জগত চাংমাই :পাটকাইৰ প্ৰেমত বন্দী যি জীৱন
-বীৰ্কে বি. থাপা
পাটকাইৰ পাদদেশ আৰু দিহিঙৰ দুয়োপাৰ সমৃদ্ধ হৈ আছে চিংফৌ,নক্তে,টাংচা,খামতি,হাজং আদিৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষিক-সাংস্কৃতিক,সামাজিক আৰু নৃতাত্বিক বৈশিষ্ট্যৰে।এই বাৰেৰহনীয়া সাংস্কৃতিক বৈশিষ্ট্যৰে পূৰ্ণ দিহিংপৰীয়া অঞ্চলটো বিশ্বৰ মানচিত্ৰত এক উল্লেখনীয় স্থানলৈ ৰূপান্তৰিত হৈছিল -বিশেষকৈ বৃ্টিছসকলে 1876 চনত ইয়াত আৱিস্কাৰ কৰা কয়লাৰ বাবে।কয়লানগৰী হিচাপে খ্যাত লিডু আৰু মাৰ্ঘেৰিটা অঞ্চললৈ তাহানিৰে পৰাই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা মানুহৰ প্ৰব্ৰজন ঘটিছিল প্ৰধানকৈ কয়লাখনিসমূহত সংস্থাপন লাভৰ বাবে।কয়লাখনিসমূহৰ উপৰিও বৃটিছৰ দিনত স্থাপিত চাহ আৰু প্লাইউদ উদ্যোগসমূহতো জীৱিকাৰ সন্ধানত বহুলোকে ইয়ালৈ প্ৰব্ৰজন কৰিছিল আৰু এই অঞ্চলৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লোকসকলৰ অকৃত্ৰিম সৰলতা আৰু প্ৰাকৃতিক সৌন্দৰ্যত মুগ্ধ হৈ চিৰকাললৈ ৰৈ গৈছিল।এনেদৰেই দিহিংপৰীয়া এই সমগ্ৰ অঞ্চলটোৱই হৈ পৰিছিলগৈ বিভিন্ন জাতি -জনগোষ্ঠীৰ সমন্বয়-ভূমি।
পাটকাইৰ পাদদেশ তথা বুঢ়ীদিহিঙৰ পাৰৰ লিডু-মাৰ্ঘেৰিটা অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াত বসবাস কৰি থকা চিংফৌ নক্তে, টাংচা ,চেমা বা চুমি নগা, তাই-ফাকিয়াল,হাজং আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়েৰে গঢ় লৈ উঠিছে এই অঞ্চলৰ জনগাঁথনি।এই বিভিন্ন জনগােষ্ঠীৰ স্বকীয় ঐতিহ্য,কৃষ্টি-সংস্কৃতি,বেশ-ভূষা,খাদ্যাভ্যাস,উৎসৱ-পাৰ্বন আদি বৈশিষ্ট্যৰে সুউজ্বল এই সমস্ত অঞ্চল।তাৰোপৰি পাটকাই আৰু বুঢ়ী দিহিং নৈৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াৰ বনাঞ্চলসমূৰ জৈৱ-বৈচিত্ৰ তথা বৃটিছৰ শাসনকালতে লিডু-মাৰ্ঘেৰিটা অঞ্চলত গঢ় লৈ উঠা কয়লাক্ষেত্ৰসমূহৰ বাবে সমগ্ৰ ভাৰত তথা এচিয়াতে মাৰ্ঘেৰিটাৰ এটা স্বকীয় পৰিচয় গঢ় লৈ উঠিছিল।
পাটকাইৰ প্ৰেমত যি এবাৰ বন্দী তেওঁ কেতিয়াও এই ঠাই এৰি আঁতৰি থাকিব নোৱাৰে।এই প্ৰসংগত বিশেষভাৱে উল্লেখনীয় এগৰাকী ব্যক্তি হৈছে জগত চাংমাই। আজি বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলৰ জনজীৱনত সকলোৰে পৰিচিত জগত চাংমাইছাৰ হৈছে সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ অবিহনে মাৰ্ঘেৰিটাৰ ইতিহাস কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে।এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে তেখেতে যোৱা কেইবাদশক ধৰি দেহে-কেহে খাটি আহিছে।এই অঞ্চলৰ প্ৰায় সকলোবোৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ সৈতে তেখেত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত।
সত্তৰৰ দশকৰ আৰম্ভণিৰ সময়ছোৱাতে চাকৰিসূত্ৰে শিৱসাগৰৰ পৰা আহি এই অঞ্চলৰ লিডুত আহি বাস কৰিবলৈ লোৱা চাংমাইছাৰৰ বিষয়ে ইয়াত লিখিবলৈ বিচৰাৰ মূলতে হৈছে তেখেতে সুদীৰ্ঘ দিন ধৰি এই অঞ্চলৰ আৰ্থ-সামাজিক দিশৰ উন্নয়নৰ বাবে চেষ্টা কৰি যোৱাৰ উপৰিও এই অঞ্চলৰ চিংফৌ,নক্তে, টাংচা,তাই-ফাকে,দোৱনীয়া আদি দিহিংপৰীয়া খিলঞ্জীয়া লোকসকলৰ সুখ-দুখ,হৰ্ষ-বিষাদ-আনন্দৰ লগতে নিজক বিলীন কৰি দি জনগোষ্ঠীয় সমন্বয়ৰ এক সুন্দৰ আৰু অতুলনীয় নজীৰ দাঙি ধৰিবলৈ চেষ্টা কৰি আহিছে।
মাৰ্ঘেৰিটাৰ দৰে বহু বৰ্ণিল সমাজ জীৱনত সমন্বয়ৰ বাটকটীয়া স্বৰূপ জগত চাংমাইছাৰৰ বিষয়ে তাহানিৰে পৰা শুনি আহিছিলো যদিও লগ পোৱাৰ সুযোগ পোৱা নাছিলোঁ।অৱশ্যে শাৰীৰিকভাৱে নহ'লেও ফেচবুকৰ দৰে সামাজিক মাধ্যমৰ যোগেদি ছাৰৰ সৈতে চিনাকী হৈছিলোঁ আৰু তেখেতক সাক্ষাৎ কৰাৰ ইচ্ছাও ব্যক্ত কৰিছিলোঁ।বিভিন্ন সময়ত তেখেতে আমাৰ লেখা-মেলা কাৰ্যকো যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল।অৱশেষত যোৱা বছৰৰ 10 ডিচেম্বৰ তাৰিখে, তিনিচুকীয়া জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা মাৰ্ঘেৰিটা কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত এটি সম্বৰ্ধনা অনুষ্ঠানত আকস্মিকভাৱে লগ পাইছিলোঁ তেখেতক। লাভ কৰিছিলোঁ এক বিশাল ব্যক্তিত্বৰ দুৰ্লভ সান্নিধ্য।দুৰ্ভাগ্যক্ৰমে কিছু ব্যস্ততাৰ বাবে সেইদিনাও তেখেতৰ সৈতে বিশেষ কথা পাতিব পৰা নাছিলোঁ যদিও আহিবৰ পৰত উপহাৰ স্বৰূপে তেখেতে হাতত তুলি দিছিল -মাৰ্ঘেৰিটাৰ সাংবাদিক সংস্থাই তেখেতৰ বাসত্তৰ সংখ্যক জন্মদিৱসত প্ৰকাশ কৰা এখনি অভিনন্দন গ্ৰন্থ- 'জগত চাংমাইৰ জগত -এক বৰ্ণিল পৰিক্ৰমা '।
অভিনন্দন গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা বিভিন্ন লেখকৰ লেখাসমূহৰ পৰা প্ৰতিফলিত হৈ উঠিছে জগত চাংমাইদেৱৰ বহু বৰ্ণিল জীৱনৰ চিত্ৰ।এগৰাকী শিক্ষক হোৱাৰ উপৰিও তেখেত আছিল এগৰাকী সফল সাংবাদিক।বাতৰি কাকতৰ সংবাদদাতা হিচাপে তেখেতে যোৱা কেইবাদশক ধৰি এই সমগ্ৰ অঞ্চলৰ বাটপথ, যোগাযোগ আদি এশ এবুৰি সমস্যা সম্পৰ্কে কাকতে-পত্ৰে যথেষ্ট লিখা-মেলা কৰি গৈছিল আৰু এই ধাৰাবাহিক প্ৰতিবেদনসমূহে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল যাৰ ফলস্বৰূপে অঞ্চলটোত গঢ লৈ উঠিছিল বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান আদি।সেইদৰে অঞ্চলটোৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়,মঠ- মন্দিৰ-নামঘৰ, সাহিত্য-সভা,সাংবাদিক সন্থা আদিৰ দৰে অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জন্মলগ্নৰে পৰা ওত:প্ৰোতভাৱে জড়িত হৈ থাকি তেখেতে এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰি আহিছে।
জগত চাংমাইছাৰ এগৰাকী সুদক্ষ ক্রীড়াবিদ আৰু চিত্ৰশিল্পী হিচাপেও পৰিচিত।তেখেতে অংকন কৰা কাৰ্টুন চিত্ৰসমূহ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে।তেখেতে নিজে দুখনকৈ ক্ষুদ্ৰ আলোচনীও সম্পাদনা কৰি এই অঞ্চলৰ পৰা প্ৰকাশ কৰি উলিওৱাৰ দৰে মৰসাহ কৰিছিল।সকলোতকৈ ডাঙৰ কথা-মাৰ্ঘেৰিটা অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰী গঢ়ি তুলিবলৈ আজীৱন চেষ্টা কৰা এগৰাকী অক্লান্ত আৰু উদাৰ হৃদয়ৰ ব্যক্তি ।
জগত চাংমাইছাৰৰ জীৱন পৰিক্ৰমালৈ লক্ষ কৰিলে দেখা যায়,তেখেতৰ জন্ম 1948 চনৰ 1 ডিচেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ খৰাহাট চাহ বাগিচাত।পিতৃ প্ৰয়াত তাৰানাথ চাংমাই আছিল বাগিচাৰ চাকৰিয়াল।সৰুতে বৰ দুষ্ট আৰু অঘাইতং হ'লেও পঢ়া-শুনাত ভাল আছিল।ডিমৌ হাইস্কুলৰ পৰা তেখেতে মেট্ৰিক পাছ কৰি গড়গাওঁ কলেজত ভৰ্তি হয়।পাছত নাহৰকটীয়া কলেজৰ পৰা তেখেতে বি,এ পাছ কৰে আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত অধ্যয়ন কৰিবলৈ লয়।কিন্তু স্বাস্থ্যগত কাৰণত দেউতাকে চাকৰিৰ পৰা স্বেচ্ছামূলত অৱসৰ গ্ৰহণ কৰিব লগা হোৱাত উপায়ন্তৰ হৈ তেখেতে অধ্যয়ন আধৰুৱা কৈ এৰি দেউতাকে চাকৰি কৰা চাহ-বাগিচাতে চাকৰিত যোগ দিয়ে।তাত সাত- আঠমাহমান থকাৰ পাছত বাগিচাৰ বন্দী জীৱনত থাকিব নোৱাৰি সেই চাকৰি ইস্তফা দিয়ে সত্তৰৰ দশকৰ আৰম্ভণিৰ সময়ছোৱাত লিডুলৈ আহি থাকিবলৈ লয়।
লিডুৰ নিকটৱৰ্তী মোলোং খামতি গাঁৱত শিক্ষকতাৰ চাকৰি কৰি থকা আশীৰ দশকৰ সময়ছোৱাত চাংমাইদেৱে উক্ত গাঁৱৰ বৌদ্ধ মন্দিৰৰ ধৰ্মগুৰু ইউ গুণৱন্ত মহাথেৰা বা ভাণ্টে বাবাৰ সান্নিধ্য লাভ কৰিছিল।চাংমাইছাৰৰ জীৱনত এই সান্নিধ্যৰ বিশেষ প্ৰভাৱ আছিল।কাৰণ,যি সময়ত মোলোং খামটি গাঁৱলৈ যোৱাৰ বাটপথ বৰ সুচল অৱস্থাত নাছিল সেই সময়ত ভাণ্টে বাবাৰ পৰিকল্পনা অনুসৰি মাত্ৰ এদিনৰ ভিতৰতে চাংমাইদেৱে এক অফুৰন্ত কৰ্মোদ্যমেৰে সকলো ৰাইজক একগোট কৰি কেৱল ৰাইজৰ শ্ৰমদানৰ সহযোগত প্ৰায় বাৰ ফুটতকৈয়ো অধিক বহল আৰু তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰশস্ত সংযোগী পথ নিৰ্মান কৰি উলিয়াবলৈ সক্ষম হৈছিল।তেনেদৰে বিছা ৰজা হিচাপে খ্যাত বিছানং চিংফৌৰ সৈতেও গঢ় লৈ উঠিছিল তেখেতৰ বন্ধু্ত্ব।একমাত্ৰ নাঁৱৰ বাহিৰে বিছা গাঁৱলৈ যাবৰ বাবে টিৰাপ নৈৰ ওপৰেদি এসময়ত কোনো দলঙৰ ব্যৱস্থা নাছিল। সেই সময়তো চাংমাইদেৱৰ একান্ত প্ৰচেষ্টাত এদিন দলং নিৰ্মান হৈছিল।
পাটকাইৰ পাদদেশ আৰু দিহিংপৰীয়া জনগোষ্ঠীসমূহৰ প্ৰতি থকা গভীৰ আন্তৰিকতাৰ বাবেই তেওঁলোকৰ কৃষ্টি-সংস্কৃতিক নিজৰ বুলি বুকুত সাৱটি লোৱা উদাৰ মানসিকতা আছিল চাংমাইদেৱৰ।2003 চনত সেয়ে তেখেতে লিখি উলিয়াইছিল -'চিংফৌ জাতি আৰু বিছা ৰজাৰ ইতিবৃত্ত' নামৰ এখনি অতি মূল্যৱান গ্ৰন্থ।ক'বলৈ গ'লে, এইখন গ্রন্থই হৈছে চিংফৌসকলৰ বিষয়ে প্ৰকাশিত প্ৰথম অসমীয়া গ্ৰন্থ।ইয়াৰ পূৰ্বে চিংফৌসকলৰ ইতিহাস তথা কৃষ্টি-সংস্কৃতিৰ বিষয়ে গভীৰ চিন্তা-চৰ্চা অন্য অসমীয়া লেখকে সম্ভৱত: কৰা নাছিল।2012 চনত তেখেতে লিখা 'পাটকাইৰ প্ৰেমত বন্দী তিনিটা জনগোষ্ঠী আৰু কেইটামান স্কেচ্ছ ' শীৰ্ষক গ্ৰন্থখনো সমাজতাত্বিক আৰু নৃতাত্বিক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ ।গ্ৰন্থখনত তেখেতে টাংচা,চিংফৌ আৰু টাই ফাকে সকলৰৰ সমাজ জীৱনৰ ওপৰত আলোক কৰিছে।অসম অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা অঞ্চলৰ জনগাঁথনি,বৰ্ণিল সংস্কৃতি, নৃতাত্বিক আৰু সমাজতাত্বিক বৈশিষ্ট্য সম্পৰ্কে বহু তথ্য গ্ৰন্থ দুখনত তেখেতে প্রকাশ কৰিছে।তাৰোপৰি এই অঞ্চলত বাস কৰা জনগোষ্ঠীসমূহৰ বাৰেৰহনীয়া কৃষ্টি সংস্কৃতিৰ প্ৰেমত তেখেত এনেদৰে নিমগ্ন হৈ পৰিছিল যে এই বহুবৰ্ণিল কৃষ্টি-সংস্কৃতিক বিশ্ববাসীৰ সন্মুখত চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে চামিল হৈছিল' দিহিং পাটকাই মহোৎসৱ'ক বাস্তৱায়িত কৰাৰ এক সুবৃহৎ পৰিকল্পনাত।2002 চনত আৰম্ভ হোৱা এই মহোৎসৱৰ একেৰাহে তিনিটা বৰ্ষৰ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰি তেখেতে নিজৰ দক্ষতাৰ পৰিচয় দিছিল।
আমি সকলোৱে জনগোষ্ঠীয় সম্প্ৰীতিৰ কথা সততে কৈ থাকোঁ,কিন্তু কিমান আন্তৰিকতা থাকিলে প্ৰকৃততে এজন মানুহে এই জনগোষ্ঠীসমূহৰ উন্নয়নৰ বাবে আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়িবৰ বাবে নিজৰ জীৱন উচৰ্গা কৰি অক্লান্তভাৱে কাম কৰি যাব পাৰে সেয়া আমি দেখিবলৈ পাওঁ -পাটকাইৰ প্ৰেমত বন্দী জগত চাংমাইছাৰৰ জীৱনত।(সমাপ্ত)
No comments:
Post a Comment