Friday, August 13, 2021

ড:ৰঞ্জিত দত্তৰ বৰ্ণিল ব্যক্তিত্ব আৰু সাহিত্য প্ৰতিভা


ড:ৰঞ্জিত দত্তৰ
         বৰ্ণিল ব্যক্তিত্ব আৰু সাহিত্য প্ৰতিভা

                                              -বীৰ্কে বি.থাপা

        পাঠকৰ হৃদয় স্পৰ্শ কৰিবৰ বাবে বিষয়বস্তুৰ গভীৰতাৰ লগে লগে সাহিত্যত একোটা আকৰ্ষণীয় আৰু সুবিন্যস্ত কথনশৈলী বা গদ্যৰীতিৰো অত্যন্ত প্ৰয়োজন।বিশিষ্ট কবি ড:ৰঞ্জিত দত্তৰ কবিতাৰ স্পন্দিত শব্দ -বিন্যাসৰ দৰে স্পষ্ট, মেদহীন আৰু গভীৰ অভিব্যক্তিপূৰ্ণ পৰিশীলিত গদ্যয়ো পাঠকৰ হৃদয় স্পর্শ কৰে ।
        ড: ৰঞ্জিত দত্ত এগৰাকী আকৰ্ষনীয় ব্যক্তিত্বৰ অধিকাৰী।তেখেত কেৱল হৃষ্ট-পুষ্ট,সুদৰ্শন ব্যক্তিয়েই নহয়,তেখেতৰ ব্যক্তিত্বত আছে সকলোকে মুগ্ধ কৰিব পৰা এক অপূৰ্ব 'মেগনিটিউড পাৱাৰ'।এক বলিষ্ঠ ,গলগলীয়া কণ্ঠেৰে অনৰ্গল কথা পাতিব পৰা আকৰ্ষণীয় দক্ষতা আছে তেখেতৰ।তেখেতৰ কথাত প্ৰকাশ পোৱা প্ৰবল যুক্তি , স্পষ্টবাদিতা আৰু সৰল-বিনয়ী ভাৱ-মাধুৰ্যৰ দৰে  তেখেতৰ অপূৰ্ব গদ্যশৈলীয়েও পাঠকক  মুগ্ধ কৰিব পাৰে ,পাঠকৰ মন-মস্তিষ্কক আলোড়িত কৰিব পাৰে।
        ভাৰতৰ অন্যতম এক বৃহৎ উদ্যোগিক প্ৰতিষ্ঠান ক'ল ইণ্ডিয়াৰ এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া (মহাপ্ৰৱন্ধক)হিচাপে তেখেতৰ জীৱন-ধাৰণত  এক উচ্চবিত্তীয় আভিজাত্য থকাটো অস্বাভাৱিক নহয় যদিও তেখেতৰ আচাৰ-ব্যৱহাৰত উচ্চবিত্তীয় অহমিকা মই কেতিয়াও দেখা নায়।সকলো শ্ৰেণীৰ লোকৰ সৈতে এক আন্তৰিক -সুষম সম্পৰ্ক বজাই ৰখাত গুৰুত্ব দিয়ে তেখেতে।সেইবাবেই দিহিং পাটকাইৰ পাদদেশৰ জনগোষ্ঠীয় লোকসকলৰ বুকুৰ কুটুম তেখেত।এই লোকসকলৰ শৈক্ষিক-সামাজিক-সাংস্কৃতিক জীৱনৰ সৈতে সুদীৰ্ঘ বছৰ ধৰি তেখেতে নিজক একাকাৰ কৰি দিছে।দেহে-কেহে খাটি তেখেতে এই লোকসকলৰ উচ্চ শিক্ষাৰ সুবিধাৰ বাবে লিডুত কলেজ স্থাপন কৰি দিছে।চিংফৌ, নক্তে, টাংচা, ফাকিয়াল আদি সকলো জনগোষ্ঠীৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি-ঐতিহ্যক বিশ্বৰ দৰবাৰত দাঙি ধৰাৰ লক্ষেৰে অনুষ্ঠিত কৰোৱা 'দিহিং-পাটকাই-ফেষ্টিভেল'ৰ তেখেত আছিল অন্যতম ৰূপকাৰ।
        ড:ৰঞ্জিত দত্তৰ সৈতে মোৰ পৰিচয় বৰ পুৰণি নহয়। তেখেতক মই প্ৰথম লগ পাইছিলোঁ খুৱ সম্ভৱ 2019 চনৰ জুন মাহৰ কোনোবা এটা দিনত-ডুমডুমাৰ কবি সন্মিলনৰ অনুষ্ঠান এটাত। সেয়াও খুব কম সময়ৰ বাবে।পাছতহে সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে তেখেতৰ কাষ চপাৰ আৰু তেখেতক জনাৰ এটা ইলেক্ট্ৰনিক সুযোগ লাভ কৰিছিলোঁ।
        ফেচবুকত তেখেতে দেশী-বিদেশী বিভিন্ন কবিতাৰ অসমীয়া অনুবাদ আগবঢ়াই নিজাববীয়াকৈ এক অতি সুন্দৰ আৰু প্ৰশংসনীয় কাৰ্য বহুদিন ধৰি কৰি অাহিছে।নিৰলসভাৱে এনেদৰে  অনুবাদৰ দৰে এক জটিল কাম প্ৰায় প্ৰতিদিনেই কৰি যোৱা ড:ৰঞ্জিত দত্তৰ কৰ্মস্পৃহা দেখি অভিভূত হৈছিলোঁ। কাৰণ,তেখেতৰ দৰে কয়লাক্ষেত্ৰৰ এটা দায়িত্বপূৰ্ণ উচ্চ পদৱীত থকা মানুহ এজনে আজৰি পৰত ক্লাব-পাৰ্টি আদিত সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে সাহিত্য-চৰ্চা কৰি যোৱাটো কম কথা নহয়।কবিতাক অন্ত:প্রাণেৰে ভাল নাপালে  অনুবাদৰ দৰে কঠিন কাম কোনেও এনেদৰে অবিৰতভাৱে কৰি থাকিব নোৱাৰে।অকল সেয়ে নহয়,বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট কবিসকলৰ কবিতাৰ অসমীয়া অনুবাদ 'এছাটি সুগন্ধি মলয়া'ৰ প্ৰথম আৰু দ্বিতীয় খণ্ড ক্ৰমে 2019 আৰু 2020 চনত তেখেতে প্ৰকাশো কৰি উলিয়াইছিল। এই সময়ছোৱাতে তেখেতে প্ৰকাশ কৰি উলিয়াইছিল আন দুখন মূল্যবান গ্ৰন্থ-East Wind আৰু  Flows like a river -য'ত সন্নিৱিষ্ট হৈছে প্ৰতিষ্ঠিত-অপ্ৰতিষ্ঠিত বহুকেইগৰাকী  অসমীয়া কবিৰ কবিতাৰ ইংৰাজী অনুবাদ।
        মৌলিক সৃষ্টি হিচাপে  সমসাময়িক বিভিন্ন কাকত-আলোচনীত লেখা-মেলা কৰাৰ উপৰিও তেখেতে 1999 চনত প্ৰকাশ কৰি উলিয়াইছিল প্ৰথমখন কবিতাপুথি-'হৃদয়ত জোনাক'।বৰ্তমানলৈকে তেখেতৰ কাব্যগ্ৰন্থ -হৃদয়ত জোনাক,কেহেৰাজবুলিয়া অনুভৱ, কবিতা মোৰ মৌন প্ৰহৰৰ ,শূণ্যতা আৰু কোলাহলৰ দোলনিতে আৰু নিৰ্জন সৈকত তথা গীতৰ সংকলন 'নিৰিবিলি নিজানতে' আৰু 'সুৰ এটি দিয়ানা' প্ৰকাশ পাইছে।2020 চনত প্ৰকাশিত 'নিৰ্জন সৈকত' এখন দ্বিভাষিক কাব্যসংকলন য'ত তেখেতে কলিকতাৰ বিশিষ্ট কবি ৰাজৰ্ষি নাৰায়ন পত্ৰনবিশৰ 'ফেৰিৱালা' কাব্যগ্ৰন্থৰ নিৰ্বাচিত কিছু কবিতা অসমীয়ালৈ আৰু তেখেতৰ 'নিৰিবিলি নিজানতে' কাব্যগ্ৰন্থৰ নিৰ্বাচিত কিছু কবিতা পত্ৰনৱিশে বাংলালৈ অনুবাদ কৰিছে।   
        নৈসর্গিক চেতনাই আন্দোলিত কৰা অন্তৰৰ কঁহুৱা-কোমল অনুভূতিয়েই ড: ৰঞ্জিত দত্তৰ প্ৰায়বোৰ কবিতাৰ কেন্দ্ৰীয় বিষয় যদিও আধুনিক যুগৰ যান্ত্ৰিকতা,দু:সময়,কৃত্ৰিম আভিজাত্য , মানৱতাৰ স্খলন আদিৰ দৰে বিষয়সমূহো তেখেতৰ  বহুকেইটা কবিতাত চিত্ৰিত হৈছে ।সেইদৰে তেখেতৰ 'এজাক বৰষুণৰ প্ৰত্যাশাৰে' শীৰ্ষক কবিতাত যেনেদৰে ব্যক্তিগত প্ৰেমৰ স্মৃতি সাৰ পাই উঠিছে ,তেনেদৰে  কবিৰ মনৰ এটি অহেতুক অভিমানো প্ৰকাশ পাইছে 'যাত্ৰা' শীৰ্ষক আন এটি কবিতাত।কবিতাটিত তেখেতে লিখিছে-'কোননো থাকিব সদায় কোৱা?/সেইয়া তুমিও ভালদৰে জানা/আৰু ময়ো /...কেতিয়া যাম নেজানো/মোৰও কোনো প্ৰস্তুতি নাই/মাতিলেই যাম অকলে অকলে/...কেতিয়া যাম তোমাক নকওঁ /অভিমান নকৰিবা/তোমাক কিয় কাকোৱেই নকও/কৃষ্ণচুড়াৰ ৰঙা ৰঙা ফুলেৰে ভৰা /অচিন উপত্যকাটোলৈ আগুৱাই যাম/হেৰুৱা সপোনৰ সুবাস বিচাৰি...'।
        আধুনিক যুগৰ যান্ত্ৰিক ব্যস্ততাই কঢ়িয়াই অনা নি:সংগতাৰ কৰুণ চিত্ৰ প্ৰতিফলিত হৈ উঠিছে তেখেতৰ  'নি:সংগতা' শীৰ্ষক কবিতাটিত।একেখন ঘৰত বাস কৰিলেও আজি কাৰো সময় নাই এজনে আনজনৰ সৈতে কথা পাতিবলৈ,মনৰ ভাৱ প্ৰকাশ কৰিবলৈ।সকলো নিজৰ নিজৰ পৃথিৱীত ব্যস্ত।তথাপিও কিন্তু কবি হতাশ  হোৱা নাই।তেখেতে লিখিছে- 'কান্ধত উলমাই লোৱা/দীঘল গধুৰ মোনাটো /চোঁচৰাই চোঁচৰাই/আলি কেঁকুৰিটো পাৰ হওঁতেই/কেনেকৈনো পাৰ হৈ গ'ল/মোৰ সোনালী যৌৱন...ভাৰখন আজি পাতল/মোনাটো খুলি মাজে মাজে চাওঁ/তাত আজি নাই সেই গধুৰ শিলবোৰ/আছে মাথোঁ এক আনমনা উন্মাদনা...ৰাজহাঁড়ৰ বিষটোৱে মোক আমনি নকৰে/নি:সংগতাত মই হতাশ নহওঁ..'(এপিটাফ) ।
        কবিতাৰ দৰেই সুন্দৰ তেখেতৰ উপন্যাসকেইখনো।সঁচা অৰ্থত ক'বলৈ গ'লে,হৃদয়ত সকলো সময়তে কবিতা কঢ়িয়াই লৈ ফুৰা মানুহ ড:  ৰঞ্জিত দত্ত।কবি হিচাপেই তেখেত পাঠক সমাজত বিশেষভাৱে পৰিচিত।তৎসত্তেও মোৰ এনে লাগে যেন উপন্যাসিক হিচাপেহে তেখেত বেছি সফল।উল্লেখযোগ্য যে উপন্যাসৰ গতানুগতিক বৈশিষ্ট্য বা সাধাৰণ সংজ্ঞাত তেখেতৰ উপন্যাস আৱদ্ধ নহয়।তেখেতৰ উপন্যাসৰ 'ফৰ্ম ' আন বহু উপন্যাসতকৈ কিছু ভিন্ন বা ব্যতিক্ৰম।তাৰ পাছতো কিন্তু পাঠকৰ হৃদয় স্পৰ্শ আৰু আলোড়িত কৰিব পৰা কৌশল আৰু সমল আছে তেখেতৰ উপন্যাসত।
        ড: ৰঞ্জিত দত্তৰ প্ৰকাশিত উপন্যাস তিনিখন হৈছে -'কেইজনমান বন্ধু,দুটিমান গল্প আৰু এখন উপন্যাস', 'ক'লা হীৰাৰ দেশলৈ ' আৰু 'নিশিতাৰ কথাৰে '।
        তেখেতে নিজে কোৱা মতে,1996 চনত প্রকাশিত প্ৰথমখন  উপন্যাস-'কেইজনমান বন্ধু,দুটিমান গল্প আৰু এখন উপন্যাস' প্ৰকৃততে আলোচনীৰ পাতত প্ৰকাশিত টুকুৰা টুকুৰ কাহিনীবোৰকে এডাল সূতাৰে বান্ধি এক নতুন ক্ৰমেৰে সজাই উপন্যাসৰ ৰূপ দিয়া এক পৰীক্ষামূলক পদক্ষেপ।উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ বিভাগীয় কাম এটাৰ বাবে সহকৰ্মী বন্ধু ৰাজখোৱাৰ সৈতে নাগপুৰলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত বোম্বাই-হাওৰা এক্সপ্ৰেছ ৰেলগাড়ীখনত  দেখা পোৱা বিভিন্ন সৰু সৰু খণ্ড চিত্ৰ,যাত্ৰীসকলৰ সৈতে সমসাময়িক  ৰাজনীতি, সমাজনীতি, সাহিত্য, ইতিহাস আদি বিভিন্ন বিষয়ত হোৱা কথোপকথন আদিৰ পৰা উপন্যাসখনৰ আৰম্ভণি আৰু অগ্ৰগতি।অসমত সশস্ত্র বিপ্লৱৰ উত্থান,উগ্ৰপন্থী দমনৰ নামত ভাৰতীয় সেনাৰ অত্যাচাৰ,বিদেশী বিতাৰণ আন্দোলনৰ সময়ছোৱাত অসম এৰি কলিকতালৈ গুছি যোৱা লোকৰ মৰ্মবেদনা,ক্ষয়িষ্ণু সমাজব্যৱস্থা ,বৰ্ণবাদী ৰাজনীতি,বাস্তৱ জীৱনৰ সৈতে সম্পৰ্কহীন আধুনিক শিক্ষা-ব্যৱস্থা,শ্লীলতা-অশ্লীলতাৰ মাপকাঠি,বৈবাহিক জীৱনৰ দ্বন্দ্ব,প্ৰেম-সংঘাত, স্বপ্নভংগৰ বিষাদ আদিও উপন্যাসখনত মূৰ্ত হৈ উঠিছে।
        উপন্যাসৰ সাধাৰণ চৰিত্ৰ অনুসৰি ড: ৰঞ্জিত দত্তৰ এইখন উপন্যাসত এটা নিৰ্দিষ্ট কেন্দ্ৰীয় চৰিত্ৰ বা এটা নিৰ্দিষ্ট সুসংবদ্ধ  কাহিনী অনুপস্থিত । তৎসত্তেও কিন্তু সমৰ চলিহা আৰু উৰ্মিলাৰ বৈবাহিক জীৱনত উদ্ভৱ হোৱা মানসিক সংঘাত আৰু পৰিণতিয়ে পাঠকৰ হৃদয় স্পৰ্শ কৰে।নাৰীয়ে প্ৰকৃততে স্বামীৰ পৰা কি বিচাৰে?এই সহজাত প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা নকৰাকৈ কেৱল শংকা আৰু সন্দেহৰ আৱৰ্তত নিজক তিলতিলকৈ নি:শেষ কৰি দিয়াটোৱেই যে পুৰুষৰ জীৱনৰ এক চৰম ট্ৰেজেদী,তাক সমৰ চলিহাৰ মানসিক সংঘাতৰ মাজেৰে উপন্যাসখনত চিত্ৰিত কৰা হৈছে।
        ড: ৰঞ্জিত দত্তৰ 'ক'লা হীৰাৰ দেশলৈ' শীৰ্ষক উপন্যাসখনক দিহিং-পাটকাই পাদদেশৰ এক ঐতিহাসিক দলিল আখ্যা দিব পাৰি।কয়লাৰ খনন আৰু আহৰণৰ বাবে ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা এই সমগ্ৰ অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য,বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি,অাঞ্চলিক ইতিহাস আৰু ঐতিহ্য আদিয়ে উত্তৰ-পূৱ কয়লা ক্ষেত্ৰলৈ বিভাগীয় অনুসন্ধানৰ বাবে কলিকতাৰ পৰা অহা  বিষয়া এগৰাকীৰ মনত সৃষ্টি কৰা সমুগ্ধ ভাৱনাক উপন্যাসখনত প্ৰকাশ কৰা হৈছে। অসমৰ লিডুৰ পৰা বাৰ্মাৰ মাজেদি চীনদেশলৈ সেনাবাহিনীৰ ৰচদ-পাতি কঢ়িওৱাৰ উদ্দেশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত নিৰ্মান কৰিবলৈ আৰম্ভ কৰা ঐতিহাসিক ষ্টিলৱেল পথ, নিৰ্মানৰ সময়ছোৱাত শ্ৰমিকসকলে ভোগ কৰা দুখ-যন্ত্ৰণা, লিডু-মাৰ্ঘেৰিটা-বৰগোলাই-টিপং কয়লা ক্ষেত্ৰসমূহৰ আৱিস্কাৰ, কয়লা উৎপাদনৰ ইতিহাস,ডিগবৈৰ তেল খাদ, লেখাপানী সেনা ছাউনি ,ৱাৰ চিমেট্ৰি ,লিডু ক্লাবৰ আঁতিগুৰি,ক্লাবৰ পাছফালে থকা সেই ঐতিহাসিক বাংলো-য'ত জেনেৰেল ষ্টিলৱেলৰ অফিচ আছিল আৰু ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ দৰে ব্যক্তিও  তেওঁৰ পত্নীৰে সৈতে আহি ভালেমান দিন আছিলহি-আদিৰ দৰে অলেখ ঐতিহাসিক তথ্যৰে উপন্যাসখনৰ প্ৰায় প্ৰতিটো পৃষ্ঠাই ভৰি আছে।তাৰ লগে লগে কয়লাৰ খাদ সমূহৰ সৈতে সম্পৰ্কিত প্ৰযুক্তিগত বিভিন্ন তথ্য,কয়লা আহৰণৰ পদ্ধতি,ৰাচিয়ান অভিযন্তা গ্ৰেট চাংকোৰ অপহৰণ,1979 চনত বৰগোলাই কলিয়ৰীত মিথেইন গেছৰ বিস্ফোৰণ আৰু বিষাক্ত কাৰ্বন-মনোস্কাইড গেছ নিৰ্গমনৰ ফলস্বৰূপে হোৱা দুৰ্ঘটনাত উনৈশ জন শ্ৰমিকৰ কৰুণ মৃত্যু ,খনি শ্ৰমিকসকলৰ ধৰ্মঘট আদিৰ দৰে বহু ঘটনাৰ লগতে আমেৰিকাৰ প্ৰথম মহিলা ব্ৰিগেডিয়াৰ জেনেৰেল আন্না মে হেজ(Anna Mae Hays-1920-2018)ৰ  লিডুৰ সৈতে থকা সম্পৰ্কৰ যোগসূত্ৰকো লেখকে  উপন্যাসখনত দাঙি ধৰিছে।উপন্যাসৰ সাধাৰণ বৈশিষ্ট্য অনুসৰি  ড: ৰঞ্জিত দত্তৰ এইখন উপন্যাসতো এটা কেন্দ্ৰীয় চৰিত্ৰ বা এটা নিৰ্দিষ্ট সুসংৱদ্ধ কাহিনী পাঠকে বিচাৰি নাপাব।তথাপিতো ষ্টিলৱেল ৰোড নিৰ্মানৰ সময়ছোৱাত আমেৰিকাৰ পৰা আহি লেখাপানী সেনা ছাউনীৰ হস্পিটেলত শ্ৰমিকসকলৰ শুশ্ৰুষাত নিজক বিলীন কৰি দিয়া নাৰ্চ আন্না মে হেজৰ মানৱ দৰদী মন,মেকানিকেল ইঞ্জিনিয়াৰ ফিলিপৰ সৈতে গঢ় লৈ উঠা তাইৰ প্ৰেম আৰু আকস্মিকতে এদিন এটা মটৰ দুৰ্ঘটনাত হোৱা ফিলিপৰ মৃত্যুৰ দৰে ঘটনাৰ   বিষাদ গাঁথাই সমগ্ৰ উপন্যাসখনকে হৃদয়স্পৰ্শী কৰি তুলিছে।
        2009 চনত প্ৰকাশিত ড: ৰঞ্জিত দত্তৰ তৃতীয়খন উপন্যাস হৈছে-'নিশিতাৰ কথাৰে'।নিশিতা এগৰাকী অসাধাৰণ মেধা আৰু মনৰ দৃঢ়তা থকা ছোৱালী।পৰম্পৰাগত ভাৱনাৰ পৰা মুক্ত নিশিতাই অনুৰাগৰ সৈতে সুদীৰ্ঘ দিন ধৰি বন্ধুত্বসুলভ এটা ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাৰ পাছতো কিন্তু শেষ মুহূৰ্তৎ অনুৰাগৰ বিয়াৰ প্ৰস্তাৱক প্ৰত্যাখ্যান কৰিছে।অনুৰাগক তাই শ্ৰদ্ধা কৰে,এজন সঁচা-অকৃত্ৰিম বন্ধু বুলিও মানি লয়,কিন্তু স্বামী হিচাপে পাব নিবিচাৰে।কাৰণ ,তেওঁলোক যিমানে ঘনিষ্ঠ নহওক কিয়,দুয়োৰে মাজত আছে চিন্তা আৰু আদৰ্শগত সংঘাত।জীৱন সম্পৰ্কীয় দৃষ্টিভংগী দুয়োৰে ভিন্ন।নাৰী স্বাধীনতা,নাৰীসত্তাৰ বিকাশ আদি অৱধাৰণা সম্পৰ্কত থকা নিশিতাৰ চিন্তাধাৰাৰ সৈতে অনুৰাগ একমত হ'ব নোৱাৰে। বিবাহ নামৰ অৱধাৰণাটোক তাই নাৰী আৰু পুৰুষক চিৰজীৱনৰ বাবে বান্ধি ৰখা এক চতুৰালি বুলি ভাৱে আৰু তাৰ পৰিণতি স্বৰূপে পুৰুষে নাৰীক নিজৰ অধীন কৰি ৰখাৰ দৰে পৰিণতিক তাই কোনোপধ্যেই মানি ল'ব নিবিচাৰে।তাৰ বিপৰীতে অনুৰাগে বিশ্বাস কৰে যে বিবাহ এক পবিত্ৰ বান্ধোন।নাৰী আৰু পুৰুষৰ সুষম প্ৰেম সম্পৰ্কৰ মাজেৰে জীৱন মধুৰ হয়। অনুৰাগ আৰু নিশিতাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কও আচলতে সম্ভৱ নহয় এনেধৰণৰ মানসিক দ্বন্দ্ব বা সংঘাতৰ বাবে।কিন্তু নিশিতাৰ চিন্তা-দৰ্শনৰ সৈতে বহু সময়ত একমত হ'ব নোৱাৰিলেও অনুৰাগে নিশিতাৰ আগত তাক প্ৰকাশ কৰাৰ পৰা বিৰত আছিল।কাৰণ তেওঁ নিশিতাক ভাল পাইছিল আৰু অযথা তৰ্ক কৰি নিশিতাক হেৰুৱাব বিচৰা নাছিল।
        সেইবাবেই দুয়োখন ঘৰ সম্পূৰ্ণ ৰাজী হোৱাৰ পাছতো নিশিতাই  থোকাথুকি মাতেৰে তাক প্ৰত্যাখ্যান কৰি কৈছে-'---তুমি ভাল লগা আৰু ভালপোৱাৰ মাজৰ সীমাৰেখাডাল ভালদৰেই জানা।তোমাক মই বহুত শ্ৰদ্ধা কৰোঁ অনুৰাগ।...তোমাৰ আৰু মোৰ জীৱনৰ অভিলাষবোৰ সুকীয়া সুকীয়া।আমি দুডাল সমান্তৰাল সৰলৰেখা।ইয়াৰ মিলন সম্ভৱ নহয়।"
        নিশিতাই বিয়াৰ প্ৰস্তাৱ তেনেদৰে প্ৰত্যাখ্যান কৰাত অনুৰাগৰ পুৰুষ-সত্তাত সামান্য আঘাত লাগিলেও তেওঁ তাইৰ মানসিকতাক সন্মান জনায়।নিশিতাৰ প্ৰতি থকা তেওঁৰ একপক্ষীয় প্ৰেমক এটা অতীত বুলি তেওঁ পাহৰিবলৈ চেষ্টা কৰে আৰু জুপিতৰাক বিয়া কৰাই এটা নতুন জীৱন আৰম্ভ কৰে।
        তাৰ পাছত বহু বছৰৰ মূৰত  এদিন বিশ্ববিদ্যালয়ৰ চেমিনাৰ এখনত যোগ দিবলৈ গৈ কলিকতাৰ আঢ্যবন্ত হোটেল এখনত অনুষ্ঠিত হোৱা অনুষ্ঠান এটাত আকস্মিকতে নিশিতাৰ সৈতে অনুৰাগৰ ক্ষন্তেকীয়া সাক্ষাৎ। ইয়াৰ পাছৰে পৰা অনুৰাগৰ মন অস্থিৰ হৈ পৰিল।নিশিতাৰ সৈতে কটোৱা অতীতৰ অন্তৰংগ মুহূৰ্তবোৰ,তাই কৰা প্ৰত্যাখ্যানৰ কথাবোৰ তেওঁৰ চকুৰ আগত ভাঁহি উঠিল।
        বহু বছৰৰ মূৰত আকস্মিকতে লগ পোৱা নিশিতাৰ সম্বন্ধেও জানিবলৈ অনুৰাগ উদগ্ৰীৱ হৈ উঠিল।আৰু এদিন চেমিনাৰৰ দিনকেইটাৰ মাজতে সময় উলিয়াই তেওঁ নিশিতাই দিয়া ঠিকনা অনুসৰি গৈ তাইৰ ঘৰত ওলালগৈ।অনুৰাগক ইমান বছৰৰ পাছত লগ পাই তাই অত্যন্ত আনন্দিত হৈ পৰিল।অনুৰাগে লক্ষ কৰিলে বয়সৰ সামান্য আঁচোৰ পৰিলেও নিশিতা সেই আগৰ দৰেই আছে।দেহৰ ৰূপ-লাৱণ্য অকণো কমা নাই।একেখন চোফাত বহি কথা পাতি থকা সময়ত নিশিতাৰ দেহৰ স্পৰ্শত অনুৰাগ ৰোমাঞ্চিত হৈ উঠিল ক্ষন্তেকৰ বাবে। 
        সিদিনা নিশিতাই অনুৰাগৰ আগত কৈ গ'ল নিজৰ জীৱনৰ অলেখ কাহিনী।অনুৰাগৰ বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছত নিজৰ মনে বিচৰা দৰে তাই বিয়া হৈ গুছি আহিছিল গ্ৰেগ মেথিওজৰ সৈতে।মেথিওজক স্বামী হিচাপে পাই নিশিতা সুখী হৈছিল।কাৰণ নিশিতাৰ নিজস্ব জীৱন শৈলী,চিন্তা-দৰ্শনক তেওঁ সদায় সন্মান কৰিছিল আৰু এগৰাকী পত্নীয়ে পাবলগীয়া সকলোখিনি অধিকাৰেই তেওঁ তাইৰ হাতত  তুলি দিছিল।মেথিওজেই তাইক অনুপ্ৰেৰণা যোগাইছিল নাৰীত্বৰ পূৰ্ণবিকাশ ঘটাই জীৱনটোক উপভোগ কৰিবলৈ।নাৰী স্বাধীনতা,নাৰীমুক্তি আদি অৱধাৰণাবিলাকৰ বিষয়ে থকা তাইৰ চিন্তাক পূৰ্ণ সমৰ্থন জনাইছিল তেওঁ।তাইয়ো মনে বিচৰাৰ দৰে নিজৰ নাৰীসত্তাৰ বিকাশৰ বাবে মেথিওজৰ পৰা সকলো স্বাধীনতাই  লৈছিল।নাৰী স্বাধীনতাৰ প্ৰকৃত সোৱাদ যেন তাই লাহে লাহে উপভোগ কৰিবলৈ আৰম্ভ কৰিছিল।
        কিন্তু কথাবোৰ সদায় একে হৈ নাথাকিল।লাহে লাহে এনে হ'বলৈ ধৰিলে যে নিশিতাৰ অবাধ স্বাধীনতা আৰু পৰিৱৰ্তিত নাৰী-সত্তাই  মেথিওজৰ মনত হীনমান্যতাৰ সৃষ্টি কৰিলে।নিশিতাৰ চকুৱে চকুৱে তেওঁ চাব নোৱাৰা হ'ল।নিশিতাৰ প্ৰতি লাহে লাহে তেওঁ উদাসীন হৈ পৰিল।স্বামীৰ এই উদাসীনতাই নিশিতাৰ নাৰীসত্তাত আঘাত কৰিলে।মেথিওজৰ পৰা তাই জানিব বিচাৰিলে তাইৰ প্ৰতি তেওঁ উদাসীন হৈ পৰাৰ কাৰণ।মেথিওজৰ উত্তৰে নিশিতাক স্তব্ধ কৰি তুলিলে-'সঁচাকৈয়ে কৈছোঁ নিশিতা,আজিকালি মই তোমাৰ প্ৰতি অকনো আকৰ্ষিত নহওঁ।আচলতে আকৰ্ষিত হ'বৰ বাবে কোনো সমলেই বিচাৰি নাপাওঁ তোমাৰ ওচৰত।'
'কি কৈছা মেথিওজ তুমি? '-তাই সুধিছিল।
'তোমাৰ ৰূপ যৌৱনৰ প্ৰতি লালায়িত হৈ মই তোমাৰ প্ৰতি আকৰ্ষিত হোৱা নাছিলোঁ নিশিতা।মই আকৰ্ষিত হৈছিলোঁ তোমাৰ নাৰীত্বত।'
        অনুৰাগৰ আগত নিশিতাই কয়,"আচলতে মেথিওজে ঠিকেই কৈছে যে মই আৰু এতিয়া এগৰাকী নাৰী হৈ থকা নাই।..."
        নিশিতাই মেথিওজৰ কথাৰ সত্যতাক মৰ্মে মৰ্মে উপলদ্ধি কৰিলেও নাৰীৰ আত্মবিকাশ আৰু স্বাধীনতা সম্পৰ্কত থকা তেওঁৰ অৱধাৰণাটোক সমৰ্থন কৰিব নোৱাৰে।মেথিওজৰ দৰে পুৰুষসকলে নাৰী স্বাধীনতা, নাৰীসত্তাৰ বিকাশ আদিৰ সপক্ষে যিমানে নকওক কিয়,পৰিশেষত নাৰীক বন্দীত্বৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰি দিবলৈ কেতিয়াও ৰাজী নহয়। এনে মানসিক দ্বন্দ্বৰ বাবেই মেথিওজ আৰু নিশিতা একেখন ঘৰত,স্বামী-স্ত্ৰী হিচাপে একেলগে বাস কৰা সম্ভৱপৰ নাছিল।দুয়োৰে বিবাহ-বিচ্ছেদৰ পাছৰে পৰা নিশিতা অকলশৰে থাকিবলৈ লৈছে।
        নিশিতাৰ কাহিনীয়ে অনুৰাগক হতবাক কৰি তুলিলে।তাইৰ কথাবোৰে অনুৰাগক ভাৱিবলৈ বাধ্য কৰালে যে তাইক হয়তু তেওঁ কেতিয়াও বুজিব নোৱাৰিব।কেতিয়াও বুজিব নোৱাৰিব-আচলতে নিশিতাৰ দৰে নাৰীয়ে  বিচাৰে কি?
        মূলত: উপন্যাসখনত নাৰীৰ জটিল মন:স্তত্বৰ চিত্ৰ অংকণ কৰাৰ লগতে ড: ৰঞ্জিত দত্তই আজিৰ যুগৰ বহুচৰ্চিত নাৰী স্বাধীনতা,নাৰীসত্তাৰ বিকাশ ইত্যাদি অৱধাৰণাসমূহক তেখেতৰ নিজস্ব সমাজতাত্বিক দৃষ্টিভংগীৰে নিৰীক্ষণ কৰিবলৈয়ো চেষ্টা কৰিছে।এটা সুসংবদ্ধ কাহিনীক উপযুক্ত চৰিত্ৰ আৰু পৰিৱেশ চিত্ৰণৰ মাজেৰে কলাত্মক ৰূপত প্ৰকাশ কৰাত লেখকৰ দক্ষতা স্পষ্ট হৈ উঠিছে উপন্যাসখনত।
        ড:ৰঞ্জিত দত্ত কেৱল এগৰাকী কবিয়েই নহয় , এগৰাকী সফল উপন্যাসিকো।(সমাপ্ত)















কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...