Friday, September 6, 2019

বিজ্ঞান,অন্ধবিশ্বাস আৰু যুক্তি ইত্যাদি

      বিজ্ঞান,অন্ধবিশ্বাস আৰু যুক্তি  ইত্যাদি

                                          - বীৰ্কে বি থাপা
               
       বিজ্ঞানৰ অৰ্থ হৈছে কোনো এটা বিষয়ৰ সূক্ষ্ম আৰু শৃংখলাৱদ্ধ অধ্যয়ন ও সেই অধ্যয়নৰ পৰা আহৰণ কৰা জ্ঞান।সেইবাবেই সংস্কৃত ধ্ৰুপদী সাহিত্যতো  ইন্দ্ৰিয়গ্ৰাহ্য জ্ঞানৰ সীমাৰ সিপাৰে থকা এক অতীন্দ্ৰিয় জ্যোতিৰ্ময় পৰম-সত্তাৰ স্থিতিক উপলদ্ধি কৰিব পৰা জ্ঞানকে  বিজ্ঞান বুলি কোৱা হৈছিল।কিন্তু আধুনিক বিজ্ঞানৰ পৰিভাষাই এনেধৰণৰ অতীন্দ্ৰিয় সত্তাৰ বিষয়বস্তুসমূহক সাঙুৰি নলয়।বিজ্ঞানে সামৰি লোৱা বিষয়বস্তুবোৰ সদায়ে পাৰ্থিৱ।
      প্ৰকৃততে বিজ্ঞানৰ ইতিহাস মানুহৰ ইতিহাসৰ সমানেই প্ৰাচীন।আদিম মানৱে জীয়াই থাকিবৰ বাবে প্ৰকৃতিৰ প্ৰতিকুল পৰিৱেশ-পৰিস্থিতিৰ সৈতে অহৰহ সংগ্ৰাম কৰি যাব লগীয়া হৈছিল।জীৱন -সংগ্ৰামৰ বিভিন্ন স্তৰত তেওঁলোকে প্ৰয়োজনৰ তাগিদাত তৈয়াৰ কৰি লোৱা শিলৰ অস্ত্ৰ,যাঠি-জোং আদিৰ পৰাই আচলতে বিজ্ঞানো মানুহৰ লগে লগে আহি আজিৰ অৱস্থাত উপনীত হৈছে।আজি মানৱ জাতিয়ে সভ্যতাৰ উচ্চ শিখৰত উপনীত হৈ সদম্ভে মূৰ দাঙি থিয় হোৱাৰ ক্ষেত্ৰত বিজ্ঞানৰ অৱদানেই আটাইতকৈ বেছি বুলি ক'ব পাৰি।
     বিজ্ঞানে আমাক আমাৰ প্ৰয়োজনীয় সকলোবোৰ বস্তুকে দিছে।আমাৰ দৈনন্দিন প্ৰয়োজনীয় সা-সামগ্ৰিৰ পৰা উচ্চ স্তৰৰ ঔদ্যোগিক সা-সৰঞ্জাম,চিকিৎসা বিজ্ঞানৰ আহিলা-পাতি,মহাকাশ গৱেষণাৰ অত্যাধুনিক প্ৰযুক্তি ইত্যাদি সকলো ক্ষেত্ৰতে বিজ্ঞানৰ চমকপ্ৰদ আৱিস্কাৰে মানৱ সভ্যতাক প্ৰকৃতাৰ্থতে আজি উচ্চ শিখৰত অৱস্থান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।বিজ্ঞান-প্ৰযুক্তিৰ ব্যাপক উন্নতি আৰু প্ৰসাৰৰ বাবেই আজি গাঁৱৰ নিৰক্ষৰ ককা-আইতাহঁতেও ৰিম'ট টিপি টিভিটো অন-অফ কৰিব পৰা হৈছে,মোবাইল টিপি কথা পাতিব পৰা হৈছে,গৰমত চুইচটো টিপি ফেনখন চলাব পৰা হৈছে।মুঠতে ক'বলৈ গ'লে-হাতখন গৈ য'তে পৰে তাতেই বিজ্ঞান। বিজ্ঞান-প্ৰযুক্তিৰ এনে ব্যাপক প্ৰসাৰ আৰু চমকপ্ৰদ কাৰ্যাৱলীৰ বাবেই হয়তো যোৱা কিছু বছৰৰ পৰা আশ্বৰ্যজনকভাৱে কণ কণ শিশুসকলৰ মনো বিজ্ঞান-প্ৰযুক্তিৰ প্ৰতি আকৃষ্ট হৈ পৰা পৰিলক্ষিত হৈছে।এটা সময় আছিল যেতিয়া নেকি বিজ্ঞান বিষয়টো বহুতে বৰ জটিল বিষয় বুলি তাৰ কাষেই চাপিব নিবিচাৰিছিল,কিন্তু আজিৰ শিশুৰ বাবে বিজ্ঞান-প্ৰযুক্তিৰ বিষয়বোৰ খেলৰ দৰেই হৈ পৰিছে।নতুন নতুন প্ৰযুক্তিৰে নিৰ্মিত মোবাইল ফোনৰ পৰা আৰম্ভ কৰি কম্পিউটাৰলৈকে প্ৰায়বোৰ সামগ্ৰীৰে পৰিচালনাৰ ক্ষেত্ৰত শিশুসকলৰ কাৰিকৰী দক্ষতা বয়সস্থসকলৰ তুলনাত যথেষ্ট যে বেছি সেয়া সকলোৱে নিশ্চয় মন কৰিছে ।চহৰ-মহানগৰৰ কথা বাদেই,গাঁৱতো যদি আমি মন কৰোঁ তেন্তে দেখা পাম -যোৱা কিছু বছৰৰ পৰা বিদ্যায়তনিক ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলে কলা বা সাহিত্য আদি বিষয়সমূহৰ তুলনাত গণিত-বিজ্ঞান আদি বিষয়চ যথেষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।আজিৰ যুগৰ পৰিপ্ৰেক্ষিতত এয়া নি:সন্দেহে শুভ লক্ষণ বুলি আমি ভাৱিব পাৰোঁ।কাৰণ,বিজ্ঞান-প্ৰযুক্তিৰ প্ৰতি  নতুন প্ৰজন্মৰ মানসিকতাত গঢ় লৈ উঠা এই আকৰ্ষণৰ ফলস্বৰূপেই আমি লাভ কৰিব পাৰোঁ অজস্ৰ চিকিৎসক, অভিযন্তা, বিজ্ঞানী আদি।আজি গাঁৱৰ পৰা গৈ বহুকেইগৰাকী বিজ্ঞানীয়ে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সুনাম অৰ্জন কৰা অলেখ উদাহৰণ আছে।
    কিন্তু অত্যন্ত দুখৰ কথাটো হৈছে যে বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যাপক উন্নতি আৰু প্ৰসাৰৰ লগে লগে যি গতিত বিজ্ঞান-সন্মত দৃষ্টিভংগীৰ বিকাশ হ'ব লাগিছিল সেয়া প্ৰকৃততে হোৱা নাই।অকল ভাৰতবৰ্ষৰ দৰে দেশতে নহয়,ইউৰোপ -আমেৰিকাৰ দৰে পশ্চিমীয়া দেশসমূহতো পূৰ্বৰে পৰা চলি অহা কুসংস্কাৰ-অন্ধবিশ্বাস আদিয়ে বিজ্ঞানসন্মত দৃষ্টিভংগী (Scientific point of view) আহৰণত সদায়ে বাধাৰ সৃষ্টি কৰি আহিছে-যাৰ পৰিণাম স্বৰূপে বিজ্ঞান-প্ৰযুক্তিৰ যুগতো মানুহৰ মাজত আজিও অন্ধবিশ্বাস-কুসংস্কাৰ আদি জীয়াই আছে ।উল্লেখযোগ্য যে,
আজিৰ যুগত বিজ্ঞানৰ আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত চিকিৎসক, অভিযন্তা,বিজ্ঞানীসকলে বিজ্ঞানসন্মত কোনো যুক্তি নথকাকৈ হস্তৰেখা, জন্মকুণ্ডলী,মন্ত্ৰপুত তাবিজ,ষ্ট'ন বা পাথৰ আদিত বিশ্বাস ৰখা কাৰ্যৰ কথা বাদেই মহান বিজ্ঞানী গ্যেলিলিউৰ দৰে ব্যক্তিয়েও ব্যক্তিবিশেষৰ ভৱিষ্যৎ ক'ব পৰা 'অন্ধবিশ্বাস'ত বিশ্বাস কৰিছিল বুলি জনা যায়।প্ৰসেনজিৎ চৌধুৰীয়ে 'বিজ্ঞান বনাম অন্ধবিশ্বাস' শীৰ্ষক গ্ৰন্থত লিখিছে যে গ্যেলিলিউৱে এবাৰ কোনোবা এজনক সুদীৰ্ঘ জীৱন জীয়াই থাকিব বুলি ভৱিষ্যৎবাণী কৰাৰ কেইদিনমানৰ পাছতে বোলে মানুহজনৰ মৃত্যু হৈছিল।তেনেদৰে আইষ্টাইনৰ দৰে বিজ্ঞানীয়েও পৰম-সত্তা ঈশ্বৰত বিশ্বাস ৰাখিছিল।অৱশ্যে এই কথাও সত্য যে য়েহুদী মেনুহিনৰ ভায়'লিন বাদন শুনি আইষ্টাইনে বোলে কৈছিল -'তুমি প্ৰমান কৰি দিলা যে ভগৱান আছে'।সংগীতৰ মাজেৰে পৰম-সত্তাৰ উপস্থিতি অনুভৱ কৰা আইষ্টাইনৰ ক্ষেত্ৰত আমাৰ তথাকথিত ধৰ্মগুৰুসকলে কোৱা 'ঈশ্বৰ'তকৈ আধ্যাত্মিক উপলদ্ধিৰ প্ৰসংগহে বেছি যুক্তিযুক্ত যেন অনুভৱ হয়।তাৰোপৰি আইনষ্টাইনে নিজেও লিখিছিল যে তেওঁ তথাকথিত কেথলিক ঈশ্বৰক বিশ্বাস নকৰে।
      প্ৰশ্ন হ'ল-কি এই বিজ্ঞানসন্মত দৃষ্টিভংগী?বিজ্ঞানসন্মত দৃষ্টিভংগী সন্দৰ্ভত বাৰ্ট্ৰাণ্ড ৰাছেলে আগবঢ়োৱা  বক্তব্যৰ ভিত্তিত ডঃ শিৱনাথ বৰ্মনে ইয়াৰ সংজ্ঞা দিছে এনেদৰে-'নিজস্ব আৱেগ,অনুভূতি,আক্যাংক্ষা পৰিহাৰ কৰি,পূৰ্ব নিৰ্দিষ্ট কোনো ধ্যান-ধাৰণা মনত নাৰাখি,আসক্তিপূৰ্ণভাৱে কোনো পক্ষ নলৈ ,কেৱল তথ্য আৰু যুক্তিৰ ভেটিত কোনো এটা বিষয়ৰ আলোচনাত প্ৰবৃত্ত হোৱাৰ মানসিকতাই হ'ল বৈজ্ঞানিক দৃষ্টিভংগী।' বিজ্ঞানসন্মত দৃষ্টিভংগী সন্দৰ্ভত আৰু বেলেগ বেলেগ সংজ্ঞাও আছে,কিন্তু আমাৰ বোধেৰে বিষয়টোক অনুধাৱন কৰিবলৈ এই সংজ্ঞাই যথেষ্ট আৰু বহু কেইটা দিশৰ পৰা সংজ্ঞাটো সম্পূৰ্ণও বুলি ক'ব পাৰি।কাৰণ,বিজ্ঞানসন্মত দৃষ্টিভংগী আহৰণৰ প্ৰধান চৰ্তই হৈছে-আমাৰ পাৰিপাৰ্শ্বিকতাত সংঘটিত বিভিন্ন ঘটনাৰ কাৰ্যকাৰণ সম্পৰ্কে জানিবলৈ প্ৰথমে আমি আমাৰ ব্যক্তিগত আৱেগ-অনুভূতি,পূৰ্ব নিৰ্দিষ্ট ধ্যান-ধাৰণা ,বিশ্বাস,মতবাদ আদি সকলো পৰিহাৰ কৰিব লাগিব।পাৰ্থিৱ জগতখনেই যিহেতু বিজ্ঞানৰ  প্ৰকৃত ভিত্তি ,গতিকে অলৌকিক বা অতীন্দ্ৰিয় জগতৰ বিষয় বস্তুসমূহৰ স্থান বিজ্ঞানত থাকিব নোৱাৰে।আমি মনত ৰখা উচিত যে পৃথিৱীত সংঘটিত যিকোনো কাৰ্যৰে বিজ্ঞানসন্মত কাৰণ থাকে।এই বিজ্ঞানসন্মত কাৰণসমূহ মানুহৰ বৈজ্ঞানিক চিন্তাধাৰাই কেতিয়াবা বিচাৰি উলিয়াবলৈ সক্ষম হয়,কেতিয়াবা নহয়।কিন্তু এই কাৰ্যকাৰণসমূহ সদায়ে অনাৱিস্কৃত হৈয়ে থাকিব বুলি ভৱাটোও ভুল।উদাহৰণস্বৰূপে বাৰ্মুডা ট্ৰায়েংগলৰ কথাকে ক'ব পাৰি।যোৱা কিছু বছৰৰ আগলৈকে উত্তৰ আটলান্টিক মহাসাগৰৰ পশ্চিমাংশত অৱস্থিত বাৰ্মুডা ট্ৰায়েংগল নামৰ বিশেষ স্থানৰ ওপৰেৰে যোৱা যিকোনো জাহাজ,আকাশী বিমান আদি তৎ মুহূৰ্ততে অদৃশ্য হৈ পৰা কাৰ্যক অলৌকিক কাৰ্য বুলিয়েই ভৱা হৈছিল,কিন্তু আজি তাৰ ৰহস্য বিজ্ঞানে ফাদিল কৰিবলৈ সক্ষম হৈছে।
      কিছুমান ঘটনাৰ বিজ্ঞানসন্মত কাৰণ বিচাৰি নোপোৱাৰ বাবেই সমগ্ৰ ঘটনাক অলৌকিক বুলি আখ্যা দিয়া নিয়ম আমাৰ সমাজত পূৰ্বৰে পৰা চলি আহিছে আৰু এই ধৰণৰ অলৌকিক বুলি ভৱা ঘটনাসমূহে সাধাৰণ মানুহৰ মনত সৃষ্টি কৰা নানান অৱধাৰণাৰ পৰাই কিছুমান অন্ধবিশ্বাসৰ উদ্ভৱ হয়।আদিম যুগত মানুহে প্ৰকৃতিৰ প্ৰতিকুল পৰিস্থিতত প্ৰতি পদে পদে সংগ্ৰাম কৰিবলগীয়া হৈছিল।তেনে পৰিস্থিতিত প্ৰথমে বিজুলী-ঢেৰেকণি,ক'লা মেঘ,বনজুই,ধুমুহা,শিলাবৃষ্টি আদিয়েও আদিম মানুহক আশ্বৰ্যচকিত আৰু ভীতিগ্ৰস্ত কৰি তুলিছিল।প্ৰকৃত কাৰ্যকাৰণ নুবুজালৈকে এনেবোৰ ঘটনাক তেওঁলোকে অলৌকিক বুলি ধাৰণা কৰিছিল।এই অলৌকিক কাৰ্যবোৰৰ কৰ্তা কোনো এক বৃহৎ অদৃশ্য শক্তি বা ভূত-পিশাচ আদি বুলি কৰা ধাৰণাৰ পৰাই কিছুমান অন্ধবিশ্বাস-কুসংস্কাৰ আদিৰ জন্ম হৈছিল।অন্ধবিশ্বাসক ইংৰাজীত কোৱা হয় superstition ---যাৰ আভিধানিক অৰ্থ হৈছে---religious belief on practice founded upon fear or ignorance-অৰ্থাৎ ভয় বা অজ্ঞতাৰ ফলত উদ্ভৱ হোৱা ধৰ্মীয় বিশ্বাসেই হৈছে অন্ধবিশ্বাস।গতিকে অন্ধবিশ্বাসৰ সৈতে ধৰ্মৰ বিষয়টো আৰু লগতে ভয় বা অজ্ঞতাৰ বিষয়টোও জড়িত হৈ আছে।আদিম যুগৰ পৰা আজিলৈকে এই অন্ধবিশ্বাস বোলা বস্তুটোৱে আমাৰ সাধাৰণ মানুহৰ লগ এৰা নাই।
      অন্ধবিশ্বাসৰ পৰাই কুসংস্কাৰৰ জন্ম হয়।উদাহৰণস্বৰূপে,আদিম মানুহে বিশ্বাস কৰিছিল যে ভূত লম্ভিলে মানুহৰ কেতবোৰ অসুখ হয়।সেয়ে এনে অন্ধ বিশ্বাসৰ বাবে ভূত খেদিবলৈ কিছুমান আচাৰ-অনুষ্ঠানৰ ব্যৱস্থা কৰিছিল।সেইকালত আদিম মানুহে বাস্তৱ অভিজ্ঞতাৰে বুজিছিল কেনেদৰে প্ৰকাণ্ড জুই একুৰা জ্বলাই অৰণ্যৰ হিংস্ৰ জন্তুক খেদিব পাৰি আৰু তেনে অভিজ্ঞতাৰেই ভূত-প্ৰেতাত্মা আদিক খেদিবলৈয়ো জুই জ্বলাই আৰু বিভিন্ন বাদ্য বজাই নৃত্য কৰাৰ দৰে কিছুমান আচাৰ অনুষ্ঠান সম্পন্ন কৰিছিল।এনে ধৰণৰ আচাৰ-অনুষ্ঠানবোৰে স্থানবিশেষে কিছুমান জনজাতীয় গ্ৰাম্যাঞ্চলত আজিও প্ৰচলন আছে।এইবোৰেই হৈথে কু-সংস্কাৰ।অন্ধবিশ্বাস নাথাকিলে কুসংস্কাৰ থাকিব নোৱাৰে।
      আশ্বৰ্যজনকভাৱে বিজ্ঞানসন্মত দৃষ্টিভংগীৰ অভাৱৰ বাবেই আমাৰ সমাজত প্ৰচলিত বহুতো কুসংস্কাৰকো আমাৰ লোককৃষ্টিৰ অমূল্য সম্পদ বুলি গণ্য কৰি অহা পৰিলক্ষিত হয়।এই কথা অৱশ্যেই সত্য যে ,লোকবিশ্বাসসমূহ লোককৃষ্টিৰ অবিচ্ছেদ্য অংগ আৰু সকলো লোকবিশ্বাসেই অন্ধবিশ্বাস নহয়।লোকবিশ্বাসবোৰ নিৰক্ষৰ গাঁৱলীয়া সমাজৰ সৃষ্টি বুলি বহুতে সেইবোৰক উচ্চ মূল্য দিব নিবিচাৰে যদিও জীৱনৰ সুদীৰ্ঘ কালৰ অভিজ্ঞতা আৰু জীৱন আৰু জগতক দীৰ্ঘকাল ধৰি সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰি অহাৰ ফলস্বৰূপে  আদিম সমাজত যেনেকৈ কিছুমান লোকবিশ্বাস বা সংস্কাৰৰ উদ্ভৱ হৈছিল তেনেদৰে মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰ পৰাও বিভিন্ন লোকবিশ্বাস আৰু আচাৰ-অনুষ্ঠান,সংস্কাৰ আদিৰ সৃষ্টি হৈছিল।তেনে বহুতো লোক বিশ্বাসৰ যৌক্তিক ভিত্তি আমি উপেক্ষা কৰিব নোৱাৰোঁ।উদাহৰণ স্বৰূপে উইচিৰিঙাই চি-ঁচিয়ালে ৰ'দ দিয়ে বুলি বা বেঙে টোৰটোৰালে বৰষুণ দিয়ে বুলি থকা লোক বিশ্বাসবোৰৰ কথাই ক'ব পাৰি।কৃষিকাৰ্যৰ সৈতে জড়িত আমাৰ সমাজৰ বুঢ়া-মেথাসকলে এনেদৰে প্ৰকৃতিৰ সৰু সৰু কথাবোৰৰ সত্যতা জীৱনৰ অভিজ্ঞতাৰে দেখা পাইছিল আৰু সেই লোকবিশ্বাসবোৰ আজিও আছে।এনে লোকবিশ্বাসৰ বৈজ্ঞানিক ব্যাখ্যা হয়তো তেওঁলোকে ঢুকি পোৱা নাছিল কিন্তু বহু সময়ত এনে লোকবিশ্বাসৰ সত্যতা প্ৰতিপন্ন হৈ আহিছে।একেদৰে ঘৰৰ ছালত শগুণ পৰিলে মানুহ মৰে বুলি থকা লোকবিশ্বাসৰ কিন্তু কোনো সত্যতা নাই।বিজ্ঞানসন্মত কাৰণো নাই।কাউৰীয়ে ৰমলিয়ালে দু:সংবাদ আহিবই বুলি বা যাত্ৰাপথত মেকুৰীয়ে বাট কাটিলেই বিপদ হ'ব বুলিও কোনো বিজ্ঞানসন্মত কাৰণ থাকিব নোৱাৰে।কাচিৎ এনে ঘটনাৰ ফলস্বৰূপে কিবা বিপদ-বিঘিনি বা কাৰোবাৰ মৃত্য হোৱা কাৰ্য কেৱল coincident বা ঘটনাৰ সংযোগৰ বাহিৰে আন একো নহয়।
     দুৰ্ঘটনা,মৃত্যু আদিয়ে মানুহক আদিম কালৰে পৰা শংকিত আৰু ভীতিগ্ৰস্ত কৰি আহিছে।অৰণ্যত চিকাৰ কৰি ঘুৰি ফুৰা কালছোৱাত আদিম মানুহে বন্য জন্তু আৰু অন্য গোষ্ঠীৰ হিংস্ৰ নৰখাদক সকলৰ হাতৰ পৰা তথা ৰোগ-ব্যাধিৰ পৰা ৰক্ষা পাবলৈ কুসংস্কাৰজনিত বিভিন্ন আচাৰ -অনুষ্ঠান কৰিছিল।যাদু-মন্ত্ৰৰ উদ্ভৱৰ প্ৰধান কাৰণো সেয়াই। পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰাচীন কালৰে পৰাই যাদু-মন্ত্ৰৰ প্ৰচলন থকাৰ তথ্য পোৱা যায়।আৱিস্কৃত তথ্য অনুসৰি,দ্বিতীয় খৃষ্টাব্দত ৰোমান সভ্যতাতো মানুহে ৰোগ-ব্যাধিৰ পৰা ৰক্ষা পাবৰ বাবে এবিধ ত্ৰৈকোণিক আৰ্হিৰে লিখা মন্ত্ৰ ব্যৱহাৰ কৰিছিল।মন্ত্ৰটো অন্য একো নহয়--ABRACADABRA নামৰ শব্দ এটা মাত্ৰ।এয়া এটা প্ৰাচীন দৈত্যৰ নাম।এই দৈত্যৰ নামটো এটুকুৰা চামৰাৰ ওপৰত লিখি ডিঙিত ওলোমাই ল'লে ৰোগ-ব্যাধি নহয় বুলি মানুহৰ ধাৰণা আছিল।এনেধৰণৰ অন্ধবিশ্বাস পৃথিৱীৰ অন্য প্ৰান্ততো আছে।আমাৰ সমাজতো এনেধৰণে মন্ত্ৰ লিখি তাবিজ বন্ধাই ডিঙিত ওলোমাই লোৱাৰ অন্ধবিশ্বাস আছে।আমাৰ সমাজৰ লোকসকল অন্ধবিশ্বাসত এনেদৰে আচ্ছন্ন যে যিমানেই বুজালেও তেওঁলোকে নিজৰ অন্ধ বিশ্বাসবোৰ মনৰ পৰা আঁতৰাবলৈ সন্মত নহয়।ইয়াৰ মূলতে হৈছে বিপদৰ আশংকা বা মৃত্যু-ভয়।ঘৰৰ ছালত শগুণ পৰিলে মৃত্যু -ভয়ে এনেদৰে শংকিত কৰি তোলে যে সেইসময়ত কোনো বিজ্ঞানসন্মত যুক্তি বা দৃষ্টিভংগীৰে বিষয়টোক পৰ্যৱেক্ষণ কৰাৰ সামৰ্থ তেওঁলোকৰ নাথাকে।
      ধৰ্মৰ সৈতে বিজ্ঞানসন্মত দৃষ্টিভংগীৰ সংঘাত এতিয়াও সমাধান নোহোৱা এটা সমস্যা।অন্ধবিশ্বাসী মানুহৰ দৰে অত্যন্ত ধৰ্মভীৰু লোকসকলে বহুতো ঘটনাক পোনছাতেই অলৌকিকতাৰ সৈতে জড়িত কৰাৰ ফলস্বৰূপে বিজ্ঞানসন্মত দৃষ্টিভংগীয়ে সমাজত আজিও খোপনি পুতি বহিব পৰা নাই।লক্ষ্মীনাথ তামুলীয়ে 'বৈজ্ঞানিক দৃষ্টিকোণৰ ইতিহাস' শীৰ্ষক নিৱন্ধত লিখিছে-'ধৰ্মত বিশ্বাসীসকলে পৰম সত্যকে প্ৰাপ্তবস্তু বা আয়ত্ব কৰিব পৰা বস্তু বুলি পূৰ্ব সিদ্ধান্ত কৰিয়েই লয়।কাৰণ ধৰ্মশাস্ত্ৰৰ বক্তব্যৰ ভিত্তিত ধৰ্মগুৰুসকলে তেনে সত্য প্ৰাপ্তিৰ কথা প্ৰচাৰ কৰি থৈ গৈছে।ধৰ্মশাস্ত্ৰৰ বাণীবোৰ অভ্ৰান্ত আৰু সনাতন সত্য বুলি যুক্তি বিবৰ্জিতভাৱে মানি লোৱাতহে এজন ব্যক্তিৰ ধাৰ্মিকতা বিচাৰ হয়.... গুৰুবাদৰ (authority) ওপৰত নি:চৰ্ত বিশ্বাসেই ধৰ্মৰ একমাত্ৰ শিকনি।'উদাহৰণ স্বৰূপে,দেৱ-দেৱীক সন্তুষ্ট কৰিবৰ বাবে বলি দিয়া কাৰ্যক নি:চৰ্তভাৱে বিশ্বাস কৰাই যেন ধৰ্মপ্ৰাণ লোকৰ কৰ্তব্য।সেইদৰে আত্মা সম্পৰ্কেও ধৰ্মই বা তথাকথিত ধৰ্মগুৰুসকলে উদ্ভট কিছুমান কথা প্ৰচাৰ কৰি সেই কথাবোৰকে জনসাধাৰণক বিশ্বাস কৰিবলৈ কৈ আহিছে।তেওঁলোকৰ মতে,মৃত্যুৰ পাছত আত্মাই শৰীৰ এৰি গুছি যায়।এই আত্মাৰ ওজন 'প্ৰায় অৰ্ধেক আউন্স' আৰু শৰীৰ ত্যাগ কৰাৰ মুহূৰ্তৎ সূক্ষ্মদৰ্শীসকলে এই আত্মাক দেখাও পাইছে।আত্মা সম্পৰ্কীয় এনেধৰণৰ ব্যাখ্যাৰ বিজ্ঞানসন্মত যুক্তি আছেনে?কিন্তু দুখৰ বিষয় যে, বিজ্ঞানসন্মত দৃষ্টিভংগীৰে ঘটনা বা বিষয়বোৰ পৰ্যৱেক্ষণ কৰিলেই ধৰ্মৰ বিৰুধীতা কৰাৰ দোষত দোষী সাব্যস্ত হোৱাৰ আশংকাই বহুতৰ  চিন্তা-চেতনাক বাধা প্ৰদান কৰি আহিছে।
      শেষত এই কথাই ক'ব বিচাৰিম যে বিজ্ঞানসন্মত দৃষ্টিভংগী অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়।বিজ্ঞান-প্ৰযুক্তিবিদ্যাই আমাৰ দেশ-সমাজক বাহ্যিক আৰু বস্তুগত দিশত নিশ্চয় বহুদূৰ আগুৱাই লৈ যাব,কিন্তু বিজ্ঞানসন্মত দৃষ্টিভংগী অবিহনে আমাৰ মানসিকতা আজিও সেই আদিম যুগতে ৰৈ যাব।আধুনিক যুগৰ বিজ্ঞান-প্ৰযুক্তিৰে ভৰপুৰ সমাজত বাস কৰিও শিক্ষিত মানুহে সময়ে সময়ে কৰি অহা অন্ধবিশ্বাস আৰু কুসংস্কাৰজনিত অপৰাধবোৰেই এই কথাৰ সত্যতা প্ৰমান কৰে।(সমাপ্ত)





No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...