Thursday, April 23, 2026

জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা

   জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা

                                                     - বীৰ্কে বি থাপা

    অসমীয়া ভাষা বুলি ক'লে আমি সাধাৰণতে সেই ভাষাক বুজোঁ যিটো ভাষা অসমৰ উজনিৰ পৰা নামনিলৈকে সকলোৱে ব্যৱহাৰ কৰিব পৰা অসমৰ এটা সংযোগী ভাষা হিচাপে মান্যতা লাভ কৰি আহিছে। এই সকলোৰে মান্য অসমীয়া ভাষা যিটো ভাষা আমি লিখিত ৰূপতো ব্যৱহাৰ কৰোঁ-এই ভাষা মূলত: ইন্দা-ইউৰোপীয় ভাষাৰ অন্তৰ্গত মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা। 

    ভাষাতত্ববিদসকলৰ মতে, পৃথিৱীৰ প্ৰধান ভাষাসমূহৰ ভিতৰত অন্যতম এটা ভাষা হৈছে ইন্দো- ইউৰোপীয় ভাষা।এই ইন্দো -ইউৰোপীয় ভাষাৰ প্ৰধান দুটা ভাগ হৈছে ইন্দো-ইৰাণীয় আৰু ইন্দো-এৰিয়ান(ইন্দো-আৰ্য ভাষা)। অসমীয়া ভাষা হৈছে ইন্দো-এৰিয়ান ভাষাৰ অন্তৰ্গত মাগধী প্ৰাকৃতৰ পৰা উদ্ভূত ভাষা।প্ৰাচীন মগধ আৰু বিদেহ ৰাজ্যত প্ৰচলিত এই ভাষা উত্তৰ বংগৰ মাজেৰে আহি অসমত প্ৰৱেশ কৰিছিল আৰু সপ্তম শতিকামানত ই অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত কামৰূপত এটা সুকীয়া ভাষা ৰূপে গঢ় লৈ উঠিছিল।সেই অৰ্থত কামৰূপী ভাষাতে প্ৰাচীন মাগধী অপ্ৰভ্ৰংশৰ আদিম ৰূপ দেখিবলৈ পোৱা যায় বুলি ক'ব পাৰি।

    এই মান্য অসমীয়া ভাষাই হৈছে আমাৰ সকলোৰে মাতৃভাষা। আজি সমগ্ৰ বিশ্ব জুৰি উদযাপন কৰা' আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ মূল তাৎপৰ্যই হৈছে এষে যে আমি আমাৰ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰাৰ লগতে মাতৃভাষাৰ তাৎপৰ্যক উপলদ্ধি কৰিব লাগিব আৰু মাতৃভাষাক যিকোনো সংকট-বিপৰ্যৰ পৰা ৰক্ষা কৰিব লাগিব। 

   এই প্ৰসংগত উল্লেখনীয় যে  অনা-অসমীয়া ভাষাৰ আগ্ৰাসনে বহুবাৰ অসমীয়া ভাষাক বিপৰ্যস্ত কৰিছে। ইয়াৰ প্ৰথম উদাহৰণ- ১৮২৬ খৃ:ৰ ইয়াণ্ডাবু সন্ধিৰ চুক্তিমৰ্মে অসম বৃটিছৰ অধীনলৈ যোৱাৰ পাছত বৃটিছসকলে  অসমত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ খুলিবলৈ আৰম্ভ কৰিছিল।আনকি এনে আইনো বলবৎ কৰিছিল যে কেৱল ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰাসকলকহে অফিচ-কাছাৰী আদিত  চৰকাৰী চাকৰি দিয়া হ'ব। গতিকে স্বাভাৱিকতে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মনত সন্তানক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰি তোলাৰ প্ৰৱণতাই দেখা দিছিল।

সেইদৰে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈ থাকিবলগীয়া হোৱাত বাংলা ভাষা-সাহিত্যৰ সৈতেও অসমীয়া মধ্য বিত্ত শ্ৰেণীৰ পৰিচয় ঘটিবলৈ আৰম্ভ কৰিছিল ।কলিকতাত উচ্চ শিক্ষা লাভ কৰা মধ্যবিত্তীয় শিক্ষিত লোকসকলৰ  মনত লাহে লাহে বাংলাভাষাক শ্ৰেষ্ঠ ভাষা বুলি ভৱা আৰু নিজৰ মাতৃভাষাক অৱহেলা কৰা প্ৰৱণতাইয়ো গা কৰি উঠিছিল।অসমৰ এইসকল শিক্ষিত লোকৰ অসচেতনতাৰ সুযোগ লৈয়ে বৃটিছসকলে অসমৰ সকলোবোৰ চৰকাৰী অফিচ-কাছাৰীৰ মাধ্যম ভাষা হিচাপে বাংলা ভাষাৰ প্ৰচলন কৰিছিল।১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে প্ৰায় সাতত্ৰিশ বছৰে এইদৰে অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাই আধিপত্য বিস্তাৰ কৰিছিল।অসমীয়া ভাষালৈ নামি অহা সংকটৰ এয়াই আছিল আৰম্ভণি।কিন্তু  সৌভাগ্যক্ৰমে উনবিংশ শতিকাৰ তৃতীয় দশকত অসমলৈ অহা আমেৰিকান মিছনেৰীসকলৰ তৎপৰতাত অসমৰ অফিচ-কাছাৰীসমূহত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন হৈছিল। এই কথা স্বীকাৰ কৰিব লাগিব যে, মিছনেৰীসকল অসমলৈ অহাৰ প্ৰধান উদ্দেশ্য আছিল খৃষ্টান ধৰ্মৰ প্ৰচাৰ, কিন্তু তেওঁলোকে যথাৰ্থতে অসমীয়া ভাষাৰ দুৰৱস্থাৰ কথা উপলদ্ধি কৰিছিল আৰু ড: নেথান ব্ৰাউন ,তেওঁৰ পত্নী এলিজা ব্ৰাউন আৰু ৰেভাৰেণ্ড অলিভাৰ টি কট্টৰৰ দৰে লোকসকলে শদিয়াত থকা কালছােৱাত স্থানীয় খামতি আৰু অসমীয়া ভাষী লােকসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰাৰ উপৰিও খুব কম সময়ৰ ভিতৰতে অসমীয়া ভাষা আয়ত্ব কৰি কিতাপ-পত্ৰ আদি প্ৰকাশ কৰিছিল। তেওঁলোকে জয়পুৰত ছপাশাল স্থাপন কৰি খামতি, শ্যাম, চিংফৌ আৰু নগা ভাষাত অসমীয়া আৰু ৰােমান হৰফেৰে যথেষ্ট ছপাৰ কাম কৰা জানিব পৰা যায়।অকল সেয়ে নহয়, মিছনেৰীসকলে  ১৮৪৬ খৃঃত শিৱসাগৰৰ পৰা অসমৰ সংবাদজগতৰ এক যুগান্তকাৰী ঘটনা স্বৰূপে ‘অৰুণােদই' কাকত প্ৰকাশ কৰি উলিয়াইছিল।

    ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত অসমীয়া ভাষাই স্বকীয় মৰ্যাদাৰে আত্মপ্ৰতিষ্ঠা লাভ কৰিব বুলি যথেষ্ট আশা কৰা হৈছিল। কিন্তু অসমীয়া ভাষাৰ ওপৰত অন্য ভাষিক গোষ্ঠীৰ আক্ৰমণৰ অন্ত পৰা নাছিল।১৯৪৭ চনত বাংলাদেশ বিভাজন হোৱাত শৰণাৰ্থী হিচাপে আহি অসমত প্ৰৱেশ কৰা বাংলাদেশীসকলৰ ভাষিক আগ্ৰাসনে অসমীয়া ভাষাৰ অস্তিত্বক শংকিত কৰি তুলিছিল ।বৰাক উপত্যকাত বাংলা ভাষীসকলে বাংলা ভাষাক অসমৰ মাধ্যম ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লগাত ব্ৰক্ষ্মপুত্ৰ উপত্যকাত সাম্প্ৰদায়িক সংঘাত তীব্ৰ হৈ উঠিছিল। ১৯৬০ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমীয়া ভাষাক একমাত্ৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাৰ প্ৰতিবাদত বৰাক উপত্যকাৰ বাংলাভাষী লোকসকল এনেদৰে জাঙুৰ খাই উঠিছিল যে তাৰ ফলস্বৰূপে ব্ৰক্ষ্মপুত্ৰ উপত্যকাত বসবাস কৰা অসমীয়াভাষী আৰু বাংলাভাষী লোকসকলৰ মাজত সংঘৰ্ষই হিংসাত্মক ৰূপ ধাৰণ কৰে ।আন্দোলনে এনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল যে অকল ব্ৰক্ষ্মপুত্ৰ উপত্যকাতে বাংলাভাষী লোকসকলৰ প্ৰায় পাঁচ হাজাৰ ঘৰ জ্বলাই দিয়া হয়।পুলিচৰ গুলিত নিহত হয় ৰঞ্জিত বৰপূজাৰী নামৰ কটন কলেজৰ এজন ছাত্ৰ।বৰাক উপত্যকাতো আন্দোলন তুংগত উঠিছিল। পুলিচৰ গুলিত বৰাক উপত্যকাতো  কেইবাজনো যুৱকৰ মৃত্যু হৈছিল।ফলত বিমলা প্ৰসাদ চলিহা চৰকাৰে ব্ৰক্ষ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা আৰু বৰাক উপত্যকাত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিবলৈ বাধ্য হয়।

    ষাঠীৰ দশকত অসমীয়া ভাষাৰ ওপৰত হোৱা বাংলাভাষাৰ আগ্ৰাসনৰ পৰিপ্ৰেক্ষিতত অসমীয়া ভাষাৰ প্ৰাধান্য বৃদ্ধিৰ বাবে ১৯৭২ চনত পুনৰ সূত্ৰপাত হয় মাধ্যম আন্দোলনৰ। মাধ্যম আন্দোলনৰ জৰিয়তে অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীকে মাধ্যম ভাষা হিচাপে অসমীয়া ভাষা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়। এটা দৃষ্টিৰে সেয়া ভালেই আছিল যদিও এনেদৰে অসমীয়া ভাষাক মাধ্যম ভাষা হিচাপে সকলো জাতি-জনগোষ্ঠীক জোৰকৈ গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা কাৰ্যই জনজাতীয় লোকসকলক ক্ষোন্ন কৰিছিল। কাৰণ, স্বকীয় কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্যৰে নিজৰ স্বাভিমান ৰক্ষা কৰিব বিচৰা জনজাতীয় লোকসকলৰ একাংশই ইয়াৰ দ্বাৰা তেওঁলোকৰ স্বকীয় ভাষা,দোৱান আদি সংকটৰ গৰাহত পৰিব বুলি আশংকা কৰিছিল। 

    মাধ্যম আন্দোলনৰ দ্বাৰা মান্য অসমীয়া ভাষাৰ ৰক্ষাৰ কথা ভবা হৈছিল যদিও এই আন্দোলনে জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ কথা চিন্তা কৰা নাছিল যাৰ বাবে জনজাতীয় লোকসকল এই আন্দোলনৰ পৰা আঁতৰি আহিছিল।জনজাতীয় লোকসকলৰ এনে বিচ্ছিন্নতাবাদী মনোভাৱৰ অন্তৰালত অন্য কাৰণো যথেষ্ট আছিল। তাৰে প্ৰধান কাৰণ আছিল-উচ্চ বৰ্ণ হিন্দুৰ অসমীয়াসকলে জনজাতীয় লোকসকলৰ প্ৰতি পোষণ কৰি অহা ঘৃণা আৰু অৱজ্ঞাৰ মনোভাৱ। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ইতিপূৰ্বে উনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ দ্বিতীয় দশকৰ সময়ছোৱাতে অসমত জনজাতীয় লোকসকলে নিজৰ স্বকীয়তা ৰক্ষা আৰু আত্মনিয়ন্ত্ৰণৰ হকে এক প্ৰকাৰৰ নৱজাগৰণ গঢ়ি তুলিছিল। অৱশ্যে তেওঁলোকৰ মাজতো কিছুসংখ্যক এনে জনজাতীয় শিক্ষিত লোক আছিল যিসকলে নিজৰ স্বকীয়তাক ৰক্ষা কৰিও অসমীয়া ভাষাকো সমানে শ্ৰদ্ধা কৰিছিল। এই প্ৰসংগত হোমেন বৰগোহাঞিয়ে সোণাৰাম পায়েং, চাৰুচন্দ্ৰ দলে, মুহিচন্দ্ৰ মিৰি ,চকভাল কাগয়ুং,তৰুণচন্দ্ৰ পামেগাম, সীতানাথ ব্ৰক্ষ্মচৌধুৰী, দণ্ডীধৰ ফাটোৱালী আদিৰ দৰে  শিক্ষিত ব্যক্তিসকলৰ কথা উল্লেখ কৰিছে যিসকলে  অসমীয়া ভাষাকো সমানে আকোঁৱালী লৈ  অসমীয়া ভাষাত লিখা-মেলা, সাহিত্য-চৰ্চা আদি কৰি গৈছিল।

     সি যি কি নহওক,অসমৰ জনগাঁথনিলৈ লক্ষ কৰিলে দেখা যায় - অসমীয়া জাতিৰ উদ্ভৱ আৰু বিকাশ হৈছে অষ্ট্ৰিক,  মংগোলীয়, আৰ্য আদি বিভিন্ন নৃগোষ্ঠী, ভাষা-ভাষী, জাতি- উপজাতিৰ সংমিশ্ৰণত। কেৱল নিৰ্দিষ্ট এটা নৃগোষ্ঠীৰে গঠিত 'অসমীয়া জাতি' বুলি কোনো জাতিৰ অৱস্থিতিৰ কথা আমি ভাৱিব নোৱাৰোঁ। সেইদৰে আমি সকলোৱে কোৱা মান্য 'অসমীয়া ভাষা'ৰ উৎপত্তি মূলত: মাগধী প্ৰাকৃতৰ পৰা হৈছে যদিও এই ভাষাৰ  বিকাশত বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষিক অৱদান জড়িত হৈ আছে।

    উল্লেখযোগ্য যে,প্ৰাচীন অসমত কামৰূপী ভাষা সকলোৰে বাবে এটা মান্যভাষা ৰূপে প্ৰচলিত  হৈ থকা সময়ছোৱাত অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ ভাষা বা দোৱানসমূহো অঞ্চলবিশেষে প্ৰচলিত আছিল। কিন্তু এই জনগোষ্ঠীয় ভাষা বা দোৱানসমূহ অঞ্চল বিশেষতে আৱদ্ধ হৈ থকা হেতুকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সেইবোৰ সকলোৰে সহজ বোধগম্য নাছিল।সেয়ে কামৰূপী ভাষাকে সকলোৱে কম-বেছি পৰিমানে মাধ্যম ভাষা হিচাপে গ্ৰহণ কৰিছিল বুলি অনুমান কৰিব পাৰি।আৱিস্কৃত শিলালিপি আৰু তাম্ৰলিপি সমূহৰ পৰাও এই কথা স্পষ্ট হৈ উঠিছে যে জনসাধাৰণৰ বোধগম্য ভাষা হিচাপে প্ৰাচীন অসমত সংস্কৃত আৰু কামৰূপী ভাষাৰ প্ৰচলন আছিল।

    শংকৰদেৱ -মাধৱদেৱৰ আৱিৰ্ভাৱৰ পূৰ্বে মাধৱ কন্দলীৰ দৰে কবিসকলেও সংস্কৃত আৰু কামৰূপী ভাষাত কাব্য-চৰ্চা কৰা কথা জানিব পৰা যায়।শংকৰদেৱে 'এক শৰণ নাম ধৰ্ম 'প্ৰচাৰৰ বাবে পূৰ্বৰ ঐতিহ্য পৰিহাৰ কৰি পোনপ্ৰথমবাৰৰ বাবে ব্ৰজাবলী ভাষাত সাহিত্যৰাজি ৰচনা কৰিছিল।এই ব্রজাবলী ভাষাটো আছিল সংস্কৃত,মৈথিলী আৰু অসমীয়া(অৰ্থাৎ কামৰূপী) ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ভাষা।

    পৰৱৰ্তী কালত বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যই গদ্যত লিখিবলৈ আৰম্ভ কৰাৰ পৰাই বৰ্তমানে আমি কৈ থকা অসমীয়া ভাষাৰ প্ৰকৃত বিকাশ-কাল আৰম্ভ হৈছিল।উল্লেখযোগ্য যে,ভট্টদেৱৰ গদ্য কেৱল লিখিত গদ্য-সাহিত্যৰে নিদৰ্শন নহয়,ই তৎকালীন কথিত অসমীয়া ভাষাৰো উৎকৃষ্ট নিদৰ্শন।তেওঁৰ গদ্যত ব্যৱহৃত বিভিন্ন শব্দ আৰু কথনশৈলীৰ পৰা এই কথা স্পষ্ট হৈ উঠে যে মধ্যযুগৰ অসমত প্ৰচলিত ভাষাত অসমৰ অন্যান্য জনগোষ্ঠীৰো যথেষ্ট ভাষিক অৱদান আছিল।

    আজি আমি ব্যৱহাৰ কৰি থকা মান্য অসমীয়া ভাষাৰ বহু শব্দই বিদেশী মূলৰ। যেনে - উৰ্দু, পাৰ্চী, আৰৱী, ইংৰাজী আদি। ভাষাৰ সমৃদ্ধি আৰু বিকাশৰ বাবে এয়া প্ৰয়োজনো। কিন্তু অত্যন্ত দুখৰ কথা এয়ে যে আমি বিদেশী মূলৰ যিমান শব্দ অসমীয়া ভাষাত গ্ৰহণ কৰিছোঁ, তাৰ তুলনাত জনগোষ্ঠীয় ভাষাৰ শব্দ কিন্তু তেনেদৰে গ্ৰহণ কৰা নাই। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যিহেতু বড়ো কছাৰী, দেউৰী, ৰাভা, চুতীয়া, মৰাণ-মটক, সোনোৱাল কছাৰী, ডিমাচা কছাৰী, ঠেঙাল কছাৰী, মিচিং, তিৱা, কাৰবি, চিংফৌ, নক্তে, টাংচা, টাই ফাকে, টাই তুৰুং, দোৱনীয়া, হাজং আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ অৱদান আছে, সেয়ে এই জনগোষ্ঠীসমূহৰো স্বকীয় কৃষ্টি-সংস্কৃতি, ভাষা-দোৱান আদি ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে। তেওঁলোকৰ অবিহনে বৃহত্তৰ অসমীয়া জাতীয় সত্তাৰ কোনো অৰ্থই থাকিব নোৱাৰে। সেইদৰে তেওঁলোকৰ মাজত প্ৰচলিত ভাষা, দোৱান বা শব্দসমূহকো ৰক্ষা কৰিব লাগিব। 

    আলাস্কা বিশ্ববিদ্যালয়ৰ বিশ্বপ্ৰসিদ্ধ ভাষাতত্ববিদ মাইকেল ক্ৰাউচে (Michael Krauss)কিছু বছৰৰ আগতে  এটা বৰ আশ্বৰ্যজনক  তথ্য দাঙি ধৰি এই কথা প্ৰকাশ কৰিছিল যে  সমগ্ৰ বিশ্বত প্ৰচলিত প্ৰায় সাত হাজাৰটা ভাষাৰ ভিতৰত প্ৰায় নব্বৈ শতাংশ ভাষাৰে মৃত্যু ঘটিব ২০৫০ চনৰ ভিতৰত।  ইউনেস্ক'ৰ দৰে সংস্থাইয়ো এই তথ্য মানি লৈছে আৰু ইতিমধ্যে বহুকেইটা ভাষাৰ মৃত্যু হোৱা তথ্য প্ৰকাশ কৰিছে।ইউনেস্কৰ  তথ্যমতে অকল ভাৰতবৰ্ষতে প্ৰায় ১৯৬ টা ভাষাৰ মৃত্যু ঘটিছে আৰু কেইবাটাও ভাষাৰ অস্তিত্ব আজি সংকটত।অস্তিত্বৰ সংকটত ভূগি থকা ভাষাসমূহৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ লগতে অসমৰো কেইটামান জনগোষ্ঠীৰ ভাষা। এই তথ্যই স্বাভাৱিকতে আমাক শংকিত কৰি তোলে। কাৰণ, ভাষাতত্ববিদ সকলৰ মতে, পৃথিৱীত সেই জাতি বা জনগোষ্ঠীৰ ভাষাই জীয়াই থাকে যাৰ নিজস্ব লিপি থাকে। অসমৰ জনগোষ্ঠীয় কোনো ভাষাৰে ক'বলৈ গ'লে নিজা লিপি নাই। এনে পৰিস্থিতিত জনগোষ্ঠীয় ভাষাসমূহক জীয়াই ৰাখিবলৈ হ'লে আমি জনগোষ্ঠীয় ভাষা বা শব্দসমূহক আকোঁৱালী ল' বই লাগিব। আমি যিদৰে উৰ্দু, আৰৱী, পাৰ্চী, ইংৰাজী আদি বিদেশী মূলৰ শব্দসমূহত আকোঁৱালী খাটি অসমীয়া ৰূপ দিলোঁ, সেইদৰে জনগোষ্ঠীয় শব্দসমূহকো আকোঁৱালী ব্যাপক ৰূপত ব্যৱহাৰ কৰিব লাগিব। দ্বিতীয়তে, ভাষা এটা জীষাই থাকিবলৈ হ'লে লিপিৰ প্ৰয়োজন। জনগোষ্ঠীয় লোকসকলে অসমীয়া লিপি উদাৰতাৰে গ্ৰহণ কৰিব লাগিব। তেতিয়াহে জনগোষ্ঠীয় ভাষাসমূহৰ লগতে অসমীয়া ভাষাও জীয়াই থাকিব। এই ক্ষেত্ৰত জনগোষ্ঠীয় ভাষা আৰু শব্দাৱলীৰ সংৰক্ষণ, অভিধান প্ৰণয়ন আদিৰ দৰে কামত যথেষ্ট গুৰুত্ব দিব লাগিব। (সমাপ্ত) 


  বি:দ্ৰ:  'অসম আদিত্য'(মাৰ্চ ২০২৬)ত প্ৰকাশিত। 

বিহুৰ ঐতিহ্য আৰু সংকট

      বিহুৰ ঐতিহ্য  আৰু সংকট

                                                  - বীৰ্কে বি থাপা


     অসমৰ জাতীয় উৎসৱ বিহুৰ উৎপত্তি সন্দৰ্ভত ভিন্ন জনে ভিন্ন মত পোষণ কৰা দেখা যায়। সংস্কৃত 

'বিষুবত' শব্দৰ পৰা ' বিহু' শব্দৰ উৎপত্তি হোৱা বুলি বহুতে ক'ব খোজে যদিও সেয়া বৰ যুক্তিসংগত যেন নালাগে। কাৰণ,ভাৰতবৰ্ষত বৈদিক আৰ্যসকলে প্ৰৱেশ কৰাৰ পূৰ্বৰে পৰা অসমত বহু হাজাৰ বছৰ ধৰি বসবাস কৰি থকা  বিভিন্ন জনগোষ্ঠীয় সমাজত বিহুৰ প্ৰচলন আছিল। দ্বিতীয়তে, বিহুৰ যি স্বকীয় ৰূপ সেয়া অসমৰ বাহিৰে ভাৰতবৰ্ষৰ অন্য কোনো প্ৰান্ততে দেখিবলৈ পোৱা নাযায়। অৱশ্যে এই কথা সত্য যে বছৰৰ প্ৰথম মাহ হিচাপে বহাগক আদৰা পৰম্পৰা এটা অসমৰ দৰে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য তথা এচিয়াৰ দেশসমূহতো আছে।সেইদৰে বসন্ত উৎসৱ ৰূপেও বহাগ মাহটো পৃথিৱীৰ বিভিন্ন দেশত বসন্ত উৎসৱ ৰূপে পালন কৰা পৰিলক্ষিত হয়। 

     অসমৰ ক্ষেত্ৰত দেখা যায় যে ফাগুন মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ চ'ত আৰু ব'হাগ মাহৰ প্ৰায় শেষলৈকে ইয়াত বসন্ত কাল অনুভূত হয়। এই ঋতুত প্ৰকৃতিয়ে  ন- কুঁহি পাত,ফুল-ফুল, কুলি-কেতেকীৰ মাতেৰে ন-ৰূপ লয়। ন-পানীৰ ঢলে পথাৰৰ মাটি তিয়াই পেলোৱা এই সময়ছোৱাতে অসমত গঞা, কৃষিজীৱি লোকসকলে খেতিখোলাৰ কামো আৰম্ভ কৰে।  ন-উদ্দীপনাৰে সাৰ পাই উঠা এই সময়ছোৱাতে সকলোৰে প্ৰাণত প্ৰকৃতিৰ সৈতে একাত্ম হৈ বসন্তক উদযাপন কৰাৰ উদগ্ৰীৱ বাসনা জাগি উঠে। 

    অসমৰ জাতীয় জীৱনত বিহুৰ স্বকীয় ৰূপ আৰু বৈশিষ্ট্য আছে। লক্ষণীয় যে,বিহু বুলি ক'লে অসমত বহাগ বিহু,মাঘ বিহু আৰু কাতি বিহু-এই তিনিটা বিহু পালন কৰা হয়।এই তিনিওটা বিহুৰে সুকীয়া সুকীয়াকৈ প্ৰত্যেকৰে স্বকীয় আৰু তাৎপৰ্যপূৰ্ণ বৈশিষ্ট্য আছে। অসমত পালন কৰা  বিহুক মূলত: অনাৰ্য অৱদান বুলি ক'লেও বহুখিনি বৈদিক আৰ্যীয় বৈশিষ্ট্যও পৰিলক্ষিত হয়। বিশেষকৈ মাঘ বিহুত মেজি জ্বলাই অগ্নিদেৱতাক সেৱা কৰা বা কাতিবিহুত লখিমী আইক উদ্দেশ্যি চাকি-বন্তি জ্বলোৱা পৰম্পৰাৰ সৈতে বৈদিক পৰম্পৰাৰ ঘনিষ্ট সম্পৰ্ক থকা বিষয়টোক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে বিহুক বৈদিক আৰ্য আৰু অনাৰ্য পৰম্পৰাৰ সন্মিলিত ৰূপ বুলিও ক'ব পাৰি। সম্ভৱত: এয়া অনাৰ্যসকলৰ বিহুত আৰ্যসকলৰ প্ৰভাৱ। 

    অসমত বসবাস কৰি থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বহু প্ৰাচীন কালৰে পৰা বিহু পালন কৰি অহা কথা জানিব পৰা যায়।কিন্তু এই বিহু প্ৰথমে কোনটো জনগোষ্ঠীয়ে পালন কৰিছিল সেয়া সঠিককৈ ক'ব নোৱাৰি।এইক্ষেত্ৰত অসমৰ বিভিন্ন জনগোষ্ঠীয়ে আগবঢ়োৱা যুক্তিসমূহ  সমানে তাৎপৰ্যপূৰ্ণ। বহুতে ক'ব খোজে যে টাই ভাষাত 'পয়' মানে উৎসৱ আৰু 'হু' মানে গৰু, অৰ্থাৎ গো-উৎসৱ। এই 'পয়-হু'ৰ পৰাই অপ্ৰভ্ৰংশ হৈ 'বিহু' শব্দৰ উৎপত্তি হৈছে। কৃষিজীৱি সাধাৰণ লোকসকলৰ বাবে গৰু অত্যন্ত মূল্যবান সম্পদ। গৰু অবিহনে হাল বাব নোৱাৰি। সেয়ে খেতি-খোলাৰ কাম আৰম্ভ কৰাৰ আগে আগে গো-সেৱা কৰা এটা লোকাচাৰ হ'ব পাৰে।বড়োসকলেও তেওঁলোকৰ বিহু ' বৈচাগু'ত প্ৰথম দিনাই পুৱাৰ ভাগত গৰুক গা-ধোৱাই গো-সেৱা কৰে। সেই অৰ্থত' বিহু ' শব্দৰ উৎপত্তি সম্পৰ্কীয় যুক্তি অখণ্ডণীয় যদিও টাই আহোমসকলৰ আদিম বৃত্তি সম্পৰ্কীয় কথাবোৰো জুকিয়াই চাব লাগিব। সেয়া অৱশ্যেই অধ্যয়নৰ বিষয়। আনহাতে চুতীয়াসকলৰ মতে, বিহু শব্দৰ উৎপত্তি হৈছে' বিচু'ৰ পৰা। তেওঁলোকৰ ভাষাত' বি' মানে 'অতি' আৰু 'চু' মানে' আনন্দময়'। অৰ্থাৎ বহাগ বিহুৰ সময়ছোৱাত অতি আনন্দময় পৰিৱেশৰ সৃষ্টি হয় বাবেই চুতীয়াসকলে বিহুক 'বিচু' বুলিছিল। এই যুক্তিও তাৎপৰ্যপূৰ্ণ। 

     সি যি কি নহওক, ইতিহাসবিদসকলৰ মতে, কৃষিকাৰ্য  পোন প্ৰথমে আৰম্ভ কৰিছিল অষ্ট্ৰ-এচিয়াটিক আৰু তিব্বতো-বৰ্মী মংগোলীয়সকলে। গতিকে বহু হাজাৰ বছৰ পূৰ্বে  অসমত পদাৰ্পন কৰা  তিব্বতো-বৰ্মী মংগোলীয় গোষ্ঠীৰ( বড়ো-কছাৰী , ৰাভা, মেচ, চুতীয়া, দেউৰী, সোনোৱাল, মৰাণ-মটক, কোঁচ, ডিমাছা, লালুং, গাৰো আদি) কৃষিজীৱি লোকসকলৰ পৰাই বিহুৰ পৰম্পৰা আৰম্ভ হোৱা বুলি ক'ব পাৰি। এইসকল

জনগোষ্ঠীৰ কৃষিজীৱি লোকে স্বকীয় নিয়মানুসৰি নিজ নিজ অঞ্চলত পালন কৰা বিহুৱে কালক্ৰমত এক সাৰ্বজনীন ৰূপ লাভ কৰি অসমৰ জাতীয় উৎসৱলৈ পৰিণত হৈছিল।

    কোৱা হয়, চুতীয়া ৰজা সকলৰ দিনতে বিহুৱে ৰাজকীয় স্বীকৃতি লাভ কৰিছিল।চুতীয়াসকলৰ ৰাজত্বৰ সময়ছোৱাত  চাৰি শাল গোসাঁনীক স্মৰণ কৰি পুৰোহিত দেউৰীসকলে বিহু নমাইছিল।সেইদৰে সোনোৱালসকলেও বাইথ' মন্দিৰত খ্ৰীং দেৱতালৈ পূজা-সেৱা আগবঢ়াই হায়দাং গীত গাই অতীতৰে পৰা  বিহু নমোৱা পৰম্পৰা চলি আহিছে। 

     চুতীয়াসকলৰ ৰাজত্বকালত ৰাজকীয় স্বীকৃতি  লাভ কৰা বিহুক আহোম স্বৰ্গদেউসকলেও মৰ্যদা প্ৰদান কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহই  বিহুলৈ ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়োৱাৰ উপৰিও গছ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনিছিল বুলি কোৱা হয়। অৱশ্যে আহোমৰ ৰাজত্বকালত ৰচিত বুৰঞ্জীপুথিসমূহত এই কথাৰ উল্লেখ নথকা হেতুকে ই এতিয়াও অধ্যয়নৰ বিষয় হৈ আছে। 

    সপ্তদশ শতিকাত আহোম স্বৰ্গদেউসকলে হিন্দুধৰ্ম গ্ৰহণ কৰি বৰৰজা ফুলেশ্বৰীৰ সময়ছোৱাৰ  পৰা দুৰ্গা গোঁসানীৰ পূজা কৰিবলৈ লোৱাৰ পৰা বিহুত তাৰ কিছু প্ৰভাৱ পৰা বুলি অনুমান কৰিব পাৰি। এই প্ৰভাৱৰ ফলস্বৰূপে হুঁচৰি আৰু বিহুনামসমূহত 'গোঁসানী'ৰ উল্লেখ হ'বলৈ আৰম্ভ কৰিছিল। দ্বিতীয়তে, সাধাৰণ জনতাই সেইকালত প্ৰথমে ৰজাঘৰত আৰু তাৰ পাছত ডা-ডাঙৰীয়াসকলৰ ঘৰত হুঁচৰি মাৰি বিহু আৰম্ভ কৰিছিল। 

     শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তন কৰাৰ পাছৰে পৰা হুঁচৰি আৰু বিহুনামবোৰত' গোঁসানী'ৰ পৰিৱৰ্তে 'কৃষ্ণ/ৰাম'ৰ নাম লোৱা আৰম্ভ হৈছিল। উল্লেখযোগ্য যে ৰাজ কাৰেং বা ডা-ডাঙৰীয়াসকলৰ ঘৰত মৰা হুঁচৰি আৰু হুঁচৰি- বিহুত চুৰিয়া ভৰিৰ গাঁঠিলৈকে দীঘলকৈ পিন্ধাৰ নিয়ম আছিল। এই পৰম্পৰাৰে এতিয়াও বহু সমাজত চুৰিয়া দীঘলকৈ পিন্ধা নিয়ম বলবৎ আছে। আনহাতে কৃষিজীৱি, জনগোষ্ঠীয় সমাজসমূহত চুৰিয়া আঁঠুলৈকে, চুটিকৈ পিন্ধাৰহে পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে। 

    বিহুৰ এটা তাৎপৰ্যপূৰ্ণ বৈশিষ্ট্য হৈছে - বিহুৰ সৈতে সম্পৰ্কিত লোকাচাৰসমূহত প্ৰতিফলিত হৈ উঠা কৃষিজীৱি লোকসকলৰ সামাজিক লোকাচাৰসমূহ। বিহুৰ সৈতে সম্পৰ্কিত গীত-মাতসমূহতো গ্ৰাম্য-সমাজ আৰু প্ৰকৃতিৰ চিত্ৰ সুন্দৰ ৰূপত  প্ৰতিফলন ঘটা পৰিলক্ষিত হয়। এই গীতমাতবোৰ মূলসূঁতিৰ অসমীয়া গীত-মাতেই হওক বা জনগোষ্ঠীয় গীত-মাতেই হওক, যথেষ্ট সাদৃশ্য লক্ষ কৰা যায়। উদাহৰণ স্বৰূপে, অসমীয়া বিহু নামসমূহত প্ৰতিফলিত হোৱা প্ৰকৃতি আৰু গ্ৰাম্য জীৱনৰ বৰ্ণনা, প্ৰেম-প্ৰণয়, দুখ-বেদনা, সামাজিক বৈষম্য আদিৰ চিত্ৰ জনগোষ্ঠীয় গীত-মাতসমূহতো সমানে প্ৰতিফলিত হৈছে।  দ্বিতীয়তে, বিহুৰ এক অবিচ্ছেদ্য বাদ্য হৈছে ঢোল। অৱশ্যে মূলসুঁতিৰ অসমীয়া আৰু অসমৰ অন্যান্য জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰা ঢোলৰ গঠন, আকাৰ আৰু বাদন-শৈলীৰ মাজত পাৰ্থক্য আছে। সেইদৰে হঁচৰি, বিহুনাম, গছতলৰ বিহু, গাভৰু বিহু আদিত ব্যৱহৃত  বাদ্য, যেনে- পেঁপা, গগণা, টকা, সুতুলি বা 

অন্যান্য জনগোষ্ঠীয় বাদ্যসমূহৰ তথা নাচোন-ভংগীমাৰ স্বকীয় বৈশিষ্ট্য আছে। ভাৰতীয় ধ্ৰুপদী সংগীত বা ধ্ৰুপদী নৃত্যৰ পৰা পৃথক যদিও বিহুৰ সৈতে সম্পৰ্কিত গীত-মাত, নাচোন-ভংগী, বাদ্যযন্ত্ৰ আদি স্বকীয় বৈশিষ্ট্যৰে পূৰ্ণ। 

   বিহুত পৰিধান কৰা  সাজ-পাৰ, আ-অলংকাৰ আদিয়েও বিহুৰ সৌন্দৰ্যক অনন্য ৰূপত তুলি ধৰে। 

বিহুৱতী গাভৰুৱে পৰিধান কৰা মুগাৰ চাদৰ- মেখেলা, ৰিহা,হাঁচতি,জোনবিৰি, ঢোলবিৰি, গামখাৰু, কেৰু, মণি, থুৰীয়া, কপৌ ফুল, দুহাতৰ জেতুকা আৰু বিহুৱা ডেকাই পৰিধান কৰা কপাহী চুৰীয়া, হাত-কটা চোলা, টঙালী, ফুলাম গামোচা আদিয়েও চিৰ যুগমীয়া অসমীয়া কৃষ্টি-সংস্কৃতিক প্ৰতিফলিত কৰে। সেইদৰে বিহুত ব্যৱহৃত অন্যান্য জনগোষ্ঠীয় সাজ-পাৰ, অলংকাৰ আদিয়েও বৃহত্তৰ অসমীয়া সংস্কৃতিৰ সমৃদ্ধ ঐতিহ্য আৰু সৌন্দৰ্যক প্ৰতিবিম্বিত কৰে। 

     সময়ৰ সোঁতত বিহুৱে গৈ এদিন মঞ্চত স্থান লাভ কৰিছিল। প্ৰকাশিত তথ্য মতে,   ১৯২৯ চনত পোনপ্ৰথমবাৰৰ বাবে গোলাঘাটৰ বেতিয়নীত বিহু

মঞ্চত বিহু প্ৰদৰ্শন কৰা হৈছিল।তাৰ পাছত ১৯৪১   মঞ্চ বিহুৰ আয়োজন কৰা হয় শিৱসাগৰত। অৱশেষত ৰাধাগোবিন্দ বৰুৱাৰ  পৃষ্ঠপোষকতাত

১৯৫১ চনত গুৱাহাটীত আয়োজিত বিহু সন্মিলনৰ পাছৰে পৰা  মঞ্চ- বিহুৱে সমগ্ৰ অসমজুৰি জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰে। 

    মঞ্চ-বিহুয়ে বিপুল জনপ্ৰিয়তা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ কেতবোৰ ইতিবাচক দিশ অৱশ্যেই পৰিলক্ষিত হয়। বিশেষকৈ, এই কথা সকলোৰে জ্ঞাত যে  পশ্চিমীয়া আৰু বঙলা শিক্ষা-সংস্কৃতিৰে উঠি অহা অসমৰ একাংশ মধ্যবিত্তীয় শ্ৰেণীয়ে ফোপোলা অহংকাৰত মত্ত হৈ 

এসময়ত বিহুক বৰ বেয়াকৈ তুচ্ছ-তাচ্ছিল্য কৰিছিল। মঞ্চ-বিহুৰ জনপ্ৰিয়তা তেনে তুচ্ছ - তাচ্ছিল্যৰ বিৰূদ্ধে এক প্ৰত্যাহ্বান হৈ থিয় দিলে। তাৰ লগে লগে বিহুনাম আৰু বিহু-নাচসমূহে মঞ্চত এক সমাহিত ৰূপো পৰিগ্ৰহণ কৰিলে। মঞ্চত প্ৰদৰ্শিত হোৱাত বিহুৰ স্বকীয় সৌন্দৰ্য আৰু গৰিমা অসম তথা ভাৰতবৰ্ষৰ বাহিৰৰ লোকসকলৰো দৃষ্টিগোচৰ হোৱাৰ বাট মুকলি হ'ল। 

     কিন্তু মঞ্চ-বিহুত দেখা দিয়া কেতবোৰ নেতিবাচক দিশো আমি আওকান কৰিব নোৱাৰোঁ।

বিশেষকৈ, মঞ্চ-বিহুসমূহ ঘাইকৈ প্ৰদৰ্শনকেন্দ্ৰিক হৈ পৰাত বিহুনাম, বিহুনাচ, সাজ-সজ্জা আদিত বহুখিনি কৃত্ৰিমতা আহি পৰিল। ফলত বিহুৰ যি স্বাভাৱিক সৰল সৌন্দৰ্য সেয়া বহুখিনি লোপ পালে। দ্বিতীয়তে, বিহু-মঞ্চসমূহত 'প্ৰতিযোগিতা' এক অবিচ্ছেদ্য অংগ হৈ পৰাত বিহুৰ কিছুমান নিৰ্দিষ্ট নিয়মাৱলী প্ৰৱৰ্তন কৰা হ'ল। ' বিহু সুৰক্ষা সমিতি'ৰ দৰে অনুষ্ঠানসমূহে প্ৰৱৰ্তন কৰা নিয়মাৱলীক কিন্তু আজিকোপতি সাৰ্বজনীন ৰূপত গ্ৰহণ কৰিব পৰা নগ'ল। আমি জনা মতে, বিহু বিশেষজ্ঞ প্ৰয়াত জয়কান্ত গন্ধিয়াদেৱে প্ৰস্তুত কৰি উলিওৱা বিহুৰ নিয়মাৱলী সম্পৰ্কতো এসময়ত যথেষ্ট বাক-বিতণ্ডাৰ উদ্ভৱ হৈছিল। আৰু বাক-বিতণ্ডা হোৱাটোও স্বাভাৱিক, কাৰণ বিহুৰ সৈতে সম্পৰ্কিত গীত-মাত, নাচোন-ভংগী, সাজ-সজ্জা আদি অসমৰ সকলো অঞ্চলত একে নহয়। অসমৰ প্ৰতিটো জনগোষ্ঠীৰে বিহুৰ স্বকীয় ৰূপ আৰু বৈশিষ্ট্য আছে। বিহুৰ এই আঞ্চলিক-বৈশিষ্ট্য ৰক্ষা কৰি সৰ্বগ্ৰহণযোগ্য নিয়মাৱলী প্ৰস্তুত কৰা বৰ সহজ নহয়। তাৰোপৰি প্ৰতিযোগিতাসমূহত নিযুক্ত বিচাৰকসকলৰ বাবে  সকলোবোৰ জনগোষ্ঠীয় বিহুৰ আঞ্চলিক-বৈশিষ্ট্য সম্পৰ্কে বিস্তৃত জ্ঞান থকা 

অত্যন্ত আৱশ্যক। সকলো বিচাৰকৰ সেই বিস্তৃত জ্ঞান থাকেনে? গুৱাহাটীত অনুষ্ঠিত বিহু সন্মিলন এখনত প্ৰতিযোগিতাৰ বাবে অংশ গ্ৰহণ কৰা বড়ো জনগোষ্ঠীয় বিহুৰ দল এটাক বিস্তৃত জ্ঞান নথকাকৈ কিদৰে, কিহৰ ভিত্তিত বিচাৰ কৰা হ'ব? সেইদৰে বিহু- সন্মিলনৰ প্ৰতিযোগিতাসমূহত সততে পৰিলক্ষিত হোৱা এটা সমস্যা হৈছে- একে কেইগৰাকী বিচাৰককে সকলোবোৰ প্ৰতিযোগিতাৰ বিচাৰ কৰাৰ দায়িত্ব দিয়া হয়। প্ৰশ্ন হ'ল- ঢোল বাদন সম্পৰ্কে জ্ঞান নথকা বিচাৰক এগৰাকীয়ে এই প্ৰতিযোগিতাৰ বিচাৰ কিদৰে কৰিব? 

    আজিকালি বিহু সন্মিলনসমূহত আয়োজন কৰা বিহুৱতী, বৰ- বিহুৱতী, বিহুৱা, বৰ-বিহুৱা আদিৰ দৰে প্ৰতিযোগিতাসমূহতো অলেখ বিসংগতি দেখিবলৈ পোৱা যায়। সততে ব্যৱহৃত বিহু-ৰাণী, বিহু-সম্ৰাজ্ঞী আদি অভিধা সম্পৰ্কেও বিভিন্ন আলোচনা-সমালোচনা হৈ আছে। এক প্ৰকাৰে 'বিউটি কনটেষ্ট' লৈ ৰূপান্তৰিত হোৱা এনে প্ৰতিযোগিতাৰ পৰম্পৰা পূৰ্বতে আছিলনে?

    মঞ্চত প্ৰদৰ্শিত বিহুৰ আধুনিক নাচোন-ভংগী, সাজ-সজ্জা বা  শ্ৰব্য-কেছেটৰ আধুনিক বিহুসুৰীয়া গীতৰ ব্যৱহাৰ আদি কিমান গ্ৰহণযোগ্য? সঁচা কথা যে ৰূপান্তৰ লাগিব, ৰূপান্তৰ অবিহনে প্ৰগতি সম্ভৱ নহয়। কিন্তু বিহুৰ আধুনিকীকৰণে বিহুৰ স্বকীয়তাক ৰক্ষা কৰিব পাৰিবনে,  সেয়াও এক প্ৰশ্ন। 

    সেইদৰে এনে প্ৰশ্নও আমাৰ মনত সততে উদয় হয় যে সাংস্কৃতিক সন্ধিয়াৰ নামত বিহু সন্মিলনসমূহে তথাকথিত 'আৰ্টিষ্ট' ক দিবৰ বাবে লাখ-লাখ টকা খৰচ কৰে। সেয়া প্ৰয়োজন নে? এই কথা স্বীকাৰ কৰিব লাগিব যে উঠি অহা প্ৰজন্মৰ গায়ক-গায়িকাসকলক বিহুমঞ্চসমূহত গীত পৰিৱেশন কৰাৰ সুযোগ প্ৰদান কৰাৰ প্ৰয়োজনীয়তা অৱশ্যেই আছে। কিন্তু তাৰ লগে লগে স্থানীয় বা থলুৱা শিল্পীসকলকো বিহু মঞ্চসমূহত সন্মান প্ৰদৰ্শন কৰা উচিত নহয়নে? এনেবোৰ কথাত কিয় গুৰুত্ব দিয়া নহয়? (সমাপ্ত) 


বি:দ্ৰ:  'অসম আদিত্য' (এপ্ৰিল ২০২৬)ত প্ৰকাশিত। 

     

   

সুগন্ধিত শব্দৰ কবি যোগেশ্বৰ মৰাণৰ কাব্য-বৈশিষ্ট্য

 

সুগন্ধিত শব্দৰ কবি যোগেশ্বৰ মৰাণৰ কাব্য-বৈশিষ্ট্য

                                                     - বীৰ্কে বি থাপা

     সুগন্ধিত শব্দৰ কবি প্ৰয়াত যোগেশ্বৰ মৰাণদেৱক মই এবাৰেই লগ পাইছিলোঁ। সেয়াও আজিৰ পৰা প্ৰায় এঘাৰ বছৰ পূৰ্বে ২০১৫় চনত। সেই বছৰ ১৭ জানুৱাৰী তাৰিখে অসম- অৰুণাচল সীমান্তৰ বৰডুমচাৰ নিকটৱৰ্তী ৰতনী পথাৰ গাঁৱত  অনুষ্ঠিত হৈছিল 'বুঢ়ীদিহিং শাখা সাহিত্য সভা'ৰ ত্ৰয়োবিংশতিতম অধিৱেশন । অধিৱেশন উপলক্ষে আয়োজন কৰা  কবি সন্মিলনখনি উদ্বোধন কৰিবলৈ মোক মতা হৈছিল। মাঘ মাহৰ জাৰ জাৰ লগা সন্ধিয়া কবি সন্মিলনখনি উদ্বোধন কৰিবলৈ গৈ অভিভূত হৈ পৰিছিলোঁ-বুঢ়ীদিহিঙৰ পাৰৰ কবিসকলৰ কবিতা পাঠ শুনি।অভিভূত হৈছিলোঁ- এই কবিসকলৰ কবিতাত জীৱন সম্পৰ্কীয় গভীৰ উপলদ্ধি আৰু সমাজচেতনাৰ মূৰ্ত প্ৰকাশ দেখি।

     সি যি কি নহওক, কবি সন্মিলন' খনি সঞ্চালনা কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল অসমীয়া কাব্য জগতত 'মেঘালী ফুকন' ৰূপে পৰিচিতা, ডুমডুমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা তথা পৰৱৰ্তীকালত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পদ অলংকৃত কৰা  ড:অৰুণা গগৈ বৰুৱা বাইদেউক। কিন্তু অসুস্থতাৰ বাবে তেখেত যাব নোৱাৰাত এই দায়িত্ব দিয়া হয় স্থানীয় কবি অমৃত সাগৰ ওৰফে প্ৰয়াত যোগেশ্বৰ মৰাণদেৱক। সেইবাৰেই মই তেখেতক প্ৰথম লগ পাওঁ। পাছত আৰু লগ পোৱা নহ'ল যদিও টেলিফোনিক যোগাযোগ মাজে সময়ে হৈছিল।তেখেতৰ অত্যন্ত  বিনম্ৰ আৰু আত্মীয়তাপূৰ্ণ কথা-বতৰাই মোক বৰকৈ মুগ্ধ কৰিছিল। 

    কবি যোগেশ্বৰ মৰাণৰ প্ৰথমখন কাব্যগ্ৰন্থ

'প্ৰেমৰ কোনো আৱৰণ নাই' প্ৰকাশ হৈছিল ২০০৭ চনত। তাৰ দহবছৰ পাছত ২০১৭ আৰু ২০১৮ চনত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল ক্ৰমে

' নদীয়ে এৰি যোৱা নদীৰ যন্ত্ৰণাৰে'  আৰু 'আত্মকথা'।২০১৮ চনত আকস্মিকতে আমাৰ মাজৰ পৰা হেৰাই যোৱা কবি যোগেশ্বৰ মৰাণদেৱে

এই তিনিখন কাব্যগ্ৰন্থ প্ৰকাশ কৰাৰ উপৰিও  বিভিন্ন কাকত-আলোচনী আৰু স্মৃতিগ্ৰন্থসমূহত কবিতা ৰচনা কৰি সকলোৰে পৰিচিত হৈ পৰিছিল। উল্লেখযোগ্য যে তেখেতে ৰচনা কৰা  সমস্ত কবিতা আৰু গীতৰ একত্ৰ সংকলন 'কথাবোৰ ক'ব পৰা হ'লে' প্ৰকাশ কৰি উলিয়াইছে বৰডুমচা শতদল সাহিত্য সভা আৰু বৰডুমচা কবি সন্মিলনে যুটীয়াভাৱে ২০২৩ চনত।  

   ১৯৭৩ চনত এক নং মহং গাঁৱত জন্মগ্ৰহণ কৰা যোগেশ্বৰ মৰাণে তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত কিছুকাল চাহপাতৰ ব্যৱসায় কৰে।তাৰ পাছতে তেখেতে 'মাধৱপুৰ জাতীয় বিদ্যালয়' প্ৰতিষ্ঠা কৰে আৰু বিদ্যালয়খনতে নিজৰ সমগ্ৰ জীৱন উচৰ্গা কৰে। 

    দূৰ-শিক্ষাৰ জৰিয়তে অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা যোগেশ্বৰ মৰাণৰ ৰুচি আছিল কবিতাৰ প্ৰতি। ২০০৭ চনত প্ৰকাশিত প্ৰথমখন কাব্যগ্ৰন্থ ('প্ৰেমৰ কোনো আৱৰণ নাই')ৰ নামকৰণৰ পৰা সন্নিৱিষ্ট কবিতাসমূহৰ বিষয়বস্তু মূলত: প্ৰেম যেন লাগিলেও প্ৰেমৰ উপৰিও জীৱন আৰু পাৰিপাৰ্শ্বিক জগত সম্পৰ্কতো কবিৰ নিজস্ব বোধ বা দৃষ্টিভংগী প্ৰতিফলিত হৈছে।     

    এই কথা অৱশ্যেই মন কৰিবলগীয়া যে প্ৰথমখন কাব্যগ্ৰন্থত সন্নিৱিষ্ট 'জোনাকত', 'আচলতে প্ৰেম', 'অনুভৱ', 'এখন প্ৰেমৰ চিঠি', 'প্ৰতিশ্ৰুতি', 'উতলা যৌৱন', 'তোমাৰ কথা ভাৱি' আৰু 'ভেলেণ্টাইন ডে' আদিৰ দৰে কবিতাসমূহৰ নিৰ্মানশৈলী সুন্দৰ যদিও বিষয়বস্তুৰ গভীৰতা বিশেষ পৰিলক্ষিত নহয়।  কিন্তু তেখেতৰ প্ৰেমবিষয়ক সকলোবোৰ কবিতাক উতনুৱা যৌৱনৰ চঞ্চল প্ৰতিচ্ছবি বুলিও ক'ব নোৱাৰি।উদাহৰণস্বৰূপে, 'আচলতে প্ৰেম' শীৰ্ষক কবিতাত কবিয়ে প্ৰেম সম্পৰ্কে তেখেতৰ নিজস্ব ধাৰণা ব্যক্ত কৰিবলৈ চেষ্টা কৰিছে। তেখেতৰ দৃষ্টিত প্ৰেম হৈছে এক' অবিনশ্বৰ সত্তা'-

     প্ৰেমৰ কোনো আৱৰণ নাই

     নাই নিজস্ব ৰং - - - 


     প্ৰেম নহয় যৌৱনৰ এচাটি বতাহ

     ব'হাগৰ জীপাল পৰশ লাগি 

     উজ্জীৱিত হোৱা

     নহয় নতুন উন্মাদনা - - -


     আচলতে

     প্ৰেম এক মহিমামণ্ডিত অবিনশ্বৰ সত্তা

                                        (আচলতে প্ৰেম) 

     কিন্তুু, কবিয়ে এই কথাও লক্ষ কৰিছে যে আজিৰ যুগত 'প্ৰেম ' নামৰ এই অবিনশ্বৰ সত্তাক হত্যা কৰা হৈছে। প্ৰেমৰ ঠাইত আজি ঘৃণাৰ জুই বিয়পাই দিয়া হৈছে। সেয়ে কবিয়ে লিখিছে-

     তোমাক লগ পোৱাৰ 

     প্ৰথম নিশাতেই

     মই মোক হত্যা কৰিছোঁ

     দলিয়াই পেলাইছোঁ মোৰ ঠিকনা


     সেউজীয়া হাঁহি থকা

     মোৰ প্ৰেমৰ পথাৰত তুলি ধৰিছোঁ

     একুৰা জুই

     যি দহিব পাৰে

     মানুহৰ ভালপোৱা


     আচলতে 

     ইয়াত হৃদয় নামৰ একোৱেই নাই

     নদীৰো গভীৰতা নাই

     ৰাতিবোৰ দিন

     দিনবোৰ ৰাতি 

                                         (বিপৰ্যয়) 

     যোগেশ্বৰ মৰাণৰ প্ৰকাশিত তিনিওখন কাব্যগ্ৰন্থৰে সামগ্ৰিকভাৱে  সূক্ষ্ম পৰ্যৱেক্ষণ কৰি ক'ব পাৰি যে তেখেতৰ বহুকেইটা কবিতাত জীৱন সম্পৰ্কীয় গভীৰ অন্তৰ্দৃষ্টি সুন্দৰৰূপত প্ৰতিফলিত হৈ উঠিছে। 

    যোগেশ্বৰ মৰাণৰ কবিতাসমূহত পৰিলক্ষিত হোৱা বৈশিষ্ট্যসমূহৰ সম্পৰ্কত ক'বলৈ হ'লে প্ৰথম কথা হ' ল - তিনিওখন কাব্যগ্ৰন্থতে কবিৰ ব্যক্তিগত প্ৰেমে স্থান লাভ কৰিছে। তেখেতৰ  'আহ্বান-১' শীৰ্ষক কবিতাৰ পঠনে আমাক এই উপলদ্ধি আনি দিয়ে যে প্ৰেম যেন স্মৃতিৰ এখনি নৈ হৈ কবিৰ হৃদয়ত বৈ আছে।এই স্মৃতিৰ পটত কেতিয়াবা প্ৰেয়সীৰ মুখখনিয়ে 'শস্যগৰ্ভা আঘোণৰ সোনালী হাঁহি' হৈয়ো ধৰা দিছে। এই প্ৰেমেই কবিৰ প্ৰেৰণা। তেখেতে লিখিছে-'কবিতাইতো প্ৰেমৰ অমৃত বাণী'। মন কৰিবলগীয়া কথা এয়ে যে যোগেশ্বৰ মৰাণৰ কবিতা ব্যক্তি-প্ৰেমৰ পৰা ক্ৰমশ: মানৱ-প্ৰেমলৈ পৰ্যৱেশিত হৈছে -     

   কবিতাইতো প্ৰেমৰ অমৃত বাণী

   দেৱদূতৰূপী ৰূপান্তৰৰ গান

   যি মানুহৰ হৃদয়ত ফুলাব পাৰে

   সৰগৰ পাৰিজাত 

   আহক, আমি পাঠ কৰোঁ 

   পোহৰৰ কবিতা

   মানুহৰ হৃদয়ত ফুলাওঁ ফুল

   আমাৰ পঠিত কবিতাৰ শব্দৰ বোকোচাত উঠি

   পাৰ হওঁ

   আহিব লগা ৰাতিৰ হ'ব পৰা দুৰ্যোগ

                                                ('আহ্বান-২) 

   সেইবাবেই  মানুহৰ প্ৰেমত অতল বিশ্বাস ৰখা কবিয়ে কেতিয়াও ঘৃণা বা হিংসাক প্ৰশ্ৰয় দিব নোৱাৰে, কোনো সন্ত্ৰাসবাদী বিপ্লৱী সংগঠনৰ নিৰ্মম হত্যাকাণ্ডক সমৰ্থন কৰিব নোৱাৰে। নিষিদ্ধ সংগঠনৰ দ্বাৰা সংঘটিত নিৰ্মম হত্যাকাণ্ডৰ দৰে ঘটনাক তেখেতে কবিতাৰে বিৰুধিতা কৰি লিখিছিল-

    তুমি যেতিয়াই বিচ্ছিন্নতাৰ ৰঙেৰে

    ৰাঙলি কৰিছা দুহাত

    অঁ ঠিক তেতিয়াই 

    মই মোৰ কলিজা ফালি 

    বোৱাইছোঁ তেজ

    বোৱাইছোঁ নদী

    উত্তাল কৰিছোঁ বতাহ


    মোৰ এটাই দুখ

    তুমি যি ভালপোৱা

    যি কাম কৰি তুমি সুখেৰে থাকা

    মই যে তাক ভাল পাব নোৱাৰোঁ

                                     (প্ৰত্যাহ্বান) 

    একে সময়তে শ্ৰেণীশোষণৰ বিৰূদ্ধেও কবিৰ উদ্গীৰিত ক্ষোভৰ বহি:প্ৰকাশ আমি দেখিবলৈ পাওঁ তেখেতৰ 'শুৰ পোক' নামৰ কবিতাটিত।কোৱা নিস্প্ৰয়োজন যে  কবিতাটিত 'শুৰপোক' নি:সন্দেহে শোষকৰ প্ৰতীক। 'শাণ দিয়া কাঁচি'ৰ  উল্লেখত আমি তেখেতৰ বামপন্থী প্ৰগতিবাদী চেতনাৰ সুৰ এটি ক্ষীণকৈ হ'লেও  অনুৰণিত হোৱা অনুভৱ কৰিব পাৰোঁ-

         থোকে থোকে 

         কুটি খালি

         মোৰ সপোন.. 

         শুৰপোক

         শুৰপোক

         আৰু নোজোকাবি মোক

         জানইতো 

         কমাৰশালত 

         শাণ দিছোঁ

         কাঁচিৰ চোক

      সেইদৰে সম্প্ৰতি ধৰ্মক কেন্দ্ৰ কৰি মানুহৰ মাজত গঢ় লৈ উঠা ধৰ্মীয় সাম্প্ৰদায়িক মনোভাৱৰ বিৰূদ্ধেও তেখেতে নিজৰ বীতশ্ৰদ্ধ মনোভাৱ প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। তেখেতে লিখিছে-

         মানৱীয়তাৰ লৌহ শিকলি ছিঙি

         সংকীৰ্ণতাৰ তাড়নাত মানুহ

         জাতি-বিজাতি

         দেশী বিদেশী

         ধৰ্ম- বিধৰ্মৰ ফোপোলা বৰ্ম পৰিধানেৰে

         আধ্যাত্মিকতাৰ অহমিকাত আৱদ্ধ


         আ:

         তেজৰো ইমান দুৰ্গন্ধ

         তেজে তেজৰো ইমান যে যুদ্ধ

                              (এটা চিঞৰৰ বাবে)

    আজিৰ যুগত ক্ষুদ্ৰ স্বাৰ্থৰ বাবে মানুহে মানুহৰ সৈতে সম্পৰ্ক ছিন্ন কৰে। এই কথাইয়ো কবিক ব্যথিত কৰিছে। ব্যথিত হৃদয়েৰে তেখেতে লিখিছে-

         সম্পৰ্কবোৰ শেষ হ' লেও

         ৰৈ যায় অৱশেষ

         স্মৃতিৰ বৰষুণ হৈ

         তিয়াই থাকে

         বুকুৰ প্ৰদেশ

                        ( সম্পৰ্কবোৰ শেষ হ'লেও) 


     দ্বিতীয়তে, কবি যোগেশ্বৰ মৰাণ লালিত হৈছিল দিহিঙপৰীয়া গাঁৱত।সেয়ে নৈৰ স'তে তেখেতৰ আজন্ম সম্পৰ্ক। এই নৈয়ে তেখেতৰ কবিতাৰ ভাৱজগতত যথেষ্ট ঠাই আগুৰি আছে।প্ৰায়বোৰ কবিতাতে তেখেতে নৈক এবাৰলৈ হ'লেও টানি আনিছে।কবিৰ বাবে -'এই নদীৰ উৰ্মিমালাই মোৰ/নি:সংগতাৰ সংগ '। 'অনুনয়' শীৰ্ষক কবিতাত তেখেতে লিখিছিল-

    মোক এই নদীৰ স'তেই সহবাস কৰিবলৈ দিয়া

    কাৰণ, এই নদীয়েই মোৰ ঘৰ

    মোৰ সোঁৱে - বাৱেঁ, উশাহে - নিশাহে 

    এই নদীয়েই সুবিস্তৃত জলধাৰ... 


     য'ত নদী নাই তেনে ঠাইলৈ মই

     কোনো দিনে যোৱা নাই

     তাত কোনো সুৰৰ লয়লাস অথবা

     মন উৰুওৱা ফাগুনৰ মলয়া নাই

     তাত তৃষ্ণাতুৰ মনৰ প্ৰাণ নাই

     নাই সপোনৰ ঢল... 

   

      নদীৰ দৰে অৰণ্যৰ সৈতেও কবিয়ে স্থাপন কৰিছে অনুৰূপ এক অন্তৰংগ সম্পৰ্ক-

       মোৰ বুকুৰ দুৱাৰ খুলি

       সোমাই আহিল 

       এখনি অৰণ্য

       অৰণ্যৰ স'তে লয়লাস গতিৰে

       এখনি নদী

       ফেনিল তৰংগ 

                                (অৰণ্য আৰু নদী) 


       হৃদয়ৰ আঁহে-পাহে অৰণ্যই

       আলফুলে মেলি দিছে তাৰ শিপা

       দুৰ্বিনীত সময়ৰ কুঁৱলী আঁতৰাই

       বোৱাই দিছে

       অৰণ্য সন্তান নদীৰ ফেনিল তৰংগ

       য' ত মই স্নান কৰোঁ পুৱা-গধূলি.. ।

                                           (অৰণ্যৰ স'তে) 

       এই নদীৰ প্ৰেমতে কবিয়ে তেখেতৰ  দ্বিতীয়খন কবিতাপুথিৰো নামকৰণ কৰিছে- 'নদীয়ে এৰি যোৱা নদীৰ যন্ত্ৰণাৰে'। 

        ঐতিহ্যপ্ৰীতি হৈছে যোগেশ্বৰ মৰাণৰ কবিতাৰ এক অন্যতম বৈশিষ্ট্য। তেখেতৰ কবিতাত সেয়ে অসমীয়া সমাজ-জীৱনৰ বিলুপ্তপ্ৰায় কিছু ঐতিহ্যপূৰ্ণ সামগ্ৰী যেনে তাঁত, ঢেঁকী আদিয়ে স্থান লাভ কৰিছে, যেনে-

  (১) তোৰ বাবেই 

        আইতাৰ দুচকুত উজলি উঠে

        বহাগ

        উদ্দাম হয় মাঘৰ মেজি

        বৰণি মাৰিৰ দুপাখিত

        উচ্ছল হয় সপোন নদী


        আজি তই নাই

        জীৰ্ণ কটৰা

        জীৰ্ণ খুবলি

        আইতাৰ স'তে তয়ো

        কিয় গুছি গ' লি

                                           (তাঁত) 

 (২)  ঢেং কুলুক 

        ঢেং কুলুক

        তোৰ সন্মোহন 

        জয়াল ৰাতিৰ নিস্তব্ধতা ভাঙি

        ৰিণিকি

        ৰিণিকি

        সাৰে আছে মোৰ গাঁও

        সাৰে আছে পৃথিৱী

                                             (ঢেঁকী) 

     শেষত, তেখেতৰ কবিতাৰ এক উল্লেখনীয় বৈশিষ্ট্য হৈছে - চিত্ৰকল্প। ভাৱৰ গভীৰতা নাথাকিলেও তেখেতৰ বহুকেইটা কবিতা কেৱল চিত্ৰকল্পৰ বাবেও সুন্দৰ হৈ উঠিছে। যেনে-

       শেৱালী যেতিয়া ফুলে

       কলপতীয়াৰঙী এটি বিষাদ

       গান হৈ ঘূৰি ফুৰে

       আন্ধাৰৰ

       আঁৰে আঁৰে


       মোৰ শিতানৰ দুয়োকাষে 

       কাকিনী পোহৰবোৰে জুম বান্ধে

       বতাহেও ল'ৰাব নোৱাৰা

       নিৰ্যাসবিহীন শুকান নৰাৰ দৰে

       স্থিৰ, নিৰ্জীৱ

       কুঁৱলীয়ে কুঁৱলীয়ে

                               (শেৱালী যেতিয়া ফুলে) 

       কবিতাটিত উল্লেখিত 'কলপতীয়াৰঙী এটি বিষাদ', 'কাকিনী পোহৰবোৰে' আদি চিত্ৰকল্পই পাঠকৰ সন্মুখত গ্ৰাম্য পৰিৱেশ এটা যেনেকৈ তুলি ধৰে, ঠিক তেনেকৈ তেখেতে কুঁৱলীক  'নিৰ্যাসবিহীন শুকান নৰাৰ দৰে' বুলি চিত্ৰিত কৰা কাৰ্যত পাঠকে কবিৰ অনুভৱ-শক্তিৰ সূক্ষ্মতাকো উপলদ্ধি কৰিব পাৰে। সেইদৰে 'দুগালত ৰ'দৰ চিকমিকনি/লাৱনি হাতত ঘিলাচকলীয়া সপোন'(আঘোনৰ দাৱনী), 

' বিৰিয়াৰ বোকোচাৰে বৈ অহা/ন-ভাতৰ জহা জহা মলমলীয়া সুগন্ধ'(আঘোন), ' জুইত পোৰা মাছৰ দৰে জঁপিয়াইছে চহৰ' (ৰ'দৰ দহন) আদিৰ দৰে বাক্যাংশৰে তেখেতে সুন্দৰ চিত্ৰকল্প নিৰ্মান কৰিছে। বিশেষকৈ অসমৰ সমাজ- জীৱনক প্ৰভাৱিত কৰা গ্ৰাম্য-প্ৰকৃতি আৰু ঋতুসমূহৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত তেখেতৰ চিত্ৰকল্পসমূহৰ নিৰ্মান অত্যন্ত সাৰ্থক ৰূপত ধৰা দিছে।

    মূলত: আশীৰ দশকত আৰম্ভ হোৱা অসমীয়া কবিতাৰ চিত্ৰকল্পবাদী ধাৰাৰ এগৰাকী বলিষ্ঠ কবি আছিল যোগেশ্বৰ মৰাণ।কিন্তু অত্যন্ত দুখৰ কথা যে 

দিহিংপৰীয়া এইগৰাকী কবি  বহুতৰ বাবে আজিও অপৰিচিত  হৈয়ে  ৰৈ গ'ল। (সমাপ্ত) 

বি:দ্ৰ:' অসম আদিত্য:(এপ্ৰিল ২০২৬)ত প্ৰকাশিত। 

                                              


জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা

   জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা                                                      - বীৰ্কে বি থাপা     অসমীয়া ভাষা বুলি ক...