Friday, September 6, 2019

শ্বৰীফাখাতুন চৌধুৰী


   
   বিষাদনীল জীৱনৰ নি:সংগতা
          আৰু শ্বৰীফাখাতুন চৌধুৰীৰ কবিতা
                                              বীৰ্কে বি থাপা

          নিৰ্জনতাৰ বৰষুণ অথবা সোঁৱৰণীৰ  জলপ্ৰপাতেৰে সিক্ত এটা সেউজ উপত্যকা।সেই উপত্যকাৰ নিৰ্জনতাত অকলশৰে বিচৰণ কৰি ফুৰা কবি শ্বৰীফাখাতুন চৌধুৰীৰ কবিতাত সংপৃক্ত হৈ আছে আধুনিক যুগৰ বিষবাষ্পেৰে বিষাদনীল  হোৱা জীৱনৰ কাতৰ  নিশ্বাস।কবিৰ এটি কবিতাৰ মনোমোহা স্তবক য'ত বৰষুণৰ চিত্ৰকল্পই তেওঁৰ অতীতৰ কোনোবা এটা দিনৰ সোঁৱৰণীক চিপচিপকৈ জীপাল কৰি তুলিছে---
        'বৰষুণ আৰু বৰষুণ/হালধীয়া পাতৰ মাজেৰে নিগৰিছে বৰষুণ/অৰণ্যৰ শৰীৰেৰে নামিছে/মাটিৰ মাজেৰে /শিলৰ ফাঁকেৰে শিপাই  বাঢ়িছে বৰষুণ…/যেন তোমাৰ দুচকুৰ পৰা/মোৰ হৃদয়ৰ নিৰ্জন দ্বীপলৈকেএতিয়া /বৰষুণৰ শিপা……'!
        হয়,ব্যক্তিগত দুখত  মৰুভূমিৰ সমস্ত তপত নিশ্বাস বুুকুত লৈ যেন নৈ এখনৰ দৰেই বৈ অাছে এইগৰাকী কবিৰ কবিতা।প্ৰেমৰ কবিতা লিখিবৰ বাবে শ্বৰীফা বাইদেৱে  হাতত কলম তুলি লোৱা ৮০ৰ দশকটোৱেই আছিল অস্থিৰতাৰে পূৰ্ণ।সেই দিনবিলাকত  সময়বোৰ ক্ৰমশ: দু:সময় হৈ চৌদিশ অাৱৰি ধৰিছিল।প্ৰেমৰ কবিতা লিখা মনটো অস্থিৰ হৈ উঠিছিল দু:সময়ৰ চিত্ৰক কবিতাৰে বাঙ্ময় কৰি তুলিবলৈ। এই কথা স্পষ্টভাৱে প্ৰতিফলিত হৈ উঠিছিল তেওঁ সেই সময়ত লিখা কবিতাবোৰত। দুখত কাতৰ হৃদয়েৰে তেওঁ এটি কবিতাত লিখিছিল --
       'তুমি দিয়া পোছাকহীন বিষাদৰ স'তে/বৰ শান্তিৰে পাৰ হৈ গৈছে এতিয়া/মোৰ প্ৰতিটো পল……সেয়ে ভাল/সেয়ে ভাল/বৰ শান্তিৰে পাৰ কৰিছোঁ এতিয়া প্ৰতিটো পল/হে সময়/হে দু:সহ অমল সময়/তুমি দিয়া পোছাকহীন বিষাদৰ সতে…'
          উল্লেখযোগ্য যে, যুদ্ধোত্তৰ যুগৰ পৰা আৰম্ভ কৰি ৮০ৰ দশকৰ সময়ছোৱালৈকে অসমীয়া কবিতাত এটা নতুন বৌদ্ধিক আৰু বাস্তৱিক চেতনাৰে কবিতা ৰচনাৰ যি প্ৰগতিবাদী ধাৰা বৈ অাহিছিল সেই ধাৰাৰ অসমীয়া কবিসকলে তেওঁলোকৰ কবিতাত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল বিশ্বজুৰি হৈ যোৱা দুখনকৈ যুদ্ধৰ ভয়ানক ধ্বংসলীলা আৰু মানৱতাক নি:শেষ কৰি পেলোৱা পুঁজিবাদী প্ৰভাৱগ্ৰস্ত  ক্ষয়িষ্ণু সমাজৰ বিধ্বংসী ৰূপক ।এই প্ৰগতিবাদী ধাৰাই কবি অমূল্য বৰুৱাৰ হাতত আৰম্ভ হৈ ৮০ৰ দশকৰ কবিতাত বলিষ্ঠ ৰূপ পৰিগ্ৰহণ কৰিছিল।কাৰণ, অসমৰ জাতীয় জীৱনত সৰ্বগ্ৰাসী প্ৰভাৱ পেলোৱা ৮০ৰ দশকটোতে অাৰম্ভ হৈছিল অসমত অস্তিত্ব ৰক্ষাৰ অান্দোলনৰ পৰিপ্ৰেক্ষিতত অগ্নিগৰ্ভা পৰিস্থিতিৰ।
সেই সময়ত যিসকল অসমীয়া কবিয়ে  তৎকালীন অস্থিৰাৱস্থা আৰু ক্ৰমশ: বৃদ্ধি পাই অহা দু:সময়ক লৈ নতুন নতুন নিৰ্মান শৈলী আৰু প্ৰতীক-চিত্ৰকল্প আদিৰ সম্পৰীক্ষাৰে কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল সেই সকলৰ ভিতৰত কবি সমীৰ তাঁতী,ৰফিকুল হুচেইন,নন্দ সিং,বিপুলজ্যোতি শইকীয়া,হিতেশ গগৈ,ৰাজু বৰুৱা আদি আছিল অন্যতম। এই সময়ছোৱাতে আত্মপ্ৰকাশ কৰিছিল কবি শ্বৰীফাখাতুন চৌধুৰীয়েও।
     শ্বৰীফাখাতুন চৌধুৰীৰ জন্ম ডুমডুমাৰ নিকটৱৰ্তী এখন সৰু চহৰৰ এটা সাংস্কৃতিক ঐতিহ্যপূৰ্ণ পৰিয়ালত। 'ৰতনলাল',  'লতিঘটি'.'ডা: বেজবৰুৱা' আদি কেইবাখনো বোলছবিত অভিনয় কৰা মৰহুম অাব্দুল হক চৌধুৰীৰ কন্যা আছিল তেওঁ। পিতৃ অাব্দুল হক চৌধুৰীক
সুধাকণ্ঠ ড:ভূপেন  হাজৰিকাদেৱে মৰমেৰে মাতিছিল'খান চাহাব'বুলি। নাটক ৰচনা আৰু পৰিচালনা কৰাৰ উপৰিও তেখেতে সমাজৰ খাটিখোৱা লোকসকলৰ জীৱনক লৈ ৰচনা কৰিছিল কবিতা।মাতৃ ফানোৱাৰা বেগমেও কবিতা লিখিছিল।কবিৰ জীৱনত মাতৃ ফানোৱাৰা বেগমৰ প্ৰভাৱ আছিল যথেষ্ট। পুৰণি ৰান্ধনিশালৰ বেৰত মাজানে এঙাৰেৰে লিখি থোৱা কৱিতাবোৰ শৈশবৰ দিনবোৰত শ্বৰীফা বাইদেৱে পৰম বিস্ময়েৰে  আওঁৰাইছিল ।সেই শব্দবোৰেই তেওঁৰ বুকুৰ মাজত  ঘৰ সাজিছিল আৰু আৰম্ভ হৈছিল কবিতাৰ সৈতে তেওঁৰ যাত্ৰা।
ঘৰখনত কবিতা চৰ্চাৰ পৰিৱেশ এটা  শৈশৱৰ পৰাই পাইছিল বাবেই যৌৱনৰ দিনবিলাকত জোনাকত গা ধুই পদুলিমুখৰ হাস্নাহানা অথবা বিদেশী পাৰফিউমৰ সুবাসত নিজক উৰুৱাই প্ৰেমৰ কবিতা লিখাৰ বাসনা তেওঁৰ থাকিলেও  ৮০ৰ দশকৰ অগ্নিগৰ্ভা
পৰিস্থিতিৰ বাবেই  তেওঁৰ কবিতাত  ব্যক্তিগত প্ৰেমৰ লগতে একেলগে প্ৰতিফলিত হৈ উঠিছিল ক্ৰমশ: আগবাঢ়ি অহা দু:সময়ৰ  চিত্ৰ।
       সেই সময়ত শ্বৰীফা বাইদেৱে অঁকা দু:সময়ৰ এটি শব্দ-চিত্ৰ :এতিয়া কেৱল ধোঁৱা আৰু ধূসৰতা/অানকি গাভৰু ঋতুৱেও পিন্ধি লৈছে/ ছাইৰঙী ধূসৰ পোছাক/গীত গোৱা চৰাইজাকৰ কণ্ঠত মৌণতাৰ গলপতা/ ফুলবোৰ অাত্মঘাটী হ'ল তেজৰ জলাশয়ত/অৱসাদত চকু মুদি পৰি আছে/সৃষ্টিৰ সমস্ত বাসনা…(এতিয়া কেৱল ধোঁৱা আৰু ধূসৰতা)।
        কবিয়ে সেই সময়ত অঁকা দু:সময়ৰ ছবি যেন আমি আজিও দেখা পাওঁ।সময়ে সলনি কৰি পেলাইছে মানুহৰ মনবোৰ।চিনাকী মুখবোৰো চিনিব নোৱাৰা হৈ পৰিছে আৰু মানুহবোৰে বহন কৰিবলৈ লৈছে একোটা আচৰিত চৰিত্ৰ । নি:সংকোচেৰে মানুহবোৰে এতিয়া খুলি থৈ দিয়ে নিজৰ নিজৰ চকুবোৰ,বুকুৰ পৰা নমাই থৈ দিয়ে প্ৰেমৰ সমস্ত উত্তাপ।মানুহবোৰ নিষ্ঠুৰ হয়,ৰক্তপিপাসু হয়।উলংগ মানুহবোৰে আলিংগন কৰে অন্ধকাৰক।  পুৰুষৰ হাতৰ নিষ্ঠুৰ খামোচে ছিঙি আঁজুৰি নি:শেষ কৰি দিয়ে- অলেখ যুৱতীৰ বুকুৰ সপোন।
      ৮০ৰ দশকতে কবিয়ে লিখা  'অমৃতৰ দৰে মানুহ হোৱা তুমি'শীৰ্ষক কবিতাৰ স্তবকবোৰ পঢ়ি গ'লে অন্তৰ্স্পৰ্শী বিষাদত আমাৰো মনবোৰ সেমেকি উঠে।ৰূপহী,শ্ববীন,ইনুহতঁৰ দৰে অলেখ ছোৱালীয়ে অমৃত আৰু মদিৰাৰ দৰে পি খাইছিল প্ৰেম আৰু তাৰ ৰাগীত মতলীয়া হৈছিল।কিন্তু সাপে মোট সলোৱাৰ দৰে মোট সলাইছিল সিহঁতৰ বিশ্বাসৰ মানুহজনে।বিশ্বাসৰ সেই মানুহজনে প্ৰেমৰ সেউজীয়া সাজ সোলকাই  নগ্ন হৈছিল আৰু সাপৰ বিষাক্ত ফণাৰে মেৰিয়াই ধৰিছিল যুৱতী- শৰীৰ।কবিতাটি পঢ়ি গ'লে কুৰি শতিকাৰ বিতৰ্কিত শিল্পী বৰিছ ভেলিজোৰ নগ্ন নাৰী চিত্ৰ সমূহ চকুৰ অাগত ভাঁহি উঠে।ভেলিজোৰ এই চিত্ৰসমূহত দেখা যায়-অৰ্দ্ধ জন্তু -অৰ্দ্ধ মানৱাকৃতিৰ প্ৰকাণ্ড জীৱ একোটাই তাৰ কামাসক্ত দুহাতেৰে মেৰিয়াই ধৰিছে কোমল যুৱতীদেহ।তাৰ চোকা নখৰ অত্যাচাৰত নিগৰি ওলাই অাহিছে তেজৰ টোপাল।কবি শ্বৰীফাখাতুন চৌধুৰীৰ কবিতাতো দেখা যায়-প্ৰেমৰ সেউজীয়া সাজ সোলকাই নগ্ন হোৱা কামাসক্ত পুৰুষে নিশাৰ আন্ধাৰত ৰক্তপিপাসু ড্ৰাকলাৰ ৰূপ ধাৰণ কৰে আৰু তচনচ কৰি দিয়ে যুৱতী সপোন,কামনাৰ অাঙুলিৰে অাচুঁৰি বখলাবখল কৰে যুৱতীৰ উলংগ শৰীৰ,জৰায়ুৰ পৰা অাজুঁৰি ছিঙি আনে চম্পাফুলৰ কলি।প্ৰিয়তম পুৰুষৰ এনে নিষ্ঠুৰতাত কবিৰ হৃদয়ে হাঁহাকাৰ কৰি উঠে ---
:ক'ত হেৰাল মোৰ প্ৰেমৰ মানুহ/মোৰ অমৃত মানুহ/তীব্ৰ ঘৃণাত মই থুৱাই দিলো
তাৰ কদৰ্য মুখত…
      তাৰ পাচতো তাই সেই চয়তানটোৰ সকলো অত্যাচাৰ সহ্য  কৰিও তাক উন্মাদৰ দৰে চুমা খালে-তাৰ ভিতৰৰ অমৃতৰ দৰে প্ৰেমময় মানুহজনক উন্মাদৰ দৰে বিচাৰিলে।কিন্তু সকলো মিছা।হঠাৎ তাইৰ বিবেকৰ চকু মেল খালে আৰু তাই তাক হত্যা কৰিলে-
: তাক হত্যা কৰিলোঁ মই/তাক জ্বলাই দিলোঁ মই/জন্ম হওক বুলি নতুন মানুহ /দুয়ো হাত মেলি দিলোঁ আকাশলৈ…
    কিন্তু নাৰীৰ পথ জানো ইমান প্ৰশস্ত?বৃত্তৰ পৰিধি ভাঙি ওলাই আহিবলৈ নাৰীয়ে যেতিয়াই চেষ্টা কৰিছে,পুৰুষতান্ত্ৰিক সমাজে তেতিয়াই নাৰীৰ দুহাত কাটি দিছে।১৯৮৭ চনত ৰাজস্থানৰ দেওৰালা গাঁৱত সতী দাহ প্ৰথাৰ বলি হোৱা ৰূপ কঁৱাৰৰ কৰুণ  মৃত্যুত কবিয়ে লিখিছিল-'…অন্ধকাৰে পি খালে মানুহৰ বিবেক/তাই দুয়োহাত মেলি দিলে মানুহলৈ/উন্মত্ত মানুহজাকে ৰেপি ৰেপি কাটিলে/তাইৰ দুয়ো হাত…/অাকুঁহি লৈ গ'ল ফুলৰ ঠিকনাৰে ভৰা চকু/মানুহজাকক তাই মাতিলে আটাহ পাৰি/ধৰ্মৰ বেজীৰে সী দিলে ওঁঠযোৰ…'(সতী হৈ যোৱা তাই মাটিৰ মানুহ)।
        তথাপি জানো প্ৰেম অবিহনে জীয়াই থাকিব পাৰি?নাৰীক লৈ শ্বৰীফা বাইদেৱে অলেখ কবিতা লিখিলেও তচলিমা নাচৰিনৰ দৰে উগ্ৰ নাৰীবাদী সত্তা তেওঁৰ কবিতাত পৰিলক্ষিত হোৱা আমি কেতিয়াও দেখা নাই।তচলিমাৰ দৰে পুৰুষৰ প্ৰেমত সদায়ে স্বাৰ্থ দেখা পোৱা আৰু প্ৰেম অবিহনেও জীয়াই থাকিব বিচৰা উগ্ৰ ফেমিনিজমৰ দৰে মানসিকতাও তেওঁৰ কবিতাত অনুপস্থিত।বৰঞ্চ তেওঁৰ কবিতাত পৰিলক্ষিত হয় বিষাদে গজালি মেলা।আপোনজনে দিয়া আঘাতত সেয়ে কেতিয়াবা তেওঁ অভিমানী হ'ব বিচাৰে,কেতিয়াবা অাকাশমুখী প্ৰাৰ্থনা কৰে।নাৰী হৈ নাৰীৰ মৰ্মবেদনাক তেওঁ উপলদ্ধি কৰে,পুৰুষৰ অত্যাচাৰত আৰ্ত চিৎকাৰ কৰে-কিন্তু তচলিমা নাচৰিনৰ দৰে ৰণহুংকাৰ নিদিয়ে।কাৰণ,কবিৰ বিশ্বাস-'কঠোৰতাৰ অাৱৰণ ফালি এদিন ওলাই আহিব প্ৰেমৰ সেউজীয়া মানুহ'।পুৰুষৰ অন্তৰত সেয়ে কবিয়ে অন্বেষণ কৰিছে অকৃত্ৰিম প্ৰেমৰ।প্ৰেমৰ মানুহজনক তেওঁ আহ্বান জনাইছে-'যিদৰে জোনাকে আলিংগন কৰে গভীৰ অৰণ্যক/ৰ'দে অালিংগণ কৰে নদীক/ সেইদৰে অালিংগণ কৰা অনুভূতিৰ বেলফুলীয়া শৰীৰ'(নিজান দোতাৰা)।
     ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা 1976 আৰু 1979 চনত ক্ৰমে অসমীয়া ভাষা আৰু সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কবি শ্বৰীফা খাতুন চৌধুৰীৰ কবিতা আমাৰ প্ৰতিনিধি, প্ৰান্তিক, প্ৰকাশ,গৰীয়সী, সাতসৰী,শ্ৰীময়ী,সাদিন, অগ্ৰদূত ,অসমবাণী আদি প্ৰায় সকলোবোৰ আগশাৰীৰ আলোচনী আৰু কাকততে প্ৰকাশ পাইছে।কবিৰ প্ৰথমখন কবিতাপুথি প্ৰকাশ পাইছিল ২০০৬ চনত।ড:নগেন শইকীয়া চাৰে উন্মোচন কৰা এই প্ৰথমখন কবিতাপুথিৰ নাম অাছিল 'গুণগুণাই উঠিছে ৰাগ তুড়ীৰ দৰে' ।কবিৰ দ্বিতীয়খন কবিতা পুথি 'ক'লা গোলাপৰ বাগিচা' প্ৰকাশ পায় ২০১৫ চনত।উল্লেখযোগ্য যে এই দুয়োখন কবিতাপুথিত সন্নিৱিষ্ট বেছিভাগ কবিতাই ৯০ৰ দশকৰ পৰা ২০১৪ চনৰ সময়ছোৱাত ৰচিত।গতিকে ইতিমধ্যে আমি ওপৰত অালোচনা কৰা ৮০ৰ দশকৰ কবিতাসমূহৰ বেছিভাগেই কিন্তু কবিতাপুথি দুখনত সন্নিৱিষ্ট হোৱা নাই।সেয়ে হ'লেও বাইদেউৰ কবিতাসমুহৰ সূক্ষ্ম অধ্যয়ণৰ পৰা সামগ্ৰিক ভাৱে অামি অনুৰূপ ভাৱ আৰু অনুভূতিৰ চিত্ৰকে প্ৰতিফলিত হোৱা দেখিবলৈ পাওঁ।সাম্প্ৰতিক কালৰ অসমীয়া কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ যি নতুন নতুন সম্পৰীক্ষা আৰম্ভ হৈছে তেনে  অনুৰূপ সম্পৰীক্ষা শ্বৰীফা বাইদেউৰ কবিতাতো সততে পৰিলক্ষিত হয়।তেওঁৰ কবিতাত ইমেজৰ গভীৰতা আছে।হৃদয়ৰ অনুভৱবোৰক প্ৰকাশ কৰিবলৈ যাওঁতে একো একোটা চিত্ৰকল্প গঠণ কৰাটো তেওঁৰ কবিতাৰ এটা বিশিষ্ট লক্ষণ।সেইবাবেই ৮০ৰ দশকৰ কবিতাত তেওঁ যি দু:সময়ৰ চিত্ৰ অংকণ কৰিছিল আজি তিনিটা দশকৰ পাচত লিখা কবিতাতো তেনে দু:সময়ৰ চিত্ৰ অাছে,কিন্তু সেই চিত্ৰ অংকণ কৰিবলৈ যাওঁতে তেওঁ বেলেগ বেলেগ চিত্ৰকল্পৰ উপস্থাপন কৰিছে।হৃদয়ৰ কান্দোনখিনি সেয়ে তেওঁৰ কবিতাত কেতিয়াবা নিজান বাঁহীৰ মাত হৈ ওলাই অাহিছে,কেতিয়াবা তুড়ীৰ ৰাগ হৈ বাজি উঠিছে।সোঁৱৰণী কেতিয়াবা বৰষুণ হৈ নামি কবিৰ ঘৰৰ সকলো আচবাব তিয়াই পেলাইছে,আকৌ কেতিয়াবা জলপ্ৰপাত হৈ নামি সিক্ত কৰি তুলিছে  কবিৰ মনৰ 'নিৰ্জন উপত্যকা'।
   শ্বৰীফা বাইদেউৰ কবিতাৰ সামগ্ৰিক অধ্যয়ণৰ পৰা এই কথা স্পষ্টভাবেই ক'ব পাৰি যে তেওঁৰ কবিতাত সংপৃক্ত হৈ থকা বিষাদবোধৰ সৈতে  জড়িত হৈ অাছে কেইগৰাকীমান ব্যক্তিৰ স্মৃতি।বিশেষকৈ আম্মাজান ফানোৱাৰা বেগমৰ মৃত্যুয়ে আনি দিয়া কবিৰ জীৱনৰ শূণ্যতাৰ অভিব্যক্তি আমি উপলদ্ধি কৰিব পাৰোঁ-
'ক'লা গোলাপৰ বাগিচা'ত সন্নিৱিষ্ট এটি কবিতাত-
:আইৰ শূণ্যতাৰ পৰা আৰম্ভ হৈছিল য'ত বিষাদ জলপ্ৰপাত/সেই কোঠাৰ দুৱাৰমুখত ৰৈ আছোঁ অকলশৰে(এটি বন্ধকোঠাৰ দুৱাৰমুখত ৰৈ আছোঁ)।
       কবিৰ 'গুণগুণাই উঠিছে ৰাগ তুড়ীৰ দৰে' কবিতাপুথিত সন্নিৱিষ্ট 'ৰেলৰ ডবা ভৰি অাহে নিৰ্জনতা' শীৰ্ষক কবিতাটি পিতৃ মৰহুম অাব্দুল হক চৌধুৰীৰ স্মৃতিত ৰচিত।১৯৭৮ চনত দিল্লীৰ পৰা আজমীৰমুখি ৰেলেৰে গৈ থাকোঁতে তেনেই অকলশৰীয়া অৱস্থাত মৃত্যু হৈছিল তেখেতৰ। কিন্তু আল্লাৰ দূত হিচাপে আহি এজন মুচলিম লোকে তেওঁৰ শ সৎকাৰ কৰাইছিল সেই অচিন ঠাইত।তেওঁৰ কবৰ আজিও আছে ৰাজস্থানৰ এটা কবৰস্থানত।এই ঘটনা আছিল অত্যন্ত মৰ্মন্তুদ।।মৰহুম পিতৃৰ স্মৃতিত লিখা এই কবিতাটি সিক্ত হৈ অাছে কবিৰ  চকুলোৰে।তেনেদৰে প্ৰিয়জনৰ বিচ্ছেদত তেওঁৰ দুখত কাতৰ হৃদয়ৰ অভিমান পৰিস্ফুত হৈ উঠিছে 'স্বাধীন কৰি দিলোঁ তোমাক' নামৰ অান এটি কবিতাত।।কবিতাটিৰ নিৰ্মান আৰু কথন শৈলী অতুলনীয়।শ্বৰীফা বাইদেউৰ অন্যান্য কবিতাত সততে যেনেদৰে অলেখ চিত্ৰকল্প পৰিলক্ষিত হয়,সেইবোৰৰ তুলনাত এই কবিতাটিত কিন্তু প্ৰতীকৰ ব্যৱহাৰহে বিশেষ মন কৰিবলগীয়া।
:এইখন নদীৰ পানী নাখাবা /এইটো হাবিতলীয়া বাটেৰে নাযাবা/  অাঁউসীৰ মৰাজোনটো তোমাৰ স'তে যাবলৈ /ৰৈ আছে/লোৱা আন এখন নদীৰ ঠিকনা দিছোঁ,লোৱা/আৰু এটি গান গোৱা চৰাই/
নিশ্চিন্ত এতিয়া /অন্তত: তুমি অকলশৰীয়া নোহোৱা/বুকুত এটি তৰাফুল গুজি/যোৱাগৈ তুমি /অাপত্তিহীনভাৱে স্বাধীন কৰি দিলোঁ   তোমাক  …
     চিত্ৰকল্পৰ প্ৰসংগত ক'ব পাৰি যে  শ্বৰীফা বাইদেউৰ কবিতাত  সোঁৱৰণী,বিষাদ আৰু নিঃসংগতাই প্ৰায়বোৰ কবিতাতে বৰষুণ আৰু জলপ্ৰপাতৰ ৰূপ পৰিগ্ৰহণ কৰিছে---
:সোঁৱৰণিৰ বৰষুণত/তুমিও তিতি আছা/আৰু ময়ো……কুঁৱলিময় পথেৰে তুমি গুচি যোৱাৰ পাছতো/ক'লা গোলাপৰ বাগিচা এখন/তুমিও কঢ়িয়াই ফুৰিছা/আৰু ময়ো…(ক'লা গোলাপৰ বাগিচা)। কবিতাটিৰ এই স্তৱকত বৰষুণ হৈ 'সোঁৱৰণি'নামি অহা     চিত্ৰকল্প এটা যেনেদৰে কবিয়ে  অংকিত কৰিছে ,ঠিক সেইদৰে  'ক'লা গোলাপৰ বাগিচা'কো বিষাদৰ প্ৰতীক ৰূপে ব্যৱহাৰ কৰিছে।আন এটি কবিতাত বৰ্ষাৰণ্যৰ চিত্ৰকল্পটো সৃষ্টিশীলতাৰ প্ৰতীকৰূপেও ব্যৱহৃত হোৱা আমি দেখিবলৈ পাওঁ---'সপোনত জলমলাই উঠে এটি প্ৰাচীন জলপ্ৰপাত।…/লাহে লাহে ৰূপান্তৰ হওঁ বৰ্ষা _ অৰণ্যলৈ/শিপাই যাওঁ/মাটি ফালি,শিলফালি শিপাই যাওঁ…(অ' মোৰ প্ৰাচীন জলপ্ৰপাত)।
     ৮০ৰ দশকত লিখা 'অমৃতৰ দৰে মানুহ হোৱা তুমি' কবিতাটিত পুৰুষৰ বিশ্বাসঘাতকতা স্বত্তেও যি অমৃত প্ৰেমৰ বাবে কবি অাশাবাদী -সেই আশাবাদ আমি পুনৰ দেখা পাওঁ তেওঁৰ পৰৱৰ্তী কালৰ কবিতাতো।আৰু সেইবাবেই প্ৰেমৰ অন্বেষণ তেওঁৰ কেতিয়াও শেষ হৈ যোৱা নাই-- "সাগৰত সাতোঁৰ মেলি দিওঁ/মৰুভূমিৰ সমস্ত হুমুনিয়াহ বুকুত সামৰি অাত্মহাৰা হওঁ…/প্লাবিত হওঁ/অন্ধকাৰতো বিচাৰি পাওঁ তোমাৰ জোনাকী মুখ''(ইমন ৰাগ যেন তোমাৰ মাত)।
    কবি শ্বৰীফাখাতুন চৌধুৰীয়ে লিখা প্ৰায় সকলোবোৰ কবিতাই এনেদৰে সিক্ত হৈ আছে ব্যক্তিগত প্ৰেম,স্মৃতি,বিষাদ আৰু নিঃসংগতাৰ অনুভূতিৰে।প্ৰিয়তম মানুহৰ হৃদয়ত অমৃতৰ দৰে প্ৰেম বিচাৰি বাৰে বাৰে অাঘাত পালেও পৃথিবীৰ প্ৰতি কবিৰ  মমতা কেতিয়াও শেষ হৈ যোৱা আমি দেখা নাই।অমৃতা প্ৰীতমৰ এটি কবিতা 'ককুঞ্চ'ৰ দৰে কবি শ্বৰীফা খাতুন চৌধুৰীয়েও 'সৰাপাত হৈ সৰিছিলোঁ জুইৰ বুকুত'শীৰ্ষক কবিতাত লিখিছে--
:সৰাপাত হৈ সৰিছিলোঁ জুইৰ বুকুত/কুকুহা হৈ উৰিছিলোঁ/ফিনিক্স পখী হৈ ফুটছাইৰ মাজৰ পৰা/মেঘৰ মাজেৰে /বৰষুণৰ মাজেৰে /শূণ্যৰ পৰা মহাশূণ্যলৈ উৰিছিলোঁ/সোণালী জলপ্ৰপাত হৈ নামিছিলোঁ/পুনৰ/বুকুৰ মাজত এখনি বৰ্ষা অৰণ্যৰ সপোন দেখিছিলোঁ----
       মূলত কবি শ্বৰীফাখাতুন চৌধুৰীৰ কবিতাৰ মূল উপজীব্যই হৈছে বিষাদ আৰু নি:সংগতাৰ মাজতো অমৃতৰ দৰে অমল প্ৰেম অথবা সেউজীয়া প্ৰেমৰ এজাক মানুহৰ অন্বেষণ।এই অন্বেষণতে তেওঁ তিনিটা দশকতকৈও অধিক কাল কবিতা লিখি অাছে আৰু কবিতাৰ বাবে উৎসৰ্গিত সেই কলম আজিও থমকি ৰোৱা নাই।(সমাপ্ত)

বি:দ্ৰ: ডিগবৈৰ মাধৱীলতা সাহিত্য ন্যাসৰ দ্বাৰা 2017/18 বৰ্ষৰ 'মাধৱীলতা সাহিত্য বঁটা'ৰ বাবে কবি শ্বৰীফা খাতুন চৌধুৰীক নিৰ্বাচন কৰা হৈছে।কবিলৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...