Friday, September 6, 2019

ভাৰত বিভাজন কালৰ এটি প্ৰেম কাহিনী

ভাৰত-বিভাজন কালৰ এটি প্ৰেম কাহিনী----

                                                   বীৰ্কে বি. থাপা

        ভাৰত-বিভাজন কালৰ এটি অতি হৃদয়স্পৰ্শী প্ৰেম-কাহিনীৰ বিচাৰ হৈছিল পাকিস্তানৰ অাদালতত।সেই সময়ত সাম্প্ৰদায়িকতাই এনে ভীষণ ৰূপ ধাৰণ কৰিছিল যে সি অকল দুখন দেশকে নহয়,দুখন হৃদয়কো বিভক্ত কৰি দিছিলঐতিহাসিক প্ৰেমৰ এই সঁচা হৃদয়স্পৰ্শী কাহিনী ড'মিনীক লেপিয়েৰ অাৰু লেৰী কলিন্সে '  Freedom At Midnight' গ্ৰন্থত  উল্লেখ কৰিছে।

       বৃটিছ সেনাবাহিনীৰ প্ৰাক্তন সৈনিক বুটা সিংৰ জন্ম হৈছিল পাঞ্জাৱৰ জলন্ধৰত।দ্বিতীয় বিশ্বযুদ্ধৰ কালছোৱাত বাৰ্মা সীমান্তত যুদ্ধ কৰা এই সৈনিকজনে সেনা-বাহিনীৰ পৰা ওলাই অহাৰ পাছত খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰিবলৈ অাৰম্ভ কৰিছিল।বিয়া-বাৰু তেওঁ পতা নাছিল যদিও নিজৰ জীৱনটোক লৈ সুখী অাছিল,কিন্তু ১৯৪৭ চনৰ দেশ- বিভাজনৰ সময়ছোৱাত সংঘটিত হোৱা সাম্প্ৰদায়িক দাংগাই তেওঁৰ জীৱন তচনচ কৰি পেলাইছিল।
      অাদালতৰ কাঠগড়াত উঠিব লগীয়া বুটা সিঙৰ ঐতিহাসিক প্ৰেম-কাহিনীৰ অাৰম্ভণি হৈছিল সেই অভিশপ্ত সন্ধিয়া যিদিনা দিনটো পথাৰত কাম কৰি ভাগৰি-জুগৰি কোৰ-কোদাল সামৰি ,কান্ধৰ মলিয়ন গামোচাৰে মুখৰ ঘাম মচি মচি ঘৰলৈ বুলি খোজ লৈছিল।
    তেওঁ কিছুদূৰ যাওঁতেই হঠাৎ কাৰোবাৰ চিঞৰ শুনি পাছলৈ উভতি চালে।দেখিলে-ছোৱালী এজনীক মানুহ এটাই খেদি অাহিছে।মানুহটোৰ পৰা নিজক ৰক্ষা কৰিবলৈ ছোৱালীজনী বুটা সিঙৰ তেনেই কাষ পাইছিলগৈ।তাইৰ দুচকত অাছিল এক কাতৰ চাঁৱনি।…তেতিয়ালৈকে কিন্তু তেওঁ একো অনুমানেই কৰিব পৰা নাছিল- অাচলতে ছোৱালীজনী কোন অথবা মানুহটোৱেই বা কিয় তাইক ধৰিবলৈ খেদি অাহিছে…?
     তেওঁ তৎমুহূৰ্ততে কান্ধৰ কোদালটো দাঙি মানুহটোক অাগভেটি ধৰিলে অাৰু অাগ-পাছ নুগুণি সুধিলে- 'কিমান লাগিব?'
     মানুহটোৱে তেওঁৰ মুখলৈ চালে অাৰু ক'লে-
পোন্ধৰ শ টকা।
     মানুহটোক লৈ তেওঁ ঘৰলৈ বুলি খোজ ল'লে।পাছে পাছে ভয়ত কঁপি থকা ছোৱালীজনী।
    বহুদিনৰে পৰা তেওঁ টোপোলা এটাত কিছু টকা সাঁচি থৈছিল।ঘৰলৈ অাহি টোপোলাটো খুলি গণি গণি পোন্ধৰ শ টকা উলিয়াই তেওঁ মানুহটোৰ হাতত তুলি দিলে।
    সেই পাকিস্তানী ছোৱালীজনীৰ নাম অাছিল জেনিব।জেনিবৰ মুখৰ পৰাই তেওঁ জানিব পাৰিছিল-কিবা কথাত কাজিয়া লাগি পৰিয়ালৰ মানুহেই তাইৰ দেউতাকক প্ৰাণে মাৰিবলৈ চেষ্টা কৰিছিল।সেয়ে সিহঁতে গাওঁ এৰি পলাই অাহিছিল।বহুদূৰ বাট পলাই অাহিবলগীয়া হোৱাত কেনেবাকৈ তাই অকলশৰীয়া হৈ পৰিছিল অাৰু তেতিয়াই সেই গুণ্ডাটোৱে পাইছিল।গুণ্ডাটোৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে সি তাইক খেদি অাহিছিল।কথাখিনি কৈ জেনিবে হুকহুকাই কান্দি দিছিল।
    চাকিৰ পোহৰত বুটা সিঙে তাইৰ মুখলৈ চালে।ধুনীয়া অাৰু কৰুণ এখনি মুখ।নামহীন বিষাদ এটা তেওঁ বুকুৰ ভিতৰত অনুভৱ কৰিলে।…পাচদিনা তেওঁ বজাৰলৈ গৈ জেনিবৰ বাবে দুই এপদ কাপোৰ- কানি অাৰু চেণ্ডেল এযোৰ অানি দিলে।
   দিনবোৰ অতিবাহিত হ'বলৈ ধৰিলে।এতিয়া তাই বুটা সিঙৰ ঘৰখনকে নিজৰ ঘৰ যেন ভাবি সকলো কাম কৰি যাবলৈ ধৰিলে।বুটা সিং পথাৰলৈ যায়,তাই ঘৰৰ কাম সামৰে।তাৰ পাছত চাহ-জলপান দিবলৈ পথাৰলৈ যায়,বুটা সিঙৰ লগে লগে কোৰ মাৰে,শষ্য চপায়,ম'হৰ গাখীৰ খীৰায় …অাৰু নিশা একেখন খাটীয়াতে শুই পৰে।
    কিন্তু এই কথাক বুটা সিঙৰ ককায়েকৰ ঘৰখনে সহজভাৱে ল'ব পৰা নাছিল।তেওঁলোকৰ অসন্মতি স্বত্তেও তেওঁ এদিন জেনিবক বিধিগতভাৱে বিয়া কৰালে।সেই সময়ত তাইৰ বয়স অাছিল সোতৰ বছৰ।
    ইতিমধ্যে ভাৰত স্বাধীন হৈছিল।লগে লগে এখন দেশ ভাগি দুখন দেশ হৈছিল।হিন্দুস্তান অাৰু পাকিস্তান।সাম্প্ৰদায়িক সংঘৰ্ষই সেই সময়ছোৱাত ঠায়ে-ঠায়ে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল।সংঘৰ্ষৰ বলি হৈ কিমানৰ মৃত্যু হৈছিল,কিমানৰ ঘৰ জ্বলিছিল-হিচাপ নাছিল।
    বিয়াৰ এঘাৰ মাহৰ পাছত জেনিব এটি কন্যা সন্তানৰ মাক হৈছিল।বুটা সিঙ ব্যস্ত হৈ পৰিছিল নিজৰ সৰু সংসাৰখনক অাটোমটোকাৰিকৈ সজোৱাত।তেওঁ এই কথা সপোনতো কল্পনা কৰিব পৰা নাছিল যে সাম্প্ৰদায়িক হিংসাত উন্মত্ত হৈ এদিন তেওঁৰ নিজৰে কককায়েকৰ পুতেকহঁতেই শত্ৰু হৈ উঠিব।
     প্ৰকৃততে ভতিজাকহঁতৰ চকু অাছিল বুটা সিঙৰ সম্পত্তিৰ ওপৰত।তেওঁ মৰিলে সমস্ত সম্পত্তিৰ অধিকাৰী সিহঁত হোৱাৰ যি এটা অাশা অাছিল সেইয়াও শেষ হৈ গৈছিল তেওঁ জেনিবক বিয়া কৰোৱাত।সেয়ে ভতিজাকহঁতে খবৰটো দিছিলগৈ চৰকাৰী অধিকাৰীক।সেই সময়ত সাম্প্ৰদায়িক সংঘৰ্ষত নিহত অাৰু নিৰুদ্বেশ হোৱা মানুহবোৰৰ অনুসন্ধান,বাচ-বিচাৰ অাদি চলি অাছিল।এই সুযোগতে বুটা সিঙে পাকিস্তানী ছোৱালী এজনীক বিয়া কৰোৱা খবৰটো ভতিজাকহঁতে গৈ তালাচী চকীত দিছিল ।খবৰ পোৱাৰ লগে লগে পুলিচ অাহি বুটা সিঙৰ ঘৰত উপস্থিত হ'ল।চৰকাৰে নিৰ্দেশ দিলে-পৰিয়ালৰ সন্ধান নোপোৱালৈকে জেনিবক শৰণাৰ্থী শিবিৰত ৰখা হ'ব।
     এই কথাত তেওঁ পগলাৰ দৰে হৈ পৰিল।পুলিচে জেনিবক লৈ যাওঁতে তেওঁ কেৱল কণমানি তনবীৰক বুকুত সাৱটি লৈ অসহায়ভাৱে কান্দিলে।
      শৰণাৰ্থী শিবিৰত জেনিবক প্ৰায় ছমাহ ৰখা হৈছিল। তাৰ মাজতে চৰকাৰে পাকিস্তান চৰকাৰৰ সৈতে যোগাযোগ কৰি জেনিবৰ মাক-দেউতাকৰ অনুসন্ধান চলাই থাকিল।
     জেনিবৰ অবিহনে এক মুহূৰ্তও কটোৱা তেওঁৰ বাবে অসম্ভৱ হৈ পৰিছিল।জেনিবক পোৱাৰ অাশাৰে তেওঁ শিখ ধৰ্ম এৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে।তাৰ পাছত দিল্লীলৈ গৈ পাকিস্তানৰ হাই কমিশ্যনাৰৰ অাগতো অাৱেদন জনালে-'মই এজন মুছলমান।মোৰ পত্নী জেনিবক মোক ঘূৰাই দিয়ক '।কিন্তু পাকিস্তানী হাই কমিশ্যাৰে তেওঁৰ অাৱেদন মঞ্জুৰ নকৰিলে।
     তথাপিতো তেওঁ প্ৰত্যেক দিনেই শৰণাৰ্থী শিবিৰলৈ গৈছিল অাৰু বহু পৰলৈকে জেনিবৰ কাষত বহিছিল,কথা পাতিছিল অাৰু হুকহুকাই কান্দিছিল।সাক্ষাতৰ সময় উকলি গ'লে জীয়েক তনবীৰক বুকুত সাৱটি তাৰ পৰা গুচি অাহিছিল।কিন্তু যাব ক'লৈ? জেনিবৰ অবিহনে তেওঁৰ ঘৰত মন বহা নাছিল সেয়ে বাটে-পথে ঘূৰি ফুৰিছিল।নিশা ৰেলৱে প্লেটফৰ্মতে শুই পৰিছিল।
     এদিন পাকিস্তানৰ পৰা খবৰ অাহিল-জেনিবৰ মাক-দেউতাকৰ সন্ধান পোৱা গৈছে।
     চৰকাৰে জেনিবক পাকিস্তানলৈ পঠিওৱাৰ ব্যৱস্থা কৰিলে।কোনো উপায় নাছিল।জেনিবে কান্দি কান্দি বুটা সিঙক প্ৰতিশ্ৰুতি দিলে-পাকিস্তানত থকা মাক-দেউতাকহঁতক লগ কৰিয়েই তাই অাকৌ উভতি অাহিব।
     জেনিব যোৱাৰ পাছত তেওঁ বহু অাশাৰে বাট চাই থাকিল তাই উভতি অহালৈ।তেওঁ নিশ্চিত অাছিল যে জীয়েক তনবীৰৰ বাবে হ'লেও জেনিব উভতি অাহিব।…কিন্তু বহুদিন পাৰ হৈ যোৱাৰ পাছতো জেনিবৰ একো খবৰ তেওঁ নাপালে।দিন অতিবাহিত হোৱাৰ লগে লগে তেওঁৰ মন অস্থিৰ হৈ উঠিল।
     অৱশেষত তেওঁ ঠিক কৰিলে-দেশ এৰি তেওঁ পাকিস্তানলৈ যাব।পাকিস্তানলৈ যাবলৈ অনুমতি বিচাৰি বুটা সিঙে চৰকাৰলৈ অাৱেদন জনালে।কিন্তু অাৱেদন মঞ্জুৰ নহ'ল।সেয়ে তেওঁ জীয়েক তনবীৰক লৈ পুলিচৰ চকুত ধুলি দি ভাৰত-পাকিস্তান সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিলে।এইবাৰ তেওঁ নিজৰ নাম সলাই পেলাইছিল-জমিল অাহমেদ।
    পাকিস্তানৰ লাহোৰত থকা বন্ধু এজনৰ ঘৰত জীয়েক তনবীৰক থৈ বুটা সিং জেনিবৰ গাঁৱলৈ গ'ল।তালৈ গৈ তেওঁ গম পালে যে মাক-দেউতাকে তাইক অন্য এজনলৈ বিয়া দি দিছে।এই খবৰ শুনি তেওঁ পগলাৰ দৰে হৈ পৰিল।জেনিবৰ দেউতাকৰ ভৰিত পৰি তেওঁ কান্দিলে অাৰু কাতৰ অনুৰোধ কৰিলে জেনিবক ঘূৰাই দিবলৈ।কিন্তু তেওঁৰ কথা কোনে শোনে?তেওঁক মৰিয়াই-গতিয়াই গাঁৱৰ পৰা বাহিৰ কৰি দিয়া হ'ল।পুলিচক জনাই দিয়া হ'ল-তেওঁ প্ৰকৃততে মুচলমান নহয় অাৰু  অবৈধভাৱে সীমান্তৰ পাৰ হৈ তেওঁ পাকিস্তানত প্ৰৱেশ কৰিছে।
    পাকিস্তানৰ পুলিছে বুটা সিঙক এৰেষ্ট কৰিলে।লগে-লগে তেওঁক এৰেষ্ট কৰি ন্যায়াধীশৰ অাগত হাজিৰ কৰোৱা হ'ল।ন্যায়াধিশৰ অাগত তেওঁ সকলো কথা বৰ্ণনা কৰি অাৱেদন জনালে-অাদালতত ইয়াৰ বিচাৰ হ'ব লাগে।
    অাৱেদন মঞ্জুৰ হ'ল।অাদালতৰ নিৰ্দেশমতে জেনিবক কাঠগড়াত থিয় কৰোৱা হ'ল।…শুনানিৰ দিনা অাদালত- কক্ষ মানুহেৰে ভৰি পৰিল।সকলোবোৰেই জেনিবৰ ককায়েক অাৰু বংশ -পৰিয়ালৰ মানুহ।সকলোৰে চকুত জিঘাংসাৰ জুই জ্বলি অাছিল।
    কাঠগড়াত তলমূৰকৈ থিয় হৈ অাছিল জেনিব।তেওঁৰ পত্নী ।
    ন্যায়াধিশে জেনিবক প্ৰশ্ন কৰিলে-তুমি হিন্দুস্তানলৈ উভতি যাব বিচৰা নে?…জেনিবে একো উত্তৰ দিয়া নাছিল।ন্যায়াধিশৰ পুনৰ প্ৰশ্ন-তুমি হিন্দুস্তানলৈ যাব বিচৰা নে?
   এইবাৰো তাই নিচ্ছুপ হৈ থাকিল।বুটা সিঙৰ বুকু কঁপি উঠিল।তেওঁ দেখিলে-অাদালত কক্ষত থিয় হৈ থকা জেনিবৰ বংশ-পৰিয়ালৰ মানুহবোৰে তাইলৈ ৰঙা চকুৰে চাই অাছে।তেওঁৰ অাৰু বুজিবলৈ বাকী নাথাকিল।এই মানুহবোৰৰ বাবে তাই অাজি অসহায় হৈ পৰিছে।…জীয়েক তনবীৰক কোলাত লৈ তেওঁ কাঠগড়াৰ ওচৰলৈ গৈছিল অাৰু জেনিবৰ চকুলৈ কাতৰভাৱে চাইছিল।তেতিয়াও তাই নিচ্ছুপ হৈয়ে অাছিল।মূৰ তুলি চোৱা নাছিল।
    হুকহুকাই ওলাই অাহিব খোজা কান্দোনটোক কোনোমতে হেঁচা মাৰি ৰাখি তেওঁ অাদালত কক্ষৰ পৰা ওলাই অাহিল।
    গোটেই নিশাটো তেওঁ মুচলিম দৰগাহত কটাই দিলে।পাচদিনা তনবীৰক বুকুত লৈ বজাৰলৈ গ'ল। বজাৰত তাইৰ বাবে নতুন ফ্ৰক এটা অাৰু চেণ্ডেল এযোৰ কিনি দিলে।
     সাহদাৰা ষ্টেচনৰ কাষতে তেওঁ দেখিলে ৰেল এখন তীব্ৰ বেগেৰে অাহি অাছে। বুটা সিঙে জীয়েক তনবীৰৰ কপালত চুমা এটা খালে অাৰু অকনো পলম নকৰাকৈ তাইক জোৰেৰে বুকুত সাৱতি ল'ৰি গ'ল ৰেলখনৰ ফালে।প্লেটফৰ্মৰ মানুহবোৰে তেওঁক দেখিলে,কিন্তু ইতিমধ্যে যথেষ্ট পলম হৈ গৈছিল।ৰেলৰ চিৰিত ৰক্তাক্ত হৈ তেওঁৰ ক্ষত-বিক্ষত দেহ পৰি থাকিল।
    পুলিচ অাহিল।বুটা সিঙৰ জেপত পোৱা গ'ল এখন চিঠি।জেনিবক উদ্দেশ্যি তেওঁ লিখিছিল-মোৰ শেষ ইচ্ছা-মোক যেন তোমালোকৰ কবৰস্তানতে সমাধি দিয়া…
   ১৯৫৭ চনত ঘটা এই ঘটনাই অজস্ৰ লোকক শোকস্তব্ধ কৰি তুলিছিল।হিন্দুস্তান অাৰু পাকিস্তান দুয়োখন দেশতে।অসংখ্য পাকিস্তানী লোকে বুটা সিঙৰ মৃতদেহক জেনিবৰ গাঁৱলৈ লৈ গৈছিল অন্তিম সংস্কাৰৰ বাবে।কিন্তু জেনিবৰ পৰিয়ালৰ লোকসকলে তাত বাধা প্ৰদান কৰিলে।সংঘৰ্ষ সংঘটিত হোৱাৰ অাশংকাত পুলিচে মৃতদেহক লাহোৰলৈ নিবলৈ নিৰ্দেশ দিলে।লাহোৰত অজস্ৰ লোকৰ উপস্থিতিত বুটা সিঙৰ শ-ক ২২ ফেব্ৰুৱাৰী তাৰীখে কবৰ দিয়া হ'ল।…

       এয়াই অাছিল  এজন প্ৰাক্তন সৈনিকৰ অবিস্মৰণীয় প্ৰেম কাহিনী।এই সঁচা ঘটনাক লৈ পাছত অাৰু বহুতেই বিভিন্ন কাহিনী লিখিছে অাৰু বিভিন্ন দৃষ্টিকোণেৰে সমস্ত ঘটনাক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছে।বিশেষকৈ উৰ্বশী বুটালিয়াৰৰ  The Other side of silence গ্ৰন্থৰ কথা উল্লেখ কৰিব পাৰি। সেইদৰে ১৯৯৯ চনত 'ছহিদ -এ-মোহব্বত' নামেৰে প্ৰথমে পাঞ্জাৱী অাৰু পাছত হিন্দী ভাষাত কথাছবিও নিৰ্মান কৰা হৈছিল।গুৰদাস মান অাৰু দিব্যা দত্ত অভিনীত ছবিখনে সমস্ত ঘটনাক জীৱন্ত কৰি তুলিছিল।অান এখন ছবি 'গদাৰ-এক প্ৰেম কাহানী'ও একেটা ঘটনাৰ অাধাৰতে নিৰ্মিত যদিও ছবিখনৰ কাহিনী মূলৰ পৰা বহুখিনি অাঁতৰি যোৱা পৰিলক্ষিত হয়।

     উল্লেখযোগ্য যে,অভিশপ্ত সেই ঘটনাটোত চলন্ত ৰেলৰ অাগত পৰিও কিন্তু সৌভাগ্যক্ৰমে বুটা সিং অাৰু জেনিবৰ কন্যা তনবীৰ ৰক্ষা পৰিছিল।পাছত তাইক এহাল চহকী দম্পত্তিয়ে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল।ড'মিনীক লেপীয়েৰ অাৰু লেৰী কলিন্সে ১৯৭৬ চনত Freedom At Midnight লিখি থকা সময়ত তাই ইঞ্জিনীয়াৰ স্বামীৰ সৈতে লিবিয়াত বাস কৰি অাছিল।অানফালে জেনিবৰ পৰৱৰ্তী কালৰ জীৱনৰ বিষয়ে কিন্তু বিশেষ একো জনা নাযায়।…


 
























No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...