Sunday, September 27, 2026

দণ্ডীধৰ ফাটোৱালীৰ উপন্যাস 'চপলা' আৰু 'যুগল-মূৰ্তি 'ৰ ঐতিহাসিক তাৎপৰ্য

 দণ্ডীধৰ ফাটোৱালীৰ উপন্যাস 'চপলা' আৰু 'যুগল-মূৰ্তি 'ৰ ঐতিহাসিক তাৎপৰ্য

                                              - বীৰ্কে বি থাপা


     অম্বিকাগিৰী যুগৰ জাতীয় সংস্কাৰ আন্দোলন তথা জনজাতীয় জাগৰণৰ এগৰাকী সৰৱ কৰ্মী ফাটোৱালীদেৱে বিংশ শতিকাৰ দ্বিতীয় দশকৰ এনে এটা সময়ত সাহিত্য-চৰ্চাৰ বাবে হাতত কলম তুলি লৈছিল যি সময়ত ডাঙৰীৰ দৰে তেনেই আওহতীয়া অঞ্চলৰ কথাতো বাদেই, সমগ্ৰ অসমতে এক অনুকুল পৰিৱেশ নাছিল।সেই সময় আছিল প্ৰথম বিশ্ব যুদ্ধোত্তৰ কালৰ বৃটিছ উপনিৱেশিকতাবাদৰ যুগ।  

      সেই সময়ছোৱাতে ডুমডুমাৰ সমীপৱৰ্তী বাদলাভেটা চাহ-বাগিচাত চাকৰি কৰি থকা

দণ্ডীধৰ ফাটোৱালীদেৱে তেখেতৰ ওপৰত আৰোপিত এটা মিছা অপবাদ সহ্য কৰিব নোৱাৰি চাহাবৰ টেবুললৈ গুদাম ঘৰৰ চাবি দলিয়াই গাঁৱৰ ঘৰলৈ উভতি আহিছিল আৰু জীৱন-জীৱিকাৰ বাবে পৈত্ৰিক ভূমিত কৃষি-পাম খুলি খেতি-খোলাৰ কাম আৰম্ভ কৰিছিল।    

     গান্ধীজীৰ সক্ৰিয় অংশ গ্ৰহণে সেইখিনি সময়তে ভাৰতীয় স্বাধীনতা সংগ্ৰামক এক নতুন প্ৰাণশক্তি প্ৰদান কৰাৰ ফলস্বৰূপে ফাটোৱালীদেৱো গান্ধীজীৰ আদৰ্শৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হয় আৰু অসহযোগ আন্দোলনত যোগ দিয়ে।এটি সাক্ষাৎকাৰত উল্লেখ কৰা মতে সেই সময়ত তেখেতে 'আমিও মানুহনে?'নামৰ হাতে-লিখা গীতৰ পুথি এখন লিখি ৰাইজৰ মাজত বিলাই ফুৰিছিল।

     অসহযোগ আন্দোলনৰ সমান্তৰালভাৱে বিংশ শতিকাৰ সেইখিনি সময়তে স্বকীয়তা ৰক্ষাৰ চেতনাৰে উদ্বুদ্ধ অসমৰ ভূমিপুত্ৰস্বৰূপ জনজাতীয় লোকসকলৰ মাজত গঢ় লৈ উঠিছিল ব্যাপক 'জনজাতীয় জাগৰণ'।এই জনজাতীয় জাগৰণৰ প্ৰভাৱতে 1921চনত গঠণ হয় 'ডাঙৰী কছাৰী যুৱক সন্মিলনী'।সন্মিলনীৰ সৈতে দণ্ডীধৰ ফাটোৱালীদেৱো ওত:প্রোতভাৱে জড়িত হৈ বিভিন্ন সামাজিক কাম-কাজত ব্যস্ত হৈ পৰে।ডাঙৰী কছাৰী যুৱক সন্মিলনী'ৰ পৰা আৰম্ভ কৰি পৰৱৰ্তীকালত 'অসম ট্ৰাইবেল লীগ' গঠণ হোৱালৈকে এক সুদীৰ্ঘ জীৱন তেখেতে জনজাতীয় জাগৰণৰ আন্দোলনত অক্লান্ত ভাৱে কাম কৰি গৈছিল। এই সময়ছোৱাত সোনোৱালসকলৰ ঐতিহাসিক তথ্য উদ্ঘাটনৰ বাবে অধ্যয়ন কৰাৰ উপৰিও সোনোৱাল সকলৰ প্ৰচলিত মাত-কথা , হায়গাং গীত আদিও সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল।তাৰ লগে লগে জাতীয় সংস্কাৰ আন্দোলনৰো এগৰাকী সক্ৰিয় কৰ্মী হিচাপে তেখেতে অম্বিকাগিৰি ৰায়চৌধুৰী, অমিয় কুমাৰ দাস আদিৰ দৰে ব্যক্তিৰ সাহচৰ্যলৈ আহি স্থানীয় অঞ্চলসমূহত বহুকেইটা কাৰ্যসূচীৰ অভিযানত নেতৃত্ব প্ৰদান কৰে। কিন্তু সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগৰ বাবে নানান প্ৰতিকুল পৰিৱেশ-পৰিস্থিতিৰ মাজতো তেখেতে সাহিত্য-চৰ্চা কৰি 'চপলা','যুগল-মূৰ্তি' আৰু 'মইনা' নামৰ তিনিখন উপন্যাস ,'নৱকলি' নামৰ এখন কবিতাপুথি আৰু 'আমিও মানুহনে?' নামৰ এখন গীতৰ পুথি তথা 'শত্ৰুদমন', 'নীলাম্বৰ','গেলাত টেঙা','সৰস্বতী পূজা' আদি কেইবাখনো পূৰ্ণাংগ নাট আৰু প্ৰহসন ৰচনা কৰিছিল।

     দণ্ডীধৰ ফাটোৱালীদেৱৰ সাহিত্য-কৰ্মৰ এক সুকীয়া ঐতিহাসিক তাৎপৰ্য আছে।তেখেতে সেই সময়ত অসমীয়া ভাষা আৰু লিপিত লিখিবলৈ আৰম্ভ কৰিছিল যি সময়ত অসমৰ ভূমিপুত্ৰস্বৰূপ জনজাতীয় লোকসকলে নিজৰ নিজৰ ধৰ্ম , সংস্কৃতি , দোৱান আদিক আকোঁৱালী লৈ বৃহত্তৰ অসমীয়া ভাষা, সাহিত্য , সংস্কৃতি আৰু লিপিক নিজৰ বুলি গ্ৰহণ কৰাৰ মানসিকতা গোটাব পৰা নাছিল। সেই সময়ত তেখেতৰ দৰে খুব কম সংখ্যক শিক্ষিত জনজাতীয় লোকেহে ইয়াৰ ভৱিষ্যৎ পৰিণাম সম্পৰ্কে সচকিত হৈ উঠিছিল আৰু সোনোৱালসকলৰ ভাষা-সাহিত্য আৰু আৰ্থ-সামাজিক তথা ৰাজনৈতিক উন্নয়নৰ হকে দিনে-নিশাই কাম কৰিও বৃহত্তৰ অসমীয়া ভাষা-সাহিত্যৰ উন্নয়নৰ বাবেও চেষ্টা কৰি গৈছিল।হোমেন বৰগোহাঞিদেৱে তেখেতৰ 'অসমীয়া ভাষা আৰু জনজাতীয় জাগৰণ' শীৰ্ষক এটি প্ৰবন্ধত এই প্ৰসংগত সোণাৰাম পায়েং, চাৰুচন্দ্ৰ দলে, মুহিচন্দ্ৰ মিৰি ,চকভাল কাগয়ুং,তৰুণচন্দ্ৰ পামেগাম, সীতানাথ ব্ৰক্ষ্মচৌধুৰী আদিৰ লগতে দণ্ডীধৰ ফাটোৱালীৰ নামো উল্লেখ কৰিছে। ফাটোৱালীদেৱে নিজৰ জনজাতীয় সমাজত প্ৰচলিত দোৱানসমূহৰ আভিধানিক সংকলন,হায়দাং গীতৰ সংগ্ৰহ আদিৰ দৰে কাম কৰাৰ লগে লগে গীত, কবিতা, নাটক,উপন্যাস আদিৰ দৰে সৃষ্টিশীল ৰচনাৰ কামতো নিজক নিমগ্ন কৰিছিল।কিন্তু তেখেতৰ জীৱিতকালত কেৱল 'চপলা','যুগল-মূৰ্তি' আৰু 'নৱকলি'য়ে প্ৰকাশৰ মুখ দেখা পাইছিল।

    দণ্ডীধৰ ফাটোৱালীদেৱৰ 1922 চনত প্ৰকাশিত প্ৰথমখন উপন্যাস-'চপলা' মূলত: খুড়ীয়েকৰ অত্যাচাৰত ঘৰ এৰি পলাই যোৱা পিতৃ-মাতৃহীন শিশুৰ জীৱন-কাহিনীৰ ভিত্তিত ৰচিত।উপন্যাসখনৰ কাহিনীভাগ এনেধৰণৰ : ললিতৰামৰ দুগৰাকী পত্নী।ললিত আৰু তেওঁৰ ডাঙৰগৰাকী পত্নীৰ মৃত্যুৰ পাছত দ্বিতীয় গৰাকী পত্নীয়েই হ'লগৈ সকলো ধন-সম্পত্তিৰ মালিকনী।তেওঁৰ ওপৰতে পৰিল ডাঙৰগৰাকীৰ পুতেক গংগাধৰৰ চোৱা-চিতাৰ দায়িত্ব।গংগাধৰৰ মাহীমাকৰ ল'ৰা-ছোৱালী দুটি-মহীধৰ আৰু কামিনী।সময়ত গংগাধৰে বাসন্তী নামৰ ছোৱালী এজনীক বিয়া পাতিলে।মহীধৰেও বিয়া পাতিলে 'চপলা' নামৰ ছোৱালী এজনীক ।মহীধৰৰ বিয়াৰ ছমাহৰ পাছত ভনীয়েক কামিনীকো বিয়া দি উলিয়াই দিয়া হ'ল।

    এইগৰাকী মাহীমাকৰ অত্যাচাৰৰ বলি হ'বলগীয়া হ'ল ডাঙৰগৰাকীৰ পুতেক গংগাধৰ ।গংগাধৰক ধন-সম্পত্তিৰ পৰা বঞ্চিত কৰি মাহীমাকে নিজৰ সকলো সম্পত্তি অৰ্পন কৰিলে পুতেক মহীধৰৰ হাতত।মহীধৰৰ মাকে মৰাৰ পূৰ্বে দহপুৰা মাটিৰ আঠপুৰাই মনে মনে পুতেক মহীধৰৰ নামত কৰাই দিছিল।মহীধৰকো জনাইছিল এই কথা।মৰাৰ সময়ত দুয়ো পুত্ৰক মাতি মাহীমাকে কিন্তু পিতাকৰ অসুখৰ সময়তে সকলো মাটি সম্পত্তি বন্ধকত গ'লগৈ বুলি মিছাকৈ কৈ কেৱল দুপুৰা মাটিকে এপুৰাকৈ ভাগ কৰি দিলে।

     মাকৰ মৃত্যুৰ পাছত দুই ককাই-ভায়েকৰ মাজত কাজিয়া লাগি দুয়োৱে বেলেগে বেলেগে থাকিবলৈ ল'লে। পৈত্ৰিক সম্পত্তিৰ যথাযোগ্য অধিকাৰৰ পৰা বঞ্চিত হৈ গংগাধৰে দাৰিদ্ৰতাত কাল কটাবলৈ ধৰিলে।দাৰিদ্ৰপীড়িত গংগাধৰ বেমাৰত পৰিল। এই দুৰ্দিনৰ সময়তো কোনেও তেওঁক সহায় কৰিবলৈ আগবাঢ়ি নাহিল।

     এদিন বাসন্তীক আৰু কণমানি ল'ৰাদুটাক অথাই সাগৰত পেলাই গংগাধৰেও ইহ সংসাৰ ত্যাগ কৰিলে।গংগাধৰৰ মৃত্যুৰ চাৰি-পাঁচ মাহমানৰ পাছত এদিন অসুখত পৰি বাসন্তীয়েও মৃত্যুক সাৱটি ল'লে।গংগাধৰ আৰু বাসন্তীৰ মৃত্যুৰ পাছত পিতৃ-মাতৃহীন কিৰণ আৰু মইনাক ,সমাজক দেখুৱাই দদায়েক মহীধৰে নিজৰ ঘৰলৈ আনি আশ্ৰয় দিবলগীয়া হ'ল।কিন্তু দদায়েক -খুড়ীয়েকৰ অত্যাচাৰ সহিব নোৱাৰি এদিন কিৰণে সেই ঘৰ এৰি পলাই গ'ল।মইনা থাকিল যদিও খুড়ীয়েকৰ অত্যাচাৰ তাৰ ওপৰতো চলি থাকিল।তেওঁলোকৰ অত্যাচাৰ সহিব নোৱাৰি মইনাইয়ো ঘৰ এৰি পলাই গ'ল।পলাই গৈ অ'ত ত'ত আশ্রয় লৈ থকা কালতে ককায়েক কিৰণৰ সৈতে পুনৰ্মিলন ঘটিল।কিৰণে ইতিমধ্যে বুদ্ধিৰ বলত ব্যৱসায় কৰি অৰ্থনৈতিকভাৱে টনকিয়াল কৰি তুলিবলৈ সক্ষম হৈছে।মইনাকো সি ব্যৱসায়ত সুমোৱাই দিয়ে।তাৰপাছতে ঘটনাক্রমে ভাগ্যৰ বিড়ম্বনাত সৰ্বস্ব হেৰুৱা মহীধৰৰ ভনীয়েক কামিনী , জীয়েক গুণৱতী আৰু পুতেক কান্তিৰ সৈতে কিৰণ আৰু মইনাৰ মিলন হ'ল।কিৰণ আৰু মইনাও বিয়া পাতি সকলোৱে সুখেৰে বাস কৰিবলৈ ধৰিলে।

     জীৱনৰ শেষ স্তৰত মহীধৰেও নিজৰ ভুল বুজি পালে।

     উপন্যাসখনৰ কাহিনীভাগ মূলত: ইমানেই।

উপন্যাসখনৰ পাতে পাতে লেখকৰ সংস্কাৰকামী মনটোৱে অহৰহ ক্ৰিয়া কৰি থকাৰ ফলস্বৰূপে উপন্যাসখনত স্বাভাৱিক সৰলতা লুপ্ত হোৱা সততে পৰিলক্ষিত হয়।কিন্তু তেনেই সৰল আৰু শিথিল কাহিনী সজ্জাৰ মাজতো ,মন কৰিবলগীয়া কথাটো এয়ে যে উপন্যাসখনত প্রথম বিশ্বযুদ্ধৰ পৰৱৰ্তীকালৰ অসমীয়া সমাজ জীৱনৰ অৰ্থসৰ্বস্ব আৰু নৈতিকতাহীন,স্খলিত সমাজ জীৱনৰ সুন্দৰ চিত্ৰ উপস্থাপন কৰা হৈছে। 'অসমীয়া সাহিত্যত দৃষ্টিপাত' শীৰ্ষক গ্ৰন্থত ড: হেমন্ত কুমাৰ শৰ্মাই উল্লেখ কৰা মতে দণ্ডীনাথ কলিতা আৰু দৈৱচন্দ্ৰ তালুকদাৰৰ উপন্যাসসমূহৰ পাছতে যি কেইগৰাকী অখ্যাত লেখকৰ উপন্যাসত দ্বিতীয় মহাসমৰৰ পূৰ্বৰ অসমীয়া সমাজ জীৱনৰ চিত্ৰ প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়-সেইসকলৰ ভিতৰত 'চপলা'ৰ লেখক দণ্ডীধৰ সোনোৱাল(ফাটোৱালী) আছিল অন্যতম।সেই অনুসৰি তৎকালীন মানৱতাহীন সমাজৰ চিত্ৰ ফাটোৱালীদেৱে অংকন কৰিছে মহীধৰ আৰু তেওঁৰ ঘৈণীয়েক চপলাৰ চৰিত্ৰৰ মাজেৰে।গংগাধৰৰ টান নৰীয়াৰ সময়তো কাষতে লাগি থকা ঘৰৰ পৰা ভায়েক মহীধৰে চাবলৈ যোৱা নাই।মহীধৰ বৰ ভাল মানুহ নহয় যদিও ককায়েকলৈ একেবাৰে মৰম-ধৰমো নোহোৱা নহয়।কিন্তু ঘৈণীয়েক চপলা এই দন্দৰ মূল।তাই গিৰিয়েকক কয়-'নেলাগে তালৈ যাব,কি-বা বেমাৰ হৈছে।তুমি তালৈ গৈ বেমাৰ চপাই আনিব নেলাগে..ভাল হৈছে মোৰ লগত সদায় দন্দ লগাৰ প্ৰতিফল দিছে।ঈশ্বৰ কি নাই?..'কেনেবাকৈ মহীধৰে চাবলৈ যাব খুজিলেও চপলাই ভেঁকাহি মাৰি কয়-'..যদি তুমি সহায় কৰিব খোজা,তেন্তে মোক আগেয়ে আইৰ ঘৰত থৈ আহাঁগৈ।তাৰপাছত তুমি ককায়েৰাৰ চাকৰ হোৱাগৈ। .. কিন্তু মই এই ঘৰত থাকোঁমানে সিহঁতৰ চোতালত ভৰি এটা পেলাবলৈ নিদিওঁ।...সেয়া শুনাচোঁন,বেমাৰীয়ে কেনেকৈ চিঞৰিছে....যিমান মোক গালি শপনি পাৰিছিল সেইবিলাক মনত পৰিলে এতিয়াই চেপি মাৰি থৈ আহিবৰ মন যায়।..'! সেইদৰে গংগাধৰ আৰু বাসন্তীৰ মৃত্যুৰ পাছত মহীধৰে ভতিজাক কিৰণ আৰু মইনাক ,সমাজক দেখুৱাই নিজৰ ঘৰলৈ নি আশ্ৰয় দিলে যদিও তেওঁলোকৰ অত্যাচাৰ সহিব নোৱাৰি কিৰণে ঘৰ এৰি গুচি গল,মইনাৰ ওপৰতো অত্যাচাৰ চলি থাকিল।এদিন পুৱা আঠ বাজিছে।বেলি ৰঙা হৈ ওলাই আহিছে।তেতিয়ালৈকে চপলাই তাইৰ ল'ৰা-ছোৱালী কেইটাক লৈ শুইয়ে আছে।ইফালে মইনাই খুড়ীয়েকক ডাঙৰকৈ মাতি জগাবলৈ চেষ্টা কৰিছে-'খুড়ীদেউ,উঠা,উঠা-বেলি হ'ল।ভাত ৰান্ধাগৈ..'

-তোৰ কি হ'ল,মুখপোৰা,মই শুই আছোঁ,তোৰ কি হ'ল ?

-খুড়ীদেউ,মই কি খাই স্কুললৈ যাম?-তেতিয়াই চপলাই কালীমূৰ্তি ধৰি দুখোজ আগবাঢ়ি ক'লে-'ভোকত ৰ'ব নোৱাৰ যদি মোকে খাই যমৰ তালৈ যা,ল'ৰাটোৱে গোটেই ৰাতি কান্দি কান্দি এতিয়া অলপ শুইছে,এই মুখপোৰাই তাকো শুৱ নিদিয়ে।সৰুতে মাৰ-বাপেৰক খালি ,এতিয়া মোক খাই ভোক মাৰ নিয়া।.."

     ধন-ঐশ্বৰ্যৰ অহংকাৰে যে পতন আনে তাক উপন্যাসখনত মহীধৰ-চপলাহঁতৰ দৰে চৰিত্ৰৰ অধ:পতনৰ মাজেৰে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। চপলাই যি কৰিলেও স্ত্ৰৈণ-প্ৰকৃতিৰ মহীধৰে ঘৈণীয়েকৰ ওপৰত আৰু মাত মাতিব নোৱাৰে।সেই সুযোগতে তাই কিৰণ আৰু মইনাৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাই যায়।নিজৰ সন্তানৰ কিন্তু সকলো দোষ দেখিও নেদেখা হয়।সিহঁতৰ স্বভাৱ-চৰিত্ৰ,আচৰণ,নৈতিক-শিক্ষা আদিৰ প্ৰতি গুৰুত্ব নিদিয়াৰ পৰিণতি স্বৰূপে, মাকৰ দোষতে জীয়েক গুণৱতী হৈ পৰিছে 'চঞ্চল,লজ্জাহীনা, বিলাসিনী '। তাইৰ নামহে গুণৱতী, চৰিত্ৰ কিন্তু সম্পূৰ্ণ ওলোটা।মাক-দেউতাকৰ মৰম, চেনেহ, আপদাৰৰ মাজত ডাঙৰ-দীঘল হোৱা গুণৱতী সৰুৰে পৰাই আত্মদম্ভী আৰু জেদী স্বভাৱৰ।এই গুণৱতীৰ বিয়া হ'ল দেৱকান্তিৰ দৰে এজন অতি সৎ , বিদ্বান ব্যক্তিৰ সৈতে।কিন্তু স্বামীক তাই স্বামী বুলি শ্রদ্ধা নকৰে।সকলো সময়তে খং কৰা,স্বামীক নিন্দা কৰাই তাইৰ কাম।বিয়াৰ দুমাহৰ পাছতে তাই মাকৰ ঘৰ পালেগৈ,মাকক হকে-বিহকে কথা লগালেগৈ।পাছত মহীধৰে জোঁৱায়েকক মাতি জীয়েকক চমজাই দিলে,কিন্তু গুণৱতীৰ আচৰণ নুশুধৰিল।তাইৰ আচৰণ আগতকৈ বেয়াহে হ'ল।তাৰপাছত এদিন সেই গুণৱতীয়ে ঘৰলৈ যাওঁ বুলি গৈ অন্য এটা ল'ৰালৈহে পলাই গ'ল।অনেক বিচাৰ-খোচাৰ কৰি তাইৰ গম-গতি লোৱাৰ পাছত মহীধৰে 'মাকে তাইক বেয়া কৰিলে' বুলি দোষ দি - 'আৰু সেই ছোৱালীৰ নামকে নকৰোঁ' বুলি কৈ দিলে।মাক চপলাই আকৌ জোঁৱায়েককহে দোষ দিলে।

     উপন্যাসৰ ষষ্ঠদশ পৰিচ্ছেদত এই গুণৱতীক মইনাই মলিন বেশভূষাৰে ,জীৰ্ণ-শীৰ্ণ শৰীৰ লৈ বাটত ঘূৰি-ফুৰা অৱস্থাত আৱিস্কাৰ কৰিছে।নিজৰ অহংকাৰ,চঞ্চল মন আৰু স্বামীৰ মৰমক বুজিবলৈ কেতিয়াও চেষ্টা নকৰি অসৎ পথত খোজ দি জীৱন ধ্বংস কৰা গুণৱতীৰ তেনে অৱস্থা দেখি মইনাৰ অন্তৰে কান্দি উঠিল।মইনাৰ আগত তাই কান্দি কান্দি নিজে কৰা ভুলবোৰ স্বীকাৰ কৰিলে ।তাই কয়-'মই হীৰাৰ মূল নুবুজি চকচকীয়া পিতলক আদৰ কৰিছিলোঁ..মইনা,মই নিজৰ অহংকাৰত নিজে মৰিলোঁ,মই স্বামী কেনে বস্তু তাক আগেয়ে নুবুজিলোঁ..'। স্বামীক এৰি গুণৱতী অন্য এটা ল'ৰালৈ পলাই গৈয়ো সংসাৰ ধৰি ৰাখিব পৰা নাছিল।তাইৰ অসৎ চৰিত্ৰৰ কথা গম পাই সেই ল'ৰাজনেও গুণৱতীক খেদি দিলে।এতিয়া তাই অনাই-বনাই ঘূৰি ফুৰিছে পাগলীৰ দৰে।এই দুৰৱস্থাৰ বাবে তাই মাকক দোষ দি কৈছে-'আইতাৰ বেছি আদৰ পাই মই স্বামীৰ ঘৰ এৰিলোঁ..যদি তেতিয়া আইতাই সতৰ্ক কৰি দিলেহেঁতেন,তেন্তে মই ইমান অধ:পতনে নগ'লোহেঁতেন।'

      মহীধৰৰ পুতেক কান্তিৰো নৈতিক শিক্ষা নহ'ল।সকলো কথাতে পুতেকৰ দোষবোৰ লুকুৱাই মাকে তাকো তেনেই অকৰ্মন্য কৰি তুলিছিল।সি মদ,চাদা, ভাং খোৱাত পাৰ্গত হৈ পৰিল। এদিন সিও মাকৰ বাকচৰ পৰা টকা চুৰ কৰি নি কোনোবা নীচ জাতৰ গাভৰুক লৈ ক'ৰবালৈ গুচি গ'ল।এদিন খবৰ আহিল,কিবা বেয়া কাম কৰি বৰ্তমান সি জেল হাজোতত।

     এনেবোৰ স্খলিত চৰিত্ৰৰ বিপৰীতে মানৱীয় গুণেৰে সুউজ্বল গংগাধৰ,গংগাধৰৰ পত্নী বাসন্তী,দুই পুত্ৰ কিৰণ আৰু মইনা ,জীৱন বাবু আদিৰ দৰে চৰিত্ৰই আত্মপ্রকাশ কৰিছে উপন্যাসখনত।

     উপন্যাসখনৰ প্রথম পৰিচ্ছেদৰ আৰম্ভণিতে ৰোগশয্যাত মৃত্যুৰ ক্ষণ গণি থকা গংগাৰাম আৰু তেওঁৰ পত্নী বাসন্তীৰ হৃদয়-বিদাৰক কথোপকথনৰ মাজেৰে উপন্যাসিকে মানৱীয় সম্পৰ্কৰ এটি পবিত্ৰ আৰু সুন্দৰ আভাস দাঙি ধৰিছে। বহু ঔষধ-পাতি কৰাৰ পাছতো অসুখ ভাল নোহোৱাত গংগাধৰে জীয়াই থকাৰ আশা সমূলি এৰি দিছে।তেওঁৰ অন্তৰে কান্দি উঠিছে-দিনে-নিশাই তেওঁক সেৱা-শুশ্ৰুষা কৰি থকা ঘৈণীয়েক বাসন্তী আৰু কণমানি সন্তান দুটিৰ বাবে ।ঘৈণীয়েকক উদ্দেশ্যি তেওঁ কৈছে-'তুমি মোৰ নিমিত্তে ভাত,পানী ও নিদ্ৰা ত্যাগ কৰি কত শুশ্ৰূষা কৰিলা,কিন্তু ঈশ্বৰে একোতে নুশুনিলে।প্রিয়ে,এতিয়া আৰু মোক যত্ন কৰিব নেলাগে,যাৰ মৃত্যু নিশ্চয় তাৰ নিমিত্তে চেষ্টা কৰা মিছা।" তেতিয়া বাসন্তীয়ে স্বামীক বাধা দি কয়-"নাথ! তেনে কথা কেলেই কোৱা?স্ত্ৰী হৈ স্বামীক যি সেৱা শুশ্ৰূষা কৰে ময়ো তাকে কৰিছোঁ,তথাপি মোৰ ফালে ঈশ্বৰে চকু মেলি নেচায়।চাব বা কিয় ? মই অভাগিনী!'

     সেইদৰে অসমীয়া নাৰীৰ সংস্কাৰ আৰু পতিব্ৰতা গুণৰ সুন্দৰ চিত্ৰ প্ৰতিফলিত হৈছে উপন্যাসখনত।সেইদৰে সমাজৰ অন্যায় নীতি-নিয়মৰ বিৰূদ্ধে বিষোদ্গাৰো ফুটি উঠিছে চতুৰ্দশ পৰিচ্ছেদত বৰ্ণিত কিৰণ আৰু মইনাৰ কথোপকথনৰ মাজেৰে। আত্মীয়- স্বজন.বন্ধু-বান্ধৱৰ অনুৰোধ এৰাব নোৱাৰি কিৰণে বিয়া পাতিছিল যদিও প্ৰথমে সি ভাল পাইছিল কেও-কিছু নেহোৱা এজনী তেনেই দুখীয়া ছোৱালীক।কিন্তু দুখীয়া বুলিয়েই সমাজে তাইক বিয়া কৰাব নিদিলে।সমাজৰ বাবেই সেই দুখুনি ছোৱালীৰ পৰিৱৰ্তে কিৰণৰ বিয়া ঠিক হ'ল অন্য এগৰাকী গাভৰুৰ সৈতে।এই কথা গম পাই সেই দুখুনি ছোৱালীজনীয়ে কিৰণক কয়-'..মই আপোনাৰ দাসী হৈ আপোনাৰ চৰণ ধুলি মূৰত লৈ নাৰী জন্ম সাৰ্থক কৰিম,কিন্তু সেই বুলি বিবাহ ভাঙ্গিবলৈ নকওঁ।পুৰুষে ভাল পায়েই হওক বা মাক-বাপেকৰ ,জ্ঞাতি-কুটুম্বৰ মন ৰাখিবলৈ হওক অনেক নাৰী বিবাহ কৰিব পাৰে।অতএব আপুনি সমাজৰ মান ৰাখি সেই বিবাহ কৰক।নহ'লে মই বৰ বেজাৰ পাম।...যদি মোৰ নাৰীৰ নাৰীত্ব আছে তেন্তে সিপুৰীত পুনৰ মিলন হ'ব।মই আদিৰ পৰা এনে আৰাধনা কৰিম যাতে আপোনাক স্বামীভাৱে একালত পাওঁ।" - ককায়েক কিৰণৰ মুখেৰে এই কথা শুনাৰ পাছত মইনাই কয়-"হায়,আমাৰ আত্মীয় ও সমাজ!ছোৱালী মাক বাপেকহীন , সেইটো ছোৱালীৰ দোষ নে?..ছোৱালীৰ ৰূপ নাই,দুখীয়া,আত্মীয় কুটুম্ব নাই,সেইবুলি অন্য ধনী ৰূপহী ছোৱালী বিয়া কৰাই যৌতুক কিছুমানৰ আশা কৰে কিয়?হায় স্বাৰ্থপৰ সমাজ!" মইনাৰ এই উক্তিত প্ৰকাশ পাইছে প্ৰচলিত সমাজ-ব্যৱস্থাৰ বিৰুদ্ধে তাৰ মনৰ তীব্ৰ অনীহা আৰু বিদ্ৰোহৰ ভাৱ।

     পঞ্চদশ পৰিচ্ছেদত বৰ্ণিত মইনা আৰু বৌয়েকৰ(কিৰণৰ পত্নী) কথোপকথনৰ মাজেৰে উপন্যাসিকে স্বামী-স্ত্রীৰ মাজৰ সুষম সম্পৰ্ক সম্পৰ্কে নিজস্ব দৃষ্টিভংগী প্ৰকাশ কৰিছে, এনেদৰে-

মইনা-বৌদেউ? মই যে আপোনাৰ নিচিনা মাতৃতুল্য দেৱীক বৌ বুলি সম্বোধন কৰিব পাইছোঁ--এইটো মোৰ ডাঙৰ গৌৰৱ।সঁচা-যি নাৰীয়ে সাজ-পাৰ আদি পিন্ধি পুৰুষৰ মন ভূলাব খোজে সেই নাৰী ধিক,শতবাৰ ধিক।...যি নাৰীয়ে অলংকাৰৰ নিমিত্তে স্বামীক ভাল পায়,সেৱা কৰে,সেই নাৰীৰ অধ:পতন হওক ।"-আকৌ কৈছে-"যি নাৰীয়ে কেৱল তাইৰ ইন্দ্ৰীয় তৃপ্তিৰ নিমিত্তে স্বামীক সেৱা কৰে - সেই নাৰী খণ্ড খণ্ড হৈ যাওক।...যি নাৰীয়ে নিজৰ পতিক দেৱতা ভিন্ন অন্য নেভাৱে,যি নাৰী স্বামীৰ সুখত সুখী স্বামীৰ দুখত দুখুনী,স্বামীৰ শোকত উন্মাদিনী,স্বামীৰ নিমিত্তে কলংকৰ বোজা মূৰত লৈ গৌৰৱ অনুভৱ কৰে,যি নাৰীয়ে স্বামীক জীৱনে -মৰণে দেৱতা বুলি মানে...সেই নাৰীহে আচল নাৰী ।"

      উল্লেখযোগ্য যে নাৰী আৰু পুৰুষৰ সম-মৰ্যাদা আৰু সম-অধিকাৰত বিশ্বাস ৰখা আজিৰ যুগত নাৰীয়ে স্বামীক 'দেৱতা' অভিধাৰে উচ্চ মৰ্যাদা দিয়া কথাটো আধুনিক সমাজতাত্বিক দৃষ্টিৰে অত্যন্ত উদ্ভত যেন লাগিলেও মনত ৰখা উচিত যে স্বামী-স্ত্ৰীৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক সন্দৰ্ভত উপন্যাসিকৰ দৃষ্টিভংগী মূলত: পৰম্পৰাগত ভাৰতীয় ঐতিহ্য আৰু তৎকালীন সামাজিক পটভূমিত প্ৰতিষ্ঠিত।সেইবাবেই কিৰণৰ পত্নীয়ে স্ত্রী-ধর্মৰ সম্পৰ্কত কয় - ''মই বিশ্বাস কৰোঁ,স্বামীৰ সুখৰ উপায় কৰাই পত্নীৰ ধৰ্ম।সমাজে পুৰুষক যিমান সুখ ভোগ কৰিবৰ অধিকাৰ দিছে,তেন্তে মই তোমাক সেই সুখ ভোগৰ পৰা বঞ্চিত কৰাবলৈ গৈ তোমাৰ অপ্ৰসন্নতা জন্মালোঁ।তেনে সুখ ভোগৰ পৰা স্বামীক টানি আনিবলৈ স্ত্ৰীৰ কোনো ক্ষমতা নাই।স্বামী স্বাধীন।...মই দাসী,তোমাৰ আজ্ঞা পালন,ইচ্ছা পূৰ্ণ কৰা মোৰ ধৰ্ম।" 

       এই কথাও অৱশ্যে মন কৰিবলগীয়া যে কিৰণৰ পত্নী পৰম্পৰাগত ভাৱনাৰ অধীন যদিও তেওঁ বিশ্বাস কৰে যে সমাজৰ বিৰূদ্ধে কোনো গৰ্হিত কাম কৰিবলৈ আগবঢ়া দেখিলে স্বামীক বাধা দিয়াটোও পত্নীৰ কৰ্তব্য। 

       মূলত: কাহিনীৰ বৈচিত্ৰ,চৰিত্ৰ-সৃষ্টি,শিল্পগুণ আদিৰ দুৰ্বলতা সত্তেও সংস্কাৰকামী আদৰ্শ আৰু যুগ-চিত্ৰণেই হৈছে 'চপলা' উপন্যাসৰ প্ৰধান বৈশিষ্ট্য। 

       1924 চনত প্ৰকাশিত ফাটোৱালীদেৱৰ দ্বিতীয়খন উপন্যাস হৈছে - 'যুগল- মূৰ্তি' ।উপন্যাসখন কাহিনীভাগ মূলত: গঢ় লৈ উঠিছে গাঁৱৰ পৰা গৈ চাহ-বাগিচাত চাকৰি কৰা হেমকান্তৰ কৃত্ৰিম আভিজাত্য আৰু 'বাবুগিৰি'ক কেন্দ্ৰ কৰি।এই কৃত্ৰিম আভিজাত্যত সকলো পাহৰি নিজৰ গাঁৱৰ ঘৰখনলৈ পিঠি দিয়া হেমকান্তক বগা চাহাবে সাধাৰণ এটা ভুলৰ বাবে চাকৰিৰ পৰা খেদি দিয়াৰ পাছৰ পৰিণাম আৰু হেমকান্তৰ অনুশোচনাই উপন্যাসখনক বিষাদগধুৰ কৰি তুলিছে।উপন্যাসখনত হেমক অংকিত কৰা হৈছে -গাঁৱৰ ঘৰখনলৈ পিঠি দি চহৰৰ চাহ-বাগিচাত চাকৰি কৰি 'বাবুগিৰি ' দেখুৱাব খোজা ,মেৰুদণ্ডহীন আৰু বগা- বঙালৰ চোৱা চেলেকা শ্ৰেণীৰ যুৱক হিচাপে।ইয়াৰ বিপৰীতে হেমৰ ভায়েক কীৰ্তিক অংকিত কৰা হৈছে-সহজ-সৰল,পিতৃ-মাতৃৰ প্ৰতি অত্যন্ত ভক্তিপৰায়ন আৰু ঘৰখনৰ প্ৰতি দায়িত্বশীল ,সৎ স্বভাৱৰ যুৱক হিচাপে।পিতৃ প্ৰভাতৰ মাটি-সম্পত্তি অনেক।হেমই ঘৰখনলৈ পিঠি দিয়াত কীৰ্তিয়েই খেতি-খোলাৰ পৰা আৰম্ভ কৰি সকলো কাম নিয়াৰিকৈ কৰি যায়।সেয়ে নৰীয়া পাটিত থকা পিতৃ প্ৰভাতে মৰাৰ আগে আগে সতলো সম্পত্তি সৰুটো পুতেক কীৰ্তিৰ হাতত গতাই দিবলৈ সিদ্ধান্ত কৰে।পিতাকৰ টান নৰিয়াৰ কথা শুনি এদিন হেম ঘৰলৈ অহাত প্ৰভাতে টানকৈয়ে কৈ দিয়ে-' হেম !! তই আহিলি ? কাক চাবলৈ আহিছ ? আমি জানো তোৰ পিতাৰ মাৰ ? তোৰ অলপো জ্ঞান নাই। বেমাৰ বুলি জানিছও, তথাপি তই অহা নাই । আজিও নহাহেঁতেন ভাল আছিল । আজি পাঁচ বছৰ অহা নাই ,তোৰ কি অলপো ঘৰলৈ মনত নপৰে ? চা চোন, ঘৰ কেনেকুৱা হ'ল ।...তোক মাইকীয়ে খালে...কুকুৰ!তই ঘৈণীয়েৰৰ হাতৰ পুতলা হ'লি।মাইকীৰ লগত মাৰ-বাপেৰক এৰিছ'।...এই বস্তু, এই সম্পত্তি সকলো কীর্তিৰ।তই ইয়াৰ একাংশও নেপাৱ ।.."

      প্ৰভাত ঢুকুৱাৰ পাছত যথা সময়ত ও যথা নিয়মাদিৰে প্রভাতৰ কাজ-ক্ৰিয়া সমাপ্ত হৈ গ'ল ।কিন্তু হেমই খোজ এটাকে পেলাবলৈ নাহিল ।

ক্ৰমে ছবছৰ পাৰ হ'ল । এই ছবছৰৰ ভিতৰত হেম এটা সৰুসুৰা চাহাবেই হৈ পৰিল।তেওঁৰ পিন্ধন-উৰণ,কথা-বতৰা,ভাৱ-ভংগী সকলো সলিনি হ'ল।এতিয়া সি ধুতিৰ সলনি পেণ্ট আৰু কঁকালত পেণ্টবন্ধা বেল্ট,পাগুৰীৰ পৰিৱৰ্তে Gentleman Cap(বাবু- টুপি ) পিন্ধে।মূখত সদায়ে থাকে চিগাৰেট। চুলিও বেচ ইংলিশ ফেচনেৰে কটা। 

      বেজবৰুৱাৰ কৃপাবৰ বৰুৱাৰ ষ্টাইলেৰে উপন্যাসিক দণ্ডীধৰ ফাটোৱালীদেৱে উপন্যাখখনত সেই কালৰ মধ্যবিত্তীয় শ্ৰেণীৰ লোকসকলৰ ফোঁপোলা অহংকাৰক বেচ ব্যংগ কৰিছে। চাহাবৰ লগত কথা পাতোতে হেমকান্তই ব্যৱহাৰ কৰা আধা-ভঙা ইংৰাজী আৰু হিন্দী কথাখিনিয়েও উপন্যাসখনত বেচ ৰগৰ তুলিছে।অল্প- বিদ্যাৰে ইংৰাজী ক'বলৈ চেষ্টা কৰাৰ ফলস্বৰূপে হোৱা দুৰ্গতিৰ চিত্ৰ উপন্যাসখনত দেখুৱা হৈছে, এনেদৰে-এদিন ৰাতিপুৱা কামলৈ যোৱা হেমকান্তই চাহাবক দেখা মাত্ৰকে একেবাৰে দুই হাতমান তললৈ মূৰ কৰি 'গুড মৰ্ণিং ছাৰ' বুলি থিয় দি ৰ'ল।

চাহেব ---কিয়া ,জামাদাৰ!

হেমকান্ত ----হুজুৰ,কামজাৰি একটা কাল ভুল গিয়া। ঐ পাঁচ নম্বৰ ওৱাইফ চব আজ কাঁহা লাগাইগা?

চাহেব ---ইউ ননচেঞ্চ।কিয়া বোলতা হায়?কিচকা ৱাইফ (wife) ?

হেমকান্ত --- হুজুৰকা।

       সৰ্বমুঠ তেইশটা পৰিচ্ছেদত বিভক্ত উপন্যাসখনৰ চতুৰ্দশ পৰিচ্ছেদলৈকে চাহ-বাগিচাক কেন্দ্ৰ কৰিয়েই কাহিনীয়ে অগ্ৰগতি লাভ কৰিছে। উপন্যাসখনৰ এইখিনি পৰিচ্ছেদলৈকে হেমকান্ত, ৰমাকান্ত আদিৰ দৰে চৰিত্ৰসমূহৰ 'বাবুগিৰি' আৰু শ্ৰমিক-বনুৱাসকলৰ ওপৰত তেওঁলোকে চলোৱা অত্যাচাৰৰ উপৰিও উপন্যাসখনত চাহ-বাগিচাৰ জীৱন-শৈলীৰো সুন্দৰ চিত্ৰ অংকণ কৰা হৈছে । পঞ্চম পৰিচ্ছেদত বাগানত কাম কৰা বনুৱাসকলৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ চিত্ৰ অংকণ কৰা হৈছে,এনেদৰে-

....বেলা প্রায় এটা । আজি ৰ'দ বৰ টান । চৰাই বিলাকেও ৰ'দ সহিব নোৱাৰি গছৰ ডালত বহি জিৰণি লৈছে। কিন্তু দুৰ্ভগীয়া বনুৱাবিলাকৰ জিৰণি ক'ত? এতিয়াও সিহঁতে কোৰ মাৰিয়েই আাছে। নিজৰ নিজৰ নিৰিখমতে কাম আদায় কৰিব নোৱাৰিলে হাজিৰা নেপায়, চাহেবৰ দুটা কোব খাব লাগিব। গতিকে মৰোঁ-জীওঁ কৰিও নিজৰ নিজৰ কামত লাগি আছে। মাইকী- লেবাৰ বিলাকেও ছুটী পোৱা নাই ,ৰ'দ বুলি চাহেবে সিহঁতক ছুটী নিদিয়ে । গতিকে নিজৰ নিজৰ পিয়াহ খোৱা সন্তানক পিঠিত বান্ধি চাহপাত তুলিছে । ছাতি ল'বৰো অসুবিধা । কাৰণ দুই হাতে চাহপাত তুলিব লাগে, সন্তান ৰ'দত শুকাওকে বা কান্দকে। বোধহয় সঁজাত সোমাই থোৱা চৰাইয়ো ইয়াতকৈ স্বাধীন আৰু সুখীয়া।গৰুকো তেনেকৈ নখটায়।...(পৃষ্ঠা-35)

      সেইদৰে উপন্যাসখনৰ সপ্তম পৰিচ্ছেদত চাহাবৰ বঙলাৰ বিৱৰণ দিয়া হৈছে এনেদৰে-   

   ...... ৰাতিপুৱাৰ সূৰ্যৰ কিৰণ পাই স্বেতবর্ণ বঙলাৰ টিং চিক্‌ চিক্‌ কৰিছে৷ গ্লাচৰ খিৰিকিত সূৰ্যৰ ৰশ্মি পৰি দ্বিতীয় সূৰ্যৰ নিচিনা হৈ উঠিছে, চকুৰে চাবই নোৱাৰি, চকু জলক-তভক লাগে । খিৰিকিত লগোৱা কেঁচাপতীয়া বিলাতী পৰ্দাই আৰু শুৱনি কৰি তুলিছে। বঙলাটো বৰ ডাঙৰ । মাটিৰ পৰা প্ৰায় আঠ হাতমান ওখ ৷ বঙলাৰ চাৰিওপিনে বিলাতী ‘চাগুন' কাঠেৰে ৰেলিং দিয়া । সেই ৰেলিঙৰ কাষে কাষে পাঁচ হাত আঁতৰ কৰি মাটিৰ গামলাত (চৰিয়াত) এটি এটি নানা ৰং বিৰঙৰ ফুলৰ গছ। কোনোটি কলিয়াইছে, কোনোটি ফুটো ফুটো হৈছে; কোনোটিয়ে ফুুলি গোন্ধেৰে আমোল-মোল কৰিছে। সেই ফুলবিলাক যতন কৰিবলৈ সদায় দুটা তিনিটা মালী লাগিয়ে আছে।..তাৰে এটা ‘আউলাত' বৈঠকখানা। ক'ৰবাৰ পৰা বন্ধুবৰ্গ আহিলে বৰ চাহেবে তাতে দেখা সাক্ষাৎ আৰু কথা-বতৰা হয় ।তাত চকীৰ অভাৱ নাই । আটাইবোৰ সুন্দৰৰূপে শৃংখলাৱদ্ধ । সূৰ্যৰ কিৰণ পাই চকীবিলাকৰ বিলাতী ভাৰ্নিচ ৰং জিলিকি আৰু দুগুণ জেউতি চৰাইছে ।....তাত থোৱা টেবিলখনি আৰু সুন্দৰ । টেবিলখনি ফুলদানীৰে পৰিপূৰ্ণ । টেবিলৰ একাষত মদৰ গিলাচ আৰু মদপূর্ণ বটল দণ্ডায়মান । একাষত এখনি ইংৰাজী বাতৰি কাকত আৰু পৰিপূৰ্ণ সুৰভিযুক্ত চিগাৰেট কেচ, ( টেমা ) । তাৰ উপৰি শোৱনি কোঠাটো আৰু একাচি চৰা।ইষ্টক নির্ম্মিত বেৰত চাৰিওফালে বিলাতী চিত্ৰকৰৰ কাৰ্য-নিপুণতাৰ তৈলচিত্র। সেই চিত্ৰবিলাক ইউৰোপীয় ৰমণীৰ ; কোনোটি ছোৱালী, কোনোটি গাভৰু, কোনোটি বুঢ়ী। বেৰৰ কাষে কাষে সুন্দৰ বন্ধা , সোণৰ পানীৰে নাম লিখা কিতাপেৰে পৰিপূৰ্ণ কেইটামান আলমিৰা। শয্যাখনি তাতোকৈয়ো মনোৰম। দেখিলেই চকু তভক লাগে। পালং খনিৰ ওপৰত এখনি সুন্দৰ তুলাপূর্ণ গালিচা। গালিচাৰ ওপৰত কিংখাপ লগোৱা মখমলৰ বিছনা চাদৰে(পৰা কাপোৰ) শয্যাখনি আৰু শুৱনি কৰিছে।(পৃষ্ঠা-55,56,57)

     সেইদৰে চাহাবৰ বঙলাত থকা ফুলনি, গছলখানা,ঘোঁৰাশাল,মেম-চাহাবৰ টেনিচ -ফিল্ড আদিৰ বৰ্ণনাইয়ো পৰিৱেশ সজীৱ কৰি তুলিছে।

     পঞ্চদশ পৰিচ্ছেদৰ পৰা উপন্যাসখনৰ কাহিনীৰ পটভূমি সলনি হৈছে।ইতিমধ্যে ঘৈণীয়েকৰ দাবী-আবদাৰৰ মতে সোণ-ৰূপৰ আ-অলংকাৰ আদি ক্ৰয় কৰি কৰি দেৱলীয়া হৈ পৰা হেমক চাহাবে চাকৰিৰ পৰা উলিয়াই দিয়াত উপায়হীন হৈ অৱশেষত তেওঁ গাঁৱৰ ঘৰলৈকে উভতি আহিল।হেম ঘৰলৈ উভতি অহাত দুয়ো ভায়েক-ককায়েকে মিলি ভাগিব ধৰা ঘৰখন আকৌ তুলি ধৰিলেহি।ভায়েক কীৰ্তিয়েও মনে ভাল পোৱা ছোৱালী দেৱীক বিয়া কৰাই সংসাৰৰ পাতনি মেলিলে।

      এইখিনিৰ পৰাই অৰ্থাৎ উপন্যাসখনৰ ষষ্ঠদশ পৰিচ্ছদৰ পৰা আৰু এটি কাহিনীৰ সংযোগ ঘটিছে।মাক -দেউতাক নোহোৱা ছোৱালী দেৱী আৰু কীৰ্তি সৰুৰে পৰাই একেলগে খেলি ডাঙৰ -দীঘল হৈছে।কীর্তিৰ মাকৰ ইচ্ছা অনুসৰি দুয়োৰে এদিন বিয়া হ'ল।সময়ত সিহঁতৰ সংসাৰলৈ আহিল এটি কণমানি কেচুৱা।নাম থলে-যুগল।কীৰ্তিৰ সমবয়সীয়া মণিৰামৰ স্নেহৰ কন্যা মূৰ্তি আৰু যুগল দুয়ো একেলগে ওমলে, কাপোৰৰ দৰা-কইনা খেলে।

       সময়ৰ লগে লগে যুগল আৰু মূৰ্তিও ডাঙৰ হ'ল।সৰুৰে পৰাই একেলগে ওমলি ডাঙৰ হ'ল যদিও গাভৰু হৈ অহাৰ লগে লগে এতিয়া আৰু মূৰ্তিয়ে আগৰ দৰে নি:সংকোচে যুগলৰ সৈতে মিলা-মিচা কৰিব নোৱাৰে।লাজে বাট-ভেটি ধৰে।শৈশৱৰ মৰমবোৰ এতিয়া প্ৰেমলৈ পৰিণত হৈছে।কিন্তু যুগল আৰু মূৰ্তিৰ মিলনত বাধা হৈ থিয় দিলে কীৰ্তি। যুগলৰ পঢ়াৰ সময়ত টকা-পইচাৰে সহায় কৰা উকীল বন্ধু এগৰাকীৰ জীয়েকৰ সৈতে কীৰ্তিয়ে যুগলৰ বিয়াৰ ঠিক কৰিলে ।মূৰ্তিৰো বিয়াৰ ঠিক কৰা হ'ল আন এজন ল'ৰাৰ সৈতে।এই সিদ্ধান্তৰ বিৰূদ্ধে গৈ যুগল নিৰুদ্দশ হ'ল।পাছত ঘটনাক্রমে মূৰ্তিৰ হ'বলগীয়া স্বামীজনেই যুগলক আত্মহত্যা কৰাৰ পৰা উদ্ধাৰ কৰি আনি মূৰ্তিৰ সৈতে দুয়োৰে মিলন ঘটাই দিলে।

       যুগল আৰু মূৰ্তিৰ মিলনৰ মাজেৰে উপন্যাসৰ সামৰণি পৰিছে যদিও সামগ্রিকভাৱে চাবলৈ গ'লে হেমকান্তৰ চৰিত্ৰটোৱেই উপন্যাসখনৰ অধিকাংশ আৱৰি এক সর্বাত্মক প্রভাৱ পেলাই থৈ গৈছে।

       সামগ্ৰিকভাৱে চাবলৈ গ'লে দণ্ডীধৰ ফাটোৱালীদেৱৰ 'যুগল-মূৰ্তি' উপন্যাসৰ কাহিনীসজ্জা আৰু উপস্থাপন তথা চৰিত্ৰ-চিত্ৰণত যথেষ্ট শিথিলতা পৰিলক্ষিত হয়। কাহিনী উপস্থাপনৰ যি কৌশল বাংলা সাহিত্যৰ বিশিষ্ট লেখক বংকিমচন্দ্ৰ চট্টোপধ্যায়ৰ পৰা অসমীয়া সাহিত্যৰ ৰজনীকান্ত বৰদলৈলৈকে বাগৰি আহিছিল সেই একেই কৌশল তেখেতৰ উপন্যাসসমূহতো পৰিলক্ষিত হয়। তেখেতে নিজেও বিভিন্ন সাক্ষাৎকাৰ আৰু লেখাসমূহৰ যোগেদি এই কথা প্ৰকাশ কৰিছিল যে সাহিত্য হিচাপে তেখেতৰ প্ৰিয় বিষয় আছিল বংকিমচন্দ্ৰ চট্টোপধ্যায়, কমলাকান্ত ভট্টাচাৰ্য, অতুলচন্দ্ৰ হাজৰিকা আদিৰ লেখাসমূহ।কিন্তু সমাজৰ সমস্যাসমূহক পোনপটীয়াকৈ প্ৰকাশ কৰিবলৈ যোৱাৰ ফলস্বৰূপে তেখেতৰ বেছিভাগ ৰচনাই হৈ পৰিছে নাটকীয়ভাৱে বক্তৃতাধৰ্মী আৰু উপদেশ- নীতিকথাৰে পূৰ্ণ।কাহিনী উপস্থাপনৰ ক্ষেত্ৰত তেখেতে ব্যৱহাৰ কৰা নাটকীয় আৰু বাস্তৱ জীৱনৰ সৈতে সংগতিহীন দীঘলীয়া কাব্যময় সংলাপবোৰেও বহু সময়ত তেখেতৰ উপন্যাসৰ শিল্পগুণ বিনষ্ট কৰিছে।উল্লেখযোগ্য যে ৰাস্না বৰুৱাৰ ' সেউজী পাতৰ কাহিনী' উপন্যাসৰ শিল্পগুণ,কাহিনী বিন্যাস,চৰিত্ৰ-সৃষ্টি,বিষয়বস্তু আদি 'যুগল-মূৰ্তি' ৰ তুলনাত যথেষ্ট উচ্চ ।কিন্তু ৰাস্না বৰুৱাৰ উপন্যাসত প্ৰতিফলিত চাহ-বাগিচাৰ চাহাব-মেমসকলৰ পংকিলতাৰে পূৰ্ণ জীৱন-চিত্ৰৰ বিপৰীতে দণ্ডীধৰ ফাটোৱালীৰ উপন্যাসখনত প্ৰথম বিশ্ব যুদ্ধোত্তৰ কালত বৃটিছ ঔপনিৱেশিকতাবাদে জন্ম দিয়া এচাম মধ্যবিত্তীয় শ্ৰেণীৰ লোকসকলৰ দম্ভ,উচ্চাত্মিকা মনোভাৱ আৰু নৈতিক-স্খলনৰ ছবিক সুন্দৰ ৰূপত প্ৰতিফলিত কৰা হৈছে। 

     ফাটোৱালীদেৱৰ ৰচনাত শিল্পগুণ বিনষ্ট হোৱা সত্বেও সিবিলাকৰ এক সুকীয়া ঐতিহাসিক তাৎপৰ্য আছে আৰু এই বিষয়টোকহে আমি অধিক গুৰুত্ব দিয়া উচিত। উল্লেখযোগ্য যে শিল্পগুণৰ দৃষ্টিৰে কিছু কিছু ক্ষেত্ৰত দণ্ডীধৰ ফাটোৱালীদেৱৰ 1922 চনত প্ৰকাশিত উপন্যাস 'চপলা'ক নি:সন্দেহে প্ৰথম স্থানত ৰাখিব পাৰি,কিন্তু ঐতিহাসিক তাৎপর্যৰ দৃষ্টিৰে অসমীয়া সাহিত্যৰ ইতিহাসত 'যুগল-মূৰ্তি' উপন্যাসখনে চাহ-বাগিচাৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস হিচাপে এক সুকীয়া স্থান দাবী কৰিব পাৰে। কাৰণ,অসমীয়া সাহিত্যৰ ইতিহাসত চাহ-বাগিচাকেন্দ্ৰিক প্ৰথম অসমীয়া উপন্যাস হিচাপে ৰাস্না বৰুৱাৰ 1959 চনত প্ৰকাশিত 'সেউজী পাতৰ কাহিনী'ৰ নাম সততে লোৱা হয় যদিও প্ৰকৃততে এইখন উপন্যাস প্ৰকাশ পোৱাৰ 34 বছৰ পূৰ্বেই সোনোৱাল জনগোষ্ঠীৰ প্ৰথম গৰাকী লেখক দণ্ডীধৰ ফাটোৱালীদেৱে তেখেতৰ 'যুগল-মূৰ্তি' নামৰ উপন্যাসখন ৰচনা আৰু প্ৰকাশ কৰি চাহ-বাগিচাৰ চিত্ৰ অংকন কৰাৰ প্ৰথম প্ৰয়াস কৰিছিল।(সমাপ্ত)

             

No comments:

Post a Comment

স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'

      স্খলিত সমাজৰ কলংকিত কাহিনী ---ড: মৃণাল কুমাৰ গগৈৰ উপন্যাস 'পাপ'                                                      - বীৰ্কে ...