'ল।এতিয়া কেৱল মদ,কুকুৰ আৰু কিতাপেই তেওঁৰ সংগী।এজনী এজনীকৈ আটাইকেইজনী ছোৱালীক বিয়া দি উলিয়াই দিয়াৰ পাছত ঘৰখন তেনেই নিজান পৰি গ'ল।ইফালে বয়স বাঢ়ি অহাৰ লগে লগে জ্যোতিৰ্ময়ীৰো দেহাত বেমাৰে লগ নেৰা হ'ল।স্বামীৰ দ্বাৰা একপ্ৰকাৰে অৱহেলিত আৰু পৰিত্যক্ত হোৱা জ্যোতিৰ্ময়ী বেমাৰী দেহাৰে যন্ত্ৰবৎ ভাৱে সকলো কাম কৰি যায়।
        এদিন ৰাতিপুৱা বৰুৱাই দেখিলে পত্নীৰ গাত প্ৰচণ্ড জ্বৰ।তেওঁ গৈ কাষতে বহিল আৰু মূৰত হাত বুলাই দিলে।বৰুৱাক তেনেদৰে বহুদিনৰ মূৰত কাষত দেখা পাই জ্যোতিৰ্ময়ীৰ  চকুপানী ওলাই আহিল।আওবাটে গৈ বিশ্বাসঘাতকতা কৰা জ্যোতিৰ্ময়ীৰ প্ৰতি যিমানে কঠোৰ হ'লেও বৰুৱাৰ হৃদয়ৰ কোনোবা এচুকত যে পত্নীৰ প্ৰতি অকন হ'লেও মৰম বা সহানুভূতি যে আছিল সেই কথাকে গল্পকাৰে অত্যন্ত হৃদয়স্পৰ্শী ৰূপত গল্পটিত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।
       যোগেশ দাসৰ 'ক্ষুদ্ৰাতিক্ষুদ্ৰ' নামৰ গল্পটিত বাৰ্ধক্য-মনস্তত্বক  সুন্দৰ আৰু কলাত্মক ৰূপত প্ৰতিফলিত কৰা হৈছে।ইতিমধ্যে ওপৰত আলোচনা কৰা 'প্ৰাত:সন্ধ্যা' নামৰ গল্পটিৰ দৰে এই গল্পটিতো তেখেতে অংকিত কৰিবলৈ চেষ্টা কৰিছে-বাৰ্ধক্য কালত অাত্মীয়-স্বজনৰ ওচৰতে মানুহ অৱহেলিত হৈ উঠা এক হৃদয়স্পৰ্শী দৃশ্য।তাৰ লগতে অাছে এক বিশেষ বাৰ্ধক্য মনস্তত্বৰ প্ৰকাশ।গল্পৰ মুখ্য চৰিত্ৰ শান্তনু বৰুৱাৰ সমস্যা হৈছে তেওঁ অাজিকালি সকলো বস্তুকে প্ৰয়োজনতকৈ বেছি সৰুকৈ দেখা পায়।সেয়ে তেওঁ আই স্পেচিয়েলিষ্ট ডাক্টৰ সনৎ দত্তৰ ওচৰলৈ গৈছে।ডা:সনৎ দত্তই তেওঁৰ চকু পৰীক্ষা কৰি নতুন চচমা এযোৰ দিছে।কেইদিনমানৰ পাছত বুঢ়া আকৌ ওলালহি।তেওঁৰ  চকু ভাল হোৱা নাই।সকলো বস্তু আগৰ দৰেই সৰু দেখা পায়।ডাক্টৰে অনুমান কৰিলে যে তেওঁৰ যদি অন্য একো প্ৰব্লেম নাই তেন্তে নিশ্চয় বয়সজনিত মানসিক ৰোগো হ'ব পাৰে।সেয়ে তেওঁ বৃদ্ধক মানসিক ৰোগৰ চিকিৎসক ডা:ৰূপালী কাকতিৰ চেম্বাৰলৈ পঠিয়াই দিছে।ডা:ৰূপালী কাকতিৰ তালৈ গৈয়ো বৃদ্ধই তেওঁৰ স্বভাৱ বা অভ্যাসবশত: অনৰ্গল ভাৱে কথা পাতিবলৈ আৰম্ভ কৰিলে- 'আইদেউ,তুমি তেনেই ছোৱালী মানুহ।তোমাৰ নাম শুনি মই অান ধৰণেৰেহে ভাৱি অাছিলোঁ।মই তোমাক তুমিয়েই বুলিলোঁ-মই বুঢ়া মানুহ-তুমি বেয়া পাবা নেকি?' উত্তৰত ৰূপালীয়ে এনেয়ে 'নাই পোৱা' বুলি কোৱাত বৃদ্ধই নিজৰ চকুৰ সমস্যাৰ পৰিৱৰ্তে অন্য কথাৰহে  বকলা মেলিলে-'বেছ বেছ বেছ…বৰ সন্তোষ পালোঁ,বৰ সন্তোষ পালোঁ।বিদূষী ছোৱালী তুমি,ইমান জ্ঞানী হৈছা তোমালোকৰ  আচল ঘৰ ক'ত?…'ইত্যাদি।গল্পকাৰৰ কথনশৈলীৰ দক্ষতা বুজিবলৈ এই গল্পটিয়েই যথেষ্ট।চুটি চুটি ৰসঘন বাক্যৰে গল্পকাৰে বৃদ্ধৰ মানসিকতাক এনেদৰে তুলি ধৰিছে যে গল্পটি পঢ়ি যাওঁতে পাঠকৰ উৎস্যুকতা বাঢ়ি গৈ থাকিব।কথাৰ মাজতে বৃদ্ধই ৰূপালী কাকতিক তেওঁ থকা ঘৰটো নিজা নেকি বুলি সোধাত 'নাই,ক'ত নিজা?ভাড়াঘৰ,নিজা ঘৰ হ'বলৈ গোটেই জীৱনটো লাগিব যেন পাইছোঁ' বুলি ৰূপালীয়ে উত্তৰ দিছে।তেতিয়া বৃদ্ধই অলপ ধেমেলিয়া সুৰত ক'লে-'ধন-পইচা হোৱা নাই নেকি?'
ৰূপালীৰ উত্তৰ-'নাই,ক'ৰ ধন-পইচা হ'ব?'
বৃদ্ধই তেতিয়া কৈছে-'তুমি বাট ল'ব জনা নাই হ'বলা'।
     আকৌ  ডা: ৰূপালী কাকতিয়ে তেওঁৰ অসুখৰ কথা জানিব খোজাত শান্তনু বৰুৱাই  ক'লে- 'থোৱাহে অসুখ-চসুখ!তোমাৰ লগত চিনাকী হ'লো যেতিয়া বেমাৰ আজাৰ দেখুৱাই থাকিব পাৰিম।আজিলৈ চিনাকী হোৱাতে থ'কচোন-কি বোলা?'
     বৃদ্ধৰ অনৰ্গল কথাত ৰূপালী কাকতি বিৰক্ত হৈছিল যদিও তেওঁৰ কথাবোৰৰ মাজত আত্মীয়-স্বজন অৰ্থাৎ নিজৰ পুতেক-জীয়েকসকলৰ প্ৰতি বৃদ্ধৰ তীব্ৰ বিষোদগাৰৰ ভাৱ স্পষ্টকৈ তেওঁ উপলদ্ধি কৰিলে।আচলতে যি অাদৰ্শ আৰু সংস্কাৰত তেওঁ পুতেক-জীয়েকহঁতক ডাঙৰ -দীঘল কৰিব বিচাৰিছিল সেয়া বাস্তৱত হোৱা নাছিল।সেইবাবেই বৃদ্ধই নতুন নতুন চচমা সলাই পিন্ধাৰ পাছতো সকলো বস্তুকে তেনেই তুচ্ছ বা সৰু দেখাৰ অন্তৰালত যে প্ৰকৃততে ক্ষয়িষ্ণু মূল্যবোধৰ বিৰুদ্ধে বিক্ষুব্ধ এটা মনস্তাত্বিক কাৰণ লুকাই আছিল সেই কথা বুজিবলৈ ৰূপালী কাকতিৰ বেছি পৰ নালাগিল।
       মূলত: কথাশিল্পী যোগেশ দাসৰ সহজ -সৰল অথচ পৰিচিত কথনশৈলীয়েই আছিল তেখেতৰ গল্পৰ প্ৰধান বৈশিষ্ট্য।বিষয়বস্তৰ গভীৰতাৰে ঘটনা বা চৰিত্ৰৰ বিস্তৃত বিশ্লেষণ তেখেতৰ গল্পত সততে পৰিলক্ষিত নহয় যদিও তেখেতৰ গল্পই পাঠকক বিষয়বোৰ সূক্ষ্মভাৱে চিন্তা কৰি চাবলৈ এটা বাট কাটি দিছে।(সমাপ্ত)





                            (২)
       ডুমডুমাৰ মাটি,বায়ু অাৰু পানীৰে জীপাল হৈ পৰৱৰ্তী কালত অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট লেখক ৰূপে প্ৰতিষ্ঠা লাভ কৰা কথাশিল্পী যোগেশ দাসৰ দৰে ৰামধেনু যুগৰে অান এগৰাকী বিশিষ্ট গল্পকাৰ অাছিল নিৰোদ চৌধুৰী।সাংবাদিকতাৰ লগে লগে লেখক ৰূপেও অাত্ম প্ৰকাশ কৰা চৌধুৰীদেৱে 'নতুন অসমীয়া'ত 'ছটা পইচা' নামৰ এটি গল্পেৰে অাৰম্ভ কৰিছিল তেখেতৰ সাহিত্য জীৱন।সেই অাৰম্ভনীৰেই তেখেতে ৰামধেণু, মণিদীপ, অসমবাণী, দৈনিক অসম অাদিত অলেখ গল্প,উপন্যাস,বোলছবি সম্পৰ্কীয় লেখা অাদি লিখি গৈছিল।'অসমবাণী' কাকতত তেখেতে ধাৰাবাহিকভাৱে লিখা ন্যায়াধীশ উপেন ৰাজখোৱাৰ দ্বাৰা সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ সংবাদটোৱে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।১৯৭০ চনত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাৰ অালমত তেখেতে লিখা 'বিচাৰক ৰাজখোৱাৰ ফাঁচী' শীৰ্ষক সংবাদধৰ্মী লেখাৰ বৈশিষ্ট্য অাছিল নিৰোদ চৌধুৰীদেৱৰ নিজস্ব কথনশৈলী অাৰু তেনেই অগতানুগতিক প্ৰকাশভংগী।এটা ৰহস্য বা ডিটেকটিভ গল্পৰ স্টাইলত শ্বাসৰূদ্ধকাৰী উৎকণ্ঠা অাৰু শিহৰণ সৃষ্টি কৰি  লিখা এনে সংবাদ অাজিও অত্যন্ত বিৰল।সংবাদ অাৰু সাহিত্য ক্ষেত্ৰৰ উপৰিও তেখেতৰ নাম চলচিত্ৰ নিৰ্মানৰ সৈতেও জড়িত।তেখেতৰ দ্বাৰা ৰচিত কাহিনীচিত্ৰৰে নিৰ্মিত হৈছিল -কাঁচঘৰ,বনহংস,বনজুই,পানী,মন প্ৰজাপতি,নতুন অাশা অাদিকে ধৰি চামেলি মেমচা'বৰ দৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কথাছবি।
      ৰামধেণু যুগত প্ৰকাশিত তেখেতৰ গল্পসমূহ অধ্যয়ণ কৰিলে তেখেতৰ  গল্পতো অাৱাহন যুগৰ প্ৰভাৱ স্পষ্টভাৱেই পৰিলক্ষিত হয়।অৱশ্যে এই কথাও সত্য যে অাৱাহন যুগৰ গল্পত যি বৰ্ণনাৰ বাহুল্য অাৰু ভাৱবস্তুৰ বিক্ষিপ্ততা দেখিবলৈ পোৱা গৈছিল সেয়া নিৰোদ চৌধুৰীৰ গল্পত অাৰম্ভণীৰে পৰাই দেখিবলৈ পোৱা নাযায়।যোগেশ দাসৰ তুলনাত তেখেতৰ বৰ্ণনা যথেষ্ট সংযত অাৰু সাৱলীল।অাধুনিক চুটি গল্পৰ অবিচ্ছেদ্য বৈশিষ্ট্য ৰূপে বিবেচিত কলাত্মক গুণ অাৰু নিৰ্মানশৈলীৰ দিশটোত তেখেত অাছিল অত্যন্ত সচেতন। সংক্ষিপ্ত বাক্যবিন্যাস অাৰু প্ৰকাশ ভংগীৰ অভিনৱ কথনশৈলীৰ বাবে তেখেতৰ চুটিগল্পসমূহ তাহানি ৰামধেণু অাৰু অাৱাহনৰ যুগতে জনপ্ৰিয় হৈ উঠিছিল।পৰৱৰ্তী কালতো কেইবাদশক জুৰি তেখেতৰ গল্পই পূৰ্বৰ জনপ্ৰিয়তা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছিল।ড:প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মতে নিৰোদ চৌধুৰীৰ গল্পৰ বিষয়বস্তুত নতুনত্ব নাছিল যদিও ঘটনাৰ একমুখিতা অাৰু ভাষাৰ কাব্যিক হিল্লোলৰ বাবেই পাঠকে নিৰোদ চৌধুৰীৰ গল্প পঢ়ি ভাল পাইছিল।
      নিৰোদ চৌধুৰীৰ প্ৰকাশিত গল্প সংকলন কেইখন হৈছে-অংগে অংগে শোভা,হংস মিথুন,নিশিগন্ধা,বায়ু বহে পূৰবৈয়া,প্ৰথম প্ৰহৰ,হীৰা পান্না,সোনপৰুৱা অাদি।অসমীয়া বোলছবি জগতৰ যুগজয়ী ছবি 'চামেলি মেমচা'ব' ৰ নিৰ্মানৰ অন্তৰালতো অাছিল তেখেতৰ ১৯৭৭ চনত ডুমডুমাৰ এখন চাহবাগিচাৰ পটভূমিত লিখা এটি সঁচা কাহিনী।গল্পটিত লেখকে চাহবাগিচাৰ মেনেজাৰ বাৰ্কলে চাহাব অাৰু বীৰবল চৰ্দাৰৰ জীয়েক চামেলিৰ অন্তৰ্স্পশী প্ৰেম-কাহিনী বৰ্ণনা কৰিছে।বাৰ্কলে চাহাৱে বিয়া পাতিছিল চামেলিক,কিন্তু বিয়াৰ পাছতে তাই কোষ্ঠ ৰোগত অাক্ৰান্ত হ'বলগীয়া হ'ল।তেনে অৱস্থাত বাৰ্কলে চাহাবে  বাগিচাৰ পূব প্ৰান্তত ৰঙা টিনপাতৰ চাং বঙলা এটা সাজি তাতে চামেলিক থ'লে।লাহে লাহে দিনবোৰ বাগৰি গ'ল।এদিন চামেলিয়ে ডিঙিত চিপ লৈ অাত্মহত্যা কৰিলে।এই ঘটনাটোৰ পাছত ৰঙা টিনপাতৰ সেই চাং বঙলা হৈ পৰিল এটা ভৌতিক অাৰু ৰহস্যময় বঙলা।সেইফালে দিনৰ ভাগতে যাবলৈ মানুহে সাহস নকৰা হ'ল।বাগিচাৰ সকলোৱে চাহাৱক অাতংক অাৰু অাশ্বৰ্যৰ দৃষ্টিৰে চায়,চাহাৱক দেখিলে মহিলাসকল ল'ৰি পলায়।কেতিয়াবা বাৰ্কলে চাহাৱক সেই চাং বঙলাটোৰ ফালে অকলশৰে যোৱাও দেখা যায়।কথাটোৱে অাৰু ৰহস্যৰ সৃষ্টি কৰে।কিয় যায়?প্ৰকৃত সত্য কোনেও ক'ব নোৱাৰে।বাৰ্কলে চাহাবৰ ৰহস্যৰ অনুসন্ধান কৰিবলৈ গৈ লেখকে এদিন অাৱিস্কাৰ কৰিলে অন্য এটা সত্য।এই সত্যই গল্পটিক অন্তৰ্স্পৰ্শী কৰি তুলিছে।বাৰ্কলে চাহাবৰ মুখেৰে লেখকে জানিব পাৰিছে যে চামেলি কোষ্ঠৰোগত অাক্ৰান্ত হোৱাৰ পাচতো কিন্তু  চাহাবে তাইক লগ কৰিছিল,তাইৰ সৈতে সময় কটাইছিল।চামেলিক তেনেদৰে পেলাই থৈ তেওঁ অন্য চাহাবৰ দৰে নিজ দেশলৈ গুচি যোৱা নাছিল।এদিন চামেলিয়ে এটি কন্যা সন্তান জন্ম দিছিল।দুখৰ মাজতো কেচুৱাটিলৈ চাই বাৰ্কলে চাহাব অাৰু চামেলিয়ে হাঁহিছিল।কিন্তু নিয়তিৰ কি পৰিহাস!দিন বাগৰি যোৱাৰ লগে লগে দেখা গ'ল -কেচুৱাটিৰ শৰীৰৰ বিকাশ যেনেদৰে হ'ব লাগিছিল তেনেদৰে হোৱা নাই।এই দুখৰ মাজতে চামেলিয়ে অাত্মহত্যা কৰাত বাৰ্কলে চাহাব হতবাক হৈ পৰিল।তেওঁ জানিছিল -কেচুৱাটি জীয়াই থাকি একো লাভ নাই।অথচ মাৰি পেলাবও পৰা নাছিল।সেয়ে ভগ্ন হৃদয়েৰে তেওঁ এতিয়া কেৱল অপেক্ষা কৰি অাছে কেচুৱাটিৰ মৃত্যুলৈ।এইখন দেশ,এইখন বাগিচাই তেওঁক একো নিদিলে।শূণ্য হাতেৰে তেওঁ অপেক্ষা কৰি অাছে -কেচুৱাটিৰ মৃত্যু হ'লেই  নিজৰ দেশলৈ উভতি যাবলৈ।
    গল্পটিত লেখকে কাহিনীৰ বৰ্ণনাৰ বেলিকা ঠায়ে ঠায়ে ৰহস্য বা ভৌতিক গল্পৰ দৰে জয়াল পৰিৱেশ একোটা চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে।তেখেতৰ অন্যান্য কিছুমান গল্পতো এই বৈশিষ্ট্য সততে পৰিলক্ষিত হয়। তেখেতৰ গল্পৰ অভিনৱ লেখন শৈলী অাৰু এনে পৰিৱেশ চিত্ৰণৰ বাবে পাঠকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও কেতিয়াবা অৱশ্যে গল্পৰ প্ৰতিপাদ্য বিষয় তল পৰি গৈছিল অাৰু তেনে কেইবাটাও গল্প সাৰ্থক গল্পলৈ উন্নীত হোৱাত বাধাগ্ৰস্ত হৈছিল।'এটি সন্ধিয়াৰ প্ৰেম','কোমল গান্ধাৰ'' অাদি গল্পত এনে ত্ৰুটি চকুত পৰে। এডগাৰ এলেন পোৰ কথাষাৰ মানি ল'ব লাগিলে এটা সাৰ্থক চুটিগল্পৰ বাবে অনাৱশ্যকীয় প্ৰসংগৰ পৰিহাৰ অত্যন্তই প্ৰয়োজন।বিষয়বস্তুৰ গভীৰতা অবিহনে কেৱল অভিনৱ কথন শৈলী অাৰু বাক্যবিন্যাসেই চুটিগল্পক প্ৰাণ দিব নোৱাৰে। নিৰোদ চৌধুৰীৰ 'কোমল গান্ধাৰ'গল্পত প্ৰতিপাদ্য বিষয়ৰ সৈতে সম্পৰ্কৰহিত কিছুমান ঘটনা,চৰিত্ৰ অাৰু উপকাহিনীৰ সংযোজনে গল্পৰ মাধুৰ্য যথেষ্ট হ্ৰাস কৰিছে।ইয়াৰ বিপৰীতে তেখেতৰ 'মধ্যবিন্দু' নামৰ গল্পটি এনে বৈশিষ্ট্য স্বত্ত্বেও যথেষ্ট ব্যতিক্ৰম।লক্ষৰ একমুখিতা অাৰু ফলশ্ৰুতিৰ একময়তাই গল্পটিক ৰসগ্ৰাসী কৰি তুলিছে।মধ্যবিন্দু'গল্পত দেখুৱা হৈছে -বনলতা নামৰ গাৱৰ শিক্ষয়িত্ৰী এগৰাকীৰ প্ৰতি থকা মৌজাদাৰ বলীন চৌধুৰী,ডাক্টৰ জগদীশ হাজৰিকা,পঞ্চায়তৰ সভাপতি চক্ৰেশ্বৰ দত্ত অাৰু বি ডি অ' পৰেশ শইকীয়াৰ দৰে সমাজৰ মুধাফুটা লোকসকলৰ লোলুপ দৃষ্টি।কিন্তু নিজৰ কামনা চৰিতাৰ্থ কৰিবলৈ গৈ প্ৰত্যেকেই বঞ্চিত হৈ লাজে অপমানে বনলতাৰ চৰিত্ৰ সম্পৰ্কে কুৎসা ৰটনা কৰিবলৈ সকলোৱে অাৰম্ভ কৰিছে।এদিন হাৰ্টৰ অসুখত তাইৰ মৃত্যু হোৱাত সকলোৱে স্বস্তিৰ নিশ্বাস এৰিলে।তেনেতে গাঁৱৰে বাচ অফিচত কেৰাণী চাকৰি কৰা বলভদ্ৰই বনলতাই মৃত্যুৰ অাগতে লিখা কিবা চিঠি এখন লৈ চহৰলৈ যোৱা কথাষাৰে সকলোকে উচপ খোৱাই দিলে।বনলতাই চিঠিখন কালৈবা লিখিছে,কিয়েই বা লিখিছে?চিঠিখনে তেওঁলোকৰ কু অভিসন্ধিবোৰ উদঙাই দিয়াৰ অাশংকাত সকলো চিন্তিত হৈ পৰিছে।অৱশেষত যেনিবা বলভদ্ৰ চহৰৰ পৰা উভতি অহাৰ পাচতহে সকলোৰে শংকা অাঁতৰ হ'ল। চিঠিখন বনলতাই চহৰত থকা মোমায়েকলৈ লিখিছিল অাৰু অনুৰোধ কৰিছিল যাতে তাইৰ মৃত্যুৰ পাচত তাইৰ ভাগৰ গহনাখিনি বেচি মৌজাদাৰৰ পৰা তাই লোৱা ধাৰৰ টকা এশ পৰিশোধ কৰে।গল্পৰ কথন শৈলী সুন্দৰ,অৱশ্যে ভাৱৰ গভীৰত্ব দেখা নগ'ল।সেয়ে হ'লেও গল্পটিৰ জৰিয়তে সমাজৰ এচাম মানুহৰ মুখা খুলি পেলোৱা হৈছে।যোগেশ দাসৰ 'বৰদেউতা'গল্পৰ মায়া  চৰিত্ৰৰ এটি চকামকা অাভাস বনলতা চৰিত্ৰত পৰিলক্ষিত হয়।সমাজৰ যিসকল মুধাফুটা লোকে মায়াক অশ্লীল ইংগিত দিছিল সেই সকলৰ নাম কৈ দিওঁ নেকি বুলি মায়াই ৰমেশক বক্ৰোক্তিৰে সোধা প্ৰশ্নটোত ৰমেশ যেনেকৈ ভিজা মেকুৰীৰ দৰে হৈ পৰিছে,তেনেদৰে মৰাৰ পাছতো ধাৰে লোৱা টকা ঘূৰাই দি বনলতাই সমাজৰ মুধাফুটা মৌজাদাৰৰ মুখত প্ৰচণ্ড এটা চৰ সোধাই দিছে।নিৰ্লজ্জ মৌজাদাৰে সেইকেইটা টকাও হাঁহি হাঁহি পকেটত সুমুৱাই কৈছে-'দেখিছে,মৰাৰ পিছতো এৰা নাই।'তেওঁৰ কথাৰ লগে লগে অলপ অাগলৈকে শংকিত অাৰু ভীতিগ্ৰস্ত হৈ থকা বাকী কেইজনেও স্বস্তিৰ উল্লাসত গিৰ্জনি মাৰি হাঁহি দিছে।
       এই কথা সত্য যে নিৰোদ চৌধুৰীৰ গল্পত গ্ৰাম্য জীৱনৰ জীৱন-সংগ্ৰামৰ কাহিনী নাই।প্ৰায়বোৰ গল্পতে তেখেতে চহৰৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ জীৱনৰ চিত্ৰ অংকিত কৰিছে।কিন্তু নি:স্ব অাাৰু সৰ্বহাৰা লোকৰ জীৱনৰ প্ৰতি তেখেত সম্পূৰ্ণ উদাসীনো নহয়।বিশেষকৈ বাংলাদেশ বিভাজনৰ সময়ত শৰণাৰ্থী স্বৰূপে ভাৰতলৈ অহা ভগনীয়া সকলৰ দুখ-দুৰ্দশা,জীৱন-সংগ্ৰামৰ প্ৰতি তেখেতক যথেষ্ট সহানুভূতিশীল হোৱা দেখিবলৈ পোৱা যায়।বাংলাদেশৰ পটভূমিত ৰচিত 'বুঢ়ী গংগাত জুই'ৰ দৰে গ্ৰন্থত তেখেতৰ মানৱতাবাদী দৃষ্টিভংগী অাৰু নি:স্বজনৰ প্ৰতি সহৃদয়তাৰ সুন্দৰ প্ৰতিফলন ঘটিছে।
      নিৰোদ চৌধুৰীৰ 'এগৰাকী মাতৃৰ নামৰ সন্ধানত'  এটি মননশীল গল্প।সাংবাদিকসকলৰ  সৈতে ভগনীয়া শিবিৰ পৰ্যবেক্ষণ কৰিবলৈ যোৱা এটা দলৰ সৈতে গৈ লেখকে দেখিবলৈ পোৱা জীৱনৰ এটা বাস্তৱ সত্যই এই গল্পৰ কেন্দ্ৰীয় বিষয়।বাংলাদেশ বিভাজনৰ সময়ত জাকে জাকে অহা ভগনীয়া সকলৰ মাজৰ এজনী মানুহে নিজৰ স্বামী অাৰু সন্তানক হেৰুৱাৰ পাছত বাটত পোৱা সৰু কেচুৱা এটিক তুলি লৈ জীয়াই থকাৰ সম্বল বিচাৰি পাইছে।অান এজনী মহিলাই সেই কেচুৱাটিক 'মোৰ কেচুৱা'বুলি তাইৰ পৰা কাঢ়ি নিবলৈ চেষ্টা কৰা ঘটনাক লৈ ভগনীয়া শিবিৰত হৈ হাল্লাৰ অৱস্থা এটাৰ সৃষ্টি হৈছে।কেম্পৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ কথা-'ইহঁতৰ এইবোৰ কাজিয়া শুনিলে অাপোনালোকৰ মূৰ গৰম হৈ যাব!'লেখকে এই গল্পটিৰ জৰিয়তে জীৱনত সৰ্বস্ব হেৰুৱাই ভগনীয়া স্বৰূপে অসমলৈ অহা মানুহখিনিৰ জীৱনটোক সহৃদয়তাৰে উপলদ্ধি কৰিবলৈ চেষ্টা কৰাৰ লগতে এই লোকসকলৰ প্ৰতি থকা অামাৰ এচাম চৰকাৰী বিষয়া-অামোলা অাৰু সাংবাদিক শ্ৰেণীৰ লোকসকলৰ উদাসীনতা অাৰু বিৰূপ মনোভাৱকো ব্যংগ কৰি দেখুৱাইছে।নিজৰ দায়িত্বৰ প্ৰতি চৰকাৰৰ উদাসীনতাক ব্যংগ কৰি লিখা তেখেতৰ অান এটি সুন্দৰ চুটি গল্প হৈছে 'পোহৰ'।
       চুটিগল্পৰ অাংগিক নিৰ্মান,কথন শৈলী তথা লক্ষৰ একমুখিতা অাৰু ফলশ্ৰুতিৰ একময়তাৰে অতি সাৰ্থক এই  'পোহৰ'নামৰ গল্পটিত দেখুওৱা হৈছে-কোনো কালে বিজুলীৰ পোহৰ নপৰা গাঁৱলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অায়োজন কৰা সভালৈ মন্ত্ৰী অাহিব অাহিব বুলি বাট চাওঁতে ৰাতি হ'ল।দিনটোৰ অপেক্ষাৰ অন্তত ভাগৰি জুগৰি ৰাইজ ঘৰাঘৰি হ'বলৈ লওঁতে মন্ত্ৰীৰ গাড়ী অাহি ৰ'লহি।এন্ধাৰ-মুন্ধাৰ সভাগৃহ দেখি মন্ত্ৰীৰ লগত অহা মানুহবোৰে হৈ হাল্লা কৰিবলৈ ধৰিলে।তেনেতে অান্ধাৰত বাট বোলোতে ছোৱালী এজনী পথাৰৰ দ' গাঁতত পৰিল।কোনোবা এজনে জোঁৰ এডাল জ্বলাই দৌৰি গৈ গাঁতৰ ওচৰ পালেগৈ।মন্ত্ৰীৰ কথামতে গাড়ীৰ হেডলাইটটোও জ্বলাই দিয়া হ'ল।মানুহ দুজনমানে ৰচীৰে টনাটনী কৰি ছোৱালীজনীক গাঁতৰ পৰা তুলি অানিলে।সেয়া এক ভয়াবহ দৃশ্য।গাঁতৰ তলত সম্ভৱত: জোঙা কিহবাৰ খোঁচ খাই অাঠ-দহবছৰীয়া ছোৱালীজনীৰ চকুৰ তলৰ পৰা ৰঙা তেজ ধাৰাসাৰে ওলাইছিল।--অথচ কি অাচৰিত!বিজুলীবাৰীৰ সেইচাম মানুহে সেইফাললৈ মন নকৰি অবাক অবাক এযোৰ চকু কৰি চাইছিল মন্ত্ৰীৰ গাড়ীৰ দীঘলীয়া হৈ বহুদূৰলৈ যোৱা হেডলাইট দুটালৈ।মন্ত্ৰীৰ গাড়ী অাঁতৰি যোৱাত বিজুলীবাৰী গাওঁ অাকৌ অাগৰ দৰেই এন্ধাৰ হৈ পৰিল।চৰিত্ৰ চিত্ৰণতকৈ লেখকে এই গল্পটিত এটা বিশেষ পৰিৱেশৰ চিত্ৰণত অধিক গুৰুত্ব দিছে।চৰিত্ৰ সৃষ্টি বা কাহিনীৰ গভীৰতালৈ গুৰুত্ব নিদিয়া স্বত্তেও নিৰোদ চৌধুৰীৰ এই গল্প এটি সাৰ্থক চুটি গল্পলৈ উন্নীত হৈছে কেৱল পৰিৱেশ চিত্ৰণৰ বাবে।
        কথাশিল্পী যোগেশ দাস অাৰু নিৰোদ চৌধুৰীৰ গল্পৰ তুলনামূলক অধ্যয়ণ কৰিলে এই কথা বৰ সহজে চকুত পৰে যে যোগেশ দাসদেৱে তেখেতৰ দৃষ্টি সমাজ অাৰু ব্যক্তিজীৱনৰ গভীৰতালৈ নিক্ষেপ কৰিছে ,কিন্তু কথনশৈলীৰ সংযমহীনতাৰ বাবে তেখেতৰ গল্পৰ শিল্পগুণ বহু সময়ত বিনষ্ট হৈছে।অানহাতে বিষয়বস্তুৰ গভীৰতা নথকা স্বত্তেও অভিনৱ বাক্য বিন্যাস অাৰু কথন শৈলীৰ দক্ষতাৰ বাবে নিৰোদ চৌধুৰীদেৱৰ গল্পসমূহ সুখপাঠ্য হৈ উঠিছে।
       নিৰোদ চৌধুৰীৰ 'অংগে অংগে শোভা' গল্পৰ বিষয়বস্তুও বৰ গভীৰ নহয়।ব্ৰজমোহন চৌধুৰীৰ এজনী-দুজনীকৈ তিনিজনীকৈ ছোৱালী জন্ম হৈছিল।ল'ৰা সন্তানলৈ অাশা কৰোঁতে কৰোঁতে জন্ম হোৱা চতুৰ্থ সন্তানটিও কন্যা সন্তান হোৱাত ব্ৰজমোহনে বিশেষ দুখ নকৰিলে যদিও তেওঁৰ পত্নী দেৱবালা একেবাৰে হতাশ হৈ পৰিল ।সময় বাগৰি যোৱাৰ লগে লগে দেৱবালাই চতুৰ্থ সন্তান চন্দনাক সম্পূৰ্ণ অন্য ৰূপত সজাই তুলিলে।খোজ কাঢ়িব পৰা হোৱাৰে পৰা তেওঁ চন্দনাৰ চুলি চুটি চুটিকৈ কাটি,পেণ্ট-চাৰ্ট পিন্ধোৱাই একেবাৰে ল'ৰাৰ দৰে কৰি পেলালে।চন্দনাক ল'ৰাৰ সাজ পিন্ধাই ল'ৰাৰ দৰে কৰিব বিচৰা এই কথাষাৰক লৈ ঘৰখনত অাপত্তি উঠিলে দেৱবালাই হুলস্থুলৰ সৃষ্টি কৰি দিছিল।সকলোৰে ওজৰ অাপত্তিক একাষৰীয়াকৈ থৈ সাজ-পোচাক,চাল-চলন,ব্যৱহাৰ-পাতি সকলো ক্ষেত্ৰতে দেৱবালাই চন্দনাক ল'ৰাৰ দৰে গঢ়ি তোলাৰ পৰিণাম এদিন ঘৰখনে ভূগিব লগা হ'ল।চহৰৰ মানুহে এই কথা নজনাকৈ থকা নাছিল।বয়সৰ লগে লগে তাইৰ দেহত পৰিস্ফুত হৈ উঠা যৌৱন ঢাকিবৰ উপায় নাছিল।পৰিৱৰ্তনবোৰ দেৱবালায়ো লক্ষ কৰিলে।তেওঁ সতৰ্ক হৈ উঠিল।তেওঁ চন্দনাক অাগৰ দৰে বৰকৈ বাহিৰলৈ ওলাব নিদিয়া হ'ল-'কামিজ-পেণ্ট অাৰু তই পিন্ধিব নেলাগে'-তেওঁৰ এই কথাত চন্দনাই তৰ্ক অাৰম্ভ কৰিলে-'মই ছোৱালী নেকি যে মেখেলা চাদৰ পিন্ধিম?'চন্দন দিনক দিনে অবাধ্য হৈ উঠিল।ব্ৰজমোহন শৰ্মাই জানিছিল-এই সকলোৰে বাবে দায়ী দেৱবালা।এদিন চন্দনা বাহিৰলৈ ওলাই গৈ উভতি নাহিল।মুখ বাগৰি চৌদিশে খবৰ বিয়পি পৰিল। অনুশোচনাত দগ্ধ হৈ কান্দি কান্দি অৱশ হৈ পৰিল দেৱবালা।বাহিৰৰ কোঠালিৰ লাইটটো জ্বলাই অাগফালৰ দুৱাৰখন বন্ধ নকৰাকৈ ব্ৰজমোহন শৰ্মা বহি থাকিল কিজানি চন্দনা অাহে।চন্দনা অাহিছিল।তাইৰ কামিজটো বেয়াকৈ ফলা,গোটেই গাত বোকা।সকলো হতভম্ব।কেনেকৈ কি হ'ল? 'অাৰু মই তোমাক নোসোধাকৈ কেতিয়াও বাহিৰত নেথাকো,ক'লৈকো নেযাওঁ…'কৈয়ে চন্দনাই দেউতাকৰ বুকুত মুখ গুজি উচুপি উঠিল।গল্পৰ কথনশৈলীয়ে পাঠকৰ দুচকু সিক্ত কৰি নোতোলাকৈ থাকিব নোৱাৰে।
     কিছুমান গল্পত অৱশ্যে বিষয়বস্তুৰ গভীৰতা নাথাকিলেও পাঠকক অামোদ দিব পৰা  ৰস অাছে।নিৰোদ চৌধুৰীৰ 'নিৰ্মেঘ' তেনে এটি গল্প।গল্পটিত ভাবৰ গভীৰত্ব বিশেষ নাই।কিন্তু পত্নীক অহেতুকে সন্দেহ কৰা অমৰৰ এই কাহিনীটোৱে পাঠকৰ মনত ৰেখাপাত নকৰাকৈ নাথাকে।পত্নী বনলতাক এদিন পাচফালৰ পৰা মৰমেৰে সাৱটি ধৰিব লওঁতে'চাওঁ এৰি দিয়া,চিগাৰেট খাই মোৰ ওচৰলৈ নাহিবা…মই বেয়া পাওঁ…মোৰ সেই গোন্ধ সহ্য নহয়।পংকজদাই সেইবাবে নেখাইছিল'বুলি কোৱা কথাষাৰে অমৰৰ মনত বনলতাৰ মৰম অাৰু সততাৰ প্ৰতি সন্দেহৰ সৃষ্টি কৰিছে। পংকজৰ নাম ল'লেই তাই হঠাৎ চঞ্চল অাৰু উদগ্ৰীৱ হৈ উঠাটোও তেওঁ বহুবাৰ মন কৰিছে।পত্নীৰ প্ৰতি থকা সন্দেহপ্ৰৱণ মনটোৰ বাবেই এদিন অমৰে মিছাকৈয়ে পংকজ অাহিব বুলি কোৱাত তাই অমৰৰ বাবে ব্যাপক অায়োজন কৰিছে।কিন্তু বহু পৰ অপেক্ষা কৰাৰ পাছতো যেতিয়া পংকজ নাহিল তেতিয়া তাইৰ চকু মুখত ফুটি উঠা লাজ-অপমান,গ্লানিৰ ৰেখ দেখি অমৰে মনে মনে বৰ অাত্মতৃপ্তি লাভ কৰিলে।অাত্মতৃপ্তিৰে বাৰাণ্ডাত চকীখন উলিয়াই বহি থাকোতে বনলতাই চাহ অানি কাষতে থৈ অমৰৰ পাছফালে থিয় হ'ল অাৰু তেওঁৰ চুলিত অাঙুলি সুমুৱাইদি ক'লে-তুমি খোৱা ।চাহকাপত এঢোক মাৰি তেওঁ কি ক'ব নক'ব ভাবি থাকোঁতে বনলতাই ক'লে- 'মই জানো পংকজদা কিয় নাহিল……অাচলতে পংকজদাই তোমাক হিংসা কৰে …তুমি নাজানা,মোৰ স'তে তোমাৰ বিয়া হোৱাটো পংকজদাই অাচলতে সহ্য কৰিব পৰা নাই।---অাৰু মই ভাৱিছিলো-অাজি পংকজদাক ভালদৰেই অবাক কৰি দিম তোমাক দেখুৱাই!…'কথাখিনি শুনাৰ পাছত অনাহকত বনলতাক সন্দেহ কৰাৰ বাবে অমৰৰ মনটো বেয়া লাগি গ'ল।তাৰ পাছত ড্ৰেচিং অাইনাৰ সন্মুখত থিয় হৈ বন্ধা খোপাটো খুলিবলৈ লোৱা বনলতাক তেওঁ সাৱটি ধৰি ক'লে-'তোমাক নতুনকৈ অাাজি অাকৌ মৰম কৰিবলৈ মন গৈছে।'
         ইয়াৰ বিপৰীতে নিৰোদ চৌধুৰীৰ 'কোমল গান্ধাৰ' নামৰ গল্পটিতো বিষয়বস্তুৰ অগভীৰতা স্বত্বেও গল্পটিৰ জৰিয়তে তেখেতে পুৰুষ-মনৰ গোপন প্ৰকোষ্ঠত লুকাই থকা দেহজ প্ৰেমৰ সহজাত প্ৰবৃত্তি এটাৰ সুতীব্ৰ প্ৰৱণতাক  প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।মুহিবুদ্দিন ঠিকাদাৰৰ অধীনত চহৰলৈ মহৰীৰ কাম কৰিবলৈ অহা যদুনাথ কাকতিয়ে অালিবাটত দিন-হাজিৰা কৰা চুমকী নামৰ ক'লী অথচ গায়ে-গাৰীৰে ধুনীয়া ছোৱালী জনীক দৈহিক ভাবে পাবলৈ ইচ্ছা কৰিছে।চুমকীৰ কথা ভাৱি থাকোঁতে তেওঁৰ মনত পৰিছে গাঁৱৰ মালতী ৰ কথা।বহুদিন অাগতে এদিন অকলশৰীয়া অৱস্থাত তেওঁ মালতীক নিৰ্জন স্কুল ঘৰলৈ টানি নি বলপূৰ্বক ভাৱে সাৱতি ধৰিলে-"মালতীৰ চুলিৰ মাজত মোৰ ওঁঠ,মোৰ মুখ বুৰ গ'ল।অাৰু এটা মুহূৰ্তত মই তাইক সজোৰে সাৱটি যেতিয়া দেহৰ অাৰু ওচৰলৈ অাকৰ্ষণ কৰিলোঁ,মালতী উচাট মাৰি মোক অাঁতৰাই দি ছি: নেপায় যদুকাই বুলি মই কিবা কোৱাৰ অাগতে ওলাই ল'ৰ মাৰিলে।…মই নীৰৱে তাতে থিয় হৈ ৰ'লো।লাজ -অপমানত মোৰ নিজকেই বৰ সৰু যেন লাগিল।…মোৰ সমগ্ৰ চেতনা অাৰু সত্তাৰ এই শোচনীয় পৰিণতি মই বিচৰা নাছিলোঁ।এক অকথ্য অাক্ৰোশত মই ভিতৰি ভিতৰি ডেই -পুৰি মৰিলোঁ।'…এদিন মালতীৰ অন্য এজনৰ লগত বিয়া হৈ গ'ল।তাৰ পাচত অাৰু মালতীক দেখা নাই।এতিয়া চহৰলৈ অালিবাটৰ মহৰীৰ কাম কৰিবলৈ অাহি 'চুমকীৰ হাঁহি, চুমকীৰ উৰণীয়া চাৱনি,চুমকীৰ কথাই  যদুনাথ কাকতিৰ মনৰ মাজত এক নতুন হেঁপাহৰ অংকুৰ অালফুলে জীপাই তুলিলে।'সেয়া প্ৰেম নাছিল।অাছিল দৈহিক ক্ষুধা।তাৰোপৰি অাছিল -বহুদিনৰ অাগতে স্কুলঘৰ এটাৰ ভিতৰত এজনী ছোৱালীয়ে তেওঁৰ চেতনাক যেনেদৰে ৰূদ্ধ কৰি পংগু কৰি দিছিল,নিথৰ কৰি দিছিল,সেইদিনাৰ সেই ব্যৰ্থ প্ৰচেষ্টাক পাহৰি নতুনকৈ জী উঠাৰ প্ৰৱণতা।এদিন সেই সুযোগো তেওঁ পালে।সন্ধিয়া তেতিয়াও হোৱা নাই।কাম চলি অাছে।হঠাৎ ধাৰাসাৰে বৰষুণ দিবলৈ অাৰম্ভ কৰিলে।…ৰিক্সা এখন লৈ তেওঁ ঘৰলৈ বুলি গৈ থাকোতে দেখিলে চুমকী খোজ কাঢ়ি গৈ অাছে।তেওঁ ৰিক্সা ৰখাই তাইকো তুলি ল'লে।ইয়াৰ পাছৰ অনুভৱ--'বৰষুণৰ পিছত পাতল চেঁচা ফিৰফিৰীয়া বতাহ এজাক মাৰিছিল।মই ওপৰফালে তিতা নাছিলো,তলডোখৰহে পানীৰে তিতি গৈছিল।…মই সামান্যভাৱে তাইক গাৰ ওচৰলৈ অাকৰ্ষণ কৰিলোঁ…'কিন্তু এটা নিষিদ্ধ ঘৰৰ দুৱাৰ খুলি চুমকীৰ সৈতে তেওঁ যি কাম কৰিবলৈ অাগবাঢ়ি গৈছিল তালৈ গৈ যি সত্যৰ তেওঁ মুখামুখি হ'ল সেয়া অাছিল কল্পনাৰো অগোচৰ।চুমকীয়ে বাস কৰা অপৰিস্কাৰ গলিৰ এটা ঘৰত বিচনাত নিথৰ হৈ পৰি অাছিল তাইৰ বিকলাংগ স্বামী। এই সত্যৰ মুখামুখী হৈ তেওঁ কোব খোৱা সাপৰ দৰে চেতনাৰে বাকৰূদ্ধ হৈ পৰিল………"মাত্ৰ কিছু সময়ৰ অাগলৈকে যিটো দেহৰ সান্নিধ্য ,যিটো দেহৰ চৰম বিলুপ্তিৰ মাজেদি মই শান্তি পাব বিচাৰিছিল,এই মুহূৰ্তত সেই দেহৰ সামান্য স্পৰ্শও মোৰ বাবে বিষাক্ত বিষৰ জ্বালা যেন অনুভৱ হ'ল।…বহু বছৰৰ অাগতে এজনী ছোৱালীয়ে এটা স্কুল ঘৰৰ ভিতৰত মোৰ চেতনাৰ প্ৰথম দাবীক অস্বীকাৰ কৰিছিল,সেয়া মোৰ বাবে অাছিল প্ৰথম পৰাজয়।অাৰু অাজি এয়া মোৰ বাবে দ্বিতীয় পৰাজয়।…''।
     দেহজ প্ৰেমক বিষয়বস্তু হিচাপে লৈ তেখেতে লিখা গল্প সমূহত ভাষাই কেতিয়াও স্বকীয় মৰ্যাদা হেৰুওৱা অামাৰ চকুত পৰা নাই।অভিনৱ কৌশলেৰে ভাষাৰ সাহিত্যিক মৰ্যাদাক অক্ষুণ্ণ ৰাখিও বাসনাৰ উত্তাপেৰে পাঠকক স্পৰ্শ কৰিব পৰা অসাধাৰণ দক্ষতা অাছিল তেখেতৰ। 'গুলমোহৰ 'নামৰ গল্পটিতো তেখেতে এনেদৰে অত্যন্ত সজীৱতাৰে বিৰজা অাৰু সুৰভিৰ দাম্পত্য জীৱনৰ দ্বন্দ্ব অাৰু পৰপুৰুষৰ প্ৰতি সুৰভিৰ মনত ক্ৰমে গঢ় লৈ উঠা অাকৰ্ষণৰ মাজেৰে জটিল নাৰী মনস্তত্বৰ এটি অাভাস দিবলৈ চেষ্টা কৰিছে।অৱশ্যে এই গল্পটি পঢ়াৰ সৌভাগ্য অামাৰ এই পৰ্যন্ত হোৱা নাই।(সমাপ্ত)


     
    
     

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...