Friday, September 6, 2019

তোমাৰ চোখ এত লাল কেন?

  তোমাৰ চোখ এত লাল কেন?
                                          -বীৰ্কে বি. থাপা

     অামেৰিকাৰ দৰে পুঁজিবাদী ৰাষ্ট্ৰত নাৰী -স্বাধীনতা প্ৰকৃততে যৌন-স্বাধীনতাৰে নামান্তৰ।৮০ ৰ দশকত সেই দেশৰ মহিলাসকলে নিজৰ বক্ষ উদঙাই পুৰুষৰ দৰে মুক্তভাৱে ঘূৰি ফুৰাৰ স্বাধীনতাৰ দাবীৰে ৰাজপথলৈ ওলাই অাহিছিল।অাজি নাৰী স্বাধীনতাৰ নামত অামেৰিকাৰ যুৱতী অাৰু মহিলাসকলে অন্তৰ্বাস পৰিধান নকৰাকৈ ঘূৰি ফুৰা তথা বিবাহপূৰ্ব অাৰু বিবাহোত্তৰ কালত একাধিক পুৰুষৰ সৈতে অবাধ যৌন সম্পৰ্ক ৰখা কাৰ্য তেনেই স্বাভাৱিক।ইয়াৰ বিপৰীতে ভাৰত-বাংলাদেশ অাদিৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত কিন্তু নাৰী-স্বাধীনতাৰ বিষয়টো অাৰ্থ-সামাজিক অাৰু অৰ্থনৈতিক স্বাধীনতাৰ সৈতে সম্পৰ্কিত।পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাৰে পৰিচালিত এই দেশসমূহত নাৰীক অতীতৰে পৰা সম-অধিকাৰৰ  পৰা বঞ্চিত কৰি অহা হৈছে-যাৰ বাবে নাৰী-স্বাধীনতাৰ বাবে এই দেশসমূহৰ মহিলাসকলে অান্দোলন কৰিব লগীয়া হৈছে।নাৰী-স্বাধীনতাৰ বেলিকা তচলিমা নাচৰিণৰ দৰে এনে উগ্ৰ ফেমিনিষ্ট লেখিকাৰো জন্ম বাংলাদেশত হৈছে যিসকলে নাৰীৰ বাবে কেৱল অাৰ্থ-সামাজিক অাৰু অৰ্থনৈতিক স্বাধীনতাৰ দাবীতে ক্ষান্ত নাথাকি নাৰীক সম্পূৰ্ণৰূপে পুৰুষবিদ্বেষী কৰি তুলিবলৈকো এটা সময়ত অহৰহ চেষ্টা চলাইছিল।
    তচলিমা নাচৰিণৰ কিতাপ এটা সময়ত অসমত খুব বিক্ৰী হৈছিল।বিশেষকৈ অসমৰ অাঢ্যৱন্ত ঘৰৰ শিক্ষিতা মহিলাসকলৰ মাজত মহিলা অালোচনী 'ফেমিনা' অাৰু তচলিমা নাচৰিণৰ কিতাপসমূহ অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল।চহৰ-মহানগৰৰ শিক্ষিতা মহিলাসকলে নাৰী-স্বাধীনতাৰ নামত অাজি পুৰুষৰ সমানে সমানে ক্লাব-ৰেষ্টুৰেণ্টত পাৰ্টি কৰা,ফ্ৰেণ্ড চাৰ্কোলৰ সৈতে অাড্ডা পিটি সময় কটোৱা,স্যপিং মললৈ গৈ দামী কাপোৰ-অলংকাৰ ক্ৰয় কৰা অাদিত ব্যস্ত থকাটো সাধাৰণ কথা হৈ পৰিছে।অাধুনিকতাৰ প্ৰভাৱত অাজিৰ মহিলাই নিজৰ সন্তানক পৰ্যন্ত ঘৰৰ অায়া বা পৰিচাৰিকাগৰাকীৰ হাততে চৌবিশ ঘণ্টাই এৰি দিয়ে।সৌন্দৰ্য নষ্ট হোৱাৰ অাশংকাত নিজৰ সন্তানক স্তন পান কৰোৱাৰ পৰাও অাজিৰ বহু মহিলা অাঁতৰি থকা পৰিলক্ষিত হয়।
     অামি নাৰী স্বাধীনতাৰ বিৰুধী নহয়,কিন্তু এনে নাৰী স্বাধীনতাৰ সপক্ষেও থাকিব নোৱাৰোঁ য'ত নাৰীৰ স্বকীয় সৌন্দৰ্য অাৰু মৰ্যাদা লাঘৱ হয়।সকলো পুৰুষ একে নহয়।এনে পুৰুষো অাছে যি নাৰীক কেৱল ভোগৰ সামগ্ৰী বুলি নাভাবি সৃষ্টিৰ এক অপূৰ্ব শক্তি অাৰু সৌন্দৰ্য বুলিও অনুভৱ কৰে।এনে পুৰুষো অাছে যিসকলে নাৰীক সদায় স্বকীয় সৌন্দৰ্য অাৰু মৰ্যাদাৰে মহিমামণ্ডিত হৈ থকাটোকে কামনা কৰে।
     বাংলাদেশৰ বিশিষ্ট কবি নিৰ্মলেন্দু গূণে নাৰী-স্বাধীনতাক বিষয়বস্তু হিচাপে লৈ বৰ হৃদয়স্পৰ্শী এটি কবিতা লিখিছে-'তোমাৰ চোখ এত লাল কেন?' অাজিৰ ব্যস্ততাপূৰ্ণ জগতত সকলো নিজৰ নিজৰ কামত ব্যস্ত থাকিব লগা হয়।কৰ্মক্ষেত্ৰত দিনটো ব্যস্ত থকাৰ পাছত স্বামী ভাগৰি-জুগৰি ঘৰলৈ অাহে।ঘৰলৈ অাহি দেখে -দুৱাৰত তলা ওলমি অাছে।চাবি এপাত তেওঁৰো হাতত অাছে।তেওঁ দুৱাৰৰ তলা খোলে।কিন্তু কথা সেইটো নহয়,কথাটো হ'ল-ভাগৰি জুগৰি ঘৰলৈ অহা মানুহজনে বিচাৰে মানুহজনীয়ে তেওঁক ভিতৰৰ পৰা দুৱাৰ খুলি দিয়ক…।কিন্তু নাই,নাৰী-স্বাধীনতাৰ ঢৌৱে তেওঁৰ মানুহজনীক বহু দূৰলৈ অাঁতৰাই লৈ গৈছে।
     বহুদিন এনেদৰে বাহিৰৰ পৰা দুৱাৰ খুলি খুলি তেওঁ ভাগৰি গৈছে।তেওঁ কৈছে-

আমি বলছি না ভালোবাসতেই হবে , আমি চাই
কেউ একজন আমার জন্য অপেক্ষা করুক,
শুধু ঘরের ভেতর থেকে দরোজা খুলে দেবার জন্য ।
বাইরে থেকে দরোজা খুলতে খুলতে আমি এখন ক্লান্ত

আমি বলছি না ভালোবাসতেই হবে, আমি চাই
কেউ আমাকে খেতে দিক । আমি হাতপাখা নিয়ে
কাউকে আমার পাশে বসে থাকতে বলছি না,
আমি জানি, এই ইলেকট্রিকের যুগ
নারীকে মুক্তি দিয়েছে স্বামী -সেবার দায় থেকে ।
আমি চাই কেউ একজন জিজ্ঞেস করুক :
আমার জল লাগবে কি না, নুন লাগবে কি না,
পাটশাক ভাজার সঙ্গে আরও একটা
তেলে ভাজা শুকনো মরিচ লাগবে কি না ।
এঁটো বাসন, গেঞ্জি-রুমাল আমি নিজেই ধুতে পারি

আমি বলছি না ভলোবাসতেই হবে, আমি চাই
কেউ একজন ভিতর থেকে আমার ঘরের দরোজা
খুলে দিক । কেউ আমাকে কিছু খেতে বলুক ।
কাম-বাসনার সঙ্গী না হোক, কেউ অন্তত আমাকে
জিজ্ঞেস করুক : 'তোমার চোখ এতো লাল কেন ?'

      কবিতাটিৰ হৃদয়স্পৰ্শী অাৱেদনে নিশ্চয় প্ৰতি গৰাকী নাৰীক এবাৰলৈয়ো হ'লেও ভৱাই তুলিব।+

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...