Friday, September 6, 2019

কবি শ্বৰীফাখাতুন চৌধুৰী

কবিতাৰ বাবে উৎসৰ্গিত জীৱন: শ্বৰীফা খাতুন চৌধুৰী----
                                          বীৰ্কে বি. থাপা

   
        অাশীৰ দশকৰ অগ্নিগৰ্ভা সময়ছোৱাত অাত্ম প্ৰকাশ কৰা যিসকল কবিয়ে মানবীয় প্ৰমূল্যৰ অপঘাত মৃত্যু অাৰু ক্ৰমশ: বৃদ্ধি পাই অহা দু:সময় অাৰু যান্ত্ৰিকতাই কঢ়িয়াই অনা বিষাদগ্ৰস্ততাক  বিষয়বস্তু হিচাপে লৈ নতুন অাংগিক অাৰু নিৰ্মান শৈলীৰে  কবিতা ৰচনা কৰিবলৈ অাৰম্ভ কৰিছিল সেই সকলৰ ভিতৰত অন্যতম অাছিল কবি শ্বৰীফাখাতুন চৌধুৰী।
      ডুমডুমাৰ নিকটৱৰ্তী ৰূপাই চাইডিঙৰ ৰেলৱে ক্ৰচিঙৰ ঠিক কাষতে অৱস্থিত পুৰনি ঐতিহ্যপূৰ্ণ এটা ঘৰত শ্বৰীফা খাতুন চৌধুৰীৰ জন্ম হৈছিল ৬০ৰ দশকৰ মাজভাগত।তেখেতৰ পিতৃ মৰহুম অাব্দুল হক চৌধুৰী অাছিল এগৰাকী সংস্কৃতিপ্ৰাণ ব্যক্তি। জীৱনৰ অলেখ ঘাত-প্ৰতিঘাততো বিচলিত নহৈ তেখেতে চল্লিশৰ দশকতে ডুমডুমাৰ নাট্য মন্দিৰত অভিনয়ৰ প্ৰথম পাঠ অাৰু অাখৰা অাৰম্ভ কৰিছিল।পৰৱৰ্তী কালত প্ৰায় সাতাইশখন নাটক ৰচনা অাৰু পৰিচালনা কৰাৰ উপৰিও তেখেতে অভিনয় কৰি যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
      মৰহুম অাব্দুল হক চৌধুৰীয়ে ৰচনা কৰা এখনি উল্লেখযোগ্য নাটক অাছিল  'সেই পথেদি' -য'ত তেখেতে নিজে অভিনয়ো কৰিছিল।নাটকখনত তেখেতৰ দুৰ্দান্ত অভিনয় দেখি সুধাকণ্ঠ ড: ভূপেন হাজৰিকাও এনেদৰে মুগ্ধ হৈছিল যে পাছত 'লটিঘটি' বোলছবিত  অভিনয় কৰিবলৈ মাতি নিছিল।সেইদৰেই নাটকৰ পৰা পিতৃ অাব্দুল হক চৌধুৰীৰ পদাৰ্পণ ঘটিছিল বোলছবি জগতত।এখনৰ পাছত এখনকৈ তেখেতে অভিনয় কৰি গৈছিল ক্ৰমে ডা: বেজবৰুৱা, সংগ্ৰাম, ৰতনলাল, পৰিনাম,ওপৰ মহলা অাদি কেইবাখনো বোলছবিত।অভিনয়ৰ উপৰিও তেখেতে সাহিত্য অাৰু সংগীত চৰ্চাও কৰিছিল।অঞ্চলটোৰ বিভিন্ন শৈক্ষিক অাৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতে তেখেতৰ অাছিল গভীৰ অাত্মিক সম্পৰ্ক।এনেদৰেই সুধাকণ্ঠই 'খান চাহাব' বুলি মতা অাব্দুল হক চৌধুৰী চাহাবৰ ৰূপাইস্থিত ঘৰখন এসময়ত হৈ পৰিছিলগৈ শিল্প-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ।
      ১৯৭৮ চনত দিল্লীৰ পৰা অাজমীৰমুখি ৰেলেৰে গৈ থাকোঁতে তেনেই অকলশৰীয়া অৱস্থাত মৃত্যু হৈছিল পিতৃ অাব্দুল হক চৌধুৰীৰ।এই ঘটনা অাছিল অত্যন্ত মৰ্মান্তিক।অচিন ঠাইত অচিনাকী মানুহৰ মাজত মৃত্যু বৰণ কৰা মৰহুম পিতৃৰ বিষাদগধুৰ স্মৃতিয়ে প্ৰকৃততে পৰৱৰ্তী কালত কবি শ্বৰীফা খাতুন চৌধুৰীক যথেষ্ট প্ৰভাৱিত কৰিছিল।
       কবিৰ মাতৃ ফানোৱাৰা বেগমেও কবিতা চৰ্চা কৰিছিল।'সোঁৱৰণিৰ বালিচন্দা বুটলি'শীৰ্ষক গ্ৰন্থত শ্বৰীফাখাতুন চৌধুৰীয়ে উল্লেখ কৰা মতে,ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'গীতাঞ্জলী'খন তেখেতৰ মাতৃৰ সম্পূৰ্ণ মুখস্থ অাছিল অাৰু বিভিন্ন কাকত-অালোচনীত তেখেতৰ কবিতা প্ৰকাশো পাইছিল।৬০-৭০ৰ দশকত ফানোৱাৰা বেগমে প্ৰস্তুত কৰি উলিওৱা কবিতাপুথি এখনৰ পাণ্ডুলিপিত পাতনি লিখি দিছিল বাগ্মীবৰ নীলমণি ফুকনৰ দৰে ব্যক্তিয়ে অাৰু পৰ্যালোচনা অাগবঢ়াইছিল চৈয়দ অাব্দুল মালিকে।পুৰণি ৰান্ধনিশালৰ বেৰত মাতৃয়ে এঙাৰেৰে লিখি থোৱা কবিতাবোৰ শৈশবৰ দিনবোৰতে শ্বৰীফাখাতুন চৌধুৰীয়ৰ পৰম বিস্ময়েৰে  অাওঁৰাবলৈ অাৰম্ভ কৰিছিল।সেই শব্দবোৰেই তেখেতৰ বুকুত ঘৰ সাজিছিল অাৰু অাৰম্ভ হৈছিল কবিতাৰ সৈতে তেখেতৰ এক সুদীৰ্ঘ যাত্ৰা।
       ডুমডুমা মহাবিদ্যালয়ৰ পৰা 1973 চনত অসমীয়া বিভাগত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত শ্বৰীফাখাতুন চৌধুৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে অসমীয়া ভাষা(1976) অাৰু সাহিত্যত(1979) স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।তাৰ পাছতে 1977 চনত ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী হিচাপে যোগ দিয়াৰ পাছৰে পৰা অাৰম্ভ হৈছিল তেখেতৰ কৰ্মজীৱন।পৰৱৰ্তীকালত তেখেতে বিদ্যালয়খনৰ অধ্যক্ষা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল অাৰু সুচাৰুৰূপে কাৰ্য নিৰ্বাহ সম্পূৰ্ণ কৰি অৱসৰো গ্ৰহণ কৰিছিল।
       অসমীয়া কাব্যজগতত শ্বৰীফা খাতুন চৌধুৰীৰ অাত্মপ্ৰকাশ ঘটিছিল ঘাইকৈ অাশীৰ দশকৰ অাৰম্ভণীৰ কালছোৱাত।সেইসময়ৰ অগ্নিগৰ্ভা পৰিস্থিতিত অগ্নিস্ফুলিংগ শব্দেৰে বহু কবিয়ে অলেখ কবিতা ৰচনা কৰিছিল যদিও শ্বৰীফাখাতুন চৌধুৰীৰ কবিতাত প্ৰতিফলিত হোৱা দেখা যায়-এক প্ৰকাৰৰ বিষাদবোধ-যি বিষাদবোধৰ জন্ম হয় মানৱীয় প্ৰমূল্য অাৰু বিশ্বাসৰ অপমৃত্যুত।অসমৰ অশান্ত অাৰু সমস্যাজৰ্জৰিত পৰিস্থিতিৰ সময়ছোৱাত মানুহ অমানুহলৈ ৰূপান্তৰিত হোৱা যি ভয়ানক দৃশ্য তেখেতে দেখিছিল সেইবোৰ দৃশ্যকে তেখেতে অন্তৰ্স্পৰ্শীৰূপত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল কবিতাৰ মাজেৰে।সেই সময়ছোৱাত লিখা তেখেতৰ অন্যতম উল্লেখযোগ্য কবিতা অাছিল-
'অমৃতৰ দৰে মানুহ হোৱা তুমি'।কবিতাটিৰ স্তবকবোৰ পঢ়ি গ'লে এক অন্তৰ্স্পৰ্শী বিষাদত পাঠকৰ হৃদয় সেমেকি উঠে--শিল্পী বৰিছ ভেলিজোৰ  চিত্ৰসমূহৰ দৰে তেখেতে এই কবিতাটিৰ জৰিয়তে অংকিত কৰিছিল -প্ৰেমৰ সেউজীয়া সাজ সোলকাই নগ্ন হোৱা পুৰুষৰ কামনা অাৰু প্ৰতাৰণাৰ বলি হোৱা ক্ষুব্ধ নাৰীৰ মৰ্মবেদনাক ---
: ক'ত হেৰাল মোৰ প্ৰেমৰ মানুহ/মোৰ অমৃত মানুহ/তীব্ৰ ঘৃণাত মই থুৱাই দিলো/তাৰ কদৰ্য মুখত…

      কবিয়ে দেখিছিল-বৃত্তৰ পৰিধি ভাঙি ওলাই অাহিবলৈ নাৰীয়ে যেতিয়াই চেষ্টা কৰিছে, পুৰুষতান্ত্ৰিক সমাজে তেতিয়াই নাৰীৰ দুহাত কাটি দিছে।১৯৮৭ চনত ৰাজস্থানৰ দেওৰালা গাঁৱত সতী দাহ প্ৰথাৰ বলি হোৱা ৰূপ কঁৱাৰৰ কৰুণ  মৃত্যুত সেয়ে তেখেতে লিখিছিল-'…অন্ধকাৰে পি খালে মানুহৰ বিবেক/তাই দুয়োহাত মেলি দিলে মানুহলৈ/উন্মত্ত মানুহজাকে ৰেপি ৰেপি কাটিলে/তাইৰ দুয়ো হাত…/অাকুঁহি লৈ গ'ল ফুলৰ ঠিকনাৰে ভৰা চকু/মানুহজাকক তাই মাতিলে অাটাহ পাৰি/ধৰ্মৰ বেজীৰে সী দিলে ওঁঠযোৰ…'(সতী হৈ যোৱা তাই মাটিৰ মানুহ)।
       ৮০ৰ দশকৰ পৰা বৰ্তমানলৈকে লিখা শ্বৰীফাখাতুন চৌধুৰীৰ কবিতাত  পৰিলক্ষিত হয় নাৰীমনৰ সহজাত অাশা-অাক্যাংক্ষা,স্বপ্ন-স্মৃতি-বিষাদ, মান-অভিমানৰ চিত্ৰ।সেইবাবেই অাপোনজনে দিয়া অাঘাতত  কেতিয়াবা কবি অভিমানী হ'ব বিচাৰে,কেতিয়াবা অাকাশমুখী প্ৰাৰ্থনা কৰে।নাৰী হৈ নাৰীৰ মৰ্মবেদনাক তেওঁ উপলদ্ধি কৰে,পুৰুষৰ অত্যাচাৰত অাৰ্ত চিৎকাৰ কৰে-কিন্তু তচলিমা নাচৰিনৰ দৰে উগ্ৰ ফেমিনিজিমত ৰণহুংকাৰ নিদিয়ে।কাৰণ,কবিৰ বিশ্বাস-'কঠোৰতাৰ অাৱৰণ ফালি এদিন ওলাই অাহিব প্ৰেমৰ সেউজীয়া মানুহ'।
         কবি শ্বৰীফা খাতুন চৌধুৰীৰ কবিতা বিগত তিনিটা দশকত অামাৰ প্ৰতিনিধি, প্ৰান্তিক, প্ৰকাশ,গৰীয়সী, সাতসৰী,শ্ৰীময়ী,সাদিন, অগ্ৰদূত , অসমবাণী,অাদি প্ৰায় সকলোবোৰ অাগশাৰীৰ অালোচনী অাৰু বাতৰি-কাকততে প্ৰকাশ পাইছে।কবিৰ প্ৰথমখন কবিতাপুথি অাছিল ১৯৯৮ চনত যুটীয়া ভাৱে প্ৰকাশিত 'জুমুঠি'।দ্বিতীয়খন কবিতাপুথি 'গুণগুণাই উঠিছে ৰাগ তুড়ীৰ দৰে' প্ৰকাশ পাইছিল ২০০৬ চনত অাৰু  তৃতীয়খন কবিতা পুথি অাছিল ২০১৫ চনত প্ৰকাশিত 'ক'লা গোলাপৰ বাগিচা'।উল্লেখযোগ্য যে এই দুয়োখন কবিতাপুথিত সন্নিৱিষ্ট বেছিভাগ কবিতাই ৯০ৰ দশকৰ পৰা ২০১৪ চনৰ সময়ছোৱাত ৰচিত। ৮০ৰ দশকৰ কবিতাসমূহৰ বেছিভাগেই কবিতাপুথি দুখনত সন্নিৱিষ্ট হোৱা নাই। কবিতা ৰচনাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা কবি শ্বৰীফা খাতুন চৌধুৰীক ২০১৮ চনত নতুন দিল্লীত অনুস্থিত South Asian Literature Festival লৈ অামন্ত্ৰণ জনোৱা হৈছিল-কবিতা পাঠ কৰিবলৈ।ইতিমধ্যে তেখেতৰ কেইবাটাও কবিতা ইংৰাজী ভাষালৈ অনুবাদো হৈছে।
        সাম্প্ৰতিক কালৰ অসমীয়া কবিতাত প্ৰতীক অাৰু চিত্ৰকল্পৰ যি নতুন নতুন সম্পৰীক্ষা অাৰম্ভ হৈছে তেনে সম্পৰীক্ষা শ্বৰীফা বাইদেউৰ কবিতাতো সততে পৰিলক্ষিত হয়।তেখেতৰ কবিতাত ইমেজৰ গভীৰতা অাছে।হৃদয়ৰ অনুভৱবোৰক প্ৰকাশ কৰিবলৈ যাওঁতে একো একোটা চিত্ৰকল্প গঠণ কৰাটো তেখেতৰ কবিতাৰ এটা বিশিষ্ট লক্ষণ।তেখেতৰ কবিতাত  সোঁৱৰণী,বিষাদ অাৰু নিঃসংগতাই প্ৰায়বোৰ কবিতাতে বৰষুণ অাৰু জলপ্ৰপাতৰ ৰূপ পৰিগ্ৰহণ কৰিছে---নিৰ্মানশৈলীও অতুলনীয়-
: সোঁৱৰণিৰ বৰষুণত/তুমিও তিতি অাছাঁ/অাৰু ময়ো……কুঁৱলিময় পথেৰে তুমি গুচি যোৱাৰ পাছতো/ক'লা গোলাপৰ বাগিচা এখন/তুমিও কঢ়িয়াই ফুৰিছা/অাৰু ময়ো…(ক'লা গোলাপৰ বাগিচা)।

      মূলত: কবি শ্বৰীফাখাতুন চৌধুৰীৰ কবিতাৰ মূল উপজীব্যই হৈছে বিষাদ অাৰু নি:সংগতাৰ মাজতো অমৃতৰ দৰে এক অমল প্ৰেমৰ অন্বেষণ।সেইবাবেই 'সৰাপাত হৈ সৰিছিলোঁ জুইৰ বুকুত' শীৰ্ষক কবিতাটিত দেখা যায় পৃথিবীৰ প্ৰতি কবিৰ  মমতা কেতিয়াও শেষ হৈ যোৱা নাই।এনেদৰেই বিগত তিনিটা দশকতকৈও অধিক কাল ধৰি তেখেতে কবিতা লিখি অাছে অাৰু কবিতাৰ বাবে উৎসৰ্গিত সেই কলম অাজিও থমকি ৰোৱা নাই।++++

বি:দ্ৰ: ডিগবৈৰ মাধৱীলতা সাহিত্য ন্যাসৰ দ্বাৰা 2017/18 বৰ্ষৰ 'মাধৱীলতা সাহিত্য বঁটা'ৰ বাবে কবি শ্বৰীফা খাতুন চৌধুৰীক নিৰ্বাচন কৰা হৈছে।কবিলৈ অভিনন্দন জনাইছোঁ।


   
  

    
  
   
      
   

     
   


      

      
       

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...