Sunday, September 27, 2026

নিৰোদ চৌধুৰীৰ গল্পত জীৱনৰ সুখ-দুখ,মান-অভিমান ইত্যাদি

 নিৰোদ চৌধুৰীৰ গল্পত জীৱনৰ 

           সুখ-দুখ,মান-অভিমান ইত্যাদি

                                                 


       কথাশিল্পী নিৰোদ চৌধুৰীৰ লেখন-শৈলীৰ এটা আছুতীয়া ষ্টাইল আছিল।গল্পকাৰ হিচাপে তেখেতৰ আত্মপ্ৰকাশ আৱাহন যুগতে যদিও সেই যুগৰ গল্পত সততে দেখিবলৈ পোৱা 'বৰ্ণনাৰ বাহুল্য' নিৰোদ চৌধুৰীৰ গল্পত অনুপস্থিত।আৱাহন যুগৰ অন্য বহু গল্পকাৰৰ তুলনাত তেখেতৰ গল্পত পৰিলক্ষিত হয় অত্যন্ত সংযত আৰু সাৱলীল বৰ্ণনা ।পৰৱৰ্তী কালৰ ৰামধেণু যুগত তেখেতৰ গল্পই আৰু অধিক শিল্পগুণ লাভ কৰে।ৰামধেণু যুগত প্ৰকাশিত তেখেতৰ গল্পসমূহ অধ্যয়ণ কৰিলে দেখা যায়,আধুনিক চুটি গল্পৰ অবিচ্ছেদ্য বৈশিষ্ট্য ৰূপে বিবেচিত কলাত্মক গুণ আৰু নিৰ্মানশৈলীৰ দিশটোত তেখেত আছিল অত্যন্ত সচেতন। সংক্ষিপ্ত বাক্যবিন্যাস আৰু প্ৰকাশ ভংগীৰ অভিনৱ কথনশৈলীৰ বাবে তেখেতৰ চুটিগল্পসমূহ তাহানি ৰামধেণু আৰু অাৱাহনৰ যুগতে জনপ্ৰিয় হৈ উঠিছিল।পৰৱৰ্তী কালতো কেইবাদশক জুৰি তেখেতৰ গল্পই পূৰ্বৰ জনপ্ৰিয়তা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছিল।

       সাহিত্য জগতত পদাৰ্পন কৰাৰ পূৰ্বে নিৰোদ চৌধুৰীৰ আত্মপ্ৰকাশ ঘটিছিল প্ৰথমে এগৰাকী সাংবাদিক হিচাপে। 'আমাৰ প্ৰতিনিধি','অসম বাণী',' Assam Tribune'আদি কাকতৰ জৰিয়তে সাংবাদিক হিচাপে প্ৰতিষ্ঠা লাভ কৰা নিৰোদ চৌধুৰীয়ে পৰৱৰ্তী কালত 'অসমবাণী' কাকতত ধাৰাবাহিকভাৱে লিখা ন্যায়াধীশ উপেন ৰাজখোৱাৰ দ্বাৰা সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ সংবাদটোৱে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।১৯৭০ চনত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাৰ আলমত তেখেতে লিখা 'বিচাৰক ৰাজখোৱাৰ ফাঁচী' শীৰ্ষক সংবাদধৰ্মী লেখাত ক'বলৈ গ'লে চৌধুৰীদেৱৰ সাংবাদিকতা আৰু সাহিত্য-প্ৰতিভা উভয়ৰে প্ৰতিফলন ঘটিছিল।তেখেতৰ এই লেখাৰ বৈশিষ্ট্য আছিল এয়ে যে সংবাদধৰ্মী এই লেখাটোত তেখেতৰ নিজস্ব কথনশৈলী আৰু তেনেই অগতানুগতিক প্ৰকাশভংগী আছিল। এটা ৰহস্য বা ডিটেকটিভ গল্পৰ স্টাইলত শ্বাসৰূদ্ধকাৰী উৎকণ্ঠা আৰু শিহৰণ সৃষ্টি কৰি লিখা এনে সংবাদ আজিও অত্যন্ত বিৰল।

       চৌধুৰীদেৱে তেখেতৰ সাহিত্যিক জীৱন আৰম্ভ কৰিছিল 'নতুন অসমীয়া'ত লিখা 'ছটা পইচা' নামৰ এটি গল্পেৰে।সেই আৰম্ভনীৰেই তেখেতে ৰামধেণু, মণিদীপ, অসমবাণী, দৈনিক অসম আদিত অলেখ গল্প,উপন্যাস,বোলছবি সম্পৰ্কীয় লেখা আদি লিখি গৈছিল।সংবাদ আৰু সাহিত্য ক্ষেত্ৰৰ উপৰিও তেখেতৰ নাম চলচিত্ৰ নিৰ্মানৰ সৈতেও জড়িত।তেখেতৰ দ্বাৰা ৰচিত কাহিনীচিত্ৰৰে নিৰ্মিত হৈছিল কাঁচঘৰ, বনহংস, বনজুই,পানী,মন প্ৰজাপতি,নতুন আশা আদিকে ধৰি চামেলি মেমচা'বৰ দৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কথাছবি।

       নিৰোদ চৌধুৰীৰ প্ৰকাশিত গল্প সংকলন কেইখন হৈছে-অংগে অংগে শোভা,হংস মিথুন,নিশিগন্ধা,বায়ু বহে পূৰবৈয়া,প্ৰথম প্ৰহৰ,হীৰা পান্না,সোনপৰুৱা আদি।অসমীয়া বোলছবি জগতৰ যুগজয়ী ছবি 'চামেলি মেমচা'ব' ৰ নিৰ্মানৰ অন্তৰালতো আছিল তেখেতৰ ১৯৭৭ চনত ডুমডুমাৰ এখন চাহবাগিচাৰ পটভূমিত লিখা এটি সঁচা কাহিনী।গল্পটিত লেখকে চাহবাগিচাৰ মেনেজাৰ বাৰ্কলে চাহাব আৰু বীৰবল চৰ্দাৰৰ জীয়েক চামেলিৰ অন্তৰ্স্পশী প্ৰেম-কাহিনী বৰ্ণনা কৰিছে।বাৰ্কলে চাহাৱে বিয়া পাতিছিল চামেলিক,কিন্তু বিয়াৰ পাছতে তাই কোষ্ঠ ৰোগত আক্ৰান্ত হ'বলগীয়া হ'ল।তেনে অৱস্থাত বাৰ্কলে চাহাবে বাগিচাৰ পূব প্ৰান্তত ৰঙা টিনপাতৰ চাং বঙলা এটা সাজি তাতে চামেলিক থ'লে।লাহে লাহে দিনবোৰ বাগৰি গ'ল।এদিন চামেলিয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰিলে।এই ঘটনাটোৰ পাছত ৰঙা টিনপাতৰ সেই চাং বঙলা হৈ পৰিল এটা ভৌতিক আৰু ৰহস্যময় বঙলা।সেইফালে দিনৰ ভাগতে যাবলৈ মানুহে সাহস নকৰা হ'ল।বাগিচাৰ সকলোৱে চাহাৱক আতংক আৰু আশ্বৰ্যৰ দৃষ্টিৰে চায়,চাহাৱক দেখিলে মহিলাসকল ল'ৰি পলায়।কেতিয়াবা বাৰ্কলে চাহাৱক সেই চাং বঙলাটোৰ ফালে অকলশৰে যোৱাও দেখা যায়।কথাটোৱে আৰু ৰহস্যৰ সৃষ্টি কৰে।কিয় যায়?প্ৰকৃত সত্য কোনেও ক'ব নোৱাৰে।বাৰ্কলে চাহাবৰ ৰহস্যৰ অনুসন্ধান কৰিবলৈ গৈ লেখকে এদিন আৱিস্কাৰ কৰিলে অন্য এটা সত্য।এই সত্যই গল্পটিক অন্তৰ্স্পৰ্শী কৰি তুলিছে।বাৰ্কলে চাহাবৰ মুখেৰে লেখকে জানিব পাৰিছে যে চামেলি কোষ্ঠৰোগত আক্ৰান্ত হোৱাৰ পাচতো কিন্তু চাহাবে তাইক লগ কৰিছিল,তাইৰ সৈতে সময় কটাইছিল।চামেলিক তেনেদৰে পেলাই থৈ তেওঁ অন্য চাহাবৰ দৰে নিজ দেশলৈ গুচি যোৱা নাছিল।এদিন চামেলিয়ে এটি কন্যা সন্তান জন্ম দিছিল।দুখৰ মাজতো কেচুৱাটিলৈ চাই বাৰ্কলে চাহাব আৰু চামেলিয়ে হাঁহিছিল।কিন্তু নিয়তিৰ কি পৰিহাস!দিন বাগৰি যোৱাৰ লগে লগে দেখা গ'ল -কেচুৱাটিৰ শৰীৰৰ বিকাশ যেনেদৰে হ'ব লাগিছিল তেনেদৰে হোৱা নাই।এই দুখৰ মাজতে চামেলিয়ে অাত্মহত্যা কৰাত বাৰ্কলে চাহাব হতবাক হৈ পৰিল।তেওঁ জানিছিল -কেচুৱাটি জীয়াই থাকি একো লাভ নাই।অথচ মাৰি পেলাবও পৰা নাছিল।সেয়ে ভগ্ন হৃদয়েৰে তেওঁ এতিয়া কেৱল অপেক্ষা কৰি আছে কেচুৱাটিৰ মৃত্যুলৈ।এইখন দেশ,এইখন বাগিচাই তেওঁক একো নিদিলে।শূণ্য হাতেৰে তেওঁ অপেক্ষা কৰি আছে -কেচুৱাটিৰ মৃত্যু হ'লেই নিজৰ দেশলৈ উভতি যাবলৈ।

    গল্পটিত লেখকে কাহিনীৰ বৰ্ণনাৰ বেলিকা ঠায়ে ঠায়ে ৰহস্য বা ভৌতিক গল্পৰ দৰে জয়াল পৰিৱেশ একোটা চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে।তেখেতৰ অন্যান্য কিছুমান গল্পতো এই বৈশিষ্ট্য সততে পৰিলক্ষিত হয়। তেখেতৰ গল্পৰ অভিনৱ লেখন শৈলী আৰু এনে পৰিৱেশ চিত্ৰণৰ বাবে পাঠকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও কেতিয়াবা অৱশ্যে গল্পৰ প্ৰতিপাদ্য বিষয় তল পৰি গৈছিল আৰু তেনে কেইবাটাও গল্প সাৰ্থক গল্পলৈ উন্নীত হোৱাত বাধাগ্ৰস্ত হৈছিল।'এটি সন্ধিয়াৰ প্ৰেম','কোমল গান্ধাৰ'' আদি গল্পত এনে ত্ৰুটি চকুত পৰে। এডগাৰ এলেন পোৰ কথাষাৰ মানি ল'ব লাগিলে এটা সাৰ্থক চুটিগল্পৰ বাবে অনাৱশ্যকীয় প্ৰসংগৰ পৰিহাৰ অত্যন্তই প্ৰয়োজন।বিষয়বস্তুৰ গভীৰতা অবিহনে কেৱল অভিনৱ কথন শৈলী আৰু বাক্যবিন্যাসেই চুটিগল্পক প্ৰাণ দিব নোৱাৰে। নিৰোদ চৌধুৰীৰ 'কোমল গান্ধাৰ'গল্পত প্ৰতিপাদ্য বিষয়ৰ সৈতে সম্পৰ্কৰহিত কিছুমান ঘটনা,চৰিত্ৰ আৰু উপকাহিনীৰ সংযোজনে গল্পৰ মাধুৰ্য যথেষ্ট হ্ৰাস কৰিছে।ইয়াৰ বিপৰীতে তেখেতৰ 'মধ্যবিন্দু' নামৰ গল্পটি এনে বৈশিষ্ট্য স্বত্ত্বেও যথেষ্ট ব্যতিক্ৰম।লক্ষৰ একমুখিতা আৰু ফলশ্ৰুতিৰ একময়তাই গল্পটিক ৰসগ্ৰাসী কৰি তুলিছে।মধ্যবিন্দু'গল্পত দেখুৱা হৈছে -বনলতা নামৰ গাৱৰ শিক্ষয়িত্ৰী এগৰাকীৰ প্ৰতি থকা মৌজাদাৰ বলীন চৌধুৰী,ডাক্টৰ জগদীশ হাজৰিকা,পঞ্চায়তৰ সভাপতি চক্ৰেশ্বৰ দত্ত আৰু বি ডি অ' পৰেশ শইকীয়াৰ দৰে সমাজৰ মুধাফুটা লোকসকলৰ লোলুপ দৃষ্টি।কিন্তু নিজৰ কামনা চৰিতাৰ্থ কৰিবলৈ গৈ প্ৰত্যেকেই বঞ্চিত হৈ লাজে অপমানে বনলতাৰ চৰিত্ৰ সম্পৰ্কে কুৎসা ৰটনা কৰিবলৈ সকলোৱে আৰম্ভ কৰিছে।এদিন হাৰ্টৰ অসুখত তাইৰ মৃত্যু হোৱাত সকলোৱে স্বস্তিৰ নিশ্বাস এৰিলে।তেনেতে গাঁৱৰে বাচ অফিচত কেৰাণী চাকৰি কৰা বলভদ্ৰই বনলতাই মৃত্যুৰ আগতে লিখা কিবা চিঠি এখন লৈ চহৰলৈ যোৱা কথাষাৰে সকলোকে উচপ খোৱাই দিলে।বনলতাই চিঠিখন কালৈবা লিখিছে,কিয়েই বা লিখিছে?চিঠিখনে তেওঁলোকৰ কু অভিসন্ধিবোৰ উদঙাই দিয়াৰ আশংকাত সকলো চিন্তিত হৈ পৰিছে।অৱশেষত যেনিবা বলভদ্ৰ চহৰৰ পৰা উভতি অহাৰ পাচতহে সকলোৰে শংকা আঁতৰ হ'ল। চিঠিখন বনলতাই চহৰত থকা মোমায়েকলৈ লিখিছিল আৰু অনুৰোধ কৰিছিল যাতে তাইৰ মৃত্যুৰ পাচত তাইৰ ভাগৰ গহনাখিনি বেচি মৌজাদাৰৰ পৰা তাই লোৱা ধাৰৰ টকা এশ পৰিশোধ কৰে।গল্পৰ কথন শৈলী সুন্দৰ,অৱশ্যে ভাৱৰ গভীৰত্ব দেখা নগ'ল।সেয়ে হ'লেও গল্পটিৰ জৰিয়তে সমাজৰ এচাম মানুহৰ মুখা খুলি পেলোৱা হৈছে।যোগেশ দাসৰ 'বৰদেউতা'গল্পৰ মায়া চৰিত্ৰৰ এটি চকামকা অাভাস বনলতা চৰিত্ৰত পৰিলক্ষিত হয়।সমাজৰ যিসকল মুধাফুটা লোকে মায়াক অশ্লীল ইংগিত দিছিল সেই সকলৰ নাম কৈ দিওঁ নেকি বুলি মায়াই ৰমেশক বক্ৰোক্তিৰে সোধা প্ৰশ্নটোত ৰমেশ যেনেকৈ ভিজা মেকুৰীৰ দৰে হৈ পৰিছে,তেনেদৰে মৰাৰ পাছতো ধাৰে লোৱা টকা ঘূৰাই দি বনলতাই সমাজৰ মুধাফুটা মৌজাদাৰৰ মুখত প্ৰচণ্ড এটা চৰ সোধাই দিছে।নিৰ্লজ্জ মৌজাদাৰে সেইকেইটা টকাও হাঁহি হাঁহি পকেটত সুমুৱাই কৈছে- 'দেখিছে,মৰাৰ পিছতো এৰা নাই।'তেওঁৰ কথাৰ লগে লগে অলপ আগলৈকে শংকিত আৰু ভীতিগ্ৰস্ত হৈ থকা বাকী কেইজনেও স্বস্তিৰ উল্লাসত গিৰ্জনি মাৰি হাঁহি দিছে।

       এই কথা সত্য যে নিৰোদ চৌধুৰীৰ গল্পত গ্ৰাম্য জীৱনৰ জীৱন-সংগ্ৰামৰ কাহিনী নাই।প্ৰায়বোৰ গল্পতে তেখেতে চহৰৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ জীৱনৰ চিত্ৰ অংকিত কৰিছে।কিন্তু নি:স্ব আৰু সৰ্বহাৰা লোকৰ জীৱনৰ প্ৰতি তেখেত সম্পূৰ্ণ উদাসীনো নহয়।বিশেষকৈ বাংলাদেশ বিভাজনৰ সময়ত শৰণাৰ্থী স্বৰূপে ভাৰতলৈ অহা ভগনীয়া সকলৰ দুখ-দুৰ্দশা, জীৱন-সংগ্ৰামৰ প্ৰতি তেখেতক যথেষ্ট সহানুভূতিশীল হোৱা দেখিবলৈ পোৱা যায়।বাংলাদেশৰ পটভূমিত ৰচিত 'বুঢ়ী গংগাত জুই'ৰ দৰে গ্ৰন্থত তেখেতৰ মানৱতাবাদী দৃষ্টিভংগী আৰু নি:স্বজনৰ প্ৰতি সহৃদয়তাৰ সুন্দৰ প্ৰতিফলন ঘটিছে।

      নিৰোদ চৌধুৰীৰ 'এগৰাকী মাতৃৰ নামৰ সন্ধানত' এটি মননশীল গল্প।সাংবাদিকসকলৰ সৈতে ভগনীয়া শিবিৰ পৰ্যবেক্ষণ কৰিবলৈ যোৱা এটা দলৰ সৈতে গৈ লেখকে দেখিবলৈ পোৱা জীৱনৰ এটা বাস্তৱ সত্যই এই গল্পৰ কেন্দ্ৰীয় বিষয়।বাংলাদেশ বিভাজনৰ সময়ত জাকে জাকে অহা ভগনীয়া সকলৰ মাজৰ এজনী মানুহে নিজৰ স্বামী আৰু সন্তানক হেৰুৱাৰ পাছত বাটত পোৱা সৰু কেচুৱা এটিক তুলি লৈ জীয়াই থকাৰ সম্বল বিচাৰি পাইছে।আন এজনী মহিলাই সেই কেচুৱাটিক 'মোৰ কেচুৱা'বুলি তাইৰ পৰা কাঢ়ি নিবলৈ চেষ্টা কৰা ঘটনাক লৈ ভগনীয়া শিবিৰত হৈ হাল্লাৰ অৱস্থা এটাৰ সৃষ্টি হৈছে।কেম্পৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ কথা-'ইহঁতৰ এইবোৰ কাজিয়া শুনিলে আপোনালোকৰ মূৰ গৰম হৈ যাব!'লেখকে এই গল্পটিৰ জৰিয়তে জীৱনত সৰ্বস্ব হেৰুৱাই ভগনীয়া স্বৰূপে অসমলৈ অহা মানুহখিনিৰ জীৱনটোক সহৃদয়তাৰে উপলদ্ধি কৰিবলৈ চেষ্টা কৰাৰ লগতে এই লোকসকলৰ প্ৰতি থকা আমাৰ এচাম চৰকাৰী বিষয়া-আমোলা আৰু সাংবাদিক শ্ৰেণীৰ লোকসকলৰ উদাসীনতা আৰু বিৰূপ মনোভাৱকো ব্যংগ কৰি দেখুৱাইছে।নিজৰ দায়িত্বৰ প্ৰতি চৰকাৰৰ উদাসীনতাক ব্যংগ কৰি লিখা তেখেতৰ আন এটি সুন্দৰ চুটি গল্প হৈছে 'পোহৰ'।

       চুটিগল্পৰ আংগিক নিৰ্মান,কথন শৈলী তথা লক্ষৰ একমুখিতা আৰু ফলশ্ৰুতিৰ একময়তাৰে অতি সাৰ্থক এই 'পোহৰ'নামৰ গল্পটিত দেখুওৱা হৈছে-কোনো কালে বিজুলীৰ পোহৰ নপৰা গাঁৱলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা সভালৈ মন্ত্ৰী আহিব আহিব বুলি বাট চাওঁতে ৰাতি হ'ল।দিনটোৰ অপেক্ষাৰ অন্তত ভাগৰি জুগৰি ৰাইজ ঘৰাঘৰি হ'বলৈ লওঁতে মন্ত্ৰীৰ গাড়ী আহি ৰ'লহি।এন্ধাৰ-মুন্ধাৰ সভাগৃহ দেখি মন্ত্ৰীৰ লগত অহা মানুহবোৰে হৈ হাল্লা কৰিবলৈ ধৰিলে।তেনেতে আন্ধাৰত বাট বোলোতে ছোৱালী এজনী পথাৰৰ দ' গাঁতত পৰিল।কোনোবা এজনে জোঁৰ এডাল জ্বলাই দৌৰি গৈ গাঁতৰ ওচৰ পালেগৈ।মন্ত্ৰীৰ কথামতে গাড়ীৰ হেডলাইটটোও জ্বলাই দিয়া হ'ল।মানুহ দুজনমানে ৰচীৰে টনাটনী কৰি ছোৱালীজনীক গাঁতৰ পৰা তুলি আনিলে।সেয়া এক ভয়াবহ দৃশ্য।গাঁতৰ তলত সম্ভৱত: জোঙা কিহবাৰ খোঁচ খাই অাঠ-দহবছৰীয়া ছোৱালীজনীৰ চকুৰ তলৰ পৰা ৰঙা তেজ ধাৰাসাৰে ওলাইছিল।--অথচ কি আচৰিত!বিজুলীবাৰীৰ সেইচাম মানুহে সেইফাললৈ মন নকৰি অবাক অবাক এযোৰ চকু কৰি চাইছিল মন্ত্ৰীৰ গাড়ীৰ দীঘলীয়া হৈ বহুদূৰলৈ যোৱা হেডলাইট দুটালৈ।মন্ত্ৰীৰ গাড়ী আঁতৰি যোৱাত বিজুলীবাৰী গাওঁ আকৌ আগৰ দৰেই এন্ধাৰ হৈ পৰিল।চৰিত্ৰ চিত্ৰণতকৈ লেখকে এই গল্পটিত এটা বিশেষ পৰিৱেশৰ চিত্ৰণত অধিক গুৰুত্ব দিছে।চৰিত্ৰ সৃষ্টি বা কাহিনীৰ গভীৰতালৈ গুৰুত্ব নিদিয়া স্বত্তেও নিৰোদ চৌধুৰীৰ এই গল্প এটি সাৰ্থক চুটি গল্পলৈ উন্নীত হৈছে কেৱল পৰিৱেশ চিত্ৰণৰ বাবে।

        আৱাহন যুগৰ অন্যতম এগৰাকী বিশিষ্ট গল্পকাৰ যোগেশ দাস আৰু নিৰোদ চৌধুৰীৰ গল্পৰ তুলনামূলক অধ্যয়ণ কৰিলে এই কথা বৰ সহজে চকুত পৰে যে যোগেশ দাসদেৱে তেখেতৰ দৃষ্টি সমাজ আৰু ব্যক্তিজীৱনৰ গভীৰতালৈ নিক্ষেপ কৰিছে ,কিন্তু কথনশৈলীৰ সংযমহীনতাৰ বাবে তেখেতৰ গল্পৰ শিল্পগুণ বহু সময়ত বিনষ্ট হৈছে।আনহাতে বিষয়বস্তুৰ গভীৰতা নথকা স্বত্তেও অভিনৱ বাক্য বিন্যাস আৰু কথন শৈলীৰ দক্ষতাৰ বাবে নিৰোদ চৌধুৰীৰ গল্পসমূহ সুখপাঠ্য হৈ উঠিছে।কিছুমান গল্পৰ বিষয়বস্তু বৰ গভীৰ নহ'লেও গল্পকাৰৰ অনন্য বৰ্ণনা আৰু কথনশৈলীৰ বাবে হৃদয় স্পৰ্শী হৈ পৰিছে।উদাহৰণ স্বৰূপে তেখেতৰ 'অংগে অংগে শোভা' গল্পৰ নাম ল'ব পাৰি।গল্পটিত ব্ৰজমোহন চৌধুৰীৰ এজনী-দুজনীকৈ তিনিজনীকৈ ছোৱালী জন্ম হৈছে।ল'ৰা সন্তানলৈ অাশা কৰোঁতে কৰোঁতে জন্ম হোৱা চতুৰ্থ সন্তানটিও কন্যা সন্তান হোৱাত ব্ৰজমোহনে বিশেষ দুখ নকৰিলে যদিও তেওঁৰ পত্নী দেৱবালা একেবাৰে হতাশ হৈ পৰিল ।সময় বাগৰি যোৱাৰ লগে লগে দেৱবালাই চতুৰ্থ সন্তান চন্দনাক সম্পূৰ্ণ অন্য ৰূপত সজাই তুলিলে।খোজ কাঢ়িব পৰা হোৱাৰে পৰা তেওঁ চন্দনাৰ চুলি চুটি চুটিকৈ কাটি,পেণ্ট-চাৰ্ট পিন্ধোৱাই একেবাৰে ল'ৰাৰ দৰে কৰি পেলালে।চন্দনাক ল'ৰাৰ সাজ পিন্ধাই ল'ৰাৰ দৰে কৰিব বিচৰা এই কথাষাৰক লৈ ঘৰখনত আপত্তি উঠিলে দেৱবালাই হুলস্থুলৰ সৃষ্টি কৰি দিছিল।সকলোৰে ওজৰ আপত্তিক একাষৰীয়াকৈ থৈ সাজ-পোচাক,চাল-চলন,ব্যৱহাৰ-পাতি সকলো ক্ষেত্ৰতে দেৱবালাই চন্দনাক ল'ৰাৰ দৰে গঢ়ি তোলাৰ পৰিণাম এদিন ঘৰখনে ভূগিব লগা হ'ল।চহৰৰ মানুহে এই কথা নজনাকৈ থকা নাছিল।বয়সৰ লগে লগে তাইৰ দেহত পৰিস্ফুত হৈ উঠা যৌৱন ঢাকিবৰ উপায় নাছিল।পৰিৱৰ্তনবোৰ দেৱবালায়ো লক্ষ কৰিলে।তেওঁ সতৰ্ক হৈ উঠিল।তেওঁ চন্দনাক অাগৰ দৰে বৰকৈ বাহিৰলৈ ওলাব নিদিয়া হ'ল-'কামিজ-পেণ্ট আৰু তই পিন্ধিব নেলাগে'-তেওঁৰ এই কথাত চন্দনাই তৰ্ক আৰম্ভ কৰিলে-'মই ছোৱালী নেকি যে মেখেলা চাদৰ পিন্ধিম?'চন্দন দিনক দিনে অবাধ্য হৈ উঠিল।ব্ৰজমোহন শৰ্মাই জানিছিল-এই সকলোৰে বাবে দায়ী দেৱবালা।এদিন চন্দনা বাহিৰলৈ ওলাই গৈ উভতি নাহিল।মুখ বাগৰি চৌদিশে খবৰ বিয়পি পৰিল। অনুশোচনাত দগ্ধ হৈ কান্দি কান্দি অৱশ হৈ পৰিল দেৱবালা।বাহিৰৰ কোঠালিৰ লাইটটো জ্বলাই আগফালৰ দুৱাৰখন বন্ধ নকৰাকৈ ব্ৰজমোহন শৰ্মা বহি থাকিল কিজানি চন্দনা আহে।চন্দনা আহিছিল।তাইৰ কামিজটো বেয়াকৈ ফলা,গোটেই গাত বোকা।সকলো হতভম্ব।কেনেকৈ কি হ'ল? 'আৰু মই তোমাক নোসোধাকৈ কেতিয়াও বাহিৰত নেথাকো,ক'লৈকো নেযাওঁ…'কৈয়ে চন্দনাই দেউতাকৰ বুকুত মুখ গুজি উচুপি উঠিল।গল্পৰ কথনশৈলীয়ে পাঠকৰ দুচকু সিক্ত কৰি নোতোলাকৈ থাকিব নোৱাৰে।

     তেনেদৰে নিৰোদ চৌধুৰীৰ 'নিৰ্মেঘ' নামৰ গল্পটিতো ভাৱৰ গভীৰত্ব বিশেষ দেখিবলৈ পোৱা নাযায়।কিন্তু পত্নীক অহেতুকে সন্দেহ কৰা অমৰৰ কাহিনীটোৱে পাঠকৰ মনত ৰেখাপাত নকৰাকৈ নাথাকে।পত্নী বনলতাক এদিন পাচফালৰ পৰা মৰমেৰে সাৱটি ধৰিব লওঁতে 'চাওঁ এৰি দিয়া,চিগাৰেট খাই মোৰ ওচৰলৈ নাহিবা…মই বেয়া পাওঁ…মোৰ সেই গোন্ধ সহ্য নহয়।পংকজদাই সেইবাবে নেখাইছিল ' বুলি কোৱা কথাষাৰে অমৰৰ মনত বনলতাৰ মৰম আৰু সততাৰ প্ৰতি সন্দেহৰ সৃষ্টি কৰিছে।পংকজৰ নাম ল'লেই তাই হঠাৎ চঞ্চল আৰু উদগ্ৰীৱ হৈ উঠাটোও তেওঁ বহুবাৰ মন কৰিছে।পত্নীৰ প্ৰতি থকা সন্দেহপ্ৰৱণ মনটোৰ বাবেই এদিন অমৰে মিছাকৈয়ে পংকজ আহিব বুলি কোৱাত তাই অমৰৰ বাবে ব্যাপক আয়োজন কৰিছে।কিন্তু বহু পৰ অপেক্ষা কৰাৰ পাছতো যেতিয়া পংকজ নাহিল তেতিয়া তাইৰ চকু মুখত ফুটি উঠা লাজ-অপমান,গ্লানিৰ ৰেখ দেখি অমৰে মনে মনে বৰ অাত্মতৃপ্তি লাভ কৰিলে।আত্মতৃপ্তিৰে বাৰাণ্ডাত চকীখন উলিয়াই বহি থাকোতে বনলতাই চাহ আনি কাষতে থৈ অমৰৰ পাছফালে থিয় হ'ল আৰু তেওঁৰ চুলিত অাঙুলি সুমুৱাইদি ক'লে-তুমি খোৱা ।চাহকাপত এঢোক মাৰি তেওঁ কি ক'ব নক'ব ভাবি থাকোঁতে বনলতাই ক'লে- 'মই জানো পংকজদা কিয় নাহিল……আচলতে পংকজদাই তোমাক হিংসা কৰে …তুমি নাজানা,মোৰ স'তে তোমাৰ বিয়া হোৱাটো পংকজদাই আচলতে সহ্য কৰিব পৰা নাই।---আৰু মই ভাৱিছিলো-আজি পংকজদাক ভালদৰেই অবাক কৰি দিম তোমাক দেখুৱাই!…'কথাখিনি শুনাৰ পাছত অনাহকত বনলতাক সন্দেহ কৰাৰ বাবে অমৰৰ মনটো বেয়া লাগি গ'ল।তাৰ পাছত ড্ৰেচিং আইনাৰ সন্মুখত থিয় হৈ বন্ধা খোপাটো খুলিবলৈ লোৱা বনলতাক তেওঁ সাৱটি ধৰি ক'লে-'তোমাক নতুনকৈ আজি আকৌ মৰম কৰিবলৈ মন গৈছে।'

        পুৰুষ-মনৰ গোপন প্ৰকোষ্ঠত লুকাই থকা দেহজ প্ৰেমৰ সহজাত প্ৰবৃত্তি এটাৰ সুতীব্ৰ প্ৰৱণতাক নিৰোদ চৌধুৰীয়ে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে তেখেতৰ 'কোমল গান্ধাৰ' নামৰ গল্পটিত। মুহিবুদ্দিন ঠিকাদাৰৰ অধীনত চহৰলৈ মহৰীৰ কাম কৰিবলৈ অহা যদুনাথ কাকতিয়ে আলিবাটত দিন-হাজিৰা কৰা চুমকী নামৰ ক'লী অথচ গায়ে-গাৰীৰে ধুনীয়া ছোৱালী জনীক দৈহিক ভাবে পাবলৈ ইচ্ছা কৰিছে।চুমকীৰ কথা ভাৱি থাকোঁতে তেওঁৰ মনত পৰিছে গাঁৱৰ মালতীৰ কথা।বহুদিন আগতে এদিন অকলশৰীয়া অৱস্থাত তেওঁ মালতীক নিৰ্জন স্কুল ঘৰলৈ টানি নি বলপূৰ্বক ভাৱে সাৱতি ধৰিছিল-মালতীৰ চুলিৰ মাজত তেওঁৰ ওঁঠ,মুখ বুৰ গৈছিল।আৰু এটা মুহূৰ্তত তেওঁ তাইক সজোৰে সাৱটি যেতিয়া দেহৰ আৰু ওচৰলৈ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়াই মালতী উচাট মাৰি আঁতৰি ল'ৰ মাৰিছিল।তেওঁ নীৰৱে তাতে থিয় হৈ ৰৈছিল।লাজ -অপমানত তেওঁৰ সেইদিনা নিজকেই বৰ সৰু যেন লাগিছিল।তেওঁৰ সমগ্ৰ চেতনা আৰু সত্তাৰ এই শোচনীয় পৰিণতি কেতিয়াও বিচৰা নাছিল।এক অকথ্য আক্ৰোশত তেওঁ ভিতৰি ভিতৰি ডেই -পুৰি মৰিব ধৰিছিল।এতিয়া চহৰলৈ আলিবাটৰ মহৰীৰ কাম কৰিবলৈ আহি 'চুমকীৰ হাঁহি, চুমকীৰ উৰণীয়া চাৱনি,চুমকীৰ কথাই যদুনাথ কাকতিৰ মনৰ মাজত এক নতুন হেঁপাহৰ অংকুৰ আলফুলে জীপাই তুলিলে।'সেয়া প্ৰেম নাছিল।আছিল দৈহিক ক্ষুধা।তাৰোপৰি আছিল -বহুদিনৰ আগতে স্কুলঘৰ এটাৰ ভিতৰত এজনী ছোৱালীয়ে তেওঁৰ চেতনাক যেনেদৰে ৰূদ্ধ কৰি পংগু কৰি দিছিল,নিথৰ কৰি দিছিল,সেইদিনাৰ সেই ব্যৰ্থ প্ৰচেষ্টাক পাহৰি নতুনকৈ জী উঠাৰ প্ৰৱণতা।

      এদিন সেই সুযোগো তেওঁ পালে।সন্ধিয়া তেতিয়াও হোৱা নাই।কাম চলি আছে।হঠাৎ ধাৰাসাৰে বৰষুণ দিবলৈ আৰম্ভ কৰিলে।…ৰিক্সা এখন লৈ তেওঁ ঘৰলৈ বুলি গৈ থাকোতে দেখিলে চুমকী খোজ কাঢ়ি গৈ আছে।তেওঁ ৰিক্সা ৰখাই তাইকো তুলি ল'লে।ইয়াৰ পাছৰ অনুভৱ--'বৰষুণৰ পিছত পাতল চেঁচা ফিৰফিৰীয়া বতাহ এজাক মাৰিছিল।মই ওপৰফালে তিতা নাছিলো, তলডোখৰহে পানীৰে তিতি গৈছিল।…মই সামান্যভাৱে তাইক গাৰ ওচৰলৈ আকৰ্ষণ কৰিলোঁ…'কিন্তু এটা নিষিদ্ধ ঘৰৰ দুৱাৰ খুলি চুমকীৰ সৈতে তেওঁ যি কাম কৰিবলৈ আগবাঢ়ি গৈছিল তালৈ গৈ যি সত্যৰ তেওঁ মুখামুখি হ'ল সেয়া আছিল কল্পনাৰো অগোচৰ।চুমকীয়ে বাস কৰা অপৰিস্কাৰ গলিৰ এটা ঘৰত বিচনাত নিথৰ হৈ পৰি আছিল তাইৰ বিকলাংগ স্বামী। এই সত্যৰ মুখামুখী হৈ তেওঁ কোব খোৱা সাপৰ দৰে চেতনাৰে বাকৰূদ্ধ হৈ পৰিল।যদুনাথ কাকতিৰ ভাষাৰে গল্পকাৰে ৱিখিছে-" মাত্ৰ কিছু সময়ৰ আগলৈকে যিটো দেহৰ সান্নিধ্য ,যিটো দেহৰ চৰম বিলুপ্তিৰ মাজেদি মই শান্তি পাব বিচাৰিছিল,এই মুহূৰ্তত সেই দেহৰ সামান্য স্পৰ্শও মোৰ বাবে বিষাক্ত বিষৰ জ্বালা যেন অনুভৱ হ'ল।…বহু বছৰৰ আগতে এজনী ছোৱালীয়ে এটা স্কুল ঘৰৰ ভিতৰত মোৰ চেতনাৰ প্ৰথম দাবীক অস্বীকাৰ কৰিছিল,সেয়া মোৰ বাবে আছিল প্ৰথম পৰাজয়।আৰু আজি এয়া মোৰ বাবে দ্বিতীয় পৰাজয়।…''।

     দেহজ প্ৰেমক বিষয়বস্তু হিচাপে লৈ তেখেতে লিখা গল্প সমূহত ভাষাই কেতিয়াও স্বকীয় মৰ্যাদা হেৰুওৱা আমাৰ চকুত পৰা নাই।অভিনৱ কৌশলেৰে ভাষাৰ সাহিত্যিক মৰ্যাদাক অক্ষুণ্ণ ৰাখিও বাসনাৰ উত্তাপক পাঠকক অনুভৱ কৰোৱাব পৰা অসাধাৰণ দক্ষতা আছিল তেখেতৰ। 'গুলমোহৰ 'নামৰ গল্পটিতো তেখেতে এনেদৰে অত্যন্ত সজীৱতাৰে বিৰজা আৰু সুৰভিৰ দাম্পত্য জীৱনৰ দ্বন্দ্ব আৰু পৰপুৰুষৰ প্ৰতি সুৰভিৰ মনত ক্ৰমে গঢ় লৈ উঠা আকৰ্ষণৰ মাজেৰে জটিল নাৰী মনস্তত্বৰ এটি আভাস দিবলৈ চেষ্টা কৰিছে। (সমাপ্ত)

No comments:

Post a Comment

স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'

      স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'                                                      - বীৰ্কে ...