Thursday, April 23, 2026

জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা

   জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা

                                                     - বীৰ্কে বি থাপা

    অসমীয়া ভাষা বুলি ক'লে আমি সাধাৰণতে সেই ভাষাক বুজোঁ যিটো ভাষা অসমৰ উজনিৰ পৰা নামনিলৈকে সকলোৱে ব্যৱহাৰ কৰিব পৰা অসমৰ এটা সংযোগী ভাষা হিচাপে মান্যতা লাভ কৰি আহিছে। এই সকলোৰে মান্য অসমীয়া ভাষা যিটো ভাষা আমি লিখিত ৰূপতো ব্যৱহাৰ কৰোঁ-এই ভাষা মূলত: ইন্দা-ইউৰোপীয় ভাষাৰ অন্তৰ্গত মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা। 

    ভাষাতত্ববিদসকলৰ মতে, পৃথিৱীৰ প্ৰধান ভাষাসমূহৰ ভিতৰত অন্যতম এটা ভাষা হৈছে ইন্দো- ইউৰোপীয় ভাষা।এই ইন্দো -ইউৰোপীয় ভাষাৰ প্ৰধান দুটা ভাগ হৈছে ইন্দো-ইৰাণীয় আৰু ইন্দো-এৰিয়ান(ইন্দো-আৰ্য ভাষা)। অসমীয়া ভাষা হৈছে ইন্দো-এৰিয়ান ভাষাৰ অন্তৰ্গত মাগধী প্ৰাকৃতৰ পৰা উদ্ভূত ভাষা।প্ৰাচীন মগধ আৰু বিদেহ ৰাজ্যত প্ৰচলিত এই ভাষা উত্তৰ বংগৰ মাজেৰে আহি অসমত প্ৰৱেশ কৰিছিল আৰু সপ্তম শতিকামানত ই অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত কামৰূপত এটা সুকীয়া ভাষা ৰূপে গঢ় লৈ উঠিছিল।সেই অৰ্থত কামৰূপী ভাষাতে প্ৰাচীন মাগধী অপ্ৰভ্ৰংশৰ আদিম ৰূপ দেখিবলৈ পোৱা যায় বুলি ক'ব পাৰি।

    এই মান্য অসমীয়া ভাষাই হৈছে আমাৰ সকলোৰে মাতৃভাষা। আজি সমগ্ৰ বিশ্ব জুৰি উদযাপন কৰা' আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ মূল তাৎপৰ্যই হৈছে এষে যে আমি আমাৰ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰাৰ লগতে মাতৃভাষাৰ তাৎপৰ্যক উপলদ্ধি কৰিব লাগিব আৰু মাতৃভাষাক যিকোনো সংকট-বিপৰ্যৰ পৰা ৰক্ষা কৰিব লাগিব। 

   এই প্ৰসংগত উল্লেখনীয় যে  অনা-অসমীয়া ভাষাৰ আগ্ৰাসনে বহুবাৰ অসমীয়া ভাষাক বিপৰ্যস্ত কৰিছে। ইয়াৰ প্ৰথম উদাহৰণ- ১৮২৬ খৃ:ৰ ইয়াণ্ডাবু সন্ধিৰ চুক্তিমৰ্মে অসম বৃটিছৰ অধীনলৈ যোৱাৰ পাছত বৃটিছসকলে  অসমত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ খুলিবলৈ আৰম্ভ কৰিছিল।আনকি এনে আইনো বলবৎ কৰিছিল যে কেৱল ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰাসকলকহে অফিচ-কাছাৰী আদিত  চৰকাৰী চাকৰি দিয়া হ'ব। গতিকে স্বাভাৱিকতে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মনত সন্তানক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰি তোলাৰ প্ৰৱণতাই দেখা দিছিল।

সেইদৰে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈ থাকিবলগীয়া হোৱাত বাংলা ভাষা-সাহিত্যৰ সৈতেও অসমীয়া মধ্য বিত্ত শ্ৰেণীৰ পৰিচয় ঘটিবলৈ আৰম্ভ কৰিছিল ।কলিকতাত উচ্চ শিক্ষা লাভ কৰা মধ্যবিত্তীয় শিক্ষিত লোকসকলৰ  মনত লাহে লাহে বাংলাভাষাক শ্ৰেষ্ঠ ভাষা বুলি ভৱা আৰু নিজৰ মাতৃভাষাক অৱহেলা কৰা প্ৰৱণতাইয়ো গা কৰি উঠিছিল।অসমৰ এইসকল শিক্ষিত লোকৰ অসচেতনতাৰ সুযোগ লৈয়ে বৃটিছসকলে অসমৰ সকলোবোৰ চৰকাৰী অফিচ-কাছাৰীৰ মাধ্যম ভাষা হিচাপে বাংলা ভাষাৰ প্ৰচলন কৰিছিল।১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে প্ৰায় সাতত্ৰিশ বছৰে এইদৰে অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাই আধিপত্য বিস্তাৰ কৰিছিল।অসমীয়া ভাষালৈ নামি অহা সংকটৰ এয়াই আছিল আৰম্ভণি।কিন্তু  সৌভাগ্যক্ৰমে উনবিংশ শতিকাৰ তৃতীয় দশকত অসমলৈ অহা আমেৰিকান মিছনেৰীসকলৰ তৎপৰতাত অসমৰ অফিচ-কাছাৰীসমূহত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন হৈছিল। এই কথা স্বীকাৰ কৰিব লাগিব যে, মিছনেৰীসকল অসমলৈ অহাৰ প্ৰধান উদ্দেশ্য আছিল খৃষ্টান ধৰ্মৰ প্ৰচাৰ, কিন্তু তেওঁলোকে যথাৰ্থতে অসমীয়া ভাষাৰ দুৰৱস্থাৰ কথা উপলদ্ধি কৰিছিল আৰু ড: নেথান ব্ৰাউন ,তেওঁৰ পত্নী এলিজা ব্ৰাউন আৰু ৰেভাৰেণ্ড অলিভাৰ টি কট্টৰৰ দৰে লোকসকলে শদিয়াত থকা কালছােৱাত স্থানীয় খামতি আৰু অসমীয়া ভাষী লােকসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰাৰ উপৰিও খুব কম সময়ৰ ভিতৰতে অসমীয়া ভাষা আয়ত্ব কৰি কিতাপ-পত্ৰ আদি প্ৰকাশ কৰিছিল। তেওঁলোকে জয়পুৰত ছপাশাল স্থাপন কৰি খামতি, শ্যাম, চিংফৌ আৰু নগা ভাষাত অসমীয়া আৰু ৰােমান হৰফেৰে যথেষ্ট ছপাৰ কাম কৰা জানিব পৰা যায়।অকল সেয়ে নহয়, মিছনেৰীসকলে  ১৮৪৬ খৃঃত শিৱসাগৰৰ পৰা অসমৰ সংবাদজগতৰ এক যুগান্তকাৰী ঘটনা স্বৰূপে ‘অৰুণােদই' কাকত প্ৰকাশ কৰি উলিয়াইছিল।

    ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত অসমীয়া ভাষাই স্বকীয় মৰ্যাদাৰে আত্মপ্ৰতিষ্ঠা লাভ কৰিব বুলি যথেষ্ট আশা কৰা হৈছিল। কিন্তু অসমীয়া ভাষাৰ ওপৰত অন্য ভাষিক গোষ্ঠীৰ আক্ৰমণৰ অন্ত পৰা নাছিল।১৯৪৭ চনত বাংলাদেশ বিভাজন হোৱাত শৰণাৰ্থী হিচাপে আহি অসমত প্ৰৱেশ কৰা বাংলাদেশীসকলৰ ভাষিক আগ্ৰাসনে অসমীয়া ভাষাৰ অস্তিত্বক শংকিত কৰি তুলিছিল ।বৰাক উপত্যকাত বাংলা ভাষীসকলে বাংলা ভাষাক অসমৰ মাধ্যম ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লগাত ব্ৰক্ষ্মপুত্ৰ উপত্যকাত সাম্প্ৰদায়িক সংঘাত তীব্ৰ হৈ উঠিছিল। ১৯৬০ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমীয়া ভাষাক একমাত্ৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাৰ প্ৰতিবাদত বৰাক উপত্যকাৰ বাংলাভাষী লোকসকল এনেদৰে জাঙুৰ খাই উঠিছিল যে তাৰ ফলস্বৰূপে ব্ৰক্ষ্মপুত্ৰ উপত্যকাত বসবাস কৰা অসমীয়াভাষী আৰু বাংলাভাষী লোকসকলৰ মাজত সংঘৰ্ষই হিংসাত্মক ৰূপ ধাৰণ কৰে ।আন্দোলনে এনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল যে অকল ব্ৰক্ষ্মপুত্ৰ উপত্যকাতে বাংলাভাষী লোকসকলৰ প্ৰায় পাঁচ হাজাৰ ঘৰ জ্বলাই দিয়া হয়।পুলিচৰ গুলিত নিহত হয় ৰঞ্জিত বৰপূজাৰী নামৰ কটন কলেজৰ এজন ছাত্ৰ।বৰাক উপত্যকাতো আন্দোলন তুংগত উঠিছিল। পুলিচৰ গুলিত বৰাক উপত্যকাতো  কেইবাজনো যুৱকৰ মৃত্যু হৈছিল।ফলত বিমলা প্ৰসাদ চলিহা চৰকাৰে ব্ৰক্ষ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা আৰু বৰাক উপত্যকাত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিবলৈ বাধ্য হয়।

    ষাঠীৰ দশকত অসমীয়া ভাষাৰ ওপৰত হোৱা বাংলাভাষাৰ আগ্ৰাসনৰ পৰিপ্ৰেক্ষিতত অসমীয়া ভাষাৰ প্ৰাধান্য বৃদ্ধিৰ বাবে ১৯৭২ চনত পুনৰ সূত্ৰপাত হয় মাধ্যম আন্দোলনৰ। মাধ্যম আন্দোলনৰ জৰিয়তে অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীকে মাধ্যম ভাষা হিচাপে অসমীয়া ভাষা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়। এটা দৃষ্টিৰে সেয়া ভালেই আছিল যদিও এনেদৰে অসমীয়া ভাষাক মাধ্যম ভাষা হিচাপে সকলো জাতি-জনগোষ্ঠীক জোৰকৈ গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা কাৰ্যই জনজাতীয় লোকসকলক ক্ষোন্ন কৰিছিল। কাৰণ, স্বকীয় কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্যৰে নিজৰ স্বাভিমান ৰক্ষা কৰিব বিচৰা জনজাতীয় লোকসকলৰ একাংশই ইয়াৰ দ্বাৰা তেওঁলোকৰ স্বকীয় ভাষা,দোৱান আদি সংকটৰ গৰাহত পৰিব বুলি আশংকা কৰিছিল। 

    মাধ্যম আন্দোলনৰ দ্বাৰা মান্য অসমীয়া ভাষাৰ ৰক্ষাৰ কথা ভবা হৈছিল যদিও এই আন্দোলনে জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ কথা চিন্তা কৰা নাছিল যাৰ বাবে জনজাতীয় লোকসকল এই আন্দোলনৰ পৰা আঁতৰি আহিছিল।জনজাতীয় লোকসকলৰ এনে বিচ্ছিন্নতাবাদী মনোভাৱৰ অন্তৰালত অন্য কাৰণো যথেষ্ট আছিল। তাৰে প্ৰধান কাৰণ আছিল-উচ্চ বৰ্ণ হিন্দুৰ অসমীয়াসকলে জনজাতীয় লোকসকলৰ প্ৰতি পোষণ কৰি অহা ঘৃণা আৰু অৱজ্ঞাৰ মনোভাৱ। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ইতিপূৰ্বে উনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ দ্বিতীয় দশকৰ সময়ছোৱাতে অসমত জনজাতীয় লোকসকলে নিজৰ স্বকীয়তা ৰক্ষা আৰু আত্মনিয়ন্ত্ৰণৰ হকে এক প্ৰকাৰৰ নৱজাগৰণ গঢ়ি তুলিছিল। অৱশ্যে তেওঁলোকৰ মাজতো কিছুসংখ্যক এনে জনজাতীয় শিক্ষিত লোক আছিল যিসকলে নিজৰ স্বকীয়তাক ৰক্ষা কৰিও অসমীয়া ভাষাকো সমানে শ্ৰদ্ধা কৰিছিল। এই প্ৰসংগত হোমেন বৰগোহাঞিয়ে সোণাৰাম পায়েং, চাৰুচন্দ্ৰ দলে, মুহিচন্দ্ৰ মিৰি ,চকভাল কাগয়ুং,তৰুণচন্দ্ৰ পামেগাম, সীতানাথ ব্ৰক্ষ্মচৌধুৰী, দণ্ডীধৰ ফাটোৱালী আদিৰ দৰে  শিক্ষিত ব্যক্তিসকলৰ কথা উল্লেখ কৰিছে যিসকলে  অসমীয়া ভাষাকো সমানে আকোঁৱালী লৈ  অসমীয়া ভাষাত লিখা-মেলা, সাহিত্য-চৰ্চা আদি কৰি গৈছিল।

     সি যি কি নহওক,অসমৰ জনগাঁথনিলৈ লক্ষ কৰিলে দেখা যায় - অসমীয়া জাতিৰ উদ্ভৱ আৰু বিকাশ হৈছে অষ্ট্ৰিক,  মংগোলীয়, আৰ্য আদি বিভিন্ন নৃগোষ্ঠী, ভাষা-ভাষী, জাতি- উপজাতিৰ সংমিশ্ৰণত। কেৱল নিৰ্দিষ্ট এটা নৃগোষ্ঠীৰে গঠিত 'অসমীয়া জাতি' বুলি কোনো জাতিৰ অৱস্থিতিৰ কথা আমি ভাৱিব নোৱাৰোঁ। সেইদৰে আমি সকলোৱে কোৱা মান্য 'অসমীয়া ভাষা'ৰ উৎপত্তি মূলত: মাগধী প্ৰাকৃতৰ পৰা হৈছে যদিও এই ভাষাৰ  বিকাশত বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষিক অৱদান জড়িত হৈ আছে।

    উল্লেখযোগ্য যে,প্ৰাচীন অসমত কামৰূপী ভাষা সকলোৰে বাবে এটা মান্যভাষা ৰূপে প্ৰচলিত  হৈ থকা সময়ছোৱাত অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ ভাষা বা দোৱানসমূহো অঞ্চলবিশেষে প্ৰচলিত আছিল। কিন্তু এই জনগোষ্ঠীয় ভাষা বা দোৱানসমূহ অঞ্চল বিশেষতে আৱদ্ধ হৈ থকা হেতুকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সেইবোৰ সকলোৰে সহজ বোধগম্য নাছিল।সেয়ে কামৰূপী ভাষাকে সকলোৱে কম-বেছি পৰিমানে মাধ্যম ভাষা হিচাপে গ্ৰহণ কৰিছিল বুলি অনুমান কৰিব পাৰি।আৱিস্কৃত শিলালিপি আৰু তাম্ৰলিপি সমূহৰ পৰাও এই কথা স্পষ্ট হৈ উঠিছে যে জনসাধাৰণৰ বোধগম্য ভাষা হিচাপে প্ৰাচীন অসমত সংস্কৃত আৰু কামৰূপী ভাষাৰ প্ৰচলন আছিল।

    শংকৰদেৱ -মাধৱদেৱৰ আৱিৰ্ভাৱৰ পূৰ্বে মাধৱ কন্দলীৰ দৰে কবিসকলেও সংস্কৃত আৰু কামৰূপী ভাষাত কাব্য-চৰ্চা কৰা কথা জানিব পৰা যায়।শংকৰদেৱে 'এক শৰণ নাম ধৰ্ম 'প্ৰচাৰৰ বাবে পূৰ্বৰ ঐতিহ্য পৰিহাৰ কৰি পোনপ্ৰথমবাৰৰ বাবে ব্ৰজাবলী ভাষাত সাহিত্যৰাজি ৰচনা কৰিছিল।এই ব্রজাবলী ভাষাটো আছিল সংস্কৃত,মৈথিলী আৰু অসমীয়া(অৰ্থাৎ কামৰূপী) ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ভাষা।

    পৰৱৰ্তী কালত বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যই গদ্যত লিখিবলৈ আৰম্ভ কৰাৰ পৰাই বৰ্তমানে আমি কৈ থকা অসমীয়া ভাষাৰ প্ৰকৃত বিকাশ-কাল আৰম্ভ হৈছিল।উল্লেখযোগ্য যে,ভট্টদেৱৰ গদ্য কেৱল লিখিত গদ্য-সাহিত্যৰে নিদৰ্শন নহয়,ই তৎকালীন কথিত অসমীয়া ভাষাৰো উৎকৃষ্ট নিদৰ্শন।তেওঁৰ গদ্যত ব্যৱহৃত বিভিন্ন শব্দ আৰু কথনশৈলীৰ পৰা এই কথা স্পষ্ট হৈ উঠে যে মধ্যযুগৰ অসমত প্ৰচলিত ভাষাত অসমৰ অন্যান্য জনগোষ্ঠীৰো যথেষ্ট ভাষিক অৱদান আছিল।

    আজি আমি ব্যৱহাৰ কৰি থকা মান্য অসমীয়া ভাষাৰ বহু শব্দই বিদেশী মূলৰ। যেনে - উৰ্দু, পাৰ্চী, আৰৱী, ইংৰাজী আদি। ভাষাৰ সমৃদ্ধি আৰু বিকাশৰ বাবে এয়া প্ৰয়োজনো। কিন্তু অত্যন্ত দুখৰ কথা এয়ে যে আমি বিদেশী মূলৰ যিমান শব্দ অসমীয়া ভাষাত গ্ৰহণ কৰিছোঁ, তাৰ তুলনাত জনগোষ্ঠীয় ভাষাৰ শব্দ কিন্তু তেনেদৰে গ্ৰহণ কৰা নাই। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যিহেতু বড়ো কছাৰী, দেউৰী, ৰাভা, চুতীয়া, মৰাণ-মটক, সোনোৱাল কছাৰী, ডিমাচা কছাৰী, ঠেঙাল কছাৰী, মিচিং, তিৱা, কাৰবি, চিংফৌ, নক্তে, টাংচা, টাই ফাকে, টাই তুৰুং, দোৱনীয়া, হাজং আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ অৱদান আছে, সেয়ে এই জনগোষ্ঠীসমূহৰো স্বকীয় কৃষ্টি-সংস্কৃতি, ভাষা-দোৱান আদি ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে। তেওঁলোকৰ অবিহনে বৃহত্তৰ অসমীয়া জাতীয় সত্তাৰ কোনো অৰ্থই থাকিব নোৱাৰে। সেইদৰে তেওঁলোকৰ মাজত প্ৰচলিত ভাষা, দোৱান বা শব্দসমূহকো ৰক্ষা কৰিব লাগিব। 

    আলাস্কা বিশ্ববিদ্যালয়ৰ বিশ্বপ্ৰসিদ্ধ ভাষাতত্ববিদ মাইকেল ক্ৰাউচে (Michael Krauss)কিছু বছৰৰ আগতে  এটা বৰ আশ্বৰ্যজনক  তথ্য দাঙি ধৰি এই কথা প্ৰকাশ কৰিছিল যে  সমগ্ৰ বিশ্বত প্ৰচলিত প্ৰায় সাত হাজাৰটা ভাষাৰ ভিতৰত প্ৰায় নব্বৈ শতাংশ ভাষাৰে মৃত্যু ঘটিব ২০৫০ চনৰ ভিতৰত।  ইউনেস্ক'ৰ দৰে সংস্থাইয়ো এই তথ্য মানি লৈছে আৰু ইতিমধ্যে বহুকেইটা ভাষাৰ মৃত্যু হোৱা তথ্য প্ৰকাশ কৰিছে।ইউনেস্কৰ  তথ্যমতে অকল ভাৰতবৰ্ষতে প্ৰায় ১৯৬ টা ভাষাৰ মৃত্যু ঘটিছে আৰু কেইবাটাও ভাষাৰ অস্তিত্ব আজি সংকটত।অস্তিত্বৰ সংকটত ভূগি থকা ভাষাসমূহৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ লগতে অসমৰো কেইটামান জনগোষ্ঠীৰ ভাষা। এই তথ্যই স্বাভাৱিকতে আমাক শংকিত কৰি তোলে। কাৰণ, ভাষাতত্ববিদ সকলৰ মতে, পৃথিৱীত সেই জাতি বা জনগোষ্ঠীৰ ভাষাই জীয়াই থাকে যাৰ নিজস্ব লিপি থাকে। অসমৰ জনগোষ্ঠীয় কোনো ভাষাৰে ক'বলৈ গ'লে নিজা লিপি নাই। এনে পৰিস্থিতিত জনগোষ্ঠীয় ভাষাসমূহক জীয়াই ৰাখিবলৈ হ'লে আমি জনগোষ্ঠীয় ভাষা বা শব্দসমূহক আকোঁৱালী ল' বই লাগিব। আমি যিদৰে উৰ্দু, আৰৱী, পাৰ্চী, ইংৰাজী আদি বিদেশী মূলৰ শব্দসমূহত আকোঁৱালী খাটি অসমীয়া ৰূপ দিলোঁ, সেইদৰে জনগোষ্ঠীয় শব্দসমূহকো আকোঁৱালী ব্যাপক ৰূপত ব্যৱহাৰ কৰিব লাগিব। দ্বিতীয়তে, ভাষা এটা জীষাই থাকিবলৈ হ'লে লিপিৰ প্ৰয়োজন। জনগোষ্ঠীয় লোকসকলে অসমীয়া লিপি উদাৰতাৰে গ্ৰহণ কৰিব লাগিব। তেতিয়াহে জনগোষ্ঠীয় ভাষাসমূহৰ লগতে অসমীয়া ভাষাও জীয়াই থাকিব। এই ক্ষেত্ৰত জনগোষ্ঠীয় ভাষা আৰু শব্দাৱলীৰ সংৰক্ষণ, অভিধান প্ৰণয়ন আদিৰ দৰে কামত যথেষ্ট গুৰুত্ব দিব লাগিব। (সমাপ্ত) 


  বি:দ্ৰ:  'অসম আদিত্য'(মাৰ্চ ২০২৬)ত প্ৰকাশিত। 

বিহুৰ ঐতিহ্য আৰু সংকট

      বিহুৰ ঐতিহ্য  আৰু সংকট

                                                  - বীৰ্কে বি থাপা


     অসমৰ জাতীয় উৎসৱ বিহুৰ উৎপত্তি সন্দৰ্ভত ভিন্ন জনে ভিন্ন মত পোষণ কৰা দেখা যায়। সংস্কৃত 

'বিষুবত' শব্দৰ পৰা ' বিহু' শব্দৰ উৎপত্তি হোৱা বুলি বহুতে ক'ব খোজে যদিও সেয়া বৰ যুক্তিসংগত যেন নালাগে। কাৰণ,ভাৰতবৰ্ষত বৈদিক আৰ্যসকলে প্ৰৱেশ কৰাৰ পূৰ্বৰে পৰা অসমত বহু হাজাৰ বছৰ ধৰি বসবাস কৰি থকা  বিভিন্ন জনগোষ্ঠীয় সমাজত বিহুৰ প্ৰচলন আছিল। দ্বিতীয়তে, বিহুৰ যি স্বকীয় ৰূপ সেয়া অসমৰ বাহিৰে ভাৰতবৰ্ষৰ অন্য কোনো প্ৰান্ততে দেখিবলৈ পোৱা নাযায়। অৱশ্যে এই কথা সত্য যে বছৰৰ প্ৰথম মাহ হিচাপে বহাগক আদৰা পৰম্পৰা এটা অসমৰ দৰে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য তথা এচিয়াৰ দেশসমূহতো আছে।সেইদৰে বসন্ত উৎসৱ ৰূপেও বহাগ মাহটো পৃথিৱীৰ বিভিন্ন দেশত বসন্ত উৎসৱ ৰূপে পালন কৰা পৰিলক্ষিত হয়। 

     অসমৰ ক্ষেত্ৰত দেখা যায় যে ফাগুন মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ চ'ত আৰু ব'হাগ মাহৰ প্ৰায় শেষলৈকে ইয়াত বসন্ত কাল অনুভূত হয়। এই ঋতুত প্ৰকৃতিয়ে  ন- কুঁহি পাত,ফুল-ফুল, কুলি-কেতেকীৰ মাতেৰে ন-ৰূপ লয়। ন-পানীৰ ঢলে পথাৰৰ মাটি তিয়াই পেলোৱা এই সময়ছোৱাতে অসমত গঞা, কৃষিজীৱি লোকসকলে খেতিখোলাৰ কামো আৰম্ভ কৰে।  ন-উদ্দীপনাৰে সাৰ পাই উঠা এই সময়ছোৱাতে সকলোৰে প্ৰাণত প্ৰকৃতিৰ সৈতে একাত্ম হৈ বসন্তক উদযাপন কৰাৰ উদগ্ৰীৱ বাসনা জাগি উঠে। 

    অসমৰ জাতীয় জীৱনত বিহুৰ স্বকীয় ৰূপ আৰু বৈশিষ্ট্য আছে। লক্ষণীয় যে,বিহু বুলি ক'লে অসমত বহাগ বিহু,মাঘ বিহু আৰু কাতি বিহু-এই তিনিটা বিহু পালন কৰা হয়।এই তিনিওটা বিহুৰে সুকীয়া সুকীয়াকৈ প্ৰত্যেকৰে স্বকীয় আৰু তাৎপৰ্যপূৰ্ণ বৈশিষ্ট্য আছে। অসমত পালন কৰা  বিহুক মূলত: অনাৰ্য অৱদান বুলি ক'লেও বহুখিনি বৈদিক আৰ্যীয় বৈশিষ্ট্যও পৰিলক্ষিত হয়। বিশেষকৈ মাঘ বিহুত মেজি জ্বলাই অগ্নিদেৱতাক সেৱা কৰা বা কাতিবিহুত লখিমী আইক উদ্দেশ্যি চাকি-বন্তি জ্বলোৱা পৰম্পৰাৰ সৈতে বৈদিক পৰম্পৰাৰ ঘনিষ্ট সম্পৰ্ক থকা বিষয়টোক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে বিহুক বৈদিক আৰ্য আৰু অনাৰ্য পৰম্পৰাৰ সন্মিলিত ৰূপ বুলিও ক'ব পাৰি। সম্ভৱত: এয়া অনাৰ্যসকলৰ বিহুত আৰ্যসকলৰ প্ৰভাৱ। 

    অসমত বসবাস কৰি থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বহু প্ৰাচীন কালৰে পৰা বিহু পালন কৰি অহা কথা জানিব পৰা যায়।কিন্তু এই বিহু প্ৰথমে কোনটো জনগোষ্ঠীয়ে পালন কৰিছিল সেয়া সঠিককৈ ক'ব নোৱাৰি।এইক্ষেত্ৰত অসমৰ বিভিন্ন জনগোষ্ঠীয়ে আগবঢ়োৱা যুক্তিসমূহ  সমানে তাৎপৰ্যপূৰ্ণ। বহুতে ক'ব খোজে যে টাই ভাষাত 'পয়' মানে উৎসৱ আৰু 'হু' মানে গৰু, অৰ্থাৎ গো-উৎসৱ। এই 'পয়-হু'ৰ পৰাই অপ্ৰভ্ৰংশ হৈ 'বিহু' শব্দৰ উৎপত্তি হৈছে। কৃষিজীৱি সাধাৰণ লোকসকলৰ বাবে গৰু অত্যন্ত মূল্যবান সম্পদ। গৰু অবিহনে হাল বাব নোৱাৰি। সেয়ে খেতি-খোলাৰ কাম আৰম্ভ কৰাৰ আগে আগে গো-সেৱা কৰা এটা লোকাচাৰ হ'ব পাৰে।বড়োসকলেও তেওঁলোকৰ বিহু ' বৈচাগু'ত প্ৰথম দিনাই পুৱাৰ ভাগত গৰুক গা-ধোৱাই গো-সেৱা কৰে। সেই অৰ্থত' বিহু ' শব্দৰ উৎপত্তি সম্পৰ্কীয় যুক্তি অখণ্ডণীয় যদিও টাই আহোমসকলৰ আদিম বৃত্তি সম্পৰ্কীয় কথাবোৰো জুকিয়াই চাব লাগিব। সেয়া অৱশ্যেই অধ্যয়নৰ বিষয়। আনহাতে চুতীয়াসকলৰ মতে, বিহু শব্দৰ উৎপত্তি হৈছে' বিচু'ৰ পৰা। তেওঁলোকৰ ভাষাত' বি' মানে 'অতি' আৰু 'চু' মানে' আনন্দময়'। অৰ্থাৎ বহাগ বিহুৰ সময়ছোৱাত অতি আনন্দময় পৰিৱেশৰ সৃষ্টি হয় বাবেই চুতীয়াসকলে বিহুক 'বিচু' বুলিছিল। এই যুক্তিও তাৎপৰ্যপূৰ্ণ। 

     সি যি কি নহওক, ইতিহাসবিদসকলৰ মতে, কৃষিকাৰ্য  পোন প্ৰথমে আৰম্ভ কৰিছিল অষ্ট্ৰ-এচিয়াটিক আৰু তিব্বতো-বৰ্মী মংগোলীয়সকলে। গতিকে বহু হাজাৰ বছৰ পূৰ্বে  অসমত পদাৰ্পন কৰা  তিব্বতো-বৰ্মী মংগোলীয় গোষ্ঠীৰ( বড়ো-কছাৰী , ৰাভা, মেচ, চুতীয়া, দেউৰী, সোনোৱাল, মৰাণ-মটক, কোঁচ, ডিমাছা, লালুং, গাৰো আদি) কৃষিজীৱি লোকসকলৰ পৰাই বিহুৰ পৰম্পৰা আৰম্ভ হোৱা বুলি ক'ব পাৰি। এইসকল

জনগোষ্ঠীৰ কৃষিজীৱি লোকে স্বকীয় নিয়মানুসৰি নিজ নিজ অঞ্চলত পালন কৰা বিহুৱে কালক্ৰমত এক সাৰ্বজনীন ৰূপ লাভ কৰি অসমৰ জাতীয় উৎসৱলৈ পৰিণত হৈছিল।

    কোৱা হয়, চুতীয়া ৰজা সকলৰ দিনতে বিহুৱে ৰাজকীয় স্বীকৃতি লাভ কৰিছিল।চুতীয়াসকলৰ ৰাজত্বৰ সময়ছোৱাত  চাৰি শাল গোসাঁনীক স্মৰণ কৰি পুৰোহিত দেউৰীসকলে বিহু নমাইছিল।সেইদৰে সোনোৱালসকলেও বাইথ' মন্দিৰত খ্ৰীং দেৱতালৈ পূজা-সেৱা আগবঢ়াই হায়দাং গীত গাই অতীতৰে পৰা  বিহু নমোৱা পৰম্পৰা চলি আহিছে। 

     চুতীয়াসকলৰ ৰাজত্বকালত ৰাজকীয় স্বীকৃতি  লাভ কৰা বিহুক আহোম স্বৰ্গদেউসকলেও মৰ্যদা প্ৰদান কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহই  বিহুলৈ ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়োৱাৰ উপৰিও গছ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনিছিল বুলি কোৱা হয়। অৱশ্যে আহোমৰ ৰাজত্বকালত ৰচিত বুৰঞ্জীপুথিসমূহত এই কথাৰ উল্লেখ নথকা হেতুকে ই এতিয়াও অধ্যয়নৰ বিষয় হৈ আছে। 

    সপ্তদশ শতিকাত আহোম স্বৰ্গদেউসকলে হিন্দুধৰ্ম গ্ৰহণ কৰি বৰৰজা ফুলেশ্বৰীৰ সময়ছোৱাৰ  পৰা দুৰ্গা গোঁসানীৰ পূজা কৰিবলৈ লোৱাৰ পৰা বিহুত তাৰ কিছু প্ৰভাৱ পৰা বুলি অনুমান কৰিব পাৰি। এই প্ৰভাৱৰ ফলস্বৰূপে হুঁচৰি আৰু বিহুনামসমূহত 'গোঁসানী'ৰ উল্লেখ হ'বলৈ আৰম্ভ কৰিছিল। দ্বিতীয়তে, সাধাৰণ জনতাই সেইকালত প্ৰথমে ৰজাঘৰত আৰু তাৰ পাছত ডা-ডাঙৰীয়াসকলৰ ঘৰত হুঁচৰি মাৰি বিহু আৰম্ভ কৰিছিল। 

     শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তন কৰাৰ পাছৰে পৰা হুঁচৰি আৰু বিহুনামবোৰত' গোঁসানী'ৰ পৰিৱৰ্তে 'কৃষ্ণ/ৰাম'ৰ নাম লোৱা আৰম্ভ হৈছিল। উল্লেখযোগ্য যে ৰাজ কাৰেং বা ডা-ডাঙৰীয়াসকলৰ ঘৰত মৰা হুঁচৰি আৰু হুঁচৰি- বিহুত চুৰিয়া ভৰিৰ গাঁঠিলৈকে দীঘলকৈ পিন্ধাৰ নিয়ম আছিল। এই পৰম্পৰাৰে এতিয়াও বহু সমাজত চুৰিয়া দীঘলকৈ পিন্ধা নিয়ম বলবৎ আছে। আনহাতে কৃষিজীৱি, জনগোষ্ঠীয় সমাজসমূহত চুৰিয়া আঁঠুলৈকে, চুটিকৈ পিন্ধাৰহে পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে। 

    বিহুৰ এটা তাৎপৰ্যপূৰ্ণ বৈশিষ্ট্য হৈছে - বিহুৰ সৈতে সম্পৰ্কিত লোকাচাৰসমূহত প্ৰতিফলিত হৈ উঠা কৃষিজীৱি লোকসকলৰ সামাজিক লোকাচাৰসমূহ। বিহুৰ সৈতে সম্পৰ্কিত গীত-মাতসমূহতো গ্ৰাম্য-সমাজ আৰু প্ৰকৃতিৰ চিত্ৰ সুন্দৰ ৰূপত  প্ৰতিফলন ঘটা পৰিলক্ষিত হয়। এই গীতমাতবোৰ মূলসূঁতিৰ অসমীয়া গীত-মাতেই হওক বা জনগোষ্ঠীয় গীত-মাতেই হওক, যথেষ্ট সাদৃশ্য লক্ষ কৰা যায়। উদাহৰণ স্বৰূপে, অসমীয়া বিহু নামসমূহত প্ৰতিফলিত হোৱা প্ৰকৃতি আৰু গ্ৰাম্য জীৱনৰ বৰ্ণনা, প্ৰেম-প্ৰণয়, দুখ-বেদনা, সামাজিক বৈষম্য আদিৰ চিত্ৰ জনগোষ্ঠীয় গীত-মাতসমূহতো সমানে প্ৰতিফলিত হৈছে।  দ্বিতীয়তে, বিহুৰ এক অবিচ্ছেদ্য বাদ্য হৈছে ঢোল। অৱশ্যে মূলসুঁতিৰ অসমীয়া আৰু অসমৰ অন্যান্য জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰা ঢোলৰ গঠন, আকাৰ আৰু বাদন-শৈলীৰ মাজত পাৰ্থক্য আছে। সেইদৰে হঁচৰি, বিহুনাম, গছতলৰ বিহু, গাভৰু বিহু আদিত ব্যৱহৃত  বাদ্য, যেনে- পেঁপা, গগণা, টকা, সুতুলি বা 

অন্যান্য জনগোষ্ঠীয় বাদ্যসমূহৰ তথা নাচোন-ভংগীমাৰ স্বকীয় বৈশিষ্ট্য আছে। ভাৰতীয় ধ্ৰুপদী সংগীত বা ধ্ৰুপদী নৃত্যৰ পৰা পৃথক যদিও বিহুৰ সৈতে সম্পৰ্কিত গীত-মাত, নাচোন-ভংগী, বাদ্যযন্ত্ৰ আদি স্বকীয় বৈশিষ্ট্যৰে পূৰ্ণ। 

   বিহুত পৰিধান কৰা  সাজ-পাৰ, আ-অলংকাৰ আদিয়েও বিহুৰ সৌন্দৰ্যক অনন্য ৰূপত তুলি ধৰে। 

বিহুৱতী গাভৰুৱে পৰিধান কৰা মুগাৰ চাদৰ- মেখেলা, ৰিহা,হাঁচতি,জোনবিৰি, ঢোলবিৰি, গামখাৰু, কেৰু, মণি, থুৰীয়া, কপৌ ফুল, দুহাতৰ জেতুকা আৰু বিহুৱা ডেকাই পৰিধান কৰা কপাহী চুৰীয়া, হাত-কটা চোলা, টঙালী, ফুলাম গামোচা আদিয়েও চিৰ যুগমীয়া অসমীয়া কৃষ্টি-সংস্কৃতিক প্ৰতিফলিত কৰে। সেইদৰে বিহুত ব্যৱহৃত অন্যান্য জনগোষ্ঠীয় সাজ-পাৰ, অলংকাৰ আদিয়েও বৃহত্তৰ অসমীয়া সংস্কৃতিৰ সমৃদ্ধ ঐতিহ্য আৰু সৌন্দৰ্যক প্ৰতিবিম্বিত কৰে। 

     সময়ৰ সোঁতত বিহুৱে গৈ এদিন মঞ্চত স্থান লাভ কৰিছিল। প্ৰকাশিত তথ্য মতে,   ১৯২৯ চনত পোনপ্ৰথমবাৰৰ বাবে গোলাঘাটৰ বেতিয়নীত বিহু

মঞ্চত বিহু প্ৰদৰ্শন কৰা হৈছিল।তাৰ পাছত ১৯৪১   মঞ্চ বিহুৰ আয়োজন কৰা হয় শিৱসাগৰত। অৱশেষত ৰাধাগোবিন্দ বৰুৱাৰ  পৃষ্ঠপোষকতাত

১৯৫১ চনত গুৱাহাটীত আয়োজিত বিহু সন্মিলনৰ পাছৰে পৰা  মঞ্চ- বিহুৱে সমগ্ৰ অসমজুৰি জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰে। 

    মঞ্চ-বিহুয়ে বিপুল জনপ্ৰিয়তা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ কেতবোৰ ইতিবাচক দিশ অৱশ্যেই পৰিলক্ষিত হয়। বিশেষকৈ, এই কথা সকলোৰে জ্ঞাত যে  পশ্চিমীয়া আৰু বঙলা শিক্ষা-সংস্কৃতিৰে উঠি অহা অসমৰ একাংশ মধ্যবিত্তীয় শ্ৰেণীয়ে ফোপোলা অহংকাৰত মত্ত হৈ 

এসময়ত বিহুক বৰ বেয়াকৈ তুচ্ছ-তাচ্ছিল্য কৰিছিল। মঞ্চ-বিহুৰ জনপ্ৰিয়তা তেনে তুচ্ছ - তাচ্ছিল্যৰ বিৰূদ্ধে এক প্ৰত্যাহ্বান হৈ থিয় দিলে। তাৰ লগে লগে বিহুনাম আৰু বিহু-নাচসমূহে মঞ্চত এক সমাহিত ৰূপো পৰিগ্ৰহণ কৰিলে। মঞ্চত প্ৰদৰ্শিত হোৱাত বিহুৰ স্বকীয় সৌন্দৰ্য আৰু গৰিমা অসম তথা ভাৰতবৰ্ষৰ বাহিৰৰ লোকসকলৰো দৃষ্টিগোচৰ হোৱাৰ বাট মুকলি হ'ল। 

     কিন্তু মঞ্চ-বিহুত দেখা দিয়া কেতবোৰ নেতিবাচক দিশো আমি আওকান কৰিব নোৱাৰোঁ।

বিশেষকৈ, মঞ্চ-বিহুসমূহ ঘাইকৈ প্ৰদৰ্শনকেন্দ্ৰিক হৈ পৰাত বিহুনাম, বিহুনাচ, সাজ-সজ্জা আদিত বহুখিনি কৃত্ৰিমতা আহি পৰিল। ফলত বিহুৰ যি স্বাভাৱিক সৰল সৌন্দৰ্য সেয়া বহুখিনি লোপ পালে। দ্বিতীয়তে, বিহু-মঞ্চসমূহত 'প্ৰতিযোগিতা' এক অবিচ্ছেদ্য অংগ হৈ পৰাত বিহুৰ কিছুমান নিৰ্দিষ্ট নিয়মাৱলী প্ৰৱৰ্তন কৰা হ'ল। ' বিহু সুৰক্ষা সমিতি'ৰ দৰে অনুষ্ঠানসমূহে প্ৰৱৰ্তন কৰা নিয়মাৱলীক কিন্তু আজিকোপতি সাৰ্বজনীন ৰূপত গ্ৰহণ কৰিব পৰা নগ'ল। আমি জনা মতে, বিহু বিশেষজ্ঞ প্ৰয়াত জয়কান্ত গন্ধিয়াদেৱে প্ৰস্তুত কৰি উলিওৱা বিহুৰ নিয়মাৱলী সম্পৰ্কতো এসময়ত যথেষ্ট বাক-বিতণ্ডাৰ উদ্ভৱ হৈছিল। আৰু বাক-বিতণ্ডা হোৱাটোও স্বাভাৱিক, কাৰণ বিহুৰ সৈতে সম্পৰ্কিত গীত-মাত, নাচোন-ভংগী, সাজ-সজ্জা আদি অসমৰ সকলো অঞ্চলত একে নহয়। অসমৰ প্ৰতিটো জনগোষ্ঠীৰে বিহুৰ স্বকীয় ৰূপ আৰু বৈশিষ্ট্য আছে। বিহুৰ এই আঞ্চলিক-বৈশিষ্ট্য ৰক্ষা কৰি সৰ্বগ্ৰহণযোগ্য নিয়মাৱলী প্ৰস্তুত কৰা বৰ সহজ নহয়। তাৰোপৰি প্ৰতিযোগিতাসমূহত নিযুক্ত বিচাৰকসকলৰ বাবে  সকলোবোৰ জনগোষ্ঠীয় বিহুৰ আঞ্চলিক-বৈশিষ্ট্য সম্পৰ্কে বিস্তৃত জ্ঞান থকা 

অত্যন্ত আৱশ্যক। সকলো বিচাৰকৰ সেই বিস্তৃত জ্ঞান থাকেনে? গুৱাহাটীত অনুষ্ঠিত বিহু সন্মিলন এখনত প্ৰতিযোগিতাৰ বাবে অংশ গ্ৰহণ কৰা বড়ো জনগোষ্ঠীয় বিহুৰ দল এটাক বিস্তৃত জ্ঞান নথকাকৈ কিদৰে, কিহৰ ভিত্তিত বিচাৰ কৰা হ'ব? সেইদৰে বিহু- সন্মিলনৰ প্ৰতিযোগিতাসমূহত সততে পৰিলক্ষিত হোৱা এটা সমস্যা হৈছে- একে কেইগৰাকী বিচাৰককে সকলোবোৰ প্ৰতিযোগিতাৰ বিচাৰ কৰাৰ দায়িত্ব দিয়া হয়। প্ৰশ্ন হ'ল- ঢোল বাদন সম্পৰ্কে জ্ঞান নথকা বিচাৰক এগৰাকীয়ে এই প্ৰতিযোগিতাৰ বিচাৰ কিদৰে কৰিব? 

    আজিকালি বিহু সন্মিলনসমূহত আয়োজন কৰা বিহুৱতী, বৰ- বিহুৱতী, বিহুৱা, বৰ-বিহুৱা আদিৰ দৰে প্ৰতিযোগিতাসমূহতো অলেখ বিসংগতি দেখিবলৈ পোৱা যায়। সততে ব্যৱহৃত বিহু-ৰাণী, বিহু-সম্ৰাজ্ঞী আদি অভিধা সম্পৰ্কেও বিভিন্ন আলোচনা-সমালোচনা হৈ আছে। এক প্ৰকাৰে 'বিউটি কনটেষ্ট' লৈ ৰূপান্তৰিত হোৱা এনে প্ৰতিযোগিতাৰ পৰম্পৰা পূৰ্বতে আছিলনে?

    মঞ্চত প্ৰদৰ্শিত বিহুৰ আধুনিক নাচোন-ভংগী, সাজ-সজ্জা বা  শ্ৰব্য-কেছেটৰ আধুনিক বিহুসুৰীয়া গীতৰ ব্যৱহাৰ আদি কিমান গ্ৰহণযোগ্য? সঁচা কথা যে ৰূপান্তৰ লাগিব, ৰূপান্তৰ অবিহনে প্ৰগতি সম্ভৱ নহয়। কিন্তু বিহুৰ আধুনিকীকৰণে বিহুৰ স্বকীয়তাক ৰক্ষা কৰিব পাৰিবনে,  সেয়াও এক প্ৰশ্ন। 

    সেইদৰে এনে প্ৰশ্নও আমাৰ মনত সততে উদয় হয় যে সাংস্কৃতিক সন্ধিয়াৰ নামত বিহু সন্মিলনসমূহে তথাকথিত 'আৰ্টিষ্ট' ক দিবৰ বাবে লাখ-লাখ টকা খৰচ কৰে। সেয়া প্ৰয়োজন নে? এই কথা স্বীকাৰ কৰিব লাগিব যে উঠি অহা প্ৰজন্মৰ গায়ক-গায়িকাসকলক বিহুমঞ্চসমূহত গীত পৰিৱেশন কৰাৰ সুযোগ প্ৰদান কৰাৰ প্ৰয়োজনীয়তা অৱশ্যেই আছে। কিন্তু তাৰ লগে লগে স্থানীয় বা থলুৱা শিল্পীসকলকো বিহু মঞ্চসমূহত সন্মান প্ৰদৰ্শন কৰা উচিত নহয়নে? এনেবোৰ কথাত কিয় গুৰুত্ব দিয়া নহয়? (সমাপ্ত) 


বি:দ্ৰ:  'অসম আদিত্য' (এপ্ৰিল ২০২৬)ত প্ৰকাশিত। 

     

   

সুগন্ধিত শব্দৰ কবি যোগেশ্বৰ মৰাণৰ কাব্য-বৈশিষ্ট্য

 

সুগন্ধিত শব্দৰ কবি যোগেশ্বৰ মৰাণৰ কাব্য-বৈশিষ্ট্য

                                                     - বীৰ্কে বি থাপা

     সুগন্ধিত শব্দৰ কবি প্ৰয়াত যোগেশ্বৰ মৰাণদেৱক মই এবাৰেই লগ পাইছিলোঁ। সেয়াও আজিৰ পৰা প্ৰায় এঘাৰ বছৰ পূৰ্বে ২০১৫় চনত। সেই বছৰ ১৭ জানুৱাৰী তাৰিখে অসম- অৰুণাচল সীমান্তৰ বৰডুমচাৰ নিকটৱৰ্তী ৰতনী পথাৰ গাঁৱত  অনুষ্ঠিত হৈছিল 'বুঢ়ীদিহিং শাখা সাহিত্য সভা'ৰ ত্ৰয়োবিংশতিতম অধিৱেশন । অধিৱেশন উপলক্ষে আয়োজন কৰা  কবি সন্মিলনখনি উদ্বোধন কৰিবলৈ মোক মতা হৈছিল। মাঘ মাহৰ জাৰ জাৰ লগা সন্ধিয়া কবি সন্মিলনখনি উদ্বোধন কৰিবলৈ গৈ অভিভূত হৈ পৰিছিলোঁ-বুঢ়ীদিহিঙৰ পাৰৰ কবিসকলৰ কবিতা পাঠ শুনি।অভিভূত হৈছিলোঁ- এই কবিসকলৰ কবিতাত জীৱন সম্পৰ্কীয় গভীৰ উপলদ্ধি আৰু সমাজচেতনাৰ মূৰ্ত প্ৰকাশ দেখি।

     সি যি কি নহওক, কবি সন্মিলন' খনি সঞ্চালনা কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল অসমীয়া কাব্য জগতত 'মেঘালী ফুকন' ৰূপে পৰিচিতা, ডুমডুমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা তথা পৰৱৰ্তীকালত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পদ অলংকৃত কৰা  ড:অৰুণা গগৈ বৰুৱা বাইদেউক। কিন্তু অসুস্থতাৰ বাবে তেখেত যাব নোৱাৰাত এই দায়িত্ব দিয়া হয় স্থানীয় কবি অমৃত সাগৰ ওৰফে প্ৰয়াত যোগেশ্বৰ মৰাণদেৱক। সেইবাৰেই মই তেখেতক প্ৰথম লগ পাওঁ। পাছত আৰু লগ পোৱা নহ'ল যদিও টেলিফোনিক যোগাযোগ মাজে সময়ে হৈছিল।তেখেতৰ অত্যন্ত  বিনম্ৰ আৰু আত্মীয়তাপূৰ্ণ কথা-বতৰাই মোক বৰকৈ মুগ্ধ কৰিছিল। 

    কবি যোগেশ্বৰ মৰাণৰ প্ৰথমখন কাব্যগ্ৰন্থ

'প্ৰেমৰ কোনো আৱৰণ নাই' প্ৰকাশ হৈছিল ২০০৭ চনত। তাৰ দহবছৰ পাছত ২০১৭ আৰু ২০১৮ চনত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল ক্ৰমে

' নদীয়ে এৰি যোৱা নদীৰ যন্ত্ৰণাৰে'  আৰু 'আত্মকথা'।২০১৮ চনত আকস্মিকতে আমাৰ মাজৰ পৰা হেৰাই যোৱা কবি যোগেশ্বৰ মৰাণদেৱে

এই তিনিখন কাব্যগ্ৰন্থ প্ৰকাশ কৰাৰ উপৰিও  বিভিন্ন কাকত-আলোচনী আৰু স্মৃতিগ্ৰন্থসমূহত কবিতা ৰচনা কৰি সকলোৰে পৰিচিত হৈ পৰিছিল। উল্লেখযোগ্য যে তেখেতে ৰচনা কৰা  সমস্ত কবিতা আৰু গীতৰ একত্ৰ সংকলন 'কথাবোৰ ক'ব পৰা হ'লে' প্ৰকাশ কৰি উলিয়াইছে বৰডুমচা শতদল সাহিত্য সভা আৰু বৰডুমচা কবি সন্মিলনে যুটীয়াভাৱে ২০২৩ চনত।  

   ১৯৭৩ চনত এক নং মহং গাঁৱত জন্মগ্ৰহণ কৰা যোগেশ্বৰ মৰাণে তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত কিছুকাল চাহপাতৰ ব্যৱসায় কৰে।তাৰ পাছতে তেখেতে 'মাধৱপুৰ জাতীয় বিদ্যালয়' প্ৰতিষ্ঠা কৰে আৰু বিদ্যালয়খনতে নিজৰ সমগ্ৰ জীৱন উচৰ্গা কৰে। 

    দূৰ-শিক্ষাৰ জৰিয়তে অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা যোগেশ্বৰ মৰাণৰ ৰুচি আছিল কবিতাৰ প্ৰতি। ২০০৭ চনত প্ৰকাশিত প্ৰথমখন কাব্যগ্ৰন্থ ('প্ৰেমৰ কোনো আৱৰণ নাই')ৰ নামকৰণৰ পৰা সন্নিৱিষ্ট কবিতাসমূহৰ বিষয়বস্তু মূলত: প্ৰেম যেন লাগিলেও প্ৰেমৰ উপৰিও জীৱন আৰু পাৰিপাৰ্শ্বিক জগত সম্পৰ্কতো কবিৰ নিজস্ব বোধ বা দৃষ্টিভংগী প্ৰতিফলিত হৈছে।     

    এই কথা অৱশ্যেই মন কৰিবলগীয়া যে প্ৰথমখন কাব্যগ্ৰন্থত সন্নিৱিষ্ট 'জোনাকত', 'আচলতে প্ৰেম', 'অনুভৱ', 'এখন প্ৰেমৰ চিঠি', 'প্ৰতিশ্ৰুতি', 'উতলা যৌৱন', 'তোমাৰ কথা ভাৱি' আৰু 'ভেলেণ্টাইন ডে' আদিৰ দৰে কবিতাসমূহৰ নিৰ্মানশৈলী সুন্দৰ যদিও বিষয়বস্তুৰ গভীৰতা বিশেষ পৰিলক্ষিত নহয়।  কিন্তু তেখেতৰ প্ৰেমবিষয়ক সকলোবোৰ কবিতাক উতনুৱা যৌৱনৰ চঞ্চল প্ৰতিচ্ছবি বুলিও ক'ব নোৱাৰি।উদাহৰণস্বৰূপে, 'আচলতে প্ৰেম' শীৰ্ষক কবিতাত কবিয়ে প্ৰেম সম্পৰ্কে তেখেতৰ নিজস্ব ধাৰণা ব্যক্ত কৰিবলৈ চেষ্টা কৰিছে। তেখেতৰ দৃষ্টিত প্ৰেম হৈছে এক' অবিনশ্বৰ সত্তা'-

     প্ৰেমৰ কোনো আৱৰণ নাই

     নাই নিজস্ব ৰং - - - 


     প্ৰেম নহয় যৌৱনৰ এচাটি বতাহ

     ব'হাগৰ জীপাল পৰশ লাগি 

     উজ্জীৱিত হোৱা

     নহয় নতুন উন্মাদনা - - -


     আচলতে

     প্ৰেম এক মহিমামণ্ডিত অবিনশ্বৰ সত্তা

                                        (আচলতে প্ৰেম) 

     কিন্তুু, কবিয়ে এই কথাও লক্ষ কৰিছে যে আজিৰ যুগত 'প্ৰেম ' নামৰ এই অবিনশ্বৰ সত্তাক হত্যা কৰা হৈছে। প্ৰেমৰ ঠাইত আজি ঘৃণাৰ জুই বিয়পাই দিয়া হৈছে। সেয়ে কবিয়ে লিখিছে-

     তোমাক লগ পোৱাৰ 

     প্ৰথম নিশাতেই

     মই মোক হত্যা কৰিছোঁ

     দলিয়াই পেলাইছোঁ মোৰ ঠিকনা


     সেউজীয়া হাঁহি থকা

     মোৰ প্ৰেমৰ পথাৰত তুলি ধৰিছোঁ

     একুৰা জুই

     যি দহিব পাৰে

     মানুহৰ ভালপোৱা


     আচলতে 

     ইয়াত হৃদয় নামৰ একোৱেই নাই

     নদীৰো গভীৰতা নাই

     ৰাতিবোৰ দিন

     দিনবোৰ ৰাতি 

                                         (বিপৰ্যয়) 

     যোগেশ্বৰ মৰাণৰ প্ৰকাশিত তিনিওখন কাব্যগ্ৰন্থৰে সামগ্ৰিকভাৱে  সূক্ষ্ম পৰ্যৱেক্ষণ কৰি ক'ব পাৰি যে তেখেতৰ বহুকেইটা কবিতাত জীৱন সম্পৰ্কীয় গভীৰ অন্তৰ্দৃষ্টি সুন্দৰৰূপত প্ৰতিফলিত হৈ উঠিছে। 

    যোগেশ্বৰ মৰাণৰ কবিতাসমূহত পৰিলক্ষিত হোৱা বৈশিষ্ট্যসমূহৰ সম্পৰ্কত ক'বলৈ হ'লে প্ৰথম কথা হ' ল - তিনিওখন কাব্যগ্ৰন্থতে কবিৰ ব্যক্তিগত প্ৰেমে স্থান লাভ কৰিছে। তেখেতৰ  'আহ্বান-১' শীৰ্ষক কবিতাৰ পঠনে আমাক এই উপলদ্ধি আনি দিয়ে যে প্ৰেম যেন স্মৃতিৰ এখনি নৈ হৈ কবিৰ হৃদয়ত বৈ আছে।এই স্মৃতিৰ পটত কেতিয়াবা প্ৰেয়সীৰ মুখখনিয়ে 'শস্যগৰ্ভা আঘোণৰ সোনালী হাঁহি' হৈয়ো ধৰা দিছে। এই প্ৰেমেই কবিৰ প্ৰেৰণা। তেখেতে লিখিছে-'কবিতাইতো প্ৰেমৰ অমৃত বাণী'। মন কৰিবলগীয়া কথা এয়ে যে যোগেশ্বৰ মৰাণৰ কবিতা ব্যক্তি-প্ৰেমৰ পৰা ক্ৰমশ: মানৱ-প্ৰেমলৈ পৰ্যৱেশিত হৈছে -     

   কবিতাইতো প্ৰেমৰ অমৃত বাণী

   দেৱদূতৰূপী ৰূপান্তৰৰ গান

   যি মানুহৰ হৃদয়ত ফুলাব পাৰে

   সৰগৰ পাৰিজাত 

   আহক, আমি পাঠ কৰোঁ 

   পোহৰৰ কবিতা

   মানুহৰ হৃদয়ত ফুলাওঁ ফুল

   আমাৰ পঠিত কবিতাৰ শব্দৰ বোকোচাত উঠি

   পাৰ হওঁ

   আহিব লগা ৰাতিৰ হ'ব পৰা দুৰ্যোগ

                                                ('আহ্বান-২) 

   সেইবাবেই  মানুহৰ প্ৰেমত অতল বিশ্বাস ৰখা কবিয়ে কেতিয়াও ঘৃণা বা হিংসাক প্ৰশ্ৰয় দিব নোৱাৰে, কোনো সন্ত্ৰাসবাদী বিপ্লৱী সংগঠনৰ নিৰ্মম হত্যাকাণ্ডক সমৰ্থন কৰিব নোৱাৰে। নিষিদ্ধ সংগঠনৰ দ্বাৰা সংঘটিত নিৰ্মম হত্যাকাণ্ডৰ দৰে ঘটনাক তেখেতে কবিতাৰে বিৰুধিতা কৰি লিখিছিল-

    তুমি যেতিয়াই বিচ্ছিন্নতাৰ ৰঙেৰে

    ৰাঙলি কৰিছা দুহাত

    অঁ ঠিক তেতিয়াই 

    মই মোৰ কলিজা ফালি 

    বোৱাইছোঁ তেজ

    বোৱাইছোঁ নদী

    উত্তাল কৰিছোঁ বতাহ


    মোৰ এটাই দুখ

    তুমি যি ভালপোৱা

    যি কাম কৰি তুমি সুখেৰে থাকা

    মই যে তাক ভাল পাব নোৱাৰোঁ

                                     (প্ৰত্যাহ্বান) 

    একে সময়তে শ্ৰেণীশোষণৰ বিৰূদ্ধেও কবিৰ উদ্গীৰিত ক্ষোভৰ বহি:প্ৰকাশ আমি দেখিবলৈ পাওঁ তেখেতৰ 'শুৰ পোক' নামৰ কবিতাটিত।কোৱা নিস্প্ৰয়োজন যে  কবিতাটিত 'শুৰপোক' নি:সন্দেহে শোষকৰ প্ৰতীক। 'শাণ দিয়া কাঁচি'ৰ  উল্লেখত আমি তেখেতৰ বামপন্থী প্ৰগতিবাদী চেতনাৰ সুৰ এটি ক্ষীণকৈ হ'লেও  অনুৰণিত হোৱা অনুভৱ কৰিব পাৰোঁ-

         থোকে থোকে 

         কুটি খালি

         মোৰ সপোন.. 

         শুৰপোক

         শুৰপোক

         আৰু নোজোকাবি মোক

         জানইতো 

         কমাৰশালত 

         শাণ দিছোঁ

         কাঁচিৰ চোক

      সেইদৰে সম্প্ৰতি ধৰ্মক কেন্দ্ৰ কৰি মানুহৰ মাজত গঢ় লৈ উঠা ধৰ্মীয় সাম্প্ৰদায়িক মনোভাৱৰ বিৰূদ্ধেও তেখেতে নিজৰ বীতশ্ৰদ্ধ মনোভাৱ প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। তেখেতে লিখিছে-

         মানৱীয়তাৰ লৌহ শিকলি ছিঙি

         সংকীৰ্ণতাৰ তাড়নাত মানুহ

         জাতি-বিজাতি

         দেশী বিদেশী

         ধৰ্ম- বিধৰ্মৰ ফোপোলা বৰ্ম পৰিধানেৰে

         আধ্যাত্মিকতাৰ অহমিকাত আৱদ্ধ


         আ:

         তেজৰো ইমান দুৰ্গন্ধ

         তেজে তেজৰো ইমান যে যুদ্ধ

                              (এটা চিঞৰৰ বাবে)

    আজিৰ যুগত ক্ষুদ্ৰ স্বাৰ্থৰ বাবে মানুহে মানুহৰ সৈতে সম্পৰ্ক ছিন্ন কৰে। এই কথাইয়ো কবিক ব্যথিত কৰিছে। ব্যথিত হৃদয়েৰে তেখেতে লিখিছে-

         সম্পৰ্কবোৰ শেষ হ' লেও

         ৰৈ যায় অৱশেষ

         স্মৃতিৰ বৰষুণ হৈ

         তিয়াই থাকে

         বুকুৰ প্ৰদেশ

                        ( সম্পৰ্কবোৰ শেষ হ'লেও) 


     দ্বিতীয়তে, কবি যোগেশ্বৰ মৰাণ লালিত হৈছিল দিহিঙপৰীয়া গাঁৱত।সেয়ে নৈৰ স'তে তেখেতৰ আজন্ম সম্পৰ্ক। এই নৈয়ে তেখেতৰ কবিতাৰ ভাৱজগতত যথেষ্ট ঠাই আগুৰি আছে।প্ৰায়বোৰ কবিতাতে তেখেতে নৈক এবাৰলৈ হ'লেও টানি আনিছে।কবিৰ বাবে -'এই নদীৰ উৰ্মিমালাই মোৰ/নি:সংগতাৰ সংগ '। 'অনুনয়' শীৰ্ষক কবিতাত তেখেতে লিখিছিল-

    মোক এই নদীৰ স'তেই সহবাস কৰিবলৈ দিয়া

    কাৰণ, এই নদীয়েই মোৰ ঘৰ

    মোৰ সোঁৱে - বাৱেঁ, উশাহে - নিশাহে 

    এই নদীয়েই সুবিস্তৃত জলধাৰ... 


     য'ত নদী নাই তেনে ঠাইলৈ মই

     কোনো দিনে যোৱা নাই

     তাত কোনো সুৰৰ লয়লাস অথবা

     মন উৰুওৱা ফাগুনৰ মলয়া নাই

     তাত তৃষ্ণাতুৰ মনৰ প্ৰাণ নাই

     নাই সপোনৰ ঢল... 

   

      নদীৰ দৰে অৰণ্যৰ সৈতেও কবিয়ে স্থাপন কৰিছে অনুৰূপ এক অন্তৰংগ সম্পৰ্ক-

       মোৰ বুকুৰ দুৱাৰ খুলি

       সোমাই আহিল 

       এখনি অৰণ্য

       অৰণ্যৰ স'তে লয়লাস গতিৰে

       এখনি নদী

       ফেনিল তৰংগ 

                                (অৰণ্য আৰু নদী) 


       হৃদয়ৰ আঁহে-পাহে অৰণ্যই

       আলফুলে মেলি দিছে তাৰ শিপা

       দুৰ্বিনীত সময়ৰ কুঁৱলী আঁতৰাই

       বোৱাই দিছে

       অৰণ্য সন্তান নদীৰ ফেনিল তৰংগ

       য' ত মই স্নান কৰোঁ পুৱা-গধূলি.. ।

                                           (অৰণ্যৰ স'তে) 

       এই নদীৰ প্ৰেমতে কবিয়ে তেখেতৰ  দ্বিতীয়খন কবিতাপুথিৰো নামকৰণ কৰিছে- 'নদীয়ে এৰি যোৱা নদীৰ যন্ত্ৰণাৰে'। 

        ঐতিহ্যপ্ৰীতি হৈছে যোগেশ্বৰ মৰাণৰ কবিতাৰ এক অন্যতম বৈশিষ্ট্য। তেখেতৰ কবিতাত সেয়ে অসমীয়া সমাজ-জীৱনৰ বিলুপ্তপ্ৰায় কিছু ঐতিহ্যপূৰ্ণ সামগ্ৰী যেনে তাঁত, ঢেঁকী আদিয়ে স্থান লাভ কৰিছে, যেনে-

  (১) তোৰ বাবেই 

        আইতাৰ দুচকুত উজলি উঠে

        বহাগ

        উদ্দাম হয় মাঘৰ মেজি

        বৰণি মাৰিৰ দুপাখিত

        উচ্ছল হয় সপোন নদী


        আজি তই নাই

        জীৰ্ণ কটৰা

        জীৰ্ণ খুবলি

        আইতাৰ স'তে তয়ো

        কিয় গুছি গ' লি

                                           (তাঁত) 

 (২)  ঢেং কুলুক 

        ঢেং কুলুক

        তোৰ সন্মোহন 

        জয়াল ৰাতিৰ নিস্তব্ধতা ভাঙি

        ৰিণিকি

        ৰিণিকি

        সাৰে আছে মোৰ গাঁও

        সাৰে আছে পৃথিৱী

                                             (ঢেঁকী) 

     শেষত, তেখেতৰ কবিতাৰ এক উল্লেখনীয় বৈশিষ্ট্য হৈছে - চিত্ৰকল্প। ভাৱৰ গভীৰতা নাথাকিলেও তেখেতৰ বহুকেইটা কবিতা কেৱল চিত্ৰকল্পৰ বাবেও সুন্দৰ হৈ উঠিছে। যেনে-

       শেৱালী যেতিয়া ফুলে

       কলপতীয়াৰঙী এটি বিষাদ

       গান হৈ ঘূৰি ফুৰে

       আন্ধাৰৰ

       আঁৰে আঁৰে


       মোৰ শিতানৰ দুয়োকাষে 

       কাকিনী পোহৰবোৰে জুম বান্ধে

       বতাহেও ল'ৰাব নোৱাৰা

       নিৰ্যাসবিহীন শুকান নৰাৰ দৰে

       স্থিৰ, নিৰ্জীৱ

       কুঁৱলীয়ে কুঁৱলীয়ে

                               (শেৱালী যেতিয়া ফুলে) 

       কবিতাটিত উল্লেখিত 'কলপতীয়াৰঙী এটি বিষাদ', 'কাকিনী পোহৰবোৰে' আদি চিত্ৰকল্পই পাঠকৰ সন্মুখত গ্ৰাম্য পৰিৱেশ এটা যেনেকৈ তুলি ধৰে, ঠিক তেনেকৈ তেখেতে কুঁৱলীক  'নিৰ্যাসবিহীন শুকান নৰাৰ দৰে' বুলি চিত্ৰিত কৰা কাৰ্যত পাঠকে কবিৰ অনুভৱ-শক্তিৰ সূক্ষ্মতাকো উপলদ্ধি কৰিব পাৰে। সেইদৰে 'দুগালত ৰ'দৰ চিকমিকনি/লাৱনি হাতত ঘিলাচকলীয়া সপোন'(আঘোনৰ দাৱনী), 

' বিৰিয়াৰ বোকোচাৰে বৈ অহা/ন-ভাতৰ জহা জহা মলমলীয়া সুগন্ধ'(আঘোন), ' জুইত পোৰা মাছৰ দৰে জঁপিয়াইছে চহৰ' (ৰ'দৰ দহন) আদিৰ দৰে বাক্যাংশৰে তেখেতে সুন্দৰ চিত্ৰকল্প নিৰ্মান কৰিছে। বিশেষকৈ অসমৰ সমাজ- জীৱনক প্ৰভাৱিত কৰা গ্ৰাম্য-প্ৰকৃতি আৰু ঋতুসমূহৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত তেখেতৰ চিত্ৰকল্পসমূহৰ নিৰ্মান অত্যন্ত সাৰ্থক ৰূপত ধৰা দিছে।

    মূলত: আশীৰ দশকত আৰম্ভ হোৱা অসমীয়া কবিতাৰ চিত্ৰকল্পবাদী ধাৰাৰ এগৰাকী বলিষ্ঠ কবি আছিল যোগেশ্বৰ মৰাণ।কিন্তু অত্যন্ত দুখৰ কথা যে 

দিহিংপৰীয়া এইগৰাকী কবি  বহুতৰ বাবে আজিও অপৰিচিত  হৈয়ে  ৰৈ গ'ল। (সমাপ্ত) 

বি:দ্ৰ:' অসম আদিত্য:(এপ্ৰিল ২০২৬)ত প্ৰকাশিত। 

                                              


Monday, September 29, 2025

মৃত্যু যদি শিল্প হয়, সেই মৃত্যু কিদৰে সুলভ

মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ
                                                    - বীৰ্কে বি থাপা

       জুবিন গাৰ্গ মানেই  এক অনন্য, বিৰল প্ৰতিভা। নব্বৈৰ দশকৰ যিখিনি  সময়ত জুবিনে প্ৰথম শ্ৰব্য কেছেট' অনামিকা' উলিয়াইছিল, সেই তেতিয়াৰে পৰা তেওঁৰ গীত আমি শুনিছিলোঁ। সঁচা কথা ক'বলৈ গ'লে, প্ৰথমাৱস্থাত আমি  জুবিনৰ গীতবোৰ ভাল পোৱা নাছিলোঁ।কাৰণ, সেই কালত আমাৰ মন-প্ৰাণ আচ্ছন্ন কৰি ৰাখিছিল জিতুল সোনোৱালৰ দৰে গায়কসকলৰ গীতে।কিন্তু লাহে লাহে জুবিনৰ গীতে আমাৰ প্ৰজন্মৰ হৃদয় স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিছিল। আমি তেতিয়াই উপলদ্ধি কৰিছিলোঁ-তেওঁৰ গীতে যেন এক নতুন প্ৰবাহ বোৱাই আনিছে। 
       প্ৰকৃততে জুবিনে অসমীয়া সংগীতজগতলৈ এক নতুন ধাৰা বোৱাই আনিছিল।  তেওঁৰ প্ৰথমখন শ্ৰব্য- কেছেট 'অনামিকা'ক নতুন প্ৰজন্মই ব্যাপকভাৱে আকোঁৱালী লোৱাৰ মূলতে আছিল জুবিনৰ মোহময়, যাদুকৰী কণ্ঠ, শুদ্ধ উচ্ছাৰণ আৰু গীতসমূহৰ ভাৱৰ গভীৰতাৰ লগে লগে অসমীয়া সংগীত জগতত জুবিনে সৃষ্টি কৰা এক নতুন ধাৰাৰ সুৰ সংযোজনা।জুবিনৰ পূৰ্বেও বহুকেইগৰাকী গায়কৰ গীতত পাশ্চাত্যৰ প্ৰভাৱ অৱশ্যেই আছিল।কিন্তু জুবিনৰ গীতৰ বৈশিষ্ট্য আছিল এয়ে যে পূৰ্বৰ গায়কসকলৰ গীতত ৱেষ্টাৰ্ণ মিউজিকৰ উচ্চ - প্ৰাবল্যযুক্ত আধুনিক বাদ্যযন্ত্ৰৰ কোলাহলৰ মাজত গায়কৰ কণ্ঠ যেন ক'ৰবাত চাপ খাই হেৰাই গৈছিল, কিন্তু তাৰ বিপৰীতে জুবিনৰ গীতত পৰিলক্ষিত হৈছিল কণ্ঠ আৰু ইনষ্ট্ৰুমেন্টৰ মাজত এক সুসংহত ঐক্য। উচ্চ, মুক্ত কণ্ঠৰ লগতে বিৰামহীনভাৱে সুদীৰ্ঘ সময় ধৰি  হামিং(Humming) কৰিব পৰা সামৰ্থ  আছিল জুবিনৰ গীতৰ অনন্য বৈশিষ্ট্য।
    সেই 'অনামিকা' শ্ৰব্য কেছেটৰ পৰা আৰম্ভ কৰি 
সপোনৰ সুৰ, জোনাকী মন, মায়া, আশা, জোনবাই, জানমণি আদিৰ দৰে অলেখ শ্ৰব্য কেছেট, ভিচিডি কাহিনী-চিত্ৰ, ত্ৰিশ-পয়ত্ৰিশখনকৈ অসমীয়া, বাংলা আৰু হিন্দী কথাছবি তথা বিভিন্ন প্ৰাদেশিক ভাষাত গোৱা গীতলৈকে প্ৰায় আঠত্ৰিশ হাজাৰ গীত গাই অভিলেখ সৃষ্টি কৰিছিল জুবিন গাৰ্গে। 
    ১৯৯৫ চনত মুক্তি লাভ কৰা শ্ৰব্য কেছেট 'শ্ৰদ্ধাঞ্জলি' ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় ভলিউমৰ গীতসমূহেই প্ৰমাণ কৰি দেখুৱাইছিল যে শুদ্ধ উচ্ছাৰণেৰে সৈতে হিন্দীতো গীত গাব পৰা দক্ষতা জুবিনৰ আছিল। আদনান চামীৰ দৰে বিখ্যাত গায়কেও ৰাষ্ট্ৰীয় স্তৰৰ বহুকেইখন অনুষ্ঠানত জুবিনৰ কণ্ঠৰ উচ্চ প্ৰশংসা কৰিছিল। ২০০৬ চনত নিৰ্মিত অনুৰাগ বাসুৰ  'গেংষ্টাৰ'ৰ বিখ্যাত 'য়া আলি', ২০১৩ চনত নিৰ্মিত ৰাকেশ ৰোচনৰ ' কৃশ-৩' ৰ ' দিল তুহি বতা ' আদিৰ দৰে গীতত কণ্ঠদান কৰি মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰিতো এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা জুবিন গাৰ্গে
ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও পুৰস্কাৰ (প্ৰাগ চিনে এৱাৰ্ড,ফিল্ম ফেয়াৰ এৱাৰ্ড, ষ্টাৰডাষ্ট এৱাৰ্ড, গ্লবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, নেচনেল ফিল্ন  এৱাৰ্ড আদি) লাভ কৰিবলৈ সক্ষম হোৱা জুবিন গাৰ্গে
 কিন্তু বলিউদৰ কৃত্ৰিম আভিজাত্য আৰু বিলাসিতাপূৰ্ণ জীৱনৰ মোহত আৱদ্ধ হৈ নাথাকি অসমীয়া, বাংলা আৰু প্ৰাদেশিক ভাষাৰ সংগীত জগতত নিজকে বিলীন কৰি দিছিল। অসমৰ বিভিন্ন জনগোষ্ঠীৰ গীতত কণ্ঠদান কৰাৰ  উপৰিও জুবিন গাৰ্গে কামৰূপীয় লোকগীত, বৰগীত, টোকাৰী গীত আদিও সুললিত কণ্ঠেৰে গাই অসমীয়া সংগীত জগতক সমৃদ্ধ কৰিছিল।
খাচী কথাছবিৰ সংগীত পৰিচালনাৰ বাবে তেওঁ সন্মানজনক' ৰজত কমল বঁটা'ও লাভ কৰিছিল।
কেৱল সংগীত জগতকে নহয়, তেওঁ অসমীয়া চলচিত্ৰ জগততো এক পৰিৱৰ্তনৰ সূচনা কৰিছিল। অসমীয়া চলচিত্ৰ জগতৰ চৰম দুৰ্গতিৰ সময়ত যি সময়ত আন কোনো প্ৰযোজকে ডাঙৰ পৰ্দাৰ বিগ বাজেট ছবি নিৰ্মান কৰা কথা কল্পনাই কৰিব পৰা নাছিল, সেই সময়ত জুবিন গাৰ্গেই  আগবাঢ়ি আহিছিল মৰসাহ কৰি।  'কাঞ্চনজংঘা', 'মিছন চাইনা' আদিৰ দৰে বিগ বাজেটৰ ছবি নিৰ্মান কৰি তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পোষ্টাৰিং কৰি অসমীয়া ৰাইজক অসমীয়া ছবি চাবলৈ উৎসাহিত কৰিছিল। বহুকেইখন ছবিত তেওঁ নিজে অভিনয়ো কৰিছিল। 
     স্বাভাৱিকতে জুবিন গাৰ্গ আছিল এক অনন্য প্ৰতিভা।১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'য়ুথ ফেষ্টিভেল'ত গ'ল্ড মেডেল লাভ  আৰু প্ৰথম শ্ৰব্য কেছেট' অনামিকা'ৰ বিপুল জনপ্ৰিয়তাৰ পৰা আৰম্ভ কৰি বিগত প্ৰায় তিনি দশক ধৰি সংগীতৰ ক্ষেত্ৰখনত একান্তভাৱে নিৱিষ্ট  জুবিনে অক্লান্ত শ্ৰম কৰিছিল। কিবা এক নতুন সৃষ্টিৰ তাড়নাত তেওঁ উন্মাদৰ দৰে কাম কৰি গৈছিল। অত্যধিক শ্ৰমৰ বাবেই তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। দুৰ্বল, অসুখীয়া স্বাস্থ্যকো পৰোৱাহ নকৰি তেওঁ মাজনিশা, পুৱতিনিশালৈকে হাজাৰ হাজাৰ দৰ্শকৰ তাগিদাত গীত গাইছিল। সকলোৰে হাৰ্টথ্ৰৱ জুবিনে মঞ্চত বহু সময়ত বেসুৰা সুৰত গীত গালেও তেওঁৰ বাবে মানুহ পগলাৰ দৰে হৈছিল। জুবিন-অনুৰাগীৰ সংখ্যা কেতিয়াও কম হোৱা নাছিল। 
     অৱশ্যে জুবিন গাৰ্গে কৰা কিছুমান অভব্য, উদ্ভট আচৰণৰ বাবে বহু সময়ত বিতৰ্কৰো সৃষ্টি নোহোৱাকৈ থকা নাছিল। প্ৰকৃততে তেওঁৰ এফালে যেনেদৰে আছিল  অনন্য, যাদুকৰী কণ্ঠ আৰু সৃষ্টি প্ৰতিভা,তেনেদৰে আনফালে আছিল শিশুসুলভ, অদ্ভুত আচৰণ।কলেজীয়া জীৱনতো তেওঁক দেখা গৈছিল এজন ক্ষীণ-মীন, মূৰত একোছা দীঘল চুলিৰে, পিঠিত গীটাৰ লৈ চাইকেল চলাই কলেজলৈ যোৱা এক ব্যতিক্ৰমী যুৱকৰ ৰূপত । প্ৰথমখন গীতৰ এলবাম 'অনামিকা'ৰ ক'ভাৰ পেজত মুদ্ৰিত দীঘল চুলিৰ সেই মোহময় ফটোৰ জুবিন গাৰ্গ নব্বৈৰ দশকত নতুন প্ৰজন্মৰ বাবে হৈ পৰিছিল এটা ' আইকন '। অত্যন্ত অপ্ৰিয় হ' লেও এই কথা সত্য যে অত্যধিক মদ্যপান কৰা অভ্যাসৰ বাবেও তেওঁ বহু সময়ত সংযমহীন হৈ পৰিছিল। অত্যধিক মদ্যপান কৰি কেতিয়াবা মঞ্চত গান গাব নোৱাৰা হোৱা, মঞ্চত শুই পৰা, গান গাবলৈ উঠি হঠাৎ 'আজি মোৰ গান গাবলৈ মন নাই' বুলি গুচি যোৱা, মঞ্চত হিন্দী গীত পৰিৱেশন কৰিবলৈ নিষেধ কৰাৰ পাছতো হিন্দী গীত পৰিৱেশন কৰা, গীত গাই থকা অৱস্থাত চাউণ্ড চিষ্টেমৰ কাৰিকৰী বিজুটি ঘটিলে খঙত মাউথ স্পীকাৰ থেকেচি পেলাই দিয়া, কেতিয়াবা অদ্ভুত বেশভূষা পৰিধান কৰা, মঞ্চত অশ্লীল মাত মতা আদিৰ দৰে আচৰণ আছিল তেওঁৰ দৈনন্দিন ঘটনা।বহু সময়ত জুবিনৰ এনে উদ্ভত আচৰণৰ অন্তৰালত  আছিল কিছুমান কথা বা কাৰ্যই তেওঁৰ মনত সৃষ্টি কৰা প্ৰচণ্ড ক্ষোভ। ক্ষোভৰ প্ৰতীকি প্ৰকাশৰূপেও তেওঁ কেতিয়াবা ইচ্ছাকৃতভাৱেই উদ্ভত আচৰণ প্ৰদৰ্শন কৰিছিল।
      জুবিনৰ অন্তৰ্সত্তাত সংপৃক্ত হৈ আছিল এক প্ৰকাৰৰ প্ৰচণ্ড যুক্তি আৰু সাম্যবাদী চেতনা। এই দুটা বস্তুৱে তেওঁক অত্যন্ত সাহসী আৰু বেপৰুৱা কৰি তুলিছিল। তথাকথিত ধৰ্ম, ভগৱানৰ অস্তিত্ব আদিক তেওঁ নামানিছিল আৰু প্ৰকাশ্যে বিৰুধিতা কৰিছিল।
তেওঁ নিজে জাতত বামুণ হৈয়ো বামুণক গালি পাৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। তেওঁ কৈছিল- 'মই লগুণ ছিঙি পেলাই দিছোঁ।মোৰ কোনো জাত নাই,মোৰ কোনো ধৰ্ম নাই ।' নিজৰ ছবি 'কাঞ্চনজংঘা' তো এনেধৰণৰ সংলাপ সন্নিৱিষ্ট কৰি তেওঁ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল। কোনোবা এখন মঞ্চত সত্ৰাধিকাৰ এগৰাকীক 'সত্ৰাধিকাৰ প্ৰভু' বুলি সম্বোধন কৰা কাৰ্যক তেওঁ প্ৰকাশ্যে  বিৰুধিতা কৰাও দেখিছিলোঁ।এনেবোৰ কথাই বিতৰ্কৰ সৃষ্টি কৰিলেও কিন্তু কেতিয়াও তেওঁ হাৰ মনা নাছিল। 'ঘেণ্টা মই কাকো খাটিৰ নকৰোঁ' বুলি সততে কৈ থকা জুবিনৰ কণ্ঠ আছিল অনিৰূদ্ধ।ক'বলগীয়া কথাখিনি তেওঁ কৈয়ে এৰিছিল-লাগিলে গীততে হওক বা কবিতাতে, মঞ্চতে হওক বা দূৰদৰ্শনৰ পৰ্দাতে। দেশৰ সংকট, দুৰ্নীতি, ৰাজনৈতিক - ভ্ৰষ্টাচাৰ আদিৰ বিৰূদ্ধে তেওঁ সাহসেৰে গীত গাই গৈছিল। সংকীৰ্ণ সাম্প্ৰদায়িক চেতনাৰ উৰ্ধত তেওঁ গাইছিল কেৱল মানুহৰ গান, জীৱন আৰু প্ৰেমৰ গান, জীৱনৰ কঠোৰ বাস্তৱৰ গান।
     জুবিনৰ গীতৰ এনে অমোঘ শক্তি আছিল যে জাতি-বৰ্ণ-ধৰ্ম নিৰপেক্ষে সকলোৱে প্ৰাণত ঠাই দিছিল তেওঁৰ কণ্ঠক, তেওঁৰ গীতক। তেওঁৰ গীতৰ যাদুকৰী শক্তিয়ে তল পেলাই দিছিল জুবিনৰ উদ্ভত আচৰণে লাখ লাখ দৰ্শকৰ মনত সৃষ্টি কৰা সমস্ত ক্ষোভ।
     এনে এগৰাকী শিল্পী জীৱন গাৰ্গৰ আকস্মিক মৃত্যু কোনেও কল্পনা কৰিব পৰা নাছিল। মানি ল'ব পৰা নাছিল কোনেও এই মৃত্যুৰ খবৰ। এনে লাগিছিল - যেন তেওঁ সদায় কৰি থকা ধেমালিবোৰৰ দৰেই এয়াও আছিল এটা ধেমালি। 
      কিন্তু অৱশেষত আমি সকলোৱে মানি ল'বলৈ বাধ্য হ'লোঁ এই নিৰ্মম সত্য যে - হয়, কেৱল নতুন প্ৰজন্মৰে নহয়, অসমৰ লাখ-লাখ অনুৰাগীৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গৰ মৃত্যু হৈছে চিংগাপুৰত, সাগৰৰ পানীত সাঁতুৰিবলৈ গৈ।
      মৃত্যু এক শাশ্বত, চিৰন্তন সত্য। কিন্তু সেই মৃত্যুক আমি কেনেকৈ ইমান সহজে মানি লওঁ যি মৃত্যু হ'ব পাৰে ইমান ক্ৰুৰ, ইমান নিষ্ঠুৰ। চিংগাপুৰৰ সাগৰৰ পানীত সাঁতুৰিবলৈ গৈ শ্বাস-প্ৰশ্বাস বন্ধ হৈ, কি দুসহ: যন্ত্ৰণাত জীৱন-মৰণৰ সৈতে যুঁজি যুঁজি, কক্ বকাই কক্ বকাই জুবিন গাৰ্গৰ মৃত্যু হৈছিল -সেয়া ভাৱিলে অন্তৰে কান্দি দিয়ে। আজি অসমৰ লাখ - লাখ জনতাই জুবিনৰ মৃত্যুত কান্দিছে।কোনেও সহজভাৱে ল'ব পৰা নাই এই মৃত্যুক। 
      জুবিনৰ মৃত্যুৰ লগে লগে অলেখ প্ৰশ্নৰ অৱতাৰণা হৈছে। সামাজিক মাধ্যমসমূহত ভাইৰেল হোৱা বিভিন্ন ফটো, ভিডিঅ' ক্লিপ, টেলিফোন ক'ল ৰেকৰ্ডিং, নিউজ চেনেলসমূহৰ ভূমিকা আদিৰ পৰিপ্ৰেক্ষিতত জুবিনৰ মৃত্যুৰ কাৰণ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। জুবিনৰ মৃত্যুক সহজ মৃত্যু বুলি কোনেও আজি গ্ৰহণ কৰিব পৰা নাই। সকলোৰে মনত আজি প্ৰশ্ন - কি আছিল তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ? সেয়া কেৱল এটা দুৰ্ঘটনাই আছিল নে? এনে নিৰ্মম মৃত্যু সংঘটিত হোৱাৰ সময়ত তেওঁৰ লগত অনবৰতে লাগি থকা সাংগো-পাংগোবোৰ ক'ত আছিল? শাৰীৰিকভাৱে তেনেই অসুস্থ বুলি জানিও জুবিন গাৰ্গক সাগৰৰ পানীত সাঁতুৰিবলৈ কিয় এৰি দিয়া হৈছিল? বহু প্ৰশ্ন। 
      চিংগাপুৰৰ সাগৰে সঁচাকৈয়ে কাঢ়ি লৈ গ'ল নতুন প্ৰজন্মৰ অজস্ৰ অনুৰাগীৰ প্ৰাণৰ স্পন্দন, হাৰ্টথ্ৰৱ জুবিন গাৰ্গক।এটি কবিতাত জুবিনে লিখিছিল- 'সাগৰ দেখিছা?/তাত বৰ এন্ধাৰ/ঢৌৱে কোবায়/শব্দৰ কোলাহল/পাৰাপাৰহীন/ক'ত আৰম্ভ ক'ত শেষ/কোনেও নেজানে/
মই নদী ভাল পাওঁ/নদীয়ে নিজৰ পথ নিজেই বিচাৰে/কুলুকুলু শব্দেৰে/একা-বেঁকা বাটেৰে নিজেই বিচাৰি যায়/নিজৰ ঠিকনা/দিশহাৰা জীৱনৰ সেউজ শিলত থৈ যায়/কল্লোলিত হৃদয়ৰ বেদনা..' (ভিতৰে-বাহিৰে) ।
      বুকু ফাটি পৰে এই কথা ভাৱি যে সদায় গীত, কবিতা আৰু কথাৰে  নদীক ভাল পোৱা কথা কৈ থকা জুবিনৰ মৃত্যু হ'ল অৱশেষত সাগৰৰ পানীৰ গভীৰতাত, শ্বাসৰূদ্ধ অৱস্থাত। কিয় আহে মৃত্যু এনেদৰে? কেনেদৰে কাঢ়ি নিব পাৰে মৃত্যুৱে এটা জীৱন, ইমান সহজে? মৃত্যু কিয় ইমান সুলভ? (সমাপ্ত) 
      
 

Thursday, August 29, 2024

ভাৰত-বিভাজনকালৰ অকথিত কৰুণ গাঁথা-উৰ্বশী বুতালিয়াৰ 'দ্য আদাৰ চাইড অব চাইলেঞ্চ'

ভাৰত-বিভাজনকালৰ অকথিত কৰুণ গাঁথা-
উৰ্বশী বুতালিয়াৰ 'দ্য আদাৰ চাইড অব চাইলেঞ্চ'
                                           - বীৰ্কে বি থাপা

      নাৰীবাদী লেখিকা তথা নাৰী- আন্দোলনৰ সক্ৰিয় কৰ্মী উৰ্বশী বুতালিয়াৰ লেখাত সততে নাৰীৰ দুখ-যন্ত্ৰণা, অভাৱ-অনাটন, নাৰীৰ ওপৰত পুৰুষ-তান্তিক সমাজ ব্যৱস্থাই চলাই অহা শোষণ উৎপীড়ন,নাৰীৰ আৰ্থ- সামাজিক আৰু ৰাজনৈতিক অধিকাৰ, লিংগ বৈষম্য, সাম্প্ৰদায়িকতাবাদ, মৌলবাদ আদিৰ স্পষ্ট প্ৰতিফলন ঘটা পৰিলক্ষিত হয়।
     উৰ্বশী বুতালিয়াৰ জন্ম হৈছিল 1952 চনত হাৰিয়ানাৰ অম্বালাত এটা অতি প্ৰগতিশীল বিচাৰধাৰা আৰু অনীশ্বৰবাদী শিখ পৰিয়ালত। 1973 চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত পুনৰ 1977 চনত লণ্ডন য়ুনিভাৰ্চিটিৰ পৰা South Asian Studies ত এম.এ. কৰা বুতালিয়াই তেওঁৰ কৰ্মজীৱন প্ৰথমে আৰম্ভ কৰে  দিল্লীত অৱস্থিত অক্সফোৰ্ড য়ুনিভাৰ্চিটি প্ৰেচত । তাৰ পাছত তেওঁ লণ্ডনস্থিত 'জেদ বুকচ্ ' নামৰ এটি প্ৰকাশন প্ৰতিষ্ঠানত সম্পাদক হিচাপে  কাৰ্যনিৰ্বাহ কৰে।পুনৰ ভাৰতলৈ উভটি আহি তেওঁ হাৰিয়ানাৰ ' অশোকা য়ুনিভাৰ্চিটি'ত অধ্যাপনা কৰাৰ উপৰিও প্ৰখ্যাত নাৰীবাদী লেখিকা ৰীতু মেননৰ  সৈতে লগলাগি 1984 চনত  Kali for Women নামৰ এটি নাৰীবাদী প্ৰকাশন সংস্থা গঠন কৰে। Kali for Women হৈছে ভাৰতবৰ্ষৰ প্ৰথম নাৰীবাদী প্ৰকাশন সংস্থা যি সংস্থাই তৃতীয় বিশ্বৰ মহিলাসকলৰ কণ্ঠক বলিষ্ঠ ৰূপ প্ৰদান কৰিবৰ বাবে নিৰন্তৰ কাম কৰি যায়।পৰৱৰ্তীকালত  বুতালিয়াই নিজাববীয়াকৈ Zubaan Books নামৰ আন এক প্ৰকাশন সংস্থা গঠন কৰে 2003 চনত ।বৰ্তমান এই সংস্থা Zubaan Publishers Pvt. Ltd.ৰূপে পৰিচিত।বুতালিয়াৰৰ নাৰীবাদী বলিষ্ঠ লেখাসমূহ The Guardian, The New Internationalist, The Statesman, The Times of India, Outlook ,India Today আদিত প্ৰকাশ পাই আহিছে। বামপন্থী বিচাৰধাৰাৰ বুতালিয়াৰে প্ৰখ্যাত Tehelka নামৰ বামপন্থী কাকততো নিয়মীয়াকৈ স্তম্ভলেখ লিখে।তেওঁৰ দ্বাৰা লিখিত আৰু সম্পাদিত উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে -The Other Side of Silence , Partition:The long shadow,Speaking Peace : women's voices from Kashmir,The Persistence of Memory,Women and the Hindu Right,Women changing India,In other words: New writing by Indian women ,Women and parition -A Reader আদি।
      1998 চনত প্রকাশিত The Other Side of Silence গ্রন্থ সম্পর্কত বিশিষ্ট লেখক অমিতাভ ঘোষে লিখিছে- 'The Other side of silence ' হৈছে নিঃসন্দেহে ভাৰতীয় উপমহাদেশৰ বিভাজনৰ বিষয়ে লিখা আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ অন্যতম।...এয়া এক অসাধাৰণ কৃতিত্ব।'  ছলমন ৰুছদিৰ দৰে লেখকেও  'This is a magnificient and necessary book, rigorous and compassionate, thought- provoking and moving,oral history at its best'বুলি গ্ৰন্থখনৰ সন্দৰ্ভত নিজস্ব মত পোষণ কৰিছে। উল্লেখযোগ্য যে 2011 চনত ভাৰত চৰকাৰে তেওঁক 'পদ্মশ্ৰী ' প্ৰদান কৰাৰ উপৰিও জাৰ্মেনিতো বিশেষ সন্মান প্ৰদান কৰা হয়।
      1998 চনত 'পেংগুইন বুকচ'ৰ দ্বাৰা প্ৰথম প্ৰকাশ পোৱা  গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ পায় 2017 চনত। গ্ৰন্থখনৰ Return  শীৰ্ষক পাতনিত উৰ্বশী বুতালিয়াই অত্যন্ত আক্ষেপেৰে লিখিছে যে 1947 চনত ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষৰ বিভাজন হৈছিল।এই বিভাজনৰ দ্বাৰা ভাৰত আৰু পাকিস্তান দুয়োখন দেশত একো একোটা নিৰ্দিষ্ট ধৰ্মাৱলম্বীৰ লোকসকল নিৰাপদে বসবাস কৰি থাকিব বুলি আশা কৰা হৈছিল।কিন্তু স্বাধীনতা লাভৰ অত বছৰৰ পাছতো কোনো এখন দেশতে শান্তি নামি অহা বুলি প্ৰকৃততে ক'ব নোৱাৰি।সময়ৰ লগে লগে গা-কৰি উঠা বিভিন্ন সমস্যাই আজিও জনসাধাৰণৰ জীৱন অশান্ত আৰু নিৰাপত্তাহীন কৰি তুলিছে।আজি ভাৰতবৰ্ষৰ অভ্যন্তৰতে ধৰ্মীয় সংখ্যাগৰিষ্ঠতাবাদৰ বিভাজনকাৰী শক্তিসমূহে উগ্ৰ ৰূপ ধাৰণ কৰি আমাক চাৰিওফালৰ পৰা হেঁচা মাৰি ধাৰিছে। আৰু এই ধৰ্মীয় সংখ্যাগৰিষ্ঠতাবাদৰ ৰাজনীতিয়ে সংবিধানৰ 'চেক্যুলাৰিজম'(ধৰ্মনিৰপেক্ষতা)ৰ আদৰ্শক নস্যাৎ কৰি ধৰ্মীয় সাম্প্ৰদায়িকতাৰ দ্বন্দ্ব চৌদিশে বিয়পাই দিছে। তেওঁ লক্ষ্য কৰিছে যে  যি পৰিচয় আমি কেতিয়াও বিচৰা  নাছিলোঁ তেনে পৰিচয়ৰ মাজত আমাক আৱদ্ধ কৰি ৰখা হৈছে।আজি 'জাতীয়তাবাদ ', 'দেশপ্ৰেম' আদি শব্দবোৰৰ ভিন্ন অৰ্থ প্ৰদান কৰা হৈছে। বুতালিয়াই লিখিছে-'মই ডাঙৰ হোৱা নতুন স্বাধীন ভাৰতত জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ দৰে শব্দৰ আজিৰ দৰে অশুভ অৰ্থ নাছিল।'
      উল্লেখযোগ্য যে উৰ্বশী বুতালিয়াৰৰ জন্ম হৈছিল বিভাজনৰ সময়ছোৱাত পাকিস্তানৰ পৰা ভাৰতলৈ পলায়ন কৰি অহা এটা শৰণাৰ্থী পৰিয়ালত।মাকৰ মুখেৰে তেওঁ শুনিছিল কেনে এক অগ্নিগৰ্ভা পৰিস্থিতিত তেওঁলোকে জন্মস্থান লাহোৰ এৰি ভাৰতলৈ পলাই আহিবলগা হৈছিল।
      ১৯৪৭ চনৰ ভাৰত বিভাজন  ইতিহাসৰ অন্যতম এক  দুখজনক ঘটনা। এই বিভাজনৰ পৰিণতিস্বৰূপেই  ব্যাপক পৰিসৰত হত্যা, ধৰ্ষণ আৰু অপহৰণৰ উন্মাদনাৰ মাজত বাৰ নিযুততকৈ অধিক লোক স্থানচ্যুত হ'বলগীয়া হৈছিল। ভাৰত বিভাজনৰ কালছোৱাত মাত্ৰ কেইমাহমানৰ ভিতৰতে  ভাৰত আৰু পাকিস্তানৰ
প্ৰায় বাৰ নিযুত লোকে এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰত্যাগমন কৰিবলগীয়া হৈছিল।স্বভূমি ত্যাগ কৰি অন্য স্থানলৈ প্ৰত্যাগমন কৰা
এই শৰণাৰ্থীসকলৰ ভিতৰত দহ নিযুততকৈ অধিক অংশই তেতিয়াৰ ঐতিহাসিক ৰাজ্য পঞ্জাৱক বিভক্ত কৰা পশ্চিম সীমান্ত অতিক্ৰম কৰিছিল, মুছলমানসকলে পশ্চিমলৈ পাকিস্তান, হিন্দু আৰু শিখসকলে পূব দিশলৈ ভাৰতলৈ যাত্ৰা কৰিছিল।যাত্ৰাপথত বহুতক হত্যা কৰা হৈছিল,
বহুতৰ পুষ্টিহীনতা আৰু সংক্ৰামক ৰোগত মৃত্যু হৈছিল। এনেদৰে মৃত্যু হোৱা লোকৰ সংখ্যা সমসাময়িক ব্ৰিটিছ পৰিসংখ্যা অনুসৰি ২ লাখৰ পৰা পৰৱৰ্তীকালৰ ভাৰতীয় অনুমান অনুসৰি ২০ লাখ আছিল।কিন্তু সেই সময়ত প্ৰায় এক নিযুত লোকৰ মৃত্যু হোৱাটো এতিয়া বহুলভাৱে মানি লোৱা হৈছে। প্ৰায় ৭৫,০০০ মহিলাক নিজৰ ধৰ্মৰ পৰা পৃথক ধৰ্মৰ পুৰুষে অপহৰণ কৰি ধৰ্ষণ কৰিছিল বুলি অনুমান কৰা হয় ।এই ধৰ্ষণ কাৰ্য কেতিয়াবা নিজৰ ধৰ্মৰ পুৰুষেও কৰিছিল।বিভাজনৰ ফলত হাজাৰ হাজাৰ পৰিয়াল বিভাজিত হৈছিল, ঘৰ-বাৰী ধ্বংস হৈছিল, শস্য নষ্ট হৈছিল, গাঁও পৰিত্যক্ত হৈছিল৷ আচৰিত কথাটো হ’ল, ধৰ্মৰ ভিত্তিত দুখন দেশৰ মাজত সীমা নিৰ্ধাৰণ হোৱাৰ পাছত উদ্ভৱ হোৱা অনাকাংক্ষিত ভয় আৰু অনিশ্চয়তাই যে ইমানবোৰ হিন্দু আৰু মুছলিম লোকক তেওঁলোকে ' নিৰাপদ ' বুলি ভৱা স্থানলৈ পলায়ন কৰিবলৈ বাধ্য কৰাৰ ফলত কেনে সমস্যাৰ সৃষ্টি কৰিব সেই সম্পৰ্কত কোনো এখন দেশৰ চৰকাৰেই প্ৰস্তুত নাছিল ।সেই সময়ছোৱাত মানুহবোৰে বাচ  বা ৰেল আৰু বেছিভাগেই খোজ কাঢ়ি (কাফিলা)পলায়ন কৰিছিল।এনে কাফিলাবোৰৰ ভিতৰত দীৰ্ঘতম কাফিলাত প্ৰায় চাৰি লাখ শৰণাৰ্থী আছিল আৰু তেওঁলোকে পূৱলৈ ভাৰতবৰ্ষ উদ্দেশ্যি যাত্ৰা কৰিছিল।
       বিভাজন নিশ্চিত বুলি খবৰ ওলোৱাৰ পাছৰে পৰা বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজত শংকা আৰু ত্ৰাসৰ সৃষ্টি হৈছিল।পাকিস্তানত যুগ ষুগ ধৰি বসবাস কৰি থকা হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলে অনাকাংক্ষিত বিপৰ্যয়ৰ পূৰ্বানুমান কৰি যেয়ে যেনেকৈ পাৰে ভাৰতবৰ্ষৰ ফালে পলায়ন কৰিছিল।সেই সময়ছোৱাত কত পৰিয়ালত লুট-পাত,হত্যা,ধৰ্ষণ,অপহৰণ চলিল তাৰ হিচাপ নাই। নাৰী নিৰ্যাতনে সেই সময়ত ভীষণ ৰূপ লৈছিল। উর্বশী বুতালিয়াই তেওঁৰ গ্ৰন্থত উল্লেখ কৰা মতে, পাকিস্তানৰ থ'ৱা খালচা নামৰ এখন সৰু গাঁৱত বিভাজনৰ সময় ছোৱাত এক সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হৈছিল।গাওঁখনত বসবাস কৰি থকা শিখ সম্প্ৰদায়ৰ লোকসকলে যেতিয়া গম পাইছিল যে তেওঁলোকৰ  গাঁৱত আক্ৰমন কৰা হ'ব,তেতিয়া তেওঁলোক সকলো গুৰুদ্বাৰাত সমৱেত হৈছিল আৰু পুৰুষ-মহিলা সকলোৱেই এটা সিদ্ধান্তলৈ আহিছিল যে অন্য ধৰ্মৰ মানুহৰ দ্বাৰা তেওঁলোকৰ মহিলাসকল ধৰ্ষিতা হ'বলৈ এৰি দিয়াৰ পূৰ্বেই তেওঁলোকে আত্মহত্যা কৰিব।এই অংগীকাৰেৰে তেওঁলোকে গুৰুদ্বাৰাত প্ৰাৰ্থনা সমাপ্ত কৰাৰ পাছতে প্ৰায় আশী-নব্বৈ গৰাকী মহিলাই গাঁৱৰ সমূহীয়া নাদত জঁপিয়াই প্ৰাণ ত্যাগ কৰিছিল। এই সঁচা কাহিনীটো  উৰ্বশী বুতালিয়াক কৈছিল এগৰাকী শিখ মহিলাই যি গৰাকী মহিলাইয়ো সেই একেটা নাদত জঁপিয়াই দিছিল,কিন্তু মৃত মহিলাৰ শৱেৰে ইতিমধ্যে নাদ ভৰি পৰাত তেওঁৰ প্ৰাণ ৰক্ষা পৰিছিল। এনে অলেখ অলিখিত ত্যাগ আৰু বিপৰ্যয়ৰ মাজেৰে অহা স্বাধীন ভাৰত অথবা পাকিস্তানৰ ভৱিষ্যতলৈ কি বিপৰ্যয় ৰৈ আছিল সেয়া কোনোবাই জানিছিলনে?
       উৰ্বশী বুতালিয়াই লক্ষ্য কৰিছে যে ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষ বিভাজিত হৈ পাকিস্তান আঁতৰি যোৱাৰ পাছতো ধৰ্মৰ দ্বন্দ্ব আৰু ধৰ্মৰ পৰিপ্ৰেক্ষিতত   উদ্ভূত সমস্যাসমূহ এইখন দেশত আজিলৈকে শেষ হৈ যোৱা নাই।তেওঁ উল্লেখ কৰা মতে,এই গ্ৰন্থখন লিখাৰ সময়তো তেওঁ আজি আমি দেখিবলৈ পোৱা ধৰ্মভিত্তিক পৰিচয়ৰ ৰাজনৈতিক উত্থান সম্পৰ্কে  গভীৰভাৱে চিন্তিত আছিল।আজি তেওঁৰ এনে অনুভৱ হয় যেন  বিভাজনৰ সেই সময়খিনিয়ে আছিল প্ৰকৃততে   উচ্চ জাত  আৰু সংখ্যাগৰিষ্ঠৰ আধিপত্যৰ ৰাজনৈতিক মঞ্চৰ বাবে  এক পৰিকল্পিত চেটিং । এই প্রসংগত ভাৰতত চলি থকা জাতিগত অত্যাচাৰৰ বিষয়টো উল্লেখ কৰিব পাৰি। ভাৰতবৰ্ষত উচ্চ জাতৰ লোকসকলৰ দ্বাৰা নিম্নবৰ্ণৰ লোকসকলৰ প্ৰতিও যুগ যুগ ধৰি অন্যায়-অত্যাচাৰ,শোষণ-উৎপীড়ণ চলাই অহা হৈছে।বিশেষকৈ নিম্নবৰ্ণৰ লোকসকলক 'অস্পৃশ্য' বুলি ঘৃণা কৰাৰ উপৰিও তেওঁলোকৰ নিৰ্দিষ্ট  জাতিভিত্তিক বৃত্তি যেনে মৃত জীৱ-জন্তুৰ মৃতদেহৰ ছাল কাটি ,শুকুৱাই জোতা-খৰম -পাদুকা,বাদ্যযন্ত্ৰ আদি তৈয়াৰ কৰা কাৰ্যৰ বাবেই বিপদত পেলোৱা হয়।
        এই কথা সত্য যে বিভাজনৰ সময়ত হিন্দু-মুছলিম উভয়েই হিংসা-প্ৰতিহিংসাৰ বলি হৈছিল,কিন্তু কেৱল হিন্দু সকলহে বলি হোৱা বা হিন্দুসকলেহে  আঘাত পোৱা আখ্যানসমূহৰ আৰ্টিকুলেচনৰ বাবে 'হিন্দু পুনৰুত্থানশীল ভাৰতবৰ্ষ'ত আজি  ঠাই মুকলি কৰি দিয়া হৈছে।সেইবোৰক ক্ৰমান্বয়ে বৈধতাও  প্ৰদান কৰা হৈছে আৰু ‘সত্য’ হিচাপে উপস্থাপন কৰা হৈছে।সংখ্যাগৰিষ্ঠৰ ক্ষমতাই প্ৰায় জোৰ-জবৰদস্তি আৰু উচ্চস্বৰেৰে সেইবোৰক  বৈধতা প্ৰদান কৰিছে।
      ভাৰতবৰ্ষক স্বদেশ বুলি আকোঁৱালী লৈ ইয়াতে ৰৈ যোৱা মুছলিমসকলক  আজিও ধৰ্মৰ ভিত্তিত সন্দেহৰ আৱৰ্ততে ৰখা হয়। ধৰ্মৰ নামত 1989 চনত বিহাৰৰ ভাগলপুৰত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত শ শ মুছলিম লোকক হত্যা কৰা হৈছিল।তাৰ পাছত হিন্দুসকলৰ দ্বাৰা অযোধ্যাৰ বাবৰি মচজিদ ধ্বংস কৰা আৰু পুনৰ চুৰাট,আহমেদাবাদ আৰু মুম্বাইত মুছলিমসকলক আক্ৰমন কৰা অথবা উত্তৰ প্ৰদেশত মুছলমানসকলক আঁতৰি যাবলৈ নিৰ্দেশ দি পোষ্টাৰ অঁৰাৰ দৰে ঘটনাবোৰ সংঘটিত হয়।এই বিদ্বেষ কেৱল মুছলিম সকলৰ প্ৰতিয়েই নহয়,অন্য ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতিও সমানে চলি আহিছে।বিশেষকৈ  1984 চনৰ অক্টোবৰ মাহত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰে নিৰাপত্তা ৰক্ষীৰ দ্বাৰা হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হয়।এই ঘটনাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰচণ্ড ক্ষোভত শিখসকলৰ ওপৰত আক্ৰমন চলিল।শিখসকলৰ বহু ঘৰ ধ্বংস কৰা হ'ল,হাজাৰ হাজাৰ লোকক হত্যা কৰা হ'ল।অকল দিল্লীৰ প্ৰান্তীয় অঞ্চলসমূহতে তিনি হাজাৰতকৈ অধিক শিখ লোকক হত্যা কৰা হৈছিল।এই আতিশয্যৰ বলি হোৱা লোকসকলৰ মুখেৰে উৰ্বশী বুতালিয়াই শুনিছিল তেওঁলোকক কেনে অত্যাচাৰ কৰা হৈছিল।1947 চনত পাকিস্তানৰ পৰা শৰণাৰ্থী হিচাপে দিল্লীলৈ অহা  বৃদ্ধ লোকসকলেও কৈছিল-'We didn't think it could happen to us in our own country.....This is like partition again.' এনেদৰেই ভাৰতবৰ্ষৰ বিভাজনৰ পাছতো উৰ্বশীয়ে দেখিছিল-'People from the same country,the same town,the same village could still be divided by the politics of their religious difference and once divided,could do terrible things to each other.'
      উৰ্বশী বুতালিয়াৰ মতে,কৰুণ বাস্তৱতাটো হ’ল এয়ে  যে বিভাজনে আমাৰ মাজত অন্ধ ঘৃণা,ভয়ংকৰ পক্ষপাতিত্ব আৰু গভীৰ অজ্ঞানতাৰ এক উত্তৰাধিকাৰী (Legacy) এৰি থৈ গৈছিল।
     ভাৰত বিভাজন কালৰ অন্যতম এক ক'লা অধ্যায় আছিল ধৰ্মান্তৰকৰণ।সেইসময়ত পাকিস্তান এৰি পলাই অহা শিখ আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলক জোৰকৈ ধৰ্মান্তকৰণ (Conversion) কৰা হৈছিল। বহুতে এনে ধৰ্মান্তকৰণ নিৰাপত্তাৰ খাতিৰত মানি ল'লেও বহুতে মানি ল'ব পৰা নাছিল। A Division of Hearts নামৰ ছবিখন নিৰ্মান কৰি থকা সময়ছোৱাত উৰ্বশী বুতালিয়াই  মংগল সিং নামৰ  এজন বৃদ্ধক লগ পাইছিল অমৃতচৰত।এই মংগল সিং আৰু তেওঁৰ দুজন ভায়েকে বিভাজনৰ সময়ত ধৰ্মান্তৰিত হ'বলগীয়া পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ পাকিস্তানত নিজৰ পৰিয়ালৰ সোতৰজনকৈ লোকক হত্যা কৰিছিল।...তেওঁ কৈছিল-'Otherwise they would have been converted' .তাৰ পাছত পাকিস্তানৰ পৰা পলাই আহি তেওঁ অমৃতচৰত এটা নতুন জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিল।কিন্তু নিজৰ পৰিয়ালৰ তেজেৰে হাত ৰাঙলি কৰি তেওঁ অতীতৰ সকলো কথা পাহৰি থাকিব পাৰিছিলনে?তেওঁৰ বুকুৰ অসহনীয় বেদনাক কোনোবাই দেখিছিলনে?এনে মৰ্মান্তিক ঘটনাৰ ভুক্তভোগী আৰু প্ৰত্যক্ষদৰ্শী যিসকল পাছলৈ জীয়াই আছিল তেওঁলোকে  নীৰৱে বুকুত কঢ়িয়াই লৈ ফুৰিছিল সেই বিভাজনকালৰ অলেখ ক'লা স্মৃতি।পাহৰিব পৰা নাছিল তেওঁলোকে সেই দিনবোৰৰ কথা।এই সঁচা কাহিনীবোৰ উপেক্ষিত হৈ ৰৈ গৈছিল ইতিহাসত।
       বহুতে স্বইচ্ছাৰেও ধৰ্মান্তৰিত হৈছিল।এই প্রসংগত উৰ্বশী বুতালিয়াই পাকিস্তান নিবাসী নিজৰ মোমায়েকৰ কথা উল্লেখ কৰিছে যিজনে শিখ ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল।ধৰ্মান্তৰিত হৈ মুছলিম ছোৱালী বিয়াই কৰাই পাকিস্তানৰে  নাগৰিক হোৱা মোমায়েকৰ জীৱনৰ  ট্ৰেজিক পৰিণামে উদঙাই দিছে বিভাজনৰ আন এক নিষ্ঠুৰ সত্য।
        বুতালিয়াই গ্ৰন্থখনত উল্লেখ কৰা মতে,বিভাজনৰ পূৰ্বেই তেওঁৰ ককাক (মাকৰ দেউতাক) ৰ মৃত্যু হৈছিল।বিভাজনৰ সময়ত পৰিস্থিতি ইমানেই বেয়ালৈ গতি কৰিছিল যে মাক সুভদ্ৰাই নিজৰ বৃদ্ধা মাক,ভায়েক আৰু ভনীয়েকহঁতক লৈ লাহোৰ এৰি ভাৰতবৰ্ষলৈ পলাই আহিবলৈ সিদ্ধান্ত কৰিছিল।কাৰণ তাত তেওঁলোকৰ কোনো নিৰাপত্তা নাছিল। কিন্তু সুভদ্ৰাৰ  সৰুজন ভায়েকে নিজৰ পৈত্ৰিক ঘৰ,সম্পত্তি আদি এৰি পাকিস্তানৰ পৰা ভাৰতলৈ পলাই অহা কথাত সন্মত নহ'ল ।বৃদ্ধা মাককো তেওঁ মাককো এৰি দিব নিবিচাৰিলে। উপায়ন্তৰ হৈ অৱশেষত সুভদ্ৰাই  ভনীয়েকহঁতক লৈ ভাৰতলৈ পলাই আহিল।আনফালে পাকিস্তানত থকা  ভায়েকে ইছলামধৰ্ম গ্ৰহণ কৰি এজনী মুছলিম ছোৱালীক বিয়া কৰাই সেই দেশৰে নাগৰিক হৈ পৰিল।
      তেতিয়াৰে পৰা সেইজন মোমায়েকৰ সৈতে ভাৰতত বসবাস কৰি থকা উৰ্বশী বুতালিয়াৰৰ পৰিয়ালৰ কোনো যোগাযোগ বা সম্পৰ্ক নাছিল। প্ৰকৃততে সেইজন মোমায়েকে কেৱল সম্পত্তিৰ বাবে নিজৰ পৰিয়াল-স্বজনক ত্যাগ কৰা কথাত সকলোৱেই  ক্ষুন্ন হৈ আছিল।
      ইতিমধ্যে  বিভাজনকালৰ  ইতিহাস অন্বেষণৰ কামত জড়িত হৈ  থকা উৰ্বশী বুতালিয়াই ভাৰত আৰু পাকিস্তানৰ ভিন্ন প্ৰান্তৰ বিভিন্ন ভুক্তভোগী ব্যক্তিৰ সাক্ষাৎ গ্ৰহণ কৰি ,তেওঁলোকৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত বহু অনুদ্ঘাটিত তথ্য উদ্ধাৰ কৰিছিল।সেই সন্দৰ্ভত তেওঁ বহু লেখ প্ৰস্তুত কৰাৰ উপৰিও তথ্য চিত্ৰ নিৰ্মানৰ কামতো নিমজ্জিত হৈ পৰিছিল।তাৰেই পৰিপ্ৰেক্ষিতত 1987 চনত,বিভাজনৰ চল্লিশ বছৰৰ পাছত তেওঁ পাকিস্তানত বসবাস কৰি থকা মোমায়েকক লগ কৰিবলৈ লাহোৰলৈ যায়।এইজন মোমায়েকক ইয়াৰ আগতে তেওঁ কেতিয়াও লগ পোৱা নাছিল।মোমায়েক থকা লাহোৰৰ সেই 'হাৱেলি' (ঘৰ)ও তেওঁ কেতিয়াও দেখা নাছিল।তেওঁৰ মনত এই শংকাই বাহ লৈছিল যে মোমায়েকে তেওঁ চিনি পাবনে অথবা তেওঁ ভাগিনীয়েকক নিজৰ বুলি আদৰি ল'বনে?তথাপিতো এক শংকা আৰু অনিশ্চয়তাৰে সৈতে  উৰ্বশী বুতালিয়াই গৈ
মোমায়েকৰ ঘৰত উপস্থিত হৈছিল।অত বছৰৰ মূৰত বায়েক সুভদ্ৰাৰ ছোৱালী উৰ্বশীক দেখি মোমায়েক উৎফল্লিত হৈ উঠিছিল।
      হয়,  লাহোৰৰ ঘৰখনত উৰ্বশী বুতালিয়াই মোমায়েক,মোমায়েকৰ পত্নী,ল'ৰা-ছোৱালী সকলোৰে পৰা মৰম-চেনেহ,আদৰ-যত্ন সকলো পাইছিল। মোমায়েকৰ পৰাই তেওঁ গম পাইছিল যে বিভাজনৰ পাছত আৰু ন বছৰ কাল উৰ্বশীৰ আইতাক জীয়াই আছিল।
      মোমায়েকৰ সৈতে হোৱা সেই  সাক্ষাতৰ পাছত দুখন দেশৰ দুটা পৰিয়ালৰ মাজত পুনৰ সম্পৰ্ক স্থাপন হৈছিল। তাৰেই পৰিপ্ৰেক্ষিতত উৰ্বশীয়ে মোমায়েকৰ ছোৱালীৰ বিয়ালৈ মাককো লগত লৈ গৈছিল। সুদীৰ্ঘ চাৰি দশকৰ পাছত উৰ্বশীৰ মাক সুভদ্ৰা নিজৰ জন্মস্থান লাহোৰৰ ঘৰখনলৈ গৈছিল।ভায়েকক অত বছৰৰ মূৰত লগ পাই তেওঁ উচুপি উঠিছিল।এই ঘৰৰ প্ৰতিটো কোঠা,আচবাব-পত্ৰ,গছ-গছনি আছিল তেওঁলোকৰ চিনাকী যিবোৰে তেওঁৰ বহু পুৰনি স্মৃতিক পুনৰ জগাই তুলিছিল।কিন্তু আশ্চৰ্যজনকভাৱে উৰ্বশীৰ মাক সুভদ্ৰা সেইখন ঘৰত (হাৱেলি)সহজ হ'ব পৰা নাছিল।কাৰণ বহু বছৰ আগতে  সুভদ্ৰাহঁত মাক-দেউতাকৰ লগত  যিটো  হাৱেলিত বাস কৰিছিল সেই হাৱেলিত আজি অধিকাৰ কৰি আছিল আন কিছুমান মানুহে-ভায়েকৰ পৰিয়ালৰ মানুহে।এই কথা সঁচা যে মোমায়েকৰ পত্নী,তেওঁলোকৰ ল'ৰা-ছোৱালী সকলোৰে পৰা যথাযথ মান-সন্মান,মৰম-স্নেহ অৱশ্যেই তেওঁলোকে লাভ কৰিছিল।নিতৌ সুস্বাদু আহাৰেৰে তেওঁলোকক আপ্যায়ন কৰা হৈছিল।সকলো ঠিকে আছিল,কিন্তু তাৰ মাজতো যেন তেওঁলোকৰ দুচকুত উৰ্বশী অথবা তেওঁৰ মাকহঁতে  সন্দেহৰ  চাঁৱনি দেখা পাইছিল।
      এদিন উৰ্বশী বুতালিয়াৰ মোমায়েকে দুৱাৰ বন্ধ কৰি বায়েক সুভদ্ৰাৰ আগত বৰ আক্ষেপেৰে কৈছিল যে তেওঁ ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈ সুখী হ'ব পৰা নাছিল।তেওঁ  কৈছিল - 'If this house had not been there,I think,we all would have been together I would not have converted and lost every moment of peace in my life.' আৰু কৈছিল-' For them I am still a Hindu.If a girl had not been getting married and my presence was becessary,I might well have been in jail. অৰ্থাৎ ছোৱালীৰ বিয়াত পিতৃ হিচাপে তেওঁৰ উপস্থিতিৰ প্ৰয়োজন আছিল বাবেই তেওঁৰ সামান্য মূল্য আছিল,অন্যথা ইমানদিনে তেওঁ কাৰাগাৰত থাকিলহেঁতেন। কাৰণ পাকিস্তানত তেওঁক সকলোৱে এতিয়াও হিন্দু বুলিয়ে  সন্দেহৰ চকুৰে চায়।আশ্বৰ্যজনকভাৱে আনকি তেওঁৰ নিজৰে  পুতেকে তেওঁৰ বিৰূদ্ধে হিন্দু চোৰাংচোৱা  বুলি কেচ ৰুজু কৰিছিল।
       লাহোৰৰ পৰা উভতি অহাৰ পাছতো কিছুদিনলৈ দুয়োটা পৰিয়ালৰ মাজত উপহাৰ, চিঠি-পত্ৰ আদিৰ আদান-প্ৰদান চলি থাকিল।এখন চিঠিত মোমায়েকে বায়েকলৈ লিখিছিল-'I have never forgiven myself for what I did in my youth.I can't retrace my steps,I have never been accepted here,even by my own family.'
        লাহে লাহে মোমায়েকে চিঠি-পত্ৰ পঠিয়াবলৈ এৰি দিছিল।প্রকৃততে তেওঁ গম পাইছিল যে তেওঁৰ ওপৰত পুলিচে নজৰ ৰাখিবলৈ আৰম্ভ কৰিছে।তেওঁ ভাৰতলৈ এই বাৰ্তা প্ৰেৰণ কৰিছিল যে-Try not to keep in touch.it makes things very difficult.উৰ্বশী বুতালিয়াই লিখিছে-' This was not just something official,but also within the family,for his sons put pressure on him to break contact with his Indian family. তেতিয়াৰে পৰা মোমায়েকৰ সৈতে কোনো যোগাযোগ নাই,আনকি তেওঁ বৰ্তমান জীয়াই আছে নে নাই সেই কথাও তেওঁলোকে নাজানে।
      এয়া আছিল উৰ্বশী বুতালিয়াৰ নিজৰে পৰিয়ালৰ কাহিনী।বিভাজনে কঢ়িয়াই অনা এনে অজস্ৰ সঁচা,হৃদয়বিদাৰক কাহিনী উৰ্বশী বুতালিয়াৰ মোমায়েকৰ দৰে আৰু অজস্ৰজনে সংগোপনে বুকুত কঢ়িয়াই ফুৰিছিল ।কিন্তু  দশক দশক ধৰি এই কাহিনীবোৰ  নিস্তব্ধতাত পোত খাই থাকিল। কোনো ইতিহাসত লিপিবদ্ধ নহ'ল এইবোৰ কাহিনী। এনে বহু অলিখিত কাহিনীয়েই  উৰ্বশী বুতালিয়াৰে ব্যক্ত কৰিছে তেওঁৰ  'দ্য আদাৰ চাইড অব চাইলেঞ্চ 'গ্ৰন্থত। (সমাপ্ত)

Friday, December 2, 2022

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-

দুখৰ অৰণ্য নাথাকিলে ক'ত আহি
 জিৰাবহি সুখৰ চৰাই
                                                  - বীৰ্কে বি থাপা

সন্দিকৈ কলেজৰ 
তুমি সাগৰিকা বৰদলৈ..
       এই এটি কবিতাৰে যুৱ-প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰা কবি প্ৰণৱ কুমাৰ বৰ্মন বৰ্তমান মোৰো এজন অত্যন্ত প্ৰিয় কবি।এই গৰাকী কবিৰ কবিতাত মই বিচাৰি পাওঁ প্ৰেম সম্পৰ্কীয় এক অনন্য উপলদ্ধি। বিচাৰি পাওঁ এক অনন্য হৃদয়স্পৰ্শী , বাঙ্ময় শৈলী।
       ক'বলৈ গ'লে,বহুদিনলৈ প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা মই পঢ়া নাছিলোঁ।ইয়াৰ প্ৰধান কাৰণ আছিল নতুন প্ৰজন্মৰ কবিসকলৰ প্ৰতি থকা তীব্ৰ অনীহা।কাৰণ,নতুন প্ৰজন্মৰ কবিতাত ক্ৰমশ: পৰিলক্ষিত হোৱা দুৰ্বোধ্যতাই আমাক নিৰাশ কৰিছিল।দুৰ্বোধ্যতা মোৰ বাবে অসহনীয়।আমি আশীৰ দশকৰ অগ্নিগৰ্ভা সময়ৰ বুকুত গজা কবিতাৰ স্ফুলিংগ বুকুত লৈ ডাঙৰ হোৱা কবিতাৰ সাধাৰণ পাঠক।হীৰোদাৰ কবিতাই আমাৰ প্ৰেমৰ আকাশত স্পন্দন তোলা বয়সত সমীৰ তাঁতী,সনন্ত তাঁতী,বিপুলজ্যোতি শইকীয়া,ৰফিকুল হুছেইন ,নন্দ সিং,ৰাজু বৰুৱা,মেঘালী ফুকনৰ বিপ্লৱৰ সুৰ-ধ্বনিত কবিতাই বুকুত বিদ্ৰোহৰ বাসনা জগাই তুলিছিল।যৌৱনৰ সেই দিনবোৰৰ পৰা আহি আহি  নব্বৈৰ দশকত নীলিম কুমাৰৰ কবিতা বুজা-নুবুজাকৈয়ে আমাৰ ভাল লাগিছিল।আমাৰ মুখে মুখে আছিল তেওঁৰ কবিতা।নীলিম কুমাৰৰ বহুচর্চিত 'ৰুবী গুপ্তা','অপ্ৰজনন' আদিৰ দৰে কবিতাই আমাৰ মন-মস্তিষ্কত জোঁকাৰণি তুলি গৈছিল।বহু কথা নুবুজাকৈয়ো যেন কিবা এটা উপলদ্ধি কৰিব পাৰিছিলোঁ।কিন্তু নব্বৈৰ দশকৰ পৰা অসমীয়া কবিতালৈ ক্ৰমশ: নামি অহা দুৰ্বোধ্যতা আমাৰ দৰে আৰু বহু কবিতানুৰাগী পাঠকৰ বাবেই আছিল অসহনীয়। এই দুৰ্বোধ্যতাক সমালোচনা কৰিছিলোঁ আমি।কাৰ বাবে কবিতা?সৰ্বসাধাৰণ পাঠকে যদি বুজিয়েই নাপায়,তেন্তে কবিতাৰ প্ৰয়োজনীয়তাইবা কি?
       কবিতাৰ দুৰ্বোধ্যতা সম্পৰ্কত যথেষ্ট আলোচনা-সমালোচনা হোৱাৰ মাজতো  কিছু সংখ্যক সাহিত্যৰ সমালোচকে  আধুনিক কবিতা বুদিবৰ বাবে সূক্ষ্ম অন্তৰ্দৃষ্টি আৰু অন্তৰ্চেতনা থাকিব লাগিব বুলি আগবঢ়োৱা মন্তব্যৰ পৰিপ্ৰেক্ষিতত আমি একপ্ৰকাৰে নতুন প্ৰজন্মৰ কবিতা পঢ়িবলৈ প্ৰায় বাদেই  দিবলগীয়া হৈছিল,কাৰণ দুৰ্বোধ্য কবিতাৰ ৰসাস্বাদন কৰিবলৈ প্ৰয়োজন হোৱা সেই সূক্ষ্ম অন্তৰ্দৃষ্টি অথবা অন্তৰ্চেতনা কোনোটোৱেই আমাৰ নাছিল।
       কিন্তু প্রণৱ কুমাৰ বৰ্মনৰ কবিতা আছিল ব্যতিক্ৰম।খুব সম্ভৱ,কটনত পঢি থকা অৱস্থাতে তেওঁ লিখা 'সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ' আৰু 'তোমাৰ প্ৰেমত পৰিমেই পৰিম, তুমি কি কৰিবা?' আদিৰ দৰে কলেজ-ইউনিভাৰ্চিটিৰ যৌৱনৰ বতাহ আন্দোলিত কৰি  মুখে মুখে বিয়পি পৰা কবিতাবোৰ অজানিতে আমাৰো ভাল লগা হৈ আহিছিল।ভাৱিছিলোঁ-জনপ্রিয়তাৰ ঢৌ সাধাৰণতে বৰ ক্ষন্তেকীয়া হয়,কিমাননো দিন টিকিব? কিন্তু আচৰিত হৈছিলোঁ দেখি যে সেই দুই দশক পূৰ্বে কবিতা লিখিবলৈ আৰম্ভ কৰা প্ৰণৱৰ কবিতা আজিও জনপ্ৰিয়।প্রণৱৰ কবিতা পঢ়িবলৈ বা শুনিবলৈ মানুহ আজিও উদগ্ৰীৱ হৈ থাকে।
      প্রণৱ কুমাৰ  বৰ্মনৰ কবিতাত এনে কি আছে যে  যাৰ বাবে আজিও তেওঁৰ কবিতাই  জনপ্ৰিয়তা অলপো হেৰুৱা নাই।নতুন প্রজন্মৰ লগে লগে সৰ্বস্তৰৰ পাঠকৰ মাজত তেওঁ আজিও সমানেই জনপ্ৰিয় হৈ থকাৰ ৰহস্য কি?
      প্ৰণৱৰ  কবিতাত আচলতে নতুন প্ৰজন্মৰ চেতনাক আলোড়িত কৰিব পৰা যাদুকৰী কৌশল আছে,ষ্টাইল আছে।দুৰ্বোধ্যতাৰ পৰিৱৰ্তে  সহজবোধগম্য আৰু অভিনৱ নাটকীয় কথনশৈলী আছে।কটনত পঢ়ি থাকোঁতেই লিখা সেই প্রথমাৱস্থাৰ কবিতাসমূহত আজিৰ দৰে গভীৰ জীৱনবোধ অথবা সমাজ-চেতনা নাথাকিলেও ,তেওঁৰ কবিতাই অজস্ৰ পাঠকক মুগ্ধ কৰিছিল - মূলত: তেওঁৰ অভিনৱ কথন শৈলীৰ বাবে।সেই সময়ত লিখা এটি কবিতাত তেওঁ লিখিছিল--'আজি তোমাৰ নাম ধৰি/হোষ্টেলৰ খিৰিকিৰে চিঞৰিম/তুমি কি কৰিবা/অন্নৰ দোকানত চিগাৰেট হুপি হুপি/তোমাৰ লচপচ চাই থাকিম/তুমি কি কৰিবা/..তুমি হেয়াৰ ভাইটিলাইজাৰ ক্লিনিক প্লাচেৰে /বতাহত চুলি উৰুৱাইছা/মই মিশ্বেল ফু'কৰ 'দি বাৰ্থ অফ ক্লিনিকে'ৰে /জীৱনক অনুবাদ কৰিছোঁ/...তুমি নিমাৰোজ নিমাৰোজ চাবোনেৰে/বুকুত সপোনৰ ফেন তুলিছা/মই টেৰ'ৰিষ্ট টেৰ'ৰিষ্ট ভাৱনাত ডুলি
দু:স্বপ্নৰ গুলি ফুটাইছোঁ/...(মই তোমাৰ প্ৰেমত পৰিমেই পৰিম তুমি কি কৰিবা?)
       কবি গাঁৱৰ পৰা অহা ল'ৰা।তেওঁ জানে জমিদাৰী শোষণৰ কথা।জানে - কিদৰে বহুৱাব লাগে শেল জমিদাৰৰ বুকুত।জমিদাৰী শোষণ ,অত্যাচাৰ আৰু বঞ্চনাই বিক্ষুব্ধ কৰি তোলা কবিয়ে চহৰলৈ আহি একপক্ষীয়ভাৱে প্ৰেমত পৰিছে কোনোবা ধনীৰ দুলালীৰ।হয়তো তেওঁৰো কোনোবা স্বপ্নৰ ৰাজকুমাৰ থাকিব পাৰে,কোনোবা সোণালী পিচিঅ'ৰ বুথত সোমাই সেই স্বপ্নৰ ৰাজকুমাৰক হয়তো তেৱোঁ কঁপা কঁপা মাতেৰে ফোন কৰিব পাৰে-তথাপিতো তেওঁৰ প্ৰেমৰ ' চলিচিটেড মেটাফিজিক্স'ত বৰবাদ হৈ যাবলৈ কবি সাজু -'তোমাক নাপালে জালুকবাৰীক/খুন কৰি তেজ খাম/তুমি কি কৰিবা ? আজি তোমাৰ প্ৰেমত পৰিমেই পৰিম/তুমি কি কৰিবা?'..
      কবি প্রণৱৰ প্ৰথমাৱস্থাৰ কবিতাত আছিল - একপক্ষীয় প্ৰেমৰ প্ৰচণ্ড জেদ আৰু প্ৰবল আত্মধ্বংসী প্ৰবণতা।কাৰোবাৰ ৰূপজ প্ৰেমত তেওঁ আছিল অন্ধ। যুক্তিতকৈ অধিক আৱেগসৰ্বস্ব আছিল সেই প্ৰেম।কিন্তু প্ৰেমৰ সেই প্ৰচণ্ড জেদ ভাৱ ক্রমান্বয়ে অন্তৰ্হিত হ'বলৈ আৰম্ভ কৰিলে তেওঁৰ পৰৱৰ্তী কালৰ কবিতাত। 'যি হ'ব মোৰ প্ৰেয়সী' নামৰ কবিতাটিত দেখা যায়-তেতিয়ালৈকে কবিৰ ভিতৰত গা-কৰি উঠিছে এটা সমাহিত আদৰ্শ আৰু দায়িত্ববোধে।কবিতাটিত  তেওঁ লিখিছিল-' তুমি মোৰ বাবে আকাশ হ'ব লাগিব/আৰু গান/
তুমি মোৰ বাবে বোকাত ফেনেকা চৰাই/হ'ব লাগিব/আৰু তৰা চাই আপোন পাহৰা/...তুমি কোনোদিনে কন্দাটো মই পচন্দ নকৰিম/
তুমি দুখৰ বতাহতো হাউলি নপৰা গছ/হ'ব লাগিব/তুমি মোৰ শ্ৰমিক দেউতাক/ভাল পাব লাগিব অকৃত্ৰিম/মোৰ দুখুনি আইক আই বুলি ভাৱিব/পাৰিব লাগিব/তুমি শ্ৰমিক সংগ্ৰামৰ কথা/বুজাটো বাঞ্চনীয়..'।
       এটি সাক্ষাৎকাৰ(নিয়মীয়া বাৰ্তা', 2020 চন)ত তেওঁ কোৱা মতে, ' যি হ'ব মোৰ প্ৰেয়সী' কবিতাটো প্ৰকাশ পোৱাৰ পাছতে প্ৰত্যুত্তৰ হিচাপে প্রায় চাৰিশৰো অধিক কবিতা জমা হৈছিল 'আমাৰ অসম'ৰ কাৰ্যালয়ত।তাৰে নিৰ্বাচিত কবিতাসমূহেৰে কাকতখনৰ সম্পূৰ্ণ এটা পৃষ্ঠা প্ৰকাশ কৰি সম্পাদক হোমেন বৰগোহাঞিয়ে নতুন প্ৰজন্মৰ কবিসকলক উৎসাহিত কৰিছিল-কবিতাক দুৰ্বোধ্যতাৰ পৰা মুক্ত কৰিবলৈ।আৰু সেয়াই আছিল বিশালসংখ্যক পাঠকৰ সৈতে তেওঁৰ প্রথম চিনাকি। তেওঁ কৈছে -' গুণগত মানৰ কথা বাদ দিও এটা কথা ঠিক যে সকলো লেখকেই পাঠকৰ মাজত নিজস্ব পৰিচিতি বিচাৰে– তেনে পৰিচিতি প্রাপ্তিৰ প্রতি ৰৈ ৰৈ বহু মানুহ ধ্বংস হৈ যায়– অথচ মই বৰগোহাঞিদেৱৰ যহত তেনে পৰিচিতি কুৰি বছৰ বয়সৰ ভিতৰতে লাভ কৰিছিলোঁ।' 
      স্বাভাৱিকতেই  প্রণৱ কুমাৰ বৰ্মনৰ কবিতাৰ সহজ-সৰল ষ্টাইল আৰু বিষয়বস্তুৰ গভীৰতাই কবি আৰু পাঠকৰ দূৰত্ব কমাই আনিছিল।ক্রমান্বয়ে তেওঁৰ কবিতাত সোমাই পৰিল  সমাজ-চেতনা আৰু গভীৰ জীৱনবোধৰ দৰে বিষয়বোৰো।কটনৰ দিনতে লিখা তেওঁৰ সকলোতকৈ জনপ্ৰিয় আৰু  বহুচৰ্চিত কবিতা 'সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ'ত সেয়ে কেৱল  ব্যক্তিগত প্ৰেমৰ হুমুনিয়াহেই নাই,আছে বিপৰ্যস্ত সময়ৰো আৰ্ত-চিৎকাৰ।তেওঁ লিখিছে-'আমেৰিকা' আমাৰ বাবে ঘৃণণীয় শব্দ/ঘোলা পানীত কলেৰা খাই যৌৱনপ্ৰাপ্ত/ মোৰ দেশৰ অযুত শৈশৱ..../মোক বধিৰ কৰি পেলোৱা সাগৰিকা/সেই চিঞৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰো।' তেওঁ আশীৰ দশকৰ অগ্নিগৰ্ভা দিনৰ ইতিহাস  পাহৰা নাই- 'আশীৰ দশকৰ মাজেৰে খোজ কাঢ়ি অহা /প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা/আইসকলক সোধা/ তেওঁলোকক কিমানবাৰ উলংগ কৰা হৈছিল অন্ধকাৰত।' 
       মাতৃভূমিৰ ওপৰত চলি অহা এই অত্যাচাৰ আৰু নিৰ্যাতনে কবিৰ বুকু বিদীৰ্ণ কৰিছে বাবেই 
'সাগৰিকা বৰদলৈ'ৰ বাবে থকা তেওঁৰ প্ৰেমত  জেদ নাই,আছে হুমুনিয়াহ।বিচ্ছেদৰ দুখকো এতিয়া আকোঁৱালী ল'ব পৰাকৈ তেওঁ নিজকে সাজু কৰিছে,কাৰণ-নিজৰ আদৰ্শত তেওঁ অতল - '...এদিন তুমিও গুছি যাবা মোৰ হৃদয়ৰ ৰক্তজবা ছিঙি/.....দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান/অ' নতুন দিনৰ আং-ছাং-ছ্যুকী/দি যাবা মোৰ কলমত /তেজৰ চিয়াহী/বাৰুদৰ আখৰ লিখিম..।'(সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ)।
       যোৱা দুটা দশকৰো অধিক কাল ধৰি কবিতাৰ এক অভিনৱ শৈলীৰে অজস্ৰ পাঠকৰ হৃদয়ত নিজস্ব স্থান দখল কৰিবলৈ সক্ষম হোৱা কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাৰ বিষয়বস্তু আজি কেৱল 'প্ৰেম' নহয়,যদিওবা প্ৰেম বিষয়ক কবিতাৰ বাবেই তেওঁ নতুন প্ৰজন্মৰ মাজত সৰ্বাধিক জনপ্ৰিয় কবি। তেওঁৰ কবিতাত 'প্রেম'
এতিয়াও আছে,কিন্তু প্ৰেমৰ লগে লগে তেওঁৰ দৃষ্টি আজি প্ৰসাৰিত হৈছে-ৰোগাক্ৰান্ত সমাজৰ সমস্যাসমূহলৈ।
      সংকীৰ্ণ ৰাজনীতিয়ে মানুহৰ মন আৰু সমাজ কলুষিত কৰা দৃশ্যই তেওঁৰ মন তীব্ৰ ঘৃণাৰে উপচাই পেলাইছে। 'যুদ্ধৰ বিৰুদ্ধে প্ৰস্তাৱনা ' নামৰ কবিতাত তেওঁ লিখিছে-'যুদ্ধ মানেই তেজৰ অপচয়/ধোঁৱাৰে অম্লজান স্বাভাৱিক উশাহ ৰোধ/সভ্যতাৰ ক্ষয়/যুদ্ধ মানেই ৰাষ্ট্ৰৰ নকল হাতে/ চিৰাচিৰ কৰা জনগণৰ ভোক/সীমাৰ সিপাৰৰ পৰা ইপাৰলৈ ঘৃণা বৰ্ষণ/যুদ্ধ মানেই মানৱতাৰ বিৰূদ্ধে বেৰিকেড/শিশুৰ হাঁহিত ।'      
       সেইদৰে তেওঁৰ 'ছাতি' শীৰ্ষক কবিতাটিতো ছাতি কেৱল অতীত স্মৃতিয়েই হৈ থকা নাই যি  ছাতিৰ তলত এদিন তেওঁ প্ৰেয়সীৰ সৈতে বাট বুলিছিল,বৰঞ্চ সেই ছাতি মেলি আজি তেওঁ ৰৈ আছে যুদ্ধভূমিত - নিৰ্দোষ,নিষ্পাপ শিশুবোৰক যুদ্ধৰ কৰাল-গ্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ -' মই আকাশৰ দূৰন্ত প্ৰেমিক/মই মেঘৰ ঠিকনাত বিৰহৰ বহুতো পদ্য লিখিছোঁ/মই বৰষুণক কিয় বেয়া পাম/বৰষুণে মোক সেই সুযোগ দিছে/
একেটা ছাতিৰ তলত প্ৰেয়সীৰ স'তে দীৰ্ঘ বাট ভাঙিবলৈ.../বৰষুণ ভালপোৱা প্ৰথম প্ৰেয়সী মোৰ স'তে নাই/তেৱোঁ মোৰ বাবে হিৰোশ্চিমা যেন স্মৃতি/গুছি গৈছে বৰ্ষা ঋতুৰ বোকা গচকি/
মই ছাতি লৈ ৰৈ আছোঁ যুদ্ধভূমিত/কিজানিবা ছাতিয়ে মোৰ শিশুহঁতক /আকাশমাৰ্গৰ বিস্ফোৰিত মিছাইলৰ পৰা জীৱন দিয়ে,হাঁহি দিয়ে/দিয়ে খন্তেক সময় খাবলৈ ৰুটি।'
     দেশৰ কোটি কোটি অৰ্দ্ধাহাৰ-অনাহাৰ, নিৰাশ্ৰয় ,দাৰিদ্ৰ্যপীড়িত শিশুৰ বাবে কবিৰ অন্তৰে হাঁহাকাৰ কৰে।তেওঁৰ অন্তৰে কান্দে -অভাৱত পৰি দুখীয়া পিতৃ-মাতৃয়ে বিক্ৰী কৰি দিয়া  শিশুহঁতৰ বাবে ,বেশ্যা বৃত্তিক আকোঁৱালী
লোৱা গাভৰুৰ বাবে,পুৰুষৰ হাতত ধৰ্ষিতা হোৱা  ফুলকুমলীয়া যৌৱন, নিৰ্যাতিতা নাৰীৰ বাবে । তেওঁলোকৰ যন্ত্ৰনাক তেওঁ অকৃত্ৰিম সহমৰ্মিতাৰে উপলদ্ধি কৰে বাবেই পাঠকৰ হৃদয় স্পৰ্শ কৰাকৈ তেওঁ লিখিব পাৰে 'এজনী কণমানি ছোৱালীৰ প্ৰাৰ্থনা'.'ছোৱালীজনী গাওঁ এৰি গ'লগৈ,ভালেই কৰিলে তাই','এগৰাকী ধৰ্ষিতা গাভৰুৰ আত্মকথা','যশোধৰা','সীতাৰ আত্মকথা' ' নীৰু ' আদিৰ দৰে কবিতা । সেইদৰে পেটৰ বাবে শৰীৰ বিক্ৰী কৰা নাৰীক বেশ্যালয়ৰ নাৰকীয় পৃথিৱীৰ পৰা  উলিয়াই নিব বিচৰা কবিৰ মনৰ প্ৰতিফলন আছে 'বদনামী হৈ যাওঁ ব'লা' শীৰ্ষক  কবিতাত-' অলপ বদনামী হৈ যাওঁ ব'লা/নিয়মৰ বাহিৰত আকাশ চুবলৈ/... যাওঁ,হাতখন দিয়া,হাতত ধৰি /বদনামী ভাল পোৱালৈ/সলাই লোৱা তাত পুৰনি উৱলি যোৱা পোছাক/সলাই লোৱা হুমুনিয়াহ/সলাই লোৱা মৃত্যুক/...অলপ বদনামী হৈ যাওঁ,ব'লা/চৰাইৰ দৰে সীমা ভাঙি ভূগোলত/অলপ বদনামী হৈ যাওঁ ব'লা। '
     বেশ্যাবৃত্তিৰ ইতিহাস বহু পুৰণি যদিও আধুনিক বেশ্যাবৃত্তি ঘাইকৈ পুঁজিবাদৰ গৰ্ভত জন্ম।পুঁজিবাদৰ পুৰুষতান্ত্ৰিক ভোগবাদে নাৰীক পদদলিত কৰি ৰখা দস্তুৰটোক কবিয়ে বিৰুধিতা কৰিছে বহুকেইটা কবিতাত।তচলিমা নাচৰিণৰ উগ্ৰ ফেমিনিজমকো  বহু ক্ষেত্ৰত তেওঁ সমৰ্থন কৰিছে । ' বিবাহ-বিচ্ছেদ ' নামৰ কবিতাটিত তেওঁ লিখিছে -'মই ভাল পাওঁ প্ৰেমভৰা চুমা স্পৰ্শ/তেওঁ ভাল পায় মোৰ নগ্নতাক দাঁতেৰে বখলীয়াই/.....এনেদৰে কি একেলগে থকা সম্ভৱ/মোৰ বক্ষত মুখ গুজি/ তেওঁ যেতিয়া শুনায় বেশ্যালয়ৰ কাহিনী/মোৰ নাভিত ওঁঠ থৈ তেওঁ যেতিয়া শুনায়/অফিচৰ অনামিকা গোস্বামীৰ উৰুৰ তিলৰ কাহিনী../হি ইজ ড্ৰাগ এডিক্টেড/হি ইজ ড্ৰাগ এডিক্টেড/হি ইজ চেডিষ্ট/হি ইজ লুম্পেন মাই লৰ্ড /... একেই সকলো পুৰুষ/তেওঁৰ জননাংগত বহু নাৰীৰ ডিম্বাণু নিষিক্ত/বহু নাৰীৰ বিচনাত বৈছে তেওঁৰ বীৰ্য/....মোৰো মন যায় পুৰুষ বেশ্যাক মোৰ/ বিচনাত শুৱাই/মোৰ প্ৰিয় পুৰুষক সেই কাহিনী শুনাম/অন্যথা বলাৎকাৰ কৰোঁ যুগ যুগ শাসক শক্তিশালী পুৰুষক/ আৰু নৰ্দমাত গতিয়াই পেলাম ।'  
      কবিয়ে লক্ষ্য কৰিছে-ভোগবাদে মানুহক মানুহৰ কাষৰ পৰা আঁতৰাই লৈ গৈছে।আজিৰ এই যান্ত্ৰিক আৰু বস্তুবাদী জগতত যেন সকলো মানুহেই নি:সংগ। এগৰাকী বিবাহিতা নাৰীৰ এই নি:সংগতাক তেওঁ অংকণ কৰিছে ' বৈপৰীত্য' নামৰ কবিতাত।সেইদৰে ,আজিৰ যুগত নিজৰ কেৰিয়াৰ,সপোন ইত্যাদি পূৰণৰ বাবে দিনে-নিশাই ব্যস্ত হৈ থকা নিজৰ সন্তানৰ কাষতে অৱহেলিত হৈ বৃদ্ধাশ্ৰমত বাস কৰিবলগীয়া হোৱা দুৰ্ভগীয়া পিতৃ-মাতৃৰ হৃদয়স্পৰ্শী চিত্ৰ তেওঁ অংকন কৰিছে 'বৃদ্ধাশ্ৰমৰ পৰা মায়ে কৈছোঁ ' নামৰ কবিতাটিত - অকনো উমান নিদিয়াকৈ অভাৱৰ মাজতো সন্তানৰ বাবে মাক-দেউতাকে  সাজিছিল আশাৰ এটি ঘৰ। শীতত ঠাণ্ডা লাগিব বুলি তাৰ মাকে চুৱেটাৰ গুঁঠিছিল।দেউতাকে নিজে কঁপি থাকিলেও তাৰ বাবে কিনি আনি দিছিল জিন্স, জেকেট , জোতা। তাৰপাছত, দিনবোৰ গৈ থাকিল,ল'ৰাৰ এদিন ভাল দৰমহাৰ চাকৰি হ'ল।ব্যস্ততাই তাৰ সময়বোৰ কাঢ়ি লৈ গ'ল।সময়ৰ লগে লগে সি গৈ থাকিল,গৈ থাকিল..আৰু ইমান দূৰলৈ গ'লগৈ যে তাৰ বৃদ্ধ  মাক-দেউতাকে তাক আৰু নেদেখা হ'লগৈ। 

' জীৱনৰ দীঘল বাটেৰে তই থাকিলি গৈ
গৈ থাকোতে গৈ থাকোতে তই ৰৈ ৰৈ আমি নেদেখাই হ'লোঁ সোণ তোক
.....
এসময়ৰ ইমান ডাঙৰ ঘৰটো চোন হঠাতে সৰু হৈ গ'ল..
সোণ,তাৰ পাছত আৰু তোৰ জন্মদিন পালনৰ পোৱা নাই খবৰ
আকাশৰ বাৰান্দাত তই থিয় হৈ থাকিলি
মই তলৰ পৰা তোক ঢুকি নোপোৱা হ'লোঁ চোন!'
                        
   পাঠকৰ হৃদয় স্পৰ্শ কৰা প্ৰণৱৰ আন এটি কবিতা হৈছে ' চুইচাইড নোট '। কবিতাতটিত তেওঁ প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে
শিশু মনস্তত্বৰ হৃদয়স্পৰ্শী চিত্ৰ - এটি কণমানি শিশু,খেলাৰ বয়স তাৰ।কিন্তু খেলি থাকোঁতেও তাক টানি অনা হয়।তাৰ ওপৰত জাপি দিয়া হয় কিতাপৰ বোজা।ডাঙৰ হৈ অহাৰ লগে লগে কিতাপৰ বোজা বাঢ়ি যায়, মগজুত তাৰ সুমুৱাই দিয়া হয় ফিজিক্সৰ পোক,তেজত মেথমেটিক্সৰ পৰুৱা।সিহঁতৰ অসহ্য কামোৰত সি ৰাতি শুৱ নোৱাৰে।মাজৰাতি সাৰ পায় সি।সাৰ পাই ছবি আঁকিব খোজে,গীটাৰ বজাব খোজে,ফটো তুলিব খোজে জোনাকী পৰুৱাৰ।কিন্তু তাৰ ইচ্ছা আৰু সপোনবোৰক বাট ভেটি ধৰে মাক-দেউতাকৰ সপোনবোৰে-'' মোৰ সপোনক বাট ভেটি ধৰে /তোমাৰ সপোনে মা /পাপা মোক মুকলি কৰি দিয়া/মোক মুকলি কৰি দিয়া/ তোমালোকৰ সপোনৰ পৰা.../ক'তো ৰং নাই, বৰষুণ নাই/আকাশ নাই /..আৰু নহয় পাপা/তোমালোকৰ সপোনৰ উচ্চতাৰ পৰা/ সৰি পৰিব নোখোজো/তোমাৰ ইচ্ছাবোৰৰ উচ্চতাৰ পৰা তললৈ /নামি যাব নোখোজো মা/..মোক ক্ষমা কৰিবা/এই পৃথিৱীৰ বাবে মই লায়কৰ নাছিলো../পাপা,মা,এতিয়া মই যি উচ্চতাত /ওলমি থাকিম নিথৰ হৈ/তাৰ পৰা মোক নমাই নানিবা/মই তোমালোকৰ সপোনৰ সমান ওখ হ'ব খোজো ...! '                         
       এনেদৰেই মূলত: প্ৰেম,যৌনতা,মদ আৰু চিগাৰেটৰ ধোঁৱাৰে ধূসৰিত পৃথিৱীৰ পৰা
আৰম্ভ কৰি অৰ্ধাহাৰ-অনাহাৰত দিন কটোৱা অভাৰব্ৰীজৰ তলৰ বাসিন্দা,ভৱিষ্যতহীন অজস্ৰ শিশুৰ শুকান -মলিন মুখ,চাকৰিৰ বাবে অফিচে অফিচে ইণ্টাৰভিউ দি দি ভাগৰি পৰা অজস্ৰ নিবনুৱাৰ যন্ত্ৰণাকাতৰ হৃদয়,ধৰ্ষিতা গাভৰুৰ চিৎকাৰ, আন্ধাৰ গলিৰ বেশ্যা, ইত্যাদিৰ দৰে অলেখ বিষয়বস্তুলৈ তেওঁৰ দৃষ্টি প্ৰসাৰিত।এনেবোৰ বিষয়ক লৈয়ে তেওঁৰ অন্তৰে কান্দে,সেই কান্দোনেৰেই তেওঁ কবিতা লিখে। 
লিখি যায়-সৰি পৰা নক্ষত্ৰৰ টোপনি,মনজুইৰ লোকগল্প ,এটা নি:সংগ ঘোঁৰাৰ আত্মকথা,প্ৰেমৰ কবিতা, মঙলতি বুঢ়ী,কলকাতাৰ বেশ্যা দিল্লীৰ বৰষুন ,সন্দিকৈ কলেজ , চন্দ্ৰ গ্ৰহণ,কটন কলেজৰ হাজাৰ সন্ধিয়া,নৰকত নষ্ট ঈশ্বৰ,Weep not my love ,বিষন্ন প্ৰেয়সীৰ স্মৃতি,জঘন্য প্ৰেম জঘন্য মৃত্যু,মিছ বিদিশা আহিছে আদিৰ দৰে এখনৰ পাছত এখনকৈ গ্ৰন্থ। 
      তেওঁ বিশ্বাস কৰে- প্ৰেম সভ্যতাৰ সৰ্বোত্তম আৱিস্কাৰ,মহত্ততম অনুভূতি।সেইবাবেই তেওঁৰ কবিতাত আজিও প্ৰেম অন্তৰ্হিত হোৱা নাই।সেইবাবেই তেওঁ আজিও 'দেৱদাস'।আজিও তেওঁ 
তামাম চিগাৰেট শেষ কৰি চাৰ্বাক হয়,মদৰ বটল শেষ কৰি হয় ওমৰ খায়াম।কোনোবা 'পাৰু'ৰ স্মৃতিত লিখে -'এইয়া তোমাৰ উৱলা ফটো বুকুত বান্ধি/এঢোক ফটিকা পান কৰোঁ/আৰু কান্দো তোমাৰ সোঁৱৰণীৰে/কথা আছিল এদিন আমি/ পালন কৰিম/সেউজীয়া উৎসৱ/কথা আছিল/
কথা আছিল বহুত কথা কত কি..!'

কিছু ব্যক্তিগত :
      মাত্ৰ কেইদিন পূৰ্বে কবি প্ৰণৱ কুমাৰ বৰ্মনৰ আহিছিল মোৰ ঘৰলৈ।সেইদিনা প্রিয় কবিৰ সৈতে  অন্তৰংগভাৱে কিছু সময় কটোৱাৰ বিৰল আৰু অবিস্মৰণীয় সুযোগ লাভ কৰিছিলো।কবিৰ অপূৰ্ব সান্নিধ্যৰে উমাল হৈ পৰিছিল সিদিনাৰ সন্ধ্যা। প্ৰথমে এসাজ ভাত ,তাৰ পাছতে সমৱেত অতিথিসকলৰ আগত কবিৰ কণ্ঠেৰে 'সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ'ৰ আবৃত্তি।আচলতে,তেওঁ য'লৈকে যায়-অনুৰাগী শ্ৰোতাৰ বিপুল দাবীত তেওঁ আবৃত্তি কৰিবলগীয়া হয় এই কবিতা।এনেদৰেই বিগত দুটা দশক ধৰি সাগৰিকা বৰদলৈক তেওঁ কঢ়িয়াই লৈ ফুৰিছে বুকুত।
      সিদিনা কবিৰ কণ্ঠত সাগৰিকা যেন আকৌ উঠি আহিছিল জীৱন্ত হৈ,কবিৰ বুকুৰ পৰা। সাগৰিকাৰ চকুত চকু থৈ তেওঁ যেন ক'ব খুজিছিল-' সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে /ক'ত আহি জিৰাবহি সুখৰ চৰাই ? ' ভাৱিছিলোঁ-অন্তৰত কিমান দুখ ,কিমান যন্ত্ৰণা থাকিলে আচলতে  লিখিব পাৰি কবিতা-প্ৰেমৰ কবিতা,নৰক-যন্ত্ৰণাৰ কবিতা ! (সমাপ্ত)
     

















Friday, August 13, 2021

ড:ৰঞ্জিত দত্তৰ বৰ্ণিল ব্যক্তিত্ব আৰু সাহিত্য প্ৰতিভা


ড:ৰঞ্জিত দত্তৰ
         বৰ্ণিল ব্যক্তিত্ব আৰু সাহিত্য প্ৰতিভা

                                              -বীৰ্কে বি.থাপা

        পাঠকৰ হৃদয় স্পৰ্শ কৰিবৰ বাবে বিষয়বস্তুৰ গভীৰতাৰ লগে লগে সাহিত্যত একোটা আকৰ্ষণীয় আৰু সুবিন্যস্ত কথনশৈলী বা গদ্যৰীতিৰো অত্যন্ত প্ৰয়োজন।বিশিষ্ট কবি ড:ৰঞ্জিত দত্তৰ কবিতাৰ স্পন্দিত শব্দ -বিন্যাসৰ দৰে স্পষ্ট, মেদহীন আৰু গভীৰ অভিব্যক্তিপূৰ্ণ পৰিশীলিত গদ্যয়ো পাঠকৰ হৃদয় স্পর্শ কৰে ।
        ড: ৰঞ্জিত দত্ত এগৰাকী আকৰ্ষনীয় ব্যক্তিত্বৰ অধিকাৰী।তেখেত কেৱল হৃষ্ট-পুষ্ট,সুদৰ্শন ব্যক্তিয়েই নহয়,তেখেতৰ ব্যক্তিত্বত আছে সকলোকে মুগ্ধ কৰিব পৰা এক অপূৰ্ব 'মেগনিটিউড পাৱাৰ'।এক বলিষ্ঠ ,গলগলীয়া কণ্ঠেৰে অনৰ্গল কথা পাতিব পৰা আকৰ্ষণীয় দক্ষতা আছে তেখেতৰ।তেখেতৰ কথাত প্ৰকাশ পোৱা প্ৰবল যুক্তি , স্পষ্টবাদিতা আৰু সৰল-বিনয়ী ভাৱ-মাধুৰ্যৰ দৰে  তেখেতৰ অপূৰ্ব গদ্যশৈলীয়েও পাঠকক  মুগ্ধ কৰিব পাৰে ,পাঠকৰ মন-মস্তিষ্কক আলোড়িত কৰিব পাৰে।
        ভাৰতৰ অন্যতম এক বৃহৎ উদ্যোগিক প্ৰতিষ্ঠান ক'ল ইণ্ডিয়াৰ এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া (মহাপ্ৰৱন্ধক)হিচাপে তেখেতৰ জীৱন-ধাৰণত  এক উচ্চবিত্তীয় আভিজাত্য থকাটো অস্বাভাৱিক নহয় যদিও তেখেতৰ আচাৰ-ব্যৱহাৰত উচ্চবিত্তীয় অহমিকা মই কেতিয়াও দেখা নায়।সকলো শ্ৰেণীৰ লোকৰ সৈতে এক আন্তৰিক -সুষম সম্পৰ্ক বজাই ৰখাত গুৰুত্ব দিয়ে তেখেতে।সেইবাবেই দিহিং পাটকাইৰ পাদদেশৰ জনগোষ্ঠীয় লোকসকলৰ বুকুৰ কুটুম তেখেত।এই লোকসকলৰ শৈক্ষিক-সামাজিক-সাংস্কৃতিক জীৱনৰ সৈতে সুদীৰ্ঘ বছৰ ধৰি তেখেতে নিজক একাকাৰ কৰি দিছে।দেহে-কেহে খাটি তেখেতে এই লোকসকলৰ উচ্চ শিক্ষাৰ সুবিধাৰ বাবে লিডুত কলেজ স্থাপন কৰি দিছে।চিংফৌ, নক্তে, টাংচা, ফাকিয়াল আদি সকলো জনগোষ্ঠীৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি-ঐতিহ্যক বিশ্বৰ দৰবাৰত দাঙি ধৰাৰ লক্ষেৰে অনুষ্ঠিত কৰোৱা 'দিহিং-পাটকাই-ফেষ্টিভেল'ৰ তেখেত আছিল অন্যতম ৰূপকাৰ।
        ড:ৰঞ্জিত দত্তৰ সৈতে মোৰ পৰিচয় বৰ পুৰণি নহয়। তেখেতক মই প্ৰথম লগ পাইছিলোঁ খুৱ সম্ভৱ 2019 চনৰ জুন মাহৰ কোনোবা এটা দিনত-ডুমডুমাৰ কবি সন্মিলনৰ অনুষ্ঠান এটাত। সেয়াও খুব কম সময়ৰ বাবে।পাছতহে সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে তেখেতৰ কাষ চপাৰ আৰু তেখেতক জনাৰ এটা ইলেক্ট্ৰনিক সুযোগ লাভ কৰিছিলোঁ।
        ফেচবুকত তেখেতে দেশী-বিদেশী বিভিন্ন কবিতাৰ অসমীয়া অনুবাদ আগবঢ়াই নিজাববীয়াকৈ এক অতি সুন্দৰ আৰু প্ৰশংসনীয় কাৰ্য বহুদিন ধৰি কৰি অাহিছে।নিৰলসভাৱে এনেদৰে  অনুবাদৰ দৰে এক জটিল কাম প্ৰায় প্ৰতিদিনেই কৰি যোৱা ড:ৰঞ্জিত দত্তৰ কৰ্মস্পৃহা দেখি অভিভূত হৈছিলোঁ। কাৰণ,তেখেতৰ দৰে কয়লাক্ষেত্ৰৰ এটা দায়িত্বপূৰ্ণ উচ্চ পদৱীত থকা মানুহ এজনে আজৰি পৰত ক্লাব-পাৰ্টি আদিত সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে সাহিত্য-চৰ্চা কৰি যোৱাটো কম কথা নহয়।কবিতাক অন্ত:প্রাণেৰে ভাল নাপালে  অনুবাদৰ দৰে কঠিন কাম কোনেও এনেদৰে অবিৰতভাৱে কৰি থাকিব নোৱাৰে।অকল সেয়ে নহয়,বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট কবিসকলৰ কবিতাৰ অসমীয়া অনুবাদ 'এছাটি সুগন্ধি মলয়া'ৰ প্ৰথম আৰু দ্বিতীয় খণ্ড ক্ৰমে 2019 আৰু 2020 চনত তেখেতে প্ৰকাশো কৰি উলিয়াইছিল। এই সময়ছোৱাতে তেখেতে প্ৰকাশ কৰি উলিয়াইছিল আন দুখন মূল্যবান গ্ৰন্থ-East Wind আৰু  Flows like a river -য'ত সন্নিৱিষ্ট হৈছে প্ৰতিষ্ঠিত-অপ্ৰতিষ্ঠিত বহুকেইগৰাকী  অসমীয়া কবিৰ কবিতাৰ ইংৰাজী অনুবাদ।
        মৌলিক সৃষ্টি হিচাপে  সমসাময়িক বিভিন্ন কাকত-আলোচনীত লেখা-মেলা কৰাৰ উপৰিও তেখেতে 1999 চনত প্ৰকাশ কৰি উলিয়াইছিল প্ৰথমখন কবিতাপুথি-'হৃদয়ত জোনাক'।বৰ্তমানলৈকে তেখেতৰ কাব্যগ্ৰন্থ -হৃদয়ত জোনাক,কেহেৰাজবুলিয়া অনুভৱ, কবিতা মোৰ মৌন প্ৰহৰৰ ,শূণ্যতা আৰু কোলাহলৰ দোলনিতে আৰু নিৰ্জন সৈকত তথা গীতৰ সংকলন 'নিৰিবিলি নিজানতে' আৰু 'সুৰ এটি দিয়ানা' প্ৰকাশ পাইছে।2020 চনত প্ৰকাশিত 'নিৰ্জন সৈকত' এখন দ্বিভাষিক কাব্যসংকলন য'ত তেখেতে কলিকতাৰ বিশিষ্ট কবি ৰাজৰ্ষি নাৰায়ন পত্ৰনবিশৰ 'ফেৰিৱালা' কাব্যগ্ৰন্থৰ নিৰ্বাচিত কিছু কবিতা অসমীয়ালৈ আৰু তেখেতৰ 'নিৰিবিলি নিজানতে' কাব্যগ্ৰন্থৰ নিৰ্বাচিত কিছু কবিতা পত্ৰনৱিশে বাংলালৈ অনুবাদ কৰিছে।   
        নৈসর্গিক চেতনাই আন্দোলিত কৰা অন্তৰৰ কঁহুৱা-কোমল অনুভূতিয়েই ড: ৰঞ্জিত দত্তৰ প্ৰায়বোৰ কবিতাৰ কেন্দ্ৰীয় বিষয় যদিও আধুনিক যুগৰ যান্ত্ৰিকতা,দু:সময়,কৃত্ৰিম আভিজাত্য , মানৱতাৰ স্খলন আদিৰ দৰে বিষয়সমূহো তেখেতৰ  বহুকেইটা কবিতাত চিত্ৰিত হৈছে ।সেইদৰে তেখেতৰ 'এজাক বৰষুণৰ প্ৰত্যাশাৰে' শীৰ্ষক কবিতাত যেনেদৰে ব্যক্তিগত প্ৰেমৰ স্মৃতি সাৰ পাই উঠিছে ,তেনেদৰে  কবিৰ মনৰ এটি অহেতুক অভিমানো প্ৰকাশ পাইছে 'যাত্ৰা' শীৰ্ষক আন এটি কবিতাত।কবিতাটিত তেখেতে লিখিছে-'কোননো থাকিব সদায় কোৱা?/সেইয়া তুমিও ভালদৰে জানা/আৰু ময়ো /...কেতিয়া যাম নেজানো/মোৰও কোনো প্ৰস্তুতি নাই/মাতিলেই যাম অকলে অকলে/...কেতিয়া যাম তোমাক নকওঁ /অভিমান নকৰিবা/তোমাক কিয় কাকোৱেই নকও/কৃষ্ণচুড়াৰ ৰঙা ৰঙা ফুলেৰে ভৰা /অচিন উপত্যকাটোলৈ আগুৱাই যাম/হেৰুৱা সপোনৰ সুবাস বিচাৰি...'।
        আধুনিক যুগৰ যান্ত্ৰিক ব্যস্ততাই কঢ়িয়াই অনা নি:সংগতাৰ কৰুণ চিত্ৰ প্ৰতিফলিত হৈ উঠিছে তেখেতৰ  'নি:সংগতা' শীৰ্ষক কবিতাটিত।একেখন ঘৰত বাস কৰিলেও আজি কাৰো সময় নাই এজনে আনজনৰ সৈতে কথা পাতিবলৈ,মনৰ ভাৱ প্ৰকাশ কৰিবলৈ।সকলো নিজৰ নিজৰ পৃথিৱীত ব্যস্ত।তথাপিও কিন্তু কবি হতাশ  হোৱা নাই।তেখেতে লিখিছে- 'কান্ধত উলমাই লোৱা/দীঘল গধুৰ মোনাটো /চোঁচৰাই চোঁচৰাই/আলি কেঁকুৰিটো পাৰ হওঁতেই/কেনেকৈনো পাৰ হৈ গ'ল/মোৰ সোনালী যৌৱন...ভাৰখন আজি পাতল/মোনাটো খুলি মাজে মাজে চাওঁ/তাত আজি নাই সেই গধুৰ শিলবোৰ/আছে মাথোঁ এক আনমনা উন্মাদনা...ৰাজহাঁড়ৰ বিষটোৱে মোক আমনি নকৰে/নি:সংগতাত মই হতাশ নহওঁ..'(এপিটাফ) ।
        কবিতাৰ দৰেই সুন্দৰ তেখেতৰ উপন্যাসকেইখনো।সঁচা অৰ্থত ক'বলৈ গ'লে,হৃদয়ত সকলো সময়তে কবিতা কঢ়িয়াই লৈ ফুৰা মানুহ ড:  ৰঞ্জিত দত্ত।কবি হিচাপেই তেখেত পাঠক সমাজত বিশেষভাৱে পৰিচিত।তৎসত্তেও মোৰ এনে লাগে যেন উপন্যাসিক হিচাপেহে তেখেত বেছি সফল।উল্লেখযোগ্য যে উপন্যাসৰ গতানুগতিক বৈশিষ্ট্য বা সাধাৰণ সংজ্ঞাত তেখেতৰ উপন্যাস আৱদ্ধ নহয়।তেখেতৰ উপন্যাসৰ 'ফৰ্ম ' আন বহু উপন্যাসতকৈ কিছু ভিন্ন বা ব্যতিক্ৰম।তাৰ পাছতো কিন্তু পাঠকৰ হৃদয় স্পৰ্শ আৰু আলোড়িত কৰিব পৰা কৌশল আৰু সমল আছে তেখেতৰ উপন্যাসত।
        ড: ৰঞ্জিত দত্তৰ প্ৰকাশিত উপন্যাস তিনিখন হৈছে -'কেইজনমান বন্ধু,দুটিমান গল্প আৰু এখন উপন্যাস', 'ক'লা হীৰাৰ দেশলৈ ' আৰু 'নিশিতাৰ কথাৰে '।
        তেখেতে নিজে কোৱা মতে,1996 চনত প্রকাশিত প্ৰথমখন  উপন্যাস-'কেইজনমান বন্ধু,দুটিমান গল্প আৰু এখন উপন্যাস' প্ৰকৃততে আলোচনীৰ পাতত প্ৰকাশিত টুকুৰা টুকুৰ কাহিনীবোৰকে এডাল সূতাৰে বান্ধি এক নতুন ক্ৰমেৰে সজাই উপন্যাসৰ ৰূপ দিয়া এক পৰীক্ষামূলক পদক্ষেপ।উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ বিভাগীয় কাম এটাৰ বাবে সহকৰ্মী বন্ধু ৰাজখোৱাৰ সৈতে নাগপুৰলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত বোম্বাই-হাওৰা এক্সপ্ৰেছ ৰেলগাড়ীখনত  দেখা পোৱা বিভিন্ন সৰু সৰু খণ্ড চিত্ৰ,যাত্ৰীসকলৰ সৈতে সমসাময়িক  ৰাজনীতি, সমাজনীতি, সাহিত্য, ইতিহাস আদি বিভিন্ন বিষয়ত হোৱা কথোপকথন আদিৰ পৰা উপন্যাসখনৰ আৰম্ভণি আৰু অগ্ৰগতি।অসমত সশস্ত্র বিপ্লৱৰ উত্থান,উগ্ৰপন্থী দমনৰ নামত ভাৰতীয় সেনাৰ অত্যাচাৰ,বিদেশী বিতাৰণ আন্দোলনৰ সময়ছোৱাত অসম এৰি কলিকতালৈ গুছি যোৱা লোকৰ মৰ্মবেদনা,ক্ষয়িষ্ণু সমাজব্যৱস্থা ,বৰ্ণবাদী ৰাজনীতি,বাস্তৱ জীৱনৰ সৈতে সম্পৰ্কহীন আধুনিক শিক্ষা-ব্যৱস্থা,শ্লীলতা-অশ্লীলতাৰ মাপকাঠি,বৈবাহিক জীৱনৰ দ্বন্দ্ব,প্ৰেম-সংঘাত, স্বপ্নভংগৰ বিষাদ আদিও উপন্যাসখনত মূৰ্ত হৈ উঠিছে।
        উপন্যাসৰ সাধাৰণ চৰিত্ৰ অনুসৰি ড: ৰঞ্জিত দত্তৰ এইখন উপন্যাসত এটা নিৰ্দিষ্ট কেন্দ্ৰীয় চৰিত্ৰ বা এটা নিৰ্দিষ্ট সুসংবদ্ধ  কাহিনী অনুপস্থিত । তৎসত্তেও কিন্তু সমৰ চলিহা আৰু উৰ্মিলাৰ বৈবাহিক জীৱনত উদ্ভৱ হোৱা মানসিক সংঘাত আৰু পৰিণতিয়ে পাঠকৰ হৃদয় স্পৰ্শ কৰে।নাৰীয়ে প্ৰকৃততে স্বামীৰ পৰা কি বিচাৰে?এই সহজাত প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা নকৰাকৈ কেৱল শংকা আৰু সন্দেহৰ আৱৰ্তত নিজক তিলতিলকৈ নি:শেষ কৰি দিয়াটোৱেই যে পুৰুষৰ জীৱনৰ এক চৰম ট্ৰেজেদী,তাক সমৰ চলিহাৰ মানসিক সংঘাতৰ মাজেৰে উপন্যাসখনত চিত্ৰিত কৰা হৈছে।
        ড: ৰঞ্জিত দত্তৰ 'ক'লা হীৰাৰ দেশলৈ' শীৰ্ষক উপন্যাসখনক দিহিং-পাটকাই পাদদেশৰ এক ঐতিহাসিক দলিল আখ্যা দিব পাৰি।কয়লাৰ খনন আৰু আহৰণৰ বাবে ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা এই সমগ্ৰ অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য,বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি,অাঞ্চলিক ইতিহাস আৰু ঐতিহ্য আদিয়ে উত্তৰ-পূৱ কয়লা ক্ষেত্ৰলৈ বিভাগীয় অনুসন্ধানৰ বাবে কলিকতাৰ পৰা অহা  বিষয়া এগৰাকীৰ মনত সৃষ্টি কৰা সমুগ্ধ ভাৱনাক উপন্যাসখনত প্ৰকাশ কৰা হৈছে। অসমৰ লিডুৰ পৰা বাৰ্মাৰ মাজেদি চীনদেশলৈ সেনাবাহিনীৰ ৰচদ-পাতি কঢ়িওৱাৰ উদ্দেশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত নিৰ্মান কৰিবলৈ আৰম্ভ কৰা ঐতিহাসিক ষ্টিলৱেল পথ, নিৰ্মানৰ সময়ছোৱাত শ্ৰমিকসকলে ভোগ কৰা দুখ-যন্ত্ৰণা, লিডু-মাৰ্ঘেৰিটা-বৰগোলাই-টিপং কয়লা ক্ষেত্ৰসমূহৰ আৱিস্কাৰ, কয়লা উৎপাদনৰ ইতিহাস,ডিগবৈৰ তেল খাদ, লেখাপানী সেনা ছাউনি ,ৱাৰ চিমেট্ৰি ,লিডু ক্লাবৰ আঁতিগুৰি,ক্লাবৰ পাছফালে থকা সেই ঐতিহাসিক বাংলো-য'ত জেনেৰেল ষ্টিলৱেলৰ অফিচ আছিল আৰু ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ দৰে ব্যক্তিও  তেওঁৰ পত্নীৰে সৈতে আহি ভালেমান দিন আছিলহি-আদিৰ দৰে অলেখ ঐতিহাসিক তথ্যৰে উপন্যাসখনৰ প্ৰায় প্ৰতিটো পৃষ্ঠাই ভৰি আছে।তাৰ লগে লগে কয়লাৰ খাদ সমূহৰ সৈতে সম্পৰ্কিত প্ৰযুক্তিগত বিভিন্ন তথ্য,কয়লা আহৰণৰ পদ্ধতি,ৰাচিয়ান অভিযন্তা গ্ৰেট চাংকোৰ অপহৰণ,1979 চনত বৰগোলাই কলিয়ৰীত মিথেইন গেছৰ বিস্ফোৰণ আৰু বিষাক্ত কাৰ্বন-মনোস্কাইড গেছ নিৰ্গমনৰ ফলস্বৰূপে হোৱা দুৰ্ঘটনাত উনৈশ জন শ্ৰমিকৰ কৰুণ মৃত্যু ,খনি শ্ৰমিকসকলৰ ধৰ্মঘট আদিৰ দৰে বহু ঘটনাৰ লগতে আমেৰিকাৰ প্ৰথম মহিলা ব্ৰিগেডিয়াৰ জেনেৰেল আন্না মে হেজ(Anna Mae Hays-1920-2018)ৰ  লিডুৰ সৈতে থকা সম্পৰ্কৰ যোগসূত্ৰকো লেখকে  উপন্যাসখনত দাঙি ধৰিছে।উপন্যাসৰ সাধাৰণ বৈশিষ্ট্য অনুসৰি  ড: ৰঞ্জিত দত্তৰ এইখন উপন্যাসতো এটা কেন্দ্ৰীয় চৰিত্ৰ বা এটা নিৰ্দিষ্ট সুসংৱদ্ধ কাহিনী পাঠকে বিচাৰি নাপাব।তথাপিতো ষ্টিলৱেল ৰোড নিৰ্মানৰ সময়ছোৱাত আমেৰিকাৰ পৰা আহি লেখাপানী সেনা ছাউনীৰ হস্পিটেলত শ্ৰমিকসকলৰ শুশ্ৰুষাত নিজক বিলীন কৰি দিয়া নাৰ্চ আন্না মে হেজৰ মানৱ দৰদী মন,মেকানিকেল ইঞ্জিনিয়াৰ ফিলিপৰ সৈতে গঢ় লৈ উঠা তাইৰ প্ৰেম আৰু আকস্মিকতে এদিন এটা মটৰ দুৰ্ঘটনাত হোৱা ফিলিপৰ মৃত্যুৰ দৰে ঘটনাৰ   বিষাদ গাঁথাই সমগ্ৰ উপন্যাসখনকে হৃদয়স্পৰ্শী কৰি তুলিছে।
        2009 চনত প্ৰকাশিত ড: ৰঞ্জিত দত্তৰ তৃতীয়খন উপন্যাস হৈছে-'নিশিতাৰ কথাৰে'।নিশিতা এগৰাকী অসাধাৰণ মেধা আৰু মনৰ দৃঢ়তা থকা ছোৱালী।পৰম্পৰাগত ভাৱনাৰ পৰা মুক্ত নিশিতাই অনুৰাগৰ সৈতে সুদীৰ্ঘ দিন ধৰি বন্ধুত্বসুলভ এটা ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাৰ পাছতো কিন্তু শেষ মুহূৰ্তৎ অনুৰাগৰ বিয়াৰ প্ৰস্তাৱক প্ৰত্যাখ্যান কৰিছে।অনুৰাগক তাই শ্ৰদ্ধা কৰে,এজন সঁচা-অকৃত্ৰিম বন্ধু বুলিও মানি লয়,কিন্তু স্বামী হিচাপে পাব নিবিচাৰে।কাৰণ ,তেওঁলোক যিমানে ঘনিষ্ঠ নহওক কিয়,দুয়োৰে মাজত আছে চিন্তা আৰু আদৰ্শগত সংঘাত।জীৱন সম্পৰ্কীয় দৃষ্টিভংগী দুয়োৰে ভিন্ন।নাৰী স্বাধীনতা,নাৰীসত্তাৰ বিকাশ আদি অৱধাৰণা সম্পৰ্কত থকা নিশিতাৰ চিন্তাধাৰাৰ সৈতে অনুৰাগ একমত হ'ব নোৱাৰে। বিবাহ নামৰ অৱধাৰণাটোক তাই নাৰী আৰু পুৰুষক চিৰজীৱনৰ বাবে বান্ধি ৰখা এক চতুৰালি বুলি ভাৱে আৰু তাৰ পৰিণতি স্বৰূপে পুৰুষে নাৰীক নিজৰ অধীন কৰি ৰখাৰ দৰে পৰিণতিক তাই কোনোপধ্যেই মানি ল'ব নিবিচাৰে।তাৰ বিপৰীতে অনুৰাগে বিশ্বাস কৰে যে বিবাহ এক পবিত্ৰ বান্ধোন।নাৰী আৰু পুৰুষৰ সুষম প্ৰেম সম্পৰ্কৰ মাজেৰে জীৱন মধুৰ হয়। অনুৰাগ আৰু নিশিতাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কও আচলতে সম্ভৱ নহয় এনেধৰণৰ মানসিক দ্বন্দ্ব বা সংঘাতৰ বাবে।কিন্তু নিশিতাৰ চিন্তা-দৰ্শনৰ সৈতে বহু সময়ত একমত হ'ব নোৱাৰিলেও অনুৰাগে নিশিতাৰ আগত তাক প্ৰকাশ কৰাৰ পৰা বিৰত আছিল।কাৰণ তেওঁ নিশিতাক ভাল পাইছিল আৰু অযথা তৰ্ক কৰি নিশিতাক হেৰুৱাব বিচৰা নাছিল।
        সেইবাবেই দুয়োখন ঘৰ সম্পূৰ্ণ ৰাজী হোৱাৰ পাছতো নিশিতাই  থোকাথুকি মাতেৰে তাক প্ৰত্যাখ্যান কৰি কৈছে-'---তুমি ভাল লগা আৰু ভালপোৱাৰ মাজৰ সীমাৰেখাডাল ভালদৰেই জানা।তোমাক মই বহুত শ্ৰদ্ধা কৰোঁ অনুৰাগ।...তোমাৰ আৰু মোৰ জীৱনৰ অভিলাষবোৰ সুকীয়া সুকীয়া।আমি দুডাল সমান্তৰাল সৰলৰেখা।ইয়াৰ মিলন সম্ভৱ নহয়।"
        নিশিতাই বিয়াৰ প্ৰস্তাৱ তেনেদৰে প্ৰত্যাখ্যান কৰাত অনুৰাগৰ পুৰুষ-সত্তাত সামান্য আঘাত লাগিলেও তেওঁ তাইৰ মানসিকতাক সন্মান জনায়।নিশিতাৰ প্ৰতি থকা তেওঁৰ একপক্ষীয় প্ৰেমক এটা অতীত বুলি তেওঁ পাহৰিবলৈ চেষ্টা কৰে আৰু জুপিতৰাক বিয়া কৰাই এটা নতুন জীৱন আৰম্ভ কৰে।
        তাৰ পাছত বহু বছৰৰ মূৰত  এদিন বিশ্ববিদ্যালয়ৰ চেমিনাৰ এখনত যোগ দিবলৈ গৈ কলিকতাৰ আঢ্যবন্ত হোটেল এখনত অনুষ্ঠিত হোৱা অনুষ্ঠান এটাত আকস্মিকতে নিশিতাৰ সৈতে অনুৰাগৰ ক্ষন্তেকীয়া সাক্ষাৎ। ইয়াৰ পাছৰে পৰা অনুৰাগৰ মন অস্থিৰ হৈ পৰিল।নিশিতাৰ সৈতে কটোৱা অতীতৰ অন্তৰংগ মুহূৰ্তবোৰ,তাই কৰা প্ৰত্যাখ্যানৰ কথাবোৰ তেওঁৰ চকুৰ আগত ভাঁহি উঠিল।
        বহু বছৰৰ মূৰত আকস্মিকতে লগ পোৱা নিশিতাৰ সম্বন্ধেও জানিবলৈ অনুৰাগ উদগ্ৰীৱ হৈ উঠিল।আৰু এদিন চেমিনাৰৰ দিনকেইটাৰ মাজতে সময় উলিয়াই তেওঁ নিশিতাই দিয়া ঠিকনা অনুসৰি গৈ তাইৰ ঘৰত ওলালগৈ।অনুৰাগক ইমান বছৰৰ পাছত লগ পাই তাই অত্যন্ত আনন্দিত হৈ পৰিল।অনুৰাগে লক্ষ কৰিলে বয়সৰ সামান্য আঁচোৰ পৰিলেও নিশিতা সেই আগৰ দৰেই আছে।দেহৰ ৰূপ-লাৱণ্য অকণো কমা নাই।একেখন চোফাত বহি কথা পাতি থকা সময়ত নিশিতাৰ দেহৰ স্পৰ্শত অনুৰাগ ৰোমাঞ্চিত হৈ উঠিল ক্ষন্তেকৰ বাবে। 
        সিদিনা নিশিতাই অনুৰাগৰ আগত কৈ গ'ল নিজৰ জীৱনৰ অলেখ কাহিনী।অনুৰাগৰ বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছত নিজৰ মনে বিচৰা দৰে তাই বিয়া হৈ গুছি আহিছিল গ্ৰেগ মেথিওজৰ সৈতে।মেথিওজক স্বামী হিচাপে পাই নিশিতা সুখী হৈছিল।কাৰণ নিশিতাৰ নিজস্ব জীৱন শৈলী,চিন্তা-দৰ্শনক তেওঁ সদায় সন্মান কৰিছিল আৰু এগৰাকী পত্নীয়ে পাবলগীয়া সকলোখিনি অধিকাৰেই তেওঁ তাইৰ হাতত  তুলি দিছিল।মেথিওজেই তাইক অনুপ্ৰেৰণা যোগাইছিল নাৰীত্বৰ পূৰ্ণবিকাশ ঘটাই জীৱনটোক উপভোগ কৰিবলৈ।নাৰী স্বাধীনতা,নাৰীমুক্তি আদি অৱধাৰণাবিলাকৰ বিষয়ে থকা তাইৰ চিন্তাক পূৰ্ণ সমৰ্থন জনাইছিল তেওঁ।তাইয়ো মনে বিচৰাৰ দৰে নিজৰ নাৰীসত্তাৰ বিকাশৰ বাবে মেথিওজৰ পৰা সকলো স্বাধীনতাই  লৈছিল।নাৰী স্বাধীনতাৰ প্ৰকৃত সোৱাদ যেন তাই লাহে লাহে উপভোগ কৰিবলৈ আৰম্ভ কৰিছিল।
        কিন্তু কথাবোৰ সদায় একে হৈ নাথাকিল।লাহে লাহে এনে হ'বলৈ ধৰিলে যে নিশিতাৰ অবাধ স্বাধীনতা আৰু পৰিৱৰ্তিত নাৰী-সত্তাই  মেথিওজৰ মনত হীনমান্যতাৰ সৃষ্টি কৰিলে।নিশিতাৰ চকুৱে চকুৱে তেওঁ চাব নোৱাৰা হ'ল।নিশিতাৰ প্ৰতি লাহে লাহে তেওঁ উদাসীন হৈ পৰিল।স্বামীৰ এই উদাসীনতাই নিশিতাৰ নাৰীসত্তাত আঘাত কৰিলে।মেথিওজৰ পৰা তাই জানিব বিচাৰিলে তাইৰ প্ৰতি তেওঁ উদাসীন হৈ পৰাৰ কাৰণ।মেথিওজৰ উত্তৰে নিশিতাক স্তব্ধ কৰি তুলিলে-'সঁচাকৈয়ে কৈছোঁ নিশিতা,আজিকালি মই তোমাৰ প্ৰতি অকনো আকৰ্ষিত নহওঁ।আচলতে আকৰ্ষিত হ'বৰ বাবে কোনো সমলেই বিচাৰি নাপাওঁ তোমাৰ ওচৰত।'
'কি কৈছা মেথিওজ তুমি? '-তাই সুধিছিল।
'তোমাৰ ৰূপ যৌৱনৰ প্ৰতি লালায়িত হৈ মই তোমাৰ প্ৰতি আকৰ্ষিত হোৱা নাছিলোঁ নিশিতা।মই আকৰ্ষিত হৈছিলোঁ তোমাৰ নাৰীত্বত।'
        অনুৰাগৰ আগত নিশিতাই কয়,"আচলতে মেথিওজে ঠিকেই কৈছে যে মই আৰু এতিয়া এগৰাকী নাৰী হৈ থকা নাই।..."
        নিশিতাই মেথিওজৰ কথাৰ সত্যতাক মৰ্মে মৰ্মে উপলদ্ধি কৰিলেও নাৰীৰ আত্মবিকাশ আৰু স্বাধীনতা সম্পৰ্কত থকা তেওঁৰ অৱধাৰণাটোক সমৰ্থন কৰিব নোৱাৰে।মেথিওজৰ দৰে পুৰুষসকলে নাৰী স্বাধীনতা, নাৰীসত্তাৰ বিকাশ আদিৰ সপক্ষে যিমানে নকওক কিয়,পৰিশেষত নাৰীক বন্দীত্বৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰি দিবলৈ কেতিয়াও ৰাজী নহয়। এনে মানসিক দ্বন্দ্বৰ বাবেই মেথিওজ আৰু নিশিতা একেখন ঘৰত,স্বামী-স্ত্ৰী হিচাপে একেলগে বাস কৰা সম্ভৱপৰ নাছিল।দুয়োৰে বিবাহ-বিচ্ছেদৰ পাছৰে পৰা নিশিতা অকলশৰে থাকিবলৈ লৈছে।
        নিশিতাৰ কাহিনীয়ে অনুৰাগক হতবাক কৰি তুলিলে।তাইৰ কথাবোৰে অনুৰাগক ভাৱিবলৈ বাধ্য কৰালে যে তাইক হয়তু তেওঁ কেতিয়াও বুজিব নোৱাৰিব।কেতিয়াও বুজিব নোৱাৰিব-আচলতে নিশিতাৰ দৰে নাৰীয়ে  বিচাৰে কি?
        মূলত: উপন্যাসখনত নাৰীৰ জটিল মন:স্তত্বৰ চিত্ৰ অংকণ কৰাৰ লগতে ড: ৰঞ্জিত দত্তই আজিৰ যুগৰ বহুচৰ্চিত নাৰী স্বাধীনতা,নাৰীসত্তাৰ বিকাশ ইত্যাদি অৱধাৰণাসমূহক তেখেতৰ নিজস্ব সমাজতাত্বিক দৃষ্টিভংগীৰে নিৰীক্ষণ কৰিবলৈয়ো চেষ্টা কৰিছে।এটা সুসংবদ্ধ কাহিনীক উপযুক্ত চৰিত্ৰ আৰু পৰিৱেশ চিত্ৰণৰ মাজেৰে কলাত্মক ৰূপত প্ৰকাশ কৰাত লেখকৰ দক্ষতা স্পষ্ট হৈ উঠিছে উপন্যাসখনত।
        ড:ৰঞ্জিত দত্ত কেৱল এগৰাকী কবিয়েই নহয় , এগৰাকী সফল উপন্যাসিকো।(সমাপ্ত)















জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা

   জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা                                                      - বীৰ্কে বি থাপা     অসমীয়া ভাষা বুলি ক...