Friday, September 6, 2019

জীৱন আৰু মৃত্যু বিষয়ক গদ্য

      জীৱন আৰু মৃত্যু বিষয়ত গদ্য:কিছু উপলদ্ধি
                                           বীৰ্কে বি থাপা

       কবি জীৱনানন্দ দাশে তেওঁৰ 'ক্যাম্পে' নামৰ কৱিতাটিত যান্ত্ৰিক সভ্যতাই কঢ়িয়াই অনা মৃত্যু বিভীষিকাৰ এক অত্যন্ত মৰ্মান্তিক দৃশ্য অংকণ কৰিছে--জোনাক নিশা যৌৱনৰ মাদকতা আৰু উচ্ছল আনন্দত মতলীয়া হৈ থকা হৰিণা পহুবোৰ হঠাৎ চিকাৰীৰ হাতৰ বন্দকৰ গুলীত বাগৰি পৰিছে   কেম্পৰ বিচনাত শুই শুই কবিয়ে শুনা পাইছে বন্দুকৰ সেই শব্দ ।যৌৱনৰ পদে পদে লুকাই থকা এই আকস্মিক মৃত্যু বিভীষিকাই -কবিৰ অন্তৰত আধুনিক যুগৰ মানুহৰ ভাগ্যলিপিৰ সম্পৰ্কত সেই মুহূৰ্তত এটা অতি  স্পষ্ট ধাৰণা আনি দিছে-'বসন্তেৰ জ্যোৎস্নাই ওই মৃত মৃগদেৰ মতই আমৰা সবাই..'
      আধুনিক যুগৰ এই আকস্মিক মৃত্যু চেতনাই
আজি আমাকো জীৱন সম্পৰ্কে  প্ৰতি পদে পদে শংকিত কৰি তুলিছে।জীৱনৰ প্ৰতি থকা আমাৰ অপাৰ প্ৰেম আৰু আকুলতাআজি ক্ৰমশঃ পৰ্যৱসিত হৈ উঠিছে বিচ্ছেদৰ যন্ত্ৰণালৈ l
      কি এই জীৱন?বহুতপ মতে,জীৱন মানেইতো কেৱল পোৱা আৰু নোপোৱাৰ,যোগ আৰু বিয়োগৰ এক বিশাল অগণিত হিচাপ অথবা কেতিয়াও সমাধান কৰিব নোৱাৰা এটা অংক।এই অংকৰ সমস্যা সমাধানৰ প্ৰচেষ্টাতে ব্যতিত হয় আমাৰ সমস্ত ইচ্ছা,আশা -আক্যাংশ ,শ্ৰম সকলো ।শেষত একো নোপোৱাটোৰে এক বৃহৎ 'শূণ্য'ই হয়তো ইয়াৰ শেষ উত্তৰ।…তথাপিও আমি জীৱনক ভাল পাওঁ আৰু ভাল পাওঁ বাবেই 'মৃত্যু'য়েই শেষ পৰিনাম বুলি জনাৰ পাছতো আমি জীয়াই থাকিব বিচাৰোঁ।যান্ত্ৰিক যুগৰ অভিশাপ অজস্ৰ  'খণ্ডিত মৃত্যু'ৰে মৰি মৰিও আমি হৃদয়ৰ আকুলতাৰে জীৱনৰ ৰূপ-ৰস-গন্ধৰ অন্বেষণ কৰোঁ,জীৱনক ভাল পাবলৈএটা অজুহাত ,এটা যুক্তিৰ সন্ধান কৰোঁ...
      অথচ শান্তিৰ উশাহ ল'বলৈ আমাৰ চৌপাশৰ অথচ শান্তিৰ উশাহ ল'বলৈ অামাৰ চৌপাশৰ বতাহ আজি নিৰ্মল নহয়।হিংসা-প্ৰতিহিংসাৰ দাবানল আৰু গুলি-বোমা-বাৰুদৰ ধোঁৱাৰে ধুসৰিত এই বতাহ ।এই বতাহৰ স্পৰ্শত আজি বসন্তত ফুল নুফুলে,চৰায়ে গীত নাগায়।ৰাজপথৰ তেজৰ চেঁকুৰা ধুই নিব নোৱাৰে বৰষুণৰ পানীয়ে অথবা ৰ'দৰ উষ্ণতাই আজি শুকুৱাব নোৱাৰে দুৰ্দশাগ্ৰস্তৰ চকুৰ পানী..
     পাপগ্ৰস্ত এই পৃথিৱী,পাপগ্ৰস্ত এই জীৱন!অন্ধকূপ-অপৰিস্কাৰ গলিৰ যিবোৰ ঘৰত আমি দিন্ নিশাই শংকিত-সন্ত্ৰাসিত হৈ বাস কৰোঁ সেই ঘৰবোৰৰ খিৰুকী খুলি দিলেই উন্মুক্ত হৈ উঠে
মহাকাল ঘাট স্মশানলৈ যোৱা পোনপটীয়া বাট... দিনে নিশাই যি স্মশানত অন্তহীনভাৱে জ্বলি থাকে জুই..বতাহত উৰি থাকে মানুহ পোৰা গোন্ধ..…
     দুচকু মুদি আমি শান্তিৰে শোৱ নোৱাৰোঁ .. প্ৰতিনিয়ত একোটা আৰ্তচিৎকাৰে কাঢ়ি লৈ যায় আমাৰ দুচকুৰ টোপনি।এই আৰ্তচিৎকাৰ সেইজন দুৰ্ভগীয়াৰ যাক হত্যা কৰা হৈছিল কেৱল ধৰ্মৰ বাবে  অথবা কেৱল মাত্ৰ নিকৃষ্ট ৰাজনীতিৰ বাবেl এই আৰ্তচিৎকাৰ সেই দুৰ্ভগীয়া নাৰীৰ যাক হত্যা কৰা হৈছিল কেৱল এখন্তেকৰ অশ্লীল বাসনাৰ বাবে  ……মানুহে মানুহক হত্যা কৰিব পৰাকৈ কেনেদৰে হ'ব পাৰে ইমান নিষ্ঠুৰ,ইমান অমানৱিক..!
      অাগতীয়াকৈ কোনো খবৰ নিদিয়াকৈয়ে মৃত্যু অাহে অাকস্মিকতে।ৰাতিপুৱাতে ঘৰৰ পৰা ওলাই যোৱা ল'ৰাটো ৰাতিলৈকে উভতি নাহে,অাহে মাত্ৰ এটা অনাকাংক্ষিত মৃত্যুৰ খবৰ…তীব্ৰবেগী বাহনৰ ভয়ংকৰ দুৰ্ঘটনাত উঠি অহা একোটা সুন্দৰ যৌৱন নিমিষতে হেৰাই যায়।--যান-জঁটেৰে পূৰ্ণ ব্যস্ত অালিবাটটো পাৰ হ'ব লওঁতেই অন্ধ ভিক্ষাৰী একোটাক কুকুৰৰ দৰে তীব্ৰ বেগী বাহনে খুন্দিয়াই গুছি যায় ।পথৰ দাঁতিত ৰক্তাক্ত হৈ পৰি থাকে তাৰ নিষ্প্ৰাণ দেহ,অালৈ -অাথানি হৈ পৰি থাকে ভিক্ষাৰ জোলোঙা ,লাখুটি…এনেদৰে কুকুৰ-মেকুৰীৰ দৰে ইয়াত মানুহ মৰে।যান্ত্ৰিক পৃথিৱীত যান্ত্ৰিক মানুহ।কাৰো হৃদয় নকঁপে।
      বহু উচ্চ ধাৰণাই অাছিল অামাৰ জীৱন সম্পৰ্কে।বহু দুখ অাৰু যন্ত্ৰণাক্লিষ্ট দিনৰ কঠিন প্ৰহৰতো জীৱনৰ প্ৰতি অামাৰ অাকুলতা কেতিয়াও কমা নাছিল।অামি নিজক ভাল পাওঁ বাবেই নিজৰ প্ৰতি প্ৰেম উপজিছিল অাৰু সেই প্ৰেমৰ পৰাই অাৰম্ভ হৈছিল জীৱন।জীৱনৰ সুখ-দুখ,হাঁহি-কান্দোন বিজড়িত অলেখ ভগ্নাংশৰ অবিৰত যাত্ৰা।অামি দেখিছিলোঁ-কেৱল পোৱা অাৰু নোপোৱাৰে হিচাপ নহয় জীৱন,জীৱন হৈছে পোৱা অাৰু নোপোৱাৰো বহু উৰ্দ্ধত প্ৰেমৰ অপাৰ্থিৱ উপলদ্ধি।সেইবাবেই কবি জীৱনানন্দ দাশৰ দৰে অামিওতো উপলদ্ধি কৰিছিলোঁ-
     জীৱন হয়েছে এক প্ৰাৰ্থনাৰ গানেৰ মতন
     তুমি অাছ বলে প্ৰেম গানেৰ ছন্দেৰ মতন
     অালো অাৰ অন্ধকাৰ দুলে উঠে
     তুমি অাছ বলে হৃদয় ধূপেৰ মত জ্বলে…
কিন্তু ক্ৰমবৰ্দ্ধমান যান্ত্ৰিক সভ্যতা অাৰু মানুহৰ নিষ্ঠুৰতাই কঢ়িয়াই অনা গভীৰ শংকা, নৈৰাশ্য, ক্লান্তি ,অৱসাদ অাৰু মৃত্যু বিভীষিকাই অামাৰ জীৱন সম্পৰ্কীয় সকলো উচ্চ ধাৰণাক সমুলি নি:শেষ কৰি পেলাইছে।প্ৰতিটো মুহূৰ্ততে অাজি অামি মুখামুখি হ'ব লগীয়া হৈছে মৃত্যুৰ কঠিন অাৰু নিৰ্মম বাস্তৱতাৰ সৈতে।অলেখ খণ্ডিত মৃত্যুৰ যন্ত্ৰণাৰে শাপগ্ৰস্ত অাজি অামাৰ প্ৰতিটো পল।এনে অলেখ অপঘাত মৃত্যুক প্ৰত্যক্ষ কৰি কৰি জীয়াই থাকিব লগীয়া হোৱাৰ পাছতো অামি কেনেকৈ ক'ব পাৰোঁ-মৃত্যুওতো এক শিল্প,জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য?

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...