Friday, September 6, 2019

প্ৰগতিশীল চিন্তা আৰু সাহিত্যৰ ভৱিষ্যৎ

প্ৰগতিশীল চিন্তা আৰু সাহিত্যৰ ভৱিষ্যৎ
                                         বীৰ্কে বি. থাপা

      আজিৰ প্ৰজ্ঞাসন্ধানী লেখকসকলৰ দৃষ্টি ইমানুৱেল কাণ্ট.চিগমণ্ড ফ্ৰয়েদ,টি.এচ.এলিয়ট আদি বিশ্ববিশ্ৰুত দাৰ্শনিক- মনস্তত্ববিদ সকলৰ পৰা আৰম্ভ কৰি কাৰ্ল মাৰ্ক্স,ফ্ৰেডৰিক এংগেলচ আদিৰ দৰে সমাজতত্ববিদ সকলৰ চিন্তা আৰু দৰ্শনলৈকে প্ৰসাৰিত হোৱাৰ ফলস্বৰূপে অলেখ উচ্চ স্তৰৰ সাহিত্য আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ।স্বাভাৱিকতে নব্য নব্য চিন্তা আৰু দৰ্শনে আমাৰ সাহিত্যক আজি গভীৰ ভাৱে প্ৰভাৱিত কৰিছে-যাৰ ফলস্বৰূপে সাহিত্যত এফালে যেনেদৰে প্ৰেম,যৌনতা,ব্যক্তি-হৃদয়ৰ সূক্ষ্মাতিসূক্ষ্ম সংৱেদনশীল ভাৱ-অনভূতি, আশা-আকাংক্ষা, মনস্তাত্বিক দ্বন্দ্ব-সংঘাত আদিৰ প্ৰতিফলন ঘটিছে তেনেদৰে আনফালে আকৌ সাম্যবাদী আদৰ্শত বিশ্বাসী আন এচাম লেখকৰ সাহিত্যত মাৰ্ক্স,এংগেলচ আদিৰ তত্বৰে শ্ৰেণী শোষণৰ স্বৰূপো সাহিত্যৰ যোগেদি প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে।
     উল্লেখযোগ্য যে,ৰমন্যাসিক আন্দোলনৰ কালছোৱাত  জীৱন আৰু জগত সম্পৰ্কে নব্য মানৱতাবাদী  দৃষ্টি আৰু দৰ্শন  লাভ কৰা অসমীয়া লেখক -সাহিত্যিক সকলৰ বহু কেইগৰাকীয়ে বিশ্বযুদ্ধ আৰু বিশ্ব-যুদ্ধোত্তৰ কালত সাম্যবাদ বা বামপন্থী ভাৱাদৰ্শৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল।বিশেষকৈ কবি অমূল্য বৰুৱাই তেওঁৰ 'কুকুৰ', 'বেশ্যা' আদি কবিতাৰ জৰিয়তে প্ৰথমবাৰলৈ  পূঁজিবাদী ব্যৱস্থাই চলাই যোৱা শোষণৰ স্বৰূপ স্পষ্টভাৱে উদঙাই দেখুৱাই দিছিল।পৰৱৰ্তীকালতো এই ধাৰা অব্যাহত থাকে যদিও আশীৰ দশকত ছোভিয়েত ৰাচিয়াৰ পতন আৰু ভাৰতবৰ্ষৰ ৰাজনীতিতো কংগ্ৰেছৰ উত্থান তথা বিভিন্ন ৰাজ্যত বামপন্থী ৰাজনৈতিক দলসমূহৰ চৰম পৰাজয়ৰ পৰিপ্ৰেক্ষিতত বামপন্থী ভাৱাদৰ্শৰ প্ৰতি অনীহা ও অবিশ্বাস বৃদ্ধি পোৱাৰ লগে লগে সাহিত্য ক্ষেত্ৰতো বামপন্থী ভাৱাদৰ্শৰ ৰচনাসমূহে  ক্ৰমান্বয়ে পূৰ্বৰ জনপ্ৰিয়তা হেৰুৱাই পেলাইছিল।তেনে পৰিস্থিতিতো ডঃ হীৰেন  গোঁহাই, অমলেন্দু গুহ,ৰবীন্দ্ৰ সৰকাৰ,সমীৰ তাঁতী আদিৰ দৰে মুষ্টিমেয় কেইগৰাকীমান মাত্ৰ লেখকেহে  বিগত কেইবা দশক ধৰি নিজৰ স্থিতি সলনি নকৰাকৈ বামপন্থী আদৰ্শেৰে  সাহিত্য ৰচনাৰ ধাৰাক বৰ্তমানলৈকে অব্যাহত ৰখা দেখা যায়।
    স্বাভাৱিকতে প্ৰশ্ন হয়,প্ৰগতিশীল সাহিত্যনো কি?প্ৰগতিশীল সাহিত্যৰ পটভূমি হিচাপে এই ক্ষেত্ৰত মনলৈ অহা কথাটো হৈছে লেনিন আৰু ফ্ৰেডৰিক এংগেলচৰ নেতৃত্বত ৰাচিয়াত উনৈশ শ সোতৰ চনত আৰম্ভ হোৱা বলচেভিক ৰিভলিউশ্যন বা ৰুচ বিপ্লৱ।এই বিপ্লৱৰ মূলতে আছিল সৰ্বহাৰা কৃষক আৰু শ্ৰমিক শ্ৰেণীৰ ওপৰত যুগ যুগ ধৰি চলি অহা পুঁজিবাদী আৰু সামন্তবাদী লোকসকলৰ শোষণ ব্যৱস্থাটোক সম্পূৰ্ণৰূপে  উৎখাত কৰি সমাজবাদ প্ৰতিষ্ঠা কৰা।ৰুচ বিপ্লৱৰ এই সৰ্বব্যাপী আদৰ্শক সাৰোগত কৰি সেইসময়ত অলেখ সাহিত্যৰ সৃষ্টি হৈছিল।এই সন্দৰ্ভত বিশেষকৈ লিও টলষ্টয়, ডষ্টয়েভস্কি, মেক্সিম গৰ্কি আদিৰ দ্বাৰা সৃষ্ট সাহিত্য ৰাজীৰ কথা উল্লেখ কৰিব পাৰি । এইসকল লেখকৰ ৰচনাত কৃষক আৰু কাৰখানাৰ শ্ৰমিক শ্ৰেণীৰ দুখ-যন্ত্ৰণা,আৱেগ-অনুভূতি তথা মালিক-পুঁজিপতি আৰু সামন্তবাদী জমিদাৰ শ্ৰেণীৰ অন্যায় শোষণ-অত্যাচাৰৰ বাস্তৱ চিত্ৰ অংকিত হৈছিল। উল্লেখযোগ্য যে পৰৱৰ্তী কালত ৰুচ বিপ্লৱৰ ঢৌ বিশ্বৰ অন্যান্য প্রান্তলৈকো বিয়পি পৰিছিল আৰু বিভিন্ন ভাষাত প্ৰগতিশীল সাহিত্যৰ ৰচনা হ'বলৈ আৰম্ভ কৰিছিল।দক্ষিণ আফ্ৰিকাত বেঞ্জামিন মলইজৰ দৰে বিপ্লৱী কবিৰ জন্ম হৈছিল।ভাৰতবৰ্ষতো সাম্যবাদী আদৰ্শত বিশ্বাসী লেখক হিচাপে অলেখ লেখকৰ ৰচনাত প্ৰগতিশীল ভাৱাদৰ্শৰ প্ৰতিফলন ঘটিছিল।শ্রেণী-শোষণৰ উপৰিও প্ৰগতিশীল সাহিত্যৰ অন্য এটা উল্লেখযোগ্য বৈশিষ্ট্য আছিল বিষয়বস্তুৰ বস্তুনিষ্ঠ আৰু বিজ্ঞানসন্মত পৰ্যৱেক্ষণ তথা ঐতিহাসিক বস্তুবাদ।কুসংস্কাৰ,অন্ধবিশ্বাস,অন্ধ -ধৰ্মমত,ভাৱবাদী দৰ্শন আদিৰ বিপৰীতে যিকোনো বিষয়বস্তু বা সমস্যাক বিজ্ঞানসন্মত আৰু ঐতিহাসিক বস্তুবাদৰ দৃষ্টিৰে পৰ্যৱেক্ষণ কৰাৰ এক নতুন ধাৰাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰগতিশীল সাহিত্যৰ ভূমিকা আছিল যথেষ্ট।ভাৰতবৰ্ষ বা অসমৰ প্ৰেক্ষাপটত লক্ষ কৰিলে দেখা যায়--সংস্কাৰ- মুক্ত আৰু আধুনিক চিন্তাৰ লেখকসকলক প্ৰগতিশীল সাহিত্যৰ এই ধাৰাই যথেষ্ট প্ৰভাৱিত কৰিছিল যদিও বহু লেখকে কিন্তু তেওঁলোকৰ অন্ধ সংস্কাৰ, ৰক্ষণশীল মনোভাৱ আৰু ধৰ্মীয় -গোঢ়ামীৰ বাবে সাহিত্য ৰচনাৰ প্ৰগতিশীল ধাৰাৰ পৰা বহু যোজন আঁতৰতে অৱস্থান কৰিছিল।
        মাৰ্ক্সবাদৰ অধ্যয়ণৰ পৰাও এই কথা স্পষ্ট যে-মধ্যবিত্তীয় বুৰ্জোৱা সমাজে জন্ম দিয়া লেখকসকলে সমাজৰ খাটিখোৱা সৰ্বহাৰা শ্ৰেণীৰ হকে লিখাৰ অন্তৰালত থাকে সাময়িক আৱেগ,জনপ্ৰিয়তা লাভৰ সস্তীয়া বিলাসী আকাংক্ষা আৰু ষড়যন্ত্ৰমূলকভাৱে এটা শ্ৰেণীস্বাৰ্থ।গতিকে স্বাভাৱিকতে কৃষক-শ্ৰমিকৰ হকে লিখি থকাৰ পাছত এটা পৰ্যায়ত বহু লেখকে সাহিত্যৰ প্ৰগতিশীল ধাৰাক ত্যাগ কৰি জনপ্ৰিয়তা লাভৰ সহজ পথ হিচাপে বিলাসী আৰু ৰোমাণ্টিক সাহিত্য সৃষ্টিত অধিক মনোনিৱেশ কৰে। ইয়াৰ ফলস্বৰূপে  অৱশ্যেই সাধাৰণ প্ৰেম,যৌনতা আদি বিষয়সমূহৰ পৰা আৰম্ভ কৰি আধুনিক যুগত ক্ৰমশ: বৃদ্ধি পাই অহা বিভিন্ন মানসিক সমস্যা, দ্বন্দ্ব আদিক কেন্দ্ৰ কৰিও অলেখ সাহিত্যৰ সৃষ্টি হ'ল।মনস্তত্বৰ জটিল জটিল বিষয়ক কেন্দ্ৰ কৰি ৰচিত হোৱা এনে সাহিত্যই  শিক্ষিত মধ্যবিত্তীয় শ্ৰেণীৰ এচাম পাঠকৰ মানসিক চাহিদাক পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল যদিও সংখ্যাগৰিষ্ঠ কৃষিজীৱি আৰু অন্যান্য শ্ৰমিক শ্ৰেণীৰ লোকসকলক কিন্তু মুক্তিৰ পথৰ সন্ধান দিব পৰা নাছিল।
       আমাৰ সমাজ-ব্যৱস্থালৈ লক্ষ কৰিলে দেখা যায়, ইয়াৰ সংখ্যাগৰিষ্ঠ লোকেই হৈছে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰা কৃষিজীৱি বা শ্ৰমজীৱি লোক।এইসকল লোক যুগ যুগ ধৰি সামন্তযুগীয় জমিদাৰী শোষণৰ বলি হৈ আহিছে।প্ৰায় দুশ বছৰ কাল ইংৰাজৰ গোলামী খটাৰ পাছত 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল যদিও দেশীয় পুঁজিপতি শ্ৰেণীৰ শোষণ-অত্যাচাৰৰ পৰা সংখ্যাগৰিষ্ঠ কৃষক-মজদুৰ আৰু অন্যান্য শ্ৰমজীৱি লোকসকল কিন্তু মুক্ত হ'ব পৰা নাছিল।তাৰোপৰি আমাৰ সমাজ-ব্যৱস্থাত পূৰ্বৰে পৰা চলি অহা অন্ধ-বিশ্বাস,কুসংস্কাৰ, ধৰ্মীয় গোঢ়ামী আদিৰ পৰাও এইসকল লোক সম্পূৰ্ণৰূপে মুক্ত হ'ব পৰা নাছিল।আজিও অৱস্থাৰ উন্নতি হৈছে বুলি ক'ব নোৱাৰি। ইয়াৰ ফলস্বৰূপে তেওঁলোকৰ অৰ্থনৈতিক উন্নতি বা বৌদ্ধিক বিকাশ আশানুৰূপভাৱে হোৱা চকুত নপৰে।এই কথা অনস্বীকাৰ্য যে স্বাধীনোত্তৰ কালত চৰকাৰে পঞ্চবাৰ্ষিক পৰিকল্পনা তথা অন্যান্য আঁচনিসমূহৰ জৰিয়তে দেশৰ উন্নয়ন আৰু বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে-যাৰ ফলস্বৰূপে ৰাস্তা-ঘাট,আলি-পদুলি-দলং,কল-কাৰখানা,শিল্প - উদ্যোগ,বিজ্ঞান-প্ৰযুক্তি আদি বহুখিনি বস্তুয়েই দেশৰ জনসাধাৰণে লাভ কৰিবলৈ সক্ষম হৈছে।সামগ্ৰিকভাৱে দেশে বিজ্ঞান-প্ৰযুক্তি,শিল্প-উদ্যোগ আদি সকলো ক্ষেত্ৰতে উন্নতি আৰু বিকাক্ষ লাভ কৰাৰ পাছতো কিন্তু পৰিসংখ্যাৰ পৰা এই কথা স্পষ্ট যে দুখীয়া কৃষিজীৱি আৰু শ্ৰমজীৱি লোকসকলৰ দৈনিক আয় আজিও আশানুৰূপভাৱে বৃদ্ধি পোৱা নাই।স্বাস্থ্যৰক্ষাৰ বাবে প্ৰয়োজনীয় ন্যুনতম সুষম আহাৰৰ যোগান ধৰিবলৈ এই দৈনিক উপাৰ্জন পৰ্যাপ্ত নহয়।ফলত ৰোগ-ব্যাধি,  মানসিক দুৰ্বলতা, আত্মবিশ্বাসহীনতা, নিৰক্ষৰতা, কৰ্মহীনতা আদি এশ এবুৰি সমস্যাৰ দ্বাৰা তেওঁলোক ভাৰাক্ৰান্ত হ'বলগীয়া অৱস্থাৰ উদ্ভৱ হৈছে।গতিকে এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত সৰ্বহাৰা শ্ৰেণীৰ জীৱন-সংগ্ৰামৰ বিভিন্ন দিশ আলোকপাত কৰি প্ৰগতিশীল ধাৰাৰ সাহিত্য ৰচনাত মনোনিৱেশ কৰাটো আৰু এই শ্ৰেণীৰ সাহিত্যক সৰ্বত্ৰে বিয়পাই দিয়াটো আমাৰ লেখক সকলৰ প্ৰকৃততে এটা সামাজিক দায়বদ্ধতা আছিল।কিন্তু আশ্বৰ্যজনকভাৱে বহু কম সংখ্যক লেখকেহে এই সামাজিক দায়বদ্ধতাক সততাৰে পালন কৰিছিল।
    আজিৰ পটভূমিত শ্ৰেণী শোষণৰ বিৰূদ্ধে বা সমাজৰ অন্ধ সংস্কাৰ-অন্ধ ধৰ্মমতৰ বিৰূদ্ধে সাহিত্য ৰচনা কৰা লেখকসকল প্ৰকৃততে  কিমান প্ৰগতিশীল সেয়াও প্ৰশ্নাতীত নহয়।কাৰণ, দেখা যায় যে প্ৰগতিশীল সাহিত্য ৰচনা কৰাৰ পাছতো বহু লেখকৰ মন সংস্কাৰবদ্ধ ঐতিহ্য বা ধৰ্মীয় গোঢ়ামীৰ পৰা সম্পূৰ্ণ মুক্ত নহয়।মানৱতা আৰু ধৰ্মনিৰপেক্ষতাৰ কথা লিখা বহু লেখকে বাস্তৱ ক্ষেত্ৰত অন্য ধৰ্মাৱলম্বী লোকৰ হাতেৰে ৰন্ধা খাবলগীয়া হ'লে ইতস্তত: বোধ কৰা,স্বগোত্ৰীয় লোকৰ অসবৰ্ণ বিয়াত ইচ্ ইচ্ আচ্ আচ্ কৰা আদিৰ দৰে ঘটনাবোৰ আমি সততে দেখিয়েই থাকোঁ।সেইদৰে ন্যস্ত স্বাৰ্থ,ক্ষমতা লাভৰ আকাংক্ষা,বঁটা-বাহনৰ লোভ আদিৰ বাবেও কিছু সংখ্যক লেখকে শাসক আৰু পুঁজিপতি-বণিক গোষ্ঠীৰ পক্ষত সহাৱস্থান কৰা পৰিলক্ষিত হয়। তথাপিতো কিন্তু এই কথা স্বীকাৰ কৰিব লাগিব যে যিকোনো প্ৰতিকুল পৰিস্থিতিতো নিজৰ আদৰ্শত অবিচলিত হৈ থাকি প্ৰগতিশীল সাহিত্য ৰচনাত ব্ৰতী হৈ থকা লেখকো কিন্তু আমাৰ সমাজত আছে।
      যিকোনো বিষয় বা কাৰ্যক পৰ্যৱেক্ষণ কৰাৰ বিজ্ঞানসন্মত দৃষ্টিভংগী আৰু প্ৰাচীন মূল্যবোধৰ দ্বন্দ্বই প্ৰকৃততে আমাৰ সমাজ পৰিৱৰ্তনৰ প্ৰগতিশীল ধাৰাটোক সদায়ে বাধাগ্ৰস্ত কৰি আহিছে।এই কথা সত্য যে,প্ৰত্যেক সমাজতে কিছুমান নিজস্ব ৰীতি-নীতি, পৰম্পৰা, ঐতিহ্য, কৃষ্টি-সংস্কৃতি,ধৰ্মীয় বিশ্বাস,মূল্যবোধ আদি থাকে।সময়ৰ পৰিৱৰ্তনৰ লগে লগে এইবোৰৰো পৰিৱৰ্তন স্বাভাৱিক।পৰিৱৰ্তন অবিহনে সমাজ, দেশ বা জাতিৰ উন্নতি সম্ভৱ হ'ব নোৱাৰে।কিন্তু ৰক্ষণশীল মানসিকতাৰ বাবে আমাৰ সমাজৰ লোকসকলৰ বহুতেই পৰিৱৰ্তনক আকোঁৱালী ল'বলৈ বহু ক্ষেত্ৰত সন্মত নহয়-যাৰ বাবে আজি এক বিংশ শতিকাৰ বিজ্ঞান -প্ৰযুক্তিবিদ্যাৰ যুগতো ভূত-প্ৰেত,অপদেৱতা, ডাইনী,যাদু-মন্ত্ৰ আদিৰ প্ৰতি মানুহৰ অন্ধ-বিশ্বাস শেষ হৈ যোৱা নাই।জনজাতীয় সমাজসমূহত এনে বিশ্বাসৰ প্ৰাবল্য অধিক।তেনেদৰে উচ্চ বৰ্ণ হিন্দুসকলৰ মানসিকতাতো  সংপৃক্ত হৈ থকা দেখা যায়-বৈদিক যুগৰে পৰা চলি অহা প্ৰাচীন মূল্যবোধ আৰু আধ্যাত্মিক দৰ্শনৰ প্ৰভাৱ।ভাৰতীয় আধ্যাত্মিক দৰ্শনৰ নিজস্ব এক উচ্চ মূল্য আৰু বৈশিষ্ট্য আছে।কিন্তু এই কথাও সত্য যে, আধ্যাত্মিকতাৰ এটা অতি উচ্চ মূল্য আৰু তাৎপৰ্য থাকিলেও সনাতন হিন্দু ধৰ্মৰ আধ্যাত্মিক দৰ্শনক আজি ধুলিৎসাত  কৰি পেলোৱা হৈছে।বৈদিক পূজা পাতল, বৰ্ণ-বৈষম্যবাদী নীতি আদিৰ দুৰ্প্ৰয়োগৰ ফলস্বৰূপে সনাতন ঐতিহ্য নি:শেষ হৈ পৰিছে। ধৰ্ম আৰু জাত-পাতৰ ভেদাভেদৰ নীতিয়ে সমাজৰ সাতামপুৰুষীয়া সম্প্ৰীতিকো আজি বিনষ্ট কৰিছে।আমাৰ অসমত এনে ভেদাভেদ  যথেষ্ট কম যদিও বিহাৰ-উত্তৰ প্ৰদেশ আদিত দলিত সকলৰ ওপৰত উচ্চ বৰ্ণই চলাই অহা অবৰ্ণনীয় অত্যাচাৰৰ দৰে ঘটনাবোৰ যে এদিন অসমতো নঘটিব তাক নুই কৰিব নোৱাৰি।তেনেদৰে ধৰ্মগ্ৰন্থ সমূহেও নাৰীৰ চৰিত্ৰ তথা তেওঁলোকৰ স্বাধীনতা আৰু অধিকাৰ সম্পৰ্কে পোষণ কৰি অহা বিভিন্ন শ্ৰুতিকটু আৰু সংকীৰ্ণ ধাৰণাসমূহ আজিও বলবৎ থকাৰ বাবেই পুৰুষপ্ৰধান সমাজ-ব্যৱস্থাত নাৰীক কেতিয়াও পুৰুষৰ দৰে সম-মৰ্যাদা আৰু সম-অধিকাৰ প্ৰদান কৰা পৰিলক্ষিত নহয়।
      গতিকে বৰ্ণ-বৈষম্যহীন আৰু নাৰী-পুৰুষৰ সম-অধিকাৰ ও সম-মৰ্যাদাপূৰ্ণ তথা শোষণ মুক্ত সমাজ গঢ়াৰ স্বাৰ্থত প্ৰগতিশীল চিন্তা আৰু বস্তুনিষ্ঠ-বিজ্ঞানসন্মত দৃষ্টিভংগীৰ অত্যন্তই প্ৰয়োজন।অন্যথা আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ যুগতো আমাৰ সমাজ অন্ধ-সংস্কাৰ,অন্ধ-ধৰ্মমতৰ এলান্ধুতে পোত খাই থাকিব।কিন্তু দুখৰ বিষয় যে,এই ধৰণৰ প্ৰগতিশীল চিন্তাৰ দিক-দৰ্শক হিচাপে থিয় দিয়া ডি.ডি.কৌসম্বী,ৰাহুল সাংকৃত্যায়ন,ড: ৰমিলা থাপাৰ দৰে লেখক সকলৰ ৰচনাসমূহক ৰক্ষণশীল এচাম লোকে সদায়ে বাধা প্ৰদান কৰি আহিছে আৰু নতুন প্ৰজন্মক ধৰ্মীয় আৱেগেৰে উদ্বুদ্ধ কৰি এইসকল লেখকৰ প্ৰভাৱৰ পৰা সদায়ে আতঁৰাই ৰাখিবলৈ চেষ্টা চলাই আহিছে।ধৰ্ম,বৰ্ণ বৈষম্যবাদ আদিৰ বিৰূদ্ধে কোনেও যাতে মাত মাতিব নোৱাৰে বা একো লিখিব নোৱাৰে তাৰ বাবে বিভিন্ন প্ৰকাৰেৰে সন্ত্ৰাস আৰু  বিভীষিকাৰ সৃষ্টি কৰা হৈছে।এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত প্রগতিশীল চিন্তা,বিজ্ঞানসন্মত দৃষ্টিকোণ,সত্যনিষ্ঠ মতবাদ-আদৰ্শ আদিৰ ভৱিষ্যৎ কি হ'ব? কাৰো কোপদৃষ্টিত নপৰাকৈ নিৰাপদ দূৰত্বত অৱস্থান নে নিজৰ আদৰ্শত অবিচলিত হৈ থাকি পৰিস্থিতিৰ সৈতে মোকাবিলা?স্বাভাৱিকতে এয়া এক জটিল প্ৰশ্ন। (সমাপ্ত)
     
      

    

  



No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...