Sunday, September 27, 2026

অসমৰ সংবাদ জগতলৈ গোৰ্খাসকলৰ অৱদান

    অসমৰ সংবাদ জগতলৈ গোৰ্খাসকলৰ অৱদান

                                                     - বীৰ্কে বি থাপা


      ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত বিশেষকৈ ভাষিক আৰু জনগোষ্ঠীয় গাঁথনিৰ ভিত্তিত দেশৰ পুণৰ্গঠনৰ কাম আৰম্ভ কৰা হয়। এই সময়ছোৱাত ছিকিম, দাৰ্জিলিং, অসম আদিত বহু যুগ ধৰি বসবাস কৰি থকা গোৰ্খাসকল বিভিন্ন কাৰণত শংকিত হৈ পৰে। শংকিত হোৱাৰ কাৰণবোৰ আছিল মূলত: (এক) ভাৰতত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বসবাস কৰি থকাৰ পাছতো ভাৰতীয় গোৰ্খাসকলক প্ৰায়ে ভাৰতীয় মূলসুঁতিৰ ৰাজনীতিত বহুতে বিদেশী বা নেপালী অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰিছিল আৰু (খ) ছিকিম- দাৰ্জিলিং আদি অঞ্চলৰ বাংলাভাষী আৰু অসমৰ অসমীয়াভাষীসকলৰ মাজত নেপালীভাষী গোৰ্খাসকলৰ ভাষা-সংস্কৃতি, ৰাজনৈতিক অধিকাৰ আদি বিপদাপন্ন হোৱাৰ আশংকা ঘনীভূত হৈছিল। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত গোৰ্খাসকলৰ আত্ম- পৰিচয় ও আত্মনিয়ন্ত্ৰণৰ স্বাৰ্থত ১৯৪৩ চনত গঠন হোৱা 'অল ইণ্ডিয়া গোৰ্খা লীগ'য়ে স্বাধীন ভাৰতৰ কংগ্ৰেছ চৰকাৰৰ আগত ৰাজনৈতিক অধিকাৰৰ দাবী সজোৰে উত্থাপন কৰে। জৱাহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে সেই সময়ত গোৰ্খাসকলৰ সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপসমূহৰ ভিতৰত উল্লেখনীয় আছিল ১৯৪৮ চনৰ দাৰ্জিলিং চুক্তি। এই চুক্তি অনুসৰি ভাৰতীয় গোৰ্খাসকলকো অন্যান্য ভাৰতীয়সকলৰ দৰে নাগৰিকত্ব আৰু সম - অধিকাৰ প্ৰদান কৰাৰ আশ্বাস দিয়া হয়। সেইদৰে দাৰ্জিলিঙক পশ্চিম বংগৰ সৈতে একত্ৰীকৰণ কৰা, পশ্চিমবংগত গোৰ্খাসকলৰ বাবে স্বায়ত্বশাসনৰ সুবিধা প্ৰদান কৰা, পূৰ্বৰে পৰা চলি অহা অনুক্ৰমত গোৰ্খাসকলক সেনা-বাহিনীত নিযুক্তি বাহাল ৰখা আদিৰ দৰে আশ্বাসো চৰকাৰে দিয়ে। কিন্তু কাৰ্যত: সেই আশ্বাসবোৰ চৰকাৰে পূৰ্ণ নকৰাত গোৰ্খা লীগৰ নেতাসকল ভৱিষ্যৎ নিৰাপত্তা সম্পৰ্কত শংকিত হৈ পৰে আৰু এখন সুকীয়া গোৰ্খালেণ্ডৰ দাবীৰে তীব্ৰ আন্দোলন গঢ়ি তোলে। 

      উল্লেখযোগ্য যে ছিকিম, দাৰ্জিলিং আদিৰ নেপালীভাষী গোৰ্খাসকলে এই গোৰ্খালেণ্ডৰ দাবীত সম্পূৰ্ণ সঁহাৰি জনালেও অসমত বহু যুগ ধৰি বসবাস কৰি থকা গোৰ্খাসকলে কেতিয়াও সমৰ্থন জনোৱা নাছিল। অৱশ্যে এই কথাও সত্য যে ভাষিক আৰু জনগোষ্ঠীয় গাঁথনিৰ ভিত্তিত স্বাধীনোত্তৰ কালৰ ৰাজ্যসমূহৰ পুণৰ্গঠনৰ বিষয়টোৱে ছিকিম আৰু দাৰ্জিলিঙৰ দৰে অসমবাসী গোৰ্খাসকলৰো অস্তিত্ব সম্পৰ্কে আশংকাৰ সৃষ্টি নকৰাকৈ থকা নাছিল। অসমবাসী গোৰ্খাসকলেও তেওঁলোকৰ ভাষা-কৃষ্টি-সংস্কৃতি সংকটাপন্ন হৈ পৰিব বুলি আশংকা কৰিছিল।তাৰোপৰি স্বাধীনতা আন্দোলনত অসমৰ গোৰ্খাসকলেও দেহে কেহে অংশ গ্ৰহণ কৰিছিল আৰু তাৰ পাছতো স্বাধীন ভাৰতৰ নাগৰিক হিচাপে পাবলগীয়া সম-অধিকাৰৰ পৰা তেওঁলোক পদে-পদে বঞ্চিত হ'বলগীয়া হৈছিল। তেওঁলোকক বিদেশীৰ দৃষ্টিৰে আচৰণ কৰা এচাম ৰাজনৈতিক নেতাৰ অসমতাপূৰ্ণ কাৰ্যত অসমৰ কিছু সংখ্যক শিক্ষিত আৰু সচেতন গোৰ্খা সম্প্ৰদায়ৰ লোক আশংকিত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত নেপালী জাতীয় কৃষ্টি-সংস্কৃতিৰ সুৰক্ষা আৰু বিকাশৰ বাবে তথা ন্যায্য প্ৰাপ্যৰ বাবে 'অখিল ভাৰতীয় গোৰ্খা লীগ' ৰ অসম শাখা-অসম গোৰ্খা সন্মিলন তথা নেপালী ভাষা প্ৰচাৰ সমিতি(তেজপুৰ), নেপালী সাহিত্য সংঘ(শ্বিলং) আদিৰ দৰে সংগঠণ আৰু অনুষ্ঠানসমূহৰ জন্ম দিছিল।

      নেপালী ভাষা-সাহিত্য- সংস্কৃতিৰ প্ৰসাৰ, বিকাশ আৰু সুৰক্ষা সম্পৰ্কত অসমবাসী গোৰ্খাসকলৰ সচেতনতাৰ প্ৰতিফলন ঘটা দেখা যায়-বিভিন্ন কাকত-আলোচনীত এচাম শিক্ষিত লোকে লিখা-মেলা কৰিবলৈ লোৱা কাৰ্যত। সেই সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহুকেইগৰাকী লেখক-সাহিত্যিকে আত্মপ্ৰকাশ কৰিছিল।সেইসকলৰ ভিতৰত স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা তেজপুৰৰ ছবিলাল উপাধ্যায়,ধন বাহাদুৰ সোণাৰ,হৰি প্ৰসাদ গোৰ্খা ৰাই,বিষ্ণুলাল উপাধ্যায়,পুষ্পলাল উপাধ্যায়, হৰিভক্ত কটোৱাল,শ্যামৰাজ জইশী,অগ্নি বাহাদুৰ ছেত্ৰী, আদিৰ নাম উল্লেখযোগ্য।এইসকলৰ ভিতৰত বহুকেইগৰাকীয়ে নেপালী ভাষাৰ লগে লগে অসমীয়া ভাষাতো সাহিত্য চৰ্চা কৰি সমন্বয়ৰ ভেঁটি সুদৃঢ় কৰি তুলিছিল।অবিভক্ত অসমৰ কোহিমাত জন্ম গ্ৰহণ কৰা স্বৰ্গীয় ধন বাহাদুৰ সোণাৰে হৰিপ্ৰসাদ গোৰ্খাৰাই আৰু গোবিন্দ চন্দ্ৰ পৈৰাৰ লগ লাগি নগাভূমিত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আজীৱন চেষ্টা চলাই যোৱা কথা জনা যায়।সেইদৰে ষাঠীৰ দশকত এই জনগোষ্ঠীৰ বহুকেইগৰাকী শিক্ষিত লোকে (যেনে-ধন বাহাদুৰ সোণাৰ, পদ্ম প্ৰসাদ উপাধ্যায়, মহানন্দ সাপাকোটা, হৰিপ্ৰসাদ গোৰ্খাৰাই হৰিভক্ত কটোৱাল আদি) 

আৱাহন, চেতনা, বাঁহী আদিৰ দৰে কাকত- আলোচনীসমূহত লেখা মেলা কৰি অসমীয়া ভাষা-সাহিত্যলৈ অৱদান আগবঢ়াইছিল।পৰৱৰ্তীকালতো আৰু বহু লেখক-সাহিত্যিকে আত্মপ্ৰকাশ কৰিছিল। এইবিষয়ে আমি ইতিপূৰ্বে 'প্ৰান্তিক'ৰ পাতত (১-১৫ জানুৱাৰী ২০২৬ সংখ্যা) প্ৰকাশিত 'অসমৰ সাহিত্য জগতলৈ গোৰ্খাসকলৰ অৱদান' শীৰ্ষক লেখাত সবিশেষ লিখিছোঁ। 

     সাহিত্যৰ দৰে সাংবাদিকতাৰ ক্ষেত্ৰতো অসমৰ নেপালী বা গোৰ্খা সমাজৰ যথেষ্ট অৱদান আছে। 

এই কথা সকলোৰে জ্ঞাত যে অসমীয়া সংবাদ পত্ৰৰ ইতিহাসত এক সুকীয়া জাতীয়তাবাদী ধাৰাৰ জন্ম দিয়াৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা আলোচনীখন আছিল অম্বিকাগিৰী ৰায়চৌধুৰী আৰু চন্দ্ৰনাথ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত আলোচনী 'চেতনা' ।১৯১৯ চনত জন্মলাভ কৰা এই আলেচনীখনৰ পৰৱৰ্তীকালত সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল গোৰ্খা জনগোষ্ঠীৰ সন্তান মহানন্দ সাপকোটাই। সাপকোটাই অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰাৰ উপৰিও অসমীয়া জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ হৈ সংবাদ সেৱাৰ কামতো নিজকে নিমজ্জিত কৰিছিল। 

     স্বাধীনোত্তৰ কালত অবিভক্ত অসমৰ গোৰ্খা সমাজৰ পৰা প্ৰকাশিত কেইখনমান কাকত-আলোচনীৰ কথা জানিব পৰা যায়। ১৯৭৩ চনত 'সাপ্তাহিক নীলাচল'ত প্ৰকাশিত অধ্যাপক দুৰ্গা ঘিমিৰে আৰু অধ্যাপক ঝাণ্ডী ঘিমিৰেৰ নিৱন্ধ 'নেপালীসকলৰ সাহিত্যিক অৱদান'ত উল্লেখ কৰা অনুসৰি 'গোৰ্খা সেৱক' আছিল শ্বিলঙৰ পৰা ১৯৩৫ চনত প্ৰকাশিত প্ৰথম নেপালী ভাষাৰ 

 আলোচনী। আলোচনীখনৰ সম্পাদক আছিল মণি সিং গুৰুং।সেইদৰে ১৯৪৮ চনত গুৱাহাটীৰ পৰা 'হিমাদ্ৰী' নামৰ আন এখন নেপালী ভাষাৰ আলোচনী প্ৰকাশ পাইছিল। গোৰ্খাজনগোষ্ঠীৰ লোকসকলৰ আশা-আক্যাংক্ষা, মৰ্মবেদনা, ৰাজনৈতিক অধিকাৰ আদিৰ বাস্তৱ প্ৰতিফলন ঘটোৱা আন কেইখনমান বাতৰি-কাকতৰ ভিতৰত আছিল-৫০ ৰ দশকত শ্বিলঙৰ পৰা প্ৰকাশিত 'ফিলিংগো', তিনিচুকীয়াৰ পৰা প্ৰকাশিত' 'গোৰ্খা ৰাণা জ্যোতি', গুৱাহাটীৰ পৰা প্ৰকাশিত' সংকল্প',' জনশক্তি' আৰু' আৰণ্যক' তথা ইংৰাজীত প্ৰকাশিত' দ্য হিমালয়ান গাৰ্জিয়েন'। উল্লেখযোগ্য যে ১৯৫২ চনত তিনিচুকীয়াৰ পৰা প্ৰকাশিত 'গোৰ্খা ৰাণা জ্যোতি'ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল মন বাহাদুৰ ছেত্ৰী। এই কাকতখনৰ সৈতে দীৰ্ঘকাল ধৰি জড়িত হৈ থকা আন এগৰাকী বিশিষ্ট লেখক ও সাংবাদিক আছিল দল সিং ভণ্ডাৰী। 'সংকল্প'ৰ সৈতে জড়িত আছিল জ্যেষ্ঠ সাংবাদিক কৃষ্ণ কুমাৰ সিনহা। 'দ্য হিমালয়ান গাৰ্জিয়েন' কাকতৰ অন্যতম প্ৰতিষ্ঠাপক নন্দ কিৰাতী দেৱানো আছিল এগৰাকী জ্যেষ্ঠ সাংবাদিক। 

      পৰৱৰ্তীকালত তেজপুৰৰ পৰা প্ৰকাশিত 'ব্ৰক্ষ্মপুত্ৰ', শ্বিলঙৰ পৰা প্ৰকাশিত 'সগৰমাথা', দৰঙৰ পৰা প্ৰকাশিত 'আঁখা', দুলীয়াজানৰ পৰা প্ৰকাশিত 'হিমালয়', মনিপুৰৰ পৰা প্ৰকাশিত 'সন্দেশ', মালিগাঁৱৰ পৰা প্ৰকাশিত 'হাম্ৰো ধ্বনি' আদি। ডিগবৈৰ সচেতন লোকসকলেও পঞ্চাশ আৰু ষাঠীৰ দশকত মুক্তি,কোপিলো, মিলন,হামী আদি নামেৰে কেইবাখনো নেপালী ভাষাৰ কাকত-আলোচনী প্ৰকাশ কৰি নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে চেষ্টা চলোৱা কথা জনা যায়।মাহেকীয়া বাৰ্তালোচনীসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে-' মৌকা', 'আৰণ্যক প্ৰভা', ' সংস্কৃতি' আদি। 

     ঐতিহাসিক অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত ৮০ৰ দশকত উদ্ভৱ হোৱা অগ্নিগৰ্ভা সময়ছোৱাত অসমৰ গোৰ্খা জনগোষ্ঠীৰ লোকসকল পুনৰ অস্তিত্বৰ সংকটত পৰে। ফলত দৰং জিলাৰ তেজপুৰ, শোণিতপুৰ আদিৰ লগতে অসমৰ নেপালী জনবসতিপ্ৰধান বিভিন্ন অঞ্চলৰ শিক্ষিত আৰু সংস্কৃতিবান বহুকেইগৰাকী লোক সংবাদ জগতৰ সৈতে জড়িত হৈ পৰে। গেংটকৰ পৰা প্ৰকাশিত 'হাম্ৰো প্ৰজাশক্তি' নামৰ নেপালী ভাষাৰ আলোচনীখন ক্ৰমে গুৱাহাটী আৰু তেজপুৰৰ পৰা নিয়মীয়াকৈ প্ৰকাশ পাই অহাত অসমৰ শিক্ষিত গোৰ্খা জনগোষ্ঠীৰ লোকসকলে সহযোগ আগবঢ়াই আহিছে।

      সম্প্ৰতিক কালত সংবাদ সেৱা আগবঢ়াই থকা গোৰ্খা জনগোষ্ঠীৰ লোক সকলৰ ভিতৰত যিসকলৰ নাম সততে মনলৈ আহে সেইসকলৰ ভিতৰত উল্লেখযোগ্য সকল হৈছে ওদালগুৰিৰ ৰেৱতি ৰমন সাপকোটা, গোৱালপাৰাৰ ৰোহিত গৌতম, মৰাণৰ শোভিত কুমাৰ ছেত্ৰী আদি। জানিব পৰা মতে, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত সংবাদ সেৱা আগবঢ়াই থকা সকলৰ ভিতৰত মৰাণৰ শোভিত কুমাৰ ছেত্ৰীয়ে ৮০ ৰ দশকত 'সাপ্তাহিক জনমভূমি' কাকতত ক্ৰীড়া-নিবন্ধকাৰ হিচাপে সংবাদ জগতত প্ৰৱেশ কৰি সাদিনীয়া প্ৰহৰী,নতুন দৈনিক,আজিৰ বাতৰি, ৰংপুৰ,দৈনিক জনমভূমি আদি বহুকেইখন কাকতত সাংবাদিকতা কৰাৰ সুদীৰ্ঘ অভিজ্ঞতা লাভ কৰিছে।নি:স্বাৰ্থ সাংবাদিকতাৰ বাবে ইতিমধ্যে তেওঁক আসাম প্ৰেছ কৰেচপণ্ডেন্স ইউনিয়ন (আপকু)ৰ দ্বাৰা ১৯৯৩ আৰু ১৯৯৬ চনত 'পণ্ডিত সুৰেন্দ্ৰ নাৰায়ণ গোস্বামী বঁটা',শিৱসাগৰ প্ৰেছ ক্লাৱৰ দ্বাৰা ২০০০ চনত শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতা বঁটা,২০০৮ চনত 'ৰবীন মৰান সোঁৱৰণি শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতা বঁটা',২০১২ চনত 'দৈনিক জনমভূমি'ৰ দ্বাৰা 'কনক চন্দ্ৰ শৰ্মা সোঁৱৰণি সাংবাদিকতা বঁটা আৰু ২০১৩ চনত 'ভাৰত-নেপাল মৈত্ৰী বঁটা' প্ৰদান কৰা হয়।আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ তথা ক্ৰীড়া আলোচনী 'অভিৰুচি',শিশু আলোচনী 'মুকুতা', 'মৌচাক' আদিত তেওঁৰ অলেখ লেখাও প্ৰকাশ পাইছে। সেইদৰে ফিল'বাৰীৰ উদীয়মান লেখক লীলা উপাধ্যায়েও (এডভোকেট) ২০০২ চনৰ পৰা সাংবাদিকতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থাকি সংবাদ সেৱা আগবঢ়াই আহিছে।প্ৰথমে তেওঁ ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত 'দৈনিক ভূমিপুত্ৰ'ত যোগদান কৰে।২০০৪ চনত 'দৈনিক জনমভূমি' কাকতত যোগদান কৰি অনেক ব্যতিক্ৰমধৰ্মী আৰু অনুসন্ধান মূলক বাতৰি পৰিৱেশন কৰি বিশেষ সমাদৰ লাভ কৰে। তিনিচুকীয়া জিলাৰ দুৰ্গম অঞ্চল তথা মাত্ৰ সাতটা পৰিয়াল বসবাস কৰা 'লংকা দ্বীপ' ক তেওঁ প্ৰথম বাৰৰ বাবে সংবাদ মাধ্যমৰ যোগেদি ৰাইজক পৰিচয় কৰাই দিছিল।দৈনিক জনমভূমিৰ 'প্ৰান্তৰ'ৰ 'মানুহৰ পৃথিৱী' শিতানত তেওঁ লিখা এলানি লেখায়ো পাঠকৰ সমাদৰ লাভ কৰিছিল।বাৰ বছৰ বয়সত শিশু আলোচনী 'মৌচাক'ত প্ৰথম লেখা প্ৰকাশ কৰা লীলা উপাধ্যায়ে বৰ্তমানলৈকে সাতখনৰো অধিক কিতাপ/আলোচনী সম্পাদনা কৰাৰ উপৰিও অসমীয়া, ইংৰাজী আৰু নেপালী ভাষাত গল্প,কবিতা আৰু প্ৰবন্ধ লিখিছে।সৎ,যুক্তিনিষ্ঠ সাংবাদিকতাৰ স্বীকৃতি স্বৰূপে তেওঁক 'দৈনিক জনমভূমি' কাকতে ২০১৭ চনত 'ৰবীন মৰাণ গ্ৰাম্য সাংবাদিকতাৰ বঁটা' প্ৰদান কৰে।

     জাগুনৰ অনিল শৰ্মা,খীলানাথ শৰ্মা অধিকাৰী, ডিগবৈৰ কমল ছেত্ৰী আদিয়েও বিভিন্ন বাতৰি -কাকতৰ জৰিয়তে সংবাদ সেৱা কৰি আহিছে।খীলানাথ শৰ্মা অধিকাৰীয়ে জাগুনৰ পৰা প্ৰকাশিত বাতৰি-কাকত ' দৈনিক পূৰ্বোদয়' আৰু ত্ৰৈমাসিক পত্ৰিকা/আলোচনী' নৱয়াত্ৰা'ৰ সম্পাদনা কৰি সংবাদ জগতলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। 

       বাতৰি কাকতৰ উপৰিও বৈদ্যুতিন মাধ্যম্যৰ জৰিয়তে প্ৰকাশিত 'গোৰ্খা টাইমচ'তো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গোৰ্খাসকলৰ কৃষ্টি-সংস্কৃতি, আৰ্থ-সামাজিক আৰু ৰাজনৈতিক সমস্যাৰাজিৰ প্ৰতিফলন ঘটিছে। বৈদুতিন মাধ্যমৰ জৰিয়তে সংবাদ সেৱা আগ বঢ়োৱা সকলৰ ভিতৰত 'আসাম ফ'কাচ'ৰ নেপালী বিভাগৰ সম্পাদনাৰ সৈতে জড়িত গায়ত্ৰী ভট্টৰাই তথা সাংবাদিক মিলন কৌশিক ৰিমাল(শোণিতপুৰ), বেদনিধি উপাধ্যায়(বিশ্বনাথ) আৰু ভাস্কৰ দাহাল(ফিল'বাৰী, তিনিচুকীয়া)ৰ নাম উল্লেখনীয়।এইসকলৰ দৰে আৰু বহু গোৰ্খামূলৰ সাংবাদিকে সংবাদ সেৱাৰ জৰিয়তে অসমৰ সংবাদজগতলৈ উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। (সমাপ্ত) 


No comments:

Post a Comment

স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'

      স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'                                                      - বীৰ্কে ...