Friday, September 6, 2019

গগনচন্দ্ৰ সোণোৱাল

নিবন্ধ:
     সোনোৱাল লোক-সংস্কৃতিৰ গৱেষক ও পথ প্ৰদৰ্শক:গগনচন্দ্ৰ সোনোৱাল

বীৰ্কে বি.থাপা

       প্ৰয়াত গগন চন্দ্ৰ সোনোৱালৰ নাম ল'লেই বগা ধুতি-পাঞ্জাৱী পিন্ধি ,কান্ধত বেগ এটা ওলোমাই লৈ সুদা ভৰিৰে মেল -মিটিং কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা ,অত্যন্ত সহজ -সৰল মনৰ মানুহ এজনৰ কথাই মনলৈ অাহে।তেখেতৰ মাজত লুকাই থকা বিশাল ব্যক্তিত্ব অাৰু প্ৰতিভাৰ কথা প্ৰথম দৃষ্টিত  সহজে অনুমান কৰিব নোৱাৰি ,কিন্তু যিসকল লোক তেখেতৰ সান্নিধ্যলৈ জীৱনত এবাৰ অাহিছে তেওঁলোকৰ বাবে তেখেত সদায়ে এক অাদৰ্শ হৈ ৰৈ গৈছে।
      অসমৰ এক প্ৰাচীন জনগোষ্ঠী সোনোৱালসকলৰ কৃষ্টি-সংস্কৃতি,ঐতিহ্য-ইতিহাসৰ বিভিন্ন সমল উদ্ধাৰ অাৰু সংৰক্ষণৰ বাবে সমগ্ৰ জীৱন ব্যতিত কৰা গগন সোনোৱালৰ দৰে বিশাল ব্যক্তিত্বক তাহানি ৯০ ৰ দশকতে লগ পোৱাটো অাৰু তেখেতৰ সান্নিধ্যলৈ অহাটো অামাৰ বাবে অাছিল জীৱনৰ এটা সৌভাগ্য।অসম সাহিত্য সভাৰ উদ্যোগত ১৯৯৩ চনত ডাঙৰীত অনুষ্ঠিত হোৱা সাহিত্যিক পেঞ্চনাৰ স্বৰ্গীয় দণ্ডীধৰ ফাটোৱালীদেৱৰ জন্ম শতবাৰ্ষীকি অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ 'ডিগিংওৰি'ৰ সম্পাদক হিচাপে লেখা এটা বিচাৰি যাওঁতে কাকপথাৰৰ ঘৰত প্ৰথম লগ পাইছিলোঁ তেখেতক অাৰু মনত অাছে-প্ৰথম সাক্ষাততে অামি এনেদৰে ঘনিষ্ঠ হৈ পৰিছিলোঁ যে সেইদিনা ভাতসাজ নোখোৱাকৈ তেখেতে মোক অাহিব দিয়া নাছিল।এই ঘনিষ্ঠতাৰ অাপাহতে পাছতো বহুবাৰ তেখেতৰ  ঘৰলৈ গৈছিলোঁ। তেখেতৰ ঘৰতে প্ৰথম লগ পাইছিলোঁ বৰপথাৰৰ বাইথ' মন্দিৰৰ অতন্দ্ৰ প্ৰহৰী,মজিন্দাৰ প্ৰমোদ সোনোৱাল দেৱক।সোনোৱাল লোককৃষ্টি অাৰু সংস্কৃতিৰ বাবে দিনে-নিশাই কাম কৰি যোৱা অক্লান্ত কৰ্মী প্ৰমোদ সোনোৱালদেৱে বৰপথাৰৰ পৰা চাইকেল মাৰি গৈছিল গগন সোনোৱালদেৱৰ ঘৰলৈ-সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন দিশত অালোচনা কৰিবলৈ,দিহা-পৰামৰ্শ ল'বলৈ।ক'বলৈ গ'লে সংস্কৃতিৰ পথাৰে পথাৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁতে গণশিল্পী বিষ্ণু প্ৰসাদ ৰাভা,হেমাংগ বিশ্বাস,ভূপেন হাজৰিকাৰ দৰে বিশাল ব্যক্তিত্বৰ লোকসকলৰ সান্নিধ্যলৈ অহা সোনোৱালদেৱে নিজৰ অঞ্চলতো সাংস্কৃতিক অান্দোলনৰ নেতৃত্ব দিছিল।বৃহত্তৰ ডাঙৰী অঞ্চলৰ এই সাংস্কৃতিক অান্দোলনত  তেখেতৰ অগ্ৰজ অাছিল যাদৱ চন্দ্ৰ খাখলাৰী,নকুলচন্দ্ৰ  খাখলাৰী,দণ্ডীধৰ ফাটোৱালী অাদি।পৰৱৰ্তী কালত সতীৰ্থৰূপে অাছিল প্ৰয়াত গকুল সোনোৱাল,ভীমকান্ত বুঢ়াগোহাঁই( সশস্ত্ৰ বিদ্ৰোহী সংগঠণ অালফাৰ অন্যতম প্ৰতিষ্ঠাপক),প্ৰমোদ সোনোৱাল অাদি।
     লোকসংস্কৃতিৰ গৱেষক ও অক্লান্ত কৰ্মী গগন সোনোৱালদেৱৰ জন্ম হৈছিল ১৯২৬ চনৰ ২৪ ডিচেম্বৰত শুকানগুৰি চাহ বাগিচাত।পিতৃ স্বৰ্গীয় তিলক সোনোৱাল(ডাঙৰী গাঁৱৰ)অাছিল চাহ-বাগিচাৰ কৰ্মচাৰী।গগন চন্দ্ৰ সোনোৱালৰ শিক্ষাজীৱন অাৰম্ভ হৈছিল প্ৰথমে মাকুম প্ৰাইমেৰী স্কুলত অাৰু পাছত ডাঙৰীৰ এম.ই অাৰু হাই স্কুলত। মাকুম প্ৰাইমেৰী স্কুলত পঢ়ি থকা কালত তেখেতৰ বাল্যবন্ধু অাছিল পৰৱৰ্তী কালৰ বিশিষ্ট সাহিত্যিক ড:মহেন্দ্ৰ বৰা।ডাঙৰীত পঢ়ি থকা অৱস্থাত সেই ল'ৰালি কালতে তেখেতে লগ পাইছিল পৰৱৰ্তী কালৰ অান এগৰাকী বিশিষ্ট সাহিত্যিক যোগেশ দাসক।উল্লেখযোগ্য যে যোগেশ দাসৰো জন্ম হৈছিল ডুমডুমাৰ ওচৰৰ হাঁহচৰা চাহ বাগিচাত ১৯২৭ চনত।
     ডিব্ৰুগড়ৰ কানৈ কলেজৰ পৰা কলা বিভাগত অধ্যয়ণ সমাপ্ত কৰি তেখেতে ১৯৪৮ চনত কাকপথাৰত শিক্ষকতাৰ চাকৰিত সোমায় অাৰু ১৯৮৮ চনত অৱসৰ গ্ৰহণ কৰে।সহজ-সৰল জীৱন অাৰু উচ্চ চিন্তাৰে তেখেতে এগৰাকী অাদৰ্শ শিক্ষকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যোৱাৰ লগতে দিনে-নিশাই সাংস্কৃতিক ক্ষেত্ৰৰ কৰ্মী হিচাপে শদিয়াৰ পৰা ধুবুৰীলৈকে ল'ৰি ফুৰিছিল।অসমৰ সোনোৱাল জনগোষ্ঠীৰ মৌখিকভাৱে প্ৰচলিত গীত-মাত,লোক-কথা অাদি সংগ্ৰহ কৰি তেওঁলোকৰ সাংস্কৃতিক ভেঁটিক টনকিয়াল কৰাৰ ক্ষেত্ৰত তেখেতে অহোপুৰুষাৰ্থ কৰিছিল।তেখেতৰ প্ৰচেষ্টাতে সোনোৱালসকলৰ হায়দাং গীত অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে সম্প্ৰচাৰিত  হৈছিল।সেইদৰে এই জনগোষ্ঠীৰ অতীত ইতিহাস,ৰীতি-নীতি ,পৰম্পৰা ইত্যাদি বিষয়ক বিভিন্ন প্ৰৱন্ধ লিখি তেখেতে কাকতে-পত্ৰে প্ৰকাশ কৰিছিল।
'দুইখা তিৰীৰ চাওৱাই কান্দে' শীৰ্ষক এটি প্ৰবন্ধত সোনোৱালদেৱে তেখেতক সংস্কৃতিৰ পথাৰত খোজ পেলোৱাৰ ক্ষেত্ৰত লোক সংস্কৃতিৰ গৱেষক ড: প্ৰফুল্ল দত্ত গোস্বামীৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰ কথা উল্লেখ কৰি  লিখিছে - ১৯৪৫ চনত তেখেত অষ্টম শ্ৰেণীৰ ছাত্ৰ হৈ থাকোঁতেই গুৱাহাটীৰ 'তৰুণ লেখক সংঘ'ৰ এটি শাখা ডাঙৰীত গঠণ কৰিছিল।সেই সময়তে সংঘৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে এখন পত্ৰ প্ৰেৰণ কৰি তেখেতক অনুৰোধ জনাইছিল -সংঘৰ সভাপতি ড: প্ৰফুল্ল দত্ত গোস্বামীদেৱক ডাঙৰী অঞ্চলৰ সোনোৱাল -কছাৰী সমাজত প্ৰচলিত হায়দাং গীত অাৰু হুঁচৰি গীত সংগ্ৰহ কৰি দিব লাগে।সেই গীত সমূহৰ বিষয়ে তেতিয়ালৈকে তেখেতৰ জ্ঞান সমূলি নাছিল।পাছত গাঁৱৰ বুঢ়া-মেথা সকলক সোধ-পোচ কৰি  বাইথ' শালৰ কথা জানিব পৰাত এদিন ৰাতিপুৱাতে গৈ বৰপথাৰ পাইছিলগৈ।বৰপথাৰ গাঁৱৰ গীতঘাই গৰাকীক সাক্ষাৎ কৰি এডুখৰি বস্ত্ৰ ,গুৱা-পাণ অাৰু কিঞ্চিত অৰিহণাসহ মাননি হিচাপে এটি টোপোলা অাগবঢ়াই উদ্দেশ্য অৱগত কৰাত তেওঁ বৰঘৰৰ ভিতৰলৈ গৈ ধোঁৱাচাঙত তুলি থোৱা এটি সৰু বাঁহৰ ৰঙামুৱা সাঁফৰ মৰা চুঙা অানি তেখেতক দেখুৱাইছিল।অাগলৈ তেখেতে লিখিছে-'সাঁফৰ খুলি চাই দেখোঁ অতি সযতনে অপৰিস্কাৰ কেইখিলামান তুলাপাতত শুদ্ধাশুদ্ধভাৱে লিখি থোৱা হায়দাং গীতৰ জুমুঠি।মোক অাৰু কোনে পায়?সৰগখন যেন হাততে পালোঁ…'তাৰপাছত সেই গীতখিনি সম্পূৰ্ণ লিখি অানি তেখেতে ড:প্ৰফুল্ল দত্ত গোস্বামীলৈ পঠিয়াই দিছিল।গুৱাহাটিৰ পৰা ১৯৪৮ চনত প্ৰকাশিত সংঘৰ মুখপত্ৰ 'সন্ধান'ত সেই হায়দাংগীত সমূহ ড: প্ৰফুল্ল দত্ত গোস্বামীয়ে  প্ৰকাশ কৰি উলিওৱাৰ লগে লগে হায়দাং গীতৰ কথা সমগ্ৰ অসমে প্ৰথম বাৰৰ বাবে জানিব পাৰে।ইয়াৰ পাছত ১৯৫১ চনত ড:বিৰিঞ্চি কুমাৰ বৰুৱাৰ দ্বাৰা সম্পাদিত অালোচনী 'ৰংঘৰ'ত  প্ৰকাশ পায় তেখেতৰ 'লখিমীৰ পৃথিৱী' নামৰ সোনোৱাল জনগোষ্ঠীৰ লোকসকলৰ মাজত প্ৰচলিত এটি সাধু।এইদৰেই সাহিত্য অাৰু সংস্কৃতিৰ পথাৰখনত তেখেতৰ পদাৰ্পণ ঘটিছিল।
স্বৰ্গীয় দণ্ডীধৰ ফাটোৱালী জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ 'দিগিংওৰি'ত গগন সোনোৱালদেৱে বিষ্ণু প্ৰসাদ ৰাভাক লগ পোৱাৰ কথাও বৰ সুন্দৰকৈ প্ৰকাশ কৰিছিল।তেখেতৰ মতে,৪০ৰ  দশকত বন্ধু অজয় মেচৰ ডিব্ৰুগড়ৰ ঘৰত প্ৰথম বিষ্ণু ৰাভাক লগ পাইছিল।পাছত পুনৰ লগ পাইছিল ডাঙৰীত।পলাতক অৱস্থাত ডাঙৰীত অাত্মগোপণ কৰি থকা কালতে ডাঙৰীৰ কেইজন মান ছাত্ৰৰ অনুৰোধত বিষ্ণু ৰাভাই 'সুৰৰ দেউল' নামেৰে এখন নাটক লিখিছিল অাৰু ছাত্ৰাৱস্থাতে থকা গগণ সোনোৱাল,গকুল সোনোৱাল অাদিৰ দৰে যুৱকসকলৰ দ্বাৰা নাটখন শিকাই -বুজাই মঞ্চস্থ কৰাইছিল।সোনোৱালদেৱে কোৱা মতে ডাঙৰীৰ প্ৰয়াত ভূৱন চন্দ্ৰ শইকীয়া ছাৰৰ ঘৰৰ ড্ৰয়িং ৰূমতে এইখন নাটৰ অাখৰা হৈছিল।নাটখনত অভিনয় কৰা অন্যান্য ব্যক্তিসকলৰ ভিতৰত অাছিল সুৰেন্দ্ৰ নাথ দহোতীয়া,ভীমকান্ত বুঢ়াগোহাঁই অাদি।এইখন নাটতে সন্নিৱিষ্ট অাছিল সেই বিখ্যাত গীতটি--'সুৰৰে দেউলৰে /ৰূপৰে শিকলি/ভাঙি দিলি খুলি/দুৱাৰ সোনোৱালী/পূজাৰী অ'…/সুন্দৰৰ পূজাৰী…'
     বিষ্ণু ৰাভাৰ দৰে তেখেতেও সুদা ভৰিৰে কৃষ্টিৰ দ-বোকা পথাৰত নামি অাপুৰুগীয়া সম্পদৰাজি বুটলি অানিবলৈ চেষ্টা কৰিছিল অাৰু সেই সম্পদৰাজিৰ বিষয়ে বিভিন্ন কাকতে -পত্ৰে লিখি গৈছিল।
পৰৱৰ্তী কালত তেখেতৰ এই লেখনি সমূহে অান বহুতো লেখক-গৱেষকক বিশেষভাৱে সহায় কৰিছিল।১৯৭৮ চনত অসম সাহিত্য সভাই প্ৰকাশ কৰি উলিয়াইছিল তেখেতৰ এখনি উল্লেখযোগ্য পুথি-'সোনোৱালৰ সাধু' অাৰু ২০০৫ চনত তিনিচুকীয়া জিলা সাহিত্য সভাই প্ৰকাশ কৰি উলিয়াইছিল -'সাহিত্য-সংস্কৃতি-বিচিত্ৰা'।মৰণোত্তৰভাৱে সোনোৱাল- কছাৰী স্বায়ত্ব শাসিত পৰিষদে ২০১৩ চনত প্ৰকাশ কৰা 'গগন চন্দ্ৰ সোনোৱাল ৰচনা সম্ভাৰ'ত সোনোৱালদেৱৰ দ্বাৰা ৰচিত অাৰু প্ৰকাশিত-অপ্ৰকাশিত প্ৰায় এশৰো অধিক সংস্কৃতি বিষয়ক নিবন্ধ, অভিভাষণ,সাক্ষাৎকাৰ, প্ৰতিথযশা বিভিন্ন ব্যক্তিলৈ লিখা চিঠিপত্ৰ অাৰু অনাতাঁৰ কেন্দ্ৰৰ যোগেদি প্ৰচাৰিত কথিকাসমূহ
সন্নিৱিষ্ট হৈছে।গৱেষণামূলক ভাৱে লিখা তেখেতৰ প্ৰবন্ধৰ বিষয়বস্তুসমূহৰ ভিতৰত অাছে-সোনোৱাল-কছাৰীসকলৰ অতীত ইতিহাস অাৰুঐতিহ্য,সামাজিক জীৱন,পৰম্পৰা,লোক সাহিত্য,সংস্কৃতি,হায়দাংগীত-হুঁচৰি গীতৰ তাৎপৰ্য,বহুৱা নৃত্য,বাঘদেউ পূজা,লোক সাহিত্য,সোনোৱাল সমাজত প্ৰচলিত সাধুকথা-লোককথা ইত্যাদি।অশেষ কষ্ট কৰি তেখেতে গাঁৱে-ভূঞে গৈ সংগ্ৰহ কৰা হায়দাং গীত,হুঁচৰি গীত,লখিমী নাম,অাই নাম,অপেচৰী নাম,গোসাঁই নাম,মৰণা মৰা গীত,তৰা ছিৰা গীত,চাকচন মাগা গীত,হগ্ৰা নাচৰ গীত,নিচুকনি গীত,খেল-ধেমালিৰ গীত,খণ্ড বাক্য,ফকৰা-যোজনা,পটন্তৰ অাদিও গ্ৰন্থখনিত সন্নিৱিষ্ট কৰা হৈছে।এক কথাত ক'বলৈ গ'লে, গগন সোনোৱালদেৱক সাক্ষাত লগ নোপোৱালৈকে যেনেদৰে তেখেতৰ উদাৰ ব্যক্তিত্বৰ উমান পাব নোৱাৰি তেনেদৰে  'ৰচনাসম্ভাৰ'খন অধ্যয়ণ নকৰাকৈ তেখেতৰ বিশাল সাহিত্য-প্ৰতিভাৰ কথাও অনুমান কৰিব নোৱাৰি।এই সন্দৰ্ভত অৱশ্যে হৰেন্দ্ৰ নাথ বৰঠাকুৰে কোৱা এষাৰ কথা প্ৰণিধানযোগ্য।সেয়া হৈছে-বিষ্ণু ৰাভাৰ দৰে গগন সোনোৱালদেৱেও ক্ষেত্ৰ অধ্যয়ণেৰে গাওঁ-ভূঁই চলাথ কৰি,চহা ৰাইজৰ মাজত একাত্ম হৈ ,বুঢ়া-মেথাক লগ কৰি,ধোঁৱা-চাঙৰ পৰা পুৰণি পুথি-পাঁজি নমাই অানি লোক-সংস্কৃতিৰ বিস্তৰ সমল অাৰু সিবোৰৰ বিৱৰণ সংগ্ৰহ কৰি এক কষ্টসাধ্য অাৰু শ্ৰম সাপেক্ষ কাম গভীৰ নিষ্ঠাৰে কৰিছিল অাৰু অসমৰ লোক সংস্কৃতিৰ ইতিহাস চৰ্চাত প্ৰভূত অৰিহনা যোগাইছিল,কিন্তু সংগৃহীত সমলবোৰৰ ওপৰত বিজ্ঞানসন্মত ,বস্তুনিষ্ঠ ব্যাখাৰ অৱকাশ ৰৈ গৈছে।গগন সোনোৱালদেৱৰ দ্বাৰা ৰচিত সংস্কৃতি বিষয়ক প্ৰবন্ধ সমূহ অধ্যয়ণ কৰিলেই এই কথাৰ সত্যতা স্পষ্ট হৈ পৰে। এই কথাও সত্য যে অসমৰ অন্যতম এক
প্ৰাচীন জনগোষ্ঠী সোনোৱালসকলৰ অতীত ইতিহাস সম্পৰ্কে কোনো নিৰ্ভৰযোগ্য লিখিত  সম্বল নথকা হেতুকে এই সম্পৰ্কে উত্থাপিত বিতৰ্কিত বিষয়বোৰৰ সন্দৰ্ভত বস্তুনিষ্ঠ অধ্যয়ণ তথা লেখা অাগবঢ়োৱাৰ পৰা সোনোৱালদেৱে তেখেতৰ স্বভাৱসুলভ সৰলতাৰে ইচ্ছাকৃতভাৱেই অাতঁৰি থকা যেন অনুভৱ হয়।
    অসম জন সাংস্কৃতিক পৰিষদৰ কাৰ্যকৰী সভাপতি হিচাপে থাকোঁতেই গগন সোনোৱালদেৱে ড:ভূপেন হাজৰিকাৰ লগতে অসমৰ শিল্প-সাহিত্য অাৰু সংস্কৃতি জগতৰ অাৰু বহু পুৰধা ব্যক্তিৰ সান্নিধ্যলৈ অাহিছিল।লোকনাথ গোস্বামীয়ে 'গগন চন্দ্ৰ সোনোৱাল:দুৰ্লভ ব্যক্তিত্বৰ মানুহজন' শীৰ্ষক এটি প্ৰবন্ধত
লিখিছে-  ' ৮৩ৰ  সংকটময় পৰিস্থিতিৰ বুকুত অনুষ্ঠিত নিখিল বড়ো সাহিত্য সভাৰ মুকলি সাংস্কৃতিক অনুষ্ঠান উদ্বোধনৰ প্ৰাক-মুহূৰ্তত কাষত গগন সোনোৱাল ছাৰক থিয় কৰাই বিশাল ৰাইজক সম্বোধি ভূপেন হাজৰিকাই কৈছিল-এইয়া সুদূৰ ডিবৰুৰ গাঁৱৰ পৰা বিষ্ণু ৰাভাদেৱৰ  লগৰ গগন সোনোৱালক অানিছোঁ অাপোনালোকৰ সন্মুখলৈ,তেখেত পৰিষদৰ কাৰ্যকৰী সভাপতি।…'
       তেখেত জন সাংস্কৃতিক পৰিষদত থকা সময়ছোৱাতে ৮৩ৰ অবৈধ নিৰ্বাচনক কেন্দ্ৰ কৰি গহপুৰ-নেলী অাদিত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল।তেনে ৰক্তাক্ত পৰিস্থিতিত শান্তি অাৰু সম্প্ৰীতি প্ৰতিষ্ঠাৰ বাবে যি জনসাংস্কৃতিক অভিযানৰ পাতনি মেলা হৈছিল তাৰে প্ৰথমটো অভিযানৰ নেতৃত্ব  দিছিল ভূপেন হাজৰিকাই অাৰু দ্বিতীয়টো অভিযানৰ নেতৃত্ব দিছিল গগন সোনোৱালদেৱে।জন সাংস্কৃতিক পৰিষদৰ অন্যতম একনিষ্ঠ কৰ্মী লোকনাথ গোস্বামীৰ লেখাৰ পৰা জানিব পাৰি যে শীতৰ হাড় কপোঁৱা ঠাণ্ডাকো নেওচি সুদা ভৰিৰেই তেখেতে কাকপথাৰৰ পৰা কোকৰাঝাৰলৈ,কোকৰাঝাৰৰ পৰা গোগামুখ-ধেমাজীলৈ,ডিব্ৰুগড়ৰ পৰা কাৰ্বি অাংলঙলৈ জন সাংস্কৃতিক অভিযানৰ সফল নেতৃত্ব বহন কৰিছিল।
     ২৭ অক্টোবৰ ২০০৯চন তাৰিখে ৮৩ বছৰ বয়সত মৃত্যু বৰণ কৰা গগণ সোনোৱাল দেৱ জীৱিত কালত বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে ওত:প্ৰোত ভাৱে জড়িত অাছিল। অবিভক্ত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ তেখেত অাছিল সভাপতি।সেইদৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰথম প্ৰতিস্থাপক সভাপতি,সদৌ সোনোৱাল-কছাৰী সৰ্ব বংশাৱলী সভাৰ অন্যতম সভাপতি,অসম জন সাংস্কৃতিক পৰিষদৰ কাৰ্যকৰী সভাপতি অাৰু পাছলৈ সভাপতি হিচাপে তেখেতে সফলতাৰে কাৰ্য নিৰ্বাহ কৰি গৈছিল।অসমীয়া সাহিত্যলৈ যোগোৱা  অৱদানৰ বাবে অসম  চৰকাৰে তেখেতক সাহিত্যিক পেঞ্চন অাগঢ়ায় ১৯৮৯ চনত।(সমাপ্ত)

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...