Friday, December 2, 2022

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-

দুখৰ অৰণ্য নাথাকিলে ক'ত আহি
 জিৰাবহি সুখৰ চৰাই
                                                  - বীৰ্কে বি থাপা

সন্দিকৈ কলেজৰ 
তুমি সাগৰিকা বৰদলৈ..
       এই এটি কবিতাৰে যুৱ-প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰা কবি প্ৰণৱ কুমাৰ বৰ্মন বৰ্তমান মোৰো এজন অত্যন্ত প্ৰিয় কবি।এই গৰাকী কবিৰ কবিতাত মই বিচাৰি পাওঁ প্ৰেম সম্পৰ্কীয় এক অনন্য উপলদ্ধি। বিচাৰি পাওঁ এক অনন্য হৃদয়স্পৰ্শী , বাঙ্ময় শৈলী।
       ক'বলৈ গ'লে,বহুদিনলৈ প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা মই পঢ়া নাছিলোঁ।ইয়াৰ প্ৰধান কাৰণ আছিল নতুন প্ৰজন্মৰ কবিসকলৰ প্ৰতি থকা তীব্ৰ অনীহা।কাৰণ,নতুন প্ৰজন্মৰ কবিতাত ক্ৰমশ: পৰিলক্ষিত হোৱা দুৰ্বোধ্যতাই আমাক নিৰাশ কৰিছিল।দুৰ্বোধ্যতা মোৰ বাবে অসহনীয়।আমি আশীৰ দশকৰ অগ্নিগৰ্ভা সময়ৰ বুকুত গজা কবিতাৰ স্ফুলিংগ বুকুত লৈ ডাঙৰ হোৱা কবিতাৰ সাধাৰণ পাঠক।হীৰোদাৰ কবিতাই আমাৰ প্ৰেমৰ আকাশত স্পন্দন তোলা বয়সত সমীৰ তাঁতী,সনন্ত তাঁতী,বিপুলজ্যোতি শইকীয়া,ৰফিকুল হুছেইন ,নন্দ সিং,ৰাজু বৰুৱা,মেঘালী ফুকনৰ বিপ্লৱৰ সুৰ-ধ্বনিত কবিতাই বুকুত বিদ্ৰোহৰ বাসনা জগাই তুলিছিল।যৌৱনৰ সেই দিনবোৰৰ পৰা আহি আহি  নব্বৈৰ দশকত নীলিম কুমাৰৰ কবিতা বুজা-নুবুজাকৈয়ে আমাৰ ভাল লাগিছিল।আমাৰ মুখে মুখে আছিল তেওঁৰ কবিতা।নীলিম কুমাৰৰ বহুচর্চিত 'ৰুবী গুপ্তা','অপ্ৰজনন' আদিৰ দৰে কবিতাই আমাৰ মন-মস্তিষ্কত জোঁকাৰণি তুলি গৈছিল।বহু কথা নুবুজাকৈয়ো যেন কিবা এটা উপলদ্ধি কৰিব পাৰিছিলোঁ।কিন্তু নব্বৈৰ দশকৰ পৰা অসমীয়া কবিতালৈ ক্ৰমশ: নামি অহা দুৰ্বোধ্যতা আমাৰ দৰে আৰু বহু কবিতানুৰাগী পাঠকৰ বাবেই আছিল অসহনীয়। এই দুৰ্বোধ্যতাক সমালোচনা কৰিছিলোঁ আমি।কাৰ বাবে কবিতা?সৰ্বসাধাৰণ পাঠকে যদি বুজিয়েই নাপায়,তেন্তে কবিতাৰ প্ৰয়োজনীয়তাইবা কি?
       কবিতাৰ দুৰ্বোধ্যতা সম্পৰ্কত যথেষ্ট আলোচনা-সমালোচনা হোৱাৰ মাজতো  কিছু সংখ্যক সাহিত্যৰ সমালোচকে  আধুনিক কবিতা বুদিবৰ বাবে সূক্ষ্ম অন্তৰ্দৃষ্টি আৰু অন্তৰ্চেতনা থাকিব লাগিব বুলি আগবঢ়োৱা মন্তব্যৰ পৰিপ্ৰেক্ষিতত আমি একপ্ৰকাৰে নতুন প্ৰজন্মৰ কবিতা পঢ়িবলৈ প্ৰায় বাদেই  দিবলগীয়া হৈছিল,কাৰণ দুৰ্বোধ্য কবিতাৰ ৰসাস্বাদন কৰিবলৈ প্ৰয়োজন হোৱা সেই সূক্ষ্ম অন্তৰ্দৃষ্টি অথবা অন্তৰ্চেতনা কোনোটোৱেই আমাৰ নাছিল।
       কিন্তু প্রণৱ কুমাৰ বৰ্মনৰ কবিতা আছিল ব্যতিক্ৰম।খুব সম্ভৱ,কটনত পঢি থকা অৱস্থাতে তেওঁ লিখা 'সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ' আৰু 'তোমাৰ প্ৰেমত পৰিমেই পৰিম, তুমি কি কৰিবা?' আদিৰ দৰে কলেজ-ইউনিভাৰ্চিটিৰ যৌৱনৰ বতাহ আন্দোলিত কৰি  মুখে মুখে বিয়পি পৰা কবিতাবোৰ অজানিতে আমাৰো ভাল লগা হৈ আহিছিল।ভাৱিছিলোঁ-জনপ্রিয়তাৰ ঢৌ সাধাৰণতে বৰ ক্ষন্তেকীয়া হয়,কিমাননো দিন টিকিব? কিন্তু আচৰিত হৈছিলোঁ দেখি যে সেই দুই দশক পূৰ্বে কবিতা লিখিবলৈ আৰম্ভ কৰা প্ৰণৱৰ কবিতা আজিও জনপ্ৰিয়।প্রণৱৰ কবিতা পঢ়িবলৈ বা শুনিবলৈ মানুহ আজিও উদগ্ৰীৱ হৈ থাকে।
      প্রণৱ কুমাৰ  বৰ্মনৰ কবিতাত এনে কি আছে যে  যাৰ বাবে আজিও তেওঁৰ কবিতাই  জনপ্ৰিয়তা অলপো হেৰুৱা নাই।নতুন প্রজন্মৰ লগে লগে সৰ্বস্তৰৰ পাঠকৰ মাজত তেওঁ আজিও সমানেই জনপ্ৰিয় হৈ থকাৰ ৰহস্য কি?
      প্ৰণৱৰ  কবিতাত আচলতে নতুন প্ৰজন্মৰ চেতনাক আলোড়িত কৰিব পৰা যাদুকৰী কৌশল আছে,ষ্টাইল আছে।দুৰ্বোধ্যতাৰ পৰিৱৰ্তে  সহজবোধগম্য আৰু অভিনৱ নাটকীয় কথনশৈলী আছে।কটনত পঢ়ি থাকোঁতেই লিখা সেই প্রথমাৱস্থাৰ কবিতাসমূহত আজিৰ দৰে গভীৰ জীৱনবোধ অথবা সমাজ-চেতনা নাথাকিলেও ,তেওঁৰ কবিতাই অজস্ৰ পাঠকক মুগ্ধ কৰিছিল - মূলত: তেওঁৰ অভিনৱ কথন শৈলীৰ বাবে।সেই সময়ত লিখা এটি কবিতাত তেওঁ লিখিছিল--'আজি তোমাৰ নাম ধৰি/হোষ্টেলৰ খিৰিকিৰে চিঞৰিম/তুমি কি কৰিবা/অন্নৰ দোকানত চিগাৰেট হুপি হুপি/তোমাৰ লচপচ চাই থাকিম/তুমি কি কৰিবা/..তুমি হেয়াৰ ভাইটিলাইজাৰ ক্লিনিক প্লাচেৰে /বতাহত চুলি উৰুৱাইছা/মই মিশ্বেল ফু'কৰ 'দি বাৰ্থ অফ ক্লিনিকে'ৰে /জীৱনক অনুবাদ কৰিছোঁ/...তুমি নিমাৰোজ নিমাৰোজ চাবোনেৰে/বুকুত সপোনৰ ফেন তুলিছা/মই টেৰ'ৰিষ্ট টেৰ'ৰিষ্ট ভাৱনাত ডুলি
দু:স্বপ্নৰ গুলি ফুটাইছোঁ/...(মই তোমাৰ প্ৰেমত পৰিমেই পৰিম তুমি কি কৰিবা?)
       কবি গাঁৱৰ পৰা অহা ল'ৰা।তেওঁ জানে জমিদাৰী শোষণৰ কথা।জানে - কিদৰে বহুৱাব লাগে শেল জমিদাৰৰ বুকুত।জমিদাৰী শোষণ ,অত্যাচাৰ আৰু বঞ্চনাই বিক্ষুব্ধ কৰি তোলা কবিয়ে চহৰলৈ আহি একপক্ষীয়ভাৱে প্ৰেমত পৰিছে কোনোবা ধনীৰ দুলালীৰ।হয়তো তেওঁৰো কোনোবা স্বপ্নৰ ৰাজকুমাৰ থাকিব পাৰে,কোনোবা সোণালী পিচিঅ'ৰ বুথত সোমাই সেই স্বপ্নৰ ৰাজকুমাৰক হয়তো তেৱোঁ কঁপা কঁপা মাতেৰে ফোন কৰিব পাৰে-তথাপিতো তেওঁৰ প্ৰেমৰ ' চলিচিটেড মেটাফিজিক্স'ত বৰবাদ হৈ যাবলৈ কবি সাজু -'তোমাক নাপালে জালুকবাৰীক/খুন কৰি তেজ খাম/তুমি কি কৰিবা ? আজি তোমাৰ প্ৰেমত পৰিমেই পৰিম/তুমি কি কৰিবা?'..
      কবি প্রণৱৰ প্ৰথমাৱস্থাৰ কবিতাত আছিল - একপক্ষীয় প্ৰেমৰ প্ৰচণ্ড জেদ আৰু প্ৰবল আত্মধ্বংসী প্ৰবণতা।কাৰোবাৰ ৰূপজ প্ৰেমত তেওঁ আছিল অন্ধ। যুক্তিতকৈ অধিক আৱেগসৰ্বস্ব আছিল সেই প্ৰেম।কিন্তু প্ৰেমৰ সেই প্ৰচণ্ড জেদ ভাৱ ক্রমান্বয়ে অন্তৰ্হিত হ'বলৈ আৰম্ভ কৰিলে তেওঁৰ পৰৱৰ্তী কালৰ কবিতাত। 'যি হ'ব মোৰ প্ৰেয়সী' নামৰ কবিতাটিত দেখা যায়-তেতিয়ালৈকে কবিৰ ভিতৰত গা-কৰি উঠিছে এটা সমাহিত আদৰ্শ আৰু দায়িত্ববোধে।কবিতাটিত  তেওঁ লিখিছিল-' তুমি মোৰ বাবে আকাশ হ'ব লাগিব/আৰু গান/
তুমি মোৰ বাবে বোকাত ফেনেকা চৰাই/হ'ব লাগিব/আৰু তৰা চাই আপোন পাহৰা/...তুমি কোনোদিনে কন্দাটো মই পচন্দ নকৰিম/
তুমি দুখৰ বতাহতো হাউলি নপৰা গছ/হ'ব লাগিব/তুমি মোৰ শ্ৰমিক দেউতাক/ভাল পাব লাগিব অকৃত্ৰিম/মোৰ দুখুনি আইক আই বুলি ভাৱিব/পাৰিব লাগিব/তুমি শ্ৰমিক সংগ্ৰামৰ কথা/বুজাটো বাঞ্চনীয়..'।
       এটি সাক্ষাৎকাৰ(নিয়মীয়া বাৰ্তা', 2020 চন)ত তেওঁ কোৱা মতে, ' যি হ'ব মোৰ প্ৰেয়সী' কবিতাটো প্ৰকাশ পোৱাৰ পাছতে প্ৰত্যুত্তৰ হিচাপে প্রায় চাৰিশৰো অধিক কবিতা জমা হৈছিল 'আমাৰ অসম'ৰ কাৰ্যালয়ত।তাৰে নিৰ্বাচিত কবিতাসমূহেৰে কাকতখনৰ সম্পূৰ্ণ এটা পৃষ্ঠা প্ৰকাশ কৰি সম্পাদক হোমেন বৰগোহাঞিয়ে নতুন প্ৰজন্মৰ কবিসকলক উৎসাহিত কৰিছিল-কবিতাক দুৰ্বোধ্যতাৰ পৰা মুক্ত কৰিবলৈ।আৰু সেয়াই আছিল বিশালসংখ্যক পাঠকৰ সৈতে তেওঁৰ প্রথম চিনাকি। তেওঁ কৈছে -' গুণগত মানৰ কথা বাদ দিও এটা কথা ঠিক যে সকলো লেখকেই পাঠকৰ মাজত নিজস্ব পৰিচিতি বিচাৰে– তেনে পৰিচিতি প্রাপ্তিৰ প্রতি ৰৈ ৰৈ বহু মানুহ ধ্বংস হৈ যায়– অথচ মই বৰগোহাঞিদেৱৰ যহত তেনে পৰিচিতি কুৰি বছৰ বয়সৰ ভিতৰতে লাভ কৰিছিলোঁ।' 
      স্বাভাৱিকতেই  প্রণৱ কুমাৰ বৰ্মনৰ কবিতাৰ সহজ-সৰল ষ্টাইল আৰু বিষয়বস্তুৰ গভীৰতাই কবি আৰু পাঠকৰ দূৰত্ব কমাই আনিছিল।ক্রমান্বয়ে তেওঁৰ কবিতাত সোমাই পৰিল  সমাজ-চেতনা আৰু গভীৰ জীৱনবোধৰ দৰে বিষয়বোৰো।কটনৰ দিনতে লিখা তেওঁৰ সকলোতকৈ জনপ্ৰিয় আৰু  বহুচৰ্চিত কবিতা 'সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ'ত সেয়ে কেৱল  ব্যক্তিগত প্ৰেমৰ হুমুনিয়াহেই নাই,আছে বিপৰ্যস্ত সময়ৰো আৰ্ত-চিৎকাৰ।তেওঁ লিখিছে-'আমেৰিকা' আমাৰ বাবে ঘৃণণীয় শব্দ/ঘোলা পানীত কলেৰা খাই যৌৱনপ্ৰাপ্ত/ মোৰ দেশৰ অযুত শৈশৱ..../মোক বধিৰ কৰি পেলোৱা সাগৰিকা/সেই চিঞৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰো।' তেওঁ আশীৰ দশকৰ অগ্নিগৰ্ভা দিনৰ ইতিহাস  পাহৰা নাই- 'আশীৰ দশকৰ মাজেৰে খোজ কাঢ়ি অহা /প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা/আইসকলক সোধা/ তেওঁলোকক কিমানবাৰ উলংগ কৰা হৈছিল অন্ধকাৰত।' 
       মাতৃভূমিৰ ওপৰত চলি অহা এই অত্যাচাৰ আৰু নিৰ্যাতনে কবিৰ বুকু বিদীৰ্ণ কৰিছে বাবেই 
'সাগৰিকা বৰদলৈ'ৰ বাবে থকা তেওঁৰ প্ৰেমত  জেদ নাই,আছে হুমুনিয়াহ।বিচ্ছেদৰ দুখকো এতিয়া আকোঁৱালী ল'ব পৰাকৈ তেওঁ নিজকে সাজু কৰিছে,কাৰণ-নিজৰ আদৰ্শত তেওঁ অতল - '...এদিন তুমিও গুছি যাবা মোৰ হৃদয়ৰ ৰক্তজবা ছিঙি/.....দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান/অ' নতুন দিনৰ আং-ছাং-ছ্যুকী/দি যাবা মোৰ কলমত /তেজৰ চিয়াহী/বাৰুদৰ আখৰ লিখিম..।'(সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ)।
       যোৱা দুটা দশকৰো অধিক কাল ধৰি কবিতাৰ এক অভিনৱ শৈলীৰে অজস্ৰ পাঠকৰ হৃদয়ত নিজস্ব স্থান দখল কৰিবলৈ সক্ষম হোৱা কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাৰ বিষয়বস্তু আজি কেৱল 'প্ৰেম' নহয়,যদিওবা প্ৰেম বিষয়ক কবিতাৰ বাবেই তেওঁ নতুন প্ৰজন্মৰ মাজত সৰ্বাধিক জনপ্ৰিয় কবি। তেওঁৰ কবিতাত 'প্রেম'
এতিয়াও আছে,কিন্তু প্ৰেমৰ লগে লগে তেওঁৰ দৃষ্টি আজি প্ৰসাৰিত হৈছে-ৰোগাক্ৰান্ত সমাজৰ সমস্যাসমূহলৈ।
      সংকীৰ্ণ ৰাজনীতিয়ে মানুহৰ মন আৰু সমাজ কলুষিত কৰা দৃশ্যই তেওঁৰ মন তীব্ৰ ঘৃণাৰে উপচাই পেলাইছে। 'যুদ্ধৰ বিৰুদ্ধে প্ৰস্তাৱনা ' নামৰ কবিতাত তেওঁ লিখিছে-'যুদ্ধ মানেই তেজৰ অপচয়/ধোঁৱাৰে অম্লজান স্বাভাৱিক উশাহ ৰোধ/সভ্যতাৰ ক্ষয়/যুদ্ধ মানেই ৰাষ্ট্ৰৰ নকল হাতে/ চিৰাচিৰ কৰা জনগণৰ ভোক/সীমাৰ সিপাৰৰ পৰা ইপাৰলৈ ঘৃণা বৰ্ষণ/যুদ্ধ মানেই মানৱতাৰ বিৰূদ্ধে বেৰিকেড/শিশুৰ হাঁহিত ।'      
       সেইদৰে তেওঁৰ 'ছাতি' শীৰ্ষক কবিতাটিতো ছাতি কেৱল অতীত স্মৃতিয়েই হৈ থকা নাই যি  ছাতিৰ তলত এদিন তেওঁ প্ৰেয়সীৰ সৈতে বাট বুলিছিল,বৰঞ্চ সেই ছাতি মেলি আজি তেওঁ ৰৈ আছে যুদ্ধভূমিত - নিৰ্দোষ,নিষ্পাপ শিশুবোৰক যুদ্ধৰ কৰাল-গ্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ -' মই আকাশৰ দূৰন্ত প্ৰেমিক/মই মেঘৰ ঠিকনাত বিৰহৰ বহুতো পদ্য লিখিছোঁ/মই বৰষুণক কিয় বেয়া পাম/বৰষুণে মোক সেই সুযোগ দিছে/
একেটা ছাতিৰ তলত প্ৰেয়সীৰ স'তে দীৰ্ঘ বাট ভাঙিবলৈ.../বৰষুণ ভালপোৱা প্ৰথম প্ৰেয়সী মোৰ স'তে নাই/তেৱোঁ মোৰ বাবে হিৰোশ্চিমা যেন স্মৃতি/গুছি গৈছে বৰ্ষা ঋতুৰ বোকা গচকি/
মই ছাতি লৈ ৰৈ আছোঁ যুদ্ধভূমিত/কিজানিবা ছাতিয়ে মোৰ শিশুহঁতক /আকাশমাৰ্গৰ বিস্ফোৰিত মিছাইলৰ পৰা জীৱন দিয়ে,হাঁহি দিয়ে/দিয়ে খন্তেক সময় খাবলৈ ৰুটি।'
     দেশৰ কোটি কোটি অৰ্দ্ধাহাৰ-অনাহাৰ, নিৰাশ্ৰয় ,দাৰিদ্ৰ্যপীড়িত শিশুৰ বাবে কবিৰ অন্তৰে হাঁহাকাৰ কৰে।তেওঁৰ অন্তৰে কান্দে -অভাৱত পৰি দুখীয়া পিতৃ-মাতৃয়ে বিক্ৰী কৰি দিয়া  শিশুহঁতৰ বাবে ,বেশ্যা বৃত্তিক আকোঁৱালী
লোৱা গাভৰুৰ বাবে,পুৰুষৰ হাতত ধৰ্ষিতা হোৱা  ফুলকুমলীয়া যৌৱন, নিৰ্যাতিতা নাৰীৰ বাবে । তেওঁলোকৰ যন্ত্ৰনাক তেওঁ অকৃত্ৰিম সহমৰ্মিতাৰে উপলদ্ধি কৰে বাবেই পাঠকৰ হৃদয় স্পৰ্শ কৰাকৈ তেওঁ লিখিব পাৰে 'এজনী কণমানি ছোৱালীৰ প্ৰাৰ্থনা'.'ছোৱালীজনী গাওঁ এৰি গ'লগৈ,ভালেই কৰিলে তাই','এগৰাকী ধৰ্ষিতা গাভৰুৰ আত্মকথা','যশোধৰা','সীতাৰ আত্মকথা' ' নীৰু ' আদিৰ দৰে কবিতা । সেইদৰে পেটৰ বাবে শৰীৰ বিক্ৰী কৰা নাৰীক বেশ্যালয়ৰ নাৰকীয় পৃথিৱীৰ পৰা  উলিয়াই নিব বিচৰা কবিৰ মনৰ প্ৰতিফলন আছে 'বদনামী হৈ যাওঁ ব'লা' শীৰ্ষক  কবিতাত-' অলপ বদনামী হৈ যাওঁ ব'লা/নিয়মৰ বাহিৰত আকাশ চুবলৈ/... যাওঁ,হাতখন দিয়া,হাতত ধৰি /বদনামী ভাল পোৱালৈ/সলাই লোৱা তাত পুৰনি উৱলি যোৱা পোছাক/সলাই লোৱা হুমুনিয়াহ/সলাই লোৱা মৃত্যুক/...অলপ বদনামী হৈ যাওঁ,ব'লা/চৰাইৰ দৰে সীমা ভাঙি ভূগোলত/অলপ বদনামী হৈ যাওঁ ব'লা। '
     বেশ্যাবৃত্তিৰ ইতিহাস বহু পুৰণি যদিও আধুনিক বেশ্যাবৃত্তি ঘাইকৈ পুঁজিবাদৰ গৰ্ভত জন্ম।পুঁজিবাদৰ পুৰুষতান্ত্ৰিক ভোগবাদে নাৰীক পদদলিত কৰি ৰখা দস্তুৰটোক কবিয়ে বিৰুধিতা কৰিছে বহুকেইটা কবিতাত।তচলিমা নাচৰিণৰ উগ্ৰ ফেমিনিজমকো  বহু ক্ষেত্ৰত তেওঁ সমৰ্থন কৰিছে । ' বিবাহ-বিচ্ছেদ ' নামৰ কবিতাটিত তেওঁ লিখিছে -'মই ভাল পাওঁ প্ৰেমভৰা চুমা স্পৰ্শ/তেওঁ ভাল পায় মোৰ নগ্নতাক দাঁতেৰে বখলীয়াই/.....এনেদৰে কি একেলগে থকা সম্ভৱ/মোৰ বক্ষত মুখ গুজি/ তেওঁ যেতিয়া শুনায় বেশ্যালয়ৰ কাহিনী/মোৰ নাভিত ওঁঠ থৈ তেওঁ যেতিয়া শুনায়/অফিচৰ অনামিকা গোস্বামীৰ উৰুৰ তিলৰ কাহিনী../হি ইজ ড্ৰাগ এডিক্টেড/হি ইজ ড্ৰাগ এডিক্টেড/হি ইজ চেডিষ্ট/হি ইজ লুম্পেন মাই লৰ্ড /... একেই সকলো পুৰুষ/তেওঁৰ জননাংগত বহু নাৰীৰ ডিম্বাণু নিষিক্ত/বহু নাৰীৰ বিচনাত বৈছে তেওঁৰ বীৰ্য/....মোৰো মন যায় পুৰুষ বেশ্যাক মোৰ/ বিচনাত শুৱাই/মোৰ প্ৰিয় পুৰুষক সেই কাহিনী শুনাম/অন্যথা বলাৎকাৰ কৰোঁ যুগ যুগ শাসক শক্তিশালী পুৰুষক/ আৰু নৰ্দমাত গতিয়াই পেলাম ।'  
      কবিয়ে লক্ষ্য কৰিছে-ভোগবাদে মানুহক মানুহৰ কাষৰ পৰা আঁতৰাই লৈ গৈছে।আজিৰ এই যান্ত্ৰিক আৰু বস্তুবাদী জগতত যেন সকলো মানুহেই নি:সংগ। এগৰাকী বিবাহিতা নাৰীৰ এই নি:সংগতাক তেওঁ অংকণ কৰিছে ' বৈপৰীত্য' নামৰ কবিতাত।সেইদৰে ,আজিৰ যুগত নিজৰ কেৰিয়াৰ,সপোন ইত্যাদি পূৰণৰ বাবে দিনে-নিশাই ব্যস্ত হৈ থকা নিজৰ সন্তানৰ কাষতে অৱহেলিত হৈ বৃদ্ধাশ্ৰমত বাস কৰিবলগীয়া হোৱা দুৰ্ভগীয়া পিতৃ-মাতৃৰ হৃদয়স্পৰ্শী চিত্ৰ তেওঁ অংকন কৰিছে 'বৃদ্ধাশ্ৰমৰ পৰা মায়ে কৈছোঁ ' নামৰ কবিতাটিত - অকনো উমান নিদিয়াকৈ অভাৱৰ মাজতো সন্তানৰ বাবে মাক-দেউতাকে  সাজিছিল আশাৰ এটি ঘৰ। শীতত ঠাণ্ডা লাগিব বুলি তাৰ মাকে চুৱেটাৰ গুঁঠিছিল।দেউতাকে নিজে কঁপি থাকিলেও তাৰ বাবে কিনি আনি দিছিল জিন্স, জেকেট , জোতা। তাৰপাছত, দিনবোৰ গৈ থাকিল,ল'ৰাৰ এদিন ভাল দৰমহাৰ চাকৰি হ'ল।ব্যস্ততাই তাৰ সময়বোৰ কাঢ়ি লৈ গ'ল।সময়ৰ লগে লগে সি গৈ থাকিল,গৈ থাকিল..আৰু ইমান দূৰলৈ গ'লগৈ যে তাৰ বৃদ্ধ  মাক-দেউতাকে তাক আৰু নেদেখা হ'লগৈ। 

' জীৱনৰ দীঘল বাটেৰে তই থাকিলি গৈ
গৈ থাকোতে গৈ থাকোতে তই ৰৈ ৰৈ আমি নেদেখাই হ'লোঁ সোণ তোক
.....
এসময়ৰ ইমান ডাঙৰ ঘৰটো চোন হঠাতে সৰু হৈ গ'ল..
সোণ,তাৰ পাছত আৰু তোৰ জন্মদিন পালনৰ পোৱা নাই খবৰ
আকাশৰ বাৰান্দাত তই থিয় হৈ থাকিলি
মই তলৰ পৰা তোক ঢুকি নোপোৱা হ'লোঁ চোন!'
                        
   পাঠকৰ হৃদয় স্পৰ্শ কৰা প্ৰণৱৰ আন এটি কবিতা হৈছে ' চুইচাইড নোট '। কবিতাতটিত তেওঁ প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে
শিশু মনস্তত্বৰ হৃদয়স্পৰ্শী চিত্ৰ - এটি কণমানি শিশু,খেলাৰ বয়স তাৰ।কিন্তু খেলি থাকোঁতেও তাক টানি অনা হয়।তাৰ ওপৰত জাপি দিয়া হয় কিতাপৰ বোজা।ডাঙৰ হৈ অহাৰ লগে লগে কিতাপৰ বোজা বাঢ়ি যায়, মগজুত তাৰ সুমুৱাই দিয়া হয় ফিজিক্সৰ পোক,তেজত মেথমেটিক্সৰ পৰুৱা।সিহঁতৰ অসহ্য কামোৰত সি ৰাতি শুৱ নোৱাৰে।মাজৰাতি সাৰ পায় সি।সাৰ পাই ছবি আঁকিব খোজে,গীটাৰ বজাব খোজে,ফটো তুলিব খোজে জোনাকী পৰুৱাৰ।কিন্তু তাৰ ইচ্ছা আৰু সপোনবোৰক বাট ভেটি ধৰে মাক-দেউতাকৰ সপোনবোৰে-'' মোৰ সপোনক বাট ভেটি ধৰে /তোমাৰ সপোনে মা /পাপা মোক মুকলি কৰি দিয়া/মোক মুকলি কৰি দিয়া/ তোমালোকৰ সপোনৰ পৰা.../ক'তো ৰং নাই, বৰষুণ নাই/আকাশ নাই /..আৰু নহয় পাপা/তোমালোকৰ সপোনৰ উচ্চতাৰ পৰা/ সৰি পৰিব নোখোজো/তোমাৰ ইচ্ছাবোৰৰ উচ্চতাৰ পৰা তললৈ /নামি যাব নোখোজো মা/..মোক ক্ষমা কৰিবা/এই পৃথিৱীৰ বাবে মই লায়কৰ নাছিলো../পাপা,মা,এতিয়া মই যি উচ্চতাত /ওলমি থাকিম নিথৰ হৈ/তাৰ পৰা মোক নমাই নানিবা/মই তোমালোকৰ সপোনৰ সমান ওখ হ'ব খোজো ...! '                         
       এনেদৰেই মূলত: প্ৰেম,যৌনতা,মদ আৰু চিগাৰেটৰ ধোঁৱাৰে ধূসৰিত পৃথিৱীৰ পৰা
আৰম্ভ কৰি অৰ্ধাহাৰ-অনাহাৰত দিন কটোৱা অভাৰব্ৰীজৰ তলৰ বাসিন্দা,ভৱিষ্যতহীন অজস্ৰ শিশুৰ শুকান -মলিন মুখ,চাকৰিৰ বাবে অফিচে অফিচে ইণ্টাৰভিউ দি দি ভাগৰি পৰা অজস্ৰ নিবনুৱাৰ যন্ত্ৰণাকাতৰ হৃদয়,ধৰ্ষিতা গাভৰুৰ চিৎকাৰ, আন্ধাৰ গলিৰ বেশ্যা, ইত্যাদিৰ দৰে অলেখ বিষয়বস্তুলৈ তেওঁৰ দৃষ্টি প্ৰসাৰিত।এনেবোৰ বিষয়ক লৈয়ে তেওঁৰ অন্তৰে কান্দে,সেই কান্দোনেৰেই তেওঁ কবিতা লিখে। 
লিখি যায়-সৰি পৰা নক্ষত্ৰৰ টোপনি,মনজুইৰ লোকগল্প ,এটা নি:সংগ ঘোঁৰাৰ আত্মকথা,প্ৰেমৰ কবিতা, মঙলতি বুঢ়ী,কলকাতাৰ বেশ্যা দিল্লীৰ বৰষুন ,সন্দিকৈ কলেজ , চন্দ্ৰ গ্ৰহণ,কটন কলেজৰ হাজাৰ সন্ধিয়া,নৰকত নষ্ট ঈশ্বৰ,Weep not my love ,বিষন্ন প্ৰেয়সীৰ স্মৃতি,জঘন্য প্ৰেম জঘন্য মৃত্যু,মিছ বিদিশা আহিছে আদিৰ দৰে এখনৰ পাছত এখনকৈ গ্ৰন্থ। 
      তেওঁ বিশ্বাস কৰে- প্ৰেম সভ্যতাৰ সৰ্বোত্তম আৱিস্কাৰ,মহত্ততম অনুভূতি।সেইবাবেই তেওঁৰ কবিতাত আজিও প্ৰেম অন্তৰ্হিত হোৱা নাই।সেইবাবেই তেওঁ আজিও 'দেৱদাস'।আজিও তেওঁ 
তামাম চিগাৰেট শেষ কৰি চাৰ্বাক হয়,মদৰ বটল শেষ কৰি হয় ওমৰ খায়াম।কোনোবা 'পাৰু'ৰ স্মৃতিত লিখে -'এইয়া তোমাৰ উৱলা ফটো বুকুত বান্ধি/এঢোক ফটিকা পান কৰোঁ/আৰু কান্দো তোমাৰ সোঁৱৰণীৰে/কথা আছিল এদিন আমি/ পালন কৰিম/সেউজীয়া উৎসৱ/কথা আছিল/
কথা আছিল বহুত কথা কত কি..!'

কিছু ব্যক্তিগত :
      মাত্ৰ কেইদিন পূৰ্বে কবি প্ৰণৱ কুমাৰ বৰ্মনৰ আহিছিল মোৰ ঘৰলৈ।সেইদিনা প্রিয় কবিৰ সৈতে  অন্তৰংগভাৱে কিছু সময় কটোৱাৰ বিৰল আৰু অবিস্মৰণীয় সুযোগ লাভ কৰিছিলো।কবিৰ অপূৰ্ব সান্নিধ্যৰে উমাল হৈ পৰিছিল সিদিনাৰ সন্ধ্যা। প্ৰথমে এসাজ ভাত ,তাৰ পাছতে সমৱেত অতিথিসকলৰ আগত কবিৰ কণ্ঠেৰে 'সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ'ৰ আবৃত্তি।আচলতে,তেওঁ য'লৈকে যায়-অনুৰাগী শ্ৰোতাৰ বিপুল দাবীত তেওঁ আবৃত্তি কৰিবলগীয়া হয় এই কবিতা।এনেদৰেই বিগত দুটা দশক ধৰি সাগৰিকা বৰদলৈক তেওঁ কঢ়িয়াই লৈ ফুৰিছে বুকুত।
      সিদিনা কবিৰ কণ্ঠত সাগৰিকা যেন আকৌ উঠি আহিছিল জীৱন্ত হৈ,কবিৰ বুকুৰ পৰা। সাগৰিকাৰ চকুত চকু থৈ তেওঁ যেন ক'ব খুজিছিল-' সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে /ক'ত আহি জিৰাবহি সুখৰ চৰাই ? ' ভাৱিছিলোঁ-অন্তৰত কিমান দুখ ,কিমান যন্ত্ৰণা থাকিলে আচলতে  লিখিব পাৰি কবিতা-প্ৰেমৰ কবিতা,নৰক-যন্ত্ৰণাৰ কবিতা ! (সমাপ্ত)
     

















No comments:

Post a Comment

কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা-দুখৰ অৰণ্য নাথাকিলে ক'ত আহিজিৰাবহি সুখৰ চৰাই

প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা- দুখৰ অৰণ্য নাথাকিলে ক'ত আহি  জিৰাবহি সুখৰ চৰাই                                                   - বীৰ্কে বি থ...