Saturday, March 6, 2021

আঘোণৰ কবিতা

আঘোণৰ কবিতা
                                                                      বীৰ্কে বি. থাপা

     সম্প্ৰতি প্ৰকাশনৰ প্ৰস্তুতিত থকা 'আঘোণৰ পদ্যাৱলী' নামৰ কাব্য- সংকলনখনিত অসমৰ বিভিন্ন প্ৰান্তৰৰ নতুন প্ৰজন্মৰ প্ৰায় দুকুৰিৰো অধিক কবিৰ আঘোণ বিষয়ক কবিতা সন্নিৱিষ্ট হৈছে।অসমীয়া জনজীৱনত আঘোণ মাহৰ বিশেষত্ব এয়ে যে ই খেতিয়কৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে।আঘোণৰ পথাৰৰ সোনালী ধাননিত দাৱনীৰ হাঁহিৰ খিলখিলনি,কান্ধৰ বিৰিয়াত কঢ়িয়াই নিয়া ডাঙৰিৰ জিৰিক জিৰিক শব্দ আৰু সোনগুটি যেন ধানেৰে ভৰি পৰা ভঁৰালে হাজাৰ দুখৰ মাজতো খেতিয়কৰ মনলৈ যেন হেৰুৱা উৎসাহ পুনৰ ঘূৰাই আনে।প্রকৃতিৰ ঋতুচক্ৰত আঘোণ আহি প্ৰাচুৰ্যতাৰ প্ৰতীক ৰূপে ধৰা দিয়েহি।  

      অসমীয়া সাহিত্যত বহুকেইগৰাকী কবিয়ে আঘোণৰ চিত্ৰক অংকন কৰি কবিতা ৰচনা কৰা দেখা যায়।আঘোণক বিষয়বস্তু হিচাপে লৈ লিখা কবিতাসমূহত কেতিয়াবা যদি প্ৰকৃতিৰ চিত্ৰ অংকিত হৈছে,কেতিয়াবা আকৌ খেতিয়কৰ জীৱন সংগ্ৰামৰ কাহিনীও ব্যক্ত হৈছে।প্ৰতি বছৰে বানে সংহাৰ ৰূপ ধাৰণ কৰি খেতিপথাৰ সমুলি নষ্ট কৰা সত্বেও বানৰ সৈতে সংগ্ৰাম কৰি কৰিও খেতিয়কে শাওনৰ প্ৰসৰ ৰ'দত হাল বাই,কোৰ মাৰি খেতি কৰে।আশাৰে বাট চাই থাকে আঘোণত ধান পকালৈ।আঘোণৰ পথাৰ ধানেৰে উপচি পৰাৰ লগে লগে খেতিয়কৰ মুখত হাঁহি বিৰিঙি উঠে,সপোনে সাৰ পায়।

        আলোচ্য কাব্যসংকলনখনিত সন্নিৱিষ্ট হোৱা আঘোণ বিষয়ক  কবিতাসমূহৰ ভিতৰত সৰ্বপ্ৰথমে উল্লেখ কৰিব পাৰি  কবি পুণ্য শইকীয়াছাৰৰ 'পথাৰ' শীৰ্ষক কবিতাটি।তাহানি 'অগ্রদূত' কাকতত  'নেপথ্যৰ গুণগুণনি' শীৰ্ষক  এলানি ব্যংগ ৰচনা লিখি পাঠক সমাজত জনপ্ৰিয় হৈ পৰা শইকীয়াছাৰৰ লেখনশৈলীত এটা নিজস্ব  ঠাঁচ বা ষ্টাইল আছে।এই নিজস্ব ঠাঁচ বা ষ্টাইলেৰে তেখেতে অসমীয়া গ্ৰাম্য সমাজৰ নিখুঁত চিত্ৰ অংকন কৰি বহুকেইটা কবিতা লিখিছে। আলোচিত কবিতাটিতো দেখা যায়, তেখেতে অসমীয়া  গ্ৰাম্য সমাজত প্ৰচলিত আৰু বৰ্তমানে প্ৰায় হেৰাই যোৱা মাত-কথাৰ স্বকীয় ঠাঁচেৰে আঘোণৰ দিনবোৰক সজীৱ কৰি তুলিবলৈ চেষ্টা কৰিছে।আঘোণৰ ৰ'দত কোনোবা ডেকাই বিৰিয়া মাৰিৰে পথাৰৰ পৰা ডাঙৰি কঢ়িওৱা দৃশ্যক বৰ্ণনা কৰি তেখেতে লিখিছে-'দেওবৰৰ কান্ধত নাচে ছথৰীয়া ডাঙৰিৰ লেছেক লেছেক '।সেইদৰে পানধোৱা পথাৰত কুকৈয়ে চেঁচোৰ খন্দা,পুতৌৱে কুমলীয়া বাঁহৰ আগেৰে হোলধোপ সজা,মইনাই আনৰ মূৰত এগেৰুৱা গুটি মৰা,মলখুৰ গভাইত চেঁউৰীজনীয়ে ধানৰ মুঠিত মুখ দিয়া,লখিমী আদৰাৰ দিনা চেনিমাইৰ জীয়েকৰ দাম বাঢ়ি যোৱা দৃশ্যবোৰেও  আঘোন মহীয়া গাঁৱৰ  চিত্ৰক সুন্দৰভাৱে অংকন কৰিছে।অকল সেয়ে নহয়,কবিতাটিৰ মাজেৰে কবিয়ে আঘোণৰ  নৈসৰ্গিক চিত্ৰ অংকন কৰাৰ উপৰিও  আঘোণে কঢ়িয়াই অনা আশা আৰু সপোনকো সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে-

দাৱনীৰ লাৱনি কাঁচিয়ে অৱজ্ঞাৰে এৰি যোৱা
ঠেৰুছিগা এথোক দুথোক ধানৰ লেছেৰি বুটলি
কণবাপু পিতিকণ মাইচেনা কণ আয়ে
উজাগৰে দেখে সামাজিক -কলেজ পঢ়াৰ
লেছেৰিৰ ধান বেচি দালান গঢ়াৰ...
     
     আধুনিক কবিতাৰ নিৰ্মান শৈলীত ইমেজ বা চিত্ৰকল্পৰ প্ৰয়োগ এক অতুলনীয় সংযোজন।বিংশ শতিকাৰ আৰম্ভণিতে টি.ই.হিউম, এজৰা পাউণ্ড, জেমচ জয়েচ আদিৰ দৰে কবিয়ে তেওঁলোকৰ কবিতাত পোনপ্ৰথম বাৰৰ বাবে চিত্ৰকল্পৰ প্ৰয়োগৰ জৰিয়তে পাশ্চাত্যৰ সাহিত্যত এক নতুন চিত্ৰকল্পবাদী আন্দোলনৰ সূত্ৰপাত ঘটাইছিল আৰু তাৰেই পৰিপ্ৰেক্ষিতত অসমীয়া কবিতাতো চল্লিশৰ দশকৰ পৰা  চিত্ৰকল্পৰ সমাহাৰেৰে সমৃদ্ধ কবিতা ৰচনাৰ ঢল বৈ আহে।সেই তেতিয়াৰে পৰা বৰ্তমানলৈকে কবিতাৰ নিৰ্মাণশৈলীত চিত্ৰকল্পৰ প্ৰয়োগ আৰু তাৰ জৰিয়তে কবিতাক অধিক ভাৱব্যঞ্জক কৰি তোলাৰ ক্ষেত্ৰত নতুন নতুন সম্পৰীক্ষা চলি আহিছে।ক'বলৈ গ'লে,আশীৰ দশকৰ পৰা যিসকল কবিয়ে তেওঁলোকৰ কবিতাত চিত্ৰকল্পৰ প্ৰয়োগ সম্পৰ্কত বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই আহিছে সেই সকলৰ ভিতৰত  কবি মেঘালী ফুকনো অন্যতম।মেঘালী ফুকন অসমীয়া কাব্যজগতৰ এটা অতি সুপৰিচিত নাম।তেওঁৰ  কবিতাত অসমীয়া গ্ৰাম্য জীৱন আৰু নৈসৰ্গৰ চিত্ৰণ অলেখ চিত্ৰকল্পৰ মাজেৰে সজীৱ আৰু  বাংময় হৈ উঠিছে।

     মেঘালী ফুকনৰ কবিতাত সততে পৰিলক্ষিত হয় এক প্ৰকাৰৰ নৈসৰ্গিক অাকুলতা।এই নৈসর্গিক আকুলতাৰ বাবেই কবিয়ে শাওণৰ বৰষুণজাকৰ মায়াময় স্নিগ্ধতা,পলসুৱা পথাৰৰ বোকা -পানী-ঘাম,অাঘোণৰ পথাৰ,কেতেকী-কপৌ ফুলৰ সুবাস,ৰবাব টেঙাৰ গোন্ধ,সৰিয়হ ফুলৰ হালধীয়া ঢৌ,কাতিৰ নিহালিত শুই থকা দুখৰ ৰাতি ,হেমন্তৰ টোপ টোপ নিয়ৰৰ শব্দ অাদিৰ সৈতে একাত্ম হৈ প্ৰকৃতিক অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰে  অাৰু ঠিক যেন কবি জীৱনানন্দ দাশৰ দৰে নৈসৰ্গিক ৰং-ৰূপ-গন্ধক কবিতাৰ শব্দেৰে বাঙ্ময় কৰি তুলিবলৈ চেষ্টা কৰে। কবি মেঘালী ফুকনৰ কবিতাত আঘোণৰ চিত্ৰ অংকিত হৈছে এনেদৰে-

      জলকুঁৱৰীৰ চুলিটাৰিত শিপোৱা 
      সেউজীয়া গছজোপাই এতিয়া সোণবৰণীয়া   
      সাজ পিন্ধি
      হালিজালি ছটিয়াই গৈছে
      আঘোণৰ আমোলমোল গোন্ধ
      কুঁৱলীৰ মাজৰ বেলি ,ৰবাব টেঙাৰ গোন্ধ
      আৰু মায়াময় স্বচ্ছতাৰ নিয়ঁৰৰ গোন্ধেৰে    
      তোলপাৰ বুকুখনত 
      বিয়পি পৰিছে আঘোণৰ
      দীঘল সুহুৰি
      আ: কেচবচা ৰ'দৰ আঁচল ধৰি 
      আঘোণে
      সুহুৰিয়াই মাতিছে মোৰ ল'ৰালি (আঘোণ)।

     নতুন প্ৰজন্মৰ কবিসকলৰ কবিতাতো এই নৈসৰ্গিক আকুলতা সততে পৰিলক্ষিত হয় । এই আকুলতাৰ বাবেই তেওঁলোকে চিনাকী পৃথিৱীখনক সূক্ষ্মভাৱে নিৰীক্ষণ কৰে আৰু বিভিন্ন উপমা-চিত্ৰকল্পৰ জৰিয়তে তাক অংকন কৰিবলৈ চেষ্টা কৰে।

     আলোচিত কাব্যসংকলনখনিত সন্নিৱিষ্টি বহুকেইগৰাকী নতুন প্রজন্মৰ কবিৰ কবিতাত শৈল্পিক নিৰ্মানশৈলী, শব্দচয়ন আৰু বাক্যবিন্যাসৰ দোষ-ত্ৰুটি, অগভীৰ ভাৱ-বিষয়বস্তু আদি  দৃষ্টিগোচৰ হৈছে যদিও আমি এনে কবিও পাইছোঁ যিসকলৰ কবিতাত সুন্দৰ নিৰ্মানশৈলীৰ লগতে বিষয়বস্তুৰ নতুনত্ব তথা গভীৰতাও আছে। আঘোণৰ নৈসৰ্গিক দৃশ্য অংকনৰ বেলিকা কাব্য সংকলনখনিত প্ৰকাশিত ঋতুবাস্তৱ হাজৰিকাৰ 'আঘোণ' শীৰ্ষক কবিতাটি এটি মনোৰম সৃষ্টি বুলি ক'ব পাৰি।কবিয়ে আঘোণৰ চিত্ৰ অংকন কৰিছে এনেদৰে-

      কুঁৱলীৰ চাদৰে ঢাকিছে
      আঘোণৰ সোণগুটি উপচা পথাৰ
      দাৱনীৰ মূৰত পকা বেলি
      হাতত শাণিত কাঁচি
      বতাহত নৰাপেঁপাৰ উন্মাদ উকি

      বেলি উঠি মাজ পাওঁতে
      ৰবাবৰ গোন্ধ এটা বতাহত দৌৰিছে
      অৰুণিমাৰ দুগালত যেন দুসোঁতা তেজ 
      জমিছে

       তৰাপঘা পকাই পিতায়ো আহিছে
       বিৰিয়া দোঁ খুৱাই ধানে নাচিছে

       ক'ৰ টিলাত পকিছে বালিয়া বগৰী
       সোঁৱৰণিৰ সাঁকোৰে উভতি পাৰি দিম
       আঘোণৰ পথাৰলৈ আহ

     সেইদৰে প্ৰগতি শইকীয়াৰ 'আঘোণৰ পথাৰত হাঁহিৰ খলকনি' শীৰ্ষক কবিতাটিতো  জহা, বৰা, চন্দনচম্পা,শিয়াল শালিৰ মেটমৰা সোণগুটিৰ গোন্ধে আমোলমোল ভৰুণ পথাৰখনলৈ নামি অহা আঘোণৰ চিত্ৰ অংকিত হৈছে।চিত্রকল্পৰ সুন্দৰ প্ৰয়োগেও  কবিতাটিক ব্যঞ্জনাপূৰ্ণ কৰি তুলিছে-

        সোণপৰুৱাৰ ফোঁটৰ দৰে জিলিকিছে 
        গাভৰু বোৱাৰীৰ হাঁহি
        মুঠি মুঠি হেঁপাহে বাহ সাজিছে 
        উঠন ডেকাৰ বহল বুকুত

     অসমীয়া কাব্যজগতৰ এগৰাকী বিশিষ্ট কবি ছৈখোৱাৰ প্ৰণতি বৰুৱাৰ 'আঘোণৰ দিনবোৰ ' শীৰ্ষক কবিতাটিত আঘোণক যেন কবিয়ে চকু,কান,নাক,জিভা আৰু ছাল -এই পাঁচোটা ইন্দ্ৰিয়ৰে অনুভৱ কৰিবলৈ চেষ্টা কৰিছে।দৰ্শনেন্দ্ৰিয়ৰে কবিয়ে দেখিছে- আঘোণে যেন  দুচকুত আঁৰি দিছে এখন সোণ হালধীয়া ছবি,শ্ৰৱনেন্দ্ৰিয়ৰে তেওঁ শুনা পাইছে  সোণালী ধানে যেন বিৰিয়াত উঠি সমস্বৰে গাইছে জিৰ্ জিৰ্ গান,ঘ্ৰাণেন্দ্ৰিয়ৰে গোন্ধ পাইছে আঘোণৰ বতাহজাকে কাষ চপাই অনা ক'লা জহা মাণিকী মধুৰীৰ বিধে বিধে সুগন্ধি ,স্বাদেন্দ্ৰিয়ৰে অনুভৱ কৰিছে কলপাতত ন-চাউল মুঠিৰ ভোগৰ জুতি আৰু স্পৰ্শেন্দ্ৰিয়ৰে যেন অনুভৱ কৰিছে ধানৰ মুঠি বন্ধা দাৱনীৰ দুহাতত ধান পাতৰ আঁচোৰে দিয়া যন্ত্ৰণা।
         
     আঘোণৰ নৈসৰ্গিক দৃশ্য অংকিত হোৱা আন কেইটামান মনোৰম স্তৱক-

(1)  আঘোণ,
       তোৰ পলসুৱা ৰ'দত পিয়াপি দি ফুৰিছে   
       সুমথিৰা-ফুলৰ ঘ্ৰাণ 
                            -  নিশিচন্দ্ৰা বৰুৱা( 'আঘোণ' )
  (2) দেওলগা দুপৰীয়াটো
        বুকুত পকিলেই
        মোৰ পথাৰত আঘোণ আহে ৷
                              -মিতালী গোস্বামী('আঘোণ')

     উদীয়মান কবি তৃপ্তি দাসৰ কবিতাত আঘোণ চিত্ৰিত হৈছে সকলো দুখ-ভাগৰ সামৰি থব পৰা এক অমোঘ শক্তিৰূপে।

        আঘোণে আমাৰ ওঁঠত 
       গুজি দিয়ে গান 
       পক ধৰা পথাৰে আদৰে 
        সুখৰ দিন 
        আইৰ  খৰ কাচিত 
        ডাঙৰ হয় ডাঙৰি 
        পাহুৱাল পিতাইৰ 
       কেঁকো - জেঁকো খোজৰ ছন্দত হেৰায় 
        হাড় ভগা শ্ৰমৰ বিষাদ গধুৰ কাহিনী
                                                        (আঘোণ)

     একেদৰে নৈসৰ্গিক চিত্ৰৰ লগতে আঘোণৰ প্ৰাচুৰ্যই কঢ়িয়াই অনা আশাবাদ চিত্ৰিত হোৱা আন কেইটামান কবিতাৰ মনোৰম স্তৱক হৈছে-

     (1) হাঁচতিত বোলাই ল'লোঁ
           সুমথিৰা বোল
           ৰিঙা পথাৰত নৰাৰ সুহুৰি
           আকৌ আহিবি আঘোণ..
                           -ড০ মীনা দেৱী বৰুৱা( 'হেঁপাহ')

     (2) ধানবোৰ পকিছে
          পোহৰক বাট দেখুওৱা
          গোন্ধ এটা ভাঁহি আহিছে
          জীৱনৰ গান হৈ...
          ধানৰ বুকুতে হালিছে গান
          গানৰ বুকুতে ধান 
                          - ভাৰতী চক্ৰৱৰ্তী ( 'ৰ'দ মুকুতা)'

   (3)  আঘোণৰ সোনালী হাঁহিত গুটি ধানৰ    
          জিলমিল
          বতাহত হালে-জালে আশাৰ এটি সুৰ হৈ
          গঞাৰ সন্ধিয়াবোৰ ওখল-মাখল 
                 -ৰিজুমণি শইকীয়া তামুলী( 'আঘোণ')

   (4)  কৈ কৈ নাভাগৰা সোণগুটি সোণামুৱা
          অ মোৰ আঘোণ
          তই বুকুৰ আগমঙহৰ জিউ জীয়নি দিয়া
          দুপাখি মেলা নীলিমাৰ মেঘমালাৰ সপোন
                          -  হিতেশ মেধি( 'মাটিমলা গান ')

  (5)  বৰ ভাল পাওঁ তোক আঘোণ
         কাৰণ ------
         আঘোণৰ লেচেৰি বুটলি
        শূন্য ভিক্ষাৰ পাত্ৰ লৈ ফুৰাজনেও পাব পাৰে 
         অন্ততঃ নিজৰ বুলি এসাঁজ ! 
                            -গৌৰী চুবেদাৰ বৰা( 'আঘোণ') 

  (6) পকা আঘোণতো থাকে প্ৰাপ্তিৰ সুখ 
        আৰু অপ্ৰাপ্তিৰ দুখ  
       - ৰূপজ্যোতি হাজৰিকা দত্ত('পকা আঘোণ')

  (7) লখিমী দাৱনিৰ লিহিৰীপতীয়া
        হাতৰ কাঁচিৰ আলিঙ্গনত
        সোনোৱালী ধানৰ থোকেৰে
        জীপাল হ'ব যোৱাতো বানত
        সৰ্বস্বান্ত হোৱা উদং ভৰালৰ বুকু।
              -সঞ্জীৱ কুমাৰ কুলি( 'ৰিঙিয়াই মাতিছে হেঁপাহৰ আঘোন ')

  (8) তোৰ ঐশ্বৰ্যশালী বুকুত গজা
        আমোলমোল সুবাসত
        পাহৰি যাওঁ অভাৱৰ যন্ত্ৰণা
       তোৰ সান্নিধ্যত বিচাৰি পাওঁ
        শৈশৱ -কৈশোৰৰ
        ভোগালীৰ ভোগজৰা
              -গীতাঞ্জলী কলিতা গগৈ( 'সুৱদী সুৱাগ সোনালী আঘোন')

 (9)  সকলোৰে হিয়াৰ আমঠু হৈ নামি আহে    
        আঘোণ
        হৈমন্তিক উচাহত মতলীয়া মোৰ সোণালী   
        আঘোণ
        সপোনৰ পিৰালিত দিঠকৰ নাচোন...
                                -মহৎ চন্দ্ৰ ৰায়( 'আঘোণ'

 (10) তুমি আহিলেই ভৰুণ হয় হৃদয়বোৰ
         ধানৰ ঠোক চুমি অহা বতাহজাকে
         মেৰিয়াই বান্ধে মোক
                           -ড: ৰুণজুন শইকীয়া('আঘোণ')

 (11) কাতি কঙালত 
         কিমান আৰু পেটত গামোচা বান্ধি ৰাখিম?
         ........ 
         তোমাৰ বিপুল সম্ভাৱনা সম্ভাৰেই 
         আমাৰ জীৱন
         সুখ-দুখৰ পথ
            -ৰতন বড়া(  'আঘোণলৈ লিখিমনে চিঠি')

(12)  আঘোণৰ বাবে সাঁচি থৈছো
         সাঁচীপতীয়া হেঁপাহ
         কবিতাৰ আকাশত ফুলিবহি
         খৰিকাজাই এপাহ'..
                         -মণিমালা বৰা( 'সোণালী স্তৱক)

(13)  বিৰিয়াত ওলমা মুঠিভৰা ডাঙৰিৰ
          ভৰত চৰে ভোকৰ জোখ ৷
          কামিহাড় বাগৰা বিষো সামকাটে
         এধানী দুখত এধানী সুখত ৷
                    -উজ্জ্বল স্মৰণ দত্ত(ৰ'দে খেদা বাট )

(14) তোৰ কাঁচিৰ চিকমিকনিত
         নতজানু ৰ'দৰ দুপৰীয়া
         লাহী আঙুলিত
         লেখহীন সপোনৰ অগাদেৱা
         কাৰ বিৰিয়াত নাচে
        তোৰ হেঁপাহৰ ভাৰ ছথৰীয়া....
                                      - মৃদুল দহোতীয়া (দাৱনী)


     ড০ দীপমণি দাসৰ 'আঘোণৰ কবিতা', সবিতা বৰাকোঁৱৰৰ 'আঘোণ' , দীপ্তি ঠাকুৰ গোস্বামীৰ 'আঘোণৰ পথাৰ', প্ৰাণজিৎ মহন্তৰ 'আঘোণৰ পথাৰখন', জিলমিল বৰদলৈৰ 'সোণাৰুবুলীয়া আঘোণ ' ,শান্তনা বুঢ়াগোহাঁই হাজৰিকাৰ 'সোণোৱালী আঘোণৰ পথাৰ' , বন্দনা দাস দত্তৰ 'সোণগুটি' , ভৱানী প্ৰসাদ ধূঙ্গানাৰ 'আঘোণ' মনীষা কোঁৱৰৰ 'হেঁপাহৰ আঘোণ' , যোগেশ বিকাশৰ 'আঘোণ', পবিত্ৰ গগৈৰ' চহা মাটিৰ গোন্ধ' আদি কবিতাতো আঘোণৰ সাধাৰণ নৈসৰ্গিক চিত্ৰ আৰু প্ৰাচুৰ্য অংকিত হৈছে। এই প্ৰাচুৰ্যৰ লগে লগে আঘোণত সাৰ পাই উঠা প্ৰেমৰ এটি মিঠা অনুভৱৰ চিত্ৰিও দেখিবলৈ পোৱা যায় গৌৰিত গগৈৰ কবিতাত -

       মোৰ বুকুত তুমি ৰোৱা
       ভালপোৱাৰ কঠিয়াডৰা
       সোণোৱালী হৈ বাঢ়ি উঠিছে
       তুমি দাৱনী হৈ দাই নিছা
       এহালিছা এহালিছা কৰি
       মই কান্ধৰ বিৰিয়াত বান্ধি লৈছো
       মৰমৰ টঙালিৰে মেটমৰা ডাঙৰি
       আঘোণ হৈছে মোৰ বুকু
       আঘোণ হৈছে তোমাৰো বুকু
       ৰ'দ কাঁচলিত জিলিকিছে
       তোমাৰ নিমজ গাল
       দুচকুত ভাহিছে সপোনৰ মায়াজাল।
                                                        ( আঘোণ)
       কবি শিৱশংকৰ শিবাৰ কবিতাতো আঘোণৰ পথাৰত ধান দাই থকা দাৱনীৰ মাজৰ কোনোবা 'মাইচানা'ৰ প্ৰতি থকা প্ৰেমৰ এখনি মনোৰম ছবি দেখিবলৈ পোৱা যায়,যথা- 'সৰু সৰু পথাৰৰ আলিয়েদি/ধান ফালি আহি/তোৰ কাষ পাবলৈ কিমান পৰ মাইচানা /বেলিয়ে আটে মানে/কাঁচিয়ে কাটে মানে /ধানে দাই যাবি দেই..'।
      কবি বিকাশজ্যোতি শইকীয়াৰ 'কেৱল তুমি বিষয়ক' শীৰ্ষক কবিতাটিত দৃশ্যমান হৈ উঠিছে 'কমলাৰঙী পোহৰ এখিনিৰে সমুজ্জ্বল' আঘোণৰ এক সুন্দৰ লেণ্ডস্কেপ।সেই লেণ্ডস্কেপত অংকিত হৈছে- কোনোবা দাৱনীয়ে আঘোণৰ পথাৰত মুঠি মুঠিকৈ ধান কাটি থকাৰ পৰত বেলিৰ পোহৰ আহি তেওঁৰ দুহাতত কিবা আঁকিব খুজিছিল আৰু -হয়তোবা সেইখিনি সময়তে কোনোবা পানীকেঁচুৱা এটাই মাকৰ পিয়াঁহত মুখ দিব খুজিছিল,হয়তোবা পাহাৰী নিজৰা এটাৰ ওপৰেদি চৰাই এজনী উৰি গৈছিল।কবিৰ দৃষ্টিত , সেইখিনি সময়তে দাৱনীৰ উঠন বুকুৰ তলত এটা চিত্ৰকল্প নিৰ্মিত হৈছিল,হয়তোবা বীথ'ভেনৰ চিম্ফনী এটা আৰম্ভ হৈছিল,কোৰাছৰ দৰে মৌ-মাখিৰ গুণগুণ আৰম্ভ হৈছিল,হয়তোবা চিত্ৰশালাত দুপৰ এটা নিথৰ হৈছিল সেইখিনি সময়তে আৰু 'আৰু জীৱনৰ সকলো ভাললগা প্ৰগলভ হৈ উঠিছিল সুৰ এটাৰে…'। মূলত: কবিতাটিৰ মাজেৰে প্ৰতিফলিত হৈ উঠিছে আঘোণৰ নৈসৰ্গই সমৃদ্ধ কৰা সেই জীৱনৰ ছবি যি জীৱন জীপাল হৈ থাকে ভাল লগা অনুভূতি কিছুমানেৰে ।

     কিন্তু খেতিয়কৰ জীৱন ইমান মসৃণ নহয়।আঘোণৰ সোণালী ধাননীয়ে খেতিয়কৰ মুখলৈ ক্ষন্তেকীয়া  হাঁহি কঢ়িয়াই আনিলেও সৰ্বশ্ৰান্ত খেতিয়কৰ মনৰ সংশয়বোৰ শেষ হৈ নাযায়। বানে বছৰি খেতি নষ্ট কৰাৰ উপৰিও আধুনিক বজাৰ অৰ্থনীতি, সামন্তযুগীয় মহাজনী শোষণ,পোক-পতংগ, অপতৃণৰ সমস্যাই জুৰুলা কৰা খেতিয়কৰ অৱস্থাৰ উন্নতি কোনোকালে নহয়।বহুতৰ বাবে সপোনবোৰ সপোনেই হৈ ৰৈ যায়।সেইবাবেই কেশৱ মহন্তৰ 'আঘোণৰ কুঁৱলী' শীৰ্ষক কবিতাটিত আমি যিদৰে এফালে প্ৰকৃতিৰ দৃশ্য চিত্ৰিত হোৱা দেখিবলৈ পাওঁ,ঠিক সেইদৰে অংকিত হোৱা দেখিবলৈ পাওঁ এটা পোৱা-নোপোৱাৰ বেদনাৰে সিক্ত মনৰো চিত্ৰ।কবিতাটি যিসকলে পঢ়িছে তেওঁলোকে দেখিছে -আঘোণৰ  কুঁৱলীক কবিয়ে এক অনিশ্চয়তাৰ প্ৰতীক ৰূপে প্ৰকাশ কৰিছে।কবিতাটিত দেখা যায়-আঘোনৰ কুঁৱলীয়ে বাট ভেটি নধৰা হ'লে হয়তো মূৰত আধাবন্ধা খোপাৰে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ হাতৰ লিহিৰি আঙুলিবোৰে চিক চিকীয়া কাঁচিৰে  মুঠি মুঠি ধান কাটি থকাৰ দৃশ্য তেওঁ দেখিলেহেঁতেন।হয়তোবা কুঁৱলীয়ে বাট ভেটি নধৰা হ'লে সেই দাৱনীজাকৰ মাজত ধান দাই থকা তেওঁৰ মৰমী কোনোবা সেউতিৰ মুখখনকে এবাৰ চাব পাৰিলেহেঁতেন-

     কুঁৱলী নথকা হ’লে
    দেখিলোহেঁতেন বা পতা-সোণ-বৰণীয়া ধানৰ   
     আঁচল,
    দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ
     আঙুলিয়ে মুঠি মৰা
    কেচ্ কেচ্ চিকমিক খৰ কাঁচিবোৰ,
     দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ
    ওপৰলে’ তুলিবৰে সময় নোপোৱা৷

     আঘোণ আৰু কুঁৱলীৰ দুই বিপৰীতমুখী ব্যঞ্জনাৰ মাজেৰে কবিয়ে প্ৰাপ্তি আৰু অপ্ৰাপ্তি, আশা আৰু নিৰাশা,স্বপ্ন আৰু স্বপ্নভংগৰ ছবি সুন্দৰ ৰূপে অংকন কৰিছে।আঘোণৰ কুঁৱলীত দাৱনীৰ খিলখিল হাঁহিৰে উপচি থকা ধাননি পথাৰখন লুকাই পৰাৰ দৰে কবিৰ মনৰ সেউতীজনীও ক'ৰবাত হেৰাই থকাৰ বেদনাৰে সিক্ত হৈ উঠিছে কবিতাটি। 

     আলোচিত কাব্যসংকলনখনিত সন্নিৱিষ্ট কিছুসংখ্যক কবিতাতো আঘোণৰ প্ৰাচুৰ্যময় চিত্ৰৰ বিপৰীতে ই কঢ়িয়াই অনা বিষাদবোধৰ চিত্ৰ অংকিত হোৱা পৰিলক্ষিত হয়।যেনে-
ইলামণি শইকীয়া(গুৱাহাটী)ই তেওঁৰ 'আঘোণ-আলাপ' শীৰ্ষক কবিতাটিত লিখিছে-

      আঘোণ...পাহৰিব নোৱাৰা শৈশৱ- কৈশোৰ -   
     যৌৱনৰ প্ৰাপ্তি-বিষাদৰ এপৃষ্ঠা

     ইলামণি শইকীয়াৰ কবিতাত দেখা পোৱা যায় বানে সৰ্বস্ব কাঢ়ি নিয়াৰ পাছতো আঘোণে কঢ়িয়াই অনা অতীতৰ সেই আশাৰ বতৰাবোৰ-
'শূন্যতাই ঘোলা কৰা সপোনবোৰত আঘোণ/তয়েই সিঁচিছিলি /হেপাঁহ খটোৱা সোণমণি...'

     কিন্তু সেয়া আজি অতীত।ক্রমবৰ্দ্ধমান উদ্যোগীকৰণৰ পৰিণতি স্বৰূপে কৃষিকৰ্ম শেষ হৈ যোৱাৰ লগে লগে আঘোণৰ সেই পূৰ্বৰ অনাবিল মহত্বও যেন শেষ হৈ গৈছে-

     ক’ৰবাতে এদিন এৰি আহিলোঁ তোক...
     তোৰ লগতে মোক
     আজিও বুকুজুৰি সেই বিষাদৰ অসুখ
     সেই সুদিন আজি জন অৰণ্যৰ পলাতক
     সোঁৱৰণি

     কবিয়ে অনুভৱ কৰিছে-'আজিও বুকুজুৰি সেই বিষাদৰ অসুখ '-
     আঘোণ তোৰ বাবেই বুকুত কঢ়িয়াই ফুৰিছোঁ
     নিৰ্মল শৈশৱৰ কুঁৱলীসনা আস্বাদন
     যুগান্তৰলৈ...'

     সেইদৰে জয়লক্ষী বৰুৱাৰ 'আঘোণ আহিলেই আই তোলৈ মনত পৰে' কবিতাত স্মৃতিকাতৰ মনৰ চিত্ৰ প্ৰতিফলিত হৈছে-

     আঘোন আহিলেই ঘূৰি যাওঁ লৰালিলৈ
     তই যে পথাৰত নৰাৰ পেপাঁ বনাই দিছিলি
     উলাহতে আমি দৌৰি দৌৰি বজাইছিলোঁ
     ভাগৰি জুগৰি আহি জিৰাইছিলোঁ
     তোৰ চাদৰৰ ছাঁত  |
        ...............
      আঘোন আহিলেই আই তোলৈ মনত পৰে
      ক'ত যে হেৰাল সেই দিনবোৰ
      শুকান চহৰত যে সোণালী ধানৰ 
      গোন্ধ পাবলৈকে নাই  |
      আকৌ যেন উভতি যাম আঘোনৰ পথাৰলৈ
      কমলা,ৰবাব ,চোকা টেঙাৰ জুতি ল'বলৈ  

     একেই স্মৃতিকাতৰতা প্ৰতিফলিত হৈ উঠিছে ইন্দু দত্ত উজীৰৰ' পিতাইৰ পথাৰ'শীৰ্ষক কবিতাটিত।কবিতাত দেখা যায় কংক্ৰীটৰ মহানগৰত বাস কৰিলেও কবিয়ে তেওঁৰ পিতৃৰ আঘোণমহীয়া পথাৰখন পাহৰা নাই-' আঘোণীয়া ৰ'দত বহি/ৰবাব টেঙাৰ জুতি লোৱা/পিতাইৰ পথাৰখনলৈ/বৰকৈ মনত পৰিছে আজি/ পথাৰৰ চিনাকি বোকাৰ গোন্ধ /এৰি অহা বহু বছৰে হ'ল '।

     মিনি সৰকাৰৰ কবিতা  'আঘোণৰ পথাৰ'তো দেখা যায় আঘোণে কবিৰ মনলৈ অতীতৰ স্মৃতিবোৰ কঢ়িয়াই আনিছে-

       কেনে আছে মোৰ কৃষক পিতাই?
       শাণ দিয়া কাঁচিৰ চিকমিকনিত
       উতলা দাৱনীৰ ৰক্তিম ওঁঠত
       হয়তোবা ফুলিছে অৰুণিমা হাঁহি
       আঘোনৰ সজীৱ সোণালী আভাই
       ৰচিছে সপোন জীৱন জয়ৰ ।

     সেইদৰে পংখী মৰাণৰ 'আঘোণৰ সেই দিনবোৰ' শীৰ্ষক কবিতাতো আঘোণৰ অতীত ছবি অংকিত হৈছে । কবিয়ে আঘোণৰ সেই দিনবোৰৰ আইৰ হাঁহি আৰু পিতাইৰ 'সোণগুটি হেঁপাহত' এতিয়াও নিজৰ জীৱনটোক বিচাৰি পায়।সেয়ে তেওঁ আশা ৰাখিছে- মুঠি মুঠি ডাঙৰিৰ জীপাল ভৰা আশাবোৰ সেউজীয়াৰ
পৰা সোণোৱালী হওক,তেতিয়া অন্তত: কাম কৰি কৰি উশাহ ল'বলৈ আহৰি নোপোৱা 'খেতিয়কৰ তেজবোৰে উশাহ পাব ।'

     বানপানী অসমৰ এক সমস্যা।শাওনৰে পৰা বানে কঢ়িয়াই আহুকালবোৰে দুখীয়া খেতিয়কক বহুদিনলৈ নেৰে।আঘোণৰ ধানে দুখীয়াৰ দুখ আঁতৰাব নোৱাৰে।এনে আশাভংগৰ কৰুণ চিত্ৰ অংকন কৰি লিখা এটি উল্লেখযোগ্য কবিতা হৈছে কবি ৰূদ্ৰসিংহ মটকৰ 'ধানৰ পাতে কাটে গা '-

     এদিন মেঘ বৰষুণ আৰু হালোৱাৰ ফটা    
     গোৰোহাৰ স্পৰ্শত
     পলশ পৰে ক'লা মাটিৰ সীৰলুবোৰত
     ৰোৱনীহঁতৰ ৰ'দৰ মাতত গৰ্ভৱতী পথাৰ
      হালি জালি পকা ধাননি হয়
      বান আহি পগলা হাতীৰ দৰে পলকতে
      মহতিয়াই থৈ যায়
     ৰোৱনীৰ পবালী আঙুলিৰ তৰা পাবৰ আকাশ
      দাৱনী বুকুৰ সাঁচতীয়া সপোন এডৰা...

     অজিত কুমাৰ বৰদলৈৰ 'আঘোণ ' শীৰ্ষক কবিতাতো দেখা যায়-কবিয়ে আঘোনৰ আশাভৰা ধাননি পথাৰখনৰ লগতে  'আপদীয়া অসুখ' এটাৰ কথাও উল্লেখ কৰিছে।যথা-

      যোৱা শাওণৰে পৰা
      আপদীয়া অসুখত
      মইও তেনেই জুৰুলা,
      বগা আচঁ‌লেৰে ঢকা
      মোৰ পথাৰখনলে
      সি আহিব নোখোজে
     মোৰ পৰা আঘোণটো আতঁৰে আঁতৰে।

      টিতম বৰাৰ 'আঘোণাকাই দিনবোৰ আগৰদৰে নাই' কবিতাত চিত্ৰিত হৈছে পৰিৱৰ্তিত সময়ৰ ছবি।আঘোন বুলি ক'লে পূৰ্বতে যেনে এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছিল সেয়া আজি পাবলৈ নাই-
       আঘোণাকাই
       ............
       দিনবোৰ আগৰদৰে নাই !
       তমালৰ পেটে নাকাটে আজি আঙুলি
       এৰালিয়েও নিছিঙে কলাফুলৰ আগলি 

       তয়ো সলনি হ' আঘোণাকাই
       সূৰ্য্যটো বুকুত বান্ধি কিমানদিননো এনেকৈ
       থাকিবি  

     ধনটি শইকীয়াৰ 'আঘোণ' শীৰ্ষক কবিতাতো আঘোণাকাই নামৰ কোনোবা খেতিয়কৰ সৰ্বশ্ৰান্ত জীৱনৰ কৰুণ চিত্ৰ অংকিত হৈছে এনেদৰে-আঘোনাকাইৰ মনত বৰ দুখ!কাৰণ
যোৱাবাৰ গোটেই খেতি দৰা বাঢ়নি পানীয়ে মাৰিলে আৰু যিকেইটা আছিল অচিনা পোকৰ প্ৰকোপত সেইকেইটাও মৰিল..তথাপিতো --

      বাহৰ বেৰ দিয়া আশাৰ ভড়ালটোৱে
      বাটচাই আছে 
      তই আকৌ আহিবি 
      দাৱনীৰ কাচিৰ কেচ্ কেচ্ শব্দত
      বিৰিয়াৰ জিৰিক জিৰিক মাতত
      তই আকৌ আহিবি।'

     বানে সৰ্বস্ব কাঢ়ি নিয়াৰ পাছত এই আঘোনৰ ধাননিয়ে খেতিয়কৰ মনৰ আশাবোৰ আকৌ সজীৱ কৰি তোলে।জীয়ই থকাৰ সংগ্ৰামৰ কথা আছে কবিতাটিত।

     মাধুৰিমা বড়াৰ 'আঘোণ' শীৰ্ষক কবিতাত এই বিষাদবোধৰ চিত্ৰ অংকিত হৈছে এনেদৰে-
'ভঁৰালে কি জানে উদং নৰাগছৰ শূণ্যতা /গোৱৰ মাটিৰে লেপি থোৱা গান্ধৈত /এন্দুৰ কেইটাৰ হাইতাল/মাজে মাজে ওপৰলৈ উঠা চিৰিখনত সাতজাঁপ /পথাৰ ! আজি তোৰ বুকুত গচকি/ সোমাব আঘোণ/ দাৱনিৰ আঁচলৰ খোচত কঁপি উঠিব ধানগছ...'।

     অঞ্জলি শৰ্মাৰ 'স্বপ্নভঙ্গৰ আঘোণ ' এটা সুন্দৰ কবিতা।বছৰি খেতিপথাৰ নষ্ট কৰা কেৱল বানপানীয়েই কৃষকৰ বাবে সমস্যা নহয়।খেতি খাই নষ্ট কৰা পোক-পতংগ,অপতৃণ আদিয়েও সমানেই  কৃষকৰ মনৰ সপোন প্ৰতিবছৰে থানবান কৰি পেলায়। সেয়ে কবিয়ে লিখিছে-

     হেমন্ত ঋতুৰ বিপুল সম্ভাৰ লৈ
     মোৰবাবে এইবেলি আঘোণ নাহিল।
     শুঁৰপোকে তাণ্ডব চলোৱা পথাৰখন
     এতিয়া নিষ্প্ৰাণ 
     দোঁ খাই ভৰি থাকিব লাগিছিল য'ত ধানগছ
     তাত আকাশক ধিয়াই বাঢ়িছে
     অপতৃণ।

     বিকিয়ান বাইলুংৰ 'আঘোণ' শীৰ্ষক কবিতাতো প্রতিফলিত হৈ উঠিছে হাতী আৰু মানুহৰ সংঘাতৰ ছবি।এই হাতী শোষণৰ প্ৰতীকো হ'ব পাৰে -

     আঘোণৰ পথাৰত হাতীয়ে কান্দে 
     খোজত কঁপে কৃষকৰ বুকু
     মাটিৰ দেহাও খহি যায়,
     কালৰ খোজত খহে ভোগৰ আঘোণৰ বাবে
     মাটিৰ আঁতৰেনে ভোক ?

     স্বপ্নালী কলিতাৰ 'কাঁচি' শীৰ্ষক  কবিতাতো মহাজনৰ শোষণৰ ছবি স্পষ্টৰূপত প্ৰকাশ পাইছে।আঘোনৰ পথাৰত সোনগুটিযেন ধান লাগিলে কি হ'ব, গোটেইখিনিচোন মহাজনৰ চোতাললৈকে যাব ।প্রতীকি অৰ্থত কাঁচিখনে কবিৰ সাম্যবাদী ভাৱাদৰ্শৰ ইংগিত এটাও বহন কৰা যেন অনুভৱ হয়।

     সেইদৰে প্ৰণতি গগৈৰ  ('আঘোণঃ আশা আৰু সপোন'),কৌস্তুভমণি শইকীয়া দত্তৰ 'আঘোণ',শান্তনা চেলেং সোণোৱালৰ 'আঘোণ' মিণ্টুল হাজৰিকাৰ 'মেটাফৰিকেল আঘোণ' নিহাল গগৈৰ 'আঘোনৰ পথাৰ'  আদি কবিতাতো আঘোনৰ মাজেৰে  আশা আৰু আশাভংগৰ কৰুণ চিত্ৰ প্ৰতিফলিত হৈছে।

     মূলত: আজিৰ এই যান্ত্ৰিক আৰু উদ্যোগীকৰণৰ যুগত  ক্ৰমান্বয়ে হেৰাই যাব ধৰা প্ৰাচীন গ্ৰাম্য পৰিৱেশ আৰু নৈসৰ্গিক সৌন্দৰ্যৰ প্ৰতি থকা আমাৰ কবিসকলৰ অকৃত্ৰিম আকুলতাৰ ভাৱ স্পষ্টভাৱে প্ৰতিফলিত হৈ উঠিছে সংকলনখনিত প্ৰকাশিত কবিতাসমূহত।
কিন্তু এষাৰ কথা নতুন প্ৰজন্মৰ কবিসকলে মনত ৰাখিব লাগিব যে কবিতা হৈছে চিত্ৰশিল্পৰ দৰেই  এক জটিল শিল্পকৰ্ম। অসাৱধানতাব:শত পৰি যোৱা সামান্য এডাল আঁক বা ৰেখাৰ বাবে যিদৰে গোটেই ছবিখনেই নষ্ট হৈ যাব পাৰে ঠিক সেইদৰে কবিতাৰ ক্ষেত্ৰতো এটা মাত্ৰ ভুল শব্দ প্ৰয়োগৰ বাবেই কবিতাৰ সমস্ত অন্তৰ্নিহিত ভাৱ বা শিল্পগুণ বিনষ্ট হ'ব পাৰে। কবি ৱৰ্ডচৱৰ্থৰ সংজ্ঞা অনুসৰি সাধাৰণতে ভাৱৰ স্বত:স্ফূৰ্ত প্ৰকাশেই কবিতা বুলি বহুতে ক'ব খোজে যদিও এই কথাও সত্য যে,আমাৰ মন-মস্তিষ্কত অলেখ চিন্তা,ভাৱনাই অহৰহ দোলা দি থাকে যিবোৰৰ হয়তো বেছিভাগেই শৃংখলিত আৰু সুবিন্যস্ত নহয়।গতিকে আৱেগিক মূহুৰ্তৎ উথলি উঠা ভাৱৰ স্বত:স্ফূৰ্ত প্ৰকাশেই কবিতা বোলা কথাষাৰ বহু সময়ত মানি ল'বলৈ অসুবিধা হয়।বৰঞ্চ এই কথাহে সত্য যে-অন্তৰত উথলি উঠা  ভাৱ বা উপলদ্ধিক অবিকৃতভাৱে প্ৰকাশ কৰাৰ তাগিদাতে কবিতাক বাৰে বাৰে ভাঙি-পিটি গঢ়া হয়,নিৰ্মান কৰা হয়।আমাৰ আলোচিত কাব্য সংকলনখনত সন্নিৱিষ্ট  কিছুসংখ্যক কবিয়ে কবিতাৰ নিৰ্মানশৈলী, শব্দচয়ন, পৰিশীলিত বাক্য বিন্যাস,ভাৱৰ গভীৰতা, চিত্ৰকল্পৰ প্ৰয়োগ আদি বিষয়ত  সতৰ্কতা অৱলম্বন নকৰাৰ ফলস্বৰূপে কবিতাৰ শিল্পগুণ কিছু কিছু ক্ষেত্ৰত বিনষ্ট হোৱা পৰিলক্ষিত হৈছে।সেয়ে হ'লেও বহু ভাল কবিতাও পাঠকে এই সংকলনত আৱিস্কাৰ কৰিব। কৃষিজীৱি অসমীয়াৰ সৰল প্ৰাণত আশাৰ বতৰা কঢ়িয়াই অনা আঘোণৰ প্ৰাচুৰ্যময় নৈসৰ্গিক চিত্ৰ আৰু তাৰ লগে লগে খেতিয়কৰ জীৱন সংগ্ৰাম আৰু সুখ-দুখ,স্বপ্ন-স্মৃতি-বিষাদৰ চিত্ৰও বহুকেইগৰাকী কবিৰ কবিতাত অত্যন্ত সুন্দৰ আৰু হৃদয়স্পৰ্শীৰূপত অংকিত হৈছে।   (সমাপ্ত) 

     

 







    




                                      


    

    



    

  







         












































 

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...