Friday, May 28, 2021

স্খলিত সমাজৰ কলংকিত কাহিনী ---পাপ

স্খলিত সমাজৰ কলংকিত কাহিনী ---পাপ
                                                                   - বীৰ্কে বি থাপা
          অসম আন্দোলন আৰু তাৰ পৰৱৰ্তী কালত অসমীয়া সমাজ-জীৱনত ঘটা নৈতিক -স্খলনৰ দলিল স্বৰূপ এখন উপন্যাস হৈছে ড:মৃণাল কুমাৰ গগৈৰ 2013 চনত প্ৰকাশিত উপন্যাস-' পাপ '। ডিগবৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড:মৃণাল কুমাৰ গগৈ মূলত: এগৰাকী কবি। নিজস্ব এক অন্তৰ্স্পৰ্শী অনুভূতিৰে নব্বৈৰ দশকৰ পৰা সমসাময়িক বিভিন্ন কাকত-আলোচনীত প্ৰেমৰ কবিতা লিখি বৃহৎ সংখ্যক পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এইগৰাকী কবিৰ  প্ৰথমখন কবিতাপুথি আছিল 1999 চনত প্ৰকাশিত 'চাম কাঠৰ শুকান শব্দৰ দৰে' আৰু  দ্বিতীয়খন কবিতাপুথি আছিল 2006 চনত প্ৰকাশিত 'প্ৰেমৰ কবিতা'।কবিতাৰ উপৰিও তেওঁ 'কেনে আছোঁ মোক নুসুধিবা'(2005) আৰু 'পাপ'(2013) নামেৰে দুখন উপন্যাসো ৰচনা কৰিছে।
         আমাৰ আলোচ্য 'পাপ' নামৰ উপন্যাসখনত  চিত্ৰিত হৈছে আশীৰ দশকত আৰম্ভ হোৱা অসম আন্দোলনৰ জটিল পৰিস্থিতিৰ সময়ছোৱাত বাংলাদেশী বহিষ্কৰণৰ নামত এচাম মানুহে মানৱতাক সম্পূৰ্ণৰূপে বিসৰ্জন দিয়া আৰু সময়ৰ লগে-লগে সেই আন্দোলন কৰা লোকসকলৰে কিছুসংখ্যকে সাপৰ দৰে মোট সলোৱা কাৰ্য তথা  নিজৰ জাতীয় ঐতিহ্য-সংস্কৃতি আৰু ধৰ্মৰ নামত এচাম লোকে কৰি  থকা ভণ্ডামীবোৰৰ স্বৰূপ উদঙাই দেখুওৱা হৈছে। 
         এই কথা সত্য যে,অসম আন্দোলনৰ মূলতে আছিল কেন্দ্ৰই অসমৰ ওপৰত চলাই অহা ঔপনিৱেশিক শোষণ আৰু অবৈধ বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশ বন্ধ কৰা।আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্য যিমানেই মহৎ নহওক লাগিলে, আন্দোলনকাৰী সকলৰ মাজৰ এচাম লোকৰ  ভণ্ডামী আৰু মানৱতাহীন কাৰ্যই আন্দোলনৰ প্ৰকৃত সত্বাক কলুষিত কৰিছিল।উপন্যাসখনত বৰ্ণিত 
ড: পৰমেশ্বৰ গোস্বামী তেনে এজন আদৰ্শভ্ৰষ্ট লোক।ড:  গোস্বামীৰ চৰিত্ৰ বিশ্লেষণ কৰিলে দেখা যায়-তেওঁ ইউনিভাৰ্চিটিৰ এজন প্ৰফেচৰ।অসম আন্দোলনৰ সময়ছোৱাত বামপন্থী দলৰ নেতা হিচাপে তেওঁ বাংলাদেশী লোকসকলৰ প্ৰতি গভীৰ সমবেদনা প্ৰদৰ্শন কৰি আন্দোলনকাৰীসকলৰ বিপক্ষে থিয় দিছিল,কিন্তু সময়ৰ লগে লগে সাপে মোট সলোৱাৰ দৰে তেওঁ  নিজৰ আদৰ্শ সম্পূৰ্ণৰূপে জলাঞ্জলি দি বাংলাদেশীক খেদোৱাৰ আন্দোলনত নামি পৰিছিল।ইউনিভাৰ্চিটিৰ কাষত পাণ দোকান-গুমটি আদি দি জীৱিকা অৰ্জন কৰি থকা মিঞা মানুহখিনিক  তাৰ পৰা উঠাই দিয়াৰ ক্ষেত্ৰত তেৱেঁই আগভাগ লৈছিল।তেওঁৰ মাৰ্ক্সীয় বস্তুবাদী দৰ্শন,সাম্যবাদী আদৰ্শ আদি সকলো যে ভুৱা আছিল সেয়া স্পষ্টভাৱে পৰিলক্ষিত হয় মিঞা বুলি ক'লেই এতিয়া তেওঁ ঘৃণাত নাক কোঁচোৱা কাৰ্যত।তাৰোপৰি নিজকে তেওঁ অত্যন্ত ধৰ্মপ্ৰাণ আৰু সংস্কাৰী লোক বুলি গণ্য কৰে।পুৱা-সন্ধিয়া নাম-প্ৰসংগ নকৰাকৈ তেওঁ কেতিয়াও ভাত-মুঠি গ্ৰহণ নকৰে।
        ড: পৰমেশ্বৰ গোস্বামীৰ আচাৰ-আচাৰণত লাগি আছে প্ৰাচীন মৌজাদাৰৰ বংশৰ আভিজাত্য আৰু সেই দাম্ভিকতাৰে তেওঁ সকলোৰে ওপৰত নিজৰ শাসন চলাব বিচাৰে।তেওঁৰ দাম্ভিক আচৰণ আৰু বাংলাদেশী মুছলিম বিদ্বেষী মনোভাৱৰ কথা সকলোৱে জানে।তেওঁৰ এই দম্ভ কেৱল বাহিৰতে নহয়,ঘৰতো সৰু-সুৰা কথা-বতৰাত তাৰ স্পষ্ট প্ৰতিফলন ঘটা দেখা যায়।বিশেষকৈ ঘৰত কাম কৰা ছোৱালী কেইজনী আৰু বেমাৰী মানুহজনীক তেওঁ মানুহ বুলিয়ে গণ্য নকৰে।বেমাৰী মানুহজনীৰ আলপৈচান ধৰাৰে পৰা ঘৰৰ সকলো কাম বনকৰা ছোৱালী কেইজনীয়েই কৰে।গোস্বামীৰ সময় নাই ঘৈণীয়েকৰ কাষত এখন্তেক বহিবলৈ।মানুহজনীয়ে কেঁকাই থাকিলে বৰঞ্চ ধমকহে দিয়ে মনে মনে থাকিবলৈ।কিন্তু ঘৰখনত তেওঁ যিমানে কঠোৰ শাসন নচলাওক কিয়, ক'বলৈ গ'লে নিজৰ ল'ৰা-ছোৱালীকেইটাক কিন্তু তেওঁ চৰিত্ৰবান মানুহ হিচাপে গঢ়ি তুলিব পৰা নাই।
         গোস্বামীৰ তিনিজন পুতেকৰ ভিতৰত একেবাৰে সৰুজন পুতেক পূৰ্ণানন্দক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ মূল কাহিনীভাগ নিৰ্মিত হৈছে।সৰুৰে পৰাই শিৱসাগৰৰ মোমায়েকৰ ঘৰত থাকি ডাঙৰ হোৱা পূৰ্ণানন্দক তেওঁ মোমায়েকৰ ঘৰত থাকি তেনেই নষ্ট হোৱা বুলি কৈ গুৱাহাটীলৈ লৈ আনিছে।কিন্তু দেউতাকৰ কঠোৰ শাসনত অতীষ্ঠ হৈ পূৰ্ণই সেইখন ঘৰৰ পৰা মুক্তিৰ পথ বিচাৰিছে।এদিন মনে মনে ঘৰৰ পৰা ওলাই সি শৰাইঘাট দলং চাবলৈ যোৱা ঘটনাৰ পাছতে দেউতাকে তাক  মাজুলীৰ সত্ৰত থৈ আহিছেগৈ।গোস্বামীৰ ঘৰৰ ল'ৰা যেতিয়া তলৌ তলৌকৈ ঘুৰি ফুৰি নষ্ট হোৱাতকৈ সি সত্ৰতে থাককগৈ,সত্ৰৰ নিয়ম-নীতি শিককগৈ।সেই অনুসৰি সি সত্ৰত এটা নতুন জীৱন আৰম্ভ কৰিছে।সত্ৰৰ নিয়মানুসৰি সি চুলি দীঘলকৈ ৰাখি,চুৰিয়া পিন্ধি একেবাৰে ভকত হৈ পৰিল।সোনকালেই সি নাম-প্ৰসংগকে ধৰি ধোৱা-পখলা সকলো কাম শিকি ল'লে।সি এতিয়া  উদাসীন ভকত হিচাপে পৰিচিত।
          সত্ৰত অন্য উদাসীন ভকতো আছিল যদিও ৰসেশ্বৰ বোলাজনৰ সংগ তাৰ বেছি ভাল লগা হ'ল। কিন্তু সত্ৰতো লোকচক্ষুৰ আঁৰত ঘটি থকা কিছুমান ব্যভিচাৰে তাৰ কোমল অন্তৰত গভীৰ প্ৰভাৱ পেলালে।নাৰীৰ দৰে পদভংগীমাৰে দীৰ্ঘদেহী ভকত ৰসেশ্বৰে সত্ৰৰ নীতি-নিয়মৰ বাহিৰলৈ গৈ তাক মদ-ভাং -গাহৰি মাংস আদি খাবলৈ জোৰ কৰা আৰু ৰাতি একেখন বিচনাত শোওঁতে তাৰ শৰীৰৰ লগত অশ্লীল খেল খেলা কাৰ্যবোৰে পূৰ্ণৰ কোমলীয়া মনত এনে দ-কৈ সাঁচ বহুৱাই গ'ল যে সি তাৰ পৰাও পলাই যাবলৈ বাট বিচাৰিবলৈ ধৰিলে।
         এদিন সুযোগ বুজি সি গুৱাহাটীলৈ পলাই আহিল।কিন্তু সি ক'লৈ যাব?সত্ৰৰ পৰা পলাই অহা কথা জানিব পাৰিলে দেউতাকে তাক সুদাই এৰিবনে? মাকক চাবলৈ প্ৰবল ইচ্ছা থকা স্বত্তেও সি দেউতাকৰ ভয়ত ঘৰলৈ যোৱাৰ সাহস কৰিব পৰা নোৱাৰিলে।ঘৰলৈ নগৈ সি শৰাইঘাট দলঙৰ পৰা কিছু আতঁৰত ব্ৰক্ষ্মপুত্ৰৰ পাৰত থকা সদিলাপুৰৰ সৰু সৰু জুপুৰী -ঘৰবোৰৰ ফালে খোজ আগবঢ়াই দিলে।উদ্দেশ্য ফৰিদাহঁতৰ ঘৰ।পূৰ্ণই ফৰিদাৰ আগত সত্ৰৰ পৰা পলাই অহা কথা বিবৰি কৈছে।'কি কৰিবি এতিয়া?'-তাই সোধা প্ৰশ্নৰ উত্তৰত সি কৈছে-'ইয়াতে থাকিম!'ফৰিদাই তাক বুজাইছে যে সিহঁত বাংলাদেশী।মানুহে সিহঁতক মিঞা বুলি ঘৃণা কৰে।সি ইয়াত থকা কথা গম পালে মানুহে তাক লেই -লেই ছেই -ছেই কৰিব।ফলত সি তাৰ পৰা গুছি গৈছেগৈ শিৱসাগৰৰ মোমায়েকৰ ঘৰলৈ।
          মোমায়েকে তাক স্কুলত নাম লগাই দিছে।কিন্তু সহপাঠী আমিৰহঁতৰ সংগত তাৰ আৰম্ভ হৈছে পংকিলতাৰে পূৰ্ণ ,লক্ষ্য-আদৰ্শহীন এটা জীৱন।স্কুলীয়া দিনৰ সহপাঠী আমিৰহঁতৰ সংগত পৰি সি মদ,মাংস আৰু অন্য বেয়া বস্তু খাবলৈ শিকিছে।কাহিনীৰ অগ্ৰগতিৰ লগে লগে পূৰ্ণৰ জীৱনত ঘটা বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে সি অৱশেষত কলিকতাৰ জনবহুল মহানগৰত হেৰাই গৈছে।এই মহানগৰত কেৱল মদ আৰু বেশ্যাই তাৰ জীৱন হৈ পৰিছে।
         ক'বলৈ গ'লে,যুগৰ অত্যাচাৰত পৰিশ্ৰান্ত হোৱা এটা চৰিত্ৰ হৈছে পূৰ্ণকান্ত।কুমলীয়া বয়সত দেউতাকে তাৰ ওপৰত চলোৱা কঠোৰ শাসন,সত্ৰৰ উদাসীন ভকত ৰসেশ্বৰে  চলোৱা যৌন উৎপীড়ণ,সহপাঠী আমিৰহঁতৰ কু-সংগ,মদ্যপান আৰু বেশ্যালয় গমনৰ অভ্যাস আদি বিভিন্ন ঘটনাই তাক একেবাৰেই নষ্ট কৰি পেলাইছে।তাৰ মনৰ কোনোবা এচুকত সদিলাপুৰৰ ফৰিদাৰ প্ৰতি জাগি উঠা প্ৰেম,সোনালী শৰ্মাই কৰা বিশ্বাসঘাটকতা আদিৰ দৰে ঘটনাইয়ো তাক মানসিকভাৱে তেনেই দুৰ্বল কৰি পেলাইছিল।নিজৰ অস্থিৰ আৰু অসংলগ্ন মানসিক পৰিস্থিতিত  সি পুনৰ কলিকতাৰ বেশ্যালয়ত চিত্ৰালী দে' নামৰ বেশ্যা এজনীৰ প্ৰেমত পৰিছে।কেৱল জৈৱিক তাড়ণাতে সি চিত্ৰালীৰ কোঠালৈ যোৱা নাই,গৈছে,মানসিক শান্তি বিচাৰি।এনেদৰেই কেৱল মদ আৰু একাধিক বেশ্যাৰ সৈতে সহবাস কৰা দৈনন্দিন প্ৰবৃত্তিৰেই সি লক্ষ্য-উদ্দেশ্যহীন পংকিল জীৱনত ভৰি থৈ নিজৰ সৰ্বস্ব হেৰুৱাই পেলাইছে।
        ঘটনাৰ পাকচক্ৰতঅৱশেষত  সি এজনী পেচাধাৰী বেশ্যাৰ কবলত পৰি নিজৰ টকা-কড়ি সকলো হেৰুৱাই ধৰা পৰাৰ ভয়ত পলাই ফুৰিবলগীয়া হৈছে ।সেই সময়ত সি অনুভৱ কৰিছে সমাজৰ প্ৰয়োজনীয়তা।কিন্তু কোনখন সমাজলৈ সি উভটি যাব?দেউতাক পৰমেশ্বৰ গোস্বামীৰ দৰে লোকসকলৰ  মিছা আভিজাত্যৰে ভৰা সমাজলৈ নে ধৰ্মৰ নামত ব্যভিচাৰ চলি থকা সমাজলৈ ? কি কৰিব,ক'লৈ যাব সি? পৰিস্থিতিৰ তাগিদাত অৱশেষত সি মুছলিম মানুহৰ ভেশ লৈ অসমলৈ উভতি আহিছে আৰু স্কুলীয়া জীৱনৰ বন্ধু আমিৰক লগ পাইছে।আমিৰৰ লগত মদ্যপান কৰাৰ পাছত সি হোটেলৰ কোঠাত আচম্বিতে লগ পাইছে আমিৰে তাৰ বাবে পঠিয়াই দিয়া বেশ্যা ফৰিদাক।পংকিলতাৰে পূৰ্ণ জীৱনত সি পুনৰ ঘূৰাই পাইছে তাৰ জীৱনৰ পৰা হেৰাই যোৱা ফৰিদাক।
        এনেদৰেই পূৰ্ণকান্তৰ শৈশৱ আৰু যৌৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে উপন্যাসখনৰ কাহিনীৰ অগ্ৰগতি।পূৰ্ণকান্তৰ কাহিনীৰ লগে লগে অানুষংগিক আন কিছুমান ঘটনা প্ৰবাহো সমান্তৰালকৈ আগবাঢ়ি গৈছে -যিবোৰ ঘটনা প্ৰবাহৰ মাজেৰে প্ৰতিফলিত হৈ উঠিছে আদৰ্শ আৰু নৈতিকতাৰ স্খলনৰ কিছুমান জীৱন্ত আৰু অকথ্য চিত্ৰ।
       উপন্যাসখনত ফৰিদাৰ কাহিনীয়ে এক বিশেষ তাৎপৰ্য বহন কৰিছে।পূৰ্ণৰ লগত এসময়ত একেলগে পঢ়া ফৰিদা এজনী তেনেই সাধাৰণ বাংলাদেশী মুছলিম ছোৱালী যদিও উপন্যাসিকে 'ফৰিদা'চৰিত্ৰটো অত্যন্ত হৃদয়স্পৰ্শী ৰূপত অংকন কৰিছে।
       অসম আন্দোলনৰ সময়ছোৱাতে ফৰিদাৰ দেউতাক ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহিছিল।প্ৰথমে অ'ত ত'ত অনাই বনাই কাম-বন কৰি ফুৰাৰ পাছত জালুকবাৰীতে গুমটি দোকান এখন খুলিছিল।তাৰ পৰিয়ালটো গুমটিখনতে থাকিছিল।আন্দোলনৰ সময়ছোৱাত ইউনিভাৰ্চিটিৰ মানুহবোৰে মিটিং-মাটাং কৰি সিহঁতৰ দৰে মানুহবোৰক তাৰ পৰা খেদি পঠিওৱাত সিহঁতে অস্থায়ীভাৱে  ব্ৰক্ষ্মপুত্ৰৰ পাৰৰ  সদিলাপুৰ নামৰ ঠাইডোখৰতে জুপুৰী সাজি থাকিবলৈ লৈছিল।ফৰিদাৰ দেউতাকে এতিয়া ৰিক্সা চলাই জীৱিকা অৰ্জন কৰে।ফৰিদাৰ মাকে ক'ত কি কৰে তাই নাজানে।ৰাতিপুৱাই ওলাই যায় আৰু সন্ধিয়া ঘৰত সোমায়।তাই বুজন হৈ অহাৰ লগে-লগে সময়ে-অসময়ে মাকক বিচাৰি অহা মানুহবোৰৰ মতি-গতি আৰু বাপেকে মদ খাই আহি অশ্লীল ভাষাৰে মাকক পৰা গালিবোৰ শুনি শুনি তাই বহু কথাই অনুমান কৰিব পৰা হৈছে।
         তাই ডাঙৰ হৈ অহাৰ লগে লগে সময়ে অসময়ে  মাকক বিচাৰি অহা মানুহবোৰে তাইক লোলুপ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে।তাইৰ যৌৱনপুষ্ট শৰীৰক লৈ খেলিব বিচৰা এচাম উন্মত্ত ডেকা ল'ৰাই সিহঁতৰ  ইপ্সিত বাসনা পূৰ্ণ কৰিব নোৱাৰি খঙত অশ্লীল চিঞৰ -বাখৰ কৰি এদিন সিহঁতৰ ঘৰত জুই লগাই দিছে।মানুহৰ মতে ,সিহঁত বাংলাদেশী বাবে জুই লগাই দিছে।
         ঘৰ জ্বলি যোৱাৰ পাছত ফৰিদাৰ মাকে তাইক নিৰাপত্তাৰ বাবে  যিখন ড: গোস্বামীৰ ঘৰ।সমাজত নাম-যশ,প্ৰতিপত্তি থকা ঘৰ।কিন্তু সেইখন ঘৰতো নিৰাপত্তা নাছিল।তাতো পাপে বাহ লৈছিল।তাই থাকিবলৈ লোৱাৰে পৰা ইন্দ্ৰকান্তই বাহিৰলৈ যাবলৈ এৰিলে...ইন্দ্ৰকান্তই হাই ভলিউমত কম্পিউটাৰত গান বজাই দিছে...কম্পিউটাৰটো খোলা ৰাখি সি খৰখেদাকৈ টেবুলৰ ড্ৰয়াৰটো খুলি ডেন্টড্ৰাইট এটা উলিয়াই  তাৰ সুবাস পৰম আগ্ৰহেৰে ল'বলৈ ধৰিছে।কিছুপৰ সেই তৃপ্তি নে অতৃপ্তি লৈ থকাৰ পিছত তাৰ দুহাত নিজৰ কঁকাললৈ আপুনিয়ে গৈছে।কম্পিউটাৰৰ পৰ্দালৈ এপলক চায়ে আন্দাৰৱেৰটো সি খুলি পেলাইছে আৰু ওচৰৰ বিচনাত পৰি থকা টাৱেল এখন পিন্ধি লৈছে।....সি দৌৰি গৈ বাথৰূমত সোমাই দুৱাৰখন জপাই লৈছে আৰু ফৰিদাক সাৱটি সি তাৰ পাশৱিক কামনা পূৰ্ণ কৰিছে।অসুখীয়া মাকে এইবোৰ কথা একো গম নাপায়।দিনে-নিশাই মেল মিটিঙত ব্যস্ত গোস্বামীৰ এইবোৰ কথাত মন দিবলৈ সময় নাই। এদিন ফৰিদা অন্ত:সত্বা হৈছে।এইবাৰ তাই সিদ্ধান্ত কৰিছে গোস্বামীৰ ঘৰলৈ আৰু তাই নাযায়।ঘৰতে থাকিব।কিন্তু ঘৰখনো তাইৰ বাবে নিৰাপদ নহয়।গোস্বামীৰ পুতেক ইন্দ্ৰকান্তই তাইক তাতো এৰা নাই।সি আহি তাৰ শাৰীৰিক বাসনা পূৰ্ণ কৰাৰ পাছত কণ্ডমটো কাষতে দলিয়াই বীৰদৰ্পে গুছি গৈছে।নিজৰ নাৰীত্বত আঘাত পাই তাই হঠাৎ ক্ষুব্ধ হৈ উঠিছে আৰু এটা সাংঘাটিক কাম তাই কৰি পেলাইছে।ইন্দ্ৰই পেলাই থৈ যোৱা কণ্ডমটো তাই তুলি লৈছে। বিক্ষুব্ধ বাঘিনীৰ দৰে গোস্বামীৰ ঘৰলৈ বুলি তাই খৰকৈ খোজ লৈছে আৰু গোস্বামীয়ে ভাত খোৱা টেবুলত কণ্ডমটো দলিয়াই দিছে-'এয়া চাওক,আপোনাৰ ল'ৰাৰ কাণ্ড।সি মোক কি কৰিলে চাওক'-কৈয়েই তাই কঁকালৰ কাপোৰ আঁতৰাই তলপেটটো উদং কৰি দিলে।চৌদিশে ছিটিকি পৰিছে কণ্ডমৰ ভিতৰৰ বিজলুৱা পদাৰ্থখিনি।ক্ষন্তেকৰ বাবে হতবাক হৈছে গোস্বামী।তাৰ পাছত তেওঁ ভাতৰ কাঁহীখন তাইৰ মুখলৈ মাৰি পঠাইছে।নিজৰ কোঠালৈ গৈ চাবোকডাল আনি ফৰিদাক কোবাবলৈ আৰম্ভ কৰিছে।চাবোকৰ আঘাতত তাইৰ গাৰ পৰা তেজ ওলাইছে আৰু এটা সময়ত একো ক'ব নোৱাৰা হৈ পৰিছে।আৰু তাই যেতিয়া সম্বিৎ ঘূৰাই পাইছে তেতিয়া তাই হস্পিটেলত।ড:গোস্বামীয়ে নোটৰ বাণ্ডিল চিকিৎসকলৈ আগবঢ়াই দি তাইৰ গৰ্ভপাতৰ ব্যৱস্থা কৰিছে।নিজৰ জীৱনত ঘটা এনে দশাৰ পাছতো কিন্তু পৰাজয় বৰণ কৰা ছোৱালী তাই নহয়।মাকৰ দৰেই তাইয়ো আঁকোৱালী বেশ্যাবৃত্তিৰ জীৱন।এনে ভাৱ হয় সেয়াও যেন একপ্ৰকাৰৰ বিদ্ৰোহ-ভদ্ৰ আৰু আভিজাত্যৰ মুখা পিন্ধা সমাজখনৰ বিৰূদ্ধে।
          কাহিনীৰ অগ্ৰগতিৰ লগে লগে দেখা যায়-ড:পৰমেশ্বৰ গোস্বামীৰ ঘৰৰ পৰা ফৰিদা গুছি অহাৰ পাছত গোস্বামীৰ বৰপুত্ৰৰ কামনাৰ বলি হৈছে চম্পা।পলাই অহা চম্পাক ফৰিদাই আশ্ৰয় দিছে ।এটা সময়ত অবৈধ সন্তান জন্ম দি চম্পাৰ মৃত্যু হৈছে,আনফালে ড: গোস্বামীয়ে বৰপুত্ৰ ইন্দ্ৰকান্তৰ বাবে ৰমক-জমককৈ বিয়াৰ আয়োজন কৰিছে।তেনে অৱস্থাত ক্ৰুদ্ধ বাঘিনীৰ দৰে ফৰিদাই  ৰভাতলিত প্ৰৱেশ কৰি কেচুৱাটিক দৰা-সাজত থকা ইন্দ্ৰৰ সন্মুখলৈ আনিছে আৰু ন-কইনাৰ হাতত তুলি দি কৈছে-"লওঁক,এইটো আপোনাৰ স্বামীৰ সন্তান.."আৰু সেইষাৰ কথাৰেই যেন তাই ভদ্ৰতাৰ মুখা পিন্ধা সমাজখনৰ গালত পূৰ্ণহতীয়া চৰ এটা শোধাই দিছে।তাৰ পাছত তাই ৰভাঘৰৰ পৰা ওলাই আহিছে।ড: গোস্বামীৰ চকুৰ সন্মুখতে সকলো ঘটি যোৱা সত্বেও তেওঁ একো কৰিব পৰা নাই।শক্তিহীন আৰু অসহায়ভাৱে তেওঁ বহা ঠাইতে হতবাক হৈ বহি থাকিল।এই ঘটনাৰ পাছতে ড:গোস্বামীৰ পক্ষৰ ল'ৰা কিছুমানে সদিলাপুৰৰ মুছলিম ঘৰবোৰ জ্বলাই দিছে।মানুহবোৰ আকৌ গৃহহীন হৈ সদিলাপুৰ এৰি অন্য ঠাইলৈ যাবলৈ বাধ্য হৈছে।ফৰিদাও গুছি গৈছেগৈ সদিলাপুৰ এৰি।
         সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায়-পূৰ্ণকান্তৰ জীৱনৰ ঘাত-প্ৰতিঘাতক কেন্দ্ৰ কৰিয়েই উপন্যাসখন ৰচিত যদিও আৰম্ভণিৰ পৰা শেষলৈকে চৰিত্ৰৰ বিকাশ চকুত নপৰে।পূৰ্ণৰ চৰিত্ৰটো যুগৰ অত্যাচাৰত পৰিশ্ৰান্ত হোৱা এটা তেনেই অবিকশিত চৰিত্ৰ।ইয়াৰ বিপৰীতে কিন্তু ফৰিদা চৰিত্ৰটো উপন্যাসত যথেষ্ট প্ৰতিবাদী চৰিত্ৰ হিচাপে অংকিত হৈছে।নিজৰ সীমা আৰু পৰিধি সম্পৰ্কে তাই সম্পূৰ্ণ সচেতন  হৈয়ো  তাই সাহসেৰে অন্যায়ৰ প্ৰতিবাদ কৰিব পৰা ছোৱালী।কিন্তু উপন্যাসখনৰ শেষলৈ মানুহে যেতিয়া সদিলাপুৰৰ ঘৰবোৰ জ্বলাই দিছে,তেতিয়া তাইয়ো বাপেকৰ লগত অন্য স্থানলৈ গুছি যোৱা ঘটনাৰ পৰা এনে ভাৱ হয় যেন নিজৰ প্ৰতিবাদী সত্তাক দৃঢ়তাৰে ধৰি ৰখাত তাই  সক্ষম হোৱা নাই।সমাজৰ অন্যায়-অত্যাচাৰৰ ওচৰত অৱশেষত তাইয়ো যেন একেবাৰে হাৰি গৈছে,শক্তিহীন হৈ ক'ৰবাত হেৰাই গৈছে।
          সাম্প্ৰতিক কালত ধৰ্ম আৰু বাংলাদেশী মুছলিমসকলৰ অবৈধ প্ৰব্ৰজনৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা সাম্প্ৰদায়িক ৰাজনীতিৰ জটিল আৰু স্পৰ্শকাতৰ পৰিস্থিতিত সমস্যাসমূহক 
পুনৰীক্ষণ কৰাৰ ক্ষেত্ৰত ড: মৃণাল কুমাৰ গগৈৰ উপন্যাসখন নি:সন্দেহে এক অত্যন্ত সাহসী পদক্ষেপ।উল্লেখযোগ্য যে,উপন্যাসখনৰ কাহিনী-বিন্যাস,কথনশৈলী আদিৰ ক্ষেত্ৰত কিছু শিথিলতা মাজে মাজে পৰিলক্ষিত নোহোৱাকৈ থকা নাই।সেইদৰে উপন্যাসখনৰ সৰ্বত্ৰে একোটা কাব্যিক অভিব্যঞ্জনাৰে সংপৃক্ত ভাৱৰ প্ৰয়োজনাধিক ব্যৱহাৰৰ বাবেও বক্তব্যৰ অস্পষ্টতা মাজে সময়ে পৰিলক্ষিত হৈছে।উপন্যাসখনৰ শেষৰ দুটামান অধ্যায়ত পৰিণতিৰ দিশলৈ যোৱাৰ খৰখেদাৰে উপন্যাসিকে সৃষ্টি কৰা অতি-নাটকীয় চিকুৱেঞ্চ বা পৰিৱেশৰ বাবেও কাহিনীৰ পৰিঘটনাত কিছু অস্বাভাৱিকতাই দেখা নিদিয়াকৈ থকা নাই।এনেধৰণৰ সৰু-সুৰা খুতি-নাটি থকা স্বত্বেও কিন্তু  এই কথা অৱশ্যেই  স্বীকাৰ কৰিব লাগিব যে উপন্যাসিকে অত্যন্ত সাহসিকতাৰে আমাৰ সমাজৰ প্ৰচলিত ধৰ্ম,সংস্কাৰ,আভিজাত্য আদিৰ আঁৰত সকলোৰে অলক্ষিতে ঘটি থকা পাপ আৰু স্খলনৰ বাস্তৱ ছবি উপন্যাসখনত অংকণ কৰিবলৈ চেষ্টা কৰিছে।তাৰ লগে লগে সকলো সাম্প্ৰদায়িক চেতনাৰ উৰ্দ্ধত  অত্যন্ত সংবেদনশীলতাৰে সৈতে উপন্যাসখনত প্ৰতিফলিত কৰা হৈছে এচাম খাটি খোৱা মানুহৰ জীৱন সংগ্ৰাম আৰু পংকিলতাৰে পূৰ্ণ জীৱনৰ বাস্তৱ আৰু হৃদয়স্পৰ্শী কাহিনী।

(সমাপ্ত)

 




      
       
       
        





      


     


              
   
          



         




          




 

  
            


       


              
      





          

Tuesday, May 25, 2021

হোমেন বৰগোহাঞিৰ অন্তৰ্মুখী চেতনা আৰু বৌদ্ধিক জগত

হোমেন বৰগোহাঞিৰ অন্তৰ্মুখী চেতনা আৰু বৌদ্ধিক জগত
                                                 -বীৰ্কে বি.থাপা

      আমাৰ দৰে হয়তো আৰু বহুতৰ বাবেই কৈশোৰ আৰু যৌৱনৰ দিনবোৰত হোমেন বৰগোহাঞিদেৱৰ  ৰচনা আছিল অফুৰন্ত প্ৰেৰণাস্বৰূপ।জীৱনটোক সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰিবলৈ শিকাইছিল তেখেতৰ ৰচনাসমূহে।ঢকুৱাখানা,মাহমৰাৰ দৰে গাঁৱৰ গাৱঁলীয়া জীৱনৰ পৰা আৰম্ভ কৰি চহৰৰ মধ্যবিত্তীয় জীৱনৰ দ্বন্দ্ব-সংঘাতলৈ,কাৰখানাৰ শ্ৰমিক, ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি বেশ্যালয়ৰ পংকিলতাৰে পূৰ্ণ জীৱনলৈ,শিক্ষক-সাংবাদিকৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতাৰ জীৱনলৈকে -সমাজৰ প্ৰায় সকলো শ্ৰেণীৰ মানুহৰ বাহ্যিক আৰু অন্তৰ্জগতৰ বাস্তৱ  চিত্ৰ অসাধাৰণ গদ্য শৈলীৰে অংকন কৰা হোমেন বৰগোহাঞি প্ৰকৃততেই এগৰাকী অনন্য আৰু অদ্বিতীয় লেখক।তেখেতেই সম্ভৱ অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী লেখক যি বিশ্বৰ খ্যাতনামা লেখক-সাহিত্যিক,শিল্পী, দাৰ্শনিক, মনোবিজ্ঞানী,ৰাজনীতিবিদ,অৰ্থনীতিবিদ, ক্ৰীড়াবিদ, উদ্যোগপতি,স্থাপত্যবিদ আদিৰ জীৱনচৰ্যা,আদৰ্শ,কৃচ্ছসাধনা আদিৰ সম্পৰ্কত বিশালায়তনত লেখা-মেলা কৰি অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল।তেখেতেই হয়তো একমাত্ৰ এনে এগৰাকী লেখক যাৰ অসাধাৰণ গদ্যশৈলীত মুগ্ধ এচাম পাঠকে তেখেতৰ পৰাই শিকিছিল সেই কৌশল যি কৌশলেৰে জীৱনত জীয়াই থাকিব পাৰি, জীৱনক ভাল পাব পাৰি। তেখেতৰ ৰচনাই পাঠকক শিকায় -কেনেকৈ অন্তৰ্মুখী চেতনাৰে আমি নিজৰ আত্মাক অন্বেষণ কৰিব লাগে, চেতনাৰ অতল তলিত লুকাই থকা সত্যক আৱিস্কাৰ কৰিব লাগে,কেনেকৈ বিবেকৰ নিৰ্দেশ পালন কৰি পৰিস্থিতিৰ সৈতে সংগ্ৰাম কৰিব লাগে। জীৱনৰ কঠোৰ বাস্তৱক সহজভাৱে স্বীকাৰ কৰি,অপ্ৰাপ্তিৰ বেদনাই দিয়া 'নিগেটিভেটি'ৰ মাজতো প্ৰাপ্তিৰ আনন্দ বুটলিবলৈ আমাক শিকায় হোমেন বৰগোহাঞিৰ ৰচনাই। অসমীয়া সাহিত্যত মনস্তাত্বিক বিশ্লেষণৰ এটা নতুন ধাৰা প্রবৰ্তনৰ ক্ষেত্ৰতো তেখেতক অন্যতম  এগৰাকী  শক্তিশালী বাটকটীয়া বুলি গণ্য কৰিব পাৰি।
     বহুকেইটা গল্প  আৰু উপন্যাসত বৰ্ণিত 'বাপুকণ" ৰ দৰে চৰিত্ৰৰ মাজেৰে তেখেতে নিজৰ শৈশৱ আৰু কৈশোৰৰ  চিত্ৰ অংকণ কৰিছে। দেউতাকৰ কিতাপৰ আলমাৰীৰ পৰা এখন-দুখন কিতাপ উলিয়াই পঢ়িবলৈ আৰম্ভ কৰা বৰগোহাঞিদেৱে সৰুৰে পৰাই কিতাপৰ ৰহস্যময় পৃথিৱীত বিচৰণ কৰাৰ দৰে অসাধাৰণ অভিজ্ঞতা লাভ কৰিছিল।অকল কিতাপেই নহয়,
শৈশৱৰ ধাননি পথাৰ,বোকা মাটি,চাৰিকঢ়ীয়াৰ নৈ,খাল-বিল-পুখুৰী,সূৰ্যোদয় আৰু সূৰ্যাস্তৰ ৰঙা ৰ'দ,বৰষুণ আদিয়েও তেখেতৰ মন পুলকিত কৰিছিল।সৰুৰে পৰাই তেখেত আছিল শান্ত আৰু অন্তৰ্মুখী স্বভাৱৰ।
     ঢকুৱাখানাৰ পৰা তেখেতৰ যাত্ৰা গুৱাহাটীলৈ।মনত প্রবল ইচ্ছা কটন কলেজত পঢ়াৰ।ইচ্ছা গুৱাহাটী মহানগৰখন হেপাহ পলুৱাই চোৱাৰ।গুৱাহাটীলৈ গৈ তেখেতে মনৰ হেপাহ পলুৱাই চালে মহানগৰৰ সৌন্দৰ্য।এই সৌন্দৰ্যৰ লগে লগে তেখেতে  মহানগৰৰ অলিয়ে-গলিয়ে সোমাই জন্তু-জানোৱাৰৰ দৰে বাস কৰা মানুহৰ,টকাৰ বাবে নিজৰ দেহা বিক্ৰী কৰা বেশ্যাবোৰৰ পংকিলতাৰে পূৰ্ণ জীৱনো প্ৰত্যক্ষ কৰিলে।
     1932 চনত  লক্ষীমপুৰৰ ঢকুৱাখানাত জন্মগ্ৰহণ কৰা বৰগোহাঞিদেৱ তেখেতৰ গোটেই  শৈশৱ কালছোৱাতে মেলেৰিয়া বেমাৰত ভূগি তেনেই নিশকটীয়া হৈ পৰিছিল।সেই নিশকটীয়া শৰীৰটোৰেই  কটন কলেজলৈ অধ্যয়ন কৰিবলৈ গৈ এদিন কোনোবা এগৰাকী গাভৰুৰ সৌন্দৰ্যত এক মুহূৰ্তৰ বাবে আশ্বৰ্যচকিত হৈ,হোষ্টেলৰ ৰূমলৈ উভতি আহি আৰ্চিত নিজৰ কুৎসিত মুখলৈ চাই প্ৰবল নীচাত্মিকাবোধত পৰা আৰু এখন্তেকৰ বাবে আত্মহত্যা পৰ্যন্ত কৰিব বিচৰা ঘটনাৰ পৰা আৰম্ভ কৰি 'এপিটাফ'ৰ দৰে চাঞ্চল্যকৰ গল্প লিখি তুমুল আলোড়ণৰ সৃষ্টি কৰি হোষ্টেল এৰিবলগীয়া হোৱা ঘটনালৈকে আৰু তাৰ পাছত এম,এ,পঢ়াৰ উদ্দেশ্যে কলিকতালৈ যাবলৈ ওলোৱা,দুৰ্ভাগ্যক্ৰমে বানপানীৰ বাবে ৰেলপথ-যোগাযোগ ব্যৱস্থা সকলো বন্ধ হৈ যোৱাত উচ্চ শিক্ষাৰ সপোন সিমানতে সমাপ্ত কৰা,ঘৰৰ পৰা পঠিওৱা সমস্ত টকা জুৱা খেল খেলি শেষ কৰা আদিলৈকে  গুৱাহাটীত থকা কালৰ সমস্ত ঘটনা তেখেতে পৰৱৰ্তী কালত লিখা  'আত্মানুসন্ধান'ত উল্লেখ কৰিছে।
       কলিকতাত এম এ পঢ়া সপোন সিমানতে অন্ত পৰাত তেখেত প্ৰশাসনীয় সেৱাৰ চাকৰিত অৱতীৰ্ণ হয়  আৰু মাজুলীৰ মহকুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত 1955 চনৰ পৰা উপ প্ৰতি সমাহৰ্তা  হিচাপে কাৰ্যনিৰ্বাহ আৰম্ভ কৰে।
কিন্তু তাতো তেখেত সুখী হ'ব নোৱাৰিলে।কাৰণ,এছ,ডি,চি  হিচাপে চাকৰি কৰি থকা কালত দাৰিদ্ৰ্যৰ ভয়ংকৰ ৰূপৰ লগে লগে তেখেতে প্ৰশাসন যন্ত্ৰৰ যি দানৱীয় ৰূপ আৰু ৰাজনীতিৰ যি শোষণকাৰী  ৰূপ দেখিছিল, সিয়েই তেখেতক প্ৰথমবাৰৰ বাবে মাৰ্ক্সবাদ সম্পৰ্কে নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু চৰকাৰী উচ্চপদস্থ বিষয়াসকলে চলাই থকা ব্যাপক কেলেংকাৰীৰ   বিৰুদ্ধে অকলে যুঁজ দিয়াৰ ক্ষমতা  তেখেতৰ নাছিল।সেই সময়ছোৱাতে তেখেতে লিখিছিল-' বিভিন্ন নৰক '  নামৰ কিতাপখন।কিতাপখনে তুমুল বিতৰ্কৰ সৃষ্টি কৰাত আৰু তেনে এক পৰিস্থিতিত তেখেতৰ চাকৰি যে আৰু নৰ'বগৈ সেই কথাৰ পূৰ্বানুমান কৰিয়েই তেখেতে প্ৰশাসনীয় বিষয়াৰ চাকৰি ইস্তফা  দিবলৈ বাধ্য হৈছিল।পৰৱৰ্তী কালত তেখেতে ৰাজনৈতিক ভণ্ডামীৰ চিত্ৰ 'কুশীলৱ 'আৰু 'তিমিৰ তীৰ্থ ' ৰ দৰে ৰাজনৈতিক উপন্যাসত অংকন কৰিছিল।
      প্রশাসনীয় বিষয়াৰ চাকৰি ত্যাগ কৰাৰ পাছত হোমেন বৰগোহাঞিদেৱে 1968 চনৰ পৰা 'নীলাচল 'কাকতৰ জৰিয়তে প্ৰত্যক্ষভাৱে সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰে।1977 চনলৈকে তেখেতে 'নীলাচল'ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও আৰু কেইবাখনো বাতৰি কাকত -আলোচনীৰ সম্পাদনা কৰে।যেনে-'লোকায়ত','সমকাল' 'সূত্ৰধাৰ','কিশোৰ', 'অসম বাণী','আমাৰ অসম' 'দৈনিক বাতৰি', 'সাতসৰী', 'নিয়মীয়া বাৰ্তা' আদি। উল্লেখযোগ্য যে 2015 চনত তেখেতে 'নিয়মীয়া বাৰ্তা' কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু আৰু মৃত্যু পৰ্যন্ত এই দায়িত্বতে আছিল।নিজৰ সাংবাদিক জীৱনৰ সুদীৰ্ঘ পথ-পৰিক্ৰমাৰ বিভিন্ন ঘটনা,প্ৰত্যাহ্বান আৰু বিৰল অভিজ্ঞতাৰে লিখা তেখেতৰ  'মোৰ সাংবাদিক জীৱন ' আৰু 'আশীৰ দশকৰ দস্তাবেজ' শীৰ্ষক গ্ৰন্থদুখন অতি উল্লেখযোগ্য গ্ৰন্থ। সমসাময়িক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত তেখেতে বিভিন্ন সময়ত আগবঢ়োৱা দৃষ্টিভংগীসমূহে বহু সময়ত বিতৰ্কৰ সূত্ৰপাত ঘটালেও এই কথা সত্য যে অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত তেখেতে বিভিন্ন সময়ত আগবঢ়োৱা লেখনিসমূহত তেখেতৰ চিন্তা আৰু যুক্তিৰ গভীৰতা, বিশ্লেষণৰ পাৰদৰ্শিতা আৰু দূৰদৰ্শী মনৰ প্ৰতিফলন ঘটা পৰিলক্ষিত হয়।
      সাংবাদিকতাৰ লগে লগে হোমেন বৰগোহাঞিদেৱে দেশী-বিদেশী সাহিত্যৰ অধ্যয়ন তথা সাহিত্য-চৰ্চাও সমানে চলাই গৈছিল। তেখেতে লিখা প্ৰথমখন উপন্যাস আছিল ‘সুবালা’।বেশ্যালয়ৰ এগৰাকী বেশ্যাৰ জীৱনক লৈ ৰচিত এই উপন্যাসখন।তাৰ পাছত তেখেতে পিতা-পুত্র, হালধীয়া চৰায়ে বাওধান খায়,সাউদৰ পুতেকে নাও মেলি যায়, মৎস্যগন্ধা, অস্তৰাগ,তান্ত্ৰিক আদি কেইবাখনো উপন্যাস ৰচনা কৰিছিল।এই সমূহ উপন্যাসৰ মাজেৰে তেখেতে ক্ৰমান্বয়ে মূল্যবোধৰ দ্বন্দ্ব, মহাজনী শোষণ,জাত -পাতৰ ভেদাভেদ, বাৰ্ধক্য জীৱনৰ অভিশাপ আদি বিভিন্ন বিষয় চিত্ৰিত কৰিছে।তেখেতৰ গল্প আৰু একমাত্ৰ কবিতা পুথি ‘হৈমন্তী 'ৰ কবিতাসমূহতো অনুৰূপ চিত্ৰ দেখিবলৈ পোৱা যায়।
       সেইদৰে মানুহৰ জীৱনৰ চিৰন্তন ৰহস্যই তেখেতৰ প্ৰায়বোৰ গল্প-উপন্যাস আৰু ৰচনাৰ প্রধান বিষয় হিচাপে ধৰা দিছে।'জীৱনৰ সাধনা', 'প্ৰজ্ঞাৰ সাধনা ', 'আনন্দ আৰু বেদনাৰ সন্ধানত' , 'সুখ দুখ ', 'আত্মদিপো ভৱ: ' , 'জীয়াই থকাৰ আনন্দৰ প্ৰধান উৎস' ,' জীৱনৰ মধুৰতম সময় ' , 'বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি' , 'বিষন্নতা' , 'স্বৰ্গ আৰু নৰক', 'আত্মানুসন্ধান' 'ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা' , 'হৃদয়ৰ মানচিত্ৰ ' আদি গ্ৰন্থত তেখেতে আনাটোল ফ্ৰাঁ,এইচ জি ওৱেলছ,ৰবাৰ্ট লিণ্ড, হ'লডেন, কাজানৎজাকিচ, ছেমুৱেল বেকেট,বাৰ্ট্ৰাণ্ড ৰাছেল,যোচেফ কনৰাড,দেনিচ দিদেৰো, ৰুচ্যো, ভল্টেয়ৰ, ওপেনহাইমাৰ, ছেমুৱেল স্মাইলছ,চিগমণ্ড ফ্ৰয়দ,জৰ্জ লুই বৰ্ঝেছ,গ্যেটে,ডাগ হেমাৰশ্বল্ড আদিৰ দৰে অলেখ বিশ্ববিশ্ৰুত ব্যক্তিৰ চিন্তা আৰু দৰ্শনৰ মাজেৰে জীৱন আৰু জগতক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে।মানৱ জীৱনৰ চিৰন্তন ৰহস্য দুখ-যন্ত্ৰণা,নি:সংগতা আদিৰ লগে-লগে তেখেতে  'অস্তৰাগ'নামৰ উপন্যাসখনত মানৱ জীৱনৰ চৰম ট্ৰেজেদী বাৰ্ধক্য কালৰো অত্যন্ত কৰুণ আৰু হৃদয়স্পৰ্শী চিত্ৰ অংকণ কৰিছে।
      সেইদৰে বৰগোহাঞিদেৱে তেখেতৰ ' আত্মানুসন্ধান', 'মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ ', 'ধুমুহা আৰু ৰামধেনু(দুটা খণ্ডত)' আদি আত্মজীৱনীমূলক গ্ৰন্থত  বিভিন্ন ঘটনা-পৰিঘটনা আৰু অভিজ্ঞতাৰ মাজেৰে এক অন্তৰ্মুখী চেতনাৰে নিজৰ জীৱনটোক নিৰীক্ষণ কৰিছে।জীৱনৰ অলেখ ঘাত-প্ৰতিঘাতৰ মাজতো নিৰাশগ্ৰস্ত নহৈ আনন্দেৰে জীৱনত জীয়াই থকাৰ কৌশল তেখেতে শিকিছে।(উল্লেখযোগ্য যে 1958 চনত তেখেতে অসমৰ বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিক বিয়া কৰাইছিল যদিও এই সম্পর্ক স্থায়ী হোৱা নাছিল।দুয়ো একেলগে 'পুৱাৰ পূৰৱী সন্ধ্যাৰ বিভাস' নামৰ এখন উপন্যাসো লিখিছিল। )
     পৃথিৱীৰ বিভিন্ন সভ্যতা-সংস্কৃতিৰ জন্ম আৰু বিকাশৰ কাহিনীয়ে তেখেতক যথেষ্ট অনুপ্ৰাণিত কৰিছে।এই সভ্যতাসমূহৰ উত্থানৰ অন্তৰালত থকা মানুহৰ অসীম কষ্ট,আহোপুৰুষাৰ্থ আৰু কৃচ্ছসাধনাৰ বিষয়ে তেখেতে বিস্তৃতভাৱে
' আধুনিক যুগৰ জন্ম কাহিনী','মানুহ হোৱাৰ গৌৰৱ','ডাৰউইন','মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ',
'অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ' আদি গ্ৰন্থত।
      ফৰাচী বিপ্লৱৰ অন্যতম বাটকটীয়া ৰুচ্যো আৰু  ভল্টেয়ৰ,বিশ্বশান্তিৰ প্ৰবক্তা বাৰ্ট্ৰণ্ড ৰাছেল আদিৰ দৰে ব্যক্তিৰ কৰ্ম আৰু আদৰ্শৰে উদ্বুদ্ধ বৰগোহাঞিদেৱৰ ৰচনাত এইসকল ব্যক্তিৰ নাম বাৰে বাৰে উল্লেখ হোৱা পৰিলক্ষিত হয়।ফৰাচী দাৰ্শনিক ভল্টেয়ৰে তেওঁৰ আশীবছৰ বয়সতো তেনেই দুৰ্বল,ক্ষীন আৰু নিশকটীয়া দেহাৰে ফৰাচী অভিধানৰ প্ৰাৰম্ভিক বৰ্ণৰ সমস্ত শব্দ-অৰ্থ  লিখাৰ দায়িত্ব অকলেই কান্ধ পাতি লোৱাৰ দৰে হোমেন বৰগোহাঞিদেৱেও তেখেতৰ প্ৰায় উনসত্তৰ-সত্তৰ বছৰ বয়সত অসম সাহিত্য সভাৰ সভাপতিৰ আসনত অধিষ্ঠিত হৈয়ে অসমীয়া ভাষাৰ বিশ্বকোষ প্ৰণয়নৰ দৰে গুৰু দায়িত্ব কান্ধ পাতি লৈছিল। বিশ্বকোষ প্ৰণয়ন যে সমগ্ৰ অসমৰে এটা জাতীয় দায়িত্ব -এই কথা অসমীয়া ৰাইজক অনুধাৱন কৰাবলৈ তেখেতে শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিছিল। ৰাইজৰ পৰা সংগৃহীত ধনেৰে তেখেতে বিশ্বকোষ পুঁজি গঠন কৰিছিল আৰু আশাসুধীয়া প্ৰচেষ্টাৰে অসমীয়া বিশ্বকোষৰ সাতটাকৈ খণ্ড প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হৈছিল।
      প্ৰাচীন গ্ৰীচ দেশৰ লোকসকলে 'সুস্থ দেহত সুস্থ মন' বোলা আপ্তবাক্যত বিশ্বাস ৰাখিছিল আৰু স্বাস্থ্যৰ যত্ন লৈছিল।বৰগোহাঞিদেৱেও  তেখেতৰ জীৱনত যথেষ্ট গুৰুত্ব দিয়া এটা বিষয় আছিল স্বাস্থ্যৰ যত্ন।তেখেতে বিশ্বাস কৰিছিল যে সুস্থ স্বাস্থ্যৰ ওপৰতে প্ৰকৃততে মানুহৰ জীৱনৰ সুখ বা আনন্দ নিৰ্ভৰ কৰে।শৈশৱতে প্ৰচণ্ড মেলেৰীয়াত ভূগি নিশকটীয়া হৈ পৰা বৰগোহাঞিদেৱক যি এক নীচাত্মিকাবোধে তিলতিলকৈ খুলি খুলি খাইছিল সেই নীচাত্মিকাবোধৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় আছিল স্বাস্থ্যৰ যত্ন।কিতাপৰ পৃথিৱীত সোমাই পিতপিতকৈ তেখেতে সন্ধান কৰিছিল-জীৱনত আনন্দেৰে জীয়াই থকাৰ মন্ত্র।বিশ্বৰ মহান মনিষীসকলৰ জীৱন-দৰ্শন,মনস্তাত্বিক দৃষ্টিভংগী আদিৰে তেখেতে জীৱনটোক যাপন কৰিবৰ বাবে প্ৰয়োজন হোৱা মানসিক খোৰাক গোটোৱাৰ লগে লগে দৈহিক স-স্বাস্থ্যৰ বাবে
ব্যায়াম-প্ৰাণায়াম,যোগ আদিৰ দৰে কথাবোৰতো অত্যন্ত গুৰুত্ব দিছিল।তেখেতে এই বিষয়ত ভালেমান ৰচনা আৰু 'স্বাস্থ্যৰ সাধনা','শৰীৰ আৰু হৃদয়','কাম কৰাৰ আনন্দ' ,'সুস্থ দেহত সুস্থ মন' আদিৰ দৰে গ্ৰন্থও ৰচনা কৰিছে।
      তেখেতৰ দৃষ্টিত মানুহ জীয়াই থাকে কৰ্মেৰে।আৰু তেখেতৰ কৰ্মই হৈছে লেখা।নিলিখাকৈ তেখেত থাকিব নোৱাৰে। অসমীয়া সাহিত্যলৈ যুগুৱা অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে তেখেতলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা,অসম উপত্যকা সাহিত্য বঁটা,সাহিত্য একাডেমি বঁটা তথা সংবাদ জগতলৈ যুগুৱা অৱদানৰ বাবে অসম সাহিত্য সভাৰ দ্বাৰা 'লক্ষ্মীনাথ ফুকন বঁটা', 'জয়কৃষ্ণ ৰামদয়াল সমন্বয় বঁটা',সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা 2019 চনত 'জীৱনজোৰা সাধনা বঁটা' আদিৰে সন্মানিত কৰা হৈছিল।তাৰোপৰি অসমৰ ৰাইজে তেখেতক দুবাৰকৈ  অসম সাহিত্য সভাৰ সভাপতি হিচাপেও বৰণ কৰিছিল।কিন্তু তেখেতে নিজে উল্লেখ কৰা মতে, মান-যশ,সন্মান লাভৰ আশাৰে তেখেতে কেতিয়াও নিলিখে।'গদ্যৰ সাধনা'(পাঠকৰ টোকাবহী) শীৰ্ষক লেখাটিত তেখেতে লিখিছে-'মই কিয় লিখোঁ-এই প্ৰশ্নৰ উত্তৰত অতি অকপটভাৱে মই কেৱল এই কথাই ক'ব পাৰোঁ যে মই লিখোঁ,কাৰণ একমাত্ৰ  লেখাৰ সময়তে মই জীৱনটো নিবিড়ভাৱে যাপন কৰাৰ অভিজ্ঞতা লাভ কৰোঁ।জীৱনৰ বাস্তৱ অভিজ্ঞতাবোৰ বেছিভাগ সময়তেই ইমান দ্ৰুতগতিৰে আৰু ইমান বিশৃংখলভাৱে ঘটে যে আমি সেইবোৰৰ আচল তাৎপৰ্য  উপলদ্ধি কৰিবলৈ পোৱাৰ আগতেই সেইবোৰ কেৱল অতীত স্মৃতিত পৰিণত হয়।কিন্তু কলাৰ মাজত আমি এই গোটেইবোৰ অভিজ্ঞতাকে পুনৰ যাপন কৰিব পাৰো।আমি সেইবোৰৰ প্ৰকৃত তাৎপৰ্য অনুধাৱন কৰিবলৈ চেষ্টা কৰিব পাৰোঁ।'
     লেখাটো তেখেতৰ বাবে এটা খেলা।তেখেতৰ মতে,শব্দৰ ৰহস্যই তেখেতক আজীৱন আৱিষ্ট কৰি ৰাখিছে।তেখেতৰ মতে,লেখকৰ এটা সাধাৰণ সংজ্ঞা হ'ল এয়ে যে যি মানুহে বাক্য গঠন কৰিব পাৰে আৰু তাকে কৰি আনন্দ লাভ কৰে তেওঁকেই লেখক বুলি কোৱা হয়।কিন্তু বাক্য গঠন কৰা কাম সহজ নহয়।ক'বলৈ গ'লে ই পৃথিৱীৰ আটাইতকৈ কঠিন কামবোৰৰ ভিতৰত এটা। সাহিত্য সৃষ্টিৰ বাবে সেয়ে তেখেতে গদ্যৰ সাধনাত সদায়ে অত্যাধিক গুৰুত্ব দিয়ে।তেখেতৰ মতে,উৎকৃষ্ট গদ্য ৰচনা অতিশয় পৰিশ্ৰম সাপেক্ষ কাম।দীর্ঘদিনৰ অনুশীলন ব্যতিৰেকে কোনেও ভাল গদ্য লিখিব নোৱাৰে।....ভাল গদ্য নিৰ্মানৰ দক্ষতা আয়ত্ব কৰিব নোৱাৰালৈকে কেতিয়াও ভাল সাহিত্য সৃষ্টি হ'ব নোৱাৰে।(কেনেকৈ লিখা উচিত? )
      তেখেতৰ মতে,গদ্যৰ সাধনা কেৱল ব্যক্তিবিশেষৰে সাধনাই নহয়,বৰঞ্চ একো একোটা সভ্যতাৰো সাধনা।কাৰণ,গেলিলিও আৰু নিউটনৰ যুগান্তকাৰী আৱিস্কাৰসমূহে আধুনিক বৈজ্ঞানিক যুগৰ সূচনা কৰাৰ লগে নতু নতুন দাৰ্শনিক আৰু বৈজ্ঞানিক তত্ববোৰ অৰ্থৰ বিকৃতি নঘটাকৈ সৰ্বসাধাৰণ লোকৰ মাজলৈ নিবৰ বাবে প্ৰয়োজন হোৱা গদ্য-ৰীতিটো আছিল এয়ে টে গদ্য হ'ব লাগিব স্পষ্ট,সৰল আৰু বাহুল্য-বৰ্জিত।এই নতুন গদ্য-ৰীতি  নিৰ্মানৰ প্ৰচেষ্টাতে ফৰাচীসকলে কঠোৰ শ্ৰম কৰি গৈছিল আৰু অৱশেষত তেওঁলেকে যি গদ্য-ৰীতি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছিল সেই গদ্য-ৰীতিৰ বাবেই সুদীৰ্ঘ প্ৰায় তিনিশ বছৰ ধৰি ফৰাচী ভাষা  ইউৰোপীয় মনিষীসকলৰ জ্ঞানচৰ্চা আৰু ভাৱ বিনিময়ৰ প্ৰধান মাধ্যম হৈ আছিল।
       গদ্যৰ সাধক হোমেন বৰগোহাঞিদেৱে  লিখিছিল-' মই গোটেই জীৱন ধৰি এটা মাত্ৰ সাধনাই কৰিছোঁ,সেইটো হৈছে মোৰ মনোমত এটা গদ্য-ৰীতি নিৰ্মানৰ সাধনা।গদ্যৰ সাধনা মোৰ কাৰণে জীৱনৰেই সাধনা,কাৰণ গদ্যৰ সাধনাই মোক পৰিশ্ৰমী,নিয়মানুৱৰ্তী আৰু কষ্ট-সহিষ্ণু হ'বলৈ শিকাইছে।গদ্যৰ সাধনাই মোক বিনয়ী হ'বলৈকো শিকাইছে,কাৰণ শব্দবোৰৰ লগত অবিৰাম যুদ্ধ কৰি কৰি মই আৱিস্কাৰ কৰিছোঁ মোৰ ক্ষুদ্ৰতা,দুৰ্বলতা আৰু অসমৰ্থতা।'
       ক'বলৈ গ'লে,বৰগোহাঞিদেৱে তেখেতৰ চমকপ্ৰদ গদ্য-শৈলী তথা গভীৰ মননশীল  আৰু প্ৰজ্ঞাদীপ্ত  লেখনিৰে পঞ্চাশৰ দশকৰ পৰা মৃত্যুৰ আগলৈকে ,এটা সুদীৰ্ঘ কাল অসমীয়া সাহিত্যলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই যি এক 'বৌদ্ধিক বিপ্লৱ'ৰ সূচনা কৰি সমগ্ৰ জাতিটোকে সমৃদ্ধ কৰি গ'ল সেয়া কোনেও পাহৰিব নোৱাৰিব।(সমাপ্ত) 

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...