শিশুৰ পৃথিৱী:অন্ধবিশ্বাস,যুক্তি ইত্যাদি…
বীৰ্কে বি.থাপা
শিশুৰ মনোজগতত আজৱ কিছুমান কাৰ্য চলি থাকে।শিশুমনৰএই একান্তই ব্যক্তিগত পৃথিৱীত যুক্তিৰ পৰা বহু আঁতৰত শিশুৱে কথা পাতে ফুল আৰু পখিলাৰ সৈতে,কথা পাতে পুতলাৰ দৰা-কইনাৰ সৈতে।আইতাৰ নাভূত-নাশ্ৰুত সাধুকথাৰ ৰজা -ৰানী,শিয়াল-বান্দৰ,ৰাক্ষস-জলপৰী আদি চৰিত্ৰবোৰে শিশুৰ আজৱ পৃথিৱীত সেয়ে তেনেই সঁচা চৰিত্ৰ ৰূপে ধৰা দিয়ে।'শিয়ালী এ নাহিবি ৰাতি,তোৰে কানে কাতি লগামে বাতি' বুলি আইতাই গোৱা নিচুকনি গীত শুনি সেয়ে শিশুয়ে শিয়ালীৰ ভয়ত আইতাৰ কোলাত মূৰ থৈ জোৰকৈ টোপনি যাবলৈ চেষ্টা কৰে।
প্ৰখ্যাত আমেৰিকান লেখক লুইচ কেৰ'লে শিশুৰ এনে মানসিকতাক লৈয়ে সৃষ্টি কৰিছিল Alice in the wonderland নামৰ এক যুগজয়ী ৰচনা য'ত কণমানী ছোৱালী এজনীয়ে এন্দুৰ এটা ধৰিবলৈ পিছে পিছে দৌৰি গৈ পিছলি পৰিছে দ গাঁতত ।সেই গাঁতৰ অতল তলিলৈ পৰি গৈ থাকোঁতে ইমান দীঘলীয়া সময় অতিক্ৰম কৰিব লগীয়া হৈছে যে এলিচ নামৰ ছোৱালীজনীৰ চকুলৈ টোপনি নামি অাহিছে।টোপনিতে তাই দেখা পাইছে এখন ৰহস্যময় পৃথিৱী।দ গাঁতৰ তলিত উপস্থিত হৈ তাই দেখা পাইছে নিজৰে চকুলোৰ সাগৰত এন্দুৰএটা ককবকাই অাছে।আপাত: দৃষ্টিত লুইচ কেৰ'লৰ এই কাহিনী অবিশ্বসনীয় যদিও শিশুৰ মানসিকতাক এনে কাহিনীয়ে লক্ষনীয়ভাৱে স্পৰ্শ কৰি যায়।এই কাহিনীৰ অন্তৰ্নিহিত তাৎপৰ্যক যুক্তিৰে চিন্তা কৰি চোৱাৰ সামৰ্থ শিশুৰ নাথাকিলেও চকুপানীৰ সাগৰত ককবকাই থকা এন্দুৰৰ দুখত তেওঁলোকৰ নিস্পাপ হৃদয় স্বাভাৱিকতে সেমেকি উঠে।
তাহানি আমাক আইতাহঁতে জোনাক নিশা চোতালত বহুৱাই তেজীমলাৰ কাহিনী শুণাইছিল।মাহী আইয়ে ঢেঁকী থোৰাৰে খুন্দিয়াই তেজীমলাক মাৰি পেলোৱা কাহিনী শুনি আমাৰ চকু চলচলীয়া হৈ পৰিছিল।সেই তেজীমলা ফুল হৈ ফুলা কথাষাৰ সঁচা বুলি মানি লৈছিলোঁ। ভূতৰ কাহিনীও কৈছিল:এজন মাছমৰীয়াই মাছলৈ যাওঁতে মাছখোৱা ভূতে পাইছিল।মাছমৰীয়াই জালেৰে মাছ ধৰি খালৈত ভৰাই যায়,মাছখোৱাই পিছে পিছে গৈ মনে মনে খালৈৰ পৰা মাছ উলিয়াই খায়।এনে সাধু শুনি আমাৰ গাৰ নোম ডাল ডাল হৈছিল।যুক্তিৰে চিন্তা কৰাৰ সামৰ্থ সেই বয়সত আমাৰ নাছিল।
কিন্তু অলপ বয়স হোৱাৰ পাছত অনুসন্ধিৎসু শিশুৰ মনত এনেধৰণৰ প্ৰশ্নৰো অৱতাৰণা নোহোৱাকৈ নাথাকে যে দ' গাঁতেৰে সৰি গৈ থাকোঁতে কোনোবাই টোপনি যোৱাটো বা নিজৰে চকুৰ পানীৰ সাগৰত এন্দুৰ এটা পৰি ককবকাই থকাটো সম্ভৱনে? অথবা মৰাৰ পাছত তেজীমলাই অাকৌ ফুল হৈ ফুলি উঠাটো সম্ভৱনে? শিশুৰ মনত প্ৰশ্নৰ উদয় হয়-ভূত কি ,ভূত ক'ত থাকে,ভগৱান কি,ভগৱান ক'ত থাকে,মানুহক কোনে সৃষ্টি কৰিলে,মানুহৰ মৃত্যু কিয় হয়,মৃত্যুৰ পাচত মানুহৰ কি হয় অথবা ক'লৈ যায় ইত্যাদি ইত্যাদি।এই প্ৰশ্নবোৰ আমিও সুধিছিলোঁ,কিন্তু কাহানিও সঠিক উত্তৰ পোৱা নাছিলোঁ।হয়তু শিশুৱে সোধা অজস্ৰ প্ৰশ্নৰ উত্তৰ জ্যেষ্ঠ সকলৰ হাতত নাছিল অথবা শিশুৰ অনৰ্গল প্ৰশ্নত বিৰক্ত হৈ ল'ৰালৰিকৈ পালমৰা উত্তৰ কিছুমান দিয়েই সামৰিছিল।তাহানিৰ দিনত মানুহ বৰ শিক্ষিত নাছিল বাবেই হয়তু এনে হৈছিল,কিন্তু আজি যুগ সলনি হৈছে,চিন্তা -বোধশক্তিৰ উন্নতি হৈছে।আজিৰ যুগত ভূত-প্ৰেতৰ কাহিনী কৈ শিশুক ভয় খোওৱা দস্তুৰৰ অন্ত পৰিছে।তথাপিতো জানো পৰম্পৰাগত যুক্তিহীন বিশ্বাস ,অন্ধবিশ্বাস আদিৰ পৰা আমি সম্পূৰ্ণৰূপে মুক্ত হৈছোঁ?শিশুক ভুল শিক্ষা দি অহাটো বাৰু আমাৰ সমাজৰ অশিক্ষিত লোকসকলৰ দোষ, শিক্ষিত সমাজতো কিন্তু এনে ত্ৰুটি ৰৈ গৈছে।অলপতে ইংৰাজী মাধ্যমৰ এল.কে.জি,নাৰ্চেৰি পৰ্যায়ৰ পাঠ্যপুথি এখনত দেখিলোঁ এটা প্ৰশ্ন- why is rose red?গোলাপ ফুল ৰঙা কিয়?উত্তৰ- Rose is red to attract the insects -অৰ্থাৎ পোক-পতংগক আকৰ্ষণ কৰিবৰ বাবে গোলাপ ফুল ৰঙা।এয়া বাৰু সঠিক উত্তৰ হয়নে?গোলাপৰ ৰঙা ৰঙে পোক-পতংগক আকৰ্ষণ কৰিব পাৰে,কিন্তু ই ৰঙা হোৱাৰ biologic কাৰণটো কি সেয়া বুজাই দিয়াটোহে উচিত।খৃষ্টানধৰ্মী শিক্ষানুষ্ঠান সমূহৰ পাঠ্য পুথিত প্ৰশ্ন দিয়া হয় - Who loves children? উত্তৰ- Jesus loves the children.ব্যক্তিগত ভাৱে কোনো ধৰ্মৰ বিৰুদ্ধাচৰণ কৰি আমি এই কথা লিখা নাই।আমাৰ পাঠ্য পুথি সমূহত এনেধৰণৰ বহুতো যুক্তিহীন অাৰু বৈজ্ঞানিক দৃষ্টিভংগীহীন কথাৰ উল্লেখ আমি সততে পাই থাকোঁ।এনে শিক্ষা ব্যৱস্থাই শিশুসকলক কোন বাটে পৰিচালিত কৰিব?
আধুনিক যুগৰ বহুল প্ৰচলিত ইলেকট্ৰনিক মিডিয়াৰ প্ৰভাৱত আজি শিশুৰ মনোজগতো আধুনিক হৈ পৰিছে।আজিৰ যুগৰ শিশু পৰিচিত হৈছে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সৈতে।কিন্তু বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ প্ৰতি আকৃষ্ট হৈ ডাক্টৰ,ইঞ্জিনিয়াৰ,বৈজ্ঞানিক হোৱা আৰু প্ৰকৃতাৰ্থত আধুনিক মনৰ গৰাকী হোৱাটো একে কথা নহয়।বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ সৈতে খেলা কৰা ব্যক্তিয়েও ঈশ্বৰ,ভূত-প্ৰেত বা অন্যান্য কিছুমান অন্ধবিশ্বাস মানি চলা আমি দেখিছোঁ।পৰম্পৰাগত সমাজ ব্যৱস্থাৰ আওঁতাৰ পৰা নিজক মুক্ত কৰি চিন্তা আৰু যুক্তিৰে বৈজ্ঞানিক দৃষ্টিভংগী আয়ত্ব কৰিব নোৱাৰিলে প্ৰকৃততে কোনেও নিজকে আধুনিক বুলি দাবী কৰিব নোৱাৰে।(প্ৰসংগক্ৰমে উল্লেখযোগ্য
যে ঈশ্বৰ,ভূত-প্ৰেত অাদিৰ বিষয়টো আজিও বিজ্ঞানৰ বাবে ৰহস্য।আজিৰ যুগত বিজ্ঞানৰ বাহিৰে আমাৰ গত্যন্তৰ নাই।কিন্তু বিজ্ঞানেই শেষ উত্তৰো নহয়।কাৰণ,বিজ্ঞানে অাজিও বিশ্বব্ৰক্ষ্মাণ্ডৰ সকলো গ্ৰহক সম্পূৰ্ণ ৰূপে আৱিস্কাৰ কৰিবলৈ সক্ষম হোৱা নাই।হয়তু বিজ্ঞানে আজিও ঢুকি নোপোৱা গ্ৰহ ক'ৰবাত আছে য'ত অলেখ ৰহস্য লুকাই আছে।অসম্ভৱ নহয়।কিন্তু কেৱল সম্ভাৱনাৰে অবৈজ্ঞানিক চিন্তাও আমি কৰিব নোৱাৰোঁ)।
আধুনিক যুগৰ ইলেক্ট্ৰনিক মিডিয়াৰ প্ৰভাৱত আজিৰ শিশুক পূৰ্বৰ সাধু কথাৰ ভূত, ৰাক্ষস,জলকুঁৱৰীৰ পৰিৱৰ্তে এলিয়ন,ৰবট আদিয়ে বিশেষভাৱে আকৃষ্ট কৰা দেখা যায়।(এলিয়নো কাল্পনিক)।এটা দৃষ্টিত ই খুবেই ইতিবাচক ,কিয়নো আমাৰ যুগত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰতি আমাৰ যি ভয় ভাৱ বা অনীহা আছিল সেয়া কিন্তু অাজি নাই।আৰ্শ্বযজনক ভাৱে আজিৰ শিশু বিজ্ঞান -প্ৰযুক্তিবিদ্যাৰ প্ৰতি আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে।আমি ডাঙৰ সকলে মোবাইল,কম্পিউটাৰ আদিৰ একো ভূ নোপোৱা যুগত শিশুৰ বাবে মোবাইল,কম্পিউটাৰ আদি চলোৱাটো তেনেই সাধাৰণ কথা।শিশু মানসিকতাৰ এই বিশেষ দিশটোক সঠিক দিশত প্ৰয়োগ কৰিব পাৰিলে নিশ্চয় বৰ ভাল হ'ব।পিতৃ-মাতৃ,অভিভাৱক সকলে এই কথা উপলদ্ধি কৰিয়েই শিশুৱে বিচৰা নানা ধৰণৰ ইলেক্ট্ৰনিক খেলনা,ভিডিঅ' গেইম,কম্পিউটাৰ আদি অানি দিয়ে।কিন্তু ইয়াৰ নেতিবাচক দিশো নথকা নহয়।উদাহৰণ স্বৰূপে ,আমি সকলোৱে মন কৰিছোঁ যে শিশুৰ এনে বিজ্ঞান -আকৃষ্ট মানসিকতাৰ প্ৰতি লক্ষ ৰাখি অসাধু ব্যৱসায়ী গোষ্ঠীয়ে শিশুৰ বাবে নানা তৰহৰ পুতলা বন্দুক,পিষ্টল আদি উলিয়াই বজাৰত মেলি দিছে।দূৰদৰ্শন,চিনেমা অাদিৰ প্ৰভাৱত এনেধৰণৰ মাৰণাস্ত্ৰসমূহৰ প্ৰতি তেওঁলোক অাকৃষ্ট হয় আৰু পিতৃ-মাতৃ সকলেও বিশেষ চিন্তা নকৰাকৈয়ে খেলৰ সামগ্ৰী হিচাপে এনে পুতলা শিশুসকলৰ হাতত তুলি দিয়ে। কবি জৰ্জ লুই বৰ্ঝেছে এটা কবিতাত লিখিছে যে দেৰাজত পৰি থকা ডেগাৰটো এটা নিষ্প্ৰাণ বস্তু,কিন্তু সেই দেগাৰটো হাতত তুলি লোৱাৰ লগে লগে কাৰোবাক হত্যা কৰাৰ অহেতুক কামনাত মন জিঘাংসু হৈ পৰে।একেদৰেই হাতত সেই খেলনা পিষ্টল বা বন্দুকটো তুলি লোৱাৰ লগে লগে শিশুৰ মানসিকতাতো একপ্ৰকাৰৰ জিঘাংসাৰ ভাৱ আহি পৰিব পাৰে।শিশুৰ কোমল মনত ইয়াৰ নেতিবাচক প্ৰভাৱে কাইলৈ অপৰাধপ্ৰৱণতাৰ সৃষ্টি কৰিব পাৰে।দ্বিতীয়তে ,জোনাক নিশা ঘৰৰ চোতালত বহি আইতাৰ সাধু শুণা সৌ তাহানিৰ দিনৰ পৰম্পৰাৰ পৰা গৈ আজিৰ শিশুৰ দৃষ্টি দূৰদৰ্শন,কম্পিউটাৰ অাদিত নিবদ্ধ হৈ পৰাৰ ফলত শিশুৰ মন বস্তুবাদী ধ্যাণ-ধাৰণাৰে ভৰি পৰা পৰিলক্ষিত হৈছে।সাধু কথাৰ লগেলগে আইতাহঁতে দিয়া আদৰ্শ,নীতিশিক্ষা আদিৰ পৰা আজিৰ শিশু বঞ্চিত হৈছে।আইতাৰ মুখৰ মাত-কথা,বচনভংগী আদিৰ মাধুৰ্য শিশুসকলে আজি উপলদ্ধি কৰিব নোৱাৰা হৈছে।স্বকীয় কৃষ্টি-সংস্কৃতিৰ পৰা আতঁৰি গৈ শিশুসকল পৰিচিত হৈছে পাশ্চাত্যৰ ভোগবাদী সংস্কৃতিৰ প্ৰতি।পাশ্চাত্যৰ শিক্ষা-সংস্কৃতিৰ প্ৰতি অাকৃষ্ট হোৱাটো আজিৰ যুগত নিশ্চয় বেয়া কথা নহয়,কিন্তু পাশ্চাত্যৰ ভোগবাদী সংস্কৃতিত উটি স্বকীয়তাক নি:শেষ কৰি পেলোৱা অথবা মানৱীয়তাক হত্যা কৰা ইত্যাদি কথাবোৰ কোনোপধ্যেই সমৰ্থনযোগ্য নহয়।টি.ভি,কম্পিউটাৰ আদি ইলেক্ট্ৰনিক মিডিয়াৰ প্ৰতি বৃদ্ধিপোৱা শিশুৰ অত্যাধিক অনুৰাগৰ ফলত গ্ৰন্থ অধ্যয়ণৰ প্ৰকৃত আনন্দ প্ৰায় শেষ হৈ গৈছে।গ্ৰন্থৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে।আমেৰিকাৰ দৰে যি দেশে বিশ্বজুৰি টেলিভিশ্ব্যন,কম্পিউটাৰ আৰু ইণ্টাৰনেট বিয়পাই দিছিল সেইখন দেশেই আজি গ্ৰন্থৰ প্ৰয়োজনীয়তাক উপলদ্ধি কৰিছে।গতিকে শিশুৰ মানসিকতাত গঢ় লৈ উঠা বিজ্ঞান- প্ৰীতিক আমি নিশ্চয় উৎসাহিত কৰিব লাগিব,কিন্তু গ্ৰন্থৰ অস্তিত্বক আওকান কৰি নহয়।চহৰ-নগৰৰ বহু শিক্ষিত পিতৃ-মাতৃয়ে সন্তানক কিতাপৰ পৰা আতঁৰাই কম্পিউটাৰ প্ৰদত্ত শিক্ষা গ্ৰহণত অধিক গুৰুত্ব দিয়ে আৰু সেয়া বৰ গৌৰৱৰ কথা বুলি ভাৱে।সেয়া গুৰুত্বপূৰ্ণ কথা নহয়।
গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আমি শিশুসকলক বৈজ্ঞানিক দৃষ্টিভংগী প্ৰদান কৰাৰ ক্ষেত্ৰতহে সৰ্বাধিক গুৰুত্ব দিয়া উচিত।এই ক্ষেত্ৰত প্ৰথম আৰু প্ৰধান চৰ্তই হৈছে-ৰক্ষণশীলতাৰ পৰা মুক্তি।আপুনি আপোনাৰ শিশুটিক লৈ ক'ৰবালৈ গৈ থাকোঁতে ক'লা মেকুৰী এজনীয়ে বাট কাটি দিলে যাত্ৰা অমংগল হয় বুলি যুক্তিহীন অন্ধবিশ্বাস এটাৰে শিশুটিৰ মনতো অহেতুক ভয় ভাৱ সৃষ্টি কৰাৰ পৰিৱৰ্তে তেনে অন্ধবিশ্বাসৰ বিৰূদ্ধে যুক্তিবাদী চিন্তাৰ উদ্ৰেক হোৱাত প্ৰেৰণা যোগাওক।আমি এনে কৰিব নাপায়,তেনে কৰিব নাপায়,কৰিলে ভগৱানে পাপ দিব ইত্যাদি কথাবোৰ নীতিগত দিশত শুদ্ধ হ'ব পাৰে,কিন্তু সেই 'নাপায়'বোৰৰ বৈজ্ঞানিক যুক্তি কি তাকো অনুধাৱন কৰিবলৈ আমি শিশুক শিকোৱা উচিত।(সমাপ্ত)
Phone Number--9954249916
Doomdooma
No comments:
Post a Comment