বিহুৰ ঐতিহ্য আৰু সংকট
- বীৰ্কে বি থাপা
অসমৰ জাতীয় উৎসৱ বিহুৰ উৎপত্তি সন্দৰ্ভত ভিন্ন জনে ভিন্ন মত পোষণ কৰা দেখা যায়। সংস্কৃত
'বিষুবত' শব্দৰ পৰা ' বিহু' শব্দৰ উৎপত্তি হোৱা বুলি বহুতে ক'ব খোজে যদিও সেয়া বৰ যুক্তিসংগত যেন নালাগে। কাৰণ,ভাৰতবৰ্ষত বৈদিক আৰ্যসকলে প্ৰৱেশ কৰাৰ পূৰ্বৰে পৰা অসমত বহু হাজাৰ বছৰ ধৰি বসবাস কৰি থকা বিভিন্ন জনগোষ্ঠীয় সমাজত বিহুৰ প্ৰচলন আছিল। দ্বিতীয়তে, বিহুৰ যি স্বকীয় ৰূপ সেয়া অসমৰ বাহিৰে ভাৰতবৰ্ষৰ অন্য কোনো প্ৰান্ততে দেখিবলৈ পোৱা নাযায়। অৱশ্যে এই কথা সত্য যে বছৰৰ প্ৰথম মাহ হিচাপে বহাগক আদৰা পৰম্পৰা এটা অসমৰ দৰে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য তথা এচিয়াৰ দেশসমূহতো আছে।সেইদৰে বসন্ত উৎসৱ ৰূপেও বহাগ মাহটো পৃথিৱীৰ বিভিন্ন দেশত বসন্ত উৎসৱ ৰূপে পালন কৰা পৰিলক্ষিত হয়।
অসমৰ ক্ষেত্ৰত দেখা যায় যে ফাগুন মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ চ'ত আৰু ব'হাগ মাহৰ প্ৰায় শেষলৈকে ইয়াত বসন্ত কাল অনুভূত হয়। এই ঋতুত প্ৰকৃতিয়ে ন- কুঁহি পাত,ফুল-ফুল, কুলি-কেতেকীৰ মাতেৰে ন-ৰূপ লয়। ন-পানীৰ ঢলে পথাৰৰ মাটি তিয়াই পেলোৱা এই সময়ছোৱাতে অসমত গঞা, কৃষিজীৱি লোকসকলে খেতিখোলাৰ কামো আৰম্ভ কৰে। ন-উদ্দীপনাৰে সাৰ পাই উঠা এই সময়ছোৱাতে সকলোৰে প্ৰাণত প্ৰকৃতিৰ সৈতে একাত্ম হৈ বসন্তক উদযাপন কৰাৰ উদগ্ৰীৱ বাসনা জাগি উঠে।
অসমৰ জাতীয় জীৱনত বিহুৰ স্বকীয় ৰূপ আৰু বৈশিষ্ট্য আছে। লক্ষণীয় যে,বিহু বুলি ক'লে অসমত বহাগ বিহু,মাঘ বিহু আৰু কাতি বিহু-এই তিনিটা বিহু পালন কৰা হয়।এই তিনিওটা বিহুৰে সুকীয়া সুকীয়াকৈ প্ৰত্যেকৰে স্বকীয় আৰু তাৎপৰ্যপূৰ্ণ বৈশিষ্ট্য আছে। অসমত পালন কৰা বিহুক মূলত: অনাৰ্য অৱদান বুলি ক'লেও বহুখিনি বৈদিক আৰ্যীয় বৈশিষ্ট্যও পৰিলক্ষিত হয়। বিশেষকৈ মাঘ বিহুত মেজি জ্বলাই অগ্নিদেৱতাক সেৱা কৰা বা কাতিবিহুত লখিমী আইক উদ্দেশ্যি চাকি-বন্তি জ্বলোৱা পৰম্পৰাৰ সৈতে বৈদিক পৰম্পৰাৰ ঘনিষ্ট সম্পৰ্ক থকা বিষয়টোক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে বিহুক বৈদিক আৰ্য আৰু অনাৰ্য পৰম্পৰাৰ সন্মিলিত ৰূপ বুলিও ক'ব পাৰি। সম্ভৱত: এয়া অনাৰ্যসকলৰ বিহুত আৰ্যসকলৰ প্ৰভাৱ।
অসমত বসবাস কৰি থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বহু প্ৰাচীন কালৰে পৰা বিহু পালন কৰি অহা কথা জানিব পৰা যায়।কিন্তু এই বিহু প্ৰথমে কোনটো জনগোষ্ঠীয়ে পালন কৰিছিল সেয়া সঠিককৈ ক'ব নোৱাৰি।এইক্ষেত্ৰত অসমৰ বিভিন্ন জনগোষ্ঠীয়ে আগবঢ়োৱা যুক্তিসমূহ সমানে তাৎপৰ্যপূৰ্ণ। বহুতে ক'ব খোজে যে টাই ভাষাত 'পয়' মানে উৎসৱ আৰু 'হু' মানে গৰু, অৰ্থাৎ গো-উৎসৱ। এই 'পয়-হু'ৰ পৰাই অপ্ৰভ্ৰংশ হৈ 'বিহু' শব্দৰ উৎপত্তি হৈছে। কৃষিজীৱি সাধাৰণ লোকসকলৰ বাবে গৰু অত্যন্ত মূল্যবান সম্পদ। গৰু অবিহনে হাল বাব নোৱাৰি। সেয়ে খেতি-খোলাৰ কাম আৰম্ভ কৰাৰ আগে আগে গো-সেৱা কৰা এটা লোকাচাৰ হ'ব পাৰে।বড়োসকলেও তেওঁলোকৰ বিহু ' বৈচাগু'ত প্ৰথম দিনাই পুৱাৰ ভাগত গৰুক গা-ধোৱাই গো-সেৱা কৰে। সেই অৰ্থত' বিহু ' শব্দৰ উৎপত্তি সম্পৰ্কীয় যুক্তি অখণ্ডণীয় যদিও টাই আহোমসকলৰ আদিম বৃত্তি সম্পৰ্কীয় কথাবোৰো জুকিয়াই চাব লাগিব। সেয়া অৱশ্যেই অধ্যয়নৰ বিষয়। আনহাতে চুতীয়াসকলৰ মতে, বিহু শব্দৰ উৎপত্তি হৈছে' বিচু'ৰ পৰা। তেওঁলোকৰ ভাষাত' বি' মানে 'অতি' আৰু 'চু' মানে' আনন্দময়'। অৰ্থাৎ বহাগ বিহুৰ সময়ছোৱাত অতি আনন্দময় পৰিৱেশৰ সৃষ্টি হয় বাবেই চুতীয়াসকলে বিহুক 'বিচু' বুলিছিল। এই যুক্তিও তাৎপৰ্যপূৰ্ণ।
সি যি কি নহওক, ইতিহাসবিদসকলৰ মতে, কৃষিকাৰ্য পোন প্ৰথমে আৰম্ভ কৰিছিল অষ্ট্ৰ-এচিয়াটিক আৰু তিব্বতো-বৰ্মী মংগোলীয়সকলে। গতিকে বহু হাজাৰ বছৰ পূৰ্বে অসমত পদাৰ্পন কৰা তিব্বতো-বৰ্মী মংগোলীয় গোষ্ঠীৰ( বড়ো-কছাৰী , ৰাভা, মেচ, চুতীয়া, দেউৰী, সোনোৱাল, মৰাণ-মটক, কোঁচ, ডিমাছা, লালুং, গাৰো আদি) কৃষিজীৱি লোকসকলৰ পৰাই বিহুৰ পৰম্পৰা আৰম্ভ হোৱা বুলি ক'ব পাৰি। এইসকল
জনগোষ্ঠীৰ কৃষিজীৱি লোকে স্বকীয় নিয়মানুসৰি নিজ নিজ অঞ্চলত পালন কৰা বিহুৱে কালক্ৰমত এক সাৰ্বজনীন ৰূপ লাভ কৰি অসমৰ জাতীয় উৎসৱলৈ পৰিণত হৈছিল।
কোৱা হয়, চুতীয়া ৰজা সকলৰ দিনতে বিহুৱে ৰাজকীয় স্বীকৃতি লাভ কৰিছিল।চুতীয়াসকলৰ ৰাজত্বৰ সময়ছোৱাত চাৰি শাল গোসাঁনীক স্মৰণ কৰি পুৰোহিত দেউৰীসকলে বিহু নমাইছিল।সেইদৰে সোনোৱালসকলেও বাইথ' মন্দিৰত খ্ৰীং দেৱতালৈ পূজা-সেৱা আগবঢ়াই হায়দাং গীত গাই অতীতৰে পৰা বিহু নমোৱা পৰম্পৰা চলি আহিছে।
চুতীয়াসকলৰ ৰাজত্বকালত ৰাজকীয় স্বীকৃতি লাভ কৰা বিহুক আহোম স্বৰ্গদেউসকলেও মৰ্যদা প্ৰদান কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহই বিহুলৈ ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়োৱাৰ উপৰিও গছ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনিছিল বুলি কোৱা হয়। অৱশ্যে আহোমৰ ৰাজত্বকালত ৰচিত বুৰঞ্জীপুথিসমূহত এই কথাৰ উল্লেখ নথকা হেতুকে ই এতিয়াও অধ্যয়নৰ বিষয় হৈ আছে।
সপ্তদশ শতিকাত আহোম স্বৰ্গদেউসকলে হিন্দুধৰ্ম গ্ৰহণ কৰি বৰৰজা ফুলেশ্বৰীৰ সময়ছোৱাৰ পৰা দুৰ্গা গোঁসানীৰ পূজা কৰিবলৈ লোৱাৰ পৰা বিহুত তাৰ কিছু প্ৰভাৱ পৰা বুলি অনুমান কৰিব পাৰি। এই প্ৰভাৱৰ ফলস্বৰূপে হুঁচৰি আৰু বিহুনামসমূহত 'গোঁসানী'ৰ উল্লেখ হ'বলৈ আৰম্ভ কৰিছিল। দ্বিতীয়তে, সাধাৰণ জনতাই সেইকালত প্ৰথমে ৰজাঘৰত আৰু তাৰ পাছত ডা-ডাঙৰীয়াসকলৰ ঘৰত হুঁচৰি মাৰি বিহু আৰম্ভ কৰিছিল।
শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তন কৰাৰ পাছৰে পৰা হুঁচৰি আৰু বিহুনামবোৰত' গোঁসানী'ৰ পৰিৱৰ্তে 'কৃষ্ণ/ৰাম'ৰ নাম লোৱা আৰম্ভ হৈছিল। উল্লেখযোগ্য যে ৰাজ কাৰেং বা ডা-ডাঙৰীয়াসকলৰ ঘৰত মৰা হুঁচৰি আৰু হুঁচৰি- বিহুত চুৰিয়া ভৰিৰ গাঁঠিলৈকে দীঘলকৈ পিন্ধাৰ নিয়ম আছিল। এই পৰম্পৰাৰে এতিয়াও বহু সমাজত চুৰিয়া দীঘলকৈ পিন্ধা নিয়ম বলবৎ আছে। আনহাতে কৃষিজীৱি, জনগোষ্ঠীয় সমাজসমূহত চুৰিয়া আঁঠুলৈকে, চুটিকৈ পিন্ধাৰহে পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে।
বিহুৰ এটা তাৎপৰ্যপূৰ্ণ বৈশিষ্ট্য হৈছে - বিহুৰ সৈতে সম্পৰ্কিত লোকাচাৰসমূহত প্ৰতিফলিত হৈ উঠা কৃষিজীৱি লোকসকলৰ সামাজিক লোকাচাৰসমূহ। বিহুৰ সৈতে সম্পৰ্কিত গীত-মাতসমূহতো গ্ৰাম্য-সমাজ আৰু প্ৰকৃতিৰ চিত্ৰ সুন্দৰ ৰূপত প্ৰতিফলন ঘটা পৰিলক্ষিত হয়। এই গীতমাতবোৰ মূলসূঁতিৰ অসমীয়া গীত-মাতেই হওক বা জনগোষ্ঠীয় গীত-মাতেই হওক, যথেষ্ট সাদৃশ্য লক্ষ কৰা যায়। উদাহৰণ স্বৰূপে, অসমীয়া বিহু নামসমূহত প্ৰতিফলিত হোৱা প্ৰকৃতি আৰু গ্ৰাম্য জীৱনৰ বৰ্ণনা, প্ৰেম-প্ৰণয়, দুখ-বেদনা, সামাজিক বৈষম্য আদিৰ চিত্ৰ জনগোষ্ঠীয় গীত-মাতসমূহতো সমানে প্ৰতিফলিত হৈছে। দ্বিতীয়তে, বিহুৰ এক অবিচ্ছেদ্য বাদ্য হৈছে ঢোল। অৱশ্যে মূলসুঁতিৰ অসমীয়া আৰু অসমৰ অন্যান্য জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰা ঢোলৰ গঠন, আকাৰ আৰু বাদন-শৈলীৰ মাজত পাৰ্থক্য আছে। সেইদৰে হঁচৰি, বিহুনাম, গছতলৰ বিহু, গাভৰু বিহু আদিত ব্যৱহৃত বাদ্য, যেনে- পেঁপা, গগণা, টকা, সুতুলি বা
অন্যান্য জনগোষ্ঠীয় বাদ্যসমূহৰ তথা নাচোন-ভংগীমাৰ স্বকীয় বৈশিষ্ট্য আছে। ভাৰতীয় ধ্ৰুপদী সংগীত বা ধ্ৰুপদী নৃত্যৰ পৰা পৃথক যদিও বিহুৰ সৈতে সম্পৰ্কিত গীত-মাত, নাচোন-ভংগী, বাদ্যযন্ত্ৰ আদি স্বকীয় বৈশিষ্ট্যৰে পূৰ্ণ।
বিহুত পৰিধান কৰা সাজ-পাৰ, আ-অলংকাৰ আদিয়েও বিহুৰ সৌন্দৰ্যক অনন্য ৰূপত তুলি ধৰে।
বিহুৱতী গাভৰুৱে পৰিধান কৰা মুগাৰ চাদৰ- মেখেলা, ৰিহা,হাঁচতি,জোনবিৰি, ঢোলবিৰি, গামখাৰু, কেৰু, মণি, থুৰীয়া, কপৌ ফুল, দুহাতৰ জেতুকা আৰু বিহুৱা ডেকাই পৰিধান কৰা কপাহী চুৰীয়া, হাত-কটা চোলা, টঙালী, ফুলাম গামোচা আদিয়েও চিৰ যুগমীয়া অসমীয়া কৃষ্টি-সংস্কৃতিক প্ৰতিফলিত কৰে। সেইদৰে বিহুত ব্যৱহৃত অন্যান্য জনগোষ্ঠীয় সাজ-পাৰ, অলংকাৰ আদিয়েও বৃহত্তৰ অসমীয়া সংস্কৃতিৰ সমৃদ্ধ ঐতিহ্য আৰু সৌন্দৰ্যক প্ৰতিবিম্বিত কৰে।
সময়ৰ সোঁতত বিহুৱে গৈ এদিন মঞ্চত স্থান লাভ কৰিছিল। প্ৰকাশিত তথ্য মতে, ১৯২৯ চনত পোনপ্ৰথমবাৰৰ বাবে গোলাঘাটৰ বেতিয়নীত বিহু
মঞ্চত বিহু প্ৰদৰ্শন কৰা হৈছিল।তাৰ পাছত ১৯৪১ মঞ্চ বিহুৰ আয়োজন কৰা হয় শিৱসাগৰত। অৱশেষত ৰাধাগোবিন্দ বৰুৱাৰ পৃষ্ঠপোষকতাত
১৯৫১ চনত গুৱাহাটীত আয়োজিত বিহু সন্মিলনৰ পাছৰে পৰা মঞ্চ- বিহুৱে সমগ্ৰ অসমজুৰি জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰে।
মঞ্চ-বিহুয়ে বিপুল জনপ্ৰিয়তা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ কেতবোৰ ইতিবাচক দিশ অৱশ্যেই পৰিলক্ষিত হয়। বিশেষকৈ, এই কথা সকলোৰে জ্ঞাত যে পশ্চিমীয়া আৰু বঙলা শিক্ষা-সংস্কৃতিৰে উঠি অহা অসমৰ একাংশ মধ্যবিত্তীয় শ্ৰেণীয়ে ফোপোলা অহংকাৰত মত্ত হৈ
এসময়ত বিহুক বৰ বেয়াকৈ তুচ্ছ-তাচ্ছিল্য কৰিছিল। মঞ্চ-বিহুৰ জনপ্ৰিয়তা তেনে তুচ্ছ - তাচ্ছিল্যৰ বিৰূদ্ধে এক প্ৰত্যাহ্বান হৈ থিয় দিলে। তাৰ লগে লগে বিহুনাম আৰু বিহু-নাচসমূহে মঞ্চত এক সমাহিত ৰূপো পৰিগ্ৰহণ কৰিলে। মঞ্চত প্ৰদৰ্শিত হোৱাত বিহুৰ স্বকীয় সৌন্দৰ্য আৰু গৰিমা অসম তথা ভাৰতবৰ্ষৰ বাহিৰৰ লোকসকলৰো দৃষ্টিগোচৰ হোৱাৰ বাট মুকলি হ'ল।
কিন্তু মঞ্চ-বিহুত দেখা দিয়া কেতবোৰ নেতিবাচক দিশো আমি আওকান কৰিব নোৱাৰোঁ।
বিশেষকৈ, মঞ্চ-বিহুসমূহ ঘাইকৈ প্ৰদৰ্শনকেন্দ্ৰিক হৈ পৰাত বিহুনাম, বিহুনাচ, সাজ-সজ্জা আদিত বহুখিনি কৃত্ৰিমতা আহি পৰিল। ফলত বিহুৰ যি স্বাভাৱিক সৰল সৌন্দৰ্য সেয়া বহুখিনি লোপ পালে। দ্বিতীয়তে, বিহু-মঞ্চসমূহত 'প্ৰতিযোগিতা' এক অবিচ্ছেদ্য অংগ হৈ পৰাত বিহুৰ কিছুমান নিৰ্দিষ্ট নিয়মাৱলী প্ৰৱৰ্তন কৰা হ'ল। ' বিহু সুৰক্ষা সমিতি'ৰ দৰে অনুষ্ঠানসমূহে প্ৰৱৰ্তন কৰা নিয়মাৱলীক কিন্তু আজিকোপতি সাৰ্বজনীন ৰূপত গ্ৰহণ কৰিব পৰা নগ'ল। আমি জনা মতে, বিহু বিশেষজ্ঞ প্ৰয়াত জয়কান্ত গন্ধিয়াদেৱে প্ৰস্তুত কৰি উলিওৱা বিহুৰ নিয়মাৱলী সম্পৰ্কতো এসময়ত যথেষ্ট বাক-বিতণ্ডাৰ উদ্ভৱ হৈছিল। আৰু বাক-বিতণ্ডা হোৱাটোও স্বাভাৱিক, কাৰণ বিহুৰ সৈতে সম্পৰ্কিত গীত-মাত, নাচোন-ভংগী, সাজ-সজ্জা আদি অসমৰ সকলো অঞ্চলত একে নহয়। অসমৰ প্ৰতিটো জনগোষ্ঠীৰে বিহুৰ স্বকীয় ৰূপ আৰু বৈশিষ্ট্য আছে। বিহুৰ এই আঞ্চলিক-বৈশিষ্ট্য ৰক্ষা কৰি সৰ্বগ্ৰহণযোগ্য নিয়মাৱলী প্ৰস্তুত কৰা বৰ সহজ নহয়। তাৰোপৰি প্ৰতিযোগিতাসমূহত নিযুক্ত বিচাৰকসকলৰ বাবে সকলোবোৰ জনগোষ্ঠীয় বিহুৰ আঞ্চলিক-বৈশিষ্ট্য সম্পৰ্কে বিস্তৃত জ্ঞান থকা
অত্যন্ত আৱশ্যক। সকলো বিচাৰকৰ সেই বিস্তৃত জ্ঞান থাকেনে? গুৱাহাটীত অনুষ্ঠিত বিহু সন্মিলন এখনত প্ৰতিযোগিতাৰ বাবে অংশ গ্ৰহণ কৰা বড়ো জনগোষ্ঠীয় বিহুৰ দল এটাক বিস্তৃত জ্ঞান নথকাকৈ কিদৰে, কিহৰ ভিত্তিত বিচাৰ কৰা হ'ব? সেইদৰে বিহু- সন্মিলনৰ প্ৰতিযোগিতাসমূহত সততে পৰিলক্ষিত হোৱা এটা সমস্যা হৈছে- একে কেইগৰাকী বিচাৰককে সকলোবোৰ প্ৰতিযোগিতাৰ বিচাৰ কৰাৰ দায়িত্ব দিয়া হয়। প্ৰশ্ন হ'ল- ঢোল বাদন সম্পৰ্কে জ্ঞান নথকা বিচাৰক এগৰাকীয়ে এই প্ৰতিযোগিতাৰ বিচাৰ কিদৰে কৰিব?
আজিকালি বিহু সন্মিলনসমূহত আয়োজন কৰা বিহুৱতী, বৰ- বিহুৱতী, বিহুৱা, বৰ-বিহুৱা আদিৰ দৰে প্ৰতিযোগিতাসমূহতো অলেখ বিসংগতি দেখিবলৈ পোৱা যায়। সততে ব্যৱহৃত বিহু-ৰাণী, বিহু-সম্ৰাজ্ঞী আদি অভিধা সম্পৰ্কেও বিভিন্ন আলোচনা-সমালোচনা হৈ আছে। এক প্ৰকাৰে 'বিউটি কনটেষ্ট' লৈ ৰূপান্তৰিত হোৱা এনে প্ৰতিযোগিতাৰ পৰম্পৰা পূৰ্বতে আছিলনে?
মঞ্চত প্ৰদৰ্শিত বিহুৰ আধুনিক নাচোন-ভংগী, সাজ-সজ্জা বা শ্ৰব্য-কেছেটৰ আধুনিক বিহুসুৰীয়া গীতৰ ব্যৱহাৰ আদি কিমান গ্ৰহণযোগ্য? সঁচা কথা যে ৰূপান্তৰ লাগিব, ৰূপান্তৰ অবিহনে প্ৰগতি সম্ভৱ নহয়। কিন্তু বিহুৰ আধুনিকীকৰণে বিহুৰ স্বকীয়তাক ৰক্ষা কৰিব পাৰিবনে, সেয়াও এক প্ৰশ্ন।
সেইদৰে এনে প্ৰশ্নও আমাৰ মনত সততে উদয় হয় যে সাংস্কৃতিক সন্ধিয়াৰ নামত বিহু সন্মিলনসমূহে তথাকথিত 'আৰ্টিষ্ট' ক দিবৰ বাবে লাখ-লাখ টকা খৰচ কৰে। সেয়া প্ৰয়োজন নে? এই কথা স্বীকাৰ কৰিব লাগিব যে উঠি অহা প্ৰজন্মৰ গায়ক-গায়িকাসকলক বিহুমঞ্চসমূহত গীত পৰিৱেশন কৰাৰ সুযোগ প্ৰদান কৰাৰ প্ৰয়োজনীয়তা অৱশ্যেই আছে। কিন্তু তাৰ লগে লগে স্থানীয় বা থলুৱা শিল্পীসকলকো বিহু মঞ্চসমূহত সন্মান প্ৰদৰ্শন কৰা উচিত নহয়নে? এনেবোৰ কথাত কিয় গুৰুত্ব দিয়া নহয়? (সমাপ্ত)
বি:দ্ৰ: 'অসম আদিত্য' (এপ্ৰিল ২০২৬)ত প্ৰকাশিত।
No comments:
Post a Comment