Friday, September 6, 2019

বাৰ্ধক্যৰ চৰম ট্ৰেজেদী --নি:সংগতা

       বাৰ্দ্ধক্যৰ চৰম ট্ৰেজেদী-নি:সংগতা
                                         বীৰ্কে বি. থাপা

       মানৱ জীৱনৰ আটাইতকৈ কৰুণ অথচ অলংঘনীয় স্তৰটোৱেই হৈছে বাৰ্ধক্য।জীৱনচক্রৰ স্বাভাৱিক নিয়ম অনুসৰিয়েই মানুহৰ জীৱনলৈ বার্ধক্য আহে।তাৰ পাছতে জীৱনৰ শেষ পৰিণতি স্বৰূপে আহি মৃত্যুৱে নি:শেষ কৰি দিয়ে এটা জীৱন।
       বাৰ্ধক্যই গ্ৰাস কৰাৰ লগে লগে  মানুহৰ শৰীৰ আৰু মনৰ আশ্বৰ্যজনকভাৱে  পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে।শাৰীৰিক শ্ৰম কৰিব পৰা শক্তি তথা দৃষ্টিশক্তি,শ্ৰৱণশক্তি আদি হ্ৰাস পাই আহিবলৈ ধৰে।নানা ৰোগ-ব্যাধিয়ে লগ লয় আৰু নিজৰ শৰীৰটোও এটা বোজা যেন হৈ পৰে। সেইদৰে বাৰ্ধক্যৰ নি:সংগতাই মানুহক মানসিকভাৱে অত্যন্ত আৱেগিক আৰু অভিমানী কৰি তোলাৰ লগতে এই স্তৰত স্মৃতিভ্রংশ ৰোগেও দেখা দিয়ে। জৰাতংক  (Gerophobia),মৃত্যুচেতনা আদিয়েও এই বয়সত মন-মস্তিষ্কক অস্থিৰ কৰি তোলে।
     বাৰ্ধক্যত দেখা দিয়া জীৰ্ণ-শীৰ্ণ শাৰীৰিক অৱস্থা তথা জৰাতংক, মৃত্যুচেতনা আদি  মানসিক পৰিৱৰ্তন সমূহক বিষয়বস্তু হিচাপে লৈ  অলেখ সাহিত্যৰ সৃষ্টি হৈছে।আৰ্নেষ্ট হেমিংৱেৰ 'ড্য অ'ল্ড মেন এণ্ড ড্য চি' , চাৰ্ভেণ্টিছৰ 'ড'ন কুইক্স'ট ' , জ'ন মাৰ্টিমাৰৰ ' ড্য চামাৰ অফ এ ড'ৰমাউচ' আদিৰ দৰে  উপন্যাসৰ নাম এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি ।মাৰ্টিমাৰৰ উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে এই এটা সত্য যে স্মৃতিকাতৰতাই হৈছে বাৰ্ধক্য কালৰ আটাইতকৈ সুন্দৰ সুখময় মুহূৰ্ত।শৰীৰ যেতিয়া নিৰ্বল আৰু নিশকটীয়া হয়,আত্মীয়-স্বজনেও যেতিয়া অৱহেলা কৰিবলৈ লয় আৰু বাৰ্ধক্যৰ দিনবোৰ নি:সংগভাৱে কটাবলগীয়া হয় সেই সময়ত অতীত ৰোমন্থণেই জীয়াই থকাৰ একমাত্ৰ সম্বল হৈ পৰে ।কিন্তু বাৰ্ধক্যৰ এয়াও এক চৰম পৰাজয় যে স্মৃতিয়েও সেই সময়ত সহযোগ নকৰে।ডিমেনচিয়া বা স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হয় মানুহ।
       অসমীয়া সাহিত্যতো বাৰ্ধক্যৰ কৰুণ পৰিণতিক বিষয়বস্তু হিচাপে লৈ নিশ্চয় অলেখ সাহিত্য সৃষ্টি হৈছে।কিন্তু এই মুহূৰ্তৎ মনলৈ অহা উল্লেখযোগ্য এটি গল্প হৈছে বিশিষ্ট সাহিত্যিক যোগেশ দাসদেৱৰ 'প্ৰাত:সন্ধ্যা'-য'ত বাৰ্ধক্যৰ নি:সংগতাৰ লগতে
আধুনিক জীৱন প্ৰৱাহত ক্রমশ: হেৰাই যােৱা মানুহৰ মানৱতা আৰু মূল্যবােধৰ অপমৃত্যুক হৃদয়স্পৰ্শী ৰূপত চিত্ৰিত কৰা হৈছে।গল্পটিত দেখুওৱা হৈছে -তিনিজন বৃদ্ধ সদায় একেলগে প্রাত: ভ্ৰমনলৈ ওলাই যায়।তেওঁলােক আটাইয়ে নিজৰ নিজৰ ঘৰত পুতেক-বােৱাৰীয়েক,জীয়েক-জোঁৱায়েকহঁতৰ দ্বাৰা অৱহেলিত।কিন্তু এই কথা পৰম্পৰৰ পৰা লুকুৱাই ৰাখি আটাইকেইজন বদ্ধই এজনে আন এজনৰ আগত নিজৰ নিজৰ সুখ-স্বাচ্ছন্দ্যৰ মিছা কাহিনী বর্ণনা কৰিবলৈ ব্যর্থ চেষ্টা কৰে।আচল সত্য কিন্তু সকলােৱে জানে।গল্পত বর্ণিত পদ্ম হাজৰিকাৰ চৰিত্ৰটো লেখকৰ দ্বাৰা সৃষ্ট এটা বৰ সুন্দৰ আৰু সার্থক চৰিত্ৰ বুলি ক'ব পাৰি।পদ্ম হাজৰিকাই হাজৰিকানীৰ অমত স্বত্তেও সৰু পুতেক দুজনৰ বিয়া পাতি দিছিল সিহঁতৰ পচন্দ মতে আৰু এই কথাৰ বাবেই হাজৰিকাৰ লগত মনােমালিন্য ঘটাত হাজৰিকানীয়ে উচাৎ মাৰি গৈ ডাঙৰ পুতেকৰ লগত থাকিবলৈ লৈছিল।ইফালে দিন বাগৰি যােৱাৰ লগে লগে পুতেক বােৱাৰীয়েক হঁতে হাজৰিকাক দেখিব নােৱাৰা হৈ আহিছে।ঘৰখনৰ বাবে তেওঁ বােজা স্বৰূপ হৈ পৰাৰ লগে লগে এই বৃদ্ধ বয়সতাে গেবাৰী খাটিব লগীয়া অৱস্থা হৈছে।তেনে অৱস্থাত হাজৰিকাই তেওঁৰ লগৰ অন্য এজন বৃদ্ধৰ কথা মতে পুতেক-বােৱাৰীয়েকহঁতক মজা দেখুৱাবলৈ উকীল এজনৰ তাত সম্পত্তি উইল কৰাৰ ভাও জুৰিলে।উইলৰ কথা জনাজনি হােৱাৰ লগে লগে হঠাৎ পুতেক-বােৱাৰীয়েকহঁতৰ আচৰণৰাে সলনি হ'ল।সকলােৱে তেওঁক খুব আল পৈচান ধৰিবলৈ আৰম্ভ কৰিলে।টান কাম একো এটা তেওঁক কৰিব নিদিয়া হ'ল।আনকি ডাঙৰ পুতেকৰ ঘৰৰ পৰা হাজৰিকানীও ল'ৰি আহিল আৰু হাজৰিকাৰ আদৰ যত্ন ল'বলৈ ধৰিলে।মানুহৰ স্বাৰ্থপৰতাৰ এনে ৰূপ দেখাৰ পাছতাে কিন্তু ঘৈণীয়েকৰ উপস্থিতি আৰু সান্নিধ্য তেওঁৰ ভাল লাগিল।গল্পকাৰৰ ভাষাত -'হাজৰিকানীৰ উপস্থিতিয়ে অৱশ্যে তেওঁক বৰ দুৰ্বল কৰি পেলাইছিল।মানুহজনীয়ে যিমানেই তেওঁক অৱহেলা নকৰক,খং কৰি তেওঁক এৰি পুতেকৰ তালৈ গুচি গ'লেও তেওঁ অনুভৱ কৰিলে যে এই মানুহজনীৰ লগত তেওঁ এৰাব নোৱাৰাকৈ বান্ধ খাই অাছে।হাজৰিকানীক এৰি তেওঁ তেওঁৰ জীৱনৰ কথা ভাৱিবই নোৱাৰে।চাহটোপা অানি দিয়া,গা ধুবলৈ পানী তপতাই দিয়া,ভাত খাই থাকোঁতে চাই থাকি কেতিয়াবা বোৱাৰীয়েকহঁতক 'দেউতাৰক মাছ অাৰু অকন দে অ' বুলি কোৱা,এইবোৰে তেওঁক কল্পনা কৰিবলৈ দিয়ে যে তেওঁলোকৰ সেই পুৰনা দিনবোৰ এতিয়াও অাছে,সেইবোৰ দিন কেতিয়াও পুৰনা নহয়।হাজৰিকানীৰ স্বাৰ্থপৰতাৰ কথা,তেওঁ যে বৰপুতেকৰ কাৰণেহে অাহিছে,এই কথা তেওঁৰ বিশ্বাস নকৰিবলৈ মন যায়।কিন্তু তেনেকুৱা মুহূৰ্তবোৰ বাদ দিলে  সমস্ত ঘটনাটোৱে হাজৰিকাক বৰ কৰুণ কৰি তুলিলে।মানুহবোৰ,নিচেই অাপোন মানুহবোৰ,অানকি নিজৰ তেজ মঙহৰ মানুহবোৰো কিমানযে স্বাৰ্থপৰ ,কিমান যে অাত্মকেন্দ্ৰিক তেওঁ বৰ বেয়াকৈ এই ঘটনাটোতে দেখিবলৈ পালে।'
     হেনৰী জে'মচৰ মতে মানুহৰ চৰিত্ৰৰ জটিল মন:সমীক্ষণেই চুটিগল্পৰ প্ৰধান সামগ্ৰী।আধুনিক যুুগৰ জটিলতাই মানুহৰ মানসিকতাকো জটিল অাৰু বহু সময়ত দুৰ্বোধ্য কৰি তোলা পৰিলক্ষিত হয়।কথা শিল্পী যোগেশ দাসে তেখেতৰ গল্পত  মন:সমীক্ষণৰ জটিল তত্বক তেনেই সহজ সৰলভাৱে 'ক্ষুদ্ৰাতিক্ষুদ্ৰ' নামৰ আন এটি গল্পৰ জৰিয়তেও প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।ইতিমধ্যে ওপৰত আলোচনা কৰা 'প্ৰাত:সন্ধ্যা' নামৰ গল্পটিৰ দৰে এই গল্পটিতো তেখেতে অংকিত কৰিবলৈ চেষ্টা কৰিছে-বাৰ্ধক্য কালত অাত্মীয়-স্বজনৰ ওচৰতে মানুহ অৱহেলিত হৈ উঠা এক হৃদয়স্পৰ্শী দৃশ্য।তাৰ লগতে অাছে এক বিশেষ বাৰ্ধক্য মনস্তত্বৰ প্ৰকাশ।গল্পৰ মুখ্য চৰিত্ৰ শান্তনু বৰুৱাৰ সমস্যা হৈছে তেওঁ আজিকালি সকলো বস্তুকে প্ৰয়োজনতকৈ বেছি সৰুকৈ দেখা পায়।সেয়ে তেওঁ আই স্পেচিয়েলিষ্ট ডাক্টৰ সনৎ দত্তৰ ওচৰলৈ গৈছে।ষাঠী বছৰৰ ওচৰাওচৰি বয়সৰ এই মানুহজনৰ স্বাস্থ্য-পাতি মুটামুটি ভালেই।পিন্ধনতো পৰিস্কাৰ বগা ধুতি-কামিজেৰে তজবজীয়া।কথা কিন্তু অত্যন্ত বেছিকৈ পাতে।যি কি নহওক,ডা:সনৎ দত্তই তেওঁৰ চকু পৰীক্ষা কৰি নতুন চচমা এযোৰ দিলে।কেইদিনমানৰ পাছত বুঢ়া আকৌ ওলালহি।তেওঁৰ  চকু ভাল হোৱা নাই।সকলো বস্তু অাগৰ দৰেই সৰু দেখা পায়।ডাক্টৰে অনুমান কৰিলে যে তেওঁৰ যদি অন্য একো প্ৰব্লেম নাই তেন্তে নিশ্চয় বয়সজনিত মানসিক ৰোগ হ'ব পাৰে।সেয়ে তেওঁ বৃদ্ধক মানসিক ৰোগৰ চিকিৎসক ডা:ৰূপালী কাকতিৰ চেম্বাৰলৈ পঠিয়াই দিলে।ডা:ৰূপালী কাকতিৰ তালৈ গৈয়ো বৃদ্ধই তেওঁৰ স্বভাৱ বা অভ্যাসবশত: অনৰ্গল ভাৱে কথা পাতিবলৈ অাৰম্ভ কৰিলে- 'আইদেউ,তুমি তেনেই ছোৱালী মানুহ।তোমাৰ নাম শুনি মই আন ধৰণেৰেহে ভাৱি অাছিলোঁ।মই তোমাক তুমিয়েই বুলিলোঁ-মই বুঢ়া মানুহ-তুমি বেয়া পাবা নেকি?' উত্তৰত ৰূপালীয়ে এনেয়ে নাই পোৱা বুলি কোৱাত বৃদ্ধই নিজৰ চকুৰ সমস্যাৰ পৰিৱৰ্তে অন্য কথাৰহে  বকলা মেলিলে-'বেছ বেছ বেছ…বৰ সন্তোষ পালোঁ,বৰ সন্তোষ পালোঁ।বিদূষী ছোৱালী তুমি,ইমান জ্ঞানী হৈছা তোমালোকৰ  আচল ঘৰ ক'ত?…'ইত্যাদি।কথাৰ মাজতে বৃদ্ধই ৰূপালী কাকতিক তেওঁ থকা ঘৰটো নিজা নেকি বুলি সোধাত 'নাই,ক'ত নিজা?ভাড়াঘৰ,নিজা ঘৰ হ'বলৈ গোটেই জীৱনটো লাগিব যেন পাইছোঁ' বুলি ৰূপালীয়ে উত্তৰ দিছে।তেতিয়া বৃদ্ধই অলপ ধেমেলিয়া সুৰত কৈছে-'ধন-পইচা হোৱা নাই নেকি?'
ৰূপালীৰ উত্তৰ-'নাই,ক'ৰ ধন-পইচা হ'ব?'
বৃদ্ধই তেতিয়া কৈছে-'তুমি বাট ল'ব জনা নাই হ'বলা'।তাৰ পাছত অসুখৰ কথা জানিব খোজাত বৃদ্ধই ক'লে-'থোৱাহে অসুখ-চসুখ!তোমাৰ লগত চিনাকী হ'লো যেতিয়া বেমাৰ-অাজাৰ দেখুৱাই থাকিব পাৰিম।আজিলৈ চিনাকী হোৱাতে থ'কচোন-কি বোলা?'
       বৃদ্ধৰ অনৰ্গল কথাত ৰূপালী কাকতি বিৰক্ত হৈছে যদিও তেওঁৰ কথাবোৰৰ মাজত অাত্মীয়-স্বজন অৰ্থাৎ নিজৰ পুতেক-জীয়েকসকলৰ প্ৰতি থকা তীব্ৰ বিষোদগাৰৰ ভাৱ তেওঁ স্পষ্টকৈ উপলদ্ধি কৰিব পাৰিছে।চহৰত থাকি মাটিৰ হাকিম হোৱা পুতেক বা বিয়া দিয়া জীয়েকৰ ঘৰলৈ গৈ বৃদ্ধই লাভ কৰা অনাকাংক্ষিত অাচৰণে আচলতে তেওঁক বিক্ষুব্ধ কৰি তুলিছে-কাৰণ যি সংস্কাৰ আৰু আদৰ্শত তেওঁ নিজে ডাঙৰ-দীঘল হৈছিল তেনে সংস্কাৰ আৰু  আদৰ্শ পুতেক-জীয়েকৰ ক্ষেত্ৰতো আশা কৰিছিল,কিন্তু সেয়া তেওঁ ক'তো দেখিবলৈ  পোৱা নাছিল।বৃদ্ধই নতুন নতুন চচমা সলাই পিন্ধাৰ পাছতো সকলো বস্তুকে সৰু দেখাৰ অন্তৰালত যে প্ৰকৃততে ক্ষয়িষ্ণু মূল্যবোধৰ বিৰুদ্ধে বিক্ষুব্ধ এটা মনস্তাত্বিক কাৰণ লুকাই অাছিল সেই কথা গল্পকাৰে অত্যন্ত প্ৰতীকধৰ্মীতাৰে গল্পটিত উপস্থাপন কৰিছে।বাৰ্ধক্যৰ দিনবোৰত পুতেক-বোৱাৰীয়েক,জী-জোঁৱায়েক,নাতি-পুতি ,আত্মীয়-স্বজন,সমাজ সকলোৰে দ্বাৰা অৱহেলিত হৈ নি:সংগ অনুভৱ কৰা লোকসকলে দুষাৰ কথা পাতিবলৈকে যে লগ-সংগ বিচাৰি ফুৰা অৱস্থাৰো চিত্ৰ গল্পটিত অংকন কৰা হৈছে।
        হোমেন বৰগোহাঞিৰ 'হাতী' নামৰ গল্পটিত দুটা প্ৰজন্মৰ মানসিক ব্যৱধানক হৃদয়স্পৰ্শী ৰূপত অংকন কৰা হৈছে।আধুনিকতাৰ সোঁতত উটি যোৱা পুতেকহঁতে ঘৰখনৰ সন্মান আৰু মৰ্যাদাৰ প্ৰতীক স্বৰূপ বুঢ়া হাতীটোক কৰা অনাদৰ আৰু অসন্মানে
প্ৰাচীন মূল্যবোধ একোটাক খামোচ মাৰি ধৰি থকা মৌজাদাৰৰ মনত প্ৰচণ্ড আঘাত সনা ঘটনা এটাই মূলত: গল্পটিৰ কেন্দ্ৰীয় বিষয়।একেদৰে বাৰ্ধক্যৰ কৰুণ আৰু হৃদয়স্পৰ্শী চিত্ৰ  প্ৰতিফলিত কৰা লেখকৰ আন এখনি উল্লেখযোগ্য উপন্যাস হৈছে 'অস্তৰাগ'।চহৰত বাস কৰা দিলীপৰ অস্থি-চৰ্মহাৰ অতিবৃদ্ধ দেউতাক বাৰ্ধক্যজনিত  ৰোগত আক্ৰান্ত হৈ শয্যাসায়ী।দেউতাকৰ শোৱা কোঠাৰ দুৱাৰ ডলি পাৰ হোৱাৰ লগে লগে এটা মৃদু দুৰ্গন্ধ আহি দিলীপৰ নাকত লাগিছে..প্ৰস্ৰাৱৰ দুৰ্গন্ধ..দিলীপে দেখিছে-যিজন মানুহে এদিন ধুমুহা,বানপানী, আৰু ভূমিকম্পক শাসন কৰিছিল তেওঁ আজি নিজৰ শৌচ প্ৰস্ৰাৱৰ বেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে..যিজন মানুহে মানুহৰ অহা যোৱা বাটত পৰি থকা পৰ্বত প্ৰমান শিলবোৰ হেলাৰঙে দাঙি দূৰলৈ পেলাব পাৰিছিল তেওঁ আজি আনৰ সহায় নোলোৱাকৈ বিছনাৰ পৰা নিজৰ গাটো পৰ্যন্ত দাঙিব নোৱাৰে।..দেউতাকৰ এনে অৱস্থা চাই থাকিবলৈ তেওঁৰ মানসিক শক্তি যেন হেৰাই গৈছে।দেউতাকৰ যন্ত্ৰণাকাতৰ সেই কৰুণ পৰিণতি প্ৰত্যক্ষ কৰি নিজৰ অজ্ঞাতে তেওঁ ভগৱানক আ়কুলভাৱে প্ৰাৰ্থনা কৰে যেন আজিৰ দিনটোৱেই দেউতাৰ জীৱনৰ  শেষ দিন হয়...'। এনেদৰে দেউতাকৰ মৃত্যু কামনা কৰি পাছ মুহূৰ্ততে  দিলীপ আকৌ তীব্ৰ অনুশোচনা আৰু অপৰাধ বোধত ভূগিছে।
         সম্প্রতি যিসকল গল্পকাৰে আধুনিক জীৱনৰ জটিলতা,মূল্যবােধৰ অৱক্ষয় আৰু মনস্তত্বক
বিষয় হিচাপে লৈ অসমীয়া সাহিত্যত নতুন নতুন আংগিকেৰে গল্প ৰচনাৰ সম্পৰীক্ষা চলাই আছে সেইসকলৰ ভিতৰত এগৰাকী সার্থক গল্পকাৰ
হৈছে ডাঃ ভৃংগেশ্বৰ শৰ্মা। আশীৰ দশকত আত্মপ্রকাশ কৰা ডাঃ শৰ্মাৰ গল্পত প্রতিফলিত হৈ উঠা গভীৰ জীৱনবােধ আৰু নিঃসংগতাৰ কৰুণ চিত্রয়াে যথেষ্ট সংখ্যক পাঠকৰ হৃদয় দখল কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে অত্যন্ত সুসংযত আৰু পৰিশীলিত বাক্য বিন্যাস, সৰল আৰু ব্যংগাত্মক কথনশৈলী আৰু সংক্ষিপ্ত পৰিসৰত জীৱন আৰু সমাজৰ একোটা তাৎপর্যপূর্ণ দিশক এক অভিনৱ ষ্টাইলেৰে হৃদয়স্পর্শী ৰূপত প্রতিফলিত কৰি তুলিব পৰা
দক্ষতাৰ বাবে তেখেতৰ গল্প কেতিয়াও বর্ণনাৰ আধিক্যৰে ভাৰাক্ৰান্ত হৈ উঠা চকুত নপৰে।
     ডা:ভৃংগেশ্বৰ শৰ্মাৰ 'দেউতাৰ বাবে এখন ৰচনা’, ‘মুখাগ্নি’, ‘বিয়লি বেলাৰ গল্প’, ‘মৃত্যু সম্পৰ্কীয় এটা বাজি’ আদি গল্পৰ উপৰিও 'কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু' গল্প সংকলনত সন্নিৱিষ্ট কেইবাটাও গল্পত বাৰ্ধক্যৰ চিত্ৰ অংকিত হোৱা দেখা যায় ।বাৰ্ধক্যৰ লগতে প্রাচীন মূল্যবোধৰ অৱক্ষয়ক বিষয়বস্তু হিচাপে লৈ ডাঃ শর্মাই ৰচনা কৰা গল্পসমূহৰ ভিতৰত' সাধুকথা’ এক অন্যতম শ্রেষ্ঠ গল্প।ইতিমধ্যে উল্লেখ কৰি অহা হোমেন বৰগোহাঞিৰ 'হাতী ' নামৰ গল্পটিৰ দৰে ডা:শৰ্মাৰ 'সাধুকথা' নামৰ গল্পটিতো দুটা প্ৰজন্মৰ মানসিক ব্যৱধান আৰু প্ৰাচীন মূল্যবোধৰ সংকটক দেখুওৱা হৈছে ।চহৰত বাস কৰা পুতেক-বােৱাৰীয়েক, নাতি-নাতিনীহঁতক আগ্ৰহেৰে চাবলৈ গৈ মাক চাৰুবালাই প্রত্যক্ষ কৰা প্রাচীন মূল্যবােধৰ অৱক্ষয় আৰু সেই পৰিৱর্তনৰ চাকনৈয়াত তেওঁ নিজেই এটা পুৰণি সাধুকথালৈ পৰিণত হােৱা ঘটনাক গল্পকাৰে অত্যন্ত হৃদয়স্পর্শী ৰূপত গল্পটিৰ মাজেৰে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। চাৰুবালাৰ চকুত চকুপানী দেখি গিৰিয়েকে কোৱা কথাষাৰ তাৎপর্যপূর্ণ --‘নাকান্দিবা,কান্দিৰ নাপায়।...সময় গৈ থাকিব, পৰিৱৰ্তন আহি থাকিব। আমি ভবাৰ দৰেতাে কোনাে ৰৈ নাথাকে। নতুন আহিছে, আগৰটো পুৰণি হৈ গৈছে।আমিবােৰাে, তুমি, মই এতিয়া পুৰণি হৈ গৈছোঁ। আমি নিজেই এতিয়া  সাধুকথা হৈ গৈছােঁ। সেই যে তুমি কৈ থকা বুঢ়া-বুঢ়ীৰ সাধু কথাটো - এসময়ত এখন গাঁৱত এহাল বুঢ়া- বুঢ়ী আছিল। সিহঁতৰ কেও-কিছ নাছিল, সিহঁত বৰ অকলশৰীয়া আছিল....।”
       ডাঃ ভৃংগেশ্বৰ শৰ্মাৰ গল্পৰ আন এক তাৎপর্যপর্ণ  দিশ হৈছে তেখেতৰ গভীৰ জীৱনবােধ। জীৱনৰ সূক্ষ্মতম আৱেগ-অনুভূতি, মানসিক দ্বন্দ্ব, নিঃসঙ্গতাৰ ই ভয়াৱহ আৰু কৰুণ চিত্ৰকো তেখেতে যথাযথ ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। মনস্তত্বৰ জটিলতাক যথার্থৰূপত অংকন কৰিবলৈ যাওঁতে অন্য বহু গল্পকাৰৰ দৰে তেখেতৰ গল্পত কেতিয়াও জটিল বর্ণনাৰ বাহুল্যতা পৰিলক্ষিত নহয়। সহজ- সৰল স্বকীয় কথন শৈলীৰেই জীৱন আৰু মনস্তত্বৰ জটিলতম দিশ সমূহকো কলাত্মক ৰূপত উপস্থাপন কৰাৰ দক্ষতা অনুভূত হয় তেখেতৰ প্রতিটো গল্পত।
       বয়স বাঢ়ি অহাৰ লগে-লগে সম্পর্কৰ ব্যৱধান যেন আৰু বাঢ়ি যায়। মৰমবােৰ শেষ হৈ যায়।পুত্র-বােৱাৰীৰ হাতত লাঞ্চিত-গাঞ্চিত আৰু অৱহেলিত হ'ব লগা হয়। আৰু ক্ৰমশঃ এক নিঃসংগতাবােধে চাৰিওফালৰ পৰা গ্রাস কৰিবলৈ ধৰে। তেনে এক
পৰিস্থিতিত মূল্যবােধৰ অৱক্ষয়,বিশ্বাসৰ অপমৃত্যু আদিয়ে বার্ধক্যৰ মনস্তত্বত কৰা ক্রিয়া-প্রতিক্রিয়া,
নষ্টালজিক আচৰণ, অস্থিৰাৱস্থা, স্মৃতিভ্রংশ প্রতিফলিত কৰিবলৈ চেষ্টা কৰা দেখা যায়  কেইটা মান চিৰিয়াছ গল্পত।
       বাৰ্ধক্যৰ লগে লগে দেখা দিয়া মস্তিষ্কৰ বিকাৰ, স্মৃতিভ্রংশ আদিৰ হৃদয়স্পর্শী দৃশ্য প্রতিফলন হৈছে তেখেতৰ 'এনেকৈয়ে এদিন,‘অচিনাকি’ আদি গল্পত। বার্ধক্যত মৃত্যু চেতনা আহেই। কিন্তু 'এনেকৈয়ে এদিন’ গল্পত নন্দ বায়নৰ মনলৈ এই মৃত্যু চেতনা আহিছে অন্য এক ৰূপত। কেইদিনমানৰ পৰা তেওঁৰ ভাৱ হৈছে যেন কোনােবা আহিব। কোন আহিব, কিয় আহিব তেওঁ একো নাজানে, কিন্তু কোনােবা আহিব। বজাৰৰ পৰা থৰক-বৰককৈ খােজকাঢ়ি আহি পৰিবাৰক সুধিছে – “হেৰা, মােক বিচাৰি কোনােবা আহিছিল নেকি?” বায়ন মানুহজন অস্থিৰ হৈ পৰিছে। বাহিৰত খুটুককৈ শব্দ এটা হ'লে পৰিবাৰক মাতিছে -“হেৰা উঠাচোন উঠা”। এদিন ৰাতি শুই থাকোতে হঠাতে তেওঁ বুকুত বিষ অনুভৱ কৰিলে। লাহে লাহে বিষ বাঢ়ি গ'ল ওচৰতে শুই থকা পৰিবাৰক মাতিব নেকি এবাৰ? নাই থাকক। তেওঁ পৰিবাৰক নজগালে। অসহ্য বিষত তেওঁ ছটফটাব ধৰিলে। হঠাৎ তেওঁ অনুভৱ কৰিলে কোনােবা যেন আহিছে। লাহে লাহে তেওঁৰ উশাহ চুটি হৈ আহিল আৰু এটা সময়ত তেওঁ উশাহ লােৱাৰ প্রয়ােজন নােহােৱা হৈ পৰিল। বুকুৰ বিষটোও নােহােৱা হ'ল। গাটো পাতল পাতল
লাগিল। কাষত আহি থিয় হােৱা মানুহজনে বায়নক ক'লে ‘ব’লা। মন্ত্রমুগ্ধৰ দৰে বায়নেও ক'লে- ‘ব’লা।
       উল্লেখযােগ্য যে গল্পকাৰ ডাঃ শৰ্মাই মৃত্যুক কেতিয়াও ভয়ংকৰ ৰূপত দেখুওৱা নাই। নন্দ বায়নৰ কাষলৈ মৃত্যু আহিছে তেনেই স্বাভাৱিক ভাৱে। আৰু সেই ‘কোনােবা এজনৰ আহ্বানত তেওঁ ততালিকে আত্মীয়-স্বজন সকলােকে এৰি গুচি গৈছে।গল্পটিয়ে এখন্তেকৰ বাবে ৰুচ সাহিত্যিক আইভান টুৰ্গেনিভৰ কবিতা এটিলৈ মনত পেলাই দিয়ে।কবিতাটিত টুৰ্গেনিভেও মৃত্যুক বৰ সহজ ভাৱে অংকণ কৰিছে-'দুৱাৰত কোনোবাই টুকুৰিয়ালে আৰু মই উশাহ ল'বলৈ পাহৰি গ'লোঁ..'
        ডা: ভৃংগেশ্বৰ শৰ্মাই 'অচিনাকী’নামৰ আন এটা গল্পতাে  মৃত্যুক তেনেই স্বাভাৱিক ৰূপত প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়।এশৰ দেওনা পাৰ হােৱা ককা এদিন ঢুকাল।আইতাৰ বয়সে এশৰ ওচৰ। আলৰ বুঢ়ী। মাতিলেও মাত নিদিয়া অৱস্থা। ককা ঢুকুৱাত ঘৰখনত কান্দোনৰ ৰােল উঠিল। আইতাক ধৰি-মেলি বাহিৰলৈ অনা হ'ল। কোনােবাই আইতাৰ শিৰৰ সেন্দুৰ মচি দিলে। “কি হৈছে?” আইতাই সুধিলে। “আইতা, ককা ঢুকাল নহয়।” “হাঁ, কি কৈছা ? কোন ককা ?” আইতাক ককাৰ মুখখন দেখুওৱা হ'ল। কান্দে যদি অলপ কান্দক। কিন্তু কোনাে পৰিৱৰ্তন নাই। আইতাই ককাক চিনিকে নাপালে। “কোননাে ? কোন শুই আছে?” মূলতঃ জীৱনৰ এই চৰম ট্রেজেডীকো লেখকে অত্যন্ত সহজভাৱে গ্ৰহণ কৰিছে।
    স্মৃতিভ্ৰংশৰ দৰে মতিভ্ৰমো বাৰ্দ্ধক্যৰ আন এক ট্ৰেজেদী।মতিভ্ৰমৰ প্ৰসংগত বহুদিন পূৰ্বে 'প্ৰান্তিক'ত প্ৰকাশিত মনোজ কুমাৰ গোস্বামীৰ এটি গল্পৰ কথা মনত পৰিছে।গল্পটিৰ নাম পাহৰিছোঁ যদিও কেন্দ্ৰীয় বিষয়বস্তু মনত আছে।গল্পত বৰ্ণিত এগৰাকী বৃদ্ধৰ মৃত্যুৰ পাছত তেওঁৰ ব্যক্তিগত আলমাৰীৰ তলা খুলি চাই সকলো অবাক। কাৰণ আলমাৰিটোত অনাকাংক্ষিত ভাৱে উদ্ধাৰ হৈছিল সৰু সুৰা কিছুমান পেলনীয়া বস্তু,নাতিনীয়েকে খেলা বল, পুতলা আদি।
    আমি যিমানখিনিলৈকে ডাঃ ভূংগেশ্বৰ শৰ্মাৰ গল্প পঢ়িছোঁ,তেখেতৰ  গল্পত বার্ধক্য চেতনাই কোনো এটা চৰিত্ৰকে মৃত্যুৰ ভয়ত ভীতিগ্রস্ত কৰি তােলা দেখা নাই। তাৰ পৰিৱর্তে লেখকে ভয়ংকৰ ৰূপত চিত্রিত কৰিবলৈ চেষ্টা কৰিছে বাৰ্ধক্যৰ নিঃসংগতাক। তেনে এটি গল্প -'কামাখা ফার্মাচিত চাৰিজন বন্ধু'  । বাৰ্ধক্যৰ শেষ প্রান্তত আহি থিয় হোৱা চাৰিজন বৃদ্ধই নিজৰ নিজৰ ঘৰ, পৰিয়াল-পৰিজনৰ ওচৰত অৱহেলিত হৈ মনৰ নিঃসঙ্গতা আতঁৰাবলৈ সদায় সন্ধিয়া আহি কামাখ্যা ফার্মাচিত গােট খায়হি। ঘৰখনত অৱহেলিত হােৱাৰ কথা কিন্তু কোনেও প্রকাশ নকৰে। আটাইকেইজনেই তাভিনয় কৰি গৈ থাকে। সন্ধিয়াৰ সময়খিনি তেওঁলােকে তাচ খেলে,খেলৰ মাজে মাজে কথা পাতে। কেতিয়াবা তাঁচ পাত চাফল কৰা-নকৰাক লৈ কাজিয়াও কৰে। কাজিয়া কৰিলেও পাছদিনা আকৌ আহে। কথা পাতে, আগৰ দৰেই তাচ খেলে। আকৌ কাজিয়া লাগে, আকৌ মিলে। কেতিয়াবা কোনােবা এজন নাহিলে বাকী কেইজনৰ চিন্তা হয়, উৎকণ্ঠা বাঢ়ি যায়- “কিয় নাহিল ? কি অসুবিধা হ'ল ? গা বেয়া নেকি ? এই দিনবােৰৰ মাজতে এদিন এজন বৃদ্ধ ঢুকাল। সেই দিনা সন্ধিয়া শর্মা কামাখ্যা ফার্মাচিলৈ অহা নাছিল। গােটেই সন্ধিয়াটো উৎকণ্ঠাৰে  কটোৱাৰ পাছত পিছদিনা ৰাতিপুৱাই ফার্মাচি খােলাৰ অলপ পাছতে কামাখ্যা দাসে পালে খবৰটো- ‘হাৰ্ট এটেক হৈ শর্মা আগদিনাই ঢুকাল। বাকী কেইজনেও খবৰটো পালে! সকলােৰে হৃদয় শূন্য হৈ পৰিল। সদায় বহা শৰ্মাৰ চকীখন খালী হৈ পৰিল। শৰ্মাৰ মৃত্যৰ খবৰটোৱে যেন তেওঁলােকক অধিক বৃদ্ধ কৰি তুলিলে। আগৰদৰে তাচ খেলাৰ মানসিক প্রস্তুতি তেওঁলােকৰ নােহােৱা হ'ল। “এনেকৈ থাকিলে জানাে হ'ব? যি হ'বৰ হ’ল। জন্মিলেতাে মৰিব লাগিবই।
এদিন আমিও মৰিম। সেই বুলি..... ধূলিৰ তৰপ পৰা তাচযােৰ উলিয়াই আনি গােস্বামীয়ে ক'লে। কথাষাৰ বাকী কেইজনেও মানি ল'লে। নিজকে ব্যস্ত ৰাখিবলৈ তেওঁলােকে আকৌ তাচ খেলিবলৈ আৰম্ভ কৰিলে। কিছুদিনৰ পাছত আৰু এজন বৃদ্ধ ঢুকাল। তেওঁ জীৱন বৰা। ৰাতিপুৱা নাদৰ পাৰত মানুহজন পিছলি পৰিছিল। যি পৰিল আৰু নুঠিল। এতিয়া বাকী থাকিল দুজন।কামাখ্যা দাস আৰু নৰেন গােস্বামী। দুয়াে বৃদ্ধ জোপােকা মাৰি ফার্মাচিত বহি থাকে।দুজনকৈ বন্ধুৰ মৃতুত এই দুজন বৃদ্ধ মানসিকভাৱে তেনেই ভাগি পৰিল।গােস্বামীয়ে হঠাতে দুহাতেৰে মুখ ঢাকি কান্দি দিয়ে “মােৰ ভয় লাগিছে  দাস, মােৰ বৰ ভয় লাগিছে।”
দাসে বুজনি দিয়ে -“কান্দিবলৈ কিতাে আছে? এদিনতাে মৰিব লাগিবই।”
    গােস্বামীৰ উত্তৰ-মৃত্যুৰ বাবে তেওঁ ভয় কৰা নাই, বৰঞ্চ দাসতকৈ আগতে মৃত্যু হোৱাৰ কামনাহে তেওঁ কৰিছে। কাৰণ ইতিমধ্যে দুজনৰ মৃত্যু ঘটাৰ পাছত এতিয়া তেওঁৰ সংগ দিবলৈ বাকী আছে কেৱল দাস। এই দাসাে আঁতৰি গ'লে তেওঁ কাৰ সৈতে কথা পাতিব? কাৰ সতে নিঃসংগতাৰ দুৰ্বিসহ মুহূৰ্তবােৰ পাৰ কৰিবলৈ তাচ খেলিব ? ঘৰখনৰ বাবেতাে তেওঁ ইতিমধ্যেই অনাহক বােজা হৈ পৰিছেই। মৃত্যুক সহজভাবে মানি লােৱাৰ সাহস তেওঁৰ আছে, কিন্তু নিঃসঙ্গতাৰ ভয়াবহ শূন্যতাক সহন কৰাৰ শক্তি তেওঁৰ নাই।সম্ভৱত: মৃত্যু চেতনাতকৈয়ো এই নি:সংগতাভীতিয়েই হৈছে বাৰ্ধক্য কালৰ চৰম আৰু অসহনীয় ট্ৰেজেদী।(সমাপ্ত)
    
    
  

    

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...