Tuesday, September 17, 2019

বয়:সন্ধিৰ কঠিন সময়


  বয়:সন্ধিৰ কঠিন সময়
                                         বীৰ্কে বি থাপা

      সমগ্ৰ বিশ্বতে আশীৰ দশকত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা এটা বাতৰি আছিল এনেধৰণৰ : নিউয়ৰ্ক চিটি কলেজ এলেকাৰ পুলিচ অফিচাৰ ৰবাৰ্ট বেৰীয়ে অকস্মাতে এদিন এটা বৰ আচৰিত টেলিফোন ক'ল পালে।সেই টেলিফোন ক'ল মৰ্মে অনুসন্ধান কৰিবলৈ গৈ তেওঁ আৱিস্কাৰ কৰিলে -এটা অপৰিস্কাৰ আৰু দুৰ্গন্ধময় গুদাম ঘৰৰ ভিতৰত চৌবিশজন কিশোৰে একেলগে ডিঙিত চিপ লৈ আত্মহত্যা কৰিছে।কিশোৰ কেইজনৰ কিছুমান উলংগ আৰু কিছুমান অৰ্ধ উলংগ অৱস্থাত আছিল।প্ৰকাশিত বাতৰি মতে, গুদাম ঘৰটোৰ বেৰত নগ্ন নাৰীৰ অশালীন পোষ্টাৰ লাগি আছিল আৰু কিশোৰ কেইজনৰ কিছুমানে ছোৱালীৰ অন্তৰ্বাসো পৰিধান কৰি আছিল।ঘটনাৰ পুংখানুপুংখ পৰ্যৱেক্ষণৰ পৰা স্পষ্ট হৈ পৰিছিল যে অৱদমিত যৌন ক্ষুধা সংক্ৰান্ত কাৰণতে কিশোৰ কেইজনে তেনেদৰে আত্মহত্যাৰ পথ বাছি লৈছিল।
      ভাৰতবৰ্ষত এনেধৰণৰ সমূহীয়া আত্মহত্যাৰ ঘটনা বিৰল যদিও জন-সমাজৰ পৰা আঁতৰত নিৰ্জন এলেকা বা নিৰ্জন ঘৰৰ ভিতৰত সোমাই লুকাই-চুৰকৈ অশ্লীল কিতাপ -আলোচনী পঢ়ি,যৌন উত্তেজক ছবি বা চিনেমা-ভিডিঅ' আদি চাই ,বিভিন্ন ৰাগিয়াল দ্ৰব্য সেৱন কৰি ঐন্দ্ৰজালিক তৃপ্তি লাভৰ বাবে যৌৱনৰ সোনালী আৰু সৃষ্টিশীল দিনবোৰক আজিৰ প্ৰজন্মই তিল তিলকৈ ধ্বংস কৰি থকা আমি দেখি আছোঁ।সাম্প্ৰতিক কালত মদ, ভাং, গাঞ্জা, ড্ৰাগচ আদি নিচাজাতীয় দ্ৰব্যৰ প্ৰতি নতুন প্ৰজন্মৰ আসক্তি দ্ৰুতগতিৰে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে।অবিশ্বসনীয়ভাৱে শৈক্ষিক বা চাৰিত্ৰিক দিশত অতি সুনাম থকা ছাত্ৰসকলো এই ক্ষেত্ৰত বাদ পৰি যোৱা নাই ।নীতি, আদৰ্শ, সৎ চৰিত্ৰ, সৎ আচৰণ  আদিৰ বিপৰীতে সকলো সময়তে প্ৰচণ্ড ক্ষোভ আৰু আক্ৰমনাত্মক মনোভাৱ পোষন কৰি থকা নতুন প্ৰজন্মৰ অন্যতম বৈশিষ্ট্য হৈ পৰিছে।প্ৰতিদিনে বাতৰি কাকত,দূৰদৰ্শন আদিৰ জৰিয়তে প্ৰকাশ পাই থকা বিভিন্ন অপৰাধমূলক ঘটনাৰ সৈতে এইসকল যুৱকৰ নাম জড়িত হোৱা কথাষাৰে সচেতন মহলক  চিন্তিত আৰু শংকিত কৰি তুলিছে। চৌদিশে কেৱল এটাই অভিযোগ-আজিৰ প্ৰজন্ম উদণ্ড, বিশৃংখল আৰু আদৰ্শহীন।
      স্বাভাৱিকতে প্ৰশ্ন হয়--যুৱ প্ৰজন্মৰ এই নৈতিক স্খলন বা তেওঁলোকৰ মনত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা অপৰাধ -প্ৰৱণতাৰ প্ৰধান কাৰণ কি?কিয় তেওঁলোকে নিজৰ যৌৱনৰ সোনালী আৰু সৃষ্টিশীল দিনবোৰক ধ্বংস কৰি লক্ষ আৰু আদৰ্শহীন জীৱন একোটা বাছি লয়?ইয়াৰ বাবে দায়ী কোন?
       শিক্ষা মনোবিজ্ঞানৰ দৃষ্টিৰে বয়:সন্ধি কালৰ এক বিশেষ তাৎপৰ্য আছে।কাৰণ, কৈশোৰৰ দেওনা পাৰ হৈ যৌৱনত প্ৰৱেশ কৰা বয়:সন্ধিৰ এই কালছোৱাত শৰীৰ আৰু মনৰ ব্যাপক পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে । ডব্লিউ. এম. ৰাইবাৰ্ণৰ মতে শিশুৰ 12 বছৰ বয়সৰ পৰা 14 বছৰ বয়সলৈ পূৰ্ব বয়:সন্ধি কাল আৰু 14 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈ উত্তৰ বয়:সন্ধি কাল হয়।ড: আৰ্ণেষ্ট জোনচ প্ৰভৃতি অন্যান্য মনোবিজ্ঞানীসকলৰ মতেও জনন সামৰ্থৰ বিকাশৰ কালছোৱাই হ'ল যৌৱন কাল বা বয়:সন্ধিৰ আৰম্ভণি।এই বয়:সন্ধিৰ সময়ছোৱাত মানুহ সুন্দৰ আৰু শক্তিবান হয়।সেইদৰে এই কালছোৱাত ব্যক্তিৰ মনৰো পৰিৱৰ্তন আৰু বিকাশ হয়।শৰীৰ আৰু মনৰ দ্ৰুত বিকাশৰ এই কালছোৱাই প্ৰকৃততে জীৱনৰ আটাইতকৈ জটিল সময় যিটো সময়ত যুৱকসকল অত্যন্ত আৱেগৰ বশৱৰ্তী হৈ দিকভ্ৰান্ত হৈ পৰে।সেইবাবেই কোৱা হয়- Adolescence is the storm and stress of life .
        বয়:সন্ধিৰ সময়ছোৱাত উদ্ৰেক হোৱা কিছুমান অৱস্থা হৈছে --আত্মসচেতনতা(self- consciousness), অত্যাধিক আৱেগ প্ৰৱণতা (emotionality), সামাজিক-চেতনা(social consciousness)  আত্ম সন্মানবোধ(self respect). আত্ম নিৰ্ভৰশীলতা(self dependance), সৃজনাত্মক কল্পনা(creative imagination) আদি ।এই অৱস্থাসমূহ পাৰস্পৰিক সম্বন্ধযুক্ত।সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰিলে দেখা যায় যে  যুৱসমাজত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বিশৃংখলতা বা অপৰাধ-প্ৰৱণতাৰ ক্ষেত্ৰত আমাৰ সমাজ ব্যৱস্থাৰ কিছুমান ত্ৰুটি জড়িত হৈ আছে।আমাৰ সমাজত পূৰ্বৰে পৰা চলি অহা উচ্চ-নীচৰ ভেদাভেদ ,ধনী-দুখীয়াৰ পাৰ্থক্য তথা সমাজ-ব্যৱস্থাৰ সৈতে জড়িত অৰ্থনৈতিক সমস্যা, ৰাজনৈতিক বিশৃংখলতা, পুঁজিবাদী আগ্ৰাসন, প্ৰতিপত্তিশীল শ্ৰেণীৰ তোষণ-নীতি আৰু বিত্ত-প্ৰদৰ্শনকামী মানসিকতা আদিয়ে স্বাভাৱিকতে এক শ্ৰেণীৰ দুৰ্বল আৰু ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত লোকসকলৰ মনত বিক্ষোভৰ সৃষ্টি কৰে। এই বিক্ষোভ সমাজৰ সৰ্বসাধাৰণ শ্ৰেণীৰ লোকসকলৰ বুকুত উমি উমি জ্বলি থাকে আৰু সেই উমি উমি জ্বলা জুইয়েই অগ্নি-স্ফুলিংগৰ ৰূপত প্ৰকাশ পায় উঠি অহা যুৱক-যুৱতীসকলৰ মাজেৰে।সমাজত চলি থকা অন্যায় অত্যাচাৰ, শোষন-উৎপীড়ন আদিয়ে নতুন প্ৰজন্মৰ মানসিকতাত সৃষ্টি কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বহি:প্ৰকাশ হিচাপে তেওঁলোকে প্ৰচলিত সমাজ-ব্যৱস্থাৰ বিৰূদ্ধে থিয় দিব বিচাৰে অথবা সমাজ-ব্যৱস্থাৰ প্ৰতি তেওঁলোক বীতশ্ৰদ্ধ হৈ পৰে।এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত বহু সময়ত তেওঁলোকে প্ৰকাশ্যে সমাজ-ব্যৱস্থাৰ সমস্ত গাঁথনি পৰিৱৰ্তন কৰিবলৈ আগবাঢ়ি আহে । আশীৰ দশকত ভাৰতবৰ্ষৰ লগতে তৃতীয় বিশ্বৰ অন্যান্য দেশসমূহত গঢ় লৈ উঠা ছাত্ৰ-বিক্ষোভ সমূহেই ইয়াৰ উদাহৰণ।আনহাতে সমাজ-ব্যৱস্থাৰ বিৰূদ্ধে প্ৰকাশ্যে থিয় দিয়াৰ সাহস নকৰা এচাম যুৱক প্ৰচণ্ড হতাশাত ভোগে।এই হতাশাগ্ৰস্ত যুৱক-যুৱতীসকলে ভৱিষ্যৎ সম্পৰ্কে সম্পূৰ্ণ নিৰাশা বুকুত লৈ যৌৱনৰ সকলো সম্ভাৱনীয়তাক তিলে তিলে ধ্বংস কৰি যায়। তেনেদৰে যুৱ মন:স্তত্বত প্ৰবল হতাশাৰ সৃষ্টি কৰা অন্যান্য কিছুমান কাৰক হৈছে-অত্যধিক ভাৱ-প্ৰৱণতা,যৌন-চিন্তা, শাৰীৰিক অক্ষমতা বা বিকলাংগ অৱস্থা,ভগ্ন-স্বাস্থ্য ,আৰ্থিক দূৰাৱস্থা আদি।আত্মচেতনা বা আত্মসন্মানবোধত লগা কিছুমান আঘাতেও তেওঁলোকৰ মনত হতাশা বা নীচাত্মিকাবোধৰ সৃষ্টি কৰে।
       বৰ্তমান যুগত দ্ৰুতগতিৰে বৃদ্ধি পাই অহা যুৱ-উচ্ছৃংখলতা আৰু অপৰাধ প্ৰৱণতাৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে মানৱীয় প্ৰমূল্য আৰু আদৰ্শৰ বিপৰীতে আজিৰ প্ৰজন্মই আকোঁৱালী লোৱা পশ্চিমীয়া ভোগবাদী সংস্কৃতিয়েই ইয়াৰ বাবে প্ৰধানকৈ দায়ী।বয়সন্ধিৰ সময়ছোৱাত যুৱ-মনস্তত্বক গভীৰভাৱে প্ৰভাৱিত কৰা অন্যতম কাৰক হৈছে প্ৰচণ্ড যৌনাৱেগ। স্বাভাৱিকতে তেওঁলোক এই সময়ছোৱাত বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হৈ উঠে আৰু নৰ-নাৰীৰ গোপন যৌন -সম্পৰ্কৰ বিষয়ে জানিবলৈ গভীৰভাৱে আগ্ৰহী হয়।অকল সেয়ে নহয়,যৌৱন উন্মেষৰ লগে-লগে স্বাভাৱিক প্ৰবৃত্তি অনুসৰি তেওঁলোকৰ যৌন-বাসনাও জাগৃত হয় আৰু এই বাসনা চৰিতাৰ্থ কৰিবলৈ ব্যাকুল হৈ পৰে।এনে  অৱস্থাত তেওঁলোকে সততে  বিপৰীত লিংগৰ বন্ধু-বান্ধৱীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা, সমকামীতা বা বিকৃত যৌন কৰ্মত লিপ্ত হোৱা, মাদক আৰু যৌন-উত্তেজক দ্ৰব্য সেৱন কৰা,অশ্লীল কিতাপ-আলোচনী আৰু চিনেমা আদিত মনোনিৱেশ কৰা,লগ-সংগ ত্যাগ কৰি নিৰ্জন কোঠাত অকলশৰে বাস কৰা ইত্যাদিৰ দৰে অপকৰ্মত লিপ্ত হোৱা দেখা যায়।বহু সময়ত তেওঁলোকে অতিশয় উত্তেজনাত বিচাৰ-বুদ্ধি,চিন্তাশক্তি আদি সকলো হেৰুৱাই ধৰ্ষণৰ দৰে নীচ কাৰ্যও সংঘটিত কৰে।বিভিন্ন পৰ্যৱেক্ষণৰ পৰা এই কথাও জানিব পৰা গৈছে যে একো একোখন দেশৰ যুৱশক্তিক সকলো সৃষ্টিশীল কাৰ্যৰ পৰা আঁতৰাই তেওঁলোকক কেৱল যৌন-চিন্তাতে নিমগ্ন কৰি ৰখাৰ অন্তৰালত কিছুমান অপশক্তিয়ে অহৰহ চেষ্টা কৰি থাকে। উদাহৰণ স্বৰূপে,ভিয়েটনামৰ স্বাধীনতা যুদ্ধৰ সময়ছোৱাত তাৰ যুৱকসকলে যেতিয়া হাতত অস্ত্ৰ তুলি লৈছিল সেইসময়ত সাম্ৰাজ্যবাদী মাৰ্কিন শক্তিয়ে সেই যুৱশক্তিক পংগু আৰু দুৰ্বল কৰি তোলাৰ উদ্দেশ্যে বাটে-পথে সুলভ মূল্যৰ উৎকট যৌনতাপূৰ্ণ কিতাপ-আলোচনী,অশ্লীল ছবি আদিৰে ওপচাই দিছিল।আজিও একেদৰে কেতিয়াবা ৰাজনৈতিক শক্তিয়ে,কেতিয়াবা ব্যৱসায়ী-পুঁজিবাদী শক্তিয়ে বিভিন্ন স্বাৰ্থত অশ্লীল কিতাপ-আলোচনী, পৰ্ণ'গ্ৰাফিক ভিডিঅ'-চলচিত্ৰ তথা গাঞ্জা, ভাং,ড্ৰাগচ আদিৰ ব্যাপক সৰবৰাহৰ যোগেদি যুৱশক্তিক দুৰ্বল-শক্তিহীন কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।ইণ্টাৰনেটৰ জৰিয়তে পৰ্ণগ্ৰাফিক চাইটসমূহ মুকলি কৰি দি যুৱকসকলক বিকৃত আৰু অপ্ৰাকৃতিক যৌনসম্ভোগ পদ্ধতিৰ প্ৰতি আসক্ত কৰি তেওঁলোকৰ প্ৰেম-ভালপোৱা আদি মানৱীয় অনুভূতিৰ বিষয়সমূহক সমুলি নি:শেষ কৰি পেলোৱা হৈছে।ফলত প্ৰেম-ভালপোৱাৰ দৰে বিষয়বোৰ কেৱল পবিত্ৰ আত্মিক সম্পৰ্ক হৈ নাথাকি যৌন সম্পৰ্কলৈ ৰূপান্তৰিত হৈছে।পশ্চিমীয়া দেশবোৰৰ কথা বাদেই,ভাৰতবৰ্ষৰ দৰে দেশৰো মেট্ৰ'পলিটান চহৰ-মহানগৰ সমূহত অস্বাভাৱিকভাৱে বিবাহ-পূৰ্ব আৰু বিবাহোত্তৰ অবৈধ যৌন সম্পৰ্কৰ ঘটনা দ্ৰুত গতিৰে বৃদ্ধি পাই আহিছে।1983 চনত চলোৱা এটি সমীক্ষা অনুসৰি চেন্নাইৰ (তাহানিৰ মাদ্ৰাজ) দৰে ৰক্ষণশীল  সমাজৰ প্ৰায় ন হাজাৰ ছাত্ৰ-ছাত্ৰীৰ 52.4 শতাংশই ৰক্ষণশীলতাৰ বিপৰীতে বিবাহপূৰ্ব যৌন স্বাধীনতাৰ সপক্ষে মত পোষন কৰিছিল।আনহাতে বোম্বাইৰ Family Planning Association নামৰ এটি সংস্থাৰ সমীক্ষাতো কোৱা হৈছিল যে আশীৰ দশকত গৰ্ভপাত কৰোৱা মহিলাৰ 16 শতাংশই আছিল অবিবাহিতা।ইয়াৰ পৰাই স্পষ্ট হয় যে বিবাহৰ পূৰ্বেই যৌন অভিজ্ঞতা লাভ কৰাৰ প্ৰৱণতা যুৱ -সমাজত বৃদ্ধি পাই আহিছে।তেনেদৰে চহৰ-মহানগৰৰ উচ্চবিত্ত সমাজত পশ্চিমীয়া ভোগবাদী সংস্কৃতিৰ প্ৰভাৱত গঢ় লৈ উঠা বিবাহোত্তৰ অবৈধ যৌন সম্পৰ্ক,গ্ৰুপ চেক্স,ৱাইফ শ্বোৱেপিং (wife swapping) আদিৰ দৰে বিষয়সমূহ ইণ্টাৰনেটৰ জৰিয়তে ব্যাপকভাৱে প্ৰচাৰ হোৱাৰ ফলস্বৰূপে যুৱ-প্ৰজন্মৰ মন -মস্তিষ্ক তেনেবোৰ বিষয়ৰ প্ৰতি আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে।এনে প্ৰৱণতাৰ বাবেই গঢ় লৈ উঠা অবৈধ সম্পৰ্কৰ পৰিণতি স্বৰূপেও বহুসময়ত যৌন-সংক্ৰান্ত অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই অহা বুলি অনুমান কৰিব পাৰি।
       যুৱ-প্ৰজন্মৰ মানসিকতাক গভীৰভাৱে প্ৰভাৱিত কৰা এটা বিষয় হৈছে ফ্যেশ্বন।প্ৰকৃততে ক'বলৈ গ'লে 'ফ্যেশ্বন' বোলা বস্তুটো আধুনিক যুগৰ এক দূৰাৰোগ্য ব্যাধি।এই ব্যাধিয়ে আজি সমাজৰ প্ৰায় সকলো শ্ৰেণীৰ মানুহক স্পৰ্শ কৰিছে।অৰ্থনৈতিকভাৱে অস্বচ্ছল শ্ৰেণীৰ যুৱক-যুৱতীসকলে নিজৰ দাৰিদ্ৰ অৱস্থাক লুকুৱাবৰ বাবে সততে ফ্যেশ্বনৰ দৰে কৃত্ৰিম ব্যৱস্থা এটাৰ আশ্ৰয় লোৱা দেখা যায়।ফ্যেশ্বনৰ সোঁতত লক্ষহীনভাৱে উটি যোৱা এই সকল যুৱকৰ মনস্তত্বক ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰে চতুৰ ব্যৱসায়ী শ্ৰেণীয়ে।বিভিন্ন ধৰণৰ বিজ্ঞাপন প্ৰচাৰৰ জৰিয়তে পুঁজিপতি  ব্যৱসায়ী গোষ্ঠীয়ে যুৱক-যুৱতীসকলৰ মনত কৃত্ৰিম অভাৱবোধ সৃষ্টি কৰে আৰু এনে ধাৰণাৰ সৃষ্টি কৰে যেন বিলাসিতাপূৰ্ণ ফ্যেশ্বন অবিহনে আজিৰ যুগত জীয়াই থকাই অৰ্থহীন।ফলত এনে অৱস্থাৰ উদ্ভৱ হৈছে যেন দামী কাপোৰ-কানি পিন্ধি বাইক-গাড়ী-মটৰত উঠি নুফুৰিলে,বিলাসী ৰেস্টুৰেণ্টত বহি চিকেন বিৰিয়ানী নাখালে মানুহক মানুহ বুলি গণ্যই কৰা নহয়।কলেজলৈ পঢ়িবলৈ যোৱা দুখীয়া ল'ৰাৰ মনত আধুনিক যুগৰ এনে ফ্যেশ্বনবহুল ব্যৱস্থাপনাই কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে সেয়া সহজে অনুমেয়।বহু সময়ত এনেকুৱাও হয় যে নিজৰ ঘৰৰ আৰ্থিক দূৰৱস্থাৰ কথা সকলো বুজাৰ পাছতো নিজৰ দৈন্য অৱস্থাক ঢাকিবৰ বাবে বহুতে পিতৃ-মাতৃক বাইক-মটৰ চাইকেল, কম্পিউটাৰ-লেপটপ ,দামী মোবাইল আদি কিনি দিবলৈ জোৰ কৰাও দেখা যায়। আক্যাংক্ষিত বস্তু নাপালে পিতৃ-মাতৃ, অভিভাৱকসকলৰ প্ৰতি বীতশ্ৰদ্ধ হোৱা,চুৰি-প্ৰবঞ্চনাৰ দৰে কাৰ্যত লিপ্ত হোৱা বা অত্যধিক আৱেগপ্ৰৱণতাৰ বশৱৰ্তী হৈ কেতিয়াবা তেওঁলোকে আত্মহত্যাৰ দৰে কাৰ্যও কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰা হয়গৈ।অকল সেয়ে নহয়,ফ্যেশ্বনৰ সোঁতত উটি যোৱা যুৱক-যুৱতীসকলৰ বাবে প্ৰেম,ভালপোৱা,দয়া-মমতা আদিৰ দৰে মানৱীয় আৱেগ-অনুভূতিৰ দৰে বিষয়বোৰ তেনেই অৰ্থহীন হৈ পৰে।প্ৰেম-ভালপোৱাৰ দৰে বিষয়বোৰ অৰ্থ-সৰ্বস্ব হৈ পৰে।আৰ্থিক দুৰ্দশাগ্ৰস্ত যুৱককলৰ বাবে প্ৰেম হৈ পৰে কেৱল এক অভিশাপ।প্ৰেমত বিফল যুৱকসকলে বুকুত কঢ়িয়াই লৈ ফুৰিবলগীয়া হয় ব্যৰ্থতাৰ গ্লানি,অপমান,দুখ-যন্ত্ৰণা আৰু নীচাত্মিকাবোধ।ফলত প্ৰেমৰ প্ৰতি তেওঁলোকৰ মনত ঘৃণাৰ উৎপত্তি হয়।বহুসময়ত এই ঘৃণাই হিংসাৰ ৰূপ পৰিগ্ৰহণ কৰে আৰু  প্ৰেমজনিত অপৰাধ সংঘটিত হয়।
     গতিকে বয়:সন্ধিৰ কালছোৱাত বৃদ্ধি পোৱা চাৰিত্ৰিক স্খলন,অপৰাধ প্ৰৱণতা আদিৰ অন্তৰালত থকা মনস্তাত্বিক কাৰণসমূহ  সূক্ষ্মভাৱে পৰ্যৱেক্ষণ তথা  বিস্তৃত ৰূপত counselingৰ ব্যৱস্থা কৰা উচিত।আদৰ্শ, নৈতিকতা, মানৱীয় প্ৰমূল্য আদিৰ তাৎপৰ্য, প্ৰচণ্ড যৌনাৱেগ,অপ্ৰাকৃতিক যৌন-সম্ভোগ ,ৰাগিয়াল দ্ৰব্য সেৱনৰ অপকাৰিতা ইত্যাদি বিষয়ৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰাটো আজিৰ সময়ৰ পৰিপ্ৰেক্ষিতত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।আনুষ্ঠানিক ভাৱে যৌন শিক্ষা প্ৰদান কৰা বিষয়টো পশ্চিমীয়া দেশসমূহত  সাধাৰণ কথা যদিএ ৰক্ষণশীল মানসিকতাৰ বাবে আমাৰ সমাজ ব্যৱস্থাত ই আজিও সম্ভৱপৰ হৈ উঠা নাই।আমাৰ বৰ্তমান কালৰ শিক্ষা ব্যৱস্থালৈকে মন কৰিলে এনেবোৰ বিষয়ত কিবা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা কথা কোনোবাই ক'ব পাৰিবনে?অথচ আমি দেখি আহিছোঁ -বিষয়টো দিনক দিনে জটিলতৰ হৈ আহি আছে । গতিকে যৌৱনৰ সৃষ্টিশীলতাক ৰক্ষা কৰি তাক সুন্দৰ ৰূপত গঢ়ি তোলাৰ স্বাৰ্থতে ৰক্ষণশীল মানসিকতাৰ বিপৰীতেও  কিছু পদক্ষেপ গ্ৰহণ  কৰাটো অনিবাৰ্য হৈ পৰিছে।অন্যথা বয়:সন্ধিৰ কঠিন সময়ে যুৱ-প্ৰজন্মৰ শক্তি আৰু সৃষ্টিশীলতাক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব।(সমাপ্ত)

বি:দ্ৰ: 'অসম আদিত্য' আৰু 'নিয়মীয়া বাৰ্তা'ত প্ৰকাশিত  ।

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...