Friday, September 6, 2019

আজিৰ শিক্ষা ব্যৱস্থা আৰু অভিভাৱকৰ দায়িত্ব


প্ৰৱন্ধ:
   আজিৰ শিক্ষা ব্যৱস্থা আৰু অভিভাৱকৰ দায়িত্ব
                                           বীৰ্কে বি. থাপা

      বৈদিক যুগৰ গুৰুকুল শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলে গুৰুগৃহ বা অাশ্ৰমত থাকি শিক্ষা গ্ৰহণ কৰিছিল।গুৰুৰ অাশ্ৰমত নিজ সন্তানক গতাই দিয়াৰ পাছত পিতৃ-মাতৃসকলৰ দায়িত্ব প্ৰায় শেষ হৈ গৈছিল।জীৱন অাৰু জগতৰ বাবে নিত্য প্ৰয়োজনীয় শিক্ষাৰ উপৰিও অাধ্যাত্মিকতাৰ উচ্চ মাৰ্গ দৰ্শনলৈকে সকলো দিশৰ শিক্ষাৰে এটি শিশুক শিক্ষিত কৰি তোলাৰ সমস্ত দায়িত্ব পালন কৰিছিল বৈদিক যুগৰ গুৰুসকলে।কিন্তু অাধুনিক যুগৰ শিক্ষা ব্যৱস্থাত বিভিন্ন জটিলতা অাহি পৰাৰ লগে লগে এটি শিশুৰ শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয় এখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে পিতৃ-মাতৃ,অভিভাৱক-অভিভাৱিকা,সমাজ অাদিৰো ভূমিকাৰ কথা উপলদ্ধি কৰা হৈছে।কাৰণ,এটি শিশু দিনটোৰ সাত-অাঠ ঘণ্টা যদি বিদ্যালয়ত থাকে,তেন্তে বাকী অধিকাংশ সময়েই থাকে পিতৃ-মাতৃসকলৰ লগত।সেয়ে শিশুৰ অভাৱ-অভিযোগ,মনস্তাত্বিক ত্ৰুটি-বিচ্যুতি অাদিৰ কথা পিতৃ-মাতৃৰ বাহিৰে অান কোনেও ভালদৰে কেতিয়াও উপলদ্ধি কৰিব নোৱাৰে।
      অাজিৰ যান্ত্ৰিক সভ্যতাৰ যুগত জনসংখ্যা বৃদ্ধিৰ লগে লগে বিদ্যালয় এখনত থকা শ শ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাটোও এক প্ৰকাৰৰ সমস্যা হৈ পৰিছে।বিদ্যালয় এখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে কোনো এটা বিষয়ৰ বাবে নিৰ্দ্ধাৰিত চল্লিশ বা পঞ্চলিশ মিনিটৰ শ্ৰেণীত সকলো ছাত্ৰ-ছাত্ৰীক সমানে গুৰুত্ব দি শিক্ষাদান কৰাটো অসম্ভৱ হৈ পৰিছে।তেনে ক্ষেত্ৰত প্ৰায় সম -বয়সৰ ছাত্ৰ-ছাত্ৰীসকলক এটা নিৰ্দিষ্ট শ্ৰেণীত শ্ৰেণীভুক্ত কৰি সমজুৱাভাৱে একেটা পাঠকে একেলগে পঢ়োৱাৰ পদ্ধতি গ্ৰহণ কৰিব লগীয়া হোৱাত যথেষ্ট সমস্যাৰ উদ্ভৱ হৈছে।কাৰণ,সকলো ছাত্ৰ-ছাত্ৰীৰ বোধগম্য ক্ষমতা সমান বা একে নহয়।এই সমস্যা অাঁতৰাবৰ বাবে মানসিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক সুকীয়াকৈ শ্ৰেণীবদ্ধ কৰি পাঠদান কৰাৰ নিৰ্দেশনা অাছে যদিও বাস্তৱ ক্ষেত্ৰত সেয়াও বৰ ফলপ্ৰসু হয় বুলি ক'ব নোৱাৰি।গতিকে এটি শিশুৰ শিক্ষাৰ ক্ষেত্ৰত পিতৃ-মাতৃসকলৰ ভূমিকা অৱশ্যেই থাকিব লাগিব।কৰ্মব্যস্ত অাজিৰ যুগত সকলো শিক্ষকেই যে নি:স্বাৰ্থভাৱে বিদ্যায়তনিক দিশত দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ লগত দিনে নিশাই লাগি থাকিব সেয়া অাশা কৰিব নোৱাৰি।অাৰু এই কথাও সত্য যে অতীতত শিক্ষকতাক এটা মহান কাৰ্য বা ধৰ্ম বুলি ভবা হৈছিল যদিও অাজি ইয়াক কেৱল এটা অৰ্থ উপাৰ্জনৰ পথ বুলি ভবা শিক্ষক -শিক্ষয়িত্ৰীৰ সংখ্যাই অধিক।তেনে স্থলত শিশু এটিৰ ভৱিষ্যত কোনো সচেতন পিতৃ-মাতৃয়েই সম্পূৰণৰূপে অানৰ ওপৰত এৰি দিব নোৱাৰে।বিদ্যালয় এখনৰ শিক্ষা ব্যৱস্থা যিয়েই নহওক কিয়,প্ৰতিগৰাকী সচেতন পিতৃ-মাতৃৰে এইটো এটা দায়িত্বই হৈ পৰে যে তেওঁলোকে লক্ষ্য ৰাখিব লাগিব ---তেওঁলোকৰ সন্তানে বিদ্যালয়ত শিকোৱা বিষয়বোৰ ভালদৰে অায়ত্ব কৰিব পাৰিছেনে নাই বা কোনবোৰ বিষয় বুজি পোৱাত সন্তানটিৰ কষ্ট হৈছে?পঢ়াৰ মেজত বহি শিশুটিয়ে টান পোৱা বিষয়বোৰ পিতৃ-মাতৃয়ে কাষত বহি মৰমেৰে বুজাই দিলে শিশুৰ বাবে সেয়াও যথেষ্ট অনুপ্ৰেৰণাদায়ক হৈ পৰে ।
      নগৰ অঞ্চলৰ তুলনাত অামাৰ গাওঁ অঞ্চলৰ পিতৃ-মাতৃসকলৰ শিক্ষা-দীক্ষা যথেষ্ট কম।গাঁৱৰ শতকৰা ৮০ শতাংশ পিতৃ-মাতৃয়েই যেতিয়া অশিক্ষিত বা নিৰক্ষৰ ,তেনেস্থলত তেওঁলোকৰ সন্তানৰ পঢ়া শুনাৰ বিষয়টো কোনে চাব-সেয়াও এক প্ৰশ্ন।পিতৃ-মাতৃ শিক্ষিত হ'লে সন্তানৰ ভুল-ভ্ৰান্তিবোৰ অন্তত: চাই  দিব পাৰে।কিন্তু পিতৃ-মাতৃ অশিক্ষিত বা নিৰক্ষৰ হ'লে সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হয়।পিতৃ-মাতৃৰ শিক্ষাহীনতাৰ প্ৰতিফল ভোগ কৰিব লগীয়া হয় সন্তানে।গতিকে পিতৃ-মাতৃসকল শিক্ষিত হোৱাৰ প্ৰয়োজনীয়তা অাছে।স্বাধীনোত্তৰ কালৰে পৰাই চৰকাৰে শিক্ষাৰ প্ৰসাৰৰ বাবে বিভিন্ন সা-সুবিধা প্ৰদান কৰি অহাৰ পাছতো গাঁৱৰ লোকসকলে শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়টোক গুৰুত্ব সহকাৰে নোলোৱাৰ ফলতে অাজি সমস্যাই এনে পৰ্যায় পাইছেগৈ যে সন্তানে পঢ়াৰ মেজত চিঞৰি চিঞৰি ভুলকৈ পঢ়িলেও পিতৃ-মাতৃসকলে শুধৰাই দিব নোৱাৰে।অানফালে ত্ৰিশ-চল্লিশ-পঞ্চাশজন ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা শ্ৰেণীকক্ষত চল্লিশ মিনিটৰ এটা পিৰিয়দত শিক্ষকে কিমানক চাব,কিমানৰ ভুল-ত্ৰুটিবোৰ শুধৰাই দিব? তাৰোপৰি চৰকাৰৰ সৰ্বশিক্ষা অাঁচনি অনুসৰি নিম্ন শ্ৰেণীৰ কোনো ছাত্ৰ-ছাত্ৰীকে অনুত্তীৰ্ণ কৰি ৰাখিব নোৱাৰা ব্যৱস্থাটোৱেও বিদ্যায়তনিক দিশত দুৰ্বল ছাত্ৰ-ছাত্ৰীক অাৰু দুৰ্বল কৰি পেলাইছে।শিক্ষকতাৰ সৈতে বহু বছৰ জড়িত থাকি অামি এনে ছাত্ৰ-ছাত্ৰীও পাইছোঁ যিসকলক সৰ্বশিক্ষাৰ অাঁচনি অনুসৰি অনুত্তীৰ্ণ হোৱাৰ পাছতো উত্তীৰ্ণ কৰাই দিয়া হৈছে অাৰু তেনেদৰে উত্তীৰ্ণ হৈ অাহি নবম-দশম শ্ৰেণী পোৱাৰ পাছতো সেই ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া বাক্য এটা শুদ্ধকৈ লিখিব নোৱাৰে।অাটাইতকৈ ডাঙৰ কথা এয়ে যে,প্ৰতি বছৰে এটা শ্ৰেণীৰ পৰা অান এটা শ্ৰেণীলৈ উত্তীৰ্ণ হৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বহুতৰে অশিক্ষিত পিতৃ-মাতৃসকলে ক'বই নোৱাৰে যে তেওঁলোকৰ সন্তান পঢ়া-শুনাত প্ৰকৃততে কিমান দুৰ্বল অথবা সৰ্বশিক্ষা মিছনৰ নিয়মানুসৰি কেনেদৰে অনুত্তীৰ্ণ হোৱাৰ পাছতো তেওঁলোকৰ সন্তানক উত্তীৰ্ণ কৰাই দিয়া হৈছে।প্ৰতি বছৰে সন্তানে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কথা শুনি পিতৃ-মাতৃৰ বুকু গৰ্বত ফুলি থাকে ,অানফালে অামাৰ শিক্ষা ব্যৱস্থাই সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে মৰণফান্দ পাতি থয় বোৰ্ডৰ পৰীক্ষা সমূহত।গতিকে অশিক্ষিত হ'লেও পিতৃ-মাতৃসকলে নিজ সন্তানৰ শিক্ষা-দীক্ষাৰ বিষয়টো সম্পূৰ্ণৰূপে কেৱল বিদ্যালয়ৰ ওপৰতে এৰি নিদি নিজৰ অায়ত্বত ৰখা উচিত।অন্তত: তেওঁলোকৰ সন্তানে সময়মতে অধ্যয়ণ কৰা ,সময়মতে খোৱা-বোৱা কৰা ,হ'ম ৱৰ্ক সমূহ সময়মতে কৰা ইত্যাদি বিষয়সমূহত গুৰুত্ব দিয়া উচিত।বিদ্যালয়ৰ সংশ্লিষ্ট শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে সঘন যোগাযোগ ৰাখি সন্তানৰ শিক্ষাৰ অগ্ৰগতি সম্পৰ্কে বুজ লোৱা,বিভিন্ন দিশত তেওঁলোকৰ পৰামৰ্শ লোৱা অাদিৰ দৰে কথাবোৰত গুৰুত্ব দিয়া প্ৰয়োজন।সেইদৰে শিক্ষক-শিক্ষয়িত্ৰীসকলেও এনেবোৰ ক্ষেত্ৰত পিতৃ-মাতৃসকলক সহায় কৰিবলৈ সকলো সময়তে প্ৰস্তুত থাকিব লাগিব।
       সময় পৰিৱৰ্তনৰ লগে লগে অাজিৰ শিক্ষা ব্যৱস্থাৰ মূল লক্ষ হৈ পৰিছে শিশুক এনে শিক্ষাৰে শিক্ষিত কৰি তোলা যাৰ দ্বাৰা তেওঁ ভৱিষ্যতে অাত্মনিৰ্ভৰশীল হ'ব পৰাকৈ অৰ্থ উপাৰ্জন কৰিব পাৰে।অাজিৰ যুগৰ পৰিপ্ৰেক্ষিতত অৰ্থ বা টকা -পইচাক বাদ দি একো কথাই ভাৱিব নোৱাৰি।কিন্তু কেৱল ধন -সম্পত্তি,টকা-পইচা উপাৰ্জনেই শিক্ষাৰ শেষ উদ্দেশ্য হ'ব নোৱাৰে।সুস্থ নৈতিক -অাদৰ্শ,সৎ চৰিত্ৰ অাদি অবিহনে কেৱল টকা-পইচাই মানুহক সুখ দিব নোৱাৰে।দুখৰ বিষয় যে শিশুৰ নৈতিক অাদৰ্শ,চৰিত্ৰ গঠণ অাদিৰ দৰে বিষয়বোৰত অাজিৰ শিক্ষাব্যৱস্থাত যেনেদৰে প্ৰাধান্য দিব লাগিছিল তেনেদৰে দিয়া সততে দেখা নাযায়।সেইবাবেই দিনক দিনে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দ্ৰুত গতিৰে অপৰাধ প্ৰৱনতা বৃদ্ধি পাই অহা অামি দেখি অাহিছোঁ।এনে অপৰাধ প্ৰৱনতা বা অনৈতিক কাৰ্যাৱলীয়ে সামাজিক পৰিৱেশ দূষিত কৰে।সেয়া ৰোধ কৰিবলৈও সন্তানক নৈতিকতাৰ শিক্ষা পিতৃ-মাতৃসকলে দিবলৈ চেষ্টা কৰা উচিত।সামাজিক কুসংস্কাৰ,অন্ধবিশ্বাস অাদিৰ পৰা অাঁতৰাই শিশুৰ মানসিকতাত বৈজ্ঞানিক দৃষ্টিভংগী ,যুক্তিবাদ অাদি সুমুৱাই দিব নোৱাৰিলে অাজিৰ যুগত শিক্ষাৰ একো অৰ্থই থাকিব নোৱাৰে।(সমাপ্ত)

     

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...