Friday, September 6, 2019

শিক্ষাৰ বুনিয়াদ


  শিক্ষাৰ বুনিয়াদ-
  শিক্ষক-অভিভাৱকৰ ভূমিকা প্ৰসংগ
                                    -বীৰ্কে বি. থাপা

       বৈদিক যুগৰ গুৰুকুল শিক্ষা- ব্যৱস্থাত শিক্ষাৰ্থীসকলে গুৰুগৃহ বা অাশ্ৰমত থাকি শিক্ষা গ্ৰহণ কৰিছিল।গুৰুৰ অাশ্ৰমত নিজ সন্তানক গতাই দিয়াৰ পাছত পিতৃ-মাতৃসকলৰ দায়িত্ব একপ্ৰকাৰে শেষ হৈ গৈছিল।জীৱন অাৰু জগতৰ বাবে নিত্য প্ৰয়োজনীয় শিক্ষাৰ উপৰিও অাধ্যাত্মিকতাৰ উচ্চ মাৰ্গ দৰ্শনলৈকে প্ৰায় সকলো দিশৰ শিক্ষাৰে এটি শিশুক শিক্ষিত কৰি তোলাৰ সমস্ত দায়িত্ব অাহি পৰিছিল গুৰুৰ ওপৰত।কিন্তু অাধুনিক যুগৰ শিক্ষা ব্যৱস্থাত  শিশুৰ শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয় এখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে পিতৃৃ-মাতৃ বা অভিভাৱক-অভিভাৱিকাসকলৰো ভূমিকাৰ কথা উপলদ্ধি কৰা হৈছে।কাৰণ,এটি শিশু দিনটোৰ সাত ঘণ্টা বা অাঠ ঘণ্টা যদি বিদ্যালয়ত থাকে,তেন্তে বাকী অধিকাংশ সময়েই থাকে পিতৃ-মাতৃসকলৰ লগত।তাৰোপৰি শিশুৰ অভাৱ-অসুবিধা,মনস্তাত্বিক ত্ৰুটি-বিচ্যুতি অাদিৰ কথা পিতৃ-মাতৃৰ বাহিৰে অান কোনেও ভালদৰে কেতিয়াও জানিব নোৱাৰে।
        অলপ চিন্তা কৰি চালেই এই কথা স্পষ্ট হৈ পৰে যে অাজিৰ যান্ত্ৰিক সভ্যতাৰ যুগত জনসংখ্যা বৃদ্ধিৰ লগে লগে সকলো মানুহেই অাত্মব্যস্ত হৈ পৰিছে।সদিচ্ছা থাকিলেও নি:স্বাৰ্থভাৱে অানৰ বাবে কাম কৰিবলৈ কাৰো সময় নোহোৱা হৈছে।বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবেই এটা বিষয়ৰ বাবে নিৰ্ধাৰিত চল্লিশ বা পঞ্চল্লিশ মিনিটৰ শ্ৰেণীত সকলো ছাত্ৰ-ছাত্ৰীক সমানে গুৰুত্ব দি শিক্ষাদান কৰাটো অসম্ভৱ হৈ পৰিছে।তেনেক্ষেত্ৰত প্ৰায় সমবয়সৰ ছাত্ৰ-ছাত্ৰীক এটা নিৰ্দিষ্ট শ্ৰেণীত শ্ৰেণীভূক্ত কৰি সমজুৱাভাৱে একেটা পাঠকে একেলগে পঢ়োৱাৰ পদ্ধতি গ্ৰহণ কৰিবলগীয়া হোৱাত যথেষ্ট সমস্যাই দেখা দিছে।কাৰণ,সকলো ছাত্ৰ-ছাত্ৰীৰ বোধগম্য-ক্ষমতা সমান বা একে নহয়।এই সমস্যা অাঁতৰাবৰ বাবে মানসিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক সুকীয়াকৈ শ্ৰেণীবদ্ধ কৰি    Remedial teaching দিয়াৰ নিৰ্দেশনা অাছে যদিও বাস্তৱ ক্ষেত্ৰত সেয়াও বৰ ফলপ্ৰসু হয় বুলি ক'ব নোৱাৰি-যদিহে ঘৰখনত পিতৃ-মাতৃসকলেও নিজাববীয়াকৈ কোনো ভূমিকা গ্ৰহণ নকৰে।কৰ্মব্যস্ত অাজিৰ যুগত সকলো শিক্ষকেই যে নি:স্বাৰ্থভাৱে বিদ্যায়তনিক দিশত দুৰ্বল এজন ছাত্ৰৰ লগতে লাগি থাকিব সেই কথাও নিচ্ছিতভাৱে কৈ দিব নোৱাৰি।শিক্ষকতাক এটা মহান ধৰ্ম বুলি ভৱাৰ পৰিৱৰ্তে বৰ্তমান যুগত ইয়াক কেৱল অৰ্থ উপাৰ্জনৰ পথ বুলি ভৱা শিক্ষক-শিক্ষয়িত্ৰীৰে সংখ্যা অধিক।এই কথা অপ্ৰিয় যদিও সত্য।তেনেস্থলত শিশু এটিৰ ভৱিষ্যৎ কোনো সচেতন পিতৃ-মাতৃয়েই সম্পূৰ্ণৰূপে অানৰ ওপৰত এৰি দিব নোৱাৰে।বিদ্যালয় এখনৰ শিক্ষা ব্যৱস্থা যিয়েই নহওক কিয়,প্ৰতি গৰাকী সচেতন পিতৃ -মাতৃৰে এইটো এটা দায়িত্বই হৈ  পৰে যে তেওঁলোকে লক্ষ ৰাখিব লাগিব তেওঁলোকৰ
সন্তানে বিদ্যালয়ত শিকোৱা
বিষয়বোৰ ভালদৰে অায়ত্ব কৰিব পাৰিছেনে নাই বা কোনটো বিষয় বুজি পোৱাত সন্তানটিৰ কষ্ট হৈছে ইত্যাদি।পঢ়াৰ মেজত বহি শিশুটিয়ে টান পোৱা বিষয়টো পিতৃ-মাতৃয়ে কাষতে বহি মৰমেৰে বুজাই দিলে শিশুটিৰ বাবে সেয়াও হৈ পৰে অনুপ্ৰেৰণদায়ক-যাক এটা  Moral support বুলিও ক'ব পাৰি।
        নগৰ অঞ্চলৰ তুলনাত অামাৰ গাওঁ অঞ্চলৰ পিতৃ-মাতৃসকলৰ শিক্ষা-দীক্ষা যথেষ্ট কম ।গাঁৱৰ শতকৰা ৮০ শতাংশ পিতৃ-মাতৃয়েই যেতিয়া অশিক্ষিত বা নিৰক্ষৰ ,তেনেস্থলত তেওঁলোকৰ সন্তানৰ পঢ়া-শুনাৰ বিষয়টো কোনে চাব-সেয়াও এক প্ৰশ্ন।পিতৃ-মাতৃ শিক্ষিত হ'লে সন্তানৰ ভুল-ভ্ৰান্তিবোৰ চাই দিব পাৰে।কিন্তু পিতৃ-মাতৃসকল অশিক্ষিত বা নিৰক্ষৰ হ'লে সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা বা সমস্যাৰ উদ্ভৱ হয়।স্কুলত নাম ভৰ্তি কৰাই দিছোঁ-এতিয়া নিজে নিজে সকলো ঠিক হৈ যাব বুলি হাত সাৱটি বহি থকাৰ দিন অাজি নাই।গতিকে পিতৃ-মাতৃসকলো শিক্ষিত হোৱাৰ প্ৰয়োজনীয়তা অাছে।স্বাধীনোত্তৰ কালত চৰকাৰে শিক্ষাৰ বাবে অতবোৰ সা-সুবিধা দিয়াৰ পাচতো গাঁৱৰ লোকসকলে বিষয়টোত গুৰুত্ব নিদিয়াৰ বাবেই অাজি এনেকোৱা এটা পৰ্যায় পাইছেগৈ যে নিজৰ সন্তানে পঢ়াৰ মেজত চিঞৰি চিঞৰি ভুলকৈ পঢ়ি থাকিলেও পিতৃ-মাতৃসকলে শুধৰাই দিব নোৱাৰে।অানফালে ত্ৰিশ-চল্লিশজন ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা শ্ৰেণী কোঠা এটাত চল্লিশ মিনিটৰ পিৰিয়দত শিক্ষকে কিমানক চাব,কিমানৰ ভুল-ত্ৰুটিবোৰ শুধৰাই দিব?তাৰোপৰি চৰকাৰৰ সৰ্বশিক্ষা অাঁচনি অনুসৰি নিম্ন শ্ৰেণীৰ কোনো ছাত্ৰ-ছাত্ৰীকে অনুতীৰ্ণ কৰি ৰাখিব নোৱাৰা ব্যৱস্থাটোৱেও বিদ্যায়তনিক দিশত দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক অাৰু দুৰ্বল কৰি পেলাইছে।অামি এনে ছাত্ৰ-ছাত্ৰীও পাইছোঁ যি সকলক সৰ্বশিক্ষা মিছনৰ অাঁচনি অনুসৰি অনুতীৰ্ণ হোৱাৰ পাছতো উত্তীৰ্ণ কৰাই দিয়া হৈছে ,কিন্তু তেনেদৰে উত্তীৰ্ণ হৈ অাহি নবম শ্ৰেণী পোৱা ছাত্ৰ-ছাত্ৰীয়ে গৈ বোৰ্ডৰ পৰীক্ষাত ওলমি থাকিবলগীয়া হয়।এই ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগেই ইংৰাজীৰ কথা বাদেই অসমীয়াতে অাৱেদন এখন লিখিব নোৱাৰে।ইংৰাজীত সহজ বাক্য এটা নিজে লিখিব নাজানে।ডাঙৰ কথা এয়ে যে প্ৰতিবছৰে এটা শ্ৰেণীৰ পৰা অান এটা শ্ৰেণীলৈ উত্তীৰ্ণ হৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বহুতৰে অশিক্ষিত পিতৃ-মাতৃয়ে এই কথা ক'বই নোৱাৰে যে তেওঁলোকৰ সন্তান প্ৰকৃততে পঢ়া শুনাত কিমান দুৰ্বল অথবা সৰ্বশিক্ষা মিচনৰ নিয়মানুসৰি কেনেদৰে অনুত্তীৰ্ণ হোৱাৰ পাছতো উত্তীৰ্ণ কৰাই দিয়া হৈছে।ল'ৰাই পাছ কৰা বুলি পিতৃ-মাতৃৰ বুকু গৰ্বত ফুলি থাকে ,অথচ অানফালে অামাৰ শিক্ষা ব্যৱস্থাই সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে মৰণ-ফান্দ পাতি থয় বোৰ্ডৰ পৰীক্ষাসমূহত।গতিকে অশিক্ষিত হ'লেও পিতৃ-মাতৃসকলে নিজ সন্তানৰ শিক্ষা-দীক্ষাৰ বিষয়টো সম্পূৰ্ণৰূপে কেৱল বিদ্যালয়ৰ ওপৰতে এৰি নিদি নিজৰ অায়ত্বত ৰখা উচিত।অন্তত: তেওঁলোকৰ সন্তানে সময়মতে অধ্যয়ণ কৰা,সময়মতে খোৱা-বোৱা কৰা, Home work সমুহ কৰা অাদি কথাত গুৰুত্ব দিব লাগিব।বিদ্যালয়ৰ সংশ্লিষ্ট শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে সঘন যোগাযোগ ৰাখি সন্তানৰ শিক্ষাৰ অগ্ৰগতি সম্পৰ্কে বুজ লোৱা,বিভিন্ন দিশত তেওঁলোকৰ পৰামৰ্শ লোৱা অাদিৰ দৰে কথাবোৰতো গুৰুত্ব দিয়া প্ৰয়োজন।শিক্ষক-শিক্ষয়িত্ৰীসকলেও এনেবোৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃসকলক সহায় কৰিবলৈ সকলো সময়তে প্ৰস্তুত থকা উচিত।ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত এনেধৰণৰ পাৰস্পৰিক সমন্বয়ৰ অত্যন্তই প্ৰয়োজন।

No comments:

Post a Comment

মৃত্যু যদি শিল্প হয়, সেই মৃত্যু কিদৰে সুলভ

মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ                                                     - বীৰ্কে বি থাপা        জুবিন গাৰ্গ ম...