Friday, September 6, 2019

শৰৎ মানেই শুভ্ৰতা

  শৰৎ মানেই শুভ্ৰতা:এটি অনুভৱ
                                  বীৰ্কে  বি. থাপা

    গ্ৰীষ্মৰ প্ৰখৰ ৰ'দ আৰু বৰ্ষাৰ বিৰক্তিকৰ বৰষুণৰ অন্তত ধৰাপৃষ্ঠলৈ নামি অাহে কহুৱাকোমল শৰৎ ঋতু।বগা বগলী এজাকৰ দৰেই উৰি অাহি শুকুলা মেঘে অাৱৰি ধৰে নীলিম অাকাশ।লুকাভাকু খেল যেন অাৰম্ভ হয় মেঘ আৰু বেলিৰ মাজত-এই ৰ'দ এই বৰষুণ। ৰিব ৰিব কৈ বলা দুষ্ট বতাহজাক ক্ষন্তেকতে প্ৰেমিক হৈ পৰে।সেই প্ৰেমিক বতাহে উৰুৱাই লৈ অনা শেৱালীৰ সুবাসে বিগত দিনবোৰত পৰিশ্ৰান্ত হৈ পৰা দেহ-মনৰ সকলো অৱসাদ অাঁতৰাই শ্ৰমজীৱি মানুহৰ মনলৈ যেন কঢ়িয়াই অানে প্ৰতিশ্ৰুতিৰ অযুত সম্ভাৰ।
      আহিন মাহ সোমাই অহাৰ লগে লগে জাৰ পৰিবলৈ অাৰম্ভ কৰে অাৰু সেই জাৰৰ ৰাতিপুৱা ধৰাপৃষ্ঠয়ো যেন গাত মেৰাই লয় কুঁৱলীৰ এখন বগা চাদৰ।উৰে নিশা নিয়ঁৰত তিতি থকা শেৱালীৰে উপচি পৰে চোতাল।জোনাক নিশা দূৰৈৰ চাহ-বাগিচাৰ কৰম থলীত বাজি উঠা মাদলৰ চেৱে চেৱে নাচি উঠে লচমী-বুধুৱাহঁতৰ মনবোৰ।বাৰিষাৰ বানে  সৰ্বশ্ৰান্ত কৰি তোলা কৃষকৰ দুচকুত অাশাৰ ৰেঙনি কঢ়িয়াই শস্যৰ পথাৰ অাকৌ শ্যামল হৈ উঠে।শাকম্ভৰী দেৱীৰ অৰ্চনাৰে চাওঁতে চাওঁতে দুৰ্গা পূজা অাহি পায়হি।ধূপ -ধূণা,দীপ,পুষ্প,নৈবদ্যৰে দেৱী পূজন অাৰম্ভ হোৱাৰ লগে লগে চৌদিশে বিয়পি পৰে অাধ্যাত্মিক ভাৱনাৰ পবিত্ৰতা।ভোৰ-তাল-নাগাৰাৰ শৱদত সত্ৰ-নামঘৰ মুখৰিত হৈ উঠে।বৰ্তমান কালত দুৰ্গাপূজা সম্পূৰ্ণৰূপে বাণিজ্যিকৰণৰ  প্ৰভাৱত যদিও পূজাৰ দিনকেইটাত ৰঙা-নীলা বেলুন,ঢাক-ঢোলৰ শব্দ,অাৰতি,মন্ত্ৰপাঠ অাদিৰে মুখৰিত যি এক পৰিৱেশৰ সৃষ্টি হয় সেয়া অনন্য।
     শৰৎ ঋতুৰ অনুপম দৃশ্যৰ বৰ্ণনা অাৰু বন্দনা অামাৰ প্ৰাচীন অাৰু অাধুনিক সাহিত্যত অলেখ পোৱা যায়।প্ৰাচীন ভাৰতীয় সাহিত্য 'ভাগৱত'ত উল্লেখ থকা মতে,এই শৰৎ কালৰ জোনাক নিশাতে ভগৱান শ্ৰীকৃষ্ণই যমুনাৰ পাৰত  বাঁহী বজাই গোপিনীসকলৰ হৃদয় অনুৰাগেৰে ৰঞ্জিত কৰি ৰাসলীলা কৰিছিল। সেইদৰে 'ঋতুসংহাৰ' কাব্যত  কবি কালিদাসে শৰৎকালক  নাৰীৰ ৰূপ লাৱণ্যৰ সৈতে তুলনা কৰি যি কাব্যিক বৰ্ণনা দিছে তেনে অনন্য বৰ্ণনা হয়তো অন্য কোনো লেখকৰে ৰচনাত দেখিবলৈ পোৱা নাযায়।কবিৰ মতে ,প্ৰকৃতিৰ বুকুলৈ শৰৎ অাহে ঠিক এগৰাকী নববধুূৰ ৰূপত-কাশফুলৰ  দৰে তেওঁৰ পৰিধান, মুখ তেওঁৰ প্রফুল্ল পদ্মৰ দৰে , উন্মত্ত হংসৰ মাতৰ দৰে ৰমণীয় তেওঁৰ নূপুৰৰ শব্দ অাৰু  পকা শালিধানৰ দৰে সুন্দৰ তেওঁৰ ক্ষীণ দেহলতা।এই শৰৎ কালত যৌৱনবিলাসিনী নাৰীৰ বিশাল তটপ্ৰান্তৰ দৰে নিতম্ব যেন নৈবোৰে  অাৰম্ভ কৰে ব'বলৈ ধীৰ অাৰু মন্থৰ গতিৰে।
      কবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ কবিতা অাৰু গীততো শৰৎ ঋতুৱে অনন্য ৰূপ পৰিগ্ৰহণ কৰিছে-
আজ ধানের ক্ষেতে রৌদ্রছায়ায় লুকোচুরি খেলা রে ভাই, লুকোচুরি খেলা।
নীল আকাশে কে ভাসালে সাদা মেঘের ভেলা রে ভাই-- লুকোচুরি খেলা॥
আজ ভ্রমর ভোলে মধু খেতে--   উড়ে বেড়ায় আলোয় মেতে;
আজ কিসের তরে নদীর চরে চখা-চখীর মেলা॥
ওরে যাব না আজ ঘরে রে ভাই, যাব না আজ ঘরে।
ওরে, আকাশ ভেঙে বাহিরকে আজ নেব রে লুট ক'রে।
যেন জোয়ার-জলে ফেনার রাশি বাতাসে আজ ছুটছে হাসি,
আজ বিনা কাজে বাজিয়ে বাঁশি কাটবে সকল বেলা।(অাজ ধানেৰ ক্ষেতে)
     ৰৱী ঠাকুৰৰ কবিতাৰ এই 'ৰৌদ্ৰছায়া'ৰ লুকাচুৰি খেলৰ এটি সুন্দৰ অাভাস বাংলাদেশৰ বিখ্যাত কবি অালাউদ্দিন অাল অাজাদে লিখা 'একটু হাসে একটু কাঁদে' নামৰ অান এটি কবিতাতো দেখিবলৈ পোৱা যায়--
ঘনকালো মেঘের আঁধার একটু হাসে একটু কাঁদে
রোদের সাথে লুকোচুরি খেলাটা বেশ জমিয়ে তোলে
এই যে এখন মনটা ভালো এই যে এখন মনটা খারাপ
ইচ্ছে হলেই গালফুলিয়ে কান্না শুরু
ইচ্ছে হলেই রোদের পরে রোদের খেলা.
কখন কী হয় সবাই ভীতু- এমনই যে শরৎ ঋতু…
     উল্লেখযোগ্য যে বাংলা সাহিত্যত শৰৎ ঋতুুৰ বৰ্ণনত বাৰে বাৰে উচ্চাৰিত হোৱা এটা শব্দ হৈছে হৈছে কাশবন অাৰু কাশফুল।অসমৰ প্ৰকৃতিত ই কহুঁৱাবন ৰূপে পৰিচিত।শৰৎ কালত নৈৰ পাৰৰ বালিচৰত কহুঁৱা গজে।শুকুলা ডাৱৰৰ তলত বতাহৰ লহৰে লহৰে নাচি থকা কহুঁৱা বনে প্ৰকৃতিক অনন্য ৰূপত সজাই তোলে।অাকাশত চপৰা-চপৰ শুকুলা ডাৱৰ অাৰু তলত লয়লাস নাচোন শুকুলা কহুঁৱাৰ।শৰতৰ জোনাক নিশা শুকুলা শেৱালীৰ স্নিগ্ধ সুবাস,তগৰ ফুলৰ হাঁহি ,অাকাশেদি উৰি যোৱা বনহংসৰ মাত,কুঁৱলীৰ অাস্বাদন অাৰু পুৱাৰ ৰ'দত জিলিকি উঠা নিয়ৰৰ টোপালেৰে যি এক অপূৰ্ব শুভ্ৰ দৃশ্যৰ সমাহাৰ ঘটে সেয়া সম্ভৱ কেৱল শৰৎ কালত।শৰতৰ শুভ্ৰতাই মানুহক চিৰকাল ধৰি মুগ্ধ কৰি অহাৰ বাবেই শ্ৰীকৃষ্ণৰ ৰাসলীলা বৰ্ণিত ভাগৱত অাৰু কালিদাসৰ 'ঋতুসংহাৰ'পৰা অাৰম্ভ কৰি বাংলা সাহিত্যৰ ৰবী ঠাকুৰ,সুকান্ত ভট্টাচাৰ্য,সুভাস মুখোপধ্যায়,অসমীয়া সাহিত্যৰ শংকৰদেৱ-মাধৱদেৱ,পাৰ্বতীপ্ৰসাদ বৰুৱা,নিৰ্মলপ্ৰভা বৰদলৈ,ড:ভূপেন হাজৰিকা অাদি অলেখ লেখকৰ ৰচনাত শৰৎ কালৰ স্নিগ্ধৰূপ চিত্ৰিত হৈ অাহিছে।
     বাংলা সাহিত্যত উল্লেখিত কাশবন বা কাশফুল হৈছে এবিধ তৃণজাতীয় উদ্ভিদ যাৰ উচ্চতা পাঁচ ফুটৰ পৰা সৰ্বোচ্চ তেইশ ফুট পৰ্যন্ত হয়।বতাহে ঠেলি উৰুৱাই নিয়া অাকাশৰ শুকুলা ডাৱৰৰ দৰে কাশবন বা অামাৰ অসমৰ নৈৰ পাৰৰ কহুঁৱাইয়ো যেতিয়া বতাহৰ লহৰে লহৰে হালি জালি নাচোন তোলে, সেই দৃশ্য অত্যন্ত মনোৰম হৈ পৰে।এই কাশফুলক লৈ কবিতা লিখা কবি নিৰ্মলেন্দু গুণে শৰতক সজীৱ কৰি তুলিছে ,এনেদৰে-
ক্ষেতের আলে মুখ নামিয়ে/পুকুরের ঐ পাড়টায়/হঠাৎ দেখি কাশ ফুটেশে/বাঁশবনের ঐ ধারটায়।/ আকাশ থেকে মুখ নামিয়ে/মাটির দিকে নুয়ে/দেশি ভোরের বাতাসে কাশ/দুলছে মাটি ছুঁয়ে।/পুচ্ছ তোলা পাখির মতো/কাশবনে এক কন্যে/তুলছে কাশের ময়ূর চূড়া/কালো খোঁপার জন্যে।/প্রথম কবে ফুটেছে ফুল/সেই শুধু তা জানে/তাই তো সে তা সবার আগে
খোঁপায় বেঁধে আনে।/ইচ্ছে করে ডেকে বলি:
‘‘ওগো কাশের মেয়ে/আজকে আমার চোখ জুড়ালো/তোমার দেখা পেয়ে/তোমার হাতে বন্দী আমার/ভালোবাসার কাশ/তাই তো আমি এই শরতে/তোমার ক্রীতদাস।’’... (নির্মলেন্দু গুণ, কাশফুলের কাব্য)
     বহুতে বসন্ত কালক সৰ্বশ্ৰেষ্ঠ ঋতু অাখ্যা দিব বিচাৰে।তেওঁলোকৰ মতে শীত কালটো একপ্ৰকাৰে অন্ত বা বিনাশৰ প্ৰতীক।সেই সময়ত ফুল-পাত সৰি প্ৰকৃতি লঠঙা হৈ পৰে।শৰৎ কালটো এই অন্ত বা বিনাশৰ অাৰম্ভণি।কিন্তু কবি জন কীটছে 'টু অ'টাম' নামৰ কবিতাটিত শৰতক Season of mists and mellow fruitfulness, Close bosom-friend of the maturing sun বুলি কোৱাৰ লগতে এই ঋতু বসন্ত কালতকৈ কোনোগুণে কম নহয় অাৰু ইয়াৰো এটা নিজস্ব সংগীত অাছে বুলিও উল্লেখ কৰিছে-
………………………………thou hast thy music too
While barred clouds bloom the soft-dying day,
And touch the stubble-plains with rosy hue;
Then in a wailful choir the small gnats mourn
Among the river sallows, borne aloft
Or sinking as the light wind lives or dies;
And full-grown lambs loud bleat from hilly bourn;
Hedge-crickets sing; and now with treble soft
The redbreast whistles from a garden-croft,
And gathering swallows twitter in the skies.অৰ্থাৎ দিনান্তত যেতিয়া ডাৱৰবোৰে অস্তগামী সূৰুযৰ অাভাৰে গাত গোলাপী ৰহণ সানি ধৰাপৃষ্ঠক স্পৰ্শ কৰে তেতিয়া কীট-পতংগবোৰে সমস্বৰে যি কাতৰ বিননি জুৰে, ,ফৰিংবোৰে যি গীত গায়,দূৰৈৰ পাহাৰত ভেঁড়া পোৱালীবোৰে যি চিঞৰ মাৰে,ৰবিন পখীয়ে বাগিচাত অাৰু অাকাশত চাতক পখীয়ে যি গীত গায় সেয়াই শৰতৰ নিজস্ব সংগীত।
      বসন্তত ফুলা ফুল শৰতত সৰিবলৈ অাৰম্ভ কৰে।সেই বাবেই হয়তো উত্তৰ অামেৰিকাত শৰৎ কালক Fall বুলি কোৱা হয়।কিন্তু এই যে ফুল সৰা কাৰ্য তাতো যেন এটা সুকীয়া সৌন্দৰ্য অাছে।শৰতৰ নিশা শেৱালী সৰা অামি দেখিছোঁ অাৰু সেয়াও যেন শেৱালীৰ বুকুত পৃথিৱীৰ প্ৰতি থকা প্ৰেমৰে এক অন্য ৰূপ।এই অাত্মত্যাগ বা বিসৰ্জনৰ সৌন্দৰ্যক উপলদ্ধি কৰিয়েই অান্দ্ৰি  গিবচন নামৰ এগৰাকী অামেৰিকান কবিয়ে লিখিছে-Autumn is the hardest season. The leaves are all falling, and they're falling like
they're falling in love with the ground.অাকৌ অালবেয়াৰ কেম্যুৰ মতেও শৰৎ কালটোৱেই শেষ নহয়,বৰঞ্চ ই বসন্ত কালৰে অন্য এটা ৰূপহে-Autumn is a second spring when every leaf is a flower.
     সঁচাকৈয়ে,শৰৎ মানেই শুকুলা মেঘ-কহুঁৱা বনৰ শুভ্ৰতা অথবা তগৰ-শেৱালীৰ সুবাস অাৰু স্নিগ্ধতা।কিন্তু অাজি দ্ৰুতগতিৰে বৃদ্ধি পাই অহা উদ্যোগীকৰন অাৰু যান্ত্ৰিক কোলাহলে সৃষ্টি কৰা পৰিৱেশ প্ৰদূষণৰ বাবে অভাৱনীয়ভাৱে শৰৎ কালৰ পূৰ্বৰ সৌন্দৰ্য নোহোৱা হৈ গৈছে।শৰতৰ শুভ্ৰতাক যান্ত্ৰিক যুগৰ ধুলি-ধোঁৱা অাৰু বিষাক্ত গেছে মলিন কৰি পেলাইছে।বাণিজ্যিকৰণৰ বাবে গছ-বন ধ্বংস কৰাৰ লগে লগে নৈৰ পাৰৰ কহুঁৱা বিলুপ্ত হৈ গৈছে,বতৰত তগৰ নুফুলা হৈছে,কল-কাৰখানাৰ ৰাসায়নিক গেছৰ প্ৰকোপত শেৱালীৰ স্নিগ্ধ সুবাস ক'ৰবাত হেৰাই গৈছে।প্ৰকৃতিক ধ্বংস কৰি অাজি পূজাৰ বতৰত প্লাষ্টিকৰ শেৱালী-তগৰ অথবা কহুঁৱা বন সাজি অামাৰ শিশুসকলৰ হাতত তুলি দিয়া হৈছে।কিমান দিনলৈ অামি অামাৰ শিশুসকলক এইদৰে প্ৰকৃতিৰ পৰা অাঁতৰাই কেৱল প্লাষ্টিকৰ পুতলাৰে ঠগি থাকিম?প্লাষ্টিকৰ ফুলে জানো পাৰিব ঘূৰাই অানিব শৰতৰ সুবাস অাৰু স্নিগ্ধতা?

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...