Tuesday, May 25, 2021

হোমেন বৰগোহাঞিৰ অন্তৰ্মুখী চেতনা আৰু বৌদ্ধিক জগত

হোমেন বৰগোহাঞিৰ অন্তৰ্মুখী চেতনা আৰু বৌদ্ধিক জগত
                                                 -বীৰ্কে বি.থাপা

      আমাৰ দৰে হয়তো আৰু বহুতৰ বাবেই কৈশোৰ আৰু যৌৱনৰ দিনবোৰত হোমেন বৰগোহাঞিদেৱৰ  ৰচনা আছিল অফুৰন্ত প্ৰেৰণাস্বৰূপ।জীৱনটোক সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰিবলৈ শিকাইছিল তেখেতৰ ৰচনাসমূহে।ঢকুৱাখানা,মাহমৰাৰ দৰে গাঁৱৰ গাৱঁলীয়া জীৱনৰ পৰা আৰম্ভ কৰি চহৰৰ মধ্যবিত্তীয় জীৱনৰ দ্বন্দ্ব-সংঘাতলৈ,কাৰখানাৰ শ্ৰমিক, ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি বেশ্যালয়ৰ পংকিলতাৰে পূৰ্ণ জীৱনলৈ,শিক্ষক-সাংবাদিকৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতাৰ জীৱনলৈকে -সমাজৰ প্ৰায় সকলো শ্ৰেণীৰ মানুহৰ বাহ্যিক আৰু অন্তৰ্জগতৰ বাস্তৱ  চিত্ৰ অসাধাৰণ গদ্য শৈলীৰে অংকন কৰা হোমেন বৰগোহাঞি প্ৰকৃততেই এগৰাকী অনন্য আৰু অদ্বিতীয় লেখক।তেখেতেই সম্ভৱ অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী লেখক যি বিশ্বৰ খ্যাতনামা লেখক-সাহিত্যিক,শিল্পী, দাৰ্শনিক, মনোবিজ্ঞানী,ৰাজনীতিবিদ,অৰ্থনীতিবিদ, ক্ৰীড়াবিদ, উদ্যোগপতি,স্থাপত্যবিদ আদিৰ জীৱনচৰ্যা,আদৰ্শ,কৃচ্ছসাধনা আদিৰ সম্পৰ্কত বিশালায়তনত লেখা-মেলা কৰি অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল।তেখেতেই হয়তো একমাত্ৰ এনে এগৰাকী লেখক যাৰ অসাধাৰণ গদ্যশৈলীত মুগ্ধ এচাম পাঠকে তেখেতৰ পৰাই শিকিছিল সেই কৌশল যি কৌশলেৰে জীৱনত জীয়াই থাকিব পাৰি, জীৱনক ভাল পাব পাৰি। তেখেতৰ ৰচনাই পাঠকক শিকায় -কেনেকৈ অন্তৰ্মুখী চেতনাৰে আমি নিজৰ আত্মাক অন্বেষণ কৰিব লাগে, চেতনাৰ অতল তলিত লুকাই থকা সত্যক আৱিস্কাৰ কৰিব লাগে,কেনেকৈ বিবেকৰ নিৰ্দেশ পালন কৰি পৰিস্থিতিৰ সৈতে সংগ্ৰাম কৰিব লাগে। জীৱনৰ কঠোৰ বাস্তৱক সহজভাৱে স্বীকাৰ কৰি,অপ্ৰাপ্তিৰ বেদনাই দিয়া 'নিগেটিভেটি'ৰ মাজতো প্ৰাপ্তিৰ আনন্দ বুটলিবলৈ আমাক শিকায় হোমেন বৰগোহাঞিৰ ৰচনাই। অসমীয়া সাহিত্যত মনস্তাত্বিক বিশ্লেষণৰ এটা নতুন ধাৰা প্রবৰ্তনৰ ক্ষেত্ৰতো তেখেতক অন্যতম  এগৰাকী  শক্তিশালী বাটকটীয়া বুলি গণ্য কৰিব পাৰি।
     বহুকেইটা গল্প  আৰু উপন্যাসত বৰ্ণিত 'বাপুকণ" ৰ দৰে চৰিত্ৰৰ মাজেৰে তেখেতে নিজৰ শৈশৱ আৰু কৈশোৰৰ  চিত্ৰ অংকণ কৰিছে। দেউতাকৰ কিতাপৰ আলমাৰীৰ পৰা এখন-দুখন কিতাপ উলিয়াই পঢ়িবলৈ আৰম্ভ কৰা বৰগোহাঞিদেৱে সৰুৰে পৰাই কিতাপৰ ৰহস্যময় পৃথিৱীত বিচৰণ কৰাৰ দৰে অসাধাৰণ অভিজ্ঞতা লাভ কৰিছিল।অকল কিতাপেই নহয়,
শৈশৱৰ ধাননি পথাৰ,বোকা মাটি,চাৰিকঢ়ীয়াৰ নৈ,খাল-বিল-পুখুৰী,সূৰ্যোদয় আৰু সূৰ্যাস্তৰ ৰঙা ৰ'দ,বৰষুণ আদিয়েও তেখেতৰ মন পুলকিত কৰিছিল।সৰুৰে পৰাই তেখেত আছিল শান্ত আৰু অন্তৰ্মুখী স্বভাৱৰ।
     ঢকুৱাখানাৰ পৰা তেখেতৰ যাত্ৰা গুৱাহাটীলৈ।মনত প্রবল ইচ্ছা কটন কলেজত পঢ়াৰ।ইচ্ছা গুৱাহাটী মহানগৰখন হেপাহ পলুৱাই চোৱাৰ।গুৱাহাটীলৈ গৈ তেখেতে মনৰ হেপাহ পলুৱাই চালে মহানগৰৰ সৌন্দৰ্য।এই সৌন্দৰ্যৰ লগে লগে তেখেতে  মহানগৰৰ অলিয়ে-গলিয়ে সোমাই জন্তু-জানোৱাৰৰ দৰে বাস কৰা মানুহৰ,টকাৰ বাবে নিজৰ দেহা বিক্ৰী কৰা বেশ্যাবোৰৰ পংকিলতাৰে পূৰ্ণ জীৱনো প্ৰত্যক্ষ কৰিলে।
     1932 চনত  লক্ষীমপুৰৰ ঢকুৱাখানাত জন্মগ্ৰহণ কৰা বৰগোহাঞিদেৱ তেখেতৰ গোটেই  শৈশৱ কালছোৱাতে মেলেৰিয়া বেমাৰত ভূগি তেনেই নিশকটীয়া হৈ পৰিছিল।সেই নিশকটীয়া শৰীৰটোৰেই  কটন কলেজলৈ অধ্যয়ন কৰিবলৈ গৈ এদিন কোনোবা এগৰাকী গাভৰুৰ সৌন্দৰ্যত এক মুহূৰ্তৰ বাবে আশ্বৰ্যচকিত হৈ,হোষ্টেলৰ ৰূমলৈ উভতি আহি আৰ্চিত নিজৰ কুৎসিত মুখলৈ চাই প্ৰবল নীচাত্মিকাবোধত পৰা আৰু এখন্তেকৰ বাবে আত্মহত্যা পৰ্যন্ত কৰিব বিচৰা ঘটনাৰ পৰা আৰম্ভ কৰি 'এপিটাফ'ৰ দৰে চাঞ্চল্যকৰ গল্প লিখি তুমুল আলোড়ণৰ সৃষ্টি কৰি হোষ্টেল এৰিবলগীয়া হোৱা ঘটনালৈকে আৰু তাৰ পাছত এম,এ,পঢ়াৰ উদ্দেশ্যে কলিকতালৈ যাবলৈ ওলোৱা,দুৰ্ভাগ্যক্ৰমে বানপানীৰ বাবে ৰেলপথ-যোগাযোগ ব্যৱস্থা সকলো বন্ধ হৈ যোৱাত উচ্চ শিক্ষাৰ সপোন সিমানতে সমাপ্ত কৰা,ঘৰৰ পৰা পঠিওৱা সমস্ত টকা জুৱা খেল খেলি শেষ কৰা আদিলৈকে  গুৱাহাটীত থকা কালৰ সমস্ত ঘটনা তেখেতে পৰৱৰ্তী কালত লিখা  'আত্মানুসন্ধান'ত উল্লেখ কৰিছে।
       কলিকতাত এম এ পঢ়া সপোন সিমানতে অন্ত পৰাত তেখেত প্ৰশাসনীয় সেৱাৰ চাকৰিত অৱতীৰ্ণ হয়  আৰু মাজুলীৰ মহকুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত 1955 চনৰ পৰা উপ প্ৰতি সমাহৰ্তা  হিচাপে কাৰ্যনিৰ্বাহ আৰম্ভ কৰে।
কিন্তু তাতো তেখেত সুখী হ'ব নোৱাৰিলে।কাৰণ,এছ,ডি,চি  হিচাপে চাকৰি কৰি থকা কালত দাৰিদ্ৰ্যৰ ভয়ংকৰ ৰূপৰ লগে লগে তেখেতে প্ৰশাসন যন্ত্ৰৰ যি দানৱীয় ৰূপ আৰু ৰাজনীতিৰ যি শোষণকাৰী  ৰূপ দেখিছিল, সিয়েই তেখেতক প্ৰথমবাৰৰ বাবে মাৰ্ক্সবাদ সম্পৰ্কে নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু চৰকাৰী উচ্চপদস্থ বিষয়াসকলে চলাই থকা ব্যাপক কেলেংকাৰীৰ   বিৰুদ্ধে অকলে যুঁজ দিয়াৰ ক্ষমতা  তেখেতৰ নাছিল।সেই সময়ছোৱাতে তেখেতে লিখিছিল-' বিভিন্ন নৰক '  নামৰ কিতাপখন।কিতাপখনে তুমুল বিতৰ্কৰ সৃষ্টি কৰাত আৰু তেনে এক পৰিস্থিতিত তেখেতৰ চাকৰি যে আৰু নৰ'বগৈ সেই কথাৰ পূৰ্বানুমান কৰিয়েই তেখেতে প্ৰশাসনীয় বিষয়াৰ চাকৰি ইস্তফা  দিবলৈ বাধ্য হৈছিল।পৰৱৰ্তী কালত তেখেতে ৰাজনৈতিক ভণ্ডামীৰ চিত্ৰ 'কুশীলৱ 'আৰু 'তিমিৰ তীৰ্থ ' ৰ দৰে ৰাজনৈতিক উপন্যাসত অংকন কৰিছিল।
      প্রশাসনীয় বিষয়াৰ চাকৰি ত্যাগ কৰাৰ পাছত হোমেন বৰগোহাঞিদেৱে 1968 চনৰ পৰা 'নীলাচল 'কাকতৰ জৰিয়তে প্ৰত্যক্ষভাৱে সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰে।1977 চনলৈকে তেখেতে 'নীলাচল'ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও আৰু কেইবাখনো বাতৰি কাকত -আলোচনীৰ সম্পাদনা কৰে।যেনে-'লোকায়ত','সমকাল' 'সূত্ৰধাৰ','কিশোৰ', 'অসম বাণী','আমাৰ অসম' 'দৈনিক বাতৰি', 'সাতসৰী', 'নিয়মীয়া বাৰ্তা' আদি। উল্লেখযোগ্য যে 2015 চনত তেখেতে 'নিয়মীয়া বাৰ্তা' কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু আৰু মৃত্যু পৰ্যন্ত এই দায়িত্বতে আছিল।নিজৰ সাংবাদিক জীৱনৰ সুদীৰ্ঘ পথ-পৰিক্ৰমাৰ বিভিন্ন ঘটনা,প্ৰত্যাহ্বান আৰু বিৰল অভিজ্ঞতাৰে লিখা তেখেতৰ  'মোৰ সাংবাদিক জীৱন ' আৰু 'আশীৰ দশকৰ দস্তাবেজ' শীৰ্ষক গ্ৰন্থদুখন অতি উল্লেখযোগ্য গ্ৰন্থ। সমসাময়িক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত তেখেতে বিভিন্ন সময়ত আগবঢ়োৱা দৃষ্টিভংগীসমূহে বহু সময়ত বিতৰ্কৰ সূত্ৰপাত ঘটালেও এই কথা সত্য যে অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত তেখেতে বিভিন্ন সময়ত আগবঢ়োৱা লেখনিসমূহত তেখেতৰ চিন্তা আৰু যুক্তিৰ গভীৰতা, বিশ্লেষণৰ পাৰদৰ্শিতা আৰু দূৰদৰ্শী মনৰ প্ৰতিফলন ঘটা পৰিলক্ষিত হয়।
      সাংবাদিকতাৰ লগে লগে হোমেন বৰগোহাঞিদেৱে দেশী-বিদেশী সাহিত্যৰ অধ্যয়ন তথা সাহিত্য-চৰ্চাও সমানে চলাই গৈছিল। তেখেতে লিখা প্ৰথমখন উপন্যাস আছিল ‘সুবালা’।বেশ্যালয়ৰ এগৰাকী বেশ্যাৰ জীৱনক লৈ ৰচিত এই উপন্যাসখন।তাৰ পাছত তেখেতে পিতা-পুত্র, হালধীয়া চৰায়ে বাওধান খায়,সাউদৰ পুতেকে নাও মেলি যায়, মৎস্যগন্ধা, অস্তৰাগ,তান্ত্ৰিক আদি কেইবাখনো উপন্যাস ৰচনা কৰিছিল।এই সমূহ উপন্যাসৰ মাজেৰে তেখেতে ক্ৰমান্বয়ে মূল্যবোধৰ দ্বন্দ্ব, মহাজনী শোষণ,জাত -পাতৰ ভেদাভেদ, বাৰ্ধক্য জীৱনৰ অভিশাপ আদি বিভিন্ন বিষয় চিত্ৰিত কৰিছে।তেখেতৰ গল্প আৰু একমাত্ৰ কবিতা পুথি ‘হৈমন্তী 'ৰ কবিতাসমূহতো অনুৰূপ চিত্ৰ দেখিবলৈ পোৱা যায়।
       সেইদৰে মানুহৰ জীৱনৰ চিৰন্তন ৰহস্যই তেখেতৰ প্ৰায়বোৰ গল্প-উপন্যাস আৰু ৰচনাৰ প্রধান বিষয় হিচাপে ধৰা দিছে।'জীৱনৰ সাধনা', 'প্ৰজ্ঞাৰ সাধনা ', 'আনন্দ আৰু বেদনাৰ সন্ধানত' , 'সুখ দুখ ', 'আত্মদিপো ভৱ: ' , 'জীয়াই থকাৰ আনন্দৰ প্ৰধান উৎস' ,' জীৱনৰ মধুৰতম সময় ' , 'বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি' , 'বিষন্নতা' , 'স্বৰ্গ আৰু নৰক', 'আত্মানুসন্ধান' 'ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা' , 'হৃদয়ৰ মানচিত্ৰ ' আদি গ্ৰন্থত তেখেতে আনাটোল ফ্ৰাঁ,এইচ জি ওৱেলছ,ৰবাৰ্ট লিণ্ড, হ'লডেন, কাজানৎজাকিচ, ছেমুৱেল বেকেট,বাৰ্ট্ৰাণ্ড ৰাছেল,যোচেফ কনৰাড,দেনিচ দিদেৰো, ৰুচ্যো, ভল্টেয়ৰ, ওপেনহাইমাৰ, ছেমুৱেল স্মাইলছ,চিগমণ্ড ফ্ৰয়দ,জৰ্জ লুই বৰ্ঝেছ,গ্যেটে,ডাগ হেমাৰশ্বল্ড আদিৰ দৰে অলেখ বিশ্ববিশ্ৰুত ব্যক্তিৰ চিন্তা আৰু দৰ্শনৰ মাজেৰে জীৱন আৰু জগতক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে।মানৱ জীৱনৰ চিৰন্তন ৰহস্য দুখ-যন্ত্ৰণা,নি:সংগতা আদিৰ লগে-লগে তেখেতে  'অস্তৰাগ'নামৰ উপন্যাসখনত মানৱ জীৱনৰ চৰম ট্ৰেজেদী বাৰ্ধক্য কালৰো অত্যন্ত কৰুণ আৰু হৃদয়স্পৰ্শী চিত্ৰ অংকণ কৰিছে।
      সেইদৰে বৰগোহাঞিদেৱে তেখেতৰ ' আত্মানুসন্ধান', 'মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ ', 'ধুমুহা আৰু ৰামধেনু(দুটা খণ্ডত)' আদি আত্মজীৱনীমূলক গ্ৰন্থত  বিভিন্ন ঘটনা-পৰিঘটনা আৰু অভিজ্ঞতাৰ মাজেৰে এক অন্তৰ্মুখী চেতনাৰে নিজৰ জীৱনটোক নিৰীক্ষণ কৰিছে।জীৱনৰ অলেখ ঘাত-প্ৰতিঘাতৰ মাজতো নিৰাশগ্ৰস্ত নহৈ আনন্দেৰে জীৱনত জীয়াই থকাৰ কৌশল তেখেতে শিকিছে।(উল্লেখযোগ্য যে 1958 চনত তেখেতে অসমৰ বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিক বিয়া কৰাইছিল যদিও এই সম্পর্ক স্থায়ী হোৱা নাছিল।দুয়ো একেলগে 'পুৱাৰ পূৰৱী সন্ধ্যাৰ বিভাস' নামৰ এখন উপন্যাসো লিখিছিল। )
     পৃথিৱীৰ বিভিন্ন সভ্যতা-সংস্কৃতিৰ জন্ম আৰু বিকাশৰ কাহিনীয়ে তেখেতক যথেষ্ট অনুপ্ৰাণিত কৰিছে।এই সভ্যতাসমূহৰ উত্থানৰ অন্তৰালত থকা মানুহৰ অসীম কষ্ট,আহোপুৰুষাৰ্থ আৰু কৃচ্ছসাধনাৰ বিষয়ে তেখেতে বিস্তৃতভাৱে
' আধুনিক যুগৰ জন্ম কাহিনী','মানুহ হোৱাৰ গৌৰৱ','ডাৰউইন','মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ',
'অন্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টিঅ’ৰ' আদি গ্ৰন্থত।
      ফৰাচী বিপ্লৱৰ অন্যতম বাটকটীয়া ৰুচ্যো আৰু  ভল্টেয়ৰ,বিশ্বশান্তিৰ প্ৰবক্তা বাৰ্ট্ৰণ্ড ৰাছেল আদিৰ দৰে ব্যক্তিৰ কৰ্ম আৰু আদৰ্শৰে উদ্বুদ্ধ বৰগোহাঞিদেৱৰ ৰচনাত এইসকল ব্যক্তিৰ নাম বাৰে বাৰে উল্লেখ হোৱা পৰিলক্ষিত হয়।ফৰাচী দাৰ্শনিক ভল্টেয়ৰে তেওঁৰ আশীবছৰ বয়সতো তেনেই দুৰ্বল,ক্ষীন আৰু নিশকটীয়া দেহাৰে ফৰাচী অভিধানৰ প্ৰাৰম্ভিক বৰ্ণৰ সমস্ত শব্দ-অৰ্থ  লিখাৰ দায়িত্ব অকলেই কান্ধ পাতি লোৱাৰ দৰে হোমেন বৰগোহাঞিদেৱেও তেখেতৰ প্ৰায় উনসত্তৰ-সত্তৰ বছৰ বয়সত অসম সাহিত্য সভাৰ সভাপতিৰ আসনত অধিষ্ঠিত হৈয়ে অসমীয়া ভাষাৰ বিশ্বকোষ প্ৰণয়নৰ দৰে গুৰু দায়িত্ব কান্ধ পাতি লৈছিল। বিশ্বকোষ প্ৰণয়ন যে সমগ্ৰ অসমৰে এটা জাতীয় দায়িত্ব -এই কথা অসমীয়া ৰাইজক অনুধাৱন কৰাবলৈ তেখেতে শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিছিল। ৰাইজৰ পৰা সংগৃহীত ধনেৰে তেখেতে বিশ্বকোষ পুঁজি গঠন কৰিছিল আৰু আশাসুধীয়া প্ৰচেষ্টাৰে অসমীয়া বিশ্বকোষৰ সাতটাকৈ খণ্ড প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হৈছিল।
      প্ৰাচীন গ্ৰীচ দেশৰ লোকসকলে 'সুস্থ দেহত সুস্থ মন' বোলা আপ্তবাক্যত বিশ্বাস ৰাখিছিল আৰু স্বাস্থ্যৰ যত্ন লৈছিল।বৰগোহাঞিদেৱেও  তেখেতৰ জীৱনত যথেষ্ট গুৰুত্ব দিয়া এটা বিষয় আছিল স্বাস্থ্যৰ যত্ন।তেখেতে বিশ্বাস কৰিছিল যে সুস্থ স্বাস্থ্যৰ ওপৰতে প্ৰকৃততে মানুহৰ জীৱনৰ সুখ বা আনন্দ নিৰ্ভৰ কৰে।শৈশৱতে প্ৰচণ্ড মেলেৰীয়াত ভূগি নিশকটীয়া হৈ পৰা বৰগোহাঞিদেৱক যি এক নীচাত্মিকাবোধে তিলতিলকৈ খুলি খুলি খাইছিল সেই নীচাত্মিকাবোধৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় আছিল স্বাস্থ্যৰ যত্ন।কিতাপৰ পৃথিৱীত সোমাই পিতপিতকৈ তেখেতে সন্ধান কৰিছিল-জীৱনত আনন্দেৰে জীয়াই থকাৰ মন্ত্র।বিশ্বৰ মহান মনিষীসকলৰ জীৱন-দৰ্শন,মনস্তাত্বিক দৃষ্টিভংগী আদিৰে তেখেতে জীৱনটোক যাপন কৰিবৰ বাবে প্ৰয়োজন হোৱা মানসিক খোৰাক গোটোৱাৰ লগে লগে দৈহিক স-স্বাস্থ্যৰ বাবে
ব্যায়াম-প্ৰাণায়াম,যোগ আদিৰ দৰে কথাবোৰতো অত্যন্ত গুৰুত্ব দিছিল।তেখেতে এই বিষয়ত ভালেমান ৰচনা আৰু 'স্বাস্থ্যৰ সাধনা','শৰীৰ আৰু হৃদয়','কাম কৰাৰ আনন্দ' ,'সুস্থ দেহত সুস্থ মন' আদিৰ দৰে গ্ৰন্থও ৰচনা কৰিছে।
      তেখেতৰ দৃষ্টিত মানুহ জীয়াই থাকে কৰ্মেৰে।আৰু তেখেতৰ কৰ্মই হৈছে লেখা।নিলিখাকৈ তেখেত থাকিব নোৱাৰে। অসমীয়া সাহিত্যলৈ যুগুৱা অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে তেখেতলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা,অসম উপত্যকা সাহিত্য বঁটা,সাহিত্য একাডেমি বঁটা তথা সংবাদ জগতলৈ যুগুৱা অৱদানৰ বাবে অসম সাহিত্য সভাৰ দ্বাৰা 'লক্ষ্মীনাথ ফুকন বঁটা', 'জয়কৃষ্ণ ৰামদয়াল সমন্বয় বঁটা',সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা 2019 চনত 'জীৱনজোৰা সাধনা বঁটা' আদিৰে সন্মানিত কৰা হৈছিল।তাৰোপৰি অসমৰ ৰাইজে তেখেতক দুবাৰকৈ  অসম সাহিত্য সভাৰ সভাপতি হিচাপেও বৰণ কৰিছিল।কিন্তু তেখেতে নিজে উল্লেখ কৰা মতে, মান-যশ,সন্মান লাভৰ আশাৰে তেখেতে কেতিয়াও নিলিখে।'গদ্যৰ সাধনা'(পাঠকৰ টোকাবহী) শীৰ্ষক লেখাটিত তেখেতে লিখিছে-'মই কিয় লিখোঁ-এই প্ৰশ্নৰ উত্তৰত অতি অকপটভাৱে মই কেৱল এই কথাই ক'ব পাৰোঁ যে মই লিখোঁ,কাৰণ একমাত্ৰ  লেখাৰ সময়তে মই জীৱনটো নিবিড়ভাৱে যাপন কৰাৰ অভিজ্ঞতা লাভ কৰোঁ।জীৱনৰ বাস্তৱ অভিজ্ঞতাবোৰ বেছিভাগ সময়তেই ইমান দ্ৰুতগতিৰে আৰু ইমান বিশৃংখলভাৱে ঘটে যে আমি সেইবোৰৰ আচল তাৎপৰ্য  উপলদ্ধি কৰিবলৈ পোৱাৰ আগতেই সেইবোৰ কেৱল অতীত স্মৃতিত পৰিণত হয়।কিন্তু কলাৰ মাজত আমি এই গোটেইবোৰ অভিজ্ঞতাকে পুনৰ যাপন কৰিব পাৰো।আমি সেইবোৰৰ প্ৰকৃত তাৎপৰ্য অনুধাৱন কৰিবলৈ চেষ্টা কৰিব পাৰোঁ।'
     লেখাটো তেখেতৰ বাবে এটা খেলা।তেখেতৰ মতে,শব্দৰ ৰহস্যই তেখেতক আজীৱন আৱিষ্ট কৰি ৰাখিছে।তেখেতৰ মতে,লেখকৰ এটা সাধাৰণ সংজ্ঞা হ'ল এয়ে যে যি মানুহে বাক্য গঠন কৰিব পাৰে আৰু তাকে কৰি আনন্দ লাভ কৰে তেওঁকেই লেখক বুলি কোৱা হয়।কিন্তু বাক্য গঠন কৰা কাম সহজ নহয়।ক'বলৈ গ'লে ই পৃথিৱীৰ আটাইতকৈ কঠিন কামবোৰৰ ভিতৰত এটা। সাহিত্য সৃষ্টিৰ বাবে সেয়ে তেখেতে গদ্যৰ সাধনাত সদায়ে অত্যাধিক গুৰুত্ব দিয়ে।তেখেতৰ মতে,উৎকৃষ্ট গদ্য ৰচনা অতিশয় পৰিশ্ৰম সাপেক্ষ কাম।দীর্ঘদিনৰ অনুশীলন ব্যতিৰেকে কোনেও ভাল গদ্য লিখিব নোৱাৰে।....ভাল গদ্য নিৰ্মানৰ দক্ষতা আয়ত্ব কৰিব নোৱাৰালৈকে কেতিয়াও ভাল সাহিত্য সৃষ্টি হ'ব নোৱাৰে।(কেনেকৈ লিখা উচিত? )
      তেখেতৰ মতে,গদ্যৰ সাধনা কেৱল ব্যক্তিবিশেষৰে সাধনাই নহয়,বৰঞ্চ একো একোটা সভ্যতাৰো সাধনা।কাৰণ,গেলিলিও আৰু নিউটনৰ যুগান্তকাৰী আৱিস্কাৰসমূহে আধুনিক বৈজ্ঞানিক যুগৰ সূচনা কৰাৰ লগে নতু নতুন দাৰ্শনিক আৰু বৈজ্ঞানিক তত্ববোৰ অৰ্থৰ বিকৃতি নঘটাকৈ সৰ্বসাধাৰণ লোকৰ মাজলৈ নিবৰ বাবে প্ৰয়োজন হোৱা গদ্য-ৰীতিটো আছিল এয়ে টে গদ্য হ'ব লাগিব স্পষ্ট,সৰল আৰু বাহুল্য-বৰ্জিত।এই নতুন গদ্য-ৰীতি  নিৰ্মানৰ প্ৰচেষ্টাতে ফৰাচীসকলে কঠোৰ শ্ৰম কৰি গৈছিল আৰু অৱশেষত তেওঁলেকে যি গদ্য-ৰীতি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছিল সেই গদ্য-ৰীতিৰ বাবেই সুদীৰ্ঘ প্ৰায় তিনিশ বছৰ ধৰি ফৰাচী ভাষা  ইউৰোপীয় মনিষীসকলৰ জ্ঞানচৰ্চা আৰু ভাৱ বিনিময়ৰ প্ৰধান মাধ্যম হৈ আছিল।
       গদ্যৰ সাধক হোমেন বৰগোহাঞিদেৱে  লিখিছিল-' মই গোটেই জীৱন ধৰি এটা মাত্ৰ সাধনাই কৰিছোঁ,সেইটো হৈছে মোৰ মনোমত এটা গদ্য-ৰীতি নিৰ্মানৰ সাধনা।গদ্যৰ সাধনা মোৰ কাৰণে জীৱনৰেই সাধনা,কাৰণ গদ্যৰ সাধনাই মোক পৰিশ্ৰমী,নিয়মানুৱৰ্তী আৰু কষ্ট-সহিষ্ণু হ'বলৈ শিকাইছে।গদ্যৰ সাধনাই মোক বিনয়ী হ'বলৈকো শিকাইছে,কাৰণ শব্দবোৰৰ লগত অবিৰাম যুদ্ধ কৰি কৰি মই আৱিস্কাৰ কৰিছোঁ মোৰ ক্ষুদ্ৰতা,দুৰ্বলতা আৰু অসমৰ্থতা।'
       ক'বলৈ গ'লে,বৰগোহাঞিদেৱে তেখেতৰ চমকপ্ৰদ গদ্য-শৈলী তথা গভীৰ মননশীল  আৰু প্ৰজ্ঞাদীপ্ত  লেখনিৰে পঞ্চাশৰ দশকৰ পৰা মৃত্যুৰ আগলৈকে ,এটা সুদীৰ্ঘ কাল অসমীয়া সাহিত্যলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই যি এক 'বৌদ্ধিক বিপ্লৱ'ৰ সূচনা কৰি সমগ্ৰ জাতিটোকে সমৃদ্ধ কৰি গ'ল সেয়া কোনেও পাহৰিব নোৱাৰিব।(সমাপ্ত) 

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...