Wednesday, June 2, 2021

প্ৰাচ্য আৰু পাশ্চাত্যৰ দুটা আধ্যাত্মিক প্ৰেম কাহিনী- 'লা নুই বেংগলী ' আৰু ' ন হণ্যতে '

প্ৰাচ্য আৰু পাশ্চাত্যৰ দুটা আধ্যাত্মিক প্ৰেম কাহিনী- 'লা নুই বেংগলী ' আৰু ' ন হণ্যতে '
                                               -বীৰ্কে বি.থাপা

'লা নুই বেংগলী' বিতৰ্ক :
       প্ৰখ্যাত ৰোমানিয়ান লেখক মিৰ্চা এলিয়াড (Mircea Eliade)ৰ 'মৈত্ৰেয়ী' (Maitrayee) নামৰ উপন্যাসখনে 1933 চনত প্ৰকাশ পোৱাৰ পাছতে বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।ৰোমানিয়ান ভাষাত প্ৰথম প্ৰকাশ পোৱা এই উপন্যাসখন 1953 চনত ফৰাচী ভাষাত ' লা নুই বেংগলী '(La Nuit Bengali) অৰ্থাৎ Night in Bengal নামেৰে প্ৰকাশ পায়।উপন্যাসখনৰ ফৰাচী তৰ্জমাই ভাৰতবৰ্ষত এক মৃদু আলোড়নৰ সৃষ্টি কৰে যদিও ইংৰাজী অথবা অন্য কোনো ভাৰতীয় ভাষালৈ উপন্যাসখনৰ অনুবাদ প্ৰকাশ নোপোৱাৰ বাবে 1987/88 চনলৈকে সেই মৃদু আলোড়ন কেৱল কলিকতাৰ বিদ্বান সমাজতে আৱদ্ধ আছিল।কিন্তু 1987 চনত ফৰাচী চিত্ৰ পৰিচালক নিকোলা ক্লোটজে কলিকতাৰ পটভূমিত ৰচিত এই উপন্যাসখনৰ চিত্ৰৰূপ দিয়াৰ উদ্দেশ্যে প্ৰায় চাৰে চাৰি কোটি টকাৰ  'বিগ প্ৰজেক্ট' লৈ কলিকতাত ছবিৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰাৰ লগে লগে মিৰ্চা এলিয়াডৰ উপন্যাসখনৰ সম্পৰ্কত বহুল প্ৰচাৰ আৰু বিতৰ্কৰ সূত্ৰপাত হ'ল।
     1988 চনত জগন্নাথ চট্টোপধ্যায়ে কৰা উপন্যাসখনৰ বাংলা অনুবাদো প্ৰকাশ পোৱাত বিতৰ্কৰ মূল দিশসমূহ স্পষ্ট হৈ পৰে।বিতৰ্কৰ মূল কাৰণ উপন্যাসখনৰ কেৱল যৌন উত্তেজক অশ্লীল বৰ্ণনাই নাছিল,আছিল সেই নগ্ন আৰু অশ্লীল বৰ্ণনাৰ সৈতে সম্পৰ্কিত কলিকতাৰ এটা উচ্চ বংশজাত ,সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী শিক্ষিতা যুৱতীৰ কাহিনী। ত্ৰিশৰ দশকৰ এক জটিল সামাজিক ব্যৱস্থা,ৰীতি-নীতি,ধৰ্মীয় পৰম্পৰা তথা সংস্কাৰৱদ্ধ পৰিয়ালত ডাঙৰ হোৱা 'মৈত্ৰেয়ী' নামৰ যুৱতী এগৰাকীৰ বাস্তৱ অস্তিত্ব তথা উপন্যাসখনত বৰ্ণিত ঘটনাৱলীৰ বাস্তৱ পটভূমি সন্দৰ্ভত সেই সময়ত অলেখ প্ৰশ্নৰ অৱতাৰণা হয়।

উপন্যাসৰ কাহিনী অংশ:
    মিৰ্চা এলিয়াডৰ  'লা নুই বেংগলী' এখন প্ৰেমৰ উপন্যাস।উপন্যাসখনৰ নায়ক এলেন এজন ৰোমানিয়ান ইঞ্জিনীয়াৰ।তেওঁ ভাৰতলৈ আহিছে কৰ্ম সংক্ৰান্তত।কলিকতাই আছিল তেওঁৰ প্ৰধান কৰ্মস্থলী।কলিকতাত তেওঁৰ সুসম্পৰ্ক গঢ় লৈ উঠে জ্যেষ্ঠ অভিযন্তা নৰেন্দ্ৰ সেনৰ সৈতে।
     অসমত লামডিং-শদিয়া ৰেলপথ নিৰ্মানৰ কাম আৰম্ভ হোৱাত এলেন আহিবলগীয়া হয় অসমলৈ।হাবিয়ে-জংঘলেৰে ভৰি থকা অসমৰ শদিয়াত থকা সময়ছোৱাতে হঠাৎ তেওঁ মেলেৰীয়া ৰোগত আক্ৰান্ত হয় আৰু পুনৰ কলিকতালৈ উভতি যায়।কলিকতাৰ চেনেটৰিয়ামৰ পৰা ছুটি পোৱাৰ পাছত জ্যেষ্ঠ অভিযন্তা নৰেন্দ্ৰ সেনৰ পৰামৰ্শ মতে এলেন তেওঁৰ ঘৰত থাকিবলৈ লয়।
     নৰেন্দ্ৰ সেনৰ পৰিয়ালটো আছিল সংস্কাৰমুক্ত আৰু আধুনিক ভাৱাপন্ন।ত্রিশৰ দশকৰ যি সময়ত ভাৰতৰ সমাজ-ব্যৱস্থা,ৰীতি-নীতি,ধৰ্মীয় বিশ্বাস,পৰম্পৰা আদিৰ বান্ধোন আছিল অত্যন্ত কটকটীয়া সেই সময়ত পশ্চিমীয়া শিক্ষা-সংস্কৃতিৰ এক পৰিৱেশ সোমাই পৰিছিল নৰেন্দ্ৰ সেনৰ ঘৰখনত।এলেন খৃষ্টানধৰ্মী হোৱা সত্বেও সেয়ে সেনৰ ঘৰখনত এলেনৰ বাবে কোনো ধৰণৰ বাধা-নিষেধ নাছিল।ঘৰখনৰ তেনে মুক্ত পৰিৱেশত এলেন অতি সহজে মিলি গৈছিল।
      নৰেন্দ্ৰ সেনৰ ষোল্ল বছৰীয়া কন্যা মৈত্ৰেয়ীৰ সৈতেও তেওঁৰ অন্তৰংগতা বৃদ্ধি পাইছিল।মৈত্ৰেয়ীৰ দেহ সৌন্দৰ্য,প্ৰখৰ বুদ্ধিমত্তা আৰু আকৰ্ষণীয় ব্যক্তিত্বই এলেনক লাহে লাহে মুগ্ধ কৰিবলৈ লৈছিল।
     মৈত্রেয়ীৰ হৃদয়তো এলেনৰ প্ৰতি জাগি উঠিছিল দুৰ্বাৰ প্ৰেম।এলেনে এই কথা ধৰা পেলাইছিল তাইৰ কিছুমান কাৰ্যকলাপৰ দ্বাৰা। এদিনৰ ঘটনা- সেই সময়ত তেওঁলোক দুয়ো কিতাপ এখন পঢ়ি আছিল।পঢ়ি উঠাৰ পাছত মৈত্ৰেয়ীয়ে হাতত লৈ থকা ফুলৰ থোপা এটা এলেনৰ টেবুলত এৰি থৈ গুছি গৈছিল।এলেনে ফুলথোপাৰ কথা সোঁৱৰাই দিয়াত তাই থোপাটো তুলি লৈ দুৱাৰৰ ফালে আগবাঢ়ি গ'ল আৰু হঠাৎ পাছলৈ ঘূৰি ফুলৰ থোপাটো এলেনৰ টেবুললৈ দলিয়াই দিলে।
     মৈত্রেয়ীৰ মনৰ কথা এলেনে বুজি পাইছিল যদিও তেওঁ সাহস কৰিব পৰা নাছিল-নিজৰ ভালপোৱাৰ কথা জাহিৰ কৰিবলৈ।তাৰ বিপৰীতে মৈত্ৰেয়ী আছিল অত্যন্ত সাহসী।ইমানেই সাহসী যে বহু সময়ত সংস্কাৰৰ সীমা লংঘন কৰিবলৈকো তাই কুণ্ঠাবোধ কৰা নাছিল।এদিন খোৱাৰ মেজত সকলোৰে উপস্থিতিতে তাই টেবুলৰ তলেদি এলেনৰ বগা,শুদা ভৰিখন হেঁচি দিছিল।এটা সংস্কাৰবদ্ধ,সম্ভ্ৰান্ত ঘৰৰ শিক্ষিতা যুৱতী হিচাপে নিজৰ দৈহিক শুচিতা ৰক্ষা কৰাৰ ক্ষেত্ৰত সাধাৰণতে তাই যথেষ্ট সচেতন হোৱা সত্বেও কেতিয়াবা তাইৰ কিছুমান দু:সাহসিক কাৰ্যকলাপে এলেনক আচৰিত কৰি তুলিছিল।এই কথাই এলেনকো অৱশ্যে সাহস  দিছিল আগবাঢ়ি যাবলৈ।
     এলেনে মৈত্রেয়ীক শাৰীৰিকভাৱে পাবলৈ ইচ্ছা কৰিলে।উপন্যাসখনৰ এঠাইত এলেনে কৈছে-'তেওঁক এবাৰ সাৱটি ধৰাৰ প্ৰবল ইচ্ছা হৈছিল...আমি দুয়ো উত্তেজিত হৈ উঠিলোঁ।বহু কষ্টেৰে সেই ইচ্ছাক দমন কৰি তেওঁৰ হাতত লাহেকৈ মাথোঁ কামুৰি দিলোঁ।.. '
    খুব সোনকালেই উত্তেজিত আৰু দুৰ্বল হৈ পৰিছিল মৈত্ৰেয়ী।দৈহিক শুচিতা আৰু আত্মাৰ পবিত্ৰতাৰ বাবে তাই যিমানেই চেষ্টা নকৰক কিয়,এলেনে দেখিছিল-মৈত্ৰেয়ী আছিল অত্যন্ত ইন্দ্ৰিয়াসক্ত।আৰু তাইক কাবু কৰাৰ এয়ে আছিল এলেনৰ বাবে এপাত ডাঙৰ অস্ত্ৰ।
   এলেন জয়ী হৈছিল।মৈত্রেয়ীক সাৱট মাৰি ধৰি চুমা খাবলৈ চেষ্টা কৰা মুহূৰ্তৎ তাইৰ মুখমণ্ডলত প্ৰকাশ পোৱা প্ৰচণ্ড ঘৃণা,ক্ষোভ,প্ৰতিবাদ আৰু লাজৰ লগে লগে কিঞ্চিত আনন্দৰ মিশ্ৰিত অভিব্যক্তিক এলেনে লক্ষ কৰিছিল।আনফালে তাইয়ো বুজিছিল-তাইৰ দৈহিক সান্নিধ্য লাভৰ বাবে এলেন কিমান ব্যাকুল।ফলত তাইৰ আচৰণত প্ৰকাশ পাবলৈ আৰম্ভ কৰিছিল অহংকাৰ।
     কিন্তু জীৱনৰ এই প্ৰথম পুৰুষৰ সান্নিধ্যৰ যি সৰ্বগ্ৰাসী আকুলতা,যি মধুৰ শিঁহৰণ,যি বিৰল আৰু অপাৰ্থিৱ অভিজ্ঞতা তাক উপেক্ষা কৰা সহজ নে?দৈহিক শুচিতা নষ্ট হোৱাৰ আশংকাত আৰু ভাৰতীয় নাৰীৰ হাজাৰ বছৰীয়া যি পৰম্পৰাগত নৈতিকতা-তাক লংঘন কৰা অপৰাধত অনুশোচনাত দগ্ধ হৈছিল।অথচ তাই ক'ব নোৱাৰাকৈয়ে বাৰে বাৰে গুছি গৈছিল এলেনৰ কোঠালৈ।ইন্দ্রিয়ৰ ওচৰত পৰাজিত হৈ তাই ক্লান্ত আৰু অৱশভাৱে নিজকে এৰি দিছিল এলেনৰ বাহুপাশত।আকৌ পাচ মুহূৰ্ততে অনুশোচনাত দগ্ধ হৈ তাই উচুপি উচুপি কান্দিছিল।
       যি কথাই মৈত্রেয়ীৰ মনত প্ৰবল দ্বন্দ্বৰ সৃষ্টি কৰিছিল সেইটো আছিল এলেনৰ ধৰ্ম।এলেন আছিল খৃষ্টানধৰ্মী। ধর্ম সম্পর্কত থকা তৎকালীন সামাজিক অভিধাৰণাৰ পৰা তাই অৱশ্যেই  মুক্ত আছিল,কিন্তু তাই জানিছিল যে দেউতাক কেতিয়াও মান্তি নহ'ব।কাৰণ,পাশ্চাত্যৰ আধুনিকতাৰ প্ৰভাৱ ঘৰখনত যিমানে নপৰক কিয়,পৰম্পৰাগত সংস্কাৰ আৰু প্ৰাচীন মূল্যবোধৰ পৰা তেওঁ ,অৰ্থাৎ মৈত্রেয়ীৰ দেউতাক সম্পূৰ্ণৰূপে মুক্ত নাছিল।অথচ দেউতাকৰ ইচ্ছাৰ বিৰুদ্ধেও তাই যাব বিচৰা নাছিল।
     এলেনে সুধিছিল মৈত্ৰেয়ীক-তেওঁলোকৰ বিয়া সম্ভৱ হয়নে নহয়?উত্তৰ দিবলৈ গৈ তাই ৰৈ গৈছিল।এই প্রশ্নৰ উত্তৰ নাছিল মৈত্ৰেয়ীৰ কাষত।তাই মাথোঁ কৈছিল-বিধাতাই এনেদৰেই তেওঁলোকৰ ভাগ্যক নিৰ্ধাৰণ কৰি দিছে।কথাষাৰৰ দ্বাৰা তাই কি বুজাব খুজিছিল সেয়া এলেনৰ বাবে আছিল এক বিৰাট ৰহস্য।এলেনে সুধিছিল-'ভাগ্য বা বিধাতা কিয়,কুসংস্কাৰেই জানো তাৰ বাবে দায়ী নহয়?' মৈত্ৰেয়ীৰ উত্তৰ-'বিধাতাই এইবোৰ সংস্কাৰৰ মাজেৰেই নিজৰ ইচ্ছা পূৰণ কৰে। '
     স্পষ্টভাৱে ক'ব পাৰি যে মৈত্ৰেয়ী শিক্ষিতা হ'লেও দেউতাকৰ দৰে তাইয়ো পৰম্পৰাগত নাৰী -ভাৱনাৰ পৰা মুক্ত নাছিল।তেনে পৰিস্থিতিত নিজৰ ধৰ্ম ত্যাগ কৰাৰ বাহিৰে এলেনৰ কাষত অন্য একো উপায় নাছিল।মৈত্ৰেয়ীক পাবৰ বাবে তেওঁ সেয়াও কৰি পেলাইছিল।
      এলেনৰ ধৰ্মান্তৰকৰণৰ কথা জানিব পাৰি তাই আনন্দত উথলি উঠিছিল।এতিয়া তাই এনে দু:সাহসী হৈ পৰিল যে মাজ নিশা গোপনে আহি এলেনৰ কোঠাত প্ৰৱেশ কৰিবলৈয়ো তাই ভয় বা শংকা নকৰা হ'ল।এলেনৰ বাহুপাশত তাই নিজৰ সৰ্বস্ব এৰি দিলে।
     কিন্তু তেওঁলোকৰ এই প্ৰেম -সম্পর্কৰ কথা গোপন হৈ নাথাকিল।এই কথা লাহে লাহে ঘৰখনৰ সকলোৱে গম পোৱাত মৈত্ৰেয়ীক গৃহবন্দী কৰি ৰখা হ'ল।এলেনকো কৌশলেৰে সেই ঘৰৰ পৰা আঁতৰাই পঠিওৱা হ'ল।
    এই ঘটনাৰ পাছত তেওঁলোকৰ আৰু কোনো কালেই মিলন নহ'ল।মৈত্রেয়ীৰ সৈতে বিচ্ছেদ ঘটাৰ পাছত এলেনে ভগ্ন হৃদয়েৰে বলিয়াৰ দৰে হিমালয়,ৰাণীক্ষেত্ৰ,আলমোড়া,দিল্লী,চিমলা,
নাইনিতাল আদি ঠাইত অনাই-বনাই ঘুৰি ফুৰিল।
     হিমালয়ৰ পান্থশালা এটাত এলেনে লগ পায় জেনি আইজাক নামৰ আইৰিচ গাভৰু এগৰাকীক।কুমাৰী জেনি হিমালয়লৈ আহিছিল এগৰাকী সন্যাসিনী হিচাপে।এলেনৰ ব্যক্তিত্ব আৰু দৈহিক সৌন্দৰ্যত মুগ্ধ হৈ জেনি তেওঁৰ প্ৰতি আকৰ্ষিত হয়।
    ঘটনাক্ৰমে এদিন জেনিৰ কোঠালৈ সোমাই গৈ এলেনে তাইৰ প্ৰায় উলংগ দেহ সৌন্দৰ্য দেখি বিস্ময়-বিমুগ্ধ হৈ পৰিছে।মৈত্রেয়ীৰ সৈতে হোৱা বিচ্ছেদৰ সেই যন্ত্ৰণাময় দিনবোৰতো এলেনে জেনিৰ নগ্ন সৌন্দৰ্যত মুগ্ধ নোহোৱাকৈ থাকিব নোৱাৰিলে।প্রচণ্ড কাম-বাসনাত তেওঁৰ সৰ্ব-শৰীৰ জ্বলি উঠিল।
    লগে লগে নিজৰ বিবেকৰ সৈতে তেওঁৰ অন্তৰ্দ্বন্দ্ব আৰম্ভ হ'ল।ঔপন্যাসিকে এলেনৰ মনৰ সেই অন্তৰ্দ্বন্দ্বৰ কথা প্ৰকাশ কৰিছে,এনেদৰে-' মই নিজকে বাৰে বাৰে প্ৰশ্ন কৰিবলৈ ধৰিলোঁ-মৈত্ৰেয়ীৰ প্ৰতি মোৰ যে এই বান্ধোনহীন প্ৰেম-বাস্তৱিকতে সি মোৰ জীৱনত বিচ্ছেদৰ এটা প্ৰচণ্ড আঘাতহে মাত্ৰ।মই সকলো কাম-বন এৰি এনেদৰে নিজান অজ্ঞাতবাস কৰি,নিজক প্ৰচণ্ড মানসিক যন্ত্ৰণাত ক্ষত-বিক্ষত কৰি পেলোৱাৰ বাহিৰে এই প্ৰেমে মোক আৰু একোৱেই দিব নোৱাৰে।এই প্রেমে মোক কেৱল এটা চেণ্টিমেণ্টেল ,ভীৰু আৰু ক্লীৱলৈ পৰিণত কৰিছে।মোৰ সমস্ত পৌৰুষত্বক অটুত ৰাখি,কৰ্ম-জগতৰ মুখামুখি হৈ থিয় হোৱাৰ আৰু নিজৰ ব্যক্তিত্ব আৰু কৰ্ম-ক্ষমতাক সকলোৰে সন্মুখত প্ৰতিষ্ঠা কৰাৰ পৰিৱৰ্তে মই কেৱল এটা জড়,অক্ষম আৰু ব্যৰ্থতাৰে ভৰা জীৱন কিয় বাছি লৈছোঁ?এজনী সামান্য নাৰীৰ প্ৰেমক মৰ্যাদা দিবলৈ গৈ মই যে এই সৰ্বত্যাগী জীৱন এটা বাছি লৈছোঁ আৰু নিজকে যে নিৰন্তৰ বঞ্চনা কৰি গৈ আছোঁ-ইয়াৰ শেষ ক'ত?এতিয়াও সেই নাৰীৰ মৃতপ্ৰায় স্মৃতিকে সাৱটি থাকি ভৱিষ্যতৰ বাস্তৱ সম্ভাৱনাবোৰক বিসৰ্জন দিয়াৰ কিবা যুক্তি আছেনে?...'
     জেনিক তেওঁ নতুনকৈ চাবলৈ আৰম্ভ কৰিলে।সেয়াও আছিল এক প্ৰকাৰৰ আত্ম-পৰীক্ষা।জেনিৰ প্ৰেমত নিজক উটুৱাই দি মৈত্ৰেয়ীৰ স্মৃতিক চিৰদিনলৈ পাহৰি যাবলৈ চেষ্টা কৰিলে।তাৰ লগে লগে চেষ্টা কৰিলে-নিজৰ  পৌৰুষত্ব আৰু সামৰ্থ্যক প্ৰমান কৰি দেখুৱাবলৈ।
      জেনিৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে  এলেনে।জেনিয়েই সকলো প্ৰকাৰেৰে চেষ্টা কৰিলে তেওঁক শাৰীৰিক সুখ প্ৰদান কৰিবলৈ।
      কিন্তু এলেনৰ মনৰ পৰা মৈত্ৰেয়ীৰ স্মৃতিক সেই সম্পৰ্কই মচি পেলাব নোৱাৰিলে।...তাৰ পাছত হিমালয়ৰ বুকুত,অ'ত ত'ত প্ৰায় এবছৰ কটোৱাৰ পাছত এলেন নিজ দেশলৈ উভতি গুছি গৈছিল। 
      মূলত: 'লা নুই বেংগলী'উপন্যাসৰ কাহিনী ইমানেই।উপন্যাসখন পঢ়ি উঠাৰ পাছত এইকথা স্পষ্ট হৈ পৰে যে এলেন-মৈত্ৰেয়ীৰ প্ৰথম পৰ্যায়ৰ প্ৰেম কেৱল দৈহিক স্তৰতে সীমিত আছিল,কিন্তু মৈত্ৰেয়ীৰ সৈতে ঘটা বিচ্ছেদৰ পাছত সেই প্ৰেমে দৈহিক স্তৰৰ উৰ্ধত এক অপাৰ্থিৱ স্তৰলৈ উত্তৰিত হৈছিল।অৱশ্যে এলেনৰ প্ৰতি মৈত্ৰেয়ীৰ প্ৰেমে পাছলৈ কি ৰূপ লৈছিল সেই কথা জনাৰ উপায় উপন্যাসখনত নাই।

উপন্যাসখনৰ বাস্তৱ পশ্চাদপট :
       মিৰ্চা এলিয়াডৰ জন্ম হৈছিল 1907 চনত ৰোমানিয়াৰ বুখাৰেষ্টত।1986 চনত 79 বছৰ বয়সত মৃত্যু হোৱা মিৰ্চা এলিয়াড আছিল এজন বিখ্যাত ৰোমানিয়ান ইতিহাসবিদ,লেখক, দাৰ্শনিক আৰু চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক।বিজ্ঞানৰ ছাত্ৰ আছিল যদিও তেওঁৰ মন হঠাৎ দৰ্শন,প্ৰাচ্য বিদ্যা আৰু ধৰ্মতত্বৰ প্ৰতি আকৃষ্ট হোৱাত 'যোগ' সম্পৰ্কে অধ্যয়ন কৰিবলৈ 1928 চনত ভাৰতলৈ আহিছিল।অধ্যয়নৰত কালছোৱাত এগৰাকী ভাৰতীয় ছোৱালীৰ প্ৰেমত পৰা আৰু শেষত বিচ্ছেদৰ যন্ত্ৰণা বুকুত লৈ 1932 চনত  স্বদেশলৈ উভতি যোৱা- এই সকলো আছিল মিৰ্চা এলিয়াডৰ জীৱনৰ বাস্তৱ ঘটনা।
     স্বদেশলৈ গৈ 1933 চনত তেওঁ 'মৈত্ৰেয়ী' নামৰ উপন্যাসখন ৰচনা কৰে।পৰৱৰ্তীকালত মিৰ্চা এলিয়াড সমগ্ৰ ইউৰোপতেই প্ৰসিদ্ধ হৈ পৰে এগৰাকী লেখক-দাৰ্শনিক হিচাপে।জীৱনৰ বিভিন্ন সময়ত তেওঁ বুখাৰেষ্ট,চিকাগো আদিৰ বিশ্ববিদ্যালয়সমূহত দৰ্শনৰ অধ্যাপক হিচাপে নিযুক্ত হয় আৰু লণ্ডন,লিচবন আদিত ৰোমানিয়াৰ সাংস্কৃতিক উপৰাষ্ট্ৰপতি ৰূপে যোগ দিয়ে।তেওঁ ৰচনা কৰা বিভিন্ন গ্ৰন্থসমূহৰ ভিতৰত  Prohibited Forest, The Old man and the officer,  Nostalgia of origin, The sacred and the profane, Journey East Journey West, The myth of eternal return আদি বিশেষভাৱে উল্ৱেখযোগ্য।ভাৰতবৰ্ষই,বিশেষকৈ মৈত্ৰেয়ী নামৰ এগৰাকী যুৱতীয়ে যে এইগৰাকী ব্যক্তিৰ জীৱনত এক অপ্ৰতিৰোধ্য প্ৰভাৱ পেলাইছিল সেই কথা তেওঁ প্ৰায় 94 বছৰ বয়সত ৰচনা কৰা Journey East Journey West গ্রন্থত উল্লেখ কৰি লিখিছে-'ভাৰতবৰ্ষই মোক প্ৰবলভাৱে আকৰ্ষণ কৰিছিল.....।সেই অজান ৰহস্যৰ মাজত সিদিনা মই যেন মোৰ গন্তব্য মোৰ নিয়তিক দেখা পাইছিলোঁ।...'
      উপন্যাসখনৰ বাস্তৱতা সম্পৰ্কত আৰু অধিক নিশ্চিতভাৱে জানিব পৰা যায় 1974 চনত প্ৰকাশিত মৈত্ৰেয়ী দেৱীৰ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত বাংলা উপন্যাস ' ন হণ্যতে 'ৰ পৰা।উপন্যাসখনৰ সামগ্ৰিক বিচাৰৰ পৰাও এই কথা নিশ্চিতভাৱে ক'ব পৰা যায় যে-বিশিষ্টা লেখিকা মৈত্ৰেয়ী দেৱীয়েই আছিল মিৰ্চা এলিয়াডৰ 'লা নুই বেংগলী ' উপন্যাসৰ 'মৈত্ৰেয়ী'।দুয়োখন উপন্যাসতে যি গৰাকী ভাৰতীয় যুৱতীৰ চিত্ৰ অংকিত হৈছে সেই চিত্ৰৰ সৈতে লেখিকা মৈত্ৰেয়ী দেৱীৰ জীৱন আৰু বাস্তৱ চৰিত্ৰৰ যথেষ্ট সাদৃশ্য পৰিলক্ষিত হয়।তাৰোপৰি ' লা নুই বেংগলী 'ত বৰ্ণিত কাহিনী,,পটভূমি,চৰিত্ৰ আদিৰ সৈতেও 'ন হণ্যতে' ৰ সাদৃশ্যই ঘটনাৰ বাস্তৱতাক নিশ্চিত কৰে।
     মির্চা এলিয়াডৰ উপন্যাস 'লা নুই বেংগলী'ৰ বিষয়ে মৈত্ৰেয়ী দেৱীয়ে বহু পলমকৈ জানিব পাৰিছিল।ইতিমধ্যে তেওঁৰ বয়স প্ৰায় ষাঠী।তেতিয়ালৈকে প্ৰায় চল্লিশ বছৰ পূৰ্বে বিদেশী যুৱক এজনৰ সৈতে গঢ় লৈ উঠা যৌৱনৰ সেই প্ৰেমৰ সম্পৰ্কক এটা দুৰ্ঘটনা বা দু:স্বপ্ন বুলি ধৰি লৈ তেওঁ নতুন সংসাৰত প্ৰৱেশ কৰিছে।স্বামী, পুত্র-বোৱাৰী,নাতি-পুতিৰে ভৰা ঘৰ-সংসাৰক লৈ এতিয়া তেওঁ ব্যস্ত।জীৱনৰ এটা সুদীৰ্ঘ কাল কবিগুৰু ৰৱীন্দ্ৰ নাথ ঠাকুৰৰ স্নেহ-সাহচৰ্য লাভ কৰা মৈত্ৰেয়ী দেৱীয়ে 'স্বৰ্গের কাছাকাছি','অচেনা চীন', 'মহা ছোভিয়েট','বিধি ও বিধাতা','এত রক্ত ','হিরন্ময় পাখি 'আদি অলেখ গ্ৰন্থ ৰচনাৰ জৰিয়তে বাংলা সাহিত্যৰ লগতে ভাৰতীয় সাহিত্যলৈ অতুলনীয় অৱদান আগবঢ়াবলৈ সক্ষম হৈছে তথা অনাথ শিশুসকলৰ বাবে তেওঁ কলিকতাত 'খেলাঘৰ' নামে এটি আশ্ৰম প্ৰতিষ্ঠা কৰিছে।
      এনে এক ব্যস্ততাপূৰ্ণ দিনবোৰতে এদিন আকস্মিকতে এজন বিদেশী পৰ্যতক আহিছে মৈত্ৰেয়ী দেৱীক লগ কৰিবলৈ।সেই পর্যতকজনৰ মুখেৰেই তেওঁ প্ৰথম শুনিছে মিৰ্চা এলিয়াডৰ উপন্যাসখনৰ কথা।উপন্যাসখনত মিৰ্চাই তেওঁক নগ্ন আৰু অশ্লীল ৰূপত অংকিত কৰা কথা জানিব পাৰি স্তব্ধ হৈ পৰিছে।পাশ্চাত্যৰ ভোগবাদী সংস্কৃতিৰ ব্যাপক বিস্তৃতিৰ বাবে  প্ৰেমৰ অৰ্থ তেওঁলোকৰ দৃষ্টিত কেৱল যৌনতা হ'ব পাৰে,কিন্তু তাকে সত্য বুলি প্ৰকাশ কৰিবলৈ গৈ মৈত্ৰেয়ীক নগ্ন আৰু অশ্লীলৰূপত দাঙি ধৰাৰ কি যুক্তি থাকিব পাৰে?
     এই কথাই মৈত্ৰেয়ীক এনে অস্থিৰ আৰু বিক্ষুব্ধ কৰি তুলিলে যে প্ৰায় ষাঠী বছৰ বয়সত তেওঁ হাতত কলম তুলি ল'লে-মিৰ্চা এলিয়াডৰ উপন্যাসৰ প্ৰত্যুত্তৰ দিবলৈ।যি ঘটনাক তেওঁ যোৱা চল্লিশ বছৰে পাহৰি যাবলৈ চেষ্টা কৰিছিল-সেই ঘটনাক তেওঁ পুনৰ ৰোমন্থন কৰিলে।ইয়াৰ লগে লগে চলিল আত্মানুসন্ধান আৰু প্ৰেমৰ প্ৰকৃত স্বৰূপ উদঘাটনৰ প্ৰচেষ্টা।
     যি এক প্ৰচণ্ড ক্ষোভ আৰু প্ৰতিবাদত তেওঁ প্ৰথমে হাতত কলম তুলি লৈছিল- সেয়া ক্ৰমান্বয়ে স্তিমিত হৈ পৰিল।নিজৰ অতীত জীৱনৰ পুনৰীক্ষনে তেওঁক নতুন অভিজ্ঞান প্ৰদান কৰিলে।তেওঁ অনুভৱ কৰিবলৈ ধৰিলে যে ইমান বছৰে মনৰ স্মৃতিৰ পৰা প্ৰায় হেৰাই যোৱা সেই প্ৰেম ক্ৰমান্বয়ে এক আধ্যাত্মিক স্তৰলৈ উত্তৰিত হৈছে।
     মৈত্ৰেয়ী দেৱীৰ 'ন হণ্যতে ' উপন্যাসৰ নায়িকা 'অমৃতা' 'লা নুই বেংগলী' উপন্যাসৰ 'মৈত্ৰেয়ী'ৰ পৰা ভিন্ন নহয়।মির্চা এলিয়াডৰ উপন্যাসত মৈত্ৰেয়ীক যেনেদৰে শিক্ষা-দীক্ষাৰে সুসংস্কৃত অথচ পৰম্পৰাগত ভাৱনাৰ বশৱৰ্তী নাৰী হিচাপে অংকন কৰা হৈছে-তেনেদৰে মৈত্ৰেয়ী দেৱীৰ উপন্যাসতো 'অমৃতা'ক অনুৰূপভাৱে প্ৰকাশ কৰা হৈছে।
    কেৱল কাহিনীৰ সাদৃশ্যই নহয়,সৰু-ডাঙৰ বিভিন্ন ঘটনা,কথোপকথন,চাৰিত্ৰিক বৈশিষ্ট্য আদিৰ ক্ষেত্ৰতো দুয়োখন উপন্যাসৰ যথেষ্ট সাদৃশ্য পৰিলক্ষিত হয়।দৈহিক শুচিতা ৰক্ষাৰ ক্ষেত্ৰত থকা ভাৰতীয় নাৰীৰ পৰম্পৰাগত ভাৱনাৰ পৰা অমৃতা মুক্ত নাছিল অথচ ইন্দ্ৰিয়াসক্তিৰ প্ৰবল আৱেগত অমৃতাই যে বহুসময়ত নিজক দমন কৰিব পৰা নাছিল সেই কথা কেৱল মিৰ্চাৰ উপন্যাসতে নহয়,মৈত্ৰেয়ী দেৱীৰ উপন্যাসতো জ্ঞাতে-অজ্ঞাতে প্ৰকাশ পাইছে।উদাহৰণস্বৰূপে,'ন হণ্যতে'ত মৈত্ৰেয়ী দেৱীয়ে বৰ্ণনা কৰা অনুসৰি এবাৰ মিৰ্চাই অমৃতাক 'হাংগাৰ' নামৰ উপন্যাসখন পঢ়িবলৈ দিছিল।উপন্যাসখন অমৃতাই বুজি নোপোৱাত মিৰ্চাক বুজাই দিবলৈ কৈছিল।তাৰ পাছৰ ঘটনা-'মই কিতাপখন দিবলৈ এখোজ আগবঢ়াৰ লগে লগে সি মোৰ কঁকালত সাৱট মাৰি ধৰি ওচৰলৈ টানি নিলে আৰু মই বোধকৰোঁ যুগান্তৰৰ তাড়নাত পৰি বাওঁহাতেৰে তাক মেৰিয়াই ধৰি থকা সত্বেও সোঁহাতেৰে তাৰ বগা গালখনত ঠাঁচকৈ জোৰেৰে চৰিয়াই দিলোঁ।..'
      মিৰ্চাৰ প্ৰতি অমৃতাৰ প্ৰেম আছিল দুৰ্বাৰ আৰু অপ্ৰতিৰোধ্য।নিজৰ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণত ৰাখি সেই প্ৰেমক তাই আগুৱাই নিব বিচাৰিছিল।কিন্তু মির্চাৰ স্পৰ্শত তাই দুৰ্বল হৈ পৰিছিল।স্পৰ্শসুখৰ অনাবিল অভিজ্ঞতাই তাইক ইন্দ্ৰিয়াসক্ত কৰি তুলিছিল।এই সর্বগ্ৰাসী ইন্দ্ৰিয়াসক্তিৰ কথা উল্লেখ কৰি তাই কৈছে-'মই তাৰ বাহুবন্ধনত আৰু তাৰ মুখ মোৰ মুখৰ ওপৰত।মই চেষ্টা কৰি আছোঁ নিজক এৰুৱাবলৈ,যুদ্ধ কৰি আছোঁ...কিয় যুদ্ধ কৰি আছোঁ কোনে জানে?নাজানোঁ।পৰাজিত হোৱাৰ বাবেই নিশ্চয়।শুচিতা ৰক্ষাৰ বাবে নহয়,কেতিয়াও নহয়।...মই পৰাজিত হ'লোঁ....মোৰ সমস্ত দেহত গীতৰ অনুৰণন,তথাপি মোৰ চকুলো বৈ আহিছে..'।
      প্রত্যক্ষভাৱেই হওক অথবা পৰোক্ষভাৱেই হওক, 'লা নুই বেংগলী'ত বৰ্ণিত প্ৰায় সকলেবোৰ ঘটনাকে মৈত্ৰেয়ী দেৱীয়ে 'ন হণ্যতে' ত স্বীকাৰ কৰিছে।কিন্তু উল্লেখযোগ্য যে,মৈত্ৰেয়ী দেৱীৰ উপন্যাসখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে-মৃতপ্ৰায় স্মৃতি-গহ্বৰৰ পৰা ওলাই অহা 
চল্লিশ বছৰ পূৰ্বৰ এটা প্ৰেম-সম্পৰ্কক উপন্যাসিকাই নতুনকৈ মূল্যায়ন কৰিবলৈ চেষ্টা কৰিছে আৰু প্ৰৌঢ়ত্বৰ উপলদ্ধিৰে তেওঁ আৱিস্কাৰ কৰিছে এক অবিনশ্বৰ প্ৰেমৰ অস্তিত্ব।
      উপন্যাসখনৰ শেষ অধ্যায়ত অমৃতাই মিৰ্চাক লগ কৰা কথা বৰ্ণিত হৈছে।(বাস্তৱ জীৱনতো মৈত্ৰেয়ী দেৱীয়ে 1974 চনত ' ন হণ্যতে' প্ৰকাশ হৈ ওলোৱাৰ আগে আগে চিকাগোলৈ গৈ মিৰ্চা এলিয়াডক লগ কৰিছিল।)এই সাক্ষাতৰ সময়ত অজস্ৰ কিতাপৰ দ'মৰ মাজত বাৰ্ধক্যই গ্ৰাস কৰা মিৰ্চাই মূৰ তুলি অমৃতালৈ চোৱাৰ লগে লগে
তাই আতংকত শিঁয়ৰি উঠিছিল। কাৰণ দৃষ্টিশক্তি হেৰুৱাই ইতিমধ্যে মিৰ্চাৰ দুয়োটা চকু স্থিৰ হৈ আছিল।অমৃতাই সুধিছিল-তেওঁ তাইক দেখা পাইছেনে?মিৰ্চাই কৈছিল-হয়,তেওঁ এতিয়াও অমৃতাক  ঠিক সেই আগৰ ষোল্ল বছৰীয়া ছোৱালীৰ দৰেই দেখা পাইছে।
     এয়ে হৈছে প্রাচ্য আৰু পাশ্চাত্যৰ দুখন আধ্যাত্মিক প্ৰেমৰ উপন্যাস  'লা নুই বেংগলী' আৰু 'নহণ্যতে'ৰ কাহিনী আৰু বাস্তৱতাৰ ঐক্যসূত্ৰ।(সমাপ্ত) 
     

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...