Sunday, September 27, 2026

বাইথ' সংস্কৃতিৰ অতন্দ্ৰ প্ৰহৰী প্ৰমোদ সোনোৱাল

 বাইথ' সংস্কৃতিৰ অতন্দ্ৰ প্ৰহৰী প্ৰমোদ সোনোৱাল

                                                                    - বীৰ্কে বি থাপা 


         তিনিচুকীয়া জিলাৰ পূব প্ৰান্তত অৱস্থিত বৰপথাৰ গাঁৱৰ খ্রীং খ্রীং বাইথ’ মন্দিৰৰ সৈতে সুদীর্ঘ প্রায় পঞ্চাশ বছৰ কাল একনিষ্ঠ ভারে জড়িত হৈ থকা এগৰাকী পুৰােধা ব্যক্তি হৈছে প্রমােদ সােণােৱাল।সােণােৱালদেৱে ১৯৬১ চনৰ পৰা প্রত্যক্ষভাৱে বাইথ মন্দিৰ আৰু বাইথ’ সংস্কৃতিৰ সৈতে জড়িত হৈ সুদীৰ্ঘ দিন ধৰি বাইথ’ সংস্কৃতিৰ সংৰক্ষণ,প্ৰচাৰ তথা বিকাশৰ বাবে চেষ্টা চলাই আহিছে।

        বাইথ মন্দিৰৰ প্রাচীন ইতিহাসৰ বিষয়ে স্পষ্টভাৱে ক'ব পৰা নাযায়। প্রত্যেক বছৰে ফাগুন-চত মাহত বাইথ’ মন্দিৰত অনুষ্ঠিত হােৱা পূজাৰ সময়ছােৱাত যি হায়দাং গীত বা নৃত্য পৰিৱেশন কৰা হয়, সেই হায়দাং গীতৰ কথাংশৰ পৰা অনুমান কৰিব পৰা যায় যে, সােণােৱালসকলৰ প্রাচীন ৰাজ্য এসময়ত শদিয়াত আছিল। জনশ্রুতি অনুসৰি তেওঁলােকৰ ৰাজ্যখনৰ নাম আছিল ‘হালালী ৰাজ্য'। হালালী ৰাজ্যত থকা সময়ছােৱাত মানসেনাৰ সৈতে হােৱা থৈয়া-নথৈয়া ৰণত পৰাস্ত হোৱাৰ পিছত সােণােৱাল সকলে নিজা ৰাজ্য হেৰুৱাব লগীয়া হৈছিল। সেইসূত্রেই নিজ ৰাজ্য হেৰুৱাই তেওঁলােক ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ গুচি আহিব লগা হয়। খ্রীং খ্রীং বাইথ’ দেৱতাৰ ইতিহাস সম্পৰ্কত সােনােৱাল সকলৰ মাজত প্রচলিত বিশ্বাস অনুসৰি তাহানি গৰখীয়া ল'ৰাবােৰে গৰু চৰাই থাকোতে ধেমালিতে ফৰিং বলি দিয়া খেল খেলিছিল। এদিন হাবিত ফৰিং বিচাৰি নােপােৱাত লগৰ এজনকে বলিৰ বাবে মূৰ পাতিবলৈ কৈ উলু খেৰেৰে ৰেপ দিয়াৰ লগে লগে মুৰটো খহি পৰিল। গৰখীয়া ল'ৰাবােৰে তাত ভয় খাই গাঁৱত খবৰ দিয়াত ৰাইজ গােট খায়। সেই সময়ত আঁৰৰ পৰা চাই থকা বুঢ়া গৰখীয়া এজনে ৰাইজক সেই ঠাইত পূজা কৰিবলৈ কোৱাত তেতিয়াৰে পৰা বাইথ’ দেৱতাক পূজা কৰাৰ পৰম্পৰা আৰম্ভ হ'ল। কোনাে কোনাে বিশেষজ্ঞৰ মতে, সােণােৱালসকল যিহেতু মঙ্গোলীয় গােষ্ঠীৰ লােক সেয়ে কিৰাতেই হৈছে তেওঁলােকৰ আদি দেৱতা। এই কিৰাত হৈছে শিৱৰ প্রাচীন ৰূপ। সেয়ে যদি হয় তেন্তে খ্রীং খ্রীং বাইথ' কিৰাত বা শিৱৰে অন্য এটা ৰূপ হোৱাৰ সম্ভাৱনাই যথেষ্ট। অৱশ্যে এই মন্দিৰত ভাৰতৰ অন্য প্রান্তৰ শৈৱপন্থীসকলৰ দৰে তান্ত্রিক পূজা পদ্ধতি নাই যদিও ইয়াৰ কিছুমান নীতি নিয়মৰ পৰা স্পষ্টভাবেই এই কথা প্ৰতীয়মান হয় যে ইয়াত মূলতঃ পুৰুষ শক্তি শিৱৰে উপাসনা কৰা হয়। বাইথ’ মন্দিৰৰ গন্ধসৰৈ কাঠেৰে নিৰ্মাণ কৰা মূল খুটাডালৰ মূৰটো শিৱলিংগ আকৃতিৰ। কোনাে কোনােৰ মতে, মূৰটো কলডিল আকৃতিৰ। কলডিলকো সৃষ্টিৰ প্রতীক বুলিয়েই ধৰা হয়। বাইথ মন্দিৰৰ কাষতে নাৰীশক্তিৰ প্রতীক স্বৰূপ ভূৰুলী শাল অবস্থিত। এই শালত গাহৰি বলি দিয়া হয়। ইয়াত ৰখা বলি দিয়া খান্দা (দা)খন অতি পুৰণি বুলি কোৱা হয়। অৱশ্যে ইয়াৰ প্রাচীনত্ব নির্ধাৰণৰ বাবে প্রত্নতাত্ত্বিক পৰীক্ষণৰ প্রয়ােজন আছে।।

       তাহানিৰ বাইথ' মন্দিৰ প্রকৃততে ক’ত অৱস্থিত আছিল সেই বিষয়েও ইতিহাস নিমাত। এই মন্দিৰ শদিয়াৰ হালালী ৰাজ্যতে আছিল বুলি বহুতে মত পােষণ কৰে যদিও ডিমাপুৰত আৱিষ্কৃত প্রাচীন কছাৰী ৰাজ্যৰ ধ্বংসাৱশেষৰ পৰা কিছুলােকে বাইথ’ মন্দিৰৰ উৎস ডিমাপুৰ বুলিও ক'ব খােজে। আকৌ উত্তৰ লক্ষিমপুৰত প্রথমে এই শাল থকা বুলিও কিছু লােকে প্রতিপন্ন কৰিব বিচাৰে।ইতিহাসে ঢুকি পােৱা অনুসৰি বৰথাৰৰ বাইথ' মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে (সােণােৱাল সকলে শদিয়া এৰি অহাৰ পাছত) প্রথমে বৰধাদুম গাঁৱত স্থাপন কৰা হয়।পৰম্পৰাগত নিয়ম অনুসৰি এই মন্দিৰৰ ৰাজাগুৰুৰ আসনত পূর্বতে কোন বংশ, সঁচ বা পৰিয়ালৰ লােকক বহুওৱা হৈছিল সেয়া স্পষ্টকৈ জনা নাযায়। কিন্তু জনামতে মাণিকিয়াল বংশৰ বাইথ'ৰী পৰিয়ালৰ এজন লোককে তাহানিৰ পৰা ৰাজৈগুৰুৰ আসনত বহুৱাৰ নিয়ম চলি আহিছে।বৰধাদুমত এই মন্দিৰ স্থাপন হোৱাৰ পাছত ক্রমে দলৌ ৰাজাগুৰু, তৰুণ ৰাজাগুৰু, লম্বোদৰ ৰাজাগূৰু আৰু খেমেশ্বৰ ৰাজাগুৰুলৈকে চাৰিগৰাকী ব্যক্তিয়ে পুৰুষানুক্রমে এই আসনত অধিষ্ঠিত হৈ পূজাৰীৰ দায়িত্ব পালন কৰি আহিছিল। প্রয়াত খেমেশ্বৰ বাইথ’ৰী ৰাজাগুৰুৰ ১৯৫৭ চনত পৰলােকপ্রাপ্তি ঘটাত তৰুণ বাইথ’ৰীক পূজাৰীৰ আসনত বহুওৱা হয়। প্রমােদ সােণােৱালদেৱে আমাক কোৱা মতে, খেমেশ্বৰ বাইথ’ৰী তেখেতৰ সমনীয়া হােৱাৰ বাবে পৰৱৰ্তী কালত বাইথ’ সংস্কৃতিক নিৰাপদে ৰক্ষা কৰাৰ দায়িত্ব তেখেতৰ ওপৰত আহি পৰে আৰু ১৯৬১ চনৰ পৰা প্রত্যক্ষভাৱে বাইথ’ মন্দিৰৰ সৈতে জড়িত হৈ পৰে। তেখেতৰ মতে,বৰধাদুমত থকা বাইথ' মন্দিৰৰ স্থাপন ১৮ শ শতিকাৰ শেষৰ দশকত হােৱা বুলি অনুমান কৰিব পাৰি। বৰধাদুমৰ পৰা বৰপথাৰলৈ এই মন্দিৰ আনুমানিক ১৯৫৪ চনত উঠি আহে। ইতিপূর্বে ১৯৪৫ চনত কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা বৰপথাৰলৈ আহোতে প্রমােদ সােণােৱালৰ পিতৃগৃহতে আতিথ্য গ্রহণ কৰিছিল। সেই সময়ত ৰাভাদেৱে ৰাইজক উদ্দেশ্যি কোৱা তেখেতে শুনিছিল যে তেওঁলােকে যেন কেতিয়াও বাইথ’ সংস্কৃতি ত্যাগ নকৰে, কাৰণ এই সংস্কৃতিয়েই এদিন সােণােৱাল-কছাৰীসকলৰ ধ্বজা হ'বগৈ। ৰাভাদেৱৰ এইষাৰ কথাই তেখেতক অনুপ্রাণিত কৰিছিল বাইথ’ সংস্কৃতিৰ হকে কাম কৰি যাবলৈ ।বাইথ' মন্দিৰৰ মজিন্দাৰ হিচাপে সুদীর্ঘ কাল জড়িত থকা প্রমােদ সােণােৱালদেৱেই আজিৰ তাৰিখলৈকে সকলােতকৈ বয়ােজ্যেষ্ঠ ব্যক্তি। তেখেতে মন্দিৰৰ আঁতিগুৰি সকলো সযতনে সংৰক্ষণ কৰি আহিছে।তদুপৰি বাইথ’ সংস্কৃতিৰ প্ৰচাৰ আৰু বিকাশৰ বাবেও চেষ্টা চলাই আহিছে। বাইথ'সংস্কৃতিৰ আপুৰুগীয়া সম্পদ হায়দাং গীতৰ সংৰক্ষণ তথা এই গীতৰ অন্তর্নিহিত অর্থ উদ্ভাৱনৰ উপৰিও তেওঁ বাইথ’ মন্দিৰৰ পূজা পদ্ধতি সম্পর্কেও যথেষ্ট লেখামেলা কৰি আহিছে। সাহিত্যিক গগন চন্দ্র সােণােৱালৰ জীৱিত কালত তেখেতৰ সৈতে প্রমােদ সােণােৱালদেৱে এই বিষয়ে যথেষ্ট অধ্যয়ন আৰু চর্চা কৰিছিল। তেখেতৰ তত্ত্বাবধানতে ইতিমধ্যে হায়দাং গীত আৰু নৃত্য সংৰক্ষণৰ বাবে অনাতাঁৰ কেন্দ্ৰৰ যােগেদি অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰিও শ্ৰব্য আৰু দৃশ্য-শ্ৰব্য কেছেট তথা তথ্যচিত্র প্রকাশ কৰা হৈছে।

       প্ৰমোদ সোনোৱালদেৱৰ জীৱন পৰিক্ৰমালৈ দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় যে তেখেতৰ জন্ম 1936 চনৰ 25 আগষ্টত ডাঙৰীৰ বৰপথাৰ গাঁৱত।প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে তেখেতে কৰ্মজীৱনৰ পাতনি মেলি শিক্ষকতাৰে কৰ্মজীৱনৰ এটা অধ্যায় অতিবাহিত কৰিছিল।তাৰ লগে লগে তেখেতে সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰখনতো সমানে খোজ আগবঢ়াই গৈছিল।অকল বৰপথাৰ গাঁৱৰে নহয়,বৰঞ্চ সমগ্ৰ ছৈখোৱা আৰু বৃহত্তৰ ডাঙৰী অঞ্চলৰে তেখেত সাংস্কৃতিক কৰ্মক্ষেত্ৰৰ এগৰাকী অক্লান্ত কৰ্মী ।

      সমাজ জীৱনত তেখেত জড়িত আছিল বাইথ’ সংস্কৃতিৰ একনিষ্ঠ কর্মী হিচাপে। তদুপৰি তেখেত ‘সােণােৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সাংস্কৃতিক পৰামৰ্শদাতা হিচাপেও জড়িত। সােণােৱাল কছাৰী সর্ববংশাবলী সভাৰ সভাপতিমণ্ডলীৰাে তেখেত আছিল অন্যতম এগৰাকী সভাপতি। সদৌ অসম টাইবেল সংঘৰ সৈতেও তেখেত জড়িত হৈ আছে। অকল সেয়ে নহয়, বাইথ' মন্দিৰ আৰু বাইথ' সংস্কৃতিৰ অভিজ্ঞ ব্যক্তি হিচাপে তেখেতে আজি কেইবা দশক ধৰি বিভিন্ন জনক চিন্তা আৰু গৱেষণা আদিৰ দিশত বিভিন্ন ধৰণে সহায় কৰি আহিছে। তেখেতৰ দ্বাৰা ৰচিত 'খ্রীং খ্রীং বাই থ’ পূজাৰ ইতিহাসৰ ৰেঙনি’, ‘সােণােৱাল-কছাৰীৰ হাইদাং দে আৰু হুঁচৰি গীত আৰু ‘গুটিদিয়েক চিন্তাৰ ঢৌ ‘ত সন্নিৱিষ্ট হৈছে বাইথ' মন্দিৰ আৰু সংস্কৃতিৰ বহু চিন্তনীয় দিশ।     

      বাইথ' মন্দিৰ আৰু বাইথ' সংস্কৃতিৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপে বিগত প্ৰায় পাঁচটা দশক ধৰি নি:স্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা প্ৰমোদ সোনোৱালদেৱক তেখেতৰ কৰ্মজীৱন আৰু আদৰ্শৰ স্বীকৃতিস্বৰূপে যোৱা চাৰি জানুৱাৰী 2021 চন তাৰিখে ডাঙৰীৰ বিহিয়া গাঁৱত অনুষ্ঠিত তিনিচুকীয়া জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনত সম্বৰ্ধনা জ্ঞাপন কৰা হয়।সম্বৰ্ধনা পত্ৰ আৰু স্মাৰক অৰ্পন কৰে অধিৱেশনত উপস্থিত থকা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালদেৱে।কিন্তু কোনাে সন্মান বা স্বীকৃতিলৈ কেতিয়াও আশা নকৰা প্রমােদ সােণােৱালদেৱে আশা কৰে- বাইথ’ সংস্কৃতিৰ সংৰক্ষণ আৰু গৱেষণাৰ বাবে ইতিমধ্যে চৰকাৰৰ উদ্যোগত হাতত লােৱা বৃহত্তৰ আঁচনিসমূহ যেন অচিৰেই সুসম্পন্ন হৈ উঠে।লগতে নতুন প্রজন্মই এই সংস্কৃতিক ধৰি ৰখাৰ ওপৰতাে তেখেতে বিশেষ গুৰুত্ব আৰােপ কৰে।(সমাপ্ত)

     

No comments:

Post a Comment

স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'

      স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'                                                      - বীৰ্কে ...