গোৰ্খা লোক-কলা আৰু সংস্কৃতি
- বীৰ্কে বি. থাপা
গোৰ্খা জনগোষ্ঠীৰ লোকসকল মূলতঃ আৰ্য আৰু মংগোলীয় বংশোদ্ভূত— এই দুটা শ্রেণীত বিভক্ত। আর্য বংশোদ্ভূতসকলৰ ভিতৰত ব্ৰাহ্মণ আৰু ক্ষত্রিয় সম্প্ৰদায়ৰ লোকসকলেই প্রধান। তেনেদৰে ৰাই, লিম্বু, মগৰ, তামাং, শ্বেৰ্পা আদি সম্প্রদায়ৰ লোকসকল তিব্বতো-মংগোলীয় বংশোদ্ভূত লোকৰ অন্তৰ্গত।
আর্য বংশোদ্ভূত গোৰ্খাসকলৰ সম্পৰ্কত আজি এই কথা ঐতিহাসিকভাৱেই সত্য যে, এই সম্প্ৰদায়ৰ লোকসকল অতীতত ভাৰতৰে বাসিন্দা আছিল। ইতিহাসৰ কোনো এক বিশেষ পৰিস্থিতিত তেওঁলোক নেপাললৈ প্ৰব্ৰজিত হৈছিল। নেপাললৈ তেওঁলোকৰ প্ৰব্ৰজনৰ কাৰণ হিচাপে ভাৰতবৰ্ষত মুছলমানসকলৰ আগমনৰ কথাকে ইতিহাসবিদসকলে আঙুলিয়াব বিচাৰে৷ মুছলমানসকলে ভাৰতবৰ্ষত আধিপত্য বিস্তাৰ কৰাৰ ফলস্বৰূপে ধৰ্মভীৰু ৰাজপুত সম্প্ৰদায়ৰ বহুলোক আশ্ৰয় বিচাৰি হিমালয়ৰ পাদদেশলৈ স্থানান্তৰিত হৈছিল। এই ঘটনা ঘটিছিল বিশেষকৈ চুলতান আলাউদ্দিন খিলিজিৰ ৰাজত্বকালত। সেই সময়ত ৰাজপুতসকলে হিমালয়ৰ নামনি অঞ্চলত থকা নেপালৰ অধীনস্থ নুৱাকোট, লমচুং, কাস্কী আদি অঞ্চলত বসবাস কৰিবলৈ লৈছিল আৰু অতি কম সময়ৰ ভিতৰতে পুনৰ শক্তিশালী হৈ উঠি সেই সমস্ত অঞ্চলত আধিপত্য বিস্তাৰ কৰিছিল । চিতোৰৰ ৰজা মহাৰাজ দ্রব্যশ্বাহে ১৫৫৯ খৃঃত সেইদৰেই নেপালৰ অন্তৰ্গত ‘গোর্খা' নামৰ সৰু ৰাজ্য এখন জয় কৰি তাত ৰাজপুত বংশধৰসকলৰ ৰাজ্য প্রতিষ্ঠা কৰিছিল।
উল্লেখযোগ্য যে, অতীতত নেপাল বহু সৰু সৰু ৰাজ্যৰ সমষ্টি আছিল। সেই ৰাজ্যসমূহত বিভিন্ন ৰজাই ৰাজত্ব কৰিছিল। ওপৰত উল্লিখিত ‘গোর্খা'ও তেনে এক ৰাজ্য আছিল। ৰাজপুত সকলে ‘গোর্খা’ ৰাজ্য অধিকাৰ কৰাৰ সময়ত সেই ৰাজ্যৰ ৰজা আছিল খড়্গ। নেপালৰ শ্বাহ বংশৰ ৰজাসকল ভাৰতবৰ্ষৰ ৰাজপুতসকলৰে বংশধৰ বুলি ইতিহাসিকসকলে মত পোষণ কৰিছে। চিতোৰৰ ৰজা দ্রব্যশ্বাহৰ বংশধৰ পৃথ্বী নাৰায়ণ শ্বাহে পাছত কাঠমাণ্ডুকে ধৰি অন্যান্য বহুতো সৰু সৰু ৰাজ্য জয় কৰি পশ্চিমে পঞ্জাৱৰ পৰা পূৱে চিকিমলৈকে সমস্ত ভূ-খণ্ডকে নিজৰ অধীনলৈ আনিছিল আৰু তেওঁৱেই পূৰ্বৰ ৰাজধানী 'গোর্খা 'ক কাঠমাণ্ডুলৈ তুলি নিছিল।(উল্লেখযোগ্য যে পৰৱৰ্তী কালত ইংৰাজসকলে নেপালী লোকসকলৰ বীৰত্ব আৰু সাহসিকতাৰ বাবে সেনাবাহিনীৰ 'গোৰ্খা ৰেজিমেণ্ট' গঠন কৰিছিল। আহোম ৰজাৰ অনুৰোধক্ৰমে বৃটিছসকলে এই গোৰ্খা ৰেজিমেণ্টৰ সৈনিকসকলক লৈয়ে ব্ৰক্ষ্মদেশৰ মানৰ আক্ৰমন আৰু অত্যাচাৰৰ পৰা অসমক ৰক্ষা কৰিছিল।1826 খৃষ্টাব্দত ব্ৰক্ষ্মদেশ আৰু ইংৰাজৰ মাজত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত গোৰ্খা ৰেজিমেণ্টৰ সৈনিকসকল উভতি গৈছিল।সেই সৈনিকসকলৰ বহুতেই আকৌ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত ৰৈ গৈছিল আৰু ইয়াতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল।এইসকল সৈনিক গোৰ্খা বা গোৰ্খালী ৰূপে পৰিচিত আছিল।গতিকে তেওঁলোকৰ সন্তান,সতি-সন্ততিৰ লগতে পৰৱৰ্তী কালত নেপালৰ পৰা প্ৰব্ৰজিত হৈ আহি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা লোকসকলক 'নেপালী' বুলি কোৱাৰ পৰিৱৰ্তে গোৰ্খা বা গোৰ্খালী বুলি কোৱাহে সমীচিন বুলি বহুতে ক'ব খোজে।ইয়াৰ যুক্তিও নথকা নহয়।কাৰণ,নেপালীসকল হৈছে নেপাল ৰাষ্ট্ৰৰ অধিবাসী বা নাগৰিক।নেপালৰ পৰা প্ৰব্ৰজিত হৈ আহি ভাৰতবৰ্ষৰ নাগৰিকত্ব গ্ৰহণ কৰা লোকসকলক পুনৰ 'নেপালী' বুলি কোৱাৰ কোনো যুক্তি থাকিব নোৱাৰে।)
যিসময়ত নেপালত বিভিন্ন বংশৰ ৰজাই ৰাজত্ব কৰি আছিল সেইসময়ত ভাৰতবৰ্ষতো গুপ্ত, শ্বাহ, মল্ল ,পাল, সেন আদি বংশৰ ৰজাসকলে ৰাজত্ব কৰি থকা কথা জানিব পাৰি।সেই কালত দুয়োখন দেশৰ ৰজাসকলৰ মাজত সু-সম্পর্ক অটুট আছিল। বৈবাহিক সম্পর্কয়ো এই পাৰস্পাৰিক সম্পৰ্কক আৰু অধিক সবল কৰি তুলিছিল। সেই সূত্রেই প্রাচীন কামৰূপ বা অসমৰ সৈতেও নেপালৰ এটা প্রাচীন সুসম্পৰ্কৰ ভেটি গঢ় লৈ উঠিছিল। নেপালত আৱিষ্কৃত এটি শিলালিপিৰ ভাষ্য অনুসৰি কামৰূপৰ ৰজা হর্ষবৰ্মনৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা দ্বিতীয় জয়দেৱে বিয়া কৰাইছিল। সেইদৰে কোঁচ ৰাজবংশৰ প্রতিষ্ঠাতা বিশ্বসিংহই বিয়া কৰাইছিল নেপালৰ ৰাজকন্যা ৰত্নকান্তিক। আকৌ কোঁচ ৰাজকন্যা ৰূপমতীক নেপালৰ ৰজা ৰাজমল্ললৈ বিয়া দিয়াৰ কথা ইতিহাসত উল্লেখ আছে। তাৰোপৰি, প্রাচীন কামৰূপৰ ইতিহাসত দেখা যায়,কামৰূপৰ বৰ্মন বংশৰ ৰজাসকলে মিথিলা,কনৌজ,গৌড় আদিৰ ব্ৰাক্ষ্মণ পণ্ডিতসকলক কামৰূপলৈ অনাই মাটি-ভেটি
দি বহুৱাইছিল। সেই সময়ত মিথিলা নেপালৰ অংশবিশেষ আছিল।গতিকে বর্মন বংশীয় ৰজা সকলৰ দিনতে কামৰূপলৈ অনোৱা ব্ৰাহ্মণ পণ্ডিতসকলৰ ভিতৰত বহুতো নেপালী মূলৰ লোকো আছিল।
ইতিহাসবিদসকলৰ মতে,ষষ্ঠ শতাব্দীত কামৰূপৰ চাৰিসীমা পশ্চিমে কুশী নৈ পর্যন্ত বিস্তৃত হৈ আছিল। ঐতিহাসিক আৰু ভৌগোলিকভাৱে যদি এই কথা সত্য হয়, তেন্তে বৰ্তমানৰ পূৱ নেপাল সেই সময়ত কামৰূপৰে অন্তৰ্গত আছিল বুলি ভৱাৰো থল আছে। নেপাল আৰু মিথিলাৰ ৰাজকীয় পুথিভঁৰালত প্ৰাপ্ত প্রাচীন 'হস্তমুক্তাৱলী' গ্ৰন্থৰ অসমীয়া অনুবাদৰ পাণ্ডুলিপিয়েও নিঃসন্দেহে সেই প্রাচীন ঐতিহাসিক যোগসূত্ৰৰ পৰিচয় দিয়ে। নেপালৰ ৰাজকীয় পুথিভঁৰালত প্রাপ্ত পণ্ডিত গোৰখ নাথৰ দ্বাৰা ৰচিত 'কামৰূপ তন্ত্র' তথা অন্যান্য ব্ৰজায়ান সম্বন্ধীয় গ্ৰন্থসমূহেও একেদৰে প্ৰাচীন কামৰূপৰ সৈতে নেপালৰ সুসম্বন্ধৰ স্বাক্ষৰ বহন কৰিছে।
সি যি কি নহওক, ভাৰতবৰ্ষৰ মধ্যখণ্ডত আৰম্ভ হোৱা বৃহৎ আৰ্যীকৰণ প্ৰক্ৰিয়াৰ ফলশ্রুতিতে নেপালত হিন্দু ৰাষ্ট্ৰ স্থাপন হৈছিল বুলিও বহুতো ইতিহাসবিদে ক'ব খোজে । সমগ্ৰ ভাৰতবৰ্ষত মুছলমানসকলৰ আগমনৰ ফলস্বৰূপে আৰ্য হিন্দুসকলৰ হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াই নেপালত যোগাত্মক সঁহাৰি লাভ কৰিছিল। গতিকে আর্য বংশোদ্ভূত গোৰ্খাসকলৰ সভ্যতা, সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰা আদি সকলোতে ভাৰতীয় আর্য হিন্দুৰ সুস্পষ্ট প্ৰভাৱ পৰিলক্ষিত হয়। ভাৰতীয় আর্য ভাষা অন্তর্গত লিপি আৰু শব্দাৱলীৰ সৈতে নেপালী ভাষাৰ মিল দেখিবলৈ পোৱা যায়। নেপালত আৱিষ্কৃত প্রাচীন পুথিসমূহত সংস্কৃত মিশ্ৰিত নেৱাৰী ভাষাৰ লগতে কিছুমানত পালি আৰু ব্ৰাহ্মী ভাষাৰো বহুল প্ৰয়োগ লক্ষ্য কৰা যায়।
নৃতাত্ত্বিক দৃষ্টিৰে লক্ষ্য কৰিলে ব্ৰাহ্মণ আৰু ক্ষত্রিয় সম্প্ৰদায়ৰ গোৰ্খালোকসকলৰ শাৰীৰিক গঠন, মুখাবয়ব আদিত আর্য লক্ষণ সুস্পষ্ট। লোককলা, সংস্কৃতি আদিৰ ক্ষেত্ৰত তেওঁলোকে সকলো মাংগলিক কার্য, উৎসৱ-পার্জন আদি বৈদিক নিয়মানুসৰি পালন কৰে। আৰ্য হিন্দুসকলৰ দ্বাৰা পালিত মাংগলিক কার্য, যেনে - জাত কৰ্ম, নামকৰণ, অন্নপ্রাসন্ন, চূড়াকৰণ, উপনয়ন,ৰজঃস্বলা সংস্কাৰ,বিবাহ, অন্তেষ্টি ক্ৰিয়া আদি তেওঁলোকেও অনুৰূপভাৱে নির্দিষ্ট বিধি-বিধান অনুসৰি সম্পন্ন কৰে।
অসমত বসবাস কৰা আর্য বংশোদ্ভূত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে স্বকীয় ৰীতি-নীতিৰে 'বৈশাখ সংক্রান্তি', 'তীজ', 'দশাই", "তিহাৰ', 'নাগ পঞ্চমী' আদি নিয়মিতৰূপে পালন কৰি অহা দেখা যায়। উল্লেখযোগ্য যে, এই উৎসৱ-পার্বনসমূহ মংগোলীয় বংশোদ্ভূত গোৰ্খাসকলেও জাতীয় উৎসৱৰূপে উদাৰভাৱে পালন কৰে।
পৰম্পৰাগত উৎসৱ-পাৰ্বন আদি :
--------------------------------------------------
বছৰটোৰ প্ৰথম মাহ হিচাপে আৰ্য আৰু মংগোলীয় বংশোদ্ভূত উভয় মূলৰ গোৰ্খা লোকসকলে ব'হাগত ‘বৈশাখ সংক্ৰান্তি' পালন কৰা পৰম্পৰা অতি প্রাচীন। এই সময়ছোৱাত ঘৰ-গৃহস্থ, সন্তান-সন্ততিসকলৰ মংগল কামনা কৰি ঘৰ লিপা -মোচা কৰা, গো-মূত্ৰ ছটিওৱা আদি কাম কৰা হয়। গাই-গৰু আৰু গো-মূত্ৰক তেওঁলোকে পবিত্র জ্ঞান কৰে আৰু যিকোনো মাংগলিক কার্যত গাখীৰ আৰু গো-মূত্ৰ ব্যৱহাৰ কৰে। অসমত বসবাস কৰা সংখ্যাগৰিষ্ঠ গোৰ্খা লোকৰ জীৱিকা হিচাপেও গো-পালন, কৃষি আৰু গাখীৰৰ ব্যৱসায়েই মুখ্য স্থান অধিকাৰ কৰি আহিছে।গ্রামাঞ্চল আৰু চৰ-চাপৰি অঞ্চলত বসবাস কৰা লোকসকলে তেওঁলোকৰ পৰম্পৰাগত খেতি সঁজুলি, যেনে, হাল, নাঙল, যুৱঁলি আদিৰে ব'হাগ মাহৰ পৰাই বৰ্ষাকালীন খেতি আৰম্ভ কৰে। ব’হাগ মাহৰে পূৰ্ণিমা তিথিত তেওঁলোকে 'বৈশাখী পূর্ণিমা'ও পালন কৰে।বুদ্ধদেৱৰ এই জন্মতিথি মূলতঃ বৌদ্ধধর্মী গোৰ্খাসকলে(তামাং,শ্বেৰপা আদি) পালন কৰে যদিও সেইদিনা গোৰ্খা সম্প্ৰদায়ৰ অন্যান্য লোকসকলেও বৌদ্ধ বিহাৰ/গুম্পাসমূহলৈ গৈ পূজা-উপাসনা কৰে।
শাওন মাহ অহাৰ লগে লগে তেওঁলোকৰ খেতি-খোলাৰ কাম শেষ হয়। এই মাহত পালিত 'নাগ পঞ্চমী' পূজাত ব্রাহ্মণ পুৰোহিতসকলে নাগ সাপৰ পূজা কৰে আৰু সৰ্পদেৱতা নাগৰ ছবি ঘৰে ঘৰে গৈ বেৰত আঁৰি দিয়ে। এনে কৰিলে দৈৱিক দুর্যোগ, অগ্নি ব্ৰজ্রপাত, ধুমুহা, সর্পদংশন আদিৰ পৰা ৰক্ষা পাব পাৰি বুলি তেওঁলোকে বিশ্বাস কৰে। এই শাওন মাহতে ব্রাহ্মণ সম্প্ৰদায়ৰ লোকসকলে 'ঋষি তৰ্পনী' বা ' জনেই পুর্ণিমা ' পালন কৰি লগুণ সলায়। 'কুশে আঁউসী' পাৰ্ৱণত ব্ৰাহ্মণ পুৰোহিতসকলে ঘৰে ঘৰে গৈ দুৱাৰ মুখত 'কুশ' নামৰ এবিধ তৃণজাতীয় উদ্ভিদ গুজি থৈ আহে। ভাদ মাহত পালন কৰা এই পাৰ্ৱণৰ উদ্দেশ্যও অপায় অমংগলৰ পৰা ৰক্ষা বুলি বিশ্বাস কৰা হয়।
গোৰ্খা সম্প্রদায়ৰ লোকসকলে তেওঁলোকৰ সম্পূৰ্ণ নিজস্ব বৈশিষ্ট্যৰে ভাদ মাহৰ শুক্ল পক্ষৰ তৃতীয় দিনা ‘ তীজ ’ উৎসৱ পালন কৰে। তীজৰ সময়ত বিয়া দিয়া জীয়েকসকলক মাকৰ ঘৰ(মাইতী ঘৰ) লৈ অন্য হয়। তীজৰ আগদিনা ‘দৰ খানে' বুলি এটি পৰম্পৰা পালন কৰা হয়।সেইদিনা জীয়েকসকলক খুৱাবৰ বাবে দৈ, ঘি, মাছ-মাংসৰে সুন্দৰ ব্যঞ্জণ তৈয়াৰ কৰা হয়। পাছ দিনা মুখত পানী এটুপিও নিদিয়াকৈ বিয়া হোৱা তিৰোতাসকলে স্বামীৰ সু-স্বাস্থ্য আৰু মংগল কামনা কৰি শিৱৰ ব্রত পালন কৰে।
বৈদিক ৰীতি অনুসৰি ভাদ আহিন মাহতে নেপালী সম্প্ৰদায়ৰ লোকসকলে স্বৰ্গগত মৃতকৰ উদ্দেশ্যে 'শ্ৰাদ্ধ' পালন কৰে। প্রতিপদৰ দিনাৰ পৰা ষোল্ল দিনলৈকে পিতৃ পুৰুষৰ শ্ৰাদ্ধৰ তিথি অনুসৰি তৰ্পণ কৰা হয়। আহিন মাহৰ আঁউসী তিথিত এই শ্রাদ্ধ শেষ হয়। ইয়াৰ পাছতে 'নৱৰাত্ৰি 'আৰম্ভ হয়। ইয়াক 'নৌ দুর্গা লাগেক' বুলিও কোৱা হয়। শাক্ত ধর্মী নেপালীসকলে আহিন মাহৰ প্ৰতিপদৰ দিনা দা, কটাৰী, খুকুৰী আদি উলিয়াই ধুই মাজি চাফা কৰি বলি কটা তেজ সানি পূজা কৰে। বৈদিক আৰু শাক্ত বিধান অনুসৰি তাৰ পাছতে যথা সময়ত দুর্গা পূজা সম্পন্ন কৰা হয়। দশমীৰ দিনা জ্যেষ্ঠসকলে নিজৰ সন্তান-সন্ততি, মিতিৰ কুটুমসকলক চাউলৰ ফোঁট (দশাই টিকা) আৰু '‘যমৰা' (ধান, যৱ, গোমধান, ঘেঁহু আদি কেইবিধমান শস্যৰ গঁজালি)ৰে আশীর্বাদ প্ৰদান কৰে।
কাতি মাহৰ কৃষ্ণা ত্রয়োদশী তিথিত উদযাপিত এক বিশেষ উল্লেখযোগ্য উৎসৱ হৈছে 'তিহাৰ'। অন্যান্য হিন্দু ধর্মাৱলম্বী লোকসকলেও পালন কৰা এই দেৱালী বা দীপাৱলী উৎসৱৰ সময়ছোৱাত গোৰ্খা লোকসকলে ভাতৃ-ভগ্নীৰ সম্পর্ক অটুট ৰখাৰ উদ্দেশ্যে ‘ভাই তিহাৰ’ পালন কৰে। 'ভাই তিহাৰ ’ৰ দিনা বায়েক-ভনীয়েক সকলে নিজৰ নিজৰ ভাই ককাই সকলক ঘট-কলহ, ফুল-তুলসীৰে পূজা কৰি চাউলৰ গুৰিৰে কপালত ফোঁট (ভাই টিকা)লগাই দিয়ে। বহাগত হুঁচৰি গোৱাৰ দৰে তিহাৰৰ সময়ছোৱাতো গোৰ্খাসকলে ঘৰে ঘৰে গৈ ‘দৈচী ’ আৰু ‘ভৈলী’ গীত গায়।
মংগোলীয় বংশোদ্ভূত গোৰ্খাসকলেও এই উৎসৱ-পাৰ্ৱণসমূহ পালন কৰে। তাৰোপৰি তেওঁলোকে সম্পূৰ্ণ নিজস্ব ৰীতি-নীতিৰে অন্য কিছুমান উৎসৱ-পার্বণো পালন কৰে৷
প্রাচীন ধর্মশাস্ত্র, বেদ-পুৰাণ আদিত ‘কিৰাত’ ৰূপে বর্ণিত ৰাই, লিম্বু, মগৰ, শ্বেৰ্পা, তামাং আদি মূলতঃ নেপালৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু সেয়ে তেওঁলোকৰ ৰীতি-নীতি, উৎসৱ-পাৰ্ৱণ আদিত বেদৰ প্ৰভাৱ পৰিলক্ষিত নহয়। ব্রাহ্মণ পুৰোহিতৰ পৰিৱৰ্তে তেওঁলোকৰ নিজস্ব পুৰোহিত -বিজুৱা,ফেদাংবা আদি থাকে আৰু তেওঁলোকেই সকলো ধৰণৰ মাংগলিক কাৰ্য, পূজা-পার্বণ, শুধি কর্ম আদি সম্পন্ন কৰে। ৰাইসকলে কেচুৱা জন্ম হ'লে বিজুৱাৰ দ্বাৰা শুদ্ধি কৰ্ম কৰে। বিয়াৰ বাবে ছোৱালী খুজিবলৈ যাওঁতে প্রথমে ছোৱালীৰ মোমায়েকৰ ঘৰলৈ এযোৰ কুকুৰা আৰু দুবটল মদ ল'ৰাঘৰে নিয়াটো বাধ্যতামূলক। এই কার্যক ‘লৈবা হাল্নু’ বুলি কোৱা হয়। এই কার্য সম্পন্ন হোৱাৰ পাছতহে মোমায়েকে ছোৱালীৰ মাক দেউতাকৰ ঘৰলৈ গৈ ছোৱালী খোজে। বিয়া সম্পন্ন হোৱাৰ পাছত দৰাঘৰত কইনাক আদৰিবলৈ দুৱাৰ মুখত কলহ, তাম বা মাটিৰ গাগৰি, ফুলপাত আৰু বগা কাপোৰ চোতালৰ পৰা ঘৰৰ ভিতৰলৈ পৰা হয়। দুৱাৰ মুখত পুৰোহিত মাংবুঙে মন্ত্ৰ উচ্চাৰণ কৰি কুকুৰা কাটি গৃহ দেৱতালৈ তেজ আগবঢ়ায়। লিম্বুসকলৰ বিয়াৰ ক্ষেত্ৰতো এনে নিয়ম প্রযোজ্য। কলপাত এখিলাৰ ওপৰত দুবটল মদ প্ৰথমে আগ কৰিহে ল’ৰা পক্ষই বিয়াৰ বাবে ছোৱালী খুজিব পাৰে। পুৰোহিত ফেদাংবাই কুকুৰা এযোৰ মাৰি তাৰ তেজ কলপাতত ছটিয়াই মঙল চোৱাৰ পৰম্পৰাও লিঙ্গু সমাজৰ বিয়া ঘৰৰ এক এৰাব নোৱাৰা পৰম্পৰা।
শ্বেৰ্পাসকলৰ সমাজতো ছোৱালী খুজিবলৈ যাওঁতে প্রথমে মদৰ কলহ আগবঢ়োৱাৰ নিয়ম। অন্যান্য সকাম, যেনে – মৃতকৰ কাজ-কর্ম আদিতো মদৰ ব্যৱহাৰ বাধ্যতামূলক। বৈদিক ৰীতি-নীতিৰ পৰিৱৰ্তে এই সম্প্ৰদায়ৰ লোকসকলে কীৰাতি ধর্ম অনুসৰি মৃতকৰ কাজ কর্ম সম্পন্ন কৰে। ৰাই-লিম্বুসকলৰ পুৰোহিত ফেদাংবাই ‘দেও জগোৱা’, তামাংসকলে শৱ-দাহ কৰাৰ পৰিবৰ্তে গাঁত খান্দি বাকচত ভৰাই কবৰ দিয়া, আদি কার্য পৰম্পৰাগত স্বকীয় বৈশিষ্ট্যৰে পূৰ্ণ।
লোককলা আৰু সংস্কৃতি :
-------------------------------------
জাতীয় বেশভূষা হিচাপে গোৰ্খা লোকসকলে সাধাৰণতে পুৰুষৰ সাজ দৌৰা-চুৰুৱাল, ফেটা, ট’পী, আচকট আৰু মহিলাৰ সাজ গুণ্য, চ'লি, পটুকা আদি পৰিধান কৰে। পুৰুষসকলে কঁকালত খুকুৰি ওলোমায়। মহিলাসকলে সোণ-ৰূপৰ অলংকাৰ, যেনে,— মুন্দ্ৰী, বুলাকী, ফুলি, নৌগেড়ী, তিল'হৰি, পটে' আদি পিন্ধে। তেওঁলোকৰ জাতীয় খাদ্যাভাস, দৈনন্দিন ব্যৱহার্য সা-সামগ্রী, হস্তশিল্প, কৃষিকৰ্মৰ সঁজুলি আদিতো তেওঁলোকৰ স্বকীয় বৈশিষ্ট্য পৰিলক্ষিত হয়। খাদ্যৰ ভিতৰত মাকৈ আৰু ক'দৰ আটা, ধিঁৰ’ (এবিধ লেকেটিয়া খাদ্য), লাই-মূলা-কবিপাত আদি খুন্দি গাঁতত পুতি ৰাখি তৈয়াৰ কৰা গুন্দ্ৰুক, ছিংকী আদিৰ প্ৰচলন গোৰ্খা সমাজত আছে। উৎসৱ-পাৰ্ৱণ আদিত মদ প্ৰচলনৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। চাউলেৰে প্ৰস্তুত মদ 'জাঁৰ' আৰু চুলাই মদ – ‘ৰক্চী' তথা ছাগলী-গাহৰি আদিৰ মাংস তেওঁলোকৰ প্ৰিয় খাদ্য।
দৈনন্দিন ব্যবহার্য সা-সামগ্ৰীসমূহৰ ভিতৰত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত ভাৱে তাম-পিতল আৰু কাঁহৰ কলহ, ঘটি, লোটা, কাঁহী, পাচি-খৰাহি, ডলা, টুকুৰী তথা শিলেৰে নির্মিত মচলা পিঁহা পটা, খুন্দনা আদি ব্যৱহাৰ কৰে। খেৰ-পাতেৰে তৈয়াৰী কঠ, ঢাৰি, পাটী আদিও উল্লেখযোগ্য। এই লোককলাসমূহত আর্য আৰু অনার্য দুয়োটা সংস্কৃতিৰ প্ৰতিফলন ঘটা দেখা যায়।
গোৰ্খা লোককলা -সংস্কৃতিৰ আপুৰুগীয়া সম্পদ হিচাপে পূৰ্বৰ পৰা প্ৰচলিত খণ্ডবাক্য, যোজনা, জতুৱাঠাঁচ আদিয়েও নেপালী ভাষা-সংস্কৃতিক সমৃদ্ধ কৰিছে৷ সাধাৰণ কথা-বতৰাত তেওঁলোকে সততে ব্যৱহাৰ কৰা 'হাত পার্ণো' (হস্তগত কৰা), মুখ ফুলাওনো (মুখ ওফন্দোৱা), মুখ চলাওনো (প্রত্যুত্তৰ দিয়া), বাট' কাটনু (যাত্রা পথত বাধা দিয়া) আদিৰ দৰে শত-সহস্র স্বকীয় কথন-ভংগীয়ে তেওঁলোকৰ ভাষাক সুকীয়া মাধুৰ্য প্ৰদান কৰে।
দশাই, তিহাৰ, তীজ আদি বিভিন্ন উপলক্ষ্যত গোৱা গীত-মাত আদিতো গোৰ্খা জন-জীৱনৰ দৈনন্দিন সুখ, দুখ, হাঁহি-কান্দোন, প্রেম বিৰহ আদি সুন্দৰ ৰূপত প্ৰতিফলিত হোৱা দেখা যায়। তীজ উৎসৱত এই জনগোষ্ঠীৰ তিৰোতাসকলে একগোট হৈ গছৰ তলত গোৱা তীজৰ গীত সমূহত (অসমীয়া বিয়ানামসমূহত প্রকাশ পোৱাৰ দৰে) বিয়া হৈ শহুৰৰ ঘৰলৈ যোৱা বিবাহিতা নাৰীৰ, ঘনে পতি মাকৰ ঘৰলৈ মনত পৰা ব্যাকুল হৃদয়ৰ কথা হৃদয়স্পর্শী ৰূপত প্ৰকাশ পাইছে। তেনেদৰে তিহাৰত গোৱা দেউশী বা ভৈলী গীত সমূহতো অসমীয়া সমাজৰ হুঁচৰিৰ সাদৃশ্যতা লক্ষ্য কৰিবলগীয়া। হুঁচৰিৰ দৰে ঘৰে ঘৰে গৈ দেউশী বা ভৈলী গোৱা ডেকা গাভৰুসকলেও গিৰিহঁতৰ মংগলৰ অৰ্থে আশীৰ্বাদ প্রদান কৰে।
ঝাঁউৰে গীতসমূহ মূলতঃ ডেকা-গাভৰু সকলৰ মাজত প্ৰচলিত প্ৰেম-পীৰিতি সম্পৰ্কীয় গীত। তাহানিকালত গোৰ্খা ডেকা-গাভৰুসকলে ঘাঁহ কাটিবলৈ বা খৰি লুৰিবলৈ গৈ নিজৰ নিজৰ প্রেম নিৱেদন কৰি এই গীত গাইছিল।একেধৰণৰ 'দোহাৰী' গীতবোৰো অসমীয়া যোৰা নামৰ দৰে প্ৰেম-পীৰিতি আৰু দুষ্টালিৰে ভৰা। শ্বেৰ্পাসকলৰ প্রেম বিষয়ক গীতৰ আৱেদনে গোৰ্খা সম্প্ৰদায়ৰ সকলো লোককে আকৃষ্ট কৰা দেখা যায়। এইক্ষেত্ৰত শ্বের্পাসকলৰ 'ৰেবালুবা' গীত উল্লেখযোগ্য ।সেইদৰে তামাংসকলৰ 'তামাং চেলু’ বা ‘ভোটে চেলু’ গীতসমূহ ডমফু নামৰ এবিধ বাদ্যৰ তালে তালে গোৱা হয়। ইয়াৰ লগতে নৃত্যও কৰা হয়। 'তামাং চেলুসমূহত সঘনে ব্যৱহৃত ‘চ্যেংবা’, ‘মাইচ্যং’ আদি (মৰমৰ সোণটো, সোণজনী) প্রেমবাচক শব্দৰ সুকীয়া মাধুৰ্য আছে -যি গোৰ্খা জনমানসক সদায়ে আকৃষ্ট কৰি আহিছে। এই গীত-মাতসমূহৰ হৃদয়স্পৰ্শী ভাৱ-ভাষা,সুৰ-তাল আদিৰ বাবেই হয়তো সৌ তাহানিতেই বফাবৃত হিমালয়ৰ বুকুত প্ৰতিধ্বনিত হোৱা এই গীতসমূহ আজিও অসমৰ চৰ-চাপৰি আৰু গ্ৰামাঞ্চলবোৰত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ মাজত জীয়াই আছে।(সমাপ্ত)
No comments:
Post a Comment