Friday, September 6, 2019

মৰাণ জনগোষ্ঠীৰ গৌৰৱোজ্জ্বল অতীত

    
মৰাণ জনগোষ্ঠীৰ গৌৰৱোজ্জ্বল অতীত
      আৰু বৰ্তমান: এক অৱলোকন
                                          বীৰ্কে বি. থাপা

  শাৰীৰিক বৈশিষ্ট্যৰ ভিত্তিত অসমৰ মৰাণসকলক নৃতত্ববিদসকলে মংগোলীয় জনগোষ্ঠীৰ বুলি চিনাক্ত কৰিছে।প্ৰসিদ্ধ ইতিহাসবিদ ৰাজমোহন ৰায়ৰ দৰে ব্যক্তিয়ে অৱশ্যে মৰাণসকলক অষ্ট্ৰিক গোষ্ঠীৰ অন্তৰ্ভূক্ত কৰিবলৈয়ো চেষ্টা কৰা দেখা যায়।কিন্তু মৰাণসকলৰ নিজস্ব ৰীতি-নীতি,কলা-সংস্কৃতি অাদি পৰ্যৱেক্ষণ কৰিলে হিমালয়ৰ পাদদেশত বসবাস কৰি থকা অন্যান্য কিছুমান মংগোলীয় জনগোষ্ঠীৰ লোকসকলৰ সৈতেহে  যথেষ্ট সাদৃশ্য থকা পৰিলক্ষিত হয়।অষ্ট্ৰিকসকলৰ সৈতে মৰাণসকলৰ সাদৃশ্য যথেষ্ট কম।
           হুকং উপত্যকাই আছিল মংগোলীয়সকলৰ আদি বাসস্থান অাৰু খৃষ্টজন্মৰ বহু হাজাৰ বছৰ পূৰ্বতে তেওঁলোকে বিভিন্ন পৰিৱেশ-পৰিস্থিতিগত কাৰণত হিমালয়ৰ পাদদেশলৈ প্ৰব্ৰজনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।ইতিহাসবিদ এণ্ডেলৰ মতে ইতিহাসৰ কোনোবা এটা সময়ত হুকং উপত্যকাত বসবাস কৰা মৰাণসকলৰ এটা ঠাল প্ৰথমে নেপালৰ ফালে গুচি গৈছিল অাৰু নেপালৰ মৌৰাং বা মৰং প্ৰদেশত বাস কৰিবলৈ লৈছিল।কালক্ৰমত তেওঁলোকে পুনৰ নেপালৰ পৰা প্ৰাচীন কামৰূপৰ সৌমাৰপীঠলৈ প্ৰব্ৰজন কৰিবলৈ ধৰে।অৱশ্যে  এই প্ৰব্ৰজন কেতিয়া ঘটিছিল সেই বিষয়ে সঠিককৈ ক'ব পৰা নাযায়।কিছুসংখ্যক ইতিহাসবিদৰ মতে খৃষ্টীয় সপ্তম শতিকা মানত তেওঁলোকৰ প্ৰব্ৰজন ঘটিছিল।আন কিছু সংখ্যক ইতিহাসবিদৰ মতে এই প্ৰব্ৰজন খৃষ্টজন্মৰ বহু শ বা হাজাৰ বছৰ পূৰ্বেই ঘটিছিল।
        এই কথা মাথোঁ স্পষ্টকৈ ক'ব পৰা যায় যে বদৌচাৰ নেতৃত্বত মৰাণসকলে খৃষ্টীয় এঘাৰ শতিকামানতহে সৌমাৰপীঠত তেওঁলোকৰ নিজস্ব স্বাধীন ৰাজ্য স্থাপন কৰিবলৈ সক্ষম হৈছিল।১২২৮ খৃ:ত চুকাফাই অসমত প্ৰৱেশ কৰা কালত বদৌচাই প্ৰবল প্ৰতাপেৰে শাসন কৰি আছিল।তেওঁ শাসন কৰা প্ৰধান নগৰখনৰ নাম মৰাণ বা  মৰাণহাট আছিল বুলি কোৱা হয়।চুকাফাৰ লগত তেওঁৰ বন্ধুত্ব গঢ় লৈ উঠিছিল ।অকল সেয়ে নহয়,ৰজা বদৌচাই তেওঁৰ দুগৰাকী কন্যাক চুকাফালৈ  বিয়া দি আহোম অাৰু মৰাণৰ সম্পৰ্কক অাৰু মজবুত কৰি তুলিছিল।
        সি যি নহওক,অসমত বহু যুগ ধৰি বসবাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক বিভিন্ন সূত্ৰৰ ভিত্তিত কেতিয়াবা  টাই, কেতিয়াবা কাচিন বা চিংফৌ অাৰু কেতিয়াবা নেপালী মূলৰ বুলি ক'ব বিচৰা হৈছে।সঠিককৈ এই বিষয়ে আচলতে একোৱেই ক'ব পৰা নাযায়,কাৰণ মৰাণসকলৰ কোনো লিখিত ইতিহাস নাছিল।কেৱল নৃতাত্বিক গঠণ-অৱয়ব অাৰু প্ৰচলিত ৰীতি-নীতি-পৰম্পৰাৰ ভিত্তিত হিমালয়ৰ পাদদেশৰ অন্যান্য মংগোলীয় বংশোদ্ভূত জনগোষ্ঠীৰ সৈতে মৰাণসকলৰ বহু ক্ষেত্ৰত সাদৃশ্য থকা কথাষাৰ পৰিলক্ষিত হয়।ইতিহাসৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি আহোঁতে ভাষিক ক্ষেত্ৰত  কিছু পাৰ্থক্য থাকিলেও মংগোলীয় গোষ্ঠীৰ সকলোবোৰ জাতি-জনগোষ্ঠীৰে নৃ-বৈশিষ্ট্য একে অাৰু এয়ে হৈছে তেওঁলোকৰ স্বকীয়তাৰ প্ৰধান মাপকাঠি।তাৰোপৰি ভাষিক পাৰ্থক্য স্বত্তেও সকলো জনগোষ্ঠীৰ মাজত বিৰাজ কৰা কৃষ্টি সংস্কৃতিগত দিশসমূহৰো যথেষ্ট সাদৃশ্য আমি দেখা পাওঁ।
      মংগোলীয় মূলৰ হোৱা হেতুকে মৰাণসকলৰ মাজত প্ৰাচীন কালত কৈৰাতজ ধৰ্ম প্ৰচলিত অাছিল।আজিলৈকে অাৱিস্কৃত পুৰণি মন্ত্ৰ পুথি সমূহৰ পৰা এই কথা প্ৰতিপন্ন হৈছে।প্ৰাচীন বা আদিম ধৰ্ম অনুসৰি তেওঁলোকে শদিয়াৰ কেঁচাইখাতী শালত বলি বিধানেৰে পূজা পাতল কৰিছিল।পৰৱৰ্তীকালত মৰাণসকলে শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ চৰণত শৰণ লোৱাৰ পাছৰে পৰা মৰাণসকলে অাদিম কিৰাতী ধৰ্মৰ ৰীতিনীতিসমূহ ত্যাগ কৰিছিল যদিও প্ৰাচীন তন্ত্ৰ মন্ত্ৰ অাদিৰ প্ৰতি থকা বিশ্বাসৰ পৰা তেওঁলোক অাজিও সম্পূৰ্ণৰূপে মুক্ত নহয়।বিশিষ্ট লেখক সুশীল কুমাৰ গগৈৰ মতে,
প্ৰাক বৈষ্ণৱ যুগৰে কেইবাখনো প্ৰাচীন মন্ত্ৰ পুথি মৰানসকলৰ ভকতীয়া সমাজৰ মাজত আজিও সংৰক্ষিত হৈ অাছে।তথাপিতো এই কথা সত্য যে বৈষ্ণৱ গুৰু  অনিৰুদ্ধ দেৱৰ কাল-সংহতিৰ সত্ৰসমূহত শৰণ ভজন লোৱাৰ পাছৰে পৰা মৰাণ জনগোষ্ঠীৰ লোকসকলৰ মাজত শুদ্ধ অাৰু মাৰ্জিত ধৰ্মীয় চেতনাৰ লগতে সামাজিক অাৰু গণতান্ত্ৰিক মূল্যবোধ গঢ় লৈ উঠিছিল।মৰাণ জাতিক এক উচ্চ মাৰ্গৰ ধৰ্মীয় অাৰু অাধ্যাত্মিক চেতনাৰ লগতে গণতান্ত্ৰিক চেতনাবোধ জগাই তোলাৰ ক্ষেত্ৰত অনিৰুদ্ধদেৱৰ কাল সংহতিসমূহৰ উল্লেখনীয় অৱদান অাছিল।
       শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ অাছিল ভৱানীপুৰীয়া আতা গোপালদেৱৰ শিষ্য।মৰাণসকল নেপালৰ পৰা প্ৰব্ৰজিত হৈ অহা কথাষাৰ বহুতে মানি ল'ব নোখোজে অাৰু ইয়াৰ সত্যতা সম্পৰ্কে সঠিকভাৱে এতিয়াও ক'ব পৰা নাযায় যদিও এই কথা কিন্তু স্বীকাৰ কৰিব লাগিব যে অনিৰুদ্ধদেৱৰ চৰিতপুথি অনুসৰি তেওঁৰ পূৰ্বপুৰুষ তাহানিতে নেপালৰ পৰা প্ৰব্ৰজিত হৈ অাহি সৌমাৰপীঠৰ নাৰায়ণপুৰৰ অন্তৰ্গত বিষ্ণুবালিকুঞ্চিত বসবাস কৰিবলৈ লৈছিল।এই বংশতে অনিৰূদ্ধদেৱৰ জন্ম হৈছিল।ভৱানীপৰীয়া অাটা গোপালদেৱৰ অধীনত ভাগৱত শাস্ত্ৰ অধ্যয়ণ কৰি পৰৱৰ্তীকালত অনিৰূদ্ধদেৱে গুৰুজনাৰ নিৰ্দশত বিষ্ণুবালিকুঞ্চিত ১৬০১ খৃ:ত সত্ৰ স্থাপন কৰিছিল।অনিৰুদ্ধদেৱৰ দ্বাৰা স্থাপিত কাল সংহতিৰ সত্ৰসমূহত সকলো জনগোষ্ঠীৰ লোকেই শৰণ লৈছিল যদিও উজনিৰ মৰাণসকলৰ সংখ্যাই অাছিল সৰহ।অনিৰূদ্ধদেৱৰ এই সত্ৰক মায়ামৰা সত্ৰ নামেৰে জনা যায়।অাহোমৰ ৰাজত্বৰ কালছোৱাত চলা বৈষ্ণৱ নিৰ্যাতন,পাইক প্ৰথা তথা অন্যান্য কিছুমান ব্যাপক অৰাজকতাৰ বিৰূদ্ধে এক বৃহৎ গণ অভ্যুত্থান গঢ়ি তোলাৰ ক্ষেত্ৰত মায়ামৰা সত্ৰই লোৱা ভূমিকাৰ কথা আজি সকলোৱে জানে।
     আহোম স্বৰ্গদেউসকলে পৰম্পৰাগত ধৰ্ম ত্যাগ কৰি শাক্ত ধৰ্ম গ্ৰহণ কৰিবলৈ লোৱাৰ পাছৰে পৰা ক'বলৈ গ'লে তেওঁলোকৰ দুৰ্ভাগ্যৰ দিন নামি অাহিছিল।স্বৰ্গদেউ শিৱসিংহই বংগদেশৰ নদীয়াৰ শাক্তধৰ্মী ব্ৰাক্ষ্মণ কৃষ্ণৰাম ন্যায়বাগীশ ভট্টাচাৰ্যৰ চৰণত শৰণ লোৱাত ৰাজকাৰেঙত দুৰ্গা গোঁসানীৰ পূজা পতা পৰম্পৰা অাৰম্ভ হৈছিল। তাৰ পাছতে মায়ামৰা মহন্তসকলক পূজালৈ মাতি নি বলিকটা তেজৰ ফোঁট কপালত ল'বলৈ বাধ্য কৰোৱাৰ দৰে ঘটনা ঘটিল।এই ঘটনাই মোৱামৰীয়া মহন্ত অাৰু শিষ্যসকলৰ মনত দিয়া অাঘাতৰ ঘাঁ শুকাবলৈ নৌপাওতেই হাতীচুঙী মৰাণৰ নেতা ৰাঘৱ নেওগ অাৰু নাহৰখোৰা শইকীয়াই ৰজাক হাতী যোগান দিবলৈ গৈ কীৰ্তিচন্দ্ৰ বৰুৱাৰ দ্বাৰা অপমানিত হোৱা কাৰ্যই মৰাণসকলৰ ধৈৰ্যৰ বান্ধ ছিঙি পেলাইছিল।দুয়োগৰাকী মৰাণৰ নেতা মায়ামৰা সত্ৰৰ শিষ্য হোৱা হেতুকে বিদ্ৰোহ অাৰম্ভ হ'ল ।এই বিদ্ৰোহে অাহোমৰ সিংহাসন কঁপাই তুলিলে।অকল কঁপাই তোলাই নহয়,বিদ্ৰোহীসকলে অাহোমৰ ৰাজপাটো দখল কৰিলে।তেওঁলোকে ৰংপুৰ দখল কৰি নাহৰখোৰা শইকীয়াৰ পুতেক ৰমাকান্তক ৰজা পাতিলে ।ৰাঘৱ মৰাণ  নিজে বৰবৰুৱা হৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ পত্নী কুৰংগনয়নীক নিজৰ লগত ৰাখিলে।অাৰু ক'বলৈ গ'লে সেয়ে কাল হ'লগৈ।কোৱা হয় যে,কুৰংগনয়নীৰ গোপন ষড়যন্ত্ৰৰ বলি হৈছিল ৰাঘৱ মৰাণ।বহাগত হুঁচৰি গাবলৈ অহা লোকসকলৰ সন্মুখত সেৱা লওঁতেই কুৰংগনয়নীৰ পূৰ্ব পৰিকল্পনা অনুসৰি ৰাঘৱ মৰাণক দা-ৰে ঘপিয়াই হত্যা কৰা  হ'ল।এনেদৰেই এক বৃহৎ গণ অভ্যুত্থান মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল।মৰাণসকলৰ শেষ স্বাধীন ৰজা বেংমৰাৰ সৰ্বানন্দ সিংহও ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত সম্পূৰ্ণৰূপে শক্তিহীন হৈ পৰিছিল।
      মৰাণসকলৰ গৌৰৱোজ্জ্বল ৰবি এনেবোৰ ঐতিহাসিক কাৰণতে লাহে লাহে স্তিমিত হৈ পৰিবলৈ আৰম্ভ কৰিছিল।স্তিমিতহে হৈছিল,মাৰ যোৱা নাছিল।উচ্চ বৰ্ণ হিন্দুৰ লোকসকলে মৰাণ জনগোষ্ঠীৰ লোকসকলৰ প্ৰতি দেখুৱাই অহা অৱহেলা  আৰু অস্পৃশ্যতাৰ মনোভাৱ,অানকি অসমৰ বহু কেইগৰাকী লেখক-সাহিত্যিকেও মৰাণসকলৰ সম্পৰ্কত কৰি অহা অতি অপমান অাৰু তাচ্ছিল্যসূচক মন্তব্য তথা স্বাধীনতা লাভ কৰাৰ পাছতো চৰকাৰে এই জনগোষ্ঠীৰ লোকসকলক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহা কাৰ্যই তেওঁলোকৰ চেতনাক পুনৰ জগাই তুলিলে।অাজি মৰাণ জনগোষ্ঠীৰ মাজৰ পৰা স্বকীয় অস্তিত্ব ৰক্ষাৰ বাবে বহুকেইটা সংগঠণৰ জন্ম হৈছে।জনগোষ্ঠীটোৰ শিক্ষিত নৱপ্ৰজন্মৰ মাজত যুক্তিপূৰ্ণ চিন্তা-চৰ্চা বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে।যোৱা কিছু বছৰ ধৰি মৰাণ জনগোষ্ঠীৰ বিভিন্ন সংগঠণসমূহে প্ৰকাশ কৰি অহা স্মৃতিগ্ৰন্থ,কিতাপ-অালোচনী অাদিত নতুন প্ৰজন্মৰ প্ৰগতিশীল চিন্তা-চৰ্চাৰ প্ৰতিফলন ঘটা অামি দেখিছোঁ।নতুন প্ৰজন্মৰ পৰা বহু কেইগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন লেখকৰো জন্ম হৈছে।নামে-ধামে বহুতকে আমি চিনি নাপাওঁ যদিও আমাৰ চিনাকী কবি- প্ৰাৱন্ধিক সুৰেন্দ্ৰ নাথ দহোতীয়াৰ পৰা অাৰম্ভ কৰি
শ্ৰীশ্ৰীকুমাৰ দহোতীয়া চাৰৰ দৰে বিদগ্ধ ইতিহাসবিদ,হেমপ্ৰভা মৰাণ,প্ৰয়াত যোগেশ্বৰ মৰাণ,বলীন্দ্ৰ মহন্ত,মোহন মৰাণ,ফটিক চন্দ্ৰ নেওগ,ভূলেন বৰুৱা,প্ৰদীপ কুমাৰ মৰাণ,ৰতন বড়া(শদিয়াল)আদিৰ দৰে বহুকেইগৰাকী লেখকে আমাৰ জিলাখনতে গধুৰ অাৰু চিন্তা উদ্ৰেককাৰী লেখা মেলাৰে সাহিত্যৰ পথাৰখনত জীপাল কৰি ৰখি আমি দেখিছোঁ আহিছোঁ।কেইবছৰমান পূৰ্বে বুঢ়ী দিহিং সাহিত্য সভাৰ উদ্যোগত ৰতনীপথাৰত অনুষ্ঠিত হোৱা তিনিচুকীয়া জিলা সাহিত্য সভাৰ কবি সন্মিলন উদ্বোধন কৰিবলৈ যাওঁতে মৰাণ জনগোষ্ঠীৰ পৰা অহা বহু কেইগৰাকী নতুন প্ৰজন্মৰ কবিৰ কবিতা শুনাৰ সৌভাগ্য আমাৰ হৈছিল।তেওঁলোকৰ কবিতা শুনি অামি অভিভূত হৈ পৰিছিলোঁ।অকল কবিতাই কিয়,তেওঁলোকৰ আতিথ্য,সহৃদয়তা অাদি আমাৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা এক বিৰল অভিজ্ঞতা।কবি সন্মিলন সঞ্চালনা কৰা কবি যোগেশ্বৰ মৰাণদেৱৰ কথা আজিও মনত পৰে।ৰতনী পথাৰৰ পৰা উভতি অহাৰ পাছত বহুবাৰ তেখেতৰ সৈতে ফোনেৰে বাৰ্তালাপ কৰিছোঁ,অভিভূত হৈছোঁ তেখেতৰ ব্যক্তিত্ব দেখি।তেখেতৰ মৃত্যু জনগোষ্ঠীটোৰ বাবে ক'বলৈ গ'লে সঁচাকৈয়ে এক অপূৰণীয় ক্ষতি।
    সি যি কি নহওক,পৰম্পৰাগত ৰীতি-নীতি,কৃষ্টি-সংস্কৃতি,ঐতিহ্যক মৰাণ জনগোষ্ঠীৰ লোকসকলে আজিও জীয়াই ৰাখিছে।মৰাণ সমাজত ভকতীয়া পৰম্পৰা আজিও অক্ষুণ্ন অাছে।মৰানসকলৰ মাজত কিছুমান অন্ধবিশ্বাস বা কুসংস্কাৰ স্থান বিশেষে এতিয়াও আছে যদিও পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে বুলি ক'ব পাৰি।নতুন প্ৰজন্মই জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে আজি যেনেদৰে অাগবাঢ়ি আহিছে তেনেদৰে সমাজৰ অন্ধবিশ্বাস,কুসংস্কাৰ আদিও আঁতৰাবলৈ চেষ্টা কৰিব লাগিব।কাৰণ,অন্ধবিশ্বাস-কুসংস্কাৰ আদিয়েই হৈছে প্ৰগতিৰ প্ৰধান বাধা।নিজৰ পৰম্পৰা,কৃষ্টি-সংস্কৃতিক অন্ধবিশ্বাস,কুসংস্কাৰ ইত্যাদিৰ পৰা মুক্ত কৰি ৰক্ষা কৰাটোহে আচল কথা।মনত ৰখা উচিত যে অন্ধবিশ্বাস বা কুসংস্কাৰবোৰ কেতিয়াও এটা জাতি বা জনগোষ্ঠীৰ সংস্কৃতি হ'ব নোৱাৰে।
      যোৱা কিছু দশক ধৰি মৰাণ জনগোষ্ঠীৰ লোকসকলে পূৰ্বৰ কমলা খেতিৰ পৰিৱৰ্তে চাহ খেতি কৰি অৰ্থনৈতিকভাৱে যথেষ্ট সবল হৈ পৰা পৰিলক্ষিত হৈছে। অৰ্থনৈতিক সবলতাই তেওঁলোকৰ জীৱন-ধাৰণৰ মানদণ্ড ,শিক্ষা অাদি বিভিন্ন ক্ষেত্ৰত ব্যাপক ইতিবাচক প্ৰভাৱ পেলাইছে।কিন্তু তাৰ নেতিবাচক প্ৰভাৱো নথকা নহয়।অৰ্থনৈতিক স্বচ্ছলতাৰ বাবে নতুন প্ৰজন্মৰ কিছু সংখ্যক যুৱকৰ মনত ভোগবাদী মানসিকতা বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে যিটো অস্বাভাৱিক নহয়।এনে ভোগবাদী মানসিকতাৰ বাবে কিন্তু বিভিন্ন ৰাগীয়াল দ্ৰব্যৰ প্ৰতি তেওঁলোক সহজে আকৃষ্ট হোৱা সাধাৰণতে দেখা যায়।ৰাগীয়াল দ্ৰব্যৰ ব্যাপক অাৰু অবাধ প্ৰচলনে যুৱ প্ৰজন্মৰ যুক্তিপূৰ্ণ চিন্তা-শক্তিক পক্ষাঘাতগ্ৰস্ত কৰি তোলে।বৌদ্ধিক চিন্তা-চৰ্চা অবিহনে জাতিৰ উন্নতি হ'ব নোৱাৰে।গতিকে নিজৰ জাতীয় অস্তিত্বৰ ৰক্ষাৰ বাবে নতুন প্ৰজন্মই শিক্ষা অাৰু বৌদ্ধিক চিন্তাজগতৰ উৎকৰ্ষ সাধনৰ বাবে আটাইতকৈ বেছি গুৰুত্ব দিব লাগিব।অন্যথা তেওঁলোক সদায়ে বঞ্চিত অাৰু অৱহেলিত হৈয়ে থাকিব লাগিব।

     
     

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...