Friday, September 6, 2019

ৰংগেশ্বৰ মৰাণৰ কবিতা


ভকতীয়া কবি ৰংগেশ্বৰ মৰাণৰ কবিতা
                                          বীৰ্কে বি. থাপা

         কবিতা -সৃষ্টিৰ অাৰম্ভনীৰে পৰা বৰ্তমানলৈকে এই  সুদীৰ্ঘ পথপৰিক্ৰমাত কবিতাৰ নিৰ্মানশৈলী অাৰু ভাৱ বা বিষয়বস্তুৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তনে দেখা দিছে। অাধুনিক যুগৰ যান্ত্ৰিক ব্যস্ততা, মানসিক দ্বন্দ্ব-সংঘাত,বিভিন্ন  অাৰ্থ সামাজিক  অাৰু  ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ উত্থান-পতন ইত্যাদি বিষয়সমূহৰ জটিলতাই অাজিৰ কবিতাকো স্বাভাৱিকতে জটিল অাৰু দুৰ্বোধ্য কৰি তোলা পৰিলক্ষিত হৈছে।গভীৰ অধ্যয়ণশীল অাৰু চেতনাপ্ৰৱণ পাঠকৰ বাবে অাধুনিক কবিতাৰ জটিলতা বা দুৰ্বোধ্যতাৰ বিষয়টো বৰ এটা গুৰুত্বপূৰ্ণ সমস্যা নহয় যদিও কবিতা ভালপোৱা  অশিক্ষিত বা নিৰক্ষৰ লোকৰ বাবে কিন্তু বিষয়টো চিন্তনীয় নোহোৱাকৈ থকা নাই।অপ্ৰিয় হ'লেও এই কথা সত্য যে অাধুনিক কবিতাৰ নিৰ্মান শৈলী অাৰু বিষয়বস্তুৰ জটিলতা তথা দুৰ্বোধ্যতাৰ বাবেই বৰ্তমানে অাধুনিক কবিতাৰ পাঠকৰ সংখ্যা যথেষ্ট হ্ৰাস পাই অাহিছে।
         তথাপিতো কিন্তু কবিতা ভাল পোৱা লোকৰ সংখ্যা কমা নাই।অাৰু হয়তো নকমিবও।তেনেই অশিক্ষিত বা নিৰক্ষৰ লোকসকলৰ মাজত অাজিও এনে বহু লোক অাছে যিসকলে অাগৰ কবিতা পঢ়ি ভাল পায়।এনে বহু লোক অাছে যি সকলে অাজিও নলীনিবালা দেৱী বা গণেশ গগৈৰ কবিতা নিৰ্ভুলকৈ মুখস্ত মাতি যাব পাৰে।তেনে কিছু সংখ্যক লোকে অাধুনিক কবিতাৰ নিৰ্মানশৈলী,বিষয়বস্তুৰ জটিলতা অাদি বৈশিষ্ট্যসমূহৰ দ্বাৰা অলপো প্ৰভাৱিত নোহোৱাকৈ পৰম্পৰাগতভাৱে  ছন্দোৱদ্ধ কবিতা ৰচনা কৰা কাৰ্য অাজিও অব্যাহত ৰখাও অামাৰ চকুত পৰে।তেনে এগৰাকী চহা-কবিৰ বুকুত প্ৰাণ পাই উঠা এলানি কবিতাৰ সংকলন এই প্ৰসংগত উল্লেখযোগ্য।
          অসমৰ প্ৰাচীনতম মৰাণ জনগোষ্ঠী অধ্যুষিত তালাপ ধুলিজান গাঁৱৰ ৰংগেশ্বৰ মৰাণদেৱক মই বহু দিনৰে পৰা এজন তেনেই সহজ-সৰল লোক হিচাপেই জানো।এই গৰাকী লোকে সকলোৰে অলক্ষিতে মন গ'লেই দুটা-এটা কবিতা ব্যক্তিগত টোকাবহীত লিখি থোৱা কথা কিন্তু অামি জনা নাছিলোঁ।বিভিন্ন সময়ত লিখা এই কবিতাবোৰ প্ৰকাশ কৰাৰ মন এটা লৈ তেখেত মোৰ কাষ চপাতহে তেখেতৰ কবিতানুৰাগী মনৰ প্ৰথম পৰিচয় পাওঁ।অাধুনিক কবিতাৰ নিৰ্মানশৈলী,ইয়াৰ গতি-প্ৰকৃতি ইত্যাদি বিষয়সমূহক লৈ অামি ব্যস্ত থকাৰ সময়ত এই গৰাকী চহা কবিৰ ছন্দোৱদ্ধ কবিতা অামাৰ বাবে মুঠেও অাক্যাংক্ষিত নাছিল যদিও তেখেতৰ কবিতাত অামি লক্ষ কৰিছিলোঁ এটা অকৃত্ৰিম সততা অাৰু  গ্ৰাম্য সৰলতা।পৰম্পৰাগত সমাজ অাৰু অাধ্যাত্মিক পৰিৱেশৰ মাজত সৎ জীৱন-যাপন কৰি অহা ৰংগেশ্বৰ মৰাণদেৱে তেখেতৰ কবিতাসমুহত অত্যন্ত সততাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে তেখেতৰ মনত প্ৰোথিত বিশ্বাস অাৰু অাদৰ্শক।ভকতীয়া সমাজৰ পৰম্পৰাগত ধৰ্মীয় অাৰু অাধ্যাত্মিক বিশ্বাস তেখেতৰ কবিতাত স্পষ্টভাৱে প্ৰতিফলিত হৈছে।
      চহা কবি ৰংগেশ্বৰ মৰাণ দেৱৰ বৰ্তমান বয়স প্ৰায় পচপন্ন বছৰ।অাঠ-দহ বছৰ বয়সৰ পৰাই কবিতাৰ প্ৰতি অাকৃষ্ট হৈ তেখেতে কবিতা লিখিবলৈ অাৰম্ভ কৰিছিল।কথা প্ৰসংগত তেখেতে কোৱা মতে তাহানি পঢ়ি থকা কালতে নলীনিবালা দেৱীৰ কবিতাৰ দ্বাৰা তেখেত যথেষ্ট প্ৰভাৱিত হৈছিল।সেয়ে তেখেতৰ কবিতাত অামি ৰহস্যবাদী কবিতাৰ জিলিকনি নোপোৱাকৈ নাথাকোঁ,যথা-'এই দেহ এৰি থৈ গুচি যাম অাকৌ ক'ৰবালৈ/অহা বাটেৰেই মোক লই যাব/নাজানো নেদেখোঁ মই নিজে জন্মৰ মায়াৰূপ/ক'ত কি দেহত সোমোৱাই থ'ব…'(জনম বন্দী)।সেইদৰে 'সপোন' নামৰ কবিতাটিত তেখেতে লিখিছে-'অান্ধাৰে অাৱৰা নিস্তব্ধতা জীৱন মানুহৰ/নাপাওঁ দেখা বাস্তৱৰ জ্যোতি/মনৰ অাশা-কল্পনা যেন সপোন সকলোটি/ফুৰে হৃদয় সাগৰত উটি…'।      
        অাধুনিক জগতৰ যান্ত্ৰিক ব্যস্ততা অাৰু কৃত্ৰিমতাৰ লগে লগে ক্ৰমশ: হেৰাই যোৱা প্ৰাচীন মূল্যবোধৰ অপমৃত্যুত তেখেত শংকিত।সেইবাবে চহৰৰ অাধুনিক ৰং-ঢঙৰ পৰিৱৰ্তে  ধৰ্ম-কৰ্ম,জ্ঞাতি-সমাজতে তেখেতে শেষ অাশ্ৰয় বিচাৰি পাইছে-'নালাগে নিবিচাৰোঁ বাহিৰৰ ৰং চং/নালাগে ঠগ-বাজী কৰা খেলা/অাছে যিটো গাঁৱত কৰিম তাকেই ভোগ/নকৰোঁ কোনো ক'তো অৱহেলা/গাঁৱতেই পাওঁ দেখা সৌন্দৰ্য প্ৰকৃতিৰ/গাঁৱতেই থাকে ৰূপ মোহিনী/চহৰৰ কৃত্ৰিমতাৰ ভোগ বিলাসত/নাই অাচল জীৱন-কাহিনী…'(গাঁৱৰ মোহ)।অৱশ্যে এই কথাও লক্ষনীয় যে কবিয়ে বিজ্ঞানক নস্যাত কৰিব বিচৰা নাই।অন্ধবিশ্বাস যে প্ৰগতি পথৰ হেঙাৰ স্বৰূপ সেই কথা কবিয়ে বিশ্বাস কৰে বাবেই কৈছে-'যুক্তি অাছে অাজিৰ বিজ্ঞানত'।
        মূলত: চহা জীৱনৰ গ্ৰাম্য সৰলতা অাৰু ভকতীয়া পৰম্পৰাই মনত প্ৰোথিত কৰা অাধ্যাত্মিক বিশ্বাসৰ স্বত:স্ফূৰ্ত প্ৰকাশ দেখিবলৈ পোৱা যায় কবি ৰংগেশ্বৰ মৰাণৰ কবিতাত।অাধুনিক কবিতাৰ নিৰ্মানশৈলীৰ পৰা সম্পূৰ্ণ অাঁতৰত থাকি কবিয়ে পৰম্পৰাগত ছন্দোৱদ্ধ কবিতাৰ নিৰ্মাণ পদ্ধতিৰেই কবিতাকেইটা ৰচনা কৰিছে যদিও ছন্দ-ৰীতিত কিছু ত্ৰুটি ৰৈ গৈছে।সেইদৰে সংসাৰৰ মায়া-মোহ,জীৱনৰ অসাৰতা,পৰজন্মৰ বিশ্বাস অাদি সনাতন বিষয়সমূহক লৈয়ে বেছিভাগ কবিতা ৰচনা কৰা হৈছে যদিও কবিৰ দৃষ্টি বিষয়বস্তুৰ গভীৰতালৈ প্ৰসাৰিত হোৱা যেন অনুভৱ নহ'ল।সি যি কি নহওক,কবিতাকেইটিত কিন্তু তেখেতৰ মানৱতাবাদী মন এটাৰ সুন্দৰ প্ৰতিফলন ঘটা অামি দেখিছোঁ।অামাৰ অান্তৰিক শুভেচ্ছা থাকিল-কবিৰ কবিতা চৰ্চা অব্যাহত থাকক।
        
        

No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...