সুগন্ধিত শব্দৰ কবি যোগেশ্বৰ মৰাণৰ কাব্য-বৈশিষ্ট্য
- বীৰ্কে বি থাপা
সুগন্ধিত শব্দৰ কবি প্ৰয়াত যোগেশ্বৰ মৰাণদেৱক মই এবাৰেই লগ পাইছিলোঁ। সেয়াও আজিৰ পৰা প্ৰায় এঘাৰ বছৰ পূৰ্বে ২০১৫় চনত। সেই বছৰ ১৭ জানুৱাৰী তাৰিখে অসম- অৰুণাচল সীমান্তৰ বৰডুমচাৰ নিকটৱৰ্তী ৰতনী পথাৰ গাঁৱত অনুষ্ঠিত হৈছিল 'বুঢ়ীদিহিং শাখা সাহিত্য সভা'ৰ ত্ৰয়োবিংশতিতম অধিৱেশন । অধিৱেশন উপলক্ষে আয়োজন কৰা কবি সন্মিলনখনি উদ্বোধন কৰিবলৈ মোক মতা হৈছিল। মাঘ মাহৰ জাৰ জাৰ লগা সন্ধিয়া কবি সন্মিলনখনি উদ্বোধন কৰিবলৈ গৈ অভিভূত হৈ পৰিছিলোঁ-বুঢ়ীদিহিঙৰ পাৰৰ কবিসকলৰ কবিতা পাঠ শুনি।অভিভূত হৈছিলোঁ- এই কবিসকলৰ কবিতাত জীৱন সম্পৰ্কীয় গভীৰ উপলদ্ধি আৰু সমাজচেতনাৰ মূৰ্ত প্ৰকাশ দেখি।
সি যি কি নহওক, কবি সন্মিলন' খনি সঞ্চালনা কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল অসমীয়া কাব্য জগতত 'মেঘালী ফুকন' ৰূপে পৰিচিতা, ডুমডুমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা তথা পৰৱৰ্তীকালত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পদ অলংকৃত কৰা ড:অৰুণা গগৈ বৰুৱা বাইদেউক। কিন্তু অসুস্থতাৰ বাবে তেখেত যাব নোৱাৰাত এই দায়িত্ব দিয়া হয় স্থানীয় কবি অমৃত সাগৰ ওৰফে প্ৰয়াত যোগেশ্বৰ মৰাণদেৱক। সেইবাৰেই মই তেখেতক প্ৰথম লগ পাওঁ। পাছত আৰু লগ পোৱা নহ'ল যদিও টেলিফোনিক যোগাযোগ মাজে সময়ে হৈছিল।তেখেতৰ অত্যন্ত বিনম্ৰ আৰু আত্মীয়তাপূৰ্ণ কথা-বতৰাই মোক বৰকৈ মুগ্ধ কৰিছিল।
কবি যোগেশ্বৰ মৰাণৰ প্ৰথমখন কাব্যগ্ৰন্থ
'প্ৰেমৰ কোনো আৱৰণ নাই' প্ৰকাশ হৈছিল ২০০৭ চনত। তাৰ দহবছৰ পাছত ২০১৭ আৰু ২০১৮ চনত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল ক্ৰমে
' নদীয়ে এৰি যোৱা নদীৰ যন্ত্ৰণাৰে' আৰু 'আত্মকথা'।২০১৮ চনত আকস্মিকতে আমাৰ মাজৰ পৰা হেৰাই যোৱা কবি যোগেশ্বৰ মৰাণদেৱে
এই তিনিখন কাব্যগ্ৰন্থ প্ৰকাশ কৰাৰ উপৰিও বিভিন্ন কাকত-আলোচনী আৰু স্মৃতিগ্ৰন্থসমূহত কবিতা ৰচনা কৰি সকলোৰে পৰিচিত হৈ পৰিছিল। উল্লেখযোগ্য যে তেখেতে ৰচনা কৰা সমস্ত কবিতা আৰু গীতৰ একত্ৰ সংকলন 'কথাবোৰ ক'ব পৰা হ'লে' প্ৰকাশ কৰি উলিয়াইছে বৰডুমচা শতদল সাহিত্য সভা আৰু বৰডুমচা কবি সন্মিলনে যুটীয়াভাৱে ২০২৩ চনত।
১৯৭৩ চনত এক নং মহং গাঁৱত জন্মগ্ৰহণ কৰা যোগেশ্বৰ মৰাণে তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত কিছুকাল চাহপাতৰ ব্যৱসায় কৰে।তাৰ পাছতে তেখেতে 'মাধৱপুৰ জাতীয় বিদ্যালয়' প্ৰতিষ্ঠা কৰে আৰু বিদ্যালয়খনতে নিজৰ সমগ্ৰ জীৱন উচৰ্গা কৰে।
দূৰ-শিক্ষাৰ জৰিয়তে অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা যোগেশ্বৰ মৰাণৰ ৰুচি আছিল কবিতাৰ প্ৰতি। ২০০৭ চনত প্ৰকাশিত প্ৰথমখন কাব্যগ্ৰন্থ ('প্ৰেমৰ কোনো আৱৰণ নাই')ৰ নামকৰণৰ পৰা সন্নিৱিষ্ট কবিতাসমূহৰ বিষয়বস্তু মূলত: প্ৰেম যেন লাগিলেও প্ৰেমৰ উপৰিও জীৱন আৰু পাৰিপাৰ্শ্বিক জগত সম্পৰ্কতো কবিৰ নিজস্ব বোধ বা দৃষ্টিভংগী প্ৰতিফলিত হৈছে।
এই কথা অৱশ্যেই মন কৰিবলগীয়া যে প্ৰথমখন কাব্যগ্ৰন্থত সন্নিৱিষ্ট 'জোনাকত', 'আচলতে প্ৰেম', 'অনুভৱ', 'এখন প্ৰেমৰ চিঠি', 'প্ৰতিশ্ৰুতি', 'উতলা যৌৱন', 'তোমাৰ কথা ভাৱি' আৰু 'ভেলেণ্টাইন ডে' আদিৰ দৰে কবিতাসমূহৰ নিৰ্মানশৈলী সুন্দৰ যদিও বিষয়বস্তুৰ গভীৰতা বিশেষ পৰিলক্ষিত নহয়। কিন্তু তেখেতৰ প্ৰেমবিষয়ক সকলোবোৰ কবিতাক উতনুৱা যৌৱনৰ চঞ্চল প্ৰতিচ্ছবি বুলিও ক'ব নোৱাৰি।উদাহৰণস্বৰূপে, 'আচলতে প্ৰেম' শীৰ্ষক কবিতাত কবিয়ে প্ৰেম সম্পৰ্কে তেখেতৰ নিজস্ব ধাৰণা ব্যক্ত কৰিবলৈ চেষ্টা কৰিছে। তেখেতৰ দৃষ্টিত প্ৰেম হৈছে এক' অবিনশ্বৰ সত্তা'-
প্ৰেমৰ কোনো আৱৰণ নাই
নাই নিজস্ব ৰং - - -
প্ৰেম নহয় যৌৱনৰ এচাটি বতাহ
ব'হাগৰ জীপাল পৰশ লাগি
উজ্জীৱিত হোৱা
নহয় নতুন উন্মাদনা - - -
আচলতে
প্ৰেম এক মহিমামণ্ডিত অবিনশ্বৰ সত্তা
(আচলতে প্ৰেম)
কিন্তুু, কবিয়ে এই কথাও লক্ষ কৰিছে যে আজিৰ যুগত 'প্ৰেম ' নামৰ এই অবিনশ্বৰ সত্তাক হত্যা কৰা হৈছে। প্ৰেমৰ ঠাইত আজি ঘৃণাৰ জুই বিয়পাই দিয়া হৈছে। সেয়ে কবিয়ে লিখিছে-
তোমাক লগ পোৱাৰ
প্ৰথম নিশাতেই
মই মোক হত্যা কৰিছোঁ
দলিয়াই পেলাইছোঁ মোৰ ঠিকনা
সেউজীয়া হাঁহি থকা
মোৰ প্ৰেমৰ পথাৰত তুলি ধৰিছোঁ
একুৰা জুই
যি দহিব পাৰে
মানুহৰ ভালপোৱা
আচলতে
ইয়াত হৃদয় নামৰ একোৱেই নাই
নদীৰো গভীৰতা নাই
ৰাতিবোৰ দিন
দিনবোৰ ৰাতি
(বিপৰ্যয়)
যোগেশ্বৰ মৰাণৰ প্ৰকাশিত তিনিওখন কাব্যগ্ৰন্থৰে সামগ্ৰিকভাৱে সূক্ষ্ম পৰ্যৱেক্ষণ কৰি ক'ব পাৰি যে তেখেতৰ বহুকেইটা কবিতাত জীৱন সম্পৰ্কীয় গভীৰ অন্তৰ্দৃষ্টি সুন্দৰৰূপত প্ৰতিফলিত হৈ উঠিছে।
যোগেশ্বৰ মৰাণৰ কবিতাসমূহত পৰিলক্ষিত হোৱা বৈশিষ্ট্যসমূহৰ সম্পৰ্কত ক'বলৈ হ'লে প্ৰথম কথা হ' ল - তিনিওখন কাব্যগ্ৰন্থতে কবিৰ ব্যক্তিগত প্ৰেমে স্থান লাভ কৰিছে। তেখেতৰ 'আহ্বান-১' শীৰ্ষক কবিতাৰ পঠনে আমাক এই উপলদ্ধি আনি দিয়ে যে প্ৰেম যেন স্মৃতিৰ এখনি নৈ হৈ কবিৰ হৃদয়ত বৈ আছে।এই স্মৃতিৰ পটত কেতিয়াবা প্ৰেয়সীৰ মুখখনিয়ে 'শস্যগৰ্ভা আঘোণৰ সোনালী হাঁহি' হৈয়ো ধৰা দিছে। এই প্ৰেমেই কবিৰ প্ৰেৰণা। তেখেতে লিখিছে-'কবিতাইতো প্ৰেমৰ অমৃত বাণী'। মন কৰিবলগীয়া কথা এয়ে যে যোগেশ্বৰ মৰাণৰ কবিতা ব্যক্তি-প্ৰেমৰ পৰা ক্ৰমশ: মানৱ-প্ৰেমলৈ পৰ্যৱেশিত হৈছে -
কবিতাইতো প্ৰেমৰ অমৃত বাণী
দেৱদূতৰূপী ৰূপান্তৰৰ গান
যি মানুহৰ হৃদয়ত ফুলাব পাৰে
সৰগৰ পাৰিজাত
আহক, আমি পাঠ কৰোঁ
পোহৰৰ কবিতা
মানুহৰ হৃদয়ত ফুলাওঁ ফুল
আমাৰ পঠিত কবিতাৰ শব্দৰ বোকোচাত উঠি
পাৰ হওঁ
আহিব লগা ৰাতিৰ হ'ব পৰা দুৰ্যোগ
('আহ্বান-২)
সেইবাবেই মানুহৰ প্ৰেমত অতল বিশ্বাস ৰখা কবিয়ে কেতিয়াও ঘৃণা বা হিংসাক প্ৰশ্ৰয় দিব নোৱাৰে, কোনো সন্ত্ৰাসবাদী বিপ্লৱী সংগঠনৰ নিৰ্মম হত্যাকাণ্ডক সমৰ্থন কৰিব নোৱাৰে। নিষিদ্ধ সংগঠনৰ দ্বাৰা সংঘটিত নিৰ্মম হত্যাকাণ্ডৰ দৰে ঘটনাক তেখেতে কবিতাৰে বিৰুধিতা কৰি লিখিছিল-
তুমি যেতিয়াই বিচ্ছিন্নতাৰ ৰঙেৰে
ৰাঙলি কৰিছা দুহাত
অঁ ঠিক তেতিয়াই
মই মোৰ কলিজা ফালি
বোৱাইছোঁ তেজ
বোৱাইছোঁ নদী
উত্তাল কৰিছোঁ বতাহ
মোৰ এটাই দুখ
তুমি যি ভালপোৱা
যি কাম কৰি তুমি সুখেৰে থাকা
মই যে তাক ভাল পাব নোৱাৰোঁ
(প্ৰত্যাহ্বান)
একে সময়তে শ্ৰেণীশোষণৰ বিৰূদ্ধেও কবিৰ উদ্গীৰিত ক্ষোভৰ বহি:প্ৰকাশ আমি দেখিবলৈ পাওঁ তেখেতৰ 'শুৰ পোক' নামৰ কবিতাটিত।কোৱা নিস্প্ৰয়োজন যে কবিতাটিত 'শুৰপোক' নি:সন্দেহে শোষকৰ প্ৰতীক। 'শাণ দিয়া কাঁচি'ৰ উল্লেখত আমি তেখেতৰ বামপন্থী প্ৰগতিবাদী চেতনাৰ সুৰ এটি ক্ষীণকৈ হ'লেও অনুৰণিত হোৱা অনুভৱ কৰিব পাৰোঁ-
থোকে থোকে
কুটি খালি
মোৰ সপোন..
শুৰপোক
শুৰপোক
আৰু নোজোকাবি মোক
জানইতো
কমাৰশালত
শাণ দিছোঁ
কাঁচিৰ চোক
সেইদৰে সম্প্ৰতি ধৰ্মক কেন্দ্ৰ কৰি মানুহৰ মাজত গঢ় লৈ উঠা ধৰ্মীয় সাম্প্ৰদায়িক মনোভাৱৰ বিৰূদ্ধেও তেখেতে নিজৰ বীতশ্ৰদ্ধ মনোভাৱ প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। তেখেতে লিখিছে-
মানৱীয়তাৰ লৌহ শিকলি ছিঙি
সংকীৰ্ণতাৰ তাড়নাত মানুহ
জাতি-বিজাতি
দেশী বিদেশী
ধৰ্ম- বিধৰ্মৰ ফোপোলা বৰ্ম পৰিধানেৰে
আধ্যাত্মিকতাৰ অহমিকাত আৱদ্ধ
আ:
তেজৰো ইমান দুৰ্গন্ধ
তেজে তেজৰো ইমান যে যুদ্ধ
(এটা চিঞৰৰ বাবে)
আজিৰ যুগত ক্ষুদ্ৰ স্বাৰ্থৰ বাবে মানুহে মানুহৰ সৈতে সম্পৰ্ক ছিন্ন কৰে। এই কথাইয়ো কবিক ব্যথিত কৰিছে। ব্যথিত হৃদয়েৰে তেখেতে লিখিছে-
সম্পৰ্কবোৰ শেষ হ' লেও
ৰৈ যায় অৱশেষ
স্মৃতিৰ বৰষুণ হৈ
তিয়াই থাকে
বুকুৰ প্ৰদেশ
( সম্পৰ্কবোৰ শেষ হ'লেও)
দ্বিতীয়তে, কবি যোগেশ্বৰ মৰাণ লালিত হৈছিল দিহিঙপৰীয়া গাঁৱত।সেয়ে নৈৰ স'তে তেখেতৰ আজন্ম সম্পৰ্ক। এই নৈয়ে তেখেতৰ কবিতাৰ ভাৱজগতত যথেষ্ট ঠাই আগুৰি আছে।প্ৰায়বোৰ কবিতাতে তেখেতে নৈক এবাৰলৈ হ'লেও টানি আনিছে।কবিৰ বাবে -'এই নদীৰ উৰ্মিমালাই মোৰ/নি:সংগতাৰ সংগ '। 'অনুনয়' শীৰ্ষক কবিতাত তেখেতে লিখিছিল-
মোক এই নদীৰ স'তেই সহবাস কৰিবলৈ দিয়া
কাৰণ, এই নদীয়েই মোৰ ঘৰ
মোৰ সোঁৱে - বাৱেঁ, উশাহে - নিশাহে
এই নদীয়েই সুবিস্তৃত জলধাৰ...
য'ত নদী নাই তেনে ঠাইলৈ মই
কোনো দিনে যোৱা নাই
তাত কোনো সুৰৰ লয়লাস অথবা
মন উৰুওৱা ফাগুনৰ মলয়া নাই
তাত তৃষ্ণাতুৰ মনৰ প্ৰাণ নাই
নাই সপোনৰ ঢল...
নদীৰ দৰে অৰণ্যৰ সৈতেও কবিয়ে স্থাপন কৰিছে অনুৰূপ এক অন্তৰংগ সম্পৰ্ক-
মোৰ বুকুৰ দুৱাৰ খুলি
সোমাই আহিল
এখনি অৰণ্য
অৰণ্যৰ স'তে লয়লাস গতিৰে
এখনি নদী
ফেনিল তৰংগ
(অৰণ্য আৰু নদী)
হৃদয়ৰ আঁহে-পাহে অৰণ্যই
আলফুলে মেলি দিছে তাৰ শিপা
দুৰ্বিনীত সময়ৰ কুঁৱলী আঁতৰাই
বোৱাই দিছে
অৰণ্য সন্তান নদীৰ ফেনিল তৰংগ
য' ত মই স্নান কৰোঁ পুৱা-গধূলি.. ।
(অৰণ্যৰ স'তে)
এই নদীৰ প্ৰেমতে কবিয়ে তেখেতৰ দ্বিতীয়খন কবিতাপুথিৰো নামকৰণ কৰিছে- 'নদীয়ে এৰি যোৱা নদীৰ যন্ত্ৰণাৰে'।
ঐতিহ্যপ্ৰীতি হৈছে যোগেশ্বৰ মৰাণৰ কবিতাৰ এক অন্যতম বৈশিষ্ট্য। তেখেতৰ কবিতাত সেয়ে অসমীয়া সমাজ-জীৱনৰ বিলুপ্তপ্ৰায় কিছু ঐতিহ্যপূৰ্ণ সামগ্ৰী যেনে তাঁত, ঢেঁকী আদিয়ে স্থান লাভ কৰিছে, যেনে-
(১) তোৰ বাবেই
আইতাৰ দুচকুত উজলি উঠে
বহাগ
উদ্দাম হয় মাঘৰ মেজি
বৰণি মাৰিৰ দুপাখিত
উচ্ছল হয় সপোন নদী
আজি তই নাই
জীৰ্ণ কটৰা
জীৰ্ণ খুবলি
আইতাৰ স'তে তয়ো
কিয় গুছি গ' লি
(তাঁত)
(২) ঢেং কুলুক
ঢেং কুলুক
তোৰ সন্মোহন
জয়াল ৰাতিৰ নিস্তব্ধতা ভাঙি
ৰিণিকি
ৰিণিকি
সাৰে আছে মোৰ গাঁও
সাৰে আছে পৃথিৱী
(ঢেঁকী)
শেষত, তেখেতৰ কবিতাৰ এক উল্লেখনীয় বৈশিষ্ট্য হৈছে - চিত্ৰকল্প। ভাৱৰ গভীৰতা নাথাকিলেও তেখেতৰ বহুকেইটা কবিতা কেৱল চিত্ৰকল্পৰ বাবেও সুন্দৰ হৈ উঠিছে। যেনে-
শেৱালী যেতিয়া ফুলে
কলপতীয়াৰঙী এটি বিষাদ
গান হৈ ঘূৰি ফুৰে
আন্ধাৰৰ
আঁৰে আঁৰে
মোৰ শিতানৰ দুয়োকাষে
কাকিনী পোহৰবোৰে জুম বান্ধে
বতাহেও ল'ৰাব নোৱাৰা
নিৰ্যাসবিহীন শুকান নৰাৰ দৰে
স্থিৰ, নিৰ্জীৱ
কুঁৱলীয়ে কুঁৱলীয়ে
(শেৱালী যেতিয়া ফুলে)
কবিতাটিত উল্লেখিত 'কলপতীয়াৰঙী এটি বিষাদ', 'কাকিনী পোহৰবোৰে' আদি চিত্ৰকল্পই পাঠকৰ সন্মুখত গ্ৰাম্য পৰিৱেশ এটা যেনেকৈ তুলি ধৰে, ঠিক তেনেকৈ তেখেতে কুঁৱলীক 'নিৰ্যাসবিহীন শুকান নৰাৰ দৰে' বুলি চিত্ৰিত কৰা কাৰ্যত পাঠকে কবিৰ অনুভৱ-শক্তিৰ সূক্ষ্মতাকো উপলদ্ধি কৰিব পাৰে। সেইদৰে 'দুগালত ৰ'দৰ চিকমিকনি/লাৱনি হাতত ঘিলাচকলীয়া সপোন'(আঘোনৰ দাৱনী),
' বিৰিয়াৰ বোকোচাৰে বৈ অহা/ন-ভাতৰ জহা জহা মলমলীয়া সুগন্ধ'(আঘোন), ' জুইত পোৰা মাছৰ দৰে জঁপিয়াইছে চহৰ' (ৰ'দৰ দহন) আদিৰ দৰে বাক্যাংশৰে তেখেতে সুন্দৰ চিত্ৰকল্প নিৰ্মান কৰিছে। বিশেষকৈ অসমৰ সমাজ- জীৱনক প্ৰভাৱিত কৰা গ্ৰাম্য-প্ৰকৃতি আৰু ঋতুসমূহৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত তেখেতৰ চিত্ৰকল্পসমূহৰ নিৰ্মান অত্যন্ত সাৰ্থক ৰূপত ধৰা দিছে।
মূলত: আশীৰ দশকত আৰম্ভ হোৱা অসমীয়া কবিতাৰ চিত্ৰকল্পবাদী ধাৰাৰ এগৰাকী বলিষ্ঠ কবি আছিল যোগেশ্বৰ মৰাণ।কিন্তু অত্যন্ত দুখৰ কথা যে
দিহিংপৰীয়া এইগৰাকী কবি বহুতৰ বাবে আজিও অপৰিচিত হৈয়ে ৰৈ গ'ল। (সমাপ্ত)
বি:দ্ৰ:' অসম আদিত্য:(এপ্ৰিল ২০২৬)ত প্ৰকাশিত।
No comments:
Post a Comment