Tuesday, September 17, 2019

বয়:সন্ধিৰ কঠিন সময়


  বয়:সন্ধিৰ কঠিন সময়
                                         বীৰ্কে বি থাপা

      সমগ্ৰ বিশ্বতে আশীৰ দশকত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা এটা বাতৰি আছিল এনেধৰণৰ : নিউয়ৰ্ক চিটি কলেজ এলেকাৰ পুলিচ অফিচাৰ ৰবাৰ্ট বেৰীয়ে অকস্মাতে এদিন এটা বৰ আচৰিত টেলিফোন ক'ল পালে।সেই টেলিফোন ক'ল মৰ্মে অনুসন্ধান কৰিবলৈ গৈ তেওঁ আৱিস্কাৰ কৰিলে -এটা অপৰিস্কাৰ আৰু দুৰ্গন্ধময় গুদাম ঘৰৰ ভিতৰত চৌবিশজন কিশোৰে একেলগে ডিঙিত চিপ লৈ আত্মহত্যা কৰিছে।কিশোৰ কেইজনৰ কিছুমান উলংগ আৰু কিছুমান অৰ্ধ উলংগ অৱস্থাত আছিল।প্ৰকাশিত বাতৰি মতে, গুদাম ঘৰটোৰ বেৰত নগ্ন নাৰীৰ অশালীন পোষ্টাৰ লাগি আছিল আৰু কিশোৰ কেইজনৰ কিছুমানে ছোৱালীৰ অন্তৰ্বাসো পৰিধান কৰি আছিল।ঘটনাৰ পুংখানুপুংখ পৰ্যৱেক্ষণৰ পৰা স্পষ্ট হৈ পৰিছিল যে অৱদমিত যৌন ক্ষুধা সংক্ৰান্ত কাৰণতে কিশোৰ কেইজনে তেনেদৰে আত্মহত্যাৰ পথ বাছি লৈছিল।
      ভাৰতবৰ্ষত এনেধৰণৰ সমূহীয়া আত্মহত্যাৰ ঘটনা বিৰল যদিও জন-সমাজৰ পৰা আঁতৰত নিৰ্জন এলেকা বা নিৰ্জন ঘৰৰ ভিতৰত সোমাই লুকাই-চুৰকৈ অশ্লীল কিতাপ -আলোচনী পঢ়ি,যৌন উত্তেজক ছবি বা চিনেমা-ভিডিঅ' আদি চাই ,বিভিন্ন ৰাগিয়াল দ্ৰব্য সেৱন কৰি ঐন্দ্ৰজালিক তৃপ্তি লাভৰ বাবে যৌৱনৰ সোনালী আৰু সৃষ্টিশীল দিনবোৰক আজিৰ প্ৰজন্মই তিল তিলকৈ ধ্বংস কৰি থকা আমি দেখি আছোঁ।সাম্প্ৰতিক কালত মদ, ভাং, গাঞ্জা, ড্ৰাগচ আদি নিচাজাতীয় দ্ৰব্যৰ প্ৰতি নতুন প্ৰজন্মৰ আসক্তি দ্ৰুতগতিৰে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে।অবিশ্বসনীয়ভাৱে শৈক্ষিক বা চাৰিত্ৰিক দিশত অতি সুনাম থকা ছাত্ৰসকলো এই ক্ষেত্ৰত বাদ পৰি যোৱা নাই ।নীতি, আদৰ্শ, সৎ চৰিত্ৰ, সৎ আচৰণ  আদিৰ বিপৰীতে সকলো সময়তে প্ৰচণ্ড ক্ষোভ আৰু আক্ৰমনাত্মক মনোভাৱ পোষন কৰি থকা নতুন প্ৰজন্মৰ অন্যতম বৈশিষ্ট্য হৈ পৰিছে।প্ৰতিদিনে বাতৰি কাকত,দূৰদৰ্শন আদিৰ জৰিয়তে প্ৰকাশ পাই থকা বিভিন্ন অপৰাধমূলক ঘটনাৰ সৈতে এইসকল যুৱকৰ নাম জড়িত হোৱা কথাষাৰে সচেতন মহলক  চিন্তিত আৰু শংকিত কৰি তুলিছে। চৌদিশে কেৱল এটাই অভিযোগ-আজিৰ প্ৰজন্ম উদণ্ড, বিশৃংখল আৰু আদৰ্শহীন।
      স্বাভাৱিকতে প্ৰশ্ন হয়--যুৱ প্ৰজন্মৰ এই নৈতিক স্খলন বা তেওঁলোকৰ মনত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা অপৰাধ -প্ৰৱণতাৰ প্ৰধান কাৰণ কি?কিয় তেওঁলোকে নিজৰ যৌৱনৰ সোনালী আৰু সৃষ্টিশীল দিনবোৰক ধ্বংস কৰি লক্ষ আৰু আদৰ্শহীন জীৱন একোটা বাছি লয়?ইয়াৰ বাবে দায়ী কোন?
       শিক্ষা মনোবিজ্ঞানৰ দৃষ্টিৰে বয়:সন্ধি কালৰ এক বিশেষ তাৎপৰ্য আছে।কাৰণ, কৈশোৰৰ দেওনা পাৰ হৈ যৌৱনত প্ৰৱেশ কৰা বয়:সন্ধিৰ এই কালছোৱাত শৰীৰ আৰু মনৰ ব্যাপক পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে । ডব্লিউ. এম. ৰাইবাৰ্ণৰ মতে শিশুৰ 12 বছৰ বয়সৰ পৰা 14 বছৰ বয়সলৈ পূৰ্ব বয়:সন্ধি কাল আৰু 14 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈ উত্তৰ বয়:সন্ধি কাল হয়।ড: আৰ্ণেষ্ট জোনচ প্ৰভৃতি অন্যান্য মনোবিজ্ঞানীসকলৰ মতেও জনন সামৰ্থৰ বিকাশৰ কালছোৱাই হ'ল যৌৱন কাল বা বয়:সন্ধিৰ আৰম্ভণি।এই বয়:সন্ধিৰ সময়ছোৱাত মানুহ সুন্দৰ আৰু শক্তিবান হয়।সেইদৰে এই কালছোৱাত ব্যক্তিৰ মনৰো পৰিৱৰ্তন আৰু বিকাশ হয়।শৰীৰ আৰু মনৰ দ্ৰুত বিকাশৰ এই কালছোৱাই প্ৰকৃততে জীৱনৰ আটাইতকৈ জটিল সময় যিটো সময়ত যুৱকসকল অত্যন্ত আৱেগৰ বশৱৰ্তী হৈ দিকভ্ৰান্ত হৈ পৰে।সেইবাবেই কোৱা হয়- Adolescence is the storm and stress of life .
        বয়:সন্ধিৰ সময়ছোৱাত উদ্ৰেক হোৱা কিছুমান অৱস্থা হৈছে --আত্মসচেতনতা(self- consciousness), অত্যাধিক আৱেগ প্ৰৱণতা (emotionality), সামাজিক-চেতনা(social consciousness)  আত্ম সন্মানবোধ(self respect). আত্ম নিৰ্ভৰশীলতা(self dependance), সৃজনাত্মক কল্পনা(creative imagination) আদি ।এই অৱস্থাসমূহ পাৰস্পৰিক সম্বন্ধযুক্ত।সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰিলে দেখা যায় যে  যুৱসমাজত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বিশৃংখলতা বা অপৰাধ-প্ৰৱণতাৰ ক্ষেত্ৰত আমাৰ সমাজ ব্যৱস্থাৰ কিছুমান ত্ৰুটি জড়িত হৈ আছে।আমাৰ সমাজত পূৰ্বৰে পৰা চলি অহা উচ্চ-নীচৰ ভেদাভেদ ,ধনী-দুখীয়াৰ পাৰ্থক্য তথা সমাজ-ব্যৱস্থাৰ সৈতে জড়িত অৰ্থনৈতিক সমস্যা, ৰাজনৈতিক বিশৃংখলতা, পুঁজিবাদী আগ্ৰাসন, প্ৰতিপত্তিশীল শ্ৰেণীৰ তোষণ-নীতি আৰু বিত্ত-প্ৰদৰ্শনকামী মানসিকতা আদিয়ে স্বাভাৱিকতে এক শ্ৰেণীৰ দুৰ্বল আৰু ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত লোকসকলৰ মনত বিক্ষোভৰ সৃষ্টি কৰে। এই বিক্ষোভ সমাজৰ সৰ্বসাধাৰণ শ্ৰেণীৰ লোকসকলৰ বুকুত উমি উমি জ্বলি থাকে আৰু সেই উমি উমি জ্বলা জুইয়েই অগ্নি-স্ফুলিংগৰ ৰূপত প্ৰকাশ পায় উঠি অহা যুৱক-যুৱতীসকলৰ মাজেৰে।সমাজত চলি থকা অন্যায় অত্যাচাৰ, শোষন-উৎপীড়ন আদিয়ে নতুন প্ৰজন্মৰ মানসিকতাত সৃষ্টি কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বহি:প্ৰকাশ হিচাপে তেওঁলোকে প্ৰচলিত সমাজ-ব্যৱস্থাৰ বিৰূদ্ধে থিয় দিব বিচাৰে অথবা সমাজ-ব্যৱস্থাৰ প্ৰতি তেওঁলোক বীতশ্ৰদ্ধ হৈ পৰে।এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত বহু সময়ত তেওঁলোকে প্ৰকাশ্যে সমাজ-ব্যৱস্থাৰ সমস্ত গাঁথনি পৰিৱৰ্তন কৰিবলৈ আগবাঢ়ি আহে । আশীৰ দশকত ভাৰতবৰ্ষৰ লগতে তৃতীয় বিশ্বৰ অন্যান্য দেশসমূহত গঢ় লৈ উঠা ছাত্ৰ-বিক্ষোভ সমূহেই ইয়াৰ উদাহৰণ।আনহাতে সমাজ-ব্যৱস্থাৰ বিৰূদ্ধে প্ৰকাশ্যে থিয় দিয়াৰ সাহস নকৰা এচাম যুৱক প্ৰচণ্ড হতাশাত ভোগে।এই হতাশাগ্ৰস্ত যুৱক-যুৱতীসকলে ভৱিষ্যৎ সম্পৰ্কে সম্পূৰ্ণ নিৰাশা বুকুত লৈ যৌৱনৰ সকলো সম্ভাৱনীয়তাক তিলে তিলে ধ্বংস কৰি যায়। তেনেদৰে যুৱ মন:স্তত্বত প্ৰবল হতাশাৰ সৃষ্টি কৰা অন্যান্য কিছুমান কাৰক হৈছে-অত্যধিক ভাৱ-প্ৰৱণতা,যৌন-চিন্তা, শাৰীৰিক অক্ষমতা বা বিকলাংগ অৱস্থা,ভগ্ন-স্বাস্থ্য ,আৰ্থিক দূৰাৱস্থা আদি।আত্মচেতনা বা আত্মসন্মানবোধত লগা কিছুমান আঘাতেও তেওঁলোকৰ মনত হতাশা বা নীচাত্মিকাবোধৰ সৃষ্টি কৰে।
       বৰ্তমান যুগত দ্ৰুতগতিৰে বৃদ্ধি পাই অহা যুৱ-উচ্ছৃংখলতা আৰু অপৰাধ প্ৰৱণতাৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে মানৱীয় প্ৰমূল্য আৰু আদৰ্শৰ বিপৰীতে আজিৰ প্ৰজন্মই আকোঁৱালী লোৱা পশ্চিমীয়া ভোগবাদী সংস্কৃতিয়েই ইয়াৰ বাবে প্ৰধানকৈ দায়ী।বয়সন্ধিৰ সময়ছোৱাত যুৱ-মনস্তত্বক গভীৰভাৱে প্ৰভাৱিত কৰা অন্যতম কাৰক হৈছে প্ৰচণ্ড যৌনাৱেগ। স্বাভাৱিকতে তেওঁলোক এই সময়ছোৱাত বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হৈ উঠে আৰু নৰ-নাৰীৰ গোপন যৌন -সম্পৰ্কৰ বিষয়ে জানিবলৈ গভীৰভাৱে আগ্ৰহী হয়।অকল সেয়ে নহয়,যৌৱন উন্মেষৰ লগে-লগে স্বাভাৱিক প্ৰবৃত্তি অনুসৰি তেওঁলোকৰ যৌন-বাসনাও জাগৃত হয় আৰু এই বাসনা চৰিতাৰ্থ কৰিবলৈ ব্যাকুল হৈ পৰে।এনে  অৱস্থাত তেওঁলোকে সততে  বিপৰীত লিংগৰ বন্ধু-বান্ধৱীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা, সমকামীতা বা বিকৃত যৌন কৰ্মত লিপ্ত হোৱা, মাদক আৰু যৌন-উত্তেজক দ্ৰব্য সেৱন কৰা,অশ্লীল কিতাপ-আলোচনী আৰু চিনেমা আদিত মনোনিৱেশ কৰা,লগ-সংগ ত্যাগ কৰি নিৰ্জন কোঠাত অকলশৰে বাস কৰা ইত্যাদিৰ দৰে অপকৰ্মত লিপ্ত হোৱা দেখা যায়।বহু সময়ত তেওঁলোকে অতিশয় উত্তেজনাত বিচাৰ-বুদ্ধি,চিন্তাশক্তি আদি সকলো হেৰুৱাই ধৰ্ষণৰ দৰে নীচ কাৰ্যও সংঘটিত কৰে।বিভিন্ন পৰ্যৱেক্ষণৰ পৰা এই কথাও জানিব পৰা গৈছে যে একো একোখন দেশৰ যুৱশক্তিক সকলো সৃষ্টিশীল কাৰ্যৰ পৰা আঁতৰাই তেওঁলোকক কেৱল যৌন-চিন্তাতে নিমগ্ন কৰি ৰখাৰ অন্তৰালত কিছুমান অপশক্তিয়ে অহৰহ চেষ্টা কৰি থাকে। উদাহৰণ স্বৰূপে,ভিয়েটনামৰ স্বাধীনতা যুদ্ধৰ সময়ছোৱাত তাৰ যুৱকসকলে যেতিয়া হাতত অস্ত্ৰ তুলি লৈছিল সেইসময়ত সাম্ৰাজ্যবাদী মাৰ্কিন শক্তিয়ে সেই যুৱশক্তিক পংগু আৰু দুৰ্বল কৰি তোলাৰ উদ্দেশ্যে বাটে-পথে সুলভ মূল্যৰ উৎকট যৌনতাপূৰ্ণ কিতাপ-আলোচনী,অশ্লীল ছবি আদিৰে ওপচাই দিছিল।আজিও একেদৰে কেতিয়াবা ৰাজনৈতিক শক্তিয়ে,কেতিয়াবা ব্যৱসায়ী-পুঁজিবাদী শক্তিয়ে বিভিন্ন স্বাৰ্থত অশ্লীল কিতাপ-আলোচনী, পৰ্ণ'গ্ৰাফিক ভিডিঅ'-চলচিত্ৰ তথা গাঞ্জা, ভাং,ড্ৰাগচ আদিৰ ব্যাপক সৰবৰাহৰ যোগেদি যুৱশক্তিক দুৰ্বল-শক্তিহীন কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।ইণ্টাৰনেটৰ জৰিয়তে পৰ্ণগ্ৰাফিক চাইটসমূহ মুকলি কৰি দি যুৱকসকলক বিকৃত আৰু অপ্ৰাকৃতিক যৌনসম্ভোগ পদ্ধতিৰ প্ৰতি আসক্ত কৰি তেওঁলোকৰ প্ৰেম-ভালপোৱা আদি মানৱীয় অনুভূতিৰ বিষয়সমূহক সমুলি নি:শেষ কৰি পেলোৱা হৈছে।ফলত প্ৰেম-ভালপোৱাৰ দৰে বিষয়বোৰ কেৱল পবিত্ৰ আত্মিক সম্পৰ্ক হৈ নাথাকি যৌন সম্পৰ্কলৈ ৰূপান্তৰিত হৈছে।পশ্চিমীয়া দেশবোৰৰ কথা বাদেই,ভাৰতবৰ্ষৰ দৰে দেশৰো মেট্ৰ'পলিটান চহৰ-মহানগৰ সমূহত অস্বাভাৱিকভাৱে বিবাহ-পূৰ্ব আৰু বিবাহোত্তৰ অবৈধ যৌন সম্পৰ্কৰ ঘটনা দ্ৰুত গতিৰে বৃদ্ধি পাই আহিছে।1983 চনত চলোৱা এটি সমীক্ষা অনুসৰি চেন্নাইৰ (তাহানিৰ মাদ্ৰাজ) দৰে ৰক্ষণশীল  সমাজৰ প্ৰায় ন হাজাৰ ছাত্ৰ-ছাত্ৰীৰ 52.4 শতাংশই ৰক্ষণশীলতাৰ বিপৰীতে বিবাহপূৰ্ব যৌন স্বাধীনতাৰ সপক্ষে মত পোষন কৰিছিল।আনহাতে বোম্বাইৰ Family Planning Association নামৰ এটি সংস্থাৰ সমীক্ষাতো কোৱা হৈছিল যে আশীৰ দশকত গৰ্ভপাত কৰোৱা মহিলাৰ 16 শতাংশই আছিল অবিবাহিতা।ইয়াৰ পৰাই স্পষ্ট হয় যে বিবাহৰ পূৰ্বেই যৌন অভিজ্ঞতা লাভ কৰাৰ প্ৰৱণতা যুৱ -সমাজত বৃদ্ধি পাই আহিছে।তেনেদৰে চহৰ-মহানগৰৰ উচ্চবিত্ত সমাজত পশ্চিমীয়া ভোগবাদী সংস্কৃতিৰ প্ৰভাৱত গঢ় লৈ উঠা বিবাহোত্তৰ অবৈধ যৌন সম্পৰ্ক,গ্ৰুপ চেক্স,ৱাইফ শ্বোৱেপিং (wife swapping) আদিৰ দৰে বিষয়সমূহ ইণ্টাৰনেটৰ জৰিয়তে ব্যাপকভাৱে প্ৰচাৰ হোৱাৰ ফলস্বৰূপে যুৱ-প্ৰজন্মৰ মন -মস্তিষ্ক তেনেবোৰ বিষয়ৰ প্ৰতি আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে।এনে প্ৰৱণতাৰ বাবেই গঢ় লৈ উঠা অবৈধ সম্পৰ্কৰ পৰিণতি স্বৰূপেও বহুসময়ত যৌন-সংক্ৰান্ত অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই অহা বুলি অনুমান কৰিব পাৰি।
       যুৱ-প্ৰজন্মৰ মানসিকতাক গভীৰভাৱে প্ৰভাৱিত কৰা এটা বিষয় হৈছে ফ্যেশ্বন।প্ৰকৃততে ক'বলৈ গ'লে 'ফ্যেশ্বন' বোলা বস্তুটো আধুনিক যুগৰ এক দূৰাৰোগ্য ব্যাধি।এই ব্যাধিয়ে আজি সমাজৰ প্ৰায় সকলো শ্ৰেণীৰ মানুহক স্পৰ্শ কৰিছে।অৰ্থনৈতিকভাৱে অস্বচ্ছল শ্ৰেণীৰ যুৱক-যুৱতীসকলে নিজৰ দাৰিদ্ৰ অৱস্থাক লুকুৱাবৰ বাবে সততে ফ্যেশ্বনৰ দৰে কৃত্ৰিম ব্যৱস্থা এটাৰ আশ্ৰয় লোৱা দেখা যায়।ফ্যেশ্বনৰ সোঁতত লক্ষহীনভাৱে উটি যোৱা এই সকল যুৱকৰ মনস্তত্বক ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰে চতুৰ ব্যৱসায়ী শ্ৰেণীয়ে।বিভিন্ন ধৰণৰ বিজ্ঞাপন প্ৰচাৰৰ জৰিয়তে পুঁজিপতি  ব্যৱসায়ী গোষ্ঠীয়ে যুৱক-যুৱতীসকলৰ মনত কৃত্ৰিম অভাৱবোধ সৃষ্টি কৰে আৰু এনে ধাৰণাৰ সৃষ্টি কৰে যেন বিলাসিতাপূৰ্ণ ফ্যেশ্বন অবিহনে আজিৰ যুগত জীয়াই থকাই অৰ্থহীন।ফলত এনে অৱস্থাৰ উদ্ভৱ হৈছে যেন দামী কাপোৰ-কানি পিন্ধি বাইক-গাড়ী-মটৰত উঠি নুফুৰিলে,বিলাসী ৰেস্টুৰেণ্টত বহি চিকেন বিৰিয়ানী নাখালে মানুহক মানুহ বুলি গণ্যই কৰা নহয়।কলেজলৈ পঢ়িবলৈ যোৱা দুখীয়া ল'ৰাৰ মনত আধুনিক যুগৰ এনে ফ্যেশ্বনবহুল ব্যৱস্থাপনাই কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে সেয়া সহজে অনুমেয়।বহু সময়ত এনেকুৱাও হয় যে নিজৰ ঘৰৰ আৰ্থিক দূৰৱস্থাৰ কথা সকলো বুজাৰ পাছতো নিজৰ দৈন্য অৱস্থাক ঢাকিবৰ বাবে বহুতে পিতৃ-মাতৃক বাইক-মটৰ চাইকেল, কম্পিউটাৰ-লেপটপ ,দামী মোবাইল আদি কিনি দিবলৈ জোৰ কৰাও দেখা যায়। আক্যাংক্ষিত বস্তু নাপালে পিতৃ-মাতৃ, অভিভাৱকসকলৰ প্ৰতি বীতশ্ৰদ্ধ হোৱা,চুৰি-প্ৰবঞ্চনাৰ দৰে কাৰ্যত লিপ্ত হোৱা বা অত্যধিক আৱেগপ্ৰৱণতাৰ বশৱৰ্তী হৈ কেতিয়াবা তেওঁলোকে আত্মহত্যাৰ দৰে কাৰ্যও কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰা হয়গৈ।অকল সেয়ে নহয়,ফ্যেশ্বনৰ সোঁতত উটি যোৱা যুৱক-যুৱতীসকলৰ বাবে প্ৰেম,ভালপোৱা,দয়া-মমতা আদিৰ দৰে মানৱীয় আৱেগ-অনুভূতিৰ দৰে বিষয়বোৰ তেনেই অৰ্থহীন হৈ পৰে।প্ৰেম-ভালপোৱাৰ দৰে বিষয়বোৰ অৰ্থ-সৰ্বস্ব হৈ পৰে।আৰ্থিক দুৰ্দশাগ্ৰস্ত যুৱককলৰ বাবে প্ৰেম হৈ পৰে কেৱল এক অভিশাপ।প্ৰেমত বিফল যুৱকসকলে বুকুত কঢ়িয়াই লৈ ফুৰিবলগীয়া হয় ব্যৰ্থতাৰ গ্লানি,অপমান,দুখ-যন্ত্ৰণা আৰু নীচাত্মিকাবোধ।ফলত প্ৰেমৰ প্ৰতি তেওঁলোকৰ মনত ঘৃণাৰ উৎপত্তি হয়।বহুসময়ত এই ঘৃণাই হিংসাৰ ৰূপ পৰিগ্ৰহণ কৰে আৰু  প্ৰেমজনিত অপৰাধ সংঘটিত হয়।
     গতিকে বয়:সন্ধিৰ কালছোৱাত বৃদ্ধি পোৱা চাৰিত্ৰিক স্খলন,অপৰাধ প্ৰৱণতা আদিৰ অন্তৰালত থকা মনস্তাত্বিক কাৰণসমূহ  সূক্ষ্মভাৱে পৰ্যৱেক্ষণ তথা  বিস্তৃত ৰূপত counselingৰ ব্যৱস্থা কৰা উচিত।আদৰ্শ, নৈতিকতা, মানৱীয় প্ৰমূল্য আদিৰ তাৎপৰ্য, প্ৰচণ্ড যৌনাৱেগ,অপ্ৰাকৃতিক যৌন-সম্ভোগ ,ৰাগিয়াল দ্ৰব্য সেৱনৰ অপকাৰিতা ইত্যাদি বিষয়ৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰাটো আজিৰ সময়ৰ পৰিপ্ৰেক্ষিতত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।আনুষ্ঠানিক ভাৱে যৌন শিক্ষা প্ৰদান কৰা বিষয়টো পশ্চিমীয়া দেশসমূহত  সাধাৰণ কথা যদিএ ৰক্ষণশীল মানসিকতাৰ বাবে আমাৰ সমাজ ব্যৱস্থাত ই আজিও সম্ভৱপৰ হৈ উঠা নাই।আমাৰ বৰ্তমান কালৰ শিক্ষা ব্যৱস্থালৈকে মন কৰিলে এনেবোৰ বিষয়ত কিবা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা কথা কোনোবাই ক'ব পাৰিবনে?অথচ আমি দেখি আহিছোঁ -বিষয়টো দিনক দিনে জটিলতৰ হৈ আহি আছে । গতিকে যৌৱনৰ সৃষ্টিশীলতাক ৰক্ষা কৰি তাক সুন্দৰ ৰূপত গঢ়ি তোলাৰ স্বাৰ্থতে ৰক্ষণশীল মানসিকতাৰ বিপৰীতেও  কিছু পদক্ষেপ গ্ৰহণ  কৰাটো অনিবাৰ্য হৈ পৰিছে।অন্যথা বয়:সন্ধিৰ কঠিন সময়ে যুৱ-প্ৰজন্মৰ শক্তি আৰু সৃষ্টিশীলতাক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব।(সমাপ্ত)

বি:দ্ৰ: 'অসম আদিত্য' আৰু 'নিয়মীয়া বাৰ্তা'ত প্ৰকাশিত  ।

Friday, September 6, 2019

স্মৃতিগন্ধা

          ডুমডুমা মহাবিদ্যালয়ৰ
গৌৰৱোজ্জ্বল পঞ্চাশ বছৰৰ সোণালী স্মাৰক:
                  'স্মৃতিগন্ধা'
                                   --- বীৰ্কে বি. থাপা

       সুন্দৰ আৰু আকৰ্ষণীয় প্ৰচ্ছদ, অলংকৰণ, আলোকচিত্ৰ  আৰু অলেখ  তথ্যসমৃদ্ধ লেখনিৰে প্ৰকাশ পোৱা ডুমডুমা মহা বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ  স্মৃতিগ্ৰন্থখন হাতত লৈয়ে ভাল লাগি গ'ল।১৯৬৭ চনত স্থাপিত ডুমডুমা মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল পঞ্চাশ বছৰৰ  সুদীৰ্ঘ পথ পৰিক্ৰমা,ইয়াৰ ইতিহাস আৰু ঐতিহ্যক আলোকিত কৰিবলৈ ড:ৰিঞ্জুমণি শৰ্মাই স্মৃতিগ্ৰন্থখনৰ দায়িত্বত থাকি প্ৰায় এটা বছৰ যি চেষ্টা আৰু কষ্ট স্বীকাৰ কৰিছিল সেয়া সুন্দৰকৈ প্ৰতিফলিত হৈ উঠিছে স্মৃতিগ্ৰন্থখনিৰ প্ৰতিখিলা পৃষ্ঠাত।পাঠকৰ মন মোহিব পৰাকৈ স্মৃতিগ্ৰন্থখনি সুন্দৰ অলংকৰণ আৰু অংগসজ্জাৰে মুদ্ৰন কৰি উলিওৱা ডিব্ৰুগড়ৰ 'ডিজাইনাৰ গ্ৰাফিক্স' ইয়াৰ বাবে অৱশ্যেই ধন্যবাদৰ যোগ্য।
       ইতিমধ্যে কেইবাখনো অাটকধুনীয়া আৰু তথ্যসমৃদ্ধ স্মৃতিগ্ৰন্থ সম্পাদনা কৰা  ড:ৰিঞ্জুমণি শৰ্মাই তেখেতৰ পূৰ্বৰ অভিজ্ঞতাৰে  ডুমডুমা মহাবিদ্যালয়ৰ সুদীৰ্ঘ পঞ্চাশ বছৰৰ ইতিহাস আৰু ঐতিহ্যক একোটা দলিল স্বৰূপে প্ৰায় চাৰিশ পৃষ্ঠাৰ 'স্মৃতিগন্ধা'ত প্ৰতিফলিত কৰিবলৈ সুপৰিকল্পিত ভাৱে লেখনিসমূহক সুকীয়া সুকীয়াকৈ কেইবাটাও শিতানত অতি সুন্দৰ ৰূপত বিভক্ত কৰিছে।  
       সূচীপত্ৰলৈ দৃষ্টি নিক্ষেপ কৰিলেই দেখা  যায়-প্ৰথমটো শিতান সজোৱা হৈছে 'ঐতিহ্য আৰু ঐশ্বৰ্য' শিৰোনামেৰে।এই শিতানত সন্নিৱিষ্ট কৰা হৈছে মহাবিদ্যালয়খনৰ অধ্যয়ণ-অধ্যাপনাৰ সৈতে জড়িত বত্ৰিশ গৰাকী লেখকৰ লেখা য'ত অালোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে-মহাবিদ্যালয়খনৰ জন্মলগ্নৰ ইতিহাসৰ পৰা অাৰম্ভ কৰি বৰ্তমানলৈকে কলা,বিজ্ঞান,বাণিজ্য অাদি বিভিন্ন বিভাগৰ উপৰিও ইয়াৰ ক্ৰীড়া আৰু সাংস্কৃতিক জগত, সাহিত্য ক্ষেত্ৰ,শিল্প- চৰ্চা,পুথিভঁৰাল,এন.চি.চি,শিক্ষক গোট,মহিলা কোষ,ছাত্ৰ একতা সভা,শৈক্ষিক প্ৰগতি,প্ৰশাসনিক ব্যৱস্থা ইত্যাদি বিষয়বোৰত মহাবিদ্যালয়খনে সুদীৰ্ঘ পঞ্চাশ বছৰৰ পথ পৰিক্ৰমাত লাভ কৰা সাফল্যৰ চিত্ৰ ।ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে আজীৱন চেষ্টা কৰি যোৱা প্ৰয়াত ৰবীন চৌধুৰীচাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলী হিচাপে ইতিপূৰ্বে মহাবিদ্যালয় আলোচনীত প্ৰকাশিত 'অধ্যক্ষৰ মেজৰ পৰা'শীৰ্ষক লেখাটিৰ পুনৰ্মুদ্ৰণেৰে শিতানটি আৰম্ভ কৰা হৈছে।এই শিতানত  প্ৰাক্তন উপাধ্যক্ষা বীণাদেৱী বৰদলৈয়ে লিখা 'ডুমডুমা মহাবিদ্যালয়লৈ আৰ্থিক বৰঙণি যোগোৱা ব্যক্তি আৰু অনুষ্ঠানসমূহ' শীৰ্ষক নিবন্ধটিত  মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ ইতিহাস আৰু বৰ্তমানৰ ৰূপ পোৱালৈকে মহাবিদ্যালয়খনৰ উন্নয়ণ ও আন্তৰ্গাথনিৰ বাবে অাৰ্থিক অৱদান আগবঢ়োৱা বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান -প্ৰতিষ্ঠানসমূহৰ বিশদ বিবৰণ দিয়া হৈছে।।ক'বলৈ গ'লে স্মৃতিগ্ৰন্থখনৰ বাটচ'ৰাতে প্ৰকাশ পোৱা এই নিবন্ধটিয়ে মহাবিদ্যালয়খনৰ সুদীৰ্ঘ পঞ্চাছ বছৰে লুকাই থকা নেপথ্যৰ এখনি চিত্ৰক অতি সুন্দৰ ৰূপত তুলি ধৰিছে।সেইদৰে ড:অাজিবুৰ ৰহমানে লিখা 'ৰিচাৰ্চ ষ্টেটাচ এণ্ড একাডেমিক কালচাৰ অফ ডুমডুমা কলেজ' শীৰ্ষক ইংৰাজী নিবন্ধটিত আলোকপাত কৰা হৈছে  মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে পৰিস্ফুত হৈ উঠা শৈক্ষিক আৰু প্ৰশাসনিক দিশ তথা ইয়াৰ শিক্ষক-অধ্যাপকসকলে  বিগত কালছোৱাত আৰু বৰ্তমানে চলাই থকা বিভিন্ন বিষয়ৰ গৱেষণা,প্ৰজেক্ট,প্ৰকাশন(ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন জাৰ্ণেলত) ,চেমিনাৰ,কৰ্মশালা আদিৰ বিশদ আৰু পাৰিসাংখিক বিবৰণ।বৰ্তমানৰ অধ্যক্ষ ড: প্ৰকাশ জ্যোতি বৰঠাকুৰৰ 'সাম্প্ৰতিক সময়ত ডুমডুমা মহাবিদ্যালয়' আৰু ড: দীপশিখা গগৈ হাজৰিকাৰ 'শৈক্ষিক ফলাফলৰ ক্ৰমাগত উত্তৰণেৰে ডুমডুমা মহাবিদ্যালয়ৰ স্বৰ্ণিল যাত্ৰা' শীৰ্ষক নিবন্ধতো প্ৰকাশ পাইছে শিক্ষা আৰু আন্ত:গাঁথনিৰ সুন্দৰ চিত্ৰ।তাৰোপৰি ড:গিৰিশ কোঁৱৰ,ড:অৰুণা গগৈ বৰুৱা,প্ৰণীতা সন্দিকৈ,চন্দ্ৰ কান্ত সন্দিকৈ,ড:মন্দিৰা দাস,মনোজ দত্ত আদিৰ প্ৰবন্ধত আলোকপাত কৰা হৈছে মহাবিদ্যালয়খনৰ ক্ৰমে বাণিজ্য, অসমীয়া, অৰ্থনীতি, ৰাজনীতি, বাংলা আৰু বিজ্ঞান বিভাগৰ অতীত আৰু বৰ্তমানৰ ৰূপ।অৱসৰ প্ৰাপ্ত গ্ৰন্থাগাৰ সহায়িকা পূৰ্ণিমা কোঁৱৰ,মেজৰ গীতা গোস্বামী, মাধুৰ্য মহন্ত অাৰু ড:ৰুমী খালেন,তথা ড:বিদিশা মহন্ত হাজৰিকা আৰু ড:ৰিঞ্জুমণি শৰ্মাৰ প্ৰবন্ধত  মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰ,এন.চি.চি. বিভাগ,সংগীত আৰু সাংস্কৃতিক চিন্তা-চৰ্চা,সাহিত্য-জগত অাদিৰ  চিত্ৰ সজীৱ হৈ উঠিছে।একেদৰে এই শিতানত মহাবিদ্যালয়ৰ শিক্ষক গোট, ,মহিলা কোষ,কাৰ্যালয়,ক্ৰীড়া জগত,প্ৰকৃতি ঐক্যমঞ্চ,ছাত্ৰ একতা সভা,প্ৰাকৃতিক পৰিৱেশ,শিল্প কলা আৰু শিল্প চৰ্চা,নাকৰ মূল্যায়ণ,ৰাষ্ট্ৰীয় সেৱা অাঁচনি অাদিকে ধৰি মহাবিদ্যালয়খনৰ সামগ্ৰিকভাৱে প্ৰায় সকলোবোৰ দিশকে সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে ।
         স্মৃতিগ্ৰন্থখনিৰ দ্বিতীয়টো শিতান আৰম্ভ হৈছে 'ব্যক্তি অাৰু ব্যক্তিত্ব' শিৰোনামেৰে।এই শিতানত উপাধ্যক্ষ চবিন বৰ্মন,ড:ৰিঞ্জুমণি শৰ্মা অাৰু হিৰণ বৈশ্য দত্তই  মহাবিদ্যালয়খনৰ উন্নয়ণৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰিছে।স্মৰ্তব্য ব্যক্তিসকলৰ ভিতৰত অাছে ডুমডুমা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ অধ্যক্ষ সৰোজ দত্ত তথা পৰৱৰ্তী কালৰ অধ্যক্ষ ৰায়হান শ্বাহ অাৰু ৰবীন চৌধুৰীৰ পৰা অাৰম্ভ কৰি  মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা ও পৰিচালনা সমিতিৰ সৈতে জড়িত যোগেন্দ্ৰ নাথ ডেকা,মলিয়া তাঁতী,শ্যামা প্ৰসাদ মেধি,ৰাজ্যমল ডেকা অাদিৰ দৰে অলেখ মহানুভৱ ব্যক্তি তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ছান্দকী হৰিজন,অমৃত ডেকাৰ দৰে বহুকেইগৰাকী লোক।মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক যোগেন্দ্ৰ নাথ ডেকাৰ বিষয়ে বিশদভাৱে লিখিছে ডুমডুমাৰ এগৰাকী বিশিষ্ট সাংবাদিক অৰ্জুন বৰুৱাই।উল্লেখযোগ্য যে অৰ্জুন বৰুৱা অাছিল মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ প্ৰথম সাধাৰণ সম্পাদক।প্ৰাক্তন ছাত্ৰী হেমপ্ৰভা মৰাণ অাৰু অসমীয়া কাব্য জগতৰ বিশিষ্ট কবি শ্বৰীফা খাতুন চৌধুৰীৰ নিবন্ধত অালোকপাত কৰা হৈছে- ডুমডুমাৰ বায়ু-পানীৰে লালিত হৈ অসমৰ সংস্কৃতি অাৰু সাহিত্য জগতত সকলোৰে পৰিচিত হৈ পৰা প্ৰখ্যাত অভিনেতা অাব্দুল হক চৌধুৰী অাৰু  কবি হৰি বৰকাকতিৰ জীৱন অাৰু ব্যক্তিত্বৰ সুন্দৰ অালেখ।প্ৰাক্তন ছাত্ৰী জুনুমণি বৰা অাৰু অধ্যাপক নগেন বৰদলৈয়ে লিখিছে ক্ৰমে বিশিষ্ট সমাজসেৱী তথা জনজাতীয় অান্দোলনৰ নেতা প্ৰয়াত গকুল সোনোৱাল অাৰু ইতিমধ্যে ঝুমইৰ গীতেৰে সুখ্যাতি অৰ্জণ কৰা প্ৰাগ চিনে এৱাৰ্ড বিজয়ী দুলাল মানকিৰ বিষয়ে।অান এগৰাকী প্ৰাক্তন ছাত্ৰ বীৰ্কে বাহাদুৰ থাপাই এই শিতানতে ডুমডুমাৰ কথাশিল্পী যোগেশ দাস অাৰু নিৰোদ চৌধুৰীৰ গল্পৰ এটি নিৰপেক্ষ অাৰু তুলনামূলক পৰ্যালোচনা অাগবঢ়াইছে।
       'সোণোৱালী সোঁৱৰণ' শীৰ্ষক শিতানত ডুমডুমা মহাবিদ্যালয়ত অধ্যয়ণ-অধ্যাপণ কৰি থকা কালৰ বিভিন্ন সোণসেৰিয়া স্মৃতিৰ ৰোমন্থন কৰিছে ড: প্ৰফুল্ল মেধি,বীণা ডেকা,ৰমেশ গোস্বামী,অনুপম বৰুৱা,উষা ৰাজকুমাৰী গগৈ,ভৱভূতি শংকৰ বৰুৱা,প্ৰণতি বৰুৱা,ড: নিৰোদ বৰুৱা,ড:শশীকান্ত শইকীয়া অাদিকে ধৰি প্ৰায় দুকুৰি লেখকে।ইংৰাজী নিৱন্ধেৰে স্মৃতি ৰোমন্থন কৰি লিখা লেখক সকলৰ ভিতৰত অৱসৰ প্ৰাপ্ত অধ্যাপক ৰাজেন বৰুৱা অাৰু ড: টি যোচেফ খ্ৰীষ্ট'ডচৰ নাম বিশেষ উল্লেখযোগ্য।কৰ্মসূত্ৰে সুদূৰ দক্ষিনৰ পৰা অাহি অসমীয়া মাত-কথা প্ৰথমে একো নজনা-নুবুজাকৈ ডুমডুমা মহাবিদ্যালয়ত যোগদান কৰি ছটা বছৰ কটোৱা অাৰু কৰ্মজীৱনৰ এই কালছোৱাত সহকৰ্মী সকলৰ পৰা অাৰু বিশেষকৈ অধ্যক্ষ ৰবীন চৌধুৰীচাৰৰ পৰা পোৱা সহায়-সহযোগিতাৰ কথা  ড:খ্ৰীষ্টডাচে বৰ কৃতজ্ঞতাৰে তেখেতৰ প্ৰৱন্ধত উল্লেখ কৰিছে।এই শিতানত প্ৰকাশ পোৱা অন্যান্য প্ৰবন্ধ (বিশেষকৈ প্ৰণতি বৰুৱাৰ 'সোঁৱৰণিৰ সুৱাগ বুটলি',ড:শশীকান্ত শইকীয়াৰ 'হেৰুওৱা চিঠিৰ দুখ অাৰু অন্যান্য',শীলা সোনোৱালৰ 'স্মৃতিৰ পটত ডুমডুমা মহাবিদ্যালয় অাৰু অসমীয়া বিভাগ',দ্বিজেন শৰ্মাৰ 'মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল',অাজাদ হুচেইনৰ 'ডুমডুমা মহাবিদ্যালয়ৰ মাটি চাবলৈ যোৱা দিনটো সুঁৱৰি' অাদি)সমুহেও বিগত দিনৰ স্মৃতিক সজীৱ কৰি তুলিবলৈ সক্ষম হৈছে।
      'সাক্ষাৎকাৰ প্ৰসংগ' শীৰ্ষক শিতানটিত সন্নিৱিষ্ট কৰা হৈছে ডুমডুমা মহাবিদ্যালয়ত প্ৰথম নামভৰ্তি কৰা ছাত্ৰ যজ্ঞৰাম শইকীয়া,অান্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিখ্যাত মনোৰোগ চিকিৎসক ডুমডুমাৰ কৃতি সন্তান ডা:দীপালি দত্ত,মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰথম সম্পাদক অৰ্জুন বৰুৱা,হান্দুক নামৰ কথাছবিখনৰ জৰিয়তে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন ছাত্ৰ জয়চেং জয় দহোতীয়া তথা বাঁহ-বেত অাদিৰ পৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে অাত্মনিৰ্ভৰশীল হৈ  ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অান এগৰাকী প্ৰাক্তন ছাত্ৰ লেনিন বুঢ়াগোহাঁইৰ সৈতে হোৱা সাক্ষাৎকাৰ।
     স্মৃতিগ্ৰন্থখনিৰ 'বিবিধা' নামৰ শিতানটিত জ্ঞানৰ শাস্ত্ৰীয় ও দাৰ্শনিক ব্যাখা সুন্দৰকৈ দাঙি ধৰিছে অৱসৰপ্ৰাপ্ত অধ্যক্ষ বদন শৰ্মাই।'অচিন মানুহ চিনাকী মন' শীৰ্ষক লেখাটিত সুলেখক বেণু বৰাই তেখেতৰ নিজস্ব কথনশৈলীৰে বৰ সুন্দৰকৈ বাণীকান্ত কাকতিৰ 'সাহিত্য অাৰু প্ৰেম' নামৰ কিতাপখনৰ অালমত ডাণ্টে-বিয়েত্ৰিছ,ওমৰ খায়াম, অম্বিকাগিৰি ৰায়চৌধুৰী, কালিদাস, মেকবেথ,ক্লিউপেট্ৰা,নাঁপলেয়ঁ বোনাপাৰ্ট অাদিৰ প্ৰেম কাহিনী উল্লেখ কৰিছে। মানৱ জীৱনৰ প্ৰতিটো সাফল্য বা কৃতকাৰ্যতা অাৰু যিকোনো মহৎ সাহিত্য সৃষ্টিৰ অাঁৰত যে নাৰী অফুৰন্ত প্ৰেৰণা হৈ থাকে সেই কথাই তেখেতে এই অামোদজনক লেখাৰ জৰিয়তে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।এই শিতানতে ড:অৰুণা গগৈ বৰুৱাই  তিনিচুকীয়া জিলাৰ কবি অাৰু কবিতা সম্পৰ্কে,ধীৰেন ডেকাই ভাৰতবৰ্ষৰ ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা সম্পৰ্কে, ড:কাৱেৰী  বৰ পূজাৰী শৰ্মাই সংগীতৰ ক্ষেত্ৰত অসমৰ মহিলা সম্পৰ্কে ,দেৱেন ডেকাই ডুমডুমাৰ সাংস্কৃতিক জগত সম্পৰ্কে তথা অধ্যাপক দীপক ৰঞ্জণ বৰুৱাই "জনজীৱনত সমাহাৰ ঘটা নৃ-গোষ্ঠীয় মূলৰ মানুহৰ দুখৰীয়া ছবি' শীৰ্ষক তথ্যসমৃদ্ধ নিবন্ধ লিখাৰ উপৰিও প্ৰয়াত যদু বৰপূজাৰীৰ ইতিপূৰ্বে প্ৰকাশিত 'জাতীয় চৰিত্ৰ গঠনত ললিত কলা' অাৰু ডুমডুমা নাট্য মন্দিৰৰ ঐতিহ্য সম্পৰ্কে নাট্য সম্ৰাট চন্দ্ৰ চৌধুৰীয়ে লিখা 'অসমৰ এখন যুগান্তৰিক নাট্যমঞ্চ' শীৰ্ষক লেখাটি পুনৰ্মূদ্ৰন কৰা হৈছে।
      স্মৃতি গ্ৰন্থ এখনৰ মানদণ্ড নিৰ্ণয়ত তথ্যসমৃদ্ধ লেখাৰ উপৰিও প্ৰচ্ছদ অলংকৰণ, অংগসজ্জা, তথ্যপূৰ্ণ অালোকচিত্ৰ,নিৰ্ভুল ডি.টি.পি অাদিৰো যথেষ্ট গুৰুত্ব থাকে।সেই অৰ্থত ডিব্ৰুগড়ৰ 'ডিজাইনাৰ গ্ৰাফিক্স'ত মুদ্ৰিত অাৰু অভিজিৎ সাহাৰ দ্বাৰা অংকিত স্মৃতিগ্ৰন্থখনিৰ প্ৰচ্ছদ সুন্দৰ হৈছে।অন্তৰ্ভাগৰ অলংকৰণ সমাহিত ৰূপত প্ৰকাশ পাইছে যদিও অালোকচিত্ৰসমূহ অাশানুৰূপভাৱে উচ্চ মানবিশিষ্ট নহ'ল।তাৰোপৰি অালোকচিত্ৰসমূহ অ'ত ত'ত প্ৰকাশ কৰাৰ পৰিৱৰ্তে এলবামৰ দৰে একত্ৰিত অাৰু শৃংখলিত ভাৱে প্ৰকাশ কৰা হ'লে অাৰু অধিক অাকৰ্ষণীয় হোৱাৰ সম্ভাৱনা অাছিল।মহাবিদ্যালয় এখনৰ বিগত পঞ্চাশ বছৰৰ দলিল স্বৰূপে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখনত অডিট'ৰিয়াম, লাইব্ৰেৰী,বিজ্ঞানাগাৰ,জিৰণি চ'ৰা, হোষ্টেল, কেণ্টিন,অাদি তথা শিক্ষা,সাহিত্য,সংস্কৃতি,ক্ৰীড়া অাদি বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত  কৃতিত্ব অৰ্জন কৰা অাৰু অধিক প্ৰাক্তন অাৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ তথ্য সম্বলিত অালোকচিত্ৰ প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তা অাছিল। তাৰোপৰি,স্মৃতিগ্ৰন্থখনত বৰ্তমান অধ্যয়ণৰত সাহিত্যানুৰাগী ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এটা সুকীয়া শিতান ৰখাৰ প্ৰয়োজনীয়তা অাছিল।এনে শিতানত প্ৰকাশিত লেখাসমূহৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতাৰ লগতে তেওঁলোকৰ মনোজগতৰ সুন্দৰ চিত্ৰ সততে প্ৰতিফলিত হৈ উঠে।শেষত এই কথা ক'বই লাগিব যে,সাধাৰণ বৰ্ণ -বিভ্ৰাট,বৰ্ণ-বিচ্যুতি অাদিৰ বাদে স্মৃতিগ্ৰন্থখনিৰ নিৰ্ভুল মুদ্ৰণ অাৰু সম্পাদনাৰ বাবে কিন্তু ড: ৰিঞ্জুমণি শৰ্মাই যথাসাধ্য চেষ্টা কৰিছে। বৃহৎ কলেবৰৰ স্মৃতিগ্ৰন্থখনি নি:সন্দেহে অনাগত দিনত ভৱিষ্যত প্ৰজন্মৰ বাবে এক ঐতিহাসিক দলিলৰূপে অভিহিত হ'ব।(সমাপ্ত)
    
(দৈনিক জনমভূমিৰ 'প্ৰান্তৰ'ত প্ৰকাশিত)

শ্ৰীনন্দ গোস্বামী


   সাংবাদিকতাত উছৰ্গিত এটি জীৱন:
                                      শ্ৰীনন্দ গোস্বামী
                                                                       বীৰ্কে বাহাদুৰ থাপা
দূৰভাষ ৯৯৫৪২৪৯৯১৬
                                             

             তিনিচুকীয়া  জিলাৰ  পূৱ প্ৰান্তত  অৱস্থিত তেনেই আওহতীয়া অঞ্চল ডাঙৰী গাৱঁৰ সমীপৱৰ্তী 'সদাশিৱ চাহবাগিচা'ত এটা কৰ্মব্যস্ত জীৱন  কটোৱা স্বত্তেও তাৰ  মাজতে সময়-সুৰুঙা  উলিয়াই কেৱল ৰুচিগত কাৰণতে সাংবাদিকতাৰ দৰে অমসৃণ বাটত খোজপেলোৱা এগৰাকী অত্যন্ত শান্ত,সমাহিত আৰু মৃদুভাষী  ব্যক্তি  আছিল  প্ৰয়াত  শ্ৰীনন্দ গোস্বামী। ১৯৪৯  চনৰপৰা সাংবাদিকতা আৰম্ভ কৰা গোস্বামী দেৱে সুদীৰ্ঘ চাৰিটা দশকতকৈও অধিক কাল ধৰি সাংবাদিকতাতে নিজৰ জীৱন উছৰ্গা কৰি দিছিল।
             শ্ৰীনন্দ গোস্বামী দেৱৰ জন্ম হৈছিল যোৰহাটৰ ঢেঁকীয়াখোৱা গাঁৱৰ শ্ৰীশ্ৰীবটাৰগঞা সত্ৰত১৯২৯ চনত।১৯৪৭ চনত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰিয়েই তেখেতে কৰ্মজীৱন আৰম্ভ কৰে।তাৰ লগে লগে তেখেতে বিছ /একৈছ বছৰ বয়সতে 'সাদিনীয়া অসমীয়া','বিহলঙনী',আদি কাকতৰ সংবাদদাতা হিচাপে কাম কৰিবলৈ লয়।তাৰ পাচতে তেখেতে যোগদান কৰে 'অসম বাতৰি','নীলাচল','আজিৰ অসম' আদি কাকতৰ সংবাদদাতা হিচাপে।শেষত ষাঠী-সত্তৰৰ দশকত যোৰহাটৰ পৰা প্ৰকাশিত 'দৈনিক জনমভূমি'কাকতৰ সৈতে জড়িত হৈ পৰি জীৱনৰ অন্তিম দিনলৈকে সংবাদ সেৱা আগবঢ়াই যায়।উল্লেখযোগ্য যে ,যি সময়ত ডাঙৰীৰ দৰে আওহতীয়া অঞ্চলত যোগাযোগ ব্যৱস্থা আছিল তেনেই অসুচল-সেই সময়তে সাংবাদিকতাৰ দৰে জটিল কৰ্মত অবিৰত ভাৱে নিৱিষ্ট হৈ থকাটো বৰ সহজ কথা নাছিল।আজিৰ দৰে ইলেক্ট্ৰনিক মিডিয়াৰ বিকাশ সেই সময়ত হোৱা নাছিল।'দৈনিক জনমভূমি'ৰ কাৰ্যালয় অাছিল কেৱল যোৰহাটত।ডাকযোগে প্ৰেৰণ কৰা এটা বাতৰি প্ৰকাশ হৈ ওলোৱালৈকে সপ্তাহ -দিন পাৰ হৈ গৈছিল। সেই সময়ত যোৰহাটৰ পৰা পেপাৰ অাহিছিল ডাঙৰীৰ ৰেলেৰে।পাছলৈ অসম ৰাজ্যিক পথ পৰিবহন নিগমৰ বাচ চলিবলৈ আৰম্ভ কৰাৰ পৰাহে পেপাৰ সমূহ ৰঙা বাচেৰে আহিবলৈ ধৰে।সেই সময়তে অৰ্থাৎ ৬০ৰ দশকতে তালাপৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত তাৰিণী প্ৰসাদ শৰ্মা দেৱে তালাপত পেপাৰ এজেঞ্চি খোলাৰ প্ৰথম প্ৰয়াস কৰিছিল।অসমৰ সংবাদ সাহিত্যৰ প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত এইসকল ব্যক্তিৰ অৱদান অনস্বীকাৰ্য।শৰ্মাদেৱৰ সেই পেপাৰৰ এজেঞ্চি আৰু শ্ৰীনন্দ গোস্বামীদেৱৰ সাংবাদিকতাই নিশ্চিতভাৱে বৃহত্তৰ চৈখোৱা -ডাঙৰী আৰু তালাপ অঞ্চলৰ বৌদ্ধিক জগতখনক যথেষ্ট প্ৰভাবিত কৰিছিল।ইতিপূৰ্বে উনবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধৰ কালছোৱাত ৰায়চাহেব দৌলতচন্দ্ৰ বুঢ়াগোঁহাই দেৱে ছৈখোৱাত 'অৰুণোদই' কাকতৰ এজেঞ্চি খোলাৰ কথা জানিব পৰা যায়।তাৰ পাছত সাহিত্যিক পেঞ্চনাৰ স্বৰ্গীয় গগণচন্দ্ৰ সোনোৱাল আৰু ভৱানন্দ বুঢ়াগোঁহাইদেৱেও এই অঞ্চলৰ পৰা কিছুকালৰ বাবে সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰিছিল।কিন্তু প্ৰতিকুল পৰিস্থিতিতো নিৰবচ্ছিন্নভাৱে চাৰিটা দশকতকৈয়ো অধিক কাল ধৰি সাংবাদিকতাৰ সৈতে জড়িত থকা ব্যক্তি আছিল শ্ৰীনন্দ গোস্বামী। তেখেতৰ প্ৰচেষ্টাতে ৬০ আৰু ৭০ৰ দশকৰ পৰাই বৃহত্তৰ ছৈখোৱা-ডাঙৰী আৰু তালাপ অঞ্চলৰ বিভিন্ন বা-বাতৰিয়ে 'দৈনিক জনমভূমি'ৰ দৰে অসমৰ পুৰনি আৰু বহুল প্ৰচাৰিত কাকতত স্থান পাবলৈ সক্ষম হৈছিল।
        আমাৰ ল'ৰালি কালত সৌতাহানিতে (৮০ ৰ দশকত)এই গৰাকী অল্পভাষী অাৰু অত্যন্ত অমায়িক ব্যক্তি শ্ৰীনন্দ গোস্বামীদেৱক লগ পোৱা কথা মনত আছে।তেখেতে লিখা গল্পপুথি এখনৰ পাণ্ডুলিপি সেই সময়তে দেখিছিলোঁ|গল্পপুথি খন পঢ়াৰ সৌভাগ্য আমাৰ নহ'ল।পুথিখনে প্ৰকাশৰ মুখ দেখা পালে গোস্বামীদেৱৰ সাহিত্য প্ৰতিভাৰ অন্য এটা দিশো উন্মোচিত হোৱাৰ যথেষ্ট সম্ভাৱনা নিশ্চয় আছে।নিশ্চিতভাৱে এই কথাও ক'ব পাৰি যে তেখেতৰ প্ৰতিভা কেৱল সাংবাদিকতাতে নিবদ্ধ নাছিল।তেখেতে 'সাদিনীয়া অসমীয়া', 'বিহলঙনি' আদি কাকত আলোচনীত গল্প -কবিতা লিখাৰ কথা আমি জানিব পাৰিছোঁ|১৯৭৩চনত গোস্বামী দেৱে ডিব্ৰুগড়ৰ বিশিষ্ট চাহ খেতিয়ক স্বৰ্গীয় নন্দেশ্বৰ চক্ৰৱৰ্তীৰ বৈচিত্ৰপূৰ্ণ জীৱন-কাহিনীৰ ভিত্তিত 'কৰ্মযোগী' নামৰ গ্ৰন্থ এখনো লিখি প্ৰকাশ কৰিছিল।কিন্তু তেখেতে যি কৰিছিল সকলো নীৰৱে কৰিছিল।আনৰ দৰে আত্মপ্ৰশংসা কৰি ঢোলপিতি  শুনাই নুফুৰিছিল।ডাঙৰী শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত পত্ৰিকা এখন তেখেতে আমাক উপহাৰ দিছিল।পত্ৰিকাখনত বকুল বনৰ কবি আনন্দচন্দ্ৰ বৰৱাই গোস্বামী দেৱলৈ লিখা এখন চিঠি আছিল।এই মুহূৰ্তত পত্ৰিকাখন বিচাৰি পোৱা নাই যদিও স্পষ্ট মনত আছে-চিঠিখনত বকুল বনৰ কবিয়ে ডাঙৰী শাখা সাহিত্যসভাৰ কোনোবা এখন অধিৱেশনলৈ আহি ভাল লগা কথা গোস্বামীদেৱৰ আগত ব্যক্ত কৰিছিল।ইয়াৰ পৰা এই কথা নিশ্চিতভাৱে ক'ব পাৰি যে অসমৰ সাহিত্য আৰু সংস্কৃতি জগতৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ সান্নিধ্য আৰু সাহচৰ্য তেখেতে লাভ কৰিছিল।তথাপিতো নিৰহংকাৰী মনোভাৱেৰে তেখেতে সদায়ে ধীৰ গতিৰে চাইকেল মাৰি মাৰি সংবাদ বুটলি ফুৰিছিল।পিন্ধনত সেই একেযোৰেই কাপোৰ-ক'লা কোট পেণ্ট।ডাঙৰী স্থিত ডাকঘৰলৈ গৈ বাতৰি পোষ্ট কৰিছিল আৰু নিতৌ তালাপলৈ গৈ তাৰিণী প্ৰসাদ শৰ্মাৰ পেপাৰৰ এজেঞ্চিলৈ গৈ ডাকত পঠিওৱা বাতৰি ওলাইছে নে নাই তাৰ বুজ লৈছিল।এই ধাৰাবাহিকতা অব্যাহত অাছিল জীৱনৰ অন্তিম দিন পৰ্যন্ত।ডুমডুমা প্ৰেছ ক্লাব তথা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপসভাপতিৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি যোৱা শ্ৰীনন্দ গোস্বামী দেৱে অৱশেষত ১৯৯৪ চনৰ১ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰি ইহ সংসাৰৰ পৰা গুচি যায়।তেখেত আজি আমাৰ মাজত নাই,কিন্তু নীৰৱ কৰ্মৰ আদৰ্শৰে তেখেতে যেন  'কৰ্মযোগী'ৰ অৰ্থ আমাক বুজাই থৈ গ'ল।  (সমাপ্ত)

(দৈনিক জনমভূমিৰ 'প্ৰান্তৰ'ত প্ৰকাশিত)

মেৰে ৰস্ক-এ-কমৰ

মেৰে ৰস্ক-এ-কমৰ..মজা আ গয়া
                                          বীৰ্কে বি. থাপা

         নাৰীৰ ৰূপ-সৌন্দৰ্যৰ বৰ্ণনাত উৰ্দু কবিসকলক কোনে চেৰ পেলাব পাৰে?উৰ্দু কবিসকলৰ ভাৱ প্ৰকাশৰ ষ্টাইল,গভীৰ অাৰু সূক্ষ্ম চেতনা,দুষ্টালি পূৰ্ণ 'অান্দাজ', কটাক্ষ,ব্যাকুলতা…উফ্…মোৰ ইমান ভাল লাগে যে বুজাব নোৱাৰোঁ।
         উৰ্দু সম্পূৰ্ণ বুজিব নোৱাৰাটো মোৰ এটা ডাঙৰ দুখ।তথাপিতো অৰ্থ ভাঙি ভাঙি কেতিয়াবা উৰ্দু কবিতা-শ্বেৰ-শ্বায়েৰী-গজলবোৰ বুজিবলৈ/হৃদয়েৰে অনুভৱ কৰিবলৈ চেষ্টা কৰোঁ…
         উৰ্দু কবিৰ ভাৱ-প্ৰকাশৰ অান্দাজেই সুকীয়া…অাপুনি-মই ভাবি থকা কথাকেইচোন কৈছে,অথচ কথনশৈলীৰ  কি বেহতৰিন স্টাইল উৰ্দু কবিৰ!অন্য কোনো ভাষালৈ অনুৰূপ ভাৱ-অনুভূতিৰে অনুবাদ কৰিব নোৱাৰা শব্দ অাৰু বাক্যসজ্জাৰ ম্যেজিকেল স্ট্ৰাকচাৰ/যাদুকৰী গাঁথনিৰে নিৰ্মিত প্ৰতিটো শ্বেৰ-শ্বায়েৰী-গজল।
        উৰ্দু কবিতাৰ মায়াময় পৃথিৱীত মোৰ অাটাইতকৈ প্ৰিয় কবি হৈছে চাহিৰ লুধিয়ানবি।চাহিৰ লুধিয়ানবিৰ জীৱন -কাহিনীও তেওঁৰ শ্বেৰ-শ্বায়েৰীৰ দৰেই অত্যন্ত মনোৰম।তেওঁৰ গীতৰ এটা কথা মোৰ বিশেষকৈ ভাল লাগে যে অন্য উৰ্দু কবি-গীতিকাৰৰ বিপৰীতে তেঁৱেই সম্ভৱত: এনে এজন শ্বেৰ যি কেৱল নাৰীৰ ৰূপ-সৌন্দৰ্য বা প্ৰেমকে বিষয়বস্তু হিচাপে নলৈ দীন-দৰিদ্ৰ/ নি:স্বজনৰ দুখ-যন্ত্ৰণাকো বয়ান কৰিবলৈ দশক-দশকজুৰি অান্তৰিকতাৰে চেষ্টা কৰি গৈছিল।হিন্দুস্থানৰ প্ৰতি থকা তেওঁৰ প্ৰেমো অতুলনীয়।
       ব্যক্তিগত প্ৰেম-দুখ-যন্ত্ৰণাৰ কথা যদি কওঁ তেন্তে চন্দন দাস,পংকজ উধাচ অাৰু জগজিৎ সিং মোৰ প্ৰিয় গায়ক।মই অাজিও কেতিয়াবা অামন-জিমন সন্ধিয়া ল' ভলিউম চাউণ্ডত জগজিৎ সিঙৰ গজল শুনি হেৰাই যাওঁ অন্য এখন পৃথিৱীত……
       সম্প্ৰতি নতুন প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় হৈ পৰা 'মেৰে ৰস্কে কমৰ' গীতটি শুনি ময়ো বৰ অামেজ পাওঁ……সঁচাকৈয়ে ভাল লগা এটি গীত।হাঁহি উঠা কথা যে ,মোৰ অল্প উৰ্দু জ্ঞানেৰে প্ৰথমে 'ৰস্কে কমৰ' বুলি কওঁতে পুৰুষৰ দৃষ্টিক যুগে যুগে প্ৰলোভিত কৰি অহা নাৰীৰ কঁকালৰ কথাকে কোৱা হৈছে বুলি ভাৱি অাছিলোঁ,পাছত গীতটিৰ বিষয়ে অাৰু অধিক কথা জানিবলৈ Google search কৰাতহে প্ৰকৃত অৰ্থ জানিব পাৰিলোঁ।Ajay Devgan অাৰু Ileanaঅভিনীত বলিউদ ছবি 'বাদশাহ'ত থকা এই গীতটিৰ ৰচক হৈছে পাকিস্তানৰ বিখ্যাত গীতিকাৰ Fana Buland Shehri ।গীতটিৰ মিউজিক কম্প'জিশ্যন কৰিছিল নুচৰত ফাটেহ অালি খানে।গুগলত কিন্তু এইগৰাকী কবিৰ জীৱন সম্পৰ্কে বিশেষ তথ্য মই একোৱেই বিচাৰি নাপালোঁ। অৱশ্যে তেওঁ লিখা অজস্ৰ কবিতা অাৰু গীতৰ সংগ্ৰহ গুগলত অাছে।
        ইউটিউবত অাকৌ গীতটিৰ ৰচক  Qamar Jalalabadi বুলিহে এঠাইত পালোঁ।গুগলত তেওঁৰ জীৱন সম্পৰ্কে যথেষ্ট তথ্য অাছে,কিন্তু 'মেৰে ৰস্কে কমৰ' গীতটি যে তেৱেঁ লিখা সেই বিষয়ে কোনো নিৰ্ভৰযোগ্য তথ্য মই নাপালোঁ।দুয়োজন একে ব্যক্তি যদিও নাজানোঁ…ভালদৰে খুচৰিলে নিশ্চয় ওলাব।
উল্লেখযোগ্য যে,উৰ্দুত থকা 'ৰস্কে কমৰ'ৰ প্ৰকৃত ৰূপ হৈছে -'ৰস্ক-এ-কমৰ'( Rasq-e-qamar)-অৰ্থাৎ ৰস্ক মানে ঈৰ্ষা অাৰু কমৰ মানে জোন।ৰস্ক-এ-কমৰৰ অৰ্থ হৈছে জোনৰ ঈৰ্ষা।কবিয়ে এই শব্দটোৰে তেওঁৰ সুন্দৰীপ্ৰেয়সীক বুজাইছে যি প্ৰেয়সীৰ সৌন্দৰ্যক জোনেও অানকি ঈৰ্ষা কৰে।অামি অল্প উৰ্দুৰ জ্ঞানেৰে ভবাৰ দৰে কবিয়ে তেওঁৰ প্ৰেয়সীৰ কঁকাল-চকালৰ কথা ইয়াত কোৱা নাই।এতিয়া ৰাহত ফাটেহ অালি খাঁৰ কণ্ঠত বাণীবদ্ধ মূল গীতৰ পৰা মোৰ ভাল লগা 'দুটামান শাৰী তলত তুলি দিলোঁ---অনুবাদ কৰাৰ সাধ্য মোৰ নাই…
*mere rashk-e-qamar tu ne pehli nazar, jab nazar se milaaii maza aa gaya

*aankh un ki lari yuun meri aankh se, dekh kar yeh laraaii maza aa gaya

*us ne sharma ke mere sawaalaat pe, aise gardan jhukaaii maza aa gaya

*apne haathon se us ne meri qabar par, chaadar-e-gul charhaaii maza aa gaya……

এৰা,গীতটি শুনি সঁচাকৈয়ে 'মজা অা গয়া…'!

ডুমডুমা মহাবিদ্যালয় আলোচনী

      বৌদ্ধিক উত্তৰণ আৰু অলংকৰণৰ সমাহাৰ:ডুমডুমা মহাবিদ্যালয় আলোচনী

                                             বীৰ্কে বি.থাপা

        সুন্দৰ অলংকৰণ ,ৰুপসজ্জা অাৰু বিষয়বস্তুৰ বৈচিত্ৰৰে প্ৰকাশ পোৱা ডুমডুমা মহাবিদ্যালয়ৰ সদ্য প্ৰকাশিত  একচত্বাৰিংশতম অালোচনী "ঐক্যদীপ" সঁচা অৰ্থত ক'বলৈ গলে অসমীয়া সাহিত্যলৈ এক অনবদ্য সংযোজন।অালোচনীখনে এই বছৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ অালোচনীৰুপে স্বীকৃতি লাভ কৰাৰ পৰাই অালোচনীখনৰ মানদণ্ড নিৰুপণ কৰিব পাৰি।
       ১৯৬৭ চনতে স্থাপিত ডুমডুমা মহাবিদ্যালয়খনিয়ে  অাজি প্ৰায় অৰ্দ্ধ শতিকাজুৰি বিদ্যায়তনিক দিশত যথেষ্ট অৱদান অাগবঢ়াই অাহি অাজি  সমগ্ৰ অসমৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ মহাবিদ্যালয় হিচাপে পৰিগনিত হৈছে।ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বৌদ্ধিক চিন্তা-চৰ্চাৰ বিকাশৰ দিশটোলৈ লক্ষ   ৰাখি ১৯৭০-৭১  চনতে প্ৰকাশ নাৰায়ণ পাটোৱাৰীৰ সম্পাদনাত  মহাবিদ্যালয়ৰ অালোচনীখনৰ প্ৰথম জন্ম দিয়া হৈছিল।সেই সময়ত অাজিৰ দৰে অাধুনিক প্ৰযুক্তিৰ বিকাশ নোহোৱাৰ বাবে অালোচনীখনৰ ৰুপ,অলংকৰণ,অংগসজ্জা অাদি উন্নত হোৱা নাছিল যদিও বিষয়বস্তুৰ গভীৰতাৰে সমৃদ্ধ অাছিল।পৰ্যায়ক্ৰমে উত্তৰণ ঘটাৰ ফলস্বৰুপে পৰৱৰ্তী কালত বংকিম চন্দ্ৰ ফাটোৱালী,জ্যোৎস্না সোনোৱাল অাদিৰ সম্পাদনাত যথেষ্ট উন্নত মানদণ্ডৰ অালোচনী প্ৰকাশ হৈ ওলোৱা পৰিলক্ষিত হয়।এই মহাবিদ্যালয়ৰ অালোচনীৰ পাততে অাত্মপ্ৰকাশ কৰা ভালে কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে পাচলৈ অসমীয়া সাহিত্য জগততো প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়।সেই সকলৰ ভিতৰত কৱি শ্বৰীফা খাতুন চৌধুৰী,প্ৰণতি বৰুৱা অাৰু প্ৰাৱন্ধিক বংকিম চন্দ্ৰ ফাটোৱালী ,মৰাণ জনগোষ্ঠীৰ বিশিষ্ট ইতিহাসবিদ শ্ৰীকুমাৰ দহোতীয়া অাদি বিশেষ উল্লেখযোগ্য।সাহিত্য ৰচনাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুকুল পৰিৱেশ সৃষ্টিত সদায়ে অনুপ্ৰেৰণা যোগাই অাহিছিল অসমীয়া সাহিত্যৰ বিশিষ্ট লেখক তথা এইখন মহাবিদ্যালয়ৰে অধ্যক্ষ ৰবীন চৌধুৰী,অধ্যাপক যদু বৰপূজাৰী,বদন চন্দ্ৰ শৰ্মা ,প্ৰফুল্ল মেধি,অৰুণা গগৈ বৰুৱা অাদিৰ দৰে ব্যক্তি সকলে।সেইসকল পুৰুধা ব্যক্তিৰ পাছতে সম্প্ৰতি কেইবাগৰাকীও প্ৰবক্তাৰ তত্বাৱধানত পূৰ্বৰ সাহিত্য
সৃষ্টিৰ পৰম্পৰা অব্যাহত অাছে।অাধুনিক প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগে ডুমডুমা মহাবিদ্যালয়ৰ অালোচনীখনৰ ৰুপ,অলংকৰণ,অংগসজ্জা অাজি যথেষ্ট উন্নত হৈছে।সেইদৰে বৌদ্ধিক অাৰু বিদ্যায়তনিক দিশত মহাবিদ্যালয়খন অাগবঢ়াই যোৱাৰ লগে ছাত্ৰ-ছাত্ৰী সকলৰ সাহিত্য সৃষ্টিত বিষয়বস্তুৰ বৈচিত্ৰ অাৰু গভীৰতাও পৰিলক্ষিত হৈছে।
     ডুমডুমা মহাবিদ্যালয় অালোচনী 'ঐক্যদীপ'ৰ একচত্বাৰিংশতম (২০১৪-১৫ বৰ্ষ)সংখ্যাৰ সুন্দৰ বেটুপাত অাৰু অন্তৰ্ভাগৰ অলংকৰণে প্ৰথম দৃষ্টিতে পাঠকৰ মন অাকৃষ্ট কৰিবলৈ সক্ষম হৈছে।হিন্দী বিভাগৰ বিভাগাধ্যক্ষা হিৰণ বৈশ্য দত্তৰ তত্বাৱধানত অাৰু দেৱজিৎ দহোতীয়াৰ সম্পাদনাত প্ৰকাশিত অালোচনীখনৰ সৌষ্ঠৱ বিশেষভাৱে বৃদ্ধি কৰিছে সুধাকণ্ঠ ড:ভূপেন হাজৰিকাদেৱে ডুমডুমা মহাবিদ্যালয়লৈ অাহোঁতে দিয়া এটি বক্তৃতাই।বক্তৃতাটি বাণীবদ্ধ কৰি ৰাখিছিল অধ্যাপক যদু বৰপূজাৰী দেৱে।সেইদৰে অালোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে অতিথি লেখক ড:বুলজিৎ বুঢ়াগোহাঁইয়ে লিখা কেৰিয়াৰ  সম্পৰ্কীয় এটি প্ৰৱন্ধই।অসমীয়া বিভাগৰ প্ৰৱন্ধৰ শিতানত প্ৰকাশিত 'স্ত্ৰী শিক্ষা:অতীত অাৰু বৰ্তমান','ডাইনী হত্যাকাণ্ড:এক সামাজিক ব্যাধি' অাদিৰ দৰে প্ৰৱন্ধৰ বিষয়বস্তু তেনেই নতুন নহয় যদিও চিন্তাৰ একোটা নতুন দিগন্ত উন্মোচিত কৰিছে।নতুন প্ৰজন্মৰ মানসিকতাত দেখা দিয়া কুসংস্কাৰ বিৰুধী মনোভাৱৰ প্ৰতিফলন ঘটা দেখা গৈছে অাৰু দুটামান প্ৰৱন্ধতো।সেইদৰে সোনোৱাল-কছাৰীসমাজত প্ৰচলিত পৰম্পৰাগত হুঁচৰি গীত সমূহৰ চমু বিৱৰণ অাৰু মৰাণ জনগোষ্ঠীৰ লোক -উৎসৱ ৰাতিবিহু সম্পৰ্কে লিখা প্ৰৱন্ধয়ো  অসমীয়া সংস্কৃতিৰ যথেষ্ট দিশ অালোকপাত কৰিছে।'ৰোমন্থণ' শিতানত ডুমডুমা মহাবিদ্যালয়- অালোচনীৰ প্ৰথম গৰাকী সম্পাদক প্ৰকাশ নাৰায়ণ পাটোৱাৰীয়ে অালোচনীখনৰ প্ৰকাশৰ ক্ষেত্ৰত লাভ কৰা নানা অালৈ-অাহুকালৰ কথা উল্লেখ কৰাৰ লগতে অতীতৰ বহু তথ্য দাঙি ধৰিছে।তেওঁৰ প্ৰৱন্ধটোৰ সৈতে প্ৰকাশিত ১৯৭০-৭১ চনৰ ছাত্ৰ একতা সভাৰ স্থিৰচিত্ৰ খনি এক অাপুৰুগীয়া সম্পদ।স্থিৰচিত্ৰখনিত সেই সময়ৰ অধ্যক্ষ ৰায়হান শ্বাহদেৱক দেখিবলৈ পোৱা গৈছে।অালোচনীখনত প্ৰকাশিত 'প্ৰান্তিক অালোচনীৰ সামগ্ৰিক অালোচনা' , 'মিৰি জীয়ৰী উপন্যাসৰ এটি পৰ্যালোচনা' ,অাদি অন্যতম উল্লেখযোগ্য সংযোজন।অধ্যক্ষ ড:প্ৰকাশজ্যোতি বৰঠাকুৰে তেখেতৰ চীন দেশ ভ্ৰমণ সম্পৰ্কে অালোচনীখনৰ তত্বাৱধায়িকা হিৰণ বৈশ্য দত্তক দিয়া সাক্ষাৎকাৰেটিয়েও যথেষ্ট তথ্য দাঙি ধৰিছে।
         ছাত্ৰ-ছাত্ৰী সকলৰ মৌলিক অাৰু সৃষ্টিশীল ৰচনাসমূহৰ ভিতৰত স্নাতক মহলাৰ ছাত্ৰ ঘনকান্ত মৰাণৰ দ্বাৰা ৰচিত 'নিয়তিৰ পৰিহাস' এখনি সুন্দৰ নাটক।সেইদৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি লিখা প্ৰিন্স ভৰালীৰ উপন্যাসিকা 'সৰুপোণা' ৰ লগতে মৃদুল মৰাণ,কৰিশ্মা নেওগ অাৰু পিঞ্জু মৰাণৰ গল্পত বিষয়বস্তৰ বৈচিত্ৰ অাৰু গভীৰতাৰ অভাৱ থকা স্বত্ত্বেও সুন্দৰ কথন শৈলী অাৰু বাক্যসজ্জা পৰিলক্ষিত হৈছে।কবিতাৰ সম্পৰ্কত ক'বলৈ গলে এই কথা স্বীকাৰ কৰিবই লাগিব যে এইসংখ্যাত যথেষ্ট সংখ্যক সুন্দৰ কৱিতা ছাত্ৰ-ছাত্ৰীসকলে লিখা অামাৰ চকুত পৰিছে।বিশেষকৈ অংকুৰ জ্যোতি তামুলী(হেৰুৱাৰ কথা নাছিল বসন্তৰ প্ৰথমজাক বৰষুণ),নিবেদিতা দাস(শাওণ),প্ৰাঞ্জল চাৰিঙ্গীয়া ফুকন(বকুল,তুমি অাৰু কবিতা)ৰ কৱিতাত অাধুনিক কৱিতাৰ নিৰ্মান 8শৈলী মন কৰিবলগীয়া।নিৰলস চৰ্চা অব্যাহত থাকিলে এইসকল কৱিৰ নিৰ্মানশৈলী অাৰু  চিন্তাই পৰিপক্কতা লাভ কৰিব বুলি অাশা কৰিব পাৰি।
      অালোচনীখনৰ ইংৰাজী বিভাগ অলংকৃত কৰিছে অতিথি লেখক ড:হীৰেণ গোহাঁইৰ  Why Higher Education?  শীৰ্ষক প্ৰৱন্ধটিয়ে।শিক্ষাবিষয়ক অান এটি প্ৰৱন্ধ লিখিছে দীপাংকৰ বৰ্মণে,কম্পিউটাৰৰ ইতিহাস সম্পৰ্কে লিখিছে মনালিচা দত্তই,গোলকীয় উত্তাপৰ বিষয়ে লিখিছে ৰবিশংকৰ মৰাণে,মংগল গ্ৰহৰ বিষয়ে লিখিছে সঞ্জীৱ চক্ৰৱৰ্তীয়ে।স্নাতক মহলাৰ ছাত্ৰী পল্লৱী ডেকাই লিখা  Educatinal status of Tea-Garden workers:A study on Hapjan Block of Tinsukia District  শীৰ্ষক প্ৰৱন্ধটি যথেষ্ট তথ্যপূৰ্ণ অাৰু সময় সাপেক্ষ হৈছে বুলি ক'ব পাৰি।মৌলিক সৃষ্টি হিচাপে গুণকান্ত ঘোৰাচোৱাৰ  A live stone  শীৰ্ষক কৱিতাটিৰ নিৰ্মান শৈলী অাৰু বিষয়বস্তুৰ নতুনত্ব দেখি ভাল লাগিল।স্নাতক মহলাৰ ছাত্ৰী মাৰ্টিনা গগৈয়ে অনুবাদ কৰা কৱি মহেন্দ্ৰ বৰাৰ কৱিতাটিও এক সুন্দৰ সংযোজন।
     সাহিত্য একাদেমীৰ অধ্যক্ষ ড:বিশ্বনাথ প্ৰসাদ তিৱাৰীয়ে লিখা বিশেষ নিৱন্ধটিয়ে অালোচনীখনৰ হিন্দী বিভাগ অলংকৃত কৰিছে।লক্ষীনাথ বেজবৰুৱাৰ গল্প এটিৰ সুনীল প্ৰসাদে কৰা হিন্দী অনুবাদটিও সুন্দৰ হৈছে।কৱিতাৰ শিতানত ৰশ্মি কুমাৰী অাৰু দুৰ্গা কুমাৰীয়ে লিখা কৱিতা দুটা সুন্দৰ হৈছে।দুয়ো গৰাকী কৱিয়ে কৱিতাদুটাৰ বিষয়বস্তু ক্ৰমে মাতৃ অাৰু কন্যা সন্তানৰ হৃদয়স্পৰ্শী চিত্ৰ অংকিত কৰিছে। সেইদৰে অালোচনীখনৰ বাংলা বিভাগটোতো সন্নিবিষ্ট হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ লেখা।বাংলা বিভাগৰ এচ'চিয়েট প্ৰফেচাৰ ড: মন্দিৰা দাসে লিখা 'কামাখ্যাশংকৰ গুহ ও ৰবীন্দ্ৰ নাথ' ,ছাত্ৰী জয়া দাসে কৰা ড: ভৱেন্দ্ৰ নাথ শইকীয়াৰ গল্পৰ অনুবাদ 'মিনতি' অাৰু সুস্মিতা দেবে লিখা 'বন্যপ্ৰাণী সংৰক্ষণ 'এই ক্ষেত্ৰত উল্লেখযোগ্য।তাৰোপৰি এই বিভাগত সন্নিবিষ্ট হৈছে দক্ষিন ভাৰত ভ্ৰমণৰো এটি কাহিনী।
      অালোচনীখনৰ মানদণ্ড অাৰু সৌষ্ঠৱ বৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগোৱা অন্যান্য উপাদান কেইটামান হৈছে- ৰাষ্ট্ৰীয় সেয়া অাচঁনি গোটৰ বিশেষ শিবিৰৰ কাৰ্যসূচী,ছাত্ৰ একতা সভাৰ বিভাগীয় সম্পাদক সকলৰ প্ৰতিবেদন,বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ ৰেঙনি,শ্ৰদ্ধাঞ্জলি পৃষ্ঠা,ৰেখাচিত্ৰ,গৌৰৱময় মুহূৰ্ত সমূহৰ অালোকচিত্ৰ অাৰু  শিক্ষাৰ লক্ষ অাৰু অাদৰ্শৰ বিষয়ে চমু অালোকপাত কৰি লিখা 'সম্পাদকীয়'পৃষ্ঠা।  বৰ্ণ-বিভ্ৰাত বা   ছপাশালৰ কাৰিকৰী ত্ৰুটী-বিচ্যুতিও সততে চকুত নপৰাকৈ এই সংখ্যাটি সুন্দৰকৈ মুদ্ৰণ কৰি উলিয়াইছে ডুমডুমাৰ গুণাৰাম প্ৰেছে।
(লেখকৰ ফোন নাম্বাৰ ৯৯৫৪২৪৯৯১৬)
(দৈনিক জনমভূমিৰ 'প্ৰান্তৰ'ত প্ৰকাশিত)

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...