Friday, September 6, 2019

সমালোচনাৰ স্বৰূপ

প্ৰৱন্ধ:
              সমালোচনাৰ স্বৰূপ
                                            বীৰ্কে বি. থাপা

      
      আভিধানিক অৰ্থত সমালোচনাৰ অৰ্থ হৈছে ভাৰসাম্যযুক্ত,নিৰপেক্ষ আলোচনা।এই আলোচনাৰ ভিত্তি হোৱা উচিত যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত।সেই দৃষ্টিৰে সমালোচনাকো এক প্ৰকাৰৰ বিজ্ঞান বুলি ক'ব পাৰি যদিও বিজ্ঞানৰ প্ৰামাণিক সূত্ৰৰ দৰে সমালোচনা আগবঢ়োৱাৰ তেনে কোনো নিৰ্দিষ্ট  সূত্ৰ বা ফৰ্মূলা নাই।তথাপিতো সমালোচনাও এক প্ৰকাৰৰ বিজ্ঞান এই অৰ্থত যে সমালোচনাত কোনো এটা বিষয় বা ঘটনাক যুক্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে বিশ্লেষণ কৰা হয়,সমস্যাসমূহৰ সমাধানৰ পথ প্ৰদৰ্শন কৰা হয়।
       সমালোচক অাৰু সমালোচনা সম্পৰ্কত সমসাময়িক ধাৰণা  মুটামুটি ভালেই যদিও প্ৰাচ্য অাৰু পাশ্চাত্যৰ বহুতো লেখকৰ ৰচনাত আকৌ সমালোচক শ্ৰেণীৰ লোকসকলৰ প্ৰতি তীব্ৰ অনীহা প্ৰকাশ পোৱাও দেখিবলৈ পোৱা যায় ।কিছু সংখ্যক লেখকে  সমালোচকসকলক বুদ্ধি বা জ্ঞানৰ পাৰদৰ্শী লোক বুলি উল্লেখ কৰাৰ বিপৰীতে আন কিছু সংখ্যক লেখকে আকৌ তেওঁলোকক শাৰীৰিকভাৱে কোনো কাম -বন নকৰি কেৱল আনৰ দোষ-গুণ খুচৰি থকা এক শ্ৰেণীৰ নীচ বৃত্তি গ্ৰহণকাৰী লোক বুলি অভিহিত কৰাও দেখা যায়।লৰ্ড বেকন্স ফিল্ডে সাহিত্য আলোচনাৰ প্ৰসংগত এবাৰ কৈছিল-'সাহিত্য ৰচনাত বিফল লেখকসকলেই সমালোচকৰ বৃত্তি গ্ৰহণ কৰে।' মহাকবি গ্যেটেইয়ো সমালোচকসকলক চকুপাৰি দেখিব নোৱাৰিছিল আৰু কৈছিল-'সৌ কুকুৰটোক মাৰি পেলোৱা ,নহ'লে সিও কেতিয়াবা সমালোচক হৈ উঠিবগৈ।'
       সমালোচকসকলৰ প্ৰতি লেখকসকলে এনে বিৰূপ মন্তব্য প্ৰকাশ কৰাৰ মূলতে হ'ল এক শ্ৰেণীৰ ভণ্ড সমালোচকৰ একপক্ষীয় ধ্বংসকাৰী সমালোচনা।পক্ষপাতপূৰ্ণ সমালোচনাই ত্ৰুটিপূৰ্ণ বিষয় এটাকো শুদ্ধ বুলি অাৰু শুদ্ধ বিষয় এটাকো ত্ৰুটিপূৰ্ণ ৰূপত জনসাধাৰণৰ অাগত প্ৰকাশ কৰিব পাৰে।সাহিত্যৰ সমালোচনাতে দেখা যায় যে ড: জন্সনৰ একপক্ষীয় কৃপাদৃষ্টিৰ বাবেই পোপ অাৰু এডিচনৰ কবিতাই অাজি খ্যাতিৰ উচ্চ শিখৰলৈ উঠিবলৈ সক্ষম।অানহাতে কীটচৰ অকাল মৃত্যুৰ কাৰণ হিচাপে বহুতে 'কোৱাৰ্টাৰলি ৰিভিউ'ত প্ৰকাশ হোৱা কীটচৰ কবিতাৰ নিষ্ঠুৰ সমালোচনাকে দায়ী কৰিব বিচাৰে।কিন্তু বাস্তৱতে দেখা যায় যে -কীটচৰ সেই সমালোচিত কবিতাসমূহেই  অাজি যুগজয়ী কবিতা ৰূপে স্বীকৃত হৈ অাহিছে।
        সমালোচনা পক্ষপাতদুষ্ট নহ'লে তাৰ প্ৰয়োজনীয়তা কিন্তু প্ৰত্যেকে স্বীকাৰ কৰিবই লাগিব।সুস্থ সমালোচনাৰ বাবে সমালোচকসকল হোৱা উচিত সহৃদয়,নিস্পৃহ, সূক্ষ্ম বিশ্লেষক, অাত্ম -  সমালোচক ,নিৰ্ভীক,যুক্তিবাদী অাৰু দাৰ্শনিক দৃষ্টিসম্পন্ন।এই বৈশিষ্ট্যসমূহৰ উপস্থিতি থকা লৈকে সমালোচনা কেতিয়াও ধ্বংসাত্নক হ'ব নোৱাৰে।এনে সমালোচনা সদায়ে সৃষ্টিশীল হয়।লগতে এই কথাও স্বীকাৰ্য যে সমালোচনা সদায়ে যুগ সাপেক্ষ হয় অৰ্থাৎ সমালোচকৰ মনৰ মাজত যুগৰ চিন্তা -মানস অাৰু নান্দনিক ৰুচিবোধে সদায়ে গভীৰ প্ৰভাৱ পেলায়।সেইবাবেই সমালোচনাৰ ধৰণ যে সদায় একে,অপৰিৱৰ্তনীয় হৈ থাকিব-সেই কথাও নহয়।এনে এটা সময় আছিল যি সময়ত পূঁজিবাদকেই  ব্যক্তি স্বাতন্ত্ৰ্য অাৰু ব্যক্তি বিকাশৰ একমাত্ৰ উৎকৃষ্ট পথ বুলি বিশ্বাস কৰা হৈছিল।পূঁজিবাদৰ পক্ষতো সমালোচক অাছিল।কিন্তু পাছত সমাজবাদৰ লক্ষত বিশ্বৰ প্ৰায় সকলো দেশেই ঢপলিয়াই ফুৰিবলৈ আৰম্ভ কৰিছিল।তেনেদৰে সাহিত্যৰ ক্ষেত্ৰত দেখা যায়-ভ্লাদিমিৰ নৱাকভৰ 'ললিতা' নামৰ উপন্যাসখনক এসময়ত অশ্লীল অাখ্যা দিয়া হৈছিল,কিন্তু সেইখন গ্ৰন্থই পাছত নোবেল বঁটা লাভ কৰিছিল।গতিকে কোনো বিষয়ৰ ওপৰত দহবছৰ অাগতে কৰা সমালোচনাৰ ধৰণ অাজিও একে হৈ নাথাকিবও পাৰে।কাৰণ ,বিষয়টোক বিভিন্ন ঘটনা -প্ৰবাহ ,পৰিস্থিতি অাদিৰ পটভূমিত নতুন নতুন দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰিবলগীয়া হয়।অাৰু সেয়া নকৰিলেই সমালোচনাত ধ্বংসকাৰী ৰূপটোহে বেছিকৈ প্ৰতিফলিত হোৱাৰ সম্ভাৱনা থাকে।
       দৈনন্দিন যিবোৰ সমালোচনা সাধাৰণতে আমি পঢ়িবলৈ পাওঁ সিবিলাকৰ বেছিভাগতে পক্ষপাতহীনতাৰ অভাৱ অামাৰ চকুত পৰে।এনে সমালোচনাসমূহত উত্থাপিত প্ৰসংগৰ কিছু কিছু ক্ষেত্ৰত যুক্তি থাকিলেও বহু সময়ত তাক সম্পূৰ্ণ গ্ৰহণযোগ্য বুলি মানি ল'ব নোৱাৰি।য'ত কেৱল দোষকে উদঙাই দেখুওৱা হয় অথবা কেৱল গুণকে বখানি থকা হয় সেয়া কেতিয়াও সুস্থ সমালোচনা হ'ব নোৱাৰে। 'মানুহবোৰে যদি ৰুটি খাবলৈ পোৱা নাই তেন্তে সিহঁতে কেক নাখায় কিয়?'-ফৰাচী সাম্ৰাজ্ঞী অাঁতনিয়েটৰ এইষাৰ উক্তিৰ দৰে দুৰ্ভিক্ষৰ সময়ত জনতাক ৰুটিৰ পৰিৱৰ্তে কেক খাবলৈ পৰামৰ্শ দিয়া ৰাজনীতিবিদ,বুদ্ধিজীৱি আৰু ছল চাই কঠীয়া পৰা সমালোচকৰ অভাৱ আমাৰ দেশত অভাৱ নাই।এনে সমালোচকসকলে অবাবত অানৰ দোষ খুচৰি নিজৰ তৰল পাণ্ডিত্য জাহিৰ কৰিবলৈ অনবৰত চেষ্টা কৰি থকা অামাৰ প্ৰায়ে চকুত পৰে।অকল সেয়ে নহয়,তেওঁলোকে বহুসময়ত নিৰপেক্ষ অালোচনালৈ নগৈ কেৱল ব্যক্তিগত ক্ষোভ প্ৰকাশ কৰিবৰ বাবে বা ব্যক্তি বিশেষক ব্যক্তিগতভাৱে অাক্ৰমণ কৰিবৰ বাবেও অতি অশ্লীল অাৰু শ্ৰুতিকটু বাক্যও প্ৰয়োগ কৰিবলৈ কুণ্ঠাবোধ নকৰে।
      জাতীয় অস্তিত্ব ৰক্ষাৰ চিন্তাত অসমৰ যুৱ-প্ৰজন্মই  ন্যায্য পথেৰে অাগবাঢ়িও যেতিয়া কোনো সুফল পোৱা নাছিল ,তেতিয়াই তেওঁলোকে বাচি লৈছিল সশস্ত্ৰ সংগ্ৰামৰ অন্য এক বিকল্প পথ।আশীৰ দশকত চীন, ভিয়েটনাম, যুগোশ্ল'ভিয়া, অসম, বাৰ্মা ,পাঞ্জাৱ সকলোতে ছাত্ৰ- ছাত্ৰী সকলে এনেদৰে  হাতত অস্ত্ৰ তুলি লোৱা দেখা যায়।আজিৰ গণতান্ত্ৰিক শাসন-ব্যৱস্থাৰ যুগত যুৱ-প্ৰজন্মই হিংসাত্মক পথ গ্ৰহণ কৰাৰ যুক্তিযুক্ততা কিমান অথবা তেওঁলোকৰ দাবীৰ ন্যায্যতা কিমান সেই সম্পৰ্কে সুষ্ঠ আৰু নিৰপেক্ষ আলোচনা-সমালোচনাৰ প্ৰয়োজনীয়তা যথেষ্ট আছিল।কিন্তু
এই  সন্দৰ্ভত মাথোঁ কেইগৰাকীমান সমালোচকৰ বাহিৰে বেছিভাগ সমালোচকৰে সমালোচনাত নিৰপেক্ষতাৰ অভাৱ বিশেষভাৱে পৰিলক্ষিত হৈছিল।উদাহৰণ স্বৰূপে ,আশীৰ দশকত প্ৰকাশ পোৱা অঞ্জণ শৰ্মাৰ 'অান্ধাৰতে যি সাৰ পায়' অাৰু কনকসেন ডেকাৰ 'নতুন পুৰুষে যুক্তিৰ অাধাৰত নতুন অসম গঢ়ক'-দুয়োখন পুথিতে অসমৰ সমস্যা সম্পৰ্কে অালোচনা কৰা হৈছিল যদিও আলোচনাৰ বিষয়বস্ত সমূহক পৰ্যৱেক্ষণ কৰাৰ পদ্ধতি আৰু দৃষ্টিভংগী আছিল ভিন্ন ভিন্ন। সমস্যাসমূহৰ সমাধানৰ সূত্ৰ হিচাপেও এখনত দেখুওৱা হৈছিল সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজনীয়তা আৰু আনখনত দেখুওৱা হৈছিল কৰ্ম সংস্কৃতিৰ প্ৰয়োজনীয়তা।একেদৰে সেইকালত প্ৰকাশিত 'সাদিন' কাকতৰ সম্পাদকীয় অাৰু 'সূত্ৰধাৰ' অালোচনীৰ সম্পাদকীয়ৰ মাজতো ভিন্নতা পৰিলক্ষিত হৈছিল।সাধাৰণ পাঠকৰ মনত এনেধৰণৰ ভিন্ন দৃষ্টিভংগীৰ লেখা-মেলাসমূহে খেলিমেলিৰ সৃষ্টি কৰাটো হৈ পৰিছিল তেনেই স্বাভাৱিক।সাধাৰণ পাঠক দিকভ্ৰান্ত হৈ পৰিছিল। আনফালে নিৰপেক্ষ আৰু যুক্তিনিষ্ঠভাৱে ডঃ হীৰেণ গোঁহাইৰ দৰে ব্যক্তিসকলেও যথেষ্ট আলোচনা-সমালোচনা আগবঢ়াইছিল যদিও তেওঁলোকৰ বামপন্থী ভাৱ-ধাৰাৰ সৈতে  আঞ্চলিকতাবাদৰ আদৰ্শগত সংঘাতৰ সৃষ্টি হৈছিল। বামপন্থী ভাৱদৰ্শৰে প্ৰভাৱিত সমালোচনাসমূহক গ্ৰহণ কৰাৰ মানসিকতা বহুতৰে নাছিল।সমালোচনাৰ এই চৰিত্ৰ আজিও বহুক্ষেত্ৰত অপৰিৱৰ্তনীয় ৰূপতে আছে বুলি ক'ব পাৰি।সাম্প্রতিক কালতো দেখা যায় -সংখ্যাগৰিষ্ঠ সমালোচকেই ৰাজনীতিৰ দ্বাৰা প্ৰভাৱিত আৰু বহুক্ষেত্ৰত ই সুবিধাবাদী চৰিত্ৰৰ ৰূপ পৰিগ্ৰহণ কৰিছে।
        গতিকে প্ৰয়োজন নিজস্ব চিন্তাৰ।সমালোচকৰ পক্ষপাতদুষ্ট  আলোচনা-সমালোচনাবোৰক নিজস্বভাৱে চালি-জাৰি নোচোৱাকৈ আমি পোনছাতেই  সত্য বুলি মানি লোৱাৰ কোনো যুক্তি নাই ।সাম্প্ৰতিক কালত যুক্তিনিষ্ঠ অধ্যয়ণ আৰু বিচাৰ-বিশ্লেষণৰ বিপৰীতে অতিমাত্ৰা আৱেগৰ বশৱৰ্তী হোৱাৰ প্ৰৱণতা আমাৰ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে-যিটো নিৰপেক্ষ আৰু যুক্তিনিষ্ঠ সমালোচনাৰ লগতে গণতান্ত্ৰিক চিন্তা-চেতনাৰ বাবেও বিপদজনক।

2 comments:

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...