Monday, September 28, 2026

স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'

      স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ' 

                                                    - বীৰ্কে বি থাপা

          অসম আন্দোলন আৰু তাৰ পৰৱৰ্তী কালত অসমীয়া সমাজ-জীৱনত ঘটা নৈতিক -স্খলনৰ দলিল স্বৰূপ এখন উপন্যাস হৈছে ড:মৃণাল কুমাৰ গগৈৰ 2013 চনত প্ৰকাশিত উপন্যাস-' পাপ '। ডিগবৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড:মৃণাল কুমাৰ গগৈ মূলত: এগৰাকী কবি। নিজস্ব এক অন্তৰ্স্পৰ্শী অনুভূতিৰে নব্বৈৰ দশকৰ পৰা সমসাময়িক বিভিন্ন কাকত-আলোচনীত প্ৰেমৰ কবিতা লিখি বৃহৎ সংখ্যক পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এইগৰাকী কবিৰ প্ৰথমখন কবিতাপুথি আছিল 1999 চনত প্ৰকাশিত 'চাম কাঠৰ শুকান শব্দৰ দৰে' আৰু দ্বিতীয়খন কবিতাপুথি আছিল 2006 চনত প্ৰকাশিত 'প্ৰেমৰ কবিতা'।কবিতাৰ উপৰিও তেওঁ 'কেনে আছোঁ মোক নুসুধিবা'(2005) আৰু 'পাপ'(2013) নামেৰে দুখন উপন্যাসো ৰচনা কৰিছে।

        আমাৰ আলোচ্য 'পাপ' নামৰ উপন্যাসখনত চিত্ৰিত হৈছে আশীৰ দশকত আৰম্ভ হোৱা অসম আন্দোলনৰ জটিল পৰিস্থিতিৰ সময়ছোৱাত বাংলাদেশী বহিষ্কৰণৰ নামত এচাম মানুহে মানৱতাক সম্পূৰ্ণৰূপে বিসৰ্জন দিয়া আৰু সময়ৰ লগে-লগে সেই আন্দোলন কৰা লোকসকলৰে কিছুসংখ্যকে সাপৰ দৰে মোট সলোৱা কাৰ্য তথা নিজৰ জাতীয় ঐতিহ্য-সংস্কৃতি আৰু ধৰ্মৰ নামত এচাম লোকে কৰি থকা ভণ্ডামীবোৰৰ স্বৰূপ উদঙাই দেখুওৱা হৈছে। 

       এই কথা সত্য যে,অসম আন্দোলনৰ মূলতে আছিল কেন্দ্ৰই অসমৰ ওপৰত চলাই অহা ঔপনিৱেশিক শোষণ আৰু অবৈধ বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশ বন্ধ কৰা।আন্দোলনৰ লক্ষ্য আৰু উদ্দেশ্য যিমানেই মহৎ নহওক লাগিলে, আন্দোলনকাৰী সকলৰ মাজৰ এচাম লোকৰ ভণ্ডামী আৰু মানৱতাহীন কাৰ্যই আন্দোলনৰ প্ৰকৃত সত্বাক কলুষিত কৰিছিল।উপন্যাসখনত বৰ্ণিত ড: পৰমেশ্বৰ গোস্বামী তেনে এজন আদৰ্শভ্ৰষ্ট লোক।ড: গোস্বামীৰ চৰিত্ৰ বিশ্লেষণ কৰিলে দেখা যায়-তেওঁ ইউনিভাৰ্চিটিৰ এজন প্ৰফেচৰ।অসম আন্দোলনৰ সময়ছোৱাত বামপন্থী দলৰ নেতা হিচাপে তেওঁ বাংলাদেশী লোকসকলৰ প্ৰতি গভীৰ সমবেদনা প্ৰদৰ্শন কৰি আন্দোলনকাৰীসকলৰ বিপক্ষে থিয় দিছিল, কিন্তু সময়ৰ লগে লগে সাপে মোট সলোৱাৰ দৰে তেওঁ নিজৰ আদৰ্শ সম্পূৰ্ণৰূপে জলাঞ্জলি দি বাংলাদেশীক খেদোৱাৰ আন্দোলনত নামি পৰিছিল।ইউনিভাৰ্চিটিৰ কাষত পাণ দোকান-গুমটি আদি দি জীৱিকা অৰ্জন কৰি থকা মিঞা মানুহখিনিক তাৰ পৰা উঠাই দিয়াৰ ক্ষেত্ৰত তেৱেঁই আগভাগ লৈছিল।তেওঁৰ মাৰ্ক্সীয় বস্তুবাদী দৰ্শন,সাম্যবাদী আদৰ্শ আদি সকলো যে ভুৱা আছিল সেয়া স্পষ্টভাৱে পৰিলক্ষিত হয় মিঞা বুলি ক'লেই এতিয়া তেওঁ ঘৃণাত নাক কোঁচোৱা কাৰ্যত।তাৰোপৰি নিজকে তেওঁ অত্যন্ত ধৰ্মপ্ৰাণ আৰু সংস্কাৰী লোক বুলি গণ্য কৰে।পুৱা-সন্ধিয়া নাম-প্ৰসংগ নকৰাকৈ তেওঁ কেতিয়াও ভাত-মুঠি গ্ৰহণ নকৰে।

        ড: পৰমেশ্বৰ গোস্বামীৰ আচাৰ-আচাৰণত লাগি আছে প্ৰাচীন মৌজাদাৰৰ বংশৰ আভিজাত্য আৰু সেই দাম্ভিকতাৰে তেওঁ সকলোৰে ওপৰত নিজৰ শাসন চলাব বিচাৰে।তেওঁৰ দাম্ভিক আচৰণ আৰু বাংলাদেশী মুছলিম বিদ্বেষী মনোভাৱৰ কথা সকলোৱে জানে।তেওঁৰ এই দম্ভ কেৱল বাহিৰতে নহয়,ঘৰতো সৰু-সুৰা কথা-বতৰাত তাৰ স্পষ্ট প্ৰতিফলন ঘটা দেখা যায়।বিশেষকৈ ঘৰত কাম কৰা ছোৱালী কেইজনী আৰু বেমাৰী মানুহজনীক তেওঁ মানুহ বুলিয়ে গণ্য নকৰে।বেমাৰী মানুহজনীৰ আলপৈচান ধৰাৰে পৰা ঘৰৰ সকলো কাম বনকৰা ছোৱালী কেইজনীয়েই কৰে।গোস্বামীৰ সময় নাই ঘৈণীয়েকৰ কাষত এখন্তেক বহিবলৈ।মানুহজনীয়ে কেঁকাই থাকিলে বৰঞ্চ ধমকহে দিয়ে মনে মনে থাকিবলৈ।কিন্তু ঘৰখনত তেওঁ যিমানে কঠোৰ শাসন নচলাওক কিয়, ক'বলৈ গ'লে নিজৰ ল'ৰা-ছোৱালীকেইটাক কিন্তু তেওঁ চৰিত্ৰবান মানুহ হিচাপে গঢ়ি তুলিব পৰা নাই।

        গোস্বামীৰ তিনিজন পুতেকৰ ভিতৰত একেবাৰে সৰুজন পুতেক পূৰ্ণানন্দক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ মূল কাহিনীভাগ নিৰ্মিত হৈছে।সৰুৰে পৰাই শিৱসাগৰৰ মোমায়েকৰ ঘৰত থাকি ডাঙৰ হোৱা পূৰ্ণানন্দক তেওঁ মোমায়েকৰ ঘৰত থাকি তেনেই নষ্ট হোৱা বুলি কৈ গুৱাহাটীলৈ লৈ আনিছে।কিন্তু দেউতাকৰ কঠোৰ শাসনত অতীষ্ঠ হৈ পূৰ্ণই সেইখন ঘৰৰ পৰা মুক্তিৰ পথ বিচাৰিছে।এদিন মনে মনে ঘৰৰ পৰা ওলাই সি শৰাইঘাট দলং চাবলৈ যোৱা ঘটনাৰ পাছতে দেউতাকে তাক মাজুলীৰ সত্ৰত থৈ আহিছেগৈ।গোস্বামীৰ ঘৰৰ ল'ৰা যেতিয়া তলৌ তলৌকৈ ঘুৰি ফুৰি নষ্ট হোৱাতকৈ সি সত্ৰতে থাককগৈ,সত্ৰৰ নিয়ম-নীতি শিককগৈ।সেই অনুসৰি সি সত্ৰত এটা নতুন জীৱন আৰম্ভ কৰিছে।সত্ৰৰ নিয়মানুসৰি সি চুলি দীঘলকৈ ৰাখি,চুৰিয়া পিন্ধি একেবাৰে ভকত হৈ পৰিল।সোনকালেই সি নাম-প্ৰসংগকে ধৰি ধোৱা-পখলা সকলো কাম শিকি ল'লে।সি এতিয়া উদাসীন ভকত হিচাপে পৰিচিত।

         সত্ৰত অন্য উদাসীন ভকতো আছিল যদিও ৰসেশ্বৰ বোলাজনৰ সংগ তাৰ বেছি ভাল লগা হ'ল। কিন্তু সত্ৰতো লোকচক্ষুৰ আঁৰত ঘটি থকা কিছুমান ব্যভিচাৰে তাৰ কোমল অন্তৰত গভীৰ প্ৰভাৱ পেলালে।নাৰীৰ দৰে পদভংগীমাৰে দীৰ্ঘদেহী ভকত ৰসেশ্বৰে সত্ৰৰ নীতি-নিয়মৰ বাহিৰলৈ গৈ তাক মদ-ভাং -গাহৰি মাংস আদি খাবলৈ জোৰ কৰা আৰু ৰাতি একেখন বিচনাত শোওঁতে তাৰ শৰীৰৰ লগত অশ্লীল খেল খেলা কাৰ্যবোৰে পূৰ্ণৰ কোমলীয়া মনত এনে দ-কৈ সাঁচ বহুৱাই গ'ল যে সি তাৰ পৰাও পলাই যাবলৈ বাট বিচাৰিবলৈ ধৰিলে।

        এদিন সুযোগ বুজি সি গুৱাহাটীলৈ পলাই আহিল।কিন্তু সি ক'লৈ যাব?সত্ৰৰ পৰা পলাই অহা কথা জানিব পাৰিলে দেউতাকে তাক সুদাই এৰিবনে? মাকক চাবলৈ প্ৰবল ইচ্ছা থকা স্বত্তেও সি দেউতাকৰ ভয়ত ঘৰলৈ যোৱাৰ সাহস কৰিব পৰা নোৱাৰিলে।ঘৰলৈ নগৈ সি শৰাইঘাট দলঙৰ পৰা কিছু আতঁৰত ব্ৰক্ষ্মপুত্ৰৰ পাৰত থকা সদিলাপুৰৰ সৰু সৰু জুপুৰী -ঘৰবোৰৰ ফালে খোজ আগবঢ়াই দিলে।উদ্দেশ্য ফৰিদাহঁতৰ ঘৰ।পূৰ্ণই ফৰিদাৰ আগত সত্ৰৰ পৰা পলাই অহা কথা বিবৰি কৈছে।'কি কৰিবি এতিয়া?'-তাই সোধা প্ৰশ্নৰ উত্তৰত সি কৈছে-'ইয়াতে থাকিম!'ফৰিদাই তাক বুজাইছে যে সিহঁত বাংলাদেশী।মানুহে সিহঁতক মিঞা বুলি ঘৃণা কৰে।সি ইয়াত থকা কথা গম পালে মানুহে তাক লেই -লেই ছেই -ছেই কৰিব।ফলত সি তাৰ পৰা গুছি গৈছেগৈ শিৱসাগৰৰ মোমায়েকৰ ঘৰলৈ।

          মোমায়েকে তাক স্কুলত নাম লগাই দিছে।কিন্তু সহপাঠী আমিৰহঁতৰ সংগত তাৰ আৰম্ভ হৈছে পংকিলতাৰে পূৰ্ণ ,লক্ষ্য-আদৰ্শহীন এটা জীৱন।স্কুলীয়া দিনৰ সহপাঠী আমিৰহঁতৰ সংগত পৰি সি মদ,মাংস আৰু অন্য বেয়া বস্তু খাবলৈ শিকিছে।কাহিনীৰ অগ্ৰগতিৰ লগে লগে পূৰ্ণৰ জীৱনত ঘটা বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে সি অৱশেষত কলিকতাৰ জনবহুল মহানগৰত হেৰাই গৈছে।এই মহানগৰত কেৱল মদ আৰু বেশ্যাই তাৰ জীৱন হৈ পৰিছে।

        ক'বলৈ গ'লে,যুগৰ অত্যাচাৰত পৰিশ্ৰান্ত হোৱা এটা চৰিত্ৰ হৈছে পূৰ্ণকান্ত।কুমলীয়া বয়সত দেউতাকে তাৰ ওপৰত চলোৱা কঠোৰ শাসন,সত্ৰৰ উদাসীন ভকত ৰসেশ্বৰে চলোৱা যৌন উৎপীড়ণ,সহপাঠী আমিৰহঁতৰ কু-সংগ,মদ্যপান আৰু বেশ্যালয় গমনৰ অভ্যাস আদি বিভিন্ন ঘটনাই তাক একেবাৰেই নষ্ট কৰি পেলাইছে।তাৰ মনৰ কোনোবা এচুকত সদিলাপুৰৰ ফৰিদাৰ প্ৰতি জাগি উঠা প্ৰেম, সোনালী শৰ্মাই কৰা বিশ্বাসঘাটকতা আদিৰ দৰে ঘটনাইয়ো তাক মানসিকভাৱে তেনেই দুৰ্বল কৰি পেলাইছিল।নিজৰ অস্থিৰ আৰু অসংলগ্ন মানসিক পৰিস্থিতিত সি পুনৰ কলিকতাৰ বেশ্যালয়ত চিত্ৰালী দে' নামৰ বেশ্যা এজনীৰ প্ৰেমত পৰিছে।কেৱল জৈৱিক তাড়ণাতে সি চিত্ৰালীৰ কোঠালৈ যোৱা নাই,গৈছে,মানসিক শান্তি বিচাৰি।এনেদৰেই কেৱল মদ আৰু একাধিক বেশ্যাৰ সৈতে সহবাস কৰা দৈনন্দিন প্ৰবৃত্তিৰেই সি লক্ষ্য-উদ্দেশ্যহীন পংকিল জীৱনত ভৰি থৈ নিজৰ সৰ্বস্ব হেৰুৱাই পেলাইছে।

        ঘটনাৰ পাকচক্ৰতঅৱশেষত সি এজনী পেচাধাৰী বেশ্যাৰ কবলত পৰি নিজৰ টকা-কড়ি সকলো হেৰুৱাই ধৰা পৰাৰ ভয়ত পলাই ফুৰিবলগীয়া হৈছে ।সেই সময়ত সি অনুভৱ কৰিছে সমাজৰ প্ৰয়োজনীয়তা।কিন্তু কোনখন সমাজলৈ সি উভটি যাব?দেউতাক পৰমেশ্বৰ গোস্বামীৰ দৰে লোকসকলৰ মিছা আভিজাত্যৰে ভৰা সমাজলৈ নে ধৰ্মৰ নামত ব্যভিচাৰ চলি থকা সমাজলৈ ? কি কৰিব,ক'লৈ যাব সি? পৰিস্থিতিৰ তাগিদাত অৱশেষত সি মুছলিম মানুহৰ ভেশ লৈ অসমলৈ উভতি আহিছে আৰু স্কুলীয়া জীৱনৰ বন্ধু আমিৰক লগ পাইছে।আমিৰৰ লগত মদ্যপান কৰাৰ পাছত সি হোটেলৰ কোঠাত আচম্বিতে লগ পাইছে আমিৰে তাৰ বাবে পঠিয়াই দিয়া বেশ্যা ফৰিদাক।পংকিলতাৰে পূৰ্ণ জীৱনত সি পুনৰ ঘূৰাই পাইছে তাৰ জীৱনৰ পৰা হেৰাই যোৱা ফৰিদাক।

       এনেদৰেই পূৰ্ণকান্তৰ শৈশৱ আৰু যৌৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে উপন্যাসখনৰ কাহিনীৰ অগ্ৰগতি।পূৰ্ণকান্তৰ কাহিনীৰ লগে লগে অানুষংগিক আন কিছুমান ঘটনা প্ৰবাহো সমান্তৰালকৈ আগবাঢ়ি গৈছে -যিবোৰ ঘটনা প্ৰবাহৰ মাজেৰে প্ৰতিফলিত হৈ উঠিছে আদৰ্শ আৰু নৈতিকতাৰ স্খলনৰ কিছুমান জীৱন্ত আৰু অকথ্য চিত্ৰ।

       উপন্যাসখনত ফৰিদাৰ কাহিনীয়ে এক বিশেষ তাৎপৰ্য বহন কৰিছে।পূৰ্ণৰ লগত এসময়ত একেলগে পঢ়া ফৰিদা এজনী তেনেই সাধাৰণ বাংলাদেশী মুছলিম ছোৱালী যদিও উপন্যাসিকে 'ফৰিদা'চৰিত্ৰটো অত্যন্ত হৃদয়স্পৰ্শী ৰূপত অংকন কৰিছে।

       অসম আন্দোলনৰ সময়ছোৱাতে ফৰিদাৰ দেউতাক ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহিছিল।প্ৰথমে অ'ত ত'ত অনাই বনাই কাম-বন কৰি ফুৰাৰ পাছত জালুকবাৰীতে গুমটি দোকান এখন খুলিছিল।তাৰ পৰিয়ালটো গুমটিখনতে থাকিছিল।আন্দোলনৰ সময়ছোৱাত ইউনিভাৰ্চিটিৰ মানুহবোৰে মিটিং-মাটাং কৰি সিহঁতৰ দৰে মানুহবোৰক তাৰ পৰা খেদি পঠিওৱাত সিহঁতে অস্থায়ীভাৱে ব্ৰক্ষ্মপুত্ৰৰ পাৰৰ সদিলাপুৰ নামৰ ঠাইডোখৰতে জুপুৰী সাজি থাকিবলৈ লৈছিল।ফৰিদাৰ দেউতাকে এতিয়া ৰিক্সা চলাই জীৱিকা অৰ্জন কৰে।ফৰিদাৰ মাকে ক'ত কি কৰে তাই নাজানে।ৰাতিপুৱাই ওলাই যায় আৰু সন্ধিয়া ঘৰত সোমায়।তাই বুজন হৈ অহাৰ লগে-লগে সময়ে-অসময়ে মাকক বিচাৰি অহা মানুহবোৰৰ মতি-গতি আৰু বাপেকে মদ খাই আহি অশ্লীল ভাষাৰে মাকক পৰা গালিবোৰ শুনি শুনি তাই বহু কথাই অনুমান কৰিব পৰা হৈছে।

        তাই ডাঙৰ হৈ অহাৰ লগে লগে সময়ে অসময়ে মাকক বিচাৰি অহা মানুহবোৰে তাইক লোলুপ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে।তাইৰ যৌৱনপুষ্ট শৰীৰক লৈ খেলিব বিচৰা এচাম উন্মত্ত ডেকা ল'ৰাই সিহঁতৰ ইপ্সিত বাসনা পূৰ্ণ কৰিব নোৱাৰি খঙত অশ্লীল চিঞৰ -বাখৰ কৰি এদিন সিহঁতৰ ঘৰত জুই লগাই দিছে।মানুহৰ মতে ,সিহঁত বাংলাদেশী বাবে জুই লগাই দিছে।

        ঘৰ জ্বলি যোৱাৰ পাছত ফৰিদাৰ মাকে তাইক নিৰাপত্তাৰ বাবে যিখন ড: গোস্বামীৰ ঘৰ।সমাজত নাম-যশ,প্ৰতিপত্তি থকা ঘৰ।কিন্তু সেইখন ঘৰতো নিৰাপত্তা নাছিল।তাতো পাপে বাহ লৈছিল।তাই থাকিবলৈ লোৱাৰে পৰা ইন্দ্ৰকান্তই বাহিৰলৈ যাবলৈ এৰিলে...ইন্দ্ৰকান্তই হাই ভলিউমত কম্পিউটাৰত গান বজাই দিছে...কম্পিউটাৰটো খোলা ৰাখি সি খৰখেদাকৈ টেবুলৰ ড্ৰয়াৰটো খুলি ডেন্টড্ৰাইট এটা উলিয়াই তাৰ সুবাস পৰম আগ্ৰহেৰে ল'বলৈ ধৰিছে।কিছুপৰ সেই তৃপ্তি নে অতৃপ্তি লৈ থকাৰ পিছত তাৰ দুহাত নিজৰ কঁকাললৈ আপুনিয়ে গৈছে।কম্পিউটাৰৰ পৰ্দালৈ এপলক চায়ে আন্দাৰৱেৰটো সি খুলি পেলাইছে আৰু ওচৰৰ বিচনাত পৰি থকা টাৱেল এখন পিন্ধি লৈছে।....সি দৌৰি গৈ বাথৰূমত সোমাই দুৱাৰখন জপাই লৈছে আৰু ফৰিদাক সাৱটি সি তাৰ পাশৱিক কামনা পূৰ্ণ কৰিছে।অসুখীয়া মাকে এইবোৰ কথা একো গম নাপায়।দিনে-নিশাই মেল মিটিঙত ব্যস্ত গোস্বামীৰ এইবোৰ কথাত মন দিবলৈ সময় নাই। এদিন ফৰিদা অন্ত:সত্বা হৈছে।এইবাৰ তাই সিদ্ধান্ত কৰিছে গোস্বামীৰ ঘৰলৈ আৰু তাই নাযায়।ঘৰতে থাকিব।কিন্তু ঘৰখনো তাইৰ বাবে নিৰাপদ নহয়।গোস্বামীৰ পুতেক ইন্দ্ৰকান্তই তাইক তাতো এৰা নাই।সি আহি তাৰ শাৰীৰিক বাসনা পূৰ্ণ কৰাৰ পাছত কণ্ডমটো কাষতে দলিয়াই বীৰদৰ্পে গুছি গৈছে।নিজৰ নাৰীত্বত আঘাত পাই তাই হঠাৎ ক্ষুব্ধ হৈ উঠিছে আৰু এটা সাংঘাটিক কাম তাই কৰি পেলাইছে।ইন্দ্ৰই পেলাই থৈ যোৱা কণ্ডমটো তাই তুলি লৈছে। বিক্ষুব্ধ বাঘিনীৰ দৰে গোস্বামীৰ ঘৰলৈ বুলি তাই খৰকৈ খোজ লৈছে আৰু গোস্বামীয়ে ভাত খোৱা টেবুলত কণ্ডমটো দলিয়াই দিছে-'এয়া চাওক,আপোনাৰ ল'ৰাৰ কাণ্ড।সি মোক কি কৰিলে চাওক'-কৈয়েই তাই কঁকালৰ কাপোৰ আঁতৰাই তলপেটটো উদং কৰি দিলে।চৌদিশে ছিটিকি পৰিছে কণ্ডমৰ ভিতৰৰ বিজলুৱা পদাৰ্থখিনি।ক্ষন্তেকৰ বাবে হতবাক হৈছে গোস্বামী।তাৰ পাছত তেওঁ ভাতৰ কাঁহীখন তাইৰ মুখলৈ মাৰি পঠাইছে।নিজৰ কোঠালৈ গৈ চাবোকডাল আনি ফৰিদাক কোবাবলৈ আৰম্ভ কৰিছে।চাবোকৰ আঘাতত তাইৰ গাৰ পৰা তেজ ওলাইছে আৰু এটা সময়ত একো ক'ব নোৱাৰা হৈ পৰিছে।আৰু তাই যেতিয়া সম্বিৎ ঘূৰাই পাইছে তেতিয়া তাই হস্পিটেলত।ড:গোস্বামীয়ে নোটৰ বাণ্ডিল চিকিৎসকলৈ আগবঢ়াই দি তাইৰ গৰ্ভপাতৰ ব্যৱস্থা কৰিছে।নিজৰ জীৱনত ঘটা এনে দশাৰ পাছতো কিন্তু পৰাজয় বৰণ কৰা ছোৱালী তাই নহয়।মাকৰ দৰেই তাইয়ো আঁকোৱালী বেশ্যাবৃত্তিৰ জীৱন।এনে ভাৱ হয় সেয়াও যেন একপ্ৰকাৰৰ বিদ্ৰোহ-ভদ্ৰ আৰু আভিজাত্যৰ মুখা পিন্ধা সমাজখনৰ বিৰূদ্ধে।

        কাহিনীৰ অগ্ৰগতিৰ লগে লগে দেখা যায়-ড:পৰমেশ্বৰ গোস্বামীৰ ঘৰৰ পৰা ফৰিদা গুছি অহাৰ পাছত গোস্বামীৰ বৰপুত্ৰৰ কামনাৰ বলি হৈছে চম্পা।পলাই অহা চম্পাক ফৰিদাই আশ্ৰয় দিছে ।এটা সময়ত অবৈধ সন্তান জন্ম দি চম্পাৰ মৃত্যু হৈছে,আনফালে ড: গোস্বামীয়ে বৰপুত্ৰ ইন্দ্ৰকান্তৰ বাবে ৰমক-জমককৈ বিয়াৰ আয়োজন কৰিছে।তেনে অৱস্থাত ক্ৰুদ্ধ বাঘিনীৰ দৰে ফৰিদাই ৰভাতলিত প্ৰৱেশ কৰি কেচুৱাটিক দৰা-সাজত থকা ইন্দ্ৰৰ সন্মুখলৈ আনিছে আৰু ন-কইনাৰ হাতত তুলি দি কৈছে-"লওঁক,এইটো আপোনাৰ স্বামীৰ সন্তান.."আৰু সেইষাৰ কথাৰেই যেন তাই ভদ্ৰতাৰ মুখা পিন্ধা সমাজখনৰ গালত পূৰ্ণহতীয়া চৰ এটা শোধাই দিছে।তাৰ পাছত তাই ৰভাঘৰৰ পৰা ওলাই আহিছে।ড: গোস্বামীৰ চকুৰ সন্মুখতে সকলো ঘটি যোৱা সত্বেও তেওঁ একো কৰিব পৰা নাই।শক্তিহীন আৰু অসহায়ভাৱে তেওঁ বহা ঠাইতে হতবাক হৈ বহি থাকিল।এই ঘটনাৰ পাছতে ড:গোস্বামীৰ পক্ষৰ ল'ৰা কিছুমানে সদিলাপুৰৰ মুছলিম ঘৰবোৰ জ্বলাই দিছে।মানুহবোৰ আকৌ গৃহহীন হৈ সদিলাপুৰ এৰি অন্য ঠাইলৈ যাবলৈ বাধ্য হৈছে।ফৰিদাও গুছি গৈছেগৈ সদিলাপুৰ এৰি।

         সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায়-পূৰ্ণকান্তৰ জীৱনৰ ঘাত-প্ৰতিঘাতক কেন্দ্ৰ কৰিয়েই উপন্যাসখন ৰচিত যদিও আৰম্ভণিৰ পৰা শেষলৈকে চৰিত্ৰৰ বিকাশ চকুত নপৰে।পূৰ্ণৰ চৰিত্ৰটো যুগৰ অত্যাচাৰত পৰিশ্ৰান্ত হোৱা এটা তেনেই অবিকশিত চৰিত্ৰ।ইয়াৰ বিপৰীতে কিন্তু ফৰিদা চৰিত্ৰটো উপন্যাসত যথেষ্ট প্ৰতিবাদী চৰিত্ৰ হিচাপে অংকিত হৈছে।নিজৰ সীমা আৰু পৰিধি সম্পৰ্কে তাই সম্পূৰ্ণ সচেতন হৈয়ো তাই সাহসেৰে অন্যায়ৰ প্ৰতিবাদ কৰিব পৰা ছোৱালী।কিন্তু উপন্যাসখনৰ শেষলৈ মানুহে যেতিয়া সদিলাপুৰৰ ঘৰবোৰ জ্বলাই দিছে,তেতিয়া তাইয়ো বাপেকৰ লগত অন্য স্থানলৈ গুছি যোৱা ঘটনাৰ পৰা এনে ভাৱ হয় যেন নিজৰ প্ৰতিবাদী সত্তাক দৃঢ়তাৰে ধৰি ৰখাত তাই সক্ষম হোৱা নাই।সমাজৰ অন্যায়-অত্যাচাৰৰ ওচৰত অৱশেষত তাইয়ো যেন একেবাৰে হাৰি গৈছে,শক্তিহীন হৈ ক'ৰবাত হেৰাই গৈছে।

          সাম্প্ৰতিক কালত ধৰ্ম আৰু বাংলাদেশী মুছলিমসকলৰ অবৈধ প্ৰব্ৰজনৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা সাম্প্ৰদায়িক ৰাজনীতিৰ জটিল আৰু স্পৰ্শকাতৰ পৰিস্থিতিত সমস্যাসমূহক 

পুনৰীক্ষণ কৰাৰ ক্ষেত্ৰত ড: মৃণাল কুমাৰ গগৈৰ উপন্যাসখন নি:সন্দেহে এক অত্যন্ত সাহসী পদক্ষেপ।উল্লেখযোগ্য যে,উপন্যাসখনৰ কাহিনী-বিন্যাস,কথনশৈলী আদিৰ ক্ষেত্ৰত কিছু শিথিলতা মাজে মাজে পৰিলক্ষিত নোহোৱাকৈ থকা নাই।সেইদৰে উপন্যাসখনৰ সৰ্বত্ৰে একোটা কাব্যিক অভিব্যঞ্জনাৰে সংপৃক্ত ভাৱৰ প্ৰয়োজনাধিক ব্যৱহাৰৰ বাবেও বক্তব্যৰ অস্পষ্টতা মাজে সময়ে পৰিলক্ষিত হৈছে।উপন্যাসখনৰ শেষৰ দুটামান অধ্যায়ত পৰিণতিৰ দিশলৈ যোৱাৰ খৰখেদাৰে উপন্যাসিকে সৃষ্টি কৰা অতি-নাটকীয় চিকুৱেঞ্চ বা পৰিৱেশৰ বাবেও কাহিনীৰ পৰিঘটনাত কিছু অস্বাভাৱিকতাই দেখা নিদিয়াকৈ থকা নাই।এনেধৰণৰ সৰু-সুৰা খুতি-নাটি থকা স্বত্বেও কিন্তু এই কথা অৱশ্যেই স্বীকাৰ কৰিব লাগিব যে উপন্যাসিকে অত্যন্ত সাহসিকতাৰে আমাৰ সমাজৰ প্ৰচলিত ধৰ্ম,সংস্কাৰ,আভিজাত্য আদিৰ আঁৰত সকলোৰে অলক্ষিতে ঘটি থকা পাপ আৰু স্খলনৰ বাস্তৱ ছবি উপন্যাসখনত অংকণ কৰিবলৈ চেষ্টা কৰিছে।তাৰ লগে লগে সকলো সাম্প্ৰদায়িক চেতনাৰ উৰ্দ্ধত অত্যন্ত সংবেদনশীলতাৰে সৈতে উপন্যৈসখনত প্ৰতিফলিত কৰা হৈছে এচাম খাটি খোৱা মানুহৰ জীৱন সংগ্ৰাম আৰু পংকিলতাৰে পূৰ্ণ জীৱনৰ বাস্তৱ আৰু হৃদয়স্পৰ্শী কাহিনী।*


মোহন সোনোৱাল ছাৰ : এক গহীন,উদাৰ আৰু নিৰপেক্ষ ব্যক্তিত্ব

 মোহন সোনোৱাল ছাৰ : এক গহীন,উদাৰ আৰু নিৰপেক্ষ ব্যক্তিত্ব

                                                                     - বীৰ্কে বি থাপা


     মোহন সোনোৱাল ছাৰৰ সৈতে মোৰ পৰিচয় বৰ বেছি দিনৰ নহয়। তেখেতৰ নাম মই প্ৰথম শুনা পাইছিলোঁ 2007 চনত। সেই সময়ছোৱাত ডিব্ৰুগড়ত অনুষ্ঠিত 'সোনোৱাল -কছাৰী সাংস্কৃতিক মহোৎসৱ ' উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ 'সোনোৱাল সুবাস'ত মোৰ এটা লেখা প্ৰকাশ পাইছিল।সোনোৱাল জনগোষ্ঠীৰ প্ৰথম গৰাকী সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত দণ্ডীধৰ ফাটোৱালীদেৱৰ সম্পৰ্কত লিখা মোৰ সেই লেখা ইতিপূৰ্বে কোনোবা এখন কাকতত প্ৰকাশ পাইছিল।কেনেকৈ লেখাটো 'সোনোৱাল সুবাস'ত প্ৰকাশ পাইছিল ক'ব নোৱাৰোঁ।খুৱ সম্ভৱ মোহন সোনোৱাল ছাৰে কেনেবাকৈ সংগ্ৰহ কৰি স্মৃতিগ্ৰন্থখনত প্ৰকাশ কৰি দিছিল।ডুমডুমা মহাবিদ্যালয়ৰ বেণু বড়া ছাৰৰ পৰা জানিব পৰা মতে স্মৃতিগ্ৰন্থখন মোলৈ মোহন সোনোৱাল ছাৰেই পঠিয়াই দিছিল।সেইদৰেই ছাৰৰ নামৰ সৈতে মোৰ পৰিচয় ঘটিছিল। 

      তাৰ পাছত প্ৰায় পোন্ধৰ বছৰ পাৰ হৈ গৈছিল। ছাৰৰ সৈতে মোৰ চাক্ষুস পৰিচয় ঘটে 2022 চনত।সেইবছৰ আমালৈ আমন্ত্ৰণ আহিল ডুমডুমা মহাবিদ্যালয়ত অনুষ্ঠিত 'সোনোৱাল সাহিত্য সভা' ৰ অনুষ্ঠান এখনলৈ। তাতেই প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ মোহন সোনোৱাল ছাৰক।বগা ধুতি-পাঞ্জাৱী পৰিহিত ,গহীন-গম্ভীৰ ,মৃদুভাষী এইগৰাকী লোকৰ ব্যক্তিত্বত মই প্ৰথম সাক্ষাততে অতিশয় মুগ্ধ হৈছিলোঁ। সেই প্ৰথম সাক্ষাততে তেখেতে 'সোনোৱাল সাহিত্য সভা'ৰ ভৱিষ্যত পৰিকল্পনা আৰু কাৰ্যপন্থা সম্পৰ্কত জনাইছিল আৰু এক বিশেষ কাৰ্যক্ৰমণিকাত মোৰ সহযোগ বিচাৰিছিল।তাৰ পাছৰ পৰাই তেখেতৰ সৈতে মোৰ সঘনে টেলিফ'ণিক যোগাযোগ হৈছিল।

      লাহে লাহে ছাৰক কেইবাখনো সভাত লগ পাইছিলোঁ।'সোনোৱাল সাহিত্য সভা'ৰ কেইবাখনো অনুষ্ঠানলৈ তেখেতে মোক আমন্ত্ৰণ জনাইছিল।তেখেতৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰিয়েই 'সোনোৱাল সাহিত্য সভা'ৰ অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰাৰ উপৰিও সভাৰ দ্বাৰা প্ৰকাশিত বিভিন্ন গ্ৰন্থ-স্মৃতিগ্ৰন্থ আদিত আমি কেইবাটাও লেখা লিখিছিলোঁ।

     সময় বাগৰি যোৱাৰ লগে লগে ছাৰৰ সন্দৰ্ভত বহুকথাই জানিব পাৰিছিলোঁ ।ডিব্ৰুগড়ৰ টেঙাখাট অঞ্চলৰ সমাজ,শিক্ষা, সাহিত্য,সংস্কৃতি আদি সকলো ক্ষেত্ৰৰে এগৰাকী বিশিষ্ট ব্যক্তি মোহন সোনোৱাল ছাৰ আছিল টেঙাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ। টেঙাখাট আঞ্চলিক ছাত্ৰসন্থাৰ প্ৰতিষ্ঠাপক সভাপতি হোৱাৰ উপৰিও তেখেতে 'সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা'ৰ সভাপতি আৰু সম্পাদকৰ দায়িত্ব তথা টেঙাখাট শাখা সাহিত্য সভা,ডিব্ৰুগড় জিলা মইনা পাৰিজাত ,ডিব্ৰুগড় জিলা মৃদংগীয়া গায়ন-বায়ন সংস্থা,ডিব্ৰুগড় জিলা অধিবিদ্যা পৰিষদ আদি বহু অনুষ্ঠান-সংগঠনৰ নেতৃত্ব বহন কৰি আহিছে।1951 চনত জন্মগ্রহণ কৰা ছাৰে আজি সত্তৰোৰ্দ্ধ বয়সতো সোনোৱাল সমাজৰ শিক্ষা-সাহিত্য আৰু সাংস্কতিক উন্নয়নৰ কথা চিন্তা কৰি অবিৰতভাৱে আৰু অক্লান্তভাৱে কাম কৰি আহিছে।

     1951 চনত জন্মগ্ৰহণ কৰা মোহন সোনোৱাল ছাৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত টেঙাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও অসমৰ অন্যতম এক প্ৰাচীন জনগোষ্ঠী সোনোৱালসকলৰ আৰ্থ-সামাজিক,শৈক্ষিক-সাংস্কৃতিক উন্নয়নৰ কথা তেখেতে সততে চিন্তা কৰিছিল।আৰু সেইবাবেই সোনোৱাল জনগোষ্ঠীয় বিভিন্ন অনুষ্ঠান-সংগঠনৰ সৈতে তেখেত বহু আগৰে পৰা জড়িত হৈ আহিছিল।অকল সেয়ে নহয়,সাহিত্যৰ ক্ষেত্ৰতো তেখেতে বিশেষ অৱদান আগবঢ়াইছে।বহুকেইখন তথ্যসমৃদ্ধ আলেচনী,মুখপত্ৰ,স্মৃতিগ্ৰন্থ,প্ৰৱন্ধ সংকলন আদি সম্পাদনা কৰাৰ উপৰিও তেখেতে নিজাববীয়াকৈয়ো গ্ৰন্থ প্ৰকাশ কৰিছে।অনাতাঁৰ কেন্দ্ৰৰ যোগেদিও তেখেতৰ অলেখ কথিকা প্ৰচাৰিত হৈছে।সাহিত্যৰ ক্ষেত্ৰত থকা তেখেতৰ ৰচনাৰ দীঘলীয়া তালিকা আমি ইয়াত পুণৰ উল্লেখ কৰিব বিচৰা নাই।এটা কথা মাথোঁ ইয়াত উল্লেখ কৰিব বিচাৰোঁ যে ছাৰৰ লেখাত বহুবল্কিতা নাথাকে,অৰ্থাৎ সকলো লেখাকে তেখেতে চমুকৈ অথচ স্পষ্ট আৰু তথ্যসমৃদ্ধভাৱে প্ৰকাশ কৰিব বিচাৰে।বহু লেখকৰ ক্ষেত্ৰত সততে দেখা যায় যে তেওঁলোকে অনাৱশ্যকভাৱে লেখাসমূহ দীঘলীয়া কৰে যাৰ বাবে প্ৰকৃত বক্তব্য অনুধাৱন কৰাত পাঠকৰ অসুবিধা হয়।মোহন সোনোৱাল ছাৰৰ লেখাসমূহ এইক্ষেত্ৰত ব্যতিক্ৰম।তেখেতে লিখাৰ আগতে বিষয়সমূহ গভীৰভাৱে অনুধাৱন কৰে আৰু মেদহীনভাৱে নিজৰ লেখাত প্ৰকাশ কৰে।স্বভাৱগতভাৱে তেখেত যেনেদৰে গহীন-গম্ভীৰ,মৃদুভাষী-সেইদৰে তেখেতৰ লেখাসমূহো বহুবল্কিতাৰ পৰা আঁতৰত।

       মোহন সোনোৱাল ছাৰৰ সম্পৰ্কত মই লক্ষ্য কৰা আশ্বৰ্যকৰ এটা বস্তু হৈছে -তেখেতৰ উদাৰ আৰু নিৰপেক্ষ দৃষ্টিভংগী।উল্লেখযোগ্য যে ডাঙৰীৰ সোনোৱাল জনগোষ্ঠীয় সমাজত মোৰ শৈশৱ,কৈশোৰ আৰু যৌৱনৰ দীঘলীয়া সময় অতিবাহিত হোৱাৰ পৰিপ্ৰেক্ষিতত সোনোৱাল কৃষ্টি-সংস্কৃতি-সাহিত্য,সামাজিক জীৱন ইত্যাদি সন্দৰ্ভত যথেষ্ঠ কথা জনা আৰু শিকাৰ সুযোগ মই পাইছোঁ।সোনোৱালসকলৰ স্বভাৱসুলভ উদাৰতাৰ সৈতে মই সৰুৰে পৰাই পৰিচিত। সেই সূত্ৰেই ডাঙৰীৰ প্ৰয়াত দণ্ডীধৰ ফাটোৱালীৰ ঘৰখনৰ সৈতে মোৰ শৈশৱৰে পৰাই এটা অন্তৰংগ সম্পৰ্ক আছিল।সোনোৱাল জনগোষ্ঠীৰ প্ৰথমগৰাকী সাহিত্যিক পেঞ্চনাৰ,অম্বিকাগিৰি যুগৰ জাতীয় পুনৰোত্থানৰ সৰৱ কৰ্মী প্ৰয়াত দণ্ডীধৰ ফাটোৱালীৰ বিষয়ে মই বহুকথাই জানিব পাৰিছিলোঁ তেখেতৰ পুত্ৰ প্ৰয়াত হেম ফাটোৱালীদেৱৰ পৰা। আচৰিত কথা যে হেম ফাটোৱালীদেৱে তেখেতৰ জীৱনকালতে পিতৃ দণ্ডীধৰ ফাটোৱালীয়ে লিখা 'যুগল-মূৰ্তি' উপন্যাসখন মোৰ হাতত গতাই দিছিল এই বিশ্বাসত যে সেই উপন্যাসখন মোৰ হাতত সুৰক্ষিত হৈ থাকিব।উপন্যাসখন দণ্ডীধৰ ফাটোৱালীয়ে লিখিছিল 1924 চনত।ইয়াৰ পূৰ্বে তেখেতে 1922 চনত লিখিছিল 'চপলা' নামৰ প্ৰথমখন উপন্যাস।অসমীয়া সাহিত্যৰ ইতিহাসত 'যুগল-মূৰ্তি'ৰ বৈশিষ্ট্য এয়ে যে ৰাস্না বৰুৱাই 'সেউজী পাতৰ কাহিনী' নামৰ উপন্যাসখন লিখাৰ প্ৰায় 34 বছৰ পূৰ্বেই দণ্ডীধৰ ফাটোৱালীয়ে এই উপন্যাসখন লিখিছিল আৰু অসমীয়া সাহিত্যৰ ইতিহাসত লিপিবদ্ধ নোহোৱা প্ৰকৃত সত্যটো হৈছে যে 'যুগল-মূৰ্তি'য়েই হৈছে অসমৰ চাহ-বাগিচাৰ জীৱন প্ৰতিফলিত কৰা প্ৰথম অসমীয়া উপন্যাস। এই কথা ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰয়াত ৰবীন চৌধুৰী ছাৰৰ পৰা আমি জানিব পাৰিছিলোঁ।সোনোৱাল জনগোষ্ঠীৰ বিশিষ্ট লেখক বংকিম ফাটোৱালী,জ্যোৎস্না সোনোৱাল আদিৰ লগে লগে মই নিজেও বিভিন্ন কাকত-আলোচনী আদিৰ জড়িয়তে দণ্ডীধৰ ফাটোৱালীৰ জীৱন ,কৰ্ম আৰু সাহিত্য সম্পৰ্কত যথেষ্ট লেখা -মেলা কৰি বিষয়বোৰ প্ৰতিষ্ঠাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ।'যুগল-মূৰ্তি'ৰ পুনৰ্প্ৰকাশ এই ক্ষেত্ৰত বিশেষ প্ৰয়োজন আছিল।কিন্তু বহু চেষ্টা কৰিও সফল হোৱা নাছিলোঁ।এই ক্ষেত্ৰত মই কেতিয়া,কাক ,কেনেকৈ অনুৰোধ জনাইছিলোঁ সেই বিষয়ে আৰু নিলিখোঁ।সি যি কি নহওক,এই সমস্ত কথা মই মোহন সোনোৱাল ছাৰক জনাইছিলোঁ আৰু 'যুগল-মূৰ্তি' খন পুনৰ্মূদ্ৰণ কৰিবলৈ অনুৰোধ জনাইছিলোঁ।মোৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই তেখেতে আমাক কথা দিছিল যে 'সোনোৱাল সাহিত্য সভা'ৰ কাৰ্যক্ৰমণিকা অনুসৰি 2022 বৰ্ষত পৰ্যায়ক্ৰমে যোগেশ দাস,গগণ চন্দ্ৰ সোনোৱাল আৰু দণ্ডীধৰ ফাটোৱালীৰ স্মৃতি-দিৱস উদযাপন কৰা হ'ব আৰু প্ৰতিগৰাকী প্ৰয়াত ব্যক্তিৰ জীৱন আৰু কৰ্মাদৰ্শৰ ভিত্তিত একোখনকৈ গ্ৰন্থ প্ৰকাশ কৰা হ'ব।গতিকে দণ্ডীধৰ ফাটোৱালীদেৱৰ স্মৃতি-দিৱসৰ সময়ছোৱাতে তেখেতৰ গ্ৰন্থৰাজীৰো প্ৰকাশৰ ব্যৱস্থা কৰা হ'ব।সেই অনুসৰি কামত আগবঢ়া হ'ল।কিন্তু সমস্যা হ'ল-'যুগল-মূৰ্তি' ৰ যি মাত্ৰ এটা কপি মোৰ হাতত আছিল তাৰো বহুকেইটো পৃষ্টা আগতেই নষ্ট হৈ গৈছিল।আনকি একেবাৰে শেহৰ পৃষ্টা কেইটাও নাছিল,সেইকেইটা পৃষ্টা দণ্ডীধৰ ফাটোৱালীৰ জীৱন কালতে নষ্ট হোৱাত ফাটোৱালীদেৱে বগা কাগজ এডোখৰত নিজ হাতে শেষাংশৰ সাৰাংশ কেৱল লিখি চলত স্বাক্ষৰ কৰি থৈছিল।এতিয়া এইখন উপন্যাস কেনেকৈ পুনৰ্প্ৰকাশ কৰিব পৰা যায়? মোহন সোনোৱাল ছাৰৰ লগতে জ্যোৎস্না সোনোৱাল বাইদেউ,অদিতি ফাটোৱালী(দণ্ডীধৰ ফাটোৱালীৰ নাতিয়েক) আৰু মই সকলোতে বিচাৰি চলাথ কৰিলোঁ,কিন্তু উপন্যাসখন ক'তো নাপালোঁ।অৱশেষত মোহন সোনোৱাল ছাৰে মোৰ ওপৰতে দায়িত্ব অৰ্পন কৰিলে -মোৰ হাতত থকা পুৰণি,ফালি উৱলি যোৱা উপন্যাসখনকে সম্পাদনা কৰি প্ৰস্তুত কৰি উলিয়াবলৈ।ছাৰৰ এই যে মোৰ ওপৰত থকা বিশ্বাস আৰু তেখেতৰ উদাৰ,নিৰপেক্ষ দৃষ্টি -এই কথাই মোক আজিও আশ্বৰ্যচকিত কৰি তোলে।এজন অনা-সোনোৱাল লেখকক ,অসাম্প্ৰদায়িক উদাৰতাৰে ইমান এটা ডাঙৰ দায়িত্ব দিয়াতো কম কথা নহয়।তেখেতৰ উৎসাহ আৰু অনুপ্ৰেৰণাতে মই সম্পূৰ্ণ উপন্যাখখন সম্পাদনা কৰি তেখেতৰ হাতত জমা দিলোঁ আৰু যথা সময়ত 2022 চনত 'বৰেণ্য ব্যক্তিত্ব :দণ্ডীধৰ ফাটোৱালী: সৃষ্টি আৰু চেতনা' শীৰ্ষক গ্ৰন্থত উপন্যাসখন প্ৰকাশ হ'ল।1924 চনতে লিখা উপন্যাসখন -যিখন আজি পাবলৈ একবাৰেই দুৰ্লভ,সেইখন প্ৰথমবাৰলৈ পঢ়াৰ সুযোগ লাভ কৰিলে পাঠকে।এনেদৰেই আমাৰ বহুদিনীয়া এটা সপোনে বাস্তৱৰ ৰূপ লাভ কৰিছিল কেৱল মাত্ৰ মোহন সোনোৱাল ছাৰৰ বাবেই।এই কথাৰ বাবেই ছাৰৰ প্ৰতি মই সদায়েই কৃতজ্ঞ হৈ ৰ'ম।

     আশা ৰাখিছো-ছাৰৰ কৰ্ম আৰু জীৱনাদৰ্শই ভৱিষ্যত প্ৰজন্মক সদায়ে অনুপ্ৰাণিত কৰি যাব -জাতিক ভাল পাবলৈ আৰু জাতিৰ হকে কাম কৰি যাবলৈ।ছাৰ সদায়ে সুস্থ হৈ থাকক,সদায়ে কৰ্মসক্ষম হৈ থাকক। (সমাপ্ত)

     

       

        


বিভাজনকালৰ কৰুণ গাঁথা : হৰভজন কৌৰৰ কাহিনী

 বিভাজনকালৰ কৰুণ গাঁথা : হৰভজন কৌৰৰ কাহিনী

                                           - বীৰ্কে বি . থাপা

      ভাৰত বিভাজন কেৱল ভৌগোলিক বিভাজনেই নাছিল,এই বিভাজন আছিল বহু হাজাৰ ব্যক্তিৰ হৃদয় আৰু ৰক্ত-সম্পৰ্কৰো বিভাজন। উৰ্বশী বুতালিয়াৰ 1998 চনত প্ৰকাশিত 'The Other Side of Silence ' গ্ৰন্থত ভাৰত -বিভাজন কালৰ এনে বহু অলিখিত ,হৃদয়বিদাৰক সত্য কাহিনী ব্যক্ত কৰা হৈছে।

      ভাৰত-বিভাজনৰ পৰিণতিস্বৰূপে বাৰ নিযুততকৈ অধিক লোকে নিজৰ পৈত্ৰিক ঘৰ-মাটি,সা -সম্পত্তি সকলো ত্যাগ কৰি এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰত্যাগমন কৰিবলগা হোৱাৰ উপৰিও যাত্ৰাপথত ব্যাপক পৰিসৰত হত্যা কৰা হৈছিল।বহুতৰ পুষ্টিহীনতা আৰু সংক্ৰামক ৰোগত মৃত্যু হৈছিল।এনেদৰে মৃত্যু হোৱা লোকৰ সংখ্যা সমসাময়িক ব্ৰিটিছ পৰিসংখ্যা অনুসৰি ২ লাখৰ পৰা পৰৱৰ্তীকালৰ ভাৰতীয় অনুমান অনুসৰি ২০ লাখ পৰ্যন্ত আছিল।তাৰ লগে লগে সাম্প্ৰদায়িক উত্তেজনাৰে লুট-পাত,ধৰ্ষণ আদিৰ দৰে কাৰ্যও কৰা হৈছিল।বলপূর্বকভাৱে মানুহক ধৰ্মান্তৰিত কৰাৰ উপৰিও ধৰ্ষণ আৰু অপহৰণ কৰি নিয়া মহিলাসকলক বেশ্যাবৃত্তিত নিযুক্ত কৰা হৈছিল অথবা বলপূর্বকভাৱে বিয়া কৰোৱা হৈছিল। তেনে এক মর্মান্তিক ঘটনা সংঘটিত হৈছিল হৰভজন কৌৰ নামৰ এগৰাকী শিখ যুৱতীৰ জীৱনতো। এই কৰুণ ,সত্য কাহিনী বৰ্ণনা কৰা হৈছে The Other Side of Silence গ্ৰন্থত ।

      হৰভজন কৌৰৰ মৰ্মান্তিক কাহিনী উল্লেখ কৰি উৰ্বশী বুতালিয়াই লিখিছে যে তেওঁ

এবাৰ সাহিত্য উৎসৱ এটাত যোগ দিবলৈ গৈ কিছুদিন কৰাচীত আছিল। তাতে এক অধিবেশনত তেওঁ শ্বেহনাজ নামৰ এগৰাকী চৌৰাশী বছৰীয়া মহিলাক লগ পায়। শ্বেহনাজৰ সৈতে হোৱা কথা-বতৰাৰ পৰা আৱিস্কৃত হৈছিল বিভাজনকালৰ অন্য এক ট্ৰেজিক কাহিনী।

    শ্বেহনাজ আছিল জন্মসূত্ৰে এগৰাকী শিখ।তেওঁৰ নাম আছিল হৰভজন কৌৰ। বিভাজনৰ সময়ত পাকিস্তানৰ পৰা ভাৰতলৈ পলায়ন কৰোঁতে তেওঁলোকৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলোৱা হয়। এই আক্ৰমণৰ সময়ত বহু লোকক হত্যা কৰা হৈছিল,লুটপাত কৰা হৈছিল আৰু ছোৱালী আৰু মহিলাসকলক ধৰ্ষণ,অপহৰণ কৰা হৈছিল।তেনেদৰে অপহৰণ কৰি নিয়া ছোৱালীবোৰৰ মাজত হৰভজন কৌৰো আছিল এজনী। 

      হৰভজন কৌৰক অপহৰণ কৰি নিয়া মানুহজনৰ নাম আছিল আফজল খান।এটা সময়ত আফজল খানে হৰভজনক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰি বিয়া কৰায় । ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাছত তাইৰ নতুন পৰিচয় হ'ল ' শ্বেহনাজ '। বিয়াৰ পাছত তেওঁলোকৰ চাৰিজনী ছোৱালী আৰু এটি ল’ৰাৰ জন্ম হ'ল।

      ইতিমধ্যে ষাঠিৰ দশকৰ আৰম্ভণিত ভাৰত আৰু পাকিস্তানৰ মাজত কথাবোৰ অলপ মুকলি হোৱাত হৰভজনে কাৰোবাৰ জৰিয়তে গম পালে যে তাইৰ মাক-দেউতাক এতিয়াও ভাৰতত জীয়াই আছে। মাক-দেউতাকক তাই লগ পাব বিচৰাত স্বামী আফজল খান সপৰিয়ালে ভাৰতলৈ আহি

হৰভজন কৌৰক তাইৰ মাক-দেউতাকৰ সৈতে লগ লগাই দিলে।বহু বছৰৰ মূৰত নিজৰ হেৰুৱা কন্যাক জীৱন্তে লগ পাই মাক-দেউতাক আনন্দত আত্মহাৰা হৈ উঠিল।তাইয়ো আৱেগত উচুপি উঠিল।

      কিন্তু সেই সময়ত কোনেও ক'ব পৰা নাছিল যে তেওঁলোকৰ জীৱনত কেনে দুৰ্ভাগ্যই অপেক্ষা কৰি আছিল।তেওঁলোকে জনা নাছিল কেনে যাতনা তেওঁলোকে ভূগিবলগা আছে।হেৰুৱা সন্তানক পাই হৰভজনৰ মাক-দেউতাকে তাইক আৰু পাকিস্তানলৈ উভতি যাবলৈ নিদিলে। তেওঁলোকে তাইক জনাই দিলে যে তাই ইচ্ছা কৰিলে নিজৰ সন্তানকেইটিক লগত ৰাখিব পাৰে,কিন্তু স্বামী আফজলক ৰাখিব নোৱাৰিব।স্বামী আফজল খানে পত্নী অথবা সন্তান কাকো এৰিব বিচৰা নাছিল।দুয়োপক্ষই নিজৰ কথাত লাগি থাকিল।অৱশেষত আফজল খানে উপায়ন্তৰ হৈ সন্তানকেইটিক লৈ নিজদেশ পাকিস্তানলৈ উভতি গ'ল।তাৰ পাছতে হৰভজনৰ মাক-দেউতাকে তাইক গুৰচৰণ নামৰ শিখ মানুহ এজনৰ লগত পুনৰ বিয়া দিয়ে।

     গুৰচৰণ সিং পূৰ্বে বিয়া পতা লোক আছিল।পত্নীৰ মৃত্যুৰ পাছত একমাত্ৰ পুত্ৰৰ চোৱাচিতাৰ বাবেই তেওঁ পুনৰ বিয়া পাতিছিল।বিয়া হৈ আহি হৰভজনে এই ল’ৰাটিক ডাঙৰ-দীঘল কৰে।পাছত সেই ল'ৰাই আমেৰিকালৈ গৈ পঢ়া-শুনা কৰি তাতেই অধ্যাপক হয়গৈ। কিছুবছৰৰ পাছত দেউতাকৰ মৃত্যুৰ হোৱাত তেওঁ মাক হৰভজনক আমেৰিকালৈ নি নিজৰ লগত ৰাখে । 

     মাকৰ পূৰ্বৰ জীৱন সম্পৰ্কে পুতেকে ঘূণাক্ষৰেও একো গম পোৱা নাছিল।এদিন ঘটনাক্রমে তেওঁ সকলো কথা জানিব পাৰি মাক হৰভজনৰ পূৰ্বৰ পৰিয়ালৰ সন্ধানত নামি পৰিল।পাকিস্তানৰ বাতৰি -কাকতত তেওঁ 'এগৰাকী মাতৃয়ে নিজৰ সন্তানক বিচাৰে ' বুলি বিজ্ঞাপন দি মাকৰ পূৰ্বৰ পৰিয়ালক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে।বহু চেষ্টাৰ অন্তত পাকিস্তানৰ পৰিয়ালটিৰ সন্ধান পোৱা গ'ল।সেই অনুসৰি আমেৰিকাৰ অধ্যাপক পুত্ৰই মাক হৰভজন কৌৰক তেওঁৰ পূৰ্বৰ স্বামীৰ সন্তানকেইটিৰ সৈতে লগ লগাই দিয়াৰ উদ্দেশ্যে পাকিস্তানলৈ লৈ যায়।উল্লেখযোগ্য যে ভাৰতবৰ্ষত হৰভজনক এৰি অহাৰ পাছত পূৰ্বৰ স্বামী আফজল খানে পুনৰ বিয়া পাতিছিল আৰু এইগৰাকী পত্নীৰ ফালৰ পৰাও তেওঁৰ পাঁচটি সন্তান আছিল।

       প্ৰায় পঞ্চাশ বছৰৰ পাছত হৰভজন কৌৰে তাইৰ নিজৰ পাচোঁটি সন্তানক পুনৰ লগ পাইছিল।উৰ্বশী বুতালিয়াই কৰাছীত লগ পাওঁতে হৰভজন তাইৰ পাকিস্তানৰ সন্তানকেইটিৰ লগতে আছিল ।হৰভজন কৌৰৰ সৈতে কথা পাতি উৰ্বশী বুতালিয়াই এই সমস্ত কাহিনী জানিব পাৰিছিল।তাইৰ সৈতে হোৱা কথা-বতৰাৰ পৰা জানিব পৰা গৈছিল যে তাই আকৌ পূৰ্বৰ দৰেই 'শ্বেহনাজ' হৈ নিজৰ সন্তানকেইটিৰ সৈতে পাকিস্তানৰ নাগৰিক হিচাপে থাকিব বিচাৰে।The Other Side of Silence গ্ৰন্থখন প্ৰকাশ পোৱা সময়লৈকে অৱশ্যে উৰ্বশী বুতালিয়াৰ বাবে এই অমিমাংসীত প্ৰশ্ন ৰৈ গৈছিল যে তাইক সেই অনুমতি দিয়া হ’ব নে নাই ? নে তাই আমেৰিকালৈ উভতি গৈ আকৌ এবাৰ 'হৰভজন' হ’ব লাগিব ? (সমাপ্ত)



  

 

ৰবীন্দ্ৰনাথৰ চিন্তা আৰু দৰ্শনত বিশ্বজনীনতা

 ৰবীন্দ্ৰনাথৰ চিন্তা আৰু দৰ্শনত বিশ্বজনীনতা

                                               - বীৰ্কে বি থাপা                                                                                  

        বিশ্ব প্ৰকৃতিৰ বিশালতাত এক পৰম আত্মাৰ অস্তিত্ব উপলদ্ধি কৰা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সমগ্ৰ ৰচনাৱলীতে পৰিব্যাপ্ত হৈ আছে বিশ্ব প্ৰকৃতি সম্পৰ্কে থকা তেওঁৰ নিজস্ব শৈল্পিক অন্তৰ্দৃষ্টি আৰু প্ৰকৃতিৰ এই বিশালতাৰ সৈতে মানৱাত্মাৰ সংযোগ স্থাপনৰ এক দুৰ্বাৰ আক্যাংক্ষা।মূলত: ৰবীন্দ্ৰনাথৰ সমগ্ৰ জীৱন-দৰ্শনেই গঢ় লৈ উঠিছিল উপনিষদীয় ধ্যান-ধাৰণাৰ আধাৰত।সেইবাবেই তেওঁ উপলদ্ধি কৰিছিল-'মানুষের জীবনের সার্থকতা তার আত্মার অনন্ত স্বরূপের প্রকাশের মধ্যে।' তেওঁৰ দৃষ্টিত এক পৰম আধ্যাত্মিক সত্যক উপলদ্ধি কৰিব পৰাতেই মানুহৰ জীৱনৰ সাৰ্থকতা।

        ওঠৰ বছৰ বয়সতে ৰবীন্দ্ৰনাথে তেওঁৰ অন্তৰত এক আধ্যাত্মিক সত্যৰ অস্তিত্ব প্ৰথমবাৰৰ বাবে উপলদ্ধি কৰিছিল।এই সম্পৰ্কে তেওঁ লিখিছে-'When I was eighteen, a sudden spring breeze of religious experience for the first time came to my life and passed away, leaving in my memory a direct message of spritual reality. ' কিন্তু ৰবীন্দ্ৰ-দৰ্শনৰ বৈশিষ্ট্য এয়ে যে পৰমাত্মাৰ অস্তিত্বত বিলীন হোৱাৰ আক্যাংক্ষাৰে তেওঁ মৃত্যুক কামনা কৰা নাই।বৰং বিশ্ব প্ৰকৃতিৰ উত্থান-পতন ,সৃষ্টি আৰু ধ্বংসৰ অবিৰত পৰিৱৰ্তনৰ বিভিন্ন ৰূপ তেওঁ পৰ্যবেক্ষন কৰিবলৈ আৰু এই পৰিৱৰ্তনৰ পৰা আহৰণ কৰা জ্ঞান আৰু শিক্ষাক তেওঁ মানৱ সভ্যতাৰ বিকাশ আৰু বিস্তাৰৰ প্ৰতিটো পদক্ষেপতে প্ৰয়োগ কৰিব বিচাৰিছিল।বিশ্বপ্রসিদ্ধ দাৰ্শনিক জঁ জাক ৰুচোৰ মতেও প্ৰকৃতিয়েই হৈছে ব্যক্তিৰ জীৱনৰ উৎকৃষ্টতম পঢ়াশালী।কোৱা হয় যে গ্যেটেৰ বিখ্যাত কবিতাপুথি 'ফাউষ্ট'খন অধ্যয়ন কৰি আঁদ্ৰে জিদে প্ৰথমবাৰৰ বাবে জীৱনৰ এটা নতুন অদৃষ্টপূৰ্ব ৰূপ প্ৰত্যক্ষ কৰিছিল।প্ৰকৃতিৰ সৰ্বত্ৰে অহৰহ বিৰাজ কৰি থকা সুৰধ্বনিক প্ৰকাশ কৰা য়েহুদি মেনুহিনৰ অপূৰ্ব চেতাৰ বাদন শুনি সেয়ে আনন্দৰ আৱেগত আত্মহাৰা হৈ বিজ্ঞানী আইনষ্টাইনেও কৈছিল-'তুমি প্ৰমান কৰি দিলা যে ঈশ্বৰ আছে।' আইনষ্টাইনৰ এই ঈশ্বৰ উপলদ্ধি নি:সন্দেহে বিশ্ব প্ৰকৃতিৰ সৈতে তেওঁৰ আধ্যাত্মিক উপলদ্ধিৰে নামান্তৰ।

        বিশ্ব প্ৰকৃতিৰ নিয়মেই হৈছে অবিৰাম উত্থান-পতন ,সৃষ্টি আৰু ধ্বংসৰ পুনৰাবৃত্তি।আদিম অৱস্থাৰ পৰা মানুহে প্ৰকৃতিৰ এই ৰূপ পৰিৱৰ্তন প্ৰত্যক্ষ কৰি তাৰ সৈতে সহাৱস্থান কৰি আহিছে।সেইবাবেই অলেখ দুৰ্যোগ আৰু ধুমুহাৰ মাজতো পুনৰ সৃষ্টি আৰু নতুন সম্ভাৱনাৰ আকাংখ্যাত মানুহ এই বিশাল বিশ্বত জীয়াই থকা সম্ভৱপৰ হৈছে।বিশ্ব প্ৰকৃতিৰ সৈতে থকা মানুহৰ এই যুগপৎ সম্পৰ্কৰ কথা ৰবীন্দ্ৰনাথে বিভিন্ন গীত,কবিতা আৰু নাটকৰ মাজেৰে চেষ্টা কৰিছে প্ৰতীকি ৰূপ আৰু ব্যঞ্জনাৰে প্ৰকাশ কৰিবলৈ।

        ৰবীন্দ্ৰ-দৰ্শনৰ গৱেষকসকলৰ মতে,ৰবীন্দ্ৰনাথে তেত্ৰিশ বছৰ বয়সত 1894 চনত ৰচনা কৰা 'সোনার তরী' কাব্যগ্ৰন্থতে প্ৰথমবাৰৰ বাবে বিশ্বজীৱনৰ আনন্দ চেতনাৰ সুৰ বাজি উঠা পৰিলক্ষিত হৈছিল।প্ৰকৃতিৰ সৈতে মানৱাত্মাৰ সংযোগ স্থাপন ৰবীন্দ্ৰ ৰচনাৱলীৰ এক সাধাৰণ বৈশিষ্ট্য যদিও 1908 চনত ৰচিত 'শারদোৎসব' ,1910 চনত ৰচিত 'রাজা',1912 চনত ৰচিত 'অচলায়তন',1913 চনত ৰচিত 'ফাল্গুনী' আদি নাটকত তেওঁ মানৱ জীৱনত প্ৰকৃতিৰ ঋতুক্ৰমৰ প্ৰভাৱ অংকন কৰিবলৈ চেষ্টা কৰিছিল।1916 চনত প্রকাশিত ৰবীন্দ্ৰনাথৰ 'বলাকা' কাব্যগ্ৰন্থতো বিশ্বৰ বিৱৰ্তনৰ বিভিন্ন ৰূপ অংকিত হোৱা দেখিবলৈ পোৱা যায়।

       ‘শরদোৎসৱ' নাটকত তেওঁ লেখিছে -' মানুষের প্রধান সৃজনের ক্ষেত্র তাহার চিত্তমহল।এই মহলে যদি দ্বার খুলিয়া আমরা বিশ্বকে আহ্বান করিয়া না লই তবে বিরাটের সংগে আমাদের পূর্ণ মিলন ঘটে না। বিশ্ব প্রকৃতির সঙ্গে আমাদের চিত্তের মিলনের অভাব আমাদের মানব প্রকৃতির পক্ষে একটা প্রকাণ্ড অভাব।' প্ৰকৃতিৰ বুকুত নিহিত হৈ থকা অপাৰ ৰূপ- সৌন্দর্য আৰু আনন্দক মানুহে অন্তৰত উপলদ্ধি কৰিব নােৱাৰাটোৱেই মানুহৰ জীৱনৰ অন্য এক দুর্ভাগ্য। ৰবী ঠাকুৰৰ মতে, ঋতুৰ বিভিন্ন উৎসৱত প্ৰকৃতিৰ বুকুত সৌন্দর্যৰ অপাৰ মেলা বহে আৰু সেই উৎসৱ যদি মানুহে একাগ্ৰচিত্তে অনুভৱ নকৰে তেন্তে তেওঁ পার্থিৱ জীৱনৰ এটা বিশুদ্ধ আৰু মহৎ আনন্দৰ পৰা নিজকে সদায়ে বঞ্চিত কৰে।

       ' শিল্পীৰ পৃথিৱী' প্ৰৱন্ধত জ্যোতিপ্রসাদেও এই কথাই লিখিছিল যে মানুহৰ সমস্ত বাস্তৱ জীৱনটোৱেই হৈছে মানুহৰ অন্তৰখনৰে প্রতিচ্ছবি। শৈল্পিক অন্তৰ্দৃষ্টি আৰু সৌন্দর্যবােধেই মানুহক অনুপ্রাণিত কৰে সভ্যতা সংস্কৃতি গঢ়ি তুলিবলৈ।অন্তৰত অনুভূত সৌন্দর্যক প্রকাশ কৰাৰ অফুৰন্ত হাবিয়াসতে মানুহে চলাই যােৱা অক্লান্ত সৃষ্টি প্রয়াসত গঢ় লৈ উঠে মানুহৰ সভ্যতা আৰু সংস্কৃতিয়ে। গতিকে ই স্বতঃসিদ্ধ যে, মানুহৰ দৃষ্টি দুটা।এটা হৈছে বহিৰ্দৃষ্টি - চর্মচক্ষুৰে আমি যি দেখোঁ আৰু আনটো হৈছে অন্তৰ্দৃষ্টি - অন্ত:চক্ষুৰে আমি যি দেখোঁ। এইষাৰ কথাকে ৰবীন্দ্র নাথে প্ৰকাশ কৰিছে এনেদৰে – 'There is a duality in man...when the outward life fails to harmonize with the inner, the dweller within is hurt ..' মূলত:চৰ্মচক্ষুৰে দেখা বাস্তৱ জগতৰ প্ৰতিচ্ছবিক অন্তৰ্দৃষ্টিৰে উপলদ্ধি কৰিব নোৱাৰিলেই অসামঞ্জস্যতাই দেখা দিয়ে।

        ৰবীন্দ্ৰনাথৰ 'রাজা' এখনি প্ৰতীকধৰ্মী নাটক।অন্তৰ্দৃষ্টিৰ প্ৰকৃত স্বৰূপ উদঙাই দেখুওৱাটোৱেই হৈছে নাটকখনৰ মূল বিষয়বস্তু ।সুদীৰ্ঘ জীৱন জুৰি ৰবীন্দ্ৰনাথ ঠাকুৰে লাভ কৰা কৰা আধ্যাত্মিক উপলদ্ধিৰ ফলশ্রুতি এই নাটকত উপনিষদীয় দর্শনেৰে অসত্যৰ পৰা সত্যলৈ, আন্ধাৰৰ পৰা পােহৰলৈ আৰু মৃত্যুৰ পৰা অমৃত্যুলৈ গতি কৰাৰ আকাংখ্যাক প্রতিফলিত কৰা হৈছে। নাটকখনত দেখুওৱা হৈছেঃ অন্ধকাৰ কোঠাত আৱদ্ধ ৰাণীয়ে বহুবছৰ ধৰি ৰজাৰ সৈতে নিবিড়ভারে মিলিত হােৱাৰ পাছতাে কিন্তু আজিলৈকে তেওঁৰ মুখ দর্শন কৰিব পৰা নাই। ৰজাৰ মুখ দর্শন কৰিবলৈ ৰাণী ব্যাকুল হৈ পৰাত ৰজাই নিজকে দেখা দিবলৈ সন্মত হ'ল,কিন্তু এই চৰ্তত যে ৰজাই বসন্ত পূৰ্ণিমাৰ উৎসৱত মানুহৰ ভীৰৰ মাজত দেখা দিব আৰু ৰাণীয়ে সেই ভীৰৰ মাজৰ পৰা তেওঁক চিনি উলিয়াব লাগিব। যথাসময়ত বসন্ত পূর্ণিমাৰ উৎসৱ আয়ােজিত হ'ল।অজস্ৰ মানুহৰ মাজত ৰাণীয়ে এজন সুদর্শন যুৱকক ৰজা বুলি ভুল কৰিলে। নাটকখনত দেখুৱা হৈছে – ৰাণীয়ে নিজৰ অজ্ঞতাৰ বাবে ক্ষন্তেকীয়া সৌন্দৰ্য্যত মােহ গৈ বাৰে বাৰে ভুল কৰিছিল আৰু প্রকৃত সত্যৰূপী ৰজাক আৱিষ্কাৰ কৰাত অক্ষম হৈছিল। ৰবীন্দ্রনাথে নাটকখনৰ সম্পৰ্কত নিজে লিখা মতে –ৰাণী সুদর্শনাই ৰজাক বাহিৰত বিচাৰিছিল বাবে সুদৰ্শন যুৱক সুবৰ্ণৰ ৰূপত মুগ্ধ হৈছিল আৰু মনে মনে তেওঁৰ ওচৰত আত্মসমর্পন কৰিছিল।ফলত কেনেকৈ তেওঁৰ চাৰিওফালে জুই লাগিল, অন্তৰৰ ৰজাক ত্যাগ কৰাৰ লগে লগে কেনেকৈ বাহিৰৰ মিছা ৰজাৰ মাজত যুঁজ লাগিল, সেই অগ্নিদাহৰ মাজেৰে কেনেকৈ ৰজাৰ সৈতে ৰাণীৰ পৰিচয় ঘটিল, কেনেকৈ দুখৰ আঘাতত তেওঁৰ অভিমান নাইকিয়া হ'ল আৰু অৱশেষত কেনেকৈ হাৰ মানি ৰাজপ্রাসাদ এৰি পথত থিয় হৈ তেওঁ প্ৰভুৰ সাক্ষাৎ লাভ কৰিলে এই নাটকখনত তাকে বৰ্ণোৱা হৈছে।

       'রাজা' নাটকৰ আধ্যাত্মিক উপলদ্ধিৰ প্রতিফলন ৰবীন্দ্ৰনাথৰ 'গীতাঞ্জলী', 'ডাকঘৰ' আদিতো পৰিছে। উল্লেখযোগ্য যে, 'ডাকঘৰ' লিখা সময়ছোৱাত ৰবী ঠাকুৰৰ জীৱনত পত্নী মৃনালিনী দেৱী আৰু দুই পুত্ৰৰ মৃত্যু হােৱাৰ উপৰিও আৰু অনেক অঘটন ঘটিছিল।১৯১৫ চনত শান্তি নিকেতনত দিয়া এটা ভাষণত তেওঁ কৈছিল -“যি সময়ত মই ‘ডাকঘৰ লিখিছিলাে সেই দিনবােৰত মােৰ অশান্ত মনত কোনােবা অজ্ঞাত সত্তাই 'মােক ইয়াৰ পৰা বাহিৰলৈ লৈ যােৱা ' বুলি নিৰন্তৰ আদেশ দি আছিল।' সেইদৰে 'গীতাঞ্জলী 'তাে কবিৰ পৰম ব্ৰহ্মৰ ওচৰত সহজ আত্মোৎসর্গৰ ভাৱ ব্যক্ত হৈছে।

      বিশ্ব প্ৰকৃতিৰ বিশালতাত পৰিব্যাপ্ত অপাৰ ৰূপ -সৌন্দৰ্য আৰু আনন্দৰ সমাহাৰক অন্তৰ্দৃষ্টিৰে উপলদ্ধি কৰা ৰবীন্দ্ৰনাথৰ দৃষ্টিত বিশ্ব সত্তাই পৰম সত্তা। সেয়ে তেওঁৰ সত্তাত তথাকথিত সাধু-সন্যাসীৰ দৰে বাস্তৱ জগতৰ পৰা মুখ আঁতৰাই পৰম-আত্মাৰ চিন্তা আৰু ধ্যানত নিমজ্জিত পলায়নবাদী স্বৰূপ অনুপস্থিত।তেওঁৰ সত্তাত দেখিবলৈ পােৱা যায় – প্রকৃতিৰ ৰূপ-সৌন্দর্যৰ প্রতি আকুল তৃষা, অন্তৰ্দৃষ্টিৰে সৌন্দৰ্যৰ স্বৰূপ উপলদ্ধি কৰাৰ সুতীব্ৰ আকাংখ্যা।

       ‘শারদোৎসৱ' নাটকত তেওঁ দেখুৱাবলৈ চেষ্টা কৰিছে- বিশ্ব প্রকৃতি ইমান আশ্চৰ্যকৰভাৱে সুন্দৰ হােৱাৰ মূলতে হৈছে প্রকৃতিয়ে নিজৰ অমৃত শক্তিক অহৰহ বাহিৰত নানা ৰূপত পৰিশােধ কৰে। এই যে বসন্তত গছৰ ডালে-পাতে অজস্র ফুল ফুলি উঠে, ধান খেতি ইমান সবুজ ঐশ্চর্যৰে ভৰি উঠে, নিজৰাৰ নির্মল পানী পৰিপূৰ্ণ হৈ ওফন্দি উঠে -এই সকলােৰে মূলতে প্রকৃতিয়ে তাৰ সমস্ত শক্তিৰে এক প্ৰকাৰৰ ঋণ পৰিশােধ কৰে। এই ঋণ পৰিশােধৰ ধাৰণাটো সূক্ষ্ম অন্তর্দৃষ্টি অবিহনে উপলদ্ধি কৰিব নােৱাৰি। ৱৰ্ডছৱৰ্থে 'Lines written in Early Spring' কবিতাতে যেন এই কথাই কৈছে – প্ৰকৃতিৰ প্রতিটো সৃষ্টিৰ মাজত পাৰম্পৰিক আন্তঃসম্পর্ক বিৰাজমান।এই আন্তঃসম্পর্ক বা পাৰস্পৰিক সহযােগিতাৰ বাবে প্রকৃতি সুন্দৰ হৈ ধৰা দিছে বসন্তত।বসন্তৰ আগমনত প্ৰকৃতিৰ প্ৰতিটো সুন্দৰ সৃষ্টি উলাহত নাচি উঠিছে।ৰিব ৰিবকৈ বলি থকা বতাহজাকক সাৱটি ধৰিবলৈ গছৰ কোমলীয়া পাতবোৰে নিজৰ দুবাহু মেলি দিছে।থুপাথুপে ফুলি থকা গছৰ ডালবোৰত পৰজীৱি উদ্ভিদবোৰ বগাই গৈছে,কিন্তু ক'তাে বিৰােধ নাই।প্রকৃতিয়ে তাৰ প্রতিটো সুন্দৰ সৃষ্টিক মানৱাত্মাৰ লগতাে সংযুক্ত কৰাৰ পবিত্ৰ পৰিকল্পনা কৰিছে। কিন্তু মানুহে প্ৰকৃতিৰ পবিত্র পৰিকল্পনাক তথা ইয়াৰ নিয়মক ভংগ কৰে বাবেই মানুহৰ মাজত দুখ-যন্ত্রণা বৃদ্ধি পায়।

        ৰবীন্দ্রনাথে 'শারদোৎসৱ' নাটকত প্রতীকি ব্যঞ্জনাৰে দেখুৱাবলৈ চেষ্টা কৰিছে যে এক প্ৰকাৰৰ ঋণ পৰিশােধৰ অবিৰত চেষ্টা বা সাধনাৰে প্রকৃতি যেনেদৰে অপাৰ সৌন্দৰ্যৰ সমাহাৰ হৈ বিকশি উঠে, তেনেদৰে মানুহৰ জীৱনাে সৌন্দর্য আৰু সুখেৰে পৰিপূৰ্ণ হৈ উঠে - এই ঋণ পৰিশােধৰ প্ৰচেষ্টাৰে।শৰৎকালৰ প্ৰকৃতিৰ ৰূপ আৰু আনন্দৰ মাজত যেতিয়া সকলাে আত্মহাৰা, তেতিয়া উপনন্দ নামৰ শিষ্য এজনে তেওঁৰ গুৰু ঋণ পৰিশােধ কৰাৰ উদ্দেশ্যে নিজানত বহি একান্তমনে পুথি লিখাত ব্যস্ত। এয়াই নাটকখনৰ কেন্দ্রীয় বিষয়বস্তু। ৰবী ঠাকুৰে দেখুৱাইছে -শাৰদোৎসৱৰ দিনা আটাইতকৈ সার্থক কামটোৱেই হৈছে উপনন্দৰ এই গুৰু ঋণ পৰিশােধৰ প্রচেষ্টা।

       ৰবীন্দ্ৰ নাথৰ দৃষ্টিত সভ্যতা শব্দৰ অর্থই হৈছে এই যে, ই মানুহৰ মিলনজাত এক বৃহৎ জগত। এই জগতত ঘৰ-দুৱাৰ, ৰাষ্টা-ঘাট, বিধি-ব্যৱস্থা, ধর্ম-কর্ম, শিল্প সাহিত্য,আমােদ প্রমােদ সকলাে সৃজনৰ মূল শক্তি হৈছে মানুহৰ সৈতে মানুহৰ সত্য সম্বন্ধ। তেওঁ লিখিছে – 'মানুষের সঙ্গে মানুষের নানা কাজে,নানা খেলায় মিলনের নানা উপলক্ষ আছে ।মিলন ঠিকমত ঘটলেই অর্থাৎ তাহা কেবল মাত্র হাটের মেলা, বাটের মেলা না হইলে সেই মিলন নিজেকে কোনাে না কোনাে উৎসবে আমারে প্রকাশ করে।' মূলতঃ ৱৰ্ডছৱৰ্থৰ দৰে তেৱোঁ নিঃসন্দেহে প্ৰকৃতিত সর্বত্রে চলি থকা পাৰস্পৰিক আন্তঃসম্পর্ক আৰু সহযােগিতাৰ ধর্ম মানুহৰ মাজতাে অটুত থকাটো বিচাৰিছিল।সেইবাবেই ৰবীন্দ্ৰনাথৰ যি আদর্শ শিক্ষা ব্যৱস্থা তাত উপনিষদীয় দর্শন আৰু প্রাকৃতিক পাৰিপাৰ্শ্বিকতাক সমানেই গুৰুত্ব দিয়া দেখা যায়। বৈদিক যুগৰ শিক্ষা ব্যৱস্থা অনুসৰি স্থাপিত ৰবীন্দ্ৰনাথৰ পৈত্রিক আশ্রমতো গুৰুকুল, বটবৃক্ষ, সেউজ অৰণ্য আদিৰ অপূর্ব সমাহাৰ ঘটিছিল। শান্তি নিকেতনৰ আশ্ৰমত আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰ কৃষি কর্ম ,হস্তশিল্পৰ প্ৰয়ােগ আৰু শিক্ষাদানৰ ব্যৱস্থাৰ কৰা হৈছিল।ইয়াৰ পৰা এই কথাও প্রতীয়মান হয় যে ৰবীন্দ্রনাথে তেওঁৰ শিক্ষাব্যৱস্থাক কেৱল উপনিষদীয় দর্শনতে সীমাৱদ্ধ কৰি ৰখা নাছিল।

      উল্লেখযোগ্য যে, গ্যেটেৰ দৰে ৰবীন্দ্রনাথেও বিজ্ঞান চর্চা কৰিছিল। অৰবিন্দ বসুৱে তেওঁৰ Later Poems of Tagore নামৰ পুথিত লিখিছে-' Both Goethe and Tagore loved and were deeply interested in science, hated narrow nationalism and thereby incurred their countrymen's hostility.' উপনিষদীয় দর্শনেৰে ৰবীন্দ্রনাথ গোঢ়া আর্যহিন্দুৰ যুগান্তৰৰ সংস্কাৰত কোনােকালে আৱদ্ধ নাছিল। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাক তেওঁ উদাৰতাৰে গ্ৰহণ কৰিছিল। বাংলা ভাষাত তেওঁ নিউক্লিয়' ফিজিক্সৰ ওপৰত প্রবন্ধ লিখাৰ কথাও অৰবিন্দ বসুৱে উল্লেখ কৰিছে। এই কথা উল্লেখ কৰি ৰবীন্দ্ৰনাথৰ বন্ধু বৈজ্ঞানিক চাৰ জগদীশ চন্দ্র বসুৱেও এবাৰ কৈছিল - "Ravi, a great scienctist has been lost in you.” অকল সেয়ে নহয়, ৰবীন্দ্রনাথে নিজৰ পুতেক আৰু জোঁৱায়েককো কৃষি বিজ্ঞান সম্পৰ্কে অধ্যয়ন কৰিবলৈ বিদেশলৈ পঠিয়াইছিল।

       গতিকে এই কথা স্পষ্ট যে, আধ্যাত্মিক ক্ষেত্ৰত ৰবীন্দ্রনাথে যেনেদৰে উপনিষদীয় দর্শন মানি চলিছিল তেনেদৰে বাস্তৱ জীৱনত বৈজ্ঞানিক শিক্ষা আৰু পদ্ধতিক কার্যতঃ প্রয়ােগ কৰিবলৈয়ো চেষ্টা কৰিছিল। ৰবীন্দ্ৰনাথৰ 'বিশ্বভাৰতী' বিশ্ববিদ্যালয়তাে সেয়ে উপনিষদীয় দর্শন আৰু আধুনিক শিক্ষাৰ সংমিশ্রন দেখিবলৈ পােৱা যায়। বিশ্বভাৰতীৰ কৰ্মপন্থা মূলতঃ দুভাগত বিভক্ত - বিদ্যাৰ উৎপাদন, জ্ঞান চৰ্চা আৰু বিদ্যাদান তথা সর্বাঙ্গীন জীৱন যাত্ৰাৰ সৈতে যুক্ত কৰা শিক্ষা।শিশুৰ চৰিত্ৰ বিকাশৰ বাবে ধর্মীয় পৰিবেশৰ প্রয়ােজনীয়তাৰ কথা তেওঁ কৈছে যদিও স্পষ্টভাৱে এই কথাও কৈছে যে কেবল কিবা পাবৰ বাবে উপাসনা আৰু শিক্ষাদানে ধর্ম জীৱনৰ প্ৰকত আদৰ্শৰ কথা নিশিকায়।তেনেদৰে, ঘৰত যদি কেৱল বিষয় সংসাৰেই প্রাধান্য পায়, অর্থই যদি পৰমার্থ হয়, তেনে পৰিবেশো ধর্ম শিক্ষাৰ প্রতিকুল। সেয়ে এটা আদর্শ শিক্ষাৰ পৰিপ্ৰেক্ষিতত তেওঁ কেৱল উপনিষদীয় শিক্ষাৰ বিস্তাৰৰ বাবেই চেষ্টা কৰা নাছিল। জীৱনত আধ্যাত্মিকতা, পাৰ্থিৱ মূল্যৰ গুৰুত্ব, সামাজিক ন্যায়, ৰাজনৈতিক দর্শন, কুটীৰ শিল্প আৰু উদ্যোগৰ প্ৰসাৰ, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা, ধর্ম নিৰপেক্ষতা,মানৱতাবাদ আদি বিষয়বোৰাে ৰবীন্দ্ৰনাথৰ আদর্শ শিক্ষা ব্যৱস্থাৰ অন্তর্ভুক্ত আছিল।

      বিদেশৰ পৰা উভতি অহাৰ পাছত বাইশ বছৰীয়া যুৱক ৰবীন্দ্রনাথে প্রথমে সিদ্ধান্ত লৈছিল যে তেওঁ কেবল সাৰস্বত সাধনাৰেই জীৱনটো অতিবাহিত কৰিব। 'বাল্মিকী প্রতিভা' নাটকখন লিখি তেওঁ তাৰেই ইঙ্গিত দিছিল। কিন্তু পৈত্রিক জমিদাৰী চোৱা-চিতা কৰাৰ উদ্দেশ্যে জোড়াসাকোঁৰ পৰা শিয়ালদহলৈ আহি তেওঁ গ্রাম্য জীৱনৰ দাৰিদ্ৰ আৰু দৈনন্দিন জীৱন-যাত্ৰাৰ যি হৃদয় বিদাৰক দৃশ্য প্ৰত্যক্ষ কৰিছিল সিয়েই তেওঁক সম্পূর্ণ সলনি কৰি পেলাইছিল।ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন যেন তেওঁ গাঁৱতহে আৱিষ্কাৰ কৰিছিল। সেই সম্পর্কে তেওঁ পাছত লিখিছিল – ' আমার যৌবনের আরম্ভ কাল থেকেই বাংলা দেশে পল্লী গ্রামের সঙ্গে আমার নিকট পরিচয় হয়েছে। আমি জানি ওদের মত অসহায় জীব অল্পই আছে।ওরা সমাজের যে তলায় তলিয়ে সেখানে জ্ঞানের আলাে অল্পই পৌছেয়, প্রাণের হাওয়া বয়না বললেই হয়।'সেয়ে পল্লীবাসী লােকসকলৰ ব্যৱহাৰিক আৰু আধ্যাত্মিক জীৱনৰ উন্নতিৰ বাবে তেওঁ হাতত তুলি লৈছিল সাৰ্বজনীন শিক্ষা পদ্ধতি।

       ৰবীন্দ্ৰনাথে ব্যৱহাৰিক জীৱনত বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাক গুৰুত্ব দিছিল বাবেই এক বিশাল ভাৰত আত্মাৰ কথা কৈয়াে তেওঁ ' বিশ্ব ভাৰতী ' ক গঢ় দিছিল আধুনিক চিন্তা আৰু পৰিকল্পনাৰে।প্রাচ্য আৰু পাশ্চাত্যৰ বিজ্ঞান আৰু প্রযুক্তি বিদ্যাক তেওঁ উদাৰভাৱে গ্ৰহণ কৰিছিল যদিও ধনতান্ত্ৰিক সমাজ ব্যৱস্থাক কঠোৰভাৱে সমালােচনা কৰিছিল।'রক্ত করবী' নাটকৰ জৰিয়তে তেওঁ ধনতান্ত্রিক সমাজ ব্যৱস্থাই ইউরােপ আমেৰিকা আদিত জন্ম দিয়া প্রেমহীন নিষ্ঠুৰতা,উগ্র মানসিকতা, জাত্যাভিমান, প্রচণ্ড ভােগবাদ, মানবতাবাদৰ অপমৃত্যু, স্বার্থপৰতা আদিৰ চিত্ৰ প্রতিফলিত কৰি দেখুৱাইছিল।

       পাশ্চাত্যৰ ধনতান্ত্রিক সমাজব্যৱস্থাই ভাৰতবৰ্ষত গা কৰি উঠিব নােৱাৰাকৈ তেওঁ শিশুসকলৰ পৰা আৰম্ভ কৰি বয়সস্থসকললৈকে সকলােকে গীত, আৰু নাটকৰ লগে লগে কাঠমিস্ত্ৰীৰ কাম, হস্তশিল্প, বােৱা-কটা আদিৰ শিক্ষা দি আত্মনিৰ্ভৰশীল কৰি তােলাত জোৰ দিছিল। এখন চিঠিত ৰবীন্দ্রনাথে লিখিছিল - "It wast just a small place where I shall try to build up a community of men and women who will recognise no geographical boundaries. They will know only one country and that country will

comprise the entire human race.' ৰবীন্দ্ৰনাথৰ বিশ্বজনীনতাৰ এই আদর্শ প্রতিফলিত হৈছে তেওঁৰ সমগ্ৰ ৰচনাৱলীত ।'মােৰ জীৱনৰ মূল লক্ষ্য হ'ল প্রকৃত শিক্ষাৰ বিস্তাৰ 'বুলি উল্লেখ কৰা ৰবীন্দ্রনাথে বিশ্বাস কৰিছিল যে স্বজাতিৰ অহমিকাৰ পৰা মুক্তি দিব পৰা শিক্ষাই আজিৰ প্ৰধান শিক্ষা। কাৰণ 'কাইলৈৰ ইতিহাসে সর্বজাতিৰ সহযােগিতাৰ অধ্যায় আৰম্ভ কৰিব।' আজি হিন্দুত্বৰ উচ্চ অহমিকাত ওফন্দি উঠি আন আন ধর্ম, সম্প্রদায় আৰু ৰাষ্ট্ৰসমূহৰ অস্তিত্বক নস্যাৎ কৰি বিশ্ব বিজয় কৰিব বিচৰাসকলে ৰবীন্দ্ৰনাথৰ এই দৃষ্টি আৰু দৰ্শন বুজিবলৈ চেষ্টা কৰা প্রয়ােজন। স্বজাত্যৰ অহমিকাত নিমজ্জিতসকলে কেতিয়াও ৰবীন্দ্ৰনাথে কোৱা 'সর্বজাতিৰ সহযােগিতাৰ অধ্যায়' আৰম্ভ কৰিব নােৱাৰে- দেশৰ প্ৰগতিৰ বাবে যিটো অত্যন্তই প্রয়ােজনীয়। (সমাপ্ত) 

ড্যান ব্ৰাউনৰ বিতৰ্কিত উপন্যাস :দ্য ডা ভিঞ্চি ক'ড-

 ড্যান ব্ৰাউনৰ বিতৰ্কিত উপন্যাস :দ্য ডা ভিঞ্চি ক'ড--

                                                    -বীৰ্কে বি.থাপা

     প্ৰখ্যাত আমেৰিকান উপন্যাসিক ড্যান ব্ৰাউন(Dan Browne) ৰ 2003 চনত প্ৰকাশিত 'দ্য ডা ভিঞ্চি ক'ড '(The da Vinci code) এখন প্ৰবল বিতৰ্ক সৃষ্টিকাৰী উপন্যাস।উপন্যাসখনে

প্ৰবল বিতৰ্কৰ সৃষ্টি কৰাৰ মূলতে হ'ল -ড্যান ব্ৰাউনে উপন্যাসখনৰ জৰিয়তে প্ৰকৃততে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে খৃষ্টীয় ধৰ্মজগতৰ বিশ্বাসৰ পৰিপন্থী কেতবোৰ গোপন আৰু চাঞ্চল্যকৰ তথ্য।

     পেৰিচৰ বিশ্ববিখ্যাত মিউজিয়াম লুভ ( Louvre)ত সংঘটিত হোৱা এটি হত্যাকাণ্ডৰ ঘটনাৰে উপন্যাসখন আৰম্ভ হৈছে।মিউজিয়ামৰ 76 বছৰীয়া বৃদ্ধ কিউৰেটৰ ঝাঁক ছ'লিয়েৰক সন্ধাৰ নিৰ্জনতাত আহি কোনোবা আততায়ীয়ে গুলীয়াই হত্যা কৰাৰ পাছতে ফৰাচী পুলিচ তৎপৰ হৈ পৰিছে আততায়ীক কৰায়ত্ব কৰিবলৈ।আততায়ীৰ গুলীত শেষ নিশ্বাস ত্যাগ কৰাৰ আগমুহূৰ্তৎ মৃত ঝাঁক ছ'নিয়ৰে মজিয়াৰ ওপৰত লিখি থৈ যোৱা কেইশাৰীমান অবোধগম্য সাংকেতিক ভাষাৰ আঁত ধৰি ফৰাচী পুলিচে সন্দেহবশত: কৰায়ত্ব কৰিছে হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ বিখ্যাত প্ৰতীক তত্ববিদ অধ্যাপক ৰবাৰ্ট লেংডনক।প্রকৃততে ঝাঁক ছ'নিয়েৰৰ সৈতে ৰবাৰ্ট লেংডনৰ কোনো সম্পৰ্ক বা ব্যক্তিগত পৰিচয় নাছিল।প্রাচীন প্রতীকতত্ব সম্পৰ্কে পেৰিচলৈ বক্তৃতা প্ৰদান কৰিবলৈ অহা লেংডনক ঝাঁক ছ'নিয়ৰে অৱশ্যে কোনো এক বিশেষ জৰুৰী বিষয়ত আলোচনা কৰিবৰ বাবে সেই নিশা সাক্ষাতৰ অনুমতি বিচাৰিছিল।সেই সূত্ৰে তেওঁ ঝাঁক ছ'নিয়েৰক হোটেল ৰিৎসলৈ মাতি পঠিয়াইছিল।কিন্তু বহু সময় অপেক্ষা কৰাৰ পাছতো তেওঁ অহা নাছিল।তাৰ পৰিৱৰ্তে ফৰাচী পুলিচে আহি ছ'নিয়েৰৰ হত্যাৰ খবৰ দিয়াত তেওঁ স্বাভাৱিকতে আচৰিত হৈছিল।

     খবৰ পায়েই ৰবাৰ্ট লেংডন পুলিচৰ সৈতে লুভ মিউজিয়ামৰ সেই বিশেষ কোঠাটোলৈ আহিল য'ত ছ'নিয়েৰৰ মৃতদেহ পৰি আছিল।

     মজিয়াৰ ওপৰত পৰি থকা ঝাঁক ছ'নিয়েৰৰ মৃতদেহটো পৰ্যৱেক্ষণ কৰি তেওঁ দেখিলে-মৃত্যুৰ আগমুহূৰ্তৎ ছ'নিয়ৰে তেওঁৰ শৰীৰৰ সমস্ত কাপোৰ সোলোকাই সম্পূৰ্ণ উলংগ হৈ পৰিছিল আৰু গুলীবিদ্ধ শৰীৰৰ পৰা ওলোৱা তেজেৰে নিজৰ পেটৰ ওপৰত,ঠিক নাভিমণ্ডলত অংকিত কৰিছিল এটা পাঁচকোণীয়া তৰা (Pentacle)ৰ চিহ্ন।প্ৰতীকতত্বৰ দৃষ্টিৰে তেওঁ ঝাঁক ছ'নিয়েৰৰ উলংগ শৰীৰ,পাঁচকোণীয়া তৰাৰ চিহ্ন আদিৰ তাৎপৰ্য উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলে।প্রাথমিকভাৱে তেওঁ এই কথাত নিশ্চিত হ'ল যে এই পেন্টাকলৰ চিহ্নটো হৈছে প্ৰকৃততে প্ৰাচীন প্ৰকৃতিবাদী উপাসনা ধৰ্ম(Pagan Religion) ৰ এটা ধৰ্মীয় প্ৰতীক।কিন্তু মৃত্যুৰ আগমুহূৰ্তৎ শৰীৰৰ সমস্ত কাপোৰ সোলোকাই নিজৰ নগ্ন শৰীৰত এজন কেথলিক পুৰুহিতে প্ৰাচীন ধৰ্মীয় প্ৰতীক স্বৰূপ এই পেন্টাকলৰ চিহ্ন অংকিত কৰি প্ৰকৃততে কি প্ৰকাশ কৰিব খুজিছিল?মৃত ছ'নিয়ৰে তেজৰ আঙুলিৰে মজিয়াৰ ওপৰত লিখা O,Draconian Devil, Oh Lame Saint আদি কথাবোৰৰ একো অৰ্থ তেওঁ উদ্ধাৰ কৰিব নোৱাৰিলে।

     ৰবাৰ্ট লেংডনে ফৰাচী পুলিচ অফিচাৰজনৰ সৈতে এই বিষয়ে কথা পাতি থকা সময়তে সাংকেতিক ভাষা বিশেষজ্ঞ ছ'ফি নেভিও নামৰ যুৱতীগৰাকীৰ প্ৰৱেশ।

    ইতিমধ্যই ৰবাৰ্ট লেংডন ফৰাচী পুলিচৰ হাতত বন্দী হৈ পৰিছিল।এই কথা কিন্তু তেওঁ ইমানপৰে তৰ্কিবই পৰা নাছিল। পুলিচ অফিচাৰজনৰ অলক্ষিতে ছ'ফি নেভিওৱে লেংডনক এই কথা জনাই দি তৎমুহূৰ্ততে তেওঁক তাৰ পৰা সংগোপনে আঁতৰাই লৈ আহিল।

     ছ'ফি নেভিওৰ তৎপৰতাত ৰবাৰ্ট লেংডন ফৰাচী পুলিচৰ হাতৰ পৰা পলাবলৈ সক্ষম হ'ল।পুলিচৰ হাতত ধৰা পৰাৰ পৰা ৰক্ষা পাবলৈ দুয়ো এখন ঠাইৰ পৰা আন এখন ঠাইলৈ পলাই ফুৰিবলৈ ধৰিলে।কিন্তু তাৰ লগে লগে তেওঁলোকে চলাই গ'ল আন এক ঐতিহাসিক অনুসন্ধান।

     শেষ পৰ্যন্ত ঝাঁক ছ'নিয়েৰৰ হত্যাকাৰী হিচাপে ওলাল খৃষ্টান কেথলিক ধৰ্মৰ সৈতে সম্পৰ্কিত 'অ'পাচ ডে'(Opus Dei) নামৰ ধৰ্মীয় উগ্ৰপন্থী সংগঠন এটাৰ মূৰব্বী।এতিয়া প্ৰশ্ন হ'ল,ধৰ্মীয় সংগঠনৰ সৈতে জড়িত খৃষ্টান ধৰ্মৰ এগৰাকী মূৰব্বীয়ে আন এগৰাকী কেথলিক পুৰুহিতক হত্যা কৰাৰ অন্তৰালত কি কাৰণ থাকিব পাৰে?এই প্ৰশ্নৰ উত্তৰ হিচাপে উপন্যাসিক ড্যান ব্ৰাউনে যি কাৰণ ব্যাখ্যা কৰিছে সেয়া তেনেই অবিশ্বসনীয় ,কিন্তু প্ৰমানিক।

     কাহিনীয়েই উপন্যাসখনৰ প্ৰধান বৈশিষ্ট্য নহয়।উপন্যাসখনৰ কাহিনীৰ স্বাৰ্থত ড্যান ব্ৰাউনে কিছু কাল্পনিক চৰিত্ৰ,ঘটনা আৰু পৰিৱেশৰ উপস্থাপন কৰিছে যদিও উপন্যাসখনত উত্থাপিত তথ্যসমূহৰ প্ৰামানিকতা নথকা নহয়।বিশ্বৰ বিভিন্ন দেশৰ সংগ্ৰহালয়, গীৰ্জা, সমাধিস্থল, গ্ৰন্থাগাৰ আদি চলাথ কৰি এক গভীৰ ঐতিহাসিক অনুসন্ধান আৰু গৱেষণামূলক অধ্যয়নেৰে ড্যান ব্ৰাউনে উপন্যাসখনত ইতিহাসত লিপিবদ্ধ নোহোৱা বহু গোপন আৰু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে।

       ফৰাচী পুলিচৰ হাতৰ পৰা পলাই ফুৰা ৰবাৰ্ট লংডন আৰু ছ'ফি নেভিওৱে অনুসন্ধানৰ অপৰিসীম কষ্টকৰ পথেৰে আগবাঢ়ি গৈএইবাৰ পেৰিচৰ লুভ মিউজিয়ামৰ বৃহৎ আর্ট গেলেৰীত গোপনে প্ৰৱেশ কৰি উদ্ধাৰ কৰিলে লিওনাৰ্ডো ডা ভিঞ্চিৰ 'মেড'না অফ দা ৰক্ ' নামৰ বিখ্যাত পেইণ্টিংখনৰ আঁৰত ঝাঁক ছ'নিয়ৰে লুকুৱাই ৰখা গোলাপৰ চিহ্ন অংকিত এপাত চাবি।গোলাপৰ চিহ্ন প্ৰাইয়ৰী অফ চিয়'ন' (Priory of Sion) নামৰ গোপন সংগঠন এটাৰ প্ৰতীক।সেই চাবিপাতেৰেই তেওঁলোকে Depository Bank of Zurichৰ এক গোপন ল'কাৰত লুকুৱাই ৰখা এটা সৰু বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল।

     ইমানখিনিলৈকে এই কথা স্পষ্ট হৈ পৰিল যে 'প্ৰাইয়ৰী অফ চিয়ন' নামৰ গোপন সংগঠন এচাৰ সৈতে ঝাঁক ছ'নিয়েৰৰ সম্পৰ্ক আছিল।কিন্তু কি এই সংগঠন? অমুসন্ধান কালত ৰবাৰ্ট লেংডনে এই তথ্যও আৱিস্কাৰ কৰিলে যে সংগঠনটোৰ জন্ম হৈছিল জেৰুজালেমত1099 চনত।তেতিয়াৰে পৰাই খৃষ্টান ধৰ্ম সম্পৰ্কীয় কিছুমান গোপন তথ্য (Sangreal documents) সংগঠনটোৱে যুগ যুগ ধৰি সংৰক্ষন কৰি আহিছিল।এই গোপন তথ্যবোৰ কেথলিক ধৰ্ম বিশ্বাসৰ পৰিপন্থী হোৱা হেতুকে কেথলিক গীৰ্জাসমূহে সম্ৰাট কষ্টেনটাইনৰ দিনৰে পৰা নিজৰ হাতলৈ আনিবলৈ বা ধ্বংস কৰি পেলাবলৈ চেষ্টা কৰিছিল।প্রথমাৱস্থাত এই তথ্যবোৰ হিৰোডৰ মন্দিৰৰ তলত পুতি থোৱা হৈছিল।পাছলৈ এখন ছাইৰ পৰা আন এখন ঠাইলৈ গোপনে স্থানান্তৰিত কৰা হৈছিল।

     উপন্যাসখনত উল্লেখিত এক চাঞ্চল্যকৰ তথ্য এয়ে যে বিশ্ববিখ্যাত চিত্ৰকৰ বত্তিচেলি, লিওনাৰ্ডো ডা ভিঞ্চি ,ৰাফেলৰ পৰা আৰম্ভ কৰি সপ্তদশ শতিকাৰ বৃটিছ বিজ্ঞানী নিউটন, উনবিংশ শতিকাৰ ফৰাচী লেখক ভিক্তৰ হিউগো আদিৰ দৰে ব্যক্তিও বিভিন্ন সময়ত 'চিয়ন'ৰ দৰে গোপন সংগঠনৰ 'গ্ৰেণ্ড মাষ্টাৰ ' আছিল।ৰবাৰ্ট লেংডনৰ ঐতিহাসিক অনুসন্ধানত এই কথাও উদ্ঘাটিত হ'ল যে 'চিয়ন'ৰ সদস্যসকলে প্ৰাচীন প্ৰকৃতিবাদী ধৰ্মৰ উপাসনা পদ্ধতিত গভীৰ আস্থা ৰাখিছিল আৰু সেই সূত্ৰেই ঝাঁক ছ'নিয়েৰেও জীৱনৰ অন্তিম সময়ত শৰীৰৰ সমস্ত কাপোৰ সোলোকাই উলংগ হৈ নাভিমণ্ডলৰ ওপৰত প্ৰাচীন প্ৰকৃতিবাদী উপাসনা ধৰ্মৰ ধৰ্মীয় প্ৰতীক পেণ্টাকলৰ চিহ্ন অংকিত কৰিছিল।

     আধুনিক সভ্য সমাজত প্ৰাচীন প্ৰকৃতিবাদী উপাসনা ধৰ্মক 'চয়তানৰ পূজা'(Devil's worship) আখ্যা দিয়া হয় যদিও খৃষ্টান ধৰ্ম প্ৰৱৰ্তনৰ পূৰ্বে পৃথিৱীৰ বিভিন্ন প্ৰান্তত এই ধৰ্মৰ সুকীয়া মৰ্যাদা আৰু তাৎপৰ্য আছিল।প্রাচীন মিচৰ,ইজিপ্ত, বেবিলন আদিৰ সভ্যতালৈকে এই ধৰ্ম বিস্তৃত হৈ আছিল।পৌত্তলিক উপাসনাৰ এই আদিম ধৰ্মত দেৱী আইচিছক 'মাতৃ-দেৱী' (Mother Goddess) ৰূপে উপাসনা কৰা হৈছিল।

     খৃষ্টান ধৰ্ম প্ৰৱৰ্তন হোৱাৰ পূৰ্বেই প্ৰাচীন প্ৰকৃতিবাদী উপাসনা ধৰ্ম বিলুপ্ত হৈ গৈছিল।প্ৰকৃততে ৰোমান সম্ৰাট কনষ্টেনটাইনৰ দিনৰ পৰা এই ধৰ্মক বিলুপ্ত কৰিবলৈ চেষ্টা কৰা হৈছিল।

     প্ৰকৃতিবাদী উপাসনা ধৰ্মত দেৱী আইচিছক উপাসনা কৰা ৰীতিৰ পৰা প্ৰমাণ হয় যে খৃষ্টান ধৰ্ম প্ৰৱৰ্তন হোৱাৰ পূৰ্বে নাৰীৰ স্থান আছিল অতি উচ্চ।কিন্তু কেথলিক গীৰ্জাসমূহে নিজৰ পুৰুষসুলভ স্বাৰ্থত নাৰীক দমন কৰি ৰাখিবলৈ চেষ্টা কৰিছিল যাৰ ফলস্বৰূপে খৃষ্টান ধৰ্মৰ প্ৰৱৰ্তক যীচুৰ জীৱন প্ৰভাৱিত কৰা দুগৰাকী নাৰী ক্ৰমে মাতৃ মেৰী আৰু যীচুৰ শিষ্যা মেৰী মেগডেলেনৰ স্থান তেনেই গৌণ হৈ পৰিছিল।মেৰী মেগডেলেনক বাইবেলত বৰ্ণনা কৰা হৈছিল কেৱল এগৰাকী বেশ্যাৰ ৰূপত।তাৰোপৰি তেজ-মঙহৰ মানৱ সন্তান যীচুক 'ঈশ্বৰ পুত্ৰ' ৰূপে প্ৰকাশ কৰিব বিচৰা খৃষ্টান পুৰুহিতসকলে যীচুৰ মানৱীয় গুণ বা বৈশিষ্ট্যসমূহক জন-মানসৰ দৃষ্টিৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে বাইবেলত অন্তৰ্ভুক্ত কৰিছিল অলেখ অলৌকিক কাহিনী।অকল সেয়ে নহয়,গীৰ্জাৰ স্বাৰ্থৰ পৰিপন্থী বহু অংশ বাইবেলৰপৰা পৰা আঁতৰাই পৰ্যন্ত ৰখা হৈছিল।

     'প্রাইয়ৰী অফ চিয়ন' নামৰ সংগঠনটোৱে খৃষ্টান ধৰ্মক পুনৰ পূৰ্বৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ আৰু তাৰ লগে লগে যীচুৰ জীৱন সম্পৰ্কীয় কিছু সত্যক পোহৰলৈ অনাৰ উদ্দেশ্যে জীৱন পণ ত্যাগ কৰি গৈছিল।লুভ মিউজিয়ামত আততায়ীৰ গুলীত প্ৰাণ ত্যাগ কৰা ঝাঁক ছ'নিয়েৰ বাহ্যিক দৃষ্টিত কেথলিক গীৰ্জাৰ পুৰুহিত আছিল যদিও তেওঁ কিন্তু গোপনে প্ৰকৃতিবাদী উপাসনা ধৰ্মৰ উপাসক আছিল আৰু 'চিয়ন'নামৰ সংগঠনটোৰো মূৰব্বী আছিল।

     উল্লেখযোগ্য যে ফৰাচী পুলিচ বাহিনীৰ হাতৰ পৰা উদ্ধাৰ কৰি ৰবাৰ্ট লেংডনক পলুৱাই অনা ছ'ফি নেভিও নামৰ সাংকেতিক ভাষা বিশেষজ্ঞ গৰাকী আছিল মৃত ঝাঁক ছ'নিয়েৰৰ নাতিনীয়েক।ছ'নিয়েৰৰ গোপন ধৰ্ম সম্পৰ্কে ছ'ফিয়েও প্রথমে বিশেষ একো গম পোৱা নাছিল।অক্সফৰ্ডত পঢ়ি থকা অৱস্থাত এবাৰ ককাকক লগ কৰিবলৈ আহি গীৰ্জাৰ এক গোপন অনুষ্ঠানত তাই প্ৰত্যক্ষ কৰিছিল এক অনাকাংক্ষিত দৃশ্য।সেই দৃশ্যই ককাকৰ প্ৰতি তাইৰ মনত তীব্ৰ ঘৃণা আৰু বিতৃষ্ণাৰ সৃষ্টি কৰিছিল।সেই গোপন অনুষ্ঠানত তাই দেখিছিল-মুখত মাস্ক পৰিধান কৰা কিছু সংখ্যক নাৰী আৰু পুৰুষ সম্পূৰ্ণ নগ্নাৱস্থাৰে মুক্ত যৌনাচাৰত লিপ্ত হৈ আছিল।সেই দৃশ্য দেখি তাই হতবাক হৈ পৰিছিল আৰু ককাকৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰি আঁতৰি গৈছিল।কিন্তু প্রাচীন প্রকৃতিবাদী উপাসনা ধৰ্ম সম্পৰ্কে সবিশেষ অধ্যয়ন কৰাৰ পাছত ককাকৰ প্ৰতি থকা তাইৰ মনৰ সকলো ঘৃণা আঁতৰি গৈছিল।

     ডেপ'জিটৰী বেংক অফ জুৰিখৰ পৰা উদ্ধাৰ কৰা বাকচৰ ভিতৰত ৰবাৰ্ট লেংডন আৰু ছ'ফিয়ে কিছুমান সাংকেতিক ভাষাৰে লিখা পাঠ(Cryptext) আৱিস্কাৰ কৰিলে।এই সাংকেতিক ভাষাৰ অৰ্থ সহজবোধগম্য নাছিল।সেয়ে তেওঁলোকে এইবাৰ সাক্ষাৎ কৰিলে আন এগৰাকী বৃটিছ ইতিহাসবিদ লী টিবিঙক।খৃষ্টীয় ধৰ্ম বিশ্বাসৰ চিৰন্তন ৰহস্য 'হোলী গ্ৰেইল'(Holy Grail) ৰ অধ্যয়ন আৰু অনুসন্ধানত সমস্ত জীৱন অতিবাহিত কৰা এইগৰাকী ইতিহাসবিদৰ সহায়ত তেওঁলোকে প্ৰাচীন প্ৰকৃতিবাদী উপাসনা ধৰ্ম,যীচুৰ জীৱন প্ৰভাৱিত কৰা মেৰী মেগডেলেন,কেথলিক গীৰ্জাসমূহৰ ধৰ্মীয় কু-চক্ৰান্ত আৰু অনৈতিক কাৰ্যাৱলী আদিৰ সম্পৰ্কত বহু তথ্য আৱিস্কাৰ কৰিবলৈ সক্ষম হ'ল।

      লী টিবিঙে তেওঁৰ প্ৰকাণ্ড গ্ৰন্থাগাৰৰ পৰা বিভিন্ন কিতাপ উলিয়াই ফিলিপে লিখা গস্পেল(Gospel)ৰ সেই অংশবোৰ দেখুৱালে য'ত যীচুৰ সৈতে মেৰী মেগডেলেনৰ প্ৰেম আৰু যৌন সম্পৰ্কৰ কথা লিখা আছিল।ফিলিপৰ দ্বাৰা লিখিত Gospel ৰ উদ্ধৃতি দি তেওঁ ক'লে-'Christ loved her more than all the disciples and used to kiss often on her mouth. The rest of the disciples were offended by it. ' অকল সেয়ে নহয়,যীচুৱে তেওঁৰ গীৰ্জা ভৱিষ্যতে নাৰীৰ দ্বাৰা পৰিচালিত হোৱাটো বিচাৰিছিল।তেওঁ গম পাইছিল যে তেওঁক ক্ৰুচত দিয়া হ'ব।সেয়ে মেৰী মেগডেলেনক গীৰ্জা পৰিচালনা কৰিবলৈ তেওঁ নিৰ্দেশ দিছিল।আশ্বর্যজনক কথা এই যে যীচুক ক্ৰুচত দিয়াৰ সময়ত মেৰীৰ গৰ্ভত থিত লৈছিলহি যীচুৰ সন্তানে।

      মেথিওৰ পুস্তকত এই কথাৰো উল্লেখ আছে যে যীচুৰ জন্ম হৈছিল ইহুদীসকলৰ ৰজা চল'মন আৰু ডেভিদৰ বংশত।তেনেদৰে মেৰী মেগডেলেনৰ জন্মও হৈছিল সম্ভ্ৰান্ত বংশত।লী টিবিঙে এই সম্পর্কৰ কথা উল্লেখ কৰি ক'লে-'By marrying into a powerful house of Benjamin, Jesus fused two royal bloodlines, creating a potent of political union with the potential of making a legitimate claim to the throne and restoring the line of kings as it was under Solomon. '

      লী টিবিঙৰ মতে,যীচুক ক্ৰুচত দিয়াৰ সময়ত তেওঁৰ সন্তানক ৰক্ষা কৰিবৰ বাবে গৰ্ভৱতী মেৰী ফ্ৰাঞ্চলৈ পলাই যায় যোচেফ আৰিমিথিয়াৰ সহায়ত।তাত ইহুদী সকলৰ আশ্ৰয়ত থাকি তেওঁ কন্যা সন্তান এজনী জন্ম দিছিল।সন্তাটিৰ নাম আছিল ছাৰাহ।ফ্রাঞ্চৰ ইহুদীসকলে মেৰী আৰু তেওঁৰ সন্তানক কেথলিক গীৰ্জাৰ কোপদৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ জীৱন পণ চেষ্টা কৰিছিল।কাৰণ ,পোপৰ ক্ৰমবৰ্ধমান ক্ষমতা আৰু প্ৰতিপত্তিৰ বাবে যীচুৰ বংশধৰ আছিল প্ৰবল ভাবুকি স্বৰূপ ।

     খৃষ্টীয় ধৰ্ম বিশ্বাসৰ ' হ'লি গ্ৰেইল'ৰ প্ৰতীকি তাৎপৰ্যৰ কথা উল্লেখ কৰি বৃটিচ ইতিহাসবিদ টিবিঙে কয়-The legend of the Holy Grail is a legend about royal blood when Grail legend speaks of the 'chalice' that held the blood of Christ... It speaks, in fact, of Mary Magdalane-the female womb that carried Jesus' royal bloodline. -অৰ্থাৎ পবিত্ৰ কাপ বা পিয়লাৰ ধাৰণাটো প্ৰকৃততে মেৰী মেগডেলেনৰ সেই পবিত্ৰ গৰ্ভৰ প্ৰতীক যি গৰ্ভত তেওঁ ধাৰণ কৰিছিল যীচুৰ তেজ বা বীৰ্য।অকল সেয়ে নহয়,মেৰীক বুজাবলৈ 'The Chalice', The Rose'আদি শব্দও বিভিন্ন সময়ত ব্যৱহাৰ কৰা হৈছিল।প্রাইয়ৰী অফ চিয়নে মেৰীক 'ডিভাইন মাদাৰ' ৰূপে উপাসনা কৰিছিল আৰু গোলাপ ফুলক তেওঁলোকৰ প্ৰতীকৰূপে ব্যৱহাৰ কৰিছিল।

      চিত্রশিল্প-জগতৰ এক বিস্ময়কৰ তথ্যও ড্যান ব্ৰাউনে উপন্যাসখনত উল্লেখ কৰিছে।প্ৰাইয়ৰী অফ চিয়নৰ 'গ্ৰেণ্ড মাষ্টাৰ' হিচাপে কাম কৰা মহান চিত্ৰকৰ ইটালীৰ লিওনাৰ্ডো ডা ভিঞ্চিয়ে তেওঁৰ অলেখ চিত্ৰৰ জৰিয়তে কিছুমান গোপন সত্য প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল।তেওঁ প্ৰধানকৈ কেথলিক গীৰ্জাৰ বাবে ছবি আঁকিছিল যদিও কেথলিক ধৰ্ম বিশ্বাসৰ বিৰুদ্ধে 'মনালিচা'ৰ দৰে চিত্ৰত মানৱ শৰীৰত নাৰী আৰু পুৰুষ দুয়ো সত্বাৰ অৱস্থিতিক অত্যন্ত কলাত্মক ৰূপত অংকন কৰিছিল।বাইবেলত যীচুৰ আটাইকেইজন শিষ্যই পুৰুষ শিষ্য আছিল বুলি উল্লেখ থকা কথাষাৰৰ বিপৰীতে তেওঁ 'দ্য লাষ্ট চাপাৰ' নামৰ পেইণ্টিংখনত যীচুৰ সোঁহাতে এগৰাকী নাৰী শিষ্যাক অংকন কৰিছিল।এই নাৰী শিষ্যাগৰাকীয়েই আছিল মেৰী মেগডেলেন।চিত্রখন এনে কৌশলেৰে ভিঞ্চিয়ে অংকন কৰিছিল যে এই কথা বহু যুগলৈ কেথলিক গীৰ্জাসমূহৰ চকুতে পৰা নাছিল।

     পাঠকৰ মনত স্বাভাৱিকতে উদয় হোৱা এটা প্ৰশ্ন এয়াও হ'ব পাৰে যে ঝাঁক ছ'নিয়েৰৰ হত্যাকাণ্ডৰ সৈতে প্ৰাচীন প্ৰকৃতিবাদী উপাসনা ধৰ্ম,প্ৰাইয়ৰী অফ চিয়ন,ভিঞ্চিৰ চিত্ৰ আদিৰ কি সম্পৰ্ক ?এই প্ৰশ্নৰ উত্তৰ হিচাপে ডেন ব্ৰাউনে দেখুৱাইছে যে এই হত্যাকাণ্ড প্ৰকৃততে সংঘটিত কৰিছিল আমেৰিকাৰ অ'পাচ ডে (Opus Dei) নামৰ ধৰ্মীয় সংগঠন এটাৰ মূৰব্বী এগৰাকীয়ে।1928 চনত স্পেনিচ পুৰুহিত যচ্ মাৰিয়া এস্ক্ৰিভা(Josmaria Escrieva) নামৰ ব্যক্তি এগৰাকীয়ে গঢ়া এই সংগঠনৰ মুখ্য উদ্দেশ্য আছিল ৰংক্ষনশীল কেথলিক মূল্যবোধক পুনৰ প্ৰতিষ্ঠা কৰা।1934 চনত প্রকাশিত এস্ক্রিভাৰ ধৰ্মীয় গ্ৰন্থ The Wayৰ বাণীসমূহ সমগ্ৰ ইউৰোপতে বিয়পি পৰিছিল আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰায় বিয়াল্লিছটা ভাষাত এই গ্ৰন্থ অনুবাদ হৈছিল।

     বিপুল জনপ্ৰিয়তাই Opus Deiৰ মূৰব্বী পদাধিকাৰীসকলক পাছলৈ অজস্ৰ ধন-সম্পদ আৰু বিলাসী জীৱনৰ অধিকাৰী কৰি তুলিছিল।নিজৰ নিৰাপত্তাৰ স্বাৰ্থত স্বয়ং পোপেও এই সংগঠনক সমৰ্থন কৰিছিল যদিও পাছলৈ সমৰ্থন প্ৰত্যাহাৰ কৰাত সংগঠনটোৰ নেতৃত্বত থকা মূৰব্বী পদাধিকাৰীসকল অনিশ্চয়তাত ভূগিবলগীয়া হৈছিল।এনে পৰিস্থিতিত তেওঁলোকে হেৰুৱা ক্ষমতা পুনৰ উদ্ধাৰ কৰাৰ মানসিকতাৰে 'প্ৰাইয়ৰী অফ চিয়ন'ৰ দ্বাৰা সংৰক্ষিত গোপন তথ্যসমূহ নিজৰ হাতলৈ আনিবলৈ তৎপৰ হৈ উঠিছিল-যাৰ পৰিণাম স্বৰূপে তেওঁলোকে হত্যা কৰিছিল ঝাঁক ছ'নিয়েৰক।

     ছ'নিয়েৰক হত্যা কৰাৰ পাছত হত্যাকাৰীজনে ৰবাৰ্ট লেংডন আৰু ছ'ফি নেভিওৰ পাছ লোৱাত তেওঁলোকে লী টিবিঙৰ সহযোগত বিমান এখনেৰে পেৰিচৰ মাটি এৰি ইংলেণ্ডলৈ পলাই যায়।তেওঁলোকে পোৱা শেহতীয়া তথ্য অনুসৰি চিয়নৰ দ্বাৰা সংৰক্ষিত Sangreal document ইংলেণ্ডৰ মাটিত পুতি থোৱা আছে।

     ইংলেণ্ডত তেওঁলোকে 'গোপন তথ্য' উদ্ধাৰ কৰিব পাৰিলেনে?অনুসন্ধানৰ এই পৰ্যায়ত তেওঁলোক সোমাই পৰিল 'প্ৰতীক' , 'সাংকেতিক ভাষা ' আদিৰ ৰহস্যময় এক অন্ধকাৰ জগতত।Depository Bank Of Zurich ৰ পৰা উদ্ধাৰ কৰা বাকচ এটাৰ ভিতৰত আছিল অবোধগম্য সাংকেতিক ভাষাৰে লিখা কিছু Cryptext -তাৰে এটাত লিখা আছিল - ' In London lies a knight ,a Pope interred... His labor's fruit a holy wrath incurred, you seek the orb that ought be on his tomb. It speaks of Rosy flesh and seeded womb'-এই কথাখিনিৰ কোনো পোনপটীয়া অৰ্থ তেওঁলোকে উদ্ধাৰ কৰিব নোৱাৰিলে।বহু চেষ্টাৰ অন্তত তেওঁলোকে King's Collegeৰ Religious Department ৰ এগৰাকী গ্ৰন্থাগাৰিকৰ সহায়ত এই সন্দর্ভত বহু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল।এই তথ্যৰ ভিত্তিত তেওঁলোকে ' নাইট '(Knight) উপাধিপ্ৰাপ্ত বিজ্ঞানী ছাৰ আইজাক নিউটনৰ West Minister Abbeyত থকা সমাধিস্থলত গৈ উপস্থিত হ'ল।বিভিন্ন দিশ সূক্ষ্মভাৱে পৰ্যৱেক্ষন কৰি তেওঁলোক এই সিদ্ধান্তত উপনীত হ'ল যে কেথলিক প্ৰভাৱমুক্ত কবি আলেকজেণ্ডাৰ পোপ নিউটনৰ বন্ধু আছিল আৰু তেওঁৰ পৌৰোহিত্যতে নিউটনক সমাধি দিয়া হৈছিল।ইয়াৰ লগে লগে 'His labor's fruit a Holy wrath incurred'-এই কথাষাৰৰ অৰ্থ স্পষ্ট হৈ পৰিল।কাৰণ বিজ্ঞানী নিউটনৰ বিজ্ঞানৰ চমকপ্ৰদ আৱিস্কাৰসমূহে কেথলিক ধৰ্ম-বিশ্বাসক অসন্তুষ্ট কৰিছিল।

     এইবাৰ ৰবাৰ্ট লেংডন আৰু ছ'ফি নেভিওৰ সন্মুখত আছিল আন এক প্ৰত্যাহ্বান।আন এক ৰহস্য উদ্ঘাটনৰ- 'You seek the orb that ought be on his tomb, it speaks Rosy flesh and seeded womb'.ঝাঁক ছ'নিয়েৰে উল্লেখ কৰা এই সাংকেতিক ভাষাৰ প্ৰকৃত অৰ্থৰ অন্বেষণত তেওঁলোকে নিউটনৰ সমাধি পুনৰ সূক্ষ্মভাৱে পৰ্যৱেক্ষন কৰিলে।নিউটনৰ সমাধিত বৃত্তাকাৰে (orb) অংকিত অলেখ গ্ৰহ-নক্ষত্ৰ,জ্যোতিৰ্মণ্ডল আদিৰ চিত্ৰ তেওঁলোকে দেখা পালে যদিও Rosy flesh and seeded wombৰ স্পষ্ট অৰ্থ উলিয়াব নোৱাৰিলে।প্রতীকতত্বৰ দৃষ্টিৰে এই সম্পৰ্কে ৰবাৰ্ট লেংডনে বহু ধাৰণাই কৰিলে।তেওঁৰ মতে,মৃত ছ'নিয়ৰে Rosy flesh শব্দদুটাৰে সেই আপেলটোৰ কথাই বুজাইছিল যি আপেল সৰা ঘটনাটোৰ পৰা নিউটনে তেওঁৰ বিখ্যাত মধ্যাকৰ্ষণৰ সূত্ৰ আৱিস্কাৰ কৰিছিল।আপেলসৰা পৰিঘটনাটোৰ সৈতে স্বৰ্গৰ পৰা অপসাৰিত পৃথিৱীৰ প্ৰথম নাৰী 'ঈভ'ৰ মাজেৰে কেথলিক খৃষ্টান ধৰ্মত নাৰীৰ স্থান অৱনমিত হোৱা কথাষাৰৰো সম্পৰ্ক থাকিব পাৰে।নে গোলাপৰ (Rosy flesh) ধাৰণাৰে ছ'নিয়ৰে মেৰী মেগডেলেন আৰু seeded wombৰে তেওঁৰ গৰ্ভস্থ সন্তানক ইংগিত কৰিছিল?

      ঘটনাক্ৰমে তেওঁলোকৰ হাতত পৰিল আন এটা পাঠ(cryptext)- ' The Holy Grail neath ancient Roslin waits. The blade and Chalice guarding over her gates '.ইয়াৰ Rosline শব্দটোৱে তেওঁলোকক লৈ গ'ল Rosslyn chapel লৈ।এডিনবার্গৰ দক্ষিণে অৱস্থিত এই বৃহৎ প্রাচীন গীর্জা ঘৰটোত অংকিত কৰা আছিল ইহুদী,খৃষ্টান,ইজিপ্তীয় আৰু প্ৰাচীন প্ৰকৃতিবাদী উপাসনা ধৰ্ম সম্পৰ্কীয় বহুতো প্ৰতীক।লেংডনে অনুমান কৰিলে -ঝাঁক ছ'নিয়ৰে সাংকেতিক ভাষাৰে লিখা Rislinৰ অৰ্থ Line of Rose -অৰ্থাৎ Ancestral lineage of Mary Magdalene. 

     উপন্যাসখনৰ শেষৰ ফালে বৰ্ণিত এই অধ্যায়টোত কাহিনীয়ে এক নতুন ৰূপ লৈছে।কাৰণ এই ৰ'জলিন চ্যাপেলতে তেওঁলোকে আশ্বৰ্যজনকভাৱে লগ পাইছে ঝাঁক ছ'নিয়েৰৰ বিধৱা পত্নীক-অৰ্থাৎ ছ'ফি নেভিওৰ বৃদ্ধা আইতাকক।বহু বছৰ পূৰ্বে এটা মটৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি প্ৰচাৰিত এইগৰাকী বৃদ্ধাৰ প্ৰকৃততে মৃত্যু হোৱা নাছিল।ঝাঁক ছ'নিয়েৰৰ নিৰ্দেশত তেওঁ এই প্ৰাচীন গীৰ্জা ঘৰত আত্মগোপন কৰি প্ৰকৃততে ইমান বছৰে কেথলিক গীৰ্জাৰ কোপদৃষ্টিৰ পৰা ৰক্ষা কৰি আতঁৰাই ৰাখিছিল মেৰী মেগডেলেনৰ গৰ্ভত জন্মা যীচুৰ বংশৰ শেষ উত্তৰাধিকাৰীক-ছ'ফি নেভিওৰ ভায়েকক।

      কাহিনীৰ স্বাৰ্থত এনে এক ঘটনাৰ অৱতাৰণা কৰিলেও উপন্যাসিক ড্যান ব্ৰাউনে প্ৰকৃততে এই কথাই প্ৰকাশ কৰিব বিচাৰিছে যে যীচুৰ সন্তান আজিও পৃথিৱীত আছে।ঝাঁক ছ'নিয়ৰে তেওঁৰ সাংকেতিক ভাষাত লিখা 'Rosy flesh and seeded womb'ৰ ৰহস্য এনেদৰে ৰ'জলিন চ্যাপেলত উদ্ঘাটিত হোৱাৰ লগে লগে উপন্যাসখনৰ কাহিনীভাগৰ অন্ত পৰিছে।

     উপন্যাসখনৰ এক তাৎপৰ্যপূৰ্ণ দিশ হৈছে এয়ে যে লেখক ড্যান ব্ৰাউনে উপন্যাসখনত প্ৰাচীন প্ৰতীকতত্ব আৰু সাংকেতিক ভাষাৰ প্ৰসংগৰে শব্দৰ আমোঘ শক্তি আৰু ৰহস্যক সাৰ্থকভাৱে তুলি ধৰিবলৈ সক্ষম হৈছে।সামগ্ৰিক দৃষ্টিত গোটেই উপন্যাসখনকে প্ৰতীকতত্ব আৰু সাংকেতিক ভাষা বিষয়ক এখনি গৱেষণা গ্ৰন্থও বুলিব পাৰি।সেইদৰে শ্বাসৰুদ্ধকৰ কাহিনীৰ উপস্থাপন আৰু প্ৰাচীন মিথ,সাংকেতিক ভাষা,প্ৰতীকতত্ব আদিৰ ৰহস্যয়ো উপন্যাসখনৰ প্ৰায় প্ৰতিটো পৃষ্ঠাতে গভীৰ উৎকণ্ঠাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।উপন্যাসখনৰ আৰম্ভণিতে ঝাঁক ছ'নিয়েৰৰ হত্যাকাণ্ড আৰু তাৰ পাছতে ফৰাচী পুলিচে হত্যাকাৰীক বিচাৰি চলোৱা অনুসন্ধানৰ দৃষ্টিৰে উপন্যাসখনক এখন সাধাৰণ ডিটেক্টিভ উপন্যাস যেন লাগিলেও প্ৰকৃততে 'ড্য দা ভিঞ্চি ক'ড' হৈছে প্ৰাচীন ইতিহাস উদ্ঘাটনৰ এক অগতানুগতিক প্ৰচেষ্টা।(সমাপ্ত) 


উৰ্বশী বুতালিয়াৰ 'দ্য আদাৰ চাইড অব চাইলেঞ্চ'

 উৰ্বশী বুতালিয়াৰ 'দ্য আদাৰ চাইড অব চাইলেঞ্চ'

                                           - বীৰ্কে বি থাপা


       নাৰীবাদী লেখিকা তথা নাৰী- আন্দোলনৰ সক্ৰিয় কৰ্মী উৰ্বশী বুতালিয়াৰ লেখাত সততে নাৰীৰ দুখ-যন্ত্ৰণা, অভাৱ-অনাটন, নাৰীৰ ওপৰত পুৰুষ-তান্তিক সমাজ ব্যৱস্থাই চলাই অহা শোষণ উৎপীড়ন,নাৰীৰ আৰ্থ- সামাজিক আৰু ৰাজনৈতিক অধিকাৰ, লিংগ বৈষম্য, সাম্প্ৰদায়িকতাবাদ, মৌলবাদ আদিৰ স্পষ্ট প্ৰতিফলন ঘটা পৰিলক্ষিত হয়।

       উৰ্বশী বুতালিয়াৰ জন্ম হৈছিল 1952 চনত হাৰিয়ানাৰ অম্বালাত এটা অতি প্ৰগতিশীল বিচাৰধাৰা আৰু অনীশ্বৰবাদী শিখ পৰিয়ালত। 1973 চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত পুনৰ 1977 চনত লণ্ডন য়ুনিভাৰ্চিটিৰ পৰা South Asian Studies ত এম.এ. কৰা বুতালিয়াই তেওঁৰ কৰ্মজীৱন প্ৰথমে আৰম্ভ কৰে দিল্লীত অৱস্থিত অক্সফোৰ্ড য়ুনিভাৰ্চিটি প্ৰেচত । তাৰ পাছত তেওঁ লণ্ডনস্থিত 'জেদ বুকচ্ ' নামৰ এটি প্ৰকাশন প্ৰতিষ্ঠানত সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে।পুনৰ ভাৰতলৈ উভটি আহি তেওঁ হাৰিয়ানাৰ ' অশোকা য়ুনিভাৰ্চিটি'ত অধ্যাপনা কৰাৰ উপৰিও প্ৰখ্যাত নাৰীবাদী লেখিকা ৰীতু মেননৰ সৈতে লগলাগি 1984 চনত Kali for Women নামৰ এটি নাৰীবাদী প্ৰকাশন সংস্থা গঠন কৰে। Kali for Women হৈছে ভাৰতবৰ্ষৰ প্ৰথম নাৰীবাদী প্ৰকাশন সংস্থা যি সংস্থাই তৃতীয় বিশ্বৰ মহিলাসকলৰ কণ্ঠক বলিষ্ঠ ৰূপ প্ৰদান কৰিবৰ বাবে নিৰন্তৰ কাম কৰি যায়।পৰৱৰ্তীকালত বুতালিয়াই নিজাববীয়াকৈ Zubaan Books নামৰ আন এক প্ৰকাশন সংস্থা গঠন কৰে 2003 চনত ।বৰ্তমান এই সংস্থা Zubaan Publishers Pvt. Ltd.ৰূপে পৰিচিত।বুতালিয়াৰৰ নাৰীবাদী বলিষ্ঠ লেখাসমূহ The Guardian, The New Internationalist, The Statesman, The Times of India, Outlook ,India Today আদিত প্ৰকাশ পাই আহিছে। বামপন্থী বিচাৰধাৰাৰ বুতালিয়াৰে প্ৰখ্যাত Tehelka নামৰ বামপন্থী কাকততো নিয়মীয়াকৈ স্তম্ভলেখ লিখে।তেওঁৰ দ্বাৰা লিখিত আৰু সম্পাদিত উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে -The Other Side of Silence , Partition:The long shadow,Speaking Peace : women's voices from Kashmir,The Persistence of Memory,Women and the Hindu Right,Women changing India,In other words: New writing by Indian women ,Women and parition -A Reader আদি।

       1998 চনত প্রকাশিত The Other Side of Silence গ্রন্থ সম্পর্কত বিশিষ্ট লেখক অমিতাভ ঘোষে লিখিছে- 'The Other side of silence ' হৈছে নিঃসন্দেহে ভাৰতীয় উপমহাদেশৰ বিভাজনৰ বিষয়ে লিখা আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ অন্যতম।...এয়া এক অসাধাৰণ কৃতিত্ব।' ছলমন ৰুছদিৰ দৰে লেখকেও 'This is a magnificient and necessary book, rigorous and compassionate, thought- provoking and moving,oral history at its best'বুলি গ্ৰন্থখনৰ সন্দৰ্ভত নিজস্ব মত পোষণ কৰিছে। উল্লেখযোগ্য যে 2011 চনত ভাৰত চৰকাৰে তেওঁক 'পদ্মশ্ৰী ' প্ৰদান কৰাৰ উপৰিও জাৰ্মেনিতো বিশেষ সন্মান প্ৰদান কৰা হয়।

      'পেংগুইন বুকচ'ৰ দ্বাৰা প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ পায় 2017 চনত। গ্ৰন্থখনৰ Return শীৰ্ষক পাতনিত উৰ্বশী বুতালিয়াই অত্যন্ত আক্ষেপেৰে লিখিছে যে 1947 চনত ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষৰ বিভাজন হৈছিল।এই বিভাজনৰ দ্বাৰা ভাৰত আৰু পাকিস্তান দুয়োখন দেশত একো একোটা নিৰ্দিষ্ট ধৰ্মাৱলম্বীৰ লোকসকল নিৰাপদে বসবাস কৰি থাকিব বুলি আশা কৰা হৈছিল।কিন্তু স্বাধীনতা লাভৰ অত বছৰৰ পাছতো কোনো এখন দেশতে শান্তি নামি অহা বুলি প্ৰকৃততে ক'ব নোৱাৰি।সময়ৰ লগে লগে গা-কৰি উঠা বিভিন্ন সমস্যাই আজিও জনসাধাৰণৰ জীৱন অশান্ত আৰু নিৰাপত্তাহীন কৰি তুলিছে।আজি ভাৰতবৰ্ষৰ অভ্যন্তৰতে ধৰ্মীয় সংখ্যাগৰিষ্ঠতাবাদৰ বিভাজনকাৰী শক্তিসমূহে উগ্ৰ ৰূপ ধাৰণ কৰি আমাক চাৰিওফালৰ পৰা হেঁচা মাৰি ধাৰিছে। আৰু এই ধৰ্মীয় সংখ্যাগৰিষ্ঠতাবাদৰ ৰাজনীতিয়ে সংবিধানৰ 'চেক্যুলাৰিজম'(ধৰ্মনিৰপেক্ষতা)ৰ আদৰ্শক নস্যাৎ কৰি ধৰ্মীয় সাম্প্ৰদায়িকতাৰ দ্বন্দ্ব চৌদিশে বিয়পাই দিছে। তেওঁ লক্ষ্য কৰিছে যে যি পৰিচয় আমি কেতিয়াও বিচৰা নাছিলোঁ তেনে পৰিচয়ৰ মাজত আমাক আৱদ্ধ কৰি ৰখা হৈছে।আজি 'জাতীয়তাবাদ ', 'দেশপ্ৰেম' আদি শব্দবোৰৰ ভিন্ন অৰ্থ প্ৰদান কৰা হৈছে। বুতালিয়াই লিখিছে-'মই ডাঙৰ হোৱা নতুন স্বাধীন ভাৰতত জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ দৰে শব্দৰ আজিৰ দৰে অশুভ অৰ্থ নাছিল।'

       উল্লেখযোগ্য যে উৰ্বশী বুতালিয়াৰৰ জন্ম হৈছিল বিভাজনৰ সময়ছোৱাত পাকিস্তানৰ পৰা ভাৰতলৈ পলায়ন কৰি অহা এটা শৰণাৰ্থী পৰিয়ালত।মাকৰ মুখেৰে তেওঁ শুনিছিল কেনে এক অগ্নিগৰ্ভা পৰিস্থিতিত তেওঁলোকে জন্মস্থান লাহোৰ এৰি ভাৰতলৈ পলাই আহিবলগা হৈছিল।

       1947 চনৰ ভাৰত বিভাজন ইতিহাসৰ অন্যতম এক দুখজনক ঘটনা। এই বিভাজনৰ পৰিণতিস্বৰূপেই ব্যাপক পৰিসৰত হত্যা, ধৰ্ষণ আৰু অপহৰণৰ উন্মাদনাৰ মাজত বাৰ নিযুততকৈ অধিক লোক স্থানচ্যুত হ'বলগীয়া হৈছিল। ভাৰত বিভাজনৰ কালছোৱাত মাত্ৰ কেইমাহমানৰ ভিতৰতে ভাৰত আৰু পাকিস্তানৰ 

প্ৰায় বাৰ নিযুত লোকে এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰত্যাগমন কৰিবলগীয়া হৈছিল।স্বভূমি ত্যাগ কৰি অন্য স্থানলৈ প্ৰত্যাগমন কৰা

এই শৰণাৰ্থীসকলৰ ভিতৰত দহ নিযুততকৈ অধিক অংশই তেতিয়াৰ ঐতিহাসিক ৰাজ্য পঞ্জাৱক বিভক্ত কৰা পশ্চিম সীমান্ত অতিক্ৰম কৰিছিল, মুছলমানসকলে পশ্চিমলৈ পাকিস্তান, হিন্দু আৰু শিখসকলে পূব দিশলৈ ভাৰতলৈ যাত্ৰা কৰিছিল।যাত্ৰাপথত বহুতক হত্যা কৰা হৈছিল,

বহুতৰ পুষ্টিহীনতা আৰু সংক্ৰামক ৰোগত মৃত্যু হৈছিল। এনেদৰে মৃত্যু হোৱা লোকৰ সংখ্যা সমসাময়িক ব্ৰিটিছ পৰিসংখ্যা অনুসৰি ২ লাখৰ পৰা পৰৱৰ্তীকালৰ ভাৰতীয় অনুমান অনুসৰি ২০ লাখ আছিল।কিন্তু সেই সময়ত প্ৰায় এক নিযুত লোকৰ মৃত্যু হোৱাটো এতিয়া বহুলভাৱে মানি লোৱা হৈছে। প্ৰায় 75,000 মহিলাক নিজৰ ধৰ্মৰ পৰা পৃথক ধৰ্মৰ পুৰুষে অপহৰণ কৰি ধৰ্ষণ কৰিছিল বুলি অনুমান কৰা হয় ।এই ধৰ্ষণ কাৰ্য কেতিয়াবা নিজৰ ধৰ্মৰ পুৰুষেও কৰিছিল।বিভাজনৰ ফলত হাজাৰ হাজাৰ পৰিয়াল বিভাজিত হৈছিল, ঘৰ-বাৰী ধ্বংস হৈছিল, শস্য নষ্ট হৈছিল, গাঁও পৰিত্যক্ত হৈছিল৷ আচৰিত কথাটো হ’ল, ধৰ্মৰ ভিত্তিত দুখন দেশৰ মাজত সীমা নিৰ্ধাৰণ হোৱাৰ পাছত উদ্ভৱ হোৱা অনাকাংক্ষিত ভয় আৰু অনিশ্চয়তাই যে ইমানবোৰ হিন্দু আৰু মুছলিম লোকক তেওঁলোকে ' নিৰাপদ ' বুলি ভৱা স্থানলৈ পলায়ন কৰিবলৈ বাধ্য কৰাৰ ফলত কেনে সমস্যাৰ সৃষ্টি কৰিব সেই সম্পৰ্কত কোনো এখন দেশৰ চৰকাৰেই প্ৰস্তুত নাছিল ।সেই সময়ছোৱাত মানুহবোৰে বাচ বা ৰেল আৰু বেছিভাগেই খোজ কাঢ়ি (কাফিলা)পলায়ন কৰিছিল।এনে কাফিলাবোৰৰ ভিতৰত দীৰ্ঘতম কাফিলাত প্ৰায় চাৰি লাখ শৰণাৰ্থী আছিল আৰু তেওঁলোকে পূৱলৈ ভাৰতবৰ্ষ উদ্দেশ্যি যাত্ৰা কৰিছিল।

       বিভাজন নিশ্চিত বুলি খবৰ ওলোৱাৰ পাছৰে পৰা বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজত শংকা আৰু ত্ৰাসৰ সৃষ্টি হৈছিল।পাকিস্তানত যুগ ষুগ ধৰি বসবাস কৰি থকা হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলে অনাকাংক্ষিত বিপৰ্যয়ৰ পূৰ্বানুমান কৰি যেয়ে যেনেকৈ পাৰে ভাৰতবৰ্ষৰ ফালে পলায়ন কৰিছিল।সেই সময়ছোৱাত কত পৰিয়ালত লুট-পাত,হত্যা,ধৰ্ষণ,অপহৰণ চলিল তাৰ হিচাপ নাই। নাৰী নিৰ্যাতনে সেই সময়ত ভীষণ ৰূপ লৈছিল। উর্বশী বুতালিয়াই তেওঁৰ গ্ৰন্থত উল্লেখ কৰা মতে, পাকিস্তানৰ থ'ৱা খালচা নামৰ এখন সৰু গাঁৱত বিভাজনৰ সময় ছোৱাত এক সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হৈছিল।গাওঁখনত বসবাস কৰি থকা শিখ সম্প্ৰদায়ৰ লোকসকলে যেতিয়া গম পাইছিল যে তেওঁলোকৰ গাঁৱত আক্ৰমন কৰা হ'ব,তেতিয়া তেওঁলোক সকলো গুৰুদ্বাৰাত সমৱেত হৈছিল আৰু পুৰুষ-মহিলা সকলোৱেই এটা সিদ্ধান্তলৈ আহিছিল যে অন্য ধৰ্মৰ মানুহৰ দ্বাৰা তেওঁলোকৰ মহিলাসকল ধৰ্ষিতা হ'বলৈ এৰি দিয়াৰ পূৰ্বেই তেওঁলোকে আত্মহত্যা কৰিব।এই অংগীকাৰেৰে তেওঁলোকে গুৰুদ্বাৰাত প্ৰাৰ্থনা সমাপ্ত কৰাৰ পাছতে প্ৰায় আশী-নব্বৈ গৰাকী মহিলাই গাঁৱৰ সমূহীয়া নাদত জঁপিয়াই প্ৰাণ ত্যাগ কৰিছিল। এই সঁচা কাহিনীটো উৰ্বশী বুতালিয়াক কৈছিল এগৰাকী শিখ মহিলাই যি গৰাকী মহিলাইয়ো সেই একেটা নাদত জঁপিয়াই দিছিল,কিন্তু মৃত মহিলাৰ শৱেৰে ইতিমধ্যে নাদ ভৰি পৰাত তেওঁৰ প্ৰাণ ৰক্ষা পৰিছিল। এনে অলেখ অলিখিত ত্যাগ আৰু বিপৰ্যয়ৰ মাজেৰে অহা স্বাধীন ভাৰত অথবা পাকিস্তানৰ ভৱিষ্যতলৈ কি বিপৰ্যয় ৰৈ আছিল সেয়া কোনোবাই জানিছিলনে?

       উৰ্বশী বুতালিয়াই লক্ষ্য কৰিছে যে ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষ বিভাজিত হৈ পাকিস্তান আঁতৰি যোৱাৰ পাছতো ধৰ্মৰ দ্বন্দ্ব আৰু ধৰ্মৰ পৰিপ্ৰেক্ষিতত উদ্ভূত সমস্যাসমূহ এইখন দেশত আজিলৈকে শেষ হৈ যোৱা নাই।তেওঁ উল্লেখ কৰা মতে,এই গ্ৰন্থখন লিখাৰ সময়তো তেওঁ আজি আমি দেখিবলৈ পোৱা ধৰ্মভিত্তিক পৰিচয়ৰ ৰাজনৈতিক উত্থান সম্পৰ্কে গভীৰভাৱে চিন্তিত আছিল।আজি তেওঁৰ এনে অনুভৱ হয় যেন বিভাজনৰ সেই সময়খিনিয়ে আছিল প্ৰকৃততে উচ্চ জাত আৰু সংখ্যাগৰিষ্ঠৰ আধিপত্যৰ ৰাজনৈতিক মঞ্চৰ বাবে এক পৰিকল্পিত চেটিং । এই প্রসংগত ভাৰতত চলি থকা জাতিগত অত্যাচাৰৰ বিষয়টো উল্লেখ কৰিব পাৰি। ভাৰতবৰ্ষত উচ্চ জাতৰ লোকসকলৰ দ্বাৰা নিম্নবৰ্ণৰ লোকসকলৰ প্ৰতিও যুগ যুগ ধৰি অন্যায়-অত্যাচাৰ,শোষণ-উৎপীড়ণ চলাই অহা হৈছে।বিশেষকৈ নিম্নবৰ্ণৰ লোকসকলক 'অস্পৃশ্য' বুলি ঘৃণা কৰাৰ উপৰিও তেওঁলোকৰ নিৰ্দিষ্ট জাতিভিত্তিক বৃত্তি যেনে মৃত জীৱ-জন্তুৰ মৃতদেহৰ ছাল কাটি ,শুকুৱাই জোতা-খৰম -পাদুকা,বাদ্যযন্ত্ৰ আদি তৈয়াৰ কৰা কাৰ্যৰ বাবেই বিপদত পেলোৱা হয়। 

        এই কথা সত্য যে বিভাজনৰ সময়ত হিন্দু-মুছলিম উভয়েই হিংসা-প্ৰতিহিংসাৰ বলি হৈছিল,কিন্তু কেৱল হিন্দু সকলহে বলি হোৱা বা হিন্দুসকলেহে আঘাত পোৱা আখ্যানসমূহৰ আৰ্টিকুলেচনৰ বাবে 'হিন্দু পুনৰুত্থানশীল ভাৰতবৰ্ষ'ত আজি ঠাই মুকলি কৰি দিয়া হৈছে।সেইবোৰক ক্ৰমান্বয়ে বৈধতাও প্ৰদান কৰা হৈছে আৰু ‘সত্য’ হিচাপে উপস্থাপন কৰা হৈছে।সংখ্যাগৰিষ্ঠৰ ক্ষমতাই প্ৰায় জোৰ-জবৰদস্তি আৰু উচ্চস্বৰেৰে সেইবোৰক বৈধতা প্ৰদান কৰিছে।

       ভাৰতবৰ্ষক স্বদেশ বুলি আকোঁৱালী লৈ ইয়াতে ৰৈ যোৱা মুছলিমসকলক আজিও ধৰ্মৰ ভিত্তিত সন্দেহৰ আৱৰ্ততে ৰখা হয়। ধৰ্মৰ নামত 1989 চনত বিহাৰৰ ভাগলপুৰত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত শ শ মুছলিম লোকক হত্যা কৰা হৈছিল।তাৰ পাছত হিন্দুসকলৰ দ্বাৰা অযোধ্যাৰ বাবৰি মচজিদ ধ্বংস কৰা আৰু পুনৰ চুৰাট,আহমেদাবাদ আৰু মুম্বাইত মুছলিমসকলক আক্ৰমন কৰা অথবা উত্তৰ প্ৰদেশত মুছলমানসকলক আঁতৰি যাবলৈ নিৰ্দেশ দি পোষ্টাৰ অঁৰাৰ দৰে ঘটনাবোৰ সংঘটিত হয়।এই বিদ্বেষ কেৱল মুছলিম সকলৰ প্ৰতিয়েই নহয়,অন্য ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতিও সমানে চলি আহিছে।বিশেষকৈ 1984 চনৰ অক্টোবৰ মাহত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰে নিৰাপত্তা ৰক্ষীৰ দ্বাৰা হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হয়।এই ঘটনাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰচণ্ড ক্ষোভত শিখসকলৰ ওপৰত আক্ৰমন চলিল।শিখসকলৰ বহু ঘৰ ধ্বংস কৰা হ'ল,হাজাৰ হাজাৰ লোকক হত্যা কৰা হ'ল।অকল দিল্লীৰ প্ৰান্তীয় অঞ্চলসমূহতে তিনি হাজাৰতকৈ অধিক শিখ লোকক হত্যা কৰা হৈছিল।এই আতিশয্যৰ বলি হোৱা লোকসকলৰ মুখেৰে উৰ্বশী বুতালিয়াই শুনিছিল তেওঁলোকক কেনে অত্যাচাৰ কৰা হৈছিল।1947 চনত পাকিস্তানৰ পৰা শৰণাৰ্থী হিচাপে দিল্লীলৈ অহা বৃদ্ধ লোকসকলেও কৈছিল-'We didn't think it could happen to us in our own country.....This is like partition again.' এনেদৰেই ভাৰতবৰ্ষৰ বিভাজনৰ পাছতো উৰ্বশীয়ে দেখিছিল-'People from the same country,the same town,the same village could still be divided by the politics of their religious difference and once divided,could do terrible things to each other.' 

       উৰ্বশী বুতালিয়াৰ মতে,কৰুণ বাস্তৱতাটো হ’ল এয়ে যে বিভাজনে আমাৰ মাজত অন্ধ ঘৃণা,ভয়ংকৰ পক্ষপাতিত্ব আৰু গভীৰ অজ্ঞানতাৰ এক উত্তৰাধিকাৰী (Legacy) এৰি থৈ গৈছিল।

       ভাৰত বিভাজন কালৰ অন্যতম এক ক'লা অধ্যায় আছিল ধৰ্মান্তৰকৰণ।সেইসময়ত পাকিস্তান এৰি পলাই অহা শিখ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলক জোৰকৈ ধৰ্মান্তকৰণ (Conversion) কৰা হৈছিল। বহুতে এনে ধৰ্মান্তকৰণ নিৰাপত্তাৰ খাতিৰত মানি ল'লেও বহুতে মানি ল'ব পৰা নাছিল। A Division of Hearts নামৰ ছবিখন নিৰ্মান কৰি থকা সময়ছোৱাত উৰ্বশী বুতালিয়াই মংগল সিং নামৰ এজন বৃদ্ধক লগ পাইছিল অমৃতচৰত।এই মংগল সিং আৰু তেওঁৰ দুজন ভায়েকে বিভাজনৰ সময়ত ধৰ্মান্তৰিত হ'বলগীয়া পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ পাকিস্তানত নিজৰ পৰিয়ালৰ সোতৰজনকৈ লোকক হত্যা কৰিছিল।...তেওঁ কৈছিল-'Otherwise they would have been converted' .তাৰ পাছত পাকিস্তানৰ পৰা পলাই আহি তেওঁ অমৃতচৰত এটা নতুন জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিল।কিন্তু নিজৰ পৰিয়ালৰ তেজেৰে হাত ৰাঙলি কৰি তেওঁ অতীতৰ সকলো কথা পাহৰি থাকিব পাৰিছিলনে?তেওঁৰ বুকুৰ অসহনীয় বেদনাক কোনোবাই দেখিছিলনে?এনে মৰ্মান্তিক ঘটনাৰ ভুক্তভোগী আৰু প্ৰত্যক্ষদৰ্শী যিসকল পাছলৈ জীয়াই আছিল তেওঁলোকে নীৰৱে বুকুত কঢ়িয়াই লৈ ফুৰিছিল সেই বিভাজনকালৰ অলেখ ক'লা স্মৃতি।পাহৰিব পৰা নাছিল তেওঁলোকে সেই দিনবোৰৰ কথা।এই সঁচা কাহিনীবোৰ উপেক্ষিত হৈ ৰৈ গৈছিল ইতিহাসত।

       বহুতে স্বইচ্ছাৰেও ধৰ্মান্তৰিত হৈছিল।এই প্রসংগত উৰ্বশী বুতালিয়াই পাকিস্তান নিবাসী নিজৰ মোমায়েকৰ কথা উল্লেখ কৰিছে যিজনে শিখ ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।ধৰ্মান্তৰিত হৈ মুছলিম ছোৱালী বিয়াই কৰাই পাকিস্তানৰে নাগৰিক হোৱা মোমায়েকৰ জীৱনৰ ট্ৰেজিক পৰিণামে উদঙাই দিছে বিভাজনৰ আন এক নিষ্ঠুৰ সত্য।

        বুতালিয়াই গ্ৰন্থখনত উল্লেখ কৰা মতে,বিভাজনৰ পূৰ্বেই তেওঁৰ ককাক (মাকৰ দেউতাক) ৰ মৃত্যু হৈছিল।বিভাজনৰ সময়ত পৰিস্থিতি ইমানেই বেয়ালৈ গতি কৰিছিল যে মাক সুভদ্ৰাই নিজৰ বৃদ্ধা মাক,ভায়েক আৰু ভনীয়েকহঁতক লৈ লাহোৰ এৰি ভাৰতবৰ্ষলৈ পলাই আহিবলৈ সিদ্ধান্ত কৰিছিল।কাৰণ তাত তেওঁলোকৰ কোনো নিৰাপত্তা নাছিল। কিন্তু সুভদ্ৰাৰ সৰুজন ভায়েকে নিজৰ পৈত্ৰিক ঘৰ,সম্পত্তি আদি এৰি পাকিস্তানৰ পৰা ভাৰতলৈ পলাই অহা কথাত সন্মত নহ'ল ।বৃদ্ধা মাককো তেওঁ মাককো এৰি দিব নিবিচাৰিলে। উপায়ন্তৰ হৈ অৱশেষত সুভদ্ৰাই ভনীয়েকহঁতক লৈ ভাৰতলৈ পলাই আহিল।আনফালে পাকিস্তানত থকা ভায়েকে ইছলামধৰ্ম গ্ৰহণ কৰি এজনী মুছলিম ছোৱালীক বিয়া কৰাই সেই দেশৰে নাগৰিক হৈ পৰিল।

       তেতিয়াৰে পৰা সেইজন মোমায়েকৰ সৈতে ভাৰতত বসবাস কৰি থকা উৰ্বশী বুতালিয়াৰৰ পৰিয়ালৰ কোনো যোগাযোগ বা সম্পৰ্ক নাছিল। প্ৰকৃততে সেইজন মোমায়েকে কেৱল সম্পত্তিৰ বাবে নিজৰ পৰিয়াল-স্বজনক ত্যাগ কৰা কথাত সকলোৱেই ক্ষুন্ন হৈ আছিল। 

       ইতিমধ্যে বিভাজনকালৰ ইতিহাস অন্বেষণৰ কামত জড়িত হৈ থকা উৰ্বশী বুতালিয়াই ভাৰত আৰু পাকিস্তানৰ ভিন্ন প্ৰান্তৰ বিভিন্ন ভুক্তভোগী ব্যক্তিৰ সাক্ষাৎ গ্ৰহণ কৰি ,তেওঁলোকৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত বহু অনুদ্ঘাটিত তথ্য উদ্ধাৰ কৰিছিল।সেই সন্দৰ্ভত তেওঁ বহু লেখ প্ৰস্তুত কৰাৰ উপৰিও তথ্য চিত্ৰ নিৰ্মানৰ কামতো নিমজ্জিত হৈ পৰিছিল।তাৰেই পৰিপ্ৰেক্ষিতত 1987 চনত,বিভাজনৰ চল্লিশ বছৰৰ পাছত তেওঁ পাকিস্তানত বসবাস কৰি থকা মোমায়েকক লগ কৰিবলৈ লাহোৰলৈ যায়।এইজন মোমায়েকক ইয়াৰ আগতে তেওঁ কেতিয়াও লগ পোৱা নাছিল।মোমায়েক থকা লাহোৰৰ সেই 'হাৱেলি' (ঘৰ)ও তেওঁ কেতিয়াও দেখা নাছিল।তেওঁৰ মনত এই শংকাই বাহ লৈছিল যে মোমায়েকে তেওঁ চিনি পাবনে অথবা তেওঁ ভাগিনীয়েকক নিজৰ বুলি আদৰি ল'বনে?তথাপিতো এক শংকা আৰু অনিশ্চয়তাৰে সৈতে উৰ্বশী বুতালিয়াই গৈ 

মোমায়েকৰ ঘৰত উপস্থিত হৈছিল।অত বছৰৰ মূৰত বায়েক সুভদ্ৰাৰ ছোৱালী উৰ্বশীক দেখি মোমায়েক উৎফল্লিত হৈ উঠিছিল।

        হয়, লাহোৰৰ ঘৰখনত উৰ্বশী বুতালিয়াই মোমায়েক,মোমায়েকৰ পত্নী,ল'ৰা-ছোৱালী সকলোৰে পৰা মৰম-চেনেহ,আদৰ-যত্ন সকলো পাইছিল। মোমায়েকৰ পৰাই তেওঁ গম পাইছিল যে বিভাজনৰ পাছত আৰু ন বছৰ কাল উৰ্বশীৰ আইতাক জীয়াই আছিল।

       মোমায়েকৰ সৈতে হোৱা সেই সাক্ষাতৰ পাছত দুখন দেশৰ দুটা পৰিয়ালৰ মাজত পুনৰ সম্পৰ্ক স্থাপন হৈছিল। তাৰেই পৰিপ্ৰেক্ষিতত উৰ্বশীয়ে মোমায়েকৰ ছোৱালীৰ বিয়ালৈ মাককো লগত লৈ গৈছিল। সুদীৰ্ঘ চাৰি দশকৰ পাছত উৰ্বশীৰ মাক সুভদ্ৰা নিজৰ জন্মস্থান লাহোৰৰ ঘৰখনলৈ গৈছিল।ভায়েকক অত বছৰৰ মূৰত লগ পাই তেওঁ উচুপি উঠিছিল।এই ঘৰৰ প্ৰতিটো কোঠা,আচবাব-পত্ৰ,গছ-গছনি আছিল তেওঁলোকৰ চিনাকী যিবোৰে তেওঁৰ বহু পুৰনি স্মৃতিক পুনৰ জগাই তুলিছিল।কিন্তু আশ্চৰ্যজনকভাৱে উৰ্বশীৰ মাক সুভদ্ৰা সেইখন ঘৰত (হাৱেলি)সহজ হ'ব পৰা নাছিল।কাৰণ বহু বছৰ আগতে সুভদ্ৰাহঁত মাক-দেউতাকৰ লগত যিটো হাৱেলিত বাস কৰিছিল সেই হাৱেলিত আজি অধিকাৰ কৰি আছিল আন কিছুমান মানুহে-ভায়েকৰ পৰিয়ালৰ মানুহে।এই কথা সঁচা যে মোমায়েকৰ পত্নী,তেওঁলোকৰ ল'ৰা-ছোৱালী সকলোৰে পৰা যথাযথ মান-সন্মান,মৰম-স্নেহ অৱশ্যেই তেওঁলোকে লাভ কৰিছিল।নিতৌ সুস্বাদু আহাৰেৰে তেওঁলোকক আপ্যায়ন কৰা হৈছিল।সকলো ঠিকে আছিল,কিন্তু তাৰ মাজতো যেন তেওঁলোকৰ দুচকুত উৰ্বশী অথবা তেওঁৰ মাকহঁতে সন্দেহৰ চাঁৱনি দেখা পাইছিল।

       এদিন উৰ্বশী বুতালিয়াৰ মোমায়েকে দুৱাৰ বন্ধ কৰি বায়েক সুভদ্ৰাৰ আগত বৰ আক্ষেপেৰে কৈছিল যে তেওঁ ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈ সুখী হ'ব পৰা নাছিল।তেওঁ কৈছিল - 'If this house had not been there,I think,we all would have been together, I would not have converted and lost every moment of peace in my life.' আৰু কৈছিল-' For them I am still a Hindu.If a girl had not been getting married and my presence was necessary,I might well have been in jail. অৰ্থাৎ ছোৱালীৰ বিয়াত পিতৃ হিচাপে তেওঁৰ উপস্থিতিৰ প্ৰয়োজন আছিল বাবেই তেওঁৰ সামান্য মূল্য আছিল,অন্যথা ইমানদিনে তেওঁ কাৰাগাৰত থাকিলহেঁতেন। কাৰণ পাকিস্তানত তেওঁক সকলোৱে এতিয়াও হিন্দু বুলিয়ে সন্দেহৰ চকুৰে চায়।আশ্বৰ্যজনকভাৱে আনকি তেওঁৰ নিজৰে পুতেকে তেওঁৰ বিৰূদ্ধে হিন্দু চোৰাংচোৱা বুলি কেচ ৰুজু কৰিছিল।

       লাহোৰৰ পৰা উভতি অহাৰ পাছতো কিছুদিনলৈ দুয়োটা পৰিয়ালৰ মাজত উপহাৰ, চিঠি-পত্ৰ আদিৰ আদান-প্ৰদান চলি থাকিল।এখন চিঠিত মোমায়েকে বায়েকলৈ লিখিছিল-'I have never forgiven myself for what I did in my youth.I can't retrace my steps,I have never been accepted here,even by my own family.'

        লাহে লাহে মোমায়েকে চিঠি-পত্ৰ পঠিয়াবলৈ এৰি দিছিল।প্রকৃততে তেওঁ গম পাইছিল যে তেওঁৰ ওপৰত পুলিচে নজৰ ৰাখিবলৈ আৰম্ভ কৰিছে।তেওঁ ভাৰতলৈ এই বাৰ্তা প্ৰেৰণ কৰিছিল যে-Try not to keep in touch.it makes things very difficult.উৰ্বশী বুতালিয়াই লিখিছে-' This was not just something official,but also within the family,for his sons put pressure on him to break contact with his Indian family. তেতিয়াৰে পৰা মোমায়েকৰ সৈতে কোনো যোগাযোগ নাই,আনকি তেওঁ বৰ্তমান জীয়াই আছে নে নাই সেই কথাও তেওঁলোকে নাজানে।

      এয়া আছিল উৰ্বশী বুতালিয়াৰ নিজৰে পৰিয়ালৰ কাহিনী।বিভাজনে কঢ়িয়াই অনা এনে অজস্ৰ সঁচা,হৃদয়বিদাৰক কাহিনী উৰ্বশী বুতালিয়াৰ মোমায়েকৰ দৰে আৰু অজস্ৰজনে সংগোপনে বুকুত কঢ়িয়াই ফুৰিছিল ।কিন্তু দশক দশক ধৰি এই কাহিনীবোৰ নিস্তব্ধতাত পোত খাই থাকিল। কোনো ইতিহাসত লিপিবদ্ধ নহ'ল এইবোৰ কাহিনী। এনে বহু অলিখিত কাহিনীয়েই উৰ্বশী বুতালিয়াৰে ব্যক্ত কৰিছে তেওঁৰ 'দ্য আদাৰ চাইড অব চাইলেঞ্চ 'গ্ৰন্থত। (সমাপ্ত)

ড:সুনীতি কুমাৰ চট্টোপধ্যায়ৰ 'কিৰাত জনকৃতি' : এটি পৰিচয়

 ড:সুনীতি কুমাৰ চট্টোপধ্যায়ৰ 'কিৰাত জনকৃতি' : এটি পৰিচয়

                                                       - বীৰ্কে বি থাপা 

      ভাৰতবৰ্ষৰ জাতীয় সত্তাত আৰ্যসকলৰ অৱদান অনস্বীকাৰ্য।কিন্তু কিৰাত বা মংগোলীয়সকলৰ অৱদানৰ কথাক অৱজ্ঞা কৰিও ভাৰতবৰ্ষৰ বিশাল সংস্কৃতি আৰু জাতীয় সত্তাৰ ইতিহাস কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে।অত্যন্ত দুখৰ কথা এয়ে যে উচ্চ বৰ্ণ হিন্দুৰ ইতিহাস প্ৰণেতাসকলে ভাৰতবৰ্ষৰ জাতীয় সত্তাত কিৰাত বা মংগোলীয়সকলৰ অৱদানক সদায়ে উপেক্ষা কৰি অহা পৰিলক্ষিত হয়।

       ভাৰতবৰ্ষৰ জাতীয় সত্তাত কিৰাত সকলৰ অৱদানৰ বিষয়ে গভীৰ অধ্যয়নপুষ্ট বিস্তৃত ব্যাখ্যা আগবঢ়োৱা মুষ্টিমেয় ইতিহাসবিদসকলৰ ভিতৰত অন্যতম হৈছে ড: সুনীতি কুমাৰ চট্টোপধ্যায়।1890 চনত এটা কুলীন ব্ৰাক্ষ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা ড: চটেটোপধ্যায়ে কলিকতাৰ প্ৰেচিডেঞ্চি কলেজৰ পৰা 1913 চনত প্ৰথম বিভাগত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত কলিকতাৰ বিদ্যাসাগৰ কলেজত কৰ্মজীৱন আৰম্ভ কৰে।

পুণৰ 1914 চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে।তাৰ পাছত তেখেত লণ্ডন তথা পেৰিচলৈ লৈ যায় আৰু ধ্বনিবিদ্যা আৰু ইণ্ডো-ইউৰোপীয় ভাষাতত্ব সম্পৰ্কে অধ্যয়ন কৰে।তাৰোপৰি গ্ৰীক,লেতিন ,ফাৰ্চী ,পালি আদি কেইবাটাও ভাষা সম্পৰ্কেও তেখেতে অধ্যয়ন চলাই যায়।1977 চনত 86 বছৰ বয়সত মৃত্যু বৰণ কৰা এই গৰাকী লেখকৰ 'কিৰাত জনকৃতি' হৈছে সৰ্বজন সমাদৃত ভাষা আৰু নৃতত্ব সম্পৰ্ক লিখা এখনি অমূল্য গ্ৰন্থ -যিখন গ্ৰন্থত তেখেতে পৃথিৱীৰ বিভিন্ন নৃ-গোষ্ঠী আৰু ভাষাগোষ্ঠীৰ লগতে ভাৰতবৰ্ষৰ কিৰাত-মংগোলীয় জনগোষ্ঠীৰ প্ৰাচীন,প্ৰাগৈতিহাসিক কালৰ ইতিহাস,নৃতাত্বিক বৈশিষ্ট্য,ভাষা,কৃষ্টি-সংস্কৃতি সম্পৰ্কত বিস্তৃত ব্যাখ্যা আগবঢ়াইছে।

           তেখেতে লিখা ' কিৰাত জনকৃতি :ইণ্ডো মংগোলয়েড:ভাৰতেৰ ইতিহাস ও সংস্কৃতিতে তাদেৰ অৱদান' শীৰ্ষক লেখাটি প্ৰথমে 1950 চনত 

' ৰয়েল এচিয়াটিক চ'চাইটি অফ বেংগল'ৰ জাৰ্নেলত প্ৰকাশ পাইছিল। এই লেখাৰে বিস্তৃত ৰূপ গ্ৰন্থাকাৰে প্ৰকাশ পায় 1951 চনত। গ্ৰন্থখনত ড:চট্টোপধ্যায়ে উল্লেখ কৰা মতে, বহু হাজাৰ বছৰ পূৰ্বে পৃথিৱীৰ ভিন্ন প্ৰান্তত আবিৰ্ভাৱ হোৱা প্ৰধান নৃগোষ্ঠীসমূহ হৈছে -(1) নেগ্রিট' নৃগোষ্ঠী,(2) প্রট ' অস্ট্রলয়ড নৃগোষ্ঠী ,(3) )অস্ট্রিক নৃগোষ্ঠী (4)দ্ৰাবিড় নৃগোষ্ঠী

(5)মঙ্গোলীয় নৃগোষ্ঠী,(6) ভূমধ্যসাগৰীয় নৃগোষ্ঠী ,(7) পশ্চিমীয়া ব্রেকিচেফাল নৃগোষ্ঠী,(8)নর্দিক - আৰ্য নৃগোষ্ঠী আদি।

        ভাৰতবৰ্ষত কোন প্ৰজাতিৰ মানুহৰ প্ৰথম সৃষ্টি হৈছিল তাৰ কোনো প্ৰমান বিজ্ঞানীসকলে আজিলৈকে আৱিস্কাৰ কৰিব পৰা নাই।অনুমান কৰা মতে ,প্ৰাক-ঐতিহাসিককালতে ভাৰতবৰ্ষত আফ্ৰিকাৰ পৰা নিগ্ৰোইড বা নিগ্ৰোসদৃশ লোকৰ প্ৰথম পদাৰ্পন ঘটিছিল।তেওঁলোকে আৰৱ আৰু ইৰাণৰ উপকুল অঞ্চলৰ মাজেৰে আহি ভাৰতত প্ৰৱেশ কৰিছিল।পূৱ অসমৰ নগা পাহাৰ অঞ্চলতো তেওঁলোকে থিতাপি লোৱাৰ সংকেত পোৱা যায়।সেইদৰে দক্ষিণ ভাৰতৰ কিছু জনজাতীয় লোকসকলৰ মাজতো নেগ্ৰিট' লক্ষণ দেখিবলৈ পোৱা যায়।নেগ্রিট' সকলৰ কিছু দল আন্দামান দ্বীপপুঞ্জ,মালয় উপদ্বীপ,নিউগিনি পাইছিলগৈ।নেগ্রিট'সকলৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে যে তেওঁলোকে আজিও প্রাক্ প্রস্তৰ যুগৰ সংস্কৃতি বহন কৰি আহিছে। খাদ্য উৎপাদন কৰাতকৈ তেওঁলোকে আজিও খাদ্য সংগ্রহ কৰিহে জীয়াই থাকে। এই নৃগোষ্ঠীৰ লোকসকলে ভাৰতলৈ আহি ইয়াৰ স্থানীয় লোকসকলৰ সৈতে আৰু পৰৱৰ্তী কালত পদাৰ্পন কৰা প্রট'-অস্ট্র'লয়ডসকলৰ সৈতে সানমিহলি হৈ পৰিছিল।

তেওঁলোকে এৰি যোৱা সাংস্কৃতিক বৈশিষ্ট্য স্বৰূপে ধেনু-কাঁড়ৰ ব্যৱহাৰ আৰু বৃক্ষৰ উপাসনা পদ্ধতি ভাৰতবৰ্ষত ৰৈ গৈছিল।

       নেগ্রিট' লোকসকলৰ পিছতে ভাৰতলৈ আগমন ঘটা লোকসকল আছিল প্রট' অষ্ট্ৰ'লয়ডসকল। এই নৃগোষ্ঠীৰ লোকসকল পূব ভূমধ্য সাগৰ অঞ্চলৰ পৰা আগমন হোরা বুলি কোৱা হয়। তেওঁলোকে ভাৰতত প্ৰৱেশ কৰা সময়ত প্রত্ন-প্রস্তৰ যুগৰ সংস্কৃতি বহন কৰি আনিছিল।ভাৰতৰ দক্ষিণাংশত বশবাস কৰা নিষাদ, সবৰ, পুলিন্দ, ভীল, কোলসকল এই প্রট' অষ্ট্ৰ'লয়ড গোষ্ঠীৰ লোক।ভাৰতৰ প্ৰট'-অষ্ট্ৰ'লয়ডসকলতেওঁলোকেও নেগ্রিট 'সকলৰ দৰে খাদ্য সংগ্রহ কৰি জীবন নির্বাহ কৰিছিল। কিন্তু পৰৱৰ্তী কালত এই নৃগোষ্ঠীৰ লোকসকলে কৃষিৰ সঁজুলি হিচাপে খন্তি আৰু কোৰ ব্যবহাৰ কৰি প্রাথমিক স্তৰৰ খেতি আৰম্ভ কৰিছিল। আনকি হাতীৰ দৰে বিশাল জন্তুক বশ কৰি পোহ-পাল কৰাৰ দৰে কাৰ্যও তেওঁলোকে কৰা বুলি কোৱা হয়। কুল-পূজা কৰা পৰম্পৰাটো(totem) তেওঁলোকৰে সৃষ্টি। ড: চট্টোপধ্যায়ৰ মতে ,আৰ্যসকলৰ পুণৰ্জন্মবাদ প্ৰকৃততে প্রট' অস্ট্র'লয়ডসকলৰে অবদান।এই নৃগোষ্ঠীৰ লোকসকল ভাৰতৰ বিভিন্ন ঠাইলৈকে বিয়পি পৰাৰ উপৰিও বিশেষকৈ ইতিপূৰ্বেই আহি ভাৰতবৰ্ষত পদাৰ্পন কৰা নেগ্ৰিট'সকলৰ সৈতে মিলি পৰে।প্রট'অস্ট্র'লয়ডসকলৰ মাজত কি ভাষাৰ প্রচলন আছিল সেই বিষয়ে স্পষ্টভাৱে ক'ব পৰা নাযায় যদিও অনুমান কৰা হয় যে তেওঁলোক আছিল অষ্ট্ৰিক ভাষাগোষ্ঠীৰ লোক।বৰ্তমান আমি দেখিবলৈ পোৱা দক্ষিণ ভাৰতীয় ভাষা-গোষ্ঠীৰ প্ৰচলিত ভাষাই হৈছে তেওঁলোকৰ ভাষাৰ বিকশিত ৰূপ।পৰৱৰ্তীকালত প্রট' অষ্ট্ৰ'লয়ডসকলৰ কিছু শাখা ভাৰতৰ পৰা ওলাই গৈ পাছত অস্ট্রেলিয়া আৰু মালয়েচিয়া পাইছিলগৈ। 

         মধ্য আৰু উত্তৰ-পূৱ ভাৰতৰ কিছু ভাষাৰ উপৰিও খাচীয়া আৰু নিকোবৰী ভাষাবোৰত অস্ট্রিক ভাষাৰ উপাদান লক্ষ্য কৰিব পাৰি।অষ্ট্ৰিক ভাষাগোষ্ঠীক আকৌ দুটা মূল ভাগত ভগাব পাৰিঃ অষ্ট্র'-এচিয়াটিক ভাষাগোষ্ঠী' আৰু অষ্ট্ৰ'-নেচীয় ভাষাগোষ্ঠী। অষ্ট্ৰ'-এচিয়াটিক ভাষাগোষ্ঠীৰ লোকসকলক বর্তমান ভাৰতবর্ষ, ব্রহ্মদেশ আৰু ইণ্ডো- চীনত দেখিবলৈ পোৱা যায়।দক্ষিণ আৰু দক্ষিণ-পূব এচিয়া মহাদেশৰ মূল ভূ-ভাগ ভাৰতত বসবাস কৰা কোল আৰু মুণ্ডা ভাষাসমূহ( যেনে- চাওঁতালী, মুণ্ডাৰী আদি) ,নিকোবৰ দ্বীপপুঞ্জৰ নিকোবৰী ভাষাসমূহ, মেঘালয়ৰ খাচী ভাষাসমূহ,ব্ৰক্ষ্মদেশ-চীন-কোচিন -কম্বোদিয়া,মালয়েচিয়া আদিৰ ভাষাসমূহক অষ্ট্ৰিক ভাষাই সামৰি লয়। সেইদৰে অষ্ট্ৰ'-নেচীয় ভাষাগোষ্ঠীৰ অন্তৰ্গত ভাষাসমূহ দেখিবলৈ পোৱা যায় ইণ্ডোনেচিয়া,ফিলিপাইন দ্বীপপুঞ্জ,পলিনেচিয়া আদিত।

        ভাৰতবৰ্ষৰ গংগা উপত্যকা আৰু দক্ষিণাংশত বসবাস কৰা নিষাদ, সবৰ, পুলিন্দ, ভীল, কোল আদি প্ৰট'-অষ্ট্ৰ'লয়ডসকলেই পৰৱৰ্তীকালত আদিম অস্ট্রিকভাষী লোকলৈ ৰূপান্তৰিত হৈছিল।

       লাহে লাহে ভাৰতবৰ্ষলৈ দ্রাবিড়ী ভাষা কোৱা ভূমধ্য সাগৰীয় অঞ্চল,বিশেষকৈ ইৰাণৰ পৰা জন- প্ৰব্ৰজন ঘটিল। এইসকল লোকে আদিম দ্ৰাবিড়ীয় ৰূপৰ ভাষা কৈছিল।অনুমান কৰা হয় যে এই ভাষা প্ৰায় দুহেজাৰ বছৰ পুৰণি তামিল ভাষাতকৈয়ো পুৰণি। প্রাচীন সিন্ধু সভ্যতা এই দ্ৰাবিড়ীয় ভাষা গোষ্ঠীৰ লোকসকলে গঢ়ি তুলিছিল।মহেঞ্জোদাৰো আৰু হৰপ্পাৰ দৰে প্ৰাচীন সিন্ধু সভ্যতাৰ ভগ্নাৱশেষ তথা আৱিস্কৃত বিভিন্ন সা-সামগ্ৰি আদিৰ পৰা দ্ৰাবিড়সকলৰ বিকশিত সভ্যতা আৰু সংস্কৃতিৰ কথা অনুমান কৰিব পাৰি ।ড: চট্টোপধ্যায়ে মত পোষণ কৰিছে যে ভাৰতবৰ্ষত শিৱ আৰু উমা-পাৰ্বতীক উপাসনা কৰা পৰম্পৰা আৰু পদ্ধতি তথা যোগ দর্শন আৰু অনুশীলন আদি এই দ্রাবিড়ীয়সকলৰে অৱদান।

        ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত কিৰাত জনগোষ্ঠীৰ ব্যাপক বিস্তৃতি পৰিলক্ষিত হয়।ক'বলৈ গ'লে কিৰাতসকলৰ বিষয়ে আলোচনা নকৰাকৈ উত্তৰ পূৰ্বাঞ্চলৰ জনগাঁঠনি সম্পৰ্কে কোনো আলোচনাই সম্ভৱপৰ নহয়।

       প্ৰাচীন গ্ৰন্থসমূহত কিৰাত ৰূপে উল্লেখিত মংগোলীয় নৃগোষ্ঠীৰ লোকসকলৰ প্রাচীন বাসভূমি ইয়াংচিকিয়াং আৰু হোৱাংহোৰ উৎপত্তিস্থল অর্থাৎ উত্তৰ-পশ্চিম চীন বুলি পণ্ডিতসকলে অনুমান কৰিছে। কালক্ৰমত তেওঁলোক প্ৰব্ৰজিত হৈ শ্যাম দেশ, ব্রহ্মদেশ আদিৰে প্ৰবেশ কৰি ভাৰতবৰ্ষত প্ৰৱেশ কৰে।কিৰাতসকল জম্মু-কাশ্মীৰৰ পৰা অসম, ইণ্ডো-চীন আৰু পূর্ব প্রান্তত তীব্রত-চীনলৈকে বিস্তৃত হৈ আছে। ড:সুনীতিকুমাৰ চেট্টার্জীৰ মতে,অসমৰ মাজেদিয়েই সম্ভবতঃ কিৰাতসকলে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত প্ৰৱেশ কৰিছিল।

        কিৰাত বা ইণ্ডো-মংগোলীয় লোকসকলৰ সাংস্কৃতিক ইতিহাস অতি প্রাচুর্য্যমণ্ডিত আৰু উজ্জ্বল। পূৰ্বৰে পৰা তেওঁলোকৰ প্ৰভুত্ব ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে নেপাল আদিত দেখা পোৱা যায়। উদাহৰণস্বৰূপে খ্রীষ্টপূর্ব ১০ম শতিকাৰ ৰজা ভগদত্ত বা তাৰো আগৰ নৰকাসুৰ, চাৰিশ/পাঁচশ খৃষ্টাব্দত নেপালত ৰাজত্ব কৰা লিচ্ছৱী ৰজাসকল,ছশ/সাতশ খৃষ্টাব্দত প্ৰাচীন কামৰূপত ৰাজত্ব কৰা বৰ্মণ আৰু শালস্তম্ভ বংশৰ ৰজাসকলৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী কালৰ কোঁচ,আহোম,জয়ন্তীয়া,মণিপুৰী আদি বিভিন্ন জনগোষ্ঠীৰ ৰজাসকলৰ কৃতি-কৰ্ম, বংশলতিকা তথা দশম/একাদশ শতিকাৰ বহু কেইগৰাকী বৌদ্ধভিক্ষু আৰু বৌদ্ধ পৰিব্ৰাজকসকলৰ টোকা-তথ্য আদিৰ পৰা কিৰাত জনগোষ্ঠীৰ প্রতিষ্ঠা আৰু গৰিমাৰ স্পষ্ট ইংগিত পোৱা যায়।

       বৈদিক সাহিত্যৰ 'যজুর্বেদ'তেই সর্বপ্রথমে কিৰাতসকলৰ উল্লেখ পোৱা যায়। 'অথর্ববেদত' আয়ুর্বেদিক বা বন দৰব সংগ্ৰহ কৰা এগৰাকী কিৰাত যুৱতীৰ কথা পোৱা যায়। তেনেদৰে খ্রীষ্টপূর্ব দশম শতিকাতে হোৱা মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত কিৰাতসকলেও অংশগ্ৰহণ কৰা বুলি জানিব পৰা যায়। 'মহাভাৰত'ৰ 'কিৰাত পর্ব'ত কিৰাতৰূপী শিৱৰ লগত অর্জুনৰ যুদ্ধ হৈছিল আৰু শিৱৰ পৰা অর্জুনে পাশুপাত অস্ত্র লাভ কৰিছিল।তেনেদৰে কুৰুক্ষেত্ৰৰ যুদ্ধত বীৰ ভগদত্তৰ সৈন্যসকলৰ মাজত কিৰাত সৈন্যও আছিল। সেইদৰে 'কালিকা পুৰাণ'ত বর্ণিত নৰকাসুৰৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ আছিল কিৰাত অধ্যুষিত অঞ্চল।নৰকাসুৰৰ কাহিনীক অৱশ্যেই আৰ্য্যীকৰণ কৰা হৈছে।আৰ্যীকৰণৰ প্ৰভাৱস্বৰূপে নৰকাসুৰক বৰাহৰূপী বিষ্ণু আৰু ভূমি মাতৃৰ সন্তানৰূপে দেখুওৱা হৈছে।এই নৰকাসুৰৰে পুত্ৰ আছিল ভগদত্ত ।ইতিহাসবিদসকলৰ মতে,চতুর্থ শতিকাৰ পৰা কামৰূপত ৰাজত্ব কৰা পুষ্যবৰ্মা/পুষ্য বৰ্মন তথা শালস্তম্ভ আৰু পাল বংশৰ ৰজাসকল এই ভগদত্তৰে বংশধৰ আছিল। খ্রীষ্টিয় ১৪শ শতিকাত ৰচিত 'যোগিনীতন্ত্র'ত উল্লেখ থকা মতে, প্ৰাচীন কামৰূপৰ যোগিনীপীঠত কিৰাতসকলৰ ধৰ্ম প্ৰচলিত আছিল । এই ধৰ্ম অনুসৰি শিৱ আৰু শক্তিৰ তান্ত্ৰিক উপাসনা পদ্ধিত উত্তৰ -পূৱ ভাৰত,বিশেষকৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় লেকসকলৰ মাজত আজিও প্ৰচলিত।এই অঞ্চলসমূহত আৱিস্কৃত পুৰণি শিৱমূৰ্তি,শিৱলিংগ আদিয়েও কিৰাতী সংস্কৃতিৰ বিশাল বিস্তৃতিৰ প্ৰমান দিয়ে।

       মংগোলীয় সকলৰ পাছতে ভাৰতলৈ অহা জাতি হৈছে নৰ্ডিক বা আৰ্য ভাষাগোষ্ঠীৰ লোকসকল।। নর্ডিক গোষ্ঠীৰ লোকসকলৰ আদি ভূমি আছিল ইউৰাইল পর্বতমালাৰ দক্ষিণে ইউৰেচিয়াত।আদিতে তাত তেওঁলোকে ঘোঁৰা, ভেড়া,গাহৰি,গৰু ,ছাগলী আদি পুহিছিল। আৰ্য্যসকলৰ এটা দল খ্ৰীষ্টপূর্ব ২০০০ৰ আশে-পাশে ককেচাচ পর্বতমালা অতিক্ৰম কৰি উত্তৰ মেছোপটেমিয়া পাইছিলগৈ। সময়ত গৈ সেই লোকসকলৰ কিছু অংশই কেইবা শতিকা পৰিভ্ৰমণ কৰি কৰি ইৰাক, ইৰাণ আৰু ভাৰতৰ উত্তৰ-পশ্চিম সীমান্তলৈকে বিয়পি পৰিছিল। অৱশেষত খ্রীষ্টপূর্ব ১৫০০ৰ পৰা ১২০০ মানৰ সময়ছোৱাত তেওঁলোক আহি ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল।

      আৰ্যসকল অহাৰ পাছত তেওঁলোক অষ্ট্ৰিকভাষী প্ৰট'-অষ্ট্ৰ'লয়ডসকল (অৰ্থাৎ নিষাদ,সবৰ, পুলিন্দ, ভীল,কোল আদি) তথা দ্রাবিড়ীয়সকলৰ সংস্পৰ্শলৈ আহে। আৰ্যভাষী লোকসকলে পঞ্জাৱ আৰু ওপৰ গঙ্গা উপত্যকাৰ দ্রাবিড়-ভাষী লোকসকলক পৰাজয় কৰে আৰু এই অঞ্চলসমূহত তথা উত্তৰ ৰাজস্থানত বসতি কৰিবলৈ আৰম্ভ কৰে। 

       নর্ডিক (আর্য্য) সকলৰ সমসাময়িক কালতে ভাৰতবৰ্ষলৈ আন এক হ্ৰস্ব-মস্তকী নৃগোষ্ঠীৰ লোকসকলে পশ্চিম ফালেদি প্ৰৱেশ কৰিছিল বুলি অনুমান কৰা হয়।তেওঁলোকৰ ভাষা সন্দৰ্ভত স্পষ্টভাৱে একো ক'ব পৰা নাযায়।কেৱল অনুমানৰ ভিত্তিত কোৱা হয় যে সম্ভব তেওঁলোকে ভাৰতলৈ অহাৰ পূৰ্বেই নর্ডিক (আর্য) ভাষা গ্রহণ কৰিছিল।গুজৰাট, মাৰাঠা আৰু বঙ্গত এই নৃগোষ্ঠীৰ লোকসকলৰ বসতি দেখিবলৈ পোৱা যায়।

       এনেদৰেই যুগ যুগ ধৰি ভাৰতবৰ্ষলৈ পৃথিৱীৰ ভিন্ন প্ৰান্তৰৰ পৰা বিভিন্ন নৃগোষ্ঠী আৰু ভাষাগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল।সময়ৰ সোঁতত এই প্ৰব্ৰজিত জাতি-জনগোষ্ঠীৰ লোকসকলে পাৰস্পৰিক সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে ভাৰতীয় সংস্কৃতিৰ বিশাল সৌধ নিৰ্মান কৰিছিল।আৰ্য আৰু অনাৰ্য-উভয়ৰে ঐশ্বৰ্যমণ্ডিত ধৰ্মীয় ঐতিহ্য,কৃষ্টি আৰু সাহিত্য-সংস্কৃতিৰ অৱদান এইক্ষেত্ৰত অনস্বীকাৰ্য।ড: সুনীতি কুমাৰ চট্টোপধ্যায়ৰ 'কিৰাত -জনকৃতি' গ্ৰন্থত এই সমস্ত কথা গভীৰ আৰু বিস্তৃতভাৱে প্ৰকাশ কৰা হৈছে।ক'বলৈ গ'লে, 'কিৰাত জনকৃতি' গ্ৰন্থৰ অধ্যয়ন অবিহনে ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নেই প্ৰকৃততে কেতিয়াও সম্ভৱ নহয়।(সমাপ্ত)




স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'

      স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'                                                      - বীৰ্কে ...