Sunday, September 27, 2026

সপ্ৰতিভ প্ৰাণশক্তি: অৰ্জুন বৰুৱা ছাৰ

 সপ্ৰতিভ প্ৰাণশক্তি: অৰ্জুন বৰুৱা ছাৰ

                                                   - বীৰ্কে বি থাপা

     অৰ্জুন বৰুৱা ছাৰৰ সৈতে মোৰ পৰিচয়ৰ প্ৰথম দিনটোৰ কথা আজিও স্পষ্ট মনত আছে।সেয়া আছিল 1999 চনৰ অক্টোবৰ মাহৰ কোনোবা এটা দিন।মাত্র কেইদিনমান পৃৰ্বে মা ঢুকাইছে। মাৰ মৃত্যুত দুখে-বেজাৰে ম্ৰিয়মান হৈ থকা সেই সময়ছোৱাতে এদিন অৰ্জুন বৰুৱাছাৰ ডুমডুমা প্ৰেছ ক্লাবৰ আন কেইবাগৰাকীও সতীৰ্থৰ সৈতে আহি উপস্থিত হৈছিলহি আমাৰ ঘৰত।সেই সময়ত মই নতুনকৈ উঠি অহা লেখক। নিয়মীয়াকৈ 'দৈনিক জনমভূমি'ৰ দৰে কেইখনমান বাতৰি-কাকতত লিখা-মেলা কৰি আছোঁ।সততে আমাৰ দৰে নতুনকৈ লিখামেলা কৰা লেখকক বহুতেই গুৰুত্ব নিদিয়ে।সেয়ে অৰ্জুন বৰুৱাছাৰে খবৰটো পোৱা মাত্ৰকে মোৰ সেই বিপদৰ সময়ত মাত এষাৰ লগাবলৈ অহাটো মোৰ বাবে আছিল অত্যন্তই অপ্ৰত্যাশিত।সেয়াই আছিল ছাৰৰ সৈতে মোৰ প্ৰথম সাক্ষাৎ।আৰু সেই প্রথম সাক্ষাততে ছাৰৰ কোমল,উদাৰ আৰু নীৰহংকাৰী মনৰ পৰিচয় মই পাইছিলোঁ।

     প্রথম সাক্ষাতৰ সেই দিনটোৰ পাছত বহুদিনলৈ ছাৰক লগ পোৱা নাছিলোঁ।দিনবোৰ মাহ আৰু বছৰলৈ সলনি হৈছিল।বহুবছৰৰ বিৰতিৰ মূৰত ছাৰক আকৌ লগ পাবলৈ আৰম্ভ কৰিছিলোঁ।লগ পোৱা মানে বাটে-ঘাটে লগ পালে খা-খবৰ,বা-বাতৰি লোৱা। ছাৰক বহু কাষৰ পৰা অন্তৰংগভাৱে লগপোৱাৰ সুযোগ তেনেদৰে মই পোৱা নাছিলোঁ।কিন্তু সেই বাটে-ঘাটে লগ পোৱা মুহূৰ্তবোৰতে সকলোকে আপোন কৰি ল'ব পৰা গুণটোৰ বাবেই তেখেতৰ প্ৰতি শ্ৰদ্ধা উপজিছিল।তেখেতেও এক প্ৰকাৰৰ আত্মীয়তাৰ দাবীৰে ডুমডুমাত অনুষ্ঠিত কৰা অনুষ্ঠান কিছুমানলৈ মোক মাতিছিল।মনত পৰে,অসম সাহিত্য সভাৰ শতবৰ্ষ পূৰ্ণ উপলক্ষে সমগ্ৰ অসমতে শতবৰ্ষ উদযাপন চলি থকা সময়ত ডুমডুমা শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজিত অনুষ্ঠানলৈ তেখেতে মোক আমন্ত্ৰণ জনাইছিল-অসমীয়া ভাষাৰ সংকট সম্পৰ্কীয় আলোচনা চক্ৰ অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা হিচাপে। তেখেতে দূৰভাষযোগে অনুৰোধ জনাই বৰ আন্তৰিকতাৰে কৈছিল-'তুমি আহিবা বুলি নিশ্চিত হ'লো তেন্তে,সেইদিনা অন্য ক'তো প্ৰগ্ৰেম নল'বা কিন্তু ।'এনেদৰেই তেখেতে মূল অনুষ্ঠানৰ প্ৰায় এমাহ পূৰ্বেই যি আন্তৰিকতাৰে মোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পন কৰিছিল তাক অগ্ৰাহ্য কৰা কোনোপধ্যেই মোৰ বাবে সম্ভৱপৰ নাছিল।

     ক'বলৈ গ'লে, অৰ্জুন বৰুৱা ছাৰৰ দৰে সপ্ৰতিভ আৰু অফুৰন্ত প্ৰাণশক্তি থকা মানুহ বৰ কমেইহে দেখিবলৈ পোৱা যায়।আজি সত্তৰোৰ্ধৰ বয়সতো তেখেতক সেই আগৰ দৰেই দেখি আহিছোঁ।আজিও তেখেত শৰীৰ আৰু মনেৰে তজবজীয়া।সকলো কাম ক্ষীপ্ৰতাৰে কৰাটো তেখেতৰ অভ্যাস।তেখেতৰ বয়সৰ বহু মানুহৰ ক্ষেত্ৰত বয়সজনিত কাৰণত সততে দেখিবলৈ পোৱা আলস্য বা কৰ্মোদ্যমহীনতাই কেতিয়াও তেখেতক অৱস কৰি তোলা মই দেখা নাই।যিকোনো সভা-সমিতিলৈ মাতিলে তেখেতে কেতিয়াও শাৰীৰিক অক্ষমতা বা অসুস্থতাৰ অজুহাত দেখুৱাই নাযাওঁ বুলি নকয়।আচলতে সুদীর্ঘকাল ধৰি সমাজ জীৱনত ল'ৰি ফুৰা মানুহ হিচাপে তেখেতে ক'ৰবালৈ মাতিলে নোযোৱাকৈ থাকিব নোৱাৰে। মানুহ আৰু সমাজৰ বাবে কাম কৰি যাবলৈকে যেন তেখেতৰ জন্ম।

    সকলো কামতে অত্যন্ত ক্ষীপ্ৰ তেখেত। যিকোনো সামাজিক-সাংস্কৃতিক বৌদ্ধিক অনুষ্ঠানতে নিৰ্দিষ্ট সময়ত উপস্থিত থকাটো যেনেদৰে তেখেতৰ অভ্যাস,তেনেদৰে যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে সুস্থিৰ সিদ্ধান্ত লোৱাতো তেখেত সিদ্ধহস্ত।এই সিদ্ধহস্ততাৰেই তেখেতে সুদীৰ্ঘ কাল ধৰি ডুমডুমাৰ সামাজিক- সাংস্কৃতিক জীৱনৰ প্ৰায় সকলোবোৰ ক্ষেত্ৰতে আগৰণুৱাৰ ভূমিকা ভূমিকা গ্ৰহণ কৰি আহিছে।তেখেতৰ নেতৃত্বই সকলোকে সাহস দিয়ে,আলোকৰ পথ দেখুৱাই দিয়ে।

    কৰ্মজীৱনত অৰ্জুন বৰুৱাছাৰ এগৰাকী কৃতী শিক্ষক।জীৱনৰ সুদীৰ্ঘ কাল শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰাৰ পাছতো তেখেত আনৰ দৰে অলসভাৱে ঘৰত বহি থকা নাই।আমি জনা মতে, সত্তৰৰ দশকৰ পৰাই তেখেতে শিক্ষকতাৰ লগে লগে সাংবাদিকতাৰ সৈতেও জড়িত হৈ থাকি আজিলৈকে নিৰৱচ্ছিন্নভাৱে সংবাদসেৱাৰ কাম কৰি আহিছে।বিশেষকৈ 'দৈনিক অসম' কাকতৰ সাংবাদিক হিচাপে তেখেতে 1972 চনৰ পৰা আজিলৈকে প্ৰায় পাঁচটা দশক কাল যি একনিষ্ঠতাৰে সংবাদ সেৱা আগবঢ়াই আহিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।সাংবাদিকতাৰ প্ৰতি একনিষ্ঠ বিশ্বাস ,আত্মোৎসর্গৰ ভাৱনা,সামাজিক দায়বদ্ধতা আৰু সততা নাথাকিলে কোনেও এনেদৰে জীৱনৰ সুদীৰ্ঘকাল কেৱল সাংবাদিকতাত ব্যতিত কৰিব নোৱাৰে।উল্লেখযোগ্য যে ,আজিৰ দিনত সাংবাদিকতা বহুতৰ বাবে কেৱল 'টাইম পাচ' অথবা-কিছু শ্ৰুতিকটু যেন লাগিলেও কেৱল টকা ঘটাৰ মাধ্যমহে।ঘটনাস্থলিত উপস্থিত নোহোৱাকৈ কেৱল আনৰ পৰা তথ্য সংগ্ৰহ কৰি বাতৰি লিখিও আজিৰ দিনত বহতে সাংবাদিকতা কৰি থকা দেখিবলৈ পোৱা যায়।তাৰোপৰি আজিৰ দিনত সাংবাদিকতাৰ নামত পক্ষপাতদুষ্ট বাতৰি পৰিৱেশন কৰি অথবা সত্যক গাপ দি মিছা বাতৰি পৰিৱেশন কৰি টকা ঘটাও তেনেই সাধাৰণ কথা।কিন্তু অর্জুন বৰুৱা ছাৰ আছিল ব্যতিক্ৰম।তেখেতে সেই সময়ত সাংবাদিকতা আৰম্ভ কৰিছিল যি সময়ত দূৰ-সংযোগ ব্যৱস্থা আজিৰ দৰে দ্ৰুত নাছিল।আজিৰ দৰে মোবাইল, ইণ্টাৰনেট, স্পীড প'ষ্ট,ফেক্স,মেইল আদি একো নথকা যুগতো চাইকেল মাৰি দৃৰ-দূৰণিলৈ গৈ তেখেতে বাতৰি সংগ্ৰহ কৰিছিল।সেই যুগত তেনেদৰে বাতৰি সংগ্ৰহ কৰি ডাকযোগে সেই বাতৰি পঠিওৱাৰ পাছত বাতৰি-কাকতত প্ৰকাশ পোৱালৈকে কেতিয়াবা সপ্তাহ-পষেক কাল পৰ্যন্তও লাগি গৈছিল।বিনিময়ত পাইছিলনো কেইটা টকা?তথাপিতো কেৱল সামাজিক দায়বদ্ধতাৰ বাবেই অৰ্জুন বৰুৱাছাৰে অত্যন্ত নিষ্ঠাৰে আৰু নি:স্বাৰ্থভাৱে সাংবাদিকতা কৰি গৈছিল আৰু আজিও কৰি আছে।

    আজি ডুমডুমাৰ আটাইতকৈ জ্যেষ্ঠ সাংবাদিক তেখেত।জ্যেষ্ঠ সাংবাদিক হিচাপে তেখেতে ডুমডুমা প্ৰেছ ক্লাবৰো গুৰি বঠা ধৰি আহিছে।অকল সেয়ে নহয়,ডুমডুমা শাখা সাহিত্য সভা,নাট্য মন্দিৰ আদিকে ধৰি স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰি বঠা ধৰি থকাৰ উপৰিও তেখেতে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছে।তেখেতৰ নেতৃত্বত তিনিচুকীয়া জিলা সাহিত্য সভাই এক নতুন গতি লাভ কৰিছে।

     অৰ্জুন বৰুৱাছাৰৰ সাংবাদিক জীৱনৰ পঞ্চাশ বছৰ পূৰ্ণ উপলক্ষে ডুমডুমা প্ৰেছ ক্লাবে তেখেতক সম্বৰ্দ্ধনা জনোৱাৰ লগতে এখনি অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰিবলৈ লোৱাৰ দৰে এক মহান কাৰ্য হাতত লোৱাত অত্যন্তই সুখী হৈছোঁ আৰু আশা ৰাখিছোঁ-ছাৰৰ সপ্ৰতিভ প্ৰাণশক্তি যেন সদায়ে অক্ষয় হৈ ৰয় আৰু ডুমডুমাৰ সামাজিক-সাংস্কৃতিক জীৱনত তেখেতৰ জীৱনাদৰ্শই যেন সদায়ে এজোপা বটবৃক্ষৰ দৰে ছাঁ দি থাকে।(সমাপ্ত)

No comments:

Post a Comment

স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'

      স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'                                                      - বীৰ্কে ...