Friday, September 6, 2019

তিলক নেওগ


      অলেখ গুণমুগ্ধৰ প্ৰিয় ব্যক্তি-
                       প্ৰয়াত তিলক নেওগ ছাৰ
                                           বীৰ্কে বি.থাপা
   
    সিদিনা চাৰি জুনৰ ৰাতিপুৱা।অভ্যাসবশতঃ  চকু মেলিয়েই  ফেচবুক খুলি স্তব্ধ হৈ পৰিলোঁ। ডুমডুমা কলেজৰ মাধুৰ্য মহন্ত ছাৰৰ এটা প'ষ্টটো -তিলক নেওগ ছাৰ আৰু নাই!গুৱাহাটীৰ বি.বৰুৱা কেঞ্চাৰ হস্পিটেলত ছাৰে শেষ নিশ্বাস ত্যাগ কৰিলে।খবৰটো পোৱাৰ লগে লগে শোকে খুন্দা মাৰি ধৰিলে,হুকহুকাই যেন কান্দি দিম।
    ছাৰক আৰু কেতিয়াও লগ নাপাম..আমাৰ মাজৰ সেই তাহানিৰ পৰা আজি প্ৰায় দুটা দশক ধৰি অব্যাহত থকা আন্তৰিক সম্পৰ্কবোৰ এতিয়াৰ পৰা কেৱল স্মৃতি হৈ থাকিব।আৰু ছাৰৰ স্মৃতিয়ে আমাক চিৰকাল কন্দোৱাই থাকিব.. অকল্পনীয়, অসহনীয় এই দুখ।মাত্ৰ কিছুদিন পূৰ্বে ছাৰৰ খবৰ লওঁতে মেচেজ যোগে কৈছিল-'গা ভাল নহয় ,সংগ্ৰাম কৰি আছোঁ..বেছি দিন জীয়াই নাথাকোঁ আৰু..' এই মুহূৰ্তত সেই কেইটা কথাই মনত পৰি আছে।ছাৰলৈ মেচেজ কৰিছিলোঁ-'ছাৰ,মন বেয়া নকৰিব।হাঁহি-ফুৰ্টিৰে জীৱনটোক সহজভাৱে ল'বলৈ চেষ্টা কৰক।আপুনি ভাল হৈ উঠিব..'।
     প্ৰয়াত তিলক নেওগ ছাৰে ১৯৮৫ চনত ডুমডুমা মহাবিদ্যালয়ত বুৰঞ্জী বিভাগৰ প্রবক্তা হিচাপে যোগদান কৰিছিল।1960 চনত জন্ম গ্ৰহণ কৰা হিচাপত আমি ডুমডুমা কলেজত পঢ়ি থকা কালত ছাৰ 28/29 বছৰীয়া সুন্দৰ -সুঠাম স্বাস্থ্যৰ যুৱক।প্ৰায় সমবয়সীয়া যুৱ-অধ্যাপক ক্ষেম গগৈ,ভৱভূতি বৰুৱা,বিদ্যুৎ বুঢ়াগোহাঁই আৰু যোচেফ খ্ৰীষ্ট'ডচ ছাৰক সদায় একেলগে দেখা গৈছিল আটাই কেইগৰাকীয়েই ভাল বন্ধু আছিল।বিদ্যুৎ বুঢ়াগোঁহাই ছাৰে আমাক স্নাতক মহলাত অৰ্থনীতি আৰু যোচেফ ছাৰে ইংৰাজী পঢ়াইছিল।ক্ষেম গগৈ আৰু তিলক নেওগ ছাৰে পঢ়োৱা নাছিল।কিন্তু
কলেজীয়া দিনৰে পৰা সাহিত্যৰ সৈতে জড়িত থকাৰ বাবেই হয়তো তিলক নেওগ ছাৰৰ সৈতে আমাৰ অন্তৰংগ সম্পৰ্ক গঢ় লৈ উঠিছিল।ছাৰৰ মুকলিমূৰীয়া স্বভাৱৰ আকৰ্ষণতে কলেজীয়া দিনবোৰত আমি বহু সময়ে কেণ্টিনতে কথা পাতি কটাই দিছিলোঁ।লেখা-মেলা কৰাৰ ক্ষেত্ৰত ছাৰে সদায়ে আমাক উৎসাহ যোগাইছিল।ছাৰে নিজেও সাহিত্য ভাল পাইছিল।তেখেতৰ নিজৰ মৌলিক সৃষ্টি আছে নে নাই নাজানোঁ,কিন্তু কলেজৰ আলোচনীবোৰত তেখেতে বিভিন্ন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা কবিতাবোৰ পঢ়িবলৈ পাইছিলোঁ।তেখেতৰ অনুবাদ আছিল অত্যন্ত সৰল আৰু স্পষ্ট।
      কলেজ এৰাৰ পাছত বহুদিনলৈ কলেজৰ সৈতে আমাৰ সম্পৰ্ক নাছিল।মাথোঁ জানিব পাৰিছিলোঁ যে ভৱভূতি বৰুৱা,বিদ্যুৎ বুঢ়াগোঁহাই আৰু যোচেফ খ্ৰীষ্ট'ডচ ছাৰ এজন এজনকৈ কলেজৰ পৰা ওলাই গুছি গৈছিল।যোচেফ ছাৰ পৰৱৰ্তী কালত হায়দৰাবাদৰ চেইণ্ট মেৰিজ কলেজৰ সমাজতত্ব আৰু গণ-সংযোগ মাধ্যমৰ চিনিয়ৰ লেকচাৰাৰ হৈছিলগৈ। আনহাতে ক্ষেম গগৈ আৰু তিলক নেওগ ছাৰ ডুমডুমা কলেজতে ৰৈ গৈছিল।আমাৰ দৰে চামে চামে নতুন নতুন ছাত্ৰ-ছাত্ৰী কলেজলৈ আহিছিল আৰু সকলোৱে তেখেতৰ সান্নিধ্য লাভ কৰিছিল।ছাৰৰ সান্নিধ্যত মুগ্ধ নোহোৱা ছাত্ৰ-ছাত্ৰী নাছিল বুলিয়েই ক'ব পাৰি।কলেজৰ পৰা বিভিন্ন ঠাইলৈ শিক্ষামূলক ভ্ৰমণলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ ছাৰক বৰ ওচৰৰ পৰা পাইছিল আৰু তেখেতৰ পৰা লাভ কৰা সহায়-সহযোগ,মৰম-চেনেহবোৰ কেতিয়াও পাহৰিব নোৱাৰিছিল।সংগীত আৰু ক্ৰীড়া ক্ষেত্ৰৰ সৈতেও ছাৰৰ সম্পৰ্ক আছিল।
      ডুমডুমা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ জ্যেষ্ঠ অধ্যাপক হিচাপে বহু বছৰ কাল দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰাৰ পাছত 2018 চনত তেখেতে উপাধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।মনত পৰে,দুবছৰমান পূৰ্বে 'কলেজ সপ্তাহ'উপলক্ষে সাহিত্য বিভাগে আয়োজন কৰা 'প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা'ৰ বিচাৰক হিচাপে আমি কলেজলৈ যাওঁতে ছাৰক হঠাৎ লগ পাইছিলোঁ।ছাৰৰ স্বাস্থ্য-পাতি,চেহেৰা আগতকৈয়ো ভাল দেখিছিলোঁ।আমাক দেখি আগৰ দৰেই উৎফল্লিত হৈ উঠিছিল,একেই আন্তৰিকতাৰে খা-খবৰ লৈছিল।অতি কমেও দুটা দশকৰ পাছত ছাৰক লগ পোৱাৰ পাছতো কোনো আচৰণগত কোনো পৰিৱৰ্তন দেখা নাছিলোঁ।অহংকাৰ কৰিব তেওঁ নাজানিছিল।কৃত্ৰিমতা ছাৰৰ সত্বাত কাহানিও নাছিল।
     ছাৰৰ সৈতে পুনৰ সম্পৰ্ক স্থাপন কৰিছিলোঁ ফেচবুকৰ জৰিয়তে।ফেচবুকত তিলক নেওগ ছাৰৰ একান্তই নিজস্ব এখন পৃথিৱী আছিল।তেখেতে কেৱল ধুনীয়া ধুনীয়া কণ কণ শিশু,ফুল আৰু প্ৰাকৃতিক দৃশ্যবোৰ  বিভিন্ন ৱেব চাইটৰ পৰা সংগ্ৰহ কৰু ফেচবুকত চেয়াৰ কৰিছিল।তেখেতে চেয়াৰ কৰা সেই ফটোবোৰ ইমান ভাল লাগে যে তৎমুহূৰ্ততে স্ক্ৰীণশ্বট মাৰি মোবাইলৰ ৱাল পেপাৰ কৰি থৈ দিছিলোঁ।মনত পৰে,এবাৰ মই ফেচবুকত অসমীয়া ফণ্টেৰে লিখা-মেলা কৰাৰ তাৎপৰ্য সম্পৰ্কে জোৰ দি কিবা প'ষ্ট এটা দিছিলোঁ।ছাৰে প'ষ্টটো পঢ়িয়েই তৎক্ষণাত বৰ দুখেৰে মোলৈ লিখিছিল যে তেখেতে অসমীয়া ফণ্ট ব্যৱহাৰ কৰিব নাজানে।তেতিয়া অসমীয়া ফণ্ট কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া বুজাই দিছিলোঁ।কিন্তু বহু চেষ্টা কৰাৰ পাছতো সেয়া তেখেতৰ আয়ত্বলৈ অহা নাছিল।লক্ষণীয়ভাৱে আমাৰ মাজত ফোন যোগে কেতিয়াও কথা-বতৰা হোৱা নাছিল,যি হৈছিল কেৱল ফেচবুক বা হোৱাটচ এপৰ জৰিয়তেই হৈছিল।মেচেজ যোগে বাৰ্তালাপ কৰোঁতে বহু সময়ত তেখেতক কেতিয়াবা বৰ আৱেগিক হৈ পৰাও লক্ষ কৰিছিলোঁ।তেখেতে যেন কিবা ক'ব খুজিছিল তেনে ভাৱ হৈছিল।কিন্তু ছাত্ৰ এজন হৈ কেনেকৈ সোধোঁ তেখেতৰ মনৰ কথা? আৰু তেখেতেও আৱেগত কিবা ক'ব খুজিও হঠাৎ যেন ৰৈ দিছিল,নিজৰ মনটোক সংযত কৰিছিল।
      ছাৰে ফেচবুকত মাজে -সময়ে নিজৰ ফটো আপলোড কৰিছিল-সেই একেই সুন্দৰ,সুঠাম চেহেৰা।কিন্তু হঠাৎ এদিন তেখেতৰ শেহতীয়াভাৱে আপলোড কৰা ফটো একপি দেখি আচৰিত হৈ গ'লোঁ।ছাৰক তেনেই ক্ষীণ দেখা গৈছে ফটোখনত।প্ৰথমে ভাৱিলোঁ কিবা এডিটিং কৰা চাগে।আনেও চাগে তেনেকৈয়ে ভাৱিছিল,কাৰণ বহুতেই 'সুন্দৰ','ভাল লাগিছে' আদি কমেণ্ট কৰাও দেখিছিলোঁ।কিন্তু মনে নামানিলে-ছাৰলৈ মেচেজ কৰি সুধিলোঁ-তেখেতে উত্তৰ দিলে -তেখেত এতিয়া মোম্বাইত,গা ভাল নহয়।তাৰ পাছতো ছাৰে কিন্তু ফেচবুক এৰা নাছিল।30 মে'ৰ নিশা ন বাজি পঞ্চল্লিশ মিনিটত তেখেতে খুব সম্ভৱ শেষ বাৰলৈ এটা প'ষ্ট চেয়াৰ কৰিছিল।আৰু 4 জুনৰ ৰাতিপুৱা তেখেত চিৰ দিনৰ বাবে আতঁৰি গুছি গৈছিল।ভাবিলে আচৰিত লাগে -কেঞ্চাৰৰ দৰে দূৰাৰোগ্য এটা বেমাৰ গাত লৈয়ো তেখেতে কেনেকৈ জীৱনটোক ইমান সহজভাৱে গ্ৰহণ কৰিব পাৰিছিল?
      তিলক নেওগ ছাৰৰ মৃত্যুত মৰ্মাহত হৈ একালৰ বন্ধু যোচেফ খ্ৰীষ্ট'ডচ ছাৰে ফেচবুকত লিখিছিল-
It is hard to write this heartfelt eulogy for a good friend  Tilok Neog without  bringing  tears.  I can't believe my friend is gone…
I can't find exact words to describe our friendship and all the emotions and feelings...  it would have been easier to just sit and cry in the dark than to write this… but then I owe it to Tilok.
We both joined Doomdooma College as Lecturers in the same year, 1985..just beginning our careers...
For the next 6 years, till I left Doomdooma, we remained good friends shared everything - secrets, desires, fears, relationship issues... I was the person he turned to when things got rough... But then for a few years we were not in regular touch except for a few occasional phone calls (those were the pre-social media days!). Though I knew he was going through a rough patch in his personal life, he never uttered a word about it to me. I respected his privacy… We were in constant touch in the last few years…thanks to Facebook. A couple of months ago when my wife and I were in Doomdooma, I missed meeting him… Learning about our visit, Tilok messaged me from Mumbai saying how he missed an opportunity to meet me. I was shocked to know that he was battling with cancer. But he was so full of courage and positive attitude. I never in my wildest dreams imagined that we were not going to meet again…
Tilok has left me with so many wonderful memories... I will cherish them forever.
In Deep Sorrow.
     হয়,ছাৰক আৰু কেতিয়াও লগ  নাপাম, ফেচবুকত ছাৰে প'ষ্ট কৰা কণ কণ শিশু,ফুল,পখিলাৰ ছবি আৰু ফটোবোৰ দেখা নাপাম।ছাৰৰ সৈতে থকা আমাৰ আন্তৰিক সম্পৰ্কবোৰ এতিয়াৰ পৰা কেৱল স্মৃতি হৈ ৰৈ যাব।
     শেষত,তিলক নেওগ ছাৰলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ,প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ আত্মাই যেন শান্তি লাভ কৰে।

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...