দণ্ডীধৰ ফাটোৱালীৰ 'যুগল-মূৰ্তি'
অাৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য
বীৰ্কে বি. থাপা
অসমৰ প্ৰথম জনজাতীয় অৰাজনৈতিক সামাজিক সংগঠন অাছিল ১৯২১ চনত জন্ম লাভ কৰা 'ডাঙৰী কছাৰী যুৱক সন্মিলনী'।এই সংগঠনৰ জন্ম লগ্নৰ সৈতে জড়িত ব্যক্তিসকলৰ ভিতৰত অাছিল প্ৰয়াত ভৰত চন্দ্ৰ খাখলাৰী,যাদৱ চন্দ্ৰ খাখলাৰী, সোনাৰাম বাগলাৰী,কীৰ্তিনাথ খাখলাৰী,দণ্ডীধৰ ফাটোৱালী অাদি।সন্মিলনীৰ প্ৰধান লক্ষ্য অাৰু উদ্দেশ্য অাছিল-সোণোৱালসকলৰ স্বকীয় অস্তিত্ব ৰক্ষাৰ বাবে কাম কৰি যোৱা।সোনোৱাল কছাৰীসকলৰ মাজত জাতীয় চেতনা গঢ়ি তোলাৰ উদ্দেশ্যে 'ডাঙৰী কছাৰী সন্মিলনী'ৰ উদ্যোগত ১৯২৫ চনত 'প্ৰভাতী' অাৰু১৯৩৩ চনত 'ৰাইজ' নামৰ অালোচনীও প্ৰকাশ কৰা হৈছিল।দুৰ্ভাগ্যব:শত অালোচনী দুখন বেছি দিনলৈ চলা নাছিল।প্ৰবল অাৰ্থিক সমস্যাৰ সন্মুখীন হৈ দুয়োখন অালোচনীয়েই বন্ধ হৈ গৈছিল।
কিন্তু সেই সময়ছোৱাত ডাঙৰীত হোৱা এই জনজাতীয় জাগৰণৰ ফলস্বৰূপে কিছু সংখ্যক শিক্ষিত লোকৰ মাজত সাহিত্য-চিন্তা-চৰ্চাৰ প্ৰতি অাগ্ৰহ বৃদ্ধি পাইছিল।প্ৰয়াত দণ্ডীধৰ ফাটোৱালীদেৱৰ নাম এই ক্ষেত্ৰত বিশেষ উল্লেখযোগ্য।
জনজাতীয় অান্দোলনৰ অন্যতম অগ্ৰণী নেতা দণ্ডীধৰ ফাটোৱালীদেৱৰ জন্ম ১৮৯৬ চনত বদলাভেটা চাহ-বাগিচাত।বদলাভেটা চাহ-বাগিচাতে তেখেতৰ কৰ্মজীৱনৰো অাৰম্ভণি।কিন্তু তেখেতৰ ওপৰত পৰা এটা মিছা অপবাদৰ বাবে ফাটোৱালীদেৱে চাকৰি ত্যাগ কৰি ডাঙৰীৰ পৈত্ৰিক ঘৰলৈ গুচি অাহিছিল অাৰু স্বাধীনভাৱে খেতি-খোলাৰ কামত লাগিছিল।কৃষি-কৰ্মৰ লগে লগে সামাজিক কাৰ্য অাৰু সাহিত্য চৰ্চাৰ কাৰ্যও তেখেতে সমান্তৰালভাৱে চলাই গৈছিল।তেখেতৰ সাহিত্যকৰ্মসমূহৰ ভিতৰত ১৯২২ চনত প্ৰকাশিত উপন্যাস 'চপলা' অাৰু ১৯২৪ চনত প্ৰকাশিত উপন্যাস 'যুগল মূৰ্তি' তথা কবিতা পুথি 'নৱকলি'ৰ কথা বিশেষ উল্লেখযোগ্য।তাৰোপৰি তেখেতে শত্ৰুদমন,নীলাম্বৰ,গেলাত টেঙা,সৰস্বতী,চেঙা তেল অাদি কেইবাখনো নাট অাৰু প্ৰহসন লিখিছিল।তেখেতৰ কবিতা বাঁহী,অাৱাহন অাদি কাকতত প্ৰকাশ পাইছিল।সাহিত্য অাৰু সামাজিক ক্ষেত্ৰৰ বিভিন্ন পৰ্যায়ত লোকনায়ক অমিয় কুমাৰ দাস,অম্বিকাগিৰি ৰায়চৌধুৰী,অানন্দ চন্দ্ৰ বৰুৱা,বিষ্ণু প্ৰসাদ ৰাভা,সীতানাথ ব্ৰক্ষ্মচৌধুৰী,ভীমবৰ দেউৰী অাদি বিভিন্ন ব্যক্তিৰ সান্নিধ্য তেখেতে লাভ কৰিছিল।সাহিত্য কৰ্মৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে ফাটোৱালীদেৱক সাহিত্যিক পেঞ্চন অাগবঢ়াইছিল।৮৬ বছৰ বয়সত ১৯৭৯ চনত তেখেতৰ মৃত্যু হয়।
এই নিবন্ধত অামি স্বৰ্গীয় দণ্ডীধৰ ফাটোৱালীদেৱৰ জীৱনাদৰ্শ,কৰ্মজীৱন বা সাহিত্য সাধনা সম্পৰ্কে বিস্তৃত অালোচনা নকৰি (ইতিমধ্যে অামি যথেষ্ট লেখা-মেলা এই বিষয়ত কৰিছোঁ।বিশেষ দ্ৰষ্টব্য-সোণোৱাল সৌৰভ/সম্পাদক-মোহন সোনোৱাল) বিশেষ এটা দিশত গুৰুত্ব দিব বিচাৰিছোঁ।সেইটো হৈছে-ফাটোৱালীদেৱৰ উপন্যাস 'যুগল-মূৰ্তি'।ড: মহেশ্বৰ নেওগে তেখেতৰ 'অসমীয়া সাহিত্যৰ ৰূপৰেখা' গ্ৰন্থত ফাটোৱালীদেৱৰ 'চপলা' উপন্যাসৰ নামমাত্ৰ উল্লেখ হৈছে।তাত বাহিৰে তেখেতৰ সাহিত্য কৰ্ম সম্পৰ্কে অন্য ক'তো বিশেষ অালোচনা হোৱা অামি দেখা নাই।কিন্তু অামি উপলদ্ধি কৰোঁ যে মানৱীয় সংবেদনাৰে পূৰ্ণ এখন সামাজিক উপন্যাস হিচাপে 'চপলা'ৰ এক সুকীয়া স্থান অাছে অাৰু থাকিব।সেইদৰে 'যুগল-মূৰ্তি' উপন্যাসখনৰো এটা সুকীয়া ঐতিহাসিক তাৎপৰ্য অাছে যিটো কথা কিন্তু বহুতে গ্ৰহণ কৰিব বিচৰা দেখা নাযায়।উপন্যাসখন ৰচিত হৈছে এটি সুন্দৰ প্ৰেম কাহিনীক কেন্দ্ৰ কৰি।কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ -ফাটোৱালীদেৱে উপন্যাসখনত চাহ বাগিচাৰ সেউজীয়া পৰিৱেশ,চাহাবৰ বঙলা অাদিৰ অনুপম বৰ্ণনা দিয়াৰ উপৰিও চাহ-বাগিচাত চাকৰি কৰা অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবুগিৰি,সাধাৰণ মজদুৰসকলৰ ওপৰত তেওঁলোকে চলোৱা অত্যাচাৰ-অৱহেলা অাদিৰ বাস্তৱ চিত্ৰ অংকণ কৰিছে।অসমীয়া সাহিত্যৰ সমালোচকসকলৰ মতে চাহ-বাগিচাক কেন্দ্ৰ কৰি ৰচিত হোৱা প্ৰথম অসমীয়া উপন্যাসখন হৈছে ১৯৫৮ চনত প্ৰকাশিত ৰাস্না বৰুৱাৰ 'সেউজী পাতৰ কাহিনী'।নি:সন্দেহে ৰাস্না বৰুৱাৰ উপন্যাসখনৰ কাহিনী অাৰু শিল্পগুণ অতুলনীয়।দণ্ডীধৰ ফাটোৱালীদেৱৰ উপন্যাসৰ কাহিনী কিছু ক্ষেত্ৰত শিথিল অাৰু শিল্পগুণো বহু সময়ত ব্যাহত হৈছে।এইখিনি কথাক বাদ দিলেও কিন্তু 'যুগল-মূৰ্তি' উপন্যাসখনৰ ঐতিহাসিক তাৎপৰ্যৰ দিশটোক কোনেও অৱজ্ঞা কৰিব নোৱাৰে।কাৰণ এইখন উপন্যাস 'সেউজী পাতৰ কাহিনী'তকৈয়ো প্ৰায় ৩৪ বছৰ পূৰ্বে প্ৰকাশ পাইছিল অাৰু এইখনেই প্ৰথম উপন্যাস য'ত অসমৰ চাহ বাগিচাৰ পাৰিপাৰ্শ্বিক অাৰু জীৱনৰ চিত্ৰণ অাছে।এইষাৰ কথাত কোনেও গুৰুত্ব দিয়া নাই।
দুৰ্ভাগ্য ব:শত 'যুগল-মূৰ্তি' উপন্যাসখন অাজি দুষ্প্ৰাপ্য।উপন্যাসখন যিকোনো প্ৰকাৰে উদ্ধাৰ কৰি পুনৰ্প্ৰকাশৰ ব্যৱস্থা কৰিবলৈ অামি সচেতন মহলক অনুৰোধ জনালোঁ।তাৰ লগতে 'যুগল-মূৰ্তি'যে অসমৰ চাহ-বাগিচাক কেন্দ্ৰ কৰি ৰচিত হোৱা প্ৰথম উপন্যাস-এইষাৰ কথাকো অামি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব লাগিব।(সমাপ্ত)
No comments:
Post a Comment