অস্কাৰ ৱাইল্ডৰ উচ্ছৃংখল জীৱন আৰু প্ৰতিভা
বীৰ্কে বি. থাপা
ভিক্তোৰীয় যুগটোক এটা 'ভণ্ডামীৰ যুগ' বুলি কোৱা হয়,কাৰণ এই যুগটোত আদৰ্শ,নৈতিকতা আদিৰ চৰম স্খলন ঘটিছিল।বিশেষকৈ এই যুগতে আত্ম প্ৰকাশ কৰা ইংৰাজী সাহিত্যৰ শ্যেলী,কীটচ,বাইৰণ আদিৰ দৰে বহুকেইগৰাকী লেখকৰ ব্যক্তিগত জীৱন অধ্যয়নৰ পৰাও এই কথাৰ সত্যতা অনুভৱ কৰিব পাৰি।
চৰিত্ৰ আৰু নৈতিকতাৰ চৰম স্খলনেৰে বদনাম বা কুখ্যাতি অৰ্জন কৰা আন এগৰাকী লেখক আছিল অস্কাৰ ৱাইল্ড। তেওঁৰ জন্ম হৈছিল 1854 চনত আয়াৰলেণ্ডৰ ডুবিলিনত।পিতৃ ছাৰ উইলিয়াম ৰ’লফ উইল্স ৱাইল্ড আছিল এগৰাকী প্রতিষ্ঠিত চিকিৎসক আৰু পুৰাতত্ববিদ। ঘৰখনৰ দ্বিতীয় সন্তান ৱাইল্ডে দহ বছৰ বয়সত পৰ্টোৰা ৰয়েল স্কুলত পঢ়িবলৈ লয়।
1871 চনত ডুবলিনৰ ট্রিনিটি কলেজত অধ্যয়ন কৰি থকা সময়ছোৱাতে তেওঁ গ্রীক সাহিত্যৰ প্রতি আকৃষ্ট হৈ উঠিছিল। তাৰোপৰি অক্সফোর্ডৰ
মেগডালেন কলেজৰ পৰা 1878 চনত স্নাতক ডিগ্রী লাভ কৰা সময়ছোৱাতে ইংৰাজী
কবিতাৰ ক্ষেত্ৰত থকা পাৰদৰ্শিতা আৰু বাক- চাতু্ৰ্যৰ বাবে তেওঁ যথেষ্ট সুনাম অৰ্জন কৰিছিল।
জীৱন আৰু সাহিত্যত সৌন্দৰ্যৰ প্রয়ােগ সম্পর্কে ইতিমধ্যে তেওঁ ডাৰউইন, গতিয়েৰ, স্পিনােজা আদিৰ অলেখ ৰচনা অধ্যয়ন কৰিছিল আৰু এই সম্পৰ্কে গভীৰ আৰু বিস্তৃতভাৱে অধ্যয়ন কৰাৰ উদ্দেশ্য 1878 চনত অক্সফোর্ডৰ পৰা লণ্ডনলৈ যাত্ৰা কৰিছিল। 1882 চনত তেওঁ আমেৰিকালৈ যায় আৰু প্রায় এটা বছৰ আমেৰিকাত থকাৰ পাছত পুনৰ এক নতুন পৃথিৱীৰ সন্ধানত এটা উপকূলৰ পৰা আন এটা উপকুললৈ ভ্ৰমণ কৰি ফুৰিবলৈ আৰম্ভ কৰে।1883 চনত আমেৰিকাৰ কেইবাখনো বিশাল জনসভাত অস্কাৰ ৱাইল্ডে The value of Art in modern life ৰ দৰে বিষয় সম্পৰ্কত বক্তৃতা প্ৰদান কৰে।
আমেৰিকাতে ৱাইল্ডে লগ পাইছিল কন্সটাঞ্চ মেৰি লায়েড নামৰ সুন্দৰী যুৱতী এগৰাকীক আৰু 1884 চনত তেওঁলোক বিবাহ পাশত আৱদ্ধ হয়।কিন্তু অতি সোনকালেই পত্নী কন্সটাঞ্চৰ প্ৰতি থকা তেওঁৰ পূৰ্বৰ আকৰ্ষণ কমি আহিবলৈ ধৰে আৰু এনে অৱস্থাত তেওঁ পুনৰ ৰবাৰ্ট ৰ'জ নামৰ আন এগৰাকী সোতৰ বছৰীয়া যুৱতীৰ প্ৰেমত পৰে। এই সম্পর্ক ৱাইল্ডৰ মৃত্যু পৰ্যন্ত আছিল বুলি জনা যায়।
এগৰাকী সৌন্দৰ্যৰ অণ্বেষক আৰু প্ৰতিভাসম্পন্ন লেখক হিচাপে আত্মপ্ৰকাশ কৰি তেওঁ ইতিমধ্যে কেইবাখনো নাটক আৰু ৰূপকথাৰ ৰচনাৰে সাহিত্যত একপ্ৰকাৰৰ Aesthetic Movement গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল।1891 চনত প্ৰকাশ পাইছিল The Picture Of Dorian Gray নামৰ মনস্তাত্বিক এখন উপন্যাস যিখন উপন্যাসৰ বাবে অস্কাৰ ৱাইল্ডে সুখ্যাতি আৰু কুখ্যাতি সমানে লাভ কৰিবলগীয়া হৈছিল ।
প্ৰকৃততে 1891 চনত একৈশ বছৰীয়া সুন্দৰ যুৱক লর্ড আলফ্রেড ডগলাচৰ সৈতে ৱাইল্ডৰ বন্ধুত্ব গঢ় লৈ উঠে। এই বন্ধুত্ব এনে ঘনিষ্ঠ আৰু নিবিড় আছিল যে The Picture Of Dorian Gray উপন্যাসৰ নাম-চৰিত্ৰ ডৰিয়ানৰ সমকামী (Homosexual) চৰিত্ৰৰ সৈতে ৱাইল্ডৰ চৰিত্ৰৰ সামঞ্জস্য আৱিষ্কাৰ কৰি বহুতে ৱাইল্ড আৰু আলফ্ৰেড ডগলাচৰ বিৰুদ্ধে নানা ধৰণৰ অশ্লীল-কুৎসা ৰটনা কৰিবলৈ আৰম্ভ কৰিছিল।অকল সেয়ে নহয়,অস্কাৰ ৱাইল্ডৰ উচ্ছৃংখল জীৱন-শৈলী,বিকৃত যৌন কেলেংকাৰী আদিৰ দৰে ঘটনাৱলীত অতিষ্ঠ হৈ স্থানীয় নাগৰিকসকলেও তেওঁৰ বিৰূদ্ধে কোৰ্টত অভিযোগ পৰ্যন্ত দাখিল কৰিবলগীয়া হৈছিল।1895 চনত ৱাইল্ডৰ বিৰুদ্ধে আৰােপিত মুঠ পঁচিশটা অবৈধ যৌন-সংক্রান্ত কুকাৰ্য্যৰ বিচাৰ হয় আদালতত।চেণ্ট্ৰেল ক্রিমিনেল কৰ্টত ২০ মে তাৰিখে হােৱা বিচাৰত একমাত্র এটা অভিযােগৰ বাহিৰে আটাইকেইটা অভিযােগেই সত্য প্রমাণিত হৈছিল।ফলত ৱাইল্ড দোষী সাব্যস্ত হয় আৰু দুবছৰৰ বাবে তেওঁক সশ্রম কাৰাদণ্ডেৰে দণ্ডিত কৰা হয়। এই সময়ছােৱাত তেওঁক অন্য কয়েদীৰ সৈতেও কথা পাতিবলৈ দিয়া নহৈছিল, প্রায়ে তেওঁক অন্ধকাৰ কোঠাত সম্পূর্ণ অকলশৰে থাকিবলৈ দিয়া হৈছিল। বন্দীশালৰ জীৱনত ৱাইল্ডৰ স্বাস্থ্য ভাগি পৰে।কাৰাগাৰৰ পৰাই ৱাইল্ডে বন্ধু আলফ্রেড ডগলাচলৈ এখন দীঘলীয়া চিঠি লিখিছিল।চিঠিখনত তেওঁ এই ধ্বংসৰ বাবে ডগলাচক জগৰীয়া কৰিছিল। প্রেয়সী ৰবাৰ্ট ৰ'জৰ সম্পাদনাত বহু বছৰৰ পিছত এই চিঠিখন প্রকাশ পায়। ব্যক্তিগত কথাৰ উপৰিও এই চিঠিখনত ৱাইণ্ডৰ সুন্দৰতম গদ্যৰ প্ৰকাশ ঘটিছে বুলি পাছৰ কালৰ সমালােচক সকলে ক'ব বিচাৰে। এইখনেই আছিল-ৱাইল্ডৰ মহত্বতম গদ্য- De Profundis.চিঠিখনত ৱাইল্ডে তেওঁৰ উচ্ছৃংখল জীৱন-পদ্ধতি আৰু কাৰাগাৰত থকা কালছোৱাত গঢ় লৈ উঠা যীশু সম্পৰ্কীয় গভীৰ বিশ্বাসৰ কথা উল্লেখ কৰিছে।
1897 চনত কাৰাগাৰৰ পৰা ওলাই তেওঁ ফ্রাঞ্চলৈ যায় আৰু তাতে জীৱনৰ বাকী কালছােৱা কটাবলৈ লয়। ইতিমধ্যে কন্সটাঞ্চে তেওঁৰ সৈতে বিবাহ- বিচ্ছেদ ঘটাইছিল। ৱাইল্ডৰ কাৰ্যত কন্সটাঞ্চ ইমানেই ভাগি পৰিছিল যে ৱাইল্ডক তেওঁ সন্তান দুটিও চাবলৈ দিয়া নাছিল। ইয়াৰ মাত্ৰ এবছৰ পিছতেই অর্থাৎ 1898 চনত অকালতে কন্সটাঞ্চৰ মৃত্যু হয়।জীৱনত ৱাইল্ডৰ বাবে আৰু একো দুখ বাকী থকা নাছিল।জীৱনৰ শেষ কালছােৱাত তেওঁ অত্যাধিক মদ্যপান কৰিবলৈ ধৰে। অত্যধিক মদ্যপান কৰাৰ বাবে বন্ধুমহলে বাধা দিওঁতে তেওঁ কৈছিল- What have I to live for? -কিয়েই
বা আছে মােৰ জীৱনত জীয়াই থাকিবলৈ?
ইতিমধ্যে তেওঁৰ মূৰত এটা দুৰাৰােগ্য ৰােগেও আক্রমণ কৰিছিল । 46 বছৰ বয়সত সেই ৰােগতে ৱাইল্ডৰ পেৰিচত মৃত্যু হয়।
উচ্ছৃংখল আৰু বিকৃত যৌন- কেলেংকাৰীৰে অস্কাৰ ৱাইল্ডৰ জীৱন পূৰ্ণ যদিও ভিক্তোৰীয় যুগৰ শেষ প্রান্তত থিয় হৈ অস্কাৰ ৱাইল্ডে কিন্তু অসাধাৰণ কল্পনা শক্তি,প্রজ্ঞা আৰু বুদ্ধিদীপ্ততা তথা জীৱন আৰু সৌন্দর্য সম্পর্কে থকা নিজস্ব মনস্তাত্ত্বিক দৃষ্টি আৰু দর্শনেৰে সাহিত্যৰ ক্ষেত্ৰখনক এক বিস্তৃত আয়তন প্ৰদান কৰিছিল।তাৰোপৰি ভিক্তোৰীয় যুগৰ স্খলিত নৈতিকতা,মানৱতাৰ অপমৃত্যু আদিৰ দৰে বিষয়বোৰো ৱাইল্ডৰ ৰচনাত প্ৰতিফলিত হৈ উঠিছে।1888 চনত ৱাইল্ডে ৰচনা কৰা Fairy Tales বা ৰূপকথা সমূহৰ কথা এই প্ৰসংগত উল্লেখ কৰিব পাৰি। The Nightingale and the Rose শীৰ্ষক ৰূপকথা বা কাহিনীটো তেওঁৰ দৰদী হৃদয় আৰু অপূৰ্ব কল্পনা প্ৰৱণতাৰ অন্যতম এক উৎকৃষ্ট উদাহৰণ।প্রকৃতিৰ প্রাণীয়ে মানুহৰ বাবে কৰা আত্মত্যাগৰ বিপৰীতে মানুহ জাতিৰ বিশ্বাস ঘাটকতাৰ ছবি ইয়াত অংকন কৰা হৈছে।কাহিনীটোত দেখা যায়-প্ৰেয়সীৰ বাবে অসময়ত ৰঙা গােলাপ বিচাৰি ক'তাে নাপাই নিৰুপায়-নিঃসহায় হৈ উচুপি থকা প্রেমিকৰ দুখত দুঃখী হৈ নাইটিংগেল চৰাই এজনীয়ে
তাইৰ বুকুখন জোনাক নিশা গােলাপ এজোপাৰ কাঁইটত হেঁচি ধৰিছে আৰু গীত গাই গৈছে।তাইৰ বুকুৰ তেজ গােলাপ জোপাৰ শিৰাইদি প্রবাহিত হোৱাৰ ফলত সেই অবতৰতো ৰঙা গােলাপ ফুলি উঠিছে আৰু অৱশেষত চৰাইজনীৰ মৃত্যু হৈছে।(এই কাহিনীৰ আলমতে সম্ভৱ যতীন্দ্ৰ নাথ দুৱৰাই পাছত 'কেতেকী' নামৰ কথা-কবিতাটি ৰচনা কৰিছিল। )
The picture of Dorian Gray নামৰ উপন্যাস খনত পাৰ্থিৱ -সৌন্দৰ্য আৰু কলা(Art) সম্পৰ্কত অস্কাৰ ৱাইল্ডৰ নিজস্ব দৃষ্টিভংগীৰ প্ৰতিফলন ঘটা পৰিলক্ষিত হয়।উপন্যাসখনক তেওঁৰ নিজৰ জীৱনৰ প্ৰতিফলন বুলিও ক'ব পাৰি । উপন্যাসখনৰ অন্যতম মুখ্য চৰিত্র শিল্পী বেচিল হলৱার্ড সম্পৰ্কত ৱাইল্ডে লিখিছে-- 'Basil Holward is that I think I am.Dorian what I would like to be in other ages perhaps.'
উপন্যাস খনত বৰ্ণিত ড'ৰিয়ান গ্রে' নামৰ চৰিত্ৰটোৰ লাইফ ষ্টাইল ৱাইল্ডৰ সৈতে একে।নাৰীৰ ৰূপ-সৌন্দর্যৰ প্রতি থকা ড'ৰিয়ানৰ ব্যাকুল বাসনা, জীৱনক উপভােগ কৰিবৰ বাবে ডৰিয়ানে আঁকোৱালী লোৱা উচ্ছৃংখল বহেমিয়ান জীৱন অথবা লণ্ডনৰ অপৰিস্কাৰ গ'লিয়ে গলিয়ে বেশ্যাৰ দেহৰ অন্ধকাৰত ডৰিয়ানে চলাই যোৱা সৌন্দর্যৰ অন্বেষণ- এই সকলাে প্রকৃততে অস্কাৰ ৱাইল্ডৰে জীৱনৰ প্রতিফলন। তেনেদৰে উপন্যাস খনত বর্ণিত লর্ড হেনৰি ওটন নামৰ চৰিত্ৰটোৰ মাজেৰে ৱাইল্ডে নিজৰে বুদ্ধিদীপ্ত বাক-চাতুর্য তথা জীৱন, যৌৱন ,সৌন্দর্য আদিৰ সম্পৰ্কত থকা তেওঁৰ তেওঁ নিজস্ব দার্শনিক অভিব্যক্তি বা মনস্তাত্ত্বিক বিশ্লেষণসমূহ প্ৰতিফলিত কৰিছিল ।
ডৰিয়ান গ্রে' আছিল নিজৰে ৰূপ আৰু যৌৱনত মুগ্ধ-যাক Narcissism বুলি ক'ব পাৰি।
ধুনীয়া ৰক্তিম ওঠ, নীলা চকু আৰু শুকান সােণালী চুলিৰে অপৰূপ সৌন্দৰ্যৰ অধিকাৰী ডৰিয়ানক শিল্পী বেচিল হ'লৱাৰ্ডে প্ৰথম লগ পাইছিল লেডী ব্রেনডনৰ ঘৰত
আয়োজিত এটা পার্টিত ।সেই প্রথম দৰ্শনতে বেচিলৰ উপলদ্ধি হৈছিল- তেওঁ এনে এজন ব্যক্তিৰ সন্মুখীন হৈছে যাৰ ব্যক্তিত্বৰ আকৰ্ষণে প্ৰশ্ৰয় পালে হয়তো তেওঁৰ সমস্ত প্ৰকৃতি আৰু আত্মাক পৰ্যন্ত গ্ৰাস কৰি পেলাব।ডৰিয়ানৰ সৌন্দৰ্য আৰু ব্যক্তিত্বই শিল্পী বেচিলক কলা সম্পৰ্কে এটা নতুন ধাৰা আৰু এটা অভিনৱ পদ্ধতিৰ ইঙ্গিত দিছিল ।
ড'ৰিয়ান গ্ৰে'ক মডেল হিচাপে সন্মুখত লৈ শিল্পী বেচিলে ছবি অাঁকি গ'ল। ছবি আঁকি যাওঁতে তেওঁ উপলব্ধি কৰিলে - এতিয়া তেওঁ জীৱনটোক এনেভাৱে ৰূপায়িত কৰিব পাৰে যাৰ ৰহস্য ইমান দিনে তেওঁৰ ওচৰত গােপন হৈ আছিল।অজ্ঞাতসাৰেই তেওঁ ড'ৰিয়ানৰ মাজেদি এটা নতুন ভংগীৰ ইঙ্গিত উপলব্ধি কৰিলে যি
ইঙ্গিতত আছে কল্পনাৰ পৰিপূৰ্ণ উদ্দামতা।
গ্রীক ভংগীৰ সম্পূৰ্ণ পৰিণতি - আত্মা আৰু দেহৰ ঐক্য।
কিন্তু মডেল হিচাপে ষ্টুডিঅ'ত ঘন্টাৰ
পিছত ঘণ্টা ধৰি বহি থকাটো আছিল ড'ৰিয়ানৰ
বাবে অসহ্যকৰ। কাৰণ শিল্পী বেচিলে ছবি অকাঁৰ সময়ত কথা নাপাতিছিল। মৌনতাৰে
পূর্ণ এই সময়খিনি আছিল ড'ৰিয়ানৰ বাবে যুগান্তৰৰ অবসাদ স্বৰূপ। এই অৱসাদৰ অন্ত
পৰিল যেতিয়া তেওঁ বেচিলৰ স্টুডিঅ'তে লগ পালে লৰ্ড হেনৰি ওটনক।প্ৰথম সাক্ষাততে লৰ্ড হেনৰি ওটনে ড'ৰিয়ানৰ মনোজগতত আলোড়ন তুলি দিলে। ড'ৰিয়ানৰ সৌন্দৰ্যত তেৱোঁ আকৰ্ষিত হ'ল।কিন্তু তেওঁৰ সেই অপৰূপ সৌন্দৰ্য জানো চিৰকাল একেদৰেই থাকিব?ড'ৰিয়ানক উদ্দেশ্যি তেওঁ ক'লে - তোমাৰ অপৰূপ যৌৱন আছে আৰু যৌৱন এনে এটা বস্তু যিটো থকাৰ
মূল্যও আছে। এদিন যেতিয়া বুঢ়া হ'বা,দেখিবলৈ
সােতোৰা -সােতােৰ আৰু আপচু হৈ পৰিবা,চিন্তাই যেতিয়া তোমাৰ কপালত ৰেখা অংকিত কৰিব, কামনা বাসনাই ওঁঠত অগনি জ্বলাই যাব সেইদিনাহে বুজিবা যৌৱনৰ অৰ্থ।
সৌন্দর্য হৈছে প্ৰতিভাৰ এটা প্রকাশ।হয়তো প্ৰতিভাতকৈয়ো বহুত উচ্চ।কিয়নো ইয়াৰ কোনো ব্যাখ্যাৰ প্ৰয়োজন নাই।...মিষ্টাৰ গ্ৰে',ঈশ্বৰ তোমাৰ ওপৰত সুপ্ৰসন্ন।কিন্তু বিধাতাই যি দিয়ে তাক পুনৰ ঘূৰাই লৈ যায়। তুমি মাত্ৰ কেই বছৰ মানহে পৰিপূৰ্ণভাৱে জীয়াই থাকিবা।গতিকে জীৱন-যৌৱন থাকোঁতে ইয়াক পৰিপূৰ্ণভাৱে উপলদ্ধি কৰা।
লর্ড হেনৰী ওটনৰ প্ৰতিটো কথাই
ড'ৰিয়নৰ মস্তিষ্কত আঘাত সানিবলে ধৰিলে।
পৰিনাম এয়ে হ’ল যে বেচিলে অকাঁ ছবিখনৰ
প্রতি ড'ৰিয়ানৰ মনত তীব্র ঘৃণা উপজিবলৈ
ধৰিলে। কাৰণ, এই ছবিখনেই এদিন তেওঁক
ব্যঙ্গ কৰিব। হেনৰিৰ কথাই ঠিক-- হাতত
থকা যৌৱনৰ ৰঙীণ সময়বােৰ উপভােগ
কৰা উচিত। ড'ৰিয়ানে সন্মুখৰ অনুদ্ঘাটিত
সৌন্দৰ্যৰ দ্বাৰ খুলি দিলে আৰু য'তেই
সৌন্দৰ্যৰ পয়ােভৰ দেখিলে তালৈকে গৈ উপভােগ কৰিবলৈ ধৰিলে।লণ্ডনৰ অপৰিস্কাৰ গলিবােৰলৈ গৈ তেওঁ বেশ্যাৰ শৰীৰতো সৌন্দর্যৰ
অন্বেষণ কৰিলে।ড'ৰিয়ানে তাৰম্ভ কৰিলে
এটা বহেমিয়ান জীৱন।...এদিন তেওঁ প্ৰেমত পৰিল চিবিল ভেন নামৰ এগৰাকী সােতৰ বছৰীয়া যুৱতীৰ। লণ্ডনৰ এটা তেনেই সৰু
নাট্যদলত কাম কৰা চিবিল ভেনৰ সৌন্দর্য আৰু অভিনয় প্রতিভাই ড'ৰিয়ানক মুগ্ধ কৰিছিল।চিবিলৰ অভিনয় প্ৰতিভা আছিল অনন্য আৰু অভিনয়েই আছিল তাইৰ জীৱনৰ একমাত্র
বাস্তৱতা। কিন্তু ড'ৰিয়ানৰ প্ৰেমত পৰাৰ পাছত অভিনয় আৰু প্ৰকৃত বাস্তৱৰ মাজৰ পাৰ্থক্য তাই আৱিস্কাৰ কৰিলে।তাই উপলব্ধি কৰিলে- শূণ্যতাৰ বুকুতহে টেন তাই ইমান দিনে অভিনয় কৰি গৈছিল। যাক তাই মঞ্চত ৰােমিঅ’ বুলি প্রেম কৰিছিল সেই ৰোমিঅ’ প্রকৃততে আন কোনাে নাছিল, আছিল মুখত ৰং সনা এজন বৃদ্ধহে। সত্য কেৱল ড'ৰিয়ান গ্রে’- আজিৰ এই অপৰূপ
যৌৱন আৰু সৌন্দৰ্যৰ গৰাকী। ডৰিয়ানৰ চিন্তাতে তাই এনেদৰে মগ্ন হৈ পৰিছিল যে চৰিত্ৰৰ সৈতে তাই একাত্ম হ'ব পৰা নাছিল।দিনক দিনে চিবিলৰ অভিনয় কৃত্ৰিম হৈ পৰিছিল। এটা সময়ত তাই অভিনয় বাদ দি দিছিল। কিন্তু ড'ৰিয়ানৰ উপলদ্ধি আছিল
সম্পূর্ণ বিপৰীত,তেওঁ কৈছিল -without
your art, you are nothing-অৰ্থাৎ কলাক বাদ দি তোমাৰ একো অস্তিত্বই নাই। চিবিল ভেনে নাটক বাদ দিয়াৰ লগে লগে ড'ৰিয়ানৰ দৃষ্টিত তাই হৈ পৰিল এজনী 'third rate actress with a pretty face' মাত্র। প্রিয়জনৰ পৰা পােৱা এই আঘাত সহিব নােৱাৰি সেই নিশাই চিবিল ভেনে আত্মহত্যা কৰিলে।
চিবিল ভেনৰ মৃত্যুত ড'ৰিয়ান গ্রে'ই অন্তৰত অসহ্য যন্ত্রণা অনুভৱ কৰিলে। তেওঁ পগলাৰ দৰে হৈ ঘৰলৈ উভতি আহিল আৰু চিত্ৰশিল্পী বেচিল হলৱাৰ্ডে অঁকা ছবিখনলৈ দৃষ্টি নিক্ষেপ কৰিলে। নিজৰ সেই প্রতিকৃতিখনত ড'ৰিয়ানে অবিশ্বাস্য ভাৱে এটা আচৰিত পৰিৱর্তন লক্ষ্য কৰিলে।
মুখখনত প্ৰতিফলিত হৈ উঠিছে একপ্ৰকাৰৰ নিষ্ঠুৰতা--'a touch of cruelty' ...প্রৱল
আতংকত ড'ৰিয়ানে উপলব্ধি কৰিলে যেন এই
ছবিখনে তেওঁক বিদ্রুপ কৰিছে। দিনক দিনে
তেওঁ বুঢ়া হৈ গৈ থাকিব, তেওঁৰ মুখাৱয়ব
দিনক দিনে ভয়ানক আৰু কুৎসিত হৈ গৈ
থাকিব,অথচ এই ছবিখন সদায় একেদৰেই অবিনশ্বৰ আৰু যৌৱনময় হৈয়ে থাকিব। এই ছবিখনৰ মাজেদিয়েই তেওঁ নিজৰ আত্মাৰ প্ৰকৃত ছবি হয়তো সদায়ে বিকৃত আৰু কদর্য ৰূপতে দেখি থাকিব।সেয়ে তেওঁ ছবিখন তাৰপৰা আঁতৰাই নি আন এটা আচুতীয়া কোঠাত লুকুৱাই থলে।তাৰ পাছত আকৌ আৰম্ভ হ'ল তেওঁৰ যাত্রা। সৌন্দর্যৰ অন্বেষণত তেওঁ লণ্ডনৰ কুখ্যাত গলিবোৰতো ঘূৰি ফুৰিবলৈ ধৰিলে।নিশা যাপন কৰিবলৈ ধৰিলে কুখ্যাত গলিবোৰত।
এদিন এই কথাক লৈ শিল্পী বেচিল হলৱাৰ্ডৰ সৈতে ড'ৰিয়ান তর্কত লিপ্ত হ’ল।আৱেগ আৰু ক্ৰোধৰ বশৱৰ্তী হৈ তেওঁ বেচিলক ওপৰ মহলাৰ সেই আচুতীয়া কোঠালীটোলৈ লৈ গ'ল য'ত তেওঁ ছবিখন লুকুৱাই থৈছিল। তাতে তেওঁ পাছফালৰ পৰা ডেগাৰেৰে খুঁচি শিল্পী বেচিল হলৱাৰ্ডক হত্যা কৰিলে। ...কিন্তু ছবিখনৰ পৰা ড'ৰিয়ানে ৰক্ষা নাপালে। তেওঁ দেখিলে,ছবিখন যেন দিনক দিনে পূর্বতকৈ বেছি ক্ৰুৰ আৰু ভয়ানক হৈ আহিব ধৰিছে আৰু প্ৰতিতাে মুহূর্ততে তেওঁক ব্যঙ্গ কৰিব ধৰিছে। ড'ৰিয়ান গ্ৰে' উন্মাদৰ দৰে হৈ পৰিল আৰু যিখন ডেগাৰেৰে তেওঁ শিল্পী বেচিলক হত্যা কৰিছিল সেইখন ডেগাৰেৰেই নিজৰ প্রতিকৃতিখনাে ফালি-চিৰাচিৰ কৰি নষ্ট কৰি পেলালে। তাৰ পাছত ডেগাৰখন নিজৰ বুকুত সােমােৱাই দিলে।তেওঁৰ মুখ কুৎসিত আৰু বিকৃত হৈ তাতে পৰি থাকিল।
মৃত্যুৰ প্ৰায় দহ বছৰ পূর্বে লিখা 'The picture of Dorian Gray মূলত: এনে এখন উপন্যাস য'ত অস্কাৰ ৱাইল্ডৰ উচ্ছৃংখল ব্যক্তিগত জীৱন আৰু তাৰ লগে লগে শিল্প-কলাৰ অবিনশ্বৰতা সম্পৰ্কে থকা তেওঁৰ দাৰ্শনিক আৰু মনস্তাত্বিক দৃষ্টিভংগীৰো পূৰ্ণ প্ৰতিফলন ঘটিছে।(সম্পূৰ্ণ)
No comments:
Post a Comment