নিবন্ধ:
অসমৰ সাহিত্য আৰু সংবাদ জগতলৈ
গোৰ্খাসকলৰ অৱদান
বীৰ্কে বি. থাপা
(৯৯৫৪২৪৯৯১৬)
অসমৰ সৈতে নেপালৰ প্ৰাক -ঐতিহাসিক কালৰে পৰা সুসম্পৰ্ক অাছিল আৰু এই কথাৰ সত্যতা ইতিমধ্যে বিভিন্ন তথ্যৰ দ্বাৰা প্ৰতিপন্ন হৈছে।এই নিবন্ধত অামি অসমত নেপালী /গোৰ্খাসকলৰ প্ৰাচীনতা সম্পৰ্কে পুনৰ অালোচনা নকৰি অসমীয়া ভাষা -সাহিত্যলৈ তেওঁলোকে অতীজৰে পৰা অাগবঢ়াই অহা অৱদানৰ বিষয়ে অালোচনা কৰিব বিচাৰিছোঁ।
নেপালী জনগোষ্ঠীৰ লোকসকল মূলত: অাৰ্য অাৰু মংগোলীয় বংশোদ্ভূত।উল্লেখযোগ্য যে নেপাল ৰাষ্ট্ৰৰ বাসিন্দা তথা নেপালৰ পৰা বিভিন্ন সময়ত ভাৰতলৈ প্ৰব্ৰজিত হৈ অাহি বিভিন্ন ৰাজ্যত বসবাস কৰিবলৈ লোৱা লোকসকলক সাধাৰণতে নেপালী বুলি কোৱা হয় যদিও বিভিন্ন যুক্তিৰ অাধাৰত খিলঞ্জীয়া নেপালীসকলক 'নেপালী' বুলি কোৱাতকৈ 'গোৰ্খা'বুলি উল্লেখ কৰাটোহে অধিক সমীচিন বুলি বহুতে মত প্ৰকাশ কৰে।সেয়ে এই নিৱন্ধত অামি 'গোৰ্খা' শব্দৰ ব্যৱহাৰ কৰিছোঁ। সি যি কি নহওক,অসমত বহু শ বছৰ ধৰি বসবাস কৰি অহা দুয়োটা মূলৰ গোৰ্খা জনগোষ্ঠীৰে নিজস্ব কৃষ্টি-সংস্কৃতি অাছে।নিজস্ব এই কৃষ্টি-সংস্কৃতি আৰু জাতীয় ঐতিহ্যক ৰক্ষা কৰিও কিন্তু তেওঁলোক অাজি বৃহত্তৰ অসমীয়া জাতি সত্তাত সম্পূৰ্ণৰূপে বিলীন হৈ পৰা পৰিলক্ষিত হৈছে। গোৰ্খা জনগোষ্ঠীৰ গাত থকা জাতিগত শান্ত-শিষ্ট আৰু নিৰ্জু স্বভাৱেই ইয়াৰ মূল কাৰণ বুলি ক'ব পাৰি। বিগত দিনৰ ইতিহাসত এই জনগোষ্ঠীৰ লোকসকলে সেয়ে কোনোকালে কোনো ৰাজনৈতিক কু-অভিসন্ধি বা অন্য ছল-চাতুৰি-কপট মনোভাৱেৰে অসমৰ স্বাৰ্থৰ পৰিপন্থী কাৰ্যত লিপ্ত থকাৰ নজীৰ নাই।
ইংৰাজৰ অধীনত প্ৰায় দুশ বছৰ ধৰি গোলামী খটাৰ পাছত ভাৰতবৰ্ষই ১৯৪৭ চনত স্বাধীনতা লাভ কৰিছিল।ইতিপূৰ্বে বিশ্বযুদ্ধই তচনচ কৰি থৈ যোৱা পৰিৱেশ-পৰিস্থিতি তথা স্বাধীনোত্তৰ কালত অসমৰ সমাজ অাৰু জাতীয় জীৱনত ঘটা মূল্যবোধৰ ক্ষেত্ৰত লক্ষণীয়ভাৱে ঘটা অৱক্ষয়ৰ পৰিপ্ৰেক্ষিতত গোৰ্খাসকলৰো ভাষা-কৃষ্টি-সংস্কৃতিৰ অস্তিত্ব যথেষ্ট সংকটাপন্ন হৈ পৰিছিল।তাৰোপৰি স্বাধীনতা অান্দোলনত নেপালীসকলে দেহে কেহে অংশ গ্ৰহণ কৰাৰ পাছতো স্বাধীন ভাৰতৰ নাগৰিক হিচাপে পাবলগীয়া সম-অধিকাৰৰ মৰ্যাদাৰ পৰা তেওঁলোক পদে-পদে বঞ্চিত হোৱা কাৰ্যত অসমৰ কিছু সংখ্যক শিক্ষিত অাৰু সচেতন গোৰ্খা সম্প্ৰদায়ৰ লোক অাশংকিত হৈ পৰিছিল। তেনে পৰিস্থিতিত তেওঁলোকে নেপালী জাতীয় কৃষ্টি-সংস্কৃতিৰ সুৰক্ষা আৰু বিকাশৰ বাবে তথা ন্যায্য প্ৰাপ্যৰ বাবে চেষ্টা চলাবলৈ অাগবাঢ়ি অাহিবলৈ বাধ্য হৈ পৰিছিল -যাৰ পৰিপ্ৰক্ষিতত জন্ম হৈছিল অখিল ভাৰতীয় গোৰ্খা লীগৰ অসম শাখা-অসম গোৰ্খা সন্মিলন তথা নেপালী ভাষা প্ৰচাৰ সমিতি(তেজপুৰ), নেপালী সাহিত্য সংঘ(শ্বিলং) অাদিৰ দৰে সংগঠণ অাৰু অনুষ্ঠানসমূহৰ।সেইদৰে পৰৱৰ্তী কালত,৯০ৰ দশকত 'অসম নেপালী সাহিত্য সভা'ও গঠণ কৰা হৈছিল কাৰ্বি অাংলঙত। ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক অাছিল ক্ৰমে ড:লক্ষ্মীপ্ৰসাদ পৰাজুলি আৰু ড:হৰ্ক বাহাদুৰ ছেত্ৰী। বৰ্তমানে এই সভাৰ শাখাসমূহ সমগ্ৰ অসমতে বিয়পি অাছে।সভাৰ উপদেষ্টা মণ্ডলীত অাছিল প্ৰয়াত বিষ্ণুলাল উপাধ্যায়, তাৰাপতি উপাধ্যায় আৰু লীল বাহাদুৰ ছেত্ৰীৰ দৰে অসমৰ বিশিষ্ট ব্যক্তিসকল।
প্ৰাপ্ত তথ্য মতে ,নেপালী ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰসাৰ, বিকাশ অাৰু সুৰক্ষাৰ স্বাৰ্থত অবিভক্ত অসমৰ পৰা প্ৰকাশ কৰি উলিওৱা প্ৰথমখন নেপালী ভাষাৰ অালোচনী অাছিল- ১৯৩৫ চনত শ্বিলঙৰ পৰা প্ৰকাশিত 'গোৰ্খা সেৱক'।অালোচনীখনৰ সম্পাদক অাছিল স্বৰ্গীয় মণি সিং গুৰুং(তথ্যৰ উৎস:নেপালীসকলৰ সাহিত্যিক অৱদান/লেখক-অধ্যাপক দুৰ্গা ঘিমিৰে আৰু অধ্যাপক ঝাণ্ডী ঘিমিৰে/সাপ্তাহিক নীলাচল,১৯৭৩)।সেইদৰে ১৯৪৮ চনত গুৱাহাটীৰ পৰা 'হিমাদ্ৰী' নামৰ অান এখন নেপালী ভাষাৰ অালোচনী প্ৰকাশ পোৱাৰ কথাও জানিব পৰা যায়। উল্লেখযোগ্য যে, স্বাধীনোত্তৰ কালত অবিভক্ত অসমৰ শ্বিলং তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ পৰা এনেদৰে আৰু কেইবাখনো নেপালী ভাষাৰ কাকত-অালোচনী প্ৰকাশ পাইছিল আৰু এই কাকত-অালোচনীসমূহত নেপালী/গোৰ্খাজনগোষ্ঠীৰ লোকসকলৰ অাশা-অাক্যাংক্ষা, মৰ্মবেদনা, ৰাজনৈতিক অধিকাৰ অাদিৰ বাস্তৱ প্ৰতিফলন ঘটিছিল। এই কাকত-অালোচনী সমূহৰ ভিতৰত ১৯৫৭ চনত শ্বিলঙৰ পৰা প্ৰকাশিত 'ফিলিংগো',তেজপুৰৰ পৰা প্ৰকাশিত 'ব্ৰক্ষ্মপুত্ৰ',শ্বিলঙৰ পৰা প্ৰকাশিত 'সগৰমাথা',দৰঙৰ পৰা প্ৰকাশিত 'অাঁখা', দুলীয়াজানৰ পৰা প্ৰকাশিত 'হিমালয়', মনিপুৰৰ পৰা প্ৰকাশিত 'সন্দেশ', মালিগাঁৱৰ পৰা প্ৰকাশিত 'হাম্ৰো ধ্বনি' অাদি অাছিল বিশেষ উল্লেখযোগ্য। ডিগবৈৰ সচেতন লোকসকলেও পঞ্চাশ আৰু ষাঠীৰ দশকত মুক্তি,কোপিলো, মিলন,হামী অাদি নামেৰে কেইবাখনো নেপালী ভাষাৰ কাকত-অালোচনী প্ৰকাশ কৰি নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে চেষ্টা চলোৱা কথা জনা যায়।স্বাভাৱিকতে সেই সময়ত অসম অাৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত অাত্মপ্ৰকাশ কৰা বহুকেইগৰাকী লেখক-সাহিত্যিকে নেপালী ভাষাত সাহিত্য চৰ্চা কৰি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। এনেদৰে সুখ্যাতি অৰ্জন কৰা সকলৰ ভিতৰত স্বাধীনতা অান্দোলনৰ অগ্ৰণী নেতা তেজপুৰৰ ছবিলাল উপাধ্যায়,ধন বাহাদুৰ সোণাৰ,হৰি প্ৰসাদ গোৰ্খা ৰাই,বিষ্ণুলাল উপাধ্যায়,পুষ্পলাল উপাধ্যায়,হৰিভক্ত কটোৱাল,শ্যামৰাজ জইশী,অগ্নি বাহাদুৰ ছেত্ৰী, অাদিৰ নাম উল্লেখযোগ্য।এই কথা বহুতেই নাজানে যে সাহিত্য ক্ষেত্ৰত ছবিলাল উপাধ্যায়ে কবিতা আৰু সমালোচনাত্মক প্ৰৱন্ধ লিখাৰ উপৰিও অনুবাদ কাৰ্যও কৰিছিল।অনুবাদ সাহিত্যৰ বাবে তেখেতক সাহিত্য একাডেমীৰ অনুবাদ বঁটা প্ৰদান কৰা হৈছিল।
উল্লেখিত এই সকল লেখকৰ বহুকেইগৰাকীয়ে নেপালী ভাষাৰ লগে লগে অসমীয়া ভাষাতো সাহিত্য চৰ্চা কৰি সমন্বয়ৰ ভেঁটি সুদৃঢ় কৰি তুলিছিল।অবিভক্ত অসমৰ কোহিমাত জন্ম গ্ৰহণ কৰা স্বৰ্গীয় ধন বাহাদুৰ সোণাৰে হৰিপ্ৰসাদ গোৰ্খাৰাই আৰু গোবিন্দ চন্দ্ৰ পৈৰাৰ লগ লাগি নগাভূমিত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অাজীৱন চেষ্টা চলাই যোৱা কথা জনা যায়।সেইদৰে ষাঠীৰ দশকত সংখ্যাত তাকৰ হ'লেও এই জনগোষ্ঠীৰ বহুকেইগৰাকী শিক্ষিত লোকে অাৱাহন, চেতনা, বাঁহী অাদিৰ দৰে কাকত-অালোচনীসমূহত লেখা মেলা কৰি অসমীয়া ভাষা-সাহিত্যলৈ অৱদান অাগবঢ়াইছিল।উদাহৰণ স্বৰূপে 'অাৱাহনৰ পাতত ধন বাহাদুৰ সোনাৰে লিখা 'জাপডৌ অভিযান'ৰ কথা উল্লেখ কৰিব পাৰি। অান এগৰাকী লেখক পদ্ম প্ৰসাদ উপাধ্যায়ে ১৯৬২ চনত 'অসমৰ তাঁতশিল্প',আৰু ১৯৬৪ চনত 'হিমালয়ৰ পাদদেশৰ নেপাল' নামৰ প্ৰৱন্ধ 'অাৱাহন'ৰ পাতত লিখা তথ্য পোৱা যায়।'চেতনা' অালোচনীৰ সহকাৰী সম্পাদক মহানন্দ সাপাকুটাইয়ো অাৱাহনৰ যুগত ভালেমান গল্প লিখিছিল। এই যুগতে হৰি প্ৰসাদ গোৰ্খা ৰাইয়ে অাত্ম প্ৰকাশ কৰিছিল এগৰাকী বিশিষ্ট কবি আৰু গল্পকাৰ হিচাপে।সোতৰ বছৰ বয়সৰ পৰা সাহিত্য চৰ্চাৰ প্ৰতি অাকৃষ্ট হোৱা হৰিপ্ৰসাদ গোৰ্খা ৰাইয়ে হিমাদ্ৰী,গোৰ্খা সেৱক,দিয়ালো, ভাৰতী, উত্থান,উদয় অাদি নেপালী ভাষাৰ অালোচনীসমূহত গল্প,কবিতা,উপন্যাস অাদি লিখি সুখ্যাতি অৰ্জন কৰিছিল।তেওঁ লিখা দুখন কবিতাপুথি-'বাবৰী'( Babri-১৯৭৪) অাৰু 'মনচৰিকো বোলি' (Manchariko Boli -১৯৭৭)।গল্প সংকলন-য়াহাঁ বদনাম হুঞ্চুঁ(Yaha Badnam Hunchu,1974)-য'ত নগা জনজীৱনৰ ভালেখিনি দিশৰ সুন্দৰ চিত্ৰ প্ৰতিফলিত হৈ উঠিছে।দ্বিতীয় বিশ্বযুদ্ধই বিধ্বস্ত কৰা নগালেণ্ডৰ অাৰ্থ-সামাজিক দৃশ্য তথা অসম আৰু উত্তৰ -পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত বসবাস কৰা নেপালীসকলৰ জীৱন-সংগ্ৰামৰ বাস্তৱ প্ৰতিফলন দেখিবলৈ পোৱা যায় তেওঁৰ গল্পসমূহত।তাৰোপৰি হৰিপ্ৰসাদ গোৰ্খা ৰাইয়ে 'সাবিত্ৰী-সত্যৱান,এক টুকৰা ৰোতি, মদন,শিৱ-পাৰ্ৱতী, পেৰি চাব কো ডায়েৰী,বেংক পাচবুক,দিন ৰ ৰাত,সান্ত্বনা অাদি কেইবাখনো একাংকিকা নেপালী ভাষাত ৰচনা কৰিছিল।সেইদৰে তেওঁ অসমীয়া ভাষাতো লিখা মেলা কৰিছিল।'অামাৰ প্ৰতিনিধি' অালোচনীত তেওঁ লিখিছিল 'নগাভূমিৰ কথা' শীৰ্ষক এটি মূল্যৱান নিবন্ধ।সাহিত্য ক্ষেত্ৰলৈ অাগবঢ়োৱা অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে অসম সাহিত্য সভাই তেওঁক সম্বৰ্ধনা জনোৱাৰ উপৰিও অসম চৰকাৰেও সাহিত্যিক পেঞ্চন অাগবঢ়াইছিল।সেইদৰে চিকিম সাহিত্য পৰিষদ আৰু কালিংপুং নেপালী সাহিত্য অধ্যয়ণ সমিতিয়েও হৰিপ্ৰসাদ গোৰ্খা ৰাইক সম্বৰ্ধনা জনাইছিল।
স্বাধীনতা যুঁজাৰু বিষ্ণুলাল উপাধ্যায়েও দেশ অাৰু সমাজসেৱাৰ কামত ব্ৰতী হৈ অসমীয়া আৰু নেপালী উভয় ভাষাতে সাহিত্য চৰ্চা কৰিছিল | নীলাচল, মহাজাতি, নাগৰিক, স্পন্দন আদি কেইবাখনো বাতৰি কাকত-আলোচনীত তেখেতৰ গুৰুত্বপূৰ্ণ লেখা প্ৰকাশ পাইছিল।তেখেতে লিখা 'অাসামে নেপালীহৰু' এটি অতি মূল্যৱান প্ৰবন্ধ।তেখেতে লিখা গ্ৰন্থসমূহৰ ভিতৰত ছবিলাল উপাধ্যায়ৰ জীৱন-সংগ্ৰামৰ ভিত্তিত লিখা নেপালী ভাষাৰ গ্ৰন্থখন বিশেষ উল্লেখযোগ্য।গ্ৰন্থখনৰ অসমীয়া অনুবাদ "স্বাধীনতা যুঁজৰ নায়ক ছবিলাল উপাধ্যায়" প্ৰকাশ পাইছিল ১৯৯০ চনত।মহাপুৰুষ শংকৰদেৱ,অাজীৱন সংগ্ৰামী ভক্ত বাহাদুৰ প্ৰধান,নন্দলাল উপাধ্যায় অাদিৰ বিষয়েও নেপালী ভাষাত লিখিছিল।সেইদৰে অসমীয়া ভাষাত লিখিছিল- 'স্বাধীনতা সমগ্ৰামী দলবীৰ সিং লোহাৰ','কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সংক্ষিপ্ত জীৱনী'।"দুগৰাকী মহান বিভূতি" গ্ৰন্থত তেখেতে আদিকৱি ভানুভক্ত আৰু মহাপুৰুষ শংকৰদেৱৰ তুলনামুলক দিশত আলোকপাত কৰিছিল |অসম চৰকাৰে তেখেতলৈ ১৯৯০ চনত সাহিত্যিক পেঞ্চন অাগবঢ়াইছিল।
ডিগবৈৰ কবি হৰিভক্ত কটোৱালে লিখা কবিতাসমূহ সমসাময়িক বিভিন্ন কাকত-অালোচনীত প্ৰকাশ পাইছিল।কবিতাৰ উপৰিও কটোৱালে ' অামাৰ প্ৰতিনিধি' অালোচনীৰ ৬ষ্ঠ বছৰ ৭ম সংখ্যাত ' ঝাউৰে:নেপালী লোকগীত' নামৰ এটি প্ৰবন্ধ লিখা কথা জানিব পৰা গৈছে।ডিগবৈৰ হৰিভক্ত কটোৱাল অাছিল অতুলনীয় কাব্যিক প্ৰতিভাৰে চহকী কবি।এইগৰাকী কবিয়ে নেপালী ভাষাত লিখা গীত অাৰু কবিতাসমূহে নেপালতো যথেষ্ট সমাদৰ লাভ কৰিছিল।১৯৬২ চনত দিল্লীত অনুষ্ঠিত হোৱা 'অখিল ভাৰত সাহিত্য সন্মিলন'লৈ তেওঁক অামন্ত্ৰণ জনোৱা হৈছিল-য'ত তেওঁ পাঠ কৰিছিল-'অাকাশকো তাৰা কে তাৰা 'নামৰ এটি কবিতা।কবিতাটিয়ে সেইসময়ত যথেষ্ঠ সমাদৰ লাভ কৰিছিল।
নেপালী ভাষাত মৌলিক সাহিত্য সৃষ্টিৰে অতুলনীয় অৱদান অাগবঢ়োৱা লেখকসকলৰ ভিতৰত পুষ্পলাল উপাধ্যায়ৰ নাম বিশেষ উল্লেখযোগ্য।১৯০৬ চনত ধেমাজিত জন্ম গ্ৰহণ কৰা এইগৰাকী লেখকৰ কবিতাপুথি ১৯৬৮ চনত প্ৰকাশিত -'পুষ্পাঞ্জলি' অাৰু ১৯৮৭ চনত প্ৰকাশিত-'উষা মঞ্জৰি'।'উষা মঞ্জৰি'ৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।তেওঁৰ কবিতাৰ সম্পৃক্ত হৈ অাছে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অাৰু অতীত ঐতিহ্যৰ চিত্ৰ। তেনেদৰে অবিভক্ত অসম তথা বৰ্তমান মেঘালয় ৰাজ্যৰ শ্বিলং অধিবাসী বিক্ৰমবীৰ থাপাৰ নামো ল'ব পাৰি। শাৰীৰিক অসুস্থতাৰ বাবে সামৰিক বাহিনীৰ পৰা অৱসৰ লোৱা বিক্ৰমবীৰ থাপাৰ সৃষ্টিশীল প্ৰতিভাৰ সুন্দৰ প্ৰতিফলন ঘটিছে-বিংশৌ শতাব্দী কী মনালিচা (গল্প সংকলন) ,বিগতকো পৰিৱেশভিত্ৰ(উপন্যাস), টিস্টাদেখি সতলজ চম্ম(উপন্যাস),হত্যা:ৰাতো ডায়েৰীকো(অনুসন্ধানাত্মক সংস্মৰণ),কবিতা সংগ্ৰহ 'এওটা চহৰ' অাদি গ্ৰন্থত।সাহিত্য কৃতিৰ বাবে তেওঁক নেপালৰ পৰা 'ৰত্নশ্ৰী'স্বৰ্ণ পদক,চিকিমৰ পৰা 'স্ৰষ্টা পুৰস্কাৰ',অসমৰ পৰা 'হৰিভক্ত কটোৱাল স্মৃতি পুৰস্কাৰ' আৰু ১৯৯২ চনত সাহিত্য একাদেমী বঁটা প্ৰদান কৰা হৈছিল।এগৰাকী চিত্ৰকৰ হিচাপেও তেওঁ সকলোৰে পৰিচিত।
ডিগবৈৰ টিংৰাই নিবাসী যুদ্ধবীৰ ৰাণাও মূলত: এগৰাকী প্ৰতিথযশা চিত্ৰশিল্পী। বিভিন্ন ঠাইত তেখেতে নিৰ্মান কৰা প্ৰতিমূৰ্তিসমূহৰ পৰা ভাস্কৰ্য শিল্পী হিচাপে থকা তেখেতৰ প্ৰতিভাৰ উমান পাব পাৰি।শিল্পকলাৰ লগে লগে যুদ্ধবীৰ ৰাণাই নেপালী ভাষাত 'নেপালী সংস্কৃতি:হাম্ৰো অস্তিত্ব' নামেৰে এখনি অতি মূল্যবান গ্ৰন্থ ৰচনা কৰিছে।গ্ৰন্থখনত তেখেতে নেপালী জনগোষ্ঠীৰ জাতীয় ৰীতি-নীতি,কৃষ্টি-সংস্কৃতি, খাদ্যাভ্যাস , বেশভূষা,অা-অলংকাৰ,খেতি-খোলাৰ সা-সঁজুলি, লোকগীত-লোকনৃত্য,মৌখিক সাহিত্য অাদি সকলোবোৰ বিষয়ৰ বিশদ বিৱৰণ অাগবঢ়াইছে।তেখেতৰ লেখাসমূহত এক বিজ্ঞানসন্মত দৃষ্টিভংগী পৰিলক্ষিত হয়।'মানৱ য়াত্ৰা' নামৰ গ্ৰন্থখনো তেনেএক দৃষ্টিভংগীৰে ৰচনা কৰা মানৱ জাতিৰ জন্ম অাৰু ক্ৰমবিকাশৰ এক ইতিহাস।তাৰোপৰি তেখেতে কনকসেন ডেকাৰ 'নতুন পুৰুষে যুক্তিৰ অাধাৰত নতুন অসম গঢ়ক' গ্ৰন্থখনো নেপালী ভাষালৈ অনুবাদ কৰিছে।
অসমত বসবাস কৰা নেপালী জাতিৰ ইতিহাস অাৰু জীৱন সংগ্ৰামৰ বিষয়ে গভীৰ অধ্যয়ণেৰে ৰচনা কৰা এখনি অতি মূল্যৱান গ্ৰন্থ হৈছে প্ৰয়াত শ্যামৰাজ জইশীৰ 'অসমমা নেপালীহৰুকো ঐতিহাসিক পৃষ্ঠভূমি'।শ্যামৰাজ জইশীৰ জন্ম ডিগবৈত।কৰ্মসূত্ৰে তেওঁ অাছিল পেট্ৰ'লিয়াম টেকনোলজিষ্ট তথা কেমিকেল ইঞ্জিনিয়াৰ।কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো নেপালীসকলৰ অস্তিত্বৰ কথা চিন্তা কৰি থকা লোক অাছিল তেওঁ।ডিগবৈৰ পৰা প্ৰকাশ পোৱা নেপালী ভাষাৰ অালোচনী 'কোপিলো'ৰ তেওঁ অাছিল প্ৰথম সম্পাদক।১৯৮৭ চনত মৃত্যু বৰণ কৰা শ্যামৰাজ জইশীয়ে তেখেতৰ গ্ৰন্থখনত ভাৰত আৰু নেপালৰ কৌটিকলীয়া সম্পৰ্কৰ বিষয়টোক বিভিন্ন ধৰ্মগ্ৰন্থ, শ্লোক, ঐতিহাসিক তথ্য অাদিৰ ভিত্তিত প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে।তাৰোপৰি বৃটিছ সেনাবাহিনীত থকা নেপালী সৈনিকসকলে অসমক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ বহুবাৰ প্ৰানপনে চেষ্টা কৰা কথা তথা স্বাধীনতাৰ অান্দোলনত খিলঞ্জীয়া নেপালীসকলে জঁপিয়াই পৰা ইতিহাসৰ কথা অাৰু স্বাধীনোত্তৰ কালত এই নেপালী লোকসকলক সময়ে সময়ে চৰকাৰে উচ্ছদ কৰিবলৈ চেষ্টা কৰাৰ পৰিপ্ৰেক্ষিতত নেপালীসকলৰ জাতীয় জীৱনলৈ নামি অহা সংকটাৱস্থাক তথ্য সহকাৰে তেখেতে গ্ৰন্থখনত প্ৰকাশ কৰিছে।গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল অগ্নি বাহাদুৰ ক্ষেত্ৰীয়ে।
সাহিত্য জগতলৈ অগ্নি বাহাদুৰ ক্ষেত্ৰীৰো যথেষ্ট অৱদান অাছে।১৯২৭ চনত শোণিত পুৰত জন্ম গ্ৰহণ কৰা অগ্নি বাহাদুৰ ক্ষেত্ৰীয়ে পক্ষাঘাতগ্ৰস্ত ৰোগত ভূগি শয্যাশায়ী হৈ থকা স্বত্তেও নেপালী ভাষাৰ কেইবাখনো গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে।তেখেতৰ দ্বাৰা অনুদিত দুখন উল্লেখযোগ্য গ্ৰন্থ হৈছে লীল বাহাদুৰ ছেত্ৰীৰ সাহিত্য একাডেমী বঁটা প্ৰাপ উপন্যাস 'ব্ৰক্ষ্মপুত্ৰ কো ছেও ছাও' অাৰু শ্যামৰাজ জইশীৰ 'অসমমা নেপালীহৰুকো ঐতিহাসিক পৃষ্ঠভূমি'। তাৰোপৰি তেখেতে'অসমীয়া ভাষাৰ ইতিহাস' নামৰ অান এখন গ্ৰন্থ তথা ডিগবৈত চাকৰি কৰি থকা কালত ৫০ৰ দশকতে নেপালীভাষী ছাত্ৰ-ছাত্ৰীৰ বাবে 'নেপালী অাদিপাঠ','নেপালী বাল গণিত' অাদি ৰচনা কৰিছিল।নেপালী ভাষাৰ পৰা অসমীয়া ভাষালৈ তেখেতে অনুবাদ কৰা অন্যান্য পুথিসমূহ হৈছে-'সি জানো অাকৌ নাহিব','মহাকবি দেৱকোটা' অাদি।অসমীয়াত লিখা অান এখন পুথি 'নেপালী কবি তীৰ্থ'ত তেখেতে কবি ভানুভক্ত অাচাৰ্য,লেখনাথ পৌড়য়েল, লক্ষ্মী প্ৰসাদ দেৱকোটা অাৰু হৰিভক্ত কটোৱালৰ জীৱন অাৰু সাহিত্য কৃতি সম্পৰ্কে সুন্দৰ অালোকপাত কৰিছে।
সাহিত্য একাদেমী বঁটাপ্ৰাপ্ত উপন্যাস 'ব্ৰক্ষ্মপুত্ৰকো ছেও ছাও'ৰ কথা অামি ইতিমধ্যে উল্লেখ কৰিছোঁ।উপন্যাসখনৰ লেখক লীল বাহাদুৰ ছেত্ৰী অাৰ্য বিদ্যাপীঠ কলেজৰ অধ্যাপক।তেখেতে প্ৰধানকৈ নেপালী ভাষাত লিখা মেলা কৰিছিল যদিও তেখেতৰ ৰচনাত অসমৰ জাতীয় জীৱনৰ সুন্দৰ প্ৰতিফলন ঘটা দেখা যায়।তেখেতৰ উল্লেখযোগ্য সাহিত্যকৃতি সমূহ হৈছে-বসাঁই(উপন্যাস), অতৃপ্ত(উপন্যাস), দো বাটো(নাটক)অাদি।তাৰোপৰি সমসাময়িক বিভিন্ন কাকত-অালোচনীত এইগৰাকী লেখকে যথেষ্ট সংখ্যক গল্প আৰু উপন্যাস লিখিছে।সময়ে সময়ে অসমীয়া ভাষাত প্ৰকাশিত বিভিন্ন কাকত-অালোচনীত তেখেতৰ গল্প অাৰু উপন্যাসমূহ অনুদিত হোৱাও পৰিলক্ষিত হয়।
অনুবাদ অাৰু মৌলিক সৃষ্টিৰে ইতিমধ্যে অসমীয়া অাৰু নেপালী দুয়োখন সমাজলৈ অতুলনীয় অৱদান অাগবঢ়োৱা গীতা উপাধ্যায় অাজি সকলোৰে পৰিচিত।শিৱসাগৰ কলেজৰ প্ৰবক্তা গীতা উপাধ্যায়ৰ নাম বিশেষকৈ জনা যায় তেখেতে অনুবাদ কৰা 'এন ফ্ৰাংকৰ ডায়েৰী' নামৰ গ্ৰন্থখনৰ বাবে।উল্লেখযোগ্য যে এই গৰাকী লেখিকা স্বাধীনতা সংগ্ৰামী তথা অসম গোৰ্খা সন্মিলনীৰ নেতা ছবিলাল উপাধ্যায়ৰ নাতিনীয়েক অাছিল।তেওঁৰ পিতৃ টংক নাথ উপাধ্যায়ো অাছিল এগৰাকী সাহিত্যানুৰাগী ব্যক্তি অাৰু তেখেতে কাঠমাণ্ডুৰ পৰা প্ৰকাশিত নেপালী অালোচনীত গল্প লিখিছিল।তেখেতৰ প্ৰথম চুটিগল্প 'পুড়কে হলদাৰ' প্ৰকাশ পাইছিল নেপালৰ 'শাৰদা' নামৰ অালোচনীত।তাৰোপৰি তেওঁ শ্বেইক্সপীয়েৰৰ 'মাৰ্চেণ্ট অফ ভেনিচ','জুলিয়াছ চিজাৰ' অাদি কেইবাখনো নাটক নেপালী ভাষালৈ অনুবাদো কৰিছিল।পিতৃৰ পদানুসৰণ কৰি গীতা উপাধ্যায়েও ভালেকেইখন গ্ৰন্থ নেপালী তথা অন্য ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল।এন ফ্ৰাংকৰ ডায়েৰীৰ উপৰিও তেওঁ অসমীয়া ভাষালৈ অনুবাদ কৰা গ্ৰন্থ কেইখন হৈছে-ভানুভক্তৰ ৰামায়ণ,ক'লা সূৰুয(মূল লেখক -ভৰত জংগম) , নেপাল দেশৰ লোকসাধু, মুনা-মদন(মূল লেখক-লক্ষ্মীপ্ৰসাদ দেৱকোটা), ভুমিপুত্ৰ(মূল লেখক-ৰিচাৰ্ড ৰাইট) অাদি।অনুবাদৰ বাবে নিৰ্বাচন কৰা বিষয়বস্তুসমূহৰ পৰা বৰ্ণ -বৈষম্যবাদৰ বিৰূদ্ধে থকা তেওঁৰ মনৰ তীব্ৰ বিষোদ্গাৰৰ উমান পাব পাৰি।অনুবাদ সাহিত্যৰ উপৰিও তেওঁৰ যথেষ্ট সংখ্যক গল্প,ভ্ৰমণ কাহিনী অাৰু নিবন্ধ সমসাময়িক কাকত-অালোচনী যেনে দৈনিক বাতৰি,অসমীয়া প্ৰতিদিন,অাজিৰ অসম,ৰংঘৰ,শ্ৰীময়ী অাদিত প্ৰকাশ পাইছে।তেওঁৰ গল্প সংকলনখনৰ নাম হৈছে -'সুবাসিত বতাহ'।সংকলনখনত সন্নিৱিষ্ট হোৱা উল্লেখযোগ্য গল্প সমুহ হৈছে-ক্ষোভ,ৰাক্ষস, সুবাসিত বতাহ,মেকুৰীৰ এপিটাফ, দিনুৰ দুৰ্গতি,বিশ্বাসৰ অপমৃত্যু,অাজিৰ জানকী,সন্ত্ৰাসৰ এদিন,অাত্মীয়তা,ভূতৰ ভয়,এখন ফটোৰ বাৱে,দৃষ্টিভ্ৰম,স্বপ্নভংগৰ অৱসাদ,কুলাংগাৰ অাদি।যুটীয়াভাৱে প্ৰকাশ কৰা অান এখন গল্প সংকলন- 'একাঁজলি গল্প সম্ভাৰ'।তেওঁ লিখা এখনি মনোৰম শিশু উপন্যাস হৈছে-'মা মই ফাৰ্ষ্ট হ'লো'।নেপালী ভাষাতো তেওঁ সমানে লিখা মেলা কৰিছিল।গীতা উপাধ্যায়ে নেপালী ভাষালৈ অনুবাদ কৰা গ্ৰন্থসমূহৰ ভিতৰত অাছে 'শংকৰ দেৱৰ জীৱন-কৰ্ম' ,জ্যোতি প্ৰসাদ অাগৰৱালৰ 'কাৰেঙৰ লিগিৰী অাৰু নিৰুপমা বৰগোঁহাইৰ উপন্যাস 'অভিযাত্ৰী'।'কাৰেঙৰ লিগিৰী' অনুবাদৰ বাবে তেওঁ সাহিত্য একাডেমীৰ অনুবাদ বঁটাও লাভ কৰিছিল।সেইদৰে তেওঁ লিখা 'মন্দাকিনী দেখি অলকানন্দা তীৰৈতীৰ বদ্ৰীকেদাৰ সম্ম' অাৰু অসমীয়া ভাষাত লিখা 'কেদাৰ বদ্ৰীৰ পৰা এন ফ্ৰাংকৰ গুপ্ত গৃহলৈ'উল্লেখযোগ্য ভ্ৰমণ কাহিনী।ইউৰোপ আৰু অামেৰিকা ভ্ৰমণৰ অভিজ্ঞতাৰে লিখা তেওঁৰ কেইবাটাও ভ্ৰমণ কাহিনী ইতিমধ্যে কাকত-অালোচনীসমূহতো প্ৰকাশ পাইছে।ককাক ছবিলাল উপাধ্যায়ৰ জীৱন সংগ্ৰামৰ অাধাৰত গীতা উপাধ্যায়ে নেপালী ভাষাত লিখা 'জন্মভূমি মেৰো স্বদেশ' গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল।
অসম সাহিত্য সভাৰ অাজীৱন সদস্য তথা অবিভক্ত ডিব্ৰুগড় জিলা সাহিত্য পৰিষদৰ সভাপতি প্ৰয়াত মন বাহাদুৰ ছেত্ৰী অাছিল প্ৰকৃতাৰ্থতে অসমীয়া ভাষা -সাহিত্যৰ বাবে দিনে নিশাই কাম কৰি যোৱা ব্যক্তি।সাহিত্য-সংগঠণৰ লগে লগে সাহিত্য সভা পত্ৰিকা তথা বিভিন্ন কাকত-অালোচনী,স্মৃতিগ্ৰন্থসমূহত তেখেতে নেপালী সাহিত্য-সংস্কৃতি আৰু অসমীয়া-নেপালী সমন্বয় বিষয়ক অলেখ প্ৰৱন্ধ লিখিছিল।অসম সাহিত্য সভাই তেখেতৰ 'অসমীয়া নেপালী সমাজ আৰু সংস্কৃতিৰ ৰূপৰেখা' নামৰ এখনি গ্ৰন্থ ১৯৮৩ চনত প্ৰকাশ কৰাৰ উপৰিও তিনিচুকীয়া জিলা সাহিত্য সভায়ো তেখেতৰ নেপালী সংস্কৃতি বিষয়ক এখনি গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে।
ইতিমধ্যে অালোচনা কৰি অহা সকলৰ উপৰিও জনগোষ্ঠীটোৰ মাজৰ পৰা অাত্মপ্ৰকাশ কৰা আৰু বহুকেইগৰাকী লেখক-লেখিকাৰ নাম উল্লেখ কৰিব পাৰি যিসকলৰ সৃষ্টিত মৌলিকতা পৰিলক্ষিত হয়,যেনে-মোহন চুবেদী (শিশু উপন্যাস-'মোৰা'),কে,বি,নেপালী ( গল্প, কবিতা,নাটক আৰু উপন্যাস প্ৰকাশ, অনুবাদ সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা লাভ),অৰ্জুন নেপালী(উপন্যাস-শিশিশৰকো বতাস), নৱ সাপকোটা(কবিতা, নাটক আৰু অনুবাদ সাহিত্য), ডিগবৈৰ ভবিলাল লামিছানে (কবিতা, গল্প,শিশু সাহিত্য) ,পদ্ম ঢকাল, গোপী নাৰায়ণ প্ৰধান, হৰি প্ৰসাদ খনাল,দুৰ্গা ঘিমিৰে(সাহিত্যিক পেঞ্চন লাভ),লোকনাথ উপাধ্যায় (কবিতা,গল্প,উপন্যাস আৰু প্ৰবন্ধৰ পুথি প্ৰকাশ), শ্বেৰমান থাপা(গল্প আৰু নাটক প্ৰকাশ,সাহিত্যিক পেঞ্চন লাভ), টিকাৰাম নিৰ্ভীক(গল্প,কবিতা,উপন্যাস প্ৰকাশ,নেপালী সাহিত্য পৰিষদৰ প্ৰাক্তন সভাপতি ,সাহিত্যিক পেঞ্চনাৰ),হৰি গুজৰেল(কবিতা -মই কবি কুৰি শতিকাৰ,নতুন শতাব্দী কুৱঁলী পুৱাত,মানুহৰ সন্ধানত অাদিৰ উপৰিও অসম বাণী,অামাৰ অসম, শ্ৰীময়ী অাদি কাকত-অালোচনীত লিখা প্ৰৱন্ধ-নেপালী ভাষাৰ উৎপত্তি,নেপালী অাৰু অসমীয়া সংস্কৃতিৰ সম্পৰ্ক,অসমীয়া ভাষা-সাহিত্যলৈ নেপালীসকলৰ অৱদান, অসমত নেপালী বহিৰাগত সমস্যা আৰু থলুৱা নেপালীৰ কৰ্তব্য অাদি বিশেষ উল্লেখযোগ্য),ড: ক্ষেমৰাজ নেপাল (প্ৰবন্ধ--অাধুনিক নেপালী সাহিত্যত এভূমুকি,চৰ্যাপদ অাদি),তাৰাপতি উপাধ্যায় অাৰু দ্ৰোণ উপাধ্যায়(অনুবাদ-অসম সাহিত্য সভাই প্ৰকাশ কৰা নেপালী ভাষাৰ গ্ৰন্থ 'নেপালী লোককথা নৱমী),ড:ৰুদ্ৰমান থাপা(অসমৰ অাগশাৰীৰ বাতৰি কাকতসমূহত ৰাজনৈতিক সমীক্ষা আৰু নেপালী জনগোষ্ঠী সম্পৰ্কত অলেখ তথ্যসমৃদ্ধ প্ৰৱন্ধ প্ৰকাশ),ড:শিৱনাথ শৰ্মা, ড:উমা থাপা,ড:শান্তি থাপা(অনুবাদ সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা লাভ),ইন্দ্ৰকান্ত কাৰ্কী(বিস্ময়,ৰহস্য অাদি অালোচনীত অজস্ৰ গল্প,উপন্যাসিকা প্ৰকাশ,উল্লেখযোগ্য গল্প সংকলন-চাইনবোৰ্ড), দুৰ্গা খনাল(দুয়োটা ভাষাত অনুবাদ), দুৰ্বাসা উপাধ্যায়(গল্প),ডম্বৰ দাহাল(প্ৰৱন্ধ),জয়কৃষ্ণ শৰ্মা(উল্লেখযোগ্য কবিতা সংকলন-'কাৰ্লাৰৰ কাৰণে এটোপাল চকুপানী'),অবিনাশ শ্ৰেষ্ঠ-(কবিতা সংকলন-'তুমিয়েই মোৰ নেপথ্য প্ৰিয়া'),অঞ্জু পাৰসুলি,ধৰণী ৰিজাল,পদ্ম ঢকাল,জ্ঞান বাহাদুৰ ছেত্ৰী, হৰিপ্ৰসাদ শৰ্মা (উপন্যাস-ধুনীয়া অাকাশ), প্ৰেমনাথ শৰ্মা(নেপালী গীত -কবিতাৰ অসমীয়া অনুবাদ),ইন্দু প্ৰভা দেৱী (সমসাময়িক কাকত-অালোচনীত অলেখ কবিতা প্ৰকাশ),জ্ঞান বাহাদুৰ ছেত্ৰী,গণেশ বাহাদুৰ ছেত্ৰী, প্ৰদীপ লিম্বু,শোভিত কুমাৰ ছেত্ৰী(সংবাদধৰ্মী নিবন্ধ),কেদাৰনাথ শৰ্মা,চেৱন শৰ্মা,অজমান গজমেৰ,দেৱী প্ৰসাদ চেড়াই,কৃপা উপাধ্যায়,সুন্দৰ প্ৰসাদ ছেত্ৰী(হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ'পূৰ্বাঞ্চলৰ সাধু',নেপালীৰ পৰা অনুদিত কবিতা'ডাল ভৰি ভৰি ফুলেই ফুল',অসমীয়াৰ পৰা নেপালীলৈ অনুদিত শিশু গল্প পুথি 'পখী'),শেৰমান থাপা(প্ৰকাশিত নাট 'পুৱতি নিশা'), ৰাজু শৰ্মা(অনুদিত নাট 'সংগ্ৰাম'),নাৰায়ণ উপাধ্যায় (নেপালী লোক সাহিত্যৰ অসমীয়া অনুবাদ ),মিত্ৰদেৱ শৰ্মা(ভ্ৰমণ কাহিনী-নেফাৰ পৰা ৰাজস্থানলৈকে:স্মৃতি ৰোমন্থণ),দেৱৰাজ শাস্ত্ৰী( কবিতা অাৰু গ্ৰন্থাকাৰে পৰশুৰাম কুণ্ডৰ ওপৰত লেখা প্ৰকাশ),শদিয়াৰ ভৱানী প্ৰসাদ ধুংগানা(প্ৰকাশিত কবিতাপুথি-'তোমাৰ হৰিণী চকুযুৰিৰ দৰে দুলি থাকে মোৰ মন'।তাৰোপৰি প্ৰকাশৰ পথত অাছে-'তুমি মোৰ অাঁউসীৰ অাজন্ম প্ৰেমিক' অাৰু য়েচে দৰজে ঠংচিৰ 'মৌন ওঁঠ মুখৰ হৃদয়'উপন্যাসৰ নেপালী অনুবাদ)অাদি।অলপতে ওম প্ৰকাশ বস্নেতে 'অসমৰ গোৰ্খা' শীৰ্ষক এখনি অতি তথ্যসমৃদ্ধ গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যলৈ উল্লেখনীয় অৱদান অাগবঢ়াইছে।
এই নিবন্ধৰ লেখক বীৰ্কে বাহাদুৰ থাপাইয়ো ৮০ৰ দশকত 'দৈনিক জনমভূমি'কাকতৰ জৰিয়তে সাহিত্য জগতত অাত্মপ্ৰকাশ কৰি সমসাময়িক কাকত-অালোচনীসমূহত জীৱন অাৰু সাহিত্য বিষয়ক অলেখ প্ৰবন্ধ লিখি অাহিছে।প্ৰায় পাঁচশৰো অধিক লেখাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিবলৈ চেষ্টা কৰা এইগৰাকী লেখকৰ কেইটামান উল্লেখযোগ্য প্ৰবন্ধ হৈছে-অমৃতা প্ৰীতম অাৰু ডাক্টৰ দেৱ:এক অনন্য সম্পৰ্ক, লৰেঞ্চৰ ৰচনাত নাৰী মনস্তত্ব, অাশাবাদৰ প্ৰতীকি প্ৰকাশ: ভল্টেয়ৰৰ কাঁদিদ, ন হণ্যতে অাৰু লা নুই বেংগলি, কথাশিল্পী নিৰোদ চৌধুৰীৰ গল্প:এটি পৰ্যালোচনা, ছেইক্সপীয়েৰৰ চনেট আৰু প্ৰেম প্ৰসংগ অাদি।অাৰ্ভিং স্ট'নৰ 'লাষ্ট ফ'ৰ লাইফ'ৰ অাধাৰত চিত্ৰশিল্পী ভেন গঘৰ প্ৰেম কাহিনী,বাৰ্ট্ৰেণ্ড ৰাছেলৰ 'অট'বায়গ্ৰাফিৰ প্ৰল'গ খণ্ডৰ অনুবাদ, জ্যঁ জাক ৰুচ্যোৰ কনফেশ্যন গ্ৰন্থৰ অাধাৰত ৰুচ্যোৰ প্ৰেম কাহিনী তথা মৌলিক সৃষ্টি হিচাপে কিছু সংখ্যক গল্প অাৰু কবিতা ছদ্ম নামেৰে প্ৰকাশ কৰিছে। তিনিচুকীয়া জিলা সাহিত্য সভাৰ পত্ৰিকা (বিশেষ জনগোষ্ঠীয় সংখ্যা আৰু বিশেষ গল্প সংখ্যা)সম্পাদনা কৰাৰ উপৰিও তেওঁ বৰ্তমানলৈকে দহখনৰো অধিক স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে।
এইসকল লেখক -লেখিকাৰ উপৰিও অসমৰ বিভিন্ন অঞ্চলৰ পৰা সময়ে সময়ে প্ৰকাশ পাই অহা অাগচু,অানচু অাদিৰ মুখপত্ৰ,স্মৃতিগ্ৰন্থ তথা বিদ্যালয়-মহাবিদ্যালয়সমূহৰ অালোচনীসমূহতো নতুন প্ৰজন্মৰ যথেষ্ট সংখ্যক নেপালী যুৱক-যুৱতীসকলে নেপালী আৰু অসমীয়া উভয় ভাষাতে গল্প-কবিতা-প্ৰবন্ধ অাদি লিখা মেলা কৰি থকা পৰিলক্ষিত হয়।
সংবাদ সাহিত্যতো অসমৰ নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ অৱদান তেনেই কম বুলি ক'ব নোৱাৰি।অৱশ্যে এই কথাও সত্য যে সাহিত্য ক্ষেত্ৰত তেওঁলোকৰ নাম যেনেদৰে সততে পোৱা যায়,ঠিক সেইদৰে সংবাদ জগতত কিন্তু বৰকৈ পোৱা নাযায়। তথাপিতো দৰং জিলাৰ তেজপুৰ, শোণিতপুৰ অাদিৰ দৰে সুশিক্ষিত আৰু সুসংস্কৃতিবান নেপালী জনবসতি প্ৰধান অঞ্চলসমূহত এই জনগোষ্ঠীৰ বহুকেইগৰাকী লোক সংবাদ সেৱাৰ সৈতে জড়িত থকাৰ কথা জানিব পৰা যায়।ইতিমধ্যে অামি এই প্ৰৱন্ধত উল্লেখ কৰি অাহিছোঁ যে 'চেতনা'ৰ দৰে অসমৰ জাতীয় জীৱনৰ এখনি অতি প্ৰভাৱশালী অালোচনীৰ সহকাৰী সম্পাদক অাছিল গোৰ্খা সম্প্ৰদায়ৰ মহানন্দ সাপাকোটা।সেইদৰে বিংশ শতিকাৰ ত্ৰিশ-চল্লিশ আৰু পঞ্চাশৰ দশকত নেপালীসকলৰ জাতীয় অস্তিত্বৰ স্বাৰ্থত যিবোৰ কাকত-অালোচনী অসমৰ বিভিন্ন ঠাইৰ পৰা নেপালী ভাষাত প্ৰকাশ পাইছিল সেই কাকত-অালোচনীৰ সৈতে নি:সন্দেহে কিছুসংখ্যক সচেতন সংবাদসেৱীও জড়িত অাছিল। বৰ্তমানে গেংটককে ধৰি অসমৰ গুৱাহাটী আৰু তেজপুৰৰ পৰা 'হাম্ৰো প্ৰজাশক্তি' নামৰ এখন নেপালী ভাষাৰ দৈনিক বাতৰি কাকত প্ৰকাশ পাই অাছে।পৰ্যাপ্ত তথ্যৰ অভাৱত অামি এই কাকত-অালোচনীসমূহত সংবাদসেৱা অাগবঢ়াই যোৱা সকলৰ নাম ইয়াত উল্লেখ কৰিব পৰা নাই।কিন্তু সেইসকলৰ নাম-তথ্য অাদি উদ্ধাৰ কৰাৰ প্ৰয়োজনীয়তা অাছে।সম্প্ৰতিক কালত সংবাদ সেৱা অাগবঢ়াই থকাসকলৰ ভিতৰত যিসকলৰ নাম সততে মনলৈ অাহে সেইসকলৰ ভিতৰত উল্লেখযোগ্য সকল হৈছে ওদালগুৰিৰ ৰেৱতি ৰমন সাপকোটা, গোৱালপাৰাৰ ৰোহিত গৌতম অাদি।বাতৰি কাকতৰ উপৰিও বৈদ্যুতিন মাধ্যমৰ জৰিয়তেও সংবাদ সেৱা অাগ বঢ়োৱা সকলৰ ভিতৰত 'অাসাম ফ'কাচ'ৰ নেপালী বিভাগৰ সম্পাদনাৰ সৈতে জড়িত গায়ত্ৰী ভট্টৰাই তথা সাংবাদিক মিলন কৌশিক ৰিমাল(শোণিতপুৰ),বেদনিধি উপাধ্যায়(বিশ্বনাথ) অাৰু ভাস্কৰ দাহাল(ফিল'বাৰী,তিনিচুকীয়া)ৰ নাম পোৱা যায়।তেনেদৰে মৰানৰ শোভিত কুমাৰ ছেত্ৰী,ফিল'বাৰীৰ লীলা উপাধ্যায়,জাগুনৰ অনিল শৰ্মা,ডিগবৈৰ কমল ছেত্ৰী অাদিয়েও বিভিন্ন বাতৰি -কাকতৰ জৰিয়তে সংবাদ সেৱা কৰি অাহিছে।
প্ৰাপ্ত তথ্যমতে,ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত সংবাদ সেৱা অাগবঢ়াই থকা সকলৰ ভিতৰত মৰাণৰ শোভিত কুমাৰ ছেত্ৰীৰ অৱদানেই সম্ভৱত: অাটাইতকৈ বেছি।প্ৰতিথযশা সাংবাদিক শোভিত কুমাৰ ছেত্ৰীয়ে ৮০ ৰ দশকত 'সাপ্তাহিক জনমভূমি' কাকতত ক্ৰীড়া-নিবন্ধকাৰ হিচাপে সংবাদ জগতত প্ৰৱেশ কৰি সাদিনীয়া প্ৰহৰী,নতুন দৈনিক,অাজিৰ বাতৰি,ৰংপুৰ,দৈনিক জনমভূমি অাদি বহুকেইখন কাকতত সাংবাদিকতা কৰাৰ সুদীৰ্ঘ অভিজ্ঞতা লাভ কৰিছে।নি:স্বাৰ্থ সাংবাদিকতাৰ বাবে ইতিমধ্যে তেওঁক অাসাম প্ৰেছ কৰেচপণ্ডেন্স ইউনিয়ন(অাপকু)ৰ দ্বাৰা ১৯৯৩ অাৰু ১৯৯৬ চনত 'পণ্ডিত সুৰেন্দ্ৰ নাৰায়ণ গোস্বামী বঁটা',শিৱসাগৰ প্ৰেছ ক্লাৱৰ দ্বাৰা ২০০০ চনত শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতা বঁটা,২০০৮ চনত'ৰবীন মৰান সোঁৱৰণি শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতা বঁটা,২০১২ চনত 'দৈনিক জনমভূমি'ৰ দ্বাৰা 'কনক চন্দ্ৰ শৰ্মা সোঁৱৰণি সাংবাদিকতা বঁটা আৰু ২০১৩ চনত 'ভাৰত-নেপাল মৈত্ৰী বঁটা' প্ৰদান কৰা হয়।অাকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ তথা ক্ৰীড়া অালোচনী 'অভিৰুচি',শিশু অালোচনী 'মুকুতা','মৌচাক' অাদিত তেওঁৰ অলেখ লেখা প্ৰকাশ পাইছে।
সেইদৰে ফিল'বাৰীৰ উদীয়মান লেখক লীলা উপাধ্যায়েও (এডভোকেট) ২০০২ চনৰ পৰা সাংবাদিকতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থাকি সংবাদ সেৱা অাগবঢ়াই অাহিছে।প্ৰাপ্ত তথ্যমতে,প্ৰথমে তেওঁ ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত 'দৈনিক ভূমিপুত্ৰ'ত যোগদান কৰে।২০০৪ চনত 'দৈনিক জনমভূমি' কাকতত যোগদান কৰি অনেক ব্যতিক্ৰমধৰ্মী আৰু অনুসন্ধান মূলক বাতৰি পৰিৱেশন কৰি বিশেষ সমাদৰ লাভ কৰে। তিনিচুকীয়া জিলাৰ দুৰ্গম অঞ্চল তথা মাত্ৰ সাতটা পৰিয়াল বসবাস কৰা 'লংকা দ্বীপ' ক তেওঁ প্ৰথম বাৰৰ বাবে সংবাদ মাধ্যমৰ যোগেদি ৰাইজক পৰিচয় কৰাই দিছিল।দৈনিক জনমভূমিৰ 'প্ৰান্তৰ'ৰ 'মানুহৰ পৃথিৱী' শিতানত তেওঁ লিখা এলানি লেখায়ো পাঠকৰ সমাদৰ লাভ কৰিছিল।বাৰ বছৰ বয়সত শিশু অালোচনী 'মৌচাক'ত প্ৰথম লেখা প্ৰকাশ কৰা লীলা উপাধ্যায়ে বৰ্তমানলৈকে সাতখনৰো অধিক কিতাপ/আলোচনী সম্পাদনা কৰাৰ উপৰিও অসমীয়া, ইংৰাজী আৰু নেপালী ভাষাত গল্প,কবিতা অাৰু প্ৰবন্ধ লিখিছে।তেওঁ লিখা একমাত্ৰ উপন্যাস প্ৰকাশৰ পথত ।সৎ,যুক্তিনিষ্ঠ সাংবাদিকতাৰ স্বীকৃতি স্বৰূপে তেওঁক 'দৈনিক জনমভূমি' কাকতে ২০১৭ চনত 'ৰবীন মৰাণ গ্ৰাম্য সাংবাদিকতাৰ বঁটা' প্ৰদান কৰে।
এইখিনিলৈকে অালোচনাৰ পৰা অামি সহজে অনুমান কৰিব পাৰোঁ যে বহু যুগ ধৰি অসমত বসবাস কৰি অহা নেপালী জনগোষ্ঠীৰ লোকসকলৰ মাজত গঢ় লৈ উঠা প্ৰবল জাতীয় চেতনাৰ বাবে সাহিত্য চৰ্চা অাৰু সংবাদিকতাৰ ক্ষেত্ৰত তেওঁলোকক তেনেই পাছ পৰি থকা বুলি কোনোপধ্যেই ক'ব নোৱাৰি। উভয় ভাষাতে সাহিত্য চৰ্চা অাৰু সংবাদ সেৱা অাগবঢ়াই এই জনগোষ্ঠীৰ লোকসকলে নিজৰ স্থিতিক অাজি সবল ৰূপত গঢ়ি তোলাৰ লগতে অসমীয়া ভাষা-সাহিত্যকো সমৃদ্ধ কৰি তুলিছে।(সমাপ্ত)
No comments:
Post a Comment