Friday, September 6, 2019

যুগ-সাপেক্ষ সাহিত্য

যুগ- সাপেক্ষ সাহিত্য
                                       বীৰ্কে বি.থাপা

       সাহিত্যত যুগৰ প্ৰতিফলন ঘটে।আমাৰ ধ্ৰুপদী সাহিত্য, বিশেষকৈ বৈদিক যুগত ৰচিত ৰামায়ণ, মহাভাৰত অথবা কালিদাসৰ ৰচনাসমূহ অধ্যয়ণ কৰিলেও দেখা যায় যে এই বোৰত একো একোটা যুগৰ আৰ্থ-সামাজিক,বৌদ্ধিক-ৰাজনৈতিক আদি বিভিন্ন দিশৰ যথাযথ প্ৰতিফলন ঘটিছে। ৰামায়ণ, মহাভাৰত অাদি গ্ৰন্থসমূহে ভাৰতীয় মানসত যুগজয়ী প্ৰভাৱ পেলাই অহাৰ মূলতে কেৱল কাহিনীয়েই নহয়, কাহিনীৰ লগে লগে এই মহাকাব্যসমূহত বৰ্ণিত একো একোটা যুগৰ সমাজ-জীৱনৰ বাস্তৱ দৃশ্যৰাজিয়ে অামাক যথেষ্ট তথ্যৰ সন্ধান দিয়ে।সংস্কৃত কবি কালিদাসৰ ৰচনাসমূহেও অামাৰ মহাকাব্যসমূহক বুজাত যথেষ্ট সহায় কৰে।ভাৰতবৰ্ষৰ সমস্ত ভৌগোলিক জ্ঞান যে কবি কালিদাসৰ অাছিল সেয়া পৰিলক্ষিত হয় তেওঁৰ  কাব্য-নাটসমূহত।উদাহৰণস্বৰূপে 'মেঘদূতম' কাব্যৰ কথাকে অামি ক'ব পাৰোঁ। অটব্য অৰণ্যত অকলশৰে বাস কৰি থকা দক্ষই অাকাশৰ মেঘক প্ৰিয়তমা পত্নীৰ ওচৰলৈ তেওঁৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰি সুদীৰ্ঘ পথৰ যি বৰ্ণনা দিছে তাৰ পৰাই অামি প্ৰাচীন ভাৰতৰ ভৌগোলিক দৃশ্যপট এখন সুন্দৰকৈ কল্পনা কৰি ল'ব পাৰোঁ।
        সেইদৰে উইলিয়াম ছেইক্সপীয়েৰৰ নাটকসমূহ পঢ়িলে চাৰিশ বছৰ অাগৰ ইংলেণ্ডৰ ছবি একোখন স্পষ্টভাৱে অামাাৰ চকুৰ অাগত ভাঁহি অাহে অথবা টলষ্টয়ৰ উপন্যাসত জাৰৰ শাসনাধীন ৰাচিয়াৰ জন জীৱনৰ সুখ-দুখ ,হাঁহি-কান্দোন, বেঞ্জামিন মলইজৰ কবিতাত  বৰ্ণ-বৈষম্যবাদৰ বলিহৈ  পদে পদে শোষিত অাৰু লাঞ্চিত হোৱা কৃষ্ণাংগসকলৰ  জীৱন সংগ্ৰাম অাৰু মুঞ্চি প্ৰেমচান্দৰ  গল্পত অামাৰ দেশৰ নিম্নবৰ্ণৰ লোকসকলৰ ওপৰত উচ্চ জাতৰ ঠাকুৰ-জমিদাৰসকলে যুগে যুগে চলাই অহা অত্যাচাৰ দৃশ্য অামি দেখা পাওঁ।অসমীয়া সাহিত্যলৈ দৃষ্টি নিক্ষেপ কৰিলে দেখা   যায়, গুৰু দুজনাই ৰচি থৈ যোৱা গীত-পদ-নাট অাদিৰ পৰা অাৰম্ভ কৰি সত্ৰীয়া পুথি-পাঁজি,গুৰুচৰিত তথা অাহোমৰ দিনৰ বুৰঞ্জী সকলোতে যুগৰ ছবি প্ৰতিফলিত হৈ উঠিছে।অাধুনিক অসমীয়া সাহিত্যৰ বাটকটীয়া বেজবৰুৱাৰ গল্পবোৰো ইয়াৰ ব্যতিক্ৰম নহয়।হেমচন্দ্ৰ বৰুৱাৰ নাটক 'বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰি'ত প্ৰতিফলিত হৈছে বৃটিছৰ শাসন কালত মধ্যবিত্তীয় লোকসকলৰ জীৱনত দেখা দিয়া কৃত্ৰিমতাৰ দৃশ্য।জ্যোতিপ্ৰসাদৰ নাটক 'লভিতা'ত দেখুওৱা হৈছে বিশ্বযুদ্ধই গৰকা অসমীয়া সমাজ-জীৱনৰ দৃশ্য।অাব্দুল মালিক,মহিম বৰা,হোমেন বৰগোহাঞিৰ পৰা অাৰম্ভ কৰি য়েচে দৰজে ঠংচি,ৰংবং টেৰাং,অৰূপা পটংগ কলিতাৰ দৰে অাৰু বহুতো লেখক লেখিকাৰ লেখাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমসাময়িক জীৱন প্ৰণালী অাৰু জীৱন সংগ্ৰামৰ কাহিনী বৰ্ণিত হোৱা পৰিলক্ষিত হয়।
       কোনোবা এগৰাকী কবিয়ে কৈছিল যে The poet is not the loud speaker of society-অৰ্থাৎ কবিসকল সমাজৰ প্ৰতি দায়বদ্ধ নহয়। এনেদৰে ভৱা সকলৰ মতে,সমাজৰ সমস্যাসমূহ কবি-সাহিত্যিকসকলে লিখিবই লাগিব বুলি কোনো কথা নাই।কথাষাৰ কিন্তু মুঠেই গ্ৰহণযোগ্য নহয়।সমাজৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰকৃত লেখকে কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। সাহিত্যই জীৱন অাৰু সমাজক প্ৰতিফলিত কৰিবই লাগিব।অন্যথা সাহিত্যৰ ভূমিকা বুলিবলৈ থাকিবই বা কি?কেৱল ব্যক্তিগত প্ৰেমৰ হা-হুতাসাৰে লিখা কবিতা বা অন্য লেখাবোৰে সমাজলৈ যদি একো বাৰ্তা( message)প্ৰেৰণ নকৰে তেন্তে তেনে লেখাক পাঠকে অাকোঁৱালী লোৱাৰ কি প্ৰয়োজন?
       কাহিনীৰ প্ৰয়োজন কেৱল ৰস অাস্বাদনৰ বাবেহে,কিন্তু কাহিনীৰ সমান্তৰালভাৱে বৰ্ণিত সমাজ-জীৱনৰ চিত্ৰবোৰ ক'বলৈ গ'লে ভৱিষ্যতৰ বাবে একো একোটা তথ্যস্বৰূপ ।স্বাধীনতা অান্দোলনৰ পটভূমিত ৰচিত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস'মৃত্যুঞ্জয়' ইয়াৰ উৎকৃষ্ট উদাহৰণ।কাহিনীৰ বাবে উপন্যাসখন নহয়।উপন্যাসখনৰ ঐতিহাসিক তাৎপৰ্যটোহে মূল কথা।
       এজন লেখকৰ সৃষ্টিয়ে সাৰ্থকতা লাভ কৰে তেতিয়াহে যেতিয়া তেওঁ জীৱন অাৰু সমাজৰ সমস্যাবোৰক সাৰ্থক ৰূপত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰে।এই প্ৰতিফলনৰ লগতে একোটা message বা বাৰ্তাও থাকিব লাগিব।প্ৰগতিশীল মানসিকতা অবিহনে লেখকে কেতিয়াও ইতিবাচক বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিব নোৱাৰে।মনৰ ভিতৰৰ অন্ধ সংস্কাৰৰ সতে যুঁজিব নোৱাৰা লেখকৰ  লেখাক অামি প্ৰগতিশীল বুলি ক'ব নোৱাৰোঁ । তেনে লেখকৰ ৰচনাই এচাম পাঠকক ৰসাপ্লুত কৰিব পাৰিলেও সমাজৰ সংখ্যাগৰিষ্ঠ লোকৰ প্ৰগতি সাধিব নোৱাৰে।এনে লেখকৰ লেখাই সমাজৰ কুসংস্কাৰ,অন্ধবিশ্বাস অাদিক কেতিয়াও অাঁতৰাব নোৱাৰে।
       সাম্প্ৰতিক কালৰ সাহিত্যই পাঠকৰ প্ৰগতিশীল মানসিকতা গঢ়াত সহায় কৰিব পাৰিছেনে?হয়তো পাৰিছে।কিন্তু তুলনামূলকভাৱে যথেষ্ট কম বুলি ক'ব পাৰি।ইয়াৰ প্ৰধান কাৰণ হ'ল-কুসংস্কাৰ বা অন্ধবিশ্বাসৰ বিৰূদ্ধে মৰসাহ কৰি লিখিবলৈ অাগবাঢ়ি অহা লেখকৰ অভাৱ।খুব কম সংখ্যক লেখকৰ বাহিৰে বেছিভাগ লেখকৰে তেনে সৎসাহস অাজি নাই।সমাজৰ সংখ্যাগৰিষ্ঠ মানুহেই যেতিয়া কুসংস্কাৰত অাচ্ছন্ন ,তেতিয়া তাৰ বিপৰীত মেৰুত থিয় হৈ কোনে বাৰু সমাজ-ৰোষত পৰিব?নিজৰ চৌপাষে নিৰাপদ পৰিৱেষ্টনি এটা তৈয়াৰ কৰি কাৰো নজৰত নপৰাকৈ থাকিবলৈ লোৱাটো সাম্প্ৰতিক কালৰ বেছিভাগ লেখকৰে অাজি দস্তুৰ হৈ পৰিছে যিটো অত্যন্তই দুখৰ কথা। সমসাময়িক বিভিন্ন ঘটনাৱলীৰ পৰা এই কথাও অাজি স্পষ্ট হৈ উঠিছে যে যিকোনো শোষণ, অত্যাচাৰ, অন্যায়, দুৰ্নীতি অথবা শাসকদলৰ স্বাৰ্থ বিঘ্নিত হোৱা কথাৰ বিৰূদ্ধে কলম তুলি লোৱা সকলৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি পেলোৱা হৈছে।ভাৰতবৰ্ষক এখন ধৰ্ম নিৰপেক্ষ দেশ বুলি সংবিধানত কোৱাৰ পাছতো সময় অাজি এনে হৈছে যে ধৰ্ম নিৰপেক্ষতাৰ সপক্ষে কথা কোৱাটোও অপৰাধ বুলি গণ্য কৰা হৈছে।ধৰ্মীয় বা জাতিগত কুসংস্কাৰ বা দোষ-ত্ৰুটিৰ বিৰূদ্ধে লিখিলেই লেখকলৈ মৃত্যুৰ ভাবুকি অহাটো দেখা গৈছে।এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লেখকৰ স্বাধীনতাই বা থাকিব ক'ত?লেখক শ্ৰেণীক বুদ্ধিজীৱি বুলি অাখ্যা দি এনে ধাৰণা প্ৰচাৰ কৰা হৈছে যেন বুদ্ধিজীৱি মানেই সমাজৰ শত্ৰু।গতিকে স্বাভাৱিকতে লেখকৰ কলম স্তব্ধ হৈ পৰিছে।লেখকৰ মনৰ ভিতৰৰ প্ৰকৃত বিপ্লৱী সত্ত্বা যেন ক্ৰমশ: ৰূপান্তৰিত হৈছে অাজি একোটা ভিজা মেকুৰীলৈ।
      লেখকৰ সৃষ্টিশীলতা হয়তো কমি যোৱা নাই।কিন্তু স্বাধীন অাৰু নিৰ্ভীকভাৱে লিখাৰ মানসিকতা অাজি লেখকৰ শেষ হৈ গৈছে।সৃষ্টিশীলতাক জীয়াই ৰখাৰ তাগিদাত লেখকসকলে সাম্প্ৰতিক কালৰ জলন্ত সমস্যাসমূহৰ পৰা অাঁতৰি অন্য কিছুমান  বিষয়ত কলম তুলি লোৱা দেখা গৈছে-যিবোৰ বিষয়ত বিতৰ্কৰ সূচনা হোৱাৰ সম্ভাৱনা নাথাকে।এই কথাও অৱশ্যে অস্বীকাৰ কৰিব নোৱাৰি যে বিগত কিছু বছৰত অসমীয়া সাহিত্য জগতত বহু সৃষ্টিশীল লেখা কাকত-অালোচনীসমুহত প্ৰকাশ পাইছে।গ্ৰন্থাকাৰেও কেইবাখনো উপন্যাস ছপা হৈ ওলাইছে।নি:সন্দেহে এই সৃষ্টিশীল ৰচনাসমূহে একোটা যুগৰ চিত্ৰক সাৰ্থক ৰূপত অংকণ কৰিবলৈ সক্ষম হৈছে।উদাহৰণ স্বৰূপে অামি বহুপ্ৰচাৰিত ৰীতা চৌধুৰীৰ উপন্যাস 'মাকাম'ৰ কথাকে ক'ব পাৰোঁ।উপন্যাসখনত অসমত বহুযুগ ধৰি বসবাস কৰি থকা চীনাসকলৰ সুখ-দুখ,হাঁহি-কান্দোনৰ কাহিনী সুন্দৰ ৰূপত প্ৰকাশ কৰা হৈছে।এনে প্ৰয়াস সঁচাকৈয়ে অভূতপূৰ্ব।সাহিত্যৰ সাৰ্বজনীন অাৱেদনেৰে উপন্যাসখন প্ৰায় সকলোবোৰ দিশতে পৰিপুষ্ট।তৎস্বত্তেও বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত অামাক এনে সাহিত্যৰ প্ৰয়োজন যি সাহিত্যই অামাক সমস্যাসমূহৰ সমাধানৰ বাট দেখুৱাব পাৰে,সমস্যাৰে ভাৰাক্ৰান্ত মানুহক মুক্তিৰ সন্ধান দিব পাৰে।
      বিশ্ব বেংকৰ তথ্য  মতে,২০১২ চনত ভাৰতবৰ্ষত ২৭ কোটি দৰিদ্ৰ লোকে বাস কৰিছিল অাৰু ইয়াৰ সংখ্যা গৰিষ্ঠই অাছিল অনুসূচীত জাতি অাৰু জনজাতিৰ লোক।এইসকল লোকৰ অৰ্থনৈতিক অৱস্থা অাজিও বিশেষ উন্নত হৈছে বুলি ক'ব নোৱাৰি।অৰ্থনৈতিক দুৰৱস্থাৰ লগতে তেওঁলোক সামাজিকভাৱেও  বৈষম্যৰ বলি হ'বলগীয়া হৈছে।শিক্ষাৰ অভাৱত অন্ধবিশ্বাস,কুসংস্কাৰ অাদিৰ পৰা তেওঁলোক অাজিও সম্পূৰ্ণৰূপে মুক্ত হ'ব পৰা নাই।অসমৰ তুলনাত বিহাৰ,উত্তৰ প্ৰদেশ অাদিৰ দৰে ৰাজ্যবোৰত নিম্নবৰ্ণৰ এই লোকসকলৰ ওপৰত উচ্চ বৰ্ণ হিন্দুৰ অত্যাচাৰ বহুগুণে অধিক তথা তেওঁলোকৰ অাৰ্থ-সামাজিক অৱস্থা অামাৰ ইয়াতকৈয়ো অাৰু বেছি বেয়া।তেওঁলোকৰ অৱস্থাৰ উন্নতিৰ বাবে সংবিধানে বহু সুযোগ-সুবিধা প্ৰদান কৰিছে যদিও ৰাজনীতিৰ মেৰপাচত তেওঁলোকে অাজিও মূৰ দাঙি থিয় হ'ব পৰা নাই।তেওঁলোকৰ ওপৰত চলোৱা অত্যাচাৰৰ সন্দৰ্ভত পুলিচ-প্ৰশাসন সকলো নিমাত।অাজিৰ যুগত দলিত শ্ৰেণীৰ লোকসকলৰ ওপৰত মানৱতাক লংঘন কৰা অত্যাচাৰৰ দৰে চৰম লজ্জাজনক কাৰ্য অাৰু কি হ'ব পাৰে?এই অত্যাচাৰৰ ঘটনাবোৰ বিহাৰ-উত্তৰ প্ৰদেশত ঘটিছে বুলি মানুহ হিচাপে অামাৰো সমস্যা নহয়নে?
      এজন লেখকৰ এইখিনি স্বাধীনতা সম্পূৰ্ণই থাকে যে তেওঁ কি লিখিব।তেওঁ নিজৰ সৃষ্টশীলতাৰে প্ৰেমৰ কবিতা লিখিব পাৰে,মানুহৰ জীৱনত ফ্ৰয়েদ বা লৰেন্সৰ প্ৰভাৱ বিশ্লেষণ কৰিব পাৰে,অাধুনিক নাৰীবাদৰ ওপৰত গল্প-উপন্যাস লিখিব পাৰে,ইউৰোপ-অামেৰিকা ভ্ৰমণৰ কাহিনী অথবা বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বিষয়ে লিখিব পাৰে।সেইদৰে জাতিবাদ বা ধৰ্মীয় ৰাজনীতিৰ নিৰ্লজ স্বৰূপৰ বিষয়েও লিখাৰ স্বাধীনতা লেখকৰ অাছে।কিন্তু অত্যন্ত দুখৰ কথা যে হিন্দী সাহিত্যত মুঞ্চি প্ৰেমচান্দে যি সাহসেৰে জাতিবাদৰ বিৰূদ্ধে লিখিছিল,তচলিমা নাচৰিনে যি সাহসেৰে ধৰ্মৰ বিৰূদ্ধে লিখিছিল -তেনে সাহসেৰে সাম্প্ৰতিক কালৰ জলন্ত সমস্যাবোৰৰ বিৰূদ্ধে লিখিবলৈ হাতত কলম তুলি লোৱা লেখক অসমত অাছেনে?লেখকৰ প্ৰধান সামাজিক দায়িত্বটোৱেই হৈছে অন্যায়ৰ বিৰূদ্ধে প্ৰকাশ্যে মাত মতা।কিন্তু মনৰ ভিতৰত গুজৰি-গোমৰি থকা ভাৱখিনিক প্ৰকাশ কৰাৰ সাহস কেইজন লেখকৰ অাছে?নিজৰ নিৰাপত্তাৰ স্বাৰ্থত লেখকেও অাজি পৰিৱেশ-পৰিস্থিতিৰ সৈতে কম্প্ৰ'মাইজ কৰিবলগীয়া হৈছে নেকি?দুখৰ কথা যে,কম্প্ৰ'মাইজত কেতিয়াও যুগসাপেক্ষ সাহিত্যৰ সৃষ্টি হ'ব নোৱাৰে।@@

('অসম আদিত্য' কাকতত প্ৰকাশিত)
    
    
     

        

        

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...