বিষ্ণুৰাভাৰ সামগ্ৰিক জীৱন দৰ্শন
বীর্কে বি থাপা
প্রথম বিশ্বযুদ্ধৰ অন্তত আক্ষৰিক অর্থত বিশ্বলৈ শান্তি নামি আহিছিল যদিও ভাৰতবৰ্ষৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত যুদ্ধোত্তৰ যুগৰ প্রভাৱ স্বৰূপে কৰ-কাটল,খাদ্যদ্ৰব্য আদিৰ অত্যাধিক মূল্যবৃদ্ধি, আর্থিক দুৰৱস্থা আদিয়ে কৃষক তথা নিম্ন-মধ্যবিত্ত শ্রেণীৰ লােকসকলক একেবাৰে জুৰুলা কৰি পেলাইছিল আৰু ঠায়ে ঠায়ে তেওঁলোকৰ বিক্ষোভৰ বহি:প্ৰকাশো ঘটিছিল। ইতিমধ্যে উনৈশ শ সোতৰ চনত আৰম্ভ হোৱা ৰুচ বিপ্লৱৰ ফলস্বৰূপে সমগ্ৰ বিশ্বতে বিয়পি পৰা মাৰ্ক্সবাদী আদৰ্শ, সাম্যবাদী চেতনা, শ্ৰেণী সংগ্ৰাম,সমাজবাদী অৰ্থনীতি,দ্বন্দ্বাত্মক বস্তুবাদ আদি ধাৰণাসমূহ ভাৰতবৰ্ষতো নতুনকৈ শিপাবলৈ আৰম্ভ কৰিছিল।কমিউনিষ্ট দৰ্শন আৰু আদৰ্শত বিশ্বাসী সংগঠনসমূহে তেনে এক পৰিস্থিতিত স্বতঃস্ফূৰ্ভাৱে গঢ় লৈ উঠা সৰ্বহাৰা শ্ৰেণীৰ বিক্ষোভক পূঁজিবাদ আৰু ঔপনিৱেশিক সাম্রাজ্যবাদৰ বিৰুদ্ধে হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি সমগ্ৰ দেশতে আন্দোলন, ধর্মঘট আদি বিয়পাই দিছিল।
সংগ্রামী জীৱনৰ আৰম্ভণীতে বিষ্ণু প্ৰসাদ ৰাভা কংগ্রেছৰ নেতৃত্বত চলা স্বাধীনতা সংগ্ৰামৰ সক্রিয় কৰ্মী আছিল যদিও পৰৱৰ্তী কালত তেওঁক মহাত্মা গান্ধীৰ অহিংস পন্থাৰ আন্দোলনত আস্থা হেৰুৱাই এটা বিশেষ সশস্ত্র সংগ্রামী দলত যোগ দিয়া দেখা যায়।-যাৰ বাবে তেওঁ কলিকতা,কোচবিহাৰ আৰু ঢাকাত অধ্যয়ন কৰি থকা কালতে বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অপৰাধত কলেজৰ পৰা বহিস্কৃত হ'বলগীয়াও হৈছিল।বিশেষকৈ ১৯৩১ চনত চট্টগ্রামস্থিত অস্ত্রাগাৰৰ লুণ্ঠন কাৰ্যত জড়িত সন্ত্রাসবাদী দলৰ সৈতে ৰাভাৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰা হৈছিল।বৃটিছ চৰকাৰে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পাছত তেওঁ কলেজীয়া শিক্ষা অসম্পূৰ্ণকৈ ৰাখি অসমলৈ উভতি আহিবলগীয়া হয়।
কৃষক শ্ৰেণীৰ ওপৰত চলি থকা জমিদাৰী শােষণ ব্যৱস্থা আৰু তাৰ প্ৰতিবাদ স্বৰূপে ত্ৰিশৰ দশকত গঢ় লৈ উঠা শ্রীহট্ট ,গোৱালপাৰা, মেছপাৰা আদি অঞ্চলৰ কৃষক আন্দোলন, সেই আন্দোলনবোৰৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰ দমনমূলক নীতি,কামৰূপত ৰায়তী স্বত্বৰ বাবে গঢ় লৈ উঠা ধর্মঘট তথা বিভিন্ন ট্ৰেড ইউনিয়নসমূহত সাম্যবাদী মতাদৰ্শৰ ব্যাপক প্রচাৰ আদিৰ দৰে ঘটনাবােৰে নিঃসন্দেহে বিষ্ণু ৰাভাৰ সাম্যবাদী বৈপ্লৱিক চেতনাক জাগৃত কৰাৰ ক্ষেত্ৰত উল্লেখযােগ্য ভূমিকা গ্রহণ কৰিছিল আৰু দৰং জিলাৰ ওদালগুৰিত অনুষ্ঠিত হােৱা 'কিষান সভা'ত অংশ গ্রহণ কৰাৰ উপৰিও উজনি আৰু নামনি অসমৰ বিভিন্ন গাঁওসমূহলৈ গৈ তাৰ কৃষক ৰাইজৰ সৈতে তেওঁ ঘনিষ্ঠ সম্পর্ক গঢ়ি তুলিছিল।
১৯৪৫ চনত বিষ্ণু প্ৰসাদ ৰাভাই বিপ্লৱী কমিউনিষ্ট পার্টিত যােগ দি জনসাধাৰণৰ মাজত পাৰ্টিৰ আদৰ্শ প্ৰচাৰ আৰু সংগঠনৰ কামত ব্যস্ত হৈ পৰেlসেই সময়ছােৱাতে বিষ্ণুৰাভাই মাৰ্ক্সীয় অৰ্থনীতি, দ্বন্দ্বাত্মক বস্তুবাদ, শ্রেণী সংগ্রাম আদি গভীৰভাৱে অধ্যয়ণ কৰেl জীৱনৰ শেষ মুহূৰ্তৎ তেওঁ ৰােগ শয্যাৰ পৰাই এখন চিঠিত লিখিছিল “ভাৰতৰ বিপ্লৱী সাম্যবাদী দলৰ লগত সংশ্লিষ্ট থাকি মার্ক্সীয় দশর্ন, মার্ক্সীয় অর্থনীতি, দ্বন্দ্ববাদৰ লগত পৰিচিত হৈ আৰু লেলিনবাদৰ সম্যক জ্ঞানৰ উপলব্ধিৰ আশাত, প্রকৃত কমিউনিষ্ট হােৱাৰ আশাত, ৰাইজৰ হিয়াৰ আমঠু ৰাইজৰ প্ৰাণৰ লগৰী আৰু ৰাইজক মার্ক্সীয় দশর্নৰ
প্রতি উদ্বুদ্ধ কৰাৰ কাৰণে নিজৰ সকলাে শক্তি নিয়ােগ কৰোঁ। "
বিষ্ণুৰাভাৰ একালৰ সহকর্মী কমৰেড মােহনলাল মুখার্জীৰ মতে- লেনিনৰ 'ৰাষ্ট্র' নামৰ গ্ৰন্থখন অধ্যয়ণ কৰি ৰাভাই গাঁৱে-ভূঞে বিভিন্ন সভা সমিতিসমূহত ব্যাখ্যা কৰি ফুৰিছিল। নিৰক্ষৰ চহা জনসাধাৰণৰ আগত ইতিহাসৰ বস্তুবাদী বিশ্লেষণৰ প্ৰয়ােজনীয়তা সম্পর্কে বিস্তৃত ব্যাখ্যা আগবঢ়াইছিল। তাৰ লগে লগে পঞ্চায়তীৰাজ, ৰায়ত সভা আদিৰ প্ৰয়ােজনীয়তা সম্পর্কেও তেওঁ একাধিক প্ৰৱন্ধ লিখি জন- সাধাৰণক অৱগত কৰাবলৈ চেষ্টা কৰিছিল।
দ্বান্দ্বিক বস্তুবাদৰ প্ৰবক্তা কাৰ্ল মাৰ্ক্স,লেনিন, ফ্ৰেডৰিক এংগেলচ আদিৰ ৰচনা অধ্যয়ন কৰি তেওঁ উপলব্ধি কৰিছিল যে পূঁজিবাদৰ মূলোচ্ছেদ কৰিবলৈ কৃষক আৰু শ্রমিক শ্রেণী ঐক্যবদ্ধ হােৱাৰ প্ৰয়োজন আছে lসমাজবাদৰ ভেঁটিত ৰাষ্ট্ৰৰ সমস্ত সম্পত্তিৰ মালিকীস্বত্ব শ্রমিকৰ হাতত তুলি দিব নােৱাৰালৈকে শ্ৰমিকৰ ওপৰত শোষণ-অত্যাচাৰ চলিয়েই থাকিবl
বৈজ্ঞানিক সমাজবাদী দর্শনত বিশ্বাসী ৰাভাই
স্পষ্টকৈ বুজিছিল যে, সাম্যবাদত ব্যক্তিগত সম্পত্তিৰ অধিকাৰৰ কোনাে মূল্য নাই। এই দর্শন সদায়ে ব্যক্তিগত সম্পত্তিৰ অধিকাৰ বিলুপ্তি কৰণৰ পক্ষত, কাৰণ ব্যক্তিগত সম্পত্তি ৰখাৰ অধিকাৰৰ পৰাই শ্রেণী বৈষম্যৰ জন্ম হয়।শ্রেণী হীন সমাজত সকলাে সম্পত্তি সমাজৰ হাতত ন্যস্ত থাকে । বিষ্ণুৰাভাৰ জীৱন অধ্যয়নৰপৰা এই কথা প্রতীয়মান হৈছে যে, তেওঁৰ জন্ম এক চহকী সম্ভ্ৰান্ত ঘৰত।সেনাবাহিনীৰ অৱসৰ প্ৰাপ্ত বিষয়া পিতৃ গোপাল চন্দ্ৰ ৰাভাই ব্রটিছ চৰকাৰৰ পৰা লাভ কৰা শ শ বিঘা মাটি তেওঁ সৰ্বহাৰা কৃষকসকলৰ মাজত বিলাই দিছিল,কাৰণ তেওঁ বিশ্বাস কৰিছিল যে নিজে অখেতিয়ক হৈ শ শ বিঘা খেতিৰ মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰি, শ শ দৰিদ্র নিষ্পেষিত খেতিয়কৰ মাজত সাংস্কৃতিক বিপ্লৱৰ বক্তৃতা দিয়া এক বিৰাট আত্মপ্ৰৱঞ্চনা আৰু অপৰাধৰ বাহিৰে আন একো নহয়। পৈত্রিক সম্পত্তিৰ সমস্ত খেতিৰ মাটি দুখীয়া কৃষকৰ মাজত বিলাই দি তেওঁ কেনে এক দৰিদ্র জীৱন যাপন কৰিবলগীয়া অৱস্থা হৈছিল সেই কথা সকলোৰে জ্ঞাত।
বিষ্ণুৰাভাৰ আজীৱন কর্ম, শ্ৰম আৰু শিল্প সাধনাৰ লক্ষ্য আছিল সাম্যবাদ প্রতিষ্ঠা কৰা তথা পুঁজিবাদী আৰু জমিদাৰী শোষণৰ পৰা কৃষক-শ্ৰমিক জনতাক মুক্ত কৰোৱা।নিৰক্ষৰ দীন-দৰিদ্ৰ জনতাক বিজ্ঞানৰ কাষ চপাই নিয়াও তেওঁৰ স্বপ্ন আছিল। তেওঁ লিখিছে -“সমাজ তন্ত্রবাদ গঢ়িবলৈ ৰাইজে আপােনালােকৰ নিচিনা
হালােৱা-হজুৱা, বনুৱাই নিজেই এশৰ ভিতৰত পাঁচজন ধনীৰ হাতত থকা চৰকাৰ, কল কাৰ- খানা আৰু বিজ্ঞান কাঢ়ি আনি নিজৰ হাতলৈ আনিবই লাগিব। নহ'লে এনেয়ে সেই তিনিটা বস্তু ধনিক শ্ৰেণীয়ে এৰি নিদিয়ে।"
কিন্তু কৃষকৰ অর্থনৈতিক মুক্তিয়েই বিষ্ণুৰাভাৰ জীৱনৰ একমাত্র লক্ষ্য নাছিল। তেওঁ উপলব্ধি কৰিছিল যে অর্থনৈতিক মুক্তিৰ লগে লগে শােষিত জনতাৰ সাতাম পুৰুষীয়া কৃষ্টি সংস্কৃতিৰাে পুনৰােদ্ধাৰৰ প্ৰয়ােজন।কাৰণ, পূঁজিবাদী শােষক শ্ৰেণীয়ে তেওঁলােকৰ শ্রেণী স্বার্থতে সমাজৰ এই খাটিখােৱা লােকসকলৰ কৃষ্টি-সংস্কৃতিক সদায়ে মূৰ দাঙি উঠাত বাধা দি আহে। বৈজ্ঞানিক সমাজবাদত বিশ্বাসী ৰাভাই মর্মে মর্মে উপলব্ধি কৰিছিল– “ যিসকল অসমীয়াৰ প্রাণ স্বৰূপ, যিসকল অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক সেইসকল হালােৱা-হজুৱা-বনুৱা, তল মজলীয়া ৰাইজ ক্লিষ্ট, শােষিত, দলিত-নিষ্পেষিত আৰু নিপীড়িত।” গতিকে সশস্ত্র সংগ্রামেৰে পূর্বে ইংৰাজৰ গােলামী খটা আৰু এতিয়াও সমাজৰ দীন-দৰিদ্র জনসাধাৰণৰ ওপৰত শোষণ নীতি বৰ্তাই থকা ধনী জমিদাৰ, মৌজাদাৰ শােষক শ্রেণীক কেৱল উচ্ছেদ আৰু নির্মূল কৰিলেই নহ’ব, তাৰ লগে লগে অসমৰ বিভিন্ন জাতি উপজাতিক সংস্কৃতিক সচেতন কৰি গঢ়ি তুলিব লাগিব।
মেক্সিম গৰ্কিৰ দৰে তেৱোঁ গভীৰভাৱে বিশ্বাস কৰিছিল যে, অসমৰ সৰ্বসাধাৰণ ৰাইজেই এই হালােৱা-হজুৱা শোষিত জনতাই অসমীয়া সংস্কৃতিৰ বাহক। এই সর্বসাধাৰণ মানুহৰ শ্ৰম প্রক্রিয়াই সংস্কৃতিক মূলতঃ নিয়ন্ত্রণ কৰে আৰু এই শ্রম প্রক্রিয়াই হৈছে সকলাে ধ্যান-ধাৰণাৰাে উৎস-'We must realise that it is the masses labour that is the chief organiser of culture and creator of all ideas.'
অকল পুঁজিবাদী শােষক শ্ৰেণীয়েই নহয়, উচ্চ বৰ্ণৰ হিন্দুসকলেও নিম্নবর্ণ হিন্দু বা অন্যান্য জনজাতীয় লােকসকলৰ ওপৰত চলােৱা অন্যায় অত্যাচাৰ, অস্পৃশ্যতাৰ ভাৱনা আদিয়েও তেওঁক তিক্ত কৰি তুলিছিল। সেইবাবেও তেওঁ জনজাতীয় লােকসকলৰ কৃষ্টি-সংস্কৃতিৰ পুনৰোদ্ধাৰৰ কামত ব্ৰতী হৈ পৰিছিল আৰু ইবিলাকৰ প্ৰাচীন গৌৰৱময় ইতিহাস আৰু ঐতিহ্যক তুলি ধৰিবলৈ চেষ্টা কৰিছিল।ফলত আৰম্ভ হৈছিল সমাজ বিজ্ঞানৰ গভীৰ অধ্যয়ন। সমাজ আৰু সংস্কৃতিৰ বিকাশৰ ধাৰা বুজিবলৈ তেওঁ যি বিজ্ঞান সম্মত অধ্যয়ন আৰু গাৱেঁ-ভূঞে অভিযান চলাইছিল সিয়েই তেওঁক নৃ-তাত্ত্বিকলৈ ৰূপান্তৰিত কৰিছিল। তেওঁৰ গৱেষণাৰ সুদীর্ঘ দিনৰ শ্ৰম আৰু প্ৰচেষ্টাৰ ফল ‘বান কবাং’ নামৰ তিনিটা খণ্ডৰ সুবিস্তৃত ৰচনাএই ক্ষেত্ৰত বিশেষ উল্লেখযােগ্য । ইয়াত সন্নিবিষ্ট হৈছে ভাৰতৰ উত্তৰ-পূব সীমান্ত অঞ্চলৰ (NEFA) বিভিন্ন জাতি-উপজাতি আৰু অসমৰ বড়ো সকলৰ প্রাচীন ইতিহাস, সামাজিক ৰীতি-নীতি, পৰম্পৰা, জাতিগত বৈশিষ্ট্য আদিৰ সুবিস্তৃত বিৱৰণ। বিষ্ণুৰাভাৰ মানৱ জাতি ‘অসমীয়া কৃষ্টি’, ‘অতীত অসম'আদি প্ৰবন্ধতাে তেওঁৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ পৰিচয় পােৱা যায়।তেনেদৰে অসমৰ সকলোবোৰ জাতি-জনগোষ্ঠীৰ লোকসকলক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়াস কৰা শংকৰদেৱৰ সমাজবাদী আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল বিষ্ণু ৰাভাই গুৰুজনাক আদৰ্শ হিচাপে গ্ৰহণ কৰিও অলেখ লেখা-মেলা কৰা চকুত পৰে ।
প্ৰায় তিনিটা দশকৰ এটা ঘটনাবহুল জীৱন আছিল বিষ্ণুৰাভাৰ। মৃত্যুৰ পাছতো তেওঁ পৰিণত হৈছিল এক কিম্বদন্তীলৈ।আজি বিষ্ণুৰাভা সম্পৰ্কত সঁচা-মিছা অলেখ কাহিনী শুনা যায়।কমিউনিষ্ট বিৰুধী সকলে তেওঁৰ বিৰূদ্ধে নানা অপপ্ৰচাৰ বিয়পোৱাৰ বিপৰীতে সমৰ্থকসকলৰ দ্বাৰা বহু সময়ত অতিমাত্ৰা মিছা প্ৰশংসাৰ পুষ্পবৰ্ষনো কৰা দেখা যায়।কিন্তু আমাৰ কথা হ'ল-সত্যৰ অপলাপ ত্যাগ কৰি বিষ্ণুৰাভাৰ জীৱনাদৰ্শ আৰু কৰ্মৰাজীৰ প্ৰকৃত মূল্যায়ন হোৱা উচিত ।
এই সন্দৰ্ভত সততে উত্থাপন হোৱা এটা প্ৰশ্ন এয়ে যে কমৰেড ৰাভাৰ জীৱন দর্শন প্রকৃততে কি আছিল ? অথবা বৈজ্ঞানিক মাৰ্ক্সবাদত নিজকে বিলীন কৰি দিবলৈ চেষ্টা কৰা বিষ্ণুৰাভা
বাস্তৱিকতে কঠোৰ বাস্তৱবাদী হ'ব পাৰিছিলনে?
বিষ্ণুৰাভাৰ জীৱনাদৰ্শ আৰু কৰ্মৰাজীৰ নিৰ্মোহ আৰু নিৰপেক্ষ মূল্যায়ন হৈছেনে?
ক'বলৈ গ'লে বিষ্ণু ৰাভা আছিল প্ৰকৃততে এগৰাকী শিল্পী।তেওঁৰ শিল্পী সত্বাৰ পৰিচয় পোৱা যায় বিভিন্ন গীত,কবিতা,নৃত্য-নাট - অভিনয়, চিত্ৰশিল্প আদিত।এই বিষয়ে পুনৰ আলোচনা কৰা নিষ্প্ৰয়োজন।কিন্তু মনত ৰখা উচিত যে কৃষক-শ্ৰমিক জনতাৰ অসহনীয় দুখ-যন্ত্ৰনা আৰু জমিদাৰ-পুঁজিপতি শ্ৰেণীৰ শোষণ-অত্যাচাৰে বিষ্ণুৰাভাক শিল্পীৰ পৰা ৰূপান্তৰিত কৰিছিল এজন সশস্ত্ৰ সংগ্ৰামীলৈ।মার্ক্সীয় দর্শনেই হৈছিলগৈ বিষ্ণুৰাভাৰ জীৱন দর্শন।
মাৰ্ক্সৰ বৈজ্ঞানিক বস্তুবাদৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ বিজ্ঞান বিষয়ক কেইবাটাও প্রবন্ধ লিখা দেখা যায় য'ত পৃথিৱীৰ জড় আৰু জীৱ জগতৰ সৃষ্টি সম্পৰ্কত যথেষ্ট বৈজ্ঞানিক ব্যাখ্যা আগবঢ়োৱা হৈছে। তথাপিতাে কিন্তু দেখা যায়,মার্ক্সৰ দৰে তেওঁ ঈশ্বৰৰ অস্তিত্ব, ধর্ম আদি বিষয়বােৰক সম্পূৰ্ণৰূপে উলাই কৰিব পৰা নাছিল। সেইবাবেই পূঁজিবাদী শােষণ অত্যাচাৰৰ বিৰুদ্ধে তেওঁৰ কথা আৰু কামত যি জোৰদাৰ প্রতিবাদ শুনিবলৈ পােৱা যায় সেই একেই প্রতিবাদ জনজাতীয় লােক-বিশ্বাসত থকা ধর্ম, ঈশ্বৰ বিশ্বাস, অলৌকিকতা আদিৰ বিৰুদ্ধে দেখা
পােৱা নাযায়। বড়ােসকলৰ বাগড়ুম্বা নৃত্য, বৰদৈচিলা, সােনােৱাল কছাৰীসকলৰ বাইথ’ দেৱতা আদি অনেক বিষয় সম্পর্কে তেওঁ আগবঢ়োৱা মন্তব্যসমূহৰ পৰাই এইকথা প্রতিপন্ন কৰিব পাৰি।
উল্লেখযােগ্য যে, বিষ্ণুৰাভাৰ একালৰ গীত-কবিতাসমূহত ৰােমাণ্টিক প্রেমৰ প্ৰভাৱ স্পষ্টভাৱেই পৰিছিল। এইবুলিও যুক্তি দর্শোৱা হয় যে- মার্ক্সবাদত সম্পূৰ্ণৰূপে বিলীন হৈ যােৱাৰ পাছত বিষ্ণু ৰাভাৰ পূৰ্বৰ সেই ৰােমাণ্টিক প্ৰেমৰ উচ্ছাস ক্ৰমান্বয়ে আঁতৰি গৈছিল। কিন্তু বিষ্ণু ৰাভাৰ জীৱনাদর্শ অধ্যয়ণৰ পৰা এই কথাই
প্রতিপন্ন হয় যে দ্বান্দ্বিক বস্তুবাদ অধ্যয়ণ কৰিলেও তেওঁ কঠোৰ বাস্তৱবাদী নাছিল অথবা হ'ব পৰা নাছিল।সংগ্রামময় জীৱনতাে শিল্পীসুলভ সত্বাৰে অনুপ্রাণিত বিষ্ণুৰাভাই ‘ৰােমাণ্টিকতাক’ সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিব পৰা নাছিল। তেনেদৰে পৰিত্যাগ কৰিব পৰা নাছিল পৰম্পৰাগত ধর্মীয় বিশ্বাসক। পার্টিত যােগ দিয়াৰ পাছতো আনকি তেওঁ হিন্দু ধর্মশাস্ত্র পুৰাণ-উপনিষদ আদিৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পৰা নাছিল। ১৯৪৬ চনত বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ মুখপত্র 'পঞ্চায়ত'ত লিখা ‘সংগীত নাট নৃত্য কলা’ শীর্ষক প্রবন্ধত তেওঁ পুৰাণত বৰ্ণিত
দেৱ-দেৱীৰ অলৌকিক কাহিনীৰ লগতে ব্ৰহ্মাৰ নাভীৰ পৰা ধ্বনিৰ উৎপত্তি হৈ ব্ৰক্ষ্মাণ্ডত সুৰৰ
তৰংগ সৃষ্টি হৈছিল বুলি উল্লেখ কৰিছিল। নৃত্যৰ উৎস সম্পর্কেও উল্লেখ কৰি তেওঁ সতীৰ শ কান্ধত কঢ়িয়াই মহেশ্বৰে অস্থিৰ উন্মাদ হৈ ল'ৰি ফুঁৰােতে নৃত্যৰ ছন্দৰ উৎপত্তি হৈছিল বুলি প্ৰবন্ধটোত লিখিছিলlপুৰাণ বর্ণিত কাহিনী একোটাক বিজ্ঞানসন্মত দৃষ্টিৰে অবলােকন বা বিশ্লেষণ নকৰাকৈ লিখা এনেধৰণৰ ৰচনাসমূহৰ পৰা বিষ্ণু ৰাভাৰ অলৌকিকতা -প্রীতিৰ আভাস পোৱা যায়l উল্লেখযোগ্য যে ৰাভাদেৱে লিখা সেই প্ৰৱন্ধৰ প্রথম খণ্ড প্রকাশ হােৱাৰ পাছতে পার্টিয়ে তৎক্ষণাত পৰৱর্তী প্রকাশ বন্ধ কৰি দিছিল।
বিষ্ণুৰাভাই মানুহৰ ক্রমবিকাশৰ বিষয়ে এখনি কাব্যগ্রন্থ ৰচনাৰ কামাে আৰম্ভ কৰিছিলl
ফ্ৰেডৰিক এংগেলচেও মানুহৰ ক্রম বিকাশ, বিভিন্ন নৃ-গােষ্ঠীৰ উদ্ভৱ,ৰাষ্ট্ৰৰ উৎপত্তি আদি বিষয়ত গ্রন্থ ৰচনা কৰিছিল। খুব সম্ভব, এংগেলচৰ গ্রন্থখনেই ৰাভাৰ প্ৰেৰণা আছিল। এই সন্দৰ্ভত তেওঁ ডাৰউইনৰ তত্ত্বও অধ্যয়ণ কৰিছিল আৰু গাৱেঁ-ভূঞে সভা- সমিতিসমূহত তেওঁ মানুহৰ ক্ৰমবিকাশ সম্পর্কে থকা ডাৰউইন তত্ত্ব ব্যাখ্যা কৰিছিলl কিন্তু সৃষ্টিতত্ত্ব সন্দৰ্ভত বাইবেলত থকা আদম আৰু ইভৰ কাহিনীও তেওঁ মনৰ পৰা আঁতৰাব পৰা নাছিল l বিষ্ণু ৰাভাৰ এনেধৰণৰ অলৌকিকতা -প্রীতিৰ কাৰণ নি:সন্দেহে আছিল তেওঁৰ শিল্পীসত্ত্বা। এনে অলৌকিকতা প্রীতিৰ পৰা তেওঁ পৰৱর্তী বহু কাললৈকে যে মুক্ত হ'ব পৰা নাছিল- এই কথাত হয়তাে বহুতেই একমত নহ'বl
বিষ্ণু ৰাভাৰ শিল্পীসত্বা অলৌকিকতা-প্ৰীতিৰ পৰা বহু সময়ত মুক্ত হ'ব পৰা নাছিল যদিও উচ্চ বৰ্ণ হিন্দু বা ব্রাহ্মণ্যবাদৰ উচ্চাত্মিকতাৰে ভৰা বেদ, উপনিষদ, গীতা-ভাগৱত আদিক তেওঁ চোকা ভাষাৰে সমালােচনা কৰাৰ নজিৰো অৱশ্যে আছে। তেওঁ ব্রাহ্মণ্য বাদক উচ্চ স্থান দিবলৈ চেষ্টা কৰা আৰু বর্ণবৈষম্যবাদৰ জন্ম দিয়া কেৱল আর্য হিন্দু সকলকে নহয়,বৰঞ্চ স্বয়ং ভগৱান শ্রীকৃষ্ণকো কঠোৰ সমালােচনা কৰিছেl আনফালে শংকৰদেৱৰ সমস্ত ৰচনাত শ্ৰীকৃষ্ণৰ অলৌকিকতা বিৰাজ কৰি থকা স্বত্ত্বেও কিন্তু শংকৰদেৱক সমালোচনা কৰাৰ ধৃষ্টতা বিষ্ণু ৰাভাই কৰা নাছিল। বৰঞ্চ তেওঁ গুৰুজনাক আদৰ্শ হিচাপেহে গ্ৰহণ কৰিছিলlইয়াৰ মূলতে কিন্তু আছিল-ভক্তিমাৰ্গৰ বিপৰীতে গুৰুজনাৰ কৰ্মত প্ৰকাশ পোৱা সাম্যবাদী বা সমাজবাদী আদৰ্শ আৰু ভাৱধাৰা। এনেবােৰ দিশ সূক্ষ্মভাৱে অধ্যয়ণ নকৰিলে বিষ্ণুৰাভাৰ দৰ্শন আৰু আদৰ্শক বুজিব পৰা নাযায়।
মূলতঃ দ্বান্দ্বিক বস্তুবাদৰ অধ্যয়ণেৰে কঠোৰ বাস্তৱবাদী হ'ব নোৱাৰিলেও কিন্তু মাৰ্ক্সীয় অর্থনীতিক তেওঁ সূক্ষ্মভাৱে অনুধাৱন কৰিব পাৰিছিল । সেইবাবেই তেওঁ সমাজবাদৰ গুৰুত্ব উপলব্ধি কৰিব পৰিছিল। পাৰ্টিৰ অনুশাসন, নিয়মানুবর্তিতা আদিৰ ক্ষেত্ৰত তেওঁক কঠোৰ ৰূপত দেখা যায় যদিও তেওঁৰ সত্বাত সংপৃক্ত হৈ থকা শিল্পীসূলভ চৰিত্ৰৰ বাবে বহু সময়ত তেওঁক অত্যন্ত আত্মহাৰা আৰু বেপৰুৱাৰ ৰূপতো দেখা যায়l কৃষক শ্ৰেণীৰ মুক্তিৰ সংগ্ৰামত তেওঁ গাঁৱে-ভূঞে ঘূৰি ফুৰা কালছোৱাতো শিল্পীসুলভ সত্বাৰ বাবেই গীত-কবিতা-নৃত্যনাটিকা আদি ৰচনা কৰিছিলlমাৰ্ক্সীয় বস্তুবাদ অধ্যয়ন কৰিও গাঁৱে-ভূঞে বিভিন্ন জনগোষ্ঠীৰ পূজা পাৰ্বন, পৰম্পৰাগত উৎসৱ আদিৰ প্ৰতি সদায়ে উচ্ছাস অনুভৱ কৰিছিলl চাৰিত্ৰিক দুর্বলতাৰ অপযশেও তেওঁক কোনো কালে লগ এৰা নাছিলlঅৱশ্যে জনজাতীয় খাদ্যাভ্যাস অনুসৰি তেওঁ বাছ-বিচাৰ নকৰাকৈ অ'ত ত'ত মদ-গাহৰি খাই ফুৰা কথাটোৰ বাবেও উচ্চ বৰ্ণ হিন্দুৰ লোকসকলে বিষ্ণু ৰাভাক সততে মদ খোৱা কছাৰী বুলি ঠাট্টা-তাচ্ছিল্য কৰিছিল আৰু জন-মানসত তেওঁক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছিলlআনকি মৃত্যুৰ পাছতো বিষ্ণু ৰাভাৰ ৰচনাৱলী প্ৰকাশত অসমীয়া সাহিত্যজগতৰ বহু মুঢা ফুটা সাহিত্যিকসকলেও বাধা প্ৰদান কৰা কথা ইতিমধ্যে মোহিনী ৰাভাই উল্লেখ কৰিছেlসি যিকি নহওক,এই কথা কিন্তু সত্য যে সকলো ত্ৰুটি-বিচ্যুতিৰো উৰ্দ্ধত আছিল তেওঁৰ বৈপ্লৱিক সত্বা যি সত্বাৰ বাবে বিষ্ণু ৰাভাক হিয়াৰ আমঠু কৰি আদৰি ল'ব পাৰিছিল অজস্ৰ সৰ্বহাৰা কৃষক আৰু শ্ৰমিক জনতাইl মাৰ্ক্সৰ দ্বন্দ্বাত্মক বস্তুবাদৰ কথা বাদ দিলেও তেওঁ সঁচা অৰ্থত কিন্তু সমাজবাদৰ স্বাৰ্থত শ্ৰেণী সংগ্ৰাম বিচাৰিছিল আৰু সাম্যবাদৰ পথেৰে আগুৱাই গৈ কৃষক-শ্ৰমিকৰ মুক্তিৰ স্বপ্নত আশাৰ সঞ্চাৰ কৰিছিলl (সমাপ্ত)
No comments:
Post a Comment