ব্যক্তিত্ব: বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ভূৱনচন্দ্ৰ শইকীয়া
- বীৰ্কে বি থাপা
সোনোৱাল জনবসতিপূৰ্ণ বৃহত্তৰ ডাঙৰী অঞ্চলত 'হেডচাৰ' ৰূপে পৰিচিত প্ৰয়াত ভূৱনচন্দ্ৰ শইকীয়াৰ নাম ল'লেই মনলৈ আহে ক'লাফুল উলিয়াই পিন্ধা সাধাৰণ এখন ধুতি আৰু বনিয়ন অথবা পাঞ্জাৱীৰে হাতত লাখুটি এডাল লৈ ফুৰা শকত-আৱত, চুটি-চাপৰ মানুহজনলৈ।কিন্তু এগৰাকী অত্যন্ত কাঢ়া মেজাজৰ শিক্ষক হিচাপে তেখেতৰ প্ৰভাৱ সমগ্ৰ অঞ্চলটোতে এনেদৰে ৰৈ গৈছিল যে ছাৰক দেখাৰ লগে লগে মানুহৰ বাঘ দেখাৰ দৰে ভয়ত জীৱ উৰি গৈছিল।ছাৰৰ সন্মুখেৰে চাইকেলৰ পৰা ননমাকৈ পাৰ হৈ যোৱাৰ সাহস কোনোৱে কৰিব পৰা নাছিল।
ভূৱনচন্দ্ৰ শইকীয়া ছাৰৰ জন্ম হৈছিল 1914 চনৰ 14 জানুৱাৰীত। পিতৃ ধলা গাঁৱৰ মীনাৰাম শইকীয়া আছিল তাৰা চাহবাগিচাৰ বৰমহৰী।মীনাৰাম আৰু দময়ন্তীৰ জ্যেষ্ঠপুত্ৰ শইকীয়াছাৰে ডাঙৰী প্ৰাথমিক বিদ্যালয়ত প্ৰথমে শিক্ষাজীৱন আৰম্ভ কৰি পাছত শদিয়া মাইনৰ স্কুলৰ পৰা গৈ ডিব্ৰুগড় জৰ্জ হাইস্কুলৰ পৰা 1934 চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে।তাৰ পাছত যোৰহাটৰ জগন্নাথ বৰুৱা কলেজৰ পৰা 1937 চনত আই,এ, পৰীক্ষাত উত্তীৰ্ণ হয় আৰু গুৱাহাটী কটন কলেজত অধ্যয়ন কৰে।1939 চনত কটনৰ পৰা ইংৰাজীত সন্মানসহ বি.এ পাছ কৰে।
উল্লেখযোগ্য যে কটনত তেখেতৰ সহপাঠী আছিল ড: মহেশ্বৰ নেওগ।নেওগে তেখেতৰ আত্মজীৱনী ' জীৱনৰ দীঘ আৰু বাণী 'ত ভূৱনচন্দ্ৰ শইকীয়া ছাৰৰ কথা উল্লেখ কৰি লিখিছে যে কটনৰ হোষ্টলত আটাইতকৈ সৰহ ৰস দিব পৰা মানুহজনেই আছিল ভূৱনচন্দ্ৰ শইকীয়া।মহেশ্বৰ নেওগদেৱে লিখিছে - '...হোষ্টেলৰ জীৱনৰ মধুৰ সুবাস উৰিবলৈ ধৰে জহকালি সকলোৱে ভাত পানী খাই উঠাৰ পিছত।কলেজৰ ঘাই ঘৰটোৰ (এতিয়া সেই ঐতিহ্যপূৰ্ণ ঘৰটো ভাঙি তাৰ ঠাইত নতুন ঘৰ সজা হৈছে) উত্তৰ ফালৰ বহল বাৰাণ্ডাখনত বতাহ লৈ আমি সকলোৱে মেল মাৰোঁগৈ।সকলোৱে যি পাৰে ভগা ঢোলৰ মাতেৰে হ'লেও আমি তাতে সংগীত চৰ্চাও কৰোঁ।সেই মেলত আটাইতকৈ সৰহ ৰস দিব পৰা মানুহজন আছিল মোৰ এজন ৰূমমেট ভূৱনচন্দ্ৰ শইকীয়া।থাউকতে সেই মানুহজনক কেইদিনমান আগতে ওলোৱা 'জয়মতী' বোলছবিৰ পৰা লৈ আমি নাম দিছিলোঁ ঘিটিক।আনফালে বিহু নাম লগাই দিয়ে।ঘিটিকে টাকুৰী ঘূৰাদি ঘূৰি নাচে।'
কটনৰ হোষ্টেলত ' ঘিটিক ' নামেৰে পৰিচিত এই চুটি-চাপৰ,সকলোকে হঁহুৱাব পৰা,ড:মহেশ্বৰ নেওগৰ দৰে পৰৱৰ্তী কালৰ বিদগ্ধ ভাষাতত্ববিদ এগৰাকীৰ সহপাঠী ছাত্ৰজনেই আছিল ভূৱনচন্দ্ৰ শইকীয়া। ত্ৰিশৰ দশকতে কটনৰ পৰা ইংৰাজীত গ্ৰেজুৱেশ্যন লৈ শইকীয়াছাৰে প্ৰথমে ডিব্ৰুগড়ৰ বৰবৰুৱাত শিক্ষকতাৰ চাকৰিৰে কৰ্মজীৱন আৰম্ভ কৰে। তাৰপাছত 1939 চনত আহি যোগদান কৰিছিল ডাঙৰী মাইনৰ স্কুলৰ প্ৰধান শিক্ষকৰূপে।1942 চনত বিদ্যালয়খন হাইস্কুললৈ উন্নীত হয়।কিন্তু মেনেজিং কমিটিৰ সৈতে ঘটা মনোমালিন্যৰ বাবে তেখেতে হঠাৎ চাকৰি এৰি গুচি যায় আৰু ডুুমডুমা হুনলাল হাইস্কুলত যোগদান কৰে।অৱশ্যে মেনেজিং কমিটিয়ে পাছত নিজৰ ভুল স্বীকাৰ কৰি তেখেতক মতাই নি পুনৰ ডাঙৰী হাইস্কুলৰ চাকৰিত নিযুক্ত কৰে।1963 চনত তেখেতে যোৰহাট Post Graduate Institute of Teachers'Training Centre ৰ পৰা বি.টি.পাছ কৰে।
এগৰাকী আদৰ্শ শিক্ষক হিচাপে ভূৱনচন্দ্ৰ শইকীয়াছাৰে বিদ্যালয়খনৰ উন্নতিৰ বাবে যোগাই যোৱা অৱদান চিৰকালেই স্মৰণীয় হৈ থাকিব।এক শক্তিশালী প্ৰশাসনিক দক্ষতাৰে তেখেতে নিজৰ কাৰ্যকালত বিদ্যালয়খনক নতুন গতিশক্তি প্ৰদান কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। তেখেতৰ শিক্ষাদান আৰু ছত্ৰছায়াতে বহুকেইগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তীকালত উচ্চ পদস্থ প্ৰশাসনিক বিষয়াৰূপে আত্মপ্ৰকাশ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইতিমধ্যে বিদ্যালয়খনে জন্মলগ্নৰ পঞ্চাশ বছৰ গৰকাত তেখেতৰ নেতৃত্বতে 1973 চনত দুদিনীয়া কাৰ্যসূচীৰে সফলতাৰে সোনালী জয়ন্তী উদযাপন কৰা হয়। 1977 চনত ডাঙৰী হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱাত তেখেত অধ্যক্ষ পদত অধিস্থিত হৈ 1978 চনত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।
ভূৱনচন্দ্ৰ শইকীয়াছাৰে সংসাৰত প্ৰৱেশ কৰিছিল বিছাকুপী চাহ বাগিচাৰ জিয়াৰী লিলী শইকীয়াক বিয়া কৰাই 1945 চনত।ডাঙৰী ৰেল ষ্টেচনৰ সমীপত অৱস্থিত শইকীয়াছাৰৰ ঘৰখন সময়ত তেৰটি সন্তানেৰে গজগজীয়া হৈ উঠিছিল। খেতি-খোলাৰ কাম-বনৰ সকলো তদাৰকী কৰাৰ উপৰিও অৱসৰ গ্ৰহণৰ পাছতো তেখেতে সোনোৱাল জনবসতিপূৰ্ণ বৃহত্তৰ ডাঙৰী অঞ্চলৰ শৈক্ষিক উন্নতি আৰু বিকাশৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল।ঘৰৰ কাষতে ডাঙৰী চিৰিং প্ৰাথমিক বিদ্যালয় স্থাপন কৰিবলৈ তেখেতে মাটি দান কৰি শিক্ষাৰ প্ৰতি থকা গভীৰ অনুৰাগৰ পৰিচয় দিছিল। তাৰোপৰি স্থানীয় বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতেও তেখেত জড়িত আছিল।ডাঙৰী শাখা সাহিত্য সভা গঠনৰ ক্ষেত্ৰত তেখেতৰ বিশেষ ভূমিকা আছিল।সাহিত্য জগতৰ বহুকেইগৰাকী পুৰুধা ব্যক্তি যেনে চৈয়দ আব্দুল মালিক,বেণুধৰ শৰ্মা,কেশৱ মহন্ত তথা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ দেৱৰ দৰে ব্যক্তিৰ সাহচৰ্যও তেখেতে লাভ কৰিছিল।
আত্মগোপন কালত 1964 চনত বিষ্ণু ৰাভা আহি তেখেতৰ ঘৰত আছিলহি।বিশিষ্ট সাহিত্যিক ও সোনোৱাল লোকসংস্কৃতিৰ গৱেষক গগন চন্দ্ৰ সোনোৱালে 'আবৌ বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যৰ সোণসেৰীয়া স্মৃতি' শীৰ্ষক লেখাত লিখিছে যে বিষ্ণু ৰাভাই ভূৱনচন্দ্ৰ শইকীয়া ছাৰৰ ঘৰত থকা সময়ছোৱাতে বিদ্যালয়ৰ সৰস্বতী পূজাত মঞ্চস্থ কৰিবৰ বাবে এখন নাটক লিখি দিছিল।নাটকৰ আখৰাও হৈছিল ছাৰৰ ঘৰৰ ড্ৰয়িং ৰূমতে। নাটিকাখনৰ নাম আছিল 'সুন্দৰৰ দেউল'।এই নাটিকাখনতে সন্নিৱিষ্ট আছিল সেই প্ৰখ্যাত গীত-'সুৰৰে দেউলৰে/ৰূপৰে শিকলি/ভাঙি দিলি খুলি/দুৱাৰ সোনোৱালী/পূজাৰী অ'..'।
ইংৰাজী ভাষাত প্ৰভূত দখল থকা শইকীয়াছাৰে ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আলোচনীত (1978)লিখা 'A short historical aspect of Dangari H. S. School' শীৰ্ষক লেখাত বিদ্যালয়খনৰ উত্থান-পতনৰ ইতিহাসৰ লগতে নিজৰ কৰ্মজীৱনৰ বিষয়ে ভালেখিনি তথ্যসমৃদ্ধ বিৱৰণ দাঙি ধৰিছে।তেখেতে গীত আৰু কবিতাও ৰচনা কৰিছিল।তাহানিৰ 'বাঁহী' আৰু 'আৱাহন'ত তেখেতে কবিতা আৰু প্ৰৱন্ধ লিখা কথা জানিব পাৰি।জানিব পৰা মতে ,তেখেতে হাতে লিখা কবিতাপুথি এখন অপ্ৰকাশিত হৈয়ে থাকি গ'ল।
1985 চনত ভাৰত চৰকাৰৰ আমন্ত্ৰণক্ৰমে নতুন দিল্লীত গণতন্ত্ৰ দিৱসত অংশ গ্ৰহণ কৰা ভূৱনচন্দ্ৰ শইকীয়া ছাৰ 1988 চনত দূৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু 1991 চনৰ 16 মাৰ্চত তেখেতে ইহলীলা সম্বৰণ কৰে। (সমাপ্ত)
No comments:
Post a Comment