Friday, September 6, 2019

পূজাৰ আনন্দ

      পূজাৰ অানন্দ:কিছু উপলদ্ধি
                পূজাৰ অানন্দ:কিছু উপলদ্ধি
                                        বীৰ্কে বি.থাপা

      শৰৎ প্ৰতিশ্ৰুতিৰ ঋতু।প্ৰকৃতি অাৰু জীৱনলৈ সমৃদ্ধিৰ অলেখ প্ৰতিশ্ৰুতি লৈ শৰত অাহে।পূজাৰ অাগমনে উল্লাসিত কৰে সকলোৰে মন।ভাৰতবৰ্ষৰ ১৪০ কোটি জনতাৰ সত্তৰ শতাংশ লোকেই দুৰ্গা পূজাৰ প্ৰকৃত তাৎপৰ্যক নুবুজাকৈয়ে পূজাৰ অানন্দত উল্লাসিত হৈ উঠে।খাবলৈ দুসাজ ভাত নথকা লোকেও নতুন কাপোৰ এযোৰ পিন্ধি পূজা চাবলৈ যোৱাৰ অানন্দত জীৱনৰ সকলো দুখ-কষ্ট অাৰু সমস্যাক পাহৰি থাকিবলৈ চেষ্টা কৰে।
পূজাৰ অানন্দ তাহানি কালৰ পৰা বৰ্তমানলৈকে একে অাছে।বস্তুৰ চৰা দাম,নিবনুৱা সমস্যা,উগ্ৰবাদী অাতংক,গোষ্ঠী দ্বন্দ্ব অাৰু সাম্প্ৰদায়িক সংঘৰ্ষ অাদি এশ এবুৰি সমস্যা স্বত্বেও পূজাৰ উল্লাস কমা নাই।কোনো উগ্ৰবাদী সংগঠণৰ বোমা বিস্ফোৰণত পূজাৰ মণ্ডপ ভষ্মীভূত হৈ গ'লেও সেই অাতংকই অাজি মানুহৰ মনত ৰেখাপাত কৰিব নোৱাৰে।একেই অানন্দ,একেই উল্লাসত অভ্যস্ত জনতাৰ লানি নিছিগা ভিৰেৰে পূজা-মণ্ডপসমূহ ভৰি পৰে।পূজা-মণ্ডপৰ অাৰতি,উৰুলি,শংখধ্বনি,ধূপ-ধূণাৰ সুবাস,ফল-মূল অাৰু পুষ্পৰ নৈবেদ্য,দেৱী দৰ্শন,সৰু-সৰু ল'ৰা-ছোৱালীৰ হাতে হাতে ৰং-বিৰঙৰ বেলুন,পুতলা,পিষ্টল,জুনুকাৰে পূজাৰ দিনকেইটাৰ উলহ-মালহ বাধাহীনভাৱে চলি যায়।পূজা বুলি ক'লেই এক অহেতুক অানন্দ-উল্লাসৰ ভাৱনাই ধনী-দুখীয়া নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোককে চুই যায়।
      ল'ৰালি কালত পূজা বুলি ক'লে অামিও বলিয়া হৈছিলোঁ।পূজাত নতুন কাপোৰ লাগিবই।নাপালেই কান্দি কাতি হুলস্থূল লগাই দিছিলোঁ।কিন্তু দেউতাৰ কম উপাৰ্জনেৰে ঘৰখনৰ সকলোৰে বাবে সেইসময়ত নতুন কাপোৰ দিয়া সম্ভৱ নহৈছিলগৈ।এইবোৰ কথা সেইসময়ত  অামি বুজা হোৱা নাছিলোঁ।উপাই নাপাই দেউতাই অামাৰ মুখত হাঁহি বিৰিঙাবলৈ অানৰ পৰা ধাৰ-ঋণ কৰি শনিবৰীয়া হাটৰ পৰা নতুন চোলা অানি দিছিল।এবাৰ ধুই দিলেই ৰং গুচি যোৱা সেই নতুন চোলা-পেণ্ট পাই অামাৰ যে কি অানন্দ! দেউতাৰ হাতত ধৰি পূজা চাবলৈ গৈছিলোঁ।ৰং-বিৰঙৰ বেলুন-পুতলা-পিষ্টল কিনিছিলোঁ।পূজা চাই উভতি অাহি নতুন কাপোৰ খুলি ভাঁজত ভাঁজ দি গাৰুৰ তলত থৈছিলোঁ।সেই কালত ইস্ত্ৰি ঘৰত নাছিল।মাজৰাতি হঠাৎ টোপনিতে উঠি গাৰুৰ কাষতে থোৱা খেলনা-পুতলাবোৰ লিৰিকি বিদাৰি চাইছিলোঁ।কেতিয়াবা মাই লুকুৱাই থোৱা জেলেপি চুৰ কৰি খাইছিলোঁ।অাজিৰ দৰে পূজাত জেলেপি খোৱাৰ অানন্দ তাহানিও অাছিল।
     অলপ ডাঙৰ হোৱাত পাছলৈ দেউতাৰ অাঙুলি এৰি সমনীয়াহঁতৰ লগত পূজা চাবলৈ গৈছিলোঁ।অামাৰ ল'ৰালি কালৰ দিনবোৰত অামি প্ৰায়ে ডাঙৰীৰ পৰা ৰেলত উঠি ডুমডুমালৈ পূজা চাবলৈ গৈছিলোঁ।ডাঙৰী অাৰু তিনিচুকীয়াৰ মাজত চলাচল কৰা সেই ৰেলখনৰ কথা মনত পৰিলে এতিয়া কিবা এটা নামহীন বিষাদত বুকুখন গধুৰ হৈ পৰে।ডাঙৰী-ৰেল সেইসময়ত কয়লাৰ ইঞ্জিনেৰে চলিছিল।ঝক্ ঝক্ কৈ ধোঁৱা উৰুৱাই ৰেল অহা গম পালেই অামি ল'ৰাবোৰে ল'ৰি গৈ ষ্টেচন পাইছিলোঁগৈ।পূজাৰ সময়ছোৱাত দিনটোত কেতিয়াবা তিনিবাৰলৈকে ৰেল চলিছিল।পূজা চাবলৈ যোৱা মানুহেৰে ৰেল ভৰি পৰিছিল।অামি টিকেট প্ৰায় নাকাটিছিলোৱেই।ডুমডুমাত পোনেই গৈ চিনেমা চাইছিলোঁ।চিনেমা হ'লতো ভিৰ।কাউণ্টাৰত টিকট ল'বলৈ মানুহৰ ওপৰত মানুহৰ ঠেলা-ঠেলি,ঘুঁচিয়া-ঘুঁচি,কাপোৰ ফলা-ফলি………পূজাৰ নামত তেনেদৰে চিনেমা চোৱাটোও যেন অানন্দৰ কথা।ব্লেকত টিকট লৈ অামি সৰুখিনিয়ে অাঁতৰৰ পৰা সেই দৃশ্যবোৰ উপভোগ কৰিছিলোঁ।চিনেমা চাই ওলাই অাহিহে এফালৰ পৰা পূজা-মণ্ডপবোৰ চাইছিলোঁ।
     পূজা চোৱা মানে মানুহ চোৱা।কোনে কি পিন্ধিছে,কোনটো পূজা-মণ্ডপ কিমান ডাঙৰকৈ অাৰু ধুনীয়াকৈ সজাইছে-সেইবোৰকে চাই ফুৰিছিলোঁ।দেৱী -দৰ্শনৰ নামত একো নাই।দশমীৰ দিনা দেৱী বিসৰ্জন দিয়া দৃশ্য চাবলৈয়ো গৈছিলোঁ।গাড়ী-মটৰৰ ভিৰ,ঠেলা-হেঁচা,বিসৰ্জন দিবলৈ অনা দেৱীৰ গালৈ চাউল ছটিওৱা-চটি,তাৰ মাজতে মূৰত ৰঙা গামোচা অাৰু কপালত ৰঙা ফোঁট লৈ মদ খাই মাতাল হোৱা ডেকা ল'ৰাবোৰৰ বীভৎস নাচ অাৰু অতপালিৰে শেষ হোৱা 'ভাসান'ৰ পাছতহে যেন সকলো শান্ত হৈছিল।তাৰ পাছতহে যেন সকলোকে ভাগৰে হেঁচি ধৰিছিল।পাছদিনা সকলোৰে দেহ-মন ক্লান্ত,অৱস।পূজা মণ্ডপো নিস্তেজ,নিষ্প্ৰভ।কিয় এনে হয়?ভাৰতবৰ্ষৰ ১৪০ কোটি জনতাক কি এক ঐন্দ্ৰজালিক শক্তিয়ে পূজাৰ দিনকেইটাত এনেদৰে অাপোন-পাহৰা কৰিল তোলে?তাৰ পাছত কিয় সকলো নিষ্প্ৰভ হৈ পৰে?
     অলপ বুজন হৈ উঠাৰ পাছৰ পৰা মই ব্যক্তিগতভাৱে এতিয়া অাৰু অাগৰ দৰে দুৰ্গা পূজা বুলি ক'লে উল্লাসিত হৈ নুঠোঁ।অামাৰ জাতীয় উৎসৱ বা পৰম্পৰা হিচাপে দুৰ্গা পূজা পালন কৰাৰ বিৰোধী মই নহওঁ,কিন্তু দুৰ্গা পূজাৰ প্ৰকৃত তাৎপৰ্যক নুবুজাকৈয়ে চলাই অহা এনে অৰ্থহীন জাক-জমক,উল্লাসৰ কি অৰ্থ থাকিব পাৰে?দৈৱিক শক্তিত গভীত অাস্থা ৰখা অামাৰ সহজ-সৰল লোকসকলে অাজিও বুজিবলৈ চেষ্টা নকৰে--অামাৰ অৰ্থনীতিক জুৰুলা কৰি থৈ যোৱাঅৰ্থহীন উল্লাস,জাক-জমক অাৰু এচাম ব্যৱসায়ী শ্ৰেণীৰ লোকসকলৰ ব্যাপক লুণ্ঠনৰ বিষয়টোক।দেৱী পূজাৰ নামত জাত-পাতৰ বৈষম্য,বলি প্ৰথা অাদি অাজিও অাঁতৰা নাই।এইবোৰ কথাই  সচেতন নাগৰিক হিচাপে অামাৰ মন বিক্ষুব্ধ কৰি তোলে।
এতিয়াও যেতিয়া গাঁৱৰ পৰা পূজা চাবলৈ অহা মানুহ দেখোঁ,মোৰ অতীতৰ দিনবোৰলৈ মনত পৰে।কোনোবা দুখীয়া খেতিয়কে ভগা চাইকেলত নিজৰ ল'ৰা-ছোৱালী কেইটাক বহুৱাই পূজা চাবলৈ অহা দেখিলে মই সিহঁতৰ সেই কাপোৰ যোৰলৈ চাওঁ--কিমান কষ্টেৰে চাগে দেউতাকে কোনোবা শনিবৰীয়া হাটৰ পৰা পূজাৰ নামত সেই কাপোৰ কেইযোৰ অানি দিছে!অাৰু এই দুখীয়া সৰ্বশ্ৰান্ত  মানুহবোৰক ঠগিবলৈ অান এচাম ব্যৱসায়ী শ্ৰেণীৰ মানুহে মেলি দিছে দামী দামী খেলনা,বেলুন,পিষ্টলৰ পোহাৰ।মই বুজি নাপাওঁ--দুৰ্গা পূজাৰ সৈতে সৰু সৰু ল'ৰা-ছোৱালীবোৰক ঠগিবলৈ এই খেলনা-বেলুন-পিষ্টল অথবা দামী দামী কাপোৰৰ পোহাৰ মেলি দিয়াৰ সম্পৰ্ক কি?এই কথাষাৰকে অামি বুজি নাপাওঁ কিয়?                                        

     

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...