জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা
- বীৰ্কে বি থাপা
অসমীয়া ভাষা বুলি ক'লে আমি সাধাৰণতে সেই ভাষাক বুজোঁ যিটো ভাষা অসমৰ উজনিৰ পৰা নামনিলৈকে সকলোৱে ব্যৱহাৰ কৰিব পৰা অসমৰ এটা সংযোগী ভাষা হিচাপে মান্যতা লাভ কৰি আহিছে। এই সকলোৰে মান্য অসমীয়া ভাষা যিটো ভাষা আমি লিখিত ৰূপতো ব্যৱহাৰ কৰোঁ-এই ভাষা মূলত: ইন্দা-ইউৰোপীয় ভাষাৰ অন্তৰ্গত মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা।
ভাষাতত্ববিদসকলৰ মতে, পৃথিৱীৰ প্ৰধান ভাষাসমূহৰ ভিতৰত অন্যতম এটা ভাষা হৈছে ইন্দো- ইউৰোপীয় ভাষা।এই ইন্দো -ইউৰোপীয় ভাষাৰ প্ৰধান দুটা ভাগ হৈছে ইন্দো-ইৰাণীয় আৰু ইন্দো-এৰিয়ান(ইন্দো-আৰ্য ভাষা)। অসমীয়া ভাষা হৈছে ইন্দো-এৰিয়ান ভাষাৰ অন্তৰ্গত মাগধী প্ৰাকৃতৰ পৰা উদ্ভূত ভাষা।প্ৰাচীন মগধ আৰু বিদেহ ৰাজ্যত প্ৰচলিত এই ভাষা উত্তৰ বংগৰ মাজেৰে আহি অসমত প্ৰৱেশ কৰিছিল আৰু সপ্তম শতিকামানত ই অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত কামৰূপত এটা সুকীয়া ভাষা ৰূপে গঢ় লৈ উঠিছিল।সেই অৰ্থত কামৰূপী ভাষাতে প্ৰাচীন মাগধী অপ্ৰভ্ৰংশৰ আদিম ৰূপ দেখিবলৈ পোৱা যায় বুলি ক'ব পাৰি।
এই মান্য অসমীয়া ভাষাই হৈছে আমাৰ সকলোৰে মাতৃভাষা। আজি সমগ্ৰ বিশ্ব জুৰি উদযাপন কৰা' আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ মূল তাৎপৰ্যই হৈছে এষে যে আমি আমাৰ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰাৰ লগতে মাতৃভাষাৰ তাৎপৰ্যক উপলদ্ধি কৰিব লাগিব আৰু মাতৃভাষাক যিকোনো সংকট-বিপৰ্যৰ পৰা ৰক্ষা কৰিব লাগিব।
এই প্ৰসংগত উল্লেখনীয় যে অনা-অসমীয়া ভাষাৰ আগ্ৰাসনে বহুবাৰ অসমীয়া ভাষাক বিপৰ্যস্ত কৰিছে। ইয়াৰ প্ৰথম উদাহৰণ- ১৮২৬ খৃ:ৰ ইয়াণ্ডাবু সন্ধিৰ চুক্তিমৰ্মে অসম বৃটিছৰ অধীনলৈ যোৱাৰ পাছত বৃটিছসকলে অসমত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ খুলিবলৈ আৰম্ভ কৰিছিল।আনকি এনে আইনো বলবৎ কৰিছিল যে কেৱল ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰাসকলকহে অফিচ-কাছাৰী আদিত চৰকাৰী চাকৰি দিয়া হ'ব। গতিকে স্বাভাৱিকতে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মনত সন্তানক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰি তোলাৰ প্ৰৱণতাই দেখা দিছিল।
সেইদৰে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈ থাকিবলগীয়া হোৱাত বাংলা ভাষা-সাহিত্যৰ সৈতেও অসমীয়া মধ্য বিত্ত শ্ৰেণীৰ পৰিচয় ঘটিবলৈ আৰম্ভ কৰিছিল ।কলিকতাত উচ্চ শিক্ষা লাভ কৰা মধ্যবিত্তীয় শিক্ষিত লোকসকলৰ মনত লাহে লাহে বাংলাভাষাক শ্ৰেষ্ঠ ভাষা বুলি ভৱা আৰু নিজৰ মাতৃভাষাক অৱহেলা কৰা প্ৰৱণতাইয়ো গা কৰি উঠিছিল।অসমৰ এইসকল শিক্ষিত লোকৰ অসচেতনতাৰ সুযোগ লৈয়ে বৃটিছসকলে অসমৰ সকলোবোৰ চৰকাৰী অফিচ-কাছাৰীৰ মাধ্যম ভাষা হিচাপে বাংলা ভাষাৰ প্ৰচলন কৰিছিল।১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে প্ৰায় সাতত্ৰিশ বছৰে এইদৰে অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাই আধিপত্য বিস্তাৰ কৰিছিল।অসমীয়া ভাষালৈ নামি অহা সংকটৰ এয়াই আছিল আৰম্ভণি।কিন্তু সৌভাগ্যক্ৰমে উনবিংশ শতিকাৰ তৃতীয় দশকত অসমলৈ অহা আমেৰিকান মিছনেৰীসকলৰ তৎপৰতাত অসমৰ অফিচ-কাছাৰীসমূহত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন হৈছিল। এই কথা স্বীকাৰ কৰিব লাগিব যে, মিছনেৰীসকল অসমলৈ অহাৰ প্ৰধান উদ্দেশ্য আছিল খৃষ্টান ধৰ্মৰ প্ৰচাৰ, কিন্তু তেওঁলোকে যথাৰ্থতে অসমীয়া ভাষাৰ দুৰৱস্থাৰ কথা উপলদ্ধি কৰিছিল আৰু ড: নেথান ব্ৰাউন ,তেওঁৰ পত্নী এলিজা ব্ৰাউন আৰু ৰেভাৰেণ্ড অলিভাৰ টি কট্টৰৰ দৰে লোকসকলে শদিয়াত থকা কালছােৱাত স্থানীয় খামতি আৰু অসমীয়া ভাষী লােকসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰাৰ উপৰিও খুব কম সময়ৰ ভিতৰতে অসমীয়া ভাষা আয়ত্ব কৰি কিতাপ-পত্ৰ আদি প্ৰকাশ কৰিছিল। তেওঁলোকে জয়পুৰত ছপাশাল স্থাপন কৰি খামতি, শ্যাম, চিংফৌ আৰু নগা ভাষাত অসমীয়া আৰু ৰােমান হৰফেৰে যথেষ্ট ছপাৰ কাম কৰা জানিব পৰা যায়।অকল সেয়ে নহয়, মিছনেৰীসকলে ১৮৪৬ খৃঃত শিৱসাগৰৰ পৰা অসমৰ সংবাদজগতৰ এক যুগান্তকাৰী ঘটনা স্বৰূপে ‘অৰুণােদই' কাকত প্ৰকাশ কৰি উলিয়াইছিল।
১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত অসমীয়া ভাষাই স্বকীয় মৰ্যাদাৰে আত্মপ্ৰতিষ্ঠা লাভ কৰিব বুলি যথেষ্ট আশা কৰা হৈছিল। কিন্তু অসমীয়া ভাষাৰ ওপৰত অন্য ভাষিক গোষ্ঠীৰ আক্ৰমণৰ অন্ত পৰা নাছিল।১৯৪৭ চনত বাংলাদেশ বিভাজন হোৱাত শৰণাৰ্থী হিচাপে আহি অসমত প্ৰৱেশ কৰা বাংলাদেশীসকলৰ ভাষিক আগ্ৰাসনে অসমীয়া ভাষাৰ অস্তিত্বক শংকিত কৰি তুলিছিল ।বৰাক উপত্যকাত বাংলা ভাষীসকলে বাংলা ভাষাক অসমৰ মাধ্যম ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লগাত ব্ৰক্ষ্মপুত্ৰ উপত্যকাত সাম্প্ৰদায়িক সংঘাত তীব্ৰ হৈ উঠিছিল। ১৯৬০ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমীয়া ভাষাক একমাত্ৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাৰ প্ৰতিবাদত বৰাক উপত্যকাৰ বাংলাভাষী লোকসকল এনেদৰে জাঙুৰ খাই উঠিছিল যে তাৰ ফলস্বৰূপে ব্ৰক্ষ্মপুত্ৰ উপত্যকাত বসবাস কৰা অসমীয়াভাষী আৰু বাংলাভাষী লোকসকলৰ মাজত সংঘৰ্ষই হিংসাত্মক ৰূপ ধাৰণ কৰে ।আন্দোলনে এনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল যে অকল ব্ৰক্ষ্মপুত্ৰ উপত্যকাতে বাংলাভাষী লোকসকলৰ প্ৰায় পাঁচ হাজাৰ ঘৰ জ্বলাই দিয়া হয়।পুলিচৰ গুলিত নিহত হয় ৰঞ্জিত বৰপূজাৰী নামৰ কটন কলেজৰ এজন ছাত্ৰ।বৰাক উপত্যকাতো আন্দোলন তুংগত উঠিছিল। পুলিচৰ গুলিত বৰাক উপত্যকাতো কেইবাজনো যুৱকৰ মৃত্যু হৈছিল।ফলত বিমলা প্ৰসাদ চলিহা চৰকাৰে ব্ৰক্ষ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা আৰু বৰাক উপত্যকাত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিবলৈ বাধ্য হয়।
ষাঠীৰ দশকত অসমীয়া ভাষাৰ ওপৰত হোৱা বাংলাভাষাৰ আগ্ৰাসনৰ পৰিপ্ৰেক্ষিতত অসমীয়া ভাষাৰ প্ৰাধান্য বৃদ্ধিৰ বাবে ১৯৭২ চনত পুনৰ সূত্ৰপাত হয় মাধ্যম আন্দোলনৰ। মাধ্যম আন্দোলনৰ জৰিয়তে অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীকে মাধ্যম ভাষা হিচাপে অসমীয়া ভাষা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়। এটা দৃষ্টিৰে সেয়া ভালেই আছিল যদিও এনেদৰে অসমীয়া ভাষাক মাধ্যম ভাষা হিচাপে সকলো জাতি-জনগোষ্ঠীক জোৰকৈ গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা কাৰ্যই জনজাতীয় লোকসকলক ক্ষোন্ন কৰিছিল। কাৰণ, স্বকীয় কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্যৰে নিজৰ স্বাভিমান ৰক্ষা কৰিব বিচৰা জনজাতীয় লোকসকলৰ একাংশই ইয়াৰ দ্বাৰা তেওঁলোকৰ স্বকীয় ভাষা,দোৱান আদি সংকটৰ গৰাহত পৰিব বুলি আশংকা কৰিছিল।
মাধ্যম আন্দোলনৰ দ্বাৰা মান্য অসমীয়া ভাষাৰ ৰক্ষাৰ কথা ভবা হৈছিল যদিও এই আন্দোলনে জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ কথা চিন্তা কৰা নাছিল যাৰ বাবে জনজাতীয় লোকসকল এই আন্দোলনৰ পৰা আঁতৰি আহিছিল।জনজাতীয় লোকসকলৰ এনে বিচ্ছিন্নতাবাদী মনোভাৱৰ অন্তৰালত অন্য কাৰণো যথেষ্ট আছিল। তাৰে প্ৰধান কাৰণ আছিল-উচ্চ বৰ্ণ হিন্দুৰ অসমীয়াসকলে জনজাতীয় লোকসকলৰ প্ৰতি পোষণ কৰি অহা ঘৃণা আৰু অৱজ্ঞাৰ মনোভাৱ। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ইতিপূৰ্বে উনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ দ্বিতীয় দশকৰ সময়ছোৱাতে অসমত জনজাতীয় লোকসকলে নিজৰ স্বকীয়তা ৰক্ষা আৰু আত্মনিয়ন্ত্ৰণৰ হকে এক প্ৰকাৰৰ নৱজাগৰণ গঢ়ি তুলিছিল। অৱশ্যে তেওঁলোকৰ মাজতো কিছুসংখ্যক এনে জনজাতীয় শিক্ষিত লোক আছিল যিসকলে নিজৰ স্বকীয়তাক ৰক্ষা কৰিও অসমীয়া ভাষাকো সমানে শ্ৰদ্ধা কৰিছিল। এই প্ৰসংগত হোমেন বৰগোহাঞিয়ে সোণাৰাম পায়েং, চাৰুচন্দ্ৰ দলে, মুহিচন্দ্ৰ মিৰি ,চকভাল কাগয়ুং,তৰুণচন্দ্ৰ পামেগাম, সীতানাথ ব্ৰক্ষ্মচৌধুৰী, দণ্ডীধৰ ফাটোৱালী আদিৰ দৰে শিক্ষিত ব্যক্তিসকলৰ কথা উল্লেখ কৰিছে যিসকলে অসমীয়া ভাষাকো সমানে আকোঁৱালী লৈ অসমীয়া ভাষাত লিখা-মেলা, সাহিত্য-চৰ্চা আদি কৰি গৈছিল।
সি যি কি নহওক,অসমৰ জনগাঁথনিলৈ লক্ষ কৰিলে দেখা যায় - অসমীয়া জাতিৰ উদ্ভৱ আৰু বিকাশ হৈছে অষ্ট্ৰিক, মংগোলীয়, আৰ্য আদি বিভিন্ন নৃগোষ্ঠী, ভাষা-ভাষী, জাতি- উপজাতিৰ সংমিশ্ৰণত। কেৱল নিৰ্দিষ্ট এটা নৃগোষ্ঠীৰে গঠিত 'অসমীয়া জাতি' বুলি কোনো জাতিৰ অৱস্থিতিৰ কথা আমি ভাৱিব নোৱাৰোঁ। সেইদৰে আমি সকলোৱে কোৱা মান্য 'অসমীয়া ভাষা'ৰ উৎপত্তি মূলত: মাগধী প্ৰাকৃতৰ পৰা হৈছে যদিও এই ভাষাৰ বিকাশত বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষিক অৱদান জড়িত হৈ আছে।
উল্লেখযোগ্য যে,প্ৰাচীন অসমত কামৰূপী ভাষা সকলোৰে বাবে এটা মান্যভাষা ৰূপে প্ৰচলিত হৈ থকা সময়ছোৱাত অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ ভাষা বা দোৱানসমূহো অঞ্চলবিশেষে প্ৰচলিত আছিল। কিন্তু এই জনগোষ্ঠীয় ভাষা বা দোৱানসমূহ অঞ্চল বিশেষতে আৱদ্ধ হৈ থকা হেতুকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সেইবোৰ সকলোৰে সহজ বোধগম্য নাছিল।সেয়ে কামৰূপী ভাষাকে সকলোৱে কম-বেছি পৰিমানে মাধ্যম ভাষা হিচাপে গ্ৰহণ কৰিছিল বুলি অনুমান কৰিব পাৰি।আৱিস্কৃত শিলালিপি আৰু তাম্ৰলিপি সমূহৰ পৰাও এই কথা স্পষ্ট হৈ উঠিছে যে জনসাধাৰণৰ বোধগম্য ভাষা হিচাপে প্ৰাচীন অসমত সংস্কৃত আৰু কামৰূপী ভাষাৰ প্ৰচলন আছিল।
শংকৰদেৱ -মাধৱদেৱৰ আৱিৰ্ভাৱৰ পূৰ্বে মাধৱ কন্দলীৰ দৰে কবিসকলেও সংস্কৃত আৰু কামৰূপী ভাষাত কাব্য-চৰ্চা কৰা কথা জানিব পৰা যায়।শংকৰদেৱে 'এক শৰণ নাম ধৰ্ম 'প্ৰচাৰৰ বাবে পূৰ্বৰ ঐতিহ্য পৰিহাৰ কৰি পোনপ্ৰথমবাৰৰ বাবে ব্ৰজাবলী ভাষাত সাহিত্যৰাজি ৰচনা কৰিছিল।এই ব্রজাবলী ভাষাটো আছিল সংস্কৃত,মৈথিলী আৰু অসমীয়া(অৰ্থাৎ কামৰূপী) ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ভাষা।
পৰৱৰ্তী কালত বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যই গদ্যত লিখিবলৈ আৰম্ভ কৰাৰ পৰাই বৰ্তমানে আমি কৈ থকা অসমীয়া ভাষাৰ প্ৰকৃত বিকাশ-কাল আৰম্ভ হৈছিল।উল্লেখযোগ্য যে,ভট্টদেৱৰ গদ্য কেৱল লিখিত গদ্য-সাহিত্যৰে নিদৰ্শন নহয়,ই তৎকালীন কথিত অসমীয়া ভাষাৰো উৎকৃষ্ট নিদৰ্শন।তেওঁৰ গদ্যত ব্যৱহৃত বিভিন্ন শব্দ আৰু কথনশৈলীৰ পৰা এই কথা স্পষ্ট হৈ উঠে যে মধ্যযুগৰ অসমত প্ৰচলিত ভাষাত অসমৰ অন্যান্য জনগোষ্ঠীৰো যথেষ্ট ভাষিক অৱদান আছিল।
আজি আমি ব্যৱহাৰ কৰি থকা মান্য অসমীয়া ভাষাৰ বহু শব্দই বিদেশী মূলৰ। যেনে - উৰ্দু, পাৰ্চী, আৰৱী, ইংৰাজী আদি। ভাষাৰ সমৃদ্ধি আৰু বিকাশৰ বাবে এয়া প্ৰয়োজনো। কিন্তু অত্যন্ত দুখৰ কথা এয়ে যে আমি বিদেশী মূলৰ যিমান শব্দ অসমীয়া ভাষাত গ্ৰহণ কৰিছোঁ, তাৰ তুলনাত জনগোষ্ঠীয় ভাষাৰ শব্দ কিন্তু তেনেদৰে গ্ৰহণ কৰা নাই। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যিহেতু বড়ো কছাৰী, দেউৰী, ৰাভা, চুতীয়া, মৰাণ-মটক, সোনোৱাল কছাৰী, ডিমাচা কছাৰী, ঠেঙাল কছাৰী, মিচিং, তিৱা, কাৰবি, চিংফৌ, নক্তে, টাংচা, টাই ফাকে, টাই তুৰুং, দোৱনীয়া, হাজং আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ অৱদান আছে, সেয়ে এই জনগোষ্ঠীসমূহৰো স্বকীয় কৃষ্টি-সংস্কৃতি, ভাষা-দোৱান আদি ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে। তেওঁলোকৰ অবিহনে বৃহত্তৰ অসমীয়া জাতীয় সত্তাৰ কোনো অৰ্থই থাকিব নোৱাৰে। সেইদৰে তেওঁলোকৰ মাজত প্ৰচলিত ভাষা, দোৱান বা শব্দসমূহকো ৰক্ষা কৰিব লাগিব।
আলাস্কা বিশ্ববিদ্যালয়ৰ বিশ্বপ্ৰসিদ্ধ ভাষাতত্ববিদ মাইকেল ক্ৰাউচে (Michael Krauss)কিছু বছৰৰ আগতে এটা বৰ আশ্বৰ্যজনক তথ্য দাঙি ধৰি এই কথা প্ৰকাশ কৰিছিল যে সমগ্ৰ বিশ্বত প্ৰচলিত প্ৰায় সাত হাজাৰটা ভাষাৰ ভিতৰত প্ৰায় নব্বৈ শতাংশ ভাষাৰে মৃত্যু ঘটিব ২০৫০ চনৰ ভিতৰত। ইউনেস্ক'ৰ দৰে সংস্থাইয়ো এই তথ্য মানি লৈছে আৰু ইতিমধ্যে বহুকেইটা ভাষাৰ মৃত্যু হোৱা তথ্য প্ৰকাশ কৰিছে।ইউনেস্কৰ তথ্যমতে অকল ভাৰতবৰ্ষতে প্ৰায় ১৯৬ টা ভাষাৰ মৃত্যু ঘটিছে আৰু কেইবাটাও ভাষাৰ অস্তিত্ব আজি সংকটত।অস্তিত্বৰ সংকটত ভূগি থকা ভাষাসমূহৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ লগতে অসমৰো কেইটামান জনগোষ্ঠীৰ ভাষা। এই তথ্যই স্বাভাৱিকতে আমাক শংকিত কৰি তোলে। কাৰণ, ভাষাতত্ববিদ সকলৰ মতে, পৃথিৱীত সেই জাতি বা জনগোষ্ঠীৰ ভাষাই জীয়াই থাকে যাৰ নিজস্ব লিপি থাকে। অসমৰ জনগোষ্ঠীয় কোনো ভাষাৰে ক'বলৈ গ'লে নিজা লিপি নাই। এনে পৰিস্থিতিত জনগোষ্ঠীয় ভাষাসমূহক জীয়াই ৰাখিবলৈ হ'লে আমি জনগোষ্ঠীয় ভাষা বা শব্দসমূহক আকোঁৱালী ল' বই লাগিব। আমি যিদৰে উৰ্দু, আৰৱী, পাৰ্চী, ইংৰাজী আদি বিদেশী মূলৰ শব্দসমূহত আকোঁৱালী খাটি অসমীয়া ৰূপ দিলোঁ, সেইদৰে জনগোষ্ঠীয় শব্দসমূহকো আকোঁৱালী ব্যাপক ৰূপত ব্যৱহাৰ কৰিব লাগিব। দ্বিতীয়তে, ভাষা এটা জীষাই থাকিবলৈ হ'লে লিপিৰ প্ৰয়োজন। জনগোষ্ঠীয় লোকসকলে অসমীয়া লিপি উদাৰতাৰে গ্ৰহণ কৰিব লাগিব। তেতিয়াহে জনগোষ্ঠীয় ভাষাসমূহৰ লগতে অসমীয়া ভাষাও জীয়াই থাকিব। এই ক্ষেত্ৰত জনগোষ্ঠীয় ভাষা আৰু শব্দাৱলীৰ সংৰক্ষণ, অভিধান প্ৰণয়ন আদিৰ দৰে কামত যথেষ্ট গুৰুত্ব দিব লাগিব। (সমাপ্ত)
বি:দ্ৰ: 'অসম আদিত্য'(মাৰ্চ ২০২৬)ত প্ৰকাশিত।