Monday, September 28, 2026

বিকিয়ান বাইলুঙৰ কাব্যগ্ৰন্থ 'বৌদ্ধিক আমলখি'

 


বিকিয়ান বাইলুঙৰ কাব্যগ্ৰন্থ 'বৌদ্ধিক আমলখি'

                                              - বীৰ্কে বি থাপা

        

     উদীয়মান কবি বিকিয়ান বাইলুঙৰ সদ্য প্ৰকাশিত প্ৰথমখন কাব্যসংকলন হৈছে- 'বৌদ্ধিক আমলখি'। ইতিমধ্যে  প্ৰান্তিক, সাতসৰি, গৰিয়সী আদিৰ দৰে অসমৰ আগশাৰীৰ সাহিত্যালোচনীসমূহত যথেষ্ট সংখ্যক  কবিতা ৰচনাৰে সকলোৰে পৰিচিত হৈ পৰা  বিকিয়ান বাইলুঙ এগৰাকী অত্যন্ত সম্ভাৱনাপূৰ্ণ কবি। তেওঁৰ কবিতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে-জীৱন আৰু জগত সম্পৰ্কে থকা তেওঁৰ গভীৰ সংবেদনশীলতা। 

     মানৱীয় সম্পৰ্ক আৰু এই সম্পৰ্কবোৰত দেখা দিয়া কৃত্ৰিমতা,মানৱতাৰ স্খলন আদিয়ে সৃষ্টি কৰা কবিৰ মনৰ সংবেদনশীলতা সুন্দৰৰূপত প্ৰতিফলিত হৈছে কাব্য-সংকলন খনত সন্নিৱিষ্ট প্ৰথমটো কবিতাতে।কবিতাটি এটি কণমানি ছোৱালী  কোনোবা 'পিউ'ৰ স্মৃতিত লিখা। 'দৃষ্টিনন্দিনী' শীৰ্ষক কবিতাটিত তেওঁ লিখিছে-

      একোলা দুকোলাকৈ বাঢ়ি অহা

      উমাল সপোন বোৰৰ দৰে আছিল 

      কথাবোৰ

      নিয়ৰৰ লেফাফাত সোমাই থকা

      বনগীতৰ দৰে কোমল পুৱাৰ এটি শিশু


     কণমানি ছোৱালীজনীৰ মুখখনে কবিক মনত পেলাই দিছে  শইচৰ দ -পথাৰত অতিবাহিত তেওঁৰ নিজৰ শৈশৱ,মনত পেলাই দিছে কেনেকৈ তেওঁ

দ-পথাৰত পানীখেল খেলিছিল ,খেলৰ সুখত উন্মাদ হৈছিল।সেই উন্মাদনা কবিয়ে দেখিছে কণমানি ছোৱালীজনীৰ মুখত।

    কিন্তু জীৱন সহজ নহয়।সময়ৰ লগে লগে বাঢ়ি অহা ছোৱালীজনীৰ বাবেও জীৱনটো জটিল যেন লগা হৈ আহিছে।জীৱনটো 'চকৰীৰ পাকত জঁট লগা কৃত্ৰিমতা'ৰে পূৰ্ণ।ইয়াত সম্পৰ্কবোৰতো আউল লাগে । কবিয়ে লিখিছে-'পথাৰখনৰ দৰে সম্পৰ্কতো চিৰাল ফাঁট দিয়ে/মাতবোৰতো লাগি থাকে জঠৰতা/সহজ নহয় জীৱন জী থকা ।' তথাপিতো কবিয়ে কৈছে -'বিফলতাবোৰতো হাঁহি থকা/মানুহ হোৱা পিউ/মানুহৰ বাবে সেউজীয়া শইচ সিঁচি/পিটিকি খোৱা সুখৰ পিটিকা।'

     কবি বিকিয়ান বাইলুঙৰ কবিতাৰ এটা সুন্দৰ বৈশিষ্ট্য হৈছে -তেওঁৰ কবিতাত সততে গ্ৰাম্য পৰিৱেশ একোটা প্ৰতিফলিত হৈ উঠে । 'মূধচ' শীৰ্ষক কবিতাত তেওঁ অসমীয়া গ্ৰাম্য সমাজ জীৱনত ঘৰখনৰ মূল,বয়োজ্যেষ্ঠ মানুহৰ গুৰুত্বৰ এটি সুন্দৰ চিত্ৰ অংকণ কৰিছে-

     বৰদৈচিলাই ল'ৰাব নোৱৰা

     মুধচ লৰিল

     ন ডাল বাঁহে আটি আটি বান্ধে মুধচহীন ঘৰ

    তথাপিও চকুৱে বিচাৰে মুধচ বহা পীৰাখন

   

     কবিতাটিত 'মুধচ' শব্দটো ব্যৱহৃত হৈছে ঘৰখনৰ ঘাই মানুহজনৰ প্ৰতীক হিচাপে।সেইদৰে কবিয়ে উপমা,চিত্ৰকল্প আদিৰো সাৰ্থক ব্যৱহাৰ কৰিছে।যেনে- 'মৌন প্ৰাৰ্থনাৰ অন্তত/বিৰিয়াৰ দৰে পৰি আছে মুধচ '।

    বিৰিয়া মাৰিৰে ধানৰ ডাঙৰি কঢ়িওৱা হয়।একেদৰে ঘৰখনৰ ঘাই মানুহজনেও বিৰিয়া মাৰিৰে ডাঙৰিৰ বোজা কান্ধত কঢিওৱাৰ দৰে সমস্ত দায়িত্ব কান্ধ পাতি লয়।'বিৰিয়াৰ দৰে পৰি আছে মুধচ'-এই উপমাটোত কবিয়ে  'বিৰিয়া'ক উপমান আৰু 'মুধচ'ক উপমেয় হিচাপে সাৰ্থক প্ৰয়োগ কৰিছে।

    সেইদৰে ' মাটিৰ পিয়াহ' শীৰ্ষক কবিতাত তেওঁ বানে উছন কৰা নৈপৰীয়া ভেটিৰ নিৰ্জনতাক প্ৰকাশ কৰি লিখিছে-' উছন যোৱা ভেটিত ডাঙৰীয়াই মাত মাতে/গঞা ৰাগত ৰাউচি জুৰি থকা সময় নৰীয়াত।'  ইয়াত  'সময়'ক personification (অৰ্থাৎ নিৰ্জীৱ বস্তুত ব্যক্তি বা মানুহৰ ৰূপ বা গুণ-বৈশিষ্ট্য আৰোপ)কৰাৰ ক্ষেত্ৰত কবিৰ সফলতা মন কৰিবলগীয়া।

     সমাজ- সচেতনতা হৈছে আধুনিক কবিতাৰ অন্যতম এক প্ৰধান বৈশিষ্ট্য। বিকিয়ানৰ 'অপ্রকাশিত' শীৰ্ষক কবিতাত চাহ শ্ৰমিকৰ নিষ্পেষিত জীৱনৰ চিত্ৰ অংকিত হৈছে-'মাদলৰ শব্দত ৰাতি বাগৰে,চাহ টুপি পি/কোম্পানীৰ চাইৰেণৰ আগতেই শাৰী শাৰীকৈ /ওলাই আহে /পিঠিত জীৱনৰ বোজা '। শ্ৰমজীৱি এই মানুহবোৰৰ দুৰাৱস্থাৰ কিন্তু কেতিয়াও অন্ত নপৰে।পুঁজিবাদী যান্ত্রিকতাই তেওঁলোকৰ সৰ্বস্ব কাঢ়ি লৈ যায়।অপ্রকাশিত হৈ ৰৈ যায় তেওঁলোকৰ কাহিনী-

     নোকোৱাকৈ থাকিল সেই কথা

     দৰৱ খাই কিমান মানুহ মৰে মেচিনত সোমাই      

     কিমান পংগু হয়

     ভোকত কিমান মানুহ মৰে'        (অপ্রকাশিত)

     সেইদৰে তেওঁৰ আন এটি কবিতাতো শাসনাধিষ্ট চৰকাৰে পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থত সৰ্বসাধাৰণ জনতাক প্ৰৱঞ্চনা কৰাৰ হৃদয়স্পৰ্শী চিত্ৰ অংকিত হৈছে। অকল সেয়ে নহয়, জনতাক আভুৱা সাজিবলৈ চৰকাৰে 'হিতাধিকাৰী' সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত আজি অসমীয়াৰ জাতিৰ নিজস্ব পৰিচয় আৰু অস্তিত্বও কিদৰে প্ৰায় নি:শেষ হৈ পৰিছে সেয়াও তেওঁ এই 'কঙালী' শীৰ্ষক কবিতাটিত সুন্দৰকৈ প্ৰকাশ কৰিছে-'টঙালেৰে বান্ধিব পৰাকৈ/এইবাৰ খেতি দেখোন নহ'ল ভাল/ আধা মাটি বাইপাছত গ'ল/ছন পৰা মাটিত গৰলৰ ভৰত/ যিকণ থাকিল ক'লা ধোঁৱাত প্ৰতিবন্ধী/এতিয়া/  বছৰৰ প্ৰতিটো দিনতে কঙাল/জাতিৰ নামত হিতাধিকাৰী।'

    সমসাময়িক শাসন-ব্যৱস্থাক সমালোচনা কৰি 'চোৰ' শীৰ্ষক কবিতাত তেওঁ লিখিছে-' নদাই ভদাই শূলত মৰে/গাদীত বহি থাকে গভাইত চোৰ'। ' এনে পৰিস্থিতিত নি:সহায় মানুহৰ বাবে 'স্বাধীনতা'ৰ অৰ্থ নিৰৰ্থক। ' স্বাধীনতা ' শীৰ্ষক কবিতাত তেওঁ লিখিছে-'স্বাধীনতা কি?/বুজিবলৈ /বন্ধকত থকা জীউটো লৈ অৰ্থ বিচৰা নাই/ ত্ৰিশ টকাত পলিথিনৰ পতাকা বিকিছোঁ/সেই দৰত কিনিছোঁ চাউল আৰু নিমখ'।

    স্থিতাৱস্থাক মানি লোৱাৰ বাহিৰে                                                   নি:সহায় জনতাৰ বাবে অন্য একো উপায় নাথাকে।চৰকাৰৰ নিমখ খোৱা সাধাৰণ জনতাই প্ৰচলিত ভাষাত কেতিয়াও  ' নিমখ হাৰাম' কৰিব নোৱাৰে ! সেয়ে তেওঁ লিখিছে- 'আজি বন্ধ দিন/চাউল নাই,নিমখ খাম'। উল্লেখযোগ্য যে কবি বিকিয়ানৰ কবিতাত নিৰ্যাতিতৰ প্ৰতি গভীৰ সমবেদনা স্পষ্টকৈ প্ৰকাশ পাইছে,কিন্তু অন্যায়ৰ বিৰূদ্ধে সেই প্ৰতিবাদ তীব্ৰ আৰু প্ৰবল ৰূপত বাংময় হৈ উঠা নাই।

     কবি বিকিয়ানৰ কবিতাসমূহ পৰ্যৱেক্ষণ কৰিলে এনে অনুভৱ হয় যেন জীৱন সম্পৰ্কত তেওঁৰ দৃষ্টিভংগী খুৱেই হতাশজনক। তেওঁৰ 'ডিচেম্বৰ'শীৰ্ষক কবিতাত এই হতাশা স্পষ্টভাৱেই প্ৰতিফলিত হৈছে।কবিতাটিত কবিয়ে এখন এখনকৈ এঘাৰখন দেৱাল পাৰ হৈ আহি বাৰ নম্বৰৰ দেৱালখন পাৰ হোৱাৰ আগমুহূৰ্তৎ অনুভৱ কৰিছে -তেওঁৰ শৰীৰ যেন ক্ৰমশ: অৱস হৈ পৰিছে।সেই অলস-অৱসাদৰ মাজতো দেৱালখন পাৰ হ'বলৈ তেওঁ উৎসুক হৈ পৰিছে,কাৰণ - 'মই ভাৱিছিলোঁ, এইখন দেৱাল পাৰ হ'লেই /যেন বিচাৰি পাম সেউজীয়া উশাহ'।

     কিন্তু দেৱালখন পাৰ হৈ তেওঁ আক্যাংক্ষিত সেই 'সেউজীয়া উশাহ' ল'ব পাৰিলেনে? নাই,কাৰণ তেওঁ বাৰ নম্বৰ দেৱাল পাৰ হৈ উপলদ্ধি কৰিলে- 'বৃত্তৰ দৰে ঘূৰি ঘূৰি আকৌ/আৰম্ভণিতেই শেষ/শেষতেই আকৌ আৰম্ভ '। কোৱা নিস্প্ৰয়োজন যে বছৰৰ গণনাত এটাৰ পাছত এটাকৈ আহি থকা বাৰটা মাহৰ প্ৰতীকৰূপেই কবিয়ে বাৰখন দেৱালৰ অৱতাৰণা কবিতাটিত কৰিছে।

    তথাপি কবিতা আৰু প্ৰেমৰ ওপৰত তেওঁ আস্থা একেবাৰে হেৰুৱাই পেলোৱা নাই ।তেওঁ 'কবিতাৰ হাঁফলু' শীৰ্ষক কবিতাত লিখিছে-' জী আছোঁ বাবেই কবিতাই বুকুত হাঁফলু বান্ধিছে/আৰু তুমি আছা বাবেই/ জীৱলৈ বিচাৰি পাইছোঁ  কিছু অজুহাত '।                     

    আধুনিক কবিতা জটিল আৰু দুৰ্বোধ্য বুলি সততে সমালোচনা কৰা হয়। এই জটিলতাৰ কাৰণ  হ'ব পাৰে-কবিসকলে ব্যৱহাৰ কৰা অত্যধিক জটিল শব্দ আৰু বাক্যসজ্জা, জটিল ভাৱ বা বিষয়বস্তু অথবা  অত্যধিক প্ৰতীক,চিত্ৰকল্প আদিৰ প্ৰয়োগেৰে কবিতাৰ ক্ষেত্ৰত আকোঁৱালী লোৱা জটিল নিৰ্মানশৈলী ।বিকিয়ান বাইলুঙৰ সদ্যপ্ৰকাশিত কাব্য-সংকলন 'বৌদ্ধিক আমলখি'ৰ সন্দৰ্ভতো  এনে জটিলতাৰ অভিযোগ উঠাৰ আশংকা কম নহয়।  কাব্য-সংকলনখনৰ নামকৰণৰ পৰাই এই কথা সহজে অনুমান কৰিব পাৰি।

     কবিতাৰ সম্পৰ্কত এসময়ত কোৱা হৈছিল যে ই ভাৱৰ স্বত:স্ফূৰ্ত প্ৰকাশ।কিন্তু আজি এই কথা স্বীকাৰ কৰা হয় যে কবিতা ভাৱৰ স্বত:স্ফূৰ্ত প্ৰকাশ হ'লেও ইয়াক পুনৰ নিৰ্মান কৰা হয়। কবিতাৰ নিৰ্মান - প্ৰক্ৰিয়াত ভাৱাৱেগৰ পৰিৱৰ্তে  সক্ৰিয় হৈ উঠে মন আৰু মস্তিষ্ক। ফলত কবিতা হয়গৈ মূলত: কবিৰ বুদ্ধিমত্তা (Intellectuality )ৰ চুড়ান্ত ফচল।

এনে স্থলত কবিতাৰ বোধগম্যতাৰ বাবে পাঠকৰো প্রচুৰ বুদ্ধিমত্তা আৰু সংবেদনশীলতাৰ আৱশ্যক হয়। অৱশ্যে ভাৱৰ গভীৰতা বা বিষয়বস্তুৰ সুনিৰ্দিষ্ট ৰেখচিত্ৰ অবিহনে কেৱল চমক সৃষ্টিৰ বাবে 

কবিতাৰ নিৰ্মানশৈলী জটিল আৰু দুৰ্বোধ্য কৰি তুলিলে পাঠকৰ বুদ্ধিমত্তাও বিফল হোৱাটোৱেই স্বাভাৱিক।মনত ৰখা উচিত যে বেছি জটিল আৰু দুৰ্বোধ্য কবিতাই পাঠকৰ মনত 'চমক' সৃষ্টি কৰিব পাৰে,কিন্তু কেতিয়াও মন-মস্তিস্কক আন্দোলিত কৰিব নোৱাৰে।

    'বৌদ্ধিক আমলখি' কাব্যসংকলনখনত সন্নিৱিষ্ট হোৱা কবিতাসমূহ পৰ্যৱেক্ষন কৰিলেও এই কথা স্পষ্ট হয় যে প্ৰতীক আৰু চিত্ৰকল্পৰ সঘন প্ৰয়োগ তথা জটিল নিৰ্মানশৈলীয়ে তেওঁৰ বহুকেইটা কবিতাক অকল জটিলেই নহয়, দুৰ্বোধ্যও  কৰি তুলিছে। উদাহৰণ স্বৰূপে 'বৌদ্ধিক আমলখি' শীৰ্ষক কবিতাটিৰ নামকৰণত ব্যৱহৃত  শব্দ দুটালৈ মন কৰিলে দেখা যায় যে 'বৌদ্ধিক' শব্দটো এটা বিশেষণসূচক শব্দ। 'আমলখি'(বিশেষ্য)ৰ গুণ বা বৈশিষ্ট্য নিৰ্ণয় হয় ইয়াৰ ৰং,ৰূপ,স্বাদ,গন্ধ, উপকাৰিতা,অপকাৰিতা আদিৰ দ্বাৰা। আমলখিৰ নিজস্ব 'বুদ্ধিমত্তা' নাথাকে,ই তেনেই এক 'এবচার্ড' ধাৰণা। সেইদৰে তেওঁৰ আন কিছুসংখ্যক কবিতাত অথবা কবিতাৰ পংক্তিসমূহত ভাৱ -বিষয়বস্তুৰ দুৰ্বোধ্যতা আৰু  কেতিয়াবা  স্ব-বিৰোধো পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত কবিৰ আৰু কিছু বৌদ্ধিক কছৰতৰ  প্ৰয়োজন আছে। অৱশ্যে এই কথাও স্বীকাৰ কৰিব লাগিব যে কবি বিকিয়ান এগৰাকী অত্যন্ত সম্ভাৱনাপূৰ্ণ কবি।তেওঁৰ বহু কবিতাত  কিছুমান  চিত্ৰকল্প অত্যন্ত  অৰ্থবহ আৰু ব্যঞ্জনাপূৰ্ণ হৈ  উঠাও পৰিলক্ষিত হয়,যেনে-'নিয়ৰৰ লেফাফাত সোমাই থকা বনগীতৰ দৰে', 'পোহৰতো শুকান আঙুলিয়ে আঁচুৰিব নোৱাৰে/হতাশাৰ প্ৰৌঢ়ত্ব' আদি। প্ৰতীক আৰু চিত্ৰকল্প নিৰ্মানৰ সম্পৰীক্ষাৰ লগে লগে জীৱন আৰু জগত সম্পৰ্কে  দৃষ্টি অধিক প্ৰসাৰিত কৰিলে তেওঁৰ পৰা আমি ভৱিষ্যতে আৰু অধিক উন্নত মানৰ কবিতা পোৱাৰ আশা কৰিব পাৰোঁ।(সমাপ্ত)


No comments:

Post a Comment

স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'

      স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'                                                      - বীৰ্কে ...