Friday, September 6, 2019

নাৰী স্বাধীনতা প্ৰসংগ

নাৰী-স্বাধীনতা প্ৰসংগ
----------------------------------
                                           বীৰ্কে বি. থাপা
                          
    
     অতীতত  নাৰীক শক্তিৰূপে পুজা-উপাসনা কৰাৰ প্ৰথা প্রচলিত আছিল। আজিও ভাৰতবৰ্ষ তথা উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান সমাজত কন্যা সন্তানক দেৱীৰূপে গ্ৰহণ কৰা হয়।'কুমাৰী পূজা'ৰ প্ৰথা ইয়াৰ এটা উল্লেখযোগ্য উদাহৰণ।কিন্তু আৰ্যহিন্দু ধৰ্মৰ প্ৰভাৱত নাৰীৰ পূৰ্বৰ স্থান পৰৱৰ্তী কালত যথেষ্ট অৱনমিত হোৱা চকুত পৰে।প্রাচীন বেদ-উপনিষদৰপৰা আৰম্ভ কৰি ৰামায়ণ-মহাভাৰতলৈকে প্ৰায় সকলোবোৰ ধৰ্মগ্ৰন্থতে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীক যুগে- যুগে দমন আৰু অত্যাচাৰ কৰি অহা অলেখ ঘটনাৰ উদাহৰণ আমি পাওঁ।মনুৰ দৰে প্ৰাচীন কালৰ অনেক ঋষি-মুনিয়ে নাৰী সম্পৰ্কত আগবঢ়োৱা অজস্র কটু মন্তব্যৰ পৰিপ্ৰেক্ষিততে আমাৰ সমাজত আজিও নাৰীৰ প্ৰতি এক ভিন্ন ভাৱনা তথা  অন্যায় -অত্যাচাৰ অব্যাহত আছে।
        আজিৰ যুগত সমানাধিকাৰৰ কথা কোৱা হয় যদিও বাস্তৱ ক্ষেত্ৰত এই বিষমতা সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই। স্বামী আৰু স্ত্ৰীৰ মাজৰ সম্পৰ্ক আজিও কেৱল শাৰীৰিক সম্পৰ্কতে সীমাৱদ্ধ হৈ ৰৈ গৈছে। সংখ্যাগৰিষ্ঠ পুৰুষৰ দৃষ্টিত নাৰী কেৱল উপভোগৰ সামগ্ৰী আৰু সন্তান জন্ম দিয়া আহিলাহে মাত্ৰ।পুৰুষৰ কামনা পূৰ্ণ কৰিব নোৱাৰা আৰু সন্তান জন্ম দিব নোৱাৰা নাৰীক পুৰুষ-প্ৰধান  সমাজত কেনেদৰে অত্যাচাৰ কৰা হয় তাক ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। আনকি স্বামীৰ মৃত্যুৰ পাচতো এক প্ৰকাৰে ‘পেলনীয়া জাবৰ’লৈ পৰিণত হোৱা নাৰীক  আমাৰ সমাজত ধৰ্ম, ৰীতি-নীতি, পৰম্পৰাৰ দোহাই দি এসময়ত স্বামীৰ লগতে একেখন চিতাত আত্মদাহ কৰিবলৈ অথবা  বৈধব্যৰ কঠোৰ জীৱন যাপন কৰিবলৈ বাধ্য কৰোৱা হৈছিল।ধৰ্মৰ নামত বিধবা নাৰীক চুলি- মূৰ খুৰাই,একবস্ত্ৰ পৰিধান কৰিবলৈ দি,আঁউসী-একাদশীৰ অজস্ৰ নীতি-নিয়ম জাপি দি অমানৱীয় অত্যাচাৰ চলাই অহা ঘটনাৰ অজস্ৰ উদাহৰণ আমাৰ সমাজত আছে।
     আধুনিক যুগৰ ক্ৰমবৰ্দ্ধমান যান্ত্রিকতা, ভোগ প্ৰৱণতা আৰু মানসিক জটিলতাৰ লগে লগে নাৰী আৰু পুৰুষৰ মাজৰ সম্পৰ্কত বিষমতা আৰু অধিক বৃদ্ধি পাই আহিছে। ফলত নাৰী স্বাধীনতাৰ বিষয়টোৱেও গা কৰি উঠিছে।তৃতীয় বিশ্বৰ দেশসমূহত  নাৰীয়ে যুঁজিবলগীয়া হৈ আহিছে সামাজিক ন্যায় আৰু অৰ্থনৈতিক স্বাধীনতাৰ বাবে। কিন্তু প্ৰাচ্য আৰু পাশ্চাত্যৰ দেশ সমূহত নাৰী স্বাধীনতাৰ স্বৰূপ একে নহয়।শিল্প বিপ্লৱৰ পৰৱৰ্তী কালছোৱাত পাশ্চাত্যৰ দেশসমূহত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা অৰ্থনৈতিক প্ৰাচুৰ্য ,  ভোগ-বিলাস আদিৰ প্ৰভাৱ স্বৰূপে  ইউৰোপ-আমেৰিকাৰ নাৰীৰ বাবে সামাজিক ন্যায়,অৰ্থনৈতিক স্বাধীনতা আদি  বিষয়বোৰ তেনে কোনো সমস্যা নাছিল।তেওঁলোকৰ বাবে
প্রয়োজনীয় হৈ ধৰা দিয়া বস্তুটো আছিল কেৱল যৌন-স্বাধীনতা ।আশীৰ দশকত সোয়ে আমেৰিকাৰ নাৰীয়ে পুৰুষৰ দৰেই সমানে আৰু মুক্তভাৱে একাধিক পুৰুষৰ সৈতে বিবাহপূৰ্ব আৰু বিবাহোত্তৰ যৌন সম্পৰ্ক ৰখাৰ স্বাধীনতাৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছিল।অকল সেয়ে নহয়,পুৰুষৰ দৰে অন্তৰ্বাস পৰিধান নকৰাকৈ,বক্ষ উদং কৰি ঘূৰি ফুৰাৰ স্বাধীনতাৰো দাবী তেওঁলোকে তুলিছিল।ইয়াৰ বিষম পৰিণতি স্বৰূপ্,কেৱল এজন পুৰুষতে আৱদ্ধ নাথাকি একাধিক পুৰুষৰ সৈতে অবাধ আৰু মুক্ত যৌন সম্পৰ্কৰে জীৱনটোক উপভোগ কৰাৰ দৰে প্রৱণতা নাৰীৰ মনত বৃদ্ধি পাই অহাৰ ফলত পাশ্চাত্যৰ দেশসমূহত সততে বিবাহ-বিচ্ছেদ ঘটা,বিবাহপৃর্ব আৰু বিবাহোত্তৰ অবৈধ যৌন সম্পৰ্ক তথা  আইন বিৰূদ্ধভাৱে গৰ্ভপাত ঘটোৱা আদি ঘটনা দ্ৰুত হাৰত বৃদ্ধি পাইছিল।
      উল্লেখযোগ্য যে,আমেৰিকাৰ দৰে পুঁজিবাদী দেশসমূহে শিল্প-উদ্যোগ,কল-কাৰখানা, জ্ঞান-বিজ্ঞান, প্রযুক্তি বিদ্যা, শিল্প-কলা-সংস্কৃতি আদিৰ প্রসাৰ, বিস্তৃতি আৰু ব্যাপক সম্প্ৰসাৰণৰ জৰিয়তে সমগ্র বিশ্বকে পদানত কৰাৰ অভূতপূৰ্ব পৰিকল্পনা কৰিছিল ছোভিয়েত ৰাচিয়াৰ সৈতে অৱতীৰ্ণ হোৱা Cold War বা শীতল যুদ্ধৰ সময়ৰে পৰা।আক্ৰমনৰ লক্ষ্য হিচাপে তেওঁলোকে  বাছি লৈছিল তৃতীয় বিশ্বৰ  দেশ সমূহক - য'ত পূর্বৰে পৰা ছোভিয়েট প্রভাৱ বর্তি আছিল।ভিয়েটনামৰ স্বাধীনতা আন্দোলনৰ সময়ছোৱাত আমেৰিকাই এনে কু-অভিসন্ধিৰে অশ্লীল কিতাপ-আলোচনী আদিৰে বজাৰ  উপচাই নতুন প্রজন্মক আন্দোলনৰ পৰা আঁতৰাই ৰখাৰ কৌশল ৰচনা কৰিছিল  আমেৰিকাৰ এই সু-পৰিকল্পিত সাংস্কৃতিক যুদ্ধৰ আধাৰতে সমগ্র বিশ্বক ক্ৰমান্বয়ে কম্পিউটাৰ-টেকনল'জি আৰু ইন্টাৰনেটৰ জালেৰে বন্দী কৰি ভোগবাদী সংস্কৃতিৰ বিষবাষ্প বিয়পাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।ফ্যেশ্বনৰ কোটি কোটি টকীয়া বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ মানুহক ভাবিবলৈ বাধ্য কৰোৱা হৈছিল যেন-- ফ্যেশ্বন আৰু বিলাসিতাপূৰ্ণ জীৱন অবিহনে আজিৰ যুগত জীয়াই থকাই সম্ভৱপৰ নহয়।এই ভোগবাদী সংস্কৃতিৰ প্ৰভাৱ স্বৰূপে ভাৰতবর্ষৰ মেট্ৰ'পলিটান চহৰ-মহানগৰসমূহতো বিশেষকৈ আশী আৰু নব্বৈৰ দশকৰ পৰা দ্ৰুতগতিৰে  ফ্যেশ্বন আৰু যৌন-স্বাধীনতাৰ প্রৱণতাই গা -কৰি উঠিছিল।সাম্প্ৰতিক কালতো পুঁজিবাদী শক্তিসমূহে নতুন প্রজন্মৰ হাতে হাতে ম'বাইল-ইণ্টাৰনেট আদি তুলি দি  বিজ্ঞান- প্রযুক্তিবিদ্যাৰ প্রসাৰণৰ নামত  অত্যন্ত কৌশলেৰে অশ্লীল ছবি, পর্ণগ্রাফ আদি বিয়পাই দি ব্যৱসায়িক স্বাৰ্থত 'ভোগবাদী সংস্কৃতি'  বিয়পাই দিয়াৰ চেষ্টা চলাই আহিছে।পৰিনাম স্বৰূপে আজিৰ যুগত ভোগবাদেই যেন চৰম সত্য এনে ধাৰনাৰ পৰিপ্ৰেক্ষিতত মানবীয়তা সম্পূৰ্ণৰূপে লুপ্ত হৈ পৰিছে।মানুহৰ মনৰ পৰা   মানবীয়তা, প্রেম, বিশ্বাস, সহানুভূতি,সততা আদি ভোগবাদী সংস্কৃতিৰ কবলত ধ্বংস হৈ গৈছে।স্বামী-স্ত্ৰীৰ মাজত মানসিক ব্যৱধান বৃদ্ধি পাই আহিছে।কিন্তু মেট্ৰ'পলিটান চহৰ-মহানগৰৰ উচ্চবিত্তীয় লোকসকলৰ জীৱনত মূল্যবোধ বা সামাজিক প্ৰমূল্যৰ বিপৰীতে 'ভোগবাদী সংস্কৃতি'য়ে মুখ্য স্থান লাভ কৰা হেতুকে স্বামী-স্ত্ৰীৰ মাজত সম্পর্কত বৃদ্ধি পাই অহা মানসিক ব্যৱধান একো সমস্যা নহয়।সেইবাবেই অবাধ যৌন সম্পৰ্ক,বিবাহ বিচ্ছেদ আদি উচ্চ বিত্তীয় জীৱনত সাধাৰণ কথা।
       কিন্তু সমস্যাৰ সৃষ্টি হয় সমাজৰ নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ জীৱনত।কাৰণ ভোগবাদী সংস্কৃতিৰ প্ৰভাৱ এতিয়া মেট্ৰ'পলিটান চহৰ-মহানগৰৰ উচ্চবিত্তীয় জীৱনৰ পৰা সমাজৰ অন্যান্য শ্ৰেণীলৈকে বিয়পি পৰিবলৈ আৰম্ভ কৰিছে।পৰিণতি স্বৰূপে সমাজৰ নিম্নস্তৰতো যৌন ব্যভিচাৰ,গৰ্ভপাত,ধৰ্ষণ তথা নাৰীৰ প্ৰতি অশালীন আচৰণ,নাৰীক কেৱল ভোগৰ সামগ্ৰী বুলি ভৱা প্ৰবণতা দিনক দিনে বৃদ্ধি পাই আহিছে।
     আজি বিশ্বৰ সৰ্বত্ৰে নাৰী স্বাধীনতাৰ বাবে আন্দোলন গঢ় লৈ উঠিছে।পশ্চিমীয়া দেশৰ উগ্ৰ ফেমিনিষ্ট (নাৰীবাদী)লেখিকাসকলৰ দৰে ভাৰততো কিছু সংখ্যক লেখিকাই নাৰী স্বাধীনতাৰ হকে লিখা-মেলা কৰি আছে।কিন্তু এই  কথা ইতিমধ্যে প্ৰমানিত হৈ পৰিছে যে অামেৰিকাৰ দৰে পুঁজিবাদী ৰাষ্ট্ৰত নাৰী -স্বাধীনতা আছিল প্ৰকৃততে যৌন-স্বাধীনতাৰে নামান্তৰ।পাশ্চাত্যৰ নাৰীবাদী আন্দোলনৰ প্ৰভাৱত হাতত কলম তুলি লোৱা ভাৰতীয় নাৰীবাদী বহুকেইগৰাকী লেখিকাৰ ৰচনাত সেয়ে বিবাহিতা নাৰীৰ অবৈধ যৌন সম্পৰ্কৰ বিষয়বোৰেই সততে কেন্দ্ৰীয় বিষয় হিচাপে ধৰা দিয়া পৰিলক্ষিত হয়।এনে ভোগবাদী সম্পৰ্কক বহু সমালোচকে ফ্ৰয়েদীয় যৌন-মনস্তত্বৰ দৃষ্টিৰে আলোচনা কৰি বৈধতা প্ৰদান কৰাৰ চেষ্টা কৰিলেও ভাৰতীয় প্ৰমূল্য আৰু যৌন-নৈতিকতাৰ বিৰুদ্ধ বুলিয়ে বহুতে ক'ব খোজে।
     অৱশ্যে নাৰী-পুৰুষৰ যৌন সম্পৰ্কৰ বাদেও মনস্তাত্বিক সম্পর্কৰ বিষয়েও ভাৰতীয় নাৰীবাদী লেখিকাসকলে লেখা -মেলা নকৰাকৈ থকা নাই। এই ক্ষেত্ৰত অমৃতা প্রীতমৰ নাম বিশেষ উল্লেখযোগ্য । আমাৰ সমাজত নাৰী আৰু পুৰুষৰ মাজত গঢ়লৈ উঠা বিষম সম্পৰ্কৰ অত্যন্ত মর্মস্পর্শী চিত্র অংকন কৰিছে পাঞ্জাবী লেখিকা অমৃতা প্ৰীতমে। পুৰুষৰ ভোগবাদী চৰিত্রত পৰিশ্রান্ত হৈ তেওঁৰ প্রায়বোৰ নাৰী -চৰিত্রই জীৱনৰ একোটা প্ৰান্তত প্রচণ্ড জেদ আৰু অভিমান বুকুত লৈ প্ৰায়ে পুৰুষৰ জীৱনৰ পৰা আঁতৰি গুচি যোৱা দেখা যায়। আমাৰ সমাজত সাধাৰণতে পুৰুষৰ অন্যায়-অত্যাচাৰ সহ্য কৰি কৰিও নাৰীয়ে কেতিয়াও সেই পুৰুষক এৰি গুচি যোৱাৰ কথা কল্পনা কৰিব নোৱাৰে বা সাহস কৰিব নোৱাৰে। তেনে ক্ষেত্রত অমৃতা প্রীতমৰ নাৰী চৰিত্রসমূহক যথার্থতে সাহসী বুলিয়েই ক'ব লাগিব।কিন্তু লক্ষনীয়ভাৱে অমৃতা প্ৰীতমৰ নাৰী চৰিত্ৰসমূহে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰূদ্ধে প্ৰকাশ্যে বিদ্ৰোহ কৰা আমাৰ চকুত নপৰে।ইয়াৰ বিপৰীতে বাংলাদেশৰ প্রচণ্ড সাহসী, নাৰীবাদী লেখিকা তসলিমা নাসৰিনৰ কথাও উল্লেখ কৰিব পাৰি যি গৰাকী লেখিকাৰ লেখাসমূহৰপৰা স্পষ্টভাৱেই  ক'ব পাৰি যে পুৰুষৰ ভোগবাদী চৰিত্রই তেওঁক ইমানেই ক্রুদ্ধ আৰু বিতুষ্ট কৰি তুলিছে যে তেওঁ বিভিন্ন ৰচনাৰ জৰিয়তে পুৰুষ-বিদ্বেষ মনোভাৱ প্ৰকাশ কৰিছে। তসলিমা নাসৰিনৰ এই পুৰুষ-বিদ্বেষৰ কাৰণ অৱশ্যে যথেষ্ট । সৰুৰে পৰাই তেওঁ পুৰুষতান্ত্রিক সমাজ -ব্যৱস্থাত পুৰুষে বিভিন্ন প্ৰকাৰে নাৰীৰ ওপৰত চলাই অহা অত্যাচাৰ প্রত্যক্ষ আহিছে। ব্যক্তিগতভাৱে তেওঁ নিজেও তেনে অত্যাচাৰৰ বলি হৈছিল। এটা ৰচনাত তেওঁ লিখিছে যে সৰুতে এবাৰ মাকৰ লগত ৰিক্সাৰে যাওঁতে মানুহৰ ভীৰৰ মাজত কোনোবাই জ্বলি থকা চিগাৰেট গাত খুচি দিছিল।তেওঁ চিৎকাৰ কৰিছিল,কিন্তু মানুহজনৰ মুখত তেওঁ এটা পৈশাচিক তৃপ্তি প্ৰকাশ পোৱা লক্ষ কৰিছিল।আন এটা লেখাত তসলিমাই উল্লেখ কৰিছে যে বিয়াৰ পাছত তেওঁ স্বামীৰ গাত থকা ভয়ংকৰ যৌন ৰোগৰ কথা গম পাইছিল  আৰু সেইবাবেই তেওঁ স্বামীৰ সৈতে বিবাহ-বিচ্ছেদ ঘটাইছিল।ভয়ংকৰ বেমাৰ এটা গাত লৈয়ো সেই কথা গোপন কৰি ৰাখি তেওঁক বিয়া কৰাই স্বামীয়ে যি বিশ্বাসঘাতকতা কৰিছিল সেই কথাক তেওঁ কেতিয়াও ক্ষমা কৰিব পৰা নাছিল।
       নব্বৈৰ দশকৰ পৰা পুৰুষৰ অন্যায়-অত্যাচাৰ,মৌলবাদী নীতি-নিয়ম আদিক বিভিন্ন লেখাৰ মাজেৰে কঠোৰ সমালোচনা কৰি অহা তসলিমা নাসৰিনৰ কোৰাণ বিৰোধী ৰচনাসমূহৰ বাবে মুচলিম মৌলবাদীসকলে তেওঁৰ বিৰূদ্ধে মৃত্যুদণ্ডৰ হুকুম জাৰি কৰা স্বত্তেও কিন্তু তেওঁৰ কলমক আজিলৈকে ৰুদ্ধ কৰিব পৰা নাই। নির্বাচিত কলাম, নষ্ট মেয়েৰ নষ্ট গদ্য, লজ্জা আদিৰ দৰে গ্ৰন্থসমূহৰ মাজেৰে তেওঁ পুৰুষতান্ত্রিক সমাজ -ব্যবস্থাৰ বিৰুদ্ধে আগবঢ়োৱা যুক্তিসমূহ খণ্ডন কৰাৰ কোনো উপায় নাই । বিতর্ক আৰু সমালোচনাৰ শীর্ষত উঠা এই গ্রন্থসমূহত তেওঁ নাৰীহিচাপে পাই অহা বিভিন্ন অভিজ্ঞতাৰ বাস্তৱ-নগ্ন চিত্র স্পষ্টৰূপে অংকিত কৰিছে।
     তসলিমা নাসৰিনৰ ৰচনাসমূহত সততে দেখা যায়-তেওঁ পুৰুষতান্ত্রিক সমাজ ব্যবস্থাৰ দ্বাৰা প্রণোদিত ধর্ম গ্রন্থ, আইন-আদালত, ৰীতি-
নীতি, পৰম্পৰা আদি সকলোকে যেনেদৰে কঠোৰ সমালোচনা কৰিছে তেনেদৰে সমালোচনা কৰিছে এই পুৰুষতান্ত্ৰিক ব্যৱস্থাটোক  নির্বিবাদে মানি থকা সতী-সাধ্বী
নাৰীসকলকো।গাঁৱৰ নিৰক্ষৰ মহিলাসকলৰ লগে-লগে কঠোৰভাৱে সমালোচনা
কৰিছে আধুনিক আৰু ফ্যেশ্বনৰ সোঁতত উটি-ভাঁহি নিজৰ বয়স ঢাকি পুৰুষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ উৎকট প্রসাধন ব্যৱহাৰ কৰা অথবা
বুকুৰ আঁচল খহাই নিজৰ শৰীৰ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা চহৰৰ মহিলাসকলকো কঠোৰ ভাষাৰে ব্যংগ আৰু সমালোচনা কৰিছে।
      তৎস্বত্তেও কিন্তু তসলিমা নাসৰিনৰ নাৰীবাদী দৃষ্টিভংগীৰ সকলো কথাক নিৰ্বিবাদে মানি ল'ব নোৱাৰি। বিশেষকৈ  সাধাৰণীকৰণ কৰি তেওঁ সমস্ত পুৰুষ জাতিটোকে কামুক,অত্যাচাৰী, নৃশংস বুলি মন্তব্য কৰাটো মানি ল'ব নোৱাৰি| আজিৰ যুগত নাৰীৰ সম-মর্যাদা, অর্থনৈতিক স্বাধীনতা আদিৰ পৰিপ্রেক্ষিতত তেওঁ আগবঢ়োৱা যুক্তিসমূহৰ বলিষ্ঠতাক সমৰ্থন কৰা সত্বেও এই কথা মানি ল'ব নোৱাৰি যে পুৰুষ মানেই কামুক আৰু অত্যাচাৰী ৷' নাৰী' নামৰ কবিতাটিত তেওঁ লিখা মতে,প্রত্যেক পুৰুষেই নৱ-বিবাহিতা পত্নীৰ যোনী অক্ষত অৱস্থাত থকাটো বিচাৰে যাতে তাক পাশৱিকতাৰে কামুৰি ছিঙি পেলাব পাৰে।তচলিমা নাচৰিণে এই ক্ষেত্ৰত কেৱল পুৰুষৰ কামুকতাকহে অশ্লীল ভাষাৰে বর্ণনা কৰিছে । অথচ নাৰীৰ যৌন লিপ্সা বা কামুকতাৰ দিশটোক সম্পূৰ্ণৰূপে  আওকাণ কৰিছে।ব্যক্তিবিশেষৰ বিকৃত কামবাসনাৰ বাবে সমস্ত পুৰুষ- জাতিক একীকৰণ কৰা কথাটোৱে আমাক ক্ষুব্ধ কৰে ৷ 'বিপৰীত খেলা” কবিতাটিৰ
জৰিয়তেও তেওঁৰ পুৰুষবিদ্বেষী মানসিকতা স্পষ্টভাৱে ফুটি উঠিছে। কবিতাটিত তসলিমা নাসৰিনে লিখিছে-'আমাৰ খুব ইচ্ছে কৰে দশ পাঁচ টাকাই ছেলে কিনতে.....'তাৰ পাছত? তাৰ পাছত বাটৰ পৰা কোনোবা এটা ল'ৰাক ধৰি ৰিক্সাত তুলি পাৰ্কলৈ লৈ যাব আৰু 'তাৰ কুঞ্চিত অণ্ডকোষে জোৰ লাথি কশে ব'লব-যাশ্ শাল্লা..'এক মুহূৰ্তলৈ যদি ধৰিও লোৱা হয় যে পুৰুষ জাতিটোৱে নাৰীক উপভোগৰ সামগ্ৰী হিচাপে চলাই অহা অত্যাচাৰৰ বিৰূদ্ধে এয়া তচলিমাৰ এক প্ৰতিশোধ,তথাপি প্ৰশ্ন হয় যে দোষী-নিৰ্দোষী সকলো পুৰুষক একে শ্ৰেণীত ৰাখি প্ৰকাশ কৰা এনে বিষোদগাৰৰ যুক্তিযুক্ততা কিমান?
     তসলিমা নাসৰিনৰ ৰচনাসমূহ এসময়ত আমাৰ অসমতো যথেষ্ট জনপ্ৰিয় হৈ উঠিছিল।আজিও তেওঁৰ ৰচনাৰ একান্তই অনুৰাগী পাঠক-পাঠিকাৰ সংখ্যা অসমত যথেষ্ট।এই কথা অনস্বীকাৰ্য যে তেওঁৰ ৰচনাসমূহে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই নাৰীৰ ওপৰত চলাই অহা শোষণ-অত্যাচাৰৰ দৃশ্যক স্পষ্টভাৱে উদঙাই দিছে আৰু নাৰীক ইয়াৰ বিৰূদ্ধে নিৰ্ভীকভাৱে থিয় দিয়াৰ সাহস দিছে।কিন্তু তৎস্বত্তেও এই কথা সত্য যে তসলিমা নাসৰিনৰ 'উগ্ৰ পুৰুষ-বিদ্বেষ'ৰ ধাৰণাটোৱেই একমাত্ৰ সমাধান হ'ব নোৱাৰে ।কাৰণ,নাৰী-পুৰুষৰ মাজত গঢ় লৈ উঠা সুষম সম্পৰ্কৰ মাজেৰেহে জীৱন সুন্দৰ আৰু মহীয়ান হ'ব পাৰে।তসলিমা নাসৰিনৰ দৰে উগ্ৰ পুৰুষ-বিদ্বেষী লেখিকাই বিশ্বাস নকৰিলেও এই কথা সত্য যে,সকলো পুৰুষেই কামুক আৰু বিকৃত মানসিকতাৰ বুলি ভবা ধাৰনাটো তেনেই সত্য নহয়।এনে পুৰুষো অাছে যি নাৰীক কেৱল ভোগৰ সামগ্ৰী বুলি নাভাবি সৃষ্টিৰ এক অপূৰ্ব শক্তি অাৰু সৌন্দৰ্য বুলিও বিশ্বাস কৰি সদায়ে উচ্চ মৰ্যাদা প্ৰদান কৰি আহিছে।প্ৰয়োজন কেৱল পৰম্পৰাগত সামাজিক কাঠামোৰ পৰিৱৰ্তনৰ জৰিয়তে নাৰীৰো সমানাধিকাৰ আৰু সমমৰ্যাদাৰ বিষয়টোক সহমৰ্মিতাৰে প্ৰতিষ্ঠা কৰা -যাৰ দ্বাৰা নাৰীয়ে সামাজিক ন্যায় আৰু অৰ্থনৈতিক স্বাধীনতা লাভ কৰিব পাৰে। পাশ্চাত্যৰ ভোগবাদী সংস্কৃতিৰ বুকুত জন্মলাভ কৰা 'নাৰী স্বাধীনতা'ৰ আন্দোলনে তৃতীয় বিশ্বৰ অন্তৰ্গত নাৰীক কেতিয়াও স্বাধীনতা প্ৰদান কৰিব নোৱাৰে।(সমাপ্ত)


  
 
 


 

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...