Sunday, September 27, 2026

ৰামধেনু যুগৰ কবি উজ্জ্বল শইকীয়া

 ৰামধেনু যুগৰ কবি উজ্জ্বল শইকীয়া

                                                     -বীৰ্কে বি. থাপা


       প্ৰেম আৰু যৌৱনৰ উচ্ছলতাৰে স্পন্দিত মন এটাৰে পঞ্চাশৰ দশকৰ পৰা বিগত প্ৰায় পাঁচটা দশকৰো অধিক কাল নিৰৱচ্ছিন্নভাৱে কবিতা লিখি যোৱা ৰামধেনু যুগৰ এগৰাকী কবি উজ্জ্বল শইকীয়া। উজ্জ্বল শইকীয়াৰ কবিতাত যেনেদৰে পৰিব্যাপ্ত হৈ আছে প্ৰেম তথা জীৱন আৰু জগত সম্পৰ্কে থকা তেখেতৰ নিজস্ব উপলদ্ধি আৰু দৃষ্টিভংগী,তেনেদৰে মানৱতাক ভূলুণ্ঠিত কৰা ঘটনা,অন্যায়-অবিচাৰ আদিৰ বিৰূদ্ধে বিক্ষোভ আৰু প্ৰতিবাদো অনুৰণিত হৈ উঠিছে বহু কেইটা কবিতাত।

      কবি উজ্জ্বল শইকীয়াৰ কবিতাসমূহ সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰিলে দেখা যায় যে তেখেতে হৃদয়ৰ অনুভূতিক বিভিন্ন প্ৰতীক আৰু চিত্ৰকল্পৰে অংকন কৰি ,যৌৱনোদ্দীপ্ত স্পন্দিত গদ্যৰে বাংময় কৰি তুলিবলৈ চেষ্টা কৰিছিল ।কিন্তু সাম্প্ৰতিক কালৰ বহু কবিয়ে কবিতাৰ নামত কৰি থকা অযথা জটিল শব্দৰ বৌদ্ধিক কাৰচাজি কিন্তু তেখেতৰ কবিতাত পৰিলক্ষিত নহয়। মূলতঃ সৰু সৰু চিত্রকল্প আৰু স্পন্দিত গদ্যৰে ভাৱ আৰু বিষয়বস্তুক স্পষ্ট আৰু অজটিল ৰূপত প্ৰকাশ কৰাই তেখেতৰ কবিতাৰ নিৰ্মাণ শৈলীৰ বিশিষ্ট লক্ষণ আৰু ইয়েই তেখেতৰ কবিতাসমূহক এক প্রাণােচ্ছল গতিশীলতা দান কৰিছে।

     উল্লেখযোগ্য যে চল্লিশৰ দশকৰ শেষাৰ্ধ তথা পঞ্চাশৰ দশকৰ অসমীয়া কবিতাত পূৰ্বৰ ৰমন্যাসিক ভাৱ-বিলাসিতাৰ পৰিৱৰ্তে কঠোৰ বাস্তৱৰ চিত্র এক বিশিষ্ট লক্ষণ হৈ ধৰা দিবলৈ আৰম্ভ কৰিছিল। ডিব্ৰুগড়ৰ কানৈ কলেজৰ আলোচনীত ১৯৫৫ চনত লিখা তেখেতৰ জীৱনৰ প্ৰথমটো কবিতাৰ বিষয়বস্তুও আছিল প্ৰেম।কিন্তু ৰোমাণ্টিক বিলাসিতাৰ বিপৰীতে প্ৰেমে কঢ়িয়াই অনা যন্ত্ৰণাৰ চিত্ৰহে কবিতাটিত বাংময় হৈ উঠিছিল-- ‘ তুমি হয়তাে শুই আছা এতিয়া / মৰম আৰু গৰমৰ উম বিচাৰি / দুচকুত স্বপ্নৰ আমেজ সানি / সাৰে মাথোঁ আছােঁ মই..' (মাজনিশাৰ চিঠি) । আগবয়সতে লিখা আৰু দুটামান কবিতাতো ‘প্রেম'ৰ সেই চিৰন্তন গতানুগতিক চিত্ৰই দেখিবলৈ পোৱা যায়- ‘তুমি যে মােৰ কোনাে নহয় / ময়াে তােমাৰ নহয় / মাজত মাথােঁ এখন নৈ/ সি যে হৃদয়' (বিনিময়)।

     পৰৱৰ্তী কালত ৰচনা কৰা তেখেতৰ কবিতাসমূহতো প্ৰেম চিৰকালেই এক কেন্দ্রীয় বিষয় হৈ ধৰা দিছিল যদিও ৰোমাণ্টিক বিলাসিতাৰ বিপৰীতে প্রেম বা নাৰীৰ মাজেৰে জীৱনটোক নিৰীক্ষণ কৰাৰ সহজাত প্ৰৱণতা তেখেতৰ কবিতাত পৰিলক্ষিত হয়।প্ৰেম আৰু নাৰী সম্পৰ্কে অন্তৰ্জগতত সৃষ্টি হোৱা বিভিন্ন ৰূপ,দৰ্শন আৰু চিত্রকল্পই হৈ উঠিছিল তেখেতৰ কবিতাৰ অন্যতম বৈশিষ্ট্য।

     উল্লেখনীয় যে,কবি উজ্জ্বল শইকীয়াৰ প্ৰেম বিষয়ক কবিতা দুটামানত ‘মিথুন ৰাশিৰ এক মিঠা মিঠা গাভৰু ছােৱালী' অথবা কোনােবা নিবেদিতাৰ নাম বহুবাৰ উচ্চাৰিত হৈছে।এনে নামোল্লেখে পাঠকৰ মনত কৌতুহলৰ সৃষ্টি কৰাটো তেনেই স্বাভাৱিক,কিন্তু তাতোকৈ ডাঙৰ কথা,কবিতাটিৰ মাজেৰে প্ৰকাশ পাইছে কবিৰ মনৰ এক অনন্য উপলদ্ধি -' ৰঙীন এমব্রইডাৰী সূতাৰে নিবেদিতাই লিখা /বন্ধোৱা ফ্রেমৰ সেই আখৰবােৰৰ পৰা /আকাশৰ ঈশ্বৰ হঠাতে আহিল নামি/কল্পনাৰ শূন্য জখলাৰে....'(প্ৰাণ পোৱাৰ পাছত)।

     তেনেদৰে ' সন্ধিয়াৰ নিৰিবিলি পােহৰ গাত সানি ' কোনােবা মনােৰমাৰ সৈতে নিবিড়ভাৱে কথা পতা, 'জীৱনৰ পংক সিক্ত আবিলতা আঁতৰাই ' সেই মনােৰমাক নিজৰ জীৱনলৈ 

আমন্ত্রণ জনােৱা অথবা ৰঙচুৱা পাৰি আৰু শুধবগা শাৰী পিন্ধি স্কুলৰ পৰা উভতাৰ পথত কবিলৈ চাই মিচিকি হাঁহি মৰা এজনী ছােৱালীৰ কথাও তেখেতৰ কবিতাত পােৱা যায়।

     কবি উজ্জ্বল শইকীয়াৰ পৰৱর্তী কালৰ প্রেম বিষয়ক কবিতাসমূহক ক্রমশঃ স্বপ্নভংগ অথবা এক প্রকাৰৰ বিষাদ আৰু নিসংগতাবােধে আবেগসিক্ত কৰি তােলা পৰিলক্ষিত হয়।প্ৰেমৰ চিৰন্তন দুঃখৰ প্রতীক হিচাপে বহু কেইটা কবিতাত ৰঙা গােলাপ আৰু কাঁইটৰ আঁচোৰ ব্যৱহৃত হৈছে । কিন্তু আশ্চর্যজনকভাৱে স্বপ্নভংগ বা প্রেমৰ বিফলতাই কবিক কুণ্ঠিত কৰিব পৰা নাই। গােলাপ ফুল এপাহ ছিঙিবলৈ গৈ কাঁইটৰ আঁচোৰ লাগি হাত তেজে ৰাঙলী হােৱাৰ পাছত কবিৰ উপলব্ধি - ' ফুল পাহৰ ৰঙাত লাগি/ তেজখিনি মােৰ সেন্দুৰ হই গ’ল '।কবিৰ মনৰ দৃঢ়তা আৰু আত্মপ্রত্যয়ৰ স্পষ্ট ইংগিত পৰিলক্ষিত হয় তেখেতৰ 'সেন্দুৰ' নামৰ এই কবিতাটিত।প্রেমৰ বিফলতাকো কবিয়ে সহজ আৰু উদাৰভাৱে গ্ৰহণ কৰিবলৈ শিকিছিল বাবেই পৰৱৰ্তী কালৰ কবিতাসমূহত তেখেতৰ প্রেমে বিশালতা লাভ কৰিছে। জীৱনৰ এছােৱা কাল চাকৰি সূত্রে তৈল নগৰী ডিগবৈত কটাবলগীয়া হােৱা কবিয়ে প্রেয়সী মনােৰমাৰ নিবিড় সান্নিধ্যৰ লগে লগে ঔদ্যোগিক নগৰখনৰ ব্যস্তময় কোলাহল আৰু তেল-জুই-ধোঁৱাৰ মাজত সংগ্রাম কৰি থকা শ্রমজীৱী মানুহৰ জীৱনৰ পৰাও কবিতা লিখাৰ অনুপ্ৰেৰণা লাভ কৰিছে ।সেই বাবেই এটি কবিতাত তেখেতে লিখিছিল- 'জানা সােণ, ইয়াতাে কবিতা আছে /উৎস আছে প্ৰেৰণা আছে কবিতা লিখাৰ...' (ডিগবৈত দেখা স্বপ্ন) ।

     কবি উজ্বল শইকীয়া এসময়ত গণনাট্য সংঘৰ সৈতেও জড়িত থকাৰ কথা আমি জানােঁ। সেইবাবেই প্ৰেম,নাৰী আদি বিষয় সমূহৰ উপৰিও তেখেতৰ কবিতাত সমাজ চেতনাৰ ভাৱো বহুকেইটা কবিতাত প্ৰতিফলিত হৈ উঠিছে। প্ৰবল সমাজ-চেতনাৰ বাবেই কবিৰ দৃষ্টি ক্রমশঃ প্ৰসাৰিত হৈছিল সমাজৰ বুকুলৈ।সমাজ চেতনাৰ উজ্জ্বল দ্যুতিয়ে তেখেতৰ বহু কেইটা কবিতাক উদ্দীপ্ত কৰি তুলিছে। আৱাহন,আমাৰ প্রতিনিধি, মনিদীপ আদিৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ প্রান্তিক, গৰীয়সী, কৌস্তুভ, জনমভূমিলৈকে বিভিন্ন কাকত-আলােচনীত প্রায় পঞ্চাশ বছৰৰাে অধিক কাল ধৰি তেখেতে লিখি অহা কবিতাসমূহত জীৱন আৰু জগতৰ চিত্ৰ যেনেদৰে ৰূপায়িত হৈছে তেনেদৰে সমাজ- জীৱনৰ নগ্ন দৃশ্য, ক্রমশঃ আগবাঢ়ি অহা দুঃসময় আদিকো প্রতিফলিত কৰিবলৈ তেখেতে প্রয়াস কৰিছে। উল্লেখযােগ্য যে, প্রকৃতিৰ বুকুৰ পৰাই তেখেতে বেছিভাগ চিত্রকল্প আহৰণ কৰিছে। যিকোনাে সামাজিক সমস্যা বা সংকটৰ মুহূর্ততাে প্রকৃতিৰ পৰা আহৰণ কৰা চিত্ৰকল্পৰে তেখেতে আশাবাদী দৃষ্টিভংগী পােষণ কৰা সততে চকুত পৰে। সেই বাবেই পঞ্চাশৰ দশকতে লিখা ‘সমিধান ' নামৰ কবিতাটিত খৰাং বতৰত আকাশে পঠিয়াই দিয়া 'এজোলোকা বৰষুণ 'ৰ মাজেৰে তেখেতে ‘আশা আৰু আস্থাৰ / ৰ'দৰ গান গুণ গুণ 'শুনা পাইছে। একেই আশাবাদ প্রতিফলিত হােৱা দেখা যায় -'ৰঙা এটি কৰবীৰ ফুল’ৰ দৰে আৰু বহু কবিতাত।গণ নাট্য সংঘৰ প্ৰভাৱ তথা হেমাংগ বিশ্বাসৰ দৰে ব্যক্তিৰ সাহচৰ্যত কবি উজ্বল শইকীয়াৰ মনত সাম্যবাদী চেতনাৰ উন্মেষ ঘটা বিষয়টো মন কৰিবলগীয়া।কাৰণ ইয়াৰ প্ৰতিফলন ঘটিছিল তেখেতৰ কবিতাত।উদাহৰণ স্বৰূপে ১৯৮৯ চনত গুপ্তহত্যাৰ বলি হোৱা চফদৰ হাছমীৰ মৃত্যুত বিক্ষূব্ধ হৈ তেখেতে লিখা কবিতাৰ কথা উল্লেখ কৰিব পাৰি। মাৰ্টিন লুথাৰ কিঙৰ মৃত্যুত বর্ণবৈষম্যবাদৰ বিৰুদ্ধে লিখিছিল--'মৃত্যু হ'ল কোনাে এক এন্ধাৰ প্ৰদেশৰ/সাগৰ সিপাৰৰ / সংগ্রামী এক সঁচা মানুহৰ/ ......শুধ বগা মানুহৰ মনৰ এন্ধাৰ গলিত হেৰাই গ'ল আজি এক সুস্থ মানুহৰ উজ্বল ক’লা দেহ '(মার্টিন লুথাৰ কিং)।

    সংগ্রামময় মানুহৰ জীৱন আৰু মানৱতাৰ প্রতি অনুকম্পা তেখেতৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। এই বৈশিষ্ট্য বিশেষভাৱে পৰিলক্ষিত হয় ডাগ হেমাৰল্ডিৰ সোঁৱৰণত লিখা ‘অটোগ্রাফ' নামৰ কবিতাটিত -‘জানােঁ আমি/ এই মৃত্যু নহয় 

কাহানিও সঁচা মৃত্যু / অক্টোপাচী মন সিহঁতৰ ভৰা সংশয়ৰ / তেজ ৰঙা সিহঁতৰ হাতত / আছে মেকবেথী বাসনা। সামাজিক অমংগলৰ বিৰুদ্ধে হুংকাৰি তেখেতে পুনৰ লিখিছিল-- ‘চোতাল ভৰা শেলুৱৈবােৰ নিকা কৰিবৰ হ'ল/শিয়ালৰ খােজ আজি মচিবৰ হ'ল/সূ্ৰ্যৰ উজ্জ্বল দৃষ্টিৰে দেখুৱাই তােৰ পাহোৱাল সাহ/ভাঙিবৰ হ'ল আজি/মানৱতাৰ চোতালত থকা ঢোঁৰা সাপৰ বাহ'। 

    মানৱতা আৰু প্ৰমূল্যৰ অপঘাত মৃত্যুৰে ক্ৰমশঃ আগুৱাই অহা দুঃসময়ৰ প্ৰতি কবি শংকিত।এই শংকাক তেখেতে প্রতিফলিত কৰিছে এনেদৰে - 'উদয় হওঁ হওঁ সূৰ্যটো / কাঁইটীয়া জেঙত লাগি বন্দী হৈ ৰয়/ .... তেজবােৰ নৈ হৈ বয় / আশ্বাস অবিশ্বাস হয় / বৰটোপৰ শব্দত আৰু/বাৰুদৰ ধোঁৱা আৰু গােন্ধত /কেৱল অন্তহীন ভয়/শেন আৰু শগুণৰ নখত/ ক্ষত-বিক্ষত মানুহৰ বিগলিত হৃদয়’ (বিনিময়)।

    অসমীয়া কবিতাৰ সুদীর্ঘ পথ পৰিক্ৰমাত কবিতাৰ আংগিক, নির্মাণ কৌশল, ভাৱবস্তু আদিৰ যি ব্যাপক পৰিৱৰ্তন ঘটিছে তাক কবি উজ্বল শইকীয়াই প্রত্যক্ষ কৰিছিল আৰু আদৰি ল'ব পাৰিছিল বাবেই তেখেতৰ কবিতাত নতুনত্ব

আছে। ২০০৪ চনত প্রকাশিত তেখেতৰ 'এজাক জোনাকীৰ জিলমিল’ কবিতাপুথি খনত পঞ্চাশ আৰু ষাঠিৰ দশকত ৰচনা কৰা কবিতাসমূহ সন্নিবিষ্ট হৈছে। ২০১৫ চনত প্ৰকাশিত ' আকৌ নতুন আৱিস্কাৰ হ'ব ' শীৰ্ষক দ্বিতীয়খন কবিতাপুথিত সংকলিত হৈছে পৰৱৰ্তী কালত ৰচনা কৰা কবিতাসমূহ।এই সমূহ কবিতা পর্যবেক্ষণ কৰিলে বিগত প্ৰায় পাঁচটা দশকত তেখেতৰ কবিতাৰ গতি-প্ৰকৃতি,নির্মাণশৈলী আৰু ভাৱবস্তুৰ বিশিষ্ট লক্ষণসমূহ অনুভৱ কৰিব পাৰি।

    প্ৰকৃততে প্রৌঢ়ত্বত লিখা তেখেতৰ কবিতাসমূহতাে প্রেম আৰু উদ্দীপ্ত যৌৱনৰ স্বপ্নই পুনৰ সাৰ পাই উঠিছে। তেখেতে যৌৱনৰ সেই একেই উদ্দীপ্ত চেতনাৰে লিখিছিল -

(১) ' তােমাৰ চকুত মােৰ চকু /অপ্রকাশ্য এক যেন অবুজ সাধু /তোমাৰ ওঠত মােৰ ওঁঠ /নিষ্পেষণত অব্যক্ত দুখ / .... তােমাৰ বুকুত মােৰ বুকু/ স্বপ্নভৰা যৌৱনৰ নতুন ঋতু '(প্ৰেম)।

(২)'খােপাত তােমাৰ গুজি দিলােঁ মই/এপাহ খৰিকাজাঁই /বুকুৰ মাজত দেও দি দি নাচে /বালিমাহী চৰাই /...দুচকুত তােমাৰ জিলিকি উঠিল / ভৰা নৱমীৰ জোন / সৰিল পৰি তোমাৰ হাঁহিত /জোনাকৰ বৰষুণ... '(বৃন্দাবন)।

(৩) ' বুকুৰ মাজত বাজি আছে মাথোঁ / মন ৰঙচুৱা এটা সােণালী বাঁহী / নীলিম গভীৰ দুচকুত তােমাৰ /সােণ জিলমিল সেউজীয়া হাঁহি/ মৰা সুঁতিৰ জীয়া সাকোঁত থাককনা পৰি/জীৱনৰ হেৰাই যােৱা মৃত পাণ্ডুলিপি / ন-সূৰুযৰ

/প্রভাতী পােহৰত/শেষতাে হ'বই এদিন / বিধৱাৰ দৰে নিঃসংগ ৰাতি...' (জোনাক জোনাক যেন

মন)।

     প্ৰৌঢ়ত্ব অথবা বাৰ্ধক্যৰ দিনবোৰতো অন্তৰ্হিত হোৱা নাছিল বিদ্ৰোহ আৰু আত্ম প্ৰত্যয়--'মই জ্বলি জ্বলি মৰিব খোজা নাই ভিৰু মানসিকতাৰে/কথা ক'ব খুজিছোঁ শব্দৰ জুই জ্বলাই মুকলি মনেৰে/মোৰ দেশ আৰু মোৰ মানুহৰ বাবে/যদিওবা মূৰৰ ওপৰত ওলমি আছে ডেন'ক্লিছৰ চোকা তৰোৱাল /...ওভতাই দিয়া আমাক আমাৰ গৌৰৱধ্বজা হৃদ স্বাধীনতা'(আঙ ছান চ্যু কি) ।

      উল্লেখযােগ্য যে, যথাযথ ৰূপত শব্দ আৰু সুবিন্যস্ত বাক্য সজ্জাৰ বিসংগতি তথা বিষয় বা ভাৱ-বস্তুৰ অগভীৰতা আদিৰ দৰে দুৰ্বলতাৰ বাবে তেখেতৰ কিছু সংখ্যক কবিতাই কেৱল ধ্বনি ব্যঞ্জনাৰ বাদে পাঠকৰ হৃদয় বিশেষ আলােড়িত কৰিব পৰা নাই,তথাপিতো কিন্তু প্রতীক আৰু চিত্রকল্প নির্মাণৰ ক্ষেত্ৰত তেখেতৰ নিপুণতা উপলব্ধি কৰিব পাৰি। সত্তৰৰ দশকত

লিখা এটি কবিতাত তেখেতে বার্ধক্যক শীতৰ সৈতে তুলনা কৰিছে- - ‘মেঘবােৰ অজগৰ হ’ল /... সিপাৰে দূৰৈত এক নিস্তেজ সূর্য /যেন ঘােলা কণীৰ কুহুম / বলাকাৰ ৰেখা খেদি / সন্ধিয়া আহিল নামি.... / মই শিল হৈ পৰিছােঁ/ জুহালত পােৰা কয়লাৰ অঙঠা / ৰঙা হৈ জ্বলিছে/ মােৰ দেহলৈ উত্তাপ আহিছে.. (শীত)। তেনেদৰে বহু বছৰ ,বহু দশক পূৰ্বে সৃষ্টি কৰা ‘জুইবােৰ ফুল হ’ল পলাশ বনত’ (হিৰন্ময় গাংগুলী), 'শুধ বগা মানুহৰ মনৰ এন্ধাৰ গলি' (মার্টিন লুথাৰ কিং), ‘জীৱন সাগৰত হেলেনৰ খােজ' (অৱসাদ), ' বন্ধ মাহৰ সাঁচি থােৱা এটা নতুন হাঁহি ' (দৃষ্টিপাত) আদিৰ চিত্ৰকল্পবোৰৰ দৰেই পৰৱৰ্তী কালৰ কবিতাবোৰতো ‘মৰা সুঁতিৰ জীয়া সাঁকো, ‘বিধৱাৰ দৰে নিঃসংগ ৰাতি’, ‘তেজৰ কৰাল গ্রাসত এপাহ ৰঙা কৰবীৰ ফুল’ আদি চিত্ৰকল্প তেখেতে নিৰ্মান কৰিছে। ‘খৰিকাজাই’, বালিমাহী চৰাই’, ‘সােণালী বাঁহী’ আদিৰ দৰে শব্দ-বিন্যাসেৰে তেখেতে প্রেম আৰু উদ্দীপ্ত যৌৱনৰ প্রতীক সৃষ্টি কৰিছে।

     ১৯৩৬ চনত ডুমডুমাৰ নিকটৱৰ্তী বাদলাভেটা চাহ বাগিচাত জন্ম গ্ৰহণ কৰা কবি উজ্জ্বল শইকীয়াই ডিব্ৰুগড়ৰ কানৈ কলেজত শিক্ষা গ্ৰহণ কৰিছিল আৰু অসম চৰকাৰৰ বনবিভাগত সুদীৰ্ঘ প্ৰায় ৩৪ বছৰ কৰ্মজীৱন অতিবাহিত কৰাৰ পাছত ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰিছিল। অসমৰ বিভিন্ন ঠাইত কৰ্মব্যস্ত জীৱন কটাব লগীয়া হোৱা স্বত্ত্বেও কিন্তু কবি উজ্জ্বল শইকীয়াই কেতিয়াও নিজৰ স্বভাৱগত কাব্যিক আৰু সাংস্কৃতিক মনটো হেৰুৱাই পেলোৱা নাছিল।জীৱনৰ সুদীৰ্ঘ পথ পৰিক্ৰমাত সুধাকণ্ঠ ড: ভূপেন হাজৰিকা, নিৰোদ চৌধুৰী,হেমাংগ বিশ্বাস,ভৱেন্দ্ৰ নাথ শইকীয়া,নিৰ্মল প্ৰভা বৰদলৈ আদিৰ দৰে ব্যক্তিৰ সান্নিধ্য আৰু অনুপ্ৰেৰণা তেখেতে লাভ কৰিছিল। এই অনুপ্ৰেৰণা এনে গভীৰ আৰু ব্যাপক আছিল যে জীৱনৰ কোনো এটা মুহূৰ্ততে তেখেতে তাক পাহৰি যোৱা নাছিল আৰু তেখেতৰ কবিতাত এইসকল ব্যক্তিৰ লিখন আৰু নিৰ্মান-শৈলীৰ প্ৰভাৱ যথেষ্ট পৰিছিল। তেনেদৰে তেখেতৰ হাতৰ আখৰবোৰতো নিৰোদ চৌধুৰীৰ হাতৰ আখৰৰ ষ্টাইল এটা প্ৰতিফলিত হৈছিল।বিভিন্ন জনলৈ লিখা চিঠি-পত্ৰবোৰত সদায়ে প্ৰতিফলিত হৈ উঠিছিল স্পন্দিত গদ্য আৰু একোটা কাব্যিক ব্যঞ্জনা ।

    কবি উজ্জ্বল শইকীয়াদেৱৰ ব্যক্তিত্বৰ এটা আকৰ্ষণীয় দিশ আছিল তেখেতৰ চাফ-চিকুন,পৰিপাটী কাপোৰ-কানি পৰিধান কৰা কৰা ষ্টাইল আৰু নিৰহংকাৰী আচৰণ।তেখেত আছিল মানুহৰ সংগ ভাল পোৱা লোক।স্মৃতিশক্তি আছিল অত্যন্ত প্ৰখৰ।কাৰোবাক ক'ৰবাত লগ পালে সেই দিনটোৰ চন-তাৰিখ-বাৰ-সময় -স্থানলৈকে সকলো কথা তেখেতৰ মনত ৰৈ গৈছিল। দীৰ্ঘ দিন ধৰি কবি উজ্জ্বল শইকীয়াদেৱৰ সৈতে আমাৰ অত্যন্ত আপোন আৰু আৱেগিক সম্পৰ্ক এটা গঢ় লৈ উঠাৰ পৰিপ্ৰেক্ষিততে তেখেতৰ সৈতে বহু অন্তৰংগ মুহূৰ্তও কটোৱাৰ সুযোগ লাভ কৰিছিলোঁ।আজিৰ পৰা প্ৰায় দহ বছৰ পূৰ্বে তেনে এটা অন্তৰংগ মুহূৰ্তৎ কথা পাতি থাকোঁতে কথা প্ৰসংগত তেখেত অত্যন্ত আৱেগিক হৈ পৰিছিল। ক্ৰমশঃ গভীৰ হৈ অহা সন্ধ্যাৰ নিস্তেজ আলাে-ছায়াত তেখেতক তেনেই দুর্বল আৰু বাৰ্ধক্যত কাতৰ হৈ পৰা যেন লাগিছিল।আৱেগিক হৈ তেখেতে কৈছিল- “মােৰ ল'ৰা দুটাক কৈছােঁ তহঁতে ভালদৰে থাক, মােক একো দিব নালাগে। পিতৃ হিচাপে তহঁতৰ পৰা দুটা বস্তুৱেই বিচাৰিছােঁ - দুডােখৰ বগা কাপােৰ, এডােখৰ মােক আৰু আন ডােখৰ মাৰাক ঢাকিবৰ বাবে।” বাৰ্ধক্যৰ আৱেগত কোৱা সেইষাৰ কথাই মোকে শোকস্তব্ধ কৰি তুলিছিল,ঘৰখনক কেনে দুখ দিছিল ছাগে। অহাৰ পৰত তেখেতে নিজকে সংযত কৰি কৈছিল – “বহুত দিন একো লিখিব পৰা নাই, তােমাক লগ পাই আৱেগিক হৈ পৰিলােঁ। তুমি আকৌ এইবােৰ কথা লিখি নেপেলাবা।” তেখেতে মানা কৰাৰ পাছতো কিন্তু লিখিছিলোঁ।তেখেতে পঢ়িছিল।মোৰ সেই লেখাটো পঢ়ি আত্মীয় স্বজনে কেনেদৰে কান্দিছিল খুড়াই মোক পাছত কৈছিল।

    কবি উজ্জ্বল শইকীয়াদেৱৰ জীৱনত পত্নী তৃপ্তি শইকীয়াৰ অৱদান আছিল অতুলনীয়।সকলোবোৰ সভা-সমিতি,কবি- সন্মিলনত দুয়োকে একেলগে দেখিবলৈ পোৱা গৈছিল।সকলো সময়তে দুয়ো দুয়োৰে ছাঁৰ দৰে আছিল।মগজুৰ ৰক্তক্ষৰণজনিত ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি শয্যাশায়ী হৈ থাকোঁতে খুড়ীয়েই তেখেতক দিনে ৰাতিয়ে শুশ্ৰুষা কৰিছিল।খুড়ীৰ অবিৰত শুশ্ৰুষাৰ বলতে তেখেতে হেৰুৱা স্মৃতি ঘূৰাই পাইছিল বুলি ক'ব পাৰি।কিন্ত বহুদিন ধৰি বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ থকা খুড়ীয়েও অকল্পনীয়ভাৱে এদিন আকস্মিকতে ইহ সংসাৰ এৰি গুচি গৈছিল।খুড়ীৰ মৃত্যু আছিল তেখেতৰ হৃদয়ত আন এক প্ৰচণ্ড আঘাত যিটো তেখেতৰ বাবে হয়তো অসহনীয় আছিল।আকৌ মগজুৰ ৰক্তক্ষৰণ হৈছিল আৰু স্মৃতিশক্তি প্ৰায় সম্পূৰ্ণ নষ্ট হৈ গৈছিল।তেনে অৱস্থাতো তেখেতে খুড়ীক বিচাৰিছিল আৰু হুকহুকাই কান্দিছিল।খুড়াক চাবলৈ শেষৰবাৰ যাওঁতে তেখেতৰ স্মৃতিশক্তি ইমানেই লুপ্ত হৈছিল যে মোকেই চিনি পোৱা নাছিল।তেখেতৰ তেনে অৱস্থাত অসমৰ বহু বিশিষ্ট লেখক-সাহিত্যিকে তেখেতক চাবলৈ গৈছিল আৰু শোকত ভাগি পৰিছিল।অৱশেষত বিগত পঞ্চাশ বছৰে অবিশ্রান্তভাৱে প্ৰেম আৰু যৌৱনৰ কবিতা লিখি অহা মানুহজনে ৰোগ আৰু বাৰ্ধক্যৰ ওচৰত পৰাভূত হৈ যোৱা ৩ চেপ্তেম্বৰ তাৰিখে ৮৩ বছৰ বয়সত ইহ সংসাৰৰ পৰা শেষ নিশ্বাস ত্যাগ কৰি গুচি গৈছিল।তেখেতৰ মৃত্যু অসমীয়া কাব্য-জগতৰ বাবে নি:সন্দেহে এক অপূৰণীয় ক্ষতি।+++


পৰাগ কুমাৰ দাসৰ চিন্তাৰ প্ৰাসংগিকতা

 পৰাগ কুমাৰ দাসৰ চিন্তাৰ প্ৰাসংগিকতা

                                              

      আশীৰ দশকৰ অসম আন্দোলনৰ সময়ছোৱাত আত্মপ্ৰকাশ কৰি অসমীয়া সংবাদ জগতত এক প্ৰকাৰৰ নতুন গণমুখী সাংবাদিকতাৰ ধাৰা প্ৰৱৰ্তন কৰা এজন অতি নিৰ্ভীক সাংবাদিক আছিল পৰাগ কুমাৰ দাস। কেৱল সাধাৰণ সংবাদ পৰিৱেশনতে আৱদ্ধ হৈ নাথাকি তেওঁ অসমৰ ওপৰত চলি থকা কেন্দ্ৰৰ ঔপনিৱেশিক শোষণ আৰু বঞ্চনা তথা অবৈধভাৱে ঘটি থকা বাংলাদেশী প্ৰব্ৰজন আৰু তাৰ পৰিণতি স্বৰূপে অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আহি পৰা ব্যাপক প্ৰভাৱৰ বিৰূদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰি গৈছিল -যাৰ বাবে স্বাভাৱিকতে তেওঁ প্ৰতিক্ৰিয়াশীল চক্ৰৰ ৰোষত পৰি গুপ্তঘাতকৰ হাতত মৃত্যু বৰণ কৰিব লগীয়া হৈছিল।

     দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা  অৰ্থনীতিত সন্মানসহ প্ৰথম বিভাগত স্নাতক ডিগ্ৰী আৰু দিল্লীৰ 'স্কুল অৱ্‌ ইকন্‌মিকছ'-ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অত্যন্ত মেধাৱী আৰু কৰ্মোদ্যোগী পৰাগ কুমাৰ দাসে আশীৰ দশকত অসমীয়া আলোচনী 'প্ৰান্তিক' আৰু 'দ্যা ছেণ্টিনেল' কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে সাংবাদিক -জীৱন আৰম্ভ কৰিছিল সাংবাদিকতাত একনিষ্ঠভাৱে নিজকে উচৰ্গা কৰাৰ পূৰ্বে প্ৰথমে তেওঁ আছিল বেংকৰ বিষয়া আৰু তাৰ পাছতে গুৱাহাটী ষ্ট'ক এক্সচেঞ্জৰ মহাপ্ৰৱন্ধক । কিন্তু তেনে চাকৰিও ত্যাগ কৰি পৰাগ কুমাৰ দাসে ১৯৮৯ চনৰ পৰা সাপ্তাহিক 'বুধবাৰ' কাকতৰ সম্পাদক হিচাপে সাংবাদিকতাৰ জগতত সক্ৰিয়ভাৱে প্ৰৱেশ কৰিছিল।তাৰ পাছতে ক্ৰমে ১৯৯৪ চনত 'আগান' আৰু 1995 চনত 'অসমীয়া প্ৰতিদিন' কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

    এজন নিৰ্ভীক আৰু সত্যনিষ্ঠ সাংবাদিক হিচাপে পৰাগ কুমাৰ দাসে অসমৰ সংবাদ- জগতলৈ আগবঢ়োৱা অৱদানৰ তাৎপৰ্য আৰু সাম্প্ৰতিক কালত সিবিলাকৰ প্ৰাসংগিকতাও যথেষ্ট আছে।কাৰণ,অসমৰ অৰ্থনীতি,কেন্দ্ৰৰ ঔপনিৱেশিক শোষণ ,জনগোষ্ঠীয় গাঁঠনি, বহিৰাগত সমস্যা আদিৰ বিষয়ে সততে চিন্তিত হৈ থকা পৰাগ কুমাৰ দাসে আশীৰ দশকৰ অসম আন্দোলন তথা আলফাৰ উত্থানৰ বিষয়টোক সূক্ষ্মভাৱে নিৰীক্ষন কৰিছিল আৰু তেওঁলোকৰ লক্ষ্য , নীতি, আদৰ্শ , কাৰ্যাৱলী আদিৰ সম্পৰ্কত সূক্ষ্ম আৰু নিৰ্মোহ সমালোচনা আগবঢ়াই অসমীয়া জাতীয় চেতনাক সঠিক গতিপথৰ সন্ধান দিবলৈ নিৰন্তৰ চেষ্টা কৰি গৈছিল।

     অসম আন্দোলনৰ প্ৰেক্ষাপটলৈ লক্ষ কৰিলে দেখা যায় যে বৃটিছৰ শাসনকালৰ পৰা আৰম্ভ কৰি স্বাধীনোত্তৰ কালৰ বিভিন্ন চৰকাৰৰ সময়লৈকে অসমৰ থলুৱা সম্পদৰ ওপৰত কেন্দ্ৰৰ ঔপনিৱেশিক শোষণ চলি আহিছিল।অসমৰ পৰা বহিৰ্ৰাজ্যলৈ লৈ যোৱা কয়লা, খাৰুৱা তেল, গেছ, পেট্ৰলিয়াম, চাহপাত আদিৰ বিনিময়ত দিবলগীয়া ন্যায্য ৰয়েলটি বা প্ৰাপ্যৰ পৰা অসমক যুগ যুগ ধৰি বঞ্চিত কৰি অহা হৈছিল।তাৰোপৰি পূৰ্ববংগৰ পৰা চলি থকা অবৈধ বাংলাদেশী প্ৰব্ৰজনে অসমৰ আৰ্থ- সামাজিক ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছিল।এনে এক প্ৰেক্ষাপটতে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে অসম আন্দোলনৰ সূচনা হৈছিল আৰু আন্দোলনে ৰাজপথ কঁপাই তুলিছিল। তাৰ পাছতে নব্বৈৰ দশকত উত্থান ঘটিছিল আলফাৰ দৰে সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ।

    আলফাৰ উত্থানে দুৰ্নীতিগ্ৰস্ত চৰকাৰৰ ভেঁটি কঁপাই তুলিছিল।ফলত আলফাক দমন কৰাৰ নামত নিৰপৰাধী ৰাইজৰ ওপৰত পুলিচ-মিলিটেৰীৰ অত্যাচাৰ বৃদ্ধি পাইছিল।পৰাগ কুমাৰ দাসে এই সমস্ত ঘটনাৱলীক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল আৰু তেৱোঁ উপলদ্ধি কৰিছিল যে অসমত ঔপনিৱেশিক শাসন-শোষণ চলি থকালৈকে অসম আৰু অসমীয়া জাতিৰ সাৰ্বিক বিকাশ কেতিয়াও সম্ভৱপৰ নহয়। বিশেষকৈ আলফাৰ চিন্তা-চৰ্চা আৰু কৰ্ম পদ্ধতিৰ সূক্ষ্ম পৰ্যৱেক্ষনৰ অন্তত তেওঁ বিভিন্ন লেখাৰ জৰিয়তে আলফাৰ প্ৰতি থকা তেওঁৰ সমৰ্থন মুকলিকৈ প্ৰকাশো কৰিছিল।আলফাৰ চিন্তা-চৰ্চা আৰু কৰ্ম পদ্ধতিৰ সৈতে তেওঁৰ কিছুমান মৌলিক পাৰ্থক্য থকা সত্বেও আলফাৰ স্বাধীন অসমৰ বিতৰ্কিত দাবীটোক ন্যায্য বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। 

     বিভিন্ন কাকতত প্ৰকাশিত সংবাদধৰ্মী লেখাসমূহৰ উপৰিও পৰাগ কুমাৰ দাসে অসমৰ আৰ্থ-সামাজিক সমস্যাৱলীক লৈ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।তেওঁৰ প্ৰকাশিত গ্ৰন্থ কেইখন আছিল-ছাংলট ফেন্ লা,স্বাধীনতাৰ প্ৰস্তাৱ,নিষিদ্ধ কলম আৰু অন্যান্য,আমি যি কথা কৈছিলো,ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি,মোক স্বাধীনতা লাগে,স্বাধীন অসমৰ অৰ্থনীতি আদি।তেওঁৰ ‘স্বাধীন অসমৰ অৰ্থনীতি' এনে এখন গ্ৰন্থ য'ত অসমৰ থলুৱা পুঁজিৰ তথ্যসমৃদ্ধ ইতিহাসৰ উপৰি এই পুঁজিৰ পুনৰ্গঠন, বিকাশ আৰু প্ৰচুৰ সম্ভাৱনীয়তাৰ বিষয়ে যুক্তিনিষ্ঠভাৱে তেওঁ আলোচনা কৰিছে।সেইদৰে 'ছাংলট ফেনলা' নামৰ জনপ্ৰিয় উপন্যাসখনিৰ মাজেৰে তেওঁ সংযুক্ত মুক্তি বাহিনী,অসম অৰ্থাৎ আলফাৰ উত্থান আৰু অৱক্ষয়,অসমৰ সমাজ জীৱনত সংগঠনটোৰ প্ৰভাৱ আদিৰ নিৰ্মোহ চিত্ৰ অংকণ কৰাৰ লগতে আলফাৰ সংগ্ৰামৰ যুক্তিযুক্ততাও ব্যক্ত কৰিছিল।

     আলফাৰ সৈতে পৰাগ কুমাৰ দাসৰ চিন্তা আৰু দৰ্শনৰ সাদৃশ্য আছিল এয়ে যে তেৱোঁ আলফাৰ দৰে প্ৰগতিশীল বিপ্লৱত বিশ্বাস ৰাখিছিল আৰু অসমৰ জাতীয় স্বাধিকাৰ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰিছিল।কিন্তু তেওঁ আলফাক অন্ধভাৱে সমৰ্থনো কৰা নাছিল।বিশেষকৈ আলফাৰ সৈতে তেওঁৰ মতাদৰ্শগত পাৰ্থক্য আছিল এয়ে যে আলফাই স্বাধীন সাৰ্বভৌম অসমৰ দাবীত সংগ্ৰাম কৰিছিল আৰু তেওঁৰ দৰ্শন আছিল ভাৰতৰ ভিতৰতে থাকি স্বাধিকাৰ সাব্যস্ত কৰা। তেওঁ ফেডাৰেল ব্যৱস্থাত অত্যাধিক গুৰুত্ব দিছিল। আলফাৰ দৰে বিচ্ছিন্নতাবাদ তেওঁৰ লক্ষ্য নাছিল।জনগোষ্ঠীয় সমস্যা ,বহিৰাগত সমস্যা আদিৰ সম্পৰ্কত পৰাগ দাসৰ স্থিতি আছিল অত্যন্ত প্ৰগতিশীল। কেৱল অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ দ্বাৰা জাতীয় মুক্তি সম্ভৱ নহ'ব বুলি উপলদ্ধি কৰি তেওঁ জাতীয় মুক্তিৰ সংগ্ৰামত কৃষক-শ্ৰমিক শ্ৰেণীৰ সন্মিলিত প্ৰচেষ্টা আৰু সহযোগিতাকো সংযুক্ত কৰিব বিচাৰিছিল,কিন্তু আলফাৰ দৰে প্ৰত্যক্ষভাৱে তেওঁ মাৰ্ক্সবাদ বা বৈজ্ঞানীক সমাজবাদৰ সৈতে যুক্ত নাছিল। 

     পৰাগ কুমাৰ দাসে আলফাৰ সশস্ত্ৰ সংগ্ৰাম পদ্ধতি আৰু বিশেষকৈ হত্যা কাৰ্যক কেতিয়াও সমৰ্থন কৰিব পৰা নাছিল। 'ছাংলট ফেনলা' উপন্যাসৰ জৰিয়তে সেয়ে তেওঁ আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ বিৰুধীতা কৰিছিল আৰু বিভিন্ন লেখা-মেলাৰ জৰিয়তে আলফাৰ সংগ্ৰাম- পদ্ধতিৰ পৰিৱৰ্তনৰ বাবে চেষ্টা কৰিছিল ৷ কিন্তু আলফাৰ হিংসাত্মক কাৰ্যকলাপসমূহক তেওঁ কঠোৰভাৱে সমালোচনা কৰাৰ পাছতো অসমৰ দুৰ্যোগপূৰ্ণ জাতীয় সংকটৰ সময়ত আলফাৰ বিকল্প নাই বুলিও বাৰে বাৰে উল্লেখ কৰিছিল।আৰু এই কথাৰ বাবেই এচাম বুদ্ধিজীৱিয়ে তেওঁক আলফাৰ সৈতে যুক্ত কৰিছিল।

     প্ৰকৃততে পৰাগ কুমাৰ দাস আছিল মানৱ - অধিকাৰ উলংঘন কৰা শক্তিসমূহৰ ঘোৰ বিৰুধী। অসম আন্দোলন আৰু আলফাৰ উত্থানক মষিমূৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰে চেষ্টা কৰাৰ ফলস্বৰূপে সৰ্বসাধাৰণ নাগৰিকৰ নিৰাপত্তা নোহোৱা অৱস্থাত জনসাধাৰণৰ নিৰাপত্তা আৰু গণতান্ত্ৰিক অধিকাৰৰ কথা চিন্তা কৰি সেয়ে তেওঁ অসমৰ বুদ্ধিজীৱী সকলক ঐক্যবদ্ধ কৰি 1994 চনত 'গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি(গছ) 'গঠন কৰি অতিকেন্দ্ৰিক ৰাষ্ট্ৰব্যৱস্থা আৰু ভ্ৰষ্টাচাৰৰ বিৰূদ্ধে সংগ্ৰামত অৱৰ্তীৰ্ণ হৈছিল । মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মঞ্চৰ পৰা তেওঁ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তাৰ বাবে দাবী জনাইছিল আৰু সেনাৰ বৰ্বৰ অত্যাচাৰৰ প্ৰতিবাদ কৰিছিল।      

      ইতিমধ্যে বিভিন্ন বাতৰি-কাকতত প্ৰকাশিত তেওঁৰ লেখাসমূহ তথা প্ৰকাশিত গ্ৰন্থ সমূহৰ পৰা নিষিদ্ধ ঘোষিত সংগঠণ আলফাৰ প্ৰতি থকা তেওঁক সমৰ্থনৰ কথা প্ৰায় স্পষ্ট হৈ পৰিছিল।সেয়ে শাসনাধিষ্ট চৰকাৰৰ দৃষ্টি তেওঁৰ ওপৰত পৰিছিল আৰু তেওঁ লিখা 'স্বাধীনতাৰ প্ৰস্তাৱ' নামৰ কিতাপখন চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল। অকল সেয়ে নহয়,1992 আৰু 1993 চনত তেওঁক ক্ৰমে 'ৰাষ্ট্ৰীয় নিৰাপত্তা আইন" আৰু "টাডা" আইনৰ অধীনত গ্ৰেপ্তাৰো কৰিছিল।

     বিগত বহু বছৰ ধৰি এটা অমিমাংসিত প্ৰশ্ন হিচাপে ৰৈ থাকি আজি এটা গভীৰ সমস্যা ৰূপে দেখা দিয়া অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ সমস্যা টোৰ সন্দৰ্ভত পৰাগ কুমাৰ দাসৰ নিজস্ব চিন্তা-দৰ্শন কেনে আছিল সেই বিষয়েও আলোচনা কৰাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে।এই কথা সত্য যে ,বহু বছৰ ধৰি অসমত চলি থকা অবৈধ প্ৰব্ৰজনৰ ফলস্বৰূপে অসমৰ আৰ্থ-সামাজিক,ভাষিক-শৈক্ষিক,ৰাজনৈতিক আদি সকলোবোৰ ক্ষেত্ৰতে ব্যাপক প্ৰভাৱ পৰিব বুলি বিশ্বাস কৰা সত্বেও কিন্তু তেওঁ তথাকথিত অন্য উগ্ৰ জাতীয়তাবাদী সকলৰ দৰে চৰ অঞ্চলত যুগ যুগ ধৰি বসবাস কৰি থকা অভিবাসী মুছলমানসকলক অযথা হাৰাশাস্তি কৰাৰ পক্ষপাতি নাছিল। যি সময়ত অসমৰ জাতীয়তাবাদী শিবিৰে চৰ-চাপৰিৰ লোকসকলৰ সৈতে মানসিকভাবে যুক্ত হ'ব পৰা নাছিল , সেইসময়তো পৰাগ কুমাৰ দাসে চৰ-চাপৰিৰ অভিবাসী মুছলমানৰ সৈতে সহমৰ্মিতাৰে তেওঁলোকক জাতীয় সংগ্ৰামৰ সৈতে যুক্ত কৰাৰ প্ৰচেষ্টা কৰিছিল । 

     পৰাগ কুমাৰ দাসে তেওঁৰ' চৰ  অঞ্চলৰ  বাস্তৱ চিত্ৰ আৰু বিদেশী সমস্যাৰ মূল্যায়ন' শীৰ্ষক এটি লেখাত লিখিছে যে ছবছৰীয়া অসম আন্দোলনৰ জাতীয় আন্দোলনটোৰ মূলতে কেৱল বিদেশী নাগৰিকৰ সমস্যা নাছিল,আছিল স্বৰাজোত্তৰ কালছোৱাত কেন্দ্ৰ চৰকাৰে অসমৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰি অহা অৱহেলা আৰু অসমৰ থলুৱা সম্পদৰ ওপৰত চলাই অহা ঔপনিৱেশিক শোষণ।সেইদৰে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অবাধ গতিত হোৱা প্ৰব্ৰজনৰ ফলস্বৰূপে ৰাজ্যখনত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা জনসংখ্যাৰ বিষয়টোৱেও অসমৰ খিলঞ্জীয়া লোকসকলক চিন্তিত কৰি তুলিছিল।গতিকে এই 'বহিৰাগত' সকলক বহিস্কাৰ কৰাৰ দাবী তোলা হৈছিল।কিন্তু পাছলৈ আন্দোলনটোক সংবিধানৰ গণ্ডীৰ ভিতৰলৈ আনিবৰ বাবেই 'বহিৰাগত'ৰ পৰিৱৰ্তে নেপাল,বাংলাদেশ আদিৰ পৰা অবৈধভাৱে আহি অসমত প্ৰৱেশ কৰা বিদেশী নাগৰিকৰ সমস্যাৰ ওপৰতহে অত্যাধিক গুৰুত্ব আৰোপ কৰা হ’ল আৰু অইন সমস্যাবোৰ তল পৰি গ’ল। 

     এই সন্দৰ্ভত পৰাগ কুমাৰ দাসে উত্থাপন কৰা এটা অভিযোগ লক্ষনীয়।তেওঁৰ মতে, 'বিদেশী নাগৰিকৰ সংখ্যাৰ কোনো চৰকাৰী তথ্য-পাতি নথকাত, আন্দোলনটোৰ যুক্তিযুক্ততা সুদৃঢ় কৰিবৰ নিমিত্তেই আমি অবৈধ প্ৰব্ৰজনকাৰীৰ আনুমানিক হিচাপ ক্ৰমান্বয়ে বঢ়াই নিলো আৰু ফলস্বৰূপে অনেক স্থায়ী বাসিন্দাকো আমি বিদেশীৰ শাৰীত পেলাবলগীয়া হ’ল। এবাৰ আন্দোলনটো আৰম্ভ কৰাৰ পাছত পিছ হোঁহকাৰ প্ৰশ্ন আৰু যিহেতু নুঠে, গতিকে চক্ৰবৃদ্ধি হাৰত সেই ভুলবোৰ ক্ৰমান্বয়ে বাঢ়িহে গ’ল, ন-পুৰণি প্ৰব্ৰজনকাৰী সকলোকে একে পৰ্যায়লৈ লৈ যোৱাৰ ফলত তেওঁলোকক একগোট হ’বলৈহে বাধ্য কৰি বহুতো ক্ষেত্ৰত বিদেশী নাগৰিকৰ সমস্যাৰ গভীৰতা আমি নিজেই বৃদ্ধি কৰিলো।'

     পৰাগ কুমাৰ দাসে লিখা মতে,১৮৪৭ চনত পাইনা জাহাজৰ (ভাপৰ জাহাজ) চলাচল আৰম্ভ হোৱাৰে পাছৰে পৰা পুৰ্ববংগৰ বহুতো ভুমিহীন কৃষকে অসমলৈ আহি ব্ৰহ্মপুত্ৰ নৈৰ পাৰে পাৰে বাস কৰিবলৈ আৰম্ভ কৰিছিল। ১৮৯২ চনত আসাম-বেংগল ৰেল লাইন স্থাপিত হোৱাৰ পাছত ৰেলেৰেও এনেকুৱা বহুতো মানুহ অসমলৈ আহিছিল। স্থানীয় অসমীয়া মানুহবিলাকে তেতিয়া মেলেৰিয়াৰ প্ৰকোপ আৰু বন্য জন্তুৰ পৰা ৰক্ষা পাবৰ নিমিত্তে ওচৰৰ অটব্য বন-জংঘলবোৰ পৰিস্কাৰ কৰি এনেকুৱা মানুহ বহাত উৎসাহহে যোগাইছিল। ১৯১২ আৰু ১৯৪৩ চনত পুৰ্ববংগত হোৱা আকাল আৰু ভূমিকম্পৰ সময়ত অসমলৈ অহা এনেকুৱা মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। তাৰ পাছৰেপৰা শাসক দলটোৱেও সস্তীয়া ভোটবেংকৰ আশাত এওঁলোক অহাত উদগনি জনাইছিল। তেওঁৰ মতে,স্বাধীনতাৰ পাছৰে পৰাই পমুৱা মুছলমান মানুহখিনিৰ নিৰক্ষৰতাৰ সুযোগ লৈ স্থানীয় মাতব্বৰবিলাকক অৰ্থৰ প্ৰলোভনেৰে হাত কৰি কংগ্ৰেছে দীৰ্ঘদিন ধৰি ভোটবেংকৰ ৰাজনীতি কৰি আহিছিল আৰু তাৰ দ্বাৰা অসমৰ সৰ্বসাধাৰণ ৰাইজ ৰাজনৈতিক দিশত সদায়ে ক্ষতিগ্ৰস্ত হৈ আহিছিল। এই ভোটবেংকবোৰৰ সহায়তে কংগ্ৰেছে সংখ্যাগৰিষ্ঠ ৰাইজৰ সমৰ্থন নোহোৱাকৈয়ে দিছপুৰত চৰকাৰ চলাই আছিল। এই ভোটবেংকবোৰ ভাঙিবৰ বাবেই অনেকেই বিদেশী বহিস্কাৰৰ বাবে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে দাবী কৰিছিল।"

     পৰাগ কুমাৰ দাসে পমুৱা মুছলমান বসতি প্ৰধান চৰ অঞ্চলসমূহ ভ্ৰমণ কৰি লিখিছিল যে সমস্ত চৰ অঞ্চলত তেওঁ এখনো বাঙালী মাধ্যমৰ স্কুল দেখা পোৱা নাছিল। একেবাৰে ভিতৰুৱা 'বিদেশী-অধ্যুষিত অঞ্চল'ৰূপে খ্যাত চৰতো তেওঁ ত্ৰিশ-চল্লিশ বছৰ পুৰণি অসমীয়া মাধ্যমৰ স্কুলহে দেখা পাইছিল। সেই ঠাইৰ মানুহে ঘৰুৱাভাবে অসমীয়া-বাঙালী মিহলি ভাষা এটাত কথা পাতিছিল যদিও বাহিৰত সলসলীয়াকৈ অসমীয়া কথা কৈছিল। এম ইলিমউদ্দিন দেৱান নামৰ লোক এজনৰ প্ৰসংগত তেওঁ লিখিছে-চৰ অঞ্চলত ডাঙৰ-দীঘল হোৱা ‘ন-অসমীয়া’এই গৰাকী লোক ১৯৬৪ চনৰে পৰা অসম সাহিত্য সভাৰ সৈতে সক্ৰিয় ভাবে জড়িত আৰু তেওঁ ইতিমধ্যে অসমীয়া ভাষাত আঠাইশখনমান কিতাপ লিখিছে। কিন্তু দুই পুৰুষ ধৰি অসমতে বাস কৰা এই গৰাকী ব্যক্তিৰ বিৰুদ্ধে ভোটাৰ তালিকা সংশোধনৰ সময়ত 'বিদেশী' বুলি অভিযোগ তৰা হৈছে আৰু তেওঁ যে ১৯৭১ চনৰ পাছত অসমলৈ অহা নাই, সেই কথা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এনেধৰণৰ উদাহৰণ আৰু বহুতো আছে।অসমত কেইবা পুৰুষো ধৰি বসবাস কৰি নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমতে জীন যোৱাৰ পাছতো এই সকল মানুহ ' বিদেশী' বুলি অভিযুক্ত হোৱাৰ বেদনা কেনে অসহনীয় সেয়া কেৱল ভুক্তভোগীয়েহে উপলদ্ধি কৰিব পাৰিব। অত্যন্ত দুখেৰে পৰাগ কুমাৰ দাসে লিখিছে--'হাড়ে-হিমজুৱে অসমীয়া হৈ পৰা এই মানুহখিনিক হোৱাই নোহোৱাই হাৰাশাস্তি কৰি ইচ্ছাকৃতভাৱে আজি আমি তেওঁলোকক মুলসুঁতিৰ পৰা আঁতৰাই পঠিয়াইছো। চৰ অঞ্চলত যে বিদেশী নাই সেইটো আমি ক’ব খোজা নাই, কিন্তু সেইবুলিয়ে অসমীয়া জাতি গঠনৰ কোনো সম্যক জ্ঞান নথকা উতনুৱা চাম এটাই এইবোৰ অঞ্চলৰ পুৰণি বাসিন্দাসকলৰ ওপৰতো যি মানসিক অত্যাচাৰ আৰম্ভ কৰিছে, সি একোটা সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তাক আৰু অধিক জটিলহে কৰি তুলিছে। আৰু তাৰ ফলত লাভ হৈছে অসমবিৰোধী শক্তিবোৰৰ। নিৰাপত্তা বিচাৰি এই ন-অসমীয়া মানুহখিনি এতিয়া কাৰোবাৰ শৰণাপন্ন হ’বলৈ বাধ্য হৈছে আৰু তেনেকুৱা সুবিধাকে বিচাৰি ফুৰা ৰাজনৈতিক শক্তিবোৰে এতিয়া সেইবোৰ অঞ্চলত সুন্দৰ সংগঠন আৰম্ভ কৰি দিছে। যোৱা নিৰ্বাচনত অসম-বিৰোধী সাম্প্ৰদায়িক শক্তি কিছুমানে 'অসমীয়া' অঞ্চলবোৰতো অভূতপূৰ্ব সফলতা লাভ কৰাৰ মুলতে আছিল ছবছৰে আমি কৰি অহা কিছুমান ভুল। সেই ভুলবোৰৰ এতিয়া শুধৰণি নকৰিলে অচিৰেই এনেকুৱা এটা দিন আহিব যে, বাংলাদেশ সীমান্ত সুৰক্ষিত হোৱাৰ পাছতো অসমত 'বিদেশী'ৰ সংখ্যা বাঢ়িহে যাব আৰু 'অসমীয়া'ৰ সংখ্যা কমি আহিব।''

     তেওঁৰ মতে,পমুৱা মুছলমানখিনিয়ে স্বতঃস্ফুৰ্তভাৱে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰাৰ মুল কাৰণ আছিল অৰ্থনৈতিক। আৰ্থিক সংকট,দুৰ্ভিক্ষ,কৰ্মহীনতা আদি বিভিন্ন কাৰণত সৰ্বশ্ৰান্ত হোৱা লোকসকলে জীয়াই থকাৰ তাড়নাতহে অসমলৈ আহিছিল,এওঁলোকৰ নিমিত্তে অইন কিবা ৰাজনৈতিক বা সাংস্কৃতিক অভিলাষ একেবাৰে অৰ্থহীন আছিল আৰু সেয়েহে, অসমত নিজৰ অৱস্থিতি সুদৃঢ় কৰিবৰ নিমিত্তেই এওঁলোক প্ৰচলিত সাংস্কৃতিক জীৱনধাৰাত জীন যাবলৈ অহোপুৰুষাৰ্থ কৰিছিল। কিন্তু এই মানুহখিনিক লৈ অসমত এতিয়া ধৰ্মীয় আৰু ৰাজনৈতিক চক্ৰান্ত চলোৱা হৈছে।

    চৰ অঞ্চলৰ অভিবাসী মুছলমানসকলৰ দ্বাৰা অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ কিবা অনিষ্ট হ'ব বুলি তেওঁ কেতিয়াও আশংকা কৰা নাছিল।বৰঞ্চ তেওঁৰ মতে,এইসকল লোকে নিজস্ব ভাষা-সংস্কৃতি, সকলো ত্যাগ কৰি স্বতঃস্ফুৰ্তভাৱে অসমীয়া ভাষা-সংস্কৃতি আঁকোৱালি লোৱাৰ ফলত ক্ৰমান্বয়ে সংকোচিত হৈ অহা অসমীয়া ভাষা-সংস্কৃতিয়ে প্ৰসাৰ লাভ কৰাৰ নিমিত্তে মাধ্যম এটাহে বিচাৰি পাইছিল।তাৰোপৰি ইছলাম ধৰ্মৰ লোকসকল যি ঠাইলৈকে যায়, য’তে বসবাস কৰে, যি ঠাইৰ বায়ু-মাটি-পানী গ্ৰহণ কৰে, সেই ঠাইৰ স্থানীয় ভাষা-সংস্কৃতি সম্পূৰ্ণ আঁকোৱালি লোৱাত গুৰুত্ব দিয়ে বুলিও তেওঁ বিশ্বাস কৰিছিল।

    পমুৱা মুছলমান লোকসকলৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি দ্ৰুত হোৱাৰ কাৰণ হিচাপে তেওঁ লিখিছিল--'পমুৱা মুছলমানখিনিৰ মাজত শিক্ষা-দীক্ষাৰ প্ৰভাৱ অতি কম হোৱাৰ নিমিত্তে আৰু তেওঁলোকৰ সমাজত বহুবিবাহ প্ৰথা এতিয়াও গ্ৰহণযোগ্য হোৱা হেতুকেই জনসংখ্যা বৃদ্ধিৰ হাৰ অস্বাভাৱিকভাৱে বেছি । ভিতৰুৱা চৰবোৰত একোজন মানুহৰ এঘাৰ-বাৰটা সন্তান থকাটো এতিয়াও স্বাভাৱিক বুলি তেওঁলোকে গণ্য কৰে । সেয়েহে, অসমৰ অইন অঞ্চলতকৈ এইবোৰ অঞ্চলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহু বেছি; ফলত, মূলসুঁতিৰ নিমিত্তে ৰাজনৈতিকভাৱে অনিষ্টকাৰী বুলি এতিয়ালৈকে পৰিগণিত হৈ অহা ভোটবেংকবোৰো ক্ৰমান্বয়ে একে হাৰতে শকত হৈ গৈ আছে।'

     উল্লেখযোগ্য যে,কিছুমান স্বাৰ্থান্বেষী লোকৰ ষড়যন্ত্ৰত চৰ অঞ্চলৰ অভিবাসী লোকসকলৰ গাত ধৰ্মৰ লেবেল মাৰি সমগ্ৰ বিষয়টোক ধৰ্মীয়-সাম্প্ৰদায়িক ইচ্ছ্যুৰ ৰূপ দিবলৈ চেষ্টা চলোৱা হৈছিল।কিন্তু কেৱল ধৰ্মৰ ভিত্তিতে সম্প্ৰদায় বিশেষক চিহ্নিত কৰি বাংলাদেশী মুছলমান সকলক কেৱল বহিষ্কাৰ কৰিব বিচৰা সিদ্ধান্তৰ তেওঁ বিৰুধী আছিল।ধৰ্মনিৰপেক্ষভাৱে তেওঁ অবৈধ প্ৰব্ৰজনৰ বিষয়টোক নিৰীক্ষণ কৰিছিল আৰু নেপালী -অনুপ্ৰৱেশৰ বিষয়টোকো সোঁৱৰাই দিছিল। নেপালী জনগোষ্ঠীৰ লোকসকল হিন্দু ধৰ্মাৱলম্বী হোৱাৰ বাবেই অসম- আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত নেপালী -অনুপ্ৰৱেশৰ সমস্যাটো তেনেই তলপৰি যোৱা কথাষাৰ নিশ্চয় সকলোৰে জ্ঞাত।পৰাগ কুমাৰ দাসে এই কথাষাৰৰ বিৰুধ কৰি অনাগত দিনত নেপালী অনুপ্ৰৱেশৰ সমস্যাটোৱে জটিল ৰূপ ধাৰণ কৰিব বুলি আশংকা প্ৰকাশ কৰিছিল।অৱশ্যে মনত ৰখা প্ৰয়োজন যে তেওঁ ইয়াৰ দ্বাৰা খিলঞ্জীয়া নেপালী জনগোষ্ঠীৰ লোকসকলক কেতিয়াও আক্ৰমন কৰা নাছিল।

     অসমীয়া জাতিয়ে ধৰ্মনিৰপেক্ষতাৰ আদৰ্শৰে সদায়ে ধৰ্মতকৈ ভাষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি অহা কথাটো তেওঁ বাৰে বাৰে উল্লেখ কৰিছে।সেইদৰে ন-পুৰণি সকলো প্ৰব্ৰজনকাৰীকে একে পৰ্যায়ত বিবেচনা কৰা কথাটোকো তেওঁ সমালোচনা কৰিছিল।চৰ অঞ্চলত আহি বসবাস কৰিবলৈ লোৱা অবৈধ বাংলাদেশীসকলক চিনাক্ত কৰিবৰ বাবে সেই অঞ্চলসমূহৰ পুৰণি আৰু খিলঞ্জীয়া লোকসকলক বিশ্বাসত ল’বই লাগিব বুলি তেওঁ মত পোষণ কৰিছিল।

    অসম আন্দোলনৰ অন্ত পেলাই 'অসম চুক্তি' স্বাক্ষৰিত হোৱাৰ পাছত অসম গণ পৰিষদ শাসনলৈ অহাত পৰাগ কুমাৰ দাসে আশা কৰিছিল যে শাসনাধিস্থ নতুন চৰকাৰখনে চৰ অঞ্চলবিলাকত ক্ষিপ্ৰতাৰে সংগঠন চলাই পুৰণি মানুহখিনিক আস্থালৈ আনি ভুল বুজা-বুজিবোৰ আঁতৰ কৰিব। এইক্ষেত্ৰত তেওঁ বিভিন্ন সময়ত নানা গঠনমূলক পৰামৰ্শও আগবঢ়াইছিল। কিন্তু এই দিশত গণ পৰিষদ চৰকাৰে কোনো উদ্যমেই লোৱা চকুত নপৰিল ।ফলত অগপৰ প্ৰতি তেওঁৰ আস্থা সমুলি নোহোৱা হৈছিল।সেয়ে তেওঁ চৰ অঞ্চলৰ পৰা ওলাই অহা শিক্ষিতচাম যুৱকসকলৰ সহায়ত অভিবাসীসকলৰ মাজলৈ সোমাই গৈ পুৰনি মাতব্বৰী প্ৰথাক এইবোৰ অঞ্চলৰ পৰা একেবাৰে নিঃশেষ কৰি পেলাবলৈ পৰামৰ্শ আগবঢাইছিল।সেয়ে হ’লে,অনিষ্টকাৰী ভোটবেংকবোৰো ভাঙিব পৰা যাব বুলি তেওঁ বিশ্বাস কৰিছিল।এই কথাও তেওঁ বিশ্বাস কৰিছিল যে,চৰ অঞ্চলৰ লোকসকলৰ সৈতে সৃষ্টি হোৱা সংঘাত,ভুল বুজা-বুজি আদি আতঁৰাবলৈ আমি চেষ্টা কৰিব লাগিব। বাগৰি অহা উৰা বাতৰিৰ ওপৰতে ভিত্তি কৰি সংবাদ পৰিবেশন কৰাৰ পৰিবৰ্তে প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিত্তিত এইবোৰ অঞ্চলৰ প্ৰকৃত চিত্ৰখন ডাঙি ধৰিলে আমাৰ মাজৰ অনেক ভুল বুজাবুজি দৰাচলতে আপোনা-আপুনি আঁতৰ হৈ যাব ।

     ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰয়োজনীয়তা সম্পৰ্কত তেওঁ লিখিছিল-প্ৰকৃত নাগৰিক সকলৰ আটাইবোৰ তথ্য-পাতি যদি কম্পিউটাৰত ৰাখিব পৰা যায়, তেন্তে একোজন সন্দেহযুক্ত ব্যক্তিৰ নাগৰিকত্বৰ প্ৰমাণৰ নিমিত্তে ইমানবোৰ মেৰপাকৰ প্ৰয়োজন নহ’ব । আমাৰ এই প্ৰস্তাৱ প্ৰচুৰ ব্যয় সাপেক্ষ হ’ব সঁচা, কিন্তু ৰাজ্য চৰকাৰ এতিয়া এইখিনি ব্যয় বহন কৰিবলৈ সাজু নহ’লে তাৰ ফলত ভৱিষ্যতে যিমানবোৰ জটিল সমস্যাৰ উদ্ভৱ হ’ব, সেইবিলাকৰ সমাধানত হয়তো ইয়াতকৈ কেইবাগুণে অধিক ধন ব্যয় কৰিব লগীয়া হ’ব । আৰু ৰাজ্য চৰকাৰৰ ৰাজহত এই কামৰ নিমিত্তে যদি সঁচাকৈয়ে ৰাজহৰ অভাৱ বুলি ভৱা হয, তেন্তে ৰাইজৰ ওপৰতে অতিৰিক্ত কৰ বহুওৱা হওক;- বিদেশী সমস্যাৰ সমাধানৰ নিমিত্তে প্ৰাণ পৰ্যন্ত দিবলৈ কুণ্ঠাবোধ নকৰা অসমৰ ৰাইজে এই উদ্দেশ্যত অতিৰিক্ত কিছু কৰৰ বোজা বহন কৰিবলৈ বোধকৰো কুণ্ঠাবোধ নকৰিব । বিভিন্ন পুৰণি নথি-পত্ৰৰ সহায়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন সংশোধন কৰি ৰাজ্যখনত অবৈধভাৱে বসবাস কৰি থকা বিদেশী নাগৰিকৰ প্ৰকৃত সংখ্যা এটা উলিয়াব পাৰিলে এই সমস্যাৰ আতিশয্যৰ যথাৰ্থ আভাস এটা পোৱা যাব আৰু তেতিয়া হ’লে সমস্যাটোক অতিৰঞ্জিত কৰি ৰাজনীতি খেলি অহাসকলৰ কু-চক্ৰান্তৰো মুদা মৰিব । ৰাজ্য চৰকাৰে যদি এতিয়া এইখিনি কাম কৰিবলৈকো গাত নলয়, তেন্তে এনেবোৰ ৰাজনৈতিক কু-চক্ৰান্তৰ তেওঁলোকো অংশীদাৰ বুলি ভাৱিবলৈ ৰাইজ বাধ্য হ’ব ।

    ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন আজিলৈকে সংশোধন নকৰাৰ ফলত এপিনে যিদৰে বিদেশী নাগৰিকৰ চিনাক্তকৰণত অসুবিধা হৈছে; আনপিনে তেনেদৰে অনেক খিলঞ্জীয়া মানুহে হাৰাশাস্তি ভুগিবলগীয়া হৈছে বুলি তেওঁ আশী আৰু নব্বৈৰ দশকতে লিখিছিল।তেওঁৰ মতে, 'ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনৰ সংশোধনৰ নিমিত্তে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা বা অনুমতি, কোনোটোৰে আৱশ্যক নাই ।পুৰণি ভোটাৰ তালিকা আৰু বিভিন্ন বৈধ নথি-পত্ৰ সংগ্ৰহ কৰি ৰাজ্য চৰকাৰে নিজৰ ববীয়াকৈয়ে এই কাম আৰম্ভ কৰিব পাৰে । জনসাংখ্যিক গাঁথনিৰ পিনৰ পৰা যিবোৰ অঞ্চল এতিয়া আমাৰ নিমিত্তে ভয়ৰ কাৰণ হৈ পৰিছে সেইবোৰ অঞ্চলৰ পুৰণি বাসিন্দাৰ হাতত এতিয়াও অনেক মূল্যবান নথি-পত্ৰ পোৱা যাব; কাৰণ, নিজৰ নিৰাপত্তাৰ বাবেই এওঁলোকে এই নথিপত্ৰ বোৰ সযতনে সংগ্ৰহ কৰি আহিছিল । আমি পৰিভ্ৰমণ কৰা চৰ অঞ্চল কিছুমানত পুৰণা বাসিন্দাৰ হাতত ১৯৫৫, ১৯৬৬ চনৰ ভোটাৰ তালিকাও সযতনে ৰখা অৱস্থাত পাইছো।'

    তেওঁৰ মতে,' চৰ অঞ্চলৰ বাসিন্দা মানেই বিদেশী বুলি গণ্য কৰা বিভ্ৰান্ত মানসিকতা ত্যাগ কৰি এই পুৰণি মানুহখিনিৰ ওচৰ চাপিব লাগিব, তেওঁলোকৰ সুখ-দুখৰ সমভাগী হ’ব লাগিব । কেইবা পুৰুষো ধৰি অসমতে থাকি, ইয়াতে জীণ যোৱাৰ পাছতো এই মানুহ খিনিক ‘ন-অসমীয়া’ ৰূপেহে আখ্যা দি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰি অহা ভুলবোৰৰ এতিয়া আৰু পুনৰাবৃত্তি ঘটা অনুচিত । '

    সাম্প্ৰতিক কালৰ পৰিপ্ৰেক্ষিতত পৰাগ কুমাৰ দাসৰ এই ধৰণৰ প্ৰগতিশীল চিন্তা-দৰ্শনৰ যথেষ্ট তাৎপৰ্য আৰু প্ৰাসংগিকতা আছে।অবৈধ বাংলাদেশীৰ অবাধ প্ৰব্ৰজনৰ পৰিপ্ৰেক্ষিতত পৰাগ কুমাৰ দাসৰ চিন্তা-চৰ্চা আৰু দৰ্শনৰ পুনৰ্মূল্যায়ন নকৰাকৈ কেৱল ধৰ্মীয় দৃষ্টিকোণেৰে চৰ অঞ্চলৰ সকলো লোককে বিদেশী বা বাংলাদেশী মুছলিম বুলি গণ্য কৰা মানসিকতা ত্যাগ কৰিব নোৱাৰিলে সমস্যাবোৰ জটিল হৈ গৈ থাকিব।(সমাপ্ত)

কবি লক্ষ্মীপ্ৰসাদ দেৱকোটাৰ কবিতা আৰু জীৱন সম্পৰ্কীয় দৃষ্টিভংগী

 কবি লক্ষ্মীপ্ৰসাদ দেৱকোটাৰ কবিতা আৰু জীৱন সম্পৰ্কীয় দৃষ্টিভংগী

                                                  - বীৰ্কে বি থাপা

                                                    

       কুৰি শতিকাৰ ত্ৰিশৰ দশকত ইংৰাজী আৰু নেপালী দুয়োটা ভাষাতে কাব্য ৰচনাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা লক্ষ্মীপ্ৰসাদ দেৱকোটাক এগৰাকী নিৰ্জনতাপ্ৰিয় অথচ অতি বাস্তৱবাদী কবি বুলি জনা যায়। কাঠমাণ্ডুৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ অধ্যাপক দেৱকোটাৰ উল্লেখযোগ্য সাহিত্যকৃতি হৈছে ' মুনা-মদন'। 'মুনা-মদন' হৈছে ঝ্যাঁউৰে ছন্দত নেপালী ভাষাৰে লিখা এখনি কাব্যগ্ৰন্থ য'ত এটি সুন্দৰ প্ৰেমকথা বৰ্ণিত হৈছে।ইয়াৰ উপৰিও তেখেতে 'সুলচনা ',কুঞ্জিনী,'শকুন্তলা ' আদি কেইবাখনো কাব্যগ্ৰন্থ আৰু নাটক ৰচনা কৰিছিল।

       কবি লক্ষ্মীপ্ৰসাদ দেৱকোটাৰ জন্ম হৈছিল 1909 চনত নেপালৰ কাঠমাণ্ডুত।তেখেতৰ পিতৃ আছিল সংস্কৃতৰ বিদগ্ধ পণ্ডিত।গাঁৱৰ পঢ়াশালীতে শিক্ষা জীৱনৰ পাতনি মেলি দৰবাৰ হাইস্কুলত পঢ়িবলৈ লোৱা দেৱকোটাই ল'ৰালি কালতে সংস্কৃত আৰু ইংৰাজী সাহিত্য অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছিল।সেই বাবেই তেখেতে এফালে যেনেকৈ মহাকবি বাল্মীকি, কালিদাস আদিৰ ৰচনা অধ্যয়ন কৰিছিল সেইদৰে ইংৰাজী সাহিত্যৰ ছেক্সপীয়েৰ, ৱৰ্ডচৱৰ্থ, শ্যেলী, কীটচ, বায়ৰণ আদিৰ ৰচনাৱলীৰ সৈতেও গভীৰভাৱে তেখেত পৰিচিত হৈছিল।এইসকল কবিৰ ৰচনাৱলীৰ দ্বাৰা তেখেত যথেষ্ট প্ৰভাৱিত হৈছিল আৰু নিজৰ অন্তৰত অনুভূত চিন্তা-ভাৱনাক ব্যক্ত কৰিবৰ বাবে নেপালী আৰু ইংৰাজী দুয়োটা ভাষাতে লিখিবলৈ আৰম্ভ কৰিছিল।

      দৰবাৰ হাইস্কুলত অধ্যয়ন কৰা দেৱকোটাই সোতৰ বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে পাটনালৈ অহাৰ সময়ছোৱাত ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনৰ বতাহ চৌদিশে বিয়পি পৰিছিল।স্বাভাৱিকতে তেখেতেও সেই স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে।আন্দোলনৰ সেই সংঘৰ্ষপূৰ্ণ দিনবোৰৰ মাজতে তেখেতে ত্ৰিচন্দ্ৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু আইন অধ্যয়ন কৰে।

      দেৱকোটা আছিল এগৰাকী অত্যন্ত প্ৰতিভাশালী কবি।কেৱল বাৰ বছৰ বয়সতে তেখেতে সংস্কৃত সাহিত্য অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছিল।তেখেতে কৌমুদী, অমৰকোশ,ৰঘু বংশ আদি কবিতা সলসলীয়াকৈ মুখস্থ মাতিব পাৰিছিল।নিজৰ মাতৃভাষাত তেখেতে ল'ৰালি কালতে বহুকেইটা কবিতা, গল্প,নিবন্ধ আদি লিখিছিল।পাছতহে তেখেতে ইংৰাজীত লিখিছিল।প্রখ্যাত সাহিত্য সমালোচক ডঃ শিৱমংগল সুমনে এবাৰ লিখিছিল যে নেপালী সাহিত্যই বিশ্বৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল একমাত্ৰ দেৱকোটাৰ মূল্যবান লেখাসমূহৰ জৰিয়তে।

      কবি দেৱকোটাৰ প্ৰথম প্ৰকাশিত কবিতাপুথি আছিল- 'মুনা মদন'।এইখন প্ৰকাশ পাইছিল 1939 চনত আৰু তাৰ পাছতে তেখেতে লিখি গৈছিল তিনিখন মহাকাব্য,বাৰটা খণ্ডকাব্য, তিনিখন গীতিকবিতাৰ পুথি,এখন নাটক,এখন উপন্যাস আৰু এখন প্ৰৱন্ধ সংকলন। তেখেতে ৰচনা কৰা অন্যান্য উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে-ভিখাৰী, চম্পা,দুষ্যন্ত শকুন্তলা ভেট,কুঞ্জিনী,

লক্ষ্মী কথা সংগ্ৰহ,লক্ষ্মী নিবন্ধ সংগ্ৰহ,মহাৰাণা প্ৰতাপ,পৃথ্বীৰাজ চৌহান, প্ৰমিথিউচ, পুতলি, শকুন্তল,সাৱিত্ৰী সত্ৰাৱন,সুলোচনা,সুনকো বিহান আদি।তেওঁ ছেক্সপীয়েৰৰ 'হেমলেট' নাটকখনো নেপালী ভাষালৈ অনুবাদ কৰিছিল।

      'মুনা মদন' আকাৰত সৰু যদিও এইখনেই আছিল প্ৰথম নেপালী ভাষাত ৰচিত মহাকাব্য যাৰ জৰিয়তে কবি দেৱকোটাই কেৱল এটা প্ৰেম-কাহিনীয়েই প্ৰকাশ কৰিবলৈ বিচৰা নাছিল,বৰঞ্চ নিজ জন্মভূমি নেপালৰ আৰ্থ-সামাজিক সমস্যাসমূহকো তুলি ধৰিবলৈ চেষ্টা কৰিছিল।এই কাব্য ঝ্যাঁউৰে ছন্দত লিখা হৈছে আৰু ই এহাল স্বামী স্ত্ৰীৰ কাহিনী প্ৰকাশ কৰিছে।মদন হৈছে এজন সদাগৰ ।তেওঁ পত্নী মুনাক ঘৰত থৈ টকা উপাৰ্জন কৰিবলৈ তিব্বতলৈ যাত্ৰা কৰিছে।এই যাত্রাৰ অপৰিসীম কষ্ট,বিচ্ছেদৰ যন্ত্ৰণা আদিয়ে কবিতাটিৰ সৌন্দৰ্য। স্বামী-স্ত্রীৰ সাংসাৰিক জীৱনৰ লগে লগে জীৱনৰ কিছুমান সত্যও ইয়াৰ দ্বাৰা প্ৰকাশ কৰিছে।কবিয়ে অৰ্থ-সম্পত্তি,ভোগ বিলাস,জাতিভেদ প্ৰথা আদিক তীব্ৰ সমালোচনা কৰিছে।

      দেৱকোটাই আছিল প্রথমগৰাকী নেপালী কবি যি সংস্কৃত কবি কালিদাসৰ 'অভিজ্ঞান শকুন্তলম' নাটকখন নেপালী ভাষাত 'শকুন্তলা' নামেৰে লিখি উলিয়াইছিল।কোৱা হয় যে তেখেতৰ বহুকেইটা কবিতাই স্বত:স্ফূৰ্তভাৱে অতি কম সময়ৰ ভিতৰত লিখা। তাৰ উৎকৃষ্ট নিদৰ্শন হৈছে -'শকুন্তলা ' ।কবি দেৱকোটাই এইখন মাত্ৰ তিনি মাহৰ ভিতৰত লিছিল।অবিশ্বসনীয়ভাৱে এইখন লিখি শেষ কৰিয়েই তেখেতে বন্ধুবৰ্গৰ নেৰানেপেৰা অনুৰোধত আন এখন মহাকাব্য 'সুলচনা' লিখিবলৈ আৰম্ভ কৰিছিল আৰু মাত্ৰ দহ দিনত সেয়া সম্পূৰ্ণ কৰিছিল।এইখন মহাকাব্যইয়ো নেপালী সাহিত্যত এক স্বকীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। 

      কেৱল নেপালী বা ইংৰাজীয়েই নহয়,কবি দেৱকোটাৰ ভাষাজ্ঞান বিস্তৃত হৈ আছিল আন কেইবাটাও ভাষালৈ।তেখেতে হিন্দী, উৰ্দু, ইটালী, জাৰ্মেনী,ফৰাচী আদি ভাষাও জানিছিল।তাৰোপৰি তেখেতে ৰুমানিয়া, হাংগেৰী, চীন, ৰাচিয়া আদি বহু দেশ ভ্ৰমণ কৰিছিল।1953 চনত নেপালক প্ৰতিনিধিত্ব কৰি তেখেতে ৰুমানিয়াত অনুষ্ঠিত চতুৰ্থ World Youth Assocition ত অংশ গ্ৰহণ কৰিছিল।নেপালক প্রতিনিধিত্ব কৰি তেখেতে বিদেশৰ অন্যান্য দেশলৈকো গৈছিল।এই বিশ্বব্যাপি ভ্ৰমণৰ গভীৰ প্ৰভাৱ তেখেতৰ চিন্তা ভাৱনা আৰু ৰচনাত যথেষ্ট পৰিছিল।বিদেশতো তেখেত সন্মানিত হৈছিল।তৎমুহূর্ততে কবিতা লিখিব পৰা সক্ষমতাৰ বাবে দেৱকোটাক 'ইলেক্ট্ৰিক কবি' বুলি অভিহিত কৰা হৈছিল।

      কবিতাৰ বাবে তেখেত এনেদৰে ব্যাকুল আৰু উদ্ভ্ৰান্ত আছিল যে বহুতে তেখেতৰ মস্তিষ্কৰ বিকাৰ ঘটা বুলি আশংকা কৰিছিল আৰু তেখেতক ৰাঁচীৰ জেলত পাঁচমাহ বন্দীও কৰি থোৱা বৈছিল।পাঁচ মাহ কাৰাগাৰত ,কিছুলোকৰ মতে মানসিক চিকিৎলালয়ত থকাৰ পাছত 1939 চনত তেখেতে 'পাগল' নামেৰে এটি কবিতা লিখিছিল। কবিতাটিত তেখেতে লিখিছিল-' Surely, my friend, I am mad /That’s exactly what I am! /I see sounds/Hear sights/Taste smells/I touch things thinner than air / Those things/Whose existence the world denies/Whose shapes the world does not know.' (অৰ্থাৎ - নিশ্চয় বন্ধু,মই এটা পগলাই/মোৰ অৱস্থাই যে এনেকুৱা/মই শব্দক দেখা পাওঁ/ দৃশ্যক শোনা পাওঁ/জিভাৰে সোৱাদ লওঁ সুবাসৰ /

বতাহতকৈয়ো পাতল বস্তুবোৰক/মই স্পৰ্শ কৰোঁ-/যাৰ অস্তিত্বক /পৃথিৱীয়ে অস্বীকাৰ কৰে/যাৰ আকাৰ কেনেকুৱা/সেয়া পৃথিৱীয়েও নাজানে..)

      কবি দেৱকোটা আছিল অতি বাস্তৱবাদী কবি।ঈশ্বৰৰ ওপৰত কবিৰ বিশ্বাস নাছিল।সেইবাবেই ঈশ্বৰক লৈ তেখেতে জীৱনত এটাও কবিতা লিখা নাছিল। পৰম্পৰাগত ধ্যান-ধাৰণাৰ বিপৰীতে অতি বাস্তৱবাদী দৃষ্টিৰে তেওঁ জীৱন আৰু জগতক লক্ষ্য কৰিছিল।তেখেতে লিখা এটা বিখ্যাত কবিতা হৈছে-Donky য'ত এটা গাধই মানৱ সভ্যতাক সমালোচনা কৰিছে।কবিতাটিত কোৱা হৈছে যে গাধ মানুহতকৈ বেছি জ্ঞানী,কাৰণ সি আইনৰ বিষয়ে একো নাজানে।একেটা কবিতাতে তেখেতে লিখিছে যে বিবাহ হৈছে দাসত্বৰ আনন্দ তথা আইনে চুৰ-ডকাইতবোৰক নিৰাপত্তা প্ৰদান কৰিছে,সংস্কৃতিয়ে ঠগ-প্ৰৱঞ্চকক অনুপ্ৰেৰণা দিছে,বিজ্ঞানে মানুহক আত্মা সম্পৰ্কে অন্ধ কৰি পেলাইছে,বিলাসিতাই তেওঁলোকক দুর্গন্ধময় কৰি তুলিছে আৰু ৰাজনীতিয়ে মানুহক পিশাচলৈ পৰিণত কৰিছে।

     কিছু সংখ্যক সাহিত্যৰ সমালোচকে দেৱকোটাক এগৰাকী নিৰাশবাদী কবি বুলিও অভিহিত কৰিছিল।তেখেতৰ এই নিৰাশবাদ প্ৰতিফলিত হোৱা দেখা যায় বহুকেইটা কবিতাত। পৃথিৱীখনক তেখেতে এটা মৰুভূমি বুলি বৰ্ণনা কৰিছে। 'Life is the richest feast' শীর্ষক কবিতাটিত তেখেতে লিখিছে যে মৰুভূমিৰ বেলিৰ প্ৰচণ্ড উত্তাপত তেখেত মৰোঁ মৰোঁ হৈ পৰিছে আৰু অনুভৱ কৰিছে যেন তেখেতৰ জন্মই আছিল মূল্যহীন।

      বিভিন্ন সময়ত কোৱা বা লিখা সৰু সৰু আন কিছুমান কথাইয়ো তেখেতৰ জীৱন সম্পৰ্কীয় সূক্ষ্ম দৃষ্টিভংগীক প্ৰতিফলিত কৰে।বিশেষকৈ 'কলা আৰু জীৱন'(Art and Life) ত তেখেতে লিখা কথাবোৰে পাঠকৰ মনত চিন্তাৰ নতুন দুৱাৰ খুলি দিয়ে। যেনে-

* যি চিনাক্ত কৰে তাক চকু,যি বুজি পায় তাক মগজু,যি শুনা পায় তাক কান আৰু যি অনুভৱ কৰে তাক অন্তৰ বুলি কোৱা হয়।এই চাৰিটা বস্তু নোহোৱাটোৱেই হৈছে জন্তু হোৱাৰ লক্ষণ।(The thing which identifies is called eyes,understands is called brain, listens is called ear and feels is heart. To be devoid of these four things is the signs of being a beast.)

* নিজৰ মনটোক ব্যস্ত ৰাখিবলৈ মানুহে সৃষ্টি কৰা সকলোবোৰ খেলৰ ভিতৰত জুৱা খেলেই আটাইতকৈ আমোদজনক খেল -যিটো খেল জীৱনৰ লাভ -লোকচান,উত্থান-পতনৰ নিচেই ওচৰ পায়গৈ।(Among various games of man created to engage his mind, gambling is the most interesting and which comes the nearest to life's gain-loss, rise-fall.)

 * যাক আমি সাধাৰণতে শিক্ষা বুলি কওঁ সি মানুহক মুৰ্খ বনায়।(That we usually call Education is making man stupid.)

 * বিদ্যালয়বোৰ হৈছে যন্ত্ৰ তৈয়াৰ কৰা উদ্যোগ

(Schools are industries to manufacture machines.)

 * বিজ্ঞানে সকলো আৱিস্কাৰ কৰিব নোৱাৰে আৰু আমাৰ মনোবিজ্ঞানৰ অধ্যয়নবোৰ জ্ঞানৰ অন্ধকাৰৰ মাজতে শেষ হৈ যায়। ( Science cannot find everything and our psychological studies end within the darkness of intellect.)

 * আত্মাই বিচাৰি আছে এটা আৰু শিক্ষাই দি আছে আন কিবা এটাহে।(The soul is desiring one thing, education is providing something else.)

 * সভ্যতা এতিয়াও আৰম্ভ হোৱাই নাই।আমি এতিয়াও জীৱনক সন্মান কৰিবলৈ শিকা নাই। আমাৰ ভাতৃত্বসুলভ ভাৱনা পৰিপক্ক হোৱাৰ পাছতহে আচল প্ৰগতি আৰম্ভ হ'ব।(Civilization has not yet started. We haven't learned to respect life. After our brotherhood feeling becomes rigid then only will real progress start.)

  * মানুহৰ মহানতা নিৰ্ণয় হয় তেওঁৰ অন্তৰৰ দ্বাৰা-জাত-পাত আৰু বংশৰ দ্বাৰা নহয়।(A man's greatness is determined by his heart not by the caste and the lineage he brings.)

* মগজুৰ কাৰ্য হ'লেও গাণিতিক সূত্ৰৰ দ্বাৰা কৰা কামবোৰক কলা বা শিল্প (Art) বুলি ক'ব নোৱাৰি।চিত্রাংকণ এটা কলা, ফটোগ্রাফি কলা নহয়।(The works done by mathematical formulas, even though are the works of brain, do not deserve to be called Art. Painting is Art, Photography is not.)

*সৃষ্টিৰ মুখ্য উপাদান হৈছে প্ৰেম আৰু প্ৰেমৰ মুখ্য কাৰ্যই হৈছে আৰ্ট।(The chief element of creation is love and the chief action of love is Art.)

       কবি লক্ষ্মীপ্ৰসাদ দেৱকোটা আছিল নিজৰ কবিতা সম্পৰ্কত তেনেই বেপৰুৱা আৰু অসচেতন।তেখেতৰ অসাৱধানতাৰ বাবেই বহু কবিতা হেৰাই গৈছিল আৰু আজিকোপতি উদ্ধাৰ হোৱা নাই।গতিকে তেখেতৰ সমস্ত কবিতাৰ পৰ্যালোচনা সম্ভৱ হৈ উঠা নাই।উল্লেখযোগ্য যে তেখেতে নিজৰ জীৱনকালত কেতিয়াও কবিতাবোৰ বিচাৰিবলৈয়ো চেষ্টা কৰা নাছিল।

       সময় বাগৰি যোৱাৰ লগে লগে তেখেতৰ কাব্য প্ৰতিভাই পূৰ্ণতা লাভ কৰিছিল।কিন্তু তেখেতৰ জীৱনৰ অন্তিম কাল আছিল অত্যন্ত ট্ৰেজিক।তেখেতৰ পূৰ্বৰ কবিতাসমূহত যদিও এক প্ৰকাৰৰ নাস্তিকতাবাদী মনোভাৱ প্ৰতিফলিত হৈছিল,তথাপিতো কিন্ত দেখা যায় যে জীৱনৰ শেষ বয়সত তেখেতে লিখা কবিতাসমূহত গভীৰ ঈশ্বৰ বিশ্বাসৰ ভাৱ প্ৰতিফলিত হৈ উঠিছে।পাকস্থলিত হোৱা কেঞ্চাৰৰ বাবে শেষৰ দিনকেইটা তেখেতে অত্যন্ত যন্ত্ৰণাত কটাবলগীয়া হৈছিল।আনকি সেই যন্ত্রণাগ্রস্ত দিনবোৰতো তেখেতে কবিতা লিখি গৈছিল।1968 চনত লিখা এটি কবিতাত তেখেতে কেঞ্চাৰৰ যন্ত্ৰণাৰ কথা উল্লেখ কৰি লিখিছিল-

Promethean pain I bear

With tears on tears

Yet a song of joy must I raise.

      তেখেতে লিখিছিল,ঈশ্বৰে এই সকলো যন্ত্ৰণা প্ৰদান কৰিছে যাতে তেখেতে আকৌ ঈশ্বৰৰ কথা চিন্তা কৰে।মৃত্যৰ মাত্ৰ দুদিন পূৰ্বে তেখেতে লিখিছিল-জীৱনটো হৈছে পৃথিৱীত জন্ম গ্ৰহণ কৰা মানুহৰ বাবে এক মহত্বতম ভোজ(richest feast) আৰু যদিও কেখেতে পূৰ্বৰ কবিতাসমূহত পৃথিৱীখনক Ocean of Sorrows (দুখৰ সাগৰ) বুলি উল্লেখ কৰিছিল,পাছৰ কবিতাসমূহত কিন্তু তেখেতেপৃথিৱখনক ocean of joy(সুখৰ সাগৰ)বুলি ঘোষণা কৰিছিল।তেখেতে এটা টোকাত লিখিছিল - 'To me, these

mountains appeal my breathen beauty in ourselves and communicates it to the dearest. I want to breath in harmony with them. There is something which you can not find every where.' এনেদৰেই কবি দেৱকোটাই প্ৰকৃতিৰ অবিনশ্বৰ সৌন্দৰ্যৰ তাৎপৰ্যৰ কথা প্ৰকাশ কৰিছিল।

        দিনক দিনে তেখেতৰ স্বাস্থ্য ভাগি পৰিছিল।পাকস্থলিত হোৱা কেঞ্চাৰৰ যন্ত্ৰণা ইমানেই অসহনীয় হৈ পৰিছিল যে তেখেতে লগ কৰিবলৈ অহা লোকসকলক পটাচিয়াম চায়'নাইড দিবলৈ অনুৰোধ কৰিছিল।তেখেত ইতিমধ্যে একেবাৰে দেৱলীয়া হৈ পৰিছিল।পাঁচগৰাকীকৈ কন্যা আৰু চাৰি গৰাকী পুত্ৰ সন্তানেৰে ভৰা সংসাৰ চলাবলগীয়া হোৱা কবি দেৱকোটাই আৰ্থিক অনাতনৰ মাজত দিন কটাবলগীয়া হৈছিল।তেনে অৱস্থাত ভাৰত চৰকাৰে তেখেতৰ বিশ হাজাৰ টকাৰ ঋণ পৰিশোধ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল।নেপাল চৰকাৰেও তেখেতক উন্নত চিকিৎসাৰ বাবে ৰাচিয়ালৈ প্ৰেৰণ কৰিছিল।জীয়াই থকাৰ সকলো বাসনা তেখেতে হেৰুৱাই পেলাইছিল।তথাপিতো কিন্তু লিখিবলৈ এৰা নাছিল।লিখাৰ লগে লগে অত্যন্ত চিগাৰেট সেৱন কৰিছিল।চিকিৎসকসকলে চিগাৰেট সেৱন কৰিবলৈ বাধা দিছিল যদিও বহুদিনীয়া সেই অভ্যাস তেখেতে এৰিব পৰা নাছিল।মৃত্যুৰ দিনাখনো দেৱকোটাই তেখেতৰ পত্নীৰ পৰা কাগজ আৰু চিগাৰেট খুজিছিল ।মুখত চিগাৰেট লৈ তেখেতে অন্তহীনভাৱে কাগজত লিখি গৈছিল। তেখেতৰ অৱস্থালৈ লক্ষ কৰি চিকিৎসক আৰু নাৰ্চসকল ব্যস্ত হৈ পৰিছিল,কিন্তু অশেষ চেষ্টাৰ পাছতো তেখেতক বচাব পৰা নাছিল।1959 চনৰ 14 চেপ্তেম্বৰ তাৰিখে কবি দেৱকোটাই শেষ নিশ্বাস ত্যাগ কৰিছিল।(সমাপ্ত) 

Thursday, April 23, 2026

জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা

   জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা

                                                     - বীৰ্কে বি থাপা

    অসমীয়া ভাষা বুলি ক'লে আমি সাধাৰণতে সেই ভাষাক বুজোঁ যিটো ভাষা অসমৰ উজনিৰ পৰা নামনিলৈকে সকলোৱে ব্যৱহাৰ কৰিব পৰা অসমৰ এটা সংযোগী ভাষা হিচাপে মান্যতা লাভ কৰি আহিছে। এই সকলোৰে মান্য অসমীয়া ভাষা যিটো ভাষা আমি লিখিত ৰূপতো ব্যৱহাৰ কৰোঁ-এই ভাষা মূলত: ইন্দা-ইউৰোপীয় ভাষাৰ অন্তৰ্গত মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা। 

    ভাষাতত্ববিদসকলৰ মতে, পৃথিৱীৰ প্ৰধান ভাষাসমূহৰ ভিতৰত অন্যতম এটা ভাষা হৈছে ইন্দো- ইউৰোপীয় ভাষা।এই ইন্দো -ইউৰোপীয় ভাষাৰ প্ৰধান দুটা ভাগ হৈছে ইন্দো-ইৰাণীয় আৰু ইন্দো-এৰিয়ান(ইন্দো-আৰ্য ভাষা)। অসমীয়া ভাষা হৈছে ইন্দো-এৰিয়ান ভাষাৰ অন্তৰ্গত মাগধী প্ৰাকৃতৰ পৰা উদ্ভূত ভাষা।প্ৰাচীন মগধ আৰু বিদেহ ৰাজ্যত প্ৰচলিত এই ভাষা উত্তৰ বংগৰ মাজেৰে আহি অসমত প্ৰৱেশ কৰিছিল আৰু সপ্তম শতিকামানত ই অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত কামৰূপত এটা সুকীয়া ভাষা ৰূপে গঢ় লৈ উঠিছিল।সেই অৰ্থত কামৰূপী ভাষাতে প্ৰাচীন মাগধী অপ্ৰভ্ৰংশৰ আদিম ৰূপ দেখিবলৈ পোৱা যায় বুলি ক'ব পাৰি।

    এই মান্য অসমীয়া ভাষাই হৈছে আমাৰ সকলোৰে মাতৃভাষা। আজি সমগ্ৰ বিশ্ব জুৰি উদযাপন কৰা' আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ মূল তাৎপৰ্যই হৈছে এষে যে আমি আমাৰ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰাৰ লগতে মাতৃভাষাৰ তাৎপৰ্যক উপলদ্ধি কৰিব লাগিব আৰু মাতৃভাষাক যিকোনো সংকট-বিপৰ্যৰ পৰা ৰক্ষা কৰিব লাগিব। 

   এই প্ৰসংগত উল্লেখনীয় যে  অনা-অসমীয়া ভাষাৰ আগ্ৰাসনে বহুবাৰ অসমীয়া ভাষাক বিপৰ্যস্ত কৰিছে। ইয়াৰ প্ৰথম উদাহৰণ- ১৮২৬ খৃ:ৰ ইয়াণ্ডাবু সন্ধিৰ চুক্তিমৰ্মে অসম বৃটিছৰ অধীনলৈ যোৱাৰ পাছত বৃটিছসকলে  অসমত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ খুলিবলৈ আৰম্ভ কৰিছিল।আনকি এনে আইনো বলবৎ কৰিছিল যে কেৱল ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰাসকলকহে অফিচ-কাছাৰী আদিত  চৰকাৰী চাকৰি দিয়া হ'ব। গতিকে স্বাভাৱিকতে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মনত সন্তানক ইংৰাজী শিক্ষাৰে শিক্ষিত কৰি তোলাৰ প্ৰৱণতাই দেখা দিছিল।

সেইদৰে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈ থাকিবলগীয়া হোৱাত বাংলা ভাষা-সাহিত্যৰ সৈতেও অসমীয়া মধ্য বিত্ত শ্ৰেণীৰ পৰিচয় ঘটিবলৈ আৰম্ভ কৰিছিল ।কলিকতাত উচ্চ শিক্ষা লাভ কৰা মধ্যবিত্তীয় শিক্ষিত লোকসকলৰ  মনত লাহে লাহে বাংলাভাষাক শ্ৰেষ্ঠ ভাষা বুলি ভৱা আৰু নিজৰ মাতৃভাষাক অৱহেলা কৰা প্ৰৱণতাইয়ো গা কৰি উঠিছিল।অসমৰ এইসকল শিক্ষিত লোকৰ অসচেতনতাৰ সুযোগ লৈয়ে বৃটিছসকলে অসমৰ সকলোবোৰ চৰকাৰী অফিচ-কাছাৰীৰ মাধ্যম ভাষা হিচাপে বাংলা ভাষাৰ প্ৰচলন কৰিছিল।১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে প্ৰায় সাতত্ৰিশ বছৰে এইদৰে অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাই আধিপত্য বিস্তাৰ কৰিছিল।অসমীয়া ভাষালৈ নামি অহা সংকটৰ এয়াই আছিল আৰম্ভণি।কিন্তু  সৌভাগ্যক্ৰমে উনবিংশ শতিকাৰ তৃতীয় দশকত অসমলৈ অহা আমেৰিকান মিছনেৰীসকলৰ তৎপৰতাত অসমৰ অফিচ-কাছাৰীসমূহত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন হৈছিল। এই কথা স্বীকাৰ কৰিব লাগিব যে, মিছনেৰীসকল অসমলৈ অহাৰ প্ৰধান উদ্দেশ্য আছিল খৃষ্টান ধৰ্মৰ প্ৰচাৰ, কিন্তু তেওঁলোকে যথাৰ্থতে অসমীয়া ভাষাৰ দুৰৱস্থাৰ কথা উপলদ্ধি কৰিছিল আৰু ড: নেথান ব্ৰাউন ,তেওঁৰ পত্নী এলিজা ব্ৰাউন আৰু ৰেভাৰেণ্ড অলিভাৰ টি কট্টৰৰ দৰে লোকসকলে শদিয়াত থকা কালছােৱাত স্থানীয় খামতি আৰু অসমীয়া ভাষী লােকসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰাৰ উপৰিও খুব কম সময়ৰ ভিতৰতে অসমীয়া ভাষা আয়ত্ব কৰি কিতাপ-পত্ৰ আদি প্ৰকাশ কৰিছিল। তেওঁলোকে জয়পুৰত ছপাশাল স্থাপন কৰি খামতি, শ্যাম, চিংফৌ আৰু নগা ভাষাত অসমীয়া আৰু ৰােমান হৰফেৰে যথেষ্ট ছপাৰ কাম কৰা জানিব পৰা যায়।অকল সেয়ে নহয়, মিছনেৰীসকলে  ১৮৪৬ খৃঃত শিৱসাগৰৰ পৰা অসমৰ সংবাদজগতৰ এক যুগান্তকাৰী ঘটনা স্বৰূপে ‘অৰুণােদই' কাকত প্ৰকাশ কৰি উলিয়াইছিল।

    ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত অসমীয়া ভাষাই স্বকীয় মৰ্যাদাৰে আত্মপ্ৰতিষ্ঠা লাভ কৰিব বুলি যথেষ্ট আশা কৰা হৈছিল। কিন্তু অসমীয়া ভাষাৰ ওপৰত অন্য ভাষিক গোষ্ঠীৰ আক্ৰমণৰ অন্ত পৰা নাছিল।১৯৪৭ চনত বাংলাদেশ বিভাজন হোৱাত শৰণাৰ্থী হিচাপে আহি অসমত প্ৰৱেশ কৰা বাংলাদেশীসকলৰ ভাষিক আগ্ৰাসনে অসমীয়া ভাষাৰ অস্তিত্বক শংকিত কৰি তুলিছিল ।বৰাক উপত্যকাত বাংলা ভাষীসকলে বাংলা ভাষাক অসমৰ মাধ্যম ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লগাত ব্ৰক্ষ্মপুত্ৰ উপত্যকাত সাম্প্ৰদায়িক সংঘাত তীব্ৰ হৈ উঠিছিল। ১৯৬০ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমীয়া ভাষাক একমাত্ৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰাৰ প্ৰতিবাদত বৰাক উপত্যকাৰ বাংলাভাষী লোকসকল এনেদৰে জাঙুৰ খাই উঠিছিল যে তাৰ ফলস্বৰূপে ব্ৰক্ষ্মপুত্ৰ উপত্যকাত বসবাস কৰা অসমীয়াভাষী আৰু বাংলাভাষী লোকসকলৰ মাজত সংঘৰ্ষই হিংসাত্মক ৰূপ ধাৰণ কৰে ।আন্দোলনে এনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল যে অকল ব্ৰক্ষ্মপুত্ৰ উপত্যকাতে বাংলাভাষী লোকসকলৰ প্ৰায় পাঁচ হাজাৰ ঘৰ জ্বলাই দিয়া হয়।পুলিচৰ গুলিত নিহত হয় ৰঞ্জিত বৰপূজাৰী নামৰ কটন কলেজৰ এজন ছাত্ৰ।বৰাক উপত্যকাতো আন্দোলন তুংগত উঠিছিল। পুলিচৰ গুলিত বৰাক উপত্যকাতো  কেইবাজনো যুৱকৰ মৃত্যু হৈছিল।ফলত বিমলা প্ৰসাদ চলিহা চৰকাৰে ব্ৰক্ষ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা আৰু বৰাক উপত্যকাত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিবলৈ বাধ্য হয়।

    ষাঠীৰ দশকত অসমীয়া ভাষাৰ ওপৰত হোৱা বাংলাভাষাৰ আগ্ৰাসনৰ পৰিপ্ৰেক্ষিতত অসমীয়া ভাষাৰ প্ৰাধান্য বৃদ্ধিৰ বাবে ১৯৭২ চনত পুনৰ সূত্ৰপাত হয় মাধ্যম আন্দোলনৰ। মাধ্যম আন্দোলনৰ জৰিয়তে অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীকে মাধ্যম ভাষা হিচাপে অসমীয়া ভাষা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়। এটা দৃষ্টিৰে সেয়া ভালেই আছিল যদিও এনেদৰে অসমীয়া ভাষাক মাধ্যম ভাষা হিচাপে সকলো জাতি-জনগোষ্ঠীক জোৰকৈ গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা কাৰ্যই জনজাতীয় লোকসকলক ক্ষোন্ন কৰিছিল। কাৰণ, স্বকীয় কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্যৰে নিজৰ স্বাভিমান ৰক্ষা কৰিব বিচৰা জনজাতীয় লোকসকলৰ একাংশই ইয়াৰ দ্বাৰা তেওঁলোকৰ স্বকীয় ভাষা,দোৱান আদি সংকটৰ গৰাহত পৰিব বুলি আশংকা কৰিছিল। 

    মাধ্যম আন্দোলনৰ দ্বাৰা মান্য অসমীয়া ভাষাৰ ৰক্ষাৰ কথা ভবা হৈছিল যদিও এই আন্দোলনে জনগোষ্ঠীয় ভাষাসমূহৰ সংৰক্ষণৰ কথা চিন্তা কৰা নাছিল যাৰ বাবে জনজাতীয় লোকসকল এই আন্দোলনৰ পৰা আঁতৰি আহিছিল।জনজাতীয় লোকসকলৰ এনে বিচ্ছিন্নতাবাদী মনোভাৱৰ অন্তৰালত অন্য কাৰণো যথেষ্ট আছিল। তাৰে প্ৰধান কাৰণ আছিল-উচ্চ বৰ্ণ হিন্দুৰ অসমীয়াসকলে জনজাতীয় লোকসকলৰ প্ৰতি পোষণ কৰি অহা ঘৃণা আৰু অৱজ্ঞাৰ মনোভাৱ। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ইতিপূৰ্বে উনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ দ্বিতীয় দশকৰ সময়ছোৱাতে অসমত জনজাতীয় লোকসকলে নিজৰ স্বকীয়তা ৰক্ষা আৰু আত্মনিয়ন্ত্ৰণৰ হকে এক প্ৰকাৰৰ নৱজাগৰণ গঢ়ি তুলিছিল। অৱশ্যে তেওঁলোকৰ মাজতো কিছুসংখ্যক এনে জনজাতীয় শিক্ষিত লোক আছিল যিসকলে নিজৰ স্বকীয়তাক ৰক্ষা কৰিও অসমীয়া ভাষাকো সমানে শ্ৰদ্ধা কৰিছিল। এই প্ৰসংগত হোমেন বৰগোহাঞিয়ে সোণাৰাম পায়েং, চাৰুচন্দ্ৰ দলে, মুহিচন্দ্ৰ মিৰি ,চকভাল কাগয়ুং,তৰুণচন্দ্ৰ পামেগাম, সীতানাথ ব্ৰক্ষ্মচৌধুৰী, দণ্ডীধৰ ফাটোৱালী আদিৰ দৰে  শিক্ষিত ব্যক্তিসকলৰ কথা উল্লেখ কৰিছে যিসকলে  অসমীয়া ভাষাকো সমানে আকোঁৱালী লৈ  অসমীয়া ভাষাত লিখা-মেলা, সাহিত্য-চৰ্চা আদি কৰি গৈছিল।

     সি যি কি নহওক,অসমৰ জনগাঁথনিলৈ লক্ষ কৰিলে দেখা যায় - অসমীয়া জাতিৰ উদ্ভৱ আৰু বিকাশ হৈছে অষ্ট্ৰিক,  মংগোলীয়, আৰ্য আদি বিভিন্ন নৃগোষ্ঠী, ভাষা-ভাষী, জাতি- উপজাতিৰ সংমিশ্ৰণত। কেৱল নিৰ্দিষ্ট এটা নৃগোষ্ঠীৰে গঠিত 'অসমীয়া জাতি' বুলি কোনো জাতিৰ অৱস্থিতিৰ কথা আমি ভাৱিব নোৱাৰোঁ। সেইদৰে আমি সকলোৱে কোৱা মান্য 'অসমীয়া ভাষা'ৰ উৎপত্তি মূলত: মাগধী প্ৰাকৃতৰ পৰা হৈছে যদিও এই ভাষাৰ  বিকাশত বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষিক অৱদান জড়িত হৈ আছে।

    উল্লেখযোগ্য যে,প্ৰাচীন অসমত কামৰূপী ভাষা সকলোৰে বাবে এটা মান্যভাষা ৰূপে প্ৰচলিত  হৈ থকা সময়ছোৱাত অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ ভাষা বা দোৱানসমূহো অঞ্চলবিশেষে প্ৰচলিত আছিল। কিন্তু এই জনগোষ্ঠীয় ভাষা বা দোৱানসমূহ অঞ্চল বিশেষতে আৱদ্ধ হৈ থকা হেতুকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সেইবোৰ সকলোৰে সহজ বোধগম্য নাছিল।সেয়ে কামৰূপী ভাষাকে সকলোৱে কম-বেছি পৰিমানে মাধ্যম ভাষা হিচাপে গ্ৰহণ কৰিছিল বুলি অনুমান কৰিব পাৰি।আৱিস্কৃত শিলালিপি আৰু তাম্ৰলিপি সমূহৰ পৰাও এই কথা স্পষ্ট হৈ উঠিছে যে জনসাধাৰণৰ বোধগম্য ভাষা হিচাপে প্ৰাচীন অসমত সংস্কৃত আৰু কামৰূপী ভাষাৰ প্ৰচলন আছিল।

    শংকৰদেৱ -মাধৱদেৱৰ আৱিৰ্ভাৱৰ পূৰ্বে মাধৱ কন্দলীৰ দৰে কবিসকলেও সংস্কৃত আৰু কামৰূপী ভাষাত কাব্য-চৰ্চা কৰা কথা জানিব পৰা যায়।শংকৰদেৱে 'এক শৰণ নাম ধৰ্ম 'প্ৰচাৰৰ বাবে পূৰ্বৰ ঐতিহ্য পৰিহাৰ কৰি পোনপ্ৰথমবাৰৰ বাবে ব্ৰজাবলী ভাষাত সাহিত্যৰাজি ৰচনা কৰিছিল।এই ব্রজাবলী ভাষাটো আছিল সংস্কৃত,মৈথিলী আৰু অসমীয়া(অৰ্থাৎ কামৰূপী) ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ভাষা।

    পৰৱৰ্তী কালত বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যই গদ্যত লিখিবলৈ আৰম্ভ কৰাৰ পৰাই বৰ্তমানে আমি কৈ থকা অসমীয়া ভাষাৰ প্ৰকৃত বিকাশ-কাল আৰম্ভ হৈছিল।উল্লেখযোগ্য যে,ভট্টদেৱৰ গদ্য কেৱল লিখিত গদ্য-সাহিত্যৰে নিদৰ্শন নহয়,ই তৎকালীন কথিত অসমীয়া ভাষাৰো উৎকৃষ্ট নিদৰ্শন।তেওঁৰ গদ্যত ব্যৱহৃত বিভিন্ন শব্দ আৰু কথনশৈলীৰ পৰা এই কথা স্পষ্ট হৈ উঠে যে মধ্যযুগৰ অসমত প্ৰচলিত ভাষাত অসমৰ অন্যান্য জনগোষ্ঠীৰো যথেষ্ট ভাষিক অৱদান আছিল।

    আজি আমি ব্যৱহাৰ কৰি থকা মান্য অসমীয়া ভাষাৰ বহু শব্দই বিদেশী মূলৰ। যেনে - উৰ্দু, পাৰ্চী, আৰৱী, ইংৰাজী আদি। ভাষাৰ সমৃদ্ধি আৰু বিকাশৰ বাবে এয়া প্ৰয়োজনো। কিন্তু অত্যন্ত দুখৰ কথা এয়ে যে আমি বিদেশী মূলৰ যিমান শব্দ অসমীয়া ভাষাত গ্ৰহণ কৰিছোঁ, তাৰ তুলনাত জনগোষ্ঠীয় ভাষাৰ শব্দ কিন্তু তেনেদৰে গ্ৰহণ কৰা নাই। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যিহেতু বড়ো কছাৰী, দেউৰী, ৰাভা, চুতীয়া, মৰাণ-মটক, সোনোৱাল কছাৰী, ডিমাচা কছাৰী, ঠেঙাল কছাৰী, মিচিং, তিৱা, কাৰবি, চিংফৌ, নক্তে, টাংচা, টাই ফাকে, টাই তুৰুং, দোৱনীয়া, হাজং আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ অৱদান আছে, সেয়ে এই জনগোষ্ঠীসমূহৰো স্বকীয় কৃষ্টি-সংস্কৃতি, ভাষা-দোৱান আদি ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে। তেওঁলোকৰ অবিহনে বৃহত্তৰ অসমীয়া জাতীয় সত্তাৰ কোনো অৰ্থই থাকিব নোৱাৰে। সেইদৰে তেওঁলোকৰ মাজত প্ৰচলিত ভাষা, দোৱান বা শব্দসমূহকো ৰক্ষা কৰিব লাগিব। 

    আলাস্কা বিশ্ববিদ্যালয়ৰ বিশ্বপ্ৰসিদ্ধ ভাষাতত্ববিদ মাইকেল ক্ৰাউচে (Michael Krauss)কিছু বছৰৰ আগতে  এটা বৰ আশ্বৰ্যজনক  তথ্য দাঙি ধৰি এই কথা প্ৰকাশ কৰিছিল যে  সমগ্ৰ বিশ্বত প্ৰচলিত প্ৰায় সাত হাজাৰটা ভাষাৰ ভিতৰত প্ৰায় নব্বৈ শতাংশ ভাষাৰে মৃত্যু ঘটিব ২০৫০ চনৰ ভিতৰত।  ইউনেস্ক'ৰ দৰে সংস্থাইয়ো এই তথ্য মানি লৈছে আৰু ইতিমধ্যে বহুকেইটা ভাষাৰ মৃত্যু হোৱা তথ্য প্ৰকাশ কৰিছে।ইউনেস্কৰ  তথ্যমতে অকল ভাৰতবৰ্ষতে প্ৰায় ১৯৬ টা ভাষাৰ মৃত্যু ঘটিছে আৰু কেইবাটাও ভাষাৰ অস্তিত্ব আজি সংকটত।অস্তিত্বৰ সংকটত ভূগি থকা ভাষাসমূহৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ লগতে অসমৰো কেইটামান জনগোষ্ঠীৰ ভাষা। এই তথ্যই স্বাভাৱিকতে আমাক শংকিত কৰি তোলে। কাৰণ, ভাষাতত্ববিদ সকলৰ মতে, পৃথিৱীত সেই জাতি বা জনগোষ্ঠীৰ ভাষাই জীয়াই থাকে যাৰ নিজস্ব লিপি থাকে। অসমৰ জনগোষ্ঠীয় কোনো ভাষাৰে ক'বলৈ গ'লে নিজা লিপি নাই। এনে পৰিস্থিতিত জনগোষ্ঠীয় ভাষাসমূহক জীয়াই ৰাখিবলৈ হ'লে আমি জনগোষ্ঠীয় ভাষা বা শব্দসমূহক আকোঁৱালী ল' বই লাগিব। আমি যিদৰে উৰ্দু, আৰৱী, পাৰ্চী, ইংৰাজী আদি বিদেশী মূলৰ শব্দসমূহত আকোঁৱালী খাটি অসমীয়া ৰূপ দিলোঁ, সেইদৰে জনগোষ্ঠীয় শব্দসমূহকো আকোঁৱালী ব্যাপক ৰূপত ব্যৱহাৰ কৰিব লাগিব। দ্বিতীয়তে, ভাষা এটা জীষাই থাকিবলৈ হ'লে লিপিৰ প্ৰয়োজন। জনগোষ্ঠীয় লোকসকলে অসমীয়া লিপি উদাৰতাৰে গ্ৰহণ কৰিব লাগিব। তেতিয়াহে জনগোষ্ঠীয় ভাষাসমূহৰ লগতে অসমীয়া ভাষাও জীয়াই থাকিব। এই ক্ষেত্ৰত জনগোষ্ঠীয় ভাষা আৰু শব্দাৱলীৰ সংৰক্ষণ, অভিধান প্ৰণয়ন আদিৰ দৰে কামত যথেষ্ট গুৰুত্ব দিব লাগিব। (সমাপ্ত) 


  বি:দ্ৰ:  'অসম আদিত্য'(মাৰ্চ ২০২৬)ত প্ৰকাশিত। 

বিহুৰ ঐতিহ্য আৰু সংকট

      বিহুৰ ঐতিহ্য  আৰু সংকট

                                                  - বীৰ্কে বি থাপা


     অসমৰ জাতীয় উৎসৱ বিহুৰ উৎপত্তি সন্দৰ্ভত ভিন্ন জনে ভিন্ন মত পোষণ কৰা দেখা যায়। সংস্কৃত 

'বিষুবত' শব্দৰ পৰা ' বিহু' শব্দৰ উৎপত্তি হোৱা বুলি বহুতে ক'ব খোজে যদিও সেয়া বৰ যুক্তিসংগত যেন নালাগে। কাৰণ,ভাৰতবৰ্ষত বৈদিক আৰ্যসকলে প্ৰৱেশ কৰাৰ পূৰ্বৰে পৰা অসমত বহু হাজাৰ বছৰ ধৰি বসবাস কৰি থকা  বিভিন্ন জনগোষ্ঠীয় সমাজত বিহুৰ প্ৰচলন আছিল। দ্বিতীয়তে, বিহুৰ যি স্বকীয় ৰূপ সেয়া অসমৰ বাহিৰে ভাৰতবৰ্ষৰ অন্য কোনো প্ৰান্ততে দেখিবলৈ পোৱা নাযায়। অৱশ্যে এই কথা সত্য যে বছৰৰ প্ৰথম মাহ হিচাপে বহাগক আদৰা পৰম্পৰা এটা অসমৰ দৰে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য তথা এচিয়াৰ দেশসমূহতো আছে।সেইদৰে বসন্ত উৎসৱ ৰূপেও বহাগ মাহটো পৃথিৱীৰ বিভিন্ন দেশত বসন্ত উৎসৱ ৰূপে পালন কৰা পৰিলক্ষিত হয়। 

     অসমৰ ক্ষেত্ৰত দেখা যায় যে ফাগুন মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ চ'ত আৰু ব'হাগ মাহৰ প্ৰায় শেষলৈকে ইয়াত বসন্ত কাল অনুভূত হয়। এই ঋতুত প্ৰকৃতিয়ে  ন- কুঁহি পাত,ফুল-ফুল, কুলি-কেতেকীৰ মাতেৰে ন-ৰূপ লয়। ন-পানীৰ ঢলে পথাৰৰ মাটি তিয়াই পেলোৱা এই সময়ছোৱাতে অসমত গঞা, কৃষিজীৱি লোকসকলে খেতিখোলাৰ কামো আৰম্ভ কৰে।  ন-উদ্দীপনাৰে সাৰ পাই উঠা এই সময়ছোৱাতে সকলোৰে প্ৰাণত প্ৰকৃতিৰ সৈতে একাত্ম হৈ বসন্তক উদযাপন কৰাৰ উদগ্ৰীৱ বাসনা জাগি উঠে। 

    অসমৰ জাতীয় জীৱনত বিহুৰ স্বকীয় ৰূপ আৰু বৈশিষ্ট্য আছে। লক্ষণীয় যে,বিহু বুলি ক'লে অসমত বহাগ বিহু,মাঘ বিহু আৰু কাতি বিহু-এই তিনিটা বিহু পালন কৰা হয়।এই তিনিওটা বিহুৰে সুকীয়া সুকীয়াকৈ প্ৰত্যেকৰে স্বকীয় আৰু তাৎপৰ্যপূৰ্ণ বৈশিষ্ট্য আছে। অসমত পালন কৰা  বিহুক মূলত: অনাৰ্য অৱদান বুলি ক'লেও বহুখিনি বৈদিক আৰ্যীয় বৈশিষ্ট্যও পৰিলক্ষিত হয়। বিশেষকৈ মাঘ বিহুত মেজি জ্বলাই অগ্নিদেৱতাক সেৱা কৰা বা কাতিবিহুত লখিমী আইক উদ্দেশ্যি চাকি-বন্তি জ্বলোৱা পৰম্পৰাৰ সৈতে বৈদিক পৰম্পৰাৰ ঘনিষ্ট সম্পৰ্ক থকা বিষয়টোক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে বিহুক বৈদিক আৰ্য আৰু অনাৰ্য পৰম্পৰাৰ সন্মিলিত ৰূপ বুলিও ক'ব পাৰি। সম্ভৱত: এয়া অনাৰ্যসকলৰ বিহুত আৰ্যসকলৰ প্ৰভাৱ। 

    অসমত বসবাস কৰি থকা বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বহু প্ৰাচীন কালৰে পৰা বিহু পালন কৰি অহা কথা জানিব পৰা যায়।কিন্তু এই বিহু প্ৰথমে কোনটো জনগোষ্ঠীয়ে পালন কৰিছিল সেয়া সঠিককৈ ক'ব নোৱাৰি।এইক্ষেত্ৰত অসমৰ বিভিন্ন জনগোষ্ঠীয়ে আগবঢ়োৱা যুক্তিসমূহ  সমানে তাৎপৰ্যপূৰ্ণ। বহুতে ক'ব খোজে যে টাই ভাষাত 'পয়' মানে উৎসৱ আৰু 'হু' মানে গৰু, অৰ্থাৎ গো-উৎসৱ। এই 'পয়-হু'ৰ পৰাই অপ্ৰভ্ৰংশ হৈ 'বিহু' শব্দৰ উৎপত্তি হৈছে। কৃষিজীৱি সাধাৰণ লোকসকলৰ বাবে গৰু অত্যন্ত মূল্যবান সম্পদ। গৰু অবিহনে হাল বাব নোৱাৰি। সেয়ে খেতি-খোলাৰ কাম আৰম্ভ কৰাৰ আগে আগে গো-সেৱা কৰা এটা লোকাচাৰ হ'ব পাৰে।বড়োসকলেও তেওঁলোকৰ বিহু ' বৈচাগু'ত প্ৰথম দিনাই পুৱাৰ ভাগত গৰুক গা-ধোৱাই গো-সেৱা কৰে। সেই অৰ্থত' বিহু ' শব্দৰ উৎপত্তি সম্পৰ্কীয় যুক্তি অখণ্ডণীয় যদিও টাই আহোমসকলৰ আদিম বৃত্তি সম্পৰ্কীয় কথাবোৰো জুকিয়াই চাব লাগিব। সেয়া অৱশ্যেই অধ্যয়নৰ বিষয়। আনহাতে চুতীয়াসকলৰ মতে, বিহু শব্দৰ উৎপত্তি হৈছে' বিচু'ৰ পৰা। তেওঁলোকৰ ভাষাত' বি' মানে 'অতি' আৰু 'চু' মানে' আনন্দময়'। অৰ্থাৎ বহাগ বিহুৰ সময়ছোৱাত অতি আনন্দময় পৰিৱেশৰ সৃষ্টি হয় বাবেই চুতীয়াসকলে বিহুক 'বিচু' বুলিছিল। এই যুক্তিও তাৎপৰ্যপূৰ্ণ। 

     সি যি কি নহওক, ইতিহাসবিদসকলৰ মতে, কৃষিকাৰ্য  পোন প্ৰথমে আৰম্ভ কৰিছিল অষ্ট্ৰ-এচিয়াটিক আৰু তিব্বতো-বৰ্মী মংগোলীয়সকলে। গতিকে বহু হাজাৰ বছৰ পূৰ্বে  অসমত পদাৰ্পন কৰা  তিব্বতো-বৰ্মী মংগোলীয় গোষ্ঠীৰ( বড়ো-কছাৰী , ৰাভা, মেচ, চুতীয়া, দেউৰী, সোনোৱাল, মৰাণ-মটক, কোঁচ, ডিমাছা, লালুং, গাৰো আদি) কৃষিজীৱি লোকসকলৰ পৰাই বিহুৰ পৰম্পৰা আৰম্ভ হোৱা বুলি ক'ব পাৰি। এইসকল

জনগোষ্ঠীৰ কৃষিজীৱি লোকে স্বকীয় নিয়মানুসৰি নিজ নিজ অঞ্চলত পালন কৰা বিহুৱে কালক্ৰমত এক সাৰ্বজনীন ৰূপ লাভ কৰি অসমৰ জাতীয় উৎসৱলৈ পৰিণত হৈছিল।

    কোৱা হয়, চুতীয়া ৰজা সকলৰ দিনতে বিহুৱে ৰাজকীয় স্বীকৃতি লাভ কৰিছিল।চুতীয়াসকলৰ ৰাজত্বৰ সময়ছোৱাত  চাৰি শাল গোসাঁনীক স্মৰণ কৰি পুৰোহিত দেউৰীসকলে বিহু নমাইছিল।সেইদৰে সোনোৱালসকলেও বাইথ' মন্দিৰত খ্ৰীং দেৱতালৈ পূজা-সেৱা আগবঢ়াই হায়দাং গীত গাই অতীতৰে পৰা  বিহু নমোৱা পৰম্পৰা চলি আহিছে। 

     চুতীয়াসকলৰ ৰাজত্বকালত ৰাজকীয় স্বীকৃতি  লাভ কৰা বিহুক আহোম স্বৰ্গদেউসকলেও মৰ্যদা প্ৰদান কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহই  বিহুলৈ ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়োৱাৰ উপৰিও গছ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনিছিল বুলি কোৱা হয়। অৱশ্যে আহোমৰ ৰাজত্বকালত ৰচিত বুৰঞ্জীপুথিসমূহত এই কথাৰ উল্লেখ নথকা হেতুকে ই এতিয়াও অধ্যয়নৰ বিষয় হৈ আছে। 

    সপ্তদশ শতিকাত আহোম স্বৰ্গদেউসকলে হিন্দুধৰ্ম গ্ৰহণ কৰি বৰৰজা ফুলেশ্বৰীৰ সময়ছোৱাৰ  পৰা দুৰ্গা গোঁসানীৰ পূজা কৰিবলৈ লোৱাৰ পৰা বিহুত তাৰ কিছু প্ৰভাৱ পৰা বুলি অনুমান কৰিব পাৰি। এই প্ৰভাৱৰ ফলস্বৰূপে হুঁচৰি আৰু বিহুনামসমূহত 'গোঁসানী'ৰ উল্লেখ হ'বলৈ আৰম্ভ কৰিছিল। দ্বিতীয়তে, সাধাৰণ জনতাই সেইকালত প্ৰথমে ৰজাঘৰত আৰু তাৰ পাছত ডা-ডাঙৰীয়াসকলৰ ঘৰত হুঁচৰি মাৰি বিহু আৰম্ভ কৰিছিল। 

     শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তন কৰাৰ পাছৰে পৰা হুঁচৰি আৰু বিহুনামবোৰত' গোঁসানী'ৰ পৰিৱৰ্তে 'কৃষ্ণ/ৰাম'ৰ নাম লোৱা আৰম্ভ হৈছিল। উল্লেখযোগ্য যে ৰাজ কাৰেং বা ডা-ডাঙৰীয়াসকলৰ ঘৰত মৰা হুঁচৰি আৰু হুঁচৰি- বিহুত চুৰিয়া ভৰিৰ গাঁঠিলৈকে দীঘলকৈ পিন্ধাৰ নিয়ম আছিল। এই পৰম্পৰাৰে এতিয়াও বহু সমাজত চুৰিয়া দীঘলকৈ পিন্ধা নিয়ম বলবৎ আছে। আনহাতে কৃষিজীৱি, জনগোষ্ঠীয় সমাজসমূহত চুৰিয়া আঁঠুলৈকে, চুটিকৈ পিন্ধাৰহে পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে। 

    বিহুৰ এটা তাৎপৰ্যপূৰ্ণ বৈশিষ্ট্য হৈছে - বিহুৰ সৈতে সম্পৰ্কিত লোকাচাৰসমূহত প্ৰতিফলিত হৈ উঠা কৃষিজীৱি লোকসকলৰ সামাজিক লোকাচাৰসমূহ। বিহুৰ সৈতে সম্পৰ্কিত গীত-মাতসমূহতো গ্ৰাম্য-সমাজ আৰু প্ৰকৃতিৰ চিত্ৰ সুন্দৰ ৰূপত  প্ৰতিফলন ঘটা পৰিলক্ষিত হয়। এই গীতমাতবোৰ মূলসূঁতিৰ অসমীয়া গীত-মাতেই হওক বা জনগোষ্ঠীয় গীত-মাতেই হওক, যথেষ্ট সাদৃশ্য লক্ষ কৰা যায়। উদাহৰণ স্বৰূপে, অসমীয়া বিহু নামসমূহত প্ৰতিফলিত হোৱা প্ৰকৃতি আৰু গ্ৰাম্য জীৱনৰ বৰ্ণনা, প্ৰেম-প্ৰণয়, দুখ-বেদনা, সামাজিক বৈষম্য আদিৰ চিত্ৰ জনগোষ্ঠীয় গীত-মাতসমূহতো সমানে প্ৰতিফলিত হৈছে।  দ্বিতীয়তে, বিহুৰ এক অবিচ্ছেদ্য বাদ্য হৈছে ঢোল। অৱশ্যে মূলসুঁতিৰ অসমীয়া আৰু অসমৰ অন্যান্য জনগোষ্ঠীৰ লোকসকলে ব্যৱহাৰ কৰা ঢোলৰ গঠন, আকাৰ আৰু বাদন-শৈলীৰ মাজত পাৰ্থক্য আছে। সেইদৰে হঁচৰি, বিহুনাম, গছতলৰ বিহু, গাভৰু বিহু আদিত ব্যৱহৃত  বাদ্য, যেনে- পেঁপা, গগণা, টকা, সুতুলি বা 

অন্যান্য জনগোষ্ঠীয় বাদ্যসমূহৰ তথা নাচোন-ভংগীমাৰ স্বকীয় বৈশিষ্ট্য আছে। ভাৰতীয় ধ্ৰুপদী সংগীত বা ধ্ৰুপদী নৃত্যৰ পৰা পৃথক যদিও বিহুৰ সৈতে সম্পৰ্কিত গীত-মাত, নাচোন-ভংগী, বাদ্যযন্ত্ৰ আদি স্বকীয় বৈশিষ্ট্যৰে পূৰ্ণ। 

   বিহুত পৰিধান কৰা  সাজ-পাৰ, আ-অলংকাৰ আদিয়েও বিহুৰ সৌন্দৰ্যক অনন্য ৰূপত তুলি ধৰে। 

বিহুৱতী গাভৰুৱে পৰিধান কৰা মুগাৰ চাদৰ- মেখেলা, ৰিহা,হাঁচতি,জোনবিৰি, ঢোলবিৰি, গামখাৰু, কেৰু, মণি, থুৰীয়া, কপৌ ফুল, দুহাতৰ জেতুকা আৰু বিহুৱা ডেকাই পৰিধান কৰা কপাহী চুৰীয়া, হাত-কটা চোলা, টঙালী, ফুলাম গামোচা আদিয়েও চিৰ যুগমীয়া অসমীয়া কৃষ্টি-সংস্কৃতিক প্ৰতিফলিত কৰে। সেইদৰে বিহুত ব্যৱহৃত অন্যান্য জনগোষ্ঠীয় সাজ-পাৰ, অলংকাৰ আদিয়েও বৃহত্তৰ অসমীয়া সংস্কৃতিৰ সমৃদ্ধ ঐতিহ্য আৰু সৌন্দৰ্যক প্ৰতিবিম্বিত কৰে। 

     সময়ৰ সোঁতত বিহুৱে গৈ এদিন মঞ্চত স্থান লাভ কৰিছিল। প্ৰকাশিত তথ্য মতে,   ১৯২৯ চনত পোনপ্ৰথমবাৰৰ বাবে গোলাঘাটৰ বেতিয়নীত বিহু

মঞ্চত বিহু প্ৰদৰ্শন কৰা হৈছিল।তাৰ পাছত ১৯৪১   মঞ্চ বিহুৰ আয়োজন কৰা হয় শিৱসাগৰত। অৱশেষত ৰাধাগোবিন্দ বৰুৱাৰ  পৃষ্ঠপোষকতাত

১৯৫১ চনত গুৱাহাটীত আয়োজিত বিহু সন্মিলনৰ পাছৰে পৰা  মঞ্চ- বিহুৱে সমগ্ৰ অসমজুৰি জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰে। 

    মঞ্চ-বিহুয়ে বিপুল জনপ্ৰিয়তা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ কেতবোৰ ইতিবাচক দিশ অৱশ্যেই পৰিলক্ষিত হয়। বিশেষকৈ, এই কথা সকলোৰে জ্ঞাত যে  পশ্চিমীয়া আৰু বঙলা শিক্ষা-সংস্কৃতিৰে উঠি অহা অসমৰ একাংশ মধ্যবিত্তীয় শ্ৰেণীয়ে ফোপোলা অহংকাৰত মত্ত হৈ 

এসময়ত বিহুক বৰ বেয়াকৈ তুচ্ছ-তাচ্ছিল্য কৰিছিল। মঞ্চ-বিহুৰ জনপ্ৰিয়তা তেনে তুচ্ছ - তাচ্ছিল্যৰ বিৰূদ্ধে এক প্ৰত্যাহ্বান হৈ থিয় দিলে। তাৰ লগে লগে বিহুনাম আৰু বিহু-নাচসমূহে মঞ্চত এক সমাহিত ৰূপো পৰিগ্ৰহণ কৰিলে। মঞ্চত প্ৰদৰ্শিত হোৱাত বিহুৰ স্বকীয় সৌন্দৰ্য আৰু গৰিমা অসম তথা ভাৰতবৰ্ষৰ বাহিৰৰ লোকসকলৰো দৃষ্টিগোচৰ হোৱাৰ বাট মুকলি হ'ল। 

     কিন্তু মঞ্চ-বিহুত দেখা দিয়া কেতবোৰ নেতিবাচক দিশো আমি আওকান কৰিব নোৱাৰোঁ।

বিশেষকৈ, মঞ্চ-বিহুসমূহ ঘাইকৈ প্ৰদৰ্শনকেন্দ্ৰিক হৈ পৰাত বিহুনাম, বিহুনাচ, সাজ-সজ্জা আদিত বহুখিনি কৃত্ৰিমতা আহি পৰিল। ফলত বিহুৰ যি স্বাভাৱিক সৰল সৌন্দৰ্য সেয়া বহুখিনি লোপ পালে। দ্বিতীয়তে, বিহু-মঞ্চসমূহত 'প্ৰতিযোগিতা' এক অবিচ্ছেদ্য অংগ হৈ পৰাত বিহুৰ কিছুমান নিৰ্দিষ্ট নিয়মাৱলী প্ৰৱৰ্তন কৰা হ'ল। ' বিহু সুৰক্ষা সমিতি'ৰ দৰে অনুষ্ঠানসমূহে প্ৰৱৰ্তন কৰা নিয়মাৱলীক কিন্তু আজিকোপতি সাৰ্বজনীন ৰূপত গ্ৰহণ কৰিব পৰা নগ'ল। আমি জনা মতে, বিহু বিশেষজ্ঞ প্ৰয়াত জয়কান্ত গন্ধিয়াদেৱে প্ৰস্তুত কৰি উলিওৱা বিহুৰ নিয়মাৱলী সম্পৰ্কতো এসময়ত যথেষ্ট বাক-বিতণ্ডাৰ উদ্ভৱ হৈছিল। আৰু বাক-বিতণ্ডা হোৱাটোও স্বাভাৱিক, কাৰণ বিহুৰ সৈতে সম্পৰ্কিত গীত-মাত, নাচোন-ভংগী, সাজ-সজ্জা আদি অসমৰ সকলো অঞ্চলত একে নহয়। অসমৰ প্ৰতিটো জনগোষ্ঠীৰে বিহুৰ স্বকীয় ৰূপ আৰু বৈশিষ্ট্য আছে। বিহুৰ এই আঞ্চলিক-বৈশিষ্ট্য ৰক্ষা কৰি সৰ্বগ্ৰহণযোগ্য নিয়মাৱলী প্ৰস্তুত কৰা বৰ সহজ নহয়। তাৰোপৰি প্ৰতিযোগিতাসমূহত নিযুক্ত বিচাৰকসকলৰ বাবে  সকলোবোৰ জনগোষ্ঠীয় বিহুৰ আঞ্চলিক-বৈশিষ্ট্য সম্পৰ্কে বিস্তৃত জ্ঞান থকা 

অত্যন্ত আৱশ্যক। সকলো বিচাৰকৰ সেই বিস্তৃত জ্ঞান থাকেনে? গুৱাহাটীত অনুষ্ঠিত বিহু সন্মিলন এখনত প্ৰতিযোগিতাৰ বাবে অংশ গ্ৰহণ কৰা বড়ো জনগোষ্ঠীয় বিহুৰ দল এটাক বিস্তৃত জ্ঞান নথকাকৈ কিদৰে, কিহৰ ভিত্তিত বিচাৰ কৰা হ'ব? সেইদৰে বিহু- সন্মিলনৰ প্ৰতিযোগিতাসমূহত সততে পৰিলক্ষিত হোৱা এটা সমস্যা হৈছে- একে কেইগৰাকী বিচাৰককে সকলোবোৰ প্ৰতিযোগিতাৰ বিচাৰ কৰাৰ দায়িত্ব দিয়া হয়। প্ৰশ্ন হ'ল- ঢোল বাদন সম্পৰ্কে জ্ঞান নথকা বিচাৰক এগৰাকীয়ে এই প্ৰতিযোগিতাৰ বিচাৰ কিদৰে কৰিব? 

    আজিকালি বিহু সন্মিলনসমূহত আয়োজন কৰা বিহুৱতী, বৰ- বিহুৱতী, বিহুৱা, বৰ-বিহুৱা আদিৰ দৰে প্ৰতিযোগিতাসমূহতো অলেখ বিসংগতি দেখিবলৈ পোৱা যায়। সততে ব্যৱহৃত বিহু-ৰাণী, বিহু-সম্ৰাজ্ঞী আদি অভিধা সম্পৰ্কেও বিভিন্ন আলোচনা-সমালোচনা হৈ আছে। এক প্ৰকাৰে 'বিউটি কনটেষ্ট' লৈ ৰূপান্তৰিত হোৱা এনে প্ৰতিযোগিতাৰ পৰম্পৰা পূৰ্বতে আছিলনে?

    মঞ্চত প্ৰদৰ্শিত বিহুৰ আধুনিক নাচোন-ভংগী, সাজ-সজ্জা বা  শ্ৰব্য-কেছেটৰ আধুনিক বিহুসুৰীয়া গীতৰ ব্যৱহাৰ আদি কিমান গ্ৰহণযোগ্য? সঁচা কথা যে ৰূপান্তৰ লাগিব, ৰূপান্তৰ অবিহনে প্ৰগতি সম্ভৱ নহয়। কিন্তু বিহুৰ আধুনিকীকৰণে বিহুৰ স্বকীয়তাক ৰক্ষা কৰিব পাৰিবনে,  সেয়াও এক প্ৰশ্ন। 

    সেইদৰে এনে প্ৰশ্নও আমাৰ মনত সততে উদয় হয় যে সাংস্কৃতিক সন্ধিয়াৰ নামত বিহু সন্মিলনসমূহে তথাকথিত 'আৰ্টিষ্ট' ক দিবৰ বাবে লাখ-লাখ টকা খৰচ কৰে। সেয়া প্ৰয়োজন নে? এই কথা স্বীকাৰ কৰিব লাগিব যে উঠি অহা প্ৰজন্মৰ গায়ক-গায়িকাসকলক বিহুমঞ্চসমূহত গীত পৰিৱেশন কৰাৰ সুযোগ প্ৰদান কৰাৰ প্ৰয়োজনীয়তা অৱশ্যেই আছে। কিন্তু তাৰ লগে লগে স্থানীয় বা থলুৱা শিল্পীসকলকো বিহু মঞ্চসমূহত সন্মান প্ৰদৰ্শন কৰা উচিত নহয়নে? এনেবোৰ কথাত কিয় গুৰুত্ব দিয়া নহয়? (সমাপ্ত) 


বি:দ্ৰ:  'অসম আদিত্য' (এপ্ৰিল ২০২৬)ত প্ৰকাশিত। 

     

   

সুগন্ধিত শব্দৰ কবি যোগেশ্বৰ মৰাণৰ কাব্য-বৈশিষ্ট্য

 

সুগন্ধিত শব্দৰ কবি যোগেশ্বৰ মৰাণৰ কাব্য-বৈশিষ্ট্য

                                                     - বীৰ্কে বি থাপা

     সুগন্ধিত শব্দৰ কবি প্ৰয়াত যোগেশ্বৰ মৰাণদেৱক মই এবাৰেই লগ পাইছিলোঁ। সেয়াও আজিৰ পৰা প্ৰায় এঘাৰ বছৰ পূৰ্বে ২০১৫় চনত। সেই বছৰ ১৭ জানুৱাৰী তাৰিখে অসম- অৰুণাচল সীমান্তৰ বৰডুমচাৰ নিকটৱৰ্তী ৰতনী পথাৰ গাঁৱত  অনুষ্ঠিত হৈছিল 'বুঢ়ীদিহিং শাখা সাহিত্য সভা'ৰ ত্ৰয়োবিংশতিতম অধিৱেশন । অধিৱেশন উপলক্ষে আয়োজন কৰা  কবি সন্মিলনখনি উদ্বোধন কৰিবলৈ মোক মতা হৈছিল। মাঘ মাহৰ জাৰ জাৰ লগা সন্ধিয়া কবি সন্মিলনখনি উদ্বোধন কৰিবলৈ গৈ অভিভূত হৈ পৰিছিলোঁ-বুঢ়ীদিহিঙৰ পাৰৰ কবিসকলৰ কবিতা পাঠ শুনি।অভিভূত হৈছিলোঁ- এই কবিসকলৰ কবিতাত জীৱন সম্পৰ্কীয় গভীৰ উপলদ্ধি আৰু সমাজচেতনাৰ মূৰ্ত প্ৰকাশ দেখি।

     সি যি কি নহওক, কবি সন্মিলন' খনি সঞ্চালনা কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল অসমীয়া কাব্য জগতত 'মেঘালী ফুকন' ৰূপে পৰিচিতা, ডুমডুমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা তথা পৰৱৰ্তীকালত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পদ অলংকৃত কৰা  ড:অৰুণা গগৈ বৰুৱা বাইদেউক। কিন্তু অসুস্থতাৰ বাবে তেখেত যাব নোৱাৰাত এই দায়িত্ব দিয়া হয় স্থানীয় কবি অমৃত সাগৰ ওৰফে প্ৰয়াত যোগেশ্বৰ মৰাণদেৱক। সেইবাৰেই মই তেখেতক প্ৰথম লগ পাওঁ। পাছত আৰু লগ পোৱা নহ'ল যদিও টেলিফোনিক যোগাযোগ মাজে সময়ে হৈছিল।তেখেতৰ অত্যন্ত  বিনম্ৰ আৰু আত্মীয়তাপূৰ্ণ কথা-বতৰাই মোক বৰকৈ মুগ্ধ কৰিছিল। 

    কবি যোগেশ্বৰ মৰাণৰ প্ৰথমখন কাব্যগ্ৰন্থ

'প্ৰেমৰ কোনো আৱৰণ নাই' প্ৰকাশ হৈছিল ২০০৭ চনত। তাৰ দহবছৰ পাছত ২০১৭ আৰু ২০১৮ চনত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল ক্ৰমে

' নদীয়ে এৰি যোৱা নদীৰ যন্ত্ৰণাৰে'  আৰু 'আত্মকথা'।২০১৮ চনত আকস্মিকতে আমাৰ মাজৰ পৰা হেৰাই যোৱা কবি যোগেশ্বৰ মৰাণদেৱে

এই তিনিখন কাব্যগ্ৰন্থ প্ৰকাশ কৰাৰ উপৰিও  বিভিন্ন কাকত-আলোচনী আৰু স্মৃতিগ্ৰন্থসমূহত কবিতা ৰচনা কৰি সকলোৰে পৰিচিত হৈ পৰিছিল। উল্লেখযোগ্য যে তেখেতে ৰচনা কৰা  সমস্ত কবিতা আৰু গীতৰ একত্ৰ সংকলন 'কথাবোৰ ক'ব পৰা হ'লে' প্ৰকাশ কৰি উলিয়াইছে বৰডুমচা শতদল সাহিত্য সভা আৰু বৰডুমচা কবি সন্মিলনে যুটীয়াভাৱে ২০২৩ চনত।  

   ১৯৭৩ চনত এক নং মহং গাঁৱত জন্মগ্ৰহণ কৰা যোগেশ্বৰ মৰাণে তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত কিছুকাল চাহপাতৰ ব্যৱসায় কৰে।তাৰ পাছতে তেখেতে 'মাধৱপুৰ জাতীয় বিদ্যালয়' প্ৰতিষ্ঠা কৰে আৰু বিদ্যালয়খনতে নিজৰ সমগ্ৰ জীৱন উচৰ্গা কৰে। 

    দূৰ-শিক্ষাৰ জৰিয়তে অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা যোগেশ্বৰ মৰাণৰ ৰুচি আছিল কবিতাৰ প্ৰতি। ২০০৭ চনত প্ৰকাশিত প্ৰথমখন কাব্যগ্ৰন্থ ('প্ৰেমৰ কোনো আৱৰণ নাই')ৰ নামকৰণৰ পৰা সন্নিৱিষ্ট কবিতাসমূহৰ বিষয়বস্তু মূলত: প্ৰেম যেন লাগিলেও প্ৰেমৰ উপৰিও জীৱন আৰু পাৰিপাৰ্শ্বিক জগত সম্পৰ্কতো কবিৰ নিজস্ব বোধ বা দৃষ্টিভংগী প্ৰতিফলিত হৈছে।     

    এই কথা অৱশ্যেই মন কৰিবলগীয়া যে প্ৰথমখন কাব্যগ্ৰন্থত সন্নিৱিষ্ট 'জোনাকত', 'আচলতে প্ৰেম', 'অনুভৱ', 'এখন প্ৰেমৰ চিঠি', 'প্ৰতিশ্ৰুতি', 'উতলা যৌৱন', 'তোমাৰ কথা ভাৱি' আৰু 'ভেলেণ্টাইন ডে' আদিৰ দৰে কবিতাসমূহৰ নিৰ্মানশৈলী সুন্দৰ যদিও বিষয়বস্তুৰ গভীৰতা বিশেষ পৰিলক্ষিত নহয়।  কিন্তু তেখেতৰ প্ৰেমবিষয়ক সকলোবোৰ কবিতাক উতনুৱা যৌৱনৰ চঞ্চল প্ৰতিচ্ছবি বুলিও ক'ব নোৱাৰি।উদাহৰণস্বৰূপে, 'আচলতে প্ৰেম' শীৰ্ষক কবিতাত কবিয়ে প্ৰেম সম্পৰ্কে তেখেতৰ নিজস্ব ধাৰণা ব্যক্ত কৰিবলৈ চেষ্টা কৰিছে। তেখেতৰ দৃষ্টিত প্ৰেম হৈছে এক' অবিনশ্বৰ সত্তা'-

     প্ৰেমৰ কোনো আৱৰণ নাই

     নাই নিজস্ব ৰং - - - 


     প্ৰেম নহয় যৌৱনৰ এচাটি বতাহ

     ব'হাগৰ জীপাল পৰশ লাগি 

     উজ্জীৱিত হোৱা

     নহয় নতুন উন্মাদনা - - -


     আচলতে

     প্ৰেম এক মহিমামণ্ডিত অবিনশ্বৰ সত্তা

                                        (আচলতে প্ৰেম) 

     কিন্তুু, কবিয়ে এই কথাও লক্ষ কৰিছে যে আজিৰ যুগত 'প্ৰেম ' নামৰ এই অবিনশ্বৰ সত্তাক হত্যা কৰা হৈছে। প্ৰেমৰ ঠাইত আজি ঘৃণাৰ জুই বিয়পাই দিয়া হৈছে। সেয়ে কবিয়ে লিখিছে-

     তোমাক লগ পোৱাৰ 

     প্ৰথম নিশাতেই

     মই মোক হত্যা কৰিছোঁ

     দলিয়াই পেলাইছোঁ মোৰ ঠিকনা


     সেউজীয়া হাঁহি থকা

     মোৰ প্ৰেমৰ পথাৰত তুলি ধৰিছোঁ

     একুৰা জুই

     যি দহিব পাৰে

     মানুহৰ ভালপোৱা


     আচলতে 

     ইয়াত হৃদয় নামৰ একোৱেই নাই

     নদীৰো গভীৰতা নাই

     ৰাতিবোৰ দিন

     দিনবোৰ ৰাতি 

                                         (বিপৰ্যয়) 

     যোগেশ্বৰ মৰাণৰ প্ৰকাশিত তিনিওখন কাব্যগ্ৰন্থৰে সামগ্ৰিকভাৱে  সূক্ষ্ম পৰ্যৱেক্ষণ কৰি ক'ব পাৰি যে তেখেতৰ বহুকেইটা কবিতাত জীৱন সম্পৰ্কীয় গভীৰ অন্তৰ্দৃষ্টি সুন্দৰৰূপত প্ৰতিফলিত হৈ উঠিছে। 

    যোগেশ্বৰ মৰাণৰ কবিতাসমূহত পৰিলক্ষিত হোৱা বৈশিষ্ট্যসমূহৰ সম্পৰ্কত ক'বলৈ হ'লে প্ৰথম কথা হ' ল - তিনিওখন কাব্যগ্ৰন্থতে কবিৰ ব্যক্তিগত প্ৰেমে স্থান লাভ কৰিছে। তেখেতৰ  'আহ্বান-১' শীৰ্ষক কবিতাৰ পঠনে আমাক এই উপলদ্ধি আনি দিয়ে যে প্ৰেম যেন স্মৃতিৰ এখনি নৈ হৈ কবিৰ হৃদয়ত বৈ আছে।এই স্মৃতিৰ পটত কেতিয়াবা প্ৰেয়সীৰ মুখখনিয়ে 'শস্যগৰ্ভা আঘোণৰ সোনালী হাঁহি' হৈয়ো ধৰা দিছে। এই প্ৰেমেই কবিৰ প্ৰেৰণা। তেখেতে লিখিছে-'কবিতাইতো প্ৰেমৰ অমৃত বাণী'। মন কৰিবলগীয়া কথা এয়ে যে যোগেশ্বৰ মৰাণৰ কবিতা ব্যক্তি-প্ৰেমৰ পৰা ক্ৰমশ: মানৱ-প্ৰেমলৈ পৰ্যৱেশিত হৈছে -     

   কবিতাইতো প্ৰেমৰ অমৃত বাণী

   দেৱদূতৰূপী ৰূপান্তৰৰ গান

   যি মানুহৰ হৃদয়ত ফুলাব পাৰে

   সৰগৰ পাৰিজাত 

   আহক, আমি পাঠ কৰোঁ 

   পোহৰৰ কবিতা

   মানুহৰ হৃদয়ত ফুলাওঁ ফুল

   আমাৰ পঠিত কবিতাৰ শব্দৰ বোকোচাত উঠি

   পাৰ হওঁ

   আহিব লগা ৰাতিৰ হ'ব পৰা দুৰ্যোগ

                                                ('আহ্বান-২) 

   সেইবাবেই  মানুহৰ প্ৰেমত অতল বিশ্বাস ৰখা কবিয়ে কেতিয়াও ঘৃণা বা হিংসাক প্ৰশ্ৰয় দিব নোৱাৰে, কোনো সন্ত্ৰাসবাদী বিপ্লৱী সংগঠনৰ নিৰ্মম হত্যাকাণ্ডক সমৰ্থন কৰিব নোৱাৰে। নিষিদ্ধ সংগঠনৰ দ্বাৰা সংঘটিত নিৰ্মম হত্যাকাণ্ডৰ দৰে ঘটনাক তেখেতে কবিতাৰে বিৰুধিতা কৰি লিখিছিল-

    তুমি যেতিয়াই বিচ্ছিন্নতাৰ ৰঙেৰে

    ৰাঙলি কৰিছা দুহাত

    অঁ ঠিক তেতিয়াই 

    মই মোৰ কলিজা ফালি 

    বোৱাইছোঁ তেজ

    বোৱাইছোঁ নদী

    উত্তাল কৰিছোঁ বতাহ


    মোৰ এটাই দুখ

    তুমি যি ভালপোৱা

    যি কাম কৰি তুমি সুখেৰে থাকা

    মই যে তাক ভাল পাব নোৱাৰোঁ

                                     (প্ৰত্যাহ্বান) 

    একে সময়তে শ্ৰেণীশোষণৰ বিৰূদ্ধেও কবিৰ উদ্গীৰিত ক্ষোভৰ বহি:প্ৰকাশ আমি দেখিবলৈ পাওঁ তেখেতৰ 'শুৰ পোক' নামৰ কবিতাটিত।কোৱা নিস্প্ৰয়োজন যে  কবিতাটিত 'শুৰপোক' নি:সন্দেহে শোষকৰ প্ৰতীক। 'শাণ দিয়া কাঁচি'ৰ  উল্লেখত আমি তেখেতৰ বামপন্থী প্ৰগতিবাদী চেতনাৰ সুৰ এটি ক্ষীণকৈ হ'লেও  অনুৰণিত হোৱা অনুভৱ কৰিব পাৰোঁ-

         থোকে থোকে 

         কুটি খালি

         মোৰ সপোন.. 

         শুৰপোক

         শুৰপোক

         আৰু নোজোকাবি মোক

         জানইতো 

         কমাৰশালত 

         শাণ দিছোঁ

         কাঁচিৰ চোক

      সেইদৰে সম্প্ৰতি ধৰ্মক কেন্দ্ৰ কৰি মানুহৰ মাজত গঢ় লৈ উঠা ধৰ্মীয় সাম্প্ৰদায়িক মনোভাৱৰ বিৰূদ্ধেও তেখেতে নিজৰ বীতশ্ৰদ্ধ মনোভাৱ প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। তেখেতে লিখিছে-

         মানৱীয়তাৰ লৌহ শিকলি ছিঙি

         সংকীৰ্ণতাৰ তাড়নাত মানুহ

         জাতি-বিজাতি

         দেশী বিদেশী

         ধৰ্ম- বিধৰ্মৰ ফোপোলা বৰ্ম পৰিধানেৰে

         আধ্যাত্মিকতাৰ অহমিকাত আৱদ্ধ


         আ:

         তেজৰো ইমান দুৰ্গন্ধ

         তেজে তেজৰো ইমান যে যুদ্ধ

                              (এটা চিঞৰৰ বাবে)

    আজিৰ যুগত ক্ষুদ্ৰ স্বাৰ্থৰ বাবে মানুহে মানুহৰ সৈতে সম্পৰ্ক ছিন্ন কৰে। এই কথাইয়ো কবিক ব্যথিত কৰিছে। ব্যথিত হৃদয়েৰে তেখেতে লিখিছে-

         সম্পৰ্কবোৰ শেষ হ' লেও

         ৰৈ যায় অৱশেষ

         স্মৃতিৰ বৰষুণ হৈ

         তিয়াই থাকে

         বুকুৰ প্ৰদেশ

                        ( সম্পৰ্কবোৰ শেষ হ'লেও) 


     দ্বিতীয়তে, কবি যোগেশ্বৰ মৰাণ লালিত হৈছিল দিহিঙপৰীয়া গাঁৱত।সেয়ে নৈৰ স'তে তেখেতৰ আজন্ম সম্পৰ্ক। এই নৈয়ে তেখেতৰ কবিতাৰ ভাৱজগতত যথেষ্ট ঠাই আগুৰি আছে।প্ৰায়বোৰ কবিতাতে তেখেতে নৈক এবাৰলৈ হ'লেও টানি আনিছে।কবিৰ বাবে -'এই নদীৰ উৰ্মিমালাই মোৰ/নি:সংগতাৰ সংগ '। 'অনুনয়' শীৰ্ষক কবিতাত তেখেতে লিখিছিল-

    মোক এই নদীৰ স'তেই সহবাস কৰিবলৈ দিয়া

    কাৰণ, এই নদীয়েই মোৰ ঘৰ

    মোৰ সোঁৱে - বাৱেঁ, উশাহে - নিশাহে 

    এই নদীয়েই সুবিস্তৃত জলধাৰ... 


     য'ত নদী নাই তেনে ঠাইলৈ মই

     কোনো দিনে যোৱা নাই

     তাত কোনো সুৰৰ লয়লাস অথবা

     মন উৰুওৱা ফাগুনৰ মলয়া নাই

     তাত তৃষ্ণাতুৰ মনৰ প্ৰাণ নাই

     নাই সপোনৰ ঢল... 

   

      নদীৰ দৰে অৰণ্যৰ সৈতেও কবিয়ে স্থাপন কৰিছে অনুৰূপ এক অন্তৰংগ সম্পৰ্ক-

       মোৰ বুকুৰ দুৱাৰ খুলি

       সোমাই আহিল 

       এখনি অৰণ্য

       অৰণ্যৰ স'তে লয়লাস গতিৰে

       এখনি নদী

       ফেনিল তৰংগ 

                                (অৰণ্য আৰু নদী) 


       হৃদয়ৰ আঁহে-পাহে অৰণ্যই

       আলফুলে মেলি দিছে তাৰ শিপা

       দুৰ্বিনীত সময়ৰ কুঁৱলী আঁতৰাই

       বোৱাই দিছে

       অৰণ্য সন্তান নদীৰ ফেনিল তৰংগ

       য' ত মই স্নান কৰোঁ পুৱা-গধূলি.. ।

                                           (অৰণ্যৰ স'তে) 

       এই নদীৰ প্ৰেমতে কবিয়ে তেখেতৰ  দ্বিতীয়খন কবিতাপুথিৰো নামকৰণ কৰিছে- 'নদীয়ে এৰি যোৱা নদীৰ যন্ত্ৰণাৰে'। 

        ঐতিহ্যপ্ৰীতি হৈছে যোগেশ্বৰ মৰাণৰ কবিতাৰ এক অন্যতম বৈশিষ্ট্য। তেখেতৰ কবিতাত সেয়ে অসমীয়া সমাজ-জীৱনৰ বিলুপ্তপ্ৰায় কিছু ঐতিহ্যপূৰ্ণ সামগ্ৰী যেনে তাঁত, ঢেঁকী আদিয়ে স্থান লাভ কৰিছে, যেনে-

  (১) তোৰ বাবেই 

        আইতাৰ দুচকুত উজলি উঠে

        বহাগ

        উদ্দাম হয় মাঘৰ মেজি

        বৰণি মাৰিৰ দুপাখিত

        উচ্ছল হয় সপোন নদী


        আজি তই নাই

        জীৰ্ণ কটৰা

        জীৰ্ণ খুবলি

        আইতাৰ স'তে তয়ো

        কিয় গুছি গ' লি

                                           (তাঁত) 

 (২)  ঢেং কুলুক 

        ঢেং কুলুক

        তোৰ সন্মোহন 

        জয়াল ৰাতিৰ নিস্তব্ধতা ভাঙি

        ৰিণিকি

        ৰিণিকি

        সাৰে আছে মোৰ গাঁও

        সাৰে আছে পৃথিৱী

                                             (ঢেঁকী) 

     শেষত, তেখেতৰ কবিতাৰ এক উল্লেখনীয় বৈশিষ্ট্য হৈছে - চিত্ৰকল্প। ভাৱৰ গভীৰতা নাথাকিলেও তেখেতৰ বহুকেইটা কবিতা কেৱল চিত্ৰকল্পৰ বাবেও সুন্দৰ হৈ উঠিছে। যেনে-

       শেৱালী যেতিয়া ফুলে

       কলপতীয়াৰঙী এটি বিষাদ

       গান হৈ ঘূৰি ফুৰে

       আন্ধাৰৰ

       আঁৰে আঁৰে


       মোৰ শিতানৰ দুয়োকাষে 

       কাকিনী পোহৰবোৰে জুম বান্ধে

       বতাহেও ল'ৰাব নোৱাৰা

       নিৰ্যাসবিহীন শুকান নৰাৰ দৰে

       স্থিৰ, নিৰ্জীৱ

       কুঁৱলীয়ে কুঁৱলীয়ে

                               (শেৱালী যেতিয়া ফুলে) 

       কবিতাটিত উল্লেখিত 'কলপতীয়াৰঙী এটি বিষাদ', 'কাকিনী পোহৰবোৰে' আদি চিত্ৰকল্পই পাঠকৰ সন্মুখত গ্ৰাম্য পৰিৱেশ এটা যেনেকৈ তুলি ধৰে, ঠিক তেনেকৈ তেখেতে কুঁৱলীক  'নিৰ্যাসবিহীন শুকান নৰাৰ দৰে' বুলি চিত্ৰিত কৰা কাৰ্যত পাঠকে কবিৰ অনুভৱ-শক্তিৰ সূক্ষ্মতাকো উপলদ্ধি কৰিব পাৰে। সেইদৰে 'দুগালত ৰ'দৰ চিকমিকনি/লাৱনি হাতত ঘিলাচকলীয়া সপোন'(আঘোনৰ দাৱনী), 

' বিৰিয়াৰ বোকোচাৰে বৈ অহা/ন-ভাতৰ জহা জহা মলমলীয়া সুগন্ধ'(আঘোন), ' জুইত পোৰা মাছৰ দৰে জঁপিয়াইছে চহৰ' (ৰ'দৰ দহন) আদিৰ দৰে বাক্যাংশৰে তেখেতে সুন্দৰ চিত্ৰকল্প নিৰ্মান কৰিছে। বিশেষকৈ অসমৰ সমাজ- জীৱনক প্ৰভাৱিত কৰা গ্ৰাম্য-প্ৰকৃতি আৰু ঋতুসমূহৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত তেখেতৰ চিত্ৰকল্পসমূহৰ নিৰ্মান অত্যন্ত সাৰ্থক ৰূপত ধৰা দিছে।

    মূলত: আশীৰ দশকত আৰম্ভ হোৱা অসমীয়া কবিতাৰ চিত্ৰকল্পবাদী ধাৰাৰ এগৰাকী বলিষ্ঠ কবি আছিল যোগেশ্বৰ মৰাণ।কিন্তু অত্যন্ত দুখৰ কথা যে 

দিহিংপৰীয়া এইগৰাকী কবি  বহুতৰ বাবে আজিও অপৰিচিত  হৈয়ে  ৰৈ গ'ল। (সমাপ্ত) 

বি:দ্ৰ:' অসম আদিত্য:(এপ্ৰিল ২০২৬)ত প্ৰকাশিত। 

                                              


Monday, September 29, 2025

মৃত্যু যদি শিল্প হয়, সেই মৃত্যু কিদৰে সুলভ

মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ
                                                    - বীৰ্কে বি থাপা

       জুবিন গাৰ্গ মানেই  এক অনন্য, বিৰল প্ৰতিভা। নব্বৈৰ দশকৰ যিখিনি  সময়ত জুবিনে প্ৰথম শ্ৰব্য কেছেট' অনামিকা' উলিয়াইছিল, সেই তেতিয়াৰে পৰা তেওঁৰ গীত আমি শুনিছিলোঁ। সঁচা কথা ক'বলৈ গ'লে, প্ৰথমাৱস্থাত আমি  জুবিনৰ গীতবোৰ ভাল পোৱা নাছিলোঁ।কাৰণ, সেই কালত আমাৰ মন-প্ৰাণ আচ্ছন্ন কৰি ৰাখিছিল জিতুল সোনোৱালৰ দৰে গায়কসকলৰ গীতে।কিন্তু লাহে লাহে জুবিনৰ গীতে আমাৰ প্ৰজন্মৰ হৃদয় স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিছিল। আমি তেতিয়াই উপলদ্ধি কৰিছিলোঁ-তেওঁৰ গীতে যেন এক নতুন প্ৰবাহ বোৱাই আনিছে। 
       প্ৰকৃততে জুবিনে অসমীয়া সংগীতজগতলৈ এক নতুন ধাৰা বোৱাই আনিছিল।  তেওঁৰ প্ৰথমখন শ্ৰব্য- কেছেট 'অনামিকা'ক নতুন প্ৰজন্মই ব্যাপকভাৱে আকোঁৱালী লোৱাৰ মূলতে আছিল জুবিনৰ মোহময়, যাদুকৰী কণ্ঠ, শুদ্ধ উচ্ছাৰণ আৰু গীতসমূহৰ ভাৱৰ গভীৰতাৰ লগে লগে অসমীয়া সংগীত জগতত জুবিনে সৃষ্টি কৰা এক নতুন ধাৰাৰ সুৰ সংযোজনা।জুবিনৰ পূৰ্বেও বহুকেইগৰাকী গায়কৰ গীতত পাশ্চাত্যৰ প্ৰভাৱ অৱশ্যেই আছিল।কিন্তু জুবিনৰ গীতৰ বৈশিষ্ট্য আছিল এয়ে যে পূৰ্বৰ গায়কসকলৰ গীতত ৱেষ্টাৰ্ণ মিউজিকৰ উচ্চ - প্ৰাবল্যযুক্ত আধুনিক বাদ্যযন্ত্ৰৰ কোলাহলৰ মাজত গায়কৰ কণ্ঠ যেন ক'ৰবাত চাপ খাই হেৰাই গৈছিল, কিন্তু তাৰ বিপৰীতে জুবিনৰ গীতত পৰিলক্ষিত হৈছিল কণ্ঠ আৰু ইনষ্ট্ৰুমেন্টৰ মাজত এক সুসংহত ঐক্য। উচ্চ, মুক্ত কণ্ঠৰ লগতে বিৰামহীনভাৱে সুদীৰ্ঘ সময় ধৰি  হামিং(Humming) কৰিব পৰা সামৰ্থ  আছিল জুবিনৰ গীতৰ অনন্য বৈশিষ্ট্য।
    সেই 'অনামিকা' শ্ৰব্য কেছেটৰ পৰা আৰম্ভ কৰি 
সপোনৰ সুৰ, জোনাকী মন, মায়া, আশা, জোনবাই, জানমণি আদিৰ দৰে অলেখ শ্ৰব্য কেছেট, ভিচিডি কাহিনী-চিত্ৰ, ত্ৰিশ-পয়ত্ৰিশখনকৈ অসমীয়া, বাংলা আৰু হিন্দী কথাছবি তথা বিভিন্ন প্ৰাদেশিক ভাষাত গোৱা গীতলৈকে প্ৰায় আঠত্ৰিশ হাজাৰ গীত গাই অভিলেখ সৃষ্টি কৰিছিল জুবিন গাৰ্গে। 
    ১৯৯৫ চনত মুক্তি লাভ কৰা শ্ৰব্য কেছেট 'শ্ৰদ্ধাঞ্জলি' ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় ভলিউমৰ গীতসমূহেই প্ৰমাণ কৰি দেখুৱাইছিল যে শুদ্ধ উচ্ছাৰণেৰে সৈতে হিন্দীতো গীত গাব পৰা দক্ষতা জুবিনৰ আছিল। আদনান চামীৰ দৰে বিখ্যাত গায়কেও ৰাষ্ট্ৰীয় স্তৰৰ বহুকেইখন অনুষ্ঠানত জুবিনৰ কণ্ঠৰ উচ্চ প্ৰশংসা কৰিছিল। ২০০৬ চনত নিৰ্মিত অনুৰাগ বাসুৰ  'গেংষ্টাৰ'ৰ বিখ্যাত 'য়া আলি', ২০১৩ চনত নিৰ্মিত ৰাকেশ ৰোচনৰ ' কৃশ-৩' ৰ ' দিল তুহি বতা ' আদিৰ দৰে গীতত কণ্ঠদান কৰি মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰিতো এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা জুবিন গাৰ্গে
ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও পুৰস্কাৰ (প্ৰাগ চিনে এৱাৰ্ড,ফিল্ম ফেয়াৰ এৱাৰ্ড, ষ্টাৰডাষ্ট এৱাৰ্ড, গ্লবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, নেচনেল ফিল্ন  এৱাৰ্ড আদি) লাভ কৰিবলৈ সক্ষম হোৱা জুবিন গাৰ্গে
 কিন্তু বলিউদৰ কৃত্ৰিম আভিজাত্য আৰু বিলাসিতাপূৰ্ণ জীৱনৰ মোহত আৱদ্ধ হৈ নাথাকি অসমীয়া, বাংলা আৰু প্ৰাদেশিক ভাষাৰ সংগীত জগতত নিজকে বিলীন কৰি দিছিল। অসমৰ বিভিন্ন জনগোষ্ঠীৰ গীতত কণ্ঠদান কৰাৰ  উপৰিও জুবিন গাৰ্গে কামৰূপীয় লোকগীত, বৰগীত, টোকাৰী গীত আদিও সুললিত কণ্ঠেৰে গাই অসমীয়া সংগীত জগতক সমৃদ্ধ কৰিছিল।
খাচী কথাছবিৰ সংগীত পৰিচালনাৰ বাবে তেওঁ সন্মানজনক' ৰজত কমল বঁটা'ও লাভ কৰিছিল।
কেৱল সংগীত জগতকে নহয়, তেওঁ অসমীয়া চলচিত্ৰ জগততো এক পৰিৱৰ্তনৰ সূচনা কৰিছিল। অসমীয়া চলচিত্ৰ জগতৰ চৰম দুৰ্গতিৰ সময়ত যি সময়ত আন কোনো প্ৰযোজকে ডাঙৰ পৰ্দাৰ বিগ বাজেট ছবি নিৰ্মান কৰা কথা কল্পনাই কৰিব পৰা নাছিল, সেই সময়ত জুবিন গাৰ্গেই  আগবাঢ়ি আহিছিল মৰসাহ কৰি।  'কাঞ্চনজংঘা', 'মিছন চাইনা' আদিৰ দৰে বিগ বাজেটৰ ছবি নিৰ্মান কৰি তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পোষ্টাৰিং কৰি অসমীয়া ৰাইজক অসমীয়া ছবি চাবলৈ উৎসাহিত কৰিছিল। বহুকেইখন ছবিত তেওঁ নিজে অভিনয়ো কৰিছিল। 
     স্বাভাৱিকতে জুবিন গাৰ্গ আছিল এক অনন্য প্ৰতিভা।১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'য়ুথ ফেষ্টিভেল'ত গ'ল্ড মেডেল লাভ  আৰু প্ৰথম শ্ৰব্য কেছেট' অনামিকা'ৰ বিপুল জনপ্ৰিয়তাৰ পৰা আৰম্ভ কৰি বিগত প্ৰায় তিনি দশক ধৰি সংগীতৰ ক্ষেত্ৰখনত একান্তভাৱে নিৱিষ্ট  জুবিনে অক্লান্ত শ্ৰম কৰিছিল। কিবা এক নতুন সৃষ্টিৰ তাড়নাত তেওঁ উন্মাদৰ দৰে কাম কৰি গৈছিল। অত্যধিক শ্ৰমৰ বাবেই তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। দুৰ্বল, অসুখীয়া স্বাস্থ্যকো পৰোৱাহ নকৰি তেওঁ মাজনিশা, পুৱতিনিশালৈকে হাজাৰ হাজাৰ দৰ্শকৰ তাগিদাত গীত গাইছিল। সকলোৰে হাৰ্টথ্ৰৱ জুবিনে মঞ্চত বহু সময়ত বেসুৰা সুৰত গীত গালেও তেওঁৰ বাবে মানুহ পগলাৰ দৰে হৈছিল। জুবিন-অনুৰাগীৰ সংখ্যা কেতিয়াও কম হোৱা নাছিল। 
     অৱশ্যে জুবিন গাৰ্গে কৰা কিছুমান অভব্য, উদ্ভট আচৰণৰ বাবে বহু সময়ত বিতৰ্কৰো সৃষ্টি নোহোৱাকৈ থকা নাছিল। প্ৰকৃততে তেওঁৰ এফালে যেনেদৰে আছিল  অনন্য, যাদুকৰী কণ্ঠ আৰু সৃষ্টি প্ৰতিভা,তেনেদৰে আনফালে আছিল শিশুসুলভ, অদ্ভুত আচৰণ।কলেজীয়া জীৱনতো তেওঁক দেখা গৈছিল এজন ক্ষীণ-মীন, মূৰত একোছা দীঘল চুলিৰে, পিঠিত গীটাৰ লৈ চাইকেল চলাই কলেজলৈ যোৱা এক ব্যতিক্ৰমী যুৱকৰ ৰূপত । প্ৰথমখন গীতৰ এলবাম 'অনামিকা'ৰ ক'ভাৰ পেজত মুদ্ৰিত দীঘল চুলিৰ সেই মোহময় ফটোৰ জুবিন গাৰ্গ নব্বৈৰ দশকত নতুন প্ৰজন্মৰ বাবে হৈ পৰিছিল এটা ' আইকন '। অত্যন্ত অপ্ৰিয় হ' লেও এই কথা সত্য যে অত্যধিক মদ্যপান কৰা অভ্যাসৰ বাবেও তেওঁ বহু সময়ত সংযমহীন হৈ পৰিছিল। অত্যধিক মদ্যপান কৰি কেতিয়াবা মঞ্চত গান গাব নোৱাৰা হোৱা, মঞ্চত শুই পৰা, গান গাবলৈ উঠি হঠাৎ 'আজি মোৰ গান গাবলৈ মন নাই' বুলি গুচি যোৱা, মঞ্চত হিন্দী গীত পৰিৱেশন কৰিবলৈ নিষেধ কৰাৰ পাছতো হিন্দী গীত পৰিৱেশন কৰা, গীত গাই থকা অৱস্থাত চাউণ্ড চিষ্টেমৰ কাৰিকৰী বিজুটি ঘটিলে খঙত মাউথ স্পীকাৰ থেকেচি পেলাই দিয়া, কেতিয়াবা অদ্ভুত বেশভূষা পৰিধান কৰা, মঞ্চত অশ্লীল মাত মতা আদিৰ দৰে আচৰণ আছিল তেওঁৰ দৈনন্দিন ঘটনা।বহু সময়ত জুবিনৰ এনে উদ্ভত আচৰণৰ অন্তৰালত  আছিল কিছুমান কথা বা কাৰ্যই তেওঁৰ মনত সৃষ্টি কৰা প্ৰচণ্ড ক্ষোভ। ক্ষোভৰ প্ৰতীকি প্ৰকাশৰূপেও তেওঁ কেতিয়াবা ইচ্ছাকৃতভাৱেই উদ্ভত আচৰণ প্ৰদৰ্শন কৰিছিল।
      জুবিনৰ অন্তৰ্সত্তাত সংপৃক্ত হৈ আছিল এক প্ৰকাৰৰ প্ৰচণ্ড যুক্তি আৰু সাম্যবাদী চেতনা। এই দুটা বস্তুৱে তেওঁক অত্যন্ত সাহসী আৰু বেপৰুৱা কৰি তুলিছিল। তথাকথিত ধৰ্ম, ভগৱানৰ অস্তিত্ব আদিক তেওঁ নামানিছিল আৰু প্ৰকাশ্যে বিৰুধিতা কৰিছিল।
তেওঁ নিজে জাতত বামুণ হৈয়ো বামুণক গালি পাৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। তেওঁ কৈছিল- 'মই লগুণ ছিঙি পেলাই দিছোঁ।মোৰ কোনো জাত নাই,মোৰ কোনো ধৰ্ম নাই ।' নিজৰ ছবি 'কাঞ্চনজংঘা' তো এনেধৰণৰ সংলাপ সন্নিৱিষ্ট কৰি তেওঁ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল। কোনোবা এখন মঞ্চত সত্ৰাধিকাৰ এগৰাকীক 'সত্ৰাধিকাৰ প্ৰভু' বুলি সম্বোধন কৰা কাৰ্যক তেওঁ প্ৰকাশ্যে  বিৰুধিতা কৰাও দেখিছিলোঁ।এনেবোৰ কথাই বিতৰ্কৰ সৃষ্টি কৰিলেও কিন্তু কেতিয়াও তেওঁ হাৰ মনা নাছিল। 'ঘেণ্টা মই কাকো খাটিৰ নকৰোঁ' বুলি সততে কৈ থকা জুবিনৰ কণ্ঠ আছিল অনিৰূদ্ধ।ক'বলগীয়া কথাখিনি তেওঁ কৈয়ে এৰিছিল-লাগিলে গীততে হওক বা কবিতাতে, মঞ্চতে হওক বা দূৰদৰ্শনৰ পৰ্দাতে। দেশৰ সংকট, দুৰ্নীতি, ৰাজনৈতিক - ভ্ৰষ্টাচাৰ আদিৰ বিৰূদ্ধে তেওঁ সাহসেৰে গীত গাই গৈছিল। সংকীৰ্ণ সাম্প্ৰদায়িক চেতনাৰ উৰ্ধত তেওঁ গাইছিল কেৱল মানুহৰ গান, জীৱন আৰু প্ৰেমৰ গান, জীৱনৰ কঠোৰ বাস্তৱৰ গান।
     জুবিনৰ গীতৰ এনে অমোঘ শক্তি আছিল যে জাতি-বৰ্ণ-ধৰ্ম নিৰপেক্ষে সকলোৱে প্ৰাণত ঠাই দিছিল তেওঁৰ কণ্ঠক, তেওঁৰ গীতক। তেওঁৰ গীতৰ যাদুকৰী শক্তিয়ে তল পেলাই দিছিল জুবিনৰ উদ্ভত আচৰণে লাখ লাখ দৰ্শকৰ মনত সৃষ্টি কৰা সমস্ত ক্ষোভ।
     এনে এগৰাকী শিল্পী জীৱন গাৰ্গৰ আকস্মিক মৃত্যু কোনেও কল্পনা কৰিব পৰা নাছিল। মানি ল'ব পৰা নাছিল কোনেও এই মৃত্যুৰ খবৰ। এনে লাগিছিল - যেন তেওঁ সদায় কৰি থকা ধেমালিবোৰৰ দৰেই এয়াও আছিল এটা ধেমালি। 
      কিন্তু অৱশেষত আমি সকলোৱে মানি ল'বলৈ বাধ্য হ'লোঁ এই নিৰ্মম সত্য যে - হয়, কেৱল নতুন প্ৰজন্মৰে নহয়, অসমৰ লাখ-লাখ অনুৰাগীৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গৰ মৃত্যু হৈছে চিংগাপুৰত, সাগৰৰ পানীত সাঁতুৰিবলৈ গৈ।
      মৃত্যু এক শাশ্বত, চিৰন্তন সত্য। কিন্তু সেই মৃত্যুক আমি কেনেকৈ ইমান সহজে মানি লওঁ যি মৃত্যু হ'ব পাৰে ইমান ক্ৰুৰ, ইমান নিষ্ঠুৰ। চিংগাপুৰৰ সাগৰৰ পানীত সাঁতুৰিবলৈ গৈ শ্বাস-প্ৰশ্বাস বন্ধ হৈ, কি দুসহ: যন্ত্ৰণাত জীৱন-মৰণৰ সৈতে যুঁজি যুঁজি, কক্ বকাই কক্ বকাই জুবিন গাৰ্গৰ মৃত্যু হৈছিল -সেয়া ভাৱিলে অন্তৰে কান্দি দিয়ে। আজি অসমৰ লাখ - লাখ জনতাই জুবিনৰ মৃত্যুত কান্দিছে।কোনেও সহজভাৱে ল'ব পৰা নাই এই মৃত্যুক। 
      জুবিনৰ মৃত্যুৰ লগে লগে অলেখ প্ৰশ্নৰ অৱতাৰণা হৈছে। সামাজিক মাধ্যমসমূহত ভাইৰেল হোৱা বিভিন্ন ফটো, ভিডিঅ' ক্লিপ, টেলিফোন ক'ল ৰেকৰ্ডিং, নিউজ চেনেলসমূহৰ ভূমিকা আদিৰ পৰিপ্ৰেক্ষিতত জুবিনৰ মৃত্যুৰ কাৰণ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। জুবিনৰ মৃত্যুক সহজ মৃত্যু বুলি কোনেও আজি গ্ৰহণ কৰিব পৰা নাই। সকলোৰে মনত আজি প্ৰশ্ন - কি আছিল তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ? সেয়া কেৱল এটা দুৰ্ঘটনাই আছিল নে? এনে নিৰ্মম মৃত্যু সংঘটিত হোৱাৰ সময়ত তেওঁৰ লগত অনবৰতে লাগি থকা সাংগো-পাংগোবোৰ ক'ত আছিল? শাৰীৰিকভাৱে তেনেই অসুস্থ বুলি জানিও জুবিন গাৰ্গক সাগৰৰ পানীত সাঁতুৰিবলৈ কিয় এৰি দিয়া হৈছিল? বহু প্ৰশ্ন। 
      চিংগাপুৰৰ সাগৰে সঁচাকৈয়ে কাঢ়ি লৈ গ'ল নতুন প্ৰজন্মৰ অজস্ৰ অনুৰাগীৰ প্ৰাণৰ স্পন্দন, হাৰ্টথ্ৰৱ জুবিন গাৰ্গক।এটি কবিতাত জুবিনে লিখিছিল- 'সাগৰ দেখিছা?/তাত বৰ এন্ধাৰ/ঢৌৱে কোবায়/শব্দৰ কোলাহল/পাৰাপাৰহীন/ক'ত আৰম্ভ ক'ত শেষ/কোনেও নেজানে/
মই নদী ভাল পাওঁ/নদীয়ে নিজৰ পথ নিজেই বিচাৰে/কুলুকুলু শব্দেৰে/একা-বেঁকা বাটেৰে নিজেই বিচাৰি যায়/নিজৰ ঠিকনা/দিশহাৰা জীৱনৰ সেউজ শিলত থৈ যায়/কল্লোলিত হৃদয়ৰ বেদনা..' (ভিতৰে-বাহিৰে) ।
      বুকু ফাটি পৰে এই কথা ভাৱি যে সদায় গীত, কবিতা আৰু কথাৰে  নদীক ভাল পোৱা কথা কৈ থকা জুবিনৰ মৃত্যু হ'ল অৱশেষত সাগৰৰ পানীৰ গভীৰতাত, শ্বাসৰূদ্ধ অৱস্থাত। কিয় আহে মৃত্যু এনেদৰে? কেনেদৰে কাঢ়ি নিব পাৰে মৃত্যুৱে এটা জীৱন, ইমান সহজে? মৃত্যু কিয় ইমান সুলভ? (সমাপ্ত) 
      
 

স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'

      স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'                                                      - বীৰ্কে ...