মৰাণ জনগোষ্ঠীৰ গীতি সাহিত্য-খেৰি
- বীৰ্কে বি থাপা
অসমৰ অন্যতম এক প্ৰাচীন জনগোষ্ঠী মৰাণসকলৰ মাজত প্ৰচলিত 'খেৰি' হৈছে তেওঁলোকৰ গীতি সাহিত্যৰ আপুৰুগীয়া সম্পদ।'খেৰি' শব্দৰ ব্যুৎপত্তিগত অৰ্থ নাম বা গীত।মৰাণসকলে তেওঁলোকৰ সমাজ-জীৱনৰ বিভিন্ন উপলক্ষত গোৱা গীত-মাতবোৰকে 'খেৰি' বোলা হয়।
খেৰিসমূহ হৈছে কৃষিজীৱি চহা লোকৰ সৃষ্টি।মৰাণ সমাজৰ বিভিন্ন লোকাচাৰ, লোকবিশ্বাস, ধৰ্মীয়-ভাৱাবেগ আদিৰ পৰাই তাহানি কৃষিজীৱি লোকসকলে সৃষ্টি কৰি যোৱা খেৰিসমূহত প্ৰতিফলিত হোৱা দেখা যায় মৰাণ সমাজৰ সুন্দৰ প্ৰতিচ্ছবি।
মৰাণ জনগোষ্ঠীৰ গীতি -সাহিত্যৰ অনুপম আৰু আপুৰুগীয়া সম্পদ এই খেৰি বা লোকগীতসমূহৰ সম্পৰ্কত প্ৰকাশ পোৱা এখনি অতি মূল্যবান গ্ৰন্থ হৈছে যতীন মৰাণৰ 'মৰাণ জনগোষ্ঠীৰ গীতি সাহিত্য -খেৰি'।তাহানি আশীৰ দশকৰ পৰাই ছেগাছোৰোকাকৈ খেৰি সম্পৰ্কত বিভিন্ন কাকত-আলোচনীত লিখা-মেলা কৰি থকা মৰাণদেৱে যথেষ্ট সংখ্যক খেৰি এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে।ইতিপূৰ্বে প্ৰকাশিত বিভিন্ন লেখকৰ গ্ৰন্থ আৰু লেখাসমূহৰ পৰা সংগ্ৰহ কৰাৰ উপৰিও তেখেতে এই গীতসমূহ ঘাইকৈ সংগ্ৰহ কৰিছে গাঁৱৰ লোকসকলৰ পৰা।উল্লেখযোগ্য যে লেখকে গ্ৰন্থখনত কেৱল খেৰিসমূহৰ সংকলনেই কৰা নাই,বৰঞ্চ খেৰিসমূহৰ বিশ্লেষণাত্মক আলোচনাও আগবঢ়াইছে।
যতীন মৰাণদেৱে গ্ৰন্থখনৰ আৰম্ভণিতে 'মৰাণ জনগোষ্ঠীৰ গীতি সাহিত্য:খেৰি- বিচাৰ আৰু বিশ্লেষণ' শীৰ্ষক অধ্যায়ত আদিম সমাজত শ্ৰমজীৱনৰ সৈতে সম্পৰ্কিত গীত-নৃত্য-বাদ্য আদিৰ সৃষ্টিৰ লগতে মৰাণ জনগোষ্ঠীৰ ঐতিহাসিক পৰিচয় তথা তেওঁলোকৰ সমাজত প্ৰচলিত 'খেৰি'শব্দৰ ব্যুৎপত্তিগত অৰ্থৰ বিষয়ে সম্যক আলোচনা আগবঢ়াইছে।
বিষয়বস্তু অনুসৰি খেৰিসমূহক ধৰ্মীয়, লোকবিশ্বাসমূলক,সামাজিক অনুষ্ঠান-আচাৰ মূলক আৰু বিবিধ ৰং-ধেমালিমূলক খেৰি হিচাপে ভাগ কৰি প্ৰতিটো ভাগকে গ্ৰন্থখনত সুকীয়া সুকীয়াকৈ আলোচনা কৰা হৈছে।সেই অনুসৰি লেখকে গোসাঁই খেৰি,আই খেৰি, অপেচৰী খেৰি,লখিমী খেৰি, সৰস্বতী খেৰি, বিঘিনি বিয়পা খেৰি,জিগিনী খেৰি,কান্দনী খেৰি,কলাইৰ খেৰি,কুলাবুঢ়ী নাচৰ খেৰি,মুগুৰা খেৰি,চুৱা বিয়াৰ খেৰি,বৰবিয়াৰ খেৰি, ভেকুলীবিয়াৰ খেৰি,শিল বিয়াৰ খেৰি,শিপিনী খেৰি,ৰান্ধনীৰ খেৰি,হাতী শিকোৱা খেৰি,নিচুকনি খেৰি আৰু বিভিন্ন ৰং ধেমালিত গোৱা খেৰিসমূহৰ সন্দৰ্ভত তথ্যসমৃদ্ধ আলোচনা ও বিশ্লেষণ আগবঢ়াইছে।গুৰুত্বপূৰ্ণ কথাটো হৈছে এয়ে যে গ্ৰন্থখনত লেখকে মৰাণসকলৰ প্ৰাচীন ইতিহাস,তেওঁলোকৰ প্ৰাচীন ধৰ্মীয় ঐতিহ্য,মৰাণ সমাজত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ প্ৰৱৰ্তিত মায়ামৰা বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ,মায়ামৰা সত্ৰ আৰু নামঘৰসমূহৰ বৈশিষ্ট্য,সমাজ জীৱনত খেৰিসমূহৰ সম্পৰ্ক ইত্যাদি সন্দৰ্ভত অলেখ তথ্য সন্নিৱিষ্ট কৰিছে।খেৰিসমূহৰ আলোচনা প্ৰসংগত লেখকে মৰাণসকলৰ লোকবিশ্বাস,পৰম্পৰা আৰু বৃত্তিগত দিশসমূহৰ(বিশেষকৈ অতি পুৰণি কালৰে পৰাই মৰাণসকলে বনত হাতী চিকাৰ কৰা আৰু বনৰীয়া হাতীৰ জাকৰ পৰা পোৱালী হাতী ধৰি আনি বশ কৰা আৰু প্ৰশিক্ষণ দিয়া কাৰ্য) অলেখ নজনা দিশ সামৰি লৈছে।সেইদৰে গ্ৰন্থখনৰ সামৰণিত 'শব্দাৰ্থ আৰু টোকা' শিতানত সন্নিনিষ্ট হোৱা মৰাণসকলৰ মাজত প্ৰচলিত মাত-কথাসমূহৰ অৰ্থ আৰু ব্যাখ্যাই খেৰিসমূহ হৃদয়ংগম কৰাত পাঠকক যথেষ্ট সহায় কৰিছে।
যতীন মৰাণ তালাপ ধুলিজান গাঁৱৰ এগৰাকী উদ্যোগী লেখক।ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা মৰাণদেৱে আশীৰ দশকৰ পৰাই খেৰি সংগ্ৰহৰ কামত নিমজ্জিত হৈ থকা কথা আমি জানোঁ। যতীন মৰাণদেৱে খেৰিৰ উপৰিও ভিন্ন বিষয়ত অলেখ নিৱন্ধ কাকত-আলোচনীসমূহত লিখি আহিছে।সম্প্রতি ব্যৱসায়ৰ সৈতে জড়িত মৰাণদেৱে ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো এনে এখন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাটো সঁচাই প্ৰশংসনীয়।মৰাণ জনগোষ্ঠীৰ আপুৰুগীয়া সম্পদ খেৰিসমূহৰ অধ্যয়নৰ ক্ষেত্ৰত গ্ৰন্থখন ভৱিষ্যতে এক বৃহৎ সম্বল হৈ ৰ'ব বুলি আমাৰ বিশ্বাস। (সমাপ্ত)
No comments:
Post a Comment