Friday, September 6, 2019

বৌদ্ধিক স্থবিৰতা আৰু গ্ৰন্থৰ ভৱিষ্যৎ

বৌদ্ধিক স্থবিৰতা অাৰু গ্ৰন্থৰ ভৱিষ্যৎ
""""""""""""""""""""""""""""""""""""""""""""""""""""
                                           বীৰ্কে বি. থাপা
                                          ফোন-৯৯৫৪২৪৯৯১৬

      ইংলেণ্ডত অাৰম্ভ হোৱা  'শিল্প বিপ্লৱ' পৰৱৰ্তী কালত এচিয়া,ইউৰোপ অাৰু অামেৰিকাৰ বিভিন্ন দেশলৈ সম্প্ৰসাৰিত হোৱাৰ ফলস্বৰূপে সমগ্ৰ বিশ্বক এক যান্ত্ৰিক সভ্যতাই ছানি ধৰিছে।বিজ্ঞান অাৰু প্ৰযুক্তি বিদ্যাৰ অভূতপূৰ্ব উন্নতি অাৰু বিকাশে কম্পিউটাৰ অাৰু ইন্টাৰনেট চিষ্টেমটোক এনেদৰে গঢ়ি তুলিছে যে অাহিব লগীয়া যুগটোক সম্পূৰ্ণৰূপেই 'কম্পিউটাৰ যুগ' বুলি অভিহিত কৰিব পৰা যাব।ইয়াৰ প্ৰস্তুতি ইতিমধ্যেই অাৰম্ভ হৈ গৈছে। প্ৰস্তুতিৰ এই পৰ্যায়তে বিজ্ঞানীসকলে ইতিমধ্যে' থ্ৰি জি' অাৰু 'ফ'ৰ জি' ইন্টাৰনেটৰ কাম সম্পূৰ্ণ কৰি 'ফাইভ জি' ইন্টাৰনেট লাউঞ্চ কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে।অাশ্চৰ্যৰ কথা যে 'ফাইভ জি' ইন্টাৰনেটৰ বাবে তৈয়াৰ কৰিব লগীয়া সমগ্ৰ চিষ্টেম অাজি গৱেষণাগাৰতে অাছে যদিও কোৱা হৈছে যে এই ব্যৱস্থাটোত কম্পিউটাৰৰ মানুহৰ দৰে নিজস্ব মগজু থাকিব।
      যান্ত্ৰিক সভ্যতাৰ এই সময়ছোৱাত বিজ্ঞান -প্ৰযুক্তি বিদ্যাই ইন্টাৰনেটৰ জৰিয়তে 'বিশ্বায়ন'( Globalisation)ৰ সূচনা কৰাটো বহু ক্ষেত্ৰত মংগলজনক।কিন্তু ই মানুহৰ বৌদ্ধিক জগতত কেনে ধৰণৰ প্ৰভাৱ পেলাব সেই বিষয়েও চিন্তা-চৰ্চা নোহোৱাকৈ থকা নাই।যান্ত্ৰিক সভ্যতাই ছানি ধৰা পৃথিৱীৰ বহুকেইখন দেশত মানুহ ক্ৰমাৎ বস্তুবাদী অাৰু পাৰ্থিৱ সুখ-স্বাচ্ছন্দ্যৰ প্ৰতি অধিক অাকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে।বিলাসিতাপূৰ্ণ জীৱন অাৰু ধন-সম্পদ-ঐশ্বৰ্যৰ বাহিৰে অাজিৰ দিনত মানুহে অপাৰ্থিৱ সুখ,অাধ্যাত্মিকতা,নান্দনিক সৌন্দৰ্য অাদি উপলদ্ধি কৰিব নোৱাৰা হৈছে।টেলিভিশ্যন স্ক্ৰীণত দেখা ফেশ্ব্যনেবল লাইফ ষ্টাইলে মানুহক প্ৰকৃত অাদৰ্শ জীৱনৰ পৰা বহু দূৰলৈ অাঁতৰাই লৈ গৈছে।অামেৰিকাৰ দৰে পুঁজিবাদী দেশসমূহে ইন্টাৰনেটৰ জৰিয়তে ভোগবাদী সংস্কৃতি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিয়পাই দিয়াৰ ফলস্বৰূপে ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহতো নতুন প্ৰজন্ম অাজি বিলাসিতাপূৰ্ণ ফেশ্ব্যনেবল লাইফ ষ্টাইলৰ প্ৰতি দ্ৰুতগতিৰে ধাৱমান হোৱা পৰিলক্ষিত হৈছে।বিজ্ঞাপনসমূহে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অাহিছে।ইন্টাৰনেটত উপলব্ধ পৰ্ণ'গ্ৰাফ বা অশ্লীল ভিডিঅ' বোৰৰ কথাও এই প্ৰসংগত উল্লেখ কৰিব পাৰি।স্বাভাৱিকতে প্ৰশ্ন হয়-এনে এক অৱস্থাৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যতে মানুহৰ মানসিকতাক কেৱল 'ভোগবাদী চিন্তা'ই গ্ৰাস কৰি পেলাব নেকি?অথবা ক্ৰমান্বয়ে যন্ত্ৰলৈ ৰূপান্তৰিত হ'ব ধৰা মানুহৰ বৌদ্ধিক জগত চিৰকাললৈ এদিন স্থবিৰ হৈ পৰিব নেকি?
      চতুৰ্দশ শতিকাত ইউৰোপত অাৰম্ভ হোৱা ৰেনেচাঁ ( Renaissance) বা নৱজাগৰণৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য অাছিল এয়ে যে সেই সময়ছোৱাত শিল্পকলা অাৰু সাহিত্যই অভূতপূৰ্ব বিকাশ লাভ কৰিছিল।জীৱনত অপাৰ্থিৱ সুখ প্ৰদান কৰিব পৰা চিৰকালৰ এক অমোঘ শক্তি হিচাপে চিহ্নিত হৈছিল গ্ৰন্থ।
      সমগ্ৰ বিশ্বত ভোগবাদী সংস্কৃতি বিয়পাই দিয়া পুঁজিবাদী দেশ অামেৰিকায়ো শেহত এই কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে বৌদ্ধিক অবক্ষয়ে অামেৰিকাৰ নৱপ্ৰজন্মকো স্পৰ্শ কৰিছে অাৰু তাৰ একমাত্ৰ কাৰণ গ্ৰন্থৰ প্ৰতি অনীহা।মূলত: গ্ৰন্থ অধ্যয়নে প্ৰদান কৰা অপাৰ্থিৱ সুখ অাৰু জ্ঞানৰ বিপৰীতে অামেৰিকাৰ দৰে পুঁজিবাদী দেশসমূহত ভোগ-বিলাসিতাক জীৱনৰ সৰ্বস্ব বুলি ভুল কৰাৰ পৰিণতি স্বৰূপে বৌদ্ধিক স্থবিৰতা বৃদ্ধি পাই অাহিছিল।অবাধ যৌন স্বাধীনতা,ধৰ্ষণ ,বিবাহ-বিচ্ছদ,নৈতিকতাহীন জীৱন অাদি সমস্যাসমুহ বৃদ্ধি পাবলৈ অাৰম্ভ কৰিছিল।
      গ্ৰন্থ অধ্যয়নৰ প্ৰতি থকা অনীহাই তৃতীয় বিশ্বৰ দেশসমূহতো ব্যাপক প্ৰভাৱ পেলোৱাটো স্বাভাৱিক কথা।ইয়েই নতুন প্ৰজন্মৰ বৌদ্ধিক জগতখনক স্থবিৰ কৰি পেলাইছিল।বৌদ্ধিক স্থবিৰতাৰ বাবেই সমাজৰ কুসংস্কাৰ,অন্ধবিশ্বাস অাদি অাজি বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগতো সম্পূৰ্ণৰূপে নি:শেষ হোৱা নাই।তাৰোপৰি সকলো ধৰণৰ ৰাজনৈতিক বিষবাষ্প অাৰু ধৰ্মীয়-সাম্প্ৰদায়িক সংঘৰ্ষৰো মূলতে এই বৌদ্ধিক স্থবিৰতা।
      মানৱ জাতিৰ এই ক্ৰমবৰ্দ্ধমান বৌদ্ধিক অৱক্ষয়ৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৮০ৰ দশকত পুনৰ বিশ্বজুৰি গ্ৰন্থ অান্দোলনৰ সূচনা হৈছিল।শ্ব্যেইক্সপীয়েৰ, টলষ্টয়, ৱৰ্ডচৱৰ্থ, গৰ্কী, মোপাঁচা, ডষ্টয়েভস্কি অাদিৰ দৰে বিশ্ববিশ্ৰুত লেখকসকলৰ সাহিত্যৰাজিৰ চিৰন্তন অাৱেদনৰ সৈতে নৱপ্ৰজন্মক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে অামেৰিকাৰ নিউয়ৰ্ক চহৰত প্ৰথমবাৰৰ বাবে এক বৃহৎ গ্ৰন্থমেলাৰ অায়োজন কৰা হৈছিল।গ্ৰন্থমেলাত দৰ্শক-পাঠকৰ ইমান দীঘল লানি নিছিগা ভিৰ হৈছিল যে প্ৰচণ্ড বৰষুণকো নেওচি অজস্ৰ লোক বাহিৰত,মূৰথ ছাতি লৈ থিয় হৈ থকা দেখা গৈছিল।কিতাপৰ মনোমোহা জগতত এবাৰলৈ সোমাই পৰাৰ প্ৰবল হাবিয়াসেৰে বৰষুণত তিতি ৰৈ থকা মানুহবোৰে প্ৰমান কৰি দেখুৱাইছিল যে মানুহৰ গ্ৰন্থপ্ৰীতি এতিয়াও শেষ হৈ যোৱা নাই।তাৰ পাছৰ পৰাই এই গ্ৰন্থ অান্দোলন বিয়পি পৰিছিল অন্যান্য প্ৰান্তলৈকো।মানুহে উপলদ্ধি কৰিছিল যে ভোগ অাৰু বিলাসিতাপূৰ্ণ জীৱনেই সৰ্বস্ব  নহয়,জ্ঞান অাৰু প্ৰজ্ঞাৰ অপাৰ্থিৱ সুখৰো প্ৰয়োজন অাছে জীৱনত জীয়াই থাকিবলৈ।সকলো ৰাজনৈতিক অাৰু ধৰ্মীয়-সাম্প্ৰদায়িকতাৰ উৰ্ধত কেৱল গ্ৰন্থইহে দিব পাৰে এক সাৰ্বজনীন মানৱতাবোধৰ প্ৰকৃত সন্ধান।
      কিন্তু তৎসত্বেও গ্ৰন্থৰ ওপৰত ইলেক্ট্ৰনিক প্ৰভাৱ কম হোৱা নাই। কম্পিউটাৰ বা ইন্টাৰনেটৰ জৰিয়তে অাজি বিশ্বৰ মহৎ সাহিত্যৰাজিৰ অধ্যয়ণৰ সুবিধা কৰি দিয়া হৈছে।টেলিভিশ্যনৰ জৰিয়তেও বিশ্ববিশ্ৰুত গ্ৰন্থৰাজিক দৃশ্যমান ৰূপত মেলি দিয়া হৈছে।দূৰদৰ্শনৰ জৰিয়তে সম্প্ৰচাৰিত 'ৰামায়ণ','মহাভাৰত' অাদি ইয়াৰ উৎকৃষ্ট উদাহৰণ।কথা হ'ল-দূৰদৰ্শনৰ ধাৰাবাহিক ৰূপে সম্প্ৰচাৰিত এই ৰামায়ণ,মহাভাৰত অাদিয়ে অামাক গ্ৰন্থ অধ্যয়নৰ প্ৰকৃত অানন্দ দিব পাৰেনে?গ্ৰন্থ অধ্যয়ণৰ যি অনাবিল অাৰু অপাৰ্থিৱ সুখ সেয়া ইলেক্ট্ৰনিক মিডিয়াই অামাক কেতিয়াও দিব নোৱাৰে।তাৰোপৰি বিজ্ঞান -প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশ অাৰু উন্নয়নৰ লগে লগে সাম্প্ৰতি কালত গ্ৰন্থৰ মুদ্ৰন কাৰ্যতো কিছু বিলাসিতাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।সৌন্দৰ্যবোধ থকা যিকোনো মানুহে কিতাপ এখন অাটক-ধুনীয়াকৈ প্ৰকাশ পোৱাটো বিচাৰে,সেয়া স্বাভাৱিক।কিন্তু কেৱল বিলাসী ডিজাইন,গেট অাপ বা অলংকৰণেই সৰ্বস্ব নহয়।ব্যৱসায়িক স্বাৰ্থত প্ৰকাশকসকলে বিলাসী ডিজাইন অাৰু অলংকৰণেৰে গ্ৰন্থসমূহ মুদ্ৰণ কৰি পাঠকৰ মন অাকৃষ্ট কৰিব পাৰে,কিন্তু পাঠকৰ বৌদ্ধিক চাহিদা পূৰণ কৰিব পাৰেনে -সেয়াও লক্ষনীয়।অপ্ৰিয় হ'লেও সত্য যে অাটকধুনীয়াকৈ প্ৰকাশ পোৱা গ্ৰন্থসমূহ বহুলোকে কেৱল ড্ৰয়িং ৰূমৰ অালমাৰি সজাবলৈকে ক্ৰয় কৰে।
তেনেদৰে অত্যাধিক মূল্যবৃদ্ধিৰ বাবে মধ্যবিত্ত শ্ৰেণীৰ পাঠকৰ বাবে গ্ৰন্থ ক্ৰয় কৰি অধ্যয়ণ কৰাটোও প্ৰায় অসম্ভৱ হৈ পৰা পৰিলক্ষিত হয়।এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থৰ ভৱিষ্যৎ পুনৰ শংকাগ্ৰস্ত হৈ পৰাৰ অাশংকাক অামি নুই কৰিব নোৱাৰোঁ।অামাৰ অাশংকা যে গ্ৰন্থৰ বৰ্দ্ধিত মূল্যৰ বাবে মধ্যবিত্ত শ্ৰেণীৰ গৰিষ্ঠ সংখ্যক পাঠকৰ ৰুচিবোধ এদিন ব্যাহত হ'ব যাৰ বিকল্প ৰূপে হয়তো এই সংখ্যক পাঠকে মনোৰঞ্জনৰ বাবে অন্য সস্তীয়া মাধ্যম বাছি ল'ব অাৰু গ্ৰন্থৰ অপঘাত মৃত্যু ঘটিব।
(সমাপ্ত)

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...